অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ইণ্টাৰনেট কাফে খুলি মাহেকত বিশ হেজাৰ টকা উপাৰ্জন বাইহাটাৰ ভবেনৰ

ইণ্টাৰনেট কাফে খুলি মাহেকত বিশ হেজাৰ টকা উপাৰ্জন বাইহাটাৰ ভবেনৰ

 

২০০০ চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল কামৰুপ জিলাৰ বাইহাটা চাৰিআলিৰ গাতে লাগি থকা ক্ষুদ্ৰ পলহা গাঁৱৰ যুৱক ভৱেন চন্দ্ৰ ডেকাই। স্নাতক ডিগ্ৰী লৈ আন আন নিবনুৱা যুৱকৰ দৰে ভবেনেও চৰকাৰী চাকৰি বিচাৰি দুই-চাৰিটা ইণ্টাৰভিউ দিছিল যদিও সফল হ’ব নোৱাৰিলে। সংস্থাপনৰ চেষ্টাত বন্দী যুৱকজনে চাকৰিৰ ইণ্টাৰভিউ দিয়া বাদ দি ২০০২ চনত গুৱাহাটীৰ এটা ইনষ্টিটিউটত কম্পিউটাৰত এবছৰীয়া পাঠ্যক্ৰম গ্ৰহণ কৰে। তাৰ পিচত গুৱাহাটীতে এটা কম্পিউটাৰ ট্ৰেইনিং চেণ্টাৰত দুবছৰমান কম্পিউটাৰ প্ৰশিক্ষক হিচাপে কাম কৰে। কিবা এটা নিজাকৈ কৰাৰ ইচ্ছা তথা সপোন থকা ভৱেন নামৰ যুৱকজনে ঘৰলৈ উভতি আহি বাইহাটা চাৰিআলিত নথকা এটাৱ ব্যৱসায় আৰম্ভ কৰিবলৈ চিন্তা-চৰ্চা কৰে। ভাতৃৰ সহযোগত বাইহাটা চাৰিআলি আৰু ইয়াৰ আশে-পাশে নোহোৱা ইণ্টাৰনেট কাফে খোলাৰ পৰিকল্পনা কৰে। বৰ্তমান অতি প্ৰয়োজনীয় আৰু বাইহাটা চাৰিআলি অঞ্চলৰ শিক্ষিত সমাজক আৰু অলপ আগুৱাই নিয়াৰ প্ৰচেষ্টাৰে ইণ্টাৰনেট কাফে খোলা ভবেন চন্দ্ৰ ডেকাই ২০০৯ চনৰ পৰা আৰু উভতি চাব লগা হোৱা নাই। গ্ৰাহকৰ যথেষ্ট সমাগম হোৱা ‘ডেকা কমিউনিকেচন’ এঅতিয়া যুৱচামৰ বাবে জ্ঞান আদান প্ৰদানৰ ভঁৰাল। বৰ্তমানৰ ব্যৱসায়ক লৈ অত্যন্ত সুখী ভবেনে এতিয়া নিজৰ কাফেখনৰ পৰা মাহেকত বিশ হেজাৰ টকা উপাৰ্জন কৰে বুলি জানিবলৈ দি অনাগত দিনত নিজৰ ব্যৱসায় বহল কৰাৰ কথা চিন্তা-চৰ্চা কৰিছে।

উৎসঃ অসমীয়া প্ৰতিদিন

শেহতীয়া উন্নীতকৰণ: : 3/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate