অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ই-ন্যায়ালয়

ই-ন্যায়ালয়

ই-ন্যায়ালয় মিচন মোড প্ৰকল্প প্ৰযুক্তিৰ ধাৰণাটো প্ৰয়োগৰ জৰিয়তে ভাৰতীয় ন্যায়পালিকা সলনি কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা হৈছিল। এই প্ৰকল্পটোৰ্ বিকাশ ভাৰতীয় ন্যায়পালিকাৰ তথ্য যোগাযোগ আহিলাৰ ৰূপায়ণৰ বাবে ৰাষ্ট্ৰীয় নীতি আৰু কাৰ্য্য পৰিকল্পনাত উচ্চতম ন্যায়ালয়ৰ ই-সমিতিৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিল। ই-ন্যায়ালয় মিচন মোড প্ৰকল্পৰ মতে ৫ বছৰত ৩টা পৰ্য্যায়ত ভাৰতীয় ন্যায়পালিকাত তথ্য আৰু যোগাযোগ প্ৰযুক্তি ৰূপায়ণ কৰিবলৈ প্ৰস্তাৱ গৃহীত হ’ল। ই-ন্যায়ালয় মিচন মোড প্ৰকল্প প্ৰযুক্তিৰ উদ্দেশ্য হৈছে দিল্লী, মুম্বাই, কলিকতা আৰু চেন্নাইৰ ৭০০ ন্যায়ালয় আৰু ২৯ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯০০ ন্যায়ালয় আৰু ১৩০০০ জিলা/নিৰ্ভৰশীল ন্যায়ালয়ত স্বয়ংক্ৰিয় নিৰ্ণয়-প্ৰণালী আৰু নিৰ্ণয় সমৰ্থন ব্যৱস্থাৰ স্থাপনা কৰা।

উদ্দেশ্য

ই-ন্যায়ালয় হৈছে এক ঐক্যবদ্ধ মিচন মোড প্ৰকল্প যাৰ এটা স্পষ্ট উদ্দেশ্য আছে। ন্যায় বিতৰণ প্ৰণালীৰ পুনৰ প্ৰ্স্তুত কৰি ইয়াৰ গুণগত আৰু মানগত দুয়োটা দিশৰে ন্যায়িক নিৰ্ণয় প্ৰনালী ক্ষমতা বৃদ্ধি কৰা আৰু কম মূল্যৰ, সূলভ, সহজলভ্য, স্বচ্ছ আৰু দায়বদ্ধ প্ৰণালীৰ প্ৰয়োগ কৰা। এই প্ৰকল্পৰ অধীনত গোটেই দেশৰ ন্যায়ালয়সমূহত স্বয়ংক্ৰিয় নিৰ্ণয়-প্ৰণালী আৰু নিৰ্ণয় সমৰ্থন ব্যৱস্থাৰ বিকাশ কৰা, স্থাপনা কৰা আৰু প্ৰয়োগ কৰা। ই-ন্যায়ালয় প্ৰকল্প ডিজিটেল আন্তঃ যোগাযোগ মাধ্যমেৰে গাওঁ পৰ্য্যায়ৰ পৰা একেবাৰে সৰ্বোচ্চ  ন্যায়ালয়লৈকে এটা সম্পৰ্ক স্থাপন কৰি ৰখাৰ ক্ষেত্ৰত নিশ্চয়তা প্ৰদান কৰে।

ই-ন্যায়ালয়ৰ সেৱাসমূহঃ

উৎস: Website of e-Courts

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate