অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আহোম ৰাজ্যৰ উত্থান

আহোম ৰাজ্যৰ উত্থান

বড়োসকলৰ আদি পুৰুষসকলে ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰা অসমত বসবাস কৰি আহিছিল। সাৰুৱা সমতল ভূমিত বাস কৰি এই লোকসকলে কালক্ৰমত পূৰ্ব্বৰ শৌৰ্য্য বীৰ্য হেৰুৱাইছিল। তেতিয়া আমি এই ৰাজ্যলৈ অহা এচাম বৰ্হিঃ আক্ৰমণকাৰীৰ বিষয়ে আলোচনা কৰিমহঁক। ১৩শ শতিকাৰ এদল সবল-সুঠাম পাহাৰীলোকে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পুবেদি আহি এই ৰাজ্য সোমাইছিল। এওঁলোকৰ কোনো নিৰ্দিষ্ট পৰিকল্পনা নাছিল। এই লোকসকলে ভূলতো ভবা নাছিল যে এদিন তেওঁলোকৰ বংশধৰসকলে সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকা নিজৰ অধীনলৈ নিব আৰু মোগলৰ পূবদিশলৈ সম্প্ৰসাৰণত ভেটা দিব। এই লোকসকল আছিল আহোমৰ পূৰ্ব্বপুৰুষ। এওঁলোক আছিল টাই বা শান জাতিৰ। অসমৰ সীমাৰ পৰা চীন দেশৰ প্ৰায় মাজ ভাগলৈকে এই টাই বা শানসকলে বসবাস কৰিছিল। আহোমৰ পূৰ্ব্বপুৰুষ শাসনকালত প্ৰধানকৈ উজনি ব্ৰহ্মদেশৰ উত্তৰ আৰু পূৱৰ পাহাৰীয়া অঞ্চল আৰু পশ্চিম য়ুনানৰ লোক আছিল। নে, এলিয়াছৰ মতে, তেওঁলোকে সেই ঠাইত কেইবাখনো সৰু সৰু ৰাজ্য পাতিছিল। এই ৰাজ্যসমূহৰ স্থানীয় কোনো নাম নাছিল। কেৱল তেওঁলোকৰ ভিতৰত আটাইতকৈ পৰাক্ৰমী ‘মউ’ জনজাতিৰ ৰাজ্যখনৰ নাম মুঙ্গমউ আছিল বুলি জনা যায়। মণিপুৰীসকলে মুঙ্গমউ শব্দটোক ‘পঙ্গ্‌’ বুলি কৈছিল। বহুতে আকৌ পিছলৈ এই শান বা টাই সকলৰ আটাইবোৰ ৰাজ্যৰ সমষ্টিক ‘পঙ্গ’ বুলিছিল।

আহোমসকলৰ ইতিহাস লিখাৰ অভ্যাস আছিল বুলি আগেয়ে উল্লেখ কৰা হৈছে। বহুতো আহোম পুৰুহিত আৰু ডা-ডাঙৰীয়াই বুৰঞ্জী লিখিছিল। এনে বুৰঞ্জী সঘনে লিখা হৈছিল। বুৰঞ্জীবোৰত কেতবোৰ নিৰ্ভৰযোগ্য আৰু ধাৰাবাহিক ঘটনাৱলী নিয়াৰিকৈ লিখা আছে। নিন্মোলিখিত ঘটনাটো এই কেতবোৰ বুৰঞ্জীৰ পৰা সংগ্ৰহ কৰা হৈছে :-

আহোমৰ পৌৰাণিক সাহিত্যত তেওঁলোকৰ  উৎপত্তিৰ বিষয়ে দাঙি ধৰা কাহিনীটো নিৰ্ভৰযোগ্য নহ’লেও সুখপাঠ্য। সৃষ্টিৰ আদিতে হেনো পৃথিৱীখন শূন্য আছিল। ইয়াত দেৱদেৱী, মানুহ, পশুপক্ষীকে আদি কৰি কোনো জীৱই নাছিল। কেৱল আকাশত ‘ফা’ নামেৰে এক মহাশক্তি আছিল। ‘ফা’ই শৰীৰৰ পৰা এটা উজ্জল পোহৰ বিতৰণ কৰিছিল। ফাৰ কোনো শৰীৰ নাছিল। যিদৰে মৌ-মাখিবোৰ মৌচাকত থাকে ঠিক সেইদৰে ফা আকাশত সোমাই আছিল। কালক্ৰমত ফাই শৰীৰ ধাৰণ কৰিলে আৰু নিজৰ শৰীৰৰ পৰা খুনথিবখাম নামেৰে আন এটা জীৱ সৃষ্টি কৰিলে। এই নতুন জীৱটো দেখাত এটা প্ৰকাণ্ড কেকোৰা যেন আছিল আৰু ই ওপৰমুৱাহৈ পানীত উপঙি আছিল। ইয়াৰ পিছত ফাই এটা কাছ; আঠটা ফণা থকা সাপ আৰু দীঘল দাত থকা এটা শুকুলা হাতী সৃষ্টি কৰিলে। ইয়াৰ পিছত উত্তৰ দিশত এটা পাহাৰ সাজি তাৰ টিঙত এটা খুটি পুতি তাত এডাল দীঘল ৰচী বন্ধা হ’ল। এইবোৰ সোণ বৰণীয়া ফুটা থকা দুটা মকৰাৰ সৃষ্টি কৰাত মকৰা দুটাৰ মল দম খাই ক্ৰমাৎ পানীৰ ওপৰত মাটিৰ সৃষ্টি হ’ল। মকৰা দুটাই তিৰোতা মানুহে গাটো অগা-পিছাকৈ কাপোৰ বোৱাৰ ভঙ্গীত জাল গুঠিবলৈ ললে আৰু তাৰ পৰা স্বৰ্গৰ সৃষ্টি হ’ল। কালক্ৰমত ফাই নিজৰ শৰীৰৰ পৰা এগৰাকী স্ত্ৰী সৃষ্টি কৰিলে। স্ত্ৰী গৰাকীয়ে চাৰিটা কণী দিলে। এই কণী কেইটাত কেইবাবছৰ ধৰি উম দিয়াত তাৰ পৰা চাৰিটা পুত্ৰ সন্তান উপজিল। তিনিজন পুত্ৰক যথাক্ৰমে পৃথিৱী, সাপ আৰু বজ্ৰক শাসনৰ ভাৰ দি চতুৰ্থজন ফাই আন নানা ধৰণৰ সৃষ্টি মূলক কামত খটুৱাবলৈ নিজৰ লগতে ৰাখিলে। পৃথিৱীৰ গৰাকী বৰপুত্ৰজনে পিতৃৰ আদেশ বাৰোকপতি উলঙ্ঘা কৰাৰ বাবে মৃত্যু মুখত পৰিল আৰু এইবাৰ তেওঁ প্ৰেত হ’ল। তেওঁৰ পুত্ৰ পৃথিৱীৰ গৰাকী হ’ল আৰু মৃত্যুৰ পিছত তেওঁক গৃহস্থ সকলৰ মঙ্গলাকাঙ্খী এজন দেৱতাৰুপে গণ্য হ’ল। আন এটা প্ৰেত (ক’ৰ পৰা উৎপত্তি হ’ল জনা নাযায়) আহঁত গছত থাকিবলৈ ললে। এইদৰে পৃথিৱী খন সুকলমে নচলা দেখি এইবাৰ ঈশ্বৰে এজন কৰি সৃষ্টি কৰিলে।

আন বহুতো জনজাতীয় উপাখ্যানৰ দৰে আহোম আখ্যানটো বানপানীৰ বৰ্ণনা পোৱা যায়। সেইমতে, এসময়ত পৃথিৱীৰ ওপৰত সূৰ্য্যৰ তাপ বৃদ্ধি হোৱাত সকলোবোৰ পানী শুকাই গৈছিল। ফলত বহু মানুহ আৰু পশুপক্ষী পিয়াহত অণ্ঠ-কণ্ঠ শুকাই মৃত্যু মুখত পৰিছিল। ইফালে সূৰ্য্যৰ তাপ আৰু বাঢ়ি থকাত পৃথিৱীত বহুবোৰ ফাট মেলে আৰু সেই ফাটবোৰেদি উতলা পানী ওলাই আহিল। এই পানীয়ে এতিয়াও যিবোৰ জীৱজন্ত মৰা নাছিল সেইবোৰক মাৰি পেলালে। কেৱল থাওলিপলিং নামেৰে এজন বুঢ়া মানুহ আৰু এজনী গাইহে এই বিপৰ্য্যয়ৰ পৰা ৰক্ষা পালে। থাওলিপলিং আৰু গাই  জনি শিলেৰে নিৰ্মিত এখন নাৱত উঠিল। কিন্ত তেতিয়াও পানী বাঢ়িলেই থাকিল। বানপানীয়ে নাওখন উত্তৰ-পূৱলৈ উটুৱাই নি ইপা নামেৰে এটা ওখ পৰ্ব্বতৰ টিঙ পোৱালৈগৈ। বুঢ়া মানুহটো গাই জনীৰ সৈতে তাতেই থাকিল। বানপানী লাহে লাহে কমিল। পানী কমাত মানুহ আৰু পশুপক্ষীৰ মৰাশ বোৰ ওলাই পৰিল। মৰাশ বোৰৰ পৰা ওলোৱা গেলা গোন্ধত স্বৰ্গৰ দেৱতা সকলে তত নাপাই সেই বোৰ পুৰিবলৈ আকাশৰ পৰা জুই নিক্ষেপ কৰিবলৈ ধৰিলে। ফলত এইবাৰ ভয়ানক অগ্নিকাণ্ড হ’ল। জুইৰ তাপত থাকিব নোৱাৰি বুঢ়াজনে গাই জনী মাৰি তাইৰ পেটত সোমাই থাকিল। গাই জনীৰ পেটত বুঢ়াই কোমোৰা গুটি পালে। জুই নুমালত বুঢ়াই গুটিতো মাটিত সিচিলে আৰু তাৰ পৰা এটা পুলি ওলাল। পুলিটোৰ পৰা ক্ৰমাৎ চাৰিটা ডাল ওলাই পৃথিৱীৰ চৌদিশে গতি কৰিবলৈ ধৰিলে। উত্তৰৰ দিশলৈ যোৱা ডালটো জাৰতে মৰি থাকিল। দক্ষিণলৈ যোৱাটো জুইত পুৰিল। পশ্চিমলৈ যোৱা ডালটো বানপানীত বুৰিলত কেৱল পূৱলৈ যোৱা ডালটোহে বাচি থাকিল।

এই ডালটো লহপহকৈ বাঢ়িবলৈ ধৰিলে। পিছলৈ ই ইমান ডাঙৰ হ’লগৈ যে ইয়াক এখন বৃহৎ সমতল ভূমি যেন লগা হ’ল আৰু তাৰ ভিতৰত মানুহ, পশু, চৰাই-চিৰিকতি, মাছ, গছ-গছনি আদি দেখিবলৈ পোৱা গ’ল। এই আটাইবোৰ জীৱই ডালটোৰ পৰা নামি আহিবলৈ চেষ্টা কৰি বিফল হৈ পৰিত্ৰাহি চিঞৰ লগালে। গগনফলা চিঞৰ এইবাৰ লেনডন বা ইন্দ্ৰদেৱতাৰ কাণত পৰিল। এইদৰে কোনে চিঞৰিছে চাবলৈ লেনডনে পানথৈ নামেৰে এজন দূত পঠিয়ালে। পানথৈ আহি কোমোৰা এটাৰ ভিতৰৰ পৰা মানুহ, হাতী, গৰু আৰু বহুবোৰ জন্তৱে একেলগে চিঞৰি থকা শুনিলেহি। সেই মৰ্মে পানথৈয়ে লেংডেনক জনোৱাত তেওঁ তেওঁৰ বৰপুত্ৰ আইকালনক বজ্ৰ মাৰি কোমোৰালৈ ফুটাই দিবলৈ পাচিলে। আইকালনে তেওঁৰ পিতৃৰ নিৰ্দেশমতে এডাল যাঠিৰে কোমোৰাটো ফালিবলৈ গ’ল। কোমোৰাটোৰ যিফালে মানুহবোৰ আছিল সেইফালে যাঠিডাল টোওৱাৰ লগে লগে মানুহবিলাকে তেওঁলোকক নামাৰিবলৈ কাবৌককালি কৰিবলৈ ধৰিলে। কোমোৰাটো আনফালে ফালি দিবলৈ কাকূতি মিনতি কৰি মানুহবোৰে ক’লে যে, যদি তেওঁলোকক কোমোৰাটোৰ পৰা উদ্ধাৰ কৰা হয় তেন্তে তেওঁলোক পৃথিৱীৰ উপকাৰত আহিব। তেওঁলোকে পৃথিৱীত খেতিবাতি কৰি তাতেই থাকিব বুলি প্ৰতিশ্ৰুতি দিলে। এইবাৰ কোমোৰাটোৰ পেটত যিফালে গৰু বিলাক আছিল সেই ফালে যাঠি ডাল দঙাত গৰুবোৰে সিহঁতক নামাৰিবলৈ কাকূতি কৰি ক’লে যে বাচি থাকিবলৈ দিলে তেওঁলোকে মানুহৰ উপকাৰত আহিব আৰু তেওঁলোকক বিশেষকৈ মাটি চন কৰাত সহায় কৰিব।

এইদৰে যিফালেই আইকালনে কোমোৰাটো ফালিবলৈ যায় সেইফালে থকা জীৱজন্ত বিলাকে সিহঁতক নামাৰিবলৈ চিঞৰ-বাখৰ লগালে। এইদৰে বাৰেকোপতি কোমোৰাটো ফলাত বাধা পাই থকা দেখি অৱশেষত থাওলিপলিঙ নামেৰে আগতে উল্লেখ থকা বঢ়াজনে হস্তক্ষেপ কৰিলে। কোমোৰাটোৰ ফুলটো শুকাই লাগি থকা অংশটোত বুঢ়াজনে বহি অতবোৰ কাঙ চাই আছিল। তেওঁ ক’লে যে যদি মানুহবোৰে তেওঁক এটা ভোজভাত খুৱায় আৰু ভৱিষ্যতে পূজা কৰে তেন্তে তেওঁ নিজকে সকলোৰে উপকাৰে উচৰ্গা কৰিবলৈ প্ৰস্তুত। মানুহবোৰে তেওঁৰ কথাত হয়ভৰ দিয়াত এইবাৰ বুঢ়াৰ ইচ্ছামতে আইকালনে তেওঁ বহি থকা ঠাইত যাঠি নিক্ষেপ কৰিলে। ফলত থাওলিপলঙ মৰিল আৰু কোমোৰাটো দুফাল হৈ তাত থকা প্ৰত্যেকটো জীৱজন্ত অক্ষত ভাৱে ৰক্ষা পৰিল। আইফালনে মানুহবোৰক বিভিন্ন জীৱিকাৰ উপায় শিকালে। চৰাই বিলাকক বাঁহ সাজিবলৈ আৰু অন্যান্য জীৱজন্ত সমূহক জীয়াই থকাৰ নানা উপায়ৰ কথা ক’লে। আহোম দেওধাই বাইলুঙ, জনজাতীয় পুৰুহিত আৰু জ্যোতিষীসকলে আজিও থাওলিপলিঙক পূজা কৰে। নানাবিধ শস্য, তেল আৰু মিঠাই আজিও সময়ে সময়ে থাওলিপলিলঙৰ নামত আগবঢ়োৱা হয়। আহোমৰ প্ৰধান দেৱতা হৈছে লেংদন। কিন্ত মানুহ থাওলিপলিঙো পজ্য, কাৰণ, এই বুঢ়াজনে আত্মত্যাগ নকৰা হ’লে আজিকোপতি এই কোমোৰাটোৰ মাজত সকলোবোৰ জীৱ বন্দী হৈ ৰ’লহেতেঁন।

আহোম ৰজাসকলৰ উৎপত্তি সম্বন্ধে দুটা তথ্য আছে। এটা তথ্য দেওধানী সকলৰ আৰু আনটো তথ্য দেওধানী তথ্যক ভিত্তি কৰি ব্ৰাহ্মণ সকলে দিয়া ব্যাখ্যা। দেওধানীৰ তথ্যটো উজনী ব্ৰহ্মৰ শাসনকালৰ মাজত প্ৰচলিত। ব্ৰাহ্মণৰ তথ্যটো আহোমক হিন্দুধৰ্মত দীক্ষিত হোৱাত উৎসাহ দিবলৈ সৃষ্টি কৰা এটা তথ্য। দুয়োটা সূত্ৰই আহোম ৰজা সকলৰ আদি পুৰুষক দেৱতা বুলি কয়।

দেওধাই সকলৰ মতে লেংডনে তেওঁৰ পুত্ৰ থেনখামক মৰ্তলৈ নামি আহি এজন ৰাজ্য স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে। থেনখাঙে স্বৰ্গ এৰিবলৈ অনিচ্ছা প্ৰকাশ কৰি তেওঁৰ পুত্ৰ্দ্বয় খুনলুঙ আৰু খুনলাইক এই দায়িত্ব দিয়ে। লেংডনে তেওঁলোকক চোমদেও দেৱতাৰ মূৰ্ত্তি, হেংডাং নামেৰে এখন যাদুৰ তৰোৱাল, দুটা ঢোল আৰু চাৰিটা কুকুৰা দিলে। ঢোল দিয়া হ’ল আৱশ্যক হ’লে ঢোল বজাই স্বৰ্গৰ পৰা সহায় বিচাৰিবলৈ আৰু কুকুৰা কেইটা দিয়া হ’ল মন্ত্ৰমতাত সহায় কৰিবলৈ। খুনলুঙ যিহেতু ডাঙৰ তেওঁক ৰজা আৰু খুনলাই যিহেতু সৰু সেয়ে তেওঁক প্ৰধান পৰামৰ্শদাতা হিচাবে কাৰ্য্যনিৰ্বাহ কৰিবলৈ কোৱা হ’ল।

৫৬৮ খৃঃত এডাল লো (বা সোণৰ) শিকলিৰে খুনলুঙ আৰু খুনলাই স্বৰ্গৰ পৰা মঙৰি মুঙৰাম ৰাজ্যলৈ নামি আহে। এই ৰাজ্যত থাই বা শান সকলে ৰজা নোহোৱাকৈ বসবাস কৰিছিল। মৰ্ত্তলৈ নামি আহি খুনলুং আৰু খুনলায়ে দেখিলে যে, লৰালৰিতে তেওঁলোকে কুকুৰাটো আৰু অন্যান্য বস্তুবোৰ আনিবলৈকে পাহৰিলে। লেঙ্গো নামেৰে এজনে এইবোৰ বিচাৰি আনি দিলত তেওঁকে চীনদেশ আৰু যাদুৰ হেংডদাংখন উপহাৰ দিয়াহ’ল। খুনলুং আৰু খুনলায়ে মুঙ্গৰিমুনগ্ৰামত নগৰ এখন সাজিলে। পিছে খুনলায়ে বিদ্ৰোহ কৰি ককায়েকক ৰাজ্যৰ পৰা খেদি দিয়াত তেওঁ চোমদেওৰ মূৰ্ত্তিটো লৈ পশ্চিমলৈ আগবাঢ়ি গৈ মুঙখূমুঙজাউ নামেৰে এখন নতুন ৰাজ্য পাতিলেগৈ। ৪০ বছৰ এই ৰাজ্যত ৰাজত্ব কৰি তেওঁ ৭ জন পুত্ৰক ইয়াতে এৰি থৈ স্বৰ্গলৈ উলটি যায়। প্ৰথম ৬ জন পুত্ৰক তেওঁ জীৱিত কালতেই তেওঁৰ কৰতলতীয়া ৰজা হিচাবে ভিন ভিন ৰাজ্যৰ ভাৰ দিছিল। সেয়ে, তেওঁৰ পিছত কনিষ্ঠ পুত্ৰ খুমচু মূঙখুমুঙজাউৰ ৰজা হয়। ডাঙৰ পুত্ৰ জন মুঙকাঙ ৰাজ্যৰ ৰজা আছিল আৰু তেওঁ উত্তৰাধিকাৰী সূত্ৰে চোমদেওৰ মূৰ্ত্তিটো পাইছিল। আন এজন পুত্ৰ হেনো আভাৰ ৰজা আছিল। ব্ৰহ্মদেশৰ ৰজাসকলে আহোম ৰজাসকলক ভাই ৰজা বুলি অভিহিত কৰালৈ চাই এই কথাষাৰ অসত্য আছিল যেন নালাগে। মুঙ্গ মানে ৰাজ্য আৰু কাঙ্গ মানে হ’ল ঢোল বা বিহ। সেয়ে, মুঙকাঙ মানে ঢোলৰ ৰাজ্য বা বিহৰ ৰাজ্যও হ’ব পাৰে। ছামলুঙ ফাই স্থানীয় নৈ এখনৰ গৰ্ভত এটা নীলা পাথৰৰ ঢোল পাইছিল বুলি পুৰণি আহোম সাহিত্যৰ এটা উক্তিৰ বিষয়ে নে, এলিয়াছে উল্লেখ কৰালৈ চাই ঢোলৰ ৰাজ্য শব্দটোহে গ্ৰহণযোগ্য যেন লাগে।

ইফালে খুনলায়ে মুঙ্গৰিমুঙ্গ গ্ৰামত ৭০ বছৰ কাল ৰাজত্ব কৰে। তাৰপিছত তেওঁৰ পুত্ৰ ত্যাঅইজেপত্যাতফা ৰজা হয়। এওঁৰ ৰাজত্ব কাল আছিল ৪০ বছৰ। এইজন ৰজাৰ দিনৰ পৰা সম্ভৱতঃ আইজেণি বছৰৰ আৰম্ভ হয়। বৰ্ম্মী আৰু নৰাৰ মাজত এই বছৰৰ এতিয়াও প্ৰচলন আছে। এইজন ৰজা নিঃসন্তান আছিল। সেয়ে, তেওঁৰ মৃত্যুৰ পিছত খুনলুং আৰু খুনচুৰ পৰিয়ালৰ পৰা এজন পুত্ৰক এই খালী হোৱা সিংহাসন আৰোহণৰ বাবে পঠিওৱা হয়। এই জন ৰজাই ২৫ বছৰ ৰাজত্ব কৰে। এওঁৰ মৃত্যুৰ পিছত ৰাজ্যখন দুভাগে বিভক্ত কৰা হয়। এজন পুত্ৰই মুঙৰিমুঙৰামৰ ৰজা হয় আৰু আনজনে শেউলি নৈ পাৰৰ মাণ্ডলুঙত ৰাজ্য পাতে। এই পিছৰ জন আৰু সতি সন্ততিসকলে ৩৩৩ বছৰ ৰাজত্ব কৰিছিল। এই বংশৰ শেষ ৰজাজন নিঃসন্তান হোৱাত আকৌ খুনচু বংশৰ এজনক আনি ৰজা পতা হৈছিল। এইজন ৰজাৰ অন্যতম নীতি আছিল চুকাফা আৰু এই চুকাফাই অসমত আহোম ৰাজত্বৰ পাতনি মেলিছিল। চুকাফাই এজন ভাতৃৰ সৈতে বিবাদ কৰি ৰাজ্যৰ পৰা ওলাই গৈছিল। এইদৰে আহোতে মুঙ্গকাঙ্গৰ ৰজাৰ পৰা চোমদেওৰ মূৰ্ত্তিটো চুৰ কৰি চুকাফাই অসম অভিমুখে পলাইছিল।

যিসকল আহোম ৰজাই হিন্দু ধৰ্ম লৈছিল তেওঁলোকৰ উৎপত্তি সম্বন্ধে ব্ৰাহ্মণ সকলে লিখা বিৱৰণীৰ সৈতে আহোম সকলৰ বিৱৰণীৰ মিল আছে। কথিত আছে যে, সৌমাৰ পীঠৰ পূৱে বশিষ্ঠ মুনিৰ এখন আশ্ৰম আছিল। এই আশ্ৰমৰ ফুলনিত দেৱৰাজ ইন্দ্ৰই শচীৰ সৈতে প্ৰেম কৰি থকা দেখি মুনিৰ খঙ আৰু ইন্দ্ৰ নীচকুলীয়া স্ত্ৰীৰ সৈতে সহবাস কৰিব লাগিব বুলি অভিশাপ দিয়ে। সেই মৰ্মে ইন্দ্ৰই যাৰ সৈতে সহবাস কৰিবলগীয়াত পৰিল সেই গৰাকী প্ৰকৃততে ছদ্মবেশী বিদ্যাধৰীহে আছিল। স্ত্ৰী গৰাকীৰ এটি পুত্ৰ জন্ম হয়। পুত্ৰটিক ইন্দ্ৰই বৰ মৰম কৰিছিল। কালক্ৰমত এই পুত্ৰ জনৰ বহু সতি-সন্তান হয়। এই সন্তান সকলৰ ভিতৰত জেষ্ঠ দুজনেই আছিল মুঙৰিমুঙৰামৰ খুনলুং আৰু খুনলাই। এওঁলোকৰ বিষয়ে আগেয়ে সবিশেষ উল্লেখ কৰা হৈছে।

এলিয়াছৰ শাসনকালৰ ইতিহাসত উল্লেখিত উজনী ব্ৰহ্মৰ শান সকলৰ কাহিনীৰ সৈতে আহোমৰ উৎপত্তিৰ কাহিনীৰ মিল পোৱা যায়। অৱশ্যে, এই কাহিনীবোৰৰ ৰজাসকলৰ নাম বা ঠাইৰ নামৰ ক্ষেত্ৰত বহুতো অমিল চকুত পৰে। ছুকাফাৰ অসম অভিযানৰ সংক্ৰান্তত এনে এটা উল্লেখযোগ্য পাৰ্থক্য চকুত পৰে। শান সকলৰ বিৱৰনীত চুকাফাৰ অসম আক্ৰমণৰ কোনো উল্লেখ নাই। তেওঁলোকৰ বিৱৰণী মতে ১২২০ খৃঃত ৰাজপাটত বহা মঙমউৰ ৰজা এজনৰ ভায়েক ছামলুঙফাই উজনী অসমত কেইবাবাৰো সফল অভিযান চলাই চুটীয়াসকলক পৰাস্ত কৰিছিল। একেজন বীৰে আৰাকান, মণিপুৰ আৰু আন কেইবাখনো ৰাজ্যৰ ৰজাসকলকো যুদ্ধত ঘটুৱাইছিল। এই কাহিনীটো কাল্পনিক নহবও পাৰে। চুকাফাই এদল লোকৰ সৈতে (আটাইবোৰ লোক সৈন্য নাছিল) পাটকাই পাহাৰ পাৰ হৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ দক্ষিণ পূৱে ৰাজ্য স্থাপন কৰিবলৈ যো-জা কৰাৰ সময়তে বোধকৰো আন এখন শান ৰাজ্যৰ সেনাপতিয়ে আন পূৱ দিশৰ পথেৰে গৈ চুটীয়াসকলক পৰাস্ত কৰিছিল। আহোমে দখল কৰা ঠাই ডোখৰৰ উত্তৰ সীমাত এই চুটীতাসকলৰ ৰাজ্য আছিল।

অসমত আহোম ৰাজত্বৰ ভেটি স্থাপন কৰা শান সকলৰ দলপতি যে চুকাফা আছিল সেই সম্বন্ধে আহোম বুৰঞ্জী সমূহৰ লগত পৌৰাণিক কাহিনীসমূহ একমত। সঠিক কোন ঠাইৰ পৰা চুকাফা আহিছিল জনা নগলেও এই সম্বন্ধে আহোম বুৰঞ্জী সমূহত উল্লেখ কৰা ধৰণে তেওঁ মউলুঙৰ পৰাই আহিছিল যেন লাগে। মুঠৰ ওপৰত আহোমসকল যে পুৰণি পঙ্গ ৰাজ্যৰ কোনো এঠাইৰ পৰা আহিছিল সেইটো ধুৰুপ। আহোমৰ গঢ়নিত, চাৰিত্ৰিক গুণাগুণ আৰু জনজাতীয় ভাষাৰ পৰা তেওঁলোক যে প্ৰকৃত শান লোক সেই সম্বন্ধে কোনো সন্দেহ নাই। তেওঁলোকে নিজেই টাই (স্বৰ্গৰাজ্যৰ পৰা অহা লোক) বুলিছিল। শান সকলে আজিও নিজকে এইদৰে অভিহিত কৰে। আহোমসকলে তেওঁলোকৰ পূৰ্ব্বপুৰুষ শান সকলৰ সৈতে প্ৰায় বৰ্তমান সময় লৈকে সম্বন্ধ ৰাখিছিল। পাটকাই পাহাৰৰ যিটো পথেদি আহোম সকল আহিছিল সেই পথটো অন্যান্য শান সকলেও ব্যৱহাৰ কৰিছিল। খামতি, ফাকিয়াল, আইতনিয়া, তুৰুঙ, খামজাঙ্গ আদি লোকসকল শান ফৈদৰ লোক আৰু তেওঁলোকেও আহোম সকল অহা পথেদি অসমলৈ আহিচিল। এই লোকসকল বৌদ্ধ ধৰ্মত দীক্ষিত হৈছিল। কিন্ত বৌদ্ধ ধৰ্ম প্ৰচাৰৰ আগেয়ে একমাত্ৰ আহোম সকলহে অসমলৈ আহিছিল। আহোমৰ বাহিৰে অসমত থকা আন আন শান ফৈদৰ লোকসকল বৌদ্ধ ধৰ্ম্মাৱলম্বী। ইয়াৰ পৰা বুজিব পাৰি যে, তেওঁলোক আহোমতকৈ বহুদিন পিছতহে অসমলৈ। এওঁলোকৰ ভিতৰত তুৰঙ্গ সকলে সৌ সিদিনা ১৯শ শতিকাৰ আৰম্ভণিতহে অসম প্ৰবেশ কৰিছিলহি।

১২১৫ খৃঃত ৮ জন ডা-ডাঙৰীয়া; ৯০০০ মুনিহ, তিৰোতা আৰু ল’ৰা-ছোৱালীৰে সৈতে চুকাফাই মৌলুঙ্গ এৰি আহিছিল। যদিও কতো উল্লেখ নাই, তথাপি তেওঁলোকৰ লগত অহা মানুহখিনিৰ অধিক সংখ্যক প্ৰাপ্তবয়স্ক মুনিহ আছিল যেন লাগে। চুকাফাৰ দলটোত ২টা হাতী আৰু ৩০০ ঘোঁৰা আছিল। প্ৰায় তেৰ বছৰ ধৰি তেওঁ পাটকাই পাহাৰ অঞ্চলত ঘূৰি ফুৰি প্ৰায়ে নগা গাওঁ সমূহত লুটপাট কৰিছিল। ১২১৮ খৃঃত তেওঁ খামজাঙ্গত উপনীত হৈছিল।

চুকাফাৰ দলটোৱে ভুৰেদি খামনামজাঙ নামৰ নৈ এখন পাৰ হৈ নঙ্গন্যাঙ্গ পুখুৰীৰ পাৰ পাইঅছিল। কেত বোৰ নগা লোকে তেওঁলোকৰ আগমণত বাধা দিবলৈ চেষ্টা কৰিছিল। কিন্ত চুকাফাই নগাসকলক হৰুৱাই বন্দী কৰি তেওঁলোকক অকথ্য শাস্তি দিছিল। তেওঁ বহুতো নগাক মাৰি জুইত পুৰি তেওঁলোকৰ আত্মীয় স্বজনক সেই মাংস খাবলৈ বাধ্য কৰিছিল। এই কাৰ্য্যৰ ফলত নগাসকলৰ মাজত অতি সন্ত্ৰাসৰ সৃষ্টি হোৱাত চুবুৰীয়া সকলো নগালোকে লৰালৰিকৈ আহোমৰ বশ্যতা স্বীকাৰ কৰিছিল। এজন ডঙৰীয়াক এই অঞ্চল সমূহৰ ভাৰ দি চুকাফাই এইবাৰ দঙকাওৰঙ, খামহাঙপুঙ আৰু নামৰুপৰ ফালে আগবাঢ়িছিল। তেওঁ চেচা নদীৰ দলং পাৰ হৈ দিহিং নৈ পাইছিলগৈ যদিও ঠাই খন বসবাসৰ বাবে উপযুক্ত নোহোৱাত সেই ঠাই এৰি নামনিলৈ গৈ তিপাম ওলালগৈ। ১২৩৬ খৃঃত এই ঠাইৰ পৰা তেওঁ মুঙক্লাঙ্‌ চেখৰুলৈ (অভয়পুৰ) যায় আৰু সেই ঠাইত বহু বছৰ অতিবাহিত কৰে। ১২৪০ খৃঃত বাৰিষা কালত এই ঠাই খন বান পানীয়ে বুৰাই পেলোৱাত তেওঁ ব্ৰহ্মপুত্ৰ নৈয়েদি গৈ হাবুঙ্গ পালেগৈ আৰু তাতেই দুবছৰ কাল কটালে। এই ঠাইত আহোম খেতিবাতি কৰি জীৱিকা-নিৰ্ব্বাহ কৰিছিল। কিন্ত এই ঠাইতো বানপানী হোৱাত আহোমে সেই ঠাই এৰিবলৈ বাধ্য হ’ল। এইবাৰ ব্ৰহ্মপুত্ৰয়েদি ভালেমান নামনিলৈ আহি চুকাফাই দিখৌ নৈৰ মোহনা পালেহি। তাৰ পৰা তেওঁ লিগিৰি গাওঁলৈ গ’ল। ১২৪৬ খৃঃত এই গাওঁত এদল সৈন্য এৰি তেওঁ এইবাৰ শিমলুগুৰিত সোমাল। এই ঠাইত তেওঁ কেইবাবছৰো থাকিল। এই সময়ত চুকাফাই হেনো নামডাং (দিখৌৰ এখন উপনৈ) উপত্যকাৰ লোকসকলৰ বিৰুদ্ধে এক অভিযান চলাবলৈ মনতে পাঙিছিল। পিছে সেই লোক সকলৰ সংখ্যাধিক্যলৈ চাই তেওঁ সেই অভিপ্ৰায় বাদ দিলে। ১২৫৩ খৃঃত তেওঁ শিমলুগুৰি এৰি চৰাইদেওলৈ গ’ল আৰু তাত ধূমধামেৰে সৈতে এখন নতুন নগৰ পাতিলে। এই উপলক্ষে চুকাফাই দেৱতাৰ নামত দুটা ঘোৰাঁ উছৰ্গা দিলে আৰু দেওধানী সকলে এজোপা নুনি গছৰ তলত বিশেষ প্ৰাৰ্থনাৰ আয়োজন কৰিলে।

চুবুৰীয়া ৰাজ্য খনত সেই সময়ত মৰাণ আৰু বৰাহী সকলে ৰাজত্ব কৰিছিল। মৰাণৰ ৰজাৰ নাম আছিল বাডান্‌চা। বৰাহীসকলৰ ৰজা আছিল থাকুম্‌থা। মৰাণ সকল এতিয়াও এটা সুকীয়া জনগোষ্ঠীৰ লোক। আহোম ৰাজত্বৰ শেষৰ ফালে  মৰাণ সকল ডাঙৰি আৰু ডিব্ৰু নৈৰ মাজৰ অঞ্চলত বাস কৰিছিল। তেওঁলোকে আহোমক নিয়মীয়া কৰ  নিদিলেও তেওঁলোকক হাতী, মৌ, কঠ আৰু বিভিন্ন ৰং আদি উপহাৰ দিছিল। তেওঁলোকে পিছলৈ আহোমৰ ৰীতি-নীতি গ্ৰহণ কৰি প্ৰায় আহোমেই হৈ পৰিছিল যদিও তেওঁলোকৰ ভাষাটো নিঃসন্দেহে বড়ো ভাষাহে আছিল। চুকাফাই এই জনজাতীয় লোকসকলক পদানত কৰিছিল। কিন্ত তেওঁ বিজিত সকলৰ প্ৰতি অতি সদায় আছিল। তেওঁলোকক আহোমৰ সৈতে সমমৰ্য্যাদা দিয়াৰ উপৰিও আহোমৰ সৈতে বৈবাহিক সম্বন্ধ স্থপনতো উৎসাহ দিছিল। এনে কৰাৰ ফলত সকলো বিজিত লোকক এক কৰি এটা জাতি গঠনত চুকাফা কৃতকাৰ্য্য হৈছিল। তেওঁ ব্ৰহ্মৰ ‘ভাই ৰজা’ সকলৰ সৈতে বন্ধুত্ব কৰি তেওঁলোকলৈ সোণ-ৰুপৰ ভালেমান উপহাৰ আগবঢ়াইছিল। ১২৬৮ খৃঃত তেওঁ মৃত্যু মুখত পৰে।

চুকাফা এজন অতি সাহসী আৰু জ্ঞানী গুণী ৰজা আছিল। মৰাণ আৰু বৰাহী সকলৰ সৈতে ভাল ব্যৱহাৰ কৰি তেওঁ সুনাম আৰ্জিছিল। কিন্ত পাটকাইৰ নগা সকলৰ সৈতে কৰা অমানুষিক ব্যৱাহাৰে তেওঁৰ সুনামত চেকা পেলাইছিল। দিহিং নৈৰ পাৰে পাৰে তেওঁ দলবলসহ ঘূৰিপকি ফুৰাৰ কথা স্থানীয় বহুতো সাধু কথা আৰু পুথিত উল্লেখ আছে। তেওঁৰ নিজ দেশৰ ৰীতি অনুসৰি চুকাফাই দুজন অতি প্ৰতাপী বিষয়া নিযুক্ত কৰিছিল। তেওঁলোক আছিল বৰগোঁহাই আৰু বুঢ়াগোহাঁই। ক্ষমতাৰ ক্ষেত্ৰত তেওঁলোক ৰজাৰ ঠিক তলতে আছিল। উল্লেখযোগ্য যে, আহোমে অসমক মুঙ্গডুনছুন্‌খাম্‌ (ৰাজ্য-ভৰা-বাগিছা-সোণ) আৰ্থাৎ সোণৰ বাগিছাৰে হৰা ৰাজ্য বুলিছিল।

চুকাফাৰ পিছত তেওঁৰ পুত্ৰ ছুটেওফাই ৰাজপাট আৰোহণ কৰে। তেওঁ ৩০ বছৰ ৰাজত্ব কৰি ১২৮১খৃঃত স্বৰ্গী হয়। তেওঁৰ দিনতে কছাৰী সকলে দিখৌ নৈৰ পূৰ্ব্বাঞ্চল আহোমৰ হাতত তুলি দিছিল। এখন বুৰঞ্জী মতে সেই কালত নৰা বা মুঙ্গকানৰ শান আৰু ব্ৰহ্মদেশৰ মানতাৰা সকলৰ যুদ্ধ হৈছিল। নৰাসকলে এই যুদ্ধত বেয়াকৈ পৰাজিত হৈ ছুটেওফাৰ সহায় বিচৰাত তেওঁ নৰাৰজাই এগৰাকী জীয়েক তেওঁলৈ দিলেহে সহায় কৰিব বুলি কৈছিল। নৰাৰজাই এই প্ৰস্তাৱত অমান্তি হোৱাত দুয়োৰে মাজত কাজিয়া লাগে আৰু ছুটেওফাই তেওঁৰ বিৰুদ্ধে এদল সৈন্য পঠিয়ায়। পিছে, এই সৈন্যদল বৰ বেয়াকৈ পৰাজিত হয় আৰু তেওঁলোকৰ দলপতি বুঢ়াগোঁহাইক নৰাসকলে হত্যা কৰে। এই বাতৰি পাই ৰজাই বৰ গোঁহাইৰ অধীনত লৰালৰিকৈ আৰু এদল সৈন্য পঠিয়ায় যদিও তেওঁ বিশ্বাসঘাটকতা কৰি শত্ৰুৰ দলতহে যোগ দিছিল গৈ। এই কথা গম পাই ৰজাই তেওঁ উভতি অহাত নানা ধৰণে অপমান কৰি বৰগোঁহাইক বন্দীশালত নিক্ষেপ কৰিছিল। পিছে, অন্যান্য ডা-ডাঙৰীয়া সকলৰ অনুৰোধক্ৰমে ৰজাই অৱশেষত তেওঁক মুক্তি দিয়ে।

আহোম সকলে নৰাসকল নিকট আত্মীয় বুলিছিল। নে, এলিয়াছে কিন্ত এই বিষয়ে ভিন্ন মত পোষণ কৰিছে। খুনলুং আৰু খুনলাইৰ দীঘলীয়া আখ্যানত খুনলুঙে এই ৰাজ্যৰ পশ্চিমভাগ অৰ্থাৎ ফাউকং উপত্যকাৰ মুঙকাঙ অঞ্চল অধিকাৰ কৰিছিল বুলি জনা যায়। এই সময়ৰ পৰা ১২১৫ খৃঃত ছামলুংফাৰ ৰাজ্য বিজয় লৈকে শান বংশাৱলী সমূহ এই ঠাইডোখৰক নৰাসকলৰ ৰাজ্য বুলি অস্পষ্টভাৱে বৰ্ণনা কৰিছে। এই ঠাই খন এখন সম্পূৰ্ণ স্বাধীন ৰাজ্য আছিল যেন লাগে। নে এলিয়াছৰ মতে নৰাসকলৰ বিষয়ে স্থানীয় তথ্যপাতি উদঘাটন কৰি তেওঁ এই সিদ্ধান্তত উপনীত হৈছে যে, নৰাসকল আদিতে এই ঠাইৰ স্থানীয় লোক আছিল আৰু পিছত তেওঁলোকে ‘মউ’ আৰু খামতি শান সকলৰ সৈতে মিলি যায়। সম্ভৱতঃ ইয়াৰ আগতে এই লোকসকল খামতিৰ পৰা আহিছিল। সি যি কি নহওক কেলেই, নৰাসকল তুলনামূলক ভাৱে সভ্য লোকেহে আছিল। এতিয়াও খামতি, মোগায়ুং আৰু উজনি অসমত যি দুই চাৰিজন নৰালোক পোৱা যায়, তেওঁলোকক জ্ঞানী-গুণী লোক হিচাবে গণ্য কৰা হয়। এই লোকসকল সাধাৰণত বৌদ্ধ ধৰ্মাৱলম্বী। তেওঁলোকে জ্যোতিষী আৰু লেখক হিচাবে জীৱন নিৰ্ব্বাহ কৰা দেখা যায়।

পৰৱৰ্ত্তী ৰজাজন আছিল ছুটেওফাৰ পুত্ৰ ছুবিনফা। ১২৮১ৰ পৰা ১২৯৩ খৃঃলৈ তেওঁ ৰাজত্ব কৰিছিল। তেওঁৰ দিনত চুকাফাই প্ৰতিষ্ঠা কৰি যোৱা ৰাজ্য খনৰ সীমা বৃদ্ধি হোৱা নাছিল। এইজন ৰজাই তেওঁৰ আহোম প্ৰজাসকলক সমানে দুভাগ কৰি বৰগোঁহাই আৰু বৰফুকনক তেওঁলোকৰ তত্বাৱধানৰ ভাৰ দিছিল।

ছুবিনফাৰ পিছত ছুকাঙ্‌ফা ৰজা হয়। আহোমসকলে স্থানীয় লোকসকলক পৰাজিত কৰি এই ঠাইত থাকিবলৈ লোৱাৰ পিছত বিশেষ যুদ্ধ বিগ্ৰহ নিহিৱাত ৰাজ্যখনত শান্তি বিৰাজ কৰিছিল। ইতিমধ্যে আহোমৰ সংখ্যাও বৃদ্ধি হয়। প্ৰাকৃতিকভাৱে এই সংখ্যা বৃদ্ধি হোৱাৰ উপতিও বহু স্থানীয় লোকে আহোমৰ লগত মিলি গৈ নিজকে আহোম বুলিছিল। আহোম সকলৰ আদিম বাসভূমিৰ পৰাও আৰু কেতবোৰ লোক আহি এই সংখ্যা বৃদ্ধি কৰিছিলহি। এইদৰে সংখ্যাত সৰু হৈ এতিয়া আহোম চুবুৰীয়া অধিক শক্তিশালী ৰজাসকলক প্ৰত্যাহ্বান জনাব পৰা অৱস্থাত উপনীত হৈছিল। ফলস্বৰুপে ভালেমান যুজঁ-বাগৰ লগাৰ পিছত আহোম সকল ব্ৰহ্মপুত্ৰ উপত্যকাৰ অধিপতি হৈ পৰে। পোন প্ৰথমে আহোমে হেনো তেওঁলোকৰ ৰাজ্যৰ গাতে লাগি থকা ৰাজ্যৰ চুটিয়া আৰু কছাৰী সকলক জোকাই নলৈ কমতা ৰজাৰ সৈতেহে যুদ্ধ কৰিছিল। ভালেমান দিন ধৰি চলা এই যুঁজত দুয়ো পক্ষৰ বহু লোক হানি হৈছিল। পিছে যুঁজ কৰি কৰি আমনি লগাত মন্ত্ৰী সকলৰ উপদেশ অনুসৰি আহোম ৰজাই সন্ধিৰ প্ৰস্তাৱ পঠিয়ায়। ফলত এখন সন্ধি হয়। কমতা ৰজাৰ জীয়ৰী ৰজনীক আহোম ৰজাই বিয়া কৰায়।

প্ৰায় ৩৯ বছৰ ৰাজত্বৰ অন্তত ছুকাঙফা ১৩৩২ খৃঃত স্বৰ্গী হয়। তেওঁ চ্যুখাৰঙফা, ছুতুফা, ত্যাওখামতি আৰু চাওপুলাই নামেৰে চাৰিজন পুত্ৰ এৰি যায়। ইয়াৰে শেষৰজন কমতা কুৱৰী ৰজনীৰ পুত্ৰ আছিল। এখন বুৰঞ্জীমতে, মুঙ্গকাঙৰ ৰজাই চুকাফাৰ পৰা কৰ দাবী কৰিছিল। তেওঁ কৈছিল যে, তেওঁ মৌলুঙৰ দলপতিৰ বংশধৰ। এই দলপতিৰ দিনতে চুকাফাই দেশ এৰি গৈছিল আৰু সেয়ে এতিয়া চুকাফাৰ বংশধৰ সকলে তেওঁক কৰ দিব লাগে। পিছে, ছুকাঙ্গফাই সেই দাবী অগ্ৰাহ্য কৰিলে। আনহাতেদি মুঙকাঙৰ সেই ৰজা জনৰো মৃত্যু হোৱাত কৰৰ দাবীও তল পৰিল।

ছুকাঙ্গফাৰ চাৰিজন পুত্ৰৰ ভিতৰত জেষ্ঠজন এতিয়া ৰজা হয়। পিছে প্ৰজাই তেওঁক ভাল নাপাইছিল। বৈমাত্ৰীয় ভাতৃ চাও পুলাইক তেওঁ চাৰিঙৰ ৰজা পাতিছিল। এতিয়া চাও পুলায়ে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰে। পিছে, এই ষড়যন্ত্ৰৰ কথা সদৰি হৈ পৰাত চাও পুলায়ে পলাই গৈ তেওঁৰ মোমায়েকৰ ঘৰত আশ্ৰয় লয়। মোমায়েক কমতা ৰজাই তেওঁক সহায় কৰাত দলবল লৈ চাওপুলায়ে প্ৰথমে আঠগাঁও আৰু তাৰ পৰা চাৰিঙলৈ আগবাঢ়ে। ছুখৰাঙ্গফাই এই দলটো দেখি প্ৰমাদ গণে। নিজৰ সৈন্যসকলৰ আনুগত্যৰ প্ৰতিও তেওঁৰ সন্দেহ থকাত তেওঁ চাওপুলাইৰ সৈতে এখন সন্ধি কৰি মিত্ৰতা কৰাটোকে শ্ৰেয় বুলি বিবেচনা কৰে।

চাওপুলাইক এইদৰে ষড়যন্ত্ৰ কৰিবলৈ বৰগোহাঁয়ে উৎসাহ দিছিল বুলি কোনো কোনো সূত্ৰই কয়। আন কেতবোৰ সূত্ৰমতে, ৰজাক দিনে নিশাই চাওপুলাইৰ বিৰুদ্ধে কথা লগাই তেওঁক চাওপুলাই বিৰোধ কৰা বিষয়াজনেহে ৰজাক এইদৰে বিশ্বাসঘাটকতা কৰিছিল। কিন্ত ৰজাৰ সকলো আক্ৰোশ বৰগোহাঁইৰ ওপৰত পৰাত তেওঁক হত্যা কৰিবলৈ আদেশ দিছিল। পিছে, এই ঘটনাৰ শাম নকটালৈকে বৰগোঁহায়ে আত্মগোপন কৰিহে প্ৰাণৰক্ষা কৰিলে। পিছত অৱশ্যে ৰজাই তেওঁক ক্ষমা কৰি আকৌ পুৰ্ব্বৰ পদবী দিয়ে। ৩২ বছৰ ৰাজত্বৰ অন্তত ১৩৬৪ খৃঃত ছুখবঙ্গফাৰ মৃত্যু হয়।

এওঁৰ পিছত ভায়েক ছুটিফা ৰজা হয়। এওঁৰ সৈতে চুটীয়াৰ সঘনে বিবাদ লাগিছিল। অৱশেষত চুটীয়া ৰজাই ১৩৭৬ খৃঃত চপাগুৰিলৈ আহি ছুটুফাক দেখা কৰে। ছুটুফাৰ প্ৰতি সৌজন্য প্ৰকাশ কৰাৰ চলেৰে তেওঁক চুটীয়া ৰজাই ছফ্ৰাই নৈত নৈবিহাৰলৈ আমন্ত্ৰণ কৰে; পিছত ছুটুফাই কোনো গাৰক্ষী নোহোৱাকৈ চুটীয়া ৰজাৰ নাৱলৈ যোৱাত তেওঁক বিশ্বাসঘাটকতা কৰি হত্যা কৰা হয়।

ছুটুফাৰ মৃত্যুত ডা-ডাঙৰীয়া সকলে বিশাল ৰাজ্যখন চলাবলৈ কোনো উপযুক্ত ৰজা নাই বুলি অভিমত প্ৰকাশ কৰে আৰু সেই মৰ্ম্মে বৰগোঁহাই আৰু বুঢ়াগোঁহায়ে চাৰিবছৰ ধৰি ৰাজকাৰ্য্য পৰিচালনা কৰে।

কিন্ত এইদৰে ৰজা নোহোৱাকৈ ৰাজকাৰ্য্য পৰিচালনাত অসুবিধা হোৱাত অৱশেষত ১৩৮০ খৃঃত তেওঁলোকে ছুখাঙ্গফাৰ তৃতীয় পুত্ৰ ত্যাওখামতিক ৰজা পাতে। ৰজা হৈ ত্যাওখামতিয়ে ককায়েক ছুটুফাক বিশ্বাসঘাটকতা কৰা চুটিয়া সকলৰ বিৰুদ্ধে এক অভিযান চলায়। ত্যাওখামতিৰ দুগৰাকী মাদৈ আছিল। তাৰে বৰ গৰাকীক তেওঁৰ অনুপস্থিতিত ৰাজকাৰ্য্যৰ ভাৰ দি গৈছিল। বৰ মাদৈ গৰাকীয়ে সৰু গৰাকী মাদৈক চকুপাৰি দেখিব নোৱাৰিছিল। আনহাতেদি, ৰজাই আকৌ সৰু গৰাকীকহে বেছি মৰম কৰিছিল। এতিয়া বৰ মাদৈয়ে নিজে ৰাজ্য পৰিচালনাৰ ভাৰ পাই সৰু মাদৈৰ বিৰুদ্ধে কেতবোৰ অভিযোগ আনি খৰটকীয়াকৈ বিচাৰৰ প্ৰহসন কৰি তেওঁৰ মূৰ কাটিবলৈ আদেশ দিয়ে। পিছে, সৰু মাদৈ অন্তঃসত্বা হোৱাৰ বাবে ডা-ডাঙৰীয়াসকলে তেওঁক নাকাটি এখন সৰু ভূৰ সাজি ব্ৰহ্মপুত্ৰ নৈত উটুৱাই দিয়ে। ইফালে ৰজাই চুটীয়াকে পৰাস্ত কৰি হএষোল্লাসেৰে উভতি আহি এনে ঘটনা শুনি খঙত অগ্নিশৰ্মা হয়। নতুনকৈ বিচাৰ কৰাত সৰু মাদৈ নিৰ্দ্দোষী প্ৰমাণিত হোৱাত ৰজাৰ খঙ দুগুণে চাৰে। কিন্ত বৰ মাদৈৰ ইমান প্ৰভাৱ আছিল যে ৰজাই তেওঁৰ বিৰুদ্ধে একো ব্যৱস্থা লব নোৱাৰিলে। ইফালে প্ৰজাৰ ওপৰতো বৰমাদৈৰ অত্যাচাৰ দিনে দিনে বাঢ়িছিল। ৰজাই এই অত্যাচাৰ দেখিও নেদেখা ভাও জোৰাৰ বাবে প্ৰজাই অৱশেষত তেওঁক হত্যা কৰে।

উপযুক্ত ৰাজকোঁৱৰৰ অভাৱত অকৌ ডা-ডাঙৰীয়া সকলে ৰজা নোহোৱাকৈ ৰাজ্য চলাবলৈ লয়। কিছুদিনৰ পিছত থাও চেওকেন নামৰ এজন লোকে ব্ৰহ্মপুত্ৰ পাৰ হৈ গৰু বেচাকিনা কৰিবলৈ গৈছিল। তেওঁ হাবুং গাওঁত ছুদাং নামেৰে এজন অতি সূলক্ষণীয় যুৱক দেখা পায়। খা-খবৰ লোৱাত এই যুৱকজন ত্যাওখামতিৰ সৰু মাদৈৰ পুত্ৰ বুলি জনা যায়। সৰু মাদৈক উটাই দিয়া ভূৰ খন হাবুং গাওঁৰ নৈ পাৰত আহি লগাত এজন ব্ৰাহ্মণে তেওঁক আশ্ৰয় দিছিল। এটি পুত্ৰ-সন্তান জন্ম দি সৰু মাদৈৰ মৃত্যু হয়। ব্ৰাহ্মণজনে নিজৰ ল’ৰা-ছোৱালীৰ লগতে এই ল’ৰাটিকো ডাঙৰ দীঘল্কৰে। এই বিষয়ে বুঢ়াগোঁহাইক জনোৱাত তেওঁ ঘটনাটোৰ সত্যাসত্য ভু লয়হি আৰু আন ডা-ডাঙৰীয়া সকলৰ সৈতে আলোচনা কৰি ল’ৰাটিক ৰাজধানীলৈ আনি ৰাজপাটত বহুৱায়।

১৩৯৭ খৃঃত ছুদাংফা ৰজা হয়। ৰজা হোৱাৰ কালত তেওঁৰ বয়স আছিল মাত্ৰ ১৫ বছৰ। ব্ৰাহ্মণৰ ঘৰত ডা-দীঘল হোৱাৰ বাবে তেওঁক বামুণীয়া কোঁৱৰ বোলাও হৈছিল। তেওঁ ধোলাত এখন ৰাজ্য পাতিছিল যদিও দিহিঙৰ পাৰৰ চাৰগুৱাতহে তেওঁৰ ৰাজধানী আছিল। এওঁৰ ৰাজত্বৰ পৰাই আহোমৰ ওপৰত ব্ৰাহ্মণৰ প্ৰভাৱ পৰিবলৈ লয়। হাবুংৰ পৰা তেওঁ আশ্ৰয়দাতা ব্ৰাহ্মণ জনক তেওঁৰ পুত্ৰ সকলৰ সৈতে আনি নিজ ৰাজধানীত প্ৰতিষ্ঠা কৰিছিল। ব্ৰাহ্মণৰ পুত্ৰ সকলক সীমান্ত অঞ্চলত উচ্চ পদ দিয়া হৈছিল। বুঢ়া ব্ৰাহ্মণজনক ৰজাই নিজৰ মন্ত্ৰণাদাতা পাতিছিল। ফলত বহুতো হিন্দু ৰীতি-নীতি আৰু উৎসৱ এতিয়া আহোমৰ মাজতো সোমাই পৰিল।

তিপামৰ মুখীয়াল সকলে এই নতুন ৰজাৰ বিৰোধীতা কৰিছিল। তেওঁলোকে ৰজাক ওফৰাবলৈ ষড়যন্ত্ৰ কৰাত ৰজাই এই বিষয়ে গম পালে। কিন্ত সদ্যহতে একো নকৰি ৰজাই আন এটা বুদ্ধি পাঙিলে। তেওঁ ৰাজ্যত হাতী চিকাৰ কৰিবলৈ ফান্দ পাতিবলৈ দিলে। ফান্দত বহুতো হাতী পৰাত ৰজাই ভোজ ভাতৰ আয়োজন কৰিলে। বহুতো গৰু, ম’হ বলি দি ভোজ ভাত দিয়া হ’ল। তিপামৰ মুখীয়াল সকলো নিমন্ত্ৰণ পাই আহিল। উৎসৱৰ আনন্দ তুঙ্গত উঠা কালতে অতৰ্কিতে তিপামৰ মুখীয়াল সকলক বধ কৰা হ’ল। প্ৰচলিত আহোম বা অন্যান্য এছিয়াৰ জনজাতীয় নিয়ম মতে এই নিহত সকলৰ কটা মূৰ বোৰ দ’ম কৰি থৈ ৰাইজক দেখুওৱা হ’ল।

এইদৰে প্ৰধান শত্ৰু বোৰ নিধন কৰি ৰজাই আন বোৰ তিপামৰ সৈতে মিত্ৰতা কৰিবৰ মনেৰে এজন তিপাম মুখীয়ালৰ খুনতাই নামেৰে কন্যা গৰাকীক বিয়া কৰাইছিল। পিছে, এই কন্যা গৰাকীয়ে তাইছুলাই নামেৰে এজন তিপাম যুৱাককহে ভাল পাইছিল। এদিন তাইছুলায়ে ৰজাৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰি এজন লগুৱাৰ হাতত ৰাণীলৈ বুলি মনে মনে এটা আঙুঠি দিছিল। এই কথা গম পাই ৰজাই তাইছুলাইক এই বিষয়ে সোধাত তেওঁ পলাই গৈ মুঙ্গকাঙৰ ৰজা ছুৰুম্‌ফাৰ আশ্ৰয় লয় আৰু তেওঁৰ সহায় বিচাৰে। ছুৰুমফাই বৰ গোঁহাইৰ নিতৃত্বত এদল সৈন্য পঠিওৱাত ছুদাংফাই নিজে শত্ৰুদলক তিপামৰ কুহিয়াৰবাৰী নামৰ ঠাইত প্ৰতিৰোধ কৰি যুঁজত ঘটুৱায়। নিজ সৈন্য দলৰ নেতৃত্ব কৰি হাতীৰ পিঠিত উঠি যোৱাৰ কালতে তেওঁ শত্ৰুৰ যাঠিৰ আঘাতত সমান্য ভাৱে আহত হৈছিল। পিছত আহোমৰ বৰগোঁহায়ে বিওঅক্ষ দলক পাটকাই লৈকে খেদি নিছিল। অৱশ্যে এই বিবাদ সৰহ দিন টিকি নাথাকিল। ১৪০১ খৃঃত দুয়ো দলৰ মাজত সন্ধি হোৱাত পাটকাই পাহাৰক দুয়ো ৰাজ্যৰ সীমা হিচাবে নিৰ্দ্ধাৰণ কৰা হয়। দুয়ো পক্ষৰ দুয়ো জন বৰগোঁহায়ে বৰ্তমানৰ মাৰ্ঘেৰিটাৰ পৰা ২৮ মাইল আঁতৰৰ নঙ্গন্যাঙ্গ হ্ৰদৰ পাৰত এই সন্ধি কৰিছিল। এই ঠাইতে বৰগোঁহাই দুজনৰ দুটা মূৰ্ত্তি শিলত কটা হৈছিল। এটা কুকুৰা কাটি সন্ধিৰ বাবে দুয়ো শপত লৈছিল। এই ঘটনাৰ পৰাই পাটকাই নামৰ সৃষ্টি হয়। সম্পূৰ্ণ নামটো হ’ল পাট-কাই-চেং-কু অৰ্থাৎ, কটা-কুকুৰা শপত খোৱা। ইয়াৰ আগেয়ে পাটকাইৰ নাম আছিল দৈ-কু-ৰাং বা “নটা শৃঙ্গৰ সঙ্গমস্থল”। নঙ্গন্যাঙ্গ মানে হ’ল বুৰগৈ থকা হ্ৰদ (হ্ৰদ-বুৰগৈ থকা)।

এই সন্ধিৰ ফলত তাই ছুলায়ে আশ্ৰয় হেৰুৱাত তেওঁ এইবাৰ কমতা ৰজাৰ আশ্ৰয় লয়। কমতা ৰজাই তাইছুলাইক গটাই নিদিয়াত ছুদাংফাই বৰ গোঁহাইৰ নেতৃত্বত তেওঁক আক্ৰমণ কৰিবলৈ সৈন্য পঠিয়ায়। ইয়াতে ভয় খাই কমতা ৰজাই ছুদাংফালৈ নিজৰ জীয়েক ভজনীক বিয়া দিলে। তেওঁ ছুদাংফালৈ ২টা হাতী, ভালেমান ঘোঁৰা, লগুৱা, লিগিৰি আৰু সোণ-ৰুপ যৌতুক হিচাবে আগবঢ়াইছিল।

ইয়াৰ পৰৱৰ্ত্তী কালত তিমাম, খাংজাং আৰু আইতন জনজাতীয় লোকসকলে কৰ নিদিয়াৰ বাবে ছুদাংফাই তেওঁলোকক আকৌ বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য কৰে। এই লোক সকলক হেনো নৰা ৰজাই কৰ নিদিবলৈ উচতাইছিল। এতিয়া ছুদাংফাই এই লোক সকলক তেওঁৰ সৈতে সম্বন্ধ নাৰাখিবলৈ সকিয়াই। ১৪০৭ খৃঃত ছুদাংফাৰ মৃত্যু হয়। তেওঁ মুঠতে দহ বছৰ ৰাজত্ব কৰিছিল। গুণাভিৰাম বৰুৱাৰ মতে, এইজন ৰজা বৰ বিলাসী আৰু ভোগী আছিল। পিছে আন কোনো বুৰঞ্জীয়ে এই বিষয়ে উল্লেখ নকৰাৰ বাবে কথাষাৰৰ সত্যতা সম্বন্ধ সন্দেহৰ অৱকাশ আছে। এইজন ৰজাৰ জীৱন বৰ বৈচিত্ৰপূৰ্ণ আছিল। তেওঁ অন্ততঃ এবাৰ নিজে সৈন্য বাহিনীৰ নেতৃত্ব কৰাৰ কথাও বুৰঞ্জীত পোৱা যায়।

মৃত ৰজাৰ পুত্ৰ ছুজাঙফা এইবাৰ ৰাজপাটত বহে। এইজন ৰজাৰ দিনত বিশেষ কোনো উল্লেখ ঘটনা ঘটা নাছিল। ১৪২২ খৃঃত তেওঁৰ মৃত্যু হয়।

তেওঁৰ অন্যতম পুত্ৰ ছুকাফাই ১৭ বছৰ ৰাজত্ব কৰি ১৪৩৯ খৃঃত মৃত্যু বৰণ কৰে। এওঁৰো ৰাজত্ব কাল বৈচিত্ৰহীন আছিল।

পৰৱৰ্ত্তী ৰজা আছিল ছুফাকফাৰ পুত্ৰ ছুছেনফা। তেওঁৰ মাতৃ আছিল এগৰাকী তিপাম কুৱৰী। তাঙ্গছু নগাসকলে তেওঁৰ ৰাজ্য আক্ৰমণ কৰাত তেওঁ শত্ৰুৰ বিৰুদ্ধে এক অভিযান চলাইছিল। ৰজাই নিজে এই অভিযানৰ নেতৃত্ব কৰি নগাসকলক কচুকটা দিছিল। পিছে আহোমৰ নিজৰো ১৪০ জন সৈন্য ৰণত পৰিছিল। অসমৰ পূবৰ কোনো এজন ৰজাই ছুছেঙফালৈ উপহাৰ পঠিয়াই তেওঁৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল। আখাম্‌পা নগা সকলেও তেওঁৰ বশ্যতা স্বীকাৰ কৰি তৰোৱাল উপহাৰ পঠিয়াইছিল। ৪৯ বছৰ ৰাজত্ব কৰি তেওঁ স্বৰ্গী হয়। বুৰঞ্জীৰ বিৱৰণী মতে তেওঁ এজন প্ৰজাৰঞ্জক ৰজা আছিল যেন লাগে।

ছুফেঙফাৰ মৃত্যুত তেওঁৰ পুত্ৰ ছুহেনফাই ৰাজ সিংহাসন আৰোহন কৰে। এওঁৰ দিনত তাঙ্গছু নগাসকলৰ সৈতে পুনৰ বিবাদ লগাত তেওঁ সেই লোকসকলক পৰাস্ত কৰে। কিন্ত বিবাদৰ আৰম্ভণীত তাঙ্গছু সকলেহে এদল আহোম সৈন্যক পৰাস্ত কৰি তেওঁলোকৰ নেতৃত্ব কৰা বৰগোঁহাই জনৰ ডিঙি কাটিছিল। ১৪৯০ খৃঃত কছাৰীৰ সৈতে তেওঁৰ বিবাদ লাগে। দিখু নৈ পাৰৰ দামপুকত আহোম সৈন্য পৰাস্ত হয়। তেওঁলোকৰ সেনাপতি জন ৰণত পৰে আৰু আন ১২০ জন লোক হানি হয়। ইয়াৰ বাহিৰেও বহু লোক যুদ্ধত আহত হৈছিল। আহোম সন্ধি কৰে। এগৰাকী আহোম কুঁৱৰী কছাৰী ৰজালৈ আগবঢ়োৱা হয়। ১২ টা হাতী আৰু ১২ গৰাকী তিৰোতাক দাসী হিচাবে যৌতুকত দিয়ে।

তাইৰুঙ্গবান ফৈদৰ কেতবোৰ লোকে ১৪৯৩ খৃঃত ছুহেনফাক হত্যা কৰে। ৰাজ্য ভৰালৰ পৰা শস্য চুৰ কৰাৰ বাবে এই লোকসকলক ৰজাই শান্তি দিছিল। পিছত ৰাজ প্ৰসাদ মেৰামতিৰ কামত নিযুক্ত হোৱাত এই লোকসকলে এডাল জোঙা বাহেঁৰে খুছি ৰজাৰ মৃত্যু ঘটায়। কোনো কোনো সূত্ৰ মতে বুঢ়াগোঁহাইৰ উচতনিতহে এই হত্যা কাণ্ড ঘটিছিল।

ছুহেনফাৰ পুত্ৰ ছুপিমফাই ৰজা হৈ পিতৃ হন্তাসকলক বিচাৰি চলাথ কৰে। ফলত সন্দেহৰ পাত্ৰ বুঢ়াগোঁহায়ে বিদ্ৰোহ কৰে। এবাৰ হেনো চুপিমফাৰ এগৰাকী মাদৈ কৰ দিবলৈ অহা এজন নগা গামক দেখি তেওঁৰ ৰুপৰ প্ৰশংসা কৰিছিল। এই কথাতে খণ্ড কৰি ৰজাই মাদৈ গৰাকীক নগা গাম-জনৰ গাঁৱত এৰি আহিবলৈ আদেশ দিছিল। এইদৰে ৰাজ্যৰ পৰা খেদাই দিয়াৰ কালত মাদৈ গৰাকী আন্তঃসত্বা আছিল। নগা গাওঁত তেওঁৰ এটি পুত্ৰ জন্মে। এই পুত্ৰটিৰ নো কি হ’ল সেই সম্বন্ধে পিছত উল্লেখ কৰা হ’ব। ১৪৯৭ খৃঃত ছুপিমফাৰ মৃত্যু হয়। কোনো কোনো সূত্ৰই তেওঁক হত্যা কৰা হৈছিল বুলিহে কয়।

পৰৱৰ্ত্তী ৰজা তেওঁৰ পুত্ৰ ছুহুঙ্মুঙ, মহা আড়ম্বৰেৰে সিংহাসনত বহে। তেওঁ স্বৰ্গ নাৰায়ণ উপাধি গ্ৰহণ কৰাৰ পৰাই আহোমৰ ওপৰত ব্ৰাহ্মণৰ প্ৰভাৱ বৃদ্ধিৰ কথা বুজিব পাৰি। তেওঁ দিহিঙৰ পাৰৰ বকতাত ৰাজধানী পাতিছিল বাবে তেওঁক দিহিঙীয়া ৰজা বোলা হৈছিল। এই ঠাইখন নৈৰ বানপানীৰ গৰাহৰ পৰা ৰক্ষাৰ্থে তেওঁ এটা গড় খন্দাইছিল। বহুতো আহোম লোকক তেওঁ এই ঠাইত সংস্থাপিত কৰে। ১৫০৪ খৃঃত আইতনিয়া নগা সকলে বিদ্ৰোহ কৰাত তেওঁ বৰ গোঁহাই আৰু বুঢ়া গোঁহাইৰ নেতৃত্বত এদল সৈন্যক বিদ্ৰোহী সকলক দমনৰ বাবে পঠিয়াইছিল। নগাসকল যুদ্ধত হাৰে। তেওঁলোকে আহোম ৰজালৈ এগৰাকী কন্যা বিয়া দি ৪টা হাতী যৌতুকত দিছিল। আহোমক বছৰি কুঠাৰ, ঘণ্টা আৰু গান্ধকলাই কৰ হিচাবে আগবঢ়াবলৈকো প্ৰতিশ্ৰুতি দিছিল।

১৫১০ খৃঃত তেওঁ ৰাজ্যত ক’ত কিমান মানুহ আছে হিচাব লৈ তেওঁলোকক কেতবোৰ খেলত বিভক্ত কৰে। ১৫০২ খৃঃত তেওঁ হাবুং ৰাজ্যও জয় কৰে।

১৫১৩ খৃঃত চুটীয়াৰ ৰজা ধীৰ নাৰায়ণে ভালেমান পদাতিক সৈন্য আৰু যুদ্ধৰ নাৱেৰে এই ৰাজ্য আক্ৰমণ কৰিছিল। তেওঁৰ পদাতিক সৈন্যসকল দিখৌ মুখত আহোমৰ হাতত বেয়াকৈ পৰস্ত হয়। নৌ বাহিনীটোও চিৰাৱতি নামৰ ঠাইত সমুলঞ্চে ধ্বংস হয়। এইদৰে চুটীয়া ৰজাৰ দুয়োটা অভিযান ব্যৰ্থ হোৱাত তেওঁ পলাই ৰক্ষা পৰে। ছুহুঙমুঙে এইবাৰ মুঙখ্ৰাং আৰু নামদাং অঞ্চল অধিকাৰ কৰি এখন নগৰ সাজে। ধীৰ নাৰয়ণে মূঙ্গখ্ৰাঙৰ ৰজাৰ সহায় বিচৰাত প্ৰথমে তেওঁ সহায় কৰিবলৈ ওলাইছিল। কিন্ত বান পাৰাৰ মুখীয়াল এজনৰ উপদেশক্ৰমে তেওঁ ধীৰ নাৰায়ণক সহায় নকৰি ভাৰ ভেটি সহকাৰে ছুহুঙমুঙৰ লগতহে মিত্ৰতা কৰেগৈ।

এইদৰে বাহিৰৰ কোনো সহায় নোপোৱা চুটীয়া সকলে তেওঁলোকৰ হেৰুৱা ৰাজ্য পুনৰ উদ্ধাৰৰ চেষ্টা কিছুদিনলৈকে বাদ দিয়াৰ মূৰকত ১৫২০ খৃঃত মুঙখ্ৰাঙত থকা আহোমৰ দুড়্গ আক্ৰমণ কৰে। এই আতৰ্কিত আক্ৰমণত দূৰ্গত থকা আহোম সেনাপতিজনৰ মৃত্যু হয় আৰু তেওঁৰ সৈন্য সকলে পলাই গৈ জীৱনৰক্ষা কৰে। ফলত, মুখীয়ালসকলে অকৌ অঞ্চলটো নিজৰ হাতলৈ নিয়ে। ইয়াৰ দুবছৰ পিছতহে ছুহুঙমুঙে চুটীয়াৰ বিৰুদ্ধে এটা নতুন অভিযান চলায়। চুটীয়াক এইদৰে প্ৰত্যাহ্বান জনাবলৈ ছুহুঙমুঙেনো কেলেই দুবছৰ সময় ল’লে সেই বিষয়ে বুৰঞ্জী সমূহ নিমাত। চেচামুখৰ মোহনাত হোৱা যুদ্ধত চুটীয়া সকল বেয়াকৈ হাৰে। আহোমে হেৰুৱা অঞ্চল পুনৰ অধিকাৰ কৰাৰ উপৰিও তিফাও নৈৰ মোহনা লৈকে আগুৱাই গৈ সেই ঠাইত এটা দূৰ্গ সাজে।

১৫২৩ খৃঃত চুটীয়া সকলে এই দূৰ্গ আক্ৰমণ কৰাত আহোমে প্ৰাণটাকি যুঁজ কৰে। ছুহুঙমুঙে নিজে এদল সৈন্য লৈ যিদিনাখন চূটীয়াই দূৰ্গ আক্ৰমণ কৰিছিল সেইদিনাই সেই ঠাই পায়গৈ আৰু তেওঁলোকক প্ৰত্যাহ্বান জনায়। চুটীয়া সকলক তেওঁ সমুলঞ্চে নিপাত কৰে। চুটীয়া সকলে বহুতো মূল্যবান ভাৰ-ভেটিৰে আহোমৰ সৈতে সন্ধিৰ প্ৰস্তাৱ আগবঢ়াইছিল। ছুহুঙমূঙে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি চুটীয়া ৰাজ-পৰিয়ালৰ সম্পত্তি সোণৰ মেকুৰী, সোণৰ হাতী আৰু সোণৰ ছাতিটো দিলেহে সন্ধি কৰিব বুলি উত্তৰ দিয়ে। চুটীয়া ৰজাই ৰাজ-পৰিয়ালৰ এই সম্পত্তি কেইটা দিবলৈ অমান্তি হোৱাত আকৌ যুদ্ধ আৰম্ভ হয়। শদিয়াৰ ওচৰৰ নৈ এখনৰ মোহনাত চুটীয়া সকলে ভালদৰে গোজ পুতি লৈছিল যদিও আহোমে তেওঁলোকক বেয়াকৈ হেৰুৱায়। আহোমে নাৱেৰে পাৰ হৈ চুটীয়া সকলক কৈতাৰা পাহাৰলৈকে পিছে পিছে খেদি নিয়ে। চুটীয়া সকলে গৈ চৌতান (চন্দ্ৰগিৰি)পাহাৰত উঠে আৰু তাৰপৰা ডাঙৰ ডাঙৰ শিল তললৈ বগৰাই দি আহোমক আগবঢ়াত বাধা দিয়ে। এইদৰে সমূখৰ পৰা চূটীয়া সকলক পৰাজিত কৰাটো অসম্ভৱ যেন দেখি।

আহোমে বুদ্ধি কৰি তেওঁলোকক পিছফালৰ পৰা আক্ৰমণৰ য-জা কৰে। চৌতান পাহাৰৰ পিছফালটো আছিল অতি দুৰ্গম। কিন্ত আহোমে নিৰাশ নহৈ গছ-লতাক আশ্ৰয় কৰি বগাই বগাই ইয়াৰ টিঙ পায়গৈ। চুটীয়া সকলে এই আতৰ্কিত আক্ৰমণত ভেবা-চেকা খাই বেগা বেগীকৈ জুঙমুঙখামলৈ (মথাদাং) পলাই যায়। সেই ঠাইতো তেওঁলোক আহোম-আক্ৰমণৰ সন্মূখীন হয়। আহোম সেনাৰ কাড়ৰ আঘাতত চুটীয়া ৰজাৰ মৃত্যু হয়। তেওঁৰ বৰপুত্ৰই পিতৃ হত্যাৰ প্ৰতিৰোধ লবলৈ খেদি যোৱাত তেওঁকো আহোমে হত্যা কৰে। চুটীয়া সকলে আৰু যুঁজ নকৰি পলাবলৈ ধৰাত আহোমে পিছে পিছে খেদি গৈ বহুতকে বন্দী কৰে। চুটীয়া ৰজাৰ পাটমাদৈ গৰাকীৰ বাহিৰে ৰাজ-পৰিয়লৰ আন সকলোটিকে আহোমে বন্দী কৰে। পাটমাদৈয়ে শত্ৰুৰ হাতত পৰাকৈ মৃত্যুয়েই শ্ৰেয় বুলি যাঠিৰে খুচি আত্মহত্যা কৰে। বিজয়ী সৈন্য সকলে চুটীয়া আৰু তেওঁৰ বৰপুত্ৰৰ কটা মূৰ দুটা, ৰাজ পৰিয়ালৰ সম্পত্তি মেকুৰী, সোণৰ হাতী আৰু সোণৰ ছাতিটোকে ধৰি ভালেমান মূল্যবান বয়-বস্তু ছুহুঙমুঙক উপহাৰ দিয়েগৈ। এই মূৰ দুটা চৰাইদেও মন্দিৰলৈ যোৱা খটখটিৰ তলত পুতি থোৱা হয় যাতে আহোম ৰজাই মন্দিৰলৈ যাওঁতে এই মূৰ দুটা সদায় গচকি যাব পাৰে।

চুটীয়া ৰাজ্য এতিয়া আহোমৰ অধীনলৈ আহিল আৰু সেই ঠাই খন ভালদৰে শাসন কৰিবলৈ শদিয়া খোৱা গোঁহাই নামেৰে এজন ৰাজ কৰ্মচাৰী নিযুক্ত হ’ল। শদিয়া খোৱা গোঁহাইক শক্তিশালী কৰিবৰ বাবে ঘৰফলীয়া ফৈদৰ ৩০০ জন আহোমক সপৰিয়ালে ১২ জন গাওঁ বুঢ়াৰে সৈতে গড়গাওঁৰ পৰা নি শদিয়াত প্ৰতিষ্ঠা কৰা হ’ল। এই ফৈদৰ আৰু এটা দলক দিহিঙৰ পাৰত থাকিবলৈ দিয়া হ’ল। আহোমে চুটীয়া ৰাজ পৰিয়ালৰ লোক সকলকে ধৰি অন্যান্য ডা-ডাঙৰীয়া সকলক পাকৰিগুৰিলৈ নিৰ্ব্বাসন দিলে। আনহাতেদি শদিয়াৰ পৰা ভালেমান ব্ৰাহ্মণ আৰু কমাৰ লোক আহোমৰ ৰাজধানীলৈ অনা হ’ল। এইদৰে সকলোবোৰ ব্যৱস্থা কৰি ছুহুঙমুঙে চৰাইদেওলৈ উভটি গৈ ৰিক্‌খবন পালন কৰিলে।

দীৰ্ঘ জীৱন লাভৰ বাবে আহোমে ৰিক্‌বখন পালন কৰিছিল (ৰিক-পূৰ্ণ-খবন-জীৱন)। সাধাৰণতে ৰজা সকলে ৰাজপাত আৰোহন, কোনো বিপদৰ কাল নাইবা বিজয়ৰ পিছত এই উৎসৱ পালন কৰা দেখা যায়। ৰিক্‌বখনৰ নিয়ম আছিল এনে ধৰণৰ : ৰজাই পূৰ্ণ সাজ-পাৰেৰে ৰিক্‌খবনৰ বাবে এখন পীৰাত বহে। দেওধানী, মোহন আৰু বাইলিঙ পণ্ডিতে (জনজাতীয় পুৰোহিত, জ্যোতিষী) ধৰ্মপুথিৰ মন্ত্ৰেৰে পবিত্ৰ কৰা পানী ৰজাৰ মূৰত ঢালে। এই পানী ৰজাৰ গাৰে বাগৰি গৈ পীৰা খনত থকা ফুটাৰে পীৰাৰ তলত থিয় দি থকা মুখ্য বাইলুঙ বা জ্যোতিষীৰ গাত পৰগৈ। ইয়াৰ পিছত ৰজাই পিন্ধি থকা কাপোৰ আ-অলঙ্কাৰ সমূহ মুখ্য বাইলুঙক দান দি নিজে অন্য সাজ-পাৰ পিন্ধে। এনে ধৰণৰ ৰিক্‌খবন সাধাৰণ লোকও প্ৰায় সৰুসুৰাকৈ পালন কৰা দেখা গৈছিল। বিশেষকৈ, কোনো শিশু পানীত বুৰ গ’লে এনে ধৰণে ৰিক্নখবন কৰা হৈছিল।

ইফালে শদিয়াৰ ওচৰৰ পাহাৰীয়া অঞ্চল ফুকাঙ্গমুঙ নামৰ এজন দলপতিয়ে শদিয়া খোৱা গোঁহাইক আক্ৰমণ কৰে। ফুকাঙ্গমুঙক পৰাজিত কৰি হত্যা কৰা হয়। কিন্ত মৃত্যুৰ আগেয়ে তেওঁ এজন আহোম সেনাপতিক যাঠিৰে খুচি মাৰি থৈ যায়। আন এজন স্থানীয় দলপতিয়ে দ্বন্দ কৰিবলৈ ইচ্ছা নকৰি ৰাজ অন্তেষপুৰলৈ এগৰাকী কন্যা আগবঢ়াই বশ্যতা স্বীকাৰ কৰে। ১৫২৫ খৃঃত ছুহুঙমুঙে নিজে দিহিঙলৈ গৈ সীমান্ত ৰাজ্য হাবুং, দিহিং আৰু বনলুঙ শাসনৰ বাবে কেইজন মান বিষয়া নিযুক্ত কৰে।

ছুপিংফা নামৰ ৰজাজনে তেওঁৰ অন্তঃসত্বা মাদৈ গৰাকীৰ খঙতে নগা ৰাজলৈ পঠিয়াই দিয়াৰ কথা আগেয়ে উল্লেখ কৰা হৈছে। নগাপাহাৰত মাদৈ গৰাকীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে। শিশুটিৰ নাম ৰখা হয় ছেঙলুং। ছেঙলুঙে এই ল’ৰাটিৰ গাত সুলক্ষণ দেখি খা-খবৰ লোৱাত তাৰ জন্মৰহস্য ওলাই পৰে। ৰজাই ছেঙলুঙক লগত লৈ আহি তেওঁৰ বাবে বৰপাত্ৰ গোঁহাই নামেৰে এটি নতুন পদবীৰ সৃষ্টি কৰে। এই পদবী বৰগোঁহাই আৰু বুঢ়াগোঁহাইৰ সৈত সমমৰ্য্যাদাৰ বুলি কোৱাত এই বিষয়া দুজন অসন্তষ্ট হয় আৰু তেওঁলোকে তেওঁলোকৰ অধীনৰ কোনো লোককে এই নতুন বিষয়াজনক নিদিবলৈ ঠিক কৰে। ৰজাই তেতিয়া বৰাহী, চুটীয়া আৰু মৰাণ লোক কেতবোৰক বৰপাত্ৰ গোঁহাইক দিয়ে। এই লোকসকল আগৰ বিষয়া এজনৰ অধীন নাছিল। ইয়াৰ পিছত ৰজাই ৰাজ্যৰ প্ৰধান ডা-ডাঙৰীয়া সকলৰ এখন সভা পাতি ছেঙলুঙত বৰগোঁহাই আৰু বুঢ়াগোঁহাইৰ মাজতে এখন আসনত বহিবলৈ দি বৰপাত্ৰ গোঁহাই পদবীৰ কথা সদৰি কৰে আৰু এই পদ আন দুজন বিষয়াৰ সমকক্ষ বুলি ঘোষণা কৰে।

১৫২৬ খৃঃৰ নৱেম্বৰ মাহত ছুহুঙমুঙে কচাৰীৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰি ধনশিৰিৰে উজাই গৈ বৰদুৱাৰ পায়গৈ। ই ঠাইতে এটা গা-ধোৱা ঘাট সাজে। মৰঙিত ইটাৰে টা দূৰ্গ সাজি তেওঁ তাত কেইবাদিনো কটাইছিল। তাএ পিছত তেওঁ এদল যুঁজাৰু লগত লৈ মাইহাম বা কাঠকটীয়া ওলাইছিল গৈ। এইদৰে যাওঁতে ডা-ডাঙৰীয়া সকল হাটীত উঠি গৈছিল। কিন্ত কচাৰী সকলে তেওঁলোকক অতৰ্কিতে আক্ৰমণ কৰি ৪০ জন লোক নিহত কৰিছিল। কচাৰী সকলে মাইহাম পুনৰ দখল কৰিলে। পিছে, আহোমে আকৌ মাৰ বান্ধি যুঁজত নমাত কচাৰী সকলে তেওঁলোকক বাধা দিবলৈ অক্ষম হ’ল। ধনু-কাড়েৰে মৰো-জীউকৈ যুঁজ কৰা কচাৰী সকলে যুঁজত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈ পলাবলৈ বাধ্য হ’ল। আহোমে তেওঁলোকৰ পিচে পিচে চোচা ল’লে। ফলত পুনৰ যুদ্ধ লগাত কচাৰী সকলৰ বহু হানি হ’ল। এটা বিৱৰণী মতে এই যুদ্ধত ১৭০০ জন কচাৰী সৈন্য মৃত্যু মুখত পৰিছিল।

১৫২৭ খৃঃৰ আদি ভাগত চুটীয়া সকলে বিদ্ৰোহ কৰে। তেওঁলোকৰ বিদ্ৰোহ দমন কৰা হ’ব যদিও দিহিঙীয়া গোহায়ে বিদ্ৰোহীৰ হাতত প্ৰাণ হেৰুৱালে।

একে বছৰতে আহোম ৰাজ্য পোন প্ৰথম বাৰৰ বাবে মুছলমানে আক্ৰমন কৰিলেহি। বুৰঞ্জী সমূহত মুছলমান সেনাপতি জনৰ নাম উল্লেখ নাই আৰু তেওঁক কেৱল উজীৰ বুলি উল্লেখ কৰা হৈছে। আহোমে সন্মূখ, সোঁ আৰু বাওঁ ফালৰ পৰা আক্ৰমণ কৰি এই সৈন্যসকলক পৰাজিত কৰে। আহোম সেনাই বুঢ়াই নৈলৈকে মুছলমানক খেদি নি তেওঁলোকৰ পৰা ৪০ টা হাতী আৰু ২০/৪০ টা মান বৰটোপ কাঢ়ি লয়। এই বিজয় বাৰ্তা পাই ছুহুঙমুঙে ছালালৈ আগবঢ়ি আহে। তাৰপৰা এদল সৈন্য পঠিয়াই তেওঁ দুই মুণিশীলা দখল কৰে। বুৰাই নৈৰ মোহনাত এটা দূৰ্গ সাজি ফুলবাৰীত এদল সৈন্য ৰখা হ’ল। এইবোৰ ব্যৱস্থাৰ অন্তত ৰজা ৰাজধানীলৈ উভটি গ’ল। ১৫২৯ খৃঃত তেওঁ আকৌ ছালালৈ আহি তাৰ পৰা কলঙ আৰু ডবলুলৈকে দুটা শকত সৈন্যবাহিনী প্ৰেৰণ কৰে। এই যুদ্ধত বন্দী হোৱা লোকসকল আৰু লুটপাট কৰি পোৱা বয়-বস্তু সমূহ লৈ ৰজাই নিজে দিহিঙলৈ উভটি যায়। বছৰৰ শেষৰ ফালে চুটীয়া সকলে আকৌ বিদ্ৰোহ কৰাত আহোম সৈন্যই তেওঁলোকক চন্দ্ৰগিৰি, দাংখাঙ পৰ্ব্বত, ব্ৰ্হ্মপুত্ৰ, ডিবং আৰু কুণ্ডিল নৈৰ পাৰত পুনৰ যুঁজত ঘটুৱায়।

১৫৩১ খৃঃত আহোমে মৰঙিত আকৌ কোঠ মাৰে। ইয়াতে কচাৰী ৰজা খুনখাৰায়ে খঙ কৰি তেওঁৰ ভায়েক দেত্‌চাক আহোমক খেদিবলৈ পঠিয়ায়। পিছে, যুদ্ধ লগাত কচাৰী সেনাপতিহে ৰণত পৰে। খুনখাৰুই আহোমৰ কেতবোৰ ঠাই বেদখল কৰালৈ ছুহুঙমূঙৰ আগৰে পৰা খঙ উঠি আছিল। এতিয়া তেওঁৰ এই আক্ৰমণত দুগুণ খঙ উঠি তেওঁক এসেকা দিবলৈ তেওঁ এটা শকত বাহিনী লৈ ধনশিৰিয়েদি উজাই গৈ দয়াং আৰু ধনশিৰিৰ সঙ্গমস্থলত উপনীত হয়গৈ। নিকা নামৰ ঠাইত নিশাৰ ভাগত আহোমে কচাৰীক আক্ৰমণ কৰি চাৰিওফালে জুই লগাই দিয়ে। তাৰ পিছত আহোমে দেঙ্গনুতলৈ আগবাঢ়ে। এই ঠাইৰ পৰা সৈন্য দল দুভাগ কৰি ধনশিৰিৰ সোঁ আৰু বাওঁ দুয়ো ফালেদি তেওঁলোকক আগবঢ়িবলৈ দিয়ে। কচাৰীৰ সৈতে আন এখন যুদ্ধ লগাত এইবাৰো কচাৰীসকল যুদ্ধত হাৰে। আহোমে কচাৰীৰ পিছে পিছে খেদি গৈ নৈৰ বাওঁপাৰৰ ডিমাপুৰত থৈ আহেগৈ। কচাৰী ৰজাই পুতেকৰ সৈতে পলাই গৈ প্ৰাণৰক্ষা কৰে। ছুহুঙমুঙে দেওচুঙ নামেৰে এজন কচাৰী কোঁৱৰক ৰজা পাতে। দেওচুঙে ছুহুঙমুঙলৈ তেওঁৰ ভনীয়েকক বিয়া দিয়ে। আহোম ৰজা আৰু ডা-ডাঙৰীয়া সকললৈ দেওচুঙে ভালেমান উপহাৰ আগবঢ়ায়।

এইবাৰ মুছলমান সকলে ৫০ খন যুদ্ধ জাহাজেৰে ব্ৰহ্মপুত্ৰয়েদি আগবাঢ়ি অহাত আকৌ আহোমৰ সৈতে যুদ্ধ লাগে। তেমটিনত হোৱা যুদ্ধত আহোমসকলে জয়লাভ কৰে আৰু মুছলমান সেনাপতিয়ে যুদ্ধৰ জাহাজ সমূহ তাতে এৰি থৈ ঘোঁৰাৰ পিঠিত উঠি পলাই পত্ৰ্ং দিয়ে। আহোম সকলে ইয়াৰ পিছত ভৰলীৰ পৰা ছালা আৰু শিঙৰিত সৈন্যবাহিনীৰ চাউলি পাতে। শিঙৰি ঠাই খন বৰপাত্ৰ গোঁহাইৰ অধীনত আছিল। কিছুদিনৰ মূৰত মুছলমান সৈন্যই এই টঃাই আক্ৰমণ কৰাত আহোমে তেওঁলোকক খেদি নি নগাওঁৰ খাগৰীজান পায়গৈ আৰু তেওঁলোকৰ সেনাপতি বিট মহম্মদক হত্যা কৰে। মুছলমানৰ পৰা ৫০ টা হাতী, বহু বোৰ বৰটোপ, বন্দুক আদি জব্দ কৰিজ্বৰজোঁহায়ে সেইবোৰ ছুহুঙমুঙক দিয়াত তেওঁ অতি সন্তষ্ট হৈ তেওঁক পুৰস্কৃত কৰে। ৰজাই বৰগোহাঁইৰ বাবে জাকজমককৈ বিকখৰণ পাতিবলৈকো আদেশ দিয়ে।

১৫৩২ খৃঃৰ এপ্ৰিল মাহত তুৰ্ব্বক নামৰ এজন মুছলমান সেনাপতিয়ে ৩০ টা হাতী, ১০০০ ঘোঁৰা আৰু বহু সংখ্যক বৰটোপ, বন্দুক আৰু পদাতিক সৈন্যৰে সুসজ্জিত হৈ শিঙৰিত আহোমৰ দূৰ্গৰ বিপৰীতে চাউনি পাতেহি। বাতৰি পাই ছুহুংমুঙে তেওঁৰ পুত্ৰ ছুকলেঙক এদল সৈন্যৰে শিঙৰিলৈ পঠিয়াই নিজে আন এটা দলৰ নেতৃত্ব কৰি ছালালৈ আগবাঢ়ে। ভালেমান দিন ধৰি বাহৰ পাতি থকাৰ পিছতো মুছলমানৰ পক্ষৰ পৰা আক্ৰমণৰ একো উমঘাম নেদেখি জ্যোতিষীৰ হাকবচন নামানি ছুকলেঙে ব্ৰহ্মপুত্ৰ পাৰহৈ মুছলমান সকলক আক্ৰমণ কৰেগৈ। মুছলমানৰ হাতত ছুকলেঙ বেয়াকৈ হাৰে। তেওঁৰ ৮ জন সেনাপতিক মুছলমান সকলে বধ কৰে আৰু তেওঁ নিজেও বৰ বেয়াকৈ আহত হয়। আহোম সকলে ছালালৈ পিচ হুহুঁকি আহি অকৌ যুঁজৰ বাবে সাজু হয়। এইবাৰ তেওঁলোকৰ প্ৰধান সেনাপতি আছিল বৰপাত্ৰগোহাই।

বাৰিষা কালতো মুছলমানে কলিয়াবৰত বাহৰ পাতি কটায়। সেই কেইমাহত তেওঁলোকে ব্ৰহ্মপুত্ৰত ৭ খন শত্ৰুৰ নাওঁ ধৰাটোৱেই এই সময়ছোৱাৰ একমাত্ৰ উল্লেখযোগ্য। ঘটনা আছিল। অক্টোবৰ মাহত তেওঁলোকে ঘিলাধাৰীত যুঁজৰ যো-জা কৰি থাকোতে মুছলমান সৈন্যই তেওঁক আগুৰি ধৰেহি। তেওঁলোকে আহি দূৰ্গৰ বাহিৰত ঘৰ এটাত জুই লগাই দিয়ে। দূৰ্গৰ ভিতৰলৈ সোমাবলৈ চেষ্টা কৰাত আহোমে তেওঁলোকৰ গাত উতলা পানী ঢালিবলৈ ল’লে। ফলত তেওঁলোক পিছ হুহুকিবলৈ বাধ্য হয়। ইয়াৰ পিছত আহোমে মুছলমান অশ্বাৰোহী সকলক খেদি নিয়াত তেওঁলোকৰ গোলন্দাজ বাহিনীটো আগবাঢ়ি আহি আহোমৰ হাতী বিলাকক বিভ্ৰান্ত কৰে। হাতীবোৰ যেনি তেনি পলাবলৈ ধৰাত আহোমৰ বিস্তৰ ক্ষতি হয়। ইয়াৰ পৰৱৰ্তী দুটা অভিযানত মুছলমান সকল জয়ী হয়। অৱশেষত, যুদ্ধৰ গতি সলনি হয়। ১৫৩৩ খৃঃৰ মাৰ্চ মাহত দুই মুণিশিলাৰ ওচৰৰ এক নৌ অভিযানত আহোমে বিৰাট সাফল্য লাভ কৰে। বঙ্গাল আৰু তাজু নামৰ দুজন সেনাপতিকে ধৰি বহুবোৰ মুছলমান সৈন্যক আহোমে বধ কৰে। বুৰঞ্জী সমূহৰ মতে মুছলমান আক্ৰমণকাৰী সকলে এই যুঁজত ১৫০০ ৰ পৰা ২৫০০ লৈকে সৈন্য হেৰুৱায়। তদুপৰি, তেওঁলোকৰ ২২ খন যুদ্ধ জাহাজ আৰু ভালেমান বন্দুক জব্দ কৰা হয়।

কিন্ত পিছ দিনাই হুছেইন খাঁই এটা হাতী, ১০০ ঘোঁৰা আৰু ৫০০ পদাতিকেৰে তুৰ্ব্বকৰ লগ লাগেহি। এইবাৰ তুৰ্ব্বকে ডিক্ৰা নৈৰ মোহনাত চাউনি পাতে। আনহাতে, নৈখনৰ আনটো পাৰত আহোমেও তেওঁলোকৰ শিবিৰৰ খূটা পোতা দেখা যায়। এইদৰে দুয়ো পক্ষই নৈৰ দুয়োপাৰে কেইবামাহ গুৰি মুখামুখিকৈ জুৰি ইদলে সিদলৰ ৰেহৰুপ চাই থাকে এইদৰে ৰৈ ৰৈ আমনি লাগি অৱশেষত আহোমে শত্ৰুক আক্ৰমণ কৰে। কেইবাখনো যুঁজত মুছলমান সকল পৰাস্ত হয়। শেষৰ খন যুদ্ধ ভৰলীৰ পাৰত হৈছিল। ইফালে মুছলমান সকলৰ ভালেমান হাতি আৰু ঘোঁৰা বোকাপানীত সোমাই আধা পোত যোৱাত তেওঁলোকৰ শিবিৰত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয়। গতি বিষম দেখি তুৰ্ব্বকে নিজেই গোলণ্ডাজ বাহিনীৰ নেতৃত্ব দিছিল যদিও একো ফল নাপালে। এডাল যাঠিৰে বিদ্ধ হৈ তুৰ্ব্বক বাগৰি পৰাত মুছলমান সৈন্য দলৰ পৰাজয়ৰ বাট প্ৰশস্ত হৈ পৰে। আহোমে এইবাৰ এই সৈন্যসকলক কৰতোৱা নৈলৈকে খেদি থৈ আহে। এই বিজয় যুগমীয়া কৰিবলৈ আহোম সেনাপতিয়ে সেই ঠাইত এটা মন্দিৰ সাজে আৰু পুখুৰী খন্দায়। ঘৰলৈ উভটি যোৱাৰ আগেয়ে সেনাপতিজনে গৌড়ৰ ৰজালৈ উপহাৰ পঠিয়াইছিল। বিনিময়ত গৌড়ৰ ৰজাই আহোম ৰজালৈ এগৰাকী কন্যা দান কৰিছিল। এই ঘটনাৰ পৰা এইটোৱেই প্ৰতীয়মান হয় যে, অসম আক্ৰমণ কৰা মুছলমান আক্ৰমণকাৰী সকলক বঙ্গৰ নবাবে পঠিওৱা নাছিল। সেই সময়ত বঙ্গৰ ওচৰে পাজৰে বহুবোৰ মুছলমান লোক আছিল। তেওঁলোকৰ দলপতিবোৰে অ’ত ত’ত যুদ্ধ কৰি ফুৰিছিল। আহোম ৰাজ্য আক্ৰমণকাৰী সকলো বোধকৰো তেনে চৰ্দ্দাৰ বা মোখীয়াল লোকহে আছিল।

আহোম সৈন্যই খেদি গৈ হুছেইন ছাহক ধৰি হত্যা কৰিছিল। এক বুজন পৰিমাণৰ সোণ-ৰুপৰ উপৰিও ২৮ টা হাতী, ৮৫০ টা ঘোঁৰা, ভালেমান হিলৈ আৰু খাৰ-বাৰুদ আহোমৰ হাতত পৰিছিল। এই আটাইবোৰ বস্তু ৰজাক দিয়াত ৰজাই ঘোঁৰা আৰু হাতীবোৰ ডা-ডাঙৰীয়া সকলৰ মাজত ভাগ কৰি দিছিল। ইয়াৰ পিছত ৰজাই দিহিঙৰ ৰাজধানীলৈ উভটি গৈ ৰিক্‌খবন পাতে। তাৰ পিছত তেওঁ চৰাইদেওলৈ গৈ মৃতসকলৰ নামত দান-উছৰ্গা কৰি দেৱতা সকললৈ পূজা আগবঢ়ায়। তুৰ্ব্বকৰ কটা মূৰটো চৰাইদেও পাহাৰৰ টিঙত পুতি থোৱা হয়।

এই যুদ্ধৰ পিছৰ পৰা আহোমে যুঁজত আগ্নেয়াস্ত্ৰ ব্যৱাহাৰ কৰিবলৈ লয়। ইয়াৰ আগলৈকে আহোমে কেৱল তৰোৱাল, যাঠি, ধনু-কাড়েৰেহে যুদ্ধ কৰিছিল। এই যুদ্ধত বন্দী হোৱা মুছলমান সকলক আহোম ৰাজ্যৰ বিভিন্ন ঠাইত সংস্থাপিত কৰা হৈছিল। পুৰণি সাহিত্য মতে এই লোকসকলক প্ৰথমতে ৰজাৰ হাতীশালৰ কাৰণে ঘাঁহ কাটিবলৈ দিয়া হৈছিল। কিন্ত এই কামত তেওঁলোক অতি অনুপযুক্ত বুলি বিবেচিত হ’ল। ইয়াৰ পিছত খেতি পথাৰত কামত লগোৱাতো তথৈবচ হ’ল। খেতিৰ কাম নজনা এই লোকসকলে মাটি চহ কৰি তাত শস্য লগোৱাৰ পৰিৱৰ্ত্তে মাটিত শস্য পেলাই তাৰ ওপৰত বোকামাটি আনি ঢালি দিয়া দেখা গ’ল। অতিষ্ঠ হৈ আহোমে তেওঁলোকক খটুৱাবলৈ এৰি দিয়াত এই মানুহবোৰে এতিয়া নিজৰ ইচ্ছানুসৰি কাঁহ-পিতলৰ কাম কৰিবলৈ ধৰিলে। এই কামটো বংশানুক্ৰমে কৰিবলৈ লোৱাত তেওঁলোকৰ বংশধৰ সকলে মৰীয়া নাম পালে। আজিকোপতি এই মৰীয়ালোকক দেখিবলৈ পোৱা যায়।

১৫৩৪ খৃঃত অসমত এবিধ গৰুৰ বেমাৰে দেখা দিয়ে। এই ৰাজ্যত আগেয়ে গৰুবিলাকৰ কেতিয়াও এনে বেমাৰ হোৱা নাছিল। অৱশ্যে, বৰ্তমানে মাজে-সময়ে এনে বেমাৰ নোহোৱা নহয়। এই বেমাৰত বহু স্ংখ্যক গৰু-গাইৰত্মৃত্যু হৈছিল।

১৫৩৫ আৰু ১৫৩৬ খৃঃত আহোমৰ সৈতে খামজাং, তাবলুং আৰু নামচাং নগা সকলৰ বিবাদ লাগে। মুছলমান সকলৰ বিৰুদ্ধে হোৱা যুদ্ধ সমূহত সুনাম অৰ্জ্জা ছুহুঙমুঙ-পুত্ৰ ছুকলেঙে এই অভিযানৰ নেতৃত্ব কৰে। খামজাং নগাসকলে এটা মিথুন আগবঢ়াই শীঘ্ৰেই আহোমৰ সৈতে সন্ধি কৰিলে। কিন্ত তাবলুং আৰু নামচাং নগাসকলে আহোমক পিছফালৰ পৰা আক্ৰমণ কৰি ৪ টা বন্দুক কাঢ়ি নিছিল। পিছলৈ অৱশ্যে তেওঁলোকেও আহোমৰ বশ্যতা স্বীকাৰ কৰি বন্দুক কেইটা ওভটাই দিয়ে।

ইতিমধ্যে কচাৰী ৰজা দেওচুঙে আকৌ আহোমৰ বিৰোধিতা কৰিবলৈ লয়। তেওঁৰ বিৰুদ্ধে ৰজাই এদল সৈন্য পঠিয়ায়। ধনশিৰিৰ নামনি অঞ্চলৰ মৰঙিলৈকে ৰজাই নিজে এই দলৰ নেতৃত্ব কৰে। তাৰ পৰা দলটো হামদৈ হৈ বনফু পায়গৈ। বনফুৰ পৰা সৈন্যসকলে দয়াংনৈৰ দুয়ো পাৰেদি আগবাঢ়িবলৈ ধৰে। দয়াঙৰ সোঁপাৰেদি যোৱা দলটোৱ কছাৰীবিলাকক খেদি নিয়ে। কিন্ত বাওঁ পাৰেদি যোৱা দলটোৱে আৰু সৈন্য অহালৈ কিছুদিন বাট চাই তাৰ পিছতহে আগুৱাবলৈ ধৰে। তেওঁলোকেও কছাৰীসকলক আতঁৰাই পঠিয়ায়। কচাৰীসকলৰ বহুতো ধন-জন হানি হয়। দেওছুঙ পলাই গৈ প্ৰথমে দৈমাৰী পৰ্ব্বতৰ ওপৰত থকা দূৰ্গত লুকাইছিল যদিও আহোম সকল ধনশিৰিলৈ আগবাঢ়ি অহাত প্ৰথমে লেঙ্গুৰ আৰু তাৰ পিছত তেওঁৰ নিজ ৰাজধানী ডিমাপুৰ পায়গৈ।

আহোম সকলে গৈ ডিমাপুৰ ওলোৱাত দেওছুঙ তাৰপৰা পলাই যায়। দেওছুঙৰ মাক আৰু তিনি গৰাকী ৰাজকুঁৱৰীক ৰাজধানীত পাই আহোমে মাক গৰাকীক হত্যা কৰি কুঁৱৰী কেইবাগৰাকীক ছুহুঙমুঙৰ ৰাজ অন্তেষপুৰলৈ পঠিয়াই দিয়ে। দেওছুঙৰ পিছে পিছে গৈ আহোমে অৱশেষত তেওঁক জঙমাৰঙত ধৰেগৈ। তেওঁৰ কটা মূৰটো আহোম ৰজাক আনি দিয়াত ৰজাই মূৰটো চৰাইদেও পাহাৰত পুতি থবলৈ কয়। এইদৰে আহোমে সকলোবোৰ প্ৰত্যাহ্বানৰ সমুচিত উত্তৰ দি ধনশিৰিৰ সমতলৰ উপৰিও কলঙৰ উত্তৰৰ কচাৰী ৰজাৰ ৰাজ্যাঞ্চলো দখললৈ নিয়ে। প্ৰকৃতপক্ষে আহোমে ধনশিৰিৰ এই অঞ্চলটো দখলৰ বাবে কাহানিও মন কৰা নাছিল। কিছুদিনৰ পিছত এই অঞ্চলটো হাবি-বননিৰে আকৌ ঢাক খাই পৰাহে দেখা গৈছিল। ইয়াৰ পিছত ৰাজধানীলৈ উভটি গৈ ৰজাই প্ৰচলিত নিয়মানুসৰি মৃতসকলৰ বাবে পূজা, দেৱতাৰ নামত উছৰ্গা আগবঢ়াইছিল। উল্লেখযোগ্য যে, এই যুঁজত আহোম আৰু কছাৰী উভয়ে হিলৈ ব্যৱহাৰ কৰিছিল।

১৫৩৭ খৃঃত কোচ ৰজা বিশ্বসিংহ আৰু তেওঁৰ ভায়েক আহোম ৰজাক সাক্ষাত কৰি বহুতো উপহাৰ আগবঢ়াইছিল। প্ৰত্যুত্তৰত আহোম ৰজায়ো ভালেমান উপহাৰ দি সৈন্য-সামন্ত সৈতে দুয়োকে নিজ ৰজ্যলৈকে আগবঢ়াই থৈ সন্মান জনাইছিল।

ছুহুঙমুঙ আৰু পুত্ৰ ছুকলেঙৰ মাজত সম্বন্ধ দিনে দিনে বেয়ালৈ ঢাল খায়। কছাৰী ৰাজকুঁৱৰী কেইগৰাকীক ছুহুঙমুঙে নিজে বিয়া কৰিবলৈ পাঙিছিল। কিন্ত দেউতাকে নিজে কুঁৱৰী কেইগৰাকীক ৰাখি থোৱাত ছুকলেঙ মৰ্মাহত হয়। তাৰোপৰি এবাৰ ছুকলেঙে দেউতাকক দেখা কৰিবলৈ আহি তেওঁৰ প্ৰতি প্ৰচলিত সন্মান নযচাত তেওঁৰ খঙ উঠি আছিল। আন এবাৰ আকৌ কুকুৰা-যুঁজ লৈ দেউতাক পুতেকৰ এখুন্দা লাগে। মুছলমানৰ আক্ৰমণৰ সময়ত শত্ৰুৰ লগ লগা বুলি ছুহুঙমুঙে ছুকলেঙক এনেয়েও সন্দেহ কৰিছিল। এতিয়া এই সন্দেহ আৰু বাঢ়িল। এনেবোৰ কাৰণতে ছুকলেঙে এইবাৰ দেখ দেখকৈয়ে দেউতাকৰ বিৰোধী হৈ উঠিল। ৰজাই ছুকলেঙৰ পৰা বিপদ আহিব পাৰে বুলি শঙ্কা কৰি ছুকলেঙৰ মাকক কোনো বিশ্বাসঘাটকতা নকৰে বুলি শপথ খুৱাইছিল। ৰাণীয়েও পানীত হাত জুবুৰিয়াই শপথ খাইছিল। পিছে, ১৫৩৯ খৃঃত ছুকলেঙে ৰতিৰাম নামেৰে এজন কছাৰী লগুৱাক মনে মনে ৰজাৰ শোৱনিকোঠাত সুমুৱাই দি শুই থকা অৱস্থাতে তেওঁক তৰোৱালেৰে খুচি হত্যা কৰোৱায়। হত্যাকাৰী জনে পলাবলৈ চেষ্টা কৰিছিল। কিন্ত ৰাজকাৰঙৰ ৰখীয়া সকলে তেওঁক ধৰি মাৰি পেলায়।

এইদৰে ৪২ বছৰ ধৰি ৰাজত্ব কৰা ছুহুঙমুঙৰ বৈচিত্ৰপূৰ্ণ ৰাজত্বৰ অন্ত পৰে। তেওঁ এজন নিৰ্ভীক, প্ৰজাবৎসল আৰু সৰ্ব্বগুণসম্পন্ন ৰজা আছিল। তেওঁৰ দিনত আহোমৰ ৰাজত্ব চৌদিশে বিস্তাৰিত হৈছিল। চুটীয়া সকলক তেওঁ পৰাস্ত কৰিছিল। শদিয়া আৰু দিহিঙৰ পাৰত আহোমৰ বিষয়া সকলক নিযুক্তি দি তেওঁ সমগ্ৰ ভূখণ্ডৰ ওপৰত প্ৰভূত্ব বিস্তাৰ কৰিছিল। এই ঠাইত তেওঁ ভালেমান আহোম পৰিয়ালক থাকিবলৈ দিছিল। তেওঁ সেই কালত সঘনে হৈ থকা নগাসকলৰ আক্ৰমণ প্ৰতিহত কৰিছিল। কছাৰী সকলৰ ক্ষমতা খৰ্ব্ব কৰি ৰাজধানী ডিমাপুৰ দুবাৰকৈ অধিকাৰ কৰি ছুহুঙমুঙে তেওঁৰ বাহুবলৰ পৰিচয় দিছিল। ধনশিৰিৰ নামনি অঞ্চল চোৱা-চিতা কৰিবলৈ তেওঁ মৰঙিখোৱা গোঁহাইৰ পদ সৃষ্টি কৰিছিল। বৰ্তমানৰ নজাওঁৰ এক বুজন অংশ তেওঁৰ ৰাজ্যৰ  অন্তৰ্গত আছিল। তেওঁ তিনিবাৰ মুছলমানৰ আক্ৰমণ ওফৰাই পেলাবলৈকো সক্ষম হৈছিল।

তেওঁ প্ৰজাৰ সামাজিক জীৱনৰ প্ৰতিও চকু দিছিল। প্ৰজাসকলক বিভিন্ন খেলত ভাগ কৰা হৈছিল। চুটীয়া ৰাজ্য আৰু অন্যান্য ঠাইৰ পৰা তেওঁ কাৰিকৰী বিদ্যাত পাৰ্গত লোক আনি নিজ ৰাজ্যত সংস্থাপন কৰিছিল। তেওঁ পূৰ্ব্বৰ ‘জোভিয়ান’ পদ্ধতিৰে ষাঠী বছৰেৰে গণনা কৰি চন-তাৰিখ উলিওৱা নিয়মৰ ঠাইত হিন্দুসকলৰ শকাব্দ গ্ৰহণ কৰে। (জোভিয়ান পদ্ধতিৰ বিষয়ে পৰিশিষ্ট ‘খ’ত লিখা হৈছে।)

ধৰ্মৰ ক্ষেত্ৰতো ছুহুঙমুঙৰ ৰাজত্বকাল বিশেষভাৱে উল্লেখযোগ্য। ব্ৰাহ্মণ সকলৰ ক্ৰমবৰ্দ্ধমান প্ৰভাৱৰ উপৰিও তেওঁৰ ৰাজত্বকালত বৈষ্ণৱ সংস্কাৰক শ্ৰীমন্ত শংকৰদেৱৰ প্ৰস্তাৱ বিস্তাৰিত হোৱা দেখা যায়। (কোচ শাসকসকলৰ বিষয়ে লিখা অধ্যায়ত শঙ্কৰদেৱৰ বিষয়ে উল্লেখ আছে।)

পিতৃ হন্তা ছুকলেংমুঙ এইবাৰ ৰজা হয়। তেওঁ গড়গাওঁত ৰাজধানী পতা বাবে তেওঁক গড়গঞা ৰজা বোলা হৈছিল। ৰজাই পিতৃ হত্যাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা যাতে কোনেও গম নাপায় তাৰ বাবে ৰজাক হত্যাকাৰীজনৰ ভায়েকক মৃত্যুদণ্ড দিছিল। ৰাজত্বৰ আৰম্ভণীত তেওঁ কছাৰীৰ পৰা নতুনকৈ লোৱা ৰাজ্যখনত প্ৰায়ে ভূমুকি মাৰিছিল। তেওঁ এই ৰাজ্যত এটা সুস্থিৰ ৰাজত্ব চলাবলৈ বিচাৰিছিল। কপিলী অঞ্চলৰ কেইজনমান ভূঞাই এই কাৰ্য্যত হকা-বাধা কৰাৰ বাবে তেওঁ সেই লোকসকলক তাৰ পৰা আনি ৰাজধানীৰ ওচৰত থাকিবলৈ দি তেওঁলোকৰ ওপৰত চোকা দৃষ্টি ৰাখে।

১৫৪২ খৃঃত চুটীয়া সকলৰ আক্ৰমণৰ কথা বুৰঞ্জীত উল্লেখ আছে। কিন্ত তেওঁৰ দিনত হোৱা কোচ আক্ৰমণৰ কাৰণ সম্বন্ধে বুৰঞ্জী সমূহ নিমাত। চুকলেংমুঙৰ দিনত কোচসকলে কেইবাবাৰো তেওঁৰ ৰাজ্য আক্ৰমণ কৰে। ১৫৪৬ খৃঃত কোচ ৰজা নৰনাৰায়ণৰ ভায়েক সেনাপতি শুক্লধ্বজ বা চিলাৰায়ে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰেদি ডিক্ৰাই নৈলৈকে আগবাঢ়ি গৈ আহোমৰ মুখামুখি হৈছিলগৈ। কোচৰ ধনুকাড়ৰ আক্ৰমণৰ আগত ডা-ডাঙৰীয়া সকল তিষ্ঠিব নোৱাৰি পলাই গৈছিল। তাকে দেখি আহোম সৈন্যসকল চেদেলি-ভেদেলি হৈছিল। কোচে তেওঁলোকক খেদি নি জাকে জাকে হত্যা কৰিছিল। এই যাত্ৰাত ৰক্ষা পোৱা আহোম যুজাৰু সকলে খৰঙ্গা নামৰ ঠাইত একগোট হৈ তাৰ পৰা কলিয়াবৰ ওলায়গৈ। ইয়াতে আৰু এখন যোঁজ লাগে। ইয়াৰ পিছত আহোমসকলে ছালা নামৰ ঠাইত একগোট হোৱাত তাতো কোচে গৈ তেওঁলোকক আক্ৰমণ কৰি কুৰিজন বিষয়াক নিধন কৰে। ফলত আহোমে কোচক আৰু বাধা দিবলৈ চেষ্টা নকৰি তেওঁলোকক নতুনকৈ লোৱা ঠাইসমূহ এৰি দিয়ে। এই যুদ্ধৰ কালত কোচসকলে খৰ-ধৰকৈ কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ এটা আলি সাজিছিল, এই নাৰায়ণপুৰ বৰ্তমানৰ উত্তৰ লক্ষীমপুৰ মহকুমাৰ অন্তৰ্গত। ইয়াৰ পিছৰ বছৰ এই আলিটো সম্পূৰ্ণ হোৱাত বহুতো কোচ লোক নাৰায়ণপুৰলৈ যায়। কোচে এই নগৰ খন দূৰ্গেৰে সুৰক্ষিত কৰিছিল। চুকলেঙমুঙে আকৌ অৱশিষ্ট সৈন্যবল গোটাই পিচলা নৈৰ পাৰত কোচক ভেটা দিয়াৰ বাবে সাজু হয়। আহোমে নৈৰ পাৰ দখল কৰাত কোচসকলৰ যোগাযোগত অসুবিধা হয় আৰু তেওঁলোকৰ আগত এতিয়া দুটা পথ থাকে- হয় উভটি যোৱা, নহয় আক্ৰমণ কৰা। তেওঁলোকে দ্বিতীয় পথটোকে শ্ৰেয় বুলি সেই মৰ্মে আহোমৰ ওপৰত জপিয়াই পৰেগৈ। কিন্ত যুঁজত তেওঁলোকৰ নিজৰহে বহু হানি হয়। কোচসকলে পলাবলৈ ধৰাত আহোমে তেওঁলোকে বেৰি ধৰি হত্যা কৰে। এইদৰে এখন যুঁজৰ বিজয়ৰে চুকলেঙমুঙে হেৰুৱা গৌৰৱ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কোচৰ হাতত পৰা ৰাজ্যাংশ তেওঁ পুনৰ ওভটাই লয়। বিজয় উল্লাসত ৰাজধানী লৈ গৈ তেওঁ ৰিখবন উৎসৱ পাতে।

১৫৪৮ খৃঃত এক বৰ ভূইকঁপ হয়। বহু ঠাইত মাটিয়ে ফাট মেলে আৰু তাৰ মাজেদি শিল-বালি খহি পৰে। এই বছৰতে দীঘলমাৰ সন্দিকৈয়ে ৰজাৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰকাৰীকে মৃত্যুদণ্ড দিয়া হৈছিল। বানপাৰা নগাসকলে বানচুং নগাসকলক দমন কৰিবলৈ আহোমৰ পৰা সাহাৰ্য্য বিচাৰিছিল। বানচুং নগাসকল পৰাজিত হয়, তেওঁলোকৰ দলপতিক আহোমে বন্দী কৰে। ৰিজিত সকলৰ বহুবোৰ বলদ গৰু, বিছন আদি বিজয়ী সকলে লুটি নিয়ে।

১৫৫২ খৃঃত ছুকলেঙমুঙৰ মৃত্যু হয়। এওঁ শাৰীৰিকভাৱে দুৰ্ব্বল আছিল আৰু দিনে দিনে তেওঁৰ স্বাস্থ্য পৰি আহিছিল। এওঁৰ দিনত গড়গাওঁৰ পুখুৰী খন্দা হয়। বৰআলিৰ পৰা গধূলী ৰজাৰ মৌজাৰ মাজেৰে নগা পাহাৰলৈ যোৱা নগা আলিটোও এওঁৰ দিনতে সজা। কাঁহিকুচি আৰু চঙ্গীমখৰ গড় দুটাও এওঁৰ দিনৰে।

এইজন ৰজাৰ দিনত আহোমে প্ৰথম মুদ্ৰা উলিয়াইছিল। অসমৰ পশ্চিমে থকা অপেক্ষাকৃত সুসভ্য ৰাজ্যসমূহৰ সৈতে এই ৰাজ্যৰ সম্বন্ধ ঘটাব পৰাই এইদৰে আহোমে মুদ্ৰা উলিয়াবলৈ শিকিছিল যেন লাগে।

ছুকলেঙমুঙৰ পিছত ছুখাম্‌ফা ৰজা হয়। ৰজা হোৱাৰ অলপ দিনৰ পিছতেই হাতী চিকাৰলৈ যাওঁতে পৰি ভৰি এখন খোৰা হোৱাৰ বাবে তেওঁক খোৰা ৰজা বুলিছিল। তেওঁৰ বিৰুদ্ধে ৭ জন কোৱৰে ষড়যন্ত্ৰ কৰি ধৰা পৰিছিল। পিছে, বৰগোঁহাইৰ অনুৰোধক্ৰমে তেওঁলোকক শস্তি নিদিয়াকৈ এৰি দিয়া হয়। কিন্ত এনে অভূতপুৰ্ব ক্ষমাদান সত্বেও কোঁৱৰ কেইজন ১৫৫৯ খৃঃত আকৌ বিদ্ৰোহ কৰে। এইবাৰ কেউটিকে ধৰি হত্যা কৰা হয়। ১৫৫৫ খৃঃত আইতনিয়া পাপুক আৰু খাতাঙৰ নগাৰ বিৰুদ্ধে চুখাম্‌ফাই অভিযান চলায়। আহোম সৈন্য অহা দেখি এই লোক সকল পলাই যোৱাত তেওঁলোকৰ বহুতৰে ধন সম্পত্তি লুটি আনিছিল। কিন্ত বাটতে ভেটা দি শত্ৰু পক্ষই আহোমৰ ভালেমান মানুহ মাৰে। ১৬৩০ খৃঃত প্ৰতাপ ৰায় নামৰ এজনে আহোমৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। তেওঁক কেইবাজনো স্থানীয় দলপতিয়েও হেনো সাহাৰ্য্য কৰিছিল। কিন্ত দিখূ নৈৰ পাৰত আহোমে তেওঁলোকক ধৰি কচুকটা দিয়ে।

পশ্চিম দিশৰ পৰাকোচ সকলৰ সম্ভাব্য অক্ৰমণৰ পৰা ৰাজ্যখন ৰক্ষা কৰিবলৈ আইখেক বুঢ়া গোহাইক প্ৰধান সেনাপতি নিযুক্ত কৰা হয়। সেই মৰ্মে বোকা আৰু ছালাত দুটা দূৰ্গ সাজি তাত দুদল সৈন্য স্থানীয়ভাৱে ৰখা হ’ল। ১৫৮২ খৃঃত আহোম-কোচ বিবাদৰ পুনৰাবৃত্তি ঘটে। কছাৰীৰ সৈতে হোৱা যুঁজৰ কালত কোচে হেনো আহোমৰ কেইখনমান গাওঁৰ ক্ষতি সাধন কৰিছিল। সেই কথাতে লাগি হোৱা বিবাদৰ ফলত তিপু নামেৰে এজন কোচ সেনাপতিয়ে ব্ৰহ্মপুত্ৰয়েদি উজাই গৈ দিখু নৈৰ মোহনা ওলালগৈ। আহোমে এই লোকসকলৰ পিছে পিছে খেদি যায়। কোচ সকলে হানদিয়া নৈ লৈ উভটি আহে। এই ঠাইতে যুঁজ লগাত আহোম সকলহে হেনো পৰাস্ত হয়।

ইয়াৰ পিছৰ জানুৱাৰী মাহত চিলাৰায়ে নিজে কোচৰ নেতৃত্ব বহন কৰি ব্ৰহ্মপুত্ৰয়েদি গৈ দিখুত ৰয়হি। সেই ঠাইত হোৱা যুঁজত আহোমে বৰ বেয়াকৈ হাৰে। আহোম ৰজা পলাই গৈ নামৰুপৰ চৰাইখৰঙত লুকাই থাকে। কোচে সুযোগ বুজি আহোম ৰাজ্যৰ কেইদিশে পিয়াপি দি লুটপাত চলায়। যুঁজত আহোমৰ এনে শোচনীয় পৰাজয়ৰ বিষয়ে উল্লেখ কৰি এখন বুৰঞ্জীয়ে এই পৰাজয় অৱশ্যম্ভাৱী আছিল বুলি কৈছে। আহোম ৰজাই হেনো এই পৰাজয়ৰ কথা আগেয়েই জানিছিল। এদিন হেনো তেওঁ গা ধুই থাকোতে ক’ৰবাৰ পৰা চিলা এজনী আহি তেওঁৰ এপদ অলঙ্কাৰ থপিয়াই নিছিল। সেয়ে, চিলাৰায়ৰ (চিলাৰ ৰজা) লগত যুঁজ কৰি পৰাস্ত হ’বই বুলি ভাবিহে তেওঁ নামৰুপলৈ পলাই গৈছিল। বিজয়ী চিলাৰায়ে গড়গাওঁ প্ৰবেশ কৰি তাত কোঠ মাৰেগৈ।

তিনিমাহৰ পিছত আইখেক বুঢ়াগোঁহাইক সন্ধিৰ বাবে পঠিওৱা হয়। কোচে ভালেমান চৰ্তসাপেক্ষে সন্ধি কৰিবলৈ মান্তি হয়। সন্ধিৰ চৰ্ত সমূহ আছিল এনে ধৰণৰ : আহোমৰ দ্বাৰা কোচৰ বশ্যতা স্বীকাৰ, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ভালেমান ঠাই কোচক এৰি দিয়া, আহোম ডা-ডাঙৰীয়াৰ কেইবাজনো পুত্ৰক জামিনত ৰখা আৰু ৬০ টা হাতী, ৬০ খন কাপোৰ আৰু বুজন পৰিমাণৰ সোণ-ৰুপ যুদ্ধৰ ক্ষতিপূৰণ হিচাবে দিয়া। ইয়াৰ পিছত শৰৎকালত চিলাৰায়ে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত নতুনকৈ জয় কৰা অঞ্চল সমূহ চোৱা-চিতা কৰিবলৈ নাৰায়ণপুৰত এদল সৈন্য ৰাখি নিজ ৰাজ্যলৈ উভটি গ’ল। তেওঁ যোৱাৰ লগে লগে ছুখাম্‌ফাই নিজ ৰাজধানীলৈ গৈ ততাতৈয়াকৈ সকলো ক্ষয়-ক্ষতি মেৰামতি কৰিলে। তাৰ পিছত আহোমৰ বিপৰ্য্যৰ সম্বন্ধে পুঙ্খানুপুঙ্খভাৱে তদন্ত কৰি বুঢ়াগোঁহাই আইখেকক তাৰ বাবে সম্পূৰ্ণৰুপে জগৰীয়া সাব্যস্ত কৰি তেওঁক বৰ্খাস্ত কৰা হ’ল। কণখাম নামৰ এজনক নতুনকৈ বুঢ়াগোঁহাই পাতি তেওঁক আৱশ্যক অনুসৰি দূৰ্গ সাজি আৰু পাহাৰৰ ওপৰত বৰটোপ লৈ যিকোনো উপায়েৰে শত্ৰুৰ অভিযান প্ৰতিহত কৰিব পৰাকৈ সষ্টম হৈ থাকিবলৈ নিৰ্দ্দেশ দিয়া হ’ল। দিখুৰ মোহনাত এটা শক্তিশালী দূৰ্গ সজা হ’ল। অনতিবিলম্বে কোচৰ পৰা আহোমে নাৰায়ণপুৰ উদ্ধাৰ কৰিলে। ছালা পুনৰ উদ্ধাৰ কৰি তাত আহোমে এটা দূৰ্গ সাজিলে। ১৫৬৪ খৃঃত কোচে ধৰি নিয়া আহোম বন্দী সকলক মুকলি কৰি দিয়া হয়। নৰনাৰায়ণে আহোমৰ সৈতে পাশা খেলত হাৰি তেওঁলোকক মুক্তি দিছিল বুলি জনা যায়। কিন্ত কোচ বুৰঞ্জী এখনৰ মতে নৰনাৰায়ণে গৌড়ৰ বাদছাহৰ হাতত পৰাজিত হোৱাৰ পিছত ইচ্ছা কৰিয়েই হেনো আহোম সকলক মুক্তি দিছিল। এই পৰিপ্ৰেক্ষিতত আহোমৰ সৈতে অকৌ যুঁজ-বাগৰ কৰি বিপদ চপাই নিলিৱাই শ্ৰেয় বুলি তেওঁ বিবেচনা কৰিছিল। এই তথ্যৰ পৰা আমি আহোমে উত্তৰ পাৰৰ অঞ্চলটো পুনৰ অধিকাৰ কৰা সম্বন্ধে নিঃসন্দেহ হ’ব পাৰো। মুকলি হোৱা আহোম সকলৰ সৈতে ভালেমান কোচলোকো আহোম ৰাজ্যলৈ আহিছিল। এই লোকসকলে মাটিৰ কাম বঢ়িয়াকৈ জানিছিল। এওঁলোকে দূৰ্গা গোঁসানী আৰু অন্যান্য হিন্দু দেৱ-দেৱীৰ প্ৰতিমা সাজিছিল।

১৫৬৩ খৃঃত চুটিয়া সকলে নামৰুপ আৰু তিপাম আক্ৰমণ কৰে। তিপাম ৰজাৰ হাতীটো তিনি ঠাইত শৰবিদ্ধ হোৱাত যুদ্ধক্ষেত্ৰৰ পৰা তেওঁ পলাই যায়। বৰসন্দিকৈ শদিয়ালৈ আগবাঢ়ি গৈ চুটিয়া সকলক পৰাস্ত কৰে। এই যুঁজত কেইবা হাজাৰো চুটিয়া সৈন্য ৰণত পৰে আৰু মুঠতে ৩০০০ জন বন্দী হয়। তথাপিও চুটিয়াই এই পৰাজয়ক অগ্ৰাহ্য কৰি ১৫৭২ খৃঃত আকৌ আহোমৰ বিপক্ষে এটা সৰুসুৰা অভিযান চলাইছিল। পিছে, যুঁজত চুটিয়া সকল বেয়াকৈ পৰাজিত হয়।

১৫৬৩ খৃঃত ঢেকেৰি ৰজাই আহোমৰ ৰাজ্য আক্ৰমণ কৰে। আহোম ডেকা ৰজাৰ দুজন পুত্ৰই বিদ্ৰোহ কৰি ঢেকেৰি ৰজাৰ আশ্ৰয় লৈছিল। তেওঁলোক দুয়ো ঢেকেৰি ৰজাক এই অভিযানত সহায় কৰিছিল। মুৰাভগা নামৰ ঠাইত আহোমে এই ৰজা জনক বেয়াকৈ ঘটুৱায়। আহোমৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি তেওঁ হাতী, অস্ত্ৰ-শস্ত্ৰাদি পেলাই থৈ পলায়ন কৰে। বহু সৈন্য ৰণত পৰে। তেওঁলোকৰ কটা মূৰবোৰ কাহিকুচি আৰু নাৰায়ণপুৰত দ’ম দ’মকৈ সজাই থোৱা হৈছিল। ডেকা ৰজাৰ এজন পুত্ৰ ধৰা পৰাত তেওঁকো নিধন কৰা হয়। এই ঢেকেৰি ৰজা জননো কোন সঠিক জনা নাযায়। তেওঁক কোনো কোনোৱে পমান, পৰাণ বা থিকমন বুলি কয়। বৰ্তমান এই ঢেকেৰি শব্দটো মঙ্গলদৈ আৰু নগাওঁৰ চাপৰিৰ লোকসকলক বুজাবলৈ ব্যৱহাৰ কৰা হয়। কিন্ত আমি এতিয়া যি সময়ৰ কথা আলোচনা কৰিছো সেই সময়ত ঢেকেৰি শব্দটো চাম (নগাওঁ চাপৰি) লোকৰ ক্ষেত্ৰতহে প্ৰয়োগ হৈছিল যেন লাগে।

পিছৰ বছৰত ভেলা ৰজাৰ বিৰুদ্ধে আন এটা অভিযান পঠিওৱা হৈছিল। এই ভেলা ৰজা জননো কোন? এই বিষয়েও আমি একো নাজানো। ভেলা ৰজাক বন্দী কৰি আহোমে তেওঁৰ ৰাজধানী দখল কৰিছিল।

সেই বছৰৰে জুলাই মাহত কোচ সেনাপতি তিপৱে আকৌ ব্ৰহ্মপুত্ৰ নৈৰে এটা অভিযান চলায়। দুমাহ জুৰি নৈৰ পাৰত বাহৰ পাতি থকাৰ মূৰকত আহোমে তেওঁক আক্ৰমণ কৰি যুঁজত ঘটুৱায়। ইয়াৰ পিছত ভালেমান দিনলৈ কোচসকলে কোনো উপদ্ৰৱ কৰা নাছিল। ১৫৭০ খৃঃত তিপুৱে ভিতৰুৱাল নামেৰে আন এজন সেনাপতিৰ সৈতে আকৌ আহোম ৰাজ্যৰ ফালে আগুৱাবলৈ ধৰে। আহোমে আগতীয়াকৈ সৈন্য পঠিয়াই ধনশিৰিৰ মোহনাত তেওঁলোকক বাধা দিয়ে। কোচসকল আকৌ যুঁজত বেয়াকৈ হাৰি পলাই যায়। এইখন যুঁজত শত্ৰু পক্ষৰ ভালেমান সৈন্য, নাওঁ আৰু বৰটোপ আহোমৰ হাতত পৰে।

১৫৬৯ খৃঃত ফুছেন্ত নামৰ এজন নগাই আহোমৰ বিপক্ষে এটা ফৌজ লৈ আহি তেওঁলোকৰ দ্বাৰা বিতাড়িত হৈ পাপুক নামৰ ঠাইলৈ পলাই গৈছিল। ১৫৭৩ খৃঃত আহোমে আইতনিয়া নগাৰ ৰাজ্য আক্ৰমণ কৰি তেওঁলোকৰ পৰা বহুতো সা-সম্পত্তি লিটি আনিছিল।

১৫৭৪ খৃঃত আহোম ৰাজ্যত বসন্ত বেমাৰে মহামাৰীৰ ৰুপ ধাৰণ কৰাত বহুলোকৰ মৃত্যু হৈছিল।

১৫৭৬ খৃঃত মুঙকাঙৰ নৰা ৰজাই সসৈন্যে খামজাং ওলাইছিলহি। আহোমে পানীগাওঁত তেওঁক আগভেটা দিবলৈ ৰৈ আছিল। কিন্ত দুয়ো পক্ষই যুঁজ নকৰি সন্ধি কৰাহে দেখা গ’ল। সন্ধি মতে ছুখামফাই নৰাৰজাক ১৬,০০০ টকা দিয়ে। বিনিময়ত নৰাৰজাৰ এগৰাকী জীয়েকক আহোম ৰজালৈ বিয়া দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হয়। সন্ধিমতে চুখামফাই টকা দিছিল। কিন্ত নৰাৰজাই জীয়েকৰ সলনি ভনী এগৰাকীকহে ছুখামফালৈ দিয়ে। খঙ উঠি ছুখামফাই নৰাৰজাৰ জীয়েকক চুৰ কৰি আনিবলৈ তিনিজন মানুহ পঠিয়ায়। পিছে ধৰা পৰাত এই লোক কেইজনে সকলো কথা সৈ কাঢ়ে। নৰাৰজাই তৎক্ষণাত নামৰুপ আক্ৰমণ কৰে। এই সৈন্য সকলে ৰুপম নৈৰ তীৰত আহোমক ঘটুৱাইছিল যদিও কেচানৈৰ ওচৰত বেয়াকৈ হাৰে। আহোমে এই লোকসকললৈ চোচা লোৱাত তেওঁলোক পলাই ফাট মেলে।

১৫৭৭ খৃঃত গাভৰু নায়ক, বৰদাদু আৰু বৰকাথ নামৰ তিনিজন লোকে কোচ ৰজা নৰনাৰায়ণৰ বিপক্ষে বিদ্ৰোহ কৰিছিল। কিন্ত বিদ্ৰোহে ফলৱতী নোহোৱাত তেওঁলোক ১৪০০ জন লোকৰ সৈতে পলাই গৈ ছুখামফাৰ আশ্ৰয় বিচাৰে। ছুখামফাই তেওঁলোকক আশ্ৰয় দি গাজালা নামৰ ঠাইত থাকিবলৈ দিয়ে। ১৫৮৫ খৃঃত কোচ ৰজা ৰঘূৱে তেওঁৰ জীয়েক সানকলাক ছুখামফালৈ বিয়া দিয়ে। ২ টা হাতী, ৭ টা ঘোঁৰা আৰু ১০০ জন লগুৱা যৌতুকত দিয়া হৈছিল। বিনিময়ত তেওঁক ২২ টা হাতী আৰু ১২ টা ঘোঁৰা দিছিল।

১৫৯৬ খৃঃত আৰু এটা বৰ ভূইকঁপ হয়। মাটিৰ তলৰ পৰা তপত পানী, শিল আৰু ছাঁই ওলাই আহে। ৰজাৰ প্ৰসাদ এটা ভূইকপত ভাগি পৰাত বহু সংখ্যক পালি-প্ৰহৰীৰ মৃত্যু হয়।

৫১ বছৰ ৰাজত্বৰ অন্তত ১৬০৩ খৃঃত মোৱাঙত ছুখামফাই শেষ নিশ্বাস পেলায়। ৰাজত্বৰ আগছোৱাত তেওঁক ওফৰাবলৈ ভালেমান ষড়যন্ত্ৰ হৈছিল যদিও সেইবোৰ ঠিক সময়ত ধৰা পৰাত বিফল হৈছিল। তেওঁৰ বহুবোৰ পত্নী আছিল। তেওঁৰ ৰাজঅন্তেষপূৰৰ ভালেমান মূখৰোচক কেলেঙ্কাৰীও শুনা গৈছিল। এবাৰ এগৰাকী ৰাণীৰ সৈতে ষড়যন্ত্ৰ কৰাৰ অপৰাধত তিনিজন লোকৰ মূৰ কটা হৈছিল। ৰজাই খেল-ধেমালি বৰ ভাল পাইছিল। হাতী চিকাৰৰ বাবে আয়োজন কৰা খেদাবিলাকত তেওঁক সদায় আগভাগ লোৱা দেখা গৈছিল। ৰাজপ্ৰসাদৰ ক্ষেত্ৰত এইজন ৰজা বৰ দুৰ্ভগীয়া আছিল। তেউঁৰ সোণাপুৰৰ ৰাজপ্ৰাসাদত বজ্ৰপাত হৈছিল, ছালাখতলীৰ প্ৰসাদটো জুইত জাহ গৈছিল আৰু আন এটা প্ৰাসাদ ১৫৯৬ খৃঃৰ বৰ ভূইকঁপত ভাগিছিল। তেওঁৰ ৰাজত্বকালত আৰু দুটা আচৰিত ঘটনা ঘটিছিল। এটা হ’ল ১৫৬৯ খৃঃত জাক কাকতি ফৰিঙৰ দ্বাৰা শস্য ধ্বংস আৰু আনটো হ’ল ১৫৭০ খৃঃৰ বানপানী। এই বানপানীত খেতিপথাৰৰ শস্য বেয়াকৈ নষ্ট হোৱাৰ ফলত ৰাজ্যত প্ৰায় আকালৰ সৃষ্টি হৈছিল।

শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱৰ শিষ্য সকলে আহোম ৰাজ্যত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁলোকে ৰাজ্যত ঘূৰি-পকি ভালেমান সত্ৰ স্থাপন কৰিছিল। বহু সাধাৰণ প্ৰজা আৰু কোনো কোনো ক্ষেত্ৰত উচ্চ পদস্থ বিষয়াকো প্ৰকাশ্যে মহাপুৰুষীয়া ধৰ্মত শৰণ লোৱা দেখা গৈছিল।

চুকাফাৰ দিনৰ পৰা খোৱা ৰজা বা ছুখামফাৰ দিনলৈকে (১৫১২ খৃঃ) বুৰঞ্জী সমূহ আৰু লক্ষ্মীনাথ, ৰবিনচন বা গুণাভিৰামৰ বিৱৰণী সমূহৰ মাজত চন-তাৰিখৰ মিল দেখা যায়। ১৬৬৩ খৃঃত জয়ধ্বজ সিংহৰ দিনৰ পৰা তেওঁলোক আকৌ চন-তাৰিখৰ ক্ষেত্ৰত একমত হোৱা দেখা যায়। কিন্ত মাজৰ ৰজাসকলৰ প্ৰত্যেকৰে ক্ষেত্ৰত চন-তাৰিখৰ ভালেমান গঢ় মিল চকুত পৰে। কাশীনাথৰ মতে ছুখামফাই ৫৯ বছৰ ৰাজত্ব কৰাৰ অন্তত ১৬১১ খৃঃত প্ৰতাপসিংহ ৰজা হয়। তেওঁৰ পিছত ১৬৪৯ আৰু ১৬৫২ খৃঃত যথাক্ৰমে ভগাৰমা আৰু নৰীয়া ৰজাই ৰাজপাট লাভ কৰে। জয়ধ্বজ সিংহ ৰজা হয় ১৬৫৪ খৃঃত। চন-তাৰিখৰ ক্ষেত্ৰত ৰবিনচন আৰু গুণাভিৰামে কাশীনাথৰ ওপৰত নিৰ্ভৰ কৰা হেতুকে তেওঁলোকেও এই তাৰিখবোৰ সমৰ্থন কৰিছে। আনহাতেদি বুৰঞ্জী সমূহে কয় যে, ছুখামফাৰ ৰাজত্বকাল আছিল ৫১ বছৰহে। সেইদৰে প্ৰতাপ সিংহ, ভগা ৰজা, নৰিয়া ৰজা আৰু জয়ধ্বজ সিংহৰ ৰাজপাট আৰোহনৰ চন বুৰঞ্জী মতে যথাক্ৰমে ১৬০৩, ১৬৪১, ১৬৪৪ আৰু ১৬৪৮ খৃঃ। মই নিজে বুৰঞ্জী সমূহৰ তাৰিখবোৰহে অধিক গ্ৰহণযোগ্য বুলি ভাবো। বুৰঞ্জী সমূহ স্বয়ং সম্পূৰ্ণ আৰু পুৰণি তথ্য সমৃদ্ধ। কাশীনাথে পুৰণি ‘ৰেকৰ্ড’ সমূহ নপঢ়ি ভূল কৰিছিল। তী কৰা হেঁতেন বুৰঞ্জী বিলাকত কিবা ভূল থাকিলে তেওঁ সেইবোৰ তথ্য-পাতিৰে প্ৰমাণ কৰি দেখুৱাব পাৰিলোহেঁতেন। কিন্ত এতিয়া সেই ৰেকৰ্ড সমূহ পাবলৈকে নাই, গতিকে কাৰ ওপৰত ভিত্তি কৰি বুৰঞ্জীৰ তাৰিখবোৰৰ নিশ্চয়তা সম্বন্ধে সন্দেহ প্ৰকাশ কৰিব? আনহাতেদি বুৰঞ্জী সমূহৰ কিছুমান চন তাৰিখ সম্পূৰ্ণভাৱে নিৰ্ভৰযোগ্য। উদাহৰণ স্বৰুপে মুছলমানৰ আগমণৰ তাৰিখ সমূহলৈ আঙুলিয়াব পাৰি। বুৰঞ্জী সমূহত উল্লেখিত ১৬১৫, ১৬৩৭, ১৬৬২ চনবোৰ মুছলমান লেখকৰ চন-তাৰিখৰ সৈতে মিলে। ইয়াৰ পৰাই বুৰঞ্জীৰ তাৰিখবোৰ যে নিৰ্ভৰযোগ্য সেইকথা প্ৰমাণিত হয়। তদুপৰি কোনো কোনো বুৰঞ্জীত প্ৰত্যেকজন ৰজাৰ দিনত কোন মাহৰ কি তাৰিখে কোনটো ঘটনা ঘটিছিল সেই সম্বন্ধে খৰচি মাৰি দীঘলীয়া বিৱৰণ একোটা পোৱা যায়। যদি কোনো এজন ৰজাৰ ৰাজপাট আৰোহণৰ তাৰিখটো ভূল হয় তেন্তে বাকীবোৰ তাৰিখো ভূল হোৱাৰ সম্ভাৱনা থাকে। কিন্ত বুৰঞ্জী সমূহৰ ক্ষেত্ৰত এনে গড়মিল দেখা নাযায়। অৱশেষত আমি যদি চুখামফা ১৬১১ খৃঃত স্বৰ্গী হোৱা নাছিল বুলি কওঁ তেন্তে ৫৯ বছৰ ৰাজত্ব কৰিছিল বুলি ধৰিব লাগিব। তেনে ক্ষেত্ৰত আহোম ৰজাসকলে সাধাৰণতে ৰাজত্ব কৰা কালতকৈ ই চাৰিগুণ বেছি দীঘল সময় হয়গৈ। কিন্ত তেওঁ ইমান দীঘলীয়া দিন ৰাজত্ব কৰিছিল জানো?

অসম বুৰঞ্জী

3.03225806452
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top