অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অ-সম অসম

অ-সম অসম

‘অসম’ নামটোৰ উৎপত্তি সম্বন্ধে সঠিককৈ ক’ব নোৱাৰি| পূৰ্বতে এই ভূখণ্ডকামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ ৰাজ্য নামেৰে প্ৰসিদ্ধ আছিল আৰু তাৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ (পূবৰ পোহৰৰ নগৰ) আছিল আজিৰ গুৱাহাটী বা তাৰ দাঁতি-কাষৰীয়া অঞ্চল|ত্ৰয়োদশ শতিকা মানত আহোমসকলে এই ভূখণ্ড জয় কৰাৰ পাছত ‘অসম’ নামটোৰ প্ৰচলন হয়| আহোম স্বৰ্গদেউসকলৰ দিনত ৰচিত বুৰঞ্জী, সাহিত্য, চৰিত পুথি আৰু বৈষ্ণৱ সাহিত্যত পঞ্চদশ শতিকামানৰ পৰা অছম, আছাম, অসম, আসম, আসাম, অহম, আহম, আহোম আদি শব্দৰ প্ৰচলন লক্ষ্য কৰা যায়|

অসম নামৰ উৎপত্তি সম্বন্ধে কোনো কোনো পণ্ডিতে মত পোষণ কৰে যে, এই ভূখণ্ড পৰ্বত-পাহাৰেৰে অসমান হোৱা বাবেই ইয়াৰ নাম অসম হ’ল। আনহাতে, এনেকুৱাও হ’ব পাৰে যে, প্ৰাকৃতিক সৌন্দৰ্যত অসমৰ সমতুল্য আৰু কোনো নাই বাবে অসমৰ নাম ‘অ-সম’ হ’ল। আন কোনো কোনো পণ্ডিতৰ মতে আহোম ৰজাসকলে শাসন কৰিছিল বাবেই ‘আহোম’ শব্দটোৰ পৰা অসম হৈছে। কিন্তু অসম শব্দটোৰ পৰা আহোম হৈছেনে, আহোম শব্দটোৰ পৰা অসম হৈছে, তাক সঠিককৈ ক’ব নোৱাৰি| সংস্কৃতত ‘অ-সম’ শব্দটোৰঅৰ্থ ‘যাৰ সমান কোনো নাই’ অথবা প্ৰতিদ্বদ্বীহীন, অদ্বিতীয়। অৰ্থাৎ, এই ভূখণ্ডত বাস কৰা মানুহখিনিৰ সমান আৰু কোনো ক’তো নাই। ডঃ বাণীকান্ত কাকতিৰ মতেও অপৰাজেয় আৰু অদ্বিতীয় অৰ্থ বুজাবৰ বাবেহে ‘আ-ছাম’ শব্দৰ জ হৈছে। টাইআৰু প্ৰাচীন আহোম ভাষাত ‘ছাম’ মানে পৰাজিত। তাৰ লগত অসমীয়া ‘আ’ উপসৰ্গ যোগকৰিলে হয় ‘আ-ছাম’, অৰ্থাৎ, অপৰাজেয় অথবা বিজয়ী।

অসম ইংৰাজৰ অধীনলৈ যোৱাৰ পাচৰ পৰা ‘আছাম’ আৰু আসাম’ শব্দ দুটা প্ৰচলিত হৈ পৰে আৰু শেষত এই ভূখণ্ড ‘অসম’ আৰু ইয়াত বাস কৰা অধ্বসীসকলক অসমীয়া বোলা হ’ল। ইংৰাজসকলেই ‘অসম’ বা ‘আসাম’ক ইংৰাজীলৈ ASSAM বুলি লিপ্যন্তৰ কৰে।

এই অসম মুলুকৰ কথা কৈ অন্ত পেলাব নোৱাৰি! হাবি-বন ভাঙি সৌ পাটকায়েদি নামিঅহা চুকাফাই ইয়াৰ বড়ো, কছাৰী, মিচিং, ডিমাচা, কলিতাৰে মিলি যি অসম তৈয়াৰ কৰিলে, সি সঁচাই অ-সম। চিন-চাব নোহোৱাকৈ মিলি গ’ল সকলো। কিমান যে নাম! বৰঅসম। সোণৰ অসম। মাটিৰ অসম। মৰমতে ল’ৰা-ছোৱালীক মতাৰ দৰে অনেক নাম। পিছেমূৰকত সৰু অসমহে থাকিলগৈ। কিন্তু এই ‘অসম’ত যি থাকি গ’ল, যি আছে, সেয়া পৃথিৱীৰ আন ক’তো নাই। অসমৰ যিবোৰ কথা-কাণ্ড, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি আনক’তো মৰিলেও বিচাৰি পাবলৈ নাই, সেইবোৰৰ পূৰ্ণাংগ তালিকা এখন কৰা বৰ সহজ নহয়। তালিকাখন কৰি অঁতোৱাৰ পাছত দহজনে আন দহটা বিষয় লৈ সেইবোৰ তালিকাখনত কিয় নাথাকিব বুলি ফেপেৰি পাতি ধৰাৰ আশংকাই অধিক। সেয়ে এই লেখা অসমৰ অ-সমবোৰ সম্পৰ্কে এক খচৰা বুলিহে যেন সহৃদয় পাঠকে বিবেচনা কৰে। অসমৰ অ-সম সম্পৰ্কে অধিক তথ্য এই লেখা সম্পূৰ্ণ কৰাৰ স্বাৰ্থতে বিজ্ঞজনৰ পৰা আমি আগ্ৰহেৰে বিচাৰিছো।

ভূগোলত অসম

বিশাল ভাৰতৰ লগত বাকীবোৰ ৰাজ্য যেনেকৈ কান্ধত কান্ধ মিলাই আছে, আমাৰ অসম মুলুক তেনেকৈ নাই। ৰাজ্যখনৰ উত্তৰ-পশ্চিম দিশৰ এক অতি ঠেক ভূ-খণ্ডৰ (বটল-নেক) জৰিয়তেহে অসম ভৌগোলিকভাৱে উত্তৰ বংগ তথা দেশৰ আন অংশৰ সৈতেসংলগ্ন।সেই সৰু ‘বটল-নেক’-এ আমাক সঁচা অৰ্থতে অনন্য কৰি ৰাখিছে। হয়তো সেইবাবে আমাৰ বহু বস্তু আনৰ নাই। আনে ঈৰ্ষা কৰিব পৰাকৈ আমাৰ ‘অ-সম’ত বহুসম্পদ আছে। খোৱা-বোৱা, পিন্ধা-উৰা সকলোতে আমাৰ স্বকীয় বৈশিষ্ট্য আজিও বিৰাজমান। আমি অৰ্বুদ, ‘অদ্বিতীয়’ সম্ভাৰেৰে চহকী। যাৰ তুলনা ক’তো পাবলৈনাই। আনে চেষ্টা কৰিও আমাৰ দৰে হ’ব নোৱাৰে।

ইতিহাসত অসম

অসম সঁচাকৈয়ে অ-সম। এয়া জন্মভূমি বুলি আৱেগত গদগদ হৈ কৰা উক্তি নহয়।নিৰ্মোহ যুক্তিৰে চাবলৈ গ’লেও অসমৰ তুলনীয় দেশ বা ৰাজ্য পাবলৈ টান। সেই তাহানিৰ পৰাই অসমে নিজৰ ‘অ-সম’ বিশেষত্ব প্ৰদৰ্শন কৰি আহিছে। যেতিয়া আনকি অসমৰ নাম অসম হোৱাই নাছিল, কামৰূপ বা প্ৰাগজ্যোতিষপুৰহে আছিল, তেতিয়াৰপৰাই। অসম মানে প্ৰাগজ্যোতিষপুৰৰ, প্ৰথম উল্লেখযোগ্য ৰজা নৰকাসুৰৰ কথাকে ধৰা হওক। ভাৰতৰ পৌৰাণিক আন অসুৰ বা ৰাক্ষস ৰজাই কি কৰিছিল? নিৰীহ মানুহক অত্যাচাৰ কৰিছিল যাগ-যজ্ঞ আদিৰ প্ৰচলন বন্ধ কৰিছিল। সুন্দৰী নাৰীক (লাগিলে পৰস্ত্ৰীয়েই হওক) অপহৰণ কৰিছিল, দেৱতাসকলক পৰাস্ত কৰি স্বৰ্গ পৰ্যন্ত অধিকাৰ কৰিছিল। কিন্তু আমাৰ নৰকাসুৰে কি কৰিলে? কামাখ্যা দেৱীকে বিয়া কৰাব খুজিলে। ৰাতিটোৰ ভিতৰতে মন্দিৰৰ পথ নিৰ্মাণ কৰি অসম্ভৱকো সম্ভৱ কৰি তুলিলে।শেষত যেনিবা কামাখ্যা দেৱীয়ে কুকুৰাৰ হতুৱাই আগতীয়াকৈ ডাক দিয়াই সেইযাত্ৰাত বাচিল!

অ-সম বীৰত্ব

অসম সঁচাকৈয়ে অ-সম। এয়া জন্মভূমি বুলি আৱেগত গদগদ হৈ কৰা উক্তি নহয়।নিৰ্মোহ যুক্তিৰে চাবলৈ গ’লেও অসমৰ তুলনীয় দেশ বা ৰাজ্য পাবলৈ টান। সেই তাহানিৰ পৰাই অসমে নিজৰ ‘অ-সম’ বিশেষত্ব প্ৰদৰ্শন কৰি আহিছে। মহাভাৰতৰ যুগৰে পৰা অসমে, অ-সম ক্রিয়া প্ৰদৰ্শন অব্যাহত ৰাখিছে। কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ ভগদত্ত ৰজাই কৌৰৱৰ পক্ষ লৈ যুদ্ধত অংশগ্ৰহণ কৰিছিল। নিজৰ বীৰত্বৰে অৰ্জুনকে প্ৰমুখ্য কৰি পাণ্ডৱসকলক দুঃচিন্তাত পেলাইছিল। লগত আছিল তেওঁৰ ‘সুপ্ৰাতীক’ নামৰ বিখ্যাত বলৱন্ত হাতীটো। অথচ ব্যাসদেৱৰ বৰ্ণনা মতেই ভগদত্ত তেতিয়া আছিল বৃদ্ধ। চকুৰ পতা জাপ খাই যায় বাবে চকুৰ পতা সূতাৰে বান্ধিতুলি ৰাখিবলগীয়া অৱস্থা। সেই অৱস্থাৰেইতো আঠ দিন প্ৰবল পৰাক্রমেৰে যুদ্ধকৰি ভগদত্তই অৰ্জুনক পৰাস্ত কৰিছিল। বৃদ্ধ ভগদত্তৰ বীৰত্ব আছিল এককথাত অতুলনীয়। আৰু ঘটোৎকচ! ঘটোৎকচৰ কাহিনী, বীৰত্ব আৰু ত্যাগনো কাৰ লগত তুলনীয়? কুৰুক্ষেত্ৰ যুদ্ধৰ পিছতো বিজয়ী বীৰ, সৰ্বশ্ৰেষ্ঠ যোদ্ধা অৰ্জুনৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰাৰ গতি ৰোধ কৰিছিল তেওঁৰেই পুত্ৰ বব্ৰুবাহনে, এই অসমতে| যুদ্ধত পৰাস্ত হৈছিল অৰ্জুন| এই ‘অ-সম’ বীৰত্ব প্ৰদৰ্শন কৰিছিল অসম-সন্তান বব্ৰুবাহনে|

অ-সম ৰূপৱতী অসম জীয়ৰী

অসম জীয়ৰী ৰুক্মিনী ৰূপে-গুণে অ-সম আছিল মানে অতুলনীয় আছিল ৷ ন’হলেনো ভাৰতৰ শ্ৰেষ্ঠ পুৰুষ শ্ৰীকৃষ্ণই তেওঁৰ পাণি গ্ৰহণ কৰিবলৈ ইমান কষ্ট কৰেনে? হয়, ৰুক্মিনী শ্ৰীকৃষ্ণৰ প্ৰেমত পৰিছিল, তেওঁলৈ পত্ৰও প্ৰেৰণ কৰিছিল। কিন্তু শ্ৰীকৃষ্ণও নিশ্চয় ৰূপে-গুণে অদ্বিতীয় ৰুক্মিনীৰ ‘অ-সম’ বিশেষত্বত ভোল গৈছিল। নহ’লেনো সুদূৰ গুজৰাটৰ দ্বাৰকাৰ পৰা আহি ৰুবীৰ-শিশুপালৰ লগত এনেধৰণৰ তুমুল যুদ্ধ কৰেনে?? তাৰ পিছতো শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই অসম জীয়ৰী ঊষাৰ বাবেই হৰি-হৰৰ যুদ্ধৰ সূচনা ঘটোৱা নাছিলল? প্ৰাচীন অসমৰ ছোৱালী যে বহু কথাত ভাৰতৰ আন অংশৰ ছোৱালী, মানে ৰাজকুঁৱৰীতকৈ বেলেগ আছিল, এইবোৰেই তেওঁলোকৰ এক অ-সম বিশেষত্ব ৷

শত্ৰুও নহয় কৰতলীয়াও নহয়

প্ৰাচীন অসমৰ ৰজাসকলো আছিল ‘অ-সম’ বীৰত্বৰ। তেওঁলোকে কেতিয়াও ভাৰতৰ বিশাল সাম্ৰাজ্যৰ অধিকাৰী সম্ৰাটসকলৰ অধীন নাছিল। হৰ্ষবৰ্ধনৰ ৰাজত্বৰ সময়ত ভাৰতৰ আন আন অংশৰ ৰজাসকলে তেওঁৰ বশ্যতা স্বীকাৰ কৰি লৈছিল। কিন্তু অসমৰ ৰজা ভাস্কৰ বৰ্মনে সেইটো কৰা নাছিল। তেওঁ আছিল হৰ্ষবৰ্ধনৰ প্ৰিয় বন্ধু (যাৰ ওপৰত হৰ্ষবৰ্ধনে অভিমান কৰিব পাৰে!), শত্ৰুও নহয়, কৰতলীয়াও নহয়।

অ-সম ৰজা

১২২৮ চনত অসম শাসন কৰিবলৈ ‘স্বৰ্গ’ৰ পৰা নামি আহিল ইন্দ্ৰবংশী ৰজাস্বৰ্গদেউ চুকাফা। বিশ্বৰ ইতিহাসত এনে বহু উদাহৰণ আছেয’ত বিদেশীয়ে কোনো দেশ অধিকাৰ কৰি সেই দেশ লুণ্ঠন কৰি, তাৰ অধ্বসীসকলৰ ওপৰত অত্যাচাৰ কৰি, সেইদেশক ধ্বংসাৱশেষত পৰিণত কৰি পুনৰ ঘূৰি যায় আৰু নিজৰ দেশক ঐশ্বৰ্যশালী কৰি তোলে। চুকাফাই কিন্তু অসমখনকে ঘৰ বুলি আঁকোৱালি ল’লে। বহল, উদাৰ মনোবৃত্তিৰে ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগত বিভক্ত হৈ থকা অসম আৰু অসমবাসীক একত্ৰিত কৰাত গুৰুত্ব দিলে। গতিকে এইটোও মুঠেই আচৰিত কথা নহ’ল যে এই ‘অ-সম’ ৰজাজনক অসমৰ প্ৰজাসকলেও নিজৰ ৰজা বুলি মানি ল’লে; প্ৰতিৰোধ বা দীঘলীয়া বিদ্ৰোহৰ পথ নল’লে।

অ-সম পুৰুষ

অসমৰ আটাইতকৈ ‘অ-সম’ পুৰুষ সম্ভৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ।তেওঁৰ দৰে ‘সম্পূৰ্ণ মানৱ’ সমগ্ৰ বিশ্বতে অতি বিৰল। আমি গ্ৰীক বীৰ হাৰকিউলিছৰ শক্তিৰ বিষয়ে জানো, গ্ৰীক সাহিত্যিক হোমাৰৰ বিৰল সাহিত্য-প্ৰতিভাৰ বিষয়ে জানো, পৰিব্ৰাজক মেগাস্থেনিছৰ বিষয়ে জানো, দাৰ্শনিক ছক্রেটিছৰ বিষয়ে জানো পিছে হাৰকিউলিছৰ হোমাৰৰ দৰে প্ৰতিভা নাছিল, হোমাৰ মেগাস্থেনিছৰ নিচিনা নাছিল, ছক্রেটিছ হাৰকিউলিছৰ দৰে নাছিল। কিন্তু আমাৰ শংকৰদেৱ? তেওঁ বাৰিষাৰ ভৰা ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হৈছিল, আক্রমণোদ্যত ষাঁড়ক শিঙত ধৰি বগৰাই পেলাইছিল। বাইশ হাত বহল খাল একেটা জাঁপতে পাৰ হৈছিল, পঞ্চদশ শতিকাতে তেওঁ এবাৰ নহয়, দুবাৰকৈ সমগ্ৰ ভাৰত পৰিভ্ৰমণ কৰিছিল; তেওঁ বৰগীত, কীৰ্তন, নাটসমূহকে ধৰি বিভিন্ন ধৰণৰ সাহিত্য ৰচনা কৰিছিল, ভাগৱত-দশম তৰ্জমা কৰিছিল; নতুন ধৰ্মীয় দৰ্শনৰ সূচনা কৰিছিল। পিছে এইখিনি কথা ক’লেও তেওঁৰ বিষয়ে আৰু বহু কথা নোকোৱাকৈ থাকি যায়। অসমৰ সাংস্কৃতিক জগতত গীত-মাত, ভাওনা, খোল-মৃদংগ আদিৰে তেওঁ যি পৰিৱৰ্তনৰ সূচনা কৰিছিল, সেয়াও এককথাত অতুলনীয়।একেজন মানুহে ইমানখিনি কাম কৰা বাৰু অকল্পনীয় নহয়নে? কিন্তু অকল্পনীয় হ’লেও এয়া বাস্তৱ। ইমান কষ্ট, পৰিশ্ৰম, সাধনাৰ পিছতো তেওঁ নিশ্চয় স্বাস্থ্যৰক্ষাৰ বিধিও ঠিকমতে মানি চলিছিল। ছকুৰি বছৰ আয়ুস কম কথা নহয়! এতিয়াও যদিআমি আমাৰ এইজনা মহাপুৰুষৰ জীৱনৰ সকলো দিশ বিশ্ববাসীৰ আগত ঠিকমতে দাঙি ধৰিবপাৰোঁ, তেন্তে সম্ভৱ সমগ্ৰ বিশ্ববাসীয়েও বিশ্বাস কৰিবলৈ টান পাব যে এনেধৰণৰ এজন ‘অসম’ মানুহে সঁচাকৈয়ে এই বিশ্বত বিচৰণ কৰিছিল। শংকৰদেৱৰ কথা ওলাল যেতিয়া আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈ থ’ব পৰা যায়। তেওঁৰ আগলৈকে আমাৰ অসমদেশ, বিশ্বৰ আন অংশৰ তুলনাত বিভিন্ন কাৰণত বহু পিছপৰি আছিল। চীনত কাগজ আৱিষ্কাৰ হৈছিল, বিজ্ঞানৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্বপূৰ্ণ তত্ত্ব আৰুসঁজুলিৰ আৱিষ্কাৰ হৈছিল, আমাৰ অসম দেশতহে তাৰ একো প্ৰভাৱ পৰা নাছিল।শংকৰদেৱৰ জন্ম হৈছেহে, মাধৱ কন্দলীৰ পঢ়াশালিলৈ যোৱাই নাই, এনে সময়তে জন গুটেনবাৰ্গে আনকি ছপাশালো আৱিষ্কাৰ (১৪৫৬) কৰি পেলালে। কিন্তু পিছত শংকৰদেৱে একোটা হেঁচোকতে অসমক যিমানদূৰ আগুৱাই লৈ গ’ল, সম্ভৱ বিশ্বৰ কোনো দেশত, কোনো মানুহে অকলে এখন দেশক সকলো দিশতে সিমান আগবঢ়াই লৈ যাব পৰা নাছিল। ইও এক ‘অ-সম’ উদাহৰণ।

অসমবাসীৰ ‘অ-সম’ বীৰত্বৰ বিষয়েও আমি নিজে কোৱাৰ প্ৰয়োজন নাই। কিয় শৰাইঘাটৰ যুদ্ধত পৰাজয়ৰ পিছত ৰজা ৰামসিংহই কৈ যোৱা নাছিল ‘অসমৰ সেনাই মাটিত যুদ্ধ কৰিব পাৰে, পানীযুদ্ধ কৰিব পাৰে ৷ এনে ধৰণৰ সেনা মই ভাৰতৰ ক’তো দেখানাই।’ নিজৰ দেশক ৰক্ষা কৰিবলৈ নিজৰ মোমায়েকৰ ডিঙি কাটি পেলোৱাৰ উদাহৰণ বোধকৰোঁ কেৱল অসমতহে আছে। প্ৰবল প্ৰতাপী মোগল সম্ৰাটসকলৰ সমুখত মূৰ নোদোঁওৱা, ১৭বাৰ মোগল আক্রমণক প্ৰতিহত কৰা ৰাজ্যও সম্ভৱ অসমেই একমাত্ৰ।

অ-সম চুক্তি

বহু ক্ষেত্ৰত অসমৰ তুলনা পাবলৈ নাই। ১৮২৬ চনৰ ২৬ ফেব্ৰুৱাৰীত ব্ৰিটিছৰ লগত ব্ৰহ্মদেশৰ (ম্যানমাৰ) মান ৰজাৰ সৈতে ইয়াণ্ডাবু সন্ধি হ’ল। আৰু তাৰ ফলত অসমখন গৈ ব্ৰিটিছৰ অধীন হ’লগৈ। নামত অসমৰো এজন স্বৰ্গদেউ আছিল। কিন্তু শক্তিহীন ৰজাক গুৰুত্বই দিয়া নহ’ল। এখন ৰাজ্যৰ ভাগ্য নিৰ্ণয় হ’ল এখন চুক্তিৰ জৰিয়তে, কিন্তু সেই চুক্তি সম্পাদনত ৰাজ্যখনৰ কোনো প্ৰতিনিধি নাথাকিল। অ-সম কথানহয় !অৱশ্যে আৰু এটা কথা। নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবলৈ গৈ লোকৰ দেশৰ মানুহক, মানে মানক মাতি আনি নিজৰ দেশৰ মানুহক অত্যাচাৰ কৰোৱা বদন বৰফুকনৰদৰে মানুহনো আন দেশত কিমান আছে?
১৯৮৫ চনত প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত যেতিয়া মূলতঃ ছাত্ৰসমাজে অসমৰ শাসনভাৰ লাভ কৰিছিল, বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ পৰা আহি চিধাই অসমৰ শাসনৰ বাঘজৰী ধৰিছিল, তেতিয়াও সেই ঘটনা এক ‘অ-সম’ বা বিশেষত্বপূৰ্ণ ঘটনা হিচাপেই চিহ্নিত হৈছিল।

ভাষা-সাহিত্যত অ-সম

১৮৩৬ চনত অসমৰ ৰাজ্যভাষা বাংলা কৰা হ’ল। বাঙালী কৰ্মচাৰী কিছুমানে বাৰুইংৰাজ চৰকাৰক ভুলকৈ কিবা ক’লেই, তেওঁলোকেনো সেই কথাকে সত্য বুলি মানি ল’ব লাগেনে? অসমৰ জনা-বুজা মানুহক সুধিব নালাগেনে? সেইবোৰ একো নহ’ল। একে নিশাৰ ভিতৰতে অসমৰ ৰাজ্যভাষা বাংলা হ’ল। অসমৰ পাঠশালাত বাংলা ভাষা পঢ়ুওঁৱা আৰম্ভ হৈ গ’ল। অসম শব্দৰ পৰাই উদ্ভৱ হোৱা অসমীয়া ভাষা অসমত নচলে। তেনে ধৰণৰ ‘অ-সম’ ঘটনা বিশ্বত বোধকৰোঁ খুব কমসংখ্যকহে ঘটিছে।
আৰু সেই সময়ৰে আন ঘটনাৱলীবোৰ? সেইবোৰো কম আচৰিত বা ‘অ-সম’ নহয়নে? বিদেশী ব্ৰিটিছে অসমৰ পৰা অসমীয়া ভাষাক উচ্ছেদ কৰিলে আৰু আন এক বিদেশী আমেৰিকান মিছনেৰীয়েই অসমীয়া ভাষাক স্বস্থানত প্ৰতিষ্ঠাৰ বাবে দেহে-কেহে লাগিল। ১৮১৩ চনত আমেৰিকান খ্ৰীষ্টান মিছনেৰীসকলৰ প্ৰচেষ্টাত প্ৰকাশ পায় প্ৰথম অসমীয়া ছপা পুথি ‘ধৰ্মপুস্তক’ (আত্মাৰাম শৰ্মাই কৰা বাইবেলৰ অনুবাদ)। ১৮৩৯ চনত উইলিয়াম ৰবিনছন চাহাবে লিখি উলিয়ালে ‘এ গ্ৰামাৰ অব্ আছামীজ লেংগুৱেজ’। ১৮৪৮ চনতপ্ৰকাশ পায় নাথান ব্ৰাউনৰ অসমীয়া ভাষাৰ ব্যাকৰণ পুথি (ইংৰাজী ভাষাত) ‘গ্ৰেমেটিকেল নোট্ছ অব্ দা আছামীজ লেংগুৱেজ’। এটা ভাষাৰ প্ৰথম পৰ্যায়ৰব্যাকৰণ পুথিসমূহ লিখি উলিয়াইছিল সাত সাগৰ তেৰ নদী পাৰ হৈ অহা বিদেশীলোকে। কথাটো সত্য হ’লেও অবিশ্বাস্য নহয়নে?

কিন্তু কেৱল সেয়ে নহয়। প্ৰথম অসমীয়া সংবাদপত্ৰ বা বাতৰিকাকতো প্ৰকাশ পায়বিদেশী খ্ৰীষ্টান মিছনেৰীসকলৰ প্ৰচেষ্টাত। ১৮৪৬ চনত প্ৰকাশ আৰম্ভ হোৱা ‘অৰুনোদই’ৰ প্ৰথম সম্পাদকো আছিল বিদেশী নাথান ব্ৰাউন। অসমীয়া যাৰ মাতৃভাষাই নহয়!আচৰিত কথা আৰু আছে। অসমীয়া মাতৃভাষা নোহোৱা আন এজন বিদেশী মাইল্ছ ব্ৰনছনে ১৮৬৭ চনত সংকলন কৰি উলিয়ালে প্ৰথম অসমীয়া অভিধান ‘অসমীয়া-ইংৰাজীঅভিধান’। ১৯০০ চনলৈকে এইখনেই আছিল একমাত্ৰ অসমীয়া অভিধান।
এইখিনিতে এটা মন কৰিবলগীয়া কথা হ’ল যে ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ অধীন হোৱাৰেপৰা সাম্প্ৰতিক কাললৈকে, এই কালছোৱাক ‘আধুনিক যুগ’ আখ্যা দিয়া হৈছে যদিও এইসময়ৰ ভিতৰত সৃষ্টি হোৱা অসমীয়া সাহিত্যৰাজিৰ যুগ বিভাগ কিন্তু একোখন আলোচনীৰ জৰিয়তেহে কৰা হৈছে। আধুনিক অসমীয়া সাহিত্যৰ এই যুগ বিভাগ ‘অৰুনোদই’ত আৰম্ভ হৈ ক্রমে ‘জোনাকী’, ‘আবাহন’ আৰু ‘ৰামধেনু’ত শেষ হৈছে।আলোচনীৰ নামেৰে সাহিত্যৰ যুগ বিভাগ পৃথিৱীৰ আন কোনো ভাষাত কৰা হৈছে জানো ?ইও এক অ-সম কথা নহয়নে?

অসমীয়া ভাষাৰ কালিকাটোও ক’তো পাবলৈ নাই। এটা উদাহৰণ আমাৰ ইয়াত বৰষুণ যে কত প্ৰকাৰে নাহে। কেতিয়াবা যদি আহে চিপচিপাই, কেতিয়াবা আহে কিনকিনাই, কেতিয়াবা যদি হুৰহুৰাই আহে, তেনেহ’লে কেতিয়াবা কলহৰ কাণেদি ঢালে। কোনোবা দিনা যদি দোপালপিটা বৰষুণ দিয়ে, তেন্তে কোনোবাদিনাদিয়ে ছাগলীখেদাকৈ। এই যি অসমীয়া ভাষাৰ কালিকা সি অনন্য, অনুপম, পৃথিৱীৰ ক’তো পাবলৈ নোহোৱা। এই কালিকাটো পিছে খৰতকীয়াকৈ অসমৰ পৰা নোহোৱা হৈ গৈ আছে।এইটোও নোহোৱা-নোপজা কথাই।

আৰু কিমান যে অ-সম

খোৱা-বোৱাত জানো আমি কম! একেবাৰে অ-সম। চুঙাত দিয়া ভাত, চুঙা চাউল, জুইৰ আঙঠাত সেকা, জহা গোন্ধোৱা চুঙা পিঠা আন ক’তো যে নাই! চেৱা দিয়া বৰা ভাতৰ মলমলীয়া গোন্ধে জানো লোভৰ পানীকণ ৰাখিব পাৰে! আৰু খাৰ? আমাৰ দৰে খাৰখোৱা প্ৰথা আন ক’ৰবাত আছেনে ? আমাৰতো নামেই খাৰখোৱা অসমীয়া!
বিয়া-সবাহে বাআন উৎসৱ-পাৰ্বণত অসমীয়াই খোৱা থমা দৈ আৰু কোমল চাউল বা বোকা চাউল! লগতএচামুচ গুৰ! আৰু কি লাগিছে! খাবলৈ কোমল, অথচ চাউল! বৰ যত্নৰে অসমীয়া গৃহিণীয়ে তৈয়াৰ কৰা কোমল চাউল পৃথিৱীৰ আন ক’ৰবাত পায় জানো! হাতৰ তলুৱাতপানী অকণ লৈ মোহাৰ এটা মাৰি দিলেই খাব পৰা কোমল হয় ‘বোকা চাউল’।

নাম-প্ৰসংগৰ শেষত পোৱা মাহ-প্ৰসাদৰ টোপোলাটো! বৰ লোভনীয় সম্পদ। চকচকীয়া ফলামগু, বুট, কল, কুঁহিয়াৰ, তিয়ঁহ, আপেল, বতৰ অনুযায়ী পোৱা আন ফলেৰে ভৰ্তি ‘প্ৰসাদ’ৰ ভাগটো! গোটেই ব্ৰহ্মাণ্ডতে অদ্বিতীয়।
আহাৰৰ পাছত মুহুদি কৰা তামোলখন? অসমৰ মানুহৰ পুতি থোৱা তামোল খোৱা প্ৰথাটো বেলেগত নাই। তামোল বস্তুটো অসমৰ বাহিৰে আন ঠাইতো প্ৰচলিত। কিন্তু চলতি ৰূপটো কেঁচা তামোল নহয়, শুকান চুপাৰিহে। পাণে-তামোলে, চূণে-ধঁপাতে খোৱা আচাৰটো নিৰ্ভেজাল অসমীয়া।খাছিয়া কোৱাইৰ স’তে ইয়াৰ দূৰৰহে চিনাকি। থুৰীয়া তামোলৰ কথা নক’লোৱেই যেনিবা। এশ এবিধ শাকৰ আঞ্জাৰে জুতি লগাই এসাঁজ খোৱা জাতিৰ সংখ্যাও তেনেইসুলভ নহয় কিজানি।
‘বহোঁ তাঁতৰ পাটত, চকু আলিবাটত, মাকো সৰি সৰি পৰে।’ দেহি ঐ, চেনেহৰ তাঁতশালখন যে কত মিলন-বিৰহৰ সাক্ষী। তাৰ পৰাই সৃষ্টি হ’ল আমাৰ সোণ খটোৱাপাট-মুগা। সেই কেইসাজ কাপোৰৰ দৰে এই সংসাৰত আৰু কাপোৰ পাবলৈকে নাই।

অসমৰ ছাঁতে শুকুৱা, মুঠিতে লুকোৱা পাত-মুগা আৰু এৰীৰ কাপোৰ ইতিহাসে সোঁৱৰা দিন ধৰি উজলি আছে। আমাৰ কাঁহ আৰু পিতলৰ বাচন, ভাওনাৰ মুখা, ঘৰৰ আগৰ বাটচ’ৰা, চালৰ ওপৰৰ বহিখোৱা আৰু তাঁতশালখন যে আন ক’তো বিচাৰি পাবলৈ নাই, সেই কথা নক’লেও চলে। আমাৰ যে বেতৰ চোঁচনি গাঁঠিটো সেইটোও আন ক’তো চকুত পৰানাই। অনেক জাতি-জনজাতিৰ সাংস্কৃতিক সংশ্লেষণৰ কাৰণেই অসমৰ লোকাচাৰে যে এনেএকক আৰু বৰ্ণাঢ্য ৰূপ পাইছে, তাত কোনো সন্দেহ নাই।
কাঁহ-পিতলৰ বস্তুনোকি চাবা! সামান্য ফুটছাই অকণেৰে ধুলেই সোণ যেন বৰণৰ হৈ পৰে। কাঁহী-বাটিৰকি সুন্দৰ আৰ্হি! আৰু শৰাইখন! হয়তো অসমীয়াৰ সন্মানৰ এই সম্পদটিয়ে আনে ল’বপৰা নাই। বৰকাঁহৰ কোবকেইটাও ক’তো শুনা মনত নপৰে। অ-সম কাৰণে অ-দ্বিতীয় আৰু নোলাবও হয়তো কোনোকালে।

অসমৰ লোক-সংস্কৃতিৰ গন্ধীয়া ভঁৰাল চহকী কৰি উভৈনদী হৈ থকা উপাদানসমূহৰ কথাকৈ থাকিলেও ওৰ নপৰে। আমাৰ মৰা গৰুৰ ছালেও বেবায়, মৰা ম’হৰ শিঙেও গোনায়।আমাৰ ইয়াত দেৱ-দেৱীৰ যে অৰ্চনা কৰা হয়েই, অপেচৰীৰো সবাহ পাতে। অপেচৰীৰ লগতে আমাৰ অপদেৱতাৰো যে কত কিচিম, কত বাক, কন্ধ, যখ, পিশাচ, বুঢ়া ডাঙৰীয়া! দেখা পোৱা নগ’লেও ইবোৰৰ শাৰীৰিক বৰ্ণনাও চিনি পাব পৰাকৈ সলসলীয়াকৈ দি থোৱাহৈছে। কাৰোবাৰ যদি ডিঙিটো নাই, তেনেহ’লে কাৰোবাৰ ভৰিৰ পতাখনহে ওলোটা।কোনোবাই যদি মানুহ বোকাত পুতি মাৰে, কোনোবাই অহা-যোৱা কৰা বাটত বাঁহ একোডাল পেলাই দিয়ে। কোনোবাজন যদি লেংপেঙীয়া, কোনোবাজন শুৱনি, শুধ্ বগা। কোনোবাই আকৌ অনবৰতে গাত কেচেমা-কেচেম গোন্ধ এটা কঢ়িয়াই লৈ ফুৰে। ইমান প্ৰকাৰৰ অপদেৱতা পৃথিৱীৰ আন ঠাইত আছে বুলি শুনিবলৈ পোৱা নাই।

অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ…’ৰ ৰচক লক্ষ্মীনাথ বেজবৰুৱা। বেজবৰুৱাই ইমান ছিৰিয়াছলী গীতটো লিখিছিল নে স্বভাৱজাত ৰসিকতাৰে অসমৰ আৰু অসমৰ ৰাইজৰ নোহোৱা-নোপজা কথা-কাণ্ডবোৰক ব্যংগ কৰিহে লিখিছিল, সেইটো কথাখাটাংকৈ কোৱা টান। বেজবৰুৱাৰ লেখাৰ স্বাভাৱিক গতি-প্ৰকৃতিৰ পিনৰ পৰা চালে পিছৰটোহে সঁচা সঁচা যেন লাগে দেখোন আৰু যদি হয়, তেনেহ’লে নিজক ব্যংগ কৰিলিখা গীত এটা জাতীয় সংগীত হিচাপে গ্ৰহণ কৰাটোওতো এটা অ-সম কথাই!
অসমৰ ‘অ-সম’বোৰ কৈ অন্ত কৰিব নোৱাৰি। মেজিৰ জুইত জাহ যোৱা ‘পানীহিলৈ’ আছে নেকি ক’ৰবাত! অসমৰ গৌৰৱ দেওহাঁহ, এটা খড়গৰ গঁড়, সোণালী বান্দৰ, বনঘৰচীয়া ঘোঁৰা সম্ভৱতঃ আৰু কোনো ঠাইতে নাই। অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৃথিৱীৰ ভিতৰতে সৰ্বধিক ঘনত্বৰ বাঘৰ বসতিৰ বাবে শেহতীয়াকৈ বাতৰিৰ শিৰোনামালৈ আহিছে। অসমতে আছে পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী (মাটিকালি ৯২৯ বৰ্গ কিলোমিটাৰ)।একেবাৰে সৰুটোৱেও শুৱনি কৰিছে অসমৰ বুকুনাম যাৰ উমানন্দ (মাটিকালি ১৬.৩৩৫বিঘা ২ কঠা ৫ লেচা)। পৃথিৱীৰ প্ৰথমটো চাহ গৱেষণাগাৰ অসমতে অৱস্থিত।
ৰূপহী, অথচ অ-সম। আমাৰ অসম। পাহাৰ-কন্দৰ, হাবি-বননি, তৰু-তৃণ, জড়-জীৱৰে ভৰপূৰ বুকু অসমৰ। প্ৰথম ঊষাৰ কিৰণে স্পৰ্শ কৰে অসমৰ শিখৰ। অ-সম অনন্য অসম।অসম সঁচাকৈয়ে ‘অ-সম’। একেবাৰে নামে-কামে অ-সম|

লিখক: শান্তনু কৌশিক বৰুৱা

3.16666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top