মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / অসম বুৰঞ্জী / আহোম ৰাজ্যৰ অৱনতি আৰু পতন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আহোম ৰাজ্যৰ অৱনতি আৰু পতন

আহোম ৰাজ্যৰ অৱনতি আৰু পতন

লক্ষ্মী সিংহৰ মৃত্যুৰ পিছত ডাঙৰীয়া সকলে যুৱৰাজ গৌৰীনাথ সিংহক ৰজা পাতিলে। চিৰাচৰিত সমাৰোহেৰে গৌৰীনাথৰ অভিষেক হ’ল। তেওঁ আহোমমতে ছুহিতপাঙফা নাম লৈছিল। তেওঁ হিন্দু মতে দেউতাকৰ শৱদেহ দাহ কৰি ছাঁইবোৰ চৰাইদেওত পুতি থৈছিল। তেওঁ ৰাজ পৰিয়ালৰ ৰজা হ’বৰ বাবে গুণ থকা আটাইবোৰ লোককে ধৰি ঘূৰণীয়া কৰিছিল যাতে তেওঁৰ ৰাজপাট নিষ্কণ্টক হয়। তেওঁ বৰবৰুৱাক প্ৰধান পৰামৰ্শ দাতা পাতিছিল। বৰবৰুৱাৰ সৈতে বৰগোহাইৰ মনোমালিন্য থকাত তেওঁ এই সুযোগতে ৰজাক বৰগোঁহাইৰ বিৰুদ্ধে নানা কথা লগাইছিল। বৰগোঁহায়ে তেওঁক ৰজা হোৱাটো বিচৰা নাছিল বুলিও বৰবৰুৱাই গৌৰীনাথক কৈছিল। খঙ উঠি ৰজাই বৰগোঁহাই আৰু তেওঁৰ পৰিয়ালৰ কেইজন লোকক শিৰচ্ছেদ কৰিছিল। কিন্ত বৰবৰুৱাৰ সুদিনৰো যতি পৰিল। ৰজাৰ অনুমতি নোলোৱালৈকে কেতবোৰ কেতবোৰ কাম-কাজ নিজে কৰিবলৈ লোৱা বৰবৰুৱাক ৰজাই বেয়া পাবলৈ ধৰিলে। অতপালি বাঢ়ি যোৱা বৰবৰুৱাক ৰজাই বৰ্খাস্ত কৰি তেওঁৰ সা-সম্পত্তি কাঢ়ি ললে।

গৌৰীনাথ সিংহই ৰমানন্দ আচাৰ্য্যৰ পুত্ৰ এজনৰ ওচৰত দীক্ষা লৈছিল।

গৌৰীনাথ সিংহ মোৱামৰীয়া সকলৰ ঘোৰ বিৰোধী আছিল আৰু তেওঁ সেই লোক সকলৰ ওপৰত অত্যাচাৰ চলাইছিল। ৰজাৰ ব্যৱাহাৰৰ ফলত আকৌ মোৱামৰীয়া সকল জকি উঠিল। ১৭৮২ খৃঃৰ এপ্ৰিল মাহত এদিন ৰজাই মাছ ধৰি ৰাজধানীলৈ উভটি আহোতে গধুলি হৈছিল। এন্ধাৰ হৈ অহাত তেওঁ জোৰ লৈ অহা মানুহ বিচাৰিলত এদল মোৱামৰীয়াই ছদ্মবেশত জোৰ লৈ তেওঁৰ দলৰ সৈতে গড়গাওঁ সোমালহি। ৰাজধানীত প্ৰবেশ কৰি নিশাৰ এন্ধাৰতে তেওঁলোকে ৰজাৰ দলটোক হঠাতে আক্ৰমণ কৰি বহুতকে হত্যা কৰিলে। গৌৰীনাথ সিংহ হাতীত উঠি কোনোমতে পলাই জীৱন ৰক্ষা কৰিলে। মোৱামৰীয়া কেইজনে নগৰ খনত জুই লগোৱাৰ চেষ্টা কৰিছিল। কিন্ত বুঢ়াগোঁহায়ে সসৈন্যে খেদি গৈ তেওঁলোকক নগৰৰ বাহিৰ কৰি থ’লে। মোৱামৰীয়াৰ দলটোৱে তেতিয়া ৰংপুৰ আক্ৰমণ কৰিবলৈ গ’ল। ৰংপুৰ নগৰৰ দুৱাৰ ভাঙি সোমাই পথে ঘাটে যাকে পালে তাকে তেওঁলোকে হত্যা কৰিলে। ঘৰবোৰত জুই লগাই দিলে। এনে আকস্মিক আক্ৰমণত স্থানীয় বিষয়া সকল প্ৰাণ লৈ পলাল। কিন্ত মোৱামৰীয়াৰ পিছে পিছে গড়গাওঁৰ পৰা খেদি অহা বুঢ়াগোঁহায়ে আহি নগৰখন ৰক্ষা কৰিলে।

এই সুদক্ষ আৰু শক্তিমন্ত বুঢ়াগোঁহাইৰ কথা পিছত আকৌ আলোচনা কৰা হব। অভিজ্ঞ এই লোক জনে ৰজাক কৈছিল যে, মোৱামৰীয়া সকলৰ সৈতে এটা বুজা-পৰালৈ আহি তেওঁলোকৰ সৈতে সদায় ব্যৱহাৰ কৰিলে এই বিদ্ৰোহৰ শাম কাটিব। বুঢ়াগোঁহাইৰ এই উপদেশ শুনাহেঁতেন মোৱামৰীয়া বিদ্ৰোহৰ বোধকৰো তাতেই শেষ হ’লহেঁতেন। কিন্ত ৰজাই তেওঁৰ উপদেশত কণপাত নকৰিলে। ইতিমধ্যে এজন নতুন বৰবৰুৱা নিযুক্ত হৈছিল। তেওঁ মোৱামৰীয়াৰ প্ৰতি কঠোৰ ব্যৱহাৰ কৰিবলৈহে ৰজাক উচতনি দিলে। সেই মৰ্মে ৰজাই এক বিৰাট মোৱামৰীয়া নিধন পৰ্ব্ব আৰম্ভ কৰি মুনিহ, তিৰোতা আৰু ল’ৰা-ছোৱালীকে ধৰি কেইবা হাজাৰো মোৱামৰীয়াক হত্যা কৰিলে। আগৰ জন বৰবৰুৱাৰ চাৰি জন পুতেক মোৱামৰীয়াৰ সৈতে তলে তলে যুক্ত থকাৰ সম্ভেদ পাই তেওঁলোকক ধৰি আনি চকু কঢ়া হ’ল। ৰজাৰ এনে অত্যাচাৰত অতীষ্ঠ মোৱামৰীয়া সকলে এতিয়া তেওঁৰ ঘোৰ বিৰোধী হৈ উঠিল আৰু সম্ভৱ হ’লেই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰু বিদ্ৰোহ কৰিবলৈ ল’লে। জখলাবন্ধা গোসাইৰ পৰিয়ালৰ এজন মহন্তই জয়সাগৰত এইবাৰ এনে প্ৰথম বিদ্ৰোহটোৰ আঁচনি লৈছিল। পিছে তেওঁ ধৰা পৰিল। তেওঁৰ চকু কঢ়া হ’ল। তেওঁক সহায় কৰা তিনি জন লোকক গৰম তেলত জীয়াই জীয়াই পুৰি মাৰিলে। ৰাজ্যৰ একেবাৰে পূব দিশত বাদল গাওঁবুঢ়া নামৰ এজন লোকৰ নেতৃত্বত মৰাণ সকলে মূৰ দাঙি উঠিছিল। অৱশ্যে বিশেষ অসুবিধা নোহোৱাকৈ তেওঁলোকক দমন কৰা হ’ল।

লোহিত নৈৰ উত্তৰ পাৰত ১৭৮৬ খৃঃত দেখা দিয়া মোৱামৰীয়া বিদ্ৰোহে গুৰুতৰ ৰুপ ধাৰণ কৰিছিল। তেওঁলোকক দমন কৰিবলৈ যোৱা সৈন্য সকলক মোৱামৰীয়া বিদ্ৰোহী সকলে খেদি পঠিওৱাত আৰু বহুতে নতুনকৈ তেওঁলোকৰ লগত যোগ দিছিল। আহোমে আকৌ এটা সৈন্যদল পঠিওৱাত এইবাৰো গৰৈমাৰী বিলৰ ওচৰত তেওঁলোকক পৰাস্ত কৰা হৈছিল। আহোমে ৰাণী, লুকি আৰু বেলতলাৰ ৰজা সকলৰ সহায়ত আকৌ এটা ফৌজ মাজুলীৰ পহুমৰালৈ পঠিয়াইছিল। ইতিমধ্যে মোৱামৰীয়া সকলে লোহিত নৈ পাৰ হৈ সামান্য প্ৰতিৰোধৰ অন্তত গড়মূৰ সত্ৰ দখল কৰিবলৈ সমৰ্থ হৈছিল। তাৰ পিছত গুৱাহাটীৰ পৰা অহা দলটোক আক্ৰমণ কৰি তেওঁলোকে বহুলোকে হতাহত কৰিছিল। এই দলটোৰ এনে বিপৰ্য্যয়ৰ বাতৰি পাই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা আনটো আহোম ৰজাৰ ফলীয়া দলে এতিয়া লোহিত আৰু দিহিং নৈ পাৰ হৈ সোণাৰীত আন এটা সৈন্য দলৰ সৈতে বাহৰ পাতি থকা বুঢ়াগোঁহাইৰ শিবিৰ ওলালগৈ। পিছে, বুঢ়াগোঁহাইৰ দলটো মোৱামৰীয়াৰ আক্ৰমণৰ আগত তিষ্ঠিব নোৱাৰি গৌৰীসাগৰ আৰু ৰংপুৰলৈ উভটি আহি ৰজাৰ ওচৰ পাইছিলহি। মোৱামৰীয়া সকলে বুঢ়াগোঁহাইৰ পিছে পিছে খেদি আহিছিল। এইদৰে অহাৰ সময়ৰ পথৰ দুয়ো কাষে থকা গাওঁবোৰত অগ্নি সংযোগ কৰি গৈছিল। ইয়াৰ পিছত ভটিয়াপাৰা নামৰ ঠাই ডোখৰত ৰৈ থকাৰ সময়ত ৰজাই পঠিওৱা কেউটি সৈন্যদলকে তেওঁলোকে প্ৰতিহত কৰিছিল। অৱশ্যে তেওঁলোকে ৰংপুৰ দখল কৰিব নোৱাৰিলে। তাৰ পিছত মোৱামৰীয়া সকল মাজুলীলৈ উভটি গ’ল। গৌৰনাথ সিংহই গুৱাহাটীৰ বৰফুকনক সহায়ৰ বাবে জৰুৰী সংবাদ পঠিয়ালে। মণিপুৰী, কছাৰী আৰু জয়ন্তীয়া ৰজালৈকো অনুৰুপ সংবাদ পঠিওৱা হ’ল। কিন্ত তেওঁলোকে একো কৰাৰ আগতেই ঝান্সী নৈ পাৰ হৈ সদলবলে মোৱামৰীয়া বিদ্ৰোহী সকল ৰংপুৰৰ দুৱাৰদলি পালেহি।

প্ৰমাদ গণি গৌৰীনাথ সিংহ তেওঁৰ প্ৰায় আটাইবোৰ বিষয়াৰ সৈতে গুৱাহাটীলৈ পলাই গ’ল। বুঢ়াগোঁহাই পূৰ্ণানন্দ, বৰবৰুৱা আৰু কেইজন মান বিষয়াই অকলশৰে থাকি অসীম সাহসেৰে বিদ্ৰোহী সকলক বাধাদিলে। গুৱাহাটীত আহি গৌৰীনাথে বৰফুকনে তেওঁক সহায়ৰ বাবে প্ৰস্তুতি কৰা দেখিলে। তেওঁ বিষয়া সকলৰ সৈতে আলোচনা কৰি পানী ফুকনৰ নেতৃত্বত ১৩,০০০ সৈন্য বুঢ়া গোঁহাইক সহায়ৰ বাবে পঠিয়ালে। তেওঁলোক গৈ পোৱাত পলম হৈছিল আৰু ইতিমধ্যে মোৱামৰীয়া সকলে ৰজাৰ ফলীয়া লোক সকলক যুঁজত ঘটুৱাই গড়গাওঁ অধিকাৰ কৰিছিল। তেওঁলোকে ৰাজকাৰেঙত জুই দি ওচৰ-পাজৰৰ গাওঁবিলাকো ধ্বংস কৰিছিল। ইপিনে সাধাৰণ মানুহৰ বহুতে ৰজাৰ পক্ষৰ পৰা কোনো ৰক্ষণাবেক্ষন নাপাই বিদ্ৰোহীৰ দলত যোগ দিছিলে।

মোৱামৰীয়াৰ আগত তিষ্ঠিব নোৱাৰি বুঢ়াগোঁহায়ে সদলে কাজিৰঙা নৈ পাইছিল হি। তাতেই গুৱাহাটীৰ পৰা অহা পানীফুকনৰ দলটো তেওঁ লগ পালে। তেওঁ তেতিয়া আকৌ যুঁজ আৰম্ভ কৰি অ’ত ত’ত কেইবাবাৰো বিদ্ৰোহী সকলক ঘটুৱালে। কিন্ত এদিন নিশা মোৱামৰীয়াই অতৰ্কিতে আক্ৰমণ কৰি পানী ফুকনৰ দলটোক ছেদেলি-ভেদেলি কৰে। ঢেকিয়াল ফুকনৰ নেতৃত্বত যোৱা আন এটা দলে এইবোৰ দেখি ইমান ভয় খাইছিল যে পানীফুকনৰ দলৰ লোক সকলে তেওঁৰ যিবিৰলৈ অহাত মোৱামৰীয়া আহিছে বুলি পলাই পত্ৰং দিছিল। বুঢ়াগোঁহায়ে বহু কষ্ট কৰি তেওঁৰ মানুহখিনিক আকৌ একগোট কৰিছিল যদিও এতিয়া নিজে আক্ৰমণ নকৰি আত্মৰক্ষাৰ নীতি গ্ৰহণ কৰাটোহে উচিত বিবেচনা কৰিছিল। সেয়ে বৰ আলিৰ পৰা খৰিকটিয়া আলিলৈকে নামদাং নৈৰ পাৰে পাৰে কেইবাটাও দূৰ্গ সাজি ১৭৮৮ খৃঃলৈকে তেওঁ বিদ্ৰোহী সকলক বাধা দিবলৈ সক্ষম হৈছিল। সেই সময়তে ৰাজেশ্বৰ সিংহৰ পাটকোৱৰ নামৰ পুত্ৰজনে এদল সৈন্য গোটাই বিদ্ৰোহী সকলক কেইবা ঠাইতো ঘটুৱাই বুঢ়াগোঁহাইৰ লগ লাগিছিল হি। ইফালে আকৌ ৰচদ-পাতিৰ অভাৱ হোৱাত মোৱামৰীয়া সকলে কেইদিন মান যুঁজ নকৰি জিৰণি লৈছিল। সেই সুযোগতে পাটকোৱৰে গৈ শিৱসাগৰ অধিকাৰ কৰিলে। পিছে তেওঁ সৰহ দিন সেই আনন্দ উপভোগ কৰিবলৈ নাপালে। কিছুদিনৰ মূৰত তেওঁ মোৱামৰীয়াই পতা ফান্দত পৰিল। তেওঁক মোৱামৰীয়াই হত্যা কৰিলে।

ইমানবোৰ বিপৰ্য্যয়ৰ সন্মুখীন হৈও ভাগি নপৰি বুঢ়াগোঁহায়ে নামদাঙতে বাহৰ পাতি থাকিল আৰু গুৱাহাটীৰ পৰা নতুনকৈ সৈন্য আমদানি কৰি ১৭৮৯ খৃঃত আকৌ বিদ্ৰোহীৰ বিৰুদ্ধে আগবাঢ়িল। প্ৰথম অৱস্থাত তেওঁ সাফল্য লাভ কৰিলেও মোৱামৰীয়াই তেওঁক খেদি নি গৌৰীসাগৰ পোৱালেগৈ। এই ঠাইত থকা কালত বয়-বস্তুৰ ইমান অভাৱ ঘটিল যে তেওঁৰ সৈন্য সকলে ঘোঁৰা আৰু হাতীৰ মাংস খাবলগীয়াত পৰিল। বহুবোৰ লোকে খাবলৈ নাপাই আৰু গ্ৰহণী ৰোগত পৰি মৰিল। এইদৰে কেতিয়াবা পৰোক্ষভাৱে পৰাজিত হ’বলগীয়া হোৱাত সৈন্যসকলৰ মনোবল ভাগিছিল আৰু তেওঁলোকৰ ঐকান্তিক ইচ্ছাত বুঢ়াগোঁহায়ে অৱশেষত প্ৰথমে তৰাবালি আৰু তাৰ পিছত দিছৈ লৈ উভটি গৈছিল। ইয়াতে তেওঁ এটা দূৰ্গ সাজি জপৰা গোঁহাইক সেই দূৰ্গটোৰ ভাৰ দিছিল। তাৰ পিছত তেওঁ কছাৰী হাটৰ উত্তৰে থকা ৰজনীখাতলৈ যায়। তেওঁ যোৱাৰ লগে লগে জপৰাই নিজকে স্বাধীন বুলি ঘোষণা কৰিছিল। বুঢ়াগোঁহাইৰ ৰোষৰ কথা নজনা জপৰাই তাৰ প্ৰতিফল কিন্ত হাতে হাতে পাইছিল। বুঢ়াগোঁহায়ে তেওঁ বন্দী কৰি চকু কাঢ়িছিল।

ছুণহিহাট আৰু চৰাইবাহীত অলপ দিন ৰৈ ১৭৯০ খৃঃত বুঢ়াগোহাঁয়ে যোৰহাটত এটা সুৰক্ষিত দূৰ্গ সাজিছিল। মেলাঙত তেওঁ এটা চকী স্থাপন কৰিছিল। কিন্ত কেইদিন মানৰ পিছতেই মোৱামৰীয়াই সেই চকীটো ভাঙি পেলায়। গৌৰীনাথে চাৰি শ বাঙালী সৈন্য পঠিওৱাত তেওঁলোকৰ সহায়ত বুঢ়াগোঁহায়ে টিয়কত এটা দূৰ্গ সজায়। ইতিমধ্যে বাৰিষা আৰম্ভ হোৱাত তেওঁ আকৌ উভটি আহি দিছৈৰ ওচৰত ৰৈ থাকেহি। মোৱামৰীয়াই কোকিলা নৈৰ পাৰত থকা আহোম দূৰ্গত আক্ৰমণ কৰি দূৰ্গটো অধিকাৰ কৰিছিল। পিছে দিছৈৰ সোঁহাতে বৰ আলিৰ ওচৰৰ আন এটা দূৰ্গ আক্ৰমণ কালত তেওঁলোকৰ ইমান লোকচান হ’ল যে তেওঁলোকে বৰ নিৰাশ হোৱা যেন লাগিছিল। কিছুদিনলৈ মোৱামৰীয়া বিলাকে আহোমক আক্ৰমণ কৰিবলৈকে এৰি দিছিল। ইয়াৰ পিছতো তেওঁলোকে সন্মুখ সমৰ নকৰি গৰিলা পদ্ধতিহে লৈছিল। সৰু সৰু দলত বিভক্ত হৈ নিশাৰ ভাগত বুঢ়াগোঁহাই অধিকৃত অঞ্চলৰ প্ৰজাসকলক তেওঁলোকে অত্যাচাৰ কৰি ফুৰিছিল। ধনশিৰি আৰু ককাকন নৈ পাৰ হৈ ইপাৰত থকা গাওঁ সমূহত নানা উদ্ভণ্ডালি কৰি ৰাইজক ব্যতিব্যস্ত কৰি তুলিছিল। ৰাতিপুৱাৰ লগে লগে আঁতৰি যোৱা এই দলবোৰক ধৰাটোও বৰ কঠিন আছিল। এই কালছোৱাত প্ৰজাৰ বৰ দুৰ্দশা হৈছিল। পানীত হাঁহ নচৰা অৱস্থা হোৱা প্ৰজাই বোধকৰো মোৱামৰীয়া বিলাকৰ অধিকাৰ স্বীকাৰ কৰিলেহেঁতেন। কিন্ত বুঢ়াগোঁহাইৰ বাবে তেনে কৰিবলৈ নোৱাৰিলে। বুঢ়াগোহাঁয়ে কেতিয়াবা প্ৰজা সকলক মৰম কৰি খাদ্য আৰু কাপোৰ-কানি দি আৰু কেতিয়াবা দাবী-ধমকি আৰু শান্তি দি তেওঁলোকক আহোম ৰজাৰ প্ৰতি অনুগত কৰি ৰখিছিল। আনহাতেদি মোৱামৰীয়া অধিকৃত অঞ্চলত প্ৰজাৰ আৰু দুৰ্দশা হোৱা দেখা গৈছিল। কেতিয়াবা গাওঁবোৰত জুই লগাই দি, কেতিয়াবা লুটপাত কৰি বা শস্য পথাৰ নষ্ট কৰি মোৱামৰীয়াই তেওঁলোকক অত্যাচাৰ কৰিছিল। ৰাজ্যত ভয়ানক আকালে দেখা দিছিল। চাউল নাইকিয়া হৈছিল। প্ৰজাৰ ইমান হাহাকাৰ হৈছিল যে বহুতে নিজৰ ল’ৰা-ছোৱালীবোৰ বিক্ৰী কৰি দিছিল। আনকি সম্ভ্ৰান্ত ঘৰৰ লোকেও গৰু, ম’হ, কুকুৰ আৰু শিয়ালৰ মাংস ভক্ষন কৰিব লগীয়াত পৰিছিল। কিছুমানে হাবিলৈ গৈ বনৰীয়া ফল-মূল আৰু কচু খাই পেটৰ ভোক পলুৱাইছিল। কিছুমানে বুঢ়াগোঁহাইৰ ওচৰলৈ, কিছুমানে ওচৰৰ পৰ্ব্বতীয়া জাতিৰ ৰাজ্যলৈ আৰু কিছুমান বঙ্গদেশ ওলাইছিল গৈ।

এনে ধৰণৰ দুৰৱস্থা কালতে ৰাজ্যখনত ভালেমান পালি ৰজা ওলাইছিল। লোহিত নৈৰ উত্তৰৰ জাপৰিভিটাত মোৱামৰীয়াই এজন তাতীক ৰজা পাতিছিল। মাজুলিত হুলিয়া নামৰ এজন মহা ক্ষমতাৰ অধিকাৰী হৈছিল। দিহিঙৰ পূবে থকা বেংমৰাত মৰাণ সকলে সৰ্ব্বানন্দ নামৰ এজনক ৰজা বুলি স্বীকাৰ কৰিছিল। শদিয়াত খামতি সকলে এজনক ৰজা আৰু আন এজনক ডেকা ৰজা নাম দিছিল। ৰংপুৰত থকা মোৱামৰীয়াৰ প্ৰধান দলটোৰ ৰজা হ’ল ভৰত সিংহ আৰু ছুকুৰা নামৰ এজন হ’ল বৰবৰুৱা।

ভৰত সিংহৰ আৰু সৰ্ব্বানন্দই নিজ নিজ নামত মোহৰ মৰাইছিল। ১৭৯১, ১৭৯২, ১৭৯৩, ১৭৯৫ আৰু ১৭৯৭ খৃঃত ভৰত সিংহই উলিওৱা মোহৰ দুই এট আজিলৈকে বিচাৰিলে পোৱা যায়। সৰ্ব্বানন্দৰ মোহৰ যথক্ৰমে ১৭৯৪ আৰু ১৭৯৫ খৃঃত ওলাইছিল। ভৰত সিংহৰ মোহৰত তেওঁক ভগদত্তৰ বংশধৰ বুলি কোৱা হৈছিল। সৰ্ব্বানন্দই মোহৰত নোজকে স্বৰ্গদেও বুলিছিল।

গৌৰীনাথ সিংহই চুবুৰীয়া ৰজা সকলৰ সহায় ভিক্ষা কৰাৰ বিষয়ে আগতে উল্লেখ কৰা হৈছে। কছাৰী আৰু জয়ন্তীয়া ৰজাই তেওঁলোকৰ এসময়ৰ ঘোৰ শত্ৰু আহোমৰ এনে দুৰ্দশা শুনি বৰ আনন্দিত হৈছিল- সহায় কৰাটো দূৰৈৰে কথা। কিন্ত মণিপুৰৰ ৰজাই বৰ্তমান ৰজা গৌৰীনাথৰ বৰদেউতাক ৰাজেশ্বৰ সিংহৰ পৰা পোৱা উপকাৰৰ কথা সুঁৱৰি ৫০০ ঘোঁৰা আৰু ৪০০০ পদাতিক সৈন্যৰে সজ্জিত হৈ নগাওঁলৈ আগবাঢ়ি আহি গৌৰীনাথক লগ ধৰিছিলহি। তাৰ পৰা তেওঁ বুঢ়া গোঁহাইক সহায় কৰিবৰ উদ্দেশ্যেৰে উজনি অসমলৈ গৈছিল। বুঢ়াগোহায়ে তেওঁক ৰংপুৰ আক্ৰমণৰ বাবে অনুৰোধ কৰাত তেওঁ নিজ সৈন্য আৰু বুঢ়াগোহাইৰ পৰা লোৱা আন এটা সৈন্যদল লগত লৈ গৌৰীসাগৰলৈ গ’ল। পিছদিনা ৰংপুৰ অভিমুখে যোৱাৰ পথত মোৱামৰীয়া অধিকৃত অঞ্চল পোৱাৰ লগে লগে তেওঁক বিদ্ৰোহী সকলে আক্ৰমণ কৰি খেদি পঠিয়ালে। ভালেমান সৈন্য হতাহত হ’ল। মোৱামৰীয়াই তেওঁলোকক এনেদৰে খেদি আনিছিল যে মণিপুৰৰ ৰজাৰ আৰু দুনাই যুঁজ কৰাৰ আগ্ৰহ নোহোৱা হ’ল। তেওঁ মণিপুৰলৈ উভাটি গ’ল। অৱশ্যে বুঢ়াগোহাইক তেওঁ ১০০০ সৈন্য দি গৈছিল। কিন্ত এই সৈন্যবোৰ কোনো কামৰ নাছিল। মোৱামৰীয়াৰ সন্মুখীন হ’লে তেওঁলোকে দলপতি একেলগে পলাই গৈছিল।

বুঢ়াগোহায়ে কিন্ত অকলশৰে যুঁজ চলাই গ’ল। ১৭৯২ খৃঃত দিছৈ নৈৰ পাৰত থকা তেওঁৰ শিবিৰত মোৱামৰীয়াই আক্ৰমণ কৰাত তেওঁ সেই আক্ৰমণ প্ৰতিহত কৰিছিল। মোৱামৰীয়াক এইবাৰ খেদি নি তেওঁ লদাইগড় ওলাইছিল গৈ।

মণিপুৰৰ ৰজাৰ সৈতে সাক্ষাতৰ পিছত গৌৰীনাথ সিংহ আৰু কিছুদিনলৈ নগাওঁত আছিল। তেওঁৰ লগত থকা লোকসকলে নানা বয়-বস্তু দাবী কৰি প্ৰজাক অতিষ্ঠ কৰিছিল। তেওঁলোকৰ এনে দাবীৰ শেষ নাছিল। তেওঁলোকৰ ব্যৱহাৰত খং উঠা ৰাইজে সিন্দুৰি হাজৰিকা নামৰ এজন লোকৰ নেতৃত্বত বিদ্ৰোহ কৰিছিল। ৰজাৰ শিবিৰত বিদ্ৰুহী সকলে আক্ৰমণ কৰিলত, ৰজাই কলং নৈয়েদি পলাবলৈ বাধ্য হৈছিল। তেওঁ অলপ দিনৰ কাৰণে আউনিআটি আৰু দক্ষিণপাত সত্ৰৰ গোসাই সকলৰ আশ্ৰয় লৈতাৰ পিছত গুৱাহাটী ওলাইছিল গৈ। এই ঠাইত তেওঁ আকৌ নতুন কেতবোৰ বিপদৰ সন্মুখীন হৈছিল।

কিছুদিন আগেয়ে গৌৰীনথ সিংহই দৰঙৰ ৰমা হংস নাৰায়ণক কেতবোৰ মনে সজা দোষত দোষী সাব্যস্ত কৰি সিংহাসনচ্যুত কৰি ৰাজপৰিয়ালৰ বিষ্ণু নাৰায়ণ নামৰ এজনক ৰজা পাতিছিল। এই ক্ষেত্ৰত গৌৰীনাথে হংসনাৰায়ণৰ পুত্ৰ কৃষ্ণনাৰায়ণৰ সিংহাসনৰ ওপৰত থকা অধিকাৰ সম্পূৰ্ণ ৰুপে আওকাণ কৰিছিল। সেয়ে, কৃষ্ণনাৰায়ণে কোচবিহাৰত থকা ব্ৰিটিছ কমিছনাৰ মিঃ ডগলাছৰ ওচৰলৈ গৈ দহায় ভিক্ষা কৰিছিল। যদি তেওঁক সহায় কৰে তেন্তে তেওঁ আগেয়ে মোগলক স্বীকাৰ কৰাৰ দৰে এতিয়া বৃটিছক স্বীকৃতি দি কৰতলীয়া ৰজা হিচাবে থাকিব বুলি মিঃ ডগলাছক কৈছিল। পিচে কোনো ফল নহ’ল। বৃটিছে কোনো আগ্ৰহ নেদেখুৱাত তেওঁ নিজেই গৌৰীনাথে পতা ৰজাজনৰ বিৰোধীতা কৰিবলৈ মনস্থিৰ কৰি কেতবোৰ ভেৰোনীয়া হিন্দুস্থানী আৰু বাঙালী সৈন্য গোটালে। তাৰ পিছত দৰঙলৈ গৈ বিষ্ণুনাৰায়ণক খেদি নিজকে ৰজা বুলি ঘোষণা কৰিলে। এই কাৰ্য্য নিৰ্বিঘ্নে সমাধা কৰি তেওঁৰ মনত সাহ বাঢ়িল আৰু তেওঁ এইবাৰ উত্তৰ কামৰুপ দখল কৰাৰ মানসেৰে আহি উত্তৰ গুৱাহাটী অধিকাৰ কৰিলেহি।

এইবাৰ গৌৰীনাথে ৰংপুৰৰ কলেক্টৰ মিঃ লুমছডেনৰ সহায় বিচাৰিলে। গোৱালপাৰাত থকা ৰাউছ নামৰ এজন নিমখৰ বেপাৰীয়ে হেনো বুঢ়াগোহাঁইক বঙ্গদেশৰ পৰা কেতবোৰ ভেৰোণীয়া সৈন্য গোটাই দিছিল। ৰাউছেও আহোম ৰজাক সহায় কৰিবলৈ অনুৰোধ কৰি লুমছডেনলৈ পত্ৰ দিছিল। লুমছডেনে এই বিষয়ে গভৰ্নৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছক জনোৱাত তেওঁ কৈছিল যে যিহেতু আহোমক বিৰক্ত কৰা সৈন্যবোৰ বঙ্গদেশৰ পৰা গৈছে (বঙ্গ সেই সময়ত বৃটিছ অধিকৃত) সেয়ে তেওঁলোকক সেই ৰাজ্যৰ পৰা উলিয়াই দিয়া উচিত। সেই মৰ্মে এই সৈন্য সকলৰ দলপতিক নিৰ্দ্দেশ দিয়া হৈছিল। কিন্ত কৰ্ণপাত নকৰাত কৰ্ণৱালিছে সেই লোক সকলক অসমৰ পৰা খেদি দিবলৈ বৃটিছ ফৌজ পঠিয়ালে।

সেই মৰ্মে ১৭৯২ খৃঃৰ চেপ্তেম্বৰ মাহত কেপ্তেইন ওৱেলছৰ নেতৃত্বত ৬ টা সৈন্য দল অসমলৈ আহিল। প্ৰতিটো দলত ৬০ জনকৈ সৈন্য আছিল। দলটোৰ নেতৃত্ব লৈছিল কেপ্তেইন ওৱেলেছে। তত্বাৱধায়ক আছিল মেক্‌গ্ৰেগৰ আৰু চাৰ্ভে কামৰ বাবে অহিছিল এনছিং উড। কেপ্তেইন উৱেলছক গোৱালপাৰালৈ গৈ স্থানীয় ভাৱে অনুসন্ধান কৰি অসমত ঘটনাৱলীৰ বিশদ বিৱৰণ এটা প্ৰস্তুত কৰিবলৈ কোৱা হৈছিল। সেই বিৱৰণ বা প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰি গভৰ্ণৰ জেনেৰেলে তেওঁ অসমত কি কৰিব লাগে সেই বিষয়ে জনোৱাৰ কথা আছিল। বঙ্গদেশৰ মুছলমান অধিকৃত অঞ্চল সমূহ বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দখল কৰাত ১৭৬৫ খৃঃত আধুনিক গোৱালপাৰা জিলাখনো বৃটিছৰ তলতীয়া হৈছিল। বৰ্তমান আলোচিত সময়ছোৱাত এই ঠাই ডোখৰ ৰংপুৰ জিলাৰ অন্তৰ্গত আছিল। ৰংপুৰ বেহা-বেপাৰৰ প্ৰণকেন্দ্ৰ আছিল। ইয়াৰ বিপৰীতে নৈৰ সিপাৰে অৱস্থিত যোগীঘোপাত এটা সামৰিক চকী আছিল। যোজীঘোপাত কোনো বৃটিছ অসামৰিক বিষয়া নাছিল আৰু ৰংপুৰৰ পৰা কাচিৎহে বৃটিছ বিষয়া সকলে এই ঠাই খনলৈ গৈছিল। যোগীঘোপাত থকা একমাত্ৰ ইউৰোপীয় লোক আছিল মিঃ ৰাউছ। তেওঁ ১৭৬৮ খৃঃৰ পৰাই সেই ঠাইত বসবাস কৰিছিল। ১৭৯২ খৃঃৰ ৮ নৱেম্বৰত কেপ্তেইন উৱেলছ গোৱালাপাৰাত প্ৰবেশ কৰিছিল। আহোম ৰজাৰ বিপদ সম্বন্ধে তেওঁ ৰাউছৰ পৰা এটা দীঘলীয়া বিৱৰণ সংগ্ৰহ কৰে। দৰঙৰ পৰা ভাগি অহা ৰজা বিষ্ণু নাৰায়ণেও সমসাময়িক ঘটনাৱলী তেওঁক জানিবলৈ দিয়ে। কলিকতা এৰাৰ সময়ত তেওঁ যিদৰে ভাবিছিল তাতকৈ যে ঘটনা বহুত গুৰুতৰ সেই কথা কেপ্তেইন ওৱেলছে এতিয়াহে গম পাইছিল। যদি তেওঁ সঁচাকৈয়ে কিবা কৰিব লাগে তেন্তে তাক তৎক্ষণাৎ কৰিব লাগিব বুলিও তেওঁ বুজিছিল। সেয়ে, গভৰ্ণৰ জেনেৰেলৰ পৰা নিৰ্দ্দেশ অনা লৈ বাট নাচাই তেওঁ ৰজা গৌৰীনাথক সহায় কৰিবলৈ সিদ্ধান্ত ল’লে।

তেওঁ তেওঁৰ সিদ্ধান্তৰ বিষয়ে গভৰ্ণৰ জেনেৰেলক পত্ৰ দি ১৬ নৱেম্বৰত গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰিলে। তিনি দিনৰ মূৰত নগৰবেৰা পাহাৰৰ তিনি মাইল মান আতঁৰত তেওঁ অনা গধূৰ নাওঁবোৰে কষ্ট কৰি উজাই আহি থকাৰ সময়ত দূৰৈত হঠাতে কেইবা খনো নাওঁ দেখা পালে। ওচৰ পাই দেখে নাওঁত আছে ৰজা গৌৰীনাথ দিংহ আৰু তেওঁৰ কেইজন মান লগুৱা। তেওঁলোকে হেনো যোৱা নিশা ২ বজাতেই এইদৰে নাওঁত উঠি গুৱাহাটীৰ পৰা পলাই আহিছে। কিন্ত কৃষ্ণনাৰায়ণৰ আগমণত তেওঁলোক পলোৱা নাই। পলাইছে বৌৰাগী নামৰ এজনৰ ভয়তহে। এই লোক জনে পাকৰিগুৰিৰ পৰা ভালেমান মাছমৰীয়া লোক লগত লৈ ব্ৰহ্মপুত্ৰ পাৰ হৈ আহি গৌৰীনাথ সিংহৰ বাহৰৰ ওচৰৰ ভালেমান ঘৰত জুই দিছিল হি। ৰজা আৰু তেওঁৰ অনুচৰ সকল সেই সময়ত ইমান বেছি হতাশ হৈছিল যে সামান্য কিবা এটা ঘটিলেও তেওঁলোকে ছাঁটোকে বাঘ বুলি ভাবিছিল। বৈৰাগীৰ এনে আক্ৰমণক বাধা দিয়াৰ কোনো চেষ্টা নকৰাকৈয়ে তেওঁলোক যেয়ে যিফালে পাৰে পলাই গৈছিল।

গৌৰীনাথ সিংহই কেপ্তেইন ওৱেলছক তেওঁৰ সৈতে আহিবলৈ অনুৰোধ কৰিছিল। এইদৰে নতুন ফৌজ লৈ গ’লে বহুতে তেওঁক সহায় কৰিব বুলি গৌৰীনাথে ওৱেলছক বুজাইছিল। তেওঁৰ অনুৰোধ ওৱেলেছে ৰক্ষা কৰিছিল। নৱেম্বৰ মাহৰ ২১ তাৰিখে বৈৰাগীৰ আক্ৰমণ কালত পলাই যোৱা বৰবৰুৱা আহি কেপ্তেইন ওৱেলছৰ দলত যোগ দিছিল। সেইদৰে দলটো হাতীমৰা পাওঁতে ২৩ নৱেম্বৰৰ দিনা ৰাণীৰ ৰজাই আগবাঢ়ি আহি তেওঁলোকৰ লগত যোগদান দিলে। পিছদিনা কেপ্তেইন ওৱেলছৰ দলটো গুৱাহাটীৰ পৰা পশ্চিমে প্ৰায় আঠ মাইল দূৰৈত ৰ’লহি। সেই ঠইতে গৌৰীনাথ সিংহ আৰু তেওঁৰ নাওঁবোৰ ৬০ জন বৃটিছ সৈন্যৰ দায়িত্বত থৈ সেইদিনা নিশা বাকীবোৰ বৃটিছ সৈন্য আৰু বৰবৰুৱাকে আদি কৰি কেইজন মান আহোম বিষয়া কেপ্তেইন ওৱেলছৰ নেতৃত্বত গুৱাহাটীলৈ গ’ল। বৰ্তমানৰ ট্ৰাঙ্ক ৰোডে’ৰে তেওঁলোক আগবাঢ়িছিল। কোনো বাধা নোহোৱাকৈ গৈ তেওঁলোকে গুৱাহাটীৰ দুৱাৰ দলিত উপস্থিত হ’ল। খোজৰ শব্দ শুনি প্ৰহৰী বিলাক উঠি আহিছিল। কিন্ত চিপাহী সকলক দেখি ভয়ৰ কোবত আনকি চিঞৰিবলৈকো পাহৰি তেওঁলোকে পলাবলৈ ধৰিলে। চিপাহী বিলাকে কোনো শব্দ নকৰাকৈ মনে মনে ভৰলু নৈৰ ওপৰৰ কাঠৰ দলং পাৰ হ’ল। তেওঁলোকে পোনে পোনে বৈৰাগীৰ ঘৰ ওলালত তেওঁলোকক দেখি আটাইবোৰ আচৰিত হ’ল। তেওঁলোকৰ পলাবলৈকো পথ নাছিল। বৈৰাগীৰ ঘৰত থকা ৬০ জন লোক বন্দী হ’ল। তেওঁলোকক ৰজাঘৰীয়া লোকৰ হাতত গতাই দিয়া হৈছিল। কিন্ত এইবাৰ তেওঁলোকে এই লোক কেইজনক বেয়া ব্যৱহাৰ কৰা নাছিল। কেপ্তেইন ওৱেলছক কোনেও প্ৰতি আক্ৰমণৰ চেষ্টাই নকৰিলে। ফলত পিছদিনা খন তেওঁৰ সৈন্য সকলে শিবিৰ পাতিবলৈ তম্বু আদি তৰা কাৰ্য্যতে ব্যস্ত থকা দেখা গৈছিল।

সেই দিনা গধূলি গৌৰীনাথ সিংহই নাৱেৰে আহি গুৱাহাটীত ধূমধামেৰে সৈতে পুনঃ প্ৰৱেশ কৰিছিল। তেওঁৰ অনুৰোধ মতে কেপ্তেইন ওৱেলছে ৰজাৰ লগত কেইজনমান চিপাহী দেহৰক্ষী হিচাবে দিছিল।

কেপ্তেইন ওৱেলছে গুৱাহাটীত থকা কালত কৃষ্ণনাৰায়ণ আৰু তেওঁ কলিকতাৰ পৰা অনা ভেৰনীয়া সৈন্য বা বৰকন্দাজ বিলাকৰ দলপতিৰ লগত যোগাযোগ কৰি শান্তিৰ বাবে চেষ্টা কৰিছিল। বৰকন্দাজ বিলাকক তেওঁলোকে পাবলগীয়া দৰমহা দিয়াৰ লগতে বঙ্গদেশত বাজেয়াপ্ত কৰা তেওঁলোকৰ সা-সম্পত্তি বোৰ ঘূৰাই দিয়া হ’ব বুলিও কথা দিয়া হৈছিল। কিন্ত এই আটাইবোৰ চেষ্টাৰ উত্তৰ তেওঁলোকে এৰাধৰাকৈ দিয়াত কৃষ্ণনাৰায়ণক নিজে গুৱাহাটীলৈ আহি তেওঁৰ আনুগত্য প্ৰকাশৰ নিৰ্দ্দেশ দিয়া হ’ল।

এই সময়ছোৱা লৈকে কেপ্তেইন ওৱেলছৰ অসম আগমণৰ উদ্দেশ্য আছিল কৃষ্ণনাৰায়ণে বঙ্গৰ পৰা অনা বৰকণ্ডাজ বিলাকৰ অত্যাচাৰৰ পৰা এই ৰাজ্যক ৰক্ষা কৰা। উজনি অসমৰ মোৱামৰীয়া বিদ্ৰোহ দমনৰ কোনো কথাই এতিয়ালৈকে ওলোৱা নাছিল। কিন্ত গৌৰীনাথ সিংহই এতিয়া বুজিছিল যে তেওঁ অকলশৰে একো কৰিব নোৱাৰে। এতিয়ালৈকে বৃটিছ সকলে তেওঁক নিঃস্বাৰ্থভাৱে সহায় কৰাৰ কথাও তেওঁ মন কৰিছিল। সেয়ে তেওঁ এতিয়া মোৱামৰীয়াক দমন কৰিবলৈ বৃটিছৰ সহায় বিচাৰিলে আৰু নিজকে বিনাচৰ্তে বৃটিছ চৰকাৰৰ হাতত এৰি দিবলৈ ওলাল।

এইদৰে ঘটনাই এতিয়া এটা নতুন দিশ ললে আৰু ৰজাৰ আবেদনৰ কথা গভৰ্ণৰ জেনেৰেলক জনোৱা হ’ল। কেপ্তেইন ওৱেলছে ব্যক্তিগতভাৱে গৌৰীনাথ সিংহক সহায় কৰাৰ সপক্ষে আছিল। তেওঁ গভৰ্ণৰ জেনেৰেলক এই বুলি লিখিছিল যে, যদি আহোম ৰজাক অকৌ সহায় কৰিব লাগে তেন্তে তেওঁক গুৱাহাটীত আৰু এক বেটেলিয়ন চিপাহী লাগিব। তদুপৰি আন এটা বেটেলিয়ন আৱশ্যক হ’লে পোৱাতকৈ বিজনীত থোৱা উচিত হ’ব। তদুপৰি বয়-বস্তু অনা-নিয়া কৰিবলৈ কেইখন মান ছিকছ, পাউণ্ডাৰ আৰু গাড়ী টনা বলদ লাগিব। এনেবোৰ যান বাহনৰ অসমত অভাৱ ঘটিছে বুলিও তেওঁ উল্লেখ কৰিছিল।

উত্তৰত লৰ্ড কৰ্ণৱালিছে এতিয়ালৈকে কেপ্তেইন ওৱেলছে তেওঁৰ অভিযানত যি সাফল্য দেখুৱাইছে তাৰ বাবে তেওঁক ভূয়সী প্ৰশংসা কৰি কৈছিল যে, আগৰ আঁচনিৰ ঠাইত এতিয়া যদি বৃটিছে আৰু বেছিদিন অসমত থাকিব লাগে বা ৰজাক সহায় কৰিব লাগে তাৰ আগতে ৰজাক এটা কথা বুজাই দিয়া উচিত যে, তেওঁ তেওঁৰ বিদ্ৰোহী প্ৰজাৰ সৈতে বুজা-পৰালৈ আহিবলৈ ইতস্ততঃ কৰা উচিত নহয়। আনহাতেদি, দৰঙৰ কৃষ্ণনাৰায়ণক তেওঁৰ সিংহাসন উভটাই দি যদি তেওঁক বশ কৰিব পাৰি তেন্তে তেওঁৰ সৈন্য আৰু কেপ্তেইন ওৱেলছৰ সৈন্যক একগোট কৰিলে নতুনকৈ চিপাহী পঠিওৱাৰ আৱশ্যক নহ’ব।

এইদৰে লৰ্ড কৰ্ণৱালিছৰ সৈতে চিঠি-পত্ৰৰ আদান-প্ৰদান চলি থকাৰ কালছোৱাত কেপ্তেইন ওৱেলছে এটা কথা মন কৰিছিল যে দৰঙৰ কৃষ্ণনাৰায়ণে তেওঁৰ সৈতে লুকাভাকু খেলিছে। সেয়ে তেওঁক এসেকা দিয়া উচিত বিবেচনা কৰি ১৭৯২ খৃঃৰ ৬ ডিচম্বৰত কেপ্তেইন ওৱেলছে ব্ৰহ্মপুত্ৰ পাৰ হৈ বোধকৰো বৰ্তমানৰ অশ্বক্ৰান্ত মন্দিৰৰ ওচৰ পালেগৈ। তেওঁৰ লগত চিপাহী আছিল ২৮০ জন। এই ঠাই ডোখৰৰ ওচৰে-পাজৰে তিনি হাজাৰ শত্ৰু সৈন্য আছিল। অশ্বক্ৰান্ত পাহাৰৰ নামনিলৈকে কেপ্তেইন ওৱেলেছে কোনো বাধা পোৱা নাছিল যদিও এতিয়া কেইবাবাৰো শত্ৰু সৈন্যই তেওঁৰ ক্ষুদ্ৰ দলটোক আক্ৰমণ কৰিলে। কিন্ত চিপাহী বিলাকৰ অধিক শক্তিশালী যুঁজৰ সঁজুলী আৰু যুঁজৰ ধৰণে তেওঁলোকক বিপাঙত পেলালে আৰু অলপ সময় যুঁজিয়েই তেওঁলোকে দিহা-দিহি পলাবলৈ ধৰিলে। তেওঁলোকৰ ২০ জন লোক নিহত আৰু ৪০ জন আহত হ’ল। বহুবোৰ সৈন্যক বন্দী কৰা হ’ল। পাহাৰৰ ওপৰৰ পৰা ৪০ টা বৰতোপ চিপাহীয়ে লুট কৰিলে। আনহাতেদি বৃটিছ পক্ষৰ মাত্ৰ ৬ জন লোকহে আহত হৈছিল।

গুৱাহাটীৰ পৰা কিছু আঁতৰত কৃষ্ণনাৰায়ণে আকৌ তেওঁৰ দলবল গোটালে আৰু ডিচেম্বৰ মাহৰ শেষৰ ফালে বৰনদীৰ পূবে বৰ্তমান মঙ্গলদৈ মহকুমা অৱস্থিত অঞ্চলত যুঁজৰ বাবে সাজ-সজ্জা কৰিবলৈ ধৰিলে। লেফটেনেণ্ট উলিয়ামছৰ নেতৃত্বত তিনিটা বাহিনী লৰালৰিকৈ তেওঁক আগচিবলৈ পঠিওৱা হ’ল। খাটিকুচিৰ ওচৰত ৫০০ বৰকণ্ডাজৰ সৈতে ভেটা-ভেটি হোৱাত প্ৰায় ১০০ মান বৰকণ্ডাজ হতাহত হ’ল আৰু বাকীবোৰ ভূটানৰ সীমা অঞ্চললৈ পলাই গ’ল। সেই সময়ত ভূটানৰ সীমা গোহাই কমল আলিলৈকে বিস্তৃত আছিল। ভূটীয়া সকলে কেতিয়াবা এইদৰে অসমৰ মাটি দখল কৰিছিলহি বুলি জনা নাযায়। গৌৰীনাথৰ সময়লৈকে তেওঁলোকৰ সীমাক কোনেও স্বীকাৰ কৰাও নাছিল।

গৌৰীনাথ সিংহৰ শত্ৰুৰ কোনো সীমা সংখ্যা নাছিল। অসংখ্য লোকক এইদৰে শত্ৰু হিচাবে নাৰাখি তেওঁলোকক ক্ষমাদানেৰে এই শত্ৰুতাৰ অৱসান ঘটাবলৈ কেপ্তেইন ওৱেলছে তেওঁক পৰামৰ্শ দিছিল। প্ৰতিৰোধৰ দাবানলত জ্বলি থকা গৌৰীনাথে তেওঁৰ কথা নুশুনিলে। বৰবৰুৱাকে আদি কৰি আন আন ডাঙৰীয়া সকলেও তেওঁৰ এনে ইচ্ছাত ইন্ধন যোগালে। হিচাব কৰি পোৱা গ’ল যে ৰজাই গুৱাহাটী পুনৰ দখল কৰাৰ পিছত এতিয়া লোকে মুঠতে ১১৩ জন মানুহক মাৰিলে। এই লোকসকলৰ ২৪ জনক কেপ্তেইন ওৱেলছে ক্ষমাদানৰ নিৰ্দ্দেশ দিয়া সত্বেও তেওঁলোকক হত্যা কৰা হ’ল। ৭০ জন লোকক কাৰাগৰত অনাহাৰে ৰাখি মৃত্যু ঘটোৱা হ’ল। কেপ্তেইন ওৱেলছে এনেবোৰ অত্যাচাৰৰ অৱসানৰ বাবে কঠোৰ ব্যৱস্থা হাতত ল’লে। বৰবৰুৱা আৰু ছোলাধৰা ফুকনক বন্দী কৰা হ’ল। বৰফুকনকো বৰ্খাস্ত কৰিবলৈ তেওঁ ৰজাক জোৰ কৰিছিল। কেপ্তেইন ওৱেলছে ৰজাকো এনেবোৰ অত্যাচাৰৰ বাবে ককৰ্থনা নকৰাকৈ থকা নাছিল। কিন্ত গৌৰীনাথ সিংহই এইবোৰ কথা নুশুনি সকলোবোৰ কাৰ্য্যৰ বাবে নিজকে দায়ী কৰি ক’লে যে ৰজা হৈ যদি তেওঁ তেওঁৰ ইচ্ছামতে মানুহক মৃত্যু দণ্ড বা অঙ্গক্ষতৰ আদেশ দিব নোৱাৰে তেন্তে তেওঁ সিংহাসন ত্যাগ কৰিবলৈকো প্ৰস্তুত। এনে শুনি কেপ্তেইন ওৱেলছে সাময়িক ভাৱে ৰজাৰ পৰা সকলোবোৰ ক্ষমতা কাঢ়ি আনি তেওঁক মাত্ৰ ১০০ জন দেহৰক্ষী আৰু লিগিৰাৰ সৈতে থাকিবলৈ দিছিল। এজন নতুন বৰফুকন নিযুক্ত কৰি তেওঁক নামনি অসমৰ প্ৰশাসনৰ দায়িত্ব অৰ্পণ কৰা হ’ল। তেওঁ দুখন জাননী জাৰী কৰিছিল- এখন প্ৰজা আৰু আন খন বিষয়া আৰু ডাঙৰীয়া সকলৰ বাবে। প্ৰথম খন জাননী যোগে প্ৰজাক ন্যায় বিচাৰৰ আশ্বাস দি মাহৰ কেইটামান দিন কাৰোবাৰ কিবা গোচৰ থাকিলে সেই গোচৰ দিবলৈ নিৰ্দিষ্ট কৰি দিছিল। দ্বিতীয় জাননী যোগে বিষয়া আৰু ডাঙৰীয়া সলক গুৱাহাটীলৈ আহি ৰজা জনক বৰ্তমান দুৰৱস্থাৰ পৰা ৰক্ষা কৰাৰ বাবে চেষ্টা কৰিবলৈ কোৱা হৈছিল।

এইবাৰ গৌৰীনাথ সিংহও সৈমান হ’ল আৰু তেওঁ কেপ্তেইন ওৱেলছৰ সৈতে চুক্তি কৰিলে। এই চুক্তিমতে, বৰবৰুৱা আৰু লগতে যিসকল বিষয়াই প্ৰজাক অত্যাচাৰ নাইবা অন্য ধৰণে বিশ্বাসঘাটকতা কৰিছিল, তেওঁলোকক বৰ্খাস্ত কৰা হ’ব। দ্বিতীয়তে, সকলোকে ক্ষমা দান কৰা হ’ল। বিচাৰ নোহোৱাকৈ কোনো লোককে প্ৰাণদণ্ড বা অঙ্গক্ষত কৰিব নোৱাৰিব বুলি চুক্তিত উল্লেখ থাকিল। গুৱাহাটীত সকলোবোৰ ডাঙৰীয়া, অন্যান্য বিষয়াৰ সন্মিলন আহ্বান কৰা হ’ল যাতে, তেওঁলোকে মিলিজুলি ৰাজ্যত ৰজাৰ কৰ্ত্তৃত্বৰ পুনৰ সংস্থাপন কৰাৰ লগতে ৰাজ্য খনৰ সুশাসনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। তদুপৰি গৌৰীনাথৰ লগত থকা বাঙালী ভেৰণীয়া চিপাহীবোৰে প্ৰজাক অত্যাচাৰ কৰাৰ লগতে কেপ্তেইন ওৱেলছৰ কাম-কাজৰ বাতৰি নিয়মীয়াকৈ দৰঙৰ ৰজাক জনাই থকাৰ প্ৰমাণ পোৱাত  তেওঁলোকক বঙ্গৰ ৰংপুৰলৈ প্ৰেৰণ কৰা হ’ল।

মে’ মাহত কৃষ্ণনাৰায়ণে বাকী থকা ৪০০ বৰকণ্ডাজৰ সৈতে গুৱাহাটীলৈ আহিবলৈ বাধ্য হ’ল। এই বৰকণ্ডাজ বিলাকক ৰংপুৰলৈ পঠিয়াই দি তাতে তেওঁলোকৰ বাকী থকা বেতনৰ পইচা দিয়া হৈছিল। প্ৰায় ৬ হাজাৰ টকা তেওঁলোকক দিবলগীয়া হ’ল। কৃষ্ণনাৰায়ণে আনুগত্যৰ শপত লোৱাত তেওঁক দৰঙৰ সিংহাসনত প্ৰতিষ্ঠা কৰা হ’ল। বহু ইতস্ততঃ কৰি কৃষ্ণনাৰায়ণে সৈন্য আৰু শ্ৰমিক দিয়াৰ পৰিৱৰ্তে বছৰি ৫৮ জাহাৰ টকা দিবলৈ সন্মতি দিলে। তেওঁৰ বৰ্খাস্ত হোৱা সৈন্য বিলাকক দিয়া টকা-পইচা খিনিও তেওঁ ওলোটাই দিবলগীয়াত পৰিল। তদুপৰি তেওঁ এজন ভূমিৰ মালিকহে ৰজা নহয় বুলিও সকিয়াই দিয়া হ’ল। তেওঁৰ ভূমিত পুৰণি দিনৰ দৰে প্ৰশাসন আৰু ৰাজনৈতিক ক্ষেত্ৰৰ দায়িত্ব বৰফুকনে পালন কৰিব বুলিও ঘোষণা কৰা হ’ল। এইবোৰ সিদ্ধান্ত হোৱাৰ পিছত কৃষ্ণনাৰায়ণে মঙ্গলদৈলৈ গৈ তেওঁৰ ভূ-খণ্ডৰ অধিকাৰ গ্ৰহণ কৰিলে। তেওঁৰ অনুৰোধক্ৰমে কেপ্তেইন ওৱেলছে কেইজন মান চিপাহীক দেহৰক্ষী হিচাবে তেওঁৰ লগত পঠিয়াইছিল।

ইয়াৰ পিছৰ চেপ্তেম্বৰ মাহত, ভূটানলৈ আগতে পলাই যোৱা কৃষ্ণনাৰায়ণৰ কেতেবোৰ বৰকণ্ডাজ আকৌ এই ৰাজ্যলৈ অহাত কেতবোৰ সৈন্য পঠিয়াই তেওঁলোকক খেদি দিয়া হৈছিল।

কেপ্তেইন ওৱেলছৰ পূৰ্ব্বৰ অনুৰোধক্ৰমে বঙ্গৰ পৰা আৰু ৬ টা কোম্পানী চিপাহী পঠিওৱা হৈছিল। কিন্ত তেওঁলোক আহি পাই মানে এপ্ৰিল মাহ হোৱাত বাৰিষা আৰম্ভ হ’ল। সেয়ে, এই সময়ত নতুনকৈ কোনো অভিযান কৰাটো কষ্ট সাধ্য হ’ব বুলি কেপ্তেইন ওৱেলেছে এই কালছোৱা গুৱাহাটীতে থাকিবলৈ ঠিক কৰিলে। এই সুযোগতে নামনি অসমত ৰজাৰ আধিপত্য বিস্তাৰ আৰু প্ৰজাৰ মনত আস্থা ঘূৰাই অনা—এই দুটা কামত কেপ্তেইন ওৱেলছে মনোনিবেশ কৰিলে। কিন্ত এই কামেই তেওঁ ভবাৰ দৰে সহজে নাছিল। বিদ্ৰোহত যোগ দিয়া নাইবা বিদ্ৰোহৰ কালত পলাই যোৱা সকলো লোককে ক্ষমা দানৰ প্ৰতিশ্ৰুতি দিয়া সত্বেও বিষয়া বা অন্যান্য প্ৰজা সকলক ৰজাৰ ওচৰলৈ অহা দেখা নগ’ল। এনে হোৱাৰ কাৰণ সম্বন্ধে অনুসন্ধান চলোৱাত  দেখা গ’ল যে ইয়াৰ গুৰিতে আছে বৰ্খাস্ত হোৱা বৰবৰুৱা আৰু ছোলাধৰা ফুকনৰ অভিসন্ধি। এই দুই জন লোকে নানা ধৰণৰ ষড়যন্ত্ৰৰ আচনি লৈ ৰাইজক ৰজাৰ পক্ষ নলবলৈ তলে তলে উচতাই ফুৰিছিল। সেয়ে কেপ্তেইন উৱেলছে দুয়োকে ধৰি বঙ্গৰ ৰংপুৰলৈ নিব্বাসন দিলে। এই ব্যৱস্থাই কাষ দিলে। অনতি বিলম্বে তিনি জন গোহায়ে কেপ্তেইন ওৱেলছৰ প্ৰতি আস্থা প্ৰকাশ কৰিলে আৰু তেওঁলোকক দেখি আন বিষয়া আৰু মুখীয়াল লোক সকলো তেওঁৰ শিবিৰলি আহিল।

অক্টোবৰ মাহৰ শেষৰ ফালে আকৌ যুঁজৰ প্ৰস্তুতি চলিল। লেফ্‌টেনাণ্ট মেক্‌গ্ৰেগৰক কিছুমান সৈন্যৰে সৈতে কলিয়াবৰলৈ আগতীয়াকৈ পঠিয়াই দিয়া হ’ল। তেওঁ তাত ৰচদ-পাতিৰ যা-যোগাৰ কৰি যাতায়ত আৰু যোগাযোগ ব্যৱস্থ্যাৰ প্ৰতি চকু দিলে যাতে উজনি অসমত যুদ্ধ কৰিবলৈ যুদ্ধৰ কেন্দ্ৰ হিচাবে কলিয়াবৰক বুৱহাৰ কৰিব পাৰি। নগাওঁৰ ক্ষেত্ৰতে অনুৰুপ ব্যৱস্থা লোৱা হ’ল। ইফালে গুৱাহাটী আৰু গোৱালপাৰাৰ মাজত চলাচল কৰা নাওবোৰত ডকাইতি কৰা দল এটাকো সৈমান কৰা হ’ল।

১৭৯৪ খৃঃৰ জানুৱাৰী মাহত মোৱামৰীয়া বিৰুদ্ধে যুঁজ কৰিবৰ উদ্দেশ্যেৰে প্ৰথমে কলিয়াবৰত ৰণসজ্জা আৰম্ভ হ’ল। এই খিনিতে ৰজা গৌৰীনাথে কেপ্তেইন ওৱেলছক মাতি পঠিয়ালে। ইমান দিনে হোৱা মোৱামৰীয়া বিদ্ৰোহৰ ফলত প্ৰজাৰ দূৰ্গতি হোৱা কালত ৰজাৰ মন্ত্ৰী বা বিষয়া সকলে একো সহায় কৰিব পৰা নাছিল। এন বিষয়া সকলৰ ওপৰত নিৰ্ভৰ কৰি অকৌ যুঁজ কৰাৰ ইচ্ছা গৌৰীনাথৰ নাছিল। আনহাতে বৃটিছে আহি তেওঁক ৰক্ষা কৰাৰ বাবে গৌৰীনাথে বৃটিছক শ্ৰদ্ধাৰ চকূৰে চাইছিল। সেয়ে, এতিয়া তেওঁ ভাবিলে যে মোৱামৰীয়া বিদ্ৰোহ দমনৰ ভাৰ কেপ্তেইন ওৱেলছকহে দিয়া উচিত। ৰজাই সেই মৰ্মে গভৰ্ণৰ জেনেৰেল লৈকে পত্ৰ লোখিলে। পত্ৰত লিখা হ’ল যে, গভৰ্ণৰ জেনেৰেল যাতে অনুগ্ৰহকৈ কেপ্তেইন ওৱেলছক তেওঁৰ অধীনত থকা সৈন্য সকলৰ সৈতে মোৱামৰীয়াক দমানৰ বাবে অনুমতি দিয়ে। কেপ্তেইন ওৱেলছে ডাঙৰীয়া সকলৰ সৈতে আলোচনা কৰি যি ভাল দেখে সেই মতে ব্যৱস্থা লৈ যাতে অসমলৈ হেৰোৱা সুখ-শান্তি ওভটাই আনিব পাৰে সেই উদ্দেশ্য লৈহে এইদৰে গভৰ্ণৰ জেনেৰেললৈ আবেদন কৰা হ’ল বুলি চিঠিত উল্লেখ থাকিল। এই কামৰ বিনিময়ত সৈন্য সকলৰ ভৰণ-পোষণ আদি যাৱতীয় খৰচৰ বাবে মুঠতে বছৰি ৩,০০,০০০ টকা দিবলৈকো প্ৰস্তুত বুলি ৰজাই গভৰ্ণৰ জেনেৰেলক জনালে। এই টকাৰ আধাখিনি বৰফুকনে তেওঁৰ শাসনাধীন জিলাসমূহৰ পৰা আৰু বাকী খিনি বৰবৰুৱাই আন আন আহোম অধিকৃত অঞ্চলৰ পৰা তুলি দিয়াৰ ব্যৱস্থাও হ’ল। কেপ্তেইন ওৱেলছে বৰগোহাই, বৰপাত্ৰ গোহাই আৰু সলাল গোহাইৰ সৈতে পৰামৰ্শ কৰি পানীছিলা গোহাইক বৰবৰুৱা পাতিলে। গৌৰীনাথ সিংহৰ ৰাজপাট আৰোহণৰ সময়ত অঙ্গক্ষত কৰাৰ ভয়ত পলাই যোৱা দুজন কোৱৰক আনি যথাক্ৰমে চাৰিং আৰু তিপাম ৰজা হিচাবে নিযুক্তি দিয়া হ’ল। তাৰ পিছত, মোৱামৰীয়াৰ দলপতিলৈ এখন চিঠিযোগে হয় আহোম ৰজাৰ বশ্যতা স্বীকাৰ কৰিবলৈ নহয় তাৰ ফল ভুগিবলৈ সকিয়াই দিয়া হ’ল। যদি তেওঁলোক আহি ৰজাৰ ওচৰত নতি স্বীকাৰ কৰে তেন্তে তেওঁলোকক ক্ষমাদানৰ প্ৰতিশ্ৰুতিও দিয়া হ’ল। কিন্ত এই চিঠিখন বোধকৰো মোৱামৰীয়া দলপতি সকলে পোৱাই নাছিল। পত্ৰবাহকে বোধকৰো মোৱামৰীয়া বিদ্ৰোহী অধিকৃত অঞ্চলতে যাবলৈ ভয় কৰিলে, নাইবা আন যি কোনো কাৰণতে নহওক চিঠি খন নিদিলেগৈ।

মোৱামৰীয়াৰ পৰা কোনো উত্তৰ নাহিলত, মেকগ্ৰেগৰ এইবাৰ ডেবাৰগাওঁলৈ গৈ (১১ ফেব্ৰুৱাৰী) সেই ঠাইত যুদ্ধৰ ঘাটি তৈয়াৰ কৰিবলৈ ধৰিলে। ১৪ ফেব্ৰুৱাৰী তাৰিখে তেওঁ যোৰহাটলৈ গৈ বুঢ়াগোহাইক লগ ধৰিলে। ইমান দিনে বুঢ়া গোহায়ে অকলশৰে মোৱামৰীয়া সকলে চেগাচোৰাকাকৈ কৰি থকা আক্ৰমণ প্ৰতিহত কৰি আছিল। মেকগ্ৰগৰৰে তেওঁৰ সৈতে তিনি জুৰি আলোচনা কৰি ডবাৰগাওঁলৈ উভটি আহিল। ইফালে মেকগ্ৰেগৰে যোৰহাটলৈ অহাৰ বাতৰি পাই মোৱামৰীয়াই আহি বুঢ়াগোহাইৰ শিবিৰ আক্ৰমণ কৰিলেহি। মোৱামৰীয়া সকল সংখ্যাধিক হোৱাত বুঢ়া গোহায়ে সহায়ৰ বাবে মেকগ্ৰেগৰলৈ বাতৰি পঠিয়ালে। মেকগ্ৰেগৰৰ লগত মাত্ৰ ৪৬ জন লোকহে আছিল। তথাপি তেওঁ সময় নষ্ট নকৰি বুঢ়াগোহাইক সহায়ৰ বাবে প্ৰস্তুত হ’ল। তেওঁ তৎক্ষণাৎ এজন চুবেদাৰৰ সৈতে কুৰিজন চিপাহী যোৰহাটলৈ পঠিয়াই দিলে। তেওঁলোক নিৰ্ব্বিঘ্নে গৈ যোৰহাট পালেগৈ। পিছদিনা গধুলি তেওঁ নিজে যোৰহাটলৈ গ’ল। তেওঁৰ লগত গৈছিল এনছিন উড, এজন হাবিলদাৰ আৰু চৈধ্য জন চিপাহী। ডেবাৰগাওঁত থকা নাওঁবোৰ চোৱাচিতা কৰিবলৈ আঠ জন লোক তেওঁ এৰি গৈছিল। এই সৰু অভিযানকাৰী দলটোৰ গোটেই নিশা গৈ থাকি পুৱতি নিশা মোৱামৰীয়া শিবিৰৰ ওচৰ পাইছিল। তেওঁ এই শিবিৰৰ পৰা আতৰেদি আন এটা বাটেৰে যোৱাৰ কথা চিন্তা কৰিছিল। কিন্ত তেনে কৰিলে সময় নষ্ট হ’ব বুলি ভাবি চিপাহী কেই জনক বয়-বস্তুৰে আন পথটোৱেদি আহিবলৈ কৈ নিজে উড আৰু কেইজন মান লগুৱাৰ সৈতে হাবিৰ মাজেদি পুৱা আঠ বজাত যোৰহাট ওলাইছিল গৈ।

ইফালে সেইদিনা ৰাতিপুৱাৰ ভাগত মোৱামৰীয়া সকল আহিও যোৰহাটৰ ওচৰ পাইছিল। সেয়ে, লগৰ চিপাহী সকল অহালৈ বাট নাচাই মেকগ্ৰেগৰে মাত্ৰ একুৰি চিপাহীৰে এটা গড়খাৱৈৰ ওচৰত শত্ৰুক বাধা দিবলৈ প্ৰস্তুত হ’ল। এই চিপাহী বোৰ আগদিনা চুবেদাৰৰ নেতৃত্বত যোৰহাট পাইছিল। তেওঁ সেই ঠাইত ৰৈ থকাৰ কালত প্ৰায় দুহেজাৰ মোৱামৰীয়াই কেউফালৰ পৰা হৈ-হৈ কৈ তেওঁক আগুৰি ধৰিছিল। মোৱামৰীয়া সকলে বোধকৰো তেওঁলোকৰ সংখ্যা গৰিষ্ঠতাৰে মেকগ্ৰেগৰে দলটোক নিঃচিহ্ন কৰি পেলোৱাৰ কথা ভাবিছিল। কিন্ত ভবামতে কাম নহ’ল। এনে বিপদৰ সন্মুখতে আচৰিত ধৰণে ধৈৰ্য্য ধৰি মেকগ্ৰেগৰ আৰু তেওঁৰ চুবেদাৰে শত্ৰুৰ বিৰুদ্ধে যুঁজ দিলে। তেওঁলোকৰ নিৰ্দ্দেশ মতে, চিপাহী কুৰি জনে গুলী চলাই মোৱামৰীয়াৰ প্ৰভূত ক্ষতিসাধন কৰিবলৈ ধৰিলে। চিপাহী সকলে এইদৰে গুলী চলোৱাত মোৱামৰীয়া সকল পলাই গ’ল। মেকগ্ৰেগৰৰ দলটোৰ কোনো ক্ষয়ক্ষতি নহ’ল। সেইদিনাই দিনৰ প্ৰায় এক বজাত আকৌ মোৱামৰীয়াই দল বান্ধি তেওঁলোকক আক্ৰমণ কৰিলে। এইবাৰো মেকগ্ৰেগৰে শত্ৰুৰ আক্ৰমণক ভেটা দিলে। মোৱামৰীয়াই আশীজন ৰণুৱা হেৰুৱালে। মেকগ্ৰেগৰৰ পক্ষৰ মাত্ৰ চাৰিজন চিপাহীহে আহত হ’ল।

ফেব্ৰুৱাৰী মাহৰ ২৩ তাৰিখে কেপ্তেইন ওৱেলছে এইবোৰ ঘটনাৰ কথা গম পালে। কলিয়াবৰত থকা গুদামবোৰ চাবৰ কাৰণে এটা মাত্ৰ চিপাহীৰ কম্পেনী থৈ তেওঁ বাকী আটাইবোৰ চিপাহী লৈ তৎক্ষণাৎ যাত্ৰা আৰম্ভ কৰিলে, মাৰ্চ মাহৰ ৮ তাৰিখে তেওঁ ডবাৰগাওঁ পালেগৈ। এই ঠাইৰ পৰা মোৱামৰীয়াৰ দলপতিলৈ আকৌ এখন চিঠি দিয়া হ’ল। আগৰবাৰৰ দৰে এইখন চিঠিও বোধকৰো মোৱামৰীয়াৰ হাতত নপৰিল। ওৱেলছে তেতিয়া লেফটেনণ্ট আৰউইনক দুটা কম্পেনীৰ সৈতে আগতীয়াকৈ মোৱামৰীয়াৰ বিৰুদ্ধে পঠিয়ালে। ৰংপুৰৰ পৰা প্ৰায় ১২ মাইল আঁতৰত আৰউইকনক মোৱামৰীয়া সকলে হিলৈ, যাঠি-জোং, দা-কটাৰী আদিৰে ভয়াবহ ভাৱে আক্ৰমণ কৰিলে। কিন্ত আৰউইনে সেই আক্ৰমণ ওফৰাই নামদাং নৈৰ ওপৰৰ পকী দলং পালেগৈ। এই ঠাই ডোখৰ ৰংপুৰৰ পৰা ৪/৫ মাইল আঁতৰত অৱস্থিত। ইয়াতে আকৌ মোৱামৰীয়াই আক্ৰমণ কৰাত ২ জন চিপাহী নিহত আৰু ৩৫ জন আহত হ’ল। মোৱামৰীয়াৰ হতাহতৰ সংখ্যা কিন্ত বহুত বেছি আছিল।

১৮ মাৰ্চ তাৰিখে কেপ্তেইন ইৱেলছে লৰালৰিকৈ আগৰণুৱা হিচাবে যোৱা আৰউইনৰ দলটোক লগ ধৰিলেহি। তেওঁলোক এইবাৰ একেলগে গৈ ৰ্ংপুৰত প্ৰবেশ কৰিলে। চিপাহী অহাৰ বাতৰি পাই মোৱামৰীয়া সকল ৰংপুৰ এৰি পলাল। তেওঁলোকে ইমান লৰালৰিকৈ পলাইছিল। যে শস্য, গৰু, ম’হ আৰু আনকি বহুতো মূল্যবান সা-সামগ্ৰী এৰি গৈছিল। এইবোৰ বেচি ১,১৭,৩৩৪ টকা পোৱা হ’লত, গৌৰীনাথ সিংহৰ অনুমতি লৈ ওৱেলছে সেই পইচা খিনি বিজয়ী সৈন্য সকলৰ মাজত ভগাই দিছিল। এই কাৰ্য্যৰ বাবে কিন্ত পিছত গভৰ্ণৰ জেনেৰেলে ওৱেলছক তীব্ৰ ককৰ্থনা কৰিছিল।

কেপ্তেইন ওৱেলছে ৰংপুৰ অধিকাৰ কৰাৰ সময়ত গৌৰীনাথ সিংহ দিখু নৈৰ নাওঁতহে ৰৈ আছিল। এতিয়া ৰংপুৰ অধিকাৰৰ বাতৰি পই তেওঁ মাৰ্চ মাহৰ ২১ তাৰিখে ৰংপুৰলৈ আহিল। ৰজা আহি পোৱাত কেপ্তেইন ওৱেলছেক এখন জাকজমকীয়া দৰবাৰ পাতি ৰজাক আদৰণি জনাই আটাইবোৰ ডা-ডাঙৰীয়াৰ সন্মুখতে তেওঁৰ পৰা বিদায় ল’বলৈ বিচাৰিলে। বৃটিছৰ সহায় নোহোৱাকৈ চলিব পাৰিবনে বুলি সোধাত ৰজা আৰু ডাঙৰীয়া সকলে তেওঁ নাথাকিলে নহ’ব বুলি কেপ্তেইন ওৱেলছ থাকিবলৈ অনুৰোধ জনালে। বৃটিছ গুচি গ’লে আকৌ মোৱামৰীয়াৰ বিদ্ৰোহ হৈ ৰাজ্য খনৰ শান্তি ভঙ্গ হ’ব বুলি তেওঁলোকে বাৰে বাৰে কোৱাত কেপ্তেইন ওৱেলছে মোৱামৰীয়া বিদ্ৰোহৰ বীজ অন্ত কৰাৰ কথা ভাবিলে। অস্ত্ৰধাৰণ কৰাৰ আগেয়ে বুজাপৰাৰে মোৱামৰীয়াক সৈমান কৰিব পাৰে নেকি সেই বিষয়ে চিন্তা কৰি ওৱেলছে ৰজাৰ দ্বাৰা মোৱামৰীয়া সকলক ক্ষমাদানৰ প্ৰতিশ্ৰুতিৰে আত্মসৰ্মপণৰ বাবে আহ্বান জনাই চিঠি দিয়াইছিল। ওৱেলছে নিজেও ক্ষমাদানৰ প্ৰতিশ্ৰুতি দিছিল। কিন্ত এমাহ বাটচোৱাৰ পিচতো মোৱামৰীয়াৰ পৰা কোনো উত্তৰ নহাত তেওঁ ধৰি ল’লে যে, মোৱামৰীয়াক অস্ত্ৰ আৰু শক্তিৰেহে জয় কৰিব লাগিব। সেই উদ্দেশ্যেৰে ১৯ এপ্ৰিলৰ দিনা ওৱেলছে মোৱামৰীয়াৰ দুটা প্ৰধান কেন্দ্ৰ বাঘমৰা আৰু ৰংপুৰ আক্ৰমণ কৰিবলৈ দুটা কম্পেনী পঠিয়ালে। কিন্ত তেওঁলোকে কেইমাহ মান নৌ যাওঁতেই গভৰ্ণৰ জেনেৰেলৰ পৰা এই আক্ৰমণ বন্ধ কৰিবলৈ নিৰ্দ্দেশ অহাত তেওঁলোকক অলৌ ৰংপুৰলৈ ওভটাই অনা হ’ল।

১৭৯৩ খৃঃৰ ডিচেম্বৰ মাহত লৰ্ড কৰ্ণৱালিছৰ ঠাইত ছাৰ জন ছোৰ গভৰ্ণৰ জেনেৰেল হৈছিল। তেওঁ কাৰ্য্যভাৰ গ্ৰহণ কৰিয়েই অহস্তক্ষেপ নীতি প্ৰয়োগ কৰিছিল। এই নীতিৰ দ্বাৰা অন্য ৰাজ্যৰ আভ্যন্তৰীণ ক্ষেত্ৰত বৃটিছে কোনো ভূমিকা গ্ৰহণ কৰাৰ পৰা বিৰত হ’বলগীয়া হ’ল। অসমত ইয়াৰ ফল ভয়াবহ হ’ল। ইমান দিনে কেপ্তেইন ওৱেলছে তেওঁৰ ওপ্ৰত ন্যস্তভাৰ অতি দক্ষতাৰে পালন কৰি অসমক বিপদ মুক্ত কৰিছিল। তেওঁৰ প্ৰশাসনীক দক্ষতাও আছিল অসীম। নিজ গুণৰ দ্বাৰা তেওঁ অসমৰ সকলো শ্ৰেণীৰ লোকৰ আস্থাভাজন হৈছিল। তেওঁ ৰাজ্য খনৰ অত্যাচাৰী আৰু দুৰ্নীতি পৰায়ণ বিষয়া সকলক বৰ্খাস্ত কৰিছিল। অন্যান্য বিষয়া আৰু প্ৰজাৰ পৰা তেওঁ সহযোগীতা লাভ কৰিবলৈ সক্ষম হৈছিল। ক্ষমাদান আৰু আলাপ-আলোচনাৰ পথ মুকলি কৰি কিন্ত লগতে দৃঢ়তাৰে তেওঁ দৰঙৰ ৰজাৰ পৰা বশ্যতা আদায় কৰিছিল। আন বিষয়া আৰু প্ৰজা সকলৰ মনত তেওঁ ৰজা গৌৰীনাথৰ প্ৰতি আস্থা ঘূৰাই আনিছিল। গৌৰীনাথে সেয়ে কেপ্তেইন ওৱেলছক আৰু কিছুদিনৰ বাবে অসমত থাকিবলৈ অনুমতি দিবৰ বাবে গভৰ্ণৰ জেনেৰেললৈ কেইবাবৰো অনুৰোধ জনাই চিঠি দিছিল। চিপাহী বিলাকৰ সমুদায় খৰচ বহনৰ বাবেও গৌৰীনাথ প্ৰস্তুত আছিল। কেপ্তেইন ওৱেলছে নিজেও এই বিষয়ে গভৰ্ণৰ জেনেৰেলেলৈ লোখিছিল। তেওঁ লোখিছিল যে, যদি তেওঁ চিপাহী সকলক লৈ যায় তেন্তে, ৰাজ্য খনক আকৌ খেলি-মেলিৰ সৃষ্টি হ’ব, অত্যাচাৰ আৰু হত্যালীলা বাঢ়িব। আহোম ৰজাক শত্ৰুক ক্ষমাদানৰ বাবে বাধ্য কৰোৱা হৈছে গতিকে তেওঁ উভটি গ’লেই ৰজাই আকৌ শত্ৰু সকলক নিষ্ঠুৰ ব্যৱহাৰ কৰিব। দৰঙৰ ৰজা কৃষ্ণনাৰায়ণে নিশ্চিত মৃত্যুদণ্ডৰ হাত সাৰিবলৈ হয় ৰাজ্যৰ পৰা পলাব, নহয় আকৌ বৰকণ্ডাজ আনি নতুনকৈ অত্যাচাৰৰ পাতনি মেলিব। ৰজাৰ পুৰণি বন্ধু ডাঙৰীয়া সকল উভটি আহি বৃটিছৰ সৈতে সহযোগীতা কৰা সকলক জুলুকা-জুলুকে পানী খুৱাব আৰু মোৱামৰীয়া সকলে আগৰ সংহাৰ মূৰ্ত্তি ধৰি আকৌ আহোম ৰজাক ৰাজধানীৰ পৰা খেদি দিব। কিন্ত ইমান অনুনয় বিনুনয়ৰ পিছতো নতুন গভৰ্ণৰ জেনেৰেলে তেওঁৰ মত লৰচৰ নকৰিলে। কেপ্তেইন ওৱেলছক আৰু কোনো অভিযান নকৰি ১ জুলাইৰ ভিতৰত বৃটিছ এলেকালৈ উভটি আহিবলৈ তেওঁ নিৰ্দ্দেশ দিলে।

কেপ্তেইন ওৱেলছৰ বাহিনীটো এইদৰে উলটি অহাত মোৱামৰীয়া সকলে অতি আনন্দ পালে আৰু প্ৰায় লগে লগে আকৌ দিখু নৈৰ ওচৰ পালেহি। ৰংপুৰত সোমাই এই লোক সকলে ভালেমান শস্যৰ ভঁৰাল লুট কৰিলে। দ্বিতীয় বাৰ আকৌ তেনেদৰে লুটপাট কৰিবলৈ অহাত, সাৱধানতা অৱলম্বন কৰা হেতুকে যেনিবা বিশেষ ক্ষয়ক্ষতি কৰিব নোৱাৰিলে। এইদৰে মোৱামৰীয়াৰ উৎপাত বাঢ়ি যোৱাত কেপ্তেইন ওৱেলছ চিন্তিত হ’ল। মোৱামৰীয়া সকলে যে কেৱল আহোমৰহে অনিষ্ঠ কৰিব এন কোনো কথা নাই। তেওঁলোকে ওৱেলছৰ চিপাহী বিলাককো আক্ৰমণ কৰিব পাৰে। সেয়ে, ভাবি-চিন্তি বঙ্গলৈ যাত্ৰা কৰাৰ আগেয়ে মোৱামৰীয়াক শেষৰ বাৰলৈ এখুন্দা দিয়াৰ কথা তেওঁ ভাবিলে। সেইমতে মে’ মাহৰ ৫ তাৰিখে নিশা ২ বজাত ওৱেলছৰ চিপাহীয়ে মোৱামৰীয়াৰ শিবিৰ আক্ৰমণ কৰিছিল। কিন্ত মোৱামৰীয়া সকলে বিশেষ ক্ষয়-ক্ষতি নোহোৱাকৈ দ্ৰুতগতিত পলাই যাবলৈ সক্ষম হ’ল। মোৱামৰীয়াই গৈ দৰিকা নৈৰ সোঁফালে শিবিৰ পাতি তাৰ পৰা গৰিলা পদ্ধতিৰে আক্ৰমণ চলাই গৈছিল। সেয়ে, ওৱেলছে ১২ মে’ তীৰিখে সদলবলে দিখু নৈ পাৰ হৈ মোৱামৰীয়া শিবিৰত আক্ৰমণৰ বাবে আগবাঢ়িল। মোৱামৰীয়া সকলে বোধকৰো ওৱেলছৰ এই আক্ৰমণৰ কথা জানিছিল। নাইবা, সংখ্যাত এতিয়া তেওঁলোক প্ৰায় ৪ হাজাৰ হোৱাৰ কাৰণে ওৱেলছৰ এমুঠি সৈন্যক ভয় কৰাৰ কোনো কাৰণ নেদেখি বৰ্ং তেওঁলোকে এইবাৰ ওৱেলছৰ দললৈ বন্দুকৰ গুলী আৰু কাড় নিক্ষেপ কৰিছিল। কিন্ত তথাপিও ওৱেলছক দলে-বলে আগবাঢ়ি থকা দেখি মোৱামৰীয়াই নতুনকৈ সঞ্চয় কৰা সাহস আৰু আত্মবিশ্বাস হেৰুৱাই পলাবলৈ ধৰিলে। ওৱেলছে এই বাৰ মোৱামৰীয়াক শিশুপাল খেদা দি তেওঁলোকৰ বহুতো ক্ষয়ক্ষতি কৰিলে। মোৱামৰীয়াৰ শিবিৰত জুই লগাই দি ওৱেলছ ৰংপুৰলৈ উভটি আহিল। এই অভিযানত ওৱেলছে মাত্ৰ দুজন সৈন্য হেৰুৱাইছিল।

এই অভিযানৰ কেইদিন পিছত ৰজাৰ অনুৰোধ উপেক্ষা কৰি কেপ্তেইন ওৱেলছে গধুৰ মনেৰে বঙ্গৰ ৰংপুৰ বুলি নৌযাত্ৰা আৰম্ভ কৰিলে। ৩০ মে’ তাৰিখে ওৱেলছৰ দলটো গুৱাহাটী পোৱাত তেওঁক বহুতো লোকে অসম এৰি নাযাবলৈ অনুনয়-বিনুনয় কৰিবলৈ ধৰিলে। চিপাহী সকলে অসম এৰি গ’লে এই ৰাজ্যত অৰাজকতা হ’ব বুলি তেওঁলোকে ওৱেলছক জনাইছিল। বহুতে কৈছিল যে, কেপ্তেইন ওৱেলছৰ ভৰসাত তেওঁৰ কথামতে তেওঁলোকে গৌৰীনাথ সিংহক সমৰ্থন কৰিছিল। তেওঁলোকে ভাবিছিল যে, ওৱেলছে তেওঁলোকক সাম্ভাব্য অত্যাচাৰ আৰু অবিচাৰৰ পৰা ৰক্ষা কৰিব। কিন্ত এতিয়া তেওঁলোকক এইদৰে এৰি থৈ গ’লে তেওঁলোকৰ কি অৱস্থা হ’ব সহজে অনুমেয়। কিন্ত সকলো অৰণ্য ৰোদন হ’ল। গভৰ্ণৰ জেনেৰেলৰ আদেশ আছিল শিলৰ ৰেখা। উপায়হীন কেপ্তেইন ওৱেলছ গ’ল গৈ। ১৭৯৪ খৃঃৰ ৩ জুলাইত তেওঁ আকৌ বৃটিছ অধিকৃতঞ্চলত অবতীৰ্ণ হ’ল।

অনাগত দিনত অসমৰ যি আন্ধাৰ ভৱিষ্যতৰ শঙ্কা কেপ্তেইন ওৱেলছে কৰিছিল, সি ফলৱৰ্তী হ’বলৈ সৰহ দিন নালাগিল। কেপ্তেইন ওৱেলছ গুচি যোৱাত গৌৰীনাথে ৰংপুৰত থকাটো বিপদ জনক হ’ব বুলি ভাবি ডাঙৰীয়া সকলৰ সৈতে যোৰহাটলৈ আহিছিল। তেওঁ এতিয়া যোৰহাটতে ৰাজধানী পাতিলে। ইফালে, ওৱেলছৰ প্ৰত্যাৱৰ্তনৰ বাতৰি পাই মোৱামৰীয়াই প্ৰায় লগে লগে দল-বল গোটাই ৰংপুৰ অভিমুখে আগবাঢ়িলে। তেওঁলোক অহাৰ আগতেই গৌৰীনাথৰ দলটো যোৰহাট পাইছিল গৈ। মোৱামৰীয়াই আকৌ ৰংপুৰ দখল কৰি ন’কৈ অত্যাচাৰৰ পাতনি মেলিলে।

যিসকল বিষয়া বা প্ৰজাক কেপ্তেইন ওৱেলছে ৰক্ষণা বেক্ষণ দিছিল বা যিসকলৰ সৈতে তেওঁৰ বন্ধুত্ব গঢ়ি উঠিছিল, সেই সকল লোক এতিয়া গৌৰীনাথ সিংহৰ ৰোষৰ বলি হ’ল। কেপ্তেইন ওৱেলছৰ ইচ্ছানুসৰি নিযুতকি পোৱা বৰুৱাৰ পৰা সকলোবোৰ ক্ষমতা কাঢ়ি অনা হ’ল। বৰফুকন বিশ্বাস ঘাটক বুলি অভিহিত কৰি নানা অত্যাচাৰ কৰি হত্যা কৰা হ’ল। সলাল গোহাইৰ ক্ষেত্ৰতো অনুৰুও ব্যৱস্থা লোৱা হৈছিল। এসময়ত ৰজাৰ বিৰুদ্ধে অস্ত্ৰ লোৱা বৈৰাগীক শিৰচ্ছেদ কৰা হ’ল। যিসকলে এসময়ত মোৱামৰীয়াক সহায় কৰিছিল সেই আটাইবোৰকে বিচাৰি আনি ৰজাই ভয়াবহ ভাৱে অত্যাচাৰ কৰি তাৰ পিছত মৃত্যুদণ্ডৰ আদেশ দিলে। এই অত্যাচাৰৰ নমূনা ইমান ভয়ঙ্কৰ আছিল যে, বহুতে ৰজাৰ হাতত ধৰা পৰা কৈ আত্মহত্যা কৰাতোকে শ্ৰেয় বুলি ভাবিলে।

সমগ্ৰ ৰাজ্য খনতে এটা খেলিমেলি অৱস্থাৰ সৃষ্টি হ’ল। দূৰৈৰ অঞ্চল সমূহৰ ওপৰত ৰজাৰ কোনো হাত নোহোৱা অৱস্থা এটাৰ সৃষ্টি হৈছিল। সুযোগ বুজি জাহাৰা নামেৰে এজন বঙালী ভেৰণীয়া সৈন্যই নিজে গুৱাহাটীৰ বৰফুকন হৈ বহিছিল। পিছত তেওঁ সেই বাবটো আন এজন প্ৰাৰ্থীক ১০,০০০ টকাৰ বিনিময়ত বিক্ৰী কৰিছিল। কিছু দিনৰ মূৰত আকৌ তেওঁৰ পৰা বাবটো আনি আন এজনক ৬০,০০০ টকাৰ বিনিময়ত বেচিছিল। এই নতুন খৰিদ্দাএ জনে হেনো কামাখ্যা, হাজো আৰু আন কেতবোৰ ঠাইৰ মন্দিৰৰ সোণা আৰু ৰুপৰ বাচনবোৰ বেচি সেই টকা সংগ্ৰহ কৰিছিল। অৱশেষত, বঙ্গৰ পৰা কেইজন মান ভেৰণীয়া সৈন্য আনিহে হাজাৰা সিঙক খেদিব পৰা গৈছিল।

উজনি অসমত গৌৰীনাথ সিংহই ইষ্ট ইণ্ডিয়া কোম্পানীৰ আৰ্হিত এদল সৈন্যবাহিনী প্ৰস্তুত কৰিছিল। মোৱামৰীয়া দমনৰ বাবে বুঢ়াগোহাইৰ দলত থকা ৰণুৱা সকলৰ পৰা বাচি বাচি ৰণুৱা লৈ এই দলটো গঠন কৰা হৈছিল। তেওঁলোকক একে ধৰণৰ পোছাক আৰু কলিকতাৰ পৰা বন্দুক আনি দিয়া হৈছিল। তেওঁলোকক নিয়মিত ভাৱে কুচকাৱাজ কৰাইছিল দুজন বৃটিছ বিষয়াই। কেপ্তেইন ওৱেলছৰ এই বিষয়া দুজনক বহু টকা ঘোচ দি এই ৰাজ্যত ৰাখিবলৈ আহোম ৰজা সমৰ্থ হৈছিল। এই সৈন্য দলৰ সহায়ত আহোমে এতিয়া মোৱামৰীয়াকে ধৰি অন্যান্য শত্ৰু সকলৰ বিৰুদ্ধে বীৰত্বৰে থিয় দিব পাৰিছিল। আহোমৰ মনলৈ সাহ উভটি আহিছিল। বৰ্মী সকলে আক্ৰমণ নকৰা হেঁতেন বোধকৰো আহোমৰ ইমান সোনকালে পতন নহ’লহেতেন।

আহোম সকলে সৰহ দিন শদিয়া নিজৰ লগত ৰাখিব নোৱাৰিলে। প্ৰায় ৫০/৬০ বছৰ আগেয়ে খামতি সকলে পাহাৰৰ পৰা নামি আহি আহোম ৰজাৰ অনূমতি সাপেক্ষে টেঙাপানীত বসবাস কৰিছিল। মোৱামৰীয়া কৈৱৰ্ত্ত লোকে কেতবোৰে শদিয়াত এজন লোকক ৰজা পাতিছিল। খামতি সকলে এই লোক জনক ওফৰাই এই ঠাই দখল কৰিলে। খামতিৰ মূখীয়াল জনে নিজকে শদিয়া-খোৱা গোহাই বুলি চিলাকি দিছিল। স্থানীয় অসমীয়া লোকক তেওঁলোকে দাসত পৰিণত কৰিছিল।

গৌৰীনাথ সিংহই তেওঁৰ হেৰুওৱা ক্ষমতা পুনৰ অধিকাৰৰ পিছত সৰহদিন ৰাজত্ব কৰিবলৈ নাপালে। কেপ্তেইন ওৱেলছ উভতি যোৱাৰ ওঠৰ মাহৰ পিছত গৌৰীনাথৰ টান নৰিয়া হ’ল আৰু ১৭৯৮ খৃঃৰ ১৯ ডিচেম্বৰত তেওঁ সেই নৰিয়াতে ঢুকাল। মৃত্যু কালত তেওঁৰ ওচৰত থকা বুঢ়াগোহায়ে তেওঁৰ মৃত্যুৰ বাতৰি গোপন কৰি ৰজাই মাতিছে বুলি কৈ বৰবৰুৱাক ৰাজ-কাৰেঙলৈ মাতি আনিলে। বৰবৰুৱা আহিলত, ৰজাৰ আজ্ঞা বুলি তেওঁক বন্দী কৰি মৃত্যুদণ্ড দিলে। এইদৰে তেওঁৰ প্ৰধান শত্ৰু জনক আঁতৰাইহে বুঢ়াগোহায়ে ৰজাৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰিছিল। তাৰ পিছত, গৌৰীনাথ সিংহই তেওঁৰ মৃত্যু শয্যাত কিনাৰাম নামেৰে গদাধৰ সিংহৰ বংশধৰ এজনক ৰজা পাতিবলৈ কৈছিল বুলি বুঢ়াগোহায়ে কোৱাত, এতিয়া কিনাৰামে ৰাজপাট লাভ কৰে।

আহোম ৰজা সকলৰ ভিতৰত গৌৰীনাথ সিংহ আটাইতকৈ বেচি অকামিলা, কাপুৰুষ, বদনামী অথচ ৰক্ত পিপাসু আছিল। কেপ্তেইন ওৱেলছে তেওঁৰ বিষয়ে এইদৰে লিখিছিল- “অকৰ্ম্মণ্য পৰনিৰ্ভৰশীল ৰজা জনে কেৱল শুই-বহি কটাইছিল। তেওঁক বিচাৰিলে হয় গাধুই থকা, নাইবা প্ৰাৰ্থনা কৰা নাইবা আফিং খাই থকা অৱস্থাতহে পোৱা গৈছিল”। তেওঁ মোৱামৰীয়া আৰু অন্যান্য বিৰুধী লোক সকলৰ ওপৰত প্ৰতিশোধ মূলক আচৰণ কৰাৰ কথা আগতে উনুকিওৱা হৈছে। কিন্ত কেৱল ঘৃণা বা প্ৰতিশোধৰ বাবেহে যে তেওঁ অত্যাচাৰ কৰিছিল এনে নহয়। মানুহক কষ্ট দি ভালপোৱা তেওঁৰ স্বভাৱ আছিল। স্বাভাৱিক অৱস্থাতো তেওঁ কেতবোৰ ঘাতক শ্ৰেণীৰ লোক লগত লৈ ফুৰিছিল যাতে তেওঁ ইঙ্গিত দিলে কোনেও সাৰি যাব নোৱাৰে। তেওঁৰ অত্যাচাৰী আৰু নিষ্ঠুৰ স্বভাৱ সম্বন্ধে বহু কথা শুনা গৈছিল। এদিন তেওঁড় এজন লগুৱাই আনক সোধা প্ৰশ্ন এটাৰ হেতা-ওপৰাকৈ উত্তৰ দিয়াত ৰজাই হেনো তাৰ চকুৰ মণি কাঢ়ি, নাক আৰু কাণ কাটিছিল। এই দৃষ্টান্তৰ পৰাই তেওঁৰ নিষ্ঠুৰতা সম্বন্ধে অনুমান কৰিব পাৰি। গৌৰীনাথ সিংহৰ ৰাজকাৰ্য্যৰ প্ৰতি অকণো মন-কাণন্নাছিল। সকলোবোৰ প্ৰশাসনীয় দায়িত্ব তেওঁ কেতবোৰ দুৰ্নীতি পৰায়ণ বিষয়াৰ ওপৰত ন্যস্ত কৰিছিল। এই বিষয়া সকলক কেপ্তেইন ওৱেলছৰ বিৱৰণীত “এদল ভয়ানক দুষ্ট প্ৰকৃতিৰ লোক” বুলি বৰ্ণনা কৰা হৈছে। ৰজা আৰু তেওঁৰ ওপৰত নিৰ্ভৰশীল লোক সকলৰ অপকৰ্ম আৰু আতিশয্য আৰু প্ৰজাৰ শাৰীৰিক, মানসিক দুৰ্ব্বলতাই মোৱামৰীয়া সকলক তেওঁলোকৰ বিৰুদ্ধে সফল হোৱাৰ সুযোগ দিছিল। মোৱামৰীয়া সকল অজেয় নাছিল। কেপ্তেইন ওৱেলছে হেলাৰঙে তেওঁলোকক পৰাজিত কৰাৰ ঘটনালৈ লক্ষ্য কৰিলে মোৱামৰীয়া সকলক কেলেই আহোমে দমন কৰিব নোৱাৰিলে সেই প্ৰশ্নটো এটা সাথৰ হৈ ৰয়। আহোম সকলৰ যিমানেই অধঃপতন নহওক কেলেই, আটায়ে মাৰ বান্ধি থিয় দিলে মোৱামৰীয়াক দমন কৰাটো বৰ কঠিন নহ’ল হেঁতেন। কিন্ত পৰস্পৰৰ মাজত ক্ৰমান্বয়ে বাঢ়ি অহা হিংসা, অবিশ্বাসে তেওঁলোকক এক গোট হ’বলৈ নিদিলে। আনহাতেদি, ৰজা নামধাৰী দৈতৰুপী অমানুহ জন আৰু তেওঁৰ বদনামী বিষয়া সকলৰ অপকৰ্ম্মবোৰে প্ৰজাৰ আনুগত্যতো ছাঁ পেলাইছিল।

গৌৰীনাথ সিংহ ৰাজপাটত বহাৰ আগলৈকে ৰাজ্যখনৰ প্ৰজা সকলে সুখ-শান্তিত জীৱন কটাইছিল। কিন্ত এইজন ৰজাৰ দিনত ৰাইজৰ পানীত হাঁহ-নচৰা অৱস্থা হ’ল। মোৱামৰীয়াৰ অত্যাচাৰত প্ৰজাই ঘৰ-বাৰী এৰি পলাল। গাওঁবোৰত মানুহ নাইকীয়া হ’ল। বহুতে গৈ হাবিত লুকাই থাকি বনৰীয়া ফলমূল, কচু আৰু অভক্ষ মাংস খাই জীয়াই থাকিল। দেৰগাওঁ আৰু ৰংপুৰৰ মাজৰ অঞ্চলটো এসময়ত খেতিৰে নদন-বদন আছিল। এই ঠাইৰ লোকৰ আৰ্থিক অৱস্থা টনকিয়াল আছিল। কিন্ত কেপ্তেইন ওৱেলছে আহি সেই অঞ্চলটো জন শূন্য পাইছিল। নামনি অসমত বংগৰ বৰকণ্ডাজ আৰু কেতবোৰ ডকাইত শ্ৰেণীৰ লোকে কিছূমান গাওঁত সোমাই প্ৰজাক লটিঘটি কৰিছিল। আনহে নালাগে, ৰজা গৌৰীনাথ সিংহই য’তে পাৰে ততে মোৱামৰীয়াৰ ওপৰত অকথ্য অত্যাচাৰ চলাইছিল।

১৮ শ শতিকাৰ অসমৰ বিষয়ে কেপ্তেইন ওৱেলছৰ টোকাত কেতবোৰ জানিবলগীয়া কথা পোৱা যায়। সেই সময়ত গুৱাহাটী এখন বিস্তৃত আৰু জনবহুল নগৰ আছিল। এই নগৰ খন ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰে অৱস্থিত আছিল আৰু চুবুৰীয়া পাহাৰ অঞ্চলকো ই সাৱটি লৈছিল। নৈ পাৰৰ এখন ওখ ঠাইত বিভিন্ন আকৃতিৰ কেতবোৰ বন্দুক সজাই থোৱা আছিল। মুঠ এনে বন্দুক আছিল ১১৩ আৰু তাৰে ৩ টা ইউৰোপীয় আছিল। ইয়াৰ উপৰিও নৈৰ পৰা প্ৰায় ১০০ গজ আঁতৰত দীঘলীয়া প্ৰাচীৰেৰে আবৰা ঠাইত সৈন্য সামন্ত, অস্ত্ৰ-শস্ত্ৰাদি ৰখাৰ ব্যৱস্থা আছিল। এই প্ৰাচীৰবোৰ ইটাৰে নিৰ্মিত আৰু ইয়াৰ উচ্চতা আছিল ৬ ফুট। প্ৰাচীৰৰ দুয়ো কাষে (বাহিৰে-ভিতৰে) খাৱৈ আছিল। খাৱৈ বিলাক সদায়েই পানীৰে পৰিপূৰ্ণ আছিল। প্ৰাচীৰৰ ভিতৰত এটা প্ৰকাণ্ড মাটিৰে নিৰ্মিত ঘৰ আছিল। এই ঘৰটো ইমান ডাঙৰ যে এটা সৈন্য বাহিনী ইয়াত থাকিব পাৰিছিল।

ৰংপুৰ নগৰ খন বহু বছৰ ধৰি আহোমৰ ৰাজধানী আছিল। প্ৰায় কুৰি মাইল জুৰি বিস্তৃত এই নগৰ খনো জনবহুল আছিল। গুৱাহাটীত দেখাৰ দৰে প্ৰতিৰক্ষা ব্যৱস্থাৰে ইয়াতো একে ধৰণৰ ঠাই এটকুৰা দেখা গৈছিল। কিন্ত ইয়াৰ ঘৰ আৰু প্ৰাচীৰ বোৰ উৱলি গৈছিল। অভিজাত শ্ৰেণীৰ লোকৰ বহুত মাটি-বাৰী আছিল আৰু লগুৱা ৰাখি তেওঁলোকে তাত খেতি-বাতি কৰিছিল। কিন্ত খাদে শস্যবোৰ বজাৰলৈ অনা নহৈছিল। অসমত খাদ্য শস্য কিনাটো সেয়ে প্ৰায় অসম্ভৱেই আছিল। পইচাৰ পৰিৱৰ্তে নিমখ আৰু কানি দিলেহে শস্য পোৱা গৈছিল।

ৰংপুৰত যুঁজৰ সময়ত লুট কৰা ধান বিক্ৰীৰ দৰ আছিল এটকাত ৬ শ পাউণ্ড, ম’হ গাইপতি ৫ টকা আৰু গাইগৰু ২ টকা। এইদৰে বয়-বস্তুৰ দাম অতি নিম্ন হ’লও বা বজাৰত টকা পইচাৰ বিশেষ প্ৰচলন নহ’লেও আহোম ৰজাৰ কিন্ত যথেষ্ট আয়ৰ পথ আছিল আৰু গৌৰীনাথ সিংহই বৃটিছ সৈন্যৰ বাবদ বহুত টকা খৰচ কৰিছিল।

বঙ্গদেশৰ সৈতে অসমৰ প্ৰচুৰ বাণিজ্যিক সম্বন্ধ আছিল। অসমলৈ বয়-বস্তু আমদানীৰ বাবে বৰফুকন বেপাৰী সকলে বছৰত মুঠ ৯০,০০০ টকা দিছিল। তাৰে ৰাজ ভঁৰাললৈ গৈছিল মাত্ৰ ২৬০০০ টকা। অসমত মোৱামৰীয়া বিদ্ৰোহৰ আগতে বছৰি ১২০,০০০ মোন লোণ আমদানী হৈছিল। অৱশ্যে সেইকালত স্থানীয় ভাৱেও কিছু পৰিমাণৰ লোণ পোৱা গৈছিল। চোৰাং  ভাৱেও ৰাজ্য খনলৈ লোণ আহিছিল পইচাৰ মূল্য বৰ্তমানতকৈ তিনিগুণ বেছি আছিল। ধানৰ হিচাবত হিচাব কৰিলে সেই মূল্য বৰ্তমানতকৈ ৪০ গুণ বেছি আছিল।

ৰাজপাটত উঠি কিনাৰামে হিন্দুমতে কমলেশ্বৰ সিংহ আৰু আহোম মতে ছুকলিংফা নাম লৈছিল। তেওঁ নিজৰ দেউতাক চাৰিং ৰজাৰ বাবে দিছিল। তেওঁক সিংহাসন দিয়া বুঢ়াগোহাইৰ হাতত তেওঁ সমুদায় ৰাজকাৰ্য্য অৰ্পণ কৰিছিল। বুঢ়াগোহাই এজন অতি সুদক্ষ আৰু অভিজ্ঞ হোৱাৰ বাবে ৰজাই এনে কৰাত ভালেই হৈছিল। আগৰ জন ৰজাৰ দিনত ৰজাৰ দ্বাৰা পৰিত্যক্ত হৈ তেওঁৰ পৰা কোনো সহায়-সাৰথি এইজন ডাঙৰীয়াই পোৱা নাছিল। আন আন বিষয়া সকলে তেওঁৰ বিৰুদ্ধে ঠিক ষড়যন্ত্ৰ নকৰিলেও কোনো কথাতে সহায় কৰা নাছিল। তথাপিও অকলশৰে বুঢ়াগোহায়ে কেইবা বছৰ জুৰি আহোমক ৰক্ষা কৰি আহিছিল। এতিয়া তেওঁৰ সমৰ্থনকাৰী ৰজা এজন পাই বুঢ়া গোহায়ে তেওঁৰ বিৰোধী সকলোবোৰ বিষয়াক ৰাজ্য খনত এটা সুস্থিৰ বাতাবৰণৰ সৃষ্টি কৰি ইয়াৰ উত্তৰোত্তৰ শ্ৰীবৃদ্ধি ঘটাবলৈ মনস্থ কৰিলে। এই আঁচনিৰ সফল ৰুপায়ণৰ বাবে আৱশ্যক আছিল এটা শক্তিশালী সৈন্যদল। গৌৰীনাথ সিংহৰ ৰাজত্বৰ শেষছোৱাত এনে এটা চেষ্টাই কৰা হৈছিল। বুঢ়াগোহায়ে এতিয়া সেই সৈন্য দলটো আৰু বেছি বিস্তৃত, পাকৈত আৰু শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিলে। এই চিপাহী বিলাক ৰাজ ভৰালৰ স্ংগতি নথকাত বুঢ়াগোহায়ে সত্ৰাধিকাৰ সকলক আৰ্থিক অৱস্থানুসৰি ৪০০০ বা ততোধিক টকা ৰাজভৰালত জমা দিবলৈ নিৰ্দ্দেশ দিলে।

কমলেশ্বৰ সিংহ ৰজা হোৱাৰ অলপ দিনৰ পিচতেই কামৰুপত এটা বিদ্ৰোহ হৈছিল। এই বিদ্ৰোহৰ গুৰি ধৰিছিল হৰদত্ত আৰু বীৰদত্ত নামেৰে দুজন ভাই-ককায়ে। তেওঁলোকক বোধকৰো কোচবিহাৰ আৰু বিজনীৰ ৰজাই গোপনে সহায় কৰিছিল। তেওঁলোকৰ উদ্দেশ্য আছিল কামৰুপ পুনৰুদ্ধাৰ। হৰদত্ত আৰু বীৰদত্তই কেতবোৰ কছাৰী, পাঞ্জাবী আৰু হিন্দুস্থানী ইদ্ধাস্তু লোকেৰে এদল সৈন্য গোটাই নিজকে স্বাধীন বুলি ঘোষণা কৰিছিল। তেওঁলোকৰ বহুত সমৰ্থক ওলালত এই ভাতৃ দুজনে সমগ্ৰ উত্তৰ কামৰুপ দখল কৰিলে। কোনো কোনো সূত্ৰ্মতে তেওঁলোকে দক্ষিণ কামৰুপৰ অংশ বিশেষো অধিকাৰ কৰিছিল। তেওঁলোকক উপহাৰ কৰি ডুমডুমীয়া বোলা হৈছিল। সেই সময়তে দৰঙলৈ নৈকাৰে বহা-বপাৰৰ উদ্দেচ্যে যোৱা গোৱালপাৰাৰ মিঃ ৰাউছক এই বিদ্ৰোহী দলে আক্ৰমণ কৰি হত্যা কৰিছিল। তেওঁৰ লগত যোৱা নাওঁবোৰ লুটি বহুত বয়-বস্তুও বিদ্ৰোহীয়ে নিছিল।

বৰফুকনে উজনি অসমৰ পৰা কোনো সহায় নাপালে। উজনিত সেই সময়ত বুঢ়াগোহায়ে ৰাজকাৰ্যৰ দায়িত্ব গ্ৰহণত অতি ব্যস্ত থকাৰ কথ অলপ পিছত আলোচনা কৰা হ’ব। বৰফুকনে বেলতলা আৰু ডইমৰুৱা ৰজাৰ পৰা সৈন্য গোটালে। তাৰ পিচত কেতবোৰ হিন্দুস্তানী সৈন্যও ল’লে। এইদৰে দল-বল গোটাই ব্ৰহ্মপুত্ৰলৈ পাৰ হৈ কেইবা বাৰো বিদ্ৰোহী সকলক তেওঁ পৰাস্ত কৰিবলৈ সক্ষম হ’ল। হৰদত্ত আৰু বীৰদত্ত পলাই গৈছিল। কিন্ত পিছত ধৰা পৰিল আৰু দুয়োকে অশেষ কষ্ট দি হত্যা কৰা হ’ল। হৰদত্ত আৰু বীৰদত্তৰ পতনৰ মূলতে আছিল তেওঁলোকৰ নিজৰ লোকৰ অসন্তষ্টি। এই ভাতৃ দুজনৰ দান্তিকতাই উচ্চ শ্ৰেণীৰ লোক সকলক বিৰক্ত কৰিছিল। নিজৰ হ’লেও এনে অহঙ্কাৰী লোকৰ তলত থকাকৈ বিদেশী লোকৰ শাসনাধীন হোৱাই ভাল বুলি তেওঁলোকে কোৱা-কুই কৰিছিল। এই অভিযানত সফলতা লাভ কৰাৰ বাবে বৰফুকনক সন্মান জনাই প্ৰতাপবল্লভ উপাধি দিয়া হৈছিল।

সেই বছৰতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত দফলা আৰু মোৱামৰীয়া সকলে একগোট হৈ বিদ্ৰোহ কৰিছিল। তেওঁলোকে নৈ পাৰ হৈ শিলঘাট পাইছিলহি। কিন্ত এই ঠাইতে বুঢ়াগোহায়ে নতুনকৈ সৃষ্টি কৰা সৈন্য দলৰ সৈতে ভেটা ভেটি হোৱাত বিদ্ৰোহী সকলে তিষ্ঠিব নোৱাৰি পলাই যায়। পিছে পিছে সৈন্যদলে খেদি যোৱাত লৰি যোৱাত লৰি গৈ খকমককৈ নাওঁত উঠিবলৈ লওঁতে বহুবোৰ বিদ্ৰোহীৰ পানীত পৰি মৃত্যু হ’ল। কিছুমান ৰণত পৰিল। ধৰা পৰা বিলাকৰ শিৰচ্ছেদ কৰা হ’ল। তেওঁলোকৰ কটা মূৰবোৰ দীঘল দীঘল জোঙত আঁৰি থোৱা হ’ল যাতে সেইবোৰ দেখি আন কোনো লোকে সতকাই বিদ্ৰোহ কৰিবলৈ সাহ নকৰে।

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এই বিদ্ৰোহ দমনত বুঢ়াগোহায়ে সহায় আগবঢ়াব পৰা নাছিল। দক্ষিণ পাৰৰ শান্তি-শৃঙ্খলা ঘূৰাই অনাৰ বৃহৎ দায়িত্বই তেওঁক অতি ব্যস্ত কৰি তোলাৰ বাবেই এনে হৈছিল। বিশেষকৈ মোৱামৰীয়া বিদ্ৰোহী অধ্যুষিত ৰংপুৰ নগৰ খন আকৌ সজাই পৰাই তোলাটো বৰ কষ্ট সাধ্য হৈছিল। কিন্ত এই কাৰ্যৰ পৰা অলপ অব্যাহতি পায়েই তেওঁ নৈ পাৰহৈ বৰ্তমান তেজপুৰৰ ওচৰেদি গৈ উত্তৰ পাৰত দফলা বিলাকক এখুন্দা দিছিল। তেওঁৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি দফলাই তেওঁৰ বশ্যতা স্বীকাৰ কৰিছিল। ইয়াৰ পিছত তেওঁ গড়মূৰলৈ গৈ ফোফাই সেনাপতিকে ধৰি ভালেমান বিদ্ৰোহীক হত্যা কৰিছিল। এই ঠাইত আশ্ৰয় লোৱা আন আন বিদ্ৰোহী বিলাককো তেওঁ সৈমান কৰিছিল। ইয়াৰ পিছত তেওঁ খেৰকেটীয়া সুতি হৈ শিমলুগুৰিলৈ গৈছিল। তাত গোটখোৱা মোৱামৰীয়া বিদ্ৰোহী বোৰক তেওঁ পৰাস্ত কৰিছিল। পিতাম্বৰ মহন্ত নামেৰে মোৱামৰীয়া দলপতি জনক হত্যা কৰা হৈছিল। কিন্ত আন এজন বিদ্ৰোহী ভাৰতী ৰজা পলাই সাৰিছিল। ১৭৯১ চনত মোৱামৰীয়া বিদ্ৰোহীয়ে ৰংপুৰত ৰজা পতা ভাৰত সিঙেই এই ‘ভাৰতী ৰজা’ বুলি অনুমান হয়। এই যাত্ৰাত বিদ্ৰোহীৰ ভালেমান বয়-বস্তু আহোমৰ হস্তগত হয়। বিদ্ৰোহী বন্দী বিলাকক বুঢ়াগোহায়ে খুটিয়া পোতালৈ নিৰ্ব্বাসন দিয়ে।

১৭৯৯ খৃঃত ভাৰতী ৰজাই ভলেমান মোৱামৰীয়া বিদ্ৰোহী গোটাই বেংমৰাত পুনৰ বিদ্ৰোহ ঘোষণা কৰিছিল। ততাতৈয়াকৈ এদল সৈন্য গৈ বিদ্ৰোহী সকলক খেদি দিছিল। বন্দুকৰ গুলীত ভাৰতী ৰজা নিহত হৈছিল। এইদৰে উপৰ্যুপৰি হাৰি মোৱামৰীয়া সকলে বোধকৰো বিদ্ৰোহ কৰি লাভ নই বুলি বুজিছিল আৰু সেয়ে কেবা বছৰ ধৰি পূৱ অসমত তেওঁলোকে কনো গণ্ডজ্ঞোল কৰা নাছিল।

ছিংফৌ আৰু খামতি সকলক সৈমান কৰিবলৈ তেতিয়াও বাকী আছিল। আহোম ৰাজ্যত হোৱা অশান্তিৰ সুযোগত খামতি সকলে শদিয়া দখল কৰিছিল। ১৭৯৮ খৃঃত বুঢ়া গোহাইৰ সৈনুঅই চিংফৌ সকলক আক্ৰমণ কৰাত তেওঁলোক হাৰি পলাই যায়। ১৮০০ খৃঃত খামতিৰ বিৰুদ্ধে অভিযান চলোৱা হয়। এই সংক্ৰান্তত হোৱা যুঁজত খামতি বঢ়া ৰজাকে ধৰি ভালেমান লোক নিহত হয়। যুদ্ধ বন্দী বিলাকক ৰংপুৰলৈ নি পিছত যোৰহাটৰ উত্তৰে দিছৈ নৈ পাৰত থাকিবলৈ দিয়া হয়। আন কিছুমানক তিতাবৰত থাকিবলৈ দিয়ে। এই যুঁজত খামতি সকলক হেনো নৰা, ফাকিয়াল আদি শান ফৈদৰ লোকেও সহায় কৰিছিল। আনকি, আৰব সকলেও এই যুঁজত খামতিৰ পক্ষ লৈছিল। উল্লেখযোগ্য যে খামতি আৰু আৰবৰ মাজত ভালেমান দিন ধৰি শত্ৰুতাহে আছিল। আৰবৰ তলতীয়া কেতবোৰ মিৰি লোকক খামতি সকলে ধৰি নিয়াৰ ফলত তেওঁলোকৰ যুঁজ হৈছিল আৰু যুঁজত খামতি সকল পৰাজিত হৈছিল। কিন্ত এতিয়া আহোমৰ বিৰুদ্ধে আৰবে খামতিক সহায় কৰিছিল। এই পৰাজয়ৰ পিছত চন্দ্ৰকান্ত সিংহৰ দিনত আহোমৰ পতন কালতহে খামতি সকলে নিজকে শদিয়াত পুনৰ প্ৰতিস্থিত কৰিছিল।

বুঢ়াগোহায়ে বহুদিন জুৰি পলাই যোৱা কৃষক সকলক উভটি আহিবলৈ আবেদন কৰিছিল। এই কৃষক সকলৰ যিসকলে বিদ্ৰোহীক সহায় কৰিছিল তেওঁলোকক ক্ষমাদান কৰাত কিছু সংখ্যক কৃষক উভটি আহিছিল। কিন্ত যি সকল মোৱামৰীয়াই কছাৰী আৰু জয়ন্তীয়া ৰাজ্যত আশ্ৰয় লৈছিল সেই সকলে শত্ৰুৰ ৰাজ্যলৈ উভটি যোৱাতকৈ চুবুৰীয়া ৰাজ্যৰ আশ্ৰয়ত থকাটোকে শ্ৰেয় বুলি ভাবিছিল। বাৰে বাৰে কোৱা সত্বেও এই সকল নহাত বুঢ়াগোহায়ে কছাৰী আৰু জয়ন্তীয়া ৰজাক এই লোক সকলক পঠিয়াই দিবলৈ অনুৰোধ কৰিছিল। কিন্ত ৰজা দুজনে তেনে কৰিবলৈ মান্তি নহ;ল। এই বিষয়ে দীৰ্ঘ দিন ধৰি পত্ৰৰ আদান-প্ৰদান চলিল যদিও কোনো ফল নধৰিলে। জয়ন্তীয়া ৰজাৰ সৈতে বৰং সম্বন্ধহে বেয়া হ’ল। জয়ন্তীয়া ৰজা ৰামসিঙে কটকীৰ হাতত দিয়া পত্ৰ এখনত সম-সাময়িক এনে পত্ৰ সমূহত ব্যৱহৃত সন্মানীয় ভাষাৰ তাৰতম্য ঘটা বুলি খং কৰি আহোমে কটকী জনক অপমান কৰি খেদি দিছিল।

১৮০৩ খৃঃত কছাৰী ৰজা আৰু আহোমৰ মাজত হোৱা বিবাদে চৰম পৰ্যায় পালেগৈ। মিকিৰ পাহাৰ আৰু যমুনা নৈৰ মাজৰ ধৰম পৰৰ ওচৰে-পাজৰে বহুবোৰ মোৱামৰীয়াই আশ্ৰয় লৈছিল। কছাৰী ৰজাই এই লোকসকলক ওভটাই নিদিয়াত আহোমে তেওঁলোকক বলেৰে উদ্ধাৰ কৰিবলৈ গ’ল। সেই মৰ্মে ৰহা হৈ তেওঁলোক যমুনা মুখত উপস্থিত হয়। কছাৰী আৰু মোৱামৰীয়াৰ মিলিত দল এটাক এই ঠাইতে তেওঁলোকে পৰাস্ত কৰে। কিন্ত অলপ দিনৰ পিছতেই এই লোক সকলে পুনৰ সংঘবদ্ধ হৈ নগাওঁৰ ওচৰৰ কেতবোৰ গাওঁত লুটপাত কৰি জুই লগাই দিছিল। দিনে দিনে কছাৰী আৰু মোৱামৰীয়াকে নতুন নতুন লোকে সহায় কৰিবলৈ অহাত তেওঁলোকৰ সংখ্যা বৃদ্ধি পাইছিল। আৰু সেয়ে তেওঁলোকে পুনৰায় আক্ৰমণ কৰি আহোম সকলক সম্পূৰ্ণ ৰুপে পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। মুঠতে ৫৪০ জন ৰণুৱা নিহত আৰু বহু সংখ্যক আহত হোৱাৰ অন্তত আহোম সকলে গুৱাহাটীলৈ আঁতৰি গৈছিল।

এই পৰাজয়ৰ বাতৰি পায় বুঢ়াগোহায়ে পূবৰ জিলা সমূহৰ পৰা সৈন্য গোটাই আকৌ শত্ৰুৰ বিপক্ষে পঠিয়াইছিল। এইবাৰ নগাওঁৰ ওচৰত হোৱা যুঁজত পৰাজিত হৈ মোৱামৰীয়া আৰু কছাৰী সৈন্যবোৰে কলঙেদি ৰহা ওলাইছিল গৈ। আহোমে পিছে পিছে গৈ এই সৈন্যবোৰক ৰহাৰ পৰা বিতাড়িত কৰিছিল। তাৰপৰা কপিলীয়েদি আগবাঢ়ি গৈ কপিলী আৰু যমুনাৰ মোহনাত ভৰি দিছিল। ইয়াৰ পৰা যমুনায়েদি গৈ ডবকাত অবতীৰ্ণ হৈ সেই ঠাই খনৰ লগতে চুবুৰীয় আটাইবোৰ শত্ৰু অধ্যুষিত গাওঁবোৰত অগ্নি সংযোগ কৰিছিল। এই খিনিতে মোৱামৰীয়া আৰু কছাৰীৰ মাজত বিবাদ ঘটাত ভালেমান কছাৰী লোকে গৈ আহোমৰ লগ লাগিছিল। আহোমে এই লোক সকলক বেবেজীয়াত মাটি-বাৰী দি থাকিবলৈ দিছিল।

কিছুদিনৰ বিৰতিৰ পিছত ১৮০৫ খৃঃত আহোমে কছাৰী আৰু মোৱামৰীয়াৰ মিলিত শক্তিক পুনৰ প্ৰত্যাহবান জনায়। যুঁজত বহুতৰে প্ৰাণ হানি হোৱাত বাচি থকা সকল বৰ আতঙ্কিত হৈছিল। তেওঁলোকে কোনোমতে পলাই সাৰে। তেওঁলোকৰ কিছুমানে খাছপুৰ, কিছুমানে জয়ন্তীয়া ৰাজ্য আৰু আনবোৰ নিজ নিজ গাওঁলৈ আত্মগোপন কৰে।

একে বছৰতে মোৱামৰীয়া সৰাণ সকলেও মূৰ দাঙি উঠিছিল। ডিব্ৰু নৈৰ পূব পাৰে এই বিদ্ৰোহ আৰম্ভ হৈছিল। এওঁলোকৰ দলপতি সৰ্ব্বানন্দ সিংহই নিজকে বেংমাৰাত ৰজা হিচাপে প্ৰতিষ্ঠা কৰাৰ কথা আগতে উনুকিওৱা হৈছে। বহাতিয়াতিং নামৰ ঠাইত তেওঁলোক পৰাজিত হ’লত লৰালৰিকৈ চোলঙ্গাগুৰিলৈ আঁতৰি গৈছিল। ইতিমধ্যে বাৰিষা আৰম্ভ হোৱাত তেওঁলোকৰ ভয়ানক অসুবিধা হ’ল। তাতোকৈ ডাঙৰ কথা জ্বৰ আৰু গ্ৰহণী বেমাৰে এই বিদ্ৰোহী সকলক তেনেই জুৰুলা কৰিলে। অৱশেষত উপায়হীন হৈ তেওঁলোকে আহোমৰ ওচৰত আঠু ললেহি। তেওঁলোকক আহোমে ঘিলামাৰা নামৰ ঠাইত থাকিবলৈ দিলে। সেই ঠাইত প্ৰহৰী নিযুক্ত কৰি এই লোক সকলে যাতে আকৌ বিদ্ৰোহ কৰিব নোৱাৰে তাৰ প্ৰতি চকু দিবলৈ কোৱা হ’ল। এইবোৰ ঘটনা ঘটি থকাৰ সময়ত মোৱামৰীয়া সকলে ৰামনাথ বৰবৰুৱা নামৰ এজন লোকক ব্ৰহ্মদেশৰ ৰজাৰ ওচৰলৈ সহায়ৰ আবেদন কৰিবলৈ পাচিছিল। প্ৰথম বাৰ বৰ্মী ৰজাই এই আবেদনৰ প্ৰতি মন-কাণ দিয়া নাছিল। কিন্ত উপৰ্যুপৰি অনুৰোধ অহাত অৱশেষত তেওঁ মোৱামৰীয়াক সহায়ৰ বাবে দুবাৰকৈ বৰ্ম্মী সৈন্য অসমলৈ পঠিয়াইছিল। সতৰ্ক বুঢ়াগোহাই ডাঙৰীয়াৰ চৰ বিলাকৰ শেণ চকুত ফাঁকি দিব নোৱাৰাত দুয়োবাৰেই এই সৈন্য সকলে আহোমৰ দ্বাৰা বিতাড়িত হৈছিল। ইতিমধ্যে বুঢ়াগোহায়ে মৰান মোৱামৰীয়াৰ প্ৰতি সদয় ব্যৱহাৰ কৰিছিল। তেওঁলোকৰ দলপতিক বৰ সেনাপতি পদত নিযুক্তি দিয়াত তেওঁ আহোমৰ অনুগত হৈছিল। তেওঁক বৰ সেনাপতি বুলি স্বীকৃতি দিয়া লোকৰ পৰা কৰ সংগ্ৰহ কৰি তেওঁ আহোমক দিছিল।

সেই সময়ত আহোমৰ অপ্ৰিয় ভাজন দৰঙৰ কৃষ্ণনাৰায়নে তেওঁৰ সিংহাসন হেৰুৱাইছিল। তেওঁৰ ঠাইত তেওঁৰ আত্মীয় সমুদ্ৰ নাৰায়ন ৰজা হৈছিল। সমুদ্ৰ নাৰায়ণক সকলোবোৰ হগনীয়া প্ৰজাক বিচাৰি আনি পুনৰ সংস্থাপন কৰিবলৈ কোৱা হৈছিল। ভূটীয়া বিলাকে ক্ৰমান্বয়ে আহোমৰ ঠাই দখল কৰি নিজৰ ৰাজ্যৰ সীমা বঢ়াই থকাৰ পৰা তেওঁলোকক নিৰস্ত্ৰ কৰিবলৈকো সমুদ্ৰ নাৰায়ণক নিৰ্দ্দেশ দিয়া হৈছিল। ইয়াৰ কিছুদিন পূৰ্ব্বে দৰাচলতে ভূটীয়া বিলাকেহে ৰাজ্যৰ সীমালৈ আপত্তি কৰিছিল। ভূটীয়াৰ মতে কমলা আলি আছিল তেওঁলোকৰ ৰাজ্যৰ সীমা। আহোমে এই দাবী শুনি এটা এৰা-ধৰা উত্তৰ দিছিল। প্ৰকৃততে পূৰ্ব্বৰ আহোম ৰজা সকলৰ শাসন কালত দেখা দিয়া নানা বিপৰ্য্যয়ৰ সুযোগতে ভূটীয়া বিলাকে এইদৰে অসমৰ সীমাৰ ভিতৰত সোমাইছিলহি। সেয়ে এতিয়া সমুদ্ৰ নাৰায়ণক ভূটীয়াৰ গতিবিধিৰ ওপৰত দৃষ্টি ৰাখি তেওঁলোকৰ পৰা দখল কৰা ঠাইবোৰৰ উদ্ধাৰৰ ইঙ্গিত দিয়া হৈছিল।

যি অসীম ধৈৰ্য্য আৰু সাহসেৰে বুঢ়াগোহায়ে শত্ৰুক চেদেলি-ভেদেলি কৰি তেওঁক অবমাননা কৰা সকলক কঠোৰ শাস্তি আৰু আত্মসমৰ্পণ কৰা সকলক ক্ষমাদানৰ নীতি লৈছিল, তাৰ সুফল অচিৰেই পোৱা গৈছিল। ইয়াৰ পিছত তেওঁৰ জীৱিত কালত দুনাই কোনো উল্লেখযোগ্য বিদ্ৰোহ হোৱা নাছিল আৰু প্ৰজায়ো সুখ-শান্তিত বাস কৰিবলৈ সক্ষম হৈছিল।

 

১৮১০ খৃঃত অসমত বসন্ত ৰোগে মহামাৰীৰ ৰুপ ধাৰণ কৰিছিল। কমলেশ্বৰ সিংহও এই ৰোগত আক্ৰন্ত হৈ স্বৰ্গী হ’ল। এইজন ৰজাৰ ৰাজত্ব কাল আছিল ১৫ বছৰ ৬ মাহ। এই কালছোৱাতে বিদ্ৰোহী মোৱামৰীয়াৰ কঁকাল ভাঙিছিল। দেশত সুখ শান্তি হৈছিল। প্ৰজাৰ আৰ্থিক অৱস্থাৰো উন্নতি ঘটিছিল। কিন্ত এই সকলোবোৰ দৰাচলতে সম্ভৱপৰ হৈছিল মহাপ্ৰতাপী আৰু কাৰ্য্যদক্ষ বুঢ়াগোহাইৰ অক্লান্ত পৰিশ্ৰমৰ ফলতহে। ৰজা কমলেশ্বৰ তেওঁৰ হাতৰ পুতলা আছিল মত্ৰ। গৌৰীনাথ সিংহৰ দিনত ঘটা বিদ্ৰোহ কালত অকলশৰে অসমক ৰক্ষা কৰা লোক জন আছিল এই বুঢ়াগোহাই। আকৌ, কেপ্তেইন ওৱেলছৰ প্ৰত্যাবৰ্তনৰ পিছত অসমত এদল প্ৰকৃত প্ৰশিক্ষণ প্ৰাপ্তি আৰু উপযুক্ত সৈনু বাহিনী তৈয়াৰ কৰাৰ মূলতো আছিল এইজন বুঢ়াগোহায়েই। বিচক্ষণ বুঢ়াগোহায়ে খেতিয়ক শ্ৰেণীৰ লোকৰ ওপৰত নিৰ্হৰ কৰি যুদ্ধ চলোৱা যে অসম্ভৱ আৰু নিৰৰ্থক, সেই কথা সম্যক ৰুপে বুজিছিল। বুঢ়াগোহাইৰ সৈন্য পৰিচালনা আছিল নিপুন। কেপ্তেইন ওৱেলছ অহাৰ আগেয়ে তেওঁ যুদ্ধ পৰিচালনা কৰিছিল আৰু যোৱাৰ পিছতো এইজন লোককেই আকৌ বিদ্ৰোহীৰ বিৰুদ্ধে সৈন্য সকলক সফল নিৰ্দ্দেশ দিছিল। কেৱল সমৰ ক্ষেত্ৰতহে যে তেওঁ দক্ষতা দেখুৱাইছিল এনে নহয়। বিদ্ৰোহী বিধস্ত অসমত তেৱেই শান্তি শৃঙ্খলা ঘূৰাই আনি এই ৰাজ্যৰ স্বাভাৱিক জীৱন যাত্ৰা অব্যাহত ৰাখিছিল। বিদ্ৰোহী সকলক ক্ষমা দানেৰে তেওঁ তেওঁলোকৰ মন জয় কৰিছিল। তেওঁৰ শাসন ব্যৱস্থা আছিল নিখুঁত। জ্ঞানী এই লোক জনৰ প্ৰশাসনত সকলো লোকে ন্যায় বিচাৰ আৰু ন্যায্য প্ৰাপ্য পাইছিল। তেওঁ ৰংপুৰ নগৰী আকৌ সজাই পৰাই তোলে। যোৰহাট নগৰৰো ভালেমান উন্নতি তেওঁৰ প্ৰশাসন কালতে হৈছিল। ভোগদৈ নৈৰ পৰা পানী অনাৰ ব্যৱস্থা হোৱাত যোৰহাটলৈ তেওঁ জলসিঞ্চনৰ ব্যৱস্থা কৰিছিল। ভোগদৈৰ পৰা পানি অনাৰ ব্যৱস্থা হোৱাত যোৰহাটত পানীৰ অসুবিধা নোহোৱা হৈছিল। যোৰহাটৰ যাতায়তৰ পথৰ প্ৰভূত উন্নতি হৈছিল। যোৰহাটৰ পৰা বাছালৈ এটা পথ সাজি সেই অঞ্চলৰ যাতায়তৰ ব্যৱস্থা তেওঁ সুগম কৰিছিল।

কমলেশ্বৰ সিংহৰ ভাতৃ চন্দ্ৰকান্ত সিংহক বুঢ়াগোহায়ে ৰজা পাতিছিল। তেওঁৰ আহোম নাম আছিল ছুদিনফা। নাবালক এই ৰজাজনৰ ৰাজকাৰ্য্য বুঢ়াগোহায়ে পৰিচালনা কৰিছিল।

ৰাজ্য খনৰ সঘনে হৈ থকা বিদ্ৰোহৰ পৰা নিষ্কণ্টক কৰিবলৈ বৰফুকনে প্ৰস্তাৱ দিছিল যে অসমে কোচবিহাৰৰ দৰে বৃটিছৰ তলতীয়া হওক। এই প্ৰস্তাৱটো বুঢ়াগোহাই আৰু আন আন মন্ত্ৰী সকলে আলোচনা কৰি প্ৰত্যাখ্যান কৰিছিল। এনে ব্যৱস্থাই প্ৰজা সকলক অসন্তষ্ট কৰিব বুলি তেওঁলোকে মত প্ৰকাশ কৰিছিল।

চন্দ্ৰকান্ত সিংহ সাবালক হৈ অহাৰ লগে লগে তেওঁ বুঢ়াগোহাইক ভাল নোপোৱা হৈছিল। সতৰাম নামৰ যুৱক এজনৰ সৈতে চন্দ্ৰকান্তৰ বৰ বন্ধুত্ব হৈছিল। সতৰামৰ দেউতাক এজন সাধাৰণ ভৱিষ্যত বক্তা আছিল। ৰজাৰ ওপৰত সতৰামৰ ইমন প্ৰভাৱ পৰিছিল যে পিছলৈ তেওঁ এই যুৱক জনক অনবৰত ৰাজপাটৰ ওচৰত বহুৱাই ৰাখিছিল। আনকি ডাঙৰীয়া সকলে ৰজাৰ লগত দেখা-সক্ষাত কৰাৰ সময়তো সতৰাম তেনেদৰে বহি থকাৰ বাবে তেওঁলোকে অপমানবোধ কৰিছিল। এই বিষয়ে অসন্তষ্টি প্ৰকাশ কৰিও কোনো লাভ হোৱা নাছিল। সতৰামৰ ভেম দিনে দিনে বাঢ়িছিল আৰু পিছলৈ তেওঁ কাকোকে নমনা হৈছিল। তেওঁ সকলো সকলো ক্ষমতা নিজৰ হাতলৈ নিবৰ বাবে বুঢ়াগোহাইক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। কিন্ত আন আন ষড়যন্ত্ৰৰ দৰে এই ষড়যন্ত্ৰৰ কথাও ওলাই পৰিল। সকলোবোৰ লগৰীয়া ষড়যন্ত্ৰ কাৰীক ধৰি ফাঁচী দিয়া হ’ল। কিন্ত সতৰামে ৰজাৰ আশ্ৰয় লোৱাত তেওঁক একো কৰিব নোৱাৰিলে। বুঢ়াগোহায়ে জোৰকৈ ধৰাত অৱশেষত চন্দ্ৰকান্তই এই চৰ্তত সতৰামক গটাই দিলে যে তেওঁক প্ৰাণে মৰা নহ’ব। এইবাৰ এই ডেকা দাম্ভিক যুৱক জনক নামৰুপলৈ নিৰ্ব্বাসন দিয়া হ’ল। সেইঠাইত যথাকালতে তেওঁক নগাই কাটিলে। বহুতে ভাবে যে সতৰামৰ ষড়যন্ত্ৰৰ সৈতে ৰজা চন্দ্ৰকান্তও জড়িত আছিল। বহুতে আকৌ কয় যে, বুঢ়াগোহাইৰ ইঙ্গিততহে নগা সকলে সতৰামৰ প্ৰাণনাশ কৰিছিল।

ইতিমধ্যে গুৱাহাটীৰ বৰফুকনৰ মৃত্যু হোৱাত বদন চন্দ্ৰ নামৰ এজন লোকক বৰফুকন নিযুক্ত কৰা হৈছিল। এই নিযুক্তিয়ে অসমৰ ভৱিষ্যতলৈ ক’লা এন্ধাৰহে কঢ়িয়াই আনিছিল। অলপতে শেষ দুদিনতকৈও ভয়ঙ্কৰ ভৱিষ্যতৰ সূচনা কৰিছিল এইজন লোকৰ নিযুক্তিয়ে। অলপ দিনৰ পিছতেই তেওঁৰ অত্যাচাৰ আৰু দমন নীতিৰ বিষয়ে নানা অভিযোগ শুনা গৈছিল। তেওঁৰ পুত্ৰ কেইজনৰ উৎপাতত ৰাইজ অতীস্থ হৈছিল। তেওঁলোকে হাতীক ভাং খুৱাই প্ৰজাৰ মাজত মেলি দি নিজে পিছে পিছে গৈ হাতীয়ে কৰা উৎপাত চাই অতি ফুৰ্ত্তি পাইছিল। এনে কৰোতে নিজে কিন্ত হাতীয়ে যাতে তেওঁলোকক অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে যথেষ্ট সাৱধানতা অৱলম্বন কৰিছিল। ইফালে হাতীয়ে প্ৰজাৰ ঘৰ ভাঙিছিল, মানুহক শুৰেৰে দলিয়াই মাৰিছিল। এইবোৰ ঘটনা দেখি এই দুই দুষ্ট ল’ৰা কেইজনে হাঁহিত বাগৰি পৰিছিল।

অৱশেষত বদনৰ অত্যাচাৰ আৰু কুকাৰ্য্যই চৰম সীমা পোৱত বুঢ়াগোহায়ে তেওঁক পদচ্যূত কৰাৰ সিদ্ধান্ত ল’লে। বদন বৰফুকনো সতৰামৰ ষড়যন্ত্ৰৰ সৈতে জড়িত আছিল বুলি বুঢ়াগোহায়ে এনেও তেওঁক সন্দেহ কৰিছিল। এতিয়া বুঢ়াগোহায়ে বৰফুকনক ধৰিবলৈ মানুহ পঠিয়ালে। বৰফুকনৰ জীয়েক আকৌ আছিল বুঢ়াগোহাইৰ বোৱাৰীয়েক। জীয়েকে এই বিষয়ে দেউতাকক বাতৰি দিয়াত বৰফুকন পলাই গৈ বঙ্গদেশত সোমাল। তাৰ পিছত কলিকতালৈ গৈ বদনে গভৰ্ণৰ জেনেৰেলক এই বুলি আবেদন জনালে যে বুঢ়াগোহায়ে অসমত সকলো ক্ষমতা গ্ৰাস কৰি ৰাজ্য খনৰ সৰ্ব্বনাশৰ পথলৈ আগুৱাই নিছে। অসমক এনে বিপদৰ পৰা ৰক্ষা কৰিব লাগে। কিন্ত এওঁৰ এনে আবেদন নিবেদনে গভৰ্ণৰ জেনেৰেলক টলাব নোৱাৰিলে। অন্য ৰাজ্যৰ আভ্যন্তৰীণ বিবাদত হস্তক্ষেপ নকৰে বুলি তেওঁ পৰিষ্কাৰ উত্তৰ দিলে।

ইতিমদ্যে বদন বৰফুকনে কলিকতাত থকা ব্ৰহ্মদেশৰ প্ৰতিনিধি জনক লগ ধৰিলে। বৃটিছৰ পৰা সহায়ত কোনো আশা নেদেখি বদনে এই প্ৰতিনিধি জনৰ সৈতে ব্ৰহ্মদেশৰ অমৰাপুৰলৈ গৈ বৰ্ম্মী ৰজাৰ সৈতে সাক্ষাত কৰিলে। বুঢ়াগোহাইৰ বিৰুদ্ধে এক দীঘলীয়া অভিযোগ আনি এইজন ডাঙৰীয়াৰ উৎপাতত অসমত উচ্চ-নীচ সকলোবোৰ প্ৰজা অতীস্থ হৈ উঠিছে বুলি বদনে বৰ্ম্মী ৰজাক জনালে। তেওঁৰ অনুনয়-বিনুনয়ত অৱশেষত বৰ্ম্মী ৰজাই তেওঁক সহায়ৰ প্ৰতিশ্ৰুতি দিলে। ১৮১৬ খৃঃৰ শেষৰ ফালে প্ৰায় ৮০০০ বৰ্ম্মী সৈন্য লগত লৈ বদন বৰফুকনে অসম অভিযান আৰম্ভ কৰিলে। বাটত মুঙকঙ্‌, হুকং আৰু মণিপুৰ মুখীয়াল লোকসকলেও তেওঁৰ দলত যোগ দিলে। নামৰুপ আহি পাই মানে তেওঁৰ দলত সৈন্যৰ সংখ্যা প্ৰায় ১৬,০০০ হ’লগৈ। ঘিলাধাৰীত যুদ্ধ হ’ল আৰু বৰ্ম্মী সকলে জয়লাভ কৰিলে। এই সময়তে বুঢ়াগোহাইৰ মৃত্যু হ’ল। তেওঁ হীৰা চেলেকি আত্মহত্যা কৰিলে বুলিও বহুতে কয়। বুঢ়াগোহাইৰ মৃত্যু আহোমৰ পক্ষে এক চৰম আঘাত আছিল। এইজন বুঢ়াগোহয়ে বহু দুৰ্দিনত অসমক ৰক্ষা কৰিছিল আৰু সমগ্ৰ জাতিটোৰে তেওঁৰ ওপৰত আস্থা আছিল। তেওঁৰ মৃত্যুত তেওঁৰ বৰপুত্ৰক বুঢ়াগোহাইক নিযুক্তি দিয়া হ’ল। তেওঁৰ গাত দেউতাকৰ গুণ নাছিল। এই চৰম বিপৰ্যয়ৰ দিনত আহোমক নেতৃত্ব দিব পৰা আন কোনো বিষয়াও নাছিল। তথাপিও বৰ্ম্মী সকলক ভেটা দিবলৈ ঠিক কৰা হ’ল আৰু সেই ববে সৈন্য দল যোগাৰ কৰি দিহিঙৰ পূবে কঠাল বাৰীত তেওঁলোকে বৰ্ম্মীৰ লগত আকৌ ভেটা ভেটি হ’লগৈ। আগৰ বাৰৰ দৰে এইবৰো আহোম সেনা যুঁজত হাৰিল। পথৰ দুয়ো কাষৰ গাওঁবোৰত জুই দি আৰু বয়-বস্তু লুট কৰি বৰ্ম্মী সকল আগবাঢ়িবলৈ ধৰিলে। নতুন বুঢ়াগোহায়ে ৰজাক গুৱাহাটীলৈ পলাই যাবলৈ বুদ্ধি দিছিল। কিন্ত পিছত তেওঁ বুজিলে যে ৰজাই তেওঁৰ কথা নুশুনে বৰং বদন বৰফুকন আৰু তেওঁৰ বৰ্ম্মী বন্ধু সকলৰ সৈতেহে এটা মীমাংসালৈ আহিব। এই কথা বুজাৰ লগে লগে বুঢ়াগোহায়ে নিজে গুৱাহাটীলৈ পলাই গ’ল।

বৰ্ম্মী সকলে যোৰহাট অধিকাৰ কৰিলে বদনে যথাবিহিত ভাৱে আকৌ নিজকে বৰফুকন বুলি ঘোষণা কৰিলে। এইবাৰ তেওঁ সকলো ক্ষমতা নিজৰ হাতলৈ নিলে। নামত চন্দ্ৰকান্ত ৰজা হৈ থাকিল। বদনে বুঢ়াগোহাইৰ পৰিয়ালৰ যাকে য’তে পালে ধৰি আনি তেওঁলোকৰ বয়-বস্তু কাঢ়ি লৈ হত্যা কৰিলে। বৰ্ম্মী সকলক তেওঁলোকৰ যাৱতীয় খা-খৰচ আৰু তেওঁৰ হৈ যুদ্ধ কৰাৰ বাবে বদনে বহু টকা-পইচা দিলে। ১৮১৭ খৃঃৰ এপ্ৰিল মাহত বহুত ভাৰ-ভেটিৰে বৰ্ম্মী সকলে নিজ দেশলৈ উভটি গ’ল। যাওঁতে তেওঁলোকে এগৰাকী আহোম ৰাজকোঁৱৰীও লৈ গৈছিল।দৰাচলতে এই গৰাকী ৰাজ অন্তেষপুৰৰ লিগিৰিহে আছিল আৰু আহোমে ৰাজকোঁৱৰী বুলি তেওঁক বৰ্ম্মী সকলক দিছিল।

বৰ্ম্মী সকল উভটি যোৱাৰ অনতি বিলম্বে বৰবৰুৱা আৰু বৰফুকনৰ কাজিয়া লাগিল। ৰাজমাও আৰু কেইবাজনো বিষয়াই বৰবৰুৱাৰ পক্ষ লৈছিল। অৱশেৰ্ষত তেওঁলোকে ষড়যন্ত্ৰ কৰি ৰুপ সিং নামৰ এজন চিপাহীৰ (চুবেদাৰ) দ্বাৰা বদন বৰফুকনক হত্যা কৰোৱায়। গুৱাহাটীত থকা বুঢ়াগোহাইক এই হত্যাৰ বাতৰি দি তেওঁক তৎক্ষণাৎ যোৰহাটলৈ মাতি পঠিওৱা হয়। কিন্ত ৰজা চন্দ্ৰকান্তই তেওঁক এৰি থৈ বৰ্ম্মীৰ সৈতে মীমাংসালৈ অহাৰ কথা বুঢ়াগোহায়ে পাহৰা নাছিল। তেওঁ শিলমাৰিত থকা ৰাজেশ্বৰ সিংহৰ নাতি ব্ৰজনাথক লগ ধৰি আহোম সিংহাসন দাবী কৰিবলৈ অনুৰোধ কৰিছিল। ব্ৰজনাথে সেই আহ্বানৰ প্ৰতি সঁহাৰি জনোৱাত ভালেমান হিন্দুস্তানী ভেৰণীয়া সৈন্য আৰু ৰণুৱা গোটাই তেওঁলোকে যোৰহাটলৈ ৰাওনা হ’ল। ডেকাফুকনক যোৰহাটত থৈ চন্দ্ৰকান্তই এই দলটো অহাৰ লগে লগে ৰংপুৰলৈ পলাই গ’ল। বুঢ়াগোহায়ে ডেকাফুকনক হত্যা কৰি যোৰহাট প্ৰৱেশ কৰিলে (ফেব্ৰুৱাৰী, ১৮১৮ খৃঃ)

ব্ৰজনাথে তেওঁৰ নামত মোহৰ মাৰিলে। কিন্ত পিছত মনত পৰিল যে তেওঁৰ অঙ্গক্ষত থকাৰ বাবে তেওঁৰ ৰজা হ’ব নোৱাৰে। সেয়ে তেওঁৰ পুত্ৰ পুৰন্দৰক ৰাজপাট দিয়া হ’ল। চন্দ্ৰকান্ত সিংহক ধৰি আনি তেওঁৰ সোঁ কাণ খন কাটি দিয়া হ’ল যাতে অঙ্গক্ষত থকাৰ বাবে আহোম মতে তেওঁ ৰজা হ’ব নোৱাৰে।

নিহত বৰফুকনৰ বন্ধু সকলে আকৌ ব্ৰহ্মদেশলৈ গৈ সেই দেশৰ ৰজা অসমৰ ঘটনাৱলী সম্বন্ধে অবগত কৰিলে। বৰ্ম্মী ৰজাই আকৌ তেওঁলোকৰ অনুৰোধ মতে আলামিঙ্গি নামৰ এজন সেনাপতিৰ অধীনত কেতবোৰ বৰ্ম্মী সৈন্য অসমলৈ পঠিয়ালে। (ৰবিনচনে আলামিঙ্গিৰ নামটো কিওমিঙ্গি বুলিহে উল্লেখ কৰিছে)। এই দলটো ১৮১৯ খৃঃৰ ফেব্ৰুৱাৰী মাহত অসম পাইছিলহি। আহোমে নাজিৰাত এই শত্ৰু দলটোক বাধা দিছিল। কিন্ত তেওঁলোকৰ মনোবল টুটিবলৈ বেছি পৰ নালাগিল আৰু লৰালৰিকৈ যোৰহাটলৈ পলোৱাৰ বাহিৰে আৰু গত্যন্তৰ নেদেখিলে। পুৰন্দৰ সিংহই সময় নষ্ট নকৰি গুৱাহাটী বুলি ধাপলি মেলিলে। চন্দ্ৰকান্ত সিংহই জাগপুৰত বৰ্ম্মী সকলক লগ ধৰিছিল আৰু এতিয়া তেওঁলোকৰ সহায়ত তেওঁ হেৰুৱা সিংহাসনত আকৌ বহিবলৈ সমৰ্থ হ’ল।

চন্দ্ৰকান্ত সিংহ হ’ল মাত্ৰ পুতলা ৰজা। সকলো ক্ষমতা বৰ্ম্মী সকলৰ হাতত গ’ল। তেওঁলোকে বুঢ়াগোহাইৰ পৰিয়ালৰ লোক আৰু তেওঁৰ বন্ধু বৰ্গক বিচাৰি আনি হত্যা কৰিবলৈ ধৰিলে। তেওঁলোকে মৃত্যু দণ্ড দিয়া লোক সকলৰ ভিতৰত বুঢ়াগোহাই আৰু বৰবৰুৱাও আছিল। ইয়াৰ পিছত তেওঁলোকে পুৰন্দৰ সিংহক গুৱাহাটীৰ পৰা ধৰি আনিবলৈ এদল সৈন্য পাচিলে। বাতৰি পাই পুৰন্দৰ সিংহই ততাতৈয়াকৈ বৃটিছ ৰংপুৰ জিলাৰ ছিলমাৰি নামৰ ঠাইলৈ গৈ আশ্ৰয় ল’লে। পুৰন্দৰ সিংহই আকৌ ইষ্ট ইণ্ডিয়া কোম্পানীক সহায়ৰ বাবে আবেদন জনালে। কোম্পানীয়ে যদি সৈন্য দিয়ে তেন্তে সেই সকলৰ বেতনৰ পৰা আৰম্ভ কৰি যাবতীয়া খা-খৰচ বহন কৰিবলৈ পুৰন্দৰে আগ্ৰহ প্ৰকাশ কৰিলে আৰু তেওঁ সিংহাসন যদি পুনৰ অধিকাৰ কৰিব পাৰে, তেন্তে কোম্পানীটোক বছৰি ৩০০০০০ টকা দিয়াৰ প্ৰস্তাৱ আগবঢ়ালে। বুঢ়াগোহায়ে সসৈন্যে গুৱাহাটী ৰক্ষাৰ বাবে সাজু হৈছিল। পিছে বাৰ্ম্মীৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি তেওঁ আঁতৰি গ’ল। তেওঁ গৈ এইবাৰ বৃটিছ অধিকৃত অঞ্চলত আশ্ৰয় ললেগৈ। তাৰ পৰা কলিকতালৈ গৈ গভৰ্ণৰ জেনেৰেলৰ ওচৰত অসমত ৰাজনৈতিক অৰাজকতাত হস্তক্ষেপৰ বাবে উপৰ্যোপৰি অনুৰোধ কৰিলে। কিন্ত সকলো অৰণ্য ৰোদনহে হ’ল। অন্য ৰাজ্যৰ আভ্যন্তৰীণ বিবাদত হস্তক্ষেপ কৰিবলৈ গভৰ্ণৰ জেনেৰেল কোনো পধ্যেই মান্তি নহ’ল। ইফালে আকৌ চন্দ্ৰকান্ত সিংহ আৰু তেওঁৰ বৰ্ম্মী সহযোগী সকলে পুৰন্দৰ সিংহক তেওঁলোকৰ হাতত গতাই দিবলৈ কোম্পানীক অনুৰোধ জনালে। এই অনুৰোধৰ প্ৰতিও বৃটিছে মন-কাণ নিদিলে।

বৰ্ম্মী সকলে পটল নামেৰে এজন কছাৰী লোকক বৰবৰুৱা পদ দিছিল। কিন্ত কিবা কথাত পটলৰ ওপৰত খঙ উঠাত তেওঁক বৰ্ম্মী সকলে প্ৰাণদণ্ড দিলে। এই ক্ষেত্ৰত তেওঁলোকে পুতলা ৰজা চন্দ্ৰকান্তৰ অনুমতি লোৱাৰ কোনো প্ৰয়োজনীয়তাবোধ নকৰিলে। বৰ্ম্মী সকলৰ এনে মনোভাৱে চন্দ্ৰকান্তক চিন্তিত কৰিলে। কাইলৈ বা তেওঁৰ নিজৰে কি দশা হয়? শঙ্কিত হৈ ৰজা চন্দ্ৰকান্তই পলাবলৈ মনস্ত কৰিলে। সেই মৰ্মে তেওঁ প্ৰথমে গুৱাহাটী আৰু তাৰ পিছত বৃটিছ অধিকৃত অঞ্চলত প্ৰবেশ কৰিলেগৈ। বৰ্ম্মী সকলে চন্দ্ৰকান্ত সিংহক উভটি আহিবলৈ আবেদন কৰিছিল। প্ৰথম প্ৰথম তেওঁলোকৰ এই আবেদনৰ ভাষা অতি বন্ধুত্বপূৰ্ণ আছিল। কিন্ত চন্দ্ৰকান্তই কোনো পধ্যেই তেওঁলোকৰ কথাত কৰ্ণপাত নকৰা দেখি তেওঁলোকে তেওঁৰ বন্ধু সকলক যাকে য’তে পালে ধৰি আনি হত্যা কৰিবলৈ আৰম্ভ কৰিলে। ইফলে চন্দ্ৰকান্তয়ো তেওঁক উভটাই আনিবলৈ যোৱা বৰ্ম্মী সকলক শুদাই নেৰিলে। এইদৰে তেওঁলোকৰ বিবাদ বাঢ়িলে, বিশ্বাসত ঘূণে ধৰিলে। খঙতে বৰ্ম্মী সকলে যোগেশ্বৰ নামৰ কোঁৱৰ এজেনক আনি নামত মাত্ৰ ৰাজপাটত বহুৱাই আহোমৰ শাসন যন্ত্ৰৰ ওপৰত তেওঁলোকৰ প্ৰভাৱ নিকপকপীয়া কৰি ল’লে।

বুঢ়ীদিহিং আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ মোৱামৰীয়া সকলে বসবাস কৰা ঠাই খিনিৰ বাহিৰে বাকী আহোম ৰাজ্যত এতিয়া বৰ্ম্মী সকলৰ প্ৰভাৱ বিস্তাৰিত হ’ল। বৰ সেনাপতিৰ নেতৃত্বত কেৱল উপৰোল্লেখিত অঞ্চলটোহে আচৰিত ধৰণে স্বাধীন হৈ থাকিল।

বৰ্ম্মী সকলৰ সংখ্যা অতি বেছি হোৱাত তেওঁলোকৰ বয়-বস্তু যোগাৰত অসুবিধা হ’ল। সেয়ে তেওঁলোকে কিছুমান সৰু সৰু দলত বিহক্ত হৈ সিচৰিত ভাৱে থাকিবলৈ ললে। আলেঙে আলেঙে আলেখলেখ লৈ থকা চন্দ্ৰকান্তই এই সুযোগৰ সদব্যৱহাৰ কৰিবলৈ মনস্ত কৰি গুৱাহাটী পুনৰ উদ্ধাৰ কৰিলে। তাৰ পিছত নৈ-পথেদি উজনি বুলি আগবাঢ়িল। কিন্ত বৰ্ম্মী সকলে এই অভিযানৰ কথা ভূ পাই লৰালৰিকৈ আকৌ অকত্ৰিত হৈ চন্দ্ৰকান্তক প্ৰত্যাহ্বান জনালে। বৰ্মী সৈন্য সকল তিনিটা দলত বিভক্ত হ’ল। এটা দলে সক্ষিণ আৰু আনটো দলে উত্তৰ পাৰেদি চন্দ্ৰকান্তক আগচিব বুলি আগবাঢ়িল। তৃতীয় দলটোৱে নাৱেৰে যাত্ৰা আৰম্ভ কৰিলে। চন্দ্ৰকান্তই বৰ্ম্মী সকলৰ ৰণসজ্জা দেখি প্ৰমাদ গণি আকৌ বঙ্গদেশলৈ পলাই গ’ল। এই সুযোগতে বাটতে বৰ্ম্মী সকলে দৰঙৰ ৰজাক বশ্যতা স্বীকাৰ কৰোৱায়। উভটি আহোতে পথৰ দুয়োকাষে পোৱা গাওঁ ভূই বিলাক লণ্ডভণ্ড কৰি তেওঁলোকে আকৌ উজনি অসমত পদাৰ্পণ কৰে। এইবোৰ ঘটনা ঘটিছিল ১৮২০ খৃঃত।

ইয়াৰ পিছৰ বছৰ চন্দ্ৰকান্ত সিংহই প্ৰায় দুহেজাৰ শিখ, হিন্দুস্তানী আৰু স্থানীয় লোক গোটাই আকৌ তেওঁৰ সিংহাসন পুনৰুদ্ধাৰৰ বাবে চেষ্টা চলায়। সেই সময়ত বৰ্ম্মী সৈন্যৰ সংখ্যা হ্ৰাস হোৱাত চন্দ্ৰকান্তই এইবাৰ ৰাজ্যৰ পশিম অঞ্চলটো নিজৰ হাতলৈ নিবলৈ সক্ষম হয়।

আনহাতেদি, পুৰস্কাৰ সিংহই ভূটান অধিকৃত দুৱাৰ অঞ্চলত সৈন্য সংগ্ৰহ কৰিছিল। যোগীঘোপাৰ বাসিন্দা ৰবাৰ্ট ব্ৰুছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কৰ্ম্মচাৰী বিষয়া অনুমতি সাপেক্ষে কলিকতাৰ পৰা ভালেমান বন্দুক-বাৰুদ পুৰন্দৰক আনি দিছিল। ১৮২১ খৃঃৰ মে’ মাহত ৰবাৰ্ট ব্ৰুছৰ নেতৃত্বত এই দলটোৱে দুৱাৰ অঞ্চলেদি আহি অসমত প্ৰৱেশ কৰোতে চন্দ্ৰকান্ত সিংহই তেওঁলোকক পৰাস্ত কৰিছিল। ব্ৰুছ বন্দী হৈছিল। পিচে তেওঁ চন্দ্ৰকান্তৰ পক্ষ ল’বলৈ মান্তি হোৱাত তেওঁক মুক্তি দিয়া হয়। কিন্ত চেপ্তেম্বৰ মাহত বাৰ্ম্মী সকলে আকৌ দলে বলে আহি চন্দ্ৰকান্তক আক্ৰমণ কৰাত তেওঁ পুনৰ বঙ্গদেশত আশ্ৰয় লবলগীয়াত পৰিল। এইবাৰ চন্দ্ৰকান্তই গোৱালপাৰাৰ পৰা কেতবোৰ সৈন্য গোটালে। ব্ৰুছেও কলিকতাৰ পৰা এক বুজন পৰিমাণৰ খাৰ-বাৰুদ, অস্ত্ৰ-শস্ত্ৰ আনি দিলে। নতুন সাজেৰে সজ্জিত হৈ চন্দ্ৰকান্তই আকৌ বৰ্ম্মী সকলক আক্ৰমণ কৰিলে। তেওঁ কেইবাবাৰো বৰ্ম্মী সকলক যুঁজত ঘটুৱাই ১৮২২ খৃঃৰ জানুৱাৰী মাহত গুৱাহাটী পুনৰুদ্ধাৰ কৰিলে।

চন্দ্ৰকান্ত সিংহৰ হাতত পৰাজিত হৈ আকৌ ভূটানৰ দূৱাৰলৈ যোৱা পুৰন্দৰ সিংহৰ সৈন্য সকলেও উত্তৰ পাৰত বৰ্ম্মী সকলক প্ৰায়ে আক্ৰমণ কৰি হাৰাশাস্তি কৰিছিল। বৰ্ম্মী সকলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ গভৰ্ণৰ জেনেৰেললৈ পত্ৰৰ যোগেদি এই দুজন ভূতপূৰ্ব্ব আহোম ৰজাক তেওঁলোকৰ অধিকৃত অঞ্চলৰ পৰা উলিয়াই দিবলৈ নাইবা অস্ত্ৰ শস্ত্ৰ নিদিবলৈ সকিয়াই দিছিল। কিন্ত গভৰ্ণৰ জেনেৰেলৰ পৰা কোনো উত্তৰ নাহিল। কেৱল এই চিঠি বোৰ খুলি পঢ়াৰ বাবে বুঢ়া গোহায়েহে কিছুদিনৰ বাবে কাৰাবাস খাটিবলগীয়া হ’ল।

চন্দ্ৰকান্তই কিন্ত সৰহ দিন বিজয়ৰ আনন্দ উপভোগ কৰিবলৈ নাপালে। ১৮২২ খৃঃৰ বসন্ত কালত মিঙ্গিমাহা বান্দুলৰ নেতৃত্বত এটা বিৰাট বাৰ্ম্মী ফৌজ অসমত প্ৰবেশ কৰে। (মিঙ্গিমাহাই পিছত আৰাকাণত বাৰ্ম্মী সৈন্যৰ নেতৃত্ব দিছিল)। জুন মাহত ম’হগড়ত চন্দ্ৰকান্ত সিংহ আৰু বৰ্ম্মী সকলৰ যুঁজ লাগে। যুঁজত চন্দ্ৰকান্ত সিংহই অসীম সাহস প্ৰদৰ্শন কৰিছিল। কিন্ত পিছলৈ তেওঁৰ যুঁজৰ আহিলাপাতি কমি আহিলত তেওঁ হাৰিব লগীয়া হ’ল। তেওঁৰ পক্ষৰ প্ৰায় ১৫,০০০ ৰণুৱা যুঁজত পৰিল। চন্দ্ৰকান্ত সিংহ আকৌ বৃটিছ অঞ্চলত সোমাই ৰক্ষা পৰিল। এইবাৰ মিঙ্গিমাহা বান্দুলাই গোৱালপাৰাৰ বৃটিছ বিষয়াক এখন চৰম পত্ৰৰ যোগেদি চন্দ্ৰকান্তক আশ্ৰয় নিদিবলৈ সকিয়াই দিলে। যদি চন্দ্ৰকান্তক তেওঁলোকৰ হাতত গতাই দিয়া নহয় তেন্তে ১৮,০০০ সৈন্যৰে তেওঁ কোম্পানীৰ অধিকৃত অঞ্চলত সোমাবলৈ বাধ্য হ’ব আৰু তেওঁৰ এনে কাৰ্য্যক ৪০ জন ৰজাই সমৰ্থন জনাব বুলিও তেওঁ এই পত্ৰত উল্লেখ কৰে। তেওঁৰ এই পত্ৰ মতে ব্যৱস্থা নহ’লে, নিজৰ চেষ্টঅত য’ৰে পৰাই নহওক কেলেই চন্দ্ৰকান্তক ধৰিব বুলিও বান্দুলাই চৰম পত্ৰত উল্লেখ কৰে। ইয়াৰ উত্তৰত বৃটিছে ঢাকাৰ পৰা ভালেমান সৈন্য সীমান্ত অঞ্চললৈ পঠিয়াই দিলে। বৰ্ম্মী সকলে যদি বৃটিছ অধিকৃত অঞ্চলত জোৰকৈ সোমায়, তেন্তে তাৰ যি ভয়াবহ ফল হ’ব তাৰ বাবে বৃটিছ দায়ী নহ’ব বুলিও তেওঁলোকে সকিয়াই থয়। আনহাতেদি, বৃটিছ ৰংপুৰৰ হাকিম ডেভিছ স্কটক এই বুলি নিৰ্দ্দেশ দিয়া হ’ল যে, যদি চন্দ্ৰকান্ত নাইবা তেওঁৰ দলৰ কোনো লোক এই জিলাত ৰবেশ কৰে তেন্তে, তেওঁলোকক নিৰস্ত্ৰ কৰি সীমান্ত অঞ্চলৰ পৰা নিৰাপদ দূৰত্বৰ কোনো ঠাইলৈ যাতে লৈ যোৱা হয়। কিন্ত এই নিৰ্দ্দেশৰ ওপৰত কোনো ব্যৱস্থা লোৱাটো সম্ভৱপৰ নহ’ল। গোৱালপাৰাৰ বৃটিছ ফৌজৰ দলপতিয়ে চন্দ্ৰকান্তক বিচাৰি নাপালে। আনকি চন্দ্ৰকান্তই এই অঞ্চলত পদাৰ্পণ কৰিছেনে নাই তকো তেওঁ সঠিকভাৱে জানিব পৰা নাছিল। দৰাচলতে, তেওঁৰ তলতীয়া স্থানীয় কৰ্ম্মচাৰী সকলক ঘোচ দি আহোমে তেওঁলোকৰ মুখবোৰ বন্ধ কৰি থোৱাৰ বাবে তেওঁলোকে চন্দ্ৰকান্ত সম্বন্ধে কোনো কথাই এই বিষয়া জনক নজনাইছিল। আনেহে নালাগে গোৱালপাৰাৰ এই বৃটিছ বিষয়া জনক ২১ হাজাৰ টকাৰ জাননী দি তেওঁৰ দ্বাৰা শাসিত অঞ্চলৰ পৰা চন্দ্ৰকান্তই সৈন্য সংগ্ৰহ কৰিবলৈ মন কৰিছিল।

ইফালে আকৌ, বৰ্ম্মী সকলে কোনো সতৰ্ক বাণিইৰ প্ৰতি কেৰেপ নকৰি কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ দলত বভক্ত হৈ গোৱালপাৰাৰ সীমান্ত অঞ্চলত প্ৰবেশ কৰিলে। লুটপাট, অগ্নি সংযোগ কৰি হাবৰাঘাট পৰগনাৰ লোকক তেওঁলোকে যথষ্ট হৰাশাস্তি কৰিলে।

বৰ্ম্মীৰ অত্যাচাৰ দিনে দিনে বাঢ়ি গ’ল। প্ৰজাৰ সুখ শান্তি নাইকিয়া হ’ল। তেওঁলোকৰ মান-সন্মান লাঘৱ হোৱাৰ লগতে কেতিয়া জীৱন যাত্ৰা তাৰো কোনো ঠিক নোহোৱা হ’ল। সামান্য বয়-বস্তুৰ কাৰণেও আনকি তেওঁলোকে লুটপাট কৰিবলৈ দ্বিধা নকৰিছিল। গাওঁ-ভূই বোৰত অগ্নি সংযোগ এটা নিত্য নিয়মিত অভ্যাসত পতিণত হৈছিল। আনহে নালাগে, মন্দিৰ সমূহত অগ্নি সংযোগ কৰাৰ পৰাও তেওঁলোক বিৰত নাছিল। তেওঁলোকৰ লিপ্‌সাৰ পৰা বুঢ়ী বা গাভৰু কোনো তিৰোতাই সাৰি যাব নোৱাৰিছিল। বহুবোৰ লোকৰ অনাহকতে প্ৰাণনাশ হৈছিল। মেজৰ জে বাটলাৰে তেওঁৰ ‘ষ্ট্ৰেভেলছ এণ্ড এডভেন্সাৰছ ইন দি প্ৰভিনছ্‌ অব আসাম’ নামৰ প্ৰবন্ধত বৰ্ম্মী সকলে গুৱাহাটী দখলৰ সময়ত বাধা দিয়াৰ বাবে বহু সংখ্যক মুনিহ, তিৰোতা আৰু ল’ৰা-ছোৱালী বধ কৰিছিল বুলি এক ভয়াবহ বৰ্ণনা দিছে। তেওঁৰ মতে :-

“চোটপতঙত এদিনতে ৫০ জন লোকক হত্যা কৰা হৈছিল। বাহ গছ পাতেৰে এটা প্ৰকাণ্ড চাংঘৰ সাজি তাত মুনিহ, তিৰোতা আৰু ল’ৰা-ছোৱালী বিলাকক সোমোৱাই দিয়া হৈছিল। আনকি কোলাত কেঁচুৱাৰে সৈতে বহুতো তিৰোতা মানুহো এই দলত আছিল। তাৰ পিছত ঘৰটোৰৰ্চাৰিওফালে বহুত খৰি দি ঘৰটোত জুই লগাই দিয়া হৈছিল। এই নাৰকীয় ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ মতে এইদৰে দুশ লোক জুইত জাহ গৈছিল……. এই হত্যাকাণ্ডৰ পৰা ৰক্ষা পোৱা লোক সকলে কোৱামতে এই ভয়াবহ দিনটোত আৰু কেতবোৰ লোমহৰ্ষক ঘটনা ঘটিছিল। যি সকল লোকে বৰ্ম্মী সকলৰ ৰাজত্বৰ প্ৰতি বিৰুপ আছিল তেনে লোক সকলক ধৰি আনি বৰ্ম্মী ঘাটক বোৰে অকথ্য অত্যাচাৰ চলাইছিল। বন্দী সকলৰ দুয়ো খন হাত বান্ধি লৈ প্ৰথমে কান কাটি তাৰ পিছত শৰীৰৰ যি অংশকে মন যায় কাটি পেলাইছিল। কেতিয়াবা কান্ধৰ পৰা হাত দুখন কাটি কেচা মাংসবোৰ বন্দী জনৰ আগতে চোবাইছিল। তাৰ পিছত চোকা অস্ত্ৰৰে অ’ত ত’ত খুচিছিল। এইদৰে খোচোতে ডাঙৰকৈ ঘাপ নামাৰিছিল যাতে বন্দী জন সহজে মৰি নাযায়। লাহে লাহে কষ্ট দি মৰাৰহে পক্ষপাতী আছিল এই নৰখাদকবোৰ। বহু সময় এনেদৰে নৃশংস অত্যাচাৰ কৰি যেতিয়া দেখিছিল যে বন্দী জন আৰু বাচি নথাকে, তেতিয়াহে তেওঁলোকে মোক্ষম আঘাত হানি দুৰ্ভগীয়া জনৰ প্ৰাণ বায়ু উৰাই দিছিল। বৰ্ম্মী সকলৰ এনে লোমহৰ্ষক, পশু সদৃশ আৰু জঘন্য অত্যাচাৰৰ কথা প্ৰত্যক্ষদৰ্শী লোকৰ পৰা মই শুনিছো। তেওঁলোকৰ বৰ্ণনাবোৰ অবিশ্বাস কৰাৰ কোনো কাৰণ মই নেদেখো। কিন্ত সেইবোৰ শুনিলে গাৰ নোম শিয়ৰি উঠে আৰু সকলোবোৰ বৰ্ণনা প্ৰকাশৰ অযোগ্য বাবে সেইবোৰ লিখিবলৈ মোৰ কাপ নুঠিল”।

ভূতৰ ওপৰত দানহৰ দৰে কেতবোৰ স্থানীয় দুষ্ট লোকেও সেই সময়ৰ সুযোগ লৈ বৰ্ম্মীৰ ছদ্মবেশত প্ৰজাক অত্যাচাৰ কৰিছিল। এওঁলোকৰ উৎপাত আৰু উদ্ভন্দালি বৰ্ম্মী সকলতকৈ একাঠি চৰাহে আছিল। চুবুৰীয়া পাহাৰীয়া লোক কেতবোৰও এওঁলোকৰ দৃষ্টান্ত লোৱাত সাধাৰণ প্ৰজাৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছিলগৈ। উপায়হীন প্ৰজাবোৰে প্ৰাণ লৈ চুবুৰীয়া জয়ন্তীয়া, কাছাৰী, মণিপুৰ আদি ৰাজ্যত আশ্ৰয় লৈছিল। কিছুমানে আকৌ গৰিলা যুজেৰে যতে কম সংখ্যক বৰ্ম্মী পায় ত’তে তেওঁ বিলাকক এসেকা দিবলৈ যত্ন কৰিছিল। বিযেষকৈ, উত্তৰ পাৰত আত্মৰক্ষাৰ এনে প্ৰচেষ্টা চকুৰ পৰিছিল। অকা আৰু দফলায়ো আহোমক আহোমক এনে ক্ষেত্ৰত সহায় কৰিছিল। কিন্ত বৰ্ম্মী সকল সংখ্যা গৰিষ্ঠ হোৱাৰ বাবে এনেবোৰ বাধাই তেওঁলোকক কাৰু কৰিব পৰা নাছিল।

বৰ্ম্মী সকলে অৱশেষত চন্দ্ৰকান্ত সিংহক এইদৰে বুজনি দিবলৈ সক্ষম হৈছিল যে, দৰাচলতে চন্দ্ৰকান্তৰ বিৰুদ্ধে তেওঁলোকৰ কোনো বিদ্বেষ ভাব নাই। চন্দ্ৰকান্ত সিংহই তেওঁলোকে বাৰে বাৰে মাতি থকা সত্বেও নহাৰ বাবেহে এইদৰে যোগেশ্বৰ সিংহক আনি তেওঁলোকে ৰজা পাতিবলগীয়া হৈছে। বৰ্ম্মী সকলৰ কথাত পতিয়ন গৈ চন্দ্ৰকান্ত সিংহ উভটি আহিছিল। পিছে যোৰহাট সোমোৱাৰ লগে লগে বৰ্ম্মী সকলে তেওঁক বন্দী কৰি ৰংপুৰলৈ লৈ যায়। ইয়াতে তেওঁ বন্দী অৱস্থাত কালাতিবাহিত কৰিবলৈ ধৰে। ইপিনে আকৌ, মিঙ্গিমাহা বান্দুলাৰ বিৰাট সৈন্য বাহিনীটোৰ ভৰণ পোষণৰ বাবে বয় বস্তু যোগাৰ কৰাটো এটা বিৰাট সমস্যা হোৱাত তেওঁ সৰহ সংখ্যক সৈন্যৰে সৈতে নিজ দেশলৈ উভটি যায়। বৰ্ম্মী সকলে তেওঁলোকৰ অধিকৃত অঞ্চলৰ প্ৰশাসনৰ বাবে এজন ৰাজ্যপাল পঠিয়ায়। এই নতুন প্ৰশাসক জনৰ স্থানীয় লোকৰ প্ৰতি ব্যৱহাৰ বেয়া নাছিল। তেওঁ অনাৱশ্যক আক্ৰমণ আৰু লুটপাত বন্ধ কৰিলে। বিনা বিচাৰে শাস্তিদান বন্ধ হ’ল। ৰাজ্যখনৰ প্ৰশাসন চলালে। ৰাইজৰ পৰা ঢাহি-মুহি বয় বস্তু আৰু টকা পইচা অনা বন্ধ কৰি নিয়মিত কৰ-কাটলৰ ব্যৱস্থা কৰিলে। কিন্ত বৰ্ম্মী সকলৰ দিন শেষ হৈ আহিছিল। অসহায়, নিৰীহ অসমীয়াৰ ওপৰত কৰা অকথ্য অত্যাচাৰৰ এতিয়া প্ৰায়শ্চিত্তৰ দিন আহিল। সীমান্ত অঞ্চলকে ধৰি অন্যান্য ঠাইত, বিশেষকৈ চিটাগঙাত বৃটিছক তেওঁলোকে যি অপমান কৰিছিল তাৰ প্ৰতিফলো এতিয়া পালে। যিখন অসমক তেওঁলোকে ইমান হেলাৰঙে পদানত কৰিছিল, যি খন ঠাইৰ তেওঁলোক অবিসম্বাদী গৰাকী হৈছিল, সেই অসমৰ পৰা এতিয়া তেওঁলোক বিতাড়িত হ’ল। সোণৰ অসমক জুৰুলা কৰা এই লোক সকল পতনৰ কাহিনী আৰম্ভ কৰাৰ আগতে এই খিনিতে আহোমৰ শাসন প্ৰণালী সম্বন্ধে এটা আভাস দিবলৈ বিচাৰিছো। তাৰ পিছত কছাৰী, জয়ন্তীয়া আৰু মণিপুৰৰ ৰজা সকলৰ বিষয়ে চমু বৰ্ণনা দিয়াৰ লগতে বৰ্তমান অসমৰ অন্তৰ্গত ছিলহেট জিলাৰ বিষয়েও কিছু কথা আলোচনা কৰা ভাল হ’ব।

অসম বুৰঞ্জী

3.04761904762
উদয় প্ৰতাপ তিৰু কাকতি Nov 26, 2017 06:55 PM

ঝান্সী নামৰ কোনো নৈ আমাৰ এই অঞ্চলত নাই। মোৰ বোধেৰে জাঁজী নৈ হ'ব লাগে।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top