অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অনলাইন শ্ব'পিঙৰ ইতিহাস

অনলাইন শ্ব'পিঙৰ ইতিহাস লিখা হৈছে

মাইকেল আলড্‌ৰিছ নামৰ ব্ৰিটিছ উদ্যোগী এজনে পোনপ্ৰথমবাৰৰ বাবে ১৯৭৯ চনত অনলাইন শ্বপিং ব্যৱস্থাৰ আবিষ্কাৰ কৰিছিল। ঘৰুৱা ব্যৱহার্য টেলিভিছন আৰু কম্পিউটাৰৰ মাজত টেলিফোন লাইনৰ জৰিয়তে সংযোগ স্থাপন কৰি তেওঁ এই কাৰ্য্যৰ আৰম্ভণি ঘটাইছিল। ১৯৮০ৰ দশকত তেওঁ ভিডিঅ’টেক্স প্রযুক্তি ব্যৱহাৰ কৰি বহুকেইটা অনলাইন শ্বপিং ব্যৱস্থাৰ আৰ্হি তৈয়াৰ কৰি সংস্থাপন কৰিছিল। ১৯৯০ চনৰ মার্চ মাহত তেওঁ ৰেডিফ'নছ অফিচ ৰিভ’লুশ্বনৰ উদ্‌ঘাটন কৰিছিল— যাৰ দ্বাৰা গ্রাহক, প্রতিনিধি, বিতৰণকাৰী, যোগানকাৰী আৰু সেৱা কোম্পানীসমূহক ইন্টাৰনেটৰ মাধ্যমেৰে সংযোজিত কৰি প্রকৃতপক্ষে বৈদ্যুতিকভাৱে লেনদেন কৰা কাৰ্যটো সম্ভৱ হৈ উঠিছিল। পিছলৈ ১৯৯০ চনত টিম বার্নাৰ্ছ লীয়ে (Tim Berners Lee)  ৱৰ্লড ৱাইড ৱেব (World wide Web server & browser)  সৃষ্টি কৰি ১৯৯১ চনত বাণিজ্যিক ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়াৰ পিছত আৰু ১৯৯৪ চনত অনলাইন বেংকিঙৰ আৰম্ভণিৰ লগে লগে অনলাইন শ্বপিং ব্যৱস্থাৰ সম্প্রসাৰণ হ’বলৈ আৰম্ভ কৰে।

অনলাইন শ্বপিঙৰ ক্ষেত্ৰত ল’ব লগা সাৱধানতাসমূহ

ইণ্টাৰনেটৰ মাধ্যমেৰে সামগ্ৰী ক্ৰয় বর্তমান সময়ত জনপ্রিয়তাৰ শীৰ্ষত অৱতৰণ কৰিছে যদিও ন্যূনতম সাৱধানতা অবিহনে আগবাঢ়িলে কিন্তু বিপদত পৰাৰ পূৰ্ণমাত্ৰাই আশংকা থাকে। গতিকে গ্রাহকসকলে এইক্ষেত্ৰত অধিক সাৱধান হ’ব লাগিব। অনলাইন শ্বপিং ব্যৱস্থাত গ্রাহকসকলে মানি চলিবলগীয়া বিভিন্ন সাৱধানতাসমূহ তলত উল্লেখ কৰা হ’ল।

(ক) পণ্য বাছনি: অনলাইন শ্বপিং ব্যৱস্থাত সামগ্ৰী বাছনিৰ ক্ষেত্ৰত গ্ৰাহকসকল অধিক সাৱধান হ’ব লাগিব। কম্পিউটাৰ স্ক্ৰীনত সামগ্ৰী এপদৰ কেবল ছবি চাই তাৎক্ষণিক সিদ্ধান্ত গ্রহণ নকৰি সামগ্ৰীবিধৰ গুণাগুণ, ইতিপূর্বে সামগ্ৰীবিধ ক্ৰয় কৰি ব্যৱহাৰ কৰা গ্রাহকৰ মন্তব্য তথা ষ্টাৰ ৰেটিং আদি চাইহে ক্ৰয়ৰ সিদ্ধান্ত ল’ব লাগে।

খ) মূল্য পৰিশোধ: অনলাইন শ্বপিঙৰ ক্ষেত্ৰত গ্রাহকসকলে মূল্য পৰিশোধ বিষয়ত বিশেষভাৱে সাৱধান হ’ব লাগিব। সাধাৰণতে ক্রেডিট কার্ড নাইবা পে'-পল ব্যৱহাৰ কৰি সামগ্ৰীৰ মূল্য পৰিশোধ কৰাৰ ব্যৱস্থা আছে যদিও অন্যান্য বিভিন্ন পৰিশোধ পদ্ধতি, যেনে— ইণ্টাৰনেট বেংকিং, ডেবিট কার্ড, প্রাপ্তিৰ সময়ত নগদ ধন পৰিশোধ (যাক বৰ্তমানে Cash on Delivery নামেৰে সকলোৰে মুখে মুখে শুনা যায়), চেক, ইলেক্ট্রনিক মানী ট্ৰেন্সফাৰ, সম মূল্যৰ মাহেকীয়া কিস্তি, প’ষ্টেল মানী অৰ্ডাৰ, ইনভইচ আদিৰ মাজৰ পৰা নিজৰ ক্ষেত্ৰত খাপ খোৱা পৰিশোধ পদ্ধতি ব্যৱহাৰ কৰিহে মূল্য পৰিশোধ কৰাৰ ব্যৱস্থা কৰিব লাগে। Cash on Delivery পদ্ধতি উপৰিউক্ত ব্যৱস্থাসমূহৰ ভিতৰত অতিকৈ নিৰাপদ বুলি ভবা হয় যদিও অন্যান্য ব্যৱস্থাসমূহো কম নিৰাপদ নহয়। বিশেষকৈ ক্রেডিট কার্ড, ডেবিট কার্ড নাইবা ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে মূল্য পৰিশোধ অধিক নিৰাপদ। কিয়নো প্রতিবাৰ মূল্য পৰিশোধৰ বাবে বেংকৰ লগত সংযোগ স্থাপন হোৱাৰ লগে লগে গ্রাহকৰ মোবাইলত বেংকৰ পৰা এছ এম এছযোগে লাভ কৰা এবাৰ মাত্ৰ ব্যৱহাৰযোগ্য অ’টিপি নম্বৰ (One Time Password) নির্দিষ্ট ঠাইত সংস্থাপিত কৰি নিশ্চিত (Confirm) নকৰাকৈয়ে গ্রাহকৰ হিচাপৰ টকা কোনোপধ্যেই ওলাই নাযায়।

গ) পৰ্যবেক্ষণ (Observation) : ইণ্টাৰনেটৰ মাধ্যমেৰে বস্তু ক্ৰয় কৰাৰ আগতে বিভিন্ন দিশ চালিজাৰি চাইহে আগবাঢ়িব লাগে। হুৰমূৰকৈ সামগ্ৰী ক্ৰয়ৰ সিদ্ধান্ত গ্রহণ কৰিলে কেতিয়াবা বিপদত পৰাৰ ভয় থাকে।

ঘ) আন গ্ৰাহকৰ মতামত (Online Review): অনলাইন বস্তু ক্ৰয় কৰি ব্যৱহাৰ কৰা গ্রাহকসকলে সামগ্ৰীসমূহৰ গুণাগুণ বৰ্ণনা কৰি তেওঁলোকৰ মতামত আগবঢ়ায়। সেইবোৰ পর্যবেক্ষণ কৰিলে নতুন গ্রাহকৰ বাবে ক্ৰয়ৰ সিদ্ধান্ত গ্রহণ কৰা সহজ হয়।

ঙ) ৰাজহুৱা কম্পিউটাৰ ব্যৱহাৰ নকৰিব (Don't use public computer): অনলাইন শ্ব'পিঙৰ বাবে মূল পৰিশোধ কৰিবলৈ কেতিয়াও 'ইন্টাৰনেট কাফে” ব্যৱহাৰ কৰিব নালাগে। এনে কৰিলে বেংক হিচাপৰ গোপনীয়তা ভংগ হোৱাৰ লগতে অসাধু চক্ৰৰ কবলত পৰাৰ ভয় থাকে।

চ) অচিনাকি ব্যৱসায়ীৰ লগত লেনদেন: আজিকালি ইন্টাৰনেটত নিত্য নতুন ই-কমাৰ্চ কোম্পানীৰ প্ৰাদুৰ্ভাৱ ঘটিবলৈ লৈছে। অচিনাকি ব্যৱসায়ীৰ লগত লেনদেন কৰিলে প্ৰতাৰিত হোৱাৰ ভয় থাকে।

ছ) মূল্য পৰিশোধৰ নথি সংৰক্ষণ: সামগ্ৰী ক্ৰয়ৰ বাবে ফৰমাইচ দিয়াৰ পিছত বিক্ৰেতাৰ ফালৰ পৰা আগবঢ়োৱা মূল্য পৰিশোধৰ প্ৰমাণ-পত্ৰৰ কমী ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে ছপা কৰি নাইবা কম্পিউটাৰত সঞ্চয় কৰি ৰাখিব লাগে।

জ) শক্তিশালী পাছৱৰ্ড ব্যৱহাৰ: অনলাইন ক্ৰয়ৰ বাবে ইন্টাৰনেটৰ মাধ্যমেৰে মূল্য পৰিশোধ কৰোঁতে শক্তিশালী পাছৱৰ্ড ব্যৱহাৰ কৰাটো নিতান্তই প্ৰয়োজনীয়। অনলাইন গোপনীয়তা চুৰিৰ চক্ৰৰ পৰা হাত সাৰি থাকিবলৈ সংশ্লিষ্ট বেংকৰ নিয়মাৱলী পালন কৰিহে আগবাঢ়িব লাগে।

ঝ) অন্যান্য দিশ: অনলাইনত সামগ্ৰী ক্ৰয় কৰাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ আগতে বিক্ৰেতাৰ ফালৰ পৰা আগবঢ়োৱা বিভিন্ন সা-সুবিধা, যেনে-সামগ্ৰী যোগান দিয়াৰ ঠাই আৰু সময়, যোগান মাচুল, বিক্ৰীৰ পিছৰ সেৱা, ৱাৰেন্টী আদিৰ বিষয়ে ভালদৰে জানি ল’ব লাগে। উপৰিউক্ত দিশসমূহৰ বিষয়ে অৱগত হোৱাৰ পিছত সন্তুষ্ট হ’লেহে ক্ৰয়ৰ বাবে অগ্ৰসৰ হ’ব লাগে।

অনলাইন শ্বপিঙৰ ক্ষেত্ৰত মূল্য পৰিশোধৰ নিৰাপদ ব্যৱস্থা

বেছিভাগ গ্ৰাহকেই নিজৰ বেংক হিচাপ তথা এ টি এম নাইবা ক্ৰেডিট কাৰ্ডৰ সবিশেষ তথ্য মূল্য পৰিশোধৰ সময়ত ব্যৱসায়ীসকলক যোগান ধৰিবলৈ শংকাবোধ কৰা দেখা যায়। স্বাভাবিকতে সাম্প্রতিক কালৰ বেংকসমূহে এই অসুবিধা দূৰ কৰিবলৈ বিভিন্ন ব্যৱস্থা হাতত লোৱা দেখা গৈছে। বেংকসমূহে এনে কিছু পৰিশোধ ব্যৱস্থাৰ সৃষ্টি কৰিছে, য’ত মূল্য পৰিশোধৰ সময়ত গ্রাহকৰ মূল বেংক হিচাপৰ সবিশেষ তথা ফাদিল নকৰিলেও হয়। ভাৰতৰ দুই প্রধান বাণিজ্যিক বেংকে সৃষ্টি কৰা দুবিধ মূল্য পৰিশোধ পদ্ধতিৰ বিষয়ে তলত আলোচনা কৰা হ'ল।

ক) ভাৰ্চুৱেল কাৰ্ড (Virtual Card) : ভাৰতৰ সৰ্ববৃহৎ চৰকাৰী খণ্ডৰ বাণিজ্যিক বেংক ভাৰতীয় ষ্টেট বেংকে গ্ৰাহকৰ বাবে মুকলিভাৱে কৰা ভাৰ্চুৱেল কার্ড হৈছে গ্রাহকে নিজে সৃষ্টি কৰি ল’ব পৰা আৰু এবাৰ মাত্র ব্যৱহাৰযোগ্য এক ধৰণৰ ডিছপজিব্‌ল কার্ড। এই কার্ড কায়িকভাৱে দেখিবলৈ পোৱা নাযায়। ইলেক্ট্র’নিক কার্ড নাইবা ই-কার্ড নামেৰেও জনপ্রিয় ভাৰ্চুৱেল কার্ড হৈছে এবিধ সসীম ঘৰুৱা ডেবিট কার্ড। ইন্টাৰনেটৰ জৰিয়তে বয়বস্তু ক্ৰয় কৰা ব্যক্তিসকলে এই কার্ড ব্যৱহাৰ কৰি নিৰাপদে মূল্য পৰিশোধ কৰিব পাৰে। কিয়নো তেওঁলোকে মূল্য পৰিশোধ কৰাৰ সময়ত নিজৰ মুখ্য বেংক হিচাপৰ বিষয়ে কোনো তথ্য বিক্ৰেতাক প্রদান কৰাৰ প্রয়োজন নহয়। ইয়াৰ সলনি তেওঁলোকে নিজেই ইণ্টাৰনেট বেংকিঙৰ সহায়েৰে কম মূল্যৰ ভাৰ্চুৱেল কাৰ্ড সৃষ্টি কৰি ইয়াৰ তথ্য যোগান ধৰিব পাৰে। এই কার্ড সৃষ্টি কৰাৰ পৰা ৪৮ ঘণ্টাৰ ভিতৰত তথা সৃষ্টিৰ সময়ত নির্ধাৰিত কৰা পৰিমাণৰ টকাৰ বাবেহে লেনদেন কৰিব পাৰি। বেংকৰ ফালৰ পৰা যোগান ধৰা এবাৰ মাত্র ব্যৱহাৰযোগ্য পাছৱৰ্ড ব্যৱহাৰ কৰি লেনদেন কৰিবলগীয়া এইবিধ বেংকিং পদ্ধতি অতি নিৰাপদ। কাৰণ, ক্ৰমাগত তিনিবাৰ ভুল পাছৱৰ্ড প্রয়োগ তথা নির্দিষ্ট সময় অতিক্রম হোৱাৰ লগে লগে আপোনা আপুনি এই কার্ড বাতিল হৈ যায় আৰু সমুদায় ধন গ্রাহকৰ হিচাপলৈ ঘূৰি যায়।

খ) ই-পাৰ্ছ (e-purse):  ভাৰতৰ আন এক ৰাজহুৱা বাণিজ্যিক বেংক ইণ্ডিয়ান বেংকে প্রচলন কৰা ই-পাৰ্ছ হৈছে মূল এ টি এম কাৰ্ডৰ বিকল্প হিচাপে ব্যৱহার্য এক ধৰণৰ ডেবিট কার্ড। কিছুমান গ্রাহকে নিজৰ এ টি এম কাৰ্ডখন বিভিন্ন কাৰণত পৰিয়ালৰ আন লোকক ব্যৱহাৰ কৰিবলৈ দিয়া দেখা যায়, যিটো একেবাৰে অনুচিত কথা। এনে কৰিলে হিচাপৰ গোপনীয়তা ভংগ হয় আৰু ইয়াৰ পৰা অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়াত পৰিব পাৰে। এনে অসুবিধাৰ পৰা হাত সাৰি থাকিবলৈ গ্রাহকে ই-পাৰ্ছ ব্যৱহাৰ কৰিব পাৰে। ই-পাৰ্ছ হৈছে গ্রাহকে ইন্টাৰনেট বেংকিঙৰ জৰিয়তে আৱেদন কৰি (সর্বোচ্চ তিনিখনলৈকে) আহৰণ কৰিব পৰা এক আপেক্ষিকভাৱে কম মূল্যৰ ডেবিট কার্ড। নিজে ব্যৱহাৰ কৰা এটি এম কাৰ্ডৰ সমান্তৰালকৈ অতিৰিক্তভাবে লাভ কৰা এনে কাৰ্ডত তেওঁ প্রয়োজন সাপেক্ষে ধন স্থানান্তৰ কৰি আনক ব্যৱহাৰ কৰিবলৈ দিব পাৰে। স্থানান্তৰ কৰা ধন পুনৰ মূল হিচাপলৈ ওভতাই অনাৰ ব্যৱস্থাও ইয়াত আছে। দূৰণিত অধ্যয়নৰত পুত্র-কন্যাৰ ব্যৱহাৰৰ বাবে এই কার্ড অতিকৈ উপযোগী বুলি বিবেচিত হৈছে। লগতে অনলাইন শ্বপিং বা আন কামৰ বাবে মূল্য পৰিশোধৰ সময়ত যাতে নিৰাপত্তাজনিত আশংকাত ভূগিবলগীয়া নহয়, তাৰ বাবেও গ্রাহকে ই-পাৰ্ছ ব্যৱহাৰ কৰিব পাৰে।

অনলাইন শ্বপিঙৰ সুবিধা-অসুবিধাসমূহ

অনলাইন শ্বপিঙত ভাল আৰু বেয়া দুয়োটা দিশেই বিদ্যমান। দুয়োটা দিশ ভালদৰে চালিজাৰি চাইহে গ্রাহকে এই দিশত অগ্ৰসৰ হ’ব লাগে। ইয়াৰ প্রধান সুবিধাসমূহ হৈছে-

ক) সহজ ব্যৱস্থা (Convenience) : অনলাইনত বস্তু ক্ৰয় কৰিবলৈ পৰম্পৰাগত বজাৰ ব্যৱস্থাৰ নিচিনাকৈ সাজি-কাচি ওলাই গৈ দোকানে দোকানে ঘূৰি ফুৰাৰ কোনো প্রয়োজন নাই। ঘৰতে বহি ইণ্টাৰনেটত ডৰ্জনৰ হিচাপত উপলব্ধই-কমার্চ কোম্পানীসমূহৰ ৱেবছাইটত চকু ফুৰাই মনৰ পছন্দৰ সামগ্ৰীবিধ ক্ৰয় কৰি ল’ব পাৰে।

খ) সর্বসময় আৰু সৰ্বঠাইৰ পৰা সম্ভৱ (Anytime anywhere) : ইন্টাৰনেটৰ জৰিয়তে বস্তু ক্রয় কৰিবলৈ কোনো নির্দিষ্ট সময় বা স্থান নাথাকে। দিনটোৰ ভিতৰত যিকোনো সময় আৰু ইণ্টাৰনেট সেৱাই ঢুকি পোৱা যিকোনো ঠাইৰ পৰা অনলাইনত বস্তু ক্ৰয় সম্ভৱ।

গ) সামগ্ৰীৰ সহজ বাছনি (Easy selection from the variety) : বেছিভাগ পৰম্পৰাগত বিপণীতে মজুত থকা পণ্য সামগ্ৰীৰ বিভিন্নতা  (Variety) সীমিত হোৱা দেখা যায়। মজুত সামগ্ৰীৰ সংখ্যা সৰহ হ’লেও তাৰ মাজৰ পৰা পছন্দৰ বস্তুবিধ বিচাৰি উলিওৱাটো গ্ৰাহকসকলৰ বাবে তেনে উজু কাম নহয়। অনলাইন শ্ব'পিঙৰ ক্ষেত্ৰত গ্রাহকে অসুবিধাৰ সন্মুখীন নহয়। কম্পিউটাৰৰ মাউচ ঘূৰাই গ্রাহকে আঙুলিৰ টিপতে পছন্দৰ সামগ্ৰী বাছনি কৰিব পাৰে।

ঘ) সুলভ মূল্য (Better price) : অনলাইনত ক্রয় কৰা বস্তুৰ দৰ সাধাৰণতে কম হোৱা দেখা যায়। কিয়নো মধ্যস্থতাকাৰীৰ অবর্তমানত বিক্রী খৰচ হ্রাস হোৱাৰ সুবাদত বিক্রেতাই ৰেহাই মূল্যত সামগ্ৰী বিক্ৰী কৰাৰ লোভনীয় প্ৰস্তাৱ দি গ্ৰাহকক আকৃষ্ট কৰিবলৈ সততে প্রয়াস কৰে। আনহাতে, বিভিন্ন ৱেবছাইটত বিচাৰ-খোঁচাৰ কৰি গ্ৰাহকে ভালৰো ভাল বস্তুবিধ নিম্নৰ পৰা নিম্নতম দৰত ক্ৰয় কৰাৰ সুবিধা পায়। দেখা যায়— কিছুমান সামগ্ৰী, বিশেষকৈ খেলৰ সামগ্ৰী, ইলেক্ট্রনিক সামগ্ৰী আদিৰ ক্ষেত্ৰত লিখিত মূল্যৰ ওপৰত উচ্চ হাৰত ৰেহাই লাভ কৰি ক্ৰয় কৰিব পাৰে। মধ্যস্থতাকাৰীৰ মুনাফা তথা বিপণী স্থাপন আদিৰ খৰচ নথকা হেতুকে এনে ৰেহাই সম্ভৱ হয় বুলি বহুতে মত পোষণ কৰে।

চ) পৰম্পৰাগত বজাৰলৈ অহাৰ আগতে সামগ্ৰী ক্ৰয়ৰ সুবিধা: বহু ক্ষেত্ৰত দেখা যায় নতুনকৈ উৎপাদিত সামগ্রী এপদ পৰম্পৰাগত বজাৰলৈ আহোঁতেই কিছু সময় লাগে। সেই সামগ্ৰীবিধ কিন্তু অনলাইন বজাৰত প্রায় লগে লগেই উপলব্ধ হৈ যায়। আনহাতে, সাধাৰণ বজাৰত পাবলৈ সক্ষম নোহোৱা বস্তু এপদ অনলাইন বজাৰত বিচাৰি উলিওৱাৰ সুবিধা থাকে।

ছ) বিভিন্ন সামগ্ৰীৰ গুণাগুণ তুলনা (Comparison amongst different products): অনলাইন বজাৰৰ ব্যৱসায়ীসকলৰ ৱেবছাইটত প্ৰদৰ্শিত সামগ্ৰীসমূহ বাছনি সহজ কৰিবলৈ গ্ৰাহকক একে ব্ৰেণ্ডৰ আন সামগ্ৰীৰ লগত ইয়াৰ গুণাগুণ তুলনা কৰি চোৱাৰ সুবিধা প্রদান কৰে। গ্ৰাহকে বিভিন্ন বস্তুৰ মাজত তুলনামূলক অধ্যয়ন কৰি উৎকৃষ্টতম বস্তুবিধ বাছনি কৰি ক্ৰয় কৰিব পাৰে।

জ) পৰিৱেশ-বন্ধু ব্যৱস্থা (Eco-friendly): অনলাইন শ্বপিং ব্যৱস্থা পৰিৱেশ-বন্ধু হিচাপে অভিহিত কৰা হৈছে। কিয়নো ইয়াৰ বাবে গাড়ী-মটৰেৰে গৈ বজাৰত উপস্থিত হোৱাৰ প্রয়োজন নহয়। ফলত ইন্ধন ৰাহি হোৱাৰ লগতে বায়ুমণ্ডলত কার্বন নিৰ্গমনৰ পৰিমাণ হ্রাস হয়। ৰাস্তাৰ যান-জট কমোৱাতো ই সহায় কৰে।

ঞ) গোপনীয়তা ৰক্ষা (Privacy): কিছুমান সামগ্রী, বিশেষকৈ অন্তৰ্বাস (Bikini) জাতীয় সামগ্রী ক্ৰয় কৰাৰ ক্ষেত্ৰত গ্রাহকসকলে একাকী পৰিৱেশ বিচাৰে। তেনেবোৰ সামগ্ৰী ক্ৰয় কৰিবলৈ অনলাইন শ্বপিং ব্যৱস্থা অতিকৈ উপযোগী।

চ) বিক্ৰেতাৰ হেঁচা (Pressure of the Shopkeepers) : সাধাৰণ বজাৰ ব্যৱস্থাত দোকানৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছত সুচতুৰ বিক্ৰেতাৰ হেঁচাত অনিচ্ছা সত্ত্বেও সামগ্ৰী ক্রয় কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হ’ব পাৰে। অনলাইন শ্বপিং ব্যৱস্থাত এই অসুবিধা নাই।

অনলাইন শ্ব'পিঙৰ অসুবিধাসমূহ

অনলাইন শ্বপিং ব্যৱস্থাৰ অতবোৰ সুবিধা থকা সত্ত্বেও ই কিন্তু সমালোচনাৰ উৰ্ধ্বত নহয়। অদ্যাপি অনলাইন শ্বপিং ব্যৱস্থাত থকা বিভিন্ন আসোঁৱাহসমূহ তলত আলোচনা কৰা হ’ল-

ক) আপেক্ষিকভাবে কম প্রয়োজনীয় সামগ্ৰী ক্ৰয়ঃ অনলাইন শ্বপিং ব্যৱস্থাত গ্রাহকে কম্পিউটাৰ সামৰিব নোৱৰা অৱস্থাৰ সৃষ্টি হয় আৰু আপেক্ষিকভাৱে কম প্রয়োজনীয় সামগ্ৰীও ক্ৰয় কৰা দেখা যায়। আনহাতে, মূল্য পৰিশোধ নকৰাকৈ সামগ্ৰী ক্ৰয়াৰ ফৰমাইচ কৰিব পৰা ব্যৱস্থা থকা হেতুকে গ্রাহকে, বিশেষকৈ কম বয়সৰ গ্ৰাহকে অভিভাৱকৰ অজ্ঞাতে সামগ্ৰী ক্ৰয়ৰ বাবে আগবাঢ়ে। যথাসময়ত অভিভাৱকলৈ সামগ্ৰীৰ যোগান এছ এম এছ নাইবা ফোন আহে তেতিয়াহে তেওঁ এই বিষয়ে অৱগত হয় আৰু মূল্য পৰিশোধ কৰি সামগ্ৰী জমা ল’বলৈ বাধ্য হয়। বহুতে ক’ব খোজে আজিকালি কিছুসংখ্যক লোক নিচাসক্ত লোকৰ দৰে অনলাইন শ্বপিঙৰ মোহত বন্দী হৈ পৰিছে।

খ) গুণাগুণৰ তফাৎ: ই বহুক্ষেত্ৰত দেখা যায় বিক্রেতাৰ ৱেবছাইটত প্রদর্শিত সামগ্ৰী আৰু গ্রাহকক যোগান ধৰা সামগ্ৰীৰ গুণগত তাৰতম্য থাকে। বিশেষকৈ সাজপাৰ জাতীয় সামগ্ৰীৰ ক্ষেত্ৰত নিম্ন মানৰ সামগ্ৰী যোগান ধৰা হয় বুলি সততে অভিযোগ শুনা যায়।

গ) সামগ্ৰীৰ কায়িকভাৱে দর্শন সম্ভৱ নহয়: অনলাইন শ্বপিঙৰ সামগ্রী এবিধৰ কেৱল ছবি ছাই সিদ্ধান্ত ল’ব লাগিব। পৰম্পৰাগত বজাৰ ব্যৱস্থাৰ নিচিনাকৈ ইয়াত কায়িকভাৱে সামগ্ৰী দৰ্শন কৰি ক্ৰয় সম্ভৱ নহয়।

ঘ) লগে লগে সামগ্ৰী প্রাপ্তি সম্ভৱ নহয়: সাধাৰণ ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত এহাতে মূল্য পৰিশোধ আনহাতে পণ্য গ্রহণ সম্ভৱ, যিটো অনলাইন বজাৰৰ ক্ষেত্ৰত অসম্ভৱ।

৬) সর্বসাধাৰণ লোকক সামৰিৰ পৰা নাই: ইন্টাৰনেটৰ মাধ্যমেৰে বস্তু ক্ৰয় সাম্প্রতিক কালত জনপ্রিয় হৈ উঠিছে। যদিও এই ব্যৱস্থাই কিন্তু সর্বসাধাৰণ লোকক এতিয়াও সামৰি ল’ব পৰা নাই। প্রয়োজনীয় সা-সুবিধাৰ অভাৱ, অজ্ঞতা, কাৰিকৰী জ্ঞানৰ অভাৱ, অবিশ্বাস আদি নানা কাৰণত আজি পর্যন্ত বুজন সংখ্যক লোকক আকৃষ্ট কৰিব পৰা নাই।

চ) ইন্টাৰনেটৰ অসুবিধা: অনলাইন শ্বপিং ব্যৱস্থাৰ বাবে ইণ্টাৰনেটৰ সংযোগ অপৰিহার্য।  অসমৰ দৰে ৰাজ্যত আজিকোপতি নিৰৱচ্ছিন্নভাৱে সহজলভ্য ইন্টাৰনেট লাভ কৰাটো সম্ভৱ হৈ উঠা নাই।

ছ) সামগ্ৰী ঘূৰাই দিয়া: সাধাৰণ বজাৰ ব্যৱস্থাত সামগ্ৰীৰ গুণগত মানৰ নাইবা আন যিকোনো বিষয়ত গ্রাহক সন্তুষ্ট নহ’লে সামগ্ৰী ঘূৰাই দিয়াৰ ব্যৱস্থা থাকে। অনলাইন শ্বপিং ব্যৱস্থাতো সামগ্ৰী ঘূৰাই দিয়াৰ ব্যৱস্থা বিদ্যমান। কিন্তু মূল ঘূৰাই পোৱাৰ ক্ষেত্ৰত ইয়াত অযথা পলম হয় বুলি গ্রাহকসকলৰ মুখত সততে অভিযোগ শুনিবলৈ পোৱা যায়।

জ) পৰম্পৰাগত বজাৰ ব্যৱস্থাত বিৰূপ প্ৰভাৱ: আধুনিক অনলাইন শ্বপিং ব্যৱস্থাই পৰম্পৰাগত চাৰিবেৰৰ মাজত (Brick & Mortar) হোৱা বজাৰ ব্যৱস্থাৰ ওপৰত নঞর্থক প্রভাৱ পেলাইছে বুলি বিক্ৰেতাসকলৰ ফালৰ পৰা অভিযোগ শুনিবলৈ পোৱা যায়। তেওঁলোকে ক’ব খোজে যে অনলাইন শ্বপিং ব্যৱস্থাৰ জনপ্রিয়তাৰ লগে লগে কিছুমান পৰম্পৰাগত ব্যৱসায়ত, বিশেষকৈ ইলেক্ট্রনিক আৰু খেলৰ সামগ্ৰীৰ বিক্ৰীৰ পৰিমাণ ভয় লগা ধৰণে নিম্নগামী হৈছে।

ঝ) বিক্ৰীৰ পিছৰ সেৱা (After sale service) : সাধাৰণ বজাৰ ব্যৱস্থাত কোনো এক বিপণীৰ পৰা সামগ্রী ক্ৰয় কৰাৰ পিছত প্রয়োজনীয় সেৱা সংশ্লিষ্ট বিক্ৰেতাৰ জৰিয়তে পাব পাৰে। অনলাইন শ্বপিঙৰ ক্ষেত্ৰত এনে সুবিধা লাভ কৰাটো অসুবিধাজনক হৈ পৰে, কিয়নো গ্ৰাহকে বিক্ৰেতাক কায়িকভাৱে লগ পোৱা সম্ভৱ নহয়। আনহাতে, এনেকৈ ক্ৰয় কৰা সামগ্ৰীৰ ওপৰত ৱাৰেণ্টীৰ ব্যৱস্থা থাকিলেও প্রয়োজনীয় সেৱা কেন্দ্ৰৰ অবর্তমানত গ্রাহকে এই সুবিধা ভোগ কৰাত বাধা আহি পৰে।

সাম্প্ৰতিক ডিজিটেল যুগত প্ৰায়বোৰ কার্যকলাপ ইন্টাৰনেটৰ মাধ্যমেৰে সম্পন্ন কৰাটো সম্ভৱপৰ কৰি তুলিবলৈ পৃথিৱীব্যাপী অহৰহ প্রচেষ্টা চলি আছে। ভাৰত চৰকাৰেও বিভিন্ন সভা-সমিতি বা অনুষ্ঠানৰ জৰিয়তে ‘ডিজিটেল ইণ্ডিয়া’ৰ শ্লোগান আওৰাই থকাৰ লগতে ইয়াৰ বাবে প্ৰয়োজনীয় বিভিন্ন পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে। স্বাভাৱিকতে অনলাইন শ্বপিং ব্যৱস্থাক স্বাগতম জনোৱাৰ বিকল্প নাই। অৱশ্যে গ্রাহকসকল এইক্ষেত্ৰত খুবেই সমাধান হ’ব লাগিব যাতে কোনো কাৰণতেই তেওঁলোকে কোনো পক্ষৰ দ্বাৰা প্রতাৰিত হ’বলগীয়া নহয়। চৰকাৰৰ ফালৰ পৰাও চোকা নিজৰ ৰাখিব লাগিব যাতে কোনো পক্ষই, বিশেষকৈ ই-কমার্চ কোম্পানী আৰু সামগ্রী পৰিবহণকাৰী এজেঞ্চীসমূহে গ্রাহকক প্ৰতাৰণা কৰাৰ সুৰুঙা উলিয়াব নোৱাৰে। চৰকাৰৰ চোকা নজৰৰ গণ্ডীৰ ভিতৰত থাকি সকলো পক্ষই যদি সাৱধানতাৰে আৰু গুৰুত্ব সহকাৰে আগবাঢ়ে, তেনেহ’লে ভৱিষ্যতে অনলাইন শ্বপিং ব্যৱস্থা আশীৰ্ব্বাদ হিচাপে ধৰা দিব আৰু ই জনসাধাৰণৰ লগতে পৰিৱেশৰ হিতৰ অৰ্থে কাম কৰিব।

লিখক: ড° গোবিন্দ ডেকা, পূৰ্বাচল।

3.30769230769
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
Back to top