মূল পৃষ্ঠা / ই-প্ৰশাসন / ৰাষ্ট্ৰীয় ই-প্ৰশাসন পৰিকল্পনা
অংশিদাৰী

ৰাষ্ট্ৰীয় ই-প্ৰশাসন পৰিকল্পনা

ৰাষ্ট্ৰীয় ই-প্ৰশাসন পৰিকল্পনা

তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ  লাভসমূহত স্বচ্ছতা, সঠিক সময়ৰ মান্যতা, আৰু কোনো আহুকাল নোহোৱাকৈ নাগৰিকৰ ওচৰলৈ বিনামূলীয়াকৈ সেৱা আগবঢ়োৱাৰ উদ্দেশ্যেৰে, ভাৰত চৰকাৰে ই-প্ৰশাসন আঁচনি ১৯৯০ চনৰ পৰা আমাৰ দেশত আৰম্ভ কৰিছে। ইয়াৰ পিছত কেন্দ্রীয় চৰকাৰে ৰাষ্ট্ৰীয় ই-প্ৰশাসন আঁচনি (ৰাষ্ট্ৰীয় ই-প্ৰশাসন আঁচনি এনইজিপি  ৰ অনুমোদন দিছে। ইয়াৰ অন্তৰ্গত ২৭ টা অভিযানমূলক কাৰ্য্যসূচী  আৰু ৮ টা বিষয় বস্তু থাকিব। এই আঁচনিখন ভাৰতত ই- প্ৰশাসনক যথেষ্ট শক্তি যোগাবলৈ ৮ মে, ২০০৬ চনত আৰম্ভ হৈছে। তথ্য প্ৰযুক্তি বিভাগ আৰু প্ৰশাসনীক সংস্কাৰ আৰু ৰাজহুৱা ওজৰ বিভাগে  ৰাষ্ট্ৰীয় ই-প্ৰশাসন আঁচনি  প্ৰস্তুত কৰে।

ৰাষ্ট্ৰীয় ই-প্ৰশাসন আঁচনিৰ লক্ষ্য

চৰকাৰৰ পৰিসেৱাখিনি নাগৰিকক সহজে আৰু উন্নত উপায়ে আগবঢ়াবলৈ ৰাষ্ট্ৰীয় ই-প্ৰশাসন আঁচনিখন আৰম্ভ কৰা হৈছে৷ ইয়াৰ লগত ব্যৱসায়খিনি তলত দিয়া বিষয়বিলাকক লক্ষ্যত ৰাখি তৈয়াৰ কৰা হৈছে: “নিজৰ অঞ্চলত সকলোবোৰ মানুহৰ মাজত নাগৰিক পৰিসেৱাখিনি সাধাৰণ পৰিসেৱা বিতৰণ বিভাগৰ জৰিয়তে আগবঢ়াব লাগে আৰু এই বিতৰণ ব্যৱস্থাত যাতে স্বচ্ছতা, নিশ্চয়তা আৰু বিশ্বাসযোগ্যতা থাকে; লগতে সেই পৰিসেৱাখিনিয়ে যাতে সাধাৰণ মানুহৰ চাহিদাখিনি পূৰাব পাৰে আৰু সাধাৰণ মানুহৰ সার্মথ্যৰ ভিতৰত থাকে সেইখিনিৰো নিশ্চয়তা দিব লাগে”।

চৰকাৰে যাতে এটা ভাল প্রশাসন ব্যৱস্থা আগবঢ়াব পাৰে সেইটোৰ ওপৰত বিশেষভাৱে জোৰ দিয়াটোক লক্ষ্যবস্তুৰ বক্তব্যই পৰিস্কাৰভাবে উল্লেখ কৰে: সুগমতা: গাঁৱৰ জনসাধাৰণৰ কথা লক্ষ্যত ৰাখি এই পৰিকল্পনাখন তৈয়াৰ কৰা হৈছে। ভৌগলিক অৱস্থানৰ লগতে আন বিভিন্ন কাৰণৰ বাবে চৰকাৰৰ সজাগ দৃষ্টিৰ বাহিৰত থকাৰ ফলত বা আওঁকাণ কৰাৰ ফলত এই বিলাক অঞ্চলত নাগৰিক পৰিসেৱাখিনিৰ ঠিকমতে বিতৰণ হোৱা নাই। ৰাজ্যিক ৱাইড এৰিয়া নেটৱর্কৰ অন্তৰ্গতত সকলোবিলাক চৰকাৰী কাৰ্য্যালয়ক খণ্ড পর্যায়লৈ আৰু সামূহিক সেৱা কেন্দ্ৰৰ পৰিসেৱাবিলাকক গাঁৱৰ সাধাৰণ মানুহৰ মাজত প্ৰদান কৰিবলৈ ই-প্ৰশাসন আঁচনিত যথেষ্ট সুযোগ আছে।

সামূহিক সেৱা বিতৰণৰ স্থান: বর্তমানে গাঁৱৰ একেবাৰে দূর্গম অঞ্চলত থকা মানুহে চৰকাৰৰ কোনো বিভাগৰ স্থানীয় কাৰ্য্যলয়ৰ পৰা কিবা সা-সুবিধাখিনি পাবলৈ হ’লে দীর্ঘপথ অতিক্রম কৰিবলগীয়া হয়। এইখিনিৰ বাবে বহুত সময় খৰচ কৰিবলগীয়া হয় আৰু সেইখিনি কামৰ বাবে যথেষ্ট টকা-পইচা খৰচ কৰিবলগীয়াও হয়। এই সমস্যাবোৰ আঁতৰ কৰিবৰ বাবে, ৰাষ্ট্ৰীয় ই-প্ৰশাসন আঁচনিৰ  অন্তৰ্গত প্রতি ছয়খন গাঁৱৰ ভিতৰত এটা ইন্টাৰনেট সংযোগৰ সৈতে কম্পিউটাৰৰ ব্যৱস্থা থকা সামূহিক সেৱা কেন্দ্ৰ  স্থাপন কৰাৰ বিষয়ে চিন্তা কৰা হৈছে, যাতে গাঁৱৰ মানুহে এই সুবিধাবিলাক অতি সহজেই পাব পাৰে। এই সামূহিক সেৱা কেন্দ্ৰ যোগেদি অনলাইনত সমান্তৰাল পৰিসেৱাখিনি ‘যিকোনো সময়তে, যিকোনো ঠাইতেই’ বিতৰণ কৰিব পৰা যায়।

প্রশাসনৰ উন্নতিৰ বাবে ই-প্ৰশাসনৰ সুবিধাখিনি গ্রহণ কৰা: তথ্য আৰু যোগাযোগ প্ৰযুক্তি  য়ে চৰকাৰক এই সুবিধাখিনি নাগৰিকৰ ওচৰলৈ আগবঢ়াই চৰকাৰৰ প্রশাসনিক কাম-কাজত সহায় কৰিছে। ইয়াৰ দ্বাৰা বিভিন্ন ধৰণৰ চৰকাৰী পৰিকল্পনাবিলাক আৰম্ভ কৰিবলৈ আৰু তাৰ প্রতি সজাগ দৃষ্টি ৰাখিবলৈ সহায় কৰে। ফলত চৰকাৰৰ কামত উন্নতি হয় আৰু ফলস্বৰূপে চৰকাৰৰ দায়িত্ববোধ আৰু কামৰ ক্ষেত্রত স্বচ্ছতা আহে।

নাগৰিকৰ জীৱনৰ গুনগত মানৰ উন্নত কৰা: ই-প্ৰশাসন নাগৰিক কেন্দ্রীক পৰিসেৱা সামান্যতম খৰচৰ বিনিময়ত বিতৰণ কৰি ই-প্ৰশাসনে মানুহক সহায় কৰিছে, ফলস্বৰূপে সময়ৰ সদব্যৱহাৰ আৰু পৰিসেৱাবোৰ বিচাৰোতে আৰু পাওঁতে সুবিধা হৈছে।

সেইবাবেই, ইয়াৰ লক্ষ্যৰ উদ্দেশ্যই হৈছে ই-প্ৰশাসন ব্যৱহাৰ কৰি চৰকাৰক শক্তিশালী কৰি তোলা আৰু এটা ভাল প্রশাসন ব্যৱস্থা আগবঢ়োৱা। ই-প্ৰশাসনৰ যোগেদি আগবঢ়োৱা সকলো বিলাক পৰিসেৱাই কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ কাম-কাজৰ ক্ষেত্রত বহুত সুবিধা আগবঢ়াইছে যাৰ যোগেদি চৰকাৰেও প্রৱেশ কৰিব নোৱাৰা ঠাই বিলাকলৈ গৈ বিভিন্ন দলগত সমষ্টিৰ যোগেদি চৰকাৰী কাম-কাজবিলাকক দুখীয়া মানুহসকলৰ মাজত বিতৰণ কৰা সম্ভৱ হৈছে।

ৰাষ্ট্ৰীয় ই-প্ৰশাসন আঁচনি কাৰ্য্যকৰী কৰিবলৈ গ্ৰহণ কৰা কৌশল

ই-প্ৰশাসন আঁচনিৰ কার্যকাৰীতা, অতীতৰ শিক্ষণ, অভিজ্ঞতাৰ ওপৰত নির্ভৰ কৰি আৰু ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্রীয় স্তৰত তাৰ সফলতাৰ ওপৰত নির্ভৰ কৰিহে ৰাষ্ট্ৰীয় ই-প্ৰশাসন আঁচনিৰ বাবে এটা বিচক্ষণ কৌশল আগবঢ়োৱা হৈছে। ৰাষ্ট্ৰীয় ই-প্ৰশাসন আঁচনি কাৰ্য্যকৰী কৰিবৰ বাবে হাতত লোৱা পদ্ধতি আৰু উপায়বিলাকত তলত দিয়া বিষয় বস্তুবিলাক আছে:-

সাধাৰণ আন্তঃগাঁঠনি: ৰাষ্ট্ৰীয় ই-প্ৰশাসন আঁচনিৰ পদ্ধতিটো কাৰ্য্যক্ষম কৰিবলৈ সাধাৰণ আৰু তথ্য প্ৰযুক্তি সহায়ক আন্তঃগাঁথনি যেনে: ৰাজ্যিক‌ ৱাইড এৰিয়া নেটৱর্কছ, ৰাজ্যিক‌ ডাটা কেন্দ্ৰ, সামূহিক সেৱা কেন্দ্ৰ  আৰু ইলেক্ট্রনিক সেৱা প্ৰদান গেটৱেৰ অৱস্থানখিনিৰ সংযোজন ঘটোৱা হয়।

প্ৰশাসন: নির্ভৰযোগ্য কৰ্তৃপক্ষৰ তত্বাৱধানত আৰু নির্দেশত ই-প্ৰশাসন আঁচনি কাৰ্য্যকৰী কৰা আৰু তাৰ প্রতি সজাগ দৃষ্টি ৰখা বিষয়টোৰ প্রতি ইতিমধ্যে চিন্তা কৰা হৈছে। এই আঁচনিখনত নীতি নির্দ্ধাৰণ প্রকাশ কৰা/স্থাপন কৰাৰ বাবে নির্দিষ্ট মান আৰু আঁচনিৰ নির্দেশাৱলী, প্রযুক্তিগত সাহাৰ্য্য, সাম্ভাব্য সামর্থ্য, গৱেষণা আৰু উন্নয়ন ইত্যাদি বিষয়বিলাক সন্নিবিষ্ট কৰা থাকে। তথ্য প্ৰযুক্তি বিভাগে নিজকে এই ক্ষেত্রত শক্তিশালী কৰাৰ উপৰিও ৰাষ্ট্ৰীয় ইনফৰমেটিকচ্‌ কেন্দ্ৰৰ ষ্টেণ্ডাৰ্ডাইজেছন টেষ্টিং এণ্ড কোৱালিটি প্ৰমানপত্ৰ, চেন্টাৰ ফৰ ডেভেলপমেন্ট অফ এডভাঞ্চ কম্পুটিংৰ ৰাষ্ট্ৰীয় ইঞ্চটিটিউট ফৰ স্মার্ট প্ৰশাসন  ইত্যাদিবিলাকক তেওঁলোকৰ নিজা নিজা কাম-কাজবিলাকক কাৰ্য্যকৰীভাৱে কৰিবলৈ সহায় কৰে।

কেন্দ্রীভূত পদক্ষেপ, বিকেন্দ্রীকৃত ৰূপায়নঃ ই-প্ৰশাসন কেন্দ্রীয় প্রচেষ্টাৰ যোগেদি আগবঢ়োৱা এটা পদক্ষেপ য’ত নাগৰিক কেন্দ্রীক সা-সুবিধাখিনি, বিভিন্ন ই-প্ৰশাসন ব্যৱস্থাৰ আন্তঃৰাষ্ট্রীয় উদ্দেশ্য আৰু তথ্য আৰু যোগাযোগ প্রযুক্তিৰ আন্তঃগাঁথনিৰ সর্বাধিক সুযোগ সুবিধাখিনিৰ পৰা লাভ উঠোৱা আৰু কোনো আঁচনিৰ বিকেন্দ্রীকৰণৰ কার্যকৰী সংস্থানৰ বিষয়টোৰ নিশ্চয়তা প্রদান কৰাৰ বাবে উৎসাহ দিয়া হয়।

ৰাজহুৱা ব্যক্তিগত অংশদাৰিত্ব আৰ্হি: নিৰাপত্তাৰ বিষয়টোক আওঁকাণ নকৰি সংস্থানৰ উন্নয়ন ঘটোৱাৰ বাবে য’তেই সম্ভৱ তাতেই ইয়াক গ্রহণ কৰিব লাগে।

একীকৰণ সামগ্ৰী: নাগৰিক, ব্যৱসায় আৰু সম্পদৰ বাবে বিশেষ পৰিচয়পত্র সংকেত কাৰ্য্যকৰী কৰাৰ বাবে একীকৰণ কৰাৰ বিষয়টোক উৎসাহ দিয়া আৰু অস্পষ্টতা পৰিহাৰ কৰা।

ৰাষ্ট্ৰীয় ই-প্ৰশাসন আঁচনিৰ কাৰ্য্যকৰীকৰণৰ প্ৰক্ৰিয়া

অভিকৰণবিলাকৰ বিভিন্নতাৰ বিষয়টোক মনত ৰাখি ৰাষ্ট্ৰীয় ই-প্ৰশাসন আঁচনিক কামত লগোৱা আৰু ৰাষ্ট্ৰীয় সংহতিৰ বিষয়টোৰ প্রয়োজনীয়তাখিনিক আগ ভাগত ৰাখি, প্রতিটো অভিকৰণৰ দায়িত্ব আৰু পৰিস্কাৰকৈ নির্দেশিত নীতি নিয়মমতে ৰাষ্ট্ৰীয় ই-প্ৰশাসন আঁচনিখনক পৰিকল্পিত হিচাবে কাৰ্য্যকৰী কৰাৰ সিদ্ধান্ত লোৱা হৈছে, যাতে এটা সঠিক পৰিকল্পনা নির্ণায়ক আঁচনি গঠন কৰিব পৰা যায় আৰু এই গোটেই বিষয়টোক চৰকাৰে ইতিমধ্যে অনুমোদন কৰিছে। এই পৰিকল্পনা নির্ণায়ক আঁচনিৰ বিষয় বস্তু আৰু বৈশিষ্টখিনি তলত দিয়া হ’লঃ

পৰিসেৱা বিতৰণৰ কৌশল

এটা সাধাৰণ ডিজিটেল পৰিসেৱা বিতৰণৰ আন্তঃগাঁথনিত থাকে ৰাজ্যিক ৱাইড এৰিয়া নেটৱর্ক, ৰাজ্যিক ডাটা কেন্দ্ৰ, ৰাষ্ট্ৰীয়/ৰাজ্যিক সেৱা প্ৰদান গেটৱে, ৰাজ্যিক পোর্টেল আৰু সামূহিক সেৱা কেন্দ্ৰৰ প্রতিখন ৰাজ্য আৰু কেন্দ্র শাসিত অঞ্চলত নিৰবিচ্ছিন্ন আৰু ৰাজহুৱা সেৱাৰ পৰা সাধাৰণ নাগৰিকলৈকে নির্দিষ্ট বিতৰণ কেন্দ্রৰ পৰা নিশ্চিত পৰিসেৱা প্রদানৰ ব্যৱস্থা তৈয়াৰ কৰা হৈ আছে।

ৰাষ্ট্ৰীয় ই-প্ৰশাসন সংমণ্ডল (এনইজিডি)

ভাৰত চৰকাৰৰ তথ্য প্রযুক্তি বিভাগে গঠন কৰি দিয়া ৰাষ্ট্ৰীয় ই-প্ৰশাসন সংমণ্ডল  ভাৰত চৰকাৰৰ যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনত এটা স্বতন্ত্ৰ মিডিয়া লেব এছিয়াৰ ব্যৱসায়ী সংমণ্ডল হিচাবে গঠন কৰিছে, যাতে তথ্য প্ৰযুক্তি বিভাগৰ অধীনত ৰাষ্ট্ৰীয় ই-প্ৰশাসন আঁচনিৰ পৰিকল্পনা নির্দ্ধাৰনত সাহাৰ্য্য কৰিব পৰা যায়। তথ্য প্ৰযুক্তি বিভাগক ৰাষ্ট্ৰীয় ই-প্ৰশাসন আঁচনিয়ে তলত দিয়া ধৰণে সহায় কৰেঃ

  • অভিযানমূলক কাৰ্য্যসূচী চলাই নিয়াত সংশ্লিষ্ট মন্ত্ৰালয়/ৰাজ্য চৰকাৰক সহায় কৰে।
  • কেন্দ্রীয় মন্ত্ৰালয়সমূহ/ৰাজ্যিক সংশ্লিষ্ট বিভাগসমূহক প্রযুক্তিগত সাহাৰ্য্য আগবঢ়োৱা
  • ৰাষ্ট্ৰীয় ই-প্ৰশাসন আঁচনি  প্ৰকল্পৰ প্রযুক্তিগত উদ্যোগক অনুমোদন কৰি শীৰ্ষ কমিটিৰ সচিবালয় হিচাবে কাম কৰা
  • ৰাষ্ট্ৰীয় ই-প্ৰশাসন আঁচনিক কাৰ্য্যকৰী কৰাৰ ক্ষেত্রত সাহাৰ্য্য কৰাৰ বাবে ৰাজ্যিক ই-অভিযান দলক কামত লগোৱা।

ক্ষমতা বৃদ্ধি কৰা

ৰাষ্ট্ৰীয় ই-প্ৰশাসন আঁচনি  এটা কঠিন আৰু বৃহত্‍ প্রচেষ্টা যিটোৱে ২০ টা কেন্দ্রীয় বিভাগক সামৰি লয়, ৩৫ খন ৰাজ্য/কেন্দ্রীয় শাসিত অঞ্চল আৰু ৩৬০ টা বিভাগ এই ৰাজ্য/কেন্দ্রীয় শাসিত অঞ্চলৰ ভিতৰত আছে যাক কাৰ্য্যকৰী কৰিবৰ বাবে ৫০০ টা অভিকৰণ আছে। আশা কৰা হৈছে যে এই প্রচেষ্টাৰ বাবে প্রায় ৭০,০০০ মানৱ-বর্ষৰ প্রয়োজন হ’ব। গতিকে ৰাষ্ট্ৰীয় ই-প্ৰশাসন আঁচনিয়ে তাৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে ক্ষমতা ব্যৱধানটোৰ প্রতি চকু দিব লাগে আৰু বিশেষজ্ঞ ব্যক্তিসকলক নিয়োগ কৰিব লাগে, ক্ষমতা বঢ়াব লাগে আৰু প্রশিক্ষণৰ ব্যৱস্থাও কৰিব লাগে। ক্ষমতা বৃদ্ধি আঁচনিটো ওপৰৰ প্ৰত্যাহ্বানবোৰক সামগ্রীকভাৱে মোকাবিলা কৰিব পৰাকৈ, লগতে ৰাজ্যিক ই-প্ৰশাসন অভিযান দল, ই-প্ৰশাসন প্ৰকল্পৰ অভিযান দল  আৰু মানৱ সম্পদ ব্যৱস্থাপনাত সাহাৰ্য্য কৰিব পৰাকৈ তৈয়াৰ কৰা হৈছে। চাকৰী প্রার্থীসকলৰ নাম নথিভুক্তকৰণ, ৰাজ্য চৰকাৰৰ নিয়োগ কার্যক সহজীকৰণ কৰা আৰু ই-প্ৰশাসন প্ৰকল্প কাৰ্য্যকৰী কৰাৰ ক্ষেত্রত বিভিন্ন পর্যায়ৰ নেতা/আধিকাৰিকক নির্দেশ আৰু সংবেদনশীলকৰণ কৰা, ৰাজ্যিক ই-প্ৰশাসন দলৰ লগত খাপ খুৱাই নিয়া, আৰু পৰিকল্পনা আৰু প্ৰকল্প পৰ্য্যায়ৰ বিভিন্ন পর্যায়ৰ বিষয়াসকলৰ বিষয়বস্তুৰ উন্নয়নৰ বাবে বিশেষভাৱে প্রশিক্ষণ প্রদান কৰাৰ বাবেই এই আঁচনিখন তৈয়াৰ কৰা হৈছে।

সাধাৰণতে ৰাজ্যবিলাকত তিনিটা বিশেষ বৈসাদৃশ্য থাকে যিবিলাক নিৰূপন কৰাটো প্রয়োজনঃ

  • দক্ষতা আৰু ব্যক্তিগত সঠিক পটভূমিৰ অভাৱ
  • ইতিমধ্যে কামত সন্নিবিষ্ট হোৱা ব্যক্তিৰ অদক্ষ ক্ষমতা

নির্দিষ্ট কাৰ্য্যসূচীটো চলাব পৰাৰ ক্ষেত্রত গঠনমূলক প্রতিষ্ঠানগত দক্ষতা কম পৰিমাণে থকা।

উৎস:ৰাষ্ট্ৰীয় ই-প্ৰশাসন পৰিকল্পনা

2.86956521739
Dikshita Saikia Jan 10, 2015 01:12 PM

এই শিতানত সন্নিবষ্ট বিভিন্ন ই-প্ৰশাসনমূলক চৰকাৰী পদক্ষেপৰ তথ্য জানিব পাৰি ভাল লাগিল।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
Back to top