অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

Ubuntu Linux ত অসমীয়া লিখাৰ সহজ পদ্ধতি

Ubuntu Linux ত অসমীয়া লিখাৰ সহজ পদ্ধতি

Ubuntu ত অসমীয়া লিখিবলৈ ibus আৰু ibus-m17n নামৰ দুটা package install কৰি ল'ব লাগিব।

IBus(Intelligent Input Bus) হৈছে Unix variant অপাৰেটিং চিষ্টেমত বহুভাষিক এক input method framework. Ubuntu v9.10 আৰু Fedora 11 বা তাৰ পৰৱৰ্তী সংস্কৰণসমূহত ibus ক default input method হিচাপে অন্তৰ্ভূক্ত কৰা হয় (পূৰ্বৰ SCIM-ৰ সলনি)। ibus-m17n হৈছে এক ibus input engine যি অসমীয়াকে ধৰি অন্য এছীয় ভাষাসমূহক তালিকাভুক্ত কৰে।

১। ibus আৰু m17n package দুটা install কৰিবলৈ terminalৰ পৰা তলৰ command দুশাৰী চলাওক :

sudo apt-get install ibus

sudo apt-get install ibus-m17n

২। এতিয়া Unity (Windows key) ৰ পৰা ibus সন্ধান কৰক বা System->Preference->ibus ত click কৰক ।

৩। Unity panel বা Gnome Panelত এখন কীবৰ্ডৰ icon দেখিবলৈ পাব।

কীব'ৰ্ড খনত Click কৰি Preference বাচনি কৰক।

৪। IBus Preferences নামৰ নতুন Window এখন খুলিব।

'Input Method' tab টো বাচনি কৰি 'Customize active input Methods' optionটো অংকিত কৰক।

৫। Select an input method ত click কৰিলে ibusত উপলব্ধ বিভিন্ন ভাষাসমূহৰ তালিকা দেখিবলৈ পাব । Assamese বাচনি কৰি তিনিটা input method দেখিবলৈ পাব।

phonetic, inscript বা itrans যিকোনো এটা বাচনি কৰি সোফালে থকা 'Add' button টোত click কৰক। এইদৰে phonetic, inscript, itrans তিনিওটা input method য়েই যোগ কৰি লওক আৰু IBus Preference বন্ধ কৰক।

৬। যিকোনো text editor ত অসমীয়াত টাইপ কৰিবলৈ এতিয়া আপোনাৰ Unity Panel ত থকা কীব'ৰ্ড চিহ্নটোত click কৰি Assamese-phonetic, Assamese-inscript বা Assamese-itrans বাচনি কৰি লওক।

টাইপ কৰি থাকোতে Ctrl+Space টিপি ভাষা সলনি কৰিব পাৰিব।

আপোনাৰ সুবিধা অনুযায়ী কীব'ৰ্ডৰ সজ্জা সলনি কৰি ল'বও পাৰে। তাৰবাবে আপুনি /usr/share/m17n directory ত থকা যিকোনো .mim file সম্পাদনা কৰি ল'ব লাগিব। উদাহৰণ স্বৰূপে যদি আপুনি phonetic কীব'ৰ্ডখন সম্পাদনা কৰিব খুজিছে, তেন্তে Terminal ৰ পৰা তলৰ নিৰ্দেশ টো চলাওক।

sudo gedit /usr/share/m17n/as-phonetic.mim

এতিয়া Text Editor ত phonetic কীব'ৰ্ডৰ বাবে থকা সংকেত দেখিবলৈ পাব । এই সংকেতসমূহ LISP ত লিখা । অৱশ্যে সম্পাদনা কৰিবলৈ আপুনি LISP syntax জনাৰ বিশেষ প্ৰয়োজন নাই । ফাইলটো পঢ়ি গ'লে আপুনি এঠাইত এইদৰে পাব:

(map

(trans

((KP_1) "১")

((KP_2) "২")

ইয়াত বন্ধনীৰ ভিতৰত থকা (X,Y) ৰ X হৈছে ইংৰাজী কীব'ৰ্ডত থকা প্ৰকৃত আখৰ আৰু Y হৈছে X ৰ বিপৰীতে অসমীয়া বৰ্ণ। আপুনি যদি 'k' ৰ বাবে 'ক', 'm' ৰ বাবে 'ম' আৰু 'v' ৰ বাবে ' ং' পাব খুজিছে তেন্তে এইদৰে সম্পাদনা কৰক:

("k" ?ক)

("m" ?ম)

("v" ?ং)

অথবা ("k" "ক") এইদৰেও লিখিব পাৰে। এইদৰে সকলো key ৰ বাবে আপোনাৰ পচন্দ অনুযায়ী mapping কৰি ফাইলটো save কৰক। Ubuntu Reboot কৰি লওক আৰু এইবাৰ আপুনি নতুনকৈ সাজি লোৱা কীব'ৰ্ডেৰে টাইপ কৰিব পাৰিব।

এইখিনিতে ল'বলগীয়া এক বিশেষ সাৱধানতা হ'ল '\' আৰু " ক শুদ্ধকৈ map কৰিবলৈ আগত এটা \ যোগ কৰিব লাগিব। যেনে:

("\\" "এ")

("\"" "্য")

এতিয়া আপুনি '\' টাইপ কৰিলে 'এ' আৰু " ৰ বাবে '্য' পাব । LISP ত '\' আৰু ' " ' ক special character হিচাপে ব্যৱহাৰ কৰা হয় আৰু সেয়ে এটা অতিৰিক্ত '\' যোগ নকৰিলে ফাইলটোৰ বাকী অংশ parserয়ে comment হিচাপে গণ্য কৰি ল'ব আৰু আপুনি সকলো শুদ্ধকৈ কৰাৰ পিছতো আশাকৰা ধৰণে আপোনাৰ কীব'ৰ্ডখনে কাম নকৰিব।

.mim file সম্পাদনা কৰাৰ সলনি আপুনি নতুনকৈ সাজিও নতুন এক input method যোগ কৰিব পাৰে । কেনেকৈ যোগ কৰিব তাৰ উদাহৰণ হিচাপে মই মোৰ ব্যৱহাৰৰ বাবে সাজি লোৱা binapani লৈছো :

১। প্ৰথমে তলৰ লিংকটোৰ পৰা বীণাপানি ডাউনল'ড কৰি লওক।

২। Terminal ৰ পৰা তলৰ নিৰ্দেশটো চলাওক:

tar -xzf ./Downloads/binapani.tar.gz -C ./Desktop

৩। Desktopত as-binapani.mim আৰু as-binapani.png নামৰ দুটা ফাইল দেখিবলৈ পাব । এই ফাইলটো সম্পাদনা কৰিব বিচাৰিলে তলৰ নিৰ্দেশটো চলাওক:

gedit ./Desktop/as-binapani.mim

৪। সম্পাদনা কৰা হোৱাৰ পিছত ফাইলটো /usr/share/m17n লৈ copy কৰক (Terminalত তাইপ কৰক: sudo cp ./Desktop/as-binapani.mim /usr/share/m17n) আৰু icon fileটো /usr/share/m17n/icons ত ৰাখক (Terminalত টাইপ কৰক: sudo cp ./Desktop/as-binapani.png /usr/share/m17n/icons)।

৫। এতিয়া m17n database আপোনাৰ নতুন input methodৰ সৈতে update কৰক। terminalত টাইপ কৰক:

sudo gedit /usr/share/m17n/mdb.dir

৬। text editorত mdb.dir ফাইলটোত Ctrl+f টিপি (input-method * "*.mim") সন্ধান কৰক। এই শাৰীটোৰ পিছতেই যোগ কৰক:

(input-method t as-binapani "as-binapani.mim") । mdb.dir ফাইলটো Save কৰক আৰু IBus Restart কৰি লওক।

৭। আগতে কৰাৰ দৰে IBus Preference->Input Method->Select an input method-> Assamese ->binapani(m17n) যোগ কৰক। এতিয়া এই নতুন কীব'ৰ্ডেৰে আপুনি সহজেই টাইপ কৰিব পাৰিব।

Ubuntu v12.04 ত কেতিয়াবা আপুনি কীব'ৰ্ড চিহ্নটো unity panel ত নেদেখিব পাৰে । অৰ্থাৎ IBus daemon চলি থকা নাই। IBus চলাবলৈ Terminal ৰ পৰা এই নিৰ্দেশটো চলাওক : ibus-daemon -rxd। এতিয়া আপুনি পুনৰ IBusৰ জৰিয়তে অসমীয়াত লিখিবলৈ সক্ষম হ'ব।

মৃণ্ময় কুমাৰ নাথ

শেহতীয়া উন্নীতকৰণ: : 4/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate