অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আহোম ৰাজ্যৰ পতন

আহোম ৰাজ্যৰ পতনৰ কাৰক

আহোমসকলে চীনৰ য়ুনান প্ৰদেশৰপৰা ১২১৫ খ্ৰী:ত বিদেশলৈ প্ৰব্ৰজন কৰিছিল। বহু ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য অতিক্ৰম কৰাৰ অন্তত তেওঁলোকে চৰাইদেউ ১২২৮ খ্ৰী:ত ব্ৰহ্মপুত্ৰ উপত্যকাত উপনীত হৈছিল আৰু অৱশেষত চুকাফাৰ নেতৃত্বত চৰাইদেউত ১২৫৩ খ্ৰী:ত ৰাজধানী পাতি ৰাজ্য শাসন কৰিবলৈ ধৰে। তেতিয়াৰপৰা তেওঁলোকে ১৬৮২ খ্ৰী:ৰ ভিতৰত সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে নিজৰ অধিকাৰ স্থাপন কৰি ১৮২৬ খ্ৰী:লৈ ৰাজত্ব কৰিছিল। ইতিমধ্যে তেওঁলোকৰ নামানুসাৰে গোটেই উপত্যকাটো অসম নামেৰে পৰিচিত হৈ পৰিছিল। প্ৰায় কেবা শতিকা ধৰি ৰাজত্ব কৰাৰ পিছত ব্ৰহ্মপুত্ৰ উপত্যকাত আহোম ৰাজ্যৰ পতন ঘটে। আহোমসকলৰ পিছতে অসমত পোনতে মানসকলে আৰু তেওঁলোকক বিতাৰিত কৰি ইংৰাজসকলে অসম ৰাজ্য অধিকাৰ কৰে। মাত্ৰ একেটা ঘটনা নতুবা একেটা চনতে আহোম ৰাজ্যৰ পতন ঘটা নাছিল। ভালেমান বছৰৰ পৰা চলি অহা ঘটনা-পৰিঘটনাৰ পৰিণতিস্বৰূপে অষ্টাদশ শতিকাৰ শেহৰ ফালৰপৰা আহোম ৰাজ্য লাহে লাহে পতনৰ দিশত অগ্ৰসৰ হৈছিল।

প্ৰথমতে ক’ব পাৰি যে আহোম ৰাজতন্ত্ৰৰ সাংগঠনিক দিশটোতে আহোম ৰাজ্যৰ পতনৰ কাৰক নিহিত হৈ আছিল। স্বাভাৱিকভাৱে অংগক্ষত ৰাজকুমাৰক সিংহাসন প্ৰাপ্তিৰপৰা বঞ্চিত কৰাৰ নীতি ৰাজতন্ত্ৰৰ পক্ষে ক্ষতিকাৰক আছিল। তাৰেই সুবিধা লৈ পৰৱৰ্তীকালত সুস্থ-সবল ৰাজকুমাৰকো অংগক্ষত কৰি সিংহাসনৰপৰা বঞ্চিত কৰি ৰখাৰ প্ৰৱণতা গঢ়ি উঠিছিল। সেইটোৱে ৰাজবংশৰ ভিতৰতে সিংহাসন প্ৰাপ্তিৰ বাবে অনাহক প্ৰতিদ্বন্দ্বিতাৰ সৃষ্টি কৰি ৰাজবংশটোক ভিতৰৰপৰা দুৰ্বল কৰি আনিছিল।

দ্বিতীয়তে, দেশৰ তিনিজনা মন্ত্ৰীৰ মাজত দেখা দিয়া ক্ষমতালিপসাই শাসন যন্ত্ৰটো দুৰ্বল কৰি আনিছিল। আহোম শাসনতন্ত্ৰত মন্ত্ৰী তিনিজনা ইমান ক্ষমতাশালী আছিল যে তেওঁলোক একতাবদ্ধ হ’লে আনকি পৰাক্ৰমী ৰজাকো ক্ষমতাচ্যুত কৰিব পাৰিছিল আৰু যেতিয়া তেওঁলোকে নিজেই ক্ষমতাৰ বাবে পাৰস্পৰিক কাজিয়াত লিপ্ত হৈছিল তেনে অৱস্থাত দেশৰ শাসন ব্যৱস্থাটো সম্পূৰ্ণৰূপে ভাঙি পৰাটো নিতান্তই স্বাভাৱিক আছিল। বিশেষকৈ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ ক্ষমতালিপসাই অন্য দুজন মন্ত্ৰীৰ লগতে দেশৰ অন্যান্য উচ্চ পদস্থ বিষয়াসকলৰ মাজত কৰ্তব্য নিষ্ঠাৰ অৱনতি ঘটাইছিল।

তৃতীয়তে, ৰজাৰ অকৰ্মণ্যতা, স্বেচ্ছাচাৰিতা আৰু চাৰিত্ৰিক দুৰ্বলতাও আহোম ৰাজতন্ত্ৰৰ পতনৰ অন্যতম কাৰক আছিল। বিশেষকৈ শিৱসিংহৰ অকৰ্মণ্যতা, ৰাজেশ্বৰ সিংহ, গদাধৰ সিংহ আৰু গৌৰীনাথ সিংহৰ স্বেচ্ছাচাৰিতা আৰু লক্ষ্মীসিংহ, কমলেশ্বৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহৰ দুৰ্বলতা আহোম ৰাজতন্ত্ৰ আৰু ৰাজ্যৰ পতনৰ বাবে প্ৰধানত দায়ী আছিল। গদাধৰ সিংহৰ বৈষ্ণৱ নিৰ্যাতন আৰু সত্ৰ দমনে প্ৰজাৰ মাজত ক্ষোভৰ জন্ম দিছিল। আনহাতে চুৰামফা ভঙা ৰজাৰ ৰাজত্বকালত (১৬৪১-১৬৪৪) মায়ামৰা সত্ৰৰ চতুৰ্থজন সত্ৰাধিকাৰ নিত্যানন্দদেৱৰ হত্যাকাণ্ডই লক্ষ্মীসিংহৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহৰ উদ্ৰেক কৰাত ইন্ধন যোগাইছিল।

চতুৰ্থতে, মোৱামৰীয়া বিদ্ৰোহ আহোম ৰাজতন্ত্ৰ আৰু ৰাজ্যৰ পতনৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰক বুলি পৰিগণিত হৈ আহিছে। এই বিদ্ৰোহ এৰা-ধৰাকৈ প্ৰায় দুকুৰি বছৰ (১৭৬৯-১৮১০) ধৰি চলিছিল। মোৱামৰীয়া বিদ্ৰোহৰ পৰিণতিস্বৰূপে আহোম ৰাজ্য ভাঙি-ছিঙি থানবান হৈ পৰিছিল।

পঞ্চমতে, পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ ক্ষমতালিপসা আৰু স্বেচ্ছাচাৰিতাই আভ্যন্তৰীণ বিদ্ৰোহ আৰু ষড়যন্ত্ৰৰ জন্ম দিছিল। কমলেশ্বৰ সিংহৰ ৰাজত্বকালত (১৭৯৫-১৮১০) ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সংঘটিত হোৱা পানীমুৱা আৰু সৎৰামৰ বিদ্ৰোহৰ কথা উল্লেখ কৰিব পাৰি। পানীমুৱা আৰু তেওঁৰ অনুগামীসকলে ১৮০২-০৩ চনত বিদ্ৰোহৰ নেতৃত্ব লৈছিল যদিও পূৰ্ণানন্দই সেই বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰিছিল। পূৰ্ণানন্দৰ বিৰুদ্ধে সংঘটিত দ্বিতীয়টো বিদ্ৰোহত দেশৰ প্ৰায় ৯৭/৯৮ জন প্ৰধান লোকে গোপনে অংশ গ্ৰহণ কৰিছিল আৰু নেতৃত্ব দিছিল সৎৰাম চাৰিংগীয়া ফুকনে। এই বিদ্ৰোহ সংঘটিত হৈছিল ১৮১৪ চনত। পূৰ্ণানন্দই বিদ্ৰোহত জড়িত থকা ৭৭ জন লোকক মৃত্যুদণ্ডেৰে দণ্ডিত কৰি হত্যা কৰিছিল, বাকী ২০ জনৰ কোনো কোনোৰ চকু, নাক, কাণ কাটি সমাজত মেলি দিছিল। এই বিদ্ৰোহত গুৱাহাটীৰ বৰফুকন বদন চন্দ্ৰও জড়িত আছিল, তেওঁক ধৰিবলৈ চেষ্টা কৰাত তেওঁ গুৱাহাটী এৰি ভাটিলৈ পলাই গৈছিল।

ষষ্ঠতে, বদন বৰফুকনে আহোম ৰজা চন্দ্ৰকান্ত সিংহৰ অনুমোদন সাপেক্ষে পোনতে ইংৰাজৰ সহায় বিচাৰি ব্যৰ্থ হৈ মানৰ সহায় লৈ পূৰ্ণানন্দৰ পতন ঘটাইছিল। কিন্তু পৰৱৰ্তীকালত পূৰ্ণানন্দৰ পুত্ৰ ৰুচিনাথ বুঢ়াগোহাঁইৰ নেতৃত্বত পৰিচালিত ষড়যন্ত্ৰৰ পৰিণতিস্বৰূপে এফালে বদন চন্দ্ৰ বৰফুকনৰ মৃত্যু হোৱাত (আগষ্ট, ১৮১৭) আৰু আনফালে চন্দ্ৰকান্ত সিংহ লঘূ-লাঞ্ছনাৰ সন্মুখীন হোৱাত ১৮১৯ চনৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত মানসকলে অসম তথা আহোম ৰাজ্য আক্ৰমণ কৰে। মানসকলে বদন চন্দ্ৰ আৰু চন্দ্ৰকান্ত সিংহক তেওঁলোকৰ বন্ধুৰূপে গণ্য কৰিছিল।

সপ্তমতে, ১৮১৯ চনৰপৰা আৰম্ভ হোৱা মানৰ আক্ৰমণ ১৮২৬ চনৰ ফেব্ৰুৱাৰী মাহলৈ এৰাধৰাকৈ চলিছিল। মানসকলে তেতিয়া ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজ্যক্ষেত্ৰতো আক্ৰমণ অকৰিবলৈ লোৱাত ইংৰাজে ব্ৰহ্মদেশৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। এইখনেই আছিল প্ৰথম ইংগ-বৰ্মী যুদ্ধ। প্ৰকাশ্যভাৱে ইংৰাজৰ শত্ৰু মানক অসমৰপৰা বিতাৰিত কৰাটোৱে কোম্পানী চৰকাৰৰ প্ৰধান লক্ষ্য আছিল যদিও ৰত্ন প্ৰসৱিনী অসমৰ ওপৰত নিজৰ ৰাজনৈতিক অধিকাৰ স্থাপন কৰাতোৱেই ইংৰাজৰ উদ্দেশ্য আছিল। এই যুদ্ধৰ সময়তেই ১৮২৩ চনত অসমৰ হাবিত থলুৱাভাৱে স্বাভাৱিক অৱস্থাত চাহ গছৰ অস্তিত্ব আৱিষ্কৃত হোৱাত ইংৰাজে বাণিজ্যিক ভিত্তিত চাহ খেতি কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই অসমৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিছিল আৰু তাৰেই পৰিণতিস্বৰূপে আহোম ৰাজ্য তথা অসমে স্বাধীনতা হেৰুৱাইছিল। গতিকে এইবিলাকেই আছিল ব্ৰহ্মপুত্ৰ উপত্যকাত আহোম ৰাজ্যৰ পতনৰ প্ৰধান কাৰক।

ব্ৰিটিছৰ উত্তৰ-পূৰ্বাঞ্চল দখল

প্ৰথম ইংগ-বৰ্মী যুদ্ধত মানক পৰাজিত কৰি ব্ৰিটিছে অসম দখল কৰে। মানসকলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ সময়ত ব্ৰিটিছে অসমৰ জনসাধাৰণৰ প্ৰতি এই বুলি আশ্বাস দিছিল তেওঁলোকে ৰাজ্য জয়ৰ আশাৰে অসমত প্ৰবেশ কৰা নাই, বৰং তেওঁলোকৰ(ব্ৰিটিছৰ)শত্ৰু মানসকলক(অসমৰপৰা) বিতাৰিত আৰু অসমৰ সকলো শ্ৰেণীৰ লোকৰ স্বাৰ্থৰ আৰু সুখ স্বাচ্ছন্দ্যৰ অনুকূলে এখন চৰকাৰ প্ৰতিষ্ঠা নকৰাকৈ, তেওঁলোকে সকলো শ্ৰেণীৰ লোকৰ স্বাৰ্থৰ আৰু সুখ-স্বাচ্ছন্দ্যৰ অনুকূলে এখন চৰকাৰ প্ৰতিষ্ঠা নকৰাকৈ, তেওঁলোকে এই ৰাজ্যৰ পৰা আঁতৰি নাযাব। অৰ্থাৎ অসম দখল কৰি ৰাজ্য বিস্তাৰ কৰাৰ ব্ৰিটিছৰ কোনো অভিপ্ৰায় নাই। কিন্তু ব্ৰিটিছে মানক পৰাজিত কৰাৰ পিছত এই প্ৰতিশ্ৰুতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ কোনো চেষ্টা নকৰিলে। ৰত্ন প্ৰসৱিনী অসম সম্পৰ্কে ব্ৰিটিছ চৰকাৰে কেপ্তেইন থমাছ ওৱেলছৰ প্ৰতিবেদনৰ(১৭৯৪)মাধ্যমত ইতিমধ্যে ব্যাপক তথ্য পাতি সংগ্ৰহ কৰি থৈছিল। তেতিয়াৰপৰাই অসমৰ প্ৰতি ব্ৰিটিছৰ লুভীয়া দৃষ্টি আছিল। অসমত মানৰ উপস্থিতি আছিল ব্ৰিটিছৰ বাবে এটি উপলক্ষ্যহে মাত্ৰ। আনহাতে প্ৰথম ইংগ-বৰ্মী যুদ্ধৰ সময়ত ১৮২৩ চনত ব্ৰিটিছ বণিক ৰবাৰ্ট ব্ৰুচে ৰাজধানী ৰংপুৰত চিংফৌ গাম এজনৰপৰা অসমৰ হাবিত চাহ গছৰ অৱস্থিতিৰ বিষয়ে সম্ভেদ পাইছিল। সেইটোৱে অসমৰ প্ৰতি ব্ৰিটিছৰ লোভ দুগুণে বৃদ্ধি কৰিছিল। প্ৰধানত: এই দুটা কাৰণতেই মানক বিতাৰিত কৰি অসমত ব্ৰিটিছৰ শাসন ব্যৱস্থা নিগাজীকৈ বহিল। ডেভিদ স্কট উত্তৰ-পূব সীমান্তৰ ক্ষেত্ৰত গৱৰ্ণৰ জেনেৰেলৰ প্ৰতিনিধি(Agent)আছিল। তেওঁৰ পৰামৰ্শ মৰ্মে কোম্পানীৰ(ব্ৰিটিছ-ভাৰত)চৰকাৰে ১৮২৮ চনৰ মাৰ্চ মাহত নামনি অসমখন নিজৰ হাতত ৰখাৰ খাটাং সিদ্ধান্ত কৰে। কিন্তু উজনি অসমখন কোম্পানীৰ ৰাজ্যৰ সৈতে চামিল কৰা-নকৰা সন্দৰ্ভত তেতিয়াই কোনো খাটাং সিদ্ধান্ত কৰা হোৱা নাছিল। তেনেতে ১৮৩১ চনৰ ২০ আগষ্টত ছেৰাপুঞ্জীত তেওঁৰ মৃত্যু হয়। গৱৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেণ্টিংকৰ শাসনকালত অৱশেষত ব্ৰিটিছ-ভাৰত চৰকাৰে ১৮৩২ চনৰ অক্টোবৰ মাহত উজনি অসমত আহোম ৰাজকুমাৰ বা ভঙা ৰজা এজনক শাসনভাৰ দিয়াৰ সিদ্ধান্ত কৰে। তেতিয়া অসমত গৱৰ্ণৰ জেনেৰেলৰ প্ৰতিনিধি আছিল থমাছ কেম্পবেল ৰবাৰ্টছন। সেই সিদ্ধান্ত মৰ্মে বছৰি ৫০,০০০ টকাৰ কৰ দিবলৈ লোৱাৰ বিনিময়ত ১৮৩৩ চনৰ এপ্ৰিল মাহত পুৰন্দৰ সিংহ উজনি অসমৰ ৰজা হয়। তেওঁৰ ৰাজ্যৰ ৰাজধানী হ’ল যোৰহাট। আনহাতে ব্ৰিটিছ চৰকাৰে যোৰহাটৰ সমীপতে ৪ বৰ্গ মাইল এলেকা এটি পুৰন্দৰ সিংহৰ কৰ্তৃত্বৰ বাহিৰত আৰু ব্ৰিটিছৰ অধীনত ৰাখি তাত ব্ৰিটিছৰ সামৰিক ছাউনী পাতিছিল। কিন্তু পুৰন্দৰ সিংহই উক্ত বাৰ্ষিক কৰ ৫০,০০০ টকা সময়মতে উচল কৰি দিব নোৱাৰাৰ অজুহাতত ব্ৰিটিছ-ভাৰত চৰকাৰে ১৮৩৮ চনত পুৰন্দৰ সিংহক সিংহাসনচ্যুত কৰি উজনি অসমখণ্ডও ব্ৰিটিছ ৰাজ্যভুক্ত কৰে। ৰাজ্যাধিকাৰৰ পৰা বঞ্চিত কৰাৰ বাবদ তেওঁক ব্ৰিটিছ চৰকাৰে বছৰি এহেজাৰ টকাকৈ পেঞ্চন দিয়াৰ ব্যৱস্থা কৰে। ব্ৰিটিছে অসম লোৱাৰ সময়ত অসমৰ আশে-পাশে বিভিন্ন অঞ্চলত বসবাস কৰা জনগোষ্ঠীসমূহৰ নামানুসাৰে তেওঁলোকৰ বাসভূমিসমূহক পৃথকে পৃথকে জনা গৈছিল। ব্ৰিটিছে আহোম ৰাজ্য(অসম)দখলতে সন্তুষ্ট নাথাকি সেই জনজাতীয় ৰাজ্যসমূহো তেওঁলোকে এখন এখনকৈ দখল কৰি লৈছিল। ব্ৰিটিছৰ দখলীভুক্ত হোৱাৰ সময়ত সেই ৰাজ্যসমূহৰ ভৌগোলিক অৱস্থান আৰু আভ্যন্তৰীণ ৰাজনৈতিক অৱস্থা সম্পৰ্কে তলত আলোচনা কৰা হ’ল।

শদিয়া সংমণ্ডল বা ৰাজ্য (মটক, খামতি আৰু চিংফৌসকলৰ বাসস্থান)

উজনি অসমৰ একেবাৰে পূবত অৱস্থিত আছিল শদিয়া ৰাজ্য বা সংমণ্ডল। এই অঞ্চলৰ মুঠ এলেকা আছিল ৭০৭৩ বৰ্গ মাইল। অঞ্চলটোৰ উত্তৰ-পূব আৰু দক্ষিণে আছিল আৱৰ, মিছিমি, খামতি, চিংফৌ আৰু নগা জনজাতিৰ দ্বাৰা অধ্যুষিত পৰ্বতমালা আৰু পশ্চিমে আছিল দিহং, ব্ৰহ্মপুত্ৰ, বুঢ়ীদিহিং আৰু নামছিং নদী। শদিয়া সংমণ্ডলৰ অন্তৰ্গত আৰু ব্ৰহ্মপুত্ৰ আৰু বুঢ়ীদিহিং নদীৰ মাজৰ অঞ্চলটোৰ অধিবাসীসকলক মটক বুলিছিল। এওঁলোক আছিল কছাৰী আৰু মৰাণ জনগোষ্ঠীৰ লোক। এওঁলোকক মটক নামটো আদিতে খামতিসকলে দিছিল। এওঁলোকৰ অঞ্চলটোক মটক ৰাজ্য বুলিও কোৱা হৈছিল আৰু ব্ৰিটিছৰ আগমনৰ সময়ত ইয়াৰ মুঠ মাটিকালি আছিল ১২১৮ বৰ্গ মাইল। প্ৰথম ইংগ-বৰ্মী যুদ্ধৰ সময়ত এই মটকসকলৰ মুখিয়াল তথা প্ৰধানজনক ‘বৰসেনাপতি’ বোলা হৈছিল। দিব্ৰু নদীৰ পাৰত ৰংগাগোৰা নামে ঠাইত তেওঁৰ ৰাজধানী আছিল। ১৮২৬ চনত ব্ৰিটিছৰ সৈতে কৰা এটি চুক্তিৰ জৰিয়তে মতিবৰ বৰসেনাপতিয়ে ব্ৰিটিছৰ প্ৰভুত্ব স্বীকাৰ কৰে আৰু বাৰ্ষিক ৩০০ পাইকৰ যোগান ধৰিবলৈ সন্মত হোৱাৰ লগতে যুদ্ধ সমুপস্থিত হ’লে অন্যান্য ৰছদ-পাতি যোগান ধৰিবলৈও সন্মতি দিয়ে। লগতে তেওঁ শদিয়াত এজন ব্ৰিটিছ ৰাজনৈতিক বিষয়া ৰখাৰ প্ৰতিও সমৰ্থন দিয়ে। ১৮৩৯ চনত মতিবৰ বৰসেনাপতিৰ মৃত্যু হয়। তাৰ পিছত তেওঁৰ উত্তৰাধিকাৰী আৰু ব্ৰিটিছৰ মাজত মনোমালিন্য ঘটে আৰু ব্ৰিটিছে ১৮৪২ চনত মটক দেশ অধিগ্ৰহণ কৰি লক্ষীমপুৰ জিলাৰ সৈতে চামিল কৰে। ব্ৰহ্মপুত্ৰ আৰু দিহিং নদীৰ সংগম স্থলৰপৰা পূবলৈ প্ৰায় ১৩ মাইল দূৰত আৰু কুণ্ডিল নদীৰ পাৰত অৱস্থিত শদিয়া নামে গাঁৱক কেন্দ্ৰ কৰিয়েই শদিয়া জিলাৰ উৎপত্তি হৈছে। এই অঞ্চলৰ অধিবাসীসকল আছিল প্ৰধানত: খামতি জনগোষ্ঠীৰ লোক। খামতিসকল অসমৰ থলুৱা জনগোষ্ঠী নাছিল, আহোমসকলৰ সমগোত্ৰীয় এই খামতিসকল আদিতে ব্ৰহ্মদেশৰ অধিবাসী আছিল। ১৭৫১-৯৪ চনৰ ভিতৰত তেওঁলোকৰ ভালেমানে শদিয়া অঞ্চললৈ প্ৰব্ৰজন কৰিছিল। ১৭৯৪ চনত তেওঁলোকে আহোম চৰকাৰৰ দাঁতিয়লীয়া প্ৰশাসনিক বিষয়া শদিয়াখোৱা গোহাঁইক ক্ষমতাচ্যুত কৰি শদিয়াৰ ওপৰত সম্পূৰ্ণ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰে আৰু নিজৰ মাজৰ পৰাই এজন শদিয়াখোৱা গোহাঁই নিযুক্ত কৰি প্ৰৱৰ্তিবলৈ ধৰে। ১৮২৬ চনত স্বাক্ষৰিত এটি চুক্তিৰ জৰিয়তে শদিয়াখোৱা গোহাঁইজনে ব্ৰিটিছৰ প্ৰভুত্ব স্বীকাৰ কৰি লৈছিল। তাৰ বাবে তেওঁ ব্ৰিটিছক কোনো ধৰণৰ কৰ-কাটল দিব নালাগিছিল। ১৮৩৫ চনত ব্ৰিটিছে শদিয়াখোৱা গোহাঁইৰ পদবীটোৰ অৱসান ঘটায় আৰু সমুদায় অঞ্চল ব্ৰিটিছ ৰাজ্যৰ সৈতে চামিল কৰে। মটক ৰাজ্যৰ সীমাৰপৰা পূবলৈ নোৱাদিহিং আৰু টেংগাপানী নদীৰ সমতল ভূমিত বসবাস কৰা জনগোষ্ঠীসকলক চিংফৌ বোলে। তেওঁলোকো অসমৰ থলুৱা লোক বা বাসিন্দা নহয়। তেওঁলোকেও আদিতে খামতিসকলৰ চুবুৰীয়া লোক হিচাপে ব্ৰহ্মদেশতে আছিল। গৌৰীনাথ সিংহৰ ৰাজত্বকালত(১৭৮০-৯৫)পুনৰবাৰ মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হোৱা কালডোখৰত তেওঁলোকে পোনতে ১৭৯৩ চন মানত অসমলৈ আহে। চিংফৌসকলৰ কেবাটাও ঠাল বা ফৈদ আছিল, তাৰ ভিতৰত প্ৰধান ফৈদবোৰ আছিল- বিচা গাম, দুফা গাম, লুটাও গাম, লাটুৰা গাম ইত্যাদি। তেওঁলোকে মাজে সময়ে আহোম ৰাজ্যৰ ওপৰত আক্ৰমণ চলাইছিল, আনকি কেতিয়াবা তেওঁলোকে ৰাজধানী ৰংপুৰতো উপনীত হৈছিল। ব্ৰিটিছৰ আগমনৰ পিছত চিংফৌসকলৰ দ্বাৰা পূৰ্বে সংঘটিত এই ধৰণৰ আক্ৰমণ বন্ধ হৈছিল, বিশেষকৈ কেপ্তেইন নিউৱিলে চলোৱা সামৰিক অভিযানৰ পিছত চিংফৌসকলে অসমৰ সমতল ভূমিত আক্ৰমণ কৰিবলৈ এৰিছিল। প্ৰথম ইংগ-বৰ্মী যুদ্ধৰ পিছত ১৮২৬ চনৰ মে’ মাহত মুঠতে ১৬ জন চিংফৌ গামে চুক্তি কৰি ব্ৰিটিছৰ অধীনতা মানি লৈছিল আৰু যুদ্ধ তথা অন্য প্ৰকাৰৰ অশান্তিৰ সময়ত ব্ৰিটিছ চৰকাৰৰ সৈতে সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। ১৮৪২ চনত একে সময়তে ব্ৰিটিছে মটক, খামতি আৰু চিংফৌসকলৰ দ্বাৰা অধ্যুষিত অঞ্চলবোৰ অধিগ্ৰহণ কৰি ব্ৰিটিছ ৰাজ্যভুক্ত কৰে।

কাছাৰ বা কছাৰী ৰাজ্য

ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে প্ৰথম ইংগ-বৰ্মী যুদ্ধৰ সময়তে কোম্পানীৰ চৰকাৰ কাছাৰ, জয়ন্তীয়া আৰু মণিপুৰৰ সৈতে ৰাজনৈতিক সম্পৰ্কলৈ আহে। ১৮১৩ চনত কাছাৰৰ ৰজা কৃষ্ণচন্দ্ৰৰ মৃত্যুৰ পিছত তেওঁৰ ভায়েক গোবিন্দ চন্দ্ৰ কাছাৰৰ ৰজা হয়। প্ৰথম ইংগ-বৰ্মী যুদ্ধৰ সময়তে গোবিন্দ চন্দ্ৰই ব্ৰিটিছৰ সাৰ্বভৌমত্ব স্বীকাৰ কৰি বছৰি ১০,০০০ টকাৰ কৰ দিবলৈ সন্মতি প্ৰকাশ কৰে। তেতিয়াৰপৰা কাছাৰ ব্ৰিটিছৰ আশ্ৰিত ৰাজ্যত পৰিণত হয়। কিন্তু আভ্যন্তৰীণভাৱে গোবিন্দ চন্দ্ৰৰ ৰাজত্বকাল শান্তিৰে অতিবাহিত হোৱা নাছিল। ডিমাছা কছাৰীসকলৰ নেতা তুলাৰাম সেনাপতিয়ে পিতৃ কহীদনৰ আদৰ্শ অনুসৰণ কৰি গোবিন্দ চন্দ্ৰৰ বিৰুদ্ধে বিদ্ৰোহ অব্যাহত ৰাখি উত্তৰ-কাছাৰ পাৰ্বত্য অঞ্চলত নিজৰ স্থিতি মজবুত কৰি তুলিছিল। ১৮২৯ চনৰ মাজভাগত ডেভিদ স্কটৰ মধ্যস্থতাত গোবিন্দ চন্দ্ৰই এটি চুক্তিৰ জৰিয়তে তুলাৰামক উত্তৰ-কাছাৰ পাৰ্বত্য অঞ্চলটো এৰি দিবলৈ বাধ্য হৈছিল। ১৮৩০ এপ্ৰিল মাহত কেইজনমান মণিপুৰীলোকে গোবিন্দ চন্দ্ৰক হত্যা কৰে। গোবিন্দ চন্দ্ৰৰ মৃত্যুৰ লগে লগে এফালে কোনো স্বাভাৱিক উত্তৰাধিকাৰী নথকাত তেওঁৰ জ্যেষ্ঠা মহিষী ইন্দ্ৰপ্ৰভা আৰু আনফালে তুলাৰাম সেনাপতিয়েও সিংহাসনৰ উত্তৰাধিকাৰীৰূপে দাবী উত্থাপন কৰিছিল। কিন্তু এই দাবীদাৰসকলৰ প্ৰতি কোনো সহানুভূতি নেদেখুৱাই ব্ৰিটিছ চৰকাৰে ১৮৩২ চনৰ আগষ্ট মাহত গোবিন্দ চন্দ্ৰৰ ৰাজ্য তথা কাছাৰৰ সমতল ভূ-খণ্ড ব্ৰিটিছ ৰাজ্যভুক্ত কৰি কাছাৰ জিলা গঠন কৰি প্ৰশাসনিকভাৱে অসমৰ কমিছনাৰৰ অধীনলৈ আনে। গোবিন্দ চন্দ্ৰৰ পৰিয়ালৰ লোকে ব্ৰিটিছৰ পৰা নগদ টকা আৰু কৰ বিহীন ভূমিৰ মাধ্যমত প্ৰায় ৩,৮৭৫ টকাৰ অনুদান লাভ কৰিছিল। ১৮৩৪ চনত ব্ৰিটিছে উত্তৰ-কাছাৰ পাৰ্বত্য অঞ্চলৰো বিভাজন ঘটাই সেইবোৰ তুলাৰাম আৰু তেওঁৰ অন্যদুজন ভায়েকৰ মাজত বাঁটোৱাৰা কৰে। তুলাৰামে মাহিলী ৫০ টকা হাৰত ব্ৰিতিছ চৰকাৰৰপৰা এটি আজীৱন পেঞ্চন লাভ কৰিছিল। ১৮৫৪ চনত তুলাৰামৰ পুতেক নকুলৰামৰ ৰাজত্বকালত দুৰ্বল শাসনৰ অচিলা লৈ ব্ৰিটিছে উত্তৰ-কাছাৰ পাৰ্বত্য এলেকাটো অধিগ্ৰহণ কৰি কোম্পানীৰ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰে।

মণিপুৰ

প্ৰথম ইংগ-বৰ্মী যুদ্ধৰ সময়ত কাছাৰ আৰু মণিপুৰৰ পৰা বৰ্মীসকলক বিতাৰিত কৰাত গম্ভীৰ সিঙে এক বিশেষ ভূমিকা লৈছিল। ১৮২৬ চনৰ জানুৱাৰী মাহত তেওঁ ব্ৰিটিছৰ সহযোগত মণিপুৰ দখল কৰিবলৈ সমৰ্থ হয়। ইয়াণ্ডাবু সন্ধিৰ পিছত ব্ৰিটিছে গম্ভীৰ সিঙক মণিপুৰৰ ৰজা ৰূপে স্বীকৃতি দিছিল। গম্ভীৰ সিঙে ব্ৰিটিছৰ দ্বাৰা প্ৰশিক্ষিত আৰু সুসজ্জিত ৩,০০০ লোকেৰে গঠিত এটি সেনাবাহিনী বহি:শত্ৰুৰ বিৰুদ্ধে সষ্টম কৰি ৰাখিব লাগিছিল। প্ৰকৃতাৰ্থত ক’বলৈ গ’লে গম্ভীৰ সিঙ ব্ৰিটিছৰ আশ্ৰিত ৰজাহে আছিল। গম্ভীৰ সিঙ এজন উচ্চাভিলাষী ৰজা আছিল। তেওঁ কাছাৰ দখল কৰি তেওঁৰ ৰাজ্যৰ পৰিসৰ বৃদ্ধি কৰাৰ ইচ্ছা কৰিছিল। তেওঁৰ প্ৰতি ব্ৰিটিছে লোৱা তোষণ নীতিৰ ফলতেই গম্ভীৰ সিঙে কাছাৰৰপৰা প্ৰথমে চন্দ্ৰপুৰ আৰু পিছত জিৰি-বৰাক এলেকাটো নিজৰ ৰাজ্যৰ সৈতে চামিল কৰিবলৈ সক্ষম হৈছিল।

গোৱালপাৰা

ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগ, বিহাৰ আৰু উৰিষ্যাৰ দেৱানী লাভ কৰাৰ সময়ত (১৭৬৫) গোৱালপাৰা বংগদেশৰ অন্তৰ্ভুক্ত আছিল। সেই সূত্ৰে গোৱালপাৰা বংগদেশৰ ৰংপুৰ জিলাৰ(বৰ্তমান বাংলাদেশত)অন্তৰ্ভুক্ত আছিল আৰু ১৮২৬ চনত নামনি অসম ব্ৰিটিছৰ ৰাজ্যভুক্ত হোৱাত গোৱালপাৰাক বংগদেশৰপৰা আঁতৰাই আনি অসম প্ৰশাসনৰ সৈতে সংলগ্ন কৰা হৈছিল। ১৮৬৭ চনত ‘ইষ্টাৰ্ণ’ দুৱাৰক গাৰো পাহাৰৰ সৈতে সংলগ্ন কৰি গোৱালপাৰাৰ পৰিসৰ বৃদ্ধি কৰি সমগ্ৰ সেই জিলাখন অসমৰপৰা আঁতৰাই নি কোঁচবিহাৰৰ চীফ কমিছনাৰৰ শাসনাধীন কৰে। ১৮৭৪ চনত অসমক চীফ কমিছনাৰৰ প্ৰদেশৰূপে পুনৰ গঠিত কৰাত কাছাৰৰ সৈতে গোৱালপাৰাকো অসমৰ লগত সংলগ্ন কৰা হৈছিল।

গাৰো পাহাৰ

উত্তৰ-পূব সীমান্তৰ পাহাৰীয়া জনজাতিসমূহৰ ভিতৰত ব্ৰিটিছে পোনতে গাৰো জনজাতিৰ লোকসকলৰ সংস্পৰ্শলৈ আহে। গাৰোসকল দীৰ্ঘদিন ধৰি কৰৈবাৰী, হাব্ৰাঘাট আদি জমিদাৰীৰ জমিদাৰসকলৰ দ্বাৰা শোষিত আৰু নিৰ্যাতিত হৈ আহিছিল। ১৮৬৬ চনত ব্ৰিটিছে গাৰো পাহাৰক এটি পৃথক প্ৰশাসনিক গোটৰূপে স্বীকৃতি দি তাক এজন এছিচটেণ্ট কমিছনাৰৰ অধীনলৈ আনে। প্ৰথমে শিংগিমাৰীক আৰু পিছত তুৰাক এই প্ৰশাসনিক গোটৰ কেন্দ্ৰৰূপে লোৱা হৈছিল। ১৮৬৯ চনত ব্ৰিটিছে গাৰো পাহাৰক অসমৰ এক পূৰ্ণ পৰ্যায়ৰ জিলালৈ উন্নীত কৰি এজন ডেপুটী কমিছনাৰৰ অধীনলৈ আনে।

জয়ন্তীয়া আৰু গোভা ৰাজ্য

প্ৰথম ইংগ-বৰ্মী যুদ্ধ আৰম্ভ হোৱাৰ ঠিক আগমুহূৰ্তত ১৮২৪ চনৰ মাৰ্চ মাহত ডেভিদ স্কটে জয়ন্তীয়াৰ ৰজা ৰামসিংহৰ সৈতে এটি চুক্তি কৰি ব্ৰিটিছ আৰু জয়ন্তীয়াসকলৰ সৈতে পোন প্ৰথমবাৰৰ বাবে ৰাজনৈতিক সম্পৰ্ক স্থাপন কৰিছিল। এই চুক্তি মৰ্মে তেওঁ নিজ ৰাজ্যৰ বাবে আভ্যন্তৰীণ স্বায়ত্তশাসন লাভ কৰিছিল। তদুপৰি তেওঁ ইংগ-বৰ্মী যুদ্ধত বৰ্মীসকলৰ বিৰুদ্ধে ব্ৰিটিছক সাহায্য দিবলৈ প্ৰতিজ্ঞাবদ্ধ আছিল। সেই মৰ্মে তেওঁ ১৮২৪ চনৰ এপ্ৰিল মাহত ডেভিদ স্কট আৰু তেওঁৰ অনুগামীসকলক শ্ৰীহট্টৰ পৰা অসমলৈ অহাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিল। আনকি তেওঁ ব্ৰিটিছৰ সুবিধাৰ বাবে অসম আৰু শ্ৰীহট্টক সংলগ্ন কৰি জয়ন্তীয়া ৰাজ্যৰ মাজেৰে এটি ৰাস্তাও নিৰ্মাণ কৰাইছিল। কিন্তু বাণিজ্যিক চকীৰপৰা আদায় কৰা বাণিজ্যিক শুল্ক আৰু কালী গোসাঁনীৰ মন্দিৰত বলি দিয়া প্ৰথাক কেন্দ্ৰ কৰি ইংৰাজ আৰু জয়ন্তীয়া ৰজাৰ মাজত মনোমালিন্য ঘটে আৰু অৱশেষত জয়ন্তীয়া ৰজাই নিজৰ ৰাজ্যকেই হেৰুৱায়। জয়ন্তীয়া ৰজা ৰাজেন্দ্ৰ সিঙে ইংৰাজৰ সৈতে ১৮৩৪ চনৰ আগষ্টত কৰা এটি চুক্তিৰ মাধ্যমত বাৰ্ষিক ১০,০০০ টকাৰ কৰ দিবলৈ সন্মতি প্ৰকাশ কৰে। কিন্তু ১৮৩৫ চনৰ ফেব্ৰুৱাৰী মাহত ব্ৰিটিছ ভাৰত চৰকাৰে জয়ন্তীয়া ৰাজ্যৰ অন্তৰ্গত সমতল ভূমি অঞ্চল দখল কৰাৰ সিদ্ধান্ত কৰে। সেই মৰ্মে ১৮৩৫ চনৰ ১৫ মাৰ্চ তাৰিখে কেপ্তেইন লিষ্টাৰে(Captain Frederick Lister)শ্ৰীহট্ট ‘লাইট ইনফেণ্ট্ৰি’ৰ দুটা বাহিনীৰ সহযোগত জয়ন্তীয়াপুৰসহ সমতল অঞ্চল দখল কৰি কোম্পানীৰ ৰাজ্যৰ সৈতে চামিল কৰে। কেই সপ্তাহমানৰ ভিতৰতে ‘আসাম লাইট ইনফেণ্ট্ৰি’ৰ জৰিয়তে গোভা ৰাজ্যও দখল কৰে আৰু তাক নগাওঁ জিলাৰ সৈতে সংযুক্ত কৰে। আনহাতে অৱশিষ্ট পাহাৰীয়া অঞ্চলৰ ওপৰতো ৰাজেন্দ্ৰ সিঙে নিজৰ অধিকাৰ অব্যাহত ৰাখিবলৈ অনিচ্ছা প্ৰকাশ কৰে। সেয়ে উক্ত অঞ্চলটোও ব্ৰিটিছে অধিগ্ৰহণ কৰি জোৱাই সংমণ্ডল গঠন কৰি তাক খাচী পাহাৰৰ ৰাজনৈতিক বিষয়াজনৰ কৰ্তৃত্বাধীন কৰে। এইদৰে ৰাজ্যাধিকাৰৰপৰা বঞ্চিত ৰাজেন্দ্ৰ সিঙক ব্ৰিটিছে মাহিলি ৫০০ টকাৰ পেঞ্চন এটি দিয়ে আৰু তেওঁ শ্ৰীহট্টলৈ গৈ তাতে থাকিবলৈ লয়। জয়ন্তীয়া ৰাজ্য ব্ৰিটিছ ৰাজ্যভুক্ত হ’লেও ব্ৰিটিছে তাত পূৰ্বাপৰ চলি অহা জনজাতীয় স্বায়ত্তশাসন ব্যৱস্থা অটুট ৰাখিছিল। শাসনৰ মুৰব্বীৰূপে ব্ৰিটিছৰ ৰাজনৈতিক বিষয়াজন আছিল যদিও সাধাৰণ দেৱানী আৰু ফৌজদাৰী বিচাৰ ব্যৱস্থা জয়ন্তীয়া পাহাৰৰ মুঠ ১৯ জন স্থানীয় মুখিয়াল ব্যক্তিৰ দ্বাৰা পৰিচালিত হৈছিল। এইসকলৰ ১৫ জন আছিল দলৈ আৰু ৪ জন চৰ্দাৰ।

খাচী ৰাজ্য

গেইটৰ মতে খাচী পাহাৰত মুঠতে ২৫ খন ক্ষুদ্ৰ ক্ষুদ্ৰ খাচী ৰাজ্য আছিল। এই ৰাজ্যবিলাকৰ মুখিয়াল তথা প্ৰধানসকলক ছিয়েম, লিংডো, ওহাদাদাৰ, চৰ্দাৰ আদি নামেৰে জনা গৈছিল। এই ক্ষুদ্ৰ ক্ষুদ্ৰ ২৫ খন খাচী ৰাজ্যৰ ১৫ খনৰ মুখিয়াল আছিল ছিয়েম আৰু তেওঁলোক প্ৰত্যেকেই নিজ নিজ ৰাজ্যৰ জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত আছিল, ৫ খনৰ মুখিয়াল আছিল চৰ্দাৰ, ৪ খনৰ লিংডো আৰু এখন আছিল যৌথ ৰাজ্য আৰু প্ৰতিখনৰে একোজনকৈ ওহাদাদাৰ আছিল। এই খাচী ৰাজ্যবিলাকৰ ভিতৰত প্ৰধান আছিল- নংখলৌ, ছেৰা, মিলিয়াম, মাৰম, খেৰিম, নাছটিং, নিছপিং, ৰামব্ৰাই, মাওপলাং, মৈৰাং আদি। পূবে জয়ন্তীয়া পাহাৰ আৰু পশ্চিমে গাৰো পাহাৰ, উত্তৰে কামৰূপ আৰু দক্ষিণে শ্ৰীহট্টৰ মাজত অৱস্থিত খাচী পাহাৰৰ খাচী জনগোষ্ঠীৰ লোকসকল ১৮২৬ চনত পোনতে ব্ৰিটিছৰ সংস্পৰ্শলৈ আহে। প্ৰথম ইংগ-বৰ্মী যুদ্ধৰ সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাত ব্ৰিটিছৰ সামৰিক, ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ পিছত ডেভিদ স্কটে খাচী পাহাৰৰ মাজেৰে এটি ৰাস্তা নিৰ্মাণ কৰি ব্ৰহ্মপুত্ৰ আৰু সুৰমা উপত্যকাক সংলগ্ন কৰাৰ পৰিকল্পনা কৰিছিল। সেই উদ্দেশ্যৰে তেওঁ নাংখ্‌লৌৰ ছিয়েম ছত্তাৰ সিঙৰ সৈতে ১৮২৬ চনৰ আৰম্ভণিতে এটি চুক্তিও কৰিছিল আৰু ৰাস্তা নিৰ্মাণৰ কাম আৰম্ভ কৰি নাংখ্‌লৌত ব্ৰিটিছ বিষয়া কৰ্মচাৰীসকলৰ বাবে বাংলা নিৰ্মাণৰ কামো আৰম্ভ কৰিছিল। ব্ৰিটিছৰ কাম-কাজত খাচী ছিয়েমসকলৰ মাজত যথেষ্ট সন্দেহৰ সৃষ্টি হৈছিল, জানোচা তেওঁলোকে নিজৰ স্বাধীনতা হেৰুৱায়। এটা সময়ত ছিয়েমসকলৰ অসন্তুষ্টি খাচী জনসাধাৰণলৈ বিয়পি পৰিছিল আৰু ১৮২৯ চনৰ এপ্ৰিল মাহত খাচী লোকসকলে টিৰোট সিঙৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰামত মিলিত হৈ পৰিছিল। ৰাস্তা নিৰ্মাণৰ কামত জড়িত দুজন ইংৰাজ বিষয়া- বেডিং ফিলড আৰু বাৰ্লটন- সহ ৫০ জন লোকক বিদ্ৰোহীসকলে হত্যা কৰিছিল। এই বিদ্ৰোহ দমন কৰিবলৈ ব্ৰিটিছে কেপ্তেইন ফ্ৰেডাৰিক লিষ্টাৰৰ নেতৃত্বত শ্ৰীহট্ট লাইট ইনফেণ্ট্ৰিৰ জৰিয়তে প্ৰতি আক্ৰমণ আৰম্ভ কৰি অতি কম সময়ৰ ভিতৰতে বিদ্ৰোহ দমন কৰে। ১৮৩০ চনৰ জানুৱাৰী মাহত বৰমাণিকে ব্ৰিটিছৰ শৰণাপন্ন হয়। আনহাতে ১৮৩৩ চনৰ জুন মাহত টিৰোট সিঙেও ব্ৰিটিছৰ ওচৰত আত্মসমৰ্পণ কৰে। তেওঁক ব্ৰিটিছে আজীৱন কাৰাদণ্ড বিহে আৰু মাহিলি ৬৩ টকা পেঞ্চন দি ঢাকা জেইলত বন্দী কৰি ৰাখিছিল আৰু তাতেই ১৮৩৪ চনত তেওঁৰ মৃত্যু হয়। ইয়াৰ লগে লগে অন্যান্য খাচী নেতাইও ব্ৰিটিছৰ সাৰ্বভৌমত্ব স্বীকাৰ কৰি লয় আৰু ব্ৰিটিছৰ ৰাজনৈতিক বিষয়া এজনৰ কৰ্তৃত্বাধীন হয়। ব্ৰিটিছৰ আমোলত চেৰাপুঞ্জীক সামৰিক ঘাটি কৰাৰ লগতে প্ৰশাসনিক কেন্দ্ৰ ৰূপেও গঢ়ি তোলা হৈছিল। পিছত ১৮৬৬ চনত যেনিবা সমগ্ৰ খাচী পাহাৰত ব্ৰিটিছৰ কৰ্তৃত্ব স্থাপনৰ লগে লগে চেৰাপুঞ্জীৰপৰা প্ৰশাসনিক কেন্দ্ৰটো শ্বিলঙলৈ স্থানান্তৰিত কৰা হয়। শ্বিলঙৰ স্থানীয় খাচী নাম আছিল য়েডু। শ্ৰীহট্ট লাইট ইনফেণ্ট্ৰীৰ বিষয়া কেপ্তেইন ফ্ৰেডাৰিক লিষ্টাৰক খাচী পাহাৰৰ প্ৰথম ৰাজনৈতিক বিষয়াৰূপে নিযুক্তি দিয়া হৈছিল আৰু তেওঁ বিশ বছৰতকৈও অধিক কাল সেই পদবীত অধিষ্ঠিত আছিল।

লুছাই আৰু মিজো পাহাৰ

পূবে মণিপুৰ আৰু চিন পাহাৰ, পশ্চিমে ত্ৰিপুৰা পাহাৰ আৰু বাংলাদেশ, উত্তৰে কাছাৰ আৰু দক্ষিণে বাংলাদেশ আৰু ম্যানমাৰৰ দ্বাৰা পৰিবেষ্টিত পাহাৰমালাই হ’ল লুছাই তথা মিজো পাহাৰ, লুছেই বা মিজোসকলৰ বাসস্থান। লুছাই শব্দটো লুছেই শব্দৰ অপভ্ৰংশ ৰূপ। লুছাইসকল আদিতে ব্ৰহ্মদেশৰ চিন পাহাৰ অঞ্চলৰ বাসিন্দা আছিল। তাৰপৰা তেওঁলোকে ইতিহাসৰ বিভিন্ন সময়ত মিজো পাহাৰ, ত্ৰিপুৰা, চট্টগ্ৰামৰ পাহাৰ অঞ্চল (বৰ্তমানৰ বাংলাদেশত), মণিপুৰ, উত্তৰ-কাছাৰ পাহাৰ আৰু নগা পাহাৰলৈ প্ৰব্ৰজন কৰিছিল। লুছাইসকলৰ আগমনৰ পূৰ্বে বৰ্তমানৰ মিজো পাহাৰৰ থলুৱা অধিবাসী আছিল কুকী জনগোষ্ঠীৰ লোক। লুছাইসকলে এই কুকীসকলক ক্ৰমাগতভাৱে উত্তৰৰ ফালে কাছাৰৰ সমতল ভূমিলৈ খেদি পঠিয়ায়। তাতে ক্ষান্ত নাথাকি তেওঁলোকে কেবাবাৰো কাছাৰৰ ওপৰত আক্ৰমণ চলাইছিল। আনকি ব্ৰিটিছে কাছাৰ দখল কৰাৰ পিছতো এই কাৰ্য অব্যাহত আছিল। কাছাৰৰ উপৰিও লুছাইসকলে ব্ৰিটিছ অধিকৃত চট্টগ্ৰাম আৰু শ্ৰীহট্টৰ ওপৰতো আক্ৰমণ চলাইছিল। লুছাই তথা মিজোসকলৰ এই আক্ৰমণাত্মক কাৰ্য প্ৰতিহত কৰাৰ বাবে ব্ৰিটিছ চৰকাৰে ১৮৪৯, ১৮৬৯ আৰু ১৮৭১-৭১ চনত শাস্তিমূলক সামৰিক অভিযান চলাই তেওঁলোকক বশ কৰি ব্ৰিটিছৰ ৰাজনৈতিক নিয়ন্ত্ৰণলৈ আনিছিল। মিজোসকলক পৰাভূত কৰি ব্ৰিটিছৰ ৰাজনৈতিক অধিকাৰ স্থাপন কৰোঁতে তেওঁলোকে উত্তৰ লুছাই পাহাৰক অসমৰ সৈতে আৰু দক্ষিণ লুছাই পাহাৰক বংগদেশৰ সৈতে সংলগ্ন কৰিছিল। ১৮৯৮ চনৰ ১লা এপ্ৰিলৰ পৰা উত্তৰ আৰু দক্ষিণ লুছাই পাহাৰক একত্ৰিত কৰি অসমৰ চীফ কমিছনাৰৰ অধীন কৰিছিল।

নগা পাহাৰ

পূবে খামতি আৰু চিংফৌ, পশ্চিমে মণিপুৰ, উত্তৰে শিৱসাগৰ আৰু নগাওঁ আৰু দক্ষিণে উজনি ব্ৰহ্মদেশৰ দ্বাৰা পৰিবেষ্টিত পাহাৰীয়া অঞ্চলটোৱেই হ’ল বিভিন্ন নগা জনগোষ্ঠীৰ লোকৰ বাসভূমি। ১৮৩৫ চনত ব্ৰিটিছে পোনতে সংস্পৰ্শলৈ আহে পাটকাই পাহাৰৰ নগা জনগোষ্ঠীৰ সৈতে। ব্ৰিটিছে অসম দখল কৰাৰ পিছত ১৮৩৫ আৰু ১৮৫১ চনৰ ভিতৰত অকল আংগামী নগাসকলৰ বিৰুদ্ধেই মুঠতে দহবাৰ সামৰিক অভিযান চলাইছিল। ১৮৬৬ চনত আংগামী নগাসকলৰ ৰাজ্য দখল কৰাৰ সিদ্ধান্ত লৈ ব্ৰিটিছ চৰকাৰে তাক কাৰ্যকৰী কৰে আৰু ছামাগুটিঙত জিলা প্ৰশাসনিক কেন্দ্ৰ স্থাপন কৰি ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰে। অৱশ্যে ১৮৭৮ চনত জিলা প্ৰশাসনৰ কেন্দ্ৰস্থান ছামাগুটিঙৰপৰা কোহিমালৈ স্থানান্তৰিত কৰে। ১৮৭৫ চনত লোথা নগাসকলৰ ৰাজ্য দখল কৰি ব্ৰিটিছ ৰাজ্যভুক্ত কৰে আৰু ওখাত এজন ব্ৰিটিছ প্ৰশাসনিক বিষয়া নিযুক্ত কৰে। ১৮৮৯ চনত আও নগাসকলৰ ৰাজ্যও অধিগ্ৰহণ কৰি ব্ৰিটিছ অধিকৃত ৰাজ্যৰ পৰিসৰ বৃদ্ধি কৰে। বিভিন্ন নগা জনগোষ্ঠী অধ্যুষিত পাহাৰীয়া এলেকাটো লৈ এখন সুকীয়া নগা পাহাৰ জিলা গঠন কৰি অসম প্ৰশাসনৰ অধীন কৰা হৈছিল। ফলত মনিপুৰৰ উত্তৰে ব্ৰিটিছ ৰাজ্যৰ পৰিসীমা ব্ৰহ্মদেশৰ সৈতে মিলি গৈছিল। নগাসকলৰ গাঁও যিমান, ভাষাও সিমান বুলি কথা এটা আছে, অৰ্থাৎ প্ৰতিখন গাঁৱৰ লোকৰ ভাষা আনখনৰপৰা পৃথক। আজিও নগা জনগোষ্ঠীৰ লোকৰ মাজত মুঠতে ৪৭টা ভাষাৰ প্ৰচলন আছে।

অঁকা, ডফলা, আবৰ, মিৰি, মিছিমি আদি

উত্তৰৰ পাহাৰীয়া জনজাতিসকলৰ ৰাজ্যৰ ওপৰতো ব্ৰিটিছৰ লুভীয়া দৃষ্টি আছিল আৰু এটি এটিকৈ প্ৰতিটো জনগোষ্ঠীকেই তেওঁলোকে বশ কৰিছিল। ১৮৪২ চনত অঁকাসকলে চুক্তি কৰি ব্ৰিটিছৰ বৈশ্যতা মানি লৈছিল। ১৮৫২ চনত ডফলাসকলেও ব্ৰিটিছৰ বৈশ্যতা স্বীকাৰ কৰে। ১৮৩৬ চনত ব্ৰিটিছ চৰকাৰ আবৰসকলৰ সংস্পৰ্শলৈ আহে আৰু ১৮৬২ চনত তেওঁলোকে ব্ৰিটিছৰ অধীনতা মানি লয়। ১৮৯৩ চনত আবৰসকল বিদ্ৰোহী হৈ উঠে যদিও ব্ৰিটিছে আৰম্ভ কৰা অৰ্থনৈতিক অৱৰোধৰ ফল স্বৰূপে তেওঁলোকে ব্ৰিটিছৰ ওচৰত আত্মসমৰ্পণ কৰে। কিন্তু ১৯১১ চনত তেওঁলোক পুনৰ বিদ্ৰোহী হৈ উঠে আৰু শদিয়াত এছিছটেণ্ট পলিটিকেল অফিচাৰ উইলিয়ামছন আৰু চাহ বাগানৰ কৰ্মচাৰী জে.ডি.গ্ৰেগৰছন সহ ভালেমান ব্ৰিটিছ নাগৰিকক হত্যা কৰে। এই ঘটনাৰ প্ৰতিশোধ ল’বলৈ ব্ৰিটিছ চৰকাৰে আবৰ জনগোষ্ঠীৰ বিৰুদ্ধে এটি শক্তিশালী সামৰিক বাহিনী পঠিয়ায়। এই সামৰিক অভিযানৰ পৰিণতি স্বৰূপে আবৰ জনগোষ্ঠীৰ ওপৰত ব্ৰিটিছৰ ৰাজনৈতিক কৰ্তৃত্ব আৰু নিয়ন্ত্ৰণো স্থাপন কৰা হৈছিল। পশ্চিমে ভূটান সীমান্তৰপৰা পূবে খামতি-চিংফৌসকলৰ বাসভূমিলৈ- অসমৰ উত্তৰফালৰ পাহাৰীয়া জনজাতিসকলৰ ওপৰত ৰাজনৈতিক কৰ্তৃত্ব স্থাপন কৰাৰ পিছত ১৯১২ চনত ব্ৰিটিছে এই সমগ্ৰ এলেকাক সামৰি লৈ এক নতুন প্ৰশাসনিক গোট স্থাপন কৰিছিল। এই নতুন প্ৰশাসনিক গোট তথা এলেকাৰ নাম দিছিল উত্তৰ-পূব সীমান্ত ভূ-ভাগ। এইদৰে দেখা যায় যে প্ৰথম ইংগ-বৰ্মী যুদ্ধৰ আৰাম্ভণিৰপৰাই ব্ৰিটিছে বৰ্তমানৰ ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলত ৰাজ্যজয়ৰ পাতনি মেলিছিল। আহোম অসমক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল ঔপনিৱেশিকতাবাদী-সাম্ৰাজ্যবাদী ব্ৰিটিছৰ ছত্ৰ-ছায়াত ব্ৰিটিছ অসম। প্ৰথমে মানৰ অধীনত ৬/৭ বছৰ আৰু পিছত প্ৰায় ১২০ বছৰ ধৰি ব্ৰিটিছৰ পদানত হৈ থকাৰ পিছত ব্ৰিটিছ বিৰোধী স্বাধীনতা সংগ্ৰামৰ ফলশ্ৰুতিত ব্ৰিটিছ অসমেও ১৯৪৭ চনত ভাৰতবৰ্ষৰ অংগৰাজ্যৰূপে স্বাধীনতা লাভ কৰে।

প্ৰশাসনিক পুনৰ গঠন

অসমত ইংৰাজ শাসন ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত তিনিজন ব্ৰিটিছ বিষয়াৰ ভূমিকা বিশেষভাৱে উল্লেখনীয়, তেওঁলোক হ’ল- ডেভিদ স্কট, থমাছ কেম্পবেল ৰবাৰ্টছন আৰু ছাৰ ফ্ৰেঞ্চিছ জেনকিন্স। এই তিনিওজনে পৰ্যায়ক্ৰমে আহোম ৰাজ্য তথা অসমক কেন্দ্ৰ কৰি ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলত এখন বৃহত্তৰ অসম তৈয়াৰ কৰি তাত বংগদেশৰ দৰে ব্ৰিটিছৰ ঔপনিৱেশিক-সাম্ৰাজ্যিক শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল। ডেভিদ স্কটে(১৭৮৬-১৮৩১)পূৰ্বতে উত্তৰ প্ৰদেশ, বিহাৰ আৰু বংগদেশৰ কোনো কোনো ঠাইত প্ৰশাসনিক বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৮২২ চনৰ নৱেম্বৰত তেওঁক উত্তৰ-পূব সীমান্তৰ বাবে ‘গৱৰ্ণৰ জেনেৰেলৰ এজেণ্ট’ৰূপে নিযুক্তি দিয়া হৈছিল। সেই সূত্ৰে অসমৰ প্ৰশাসনিক কাম-কাজত তেওঁৰ বিশেষ কিছু ক্ষমতা আছিল। অসমত কোম্পানীৰ চৰকাৰৰ শাসন প্ৰণালী প্ৰৱৰ্তন কৰোঁতে সেয়ে তেওঁ মুখ্য ভূমিকা লৈছিল। অসমত ব্ৰিটিছ শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ যাওঁতে তেওঁ প্ৰধানত: দুটা কথাৰ প্ৰতি সততে লক্ষ্য ৰাখিছিল। প্ৰথমতে, যিহেতু উজনি অসমত আহোম ৰজা এজনক সিংহাসন দিয়াৰ পক্ষপাতী আছিল সেয়ে তাত তেওঁ পূৰ্বাপৰ প্ৰচলিত আহোমৰ প্ৰশাসনিক ব্যৱস্থাটোকে বাহাল ৰাখিছিল। দ্বিতীয়তে, নামনি অসম পলমকৈ আহোমৰ ৰাজ্যভুক্ত হৈছিল আৰু তাৰো পূৰ্বতে কোঁচ আৰু মোগলৰ অধীনত আছিল, আৰু সেয়ে বংগদেশৰ সৈতে সমপৰ্যায়ৰ বুলি ধৰি লৈ সেইখনক পোনপটীয়াভাৱে কোম্পানীৰ ৰাজ্যৰ সৈতে চামিল কৰি তাত বংগদেশৰ আৰ্হিত কোম্পানীৰ শাসন প্ৰৱৰ্তন কৰিছিল।

উজনি অসমৰ শাসন ব্যৱস্থা

সাধাৰণ দুই এটা বিষয়ত কিছু সাল-সলনি ঘটাই তেওঁ উজনি অসমত আহোম যুগৰ খেল তথা পাইক ব্যৱস্থাকে অব্যাহত ৰাখিছিল। কিন্তু গা-খাটনি দিয়াৰ পৰিৱৰ্তে ডেভিদ স্কটে বাৰী-বস্তি আৰু খেতি-মাটিৰ বাবদ প্ৰজাৰ(পাইকৰ)পৰা জনমূৰি ৩ টকাকৈ খাজনা নিৰ্ধাৰণ কৰিছিল। ৰাজহ তথা খাজনা সম্পৰ্কীয় সকলো দায়িত্ব অৰ্পণ কৰিছিল আহোম যুগৰ এজন উচ্চ পদস্থ বিষয়া জনাৰ্দন বৰবৰুৱাৰ ওপৰত। বৰা, শইকীয়া, হাজৰিকাসকলে তেওঁৰ সহায়ক ৰূপে কাম কৰিব লাগিছিল। খেলদাৰসকলে খাজনা সংগ্ৰহৰ বাবদ ২৭ শতাংশ কমিছন পাইছিল। ১৮২৯-৩০ চনত কেপ্তেইন নিউৱিলে খেলদাৰ ব্যৱস্থাৰ পৰিৱৰ্তে তহচিলদাৰী ব্যৱস্থা প্ৰৱৰ্তন কৰে আৰু এই ব্যৱস্থাৰ ফলত খাজনা সংগ্ৰহৰ পৰিমাণ ভালেখিনি বৃদ্ধি পাইছিল। উজনি অসমৰ বিশেষকৈ দেৱানী মোকদৰ্মাৰ বিচাৰৰ দায়িত্বও অৰ্পণ কৰা হৈছিল জনাৰ্দন বৰবৰুৱাৰ ওপৰত। তেওঁৰ সহায়ক-সহযোগী আছিল লম্বোদৰ ফুকন। আনহাতে ফৌজদাৰী বিচাৰৰ দায়িত্ব ন্যস্ত আছিল প্ৰথমে জুনিয়ৰ কমিছনাৰ আৰু পিছত পলিটিকেল এজেণ্টৰ হাতত।

নামনি অসমত ব্ৰিটিছ শাসনৰ প্ৰৱৰ্তন

নামনি অসমত ব্ৰিটিছৰ অধীনত ভূমি বন্দোৱস্তিৰ কাম আৰম্ভ হৈছিল ১৮২৪-২৫ চনতেই। কামৰূপত মোগলৰ আমোলত প্ৰৱৰ্তিত পৰগণা ব্যৱস্থাকে ব্ৰিটিছে অব্যাহত ৰাখি চৌধুৰীসকলৰ সৈতে খাজনা সংগ্ৰহৰ বন্দোৱস্তি সম্পন্ন কৰিছিল। চৌধুৰীসকলে তেওঁলোকৰ কাৰ্যকালৰ বাবে চৰকাৰৰপৰা কৰ- মুক্ত তথা নিষ্কৰ ভূমি আৰু পাইক সেৱা লাভ কৰিছিল। ৰাজহ সংগ্ৰহৰ কামত চৌধুৰীসকলক সহায় কৰিছিল পাটোৱাৰী আৰু ঠাকুৰীয়া নামে পৰিচিত নিম্ন খাপৰ ৰাজহ কৰ্মচাৰীয়ে। চৌধুৰীসকলৰ দৰে তেওঁলোকেও নিজ কাৰ্যকালৰ বাবে চৰকাৰৰ পৰা নিষ্কৰ ভূমি লাভ কৰিছিল। ১৮২৪-২৫ চনত নগাঁৱত নগাঁও আৰু ৰহাৰ খাজনা সংগ্ৰহৰ দায়িত্ব অৰ্পণ কৰিছিল যথাক্ৰমে আৰাধন ৰায় আৰু লতা পানীফুকনৰ ওপৰত। ডেভিদ স্কটে কৰা বন্দোৱস্তি মৰ্মে দৰঙৰ ৰজা বিজয় নাৰায়ণে ব্ৰিটিছ চৰকাৰক বাৰ্ষিক ৪২,০০০ টকাৰ উপৰিও ১৫০০ পাইক দিবলৈ সন্মতি প্ৰদান কৰিছিল। কিন্তু ১৮২৭-২৮ চনত ভালেমান টকাৰ খাজনা আদায় দিবলৈ বাকী থকাত চৰকাৰে তেওঁৰ সম্পত্তি বাজেয়াপ্ত কৰে। নগাঁও, ৰহা আৰু দৰঙৰ পাইকসকলে চৰকাৰক বাৰ্ষিক দুটকাকৈ খাজনা দিব লাগিছিল। তাৰ বাবদ তেওঁলোকে দুপুৰাকৈ মাটি ভোগ কৰিবলৈ পাৰিছিল। আনহাতে এই তিনিওটা অঞ্চলৰে লোকসকলে চৰকাৰক জনমূৰি খাজনা দিব লাগিছিল। এই খাজনাৰ হাৰ সকলোতে একে নাছিল। লগতে নগাঁও, ৰহা আৰু দৰঙৰ মৰিয়া, সোণোৱাল আৰু মাছমৰীয়াসকলে চৰকাৰক বৃত্তিয়াল কৰ দিব লাগিছিল। আহোম যুগৰ শেহৰ পিনে প্ৰৱৰ্তন কৰা আৰু মানসকলেও অব্যাহত ৰখা হাট, ঘাট আৰু বিলৰ ওপৰৰ খাজনা কোম্পানীৰ চৰকাৰেও অব্যাহত ৰাখি আদায় কৰিছিল। মানসকলে তেওঁলোকৰ শাসনকালত ‘খৰিকাটানা’ নামে এবিধ নতুন জনমূৰি কৰ বহুৱাই আদায় কৰিছিল। দেশ অধিকাৰ কৰাৰ পিছত ব্ৰিটিছেও এই খাজনা পুনৰ প্ৰৱৰ্তন কৰি আদায় কৰিবলৈ লোৱাৰ লগতে তাক দৰং আৰু নগাঁৱলৈয়ো সম্প্ৰসাৰিত কৰিছিল। কিন্তু প্ৰতিখন জিলাতে এই খাজনাৰ পৰিমাণ পৃথক পৃথক আছিল আৰু তাক নিৰ্ধাৰণ কৰাৰ পদ্ধতিও আছিল বেলেগ বেলেগ। এই খাজনাৰ পৰিমাণ কামৰূপত হালখনে প্ৰতি এটকাকৈ, দৰঙত চৰুৱে প্ৰতি আঠ অনাৰপৰা এটকালৈকে আৰু নগাঁৱত প্ৰতিজন মানুহে প্ৰতি এটকাকৈ নিৰ্ধাৰণ কৰিছিল। গৱৰ্ণৰ জেনেৰেলৰ এজেণ্ট ডেভিদ স্কটে চৰকাৰৰ ৰাজহ বৃদ্ধিৰ উদ্দেশ্যৰে অসমৰ লাখেৰাজ অৰ্থাৎ নিষ্কৰ ভূমিৰ ওপৰতো খাজনা বহুৱাইছিল। আনহাতে পুলিছ বাহিনীৰ খৰচ আৰু অন্যান্য যাৱতীয় খৰচৰ বাবদ কামৰূপৰ ৰায়তৰপৰা ১২.৫০ শতাংশৰ পৰা ৩৭.৫০ শতাংশ পৰ্যন্ত ‘বৰঙণি’ আদায় কৰিছিল। এই বৰঙণি দিওঁতে পলম হ’লে তাৰ ওপৰত আকৌ সুদ আৰু জৰিমণাও আদায় কৰিছিল। কোম্পানীৰ চৰকাৰে ডিমৰুৱা, বেলতলা, ন-দুৱাৰ আৰু ৰাণীৰ ৰজাৰ সৈতে চুক্তি কৰি সেই ৰাজ্যসমূহৰপৰাও কৰ আদায় কৰিছিল। এই কৰ কোনো নিৰ্দ্দিষ্ট পৰিমাণৰ নাছিল, ৰজাসকলে যি দিছিল চৰকাৰ তাতেই সন্তুষ্ট থাকিছিল। কাৰণ ব্ৰিটিছ চৰকাৰৰ উদ্দেশ্যও আছিল এফালে এই ৰজাসকলক নিয়ন্ত্ৰণ কৰা আৰু আনফালে তেওঁলোকক যথাসম্ভৱ সন্তুষ্ট ৰখাটো। নামনি অসমত দেৱানী আৰু ফৌজদাৰী বিচাৰ ব্যৱস্থা ছিনিয়ৰ কমিছনাৰ অৰ্থাৎ ডেভিদ স্কটৰ হাতত ন্যস্ত আছিল। কিন্তু কামৰ বোজা অত্যন্ত বৃদ্ধি পোৱাত ১৮২৬ চনৰ শেহৰফালে দেৱানী বিচাৰৰ বাবে তেওঁ তিনিটা আদালত গঠন কৰিছিল। প্ৰথমটো গঠিত হৈছিল এজন ৰাজখোৱা আৰু তিনিজন সহায়কক লৈ, দ্বিতীয়টো গঠিত হৈছিল এজন বৰফুকন আৰু তিনিজন সহায়কক লৈ আৰু তৃতীয়টো গঠিত হৈছিল কেৱল সামান্য ধৰণৰ ফৌজদাৰী বিচাৰৰ বাবে। তৃতীয়টো আদালতে কৰতলীয়া ৰাজা, চৌধুৰী আৰু অন্যান্য ৰাজহ বিষয়াৰ বিচাৰত অসন্তুষ্ট লোকে কৰা আপীলৰ বিচাৰো কৰিব পাৰিছিল। ইয়াৰ উপৰিও ডেভিদ স্কটে নগাঁও, কলিয়াবৰ আৰু চাৰিদুৱাৰত তিনিটা পঞ্চায়ত গঠন কৰিছিল। পঞ্চায়তৰ সদস্যসকলক অঞ্চলটোৰ লোকে নিৰ্বাচিত কৰিছিল আৰু দৰ্মহাৰ পৰিৱৰ্তে চৰকাৰে তেওঁলোকৰ সেৱাৰ বাবে কেইজনমানকৈ পাইকৰ যোগান ধৰিছিল। দেশৰ আইন শৃংখলা আৰু শান্তি ৰক্ষাৰ বাবে আৰু ফৌজদাৰী দণ্ডবিধিৰ কৃতকাৰ্যতাৰ বাবে পুলিচ বাহিনী গঠন কৰাটো বৰ প্ৰয়োজনীয় আছিল। আনহাতে ব্ৰিটিছে দেশ অধিকাৰ কৰাৰ পিছৰপৰা সমাজত হিংসাশ্ৰয়ী অপৰাধৰ তীব্ৰতা বৃদ্ধি পাইছিল। চৌৰ্য বৃত্তি আৰু ডকাইতি বৃদ্ধি পোৱাৰ লগতে এইবিলাকৰ সৈতে জড়িত হত্যাকাণ্ডৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছিল। অসমৰ তেতিয়াৰ পৰিস্থিতিত এটি দক্ষ পুলিচ বাহিনী গঢ়ি তোলাটোও ইমান সহজসাধ্য কাম নাছিল। তথাপিও জিলা সদৰসমূহত এজন দাৰোগা, এজন জামাদাৰসহ কেইজনমান চিপাহীক লৈ গঠিত একোটা সামান্য পুলিচ বাহিনী ৰখাৰ ব্যৱস্থা কৰা হৈছিল। গাওঁ অঞ্চলত কৰতলীয়া ৰাজা, চৌধুৰী আৰু অন্যান্য ৰাজহ বিষয়াৰ দ্বাৰা পুলিচ বাহিনীটো নিয়ন্ত্ৰিত আৰু পৰিচালিত হৈছিল। ডেভিদ স্কটে প্ৰৱৰ্তন কৰা এই শাসনৰপৰা অসমৰ জনসাধাৰণ উপকৃত হওক চাৰি বেছি ক্ষতিগ্ৰস্ত আৰু জুৰুলাহে হৈছিল। ব্ৰিটিছে প্ৰৱৰ্তন কৰা নতুন ভূমি নীতি, মুদ্ৰা অৰ্থনীতি, টকাৰ মাধ্যমত মাটিৰ খাজনা লোৱাৰ ব্যৱস্থা, হাট-ঘাট, বিল, হাবি-জংগল আদিৰ ওপৰত বহুওৱা কৰ-কাটল আদিৰ বোজাই অসমীয়া মানুহৰ কঁকাল ভাঙিছিল। কৃষিক্ষেত্ৰৰ ব্যাপক অৱনতি ঘটিছিল আৰু এই অৱনতি লাহে লাহে অনগ্ৰসৰতালৈ পৰিৱৰ্তিত হৈছিল। তদুপৰি ব্ৰিটিছে প্ৰৱৰ্তন কৰা নতুন শাসন ব্যৱস্থাৰ সৈতে যুগপৎ কাম কৰাৰ বাবে অসমৰ মানুহৰ তথাকথিত অনুপযুক্ততাৰ অজুহাতত চৰকাৰে বংগদেশৰপৰা অসমলৈ বঙালী মানুহ আনি চৰকাৰী কাম-কাজত নিয়োগ কৰাৰ নীতি কাৰ্যকৰী কৰিবলৈ লৈছিল। মুঠতে ডেভিদ স্কটৰ তত্ত্বৱধানত অসমত প্ৰৱৰ্তন কৰা কোম্পানীৰ শাসনে অসমৰ মানুহক তাৎক্ষণিকভাৱে পৰিত্ৰাণৰ পথ দেখুৱাব পৰা নাছিল। মাটিৰ খাজনা আৰু অন্যান্য কৰ-কাটলৰ বোজা আৰু ৰাজহ বিষয়াসকলৰ জোৰ-জুলুম সহ্য কৰিব নোৱাৰি অনেক লোকে নিজৰ ঘৰ-বাৰী ত্যাগ কৰি বংগদেশ আৰু ভূটানত আশ্ৰয় লৈছিলগৈ। সি যি নহওক, ১৮৩১ চনৰ ২০ আগষ্ট তাৰিখে চেৰাপুঞ্জীত ডেভিদ স্কটৰ মৃত্যু হোৱাৰ লগে লগে অসমত ব্ৰিটিছ শাসনৰ এটি গুৰুত্বপূৰ্ণ পৰ্বৰ অন্ত পৰিছিল। তাৰো আগতে ১৮৩০ চনৰ জুন মাহত উজনি অসমৰ পলিটিকেল এজেণ্ট কেপ্তেইন নিউৱিলৰো মৃত্যু হৈছিল। ডেভিদ স্কটৰ মৃত্যুৰ পিছত ১৮৩১ চনৰ ছেপ্তেম্বৰ মাহৰপৰা ১৮৩২ চনৰ এপ্ৰিল মাহলৈ ক্ৰেক্ৰোফ নামে এজন লোকে ভালেমান দিন অস্থায়ী ভিত্তিত অসমত গৱৰ্ণৰ জেনেৰেলৰ এজেণ্টৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ইতিমধ্যে ১৮৩০ চনৰ জুন মাহত উজনি অসমৰ পলিটিকেল এজেণ্ট কেপ্তেইন হোৱাইটক নিযুক্তি দিছিল। আনহাতে লেফটেনেণ্ট মেথি চাহাবক গুৱাহাটীত মেজিছট্ৰেট আৰু কালেক্‌টৰৰূপে নিযুক্তি দিছিল। তেওঁৰ তলত সাধাৰণ ফৌজদাৰী বিচাৰৰ বাবে হলিৰাম ঢেকিয়াল ফুকনক এছিছটেণ্ট মেজিষ্ট্ৰেটৰূপে নিযুক্তি দিছিল। ১৮৩২ চনত থমাছ কেম্পবেল ৰবাৰ্টছনক উত্তৰ-পূব সীমান্তৰ গৱৰ্ণৰ-জেনেৰেলৰ এজেণ্টৰূপে নিযুক্তি দিয়াত তেওঁ এপ্ৰিল মাহত কাৰ্যভাৰ গ্ৰহণ কৰি ক্ৰেক্ৰোফক অস্থায়ী দায়িত্বৰপৰা ৰেহাই দিয়ে। ৰবাৰ্টছনে ১৮০৬ চনতে কোম্পানীৰ চৰকাৰৰ কামত যোগদান কৰি বিহাৰ আৰু বংগদেশৰ ভালেমান ঠাইত প্ৰশাসনিক বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰথম ইংগ-বৰ্মী যুদ্ধত মানক পৰাজিত কৰি ব্ৰিটিছে আৰাকান অধিকাৰ কৰাত ১৮২৫ চনত তেওঁক আৰাকানত গৱৰ্ণৰ জেনেৰেলৰ এজেণ্ট আৰু অসামৰিক প্ৰশাসনিক দায়িত্বভাৰ অৰ্পণ কৰিছিল। তেওঁ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ ব্ৰিটিছ পক্ষৰ অন্যতম স্বাক্ষৰকৰ্তা আছিল। কাৰ্যভাৰ গ্ৰহণ কৰিয়েই ৰবাৰ্টছনে অসমৰ ৰাজহ সংস্কাৰৰ কামত মনোনিৱেশ কৰে। ইতিমধ্যে পূৰ্বৰ শাসনকৰ্তাৰ আমোলত ৰাজহ ব্যৱস্থাত যথেষ্ট বেমেজালিয়ে দেখা দিছিল। বিশেষকৈ পৰগণাসমূহত চৌধুৰী আৰু অন্যান্য ৰাজহ বিষয়াসকলৰ শোষণ আৰু অত্যাচাৰত প্ৰজা সাধাৰণ জুৰুলা হৈ পৰিছিল। কৃষিকাৰ্যৰ অৱনতি ঘটিছিল আৰু বহুক্ষেত্ৰতে ভূমি ৰাজহকে আদি কৰি চৰকাৰৰ খাজনা অনাদায় হৈ আছিল। সেয়ে এই ক্ষেত্ৰত তেওঁ পোনতে ভালেমান পৰগণাৰপৰা অনাদায় হৈ পৰি থকা ৰাজহ আদায়ৰ প্ৰক্ৰিয়া স্থগিত ৰাখিছিল, দ্বিতীয়তে, কামৰূপ, দৰং আৰু নগাঁৱৰ লোকৰ ওপৰত বহুওৱা ‘বৰঙণি’ সম্পূৰ্ণৰূপে উঠাই দিছিল। তাৰ পৰিৱৰ্তে তেওঁ ৰায়তৰপৰা ভূমি ৰাজহ আৰু জনমূৰি কৰ আদায়ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। খাজনা সংগ্ৰহকাৰী ৰাজহ বিষয়াসকলৰ প্ৰত্যেককে তেওঁ সংগ্ৰহ কৰা মুঠ খাজনাৰ ৭ৰ পৰা ১৫ শতাংশলৈ কমিছন দিয়াৰ ব্যৱস্থা কৰিছিল। এনে কৰাত পূৰ্বৰ চৌধুৰীসকল কমিছনভোগী তহচিলদাৰত পৰিণত হৈছিল। ৰবাৰ্টছনে চৰকাৰৰপৰা আৰ্থিক অনুদান-ভোগী পুলিচ বিষয়া নিযুক্তি দিয়াৰ ব্যৱস্থা কৰে, আৰু দৰঙৰ ক্ষেত্ৰত তেওঁ ৰজা বিজয় নাৰায়ণক অইনৰ তুলনাত অধিক দৰমহা দিয়াৰ ব্যৱস্থা কৰি পুলিচৰ উচ্চপদস্থ বিষয়াৰূপে নিযুক্তি দিয়ে। ৰাজহ সংস্কাৰ সম্পৰ্কীয় কাম-কাজখিনি সম্পূৰ্ণ কৰাৰ পিছত ৰবাৰ্টছনে সাধাৰণ প্ৰশাসনিক সংস্কাৰৰ প্ৰতি মনোনিৱেশ কৰিছিল। তেওঁ ধনশিৰি নদীৰ পশ্চিমলৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমগ্ৰ এলেকাটো পাঁচখন জিলাত পুনৰ গঠন কৰিছিল। এইদৰে পুনৰ গঠিত জিলা কেইখন আছিল-

(১) উত্তৰ-পূব ৰংপুৰ বা গোৱালপাৰা।

(২) কামৰূপ (ব্ৰহ্মপুত্ৰ নদৰ উত্তৰপাৰে ৬ খন পৰগণা আৰু দক্ষিণপাৰৰ নগৰবেৰাক লৈ কামৰূপ জিলা গঠন কৰা হৈছিল)।

(৩) নামনি অসম (ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ২০ খন পৰগণা আৰু দক্ষিণপাৰৰ ৯ খন দুৱাৰক লৈ নামনি অসম নামৰ জিলাখন গঠন কৰা হৈছিল)।

(৪) মধ্য অসম (ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ন-দুৱাৰ, চাৰি-দুৱাৰ আৰু দৰং আৰু দক্ষিণ পাৰৰ নগাওঁ আৰু ৰহাক লৈ মধ্য অসম নামৰ জিলাখন গঠন কৰা হৈছিল)।

(৫) বিশ্বনাথ (ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ মৰং আৰু ভৰলী নদীৰ পৰা বিশ্বনাথলৈ বিস্তৃত সমগ্ৰ অঞ্চলটো আৰু দক্ষিণ পাৰে কলিয়াবৰৰপৰা ধনশিৰি নদীলৈ পৰিব্যাপ্ত ভূ-খণ্ড বিশ্বনাথ জিলাৰ অন্তৰ্ভুক্ত আছিল)।

নতুনকৈ গঠিত প্ৰতিখন জিলাতে প্ৰিঞ্চিপাল এছিছটেণ্ট ৰূপে আখ্যায়িত একোজন মুখ্য প্ৰশাসনিক বিষয়াক নিযুক্তি দিয়া হৈছিল। তেওঁ প্ৰদেশখনৰ কমিছনাৰজনৰ সহায়কৰূপে কাৰ্যনিৰ্বাহ কৰিব লাগিছিল আৰু তেওঁৰ মাহিলি দৰমহা আছিল ১,২০০ টকা। জিলাখনত প্ৰিঞ্চিপাল এছিছটেণ্টৰ তলতে তেওঁৰ সহায়ক ৰূপে নিযুক্তি দিয়া হৈছিল একোজনকৈ জুনিয়ৰ এছিছটেণ্ট আৰু তেওঁৰ মাহিলি দৰমহা আছিল ৫০০ টকা। জিলাৰ প্ৰশাসনিক পদবীসমূহত সামৰিক বাহিনীৰ লোকক নিযুক্তি দিয়া হৈছিল। ৰবাৰ্টছনৰ প্ৰশাসনিক সংস্কাৰ আঁচনি মতে প্ৰিঞ্চিপাল এছিছটেণ্টজনৰ হাতত ভালেমান ক্ষমতা কেন্দ্ৰীভূত কৰা হৈছিল। তেওঁ আছিল একাধাৰে জিলা প্ৰশাসক, বিচাৰক আৰু ৰাজহ সংগ্ৰাহক। বিচৰক হিচাপে তেওঁ ৫০০ টকাৰপৰা ১,০০০ টকা মূল্যৰ মোকদৰ্মা বিচাৰ কৰি আৰু তলৰ কোৰ্টৰ পৰা অহা আপীলৰ শুনানি লৈ সিদ্ধান্ত দিব পাৰিছিল। প্ৰতিখন জিলাতে বিচাৰৰ বাবে দুটাকৈ তলতীয়া কোৰ্ট আছিল- এটি মুঞ্চিফ কৰ্ট আৰু আনটো পঞ্চায়ত। এইবিলাকে কেৱল দেৱানী মোকদৰ্মাৰ বিচাৰ কৰিব পাৰিছিল। আনহাতে মফচল পঞ্চায়তৰ অৱসান ঘটোৱা হৈছিল আৰু নগাঁও, চাৰিদুৱাৰ, ন-দুৱাৰ আৰু বিশ্বনাথত একোটাকৈ মুঞ্চিফ কৰ্ট স্থাপন কৰা হৈছিল। জিলা প্ৰশাসনৰ সংস্কাৰৰ লগে লগে পুলিচ বিভাগৰো কিছু সংস্কাৰ সাধন কৰা হৈছিল। পূৰ্বতে চৌধুৰী অন্যান্য ৰাজহ বিষয়াৰ হাতত ন্যস্ত কৰা পুলিচৰ দায়িত্ব আৰু ক্ষমতাৰ বিলুপ্তি ঘটাই সদৰ ঠাইৰ উপৰিও ঘন বসতিপূৰ্ণ ঠাইত পুলিচ থানা স্থাপনৰ ব্যৱস্থা কৰা হৈছিল। গতিকে দেখা যায় ৰবাৰ্টছনৰ আমোলত জিলা প্ৰশাসনৰ ব্যাপক সংস্কাৰ সাধন কৰি অসমত প্ৰকৃতাৰ্থত আধুনিক ধৰণে জিলা প্ৰশাসনৰ ভিত্তি স্থাপন কৰা হৈছিল। এই সংস্কাৰসমূহ প্ৰায় ১৮৩২-৩৩ চনৰ ভিতৰতে সমাপন কৰা হৈছিল। আনহাতে ১৮৩৩ চনৰ ২ মাৰ্চত পুৰন্দৰ সিংহৰ সৈতে এটি চুক্তি স্বাক্ষৰ কৰি ৰবাৰ্টছনে উজনি অসমত আহোম ৰাজতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা কৰিছিল। ১৮৩৪ চনত ব্ৰিটিছ-ভাৰত চৰকাৰে অসম আৰু ৰংপুৰৰ উত্তৰ-পূবৰ বাবে কমিছনাৰ আৰু গৱৰ্ণৰ জেনেৰেলৰ এজেণ্ট ৰূপে নতুন পদবী এটিৰ সৃষ্টি কৰে আৰু সেই পদবীত নিযুক্তিৰ বাবে কেপ্তেইন ফ্ৰেঞ্চিছ জেনকিন্সক মনোনীত কৰে। তেওঁ ১৮৩৪ চনৰ এপ্ৰিল মাহত ৰবাৰ্টছনৰপৰা কাৰ্যভাৰ গ্ৰহণ কৰে। ১৭৯৩ চনত জন্মগ্ৰহণ কৰা জেনকিন্সে ১৮১১ চনত ব্ৰিটিছ ভাৰতীয় সেনাবাহিনীত যোগদান কৰিছিল। ১৮৩১ চনত তেওঁক লেফটেনেণ্ট পেম্বাৰটনৰ সৈতে অসম, কাছাৰ, আৰু মণিপুৰৰ সম্পৰ্কত এক জৰীপ কৰিবলৈ পঠিওৱা হৈছিল। সেই সূত্ৰে তেওঁ ব্ৰিটিছ ভাৰতৰ উত্তৰ-পূব সীমান্ত সম্পৰ্কত যথেষ্ট অভিজ্ঞতা সঞ্চয় কৰিছিল। কেপ্তেইন জেনকিন্সে ১৮৩৪ চনৰ এপ্ৰিল মাহৰপৰা ১৮৬১ চনৰ ফেব্ৰুৱাৰী মাহলৈ সুদীৰ্ঘ কাল অসম তথা উত্তৰ-পূব সীমান্তৰ প্ৰশাসনিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ফ্ৰেঞ্চিছ জেনকিন্সে তেওঁৰ প্ৰশাসনিক কাৰ্যকালৰ প্ৰথম কেইবছৰৰ ভিতৰতে ৰবাৰ্টছনৰ দ্বাৰা গঠিত জিলাসমূহ পুনৰ গঠন কৰি সেইবিলাকৰ কিছু সাল-সলনি ঘটায়। জেনকিন্সৰ সময়ত ১৮৩৬ চনত পুনৰ গঠিত জিলাসমূহ(জিলা সদৰসহ)আছিল-

জিলা

সদৰ ঠাই

গোৱালপাৰা

গোৱালপাৰা

কামৰূপ

গুৱাহাটী

দৰং

মঙলদৈ

নগাঁও

নগাঁও

 

আনহাতে লালবন্দীৰ টকা উচল কৰি দিব নোৱাৰাৰ অজুহাতত ব্ৰিটিছে ১৮৩৮ চনৰ ১৬ ছেপ্তেম্বৰ তাৰিখে পুৰন্দৰ সিংহৰ ৰাজ্য অধিগ্ৰহণ কৰে। পিছত সেই অঞ্চলক লৈ যোৰহাট আৰু লক্ষীমপুৰক সদৰ ঠাই হিচাপে লৈ যথাক্ৰমে শিৱসাগৰ আৰু লক্ষীমপুৰ নামেৰে দুখন জিলা গঠন কৰা হৈছিল। দুজন প্ৰিঞ্চিপাল এছিছটেণ্ট- লেফটেনেণ্ট ব্ৰদী আৰু লেফটেনেণ্ট ভেট্‌ছৰ হাতত যথাক্ৰমে শিৱসাগৰ আৰু লক্ষীমপুৰ জিলাৰ শাসনভাৰ অৰ্পণ কৰা হৈছিল। দুয়োখন জিলাৰে সদৰ ঠাই আছিল যথাক্ৰমে যোৰহাট আৰু লক্ষীমপুৰ।ৰাজ্যচ্যুত ৰজা পুৰন্দৰ সিংহক মাহিলি ১,০০০ টকাৰ পেন্সন দিয়াৰ ব্যৱস্থা কৰিছিল। সেয়ে জেনকিন্সৰ আমোলত ১৮৩৮ চনৰ শেষৰ পিনে অসমত জিলাৰ সংখ্যা হৈছিলগৈ ৬ খন। গতিকে দেখা যায় উজনি অসম ব্ৰিটিছ ৰাজ্যভুক্ত হোৱাৰ লগে লগে ব্ৰহ্মপুত্ৰ উপত্যকা সম্পূৰ্ণৰূপে ব্ৰিটিছৰ খাচ দখললৈ যায় আৰু ইয়াৰ লগতে এই উপত্যকাৰ চৌপাশে থকা পাহাৰীয়া অঞ্চল আৰু বৰাক উপত্যকাৰ কাছাৰসহ অন্যান্য অঞ্চল অসম প্ৰশাসনৰ অধীন হৈ পৰে। তাৰ ফলত প্ৰশাসনিক কাম-কাজৰ বোজা বৃদ্ধি পোৱাৰ লগতে জটিলতাও অধিক বৃদ্ধি পায়। অৱশ্যে ১৮৩৯ চনত কমিছনাৰ ফ্ৰেঞ্চিছ জেনকিন্সৰ সহায়কৰূপে জেইমছ মেথি চাহাবক ছেছন আৰু জিলা ন্যায়াধীশ আৰু পুলিচ অধীক্ষকৰ দায়িত্বসহ অসমৰ ডেপুটী কমিছনাৰৰূপে নিযুক্তি দিয়াত জেনকিন্সে কিছু সকাহ পাইছিল। অৱশ্যে এই বিশাল প্ৰদেশখনৰ সামগ্ৰিক দায়িত্ব তেওঁৰ হাততেই ন্যস্ত আছিল। পূৰ্বৰ দৰে জেনকিন্সৰ আমোলতো তেওঁৰ সহায়কৰূপে জিলা প্ৰশাসনৰ মুৰব্বী আছিল প্ৰিঞ্চিপাল এছিছটেণ্টজন আৰু তেওঁৰ দায়িত্বও আছিল বিভিন্ন ধৰণৰ- তেওঁ আছিল একাধাৰে দেৱানী ন্যায়াধীশ, পুলিচ অধীক্ষক, কাৰ্যবাহী অভিযন্তা, শিক্ষা বিষয়া আৰু পোষ্ট মাষ্টাৰ। তেওঁৰ সহায়কৰূপে আছিল একোজনকৈ উপ-সহায়ক আৰু ১৮৩৮ চনৰপৰা মাহিলী ৫০০ টকা দৰমহাত নিযুক্তি দিয়া একোজনকৈ জুনিয়ৰ এছিছটেণ্ট। ১৮৪৪ চনৰপৰা অসমৰ প্ৰশাসনিক সেৱাত মাহিলী ৭৫০ টকা দৰমহাত দ্বিতীয় শ্ৰেণীৰ প্ৰিঞ্চিপাল এছিছটেণ্টৰ পদবীৰ সৃষ্টি কৰা হৈছিল। এইবিলাকৰ উপৰিও বিচাৰ বিভাগতো নতুন পদবীৰ সৃষ্টি কৰা হৈছিল। বিশেষকৈ ১৮৩৯ চনত মাহিলী যথাক্ৰমে ১৫০ টকা আৰু ৮০ টকা দৰমহাত সদৰ আমিন আৰু মুঞ্চিফ পদবীৰ সৃষ্টি কৰা হৈছিল। ১৮৫৩ চনত অসমৰ বিভিন্ন জিলাত মুঠতে এজন প্ৰিঞ্চিপাল সদৰ আমিন, ৬ সদৰ আমিন আৰু ১৩ জন মুঞ্চিফ আছিল। এওঁলোক আটায়েই দেশীয় লোক আছিল। জেনকিন্সৰ আমোলত পুলিচ প্ৰশাসনৰ ক্ষেত্ৰতো ভালেমান পৰিৱৰ্তন সাধন কৰা হৈছিল। এজন দাৰোগা, এজন বা ততোধিক মহৰী(কেৰাণী)আৰু কেইজনমান চিপাহী বা বৰকান্দাজক লৈ পুলিচ প্ৰশাসনৰ থানা নামে নিম্নতম গোটটো গঠন কৰা হৈছিল। ৰাজহ আদায়ত জড়িত বিসয়া- চৌধুৰী, পাটগিৰি আৰু মৌজাদাৰসকলে অপৰাধীক বিচাৰি উলিওৱা আৰু ধৰ-পাকৰ কৰাৰ ক্ষেত্ৰত দাৰোগাজনক সততে সহায় কৰিব লাগিছিল। ভূমি বন্দোৱস্তি আৰু ৰাজহ সংগ্ৰহ আৰু সংস্কাৰৰ ক্ষেত্ৰতো জেনকিন্সে যথেষ্ট ক্ৰিয়াশীল ভূমিকা লৈছিল আৰু তাৰ জৰিয়তে ক্ৰমাগতভাৱে ভূমি ৰাজহৰ পৰিমাণ ব্যাপক হাৰত বৃদ্ধি পাইছিল। লাখেৰাজ ৰূপে পৰিগণিত নিষ্কৰ ভূমি সম্পত্তিৰ ওপৰতো খাজনা বহুওৱাৰ অভিপ্ৰায়েৰে জেনকিন্সৰ প্ৰশাসনৰ আৰম্ভণিতে অসমত ব্যাপক অনুসন্ধান চলোৱা হৈছিল। এই অনুসন্ধান কাৰ্য কেবা দশক ধৰি চলিছিল। এই অনুসন্ধানৰ ফলশ্ৰুতিতেই লাখেৰাজ তথা নিষ্কৰ ভূ-সম্পত্তিৰ তিনিটা শ্ৰেণী বিভাজন কৰা হৈছিল-

(১) দেবোত্তৰ-ভোগধনী (মঠ-মন্দিৰ আৰু সত্ৰানুষ্ঠানলৈ দান কৰা ভূমি),

(২) ব্ৰহ্মোত্তৰ (ব্ৰাহ্মণ আৰু পুৰোহিতক দান কৰা ভূমি) আৰু

(৩) ধৰ্মোত্তৰ (ধৰ্মীয় আৰু দাতব্য কাৰ্যৰ বাবে দান কৰা ভূমি)।

এইদৰে শ্ৰেণীবদ্ধ কৰা দেবোত্তৰ-ভোগধনী ভূমিক স্থায়ীভাৱে নিষ্কৰ তথা খাজনাবিহীন ৰূপে স্বীকৃতি দিয়া হৈছিল। আনহাতে অন্যান্য শ্ৰেণীৰ ভূমিৰ ক্ষেত্ৰত জিলাখনত নিৰ্ধাৰিত আৰু প্ৰচলিত খাজনাৰ অৰ্ধেক হাৰত ব্ৰহ্মোত্তৰ আৰু ধৰ্মোত্তৰ ভূমিৰ ওপৰতো খাজনা নিৰ্ধাৰণ কৰা হৈছিল। অসমত চাহ খেতিৰ উন্নয়ন আৰু সম্প্ৰসাৰণৰ বাবে অত্যন্ত উজু চৰ্তত চাহ খেতিয়কক ভূমি আবণ্টন দিয়াৰ অভিপ্ৰায়েৰে চৰকাৰে জেনকিন্সৰ আমোলতে প্ৰথমে ১৮৩৮ চনৰ মাৰ্চ মাহত ‘ৱেষ্ট লেণ্ড্‌চ গ্ৰেণ্ট্‌চ্‌ ৰুল’ প্ৰৱৰ্তন কৰে, আৰু দ্বিতীয়তে ১৮৫৪ চনৰ অক্টোবৰ মাহত তাতকৈও উজু চৰ্ত সম্বলিত ‘ওলড আচাম ৰুল’ নামে পৰিচিত এখন নতুন বিধি তৈয়াৰ কৰে। ভূমি ৰাজহৰ উপৰিও জেনকিন্সৰ আমোলত অন্যান্য ভালেমান শিতানত নতুনকৈ কৰ-কাটল প্ৰৱৰ্তন কৰা হৈছিল। কোনো কোনো ক্ষেত্ৰত পুনৰ প্ৰৱৰ্তনো কৰা হৈছিল। এইবিলাকৰ জৰিয়তে তেওঁ চৰকাৰৰ আয় বৃদ্ধি কৰাৰ ব্যৱস্থা কৰিছিল। নদীৰ বালিৰপৰা সোণ কমোৱাৰ বাবে ঠিকাদাৰী ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। আনহাতে বিল আৰু নদীৰ পৰা মাছ মৰাৰ বাবে জলকৰ আদায়ৰ ক্ষেত্ৰত ‘ডাক্‌’ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰি অধিক ধন দিয়াজনক নিৰ্দ্দিষ্ট নদী বা বিলৰপৰা মাছ মৰাৰ অধিকাৰ ন্যস্ত কৰিছিল। তদুপৰি হাবিৰ কাঠ, বাঁহ, খেৰ, ইকৰা, চৰণীয়া পথাৰ আদিৰ ওপৰতো বিধে বিধে কৰ বহুওৱা হৈছিল- কাঠৰ ওপৰত গোৰখাটী, খেৰ-ইকৰাৰ ওপৰত বনকৰ আৰু চৰণীয়া পথাৰৰ ওপৰত খুছাৰী আদি কৰ বহুওৱা হৈছিল। এই কৰবিলাক প্ৰধানত: নামনি অসমৰ জিলাসমূহৰ লোকৰপৰা আদায় কৰা হৈছিল, আৰু শিৱসাগৰ আৰু লক্ষীমপুৰ জিলাৰ লোকৰপৰা মুগা পলুৱে পাত খোৱা চোম গছৰ বাবদ কৰ আদায় কৰাৰ ব্যৱস্থা কৰিছিল। ১৮৫৮ চনত অসমত টিকট শুল্ক প্ৰৱৰ্তন কৰি তাৰ জৰিয়তেও চৰকাৰী আয়ৰ পথ মোকলোৱা হৈছিল। এইবিলাক কৰ-কাটলৰ উপৰিও জেনকিন্সৰ আমোলতে পোন প্ৰথমে কামৰূপৰ জিলা সদৰত আবকাৰী শুল্ক প্ৰৱৰ্তন কৰা হৈছিল আৰু প্ৰায় লগে লগেই অসমত আবকাৰী কানি অৰ্থাৎ চৰকাৰী কানি বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হয়। এই ঘটনা ঘটে ১৮৫১-৫১ চনত। আহোম-মোগলৰ সংঘৰ্ষৰ সময়তেই অসমত কানিৰ প্ৰচলন হ’বলৈ ধৰে বুলি জনা যায়। তেতিয়াৰপৰা ইয়াৰ সেৱন কাৰ্য প্ৰধানত: ৰজা আৰু একাংশ আহোম ডা-ডাঙৰীয়াৰ মাজত সীমিত হৈ আছিল। কিন্তু ব্ৰিটিছৰ আমোলত ই প্ৰায় অসমৰ জনসাধাৰণৰ সৰ্বাত্মক ব্যাধিত পৰিণত হয়। ১৮৫৩ চনত কলিকতাৰ সদৰ দেৱানী আদালতৰ বিচাৰপতি এ.জে.মোফাট মিলছে লিখি থৈ গৈছে যে অসমৰ তিনি-চতুৰ্থাংশ লোকে কানি খাইছিল। আবকাৰী কানি বিক্ৰীৰ পৰিমাণ বৃদ্ধি কৰি চৰকাৰৰ আয় বঢ়োৱাৰ লক্ষ্য আগত ৰাখি জেনকিন্সে অসমত ১৮৬০ চনৰ ১ লা মে’ৰপৰা কাৰ্যকৰী হোৱাকৈ থলুৱাভাৱে আফু খেতি কৰি কানি প্ৰস্তুত কৰাটো নিষেধ কৰিছিল।

ব্ৰিটিছ বিৰোধী বিদ্ৰোহ, ১৮২৮-৩০

প্ৰথম ইংগ-বৰ্মী যুদ্ধৰ অন্তত নামনি অসমখন কোম্পানীৰ ৰাজ্যৰ সৈতে চামিল কৰাত একাংশ অহোওম ডা-ডাঙৰীয়াসকলৰ ধৈৰ্যচ্যুতি ঘটিছিল আৰু তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ প্ৰস্তুতি চলাইছিল। নামনি অসমক কোম্পানীৰ ৰাজ্যৰ সৈতে স্থায়ীৰূপে চামিলকৰণৰ কেইমাহমানৰ ভিতৰতে ধনঞ্জয় নামে পূৰ্বৰ বৰগোহাঁই এজনৰ নেতৃত্বত ভালেমান ডা-ডাঙৰীয়াই গমধৰ কোঁৱৰক সিংহাসনত বহুৱাই আহোম ৰাজতন্ত্ৰৰ পুনৰ উত্থানত ব্ৰতী হৈ পৰিছিল। গমধৰ কোঁৱৰ আহোম ৰাজ পৰিয়ালৰ সন্তান আছিল। ১৮২৮ চনৰ ছেপ্তেম্বৰ-অক্টোবৰ মাহত ধনঞ্জয় বৰগোহাঁইকে আদি কৰি বিদ্ৰোহী ডা-ডাঙৰীয়াসকলে যোৰহাটৰ উত্তৰ-পূব দিশত বছা নামে ঠাইত সকলো ৰাজকীয় মৰ্যাদাৰে আৰু বাইলুংসকলৰ পূজা-অৰ্চনা আৰু মন্ত্ৰ-ধ্বনিৰ মাজেৰে গমধৰ কোঁৱৰক ৰজা পাতিলে। ওচৰ-পাজৰৰ গাঁওসমূহৰ লোকৰ সমৰ্থনত ব্ৰিটিছৰ বিৰুদ্ধে খাজনা বন্ধৰ বাবে প্ৰচাৰ চলোৱা হ’ল। ইয়াৰ সমসাময়িকভাৱে অৰ্থ আৰু অস্ত্ৰ-শস্ত্ৰ সংগ্ৰহ কৰি এটি সেনাবাহিনী গঠ্ন কৰি তাৰ সহায়ত ব্ৰিটিছৰ হাতৰপৰা ৰংপুৰ উদ্ধাৰ কৰাৰ বাবেও তেওঁলোকে প্ৰস্তুতি চলালে। সেই কাৰ্য বাস্তৱত ৰূপায়িত কৰিবলৈ ১৮২৮ চনৰ নবেম্বৰ মাহৰ শেষৰ ফালে তেওঁলোকে মৰিয়নীৰ ফালে যাত্ৰা কৰিছিল। মৰিয়নীতে লেফটেনেণ্ট ৰাডাৰফোৰ্ডে ব্ৰিটিছ বাহিনী এটিৰ নেতৃত্ব লৈ বিদ্ৰোহীসকলক বাধা প্ৰদান কৰে। আনহাতে পলিটিকেল এজেণ্ট নিউৱিলো ইতিমধ্যে আহি ৰংপুৰত উপস্থিত হয় আৰু অত্যন্ত ক্ষীপ্ৰতাৰে প্ৰতি-আক্ৰমণৰ ব্যৱস্থা কৰি বিদ্ৰোহীসকলক ছত্ৰভংগ কৰে। বিদ্ৰোহীসকলৰ নেতা ধনঞ্জয় বৰগোহাঁই আৰু তেওঁৰ পুত্ৰ হৰনাথ ব্ৰিটিছৰ হাতত ধৰা পৰে। আন কিছুমানে পলাই গৈ মটক ৰাজ্যত আশ্ৰয় লয়। উপায় বিহীন হৈ গমধৰ কোঁৱৰেও নবেম্বৰ মাহত ৰাডাৰফোৰ্ডৰ ওচৰত আত্মসমৰ্পণ কৰে। কোম্পানীৰ চৰকাৰে যোৰহাটত বৰ পঞ্চায়ত পাতি এই বিদ্ৰোহীসকলৰ বিচাৰ কৰিছিল। পঞ্চায়তে গমধৰ কোঁৱৰক দেশদ্ৰোহীতাৰ অপৰাধত মৃত্যুদণ্ড বিহিছিল, কিন্তু তেওঁ নাবালক হোৱাত কেপ্তেইন নিউৱিলে তেওঁক মৃত্যুদণ্ডৰপৰা ৰেহাই দি সাত বছৰৰ বাবে কাৰাবাসৰ আদেশ দি তাক কাৰ্যকৰী কৰিছিল। গমধৰ কোঁৱৰক বংগদেশৰ ৰংপুৰত নি তাতে কাৰাগাৰত বন্দী কৰি ৰাখিছিল। তাৰ পিছত গমধৰ কোঁৱৰ সম্পৰ্কত ইতিহাস নিমাত। সি যি নহওক, গমধৰ কোঁৱৰেই আছিল অসমত বিদেশী ব্ৰিটিছ শাসনৰ বিৰুদ্ধাচৰণ কৰি কাৰাজীৱন কটোৱা প্ৰথমজন ৰাজনৈতিক বিদ্ৰোহী ব্যক্তি। বিদ্ৰোহৰ অন্যতম সংগঠক আৰু অংশীদাৰ ধনঞ্জয় বৰগোহাঁইকো বৰ পঞ্চায়তে মৃত্যুদণ্ডৰে দণ্ডিত কৰি জেইলত ৰাখিছিল, পিছে তেওঁ কেনেবাকৈ জেইলৰপৰা পলাই নগা পাহাৰৰ ফালে গুচি যায়। এইদৰে অসমত সামন্তীয় ডা-ডাঙৰীয়াসকলৰ উদ্যোগত বিদেশী ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সংগঠিত স্বাধীনতা সংগ্ৰামৰ প্ৰথমটো পৰ্ব ব্যৰ্থতাত পৰ্যবসিত হয়। ১৮২৮ চনৰ বিদ্ৰোহটো ব্যৰ্থ হোৱাৰ পিছত গদাধৰ সিংহ নামে আহোম কোঁৱৰ এজনৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে অসমত ব্ৰিটিছ শাসনৰ অৱসান ঘটাই আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে অন্য এক বিদ্ৰোহ সংগঠিত কৰা হৈছিল। গদাধৰ সিংহ আহোম ৰজা যোগেশ্বৰ সিংহৰ বংশৰ লোক আছিল বুলি কথিত আছে। আনহাতে তেওঁৰ ভনীয়েক এজনীক ব্ৰহ্মদেশৰ ৰজা বাগীদ্যাওলৈ বিয়া দিয়া হৈছিল। তেওঁ ব্ৰহ্মদেশৰ ৰজাৰ সমৰ্থনতে ব্ৰিটিছক বিতাড়িত কৰি অসমৰ ৰজা হ’বলৈ বিচাৰিছিল। কিন্তু গদাধৰ সিংহৰ নিজৰ প্ৰচেষ্টা তথা তেওঁৰ প্ৰতি ব্ৰহ্মদেশৰ ৰজাৰ সমৰ্থন বৰ বেছি ক্ৰিয়াশীল নাছিল। এই বিদ্ৰোহকো ব্ৰিটিছে কলিতে নিপাত কৰি নিজৰ শাসনতন্ত্ৰ নিষ্কণ্টক কৰিছিল। এই বিদ্ৰোহ ১৮২৯ চনত সংঘটিত হৈছিল। অসমৰপৰা ব্ৰিটিছ শাসন উচ্ছেদ কৰি আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে তৃতীয়টো বিদ্ৰোহ সংঘটিত কৰা হৈছিল। ১৮৩০ চনৰ প্ৰায় আৰম্ভণিৰে পৰা। প্ৰথমটো বিদ্ৰোহৰ সংগঠকৰূপে আত্মপ্ৰকাশ কৰা ধনঞ্জয় বৰগোহাঁই আছিল এই তৃতীয়টো বিদ্ৰোহৰো সংগঠক। প্ৰথমটো বিদ্ৰোহত ব্ৰিটিছৰ হাতত ধৰা পৰি জেইলত থাকোঁতে তাৰপৰা তেওঁ পলাই গৈ নগা পাহাৰৰ পিনে আশ্ৰয় লৈ আছিল। পাছত মটক ৰাজ্যলৈ গৈ তাত থকা অন্যান্য সহযোগীৰ সৈতে মিলিত হৈছিল আৰু ব্ৰিটিছৰ বিৰুদ্ধে এটি ব্যাপক বিদ্ৰোহ সংঘটিত কৰাৰ কামত ব্ৰতী হৈ পৰিছিল। এইবাৰ তেওঁৰ সহযোগীসকল আছিল তেওঁৰ তিনিজন পুত্ৰ- হৰনাথ, হৰকান্ত আৰু হেমনাথ- আৰু তেওঁৰ জোঁৱাই জিউৰাম দিহিংগীয়া বৰুৱা, বগদন বৰফুকনৰ পুত্ৰ পিয়লি বৰফুকন, শদিয়াখোৱা গোহাঁই, বম চিংফৌ আদি। এওঁলোক আটায়ে ৰূপচন্দ্ৰ কোঁৱৰ নামেৰে লোক এজনক ৰজা পাতি অসমত আহোম ৰাজতন্ত্ৰৰ পুনৰুত্থানৰ আঁচনি কৰিছিল। তেওঁলোকৰ এই কাৰ্যৰ প্ৰতি সমৰ্থন দিবলৈ মটক তথা মোৱামৰীয়াসকলৰ বৰসেনাপতি, খামতি, চিংফৌ, খাচী, গাৰো, নগা আদি জনগোষ্ঠীৰ প্ৰধানসকললৈ আবেদন জনাইছিল। মটক তথা মোৱামৰীয়া ৰাজ্যৰ মতিবৰ বৰসেনাপতিৰ পুত্ৰ এজনে বিদ্ৰোহীসকলক সমৰ্থন কৰিছিল। বিদ্ৰোহ আৰম্ভ কৰাৰ আগতে বিদ্ৰোহীসকলে ‘দেও পূজা’ সম্পন্ন কৰিছিল। তাৰ পিছত তেওঁলোকে ৰংপুৰ দখল কৰাৰ অভিপ্ৰায়েৰে ৰংপুৰৰ পিনে ধাৱমান হৈছিল। তেতিয়া ৰংপুৰত মাত্ৰ ব্ৰিটিছৰ এজন জামাদাৰৰ সৈতে ৩০ জনমান সৈনিক বা চিপাহী আছিল। এই চিপাহীসকলে জামাদাৰজনৰ নেতৃত্বত বিদ্ৰোহীসকলক প্ৰতিহত কৰি তেওঁলোকৰ আক্ৰমণ ব্যৰ্থ কৰি তুলিছিল। এনে অৱস্থাতে ১৮৩০ চনৰ ২০ ফেব্ৰুৱাৰী তাৰিখে শদিয়াখোঁৱা গোহাঁইয়ে বিদ্ৰোহীসকলৰ প্ৰতি বিশ্বাসঘাটকতা কৰি হৰনাথক কৰায়ত্ত কৰে আৰু তেওঁক উজনি অসমৰ পলিটিকেল এজেণ্ট কেপ্তেইন নিউৱিলৰ হাতত চমজাই দিয়ে। তেওঁ লগতে বিদ্ৰোহীসকলে তেওঁলৈ পঠিওৱা গোপন চিঠি-পত্ৰখিনিও নিউৱিলৰ ওচৰত দাখিল কৰিছিল। এনে বিপৰ্যয়ৰ মাজতো ২৫ ফেব্ৰুৱাৰী তাৰিখে প্ৰায় চাৰি শতাধিক বিদ্ৰোহীয়ে ৰংপুৰত ব্ৰিটিছ ছাউনীৰ ওপৰত এক প্ৰচণ্ড আক্ৰমণ চলাইছিল। কোম্পানীৰ চৰকাৰৰ চিপাহীসকলে এই আক্ৰমণো প্ৰতিহত কৰে আৰু বিদ্ৰোহীসকলক যথেষ্ট দূৰলৈ খেদি পঠিয়ায়। কেপ্তেইন নিউৱিলে পূৰ্বৰেপৰা গেলেকীত মোতায়েন কৰি ৰখা ‘আসাম লাইট ইন্‌ফেণ্ট্ৰী’ৰ দল এটিক বিদ্ৰোহীসকলৰ বিৰুদ্ধে পঠিয়ায়। এই দলটোৰ হাতত বিদ্ৰোহীসকল বিষমৰূপে পৰাভূত হয় আৰু তেওঁলোকৰ ভালেমান নেতা ব্ৰিটিছৰ হাতত ধৰা পৰে। কিন্তু ধনঞ্জয় বৰগোঁহাই নগা পাহাৰৰ পিনে পলাই গৈ তাতে আশ্ৰয় লয়। কোম্পানীৰ চৰকাৰে এইদৰে প্ৰায় মাৰ্চ মাহৰ (১৮৩০)ভিতৰতে এই বিদ্ৰোহো দমন কৰি তেওঁলোকৰ শাসন পুনৰ নিষ্কণ্টক কৰে। উল্লেখযোগ্য যে এই বিদ্ৰোহ মষিমূৰ কৰাত অসমীয়া অভিজাত শ্ৰেণীৰ তথা উদীয়মান মধ্যবিত্ত শ্ৰেণীৰ-মাধৱৰাম বৰগোহাঁই আৰু মণিৰাম বৰভাণ্ডাৰ বৰুৱা আদি- একাংশ লোকে কোম্পানীৰ চৰকাৰক সমৰ্থন দিছিল। পূৰ্বৰ দৰে এইবাৰো যোৰহাটত বৰপঞ্চায়ত(সদৰ দেৱানী পঞ্চায়ত)পাতি তাৰ জৰিয়তে বিচাৰ কৰি বিদ্ৰোহৰ নেতাসকলক শাস্তি বিহাৰ ব্যৱস্থা কৰা হৈছিল। বম চিংফৌ, জিউৰাম দিহিংগীয়া বৰুৱা, পিয়লি বৰফুকন, ৰূপচন্দ্ৰ কোঁৱৰ, হৰনাথ আদিক ৰাজদ্ৰোহৰ অপৰাধত দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হ’ল। এই বিদ্ৰোহীসকলৰ ক্ষেত্ৰত সৰ্বশেষ সিদ্ধান্ত লৈছিল গৱৰ্ণৰ জেনেৰেলৰ এজেণ্ট ডেভিদ স্কটে, তেওঁ বৰপঞ্চায়তৰ সিদ্ধান্তৰ ব্যাপক সাল-সলনি ঘটাইছিল। তেওঁৰৱ সিদ্ধান্ত মৰ্মে পিয়লি বৰফুকন আৰু জিউৰাম দিহিংগীয়া বৰুৱাক তৎকালেই ফাঁচি দিয়া হৈছিল আৰু বাকীসকলক ১৪ বছৰকৈ কাৰাবাসৰ আদেশ দি ঢাকা কাৰাগাৰত ৰখাৰ ব্যৱস্থা কৰিছিল। লগতে তেওঁলোকৰ সা-সম্পত্তিও বাজেয়াপ্ত কৰিছিল। ১৮২৮ চনৰপৰা ১৮৩০ চনলৈ উপৰ্যুপৰি সংঘটিত হোৱা এই ৰাজনৈতিক বিদ্ৰোহ লানি কোম্পানীৰ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল যদিও ই সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা নাছিল। ব্ৰিটিছ বিৰোধী এইলানি ৰাজনৈতিক বিদ্ৰোহৰ অৱধাৰিত পৰিণতি আছিল ১৮৩৩ চনত উজনি অসমত পুৰন্দৰ সিংহৰ সিংহাসন প্ৰাপ্তি আৰু আহোম ৰাজতন্ত্ৰৰ পুনৰ স্থাপন। গতিকে সেই ফালৰপৰা চালে বিদ্ৰোহ অথলে যোৱা নাছিল। তদুপৰি এই লানি বিদ্ৰোহ পৰৱৰ্তীকালত অন্যান্য বিদ্ৰোহীসকলৰ বাবে অনুপ্ৰেৰণাৰ উৎসৰূপে পৰিগণিত হৈছিল।

১৮৫৭-৫৮ চনৰ বিদ্ৰোহ

ব্ৰিটিছে তেওঁলোকৰ শাসনৰ আৰম্ভণিতে অসমত এটা এটাকৈ তিনিটা ৰাজনৈতিক বিদ্ৰোহ দমন কৰাৰ পিছতো পৰাধীনতাৰ গ্লানিৰে জীৱন পাত কৰিবলৈ বাধ্য হোৱা একাংশ স্বাধীনচেতা লোকৰ মনত দেশ মাতৃৰ মুক্তিৰ স্পৃহা অতৃপ্ত হৈ থাকি গৈছিল। তেওঁলোকৰ মনতেই স্বাধীনতাৰ অগ্নি সফুলিংগ অনিৰ্বাপিত হৈ উমি উমি জ্বলি আছিল। আনহাতে ব্ৰিটিছ শাসনৰ দীৰ্ঘায়ু কামনা কৰা একাংশৰ মাজতো চিন্তাৰ পৰিৱৰ্তন ঘটিবলৈ লৈছিল। ব্ৰিটিছ শাসনৰ প্ৰৱৰ্তনে নতুন পৰিস্থিতিৰ সৃষ্টি কৰিলে, নতুন পৰিস্থিয়ে জন্ম দিলে নতুন চিন্তা-চেতনাৰ আৰু কৰ্ম প্ৰেৰণাৰ। ১৮২৮-৩০ৰ বিদ্ৰোহৰ প্ৰায় ২৭ বছৰ পিছত পুনৰ অসমৰ স্বাধীনতাৰ বাবে ১৮৫৭ চনত ৰাজনৈতিক বিদ্ৰোহৰ চতুৰ্থটো পৰ্বৰ সূচনা হৈছিল। এইবাৰৰ ৰাজনৈতিক বিদ্ৰোহ হৈছিল মহাভাৰতীয় বিদ্ৰোহৰ অংশৰূপে। বিদ্ৰোহৰ কেবাটাও কাৰণ আছিল।

প্ৰথমতে আছিল ইংৰাজে প্ৰৱৰ্তন কৰা ভূমি ৰাজহ আৰু টকাৰ মাধ্যমত মাটিৰ খাজনা আৰু অন্যান্য কৰ-কাটল সংগ্ৰহৰ বাবে সূচনা কৰা মুদ্ৰা অৰ্থনীতি। মুদ্ৰা অৰ্থনীতিত অনভ্যস্ত অসমৰ মানুহ সৰ্বশ্ৰান্ত হৈছিল। নতুন ভূমি নীতি আৰু মুদ্ৰা অৰ্থনীতিয়ে প্ৰজা সাধাৰণৰ মনত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টিৰ জন্ম দিছিল। তেতিয়াৰ পৰিস্থিতিত বজাৰ-সমাৰৰ সীমাবদ্ধতা, গাওঁসমূহৰ স্বাভাৱিক অৰ্থনীতি আৰু আত্মনিৰ্ভৰশীলতাৰ বাবে প্ৰজাসকলে ব্ৰিটিছৰ দ্বাৰা প্ৰৱৰ্তিত মুদ্ৰা অৰ্থনীতিত প্ৰায়েই জুৰুলা হৈছিল। এই মুদ্ৰা অৰ্থনীতিয়ে অসমত সুদখোৰ মহাজন শ্ৰেণীৰ সৃষ্টি কৰি ব্ৰিটিছ শাসনৰ আৰম্ভণিৰে পৰা অসমৰ লোকক সুদখোৰ মহাজন শ্ৰেণীৰ ওপৰত নিৰ্ভৰশীল হ’বলৈ বাধ্য কৰি তুলিছিল। সুদখোৰ মহাজন সকলৰ প্ৰায়বিলাকেই আছিল বহিৰাগত বেপাৰী, কেঞা মাৰোৱাৰী আৰু বঙালী মহাজন। অসমীয়া কৃষকৰ অৱক্ষীয়মান আৰ্থিক অৱস্থা সম্পৰ্কে উইলিয়াম ৰবিনছনে ১৮৪০-৪১ চনতে তেওঁৰ এখন গ্ৰন্থত হৃদয় বিদাৰকভাৱে লিখি থৈ গৈছে। জেনকিন্সৰ আমোলত অসমৰ ৰায়তৰ আৰ্থিক জীৱন সম্পৰ্কে হৰিবিলাস আগৰৱালাৰ আত্মজীৱনীতো এক বাস্তৱিক আৰু মৰ্মন্তুদ চিত্ৰ পোৱা যায়। তেওঁ লিখিছিল, “ৰায়তবিলাক বৰ দুখীয়া আছিল। প্ৰতি ঘৰৰ খাজনা বাৰ্ষিক ছয় অনাৰপৰা এটকা চাৰি অনা পৰ্যন্ত। তাকে দিব নোৱাৰাত দিনটো ৰ’দত বন্দীকৈ ৰাখে, গধূলি বেতেৰে কোবাই কাণমলাই জামিন লৈ এৰি দিয়ে। ৰায়তে ধান, চাউল, মাহ, সৰিয়হ আদি উৎপন্ন বস্তু বেচি ধন ঘটাৰ সুবিধা একেবাৰেই নাছিল, বেপাৰী, ৰাস্তা-ঘাট, নাও-জাহাজ, গাড়ী চলাচল একো নাছিল। গাঁৱৰ অধিকাংশ লোকে বাঁহৰ চুঙাত পানী আৰু কলপাতত ভাত খাইছিল।….” ভূমিৰ খাজনাই যে অসমীয়া মানুহৰ কঁকাল ভাঙিছিল তাক আনন্দৰাম ঢেকিয়াল ফুকনেও উল্লেখ কৰি গৈছে। তেওঁ ১৮৫৩ চনত মিলছ চাহাবক দিয়া আৰ্জিত লেখিছিল যে ব্ৰিটিছে প্ৰৱৰ্তন কৰা ভূমি ৰাজহ ৰায়তে দিব পৰাতকৈ বহুত বেছি আছিল। চৰকাৰে মাটিৰ খাজনা বৃদ্ধি আৰু তাৰ সংগ্ৰহৰ ওপৰত যিমান গুৰুত্ব দিছিল তাৰ তুলনাত কৃষিকাৰ্যৰ উন্নয়নৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰা আৰু মথাউৰি নিৰ্মাণ কৰা আদি কাৰ্যত অকণো গুৰুত্ব প্ৰদান কৰা নাছিল। ফলত কৃষি অৰ্থনীতিৰ কোনো গুণগত পৰিৱৰ্তন হোৱা নাছিল। গতিকে অসমত বতৰ প্ৰতিকূল হ’লেই খাদ্য শস্য উৎপাদনত বিঘিনি জন্মিছিল আৰু ইয়াৰ লোক অৱধাৰিতভাৱেই দুৰ্ভিক্ষৰ কৱলত পৰিছিল। ১৮৫১ চনত কামৰূপ আৰু দৰঙৰ কোনো কোনো অঞ্চলত এই অৱস্থাৰ সৃষ্টি হৈছিল আৰু মাক-দেউতাকে পৰিয়ালৰ মূল্যৱান গহনা-গাঁঠৰি, বাচন-বৰ্তনৰ উপৰিও নিজৰ ল’ৰা-ছোৱালীকো কেইমুঠিমান চাউলৰ বাবে বিক্ৰী কৰিবলৈ বাধ্য হৈছিল বুলি আনন্দৰাম ঢেকিয়াল ফুকনে মিলছ চাহাবৰ দৃষ্টি গোচৰ কৰিছিল। ইফালে উজনি অসমত কলেৰা আৰু বসন্তই মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল। এই মহামাৰীয়ে ১৮৩৯, ১৮৪৭ আৰু ১৮৫২ চনত উজনি অসমৰ ভালেমান গাঁও-ভূঁই উচ্ছন্ন কৰিছিল।

দ্বিতীয়তে, সাধাৰণ শ্ৰেণীৰ মানুহৰ এই অৱস্থাৰ বিপৰীতে অভিজাতসকলৰ অৱস্থাও ভাল নাছিল। নতুন প্ৰশাসন ব্যৱস্থাত আহোম সামন্তীয় শ্ৰেণীটোৰ একাংশ আৰম্ভণিৰে পৰা জড়িত হৈ পৰিছিল যদিও সেই শ্ৰেণীৰ অনেক লোক কৰ্ম-সংস্থানহীন হৈ পৰিছিল। অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণিৰে পৰা আধুনিক শিক্ষাৰে শিক্ষিত বংগদেশৰ বঙালী লোকক প্ৰশাসনিক কাম-কাজত নিয়োগ কৰাৰ ব্যৱস্থা কৰাৰ ফলত অসমৰ পূৰ্বৰ আহোম ডা-ডাঙৰীয়াসকলে দ্ৰুত হাৰত কৰ্ম-সংস্থান হেৰুৱাই আহিছিল। আনহাতে অসমৰ প্ৰশাসনিক কাম-কাজত পূৰ্বে নিয়োজিত বঙালী লোকে ক্ৰমাগতভাৱে আৰু প্ৰয়োজন হ’লেই তেওঁলোকৰ আত্মীয়-স্বজনক ইয়ালৈ আনি চাকৰিত মকৰল কৰিছিল। ৰাজহ বিভাগতো, বিশেষকৈ শিৱসাগৰ জিলাত পূৰ্বে ফুকন, বৰুৱা, ৰাজখোৱা আদি বিষয় খোৱা লোকক আদিতে মৌজাদাৰৰ দায়িত্ব দিয়া হৈছিল যদিও ভালেমান অঞ্চলত অসমৰ বাহিৰৰ বিশেষকৈ শ্ৰীহট্টৰ বঙালী আৰু মাৰোৱাৰৰ মাৰোৱাৰী লোককো মৌজাদাৰৰ দায়িত্ব অৰ্পণ কৰিছিল। ফলত অসমীয়া অভিজাত শ্ৰেণীৰ লোক সেইবিলাক পদবীৰপৰা বঞ্চিত হোৱাৰ লগতে বিদেশীৰ ৰায়ত হ’বলৈ বাধ্য হৈছিল বুলি মণিৰাম দেৱানে অভিযোগ কৰিছিল।

তৃতীয়তে, ১৮৪৩ চনত অসমত পূৰ্বাপৰ প্ৰচলিত দাস প্ৰথাৰ নিষিদ্ধকৰণ কাৰ্যইও এক শ্ৰেণী লোকৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছিল। ব্ৰাহ্মণ-পুৰোহিতসহ অসমৰ অভিজাত শ্ৰেণীটো বন্দী-বেটী, বন্ধা-ভটুৱা, লগুৱা-লিকছৌ আদি ৰখাৰপৰা বঞ্চিত হোৱাত তেওঁলোকৰ খাট-পামত কৃষিকাৰ্যকে ধৰি অন্যান্য শাৰীৰিক পৰিশ্ৰম কৰা লোকৰ অভাৱ ঘটিছিল। আনহাতে মুক্ত কৰি দিয়া দাসসকলৰ অৱস্থাও যে ৰাতিটোৰ ভিতৰতে বিপ্ৰ দামোদৰৰ লেখীয়া হৈছিল সেইটোও নহয়। উল্লেখ কৰিব পাৰি যে অসমত ক্ৰমান্বয়ে গঢ়ি উঠিবলৈ লোৱা চাহ বাগিচাসমূহত থলুৱাভাৱে বনুৱাৰ যোগান ধৰিবলৈহে ব্ৰিটিছে অসমত দাস প্ৰথা নিষিদ্ধ কৰিছিল। দাসসকলৰ উন্নয়নৰ কাৰণে তাৎক্ষণিকভাৱে ব্ৰিটিছ চৰকাৰে কোনো আঁচনি আদি লৈ কাৰ্যকৰী কৰাৰ খবৰ তদানীন্তন অসমৰ ইতিহাসে দিয়া নাই। সন্দেহ নাই যে অসমত দাসত্ব প্ৰথা নিষিদ্ধকৰণ কাৰ্য একে সময়তে কোম্পানীৰ চৰকাৰৰ এক বলিষ্ঠ আৰু প্ৰগতিশীল পদক্ষেপ আছিল। কিন্তু তেতিয়াৰ অভিজাত শ্ৰেণীটো দাসসকলৰ সেৱাৰপৰা বঞ্চিত হ’বলগীয়া হোৱাত তেওঁলোকৰ মাজত স্বাভাৱিকতে চৰকাৰৰ বিৰুদ্ধে যথেষ্ট ক্ষোভৰ সৃষ্টি হৈছিল। কিয়নো এই ব্যৱস্থাই তেওঁলোকক ৰাতিটোৰ ভিতৰতে সাধাৰণ শ্ৰমজীৱী লোকৰ শাৰীলৈ নমাই আনিছিল। তেওঁলোকে সামাজিক মৰ্যাদা আৰু প্ৰতিপত্তি হেৰুৱাই মূহ্যমান হৈ পৰিছিল। পূৰ্বাপৰ ব্যৱস্থা মতে শাৰীৰিক পৰিশ্ৰমৰ ক্ষেত্ৰত আনৰ ওপৰত নিৰ্ভৰ কৰি চলি অহা অভিজাত শ্ৰেণীৰ লোকেও পৰিৱৰ্তিত পৰিস্থিতিত জীৱন নিৰ্বাহৰ বাবে পূৰ্বৰ লগুৱা-লিকছৌসকলৰ দৰেই শাৰীৰিক পৰিশ্ৰম কৰিবলৈ বাধ্য হৈছিল।

চতুৰ্থতে, ব্ৰাহ্মণ-পুৰোহিত-সত্ৰাধিকাৰসকলে পূৰ্বাপৰ ভোগ-দখল কৰি অহা লাখেৰাজ তথা নিষ্কৰ ভূমি সম্পত্তিৰ সন্দৰ্ভত অনুসন্ধান চলাই অতিৰিক্তখিনি কাঢ়ি লৈ বাকীখিনিৰ ওপৰতো খাজনা বহুওৱাৰ বাবে তেওঁলোক কোম্পানীৰ চৰকাৰৰ বিৰুদ্ধে বিক্ষুদ্ধ হৈ পৰিছিল। ঐতিহাসিক ড° হেৰম্বকান্ত বৰপূজাৰীয়ে উল্লেখ কৰিছে যে পাইক, লগুৱা-লিকছৌ আৰু লাখেৰাজ ভূমিৰপৰা বঞ্চিত উজনি অসমৰ ভালেমান পুৰোহিতে ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত মণিৰাম দেৱানৰ সৈতে উজান দি ব্ৰিটিছ শাসনৰ বিৰুদ্ধাচৰণ কৰিছিল। এইদৰে দেখা যায় যে ১৮৫৭ চনৰ বিদ্ৰোহৰ আগৰ প্ৰায় ডেৰকুৰি বছৰীয়া কোম্পানীৰ শাসনে অসমৰ জনসাধাৰণৰ কোনোটো অংশকে সন্তুষ্ট কৰিব পৰা নাছিল। ১৮২৮, ১৮২৯ আৰু ১৮৩০ চনত কোম্পানীৰ শাসনৰ বিৰুদ্ধে ক্ষোভ আছিল কেৱল আহোম অভিজাত তথা ডা-ডাঙৰীয়াসকলৰ একাংশৰ মাজতেই সীমাবদ্ধ। ১৮৩০-৫৭ ৰ কালছোৱাত ডা-ডাঙৰীয়াসকলৰ এই ক্ষোভ আৰু অসন্তুষ্টি অসমৰ সাধাৰণ শ্ৰেণীৰ লোকলৈ বিশেষকৈ কৃষকসকলৰ মাজলৈ সম্প্ৰসাৰিত হৈ পৰিছিল। সেয়ে দেখা যায় এই বিদ্ৰোহৰ সময়ত এফালে যেনেকৈ একাংশ কৃষকে সহযোগ কৰিছিল তেনেকৈ আনফালে চাহ বাগিচাৰ সৈতে জড়িত একাংশ লোকেও এই বিদ্ৰোহৰ অংশীদাৰত পৰিণত হৈছিল। ১৮৫৩ চনত মিলছ চাহাব অসমলৈ অহাৰ সময়ত অসন্তুষ্ট আৰু উপান্ত আহোম ডা-ডাঙৰীয়াআৰু ৰাজপৰিয়ালৰ লোকে চৰকাৰৰপৰা সা-সুবিধা পাব বুলি আশা কৰিছিল। ভালেমান আবেদন-নিবেদন কৰাৰ পিছতো তেওঁলোকে কিন্তু একোৱেই নাপালে, বৰং মিলছৰ অসম ভ্ৰমণে তেওঁলোকৰ ক্ষোভ অধিক বৃদ্ধিহে কৰিলে। ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰায় চাৰি বছৰ আগত মিলছৰ অসম ভ্ৰমণ ৰাজনৈতিক দিশত অত্যন্ত তাৎপৰ্যপূৰ্ণ আছিল। মিলছে অসমত আহোম ৰাজতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠাৰ প্ৰশ্নটো যে অবান্তৰ তাক তেওঁ ৰাজতন্ত্ৰৰ প্ৰত্যাশীসকলক খাটাংকৈ জনাই দিছিল। সেই সময়ত মণিৰাম(দত্ত বৰভাণ্ডাৰ বৰুৱা)দেৱানে (১৮০৬-৫৮)ব্ৰিটিছৰ আমোলত অসমৰ সমাজখনে সন্মুখীন হোৱা বিপৰ্যয়ৰ কথা মিলছৰ জৰিয়তে চৰকাৰৰ ওচৰত দাঙি ধৰিছিল। অসমৰ মানুহৰ সামাজিক আৰু অৰ্থনৈতিক বিলাই-বিপত্তিৰ গুৰিতে যে দেশৰ ৰাজনৈতিক পৰাধীনতা তাক ব্ৰিটিছৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ অহা মণিৰামে সুন্দৰকৈ উপলব্ধি কৰিব পাৰিছিল। আনহাতে মণিৰাম যে তলে-পুতল সেই কথা মিলছ চাহাবেও বুজি পাইছিল। এনে অৱস্থাত এই শ্ৰেণীটোৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ বাহিৰে কোনো গত্যন্তৰ নাছিল। অৱধাৰিতভাৱেই মণিৰাম দেৱান এই শ্ৰেণীটোৰ লগতে চাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহৰ নেতাৰূপে পৰিগণিত হ’ল। তেওঁ যিকোনো পৰিস্থিতিতে চাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহক উজনি অসমৰ সিংহাসন দিয়াৰ বাবে উঠিপৰি লাগিল। ব্ৰিটিছ শাসন ব্যৱস্থা যে অসমীয়া মানুহৰ বাবে বাঘৰ ৰাজত্বলৈ পৰিণত হৈছিল সেই কথা মণিৰামে উপলব্ধি কৰিবলৈ পাৰিছিল। তেওঁ কৈছিল, ‘আমি যেনিবা সম্প্ৰতি বাঘৰ পেটতহে সোমাইছোঁহক’। তথাপিতো পৰিস্থিতিৰ কিবা গুণগত পৰিৱৰ্তন সাধন কৰিব পাৰিব বুলি মণিৰাম দেৱানে ১৮৫৭ চনৰ আদি ভাগতে কলিকতাত উপস্থিত হৈছিলগৈ। তেওঁৰ আশা আছিল, কলিকতাত গৈ তেওঁ কোম্পানীৰ চৰকাৰৰ উৰ্দ্ধতন কৰ্তৃপক্ষৰ ওচৰত নিজৰ আৰু কন্দৰ্পেশ্বৰ সিংহৰ হকে চৰকাৰক পতিয়ন নিয়াব পাৰিব আৰু অইনৰ নহ’লেও দুয়োজনৰে পূৰ্বৰ খিতাপ, মান-সম্ভ্ৰম, সা-সুবিধা, সা-সম্পত্তি সকলো আদায় কৰিব পাৰিব। কিন্তু তাতো মণিৰামক ব্যৰ্থতাই এৰা নিদিলে। এইদৰে উপৰ্যুপৰি ব্যৰ্থতাই জুমুৰি দি ধৰা অৱস্থাতে আৰু কলিকতাত বাহৰ পাতি থাকোঁতেই মণিৰামে মিৰাটত সংঘটিত হোৱা বিদ্ৰোহৰ সম্ভেদ পায় আৰু বোধহয় তেতিয়াই তেওঁ আবেদন-নিবেদনেৰে কৰিব নোৱাৰা কামটো বিদ্ৰোহৰ জৰিয়তে কৰিব পাৰিব বুলি সিদ্ধান্তত উপনীত হয়। এইটো মণিৰামৰ ৰাজনৈতিক জীৱনৰ এক উল্লেখনীয় বিৱৰ্তন বিন্দু। মিৰাৰ্ত সংঘটিত বিদ্ৰোহৰ সংবাদে যেন মণিৰামক অন্যায়-অত্যাচাৰৰ প্ৰতিবাদ কৰিবলৈ অন্য এটি বিকল্প পথৰহে সন্ধান দিলে। আবেদন-নিবেদনৰ ৰাজনীতিত পাকৈত মণিৰাম হৈ পৰিল বিদ্ৰোহৰ পৰিকল্পনা কৰোঁতা, পৰামৰ্শদাতা আৰু সংগঠক। মিৰাট, দিল্লি, লক্ষ্ণৌ, কানপুৰ আদিত উপৰ্যুপৰি সংঘটিত হোৱা চিপাহীসকলৰ বিদ্ৰোহৰ সৈতে সাধাৰণ লোকৰ অংশ গ্ৰহণৰ খবৰে মণিৰামক যথেষ্ট উৎসাহিত কৰিছিল। সেয়ে তেওঁ সময়ৰ শৰ সময়তে মৰাৰ সংকল্প লৈ চাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহ, আহোম ডা-ডাঙৰীয়া আৰু কমলাবাৰীৰ সত্ৰাধিকাৰকে ধৰি কোনো কোনোলৈ কলিকতাৰপৰাই পত্ৰযোগে বিদ্ৰোহৰ বাবে সষ্টম হ’বলৈ পৰামৰ্শ দিছিল। তেওঁ কলিকতাৰপৰা সকলো বা-বাতৰি লিখি চিঠিৰ মাধ্যমত বিশেষ দূতৰ জৰিয়তে চাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহ, পিয়লি বৰুৱা, মধু মল্লিক, মহীধৰ মুক্তিয়াৰ, উৰ্বীধৰ বৰুৱা, কৃষ্ণকান্ত গোস্বামী আদিক অসমতো বিদ্ৰোহৰ ঘমঘণ্টা লগাবলৈ উদ্‌গনি যোগাইছিল। আনহাতে অসমত থকা হিন্দুস্থানী চিপাহীসকলেও বিভিন্ন মাধ্যমত তেওঁলোকৰ নিজ নিজ অঞ্চলত সংঘটিত হোৱা বিদ্ৰোহৰ খা-খবৰ সময় মতে পাই আছিল। আকৌ ডিব্ৰুগড় আৰু গুৱাহাটীত যথাক্ৰমে মেজৰ হেনে’ আৰু মেজৰ ৰিচাৰ্ডছনৰ নেতৃত্বত আছিল ‘ফাৰ্ষ্ট আসাম লাইট ইন্‌ফেণ্ট্ৰী’ আৰু ‘ছেকেণ্ড আসাম লাইট ইন্‌ফেণ্ট্ৰী’। সেই সময়ত এই দুয়োটা সামৰিক গোটেই গঠিত হৈছিল গোৰ্খা, ৰাজপুত, মণিপুৰী, গাৰো, ৰাভা, দোৱনীয়া আদি জাতি-জনগোষ্ঠীৰ লোকেৰে, আৰু তেওঁলোকৰ সমৰ্থন কোনফালে যায় তাৰো নিশ্চয়তা নাছিল। ইফালে হিন্দুস্থানী চিপাহীসকলৰ অধিকাংশই আছিল পশ্চিম বিহাৰ তথা বিদ্ৰোহী কোঁৱৰ সিঙৰ এলেকাৰপৰা অহা লোক। গতিকে কোঁৱৰ সিঙৰ প্ৰতি তেওঁলোকৰ সহানুভূতিও আছিল ব্ৰিটিছৰ প্ৰতি ভয়ৰ কাৰণ। ইতিমধ্যে পিয়লি বৰুৱা আৰু নিৰ্মল হাজাৰীয়ে চাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহৰ পৰামৰ্শ মৰ্মে গোলাঘাটত থকা চিপাহীসকলৰ সৈতে আলোচনা কৰি বিদ্ৰোহৰ বাবে বিস্তৃত আঁচনি আৰু কাৰ্যসূচী তৈয়াৰ কৰিছিল। প্ৰায় সমসাময়িকভাৱ ডিব্ৰুগড়, শিৱসাগৰ আৰু ছৈখোৱাত থকা চিপাহীসকলৰ সৈতেও যোগাযোগ স্থাপন কৰিছিল। ‘ফাৰ্ষ্ট আসাম লাইট ইন্‌ফেণ্ট্ৰী’ৰ নুৰ মহম্মদ জামাদাৰ আৰু ৰুস্তম সিং জামাদাৰ আৰু অন্যান্য চিপাহীসকলে যোৰহাটলৈ গৈ তাত চাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহৰ সৈতে গোপনে মিলিত হৈ বিদ্ৰোহৰ পৰিকল্পনা সম্পৰ্কে আলোচনা কৰিছিল। এই আলোচনা-বিলোচনা তথা পৰিকল্পনাসমূহ চূড়ান্ত কৰা হৈছিল আহাৰ-শাওণ মাহত। উক্ত আলোচনা মৰ্মে এইটো ঠিৰাং কৰা হৈছিল যে আগন্তুক দুৰ্গা পূজাৰ সময়তে(অক্টোবৰ মাহত)আৰু মণিৰাম দেৱান কলিকতাৰপৰা আহি পোৱাৰ লগে লগেই বিদ্ৰোহ কৰা হ’ব। অসমৰ য’ত যি ইংৰাজ বিষয়া আৰু লোক থাকিব সকলোকে কাটি-মাৰি খাস্তাং কৰিব আৰু কন্দৰ্পেশ্বৰ সিংহক অসমৰ ৰজা ৰূপে ৰাজসিংহাসনত বহুৱাব। আঁচনি মৰ্মে ‘মণিৰাম দেৱান হ’ব প্ৰধানমন্ত্ৰী, মধু মল্লিক থাকিব মন্ত্ৰী পৰিষদৰ ঠিক দ্বিতীয় স্থানত, পিয়লি হ’ব বৰভাণ্ডাৰ বৰুৱা, লুকী শেনছোৱা বৰুৱা হ’ব নাওবৈছা ফুকন, কমলা চাৰিংগীয়া বৰুৱা হ’ব যোৰহাটৰ চুবেদাৰ আৰু দাৰোগা। মাটিৰ খাজনাৰ বিলুপ্তি সাধন কৰা হ’ব, পূৰ্বৰ দৰে লগুৱা-লিকছৌ ৰখাৰ ব্যৱস্থা কৰা হ’ব, বাৰী-বস্তি মাটিৰ ওপৰত খাজনা নাথাকিব কেৱল ৰূপিত মাটিৰ পূৰাই প্ৰতি এটকাকৈ খাজনা নিৰ্ধাৰণ কৰা হ’ব। গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ বিস্তৃত এই এলেকাত থকা ইংৰাজ চাহাববিলাকক ধৰি আনি যোৰহাটত ৰজাৰ ওচৰত দাখিল কৰা হ’ব; ৰুস্তম সিং আৰু নুৰ মহম্মদ দুয়োজনেই হ’ব চুবেদাৰ আৰু বুধাম চুবেদাৰক চুবেদাৰ বাহাদুৰ পদত অধিস্থিত কৰোৱা হ’ব’। বিদ্ৰোহী নেতাসকলৰ এই প্ৰস্তুতিৰ সম্ভেদ পোৱাত চৰকাৰী পক্ষত যথেষ্ট ত্ৰাসৰ সৃষ্টি হৈছিল। অকল চৰকাৰী পক্ষতেই নহয়, আনকি খ্ৰীষ্টিয়ান যাজক, পাদ্ৰী চাহাব, ইংৰাজ তথা ইউৰোপীয় চাহ খেতিয়ক আদিৰ মাজতো শংকা আৰু অনিশ্চয়তাই দেখা দিছিল। প্ৰতিৰক্ষামূলক ব্যৱস্থা হিচাপে ব্ৰিটিছ সামৰিক বাহিনীৰ ভিতৰত গোৰ্খাসকল সম্পূৰ্ণৰূপে চৰকাৰৰ প্ৰতি অনুগত হৈ থকাত তেওঁলোকক বিভিন্ন স্পৰ্শকাতৰ এলেকাত মোতায়েন কৰা হৈছিল। ডিব্ৰুগড়ৰ অৱস্থা অত্যন্ত শোচনীয় অনুভূত হোৱাত ‘ফাৰ্ষ্ট আছাম লাইট ইনফেণ্ট্ৰী’ৰ ‘মেজৰ হেনে’ তেওঁৰ সহকাৰী কেপ্তেইন লাউথাৰক শদিয়াৰপৰা আনি ডিব্ৰুগড়ৰ প্ৰতিৰক্ষা ব্যৱস্থা সুদৃঢ় কৰিছিল। ইফালে নগাওঁৰ প্ৰিঞ্চিপাল এছিছটেণ্ট মৰ্টন চাহাবে যোৰহাটৰপৰা নগাওঁলৈ বিদ্ৰোহীসকলৰ আগমন আশংকা কৰি নগাওঁক যোৰহাটৰ পৰা বিচ্ছিন্ন কৰাৰ অভিপ্ৰায়েৰে মিছা আৰু দিজু নদীৰ ওপৰৰ সকলোবোৰ দলং বিধ্বস্ত কৰি পেলাইছিল। তেওঁ ইমান ভীত হৈ পৰিছিল যে তেওঁৰ তলতে কাৰ্যনিৰ্বাহ কৰা আনন্দৰাম ঢেকিয়াল ফুকনৰ দৰে ব্ৰিটিছ ভক্ত আৰু বিশ্বস্ত কৰ্মচাৰীকো বিশ্বাসত ল’ব পৰা নাছিল। আনহাতে নগাওঁৰ খ্ৰীষ্টিয়ান যাজক আৰু পাদ্ৰীসকলে ভয়তে আমেৰিকালৈ যাত্ৰা কৰিছিল। গুৱাহাটীতো চৰকাৰৰ বাবে পৰিস্থিতি ভাল নাছিল। ৰাওলাট আদি গুৱাহাটীৰ ইংৰাজ বিষয়াসকলে হাতত বন্দুক লৈ অনবৰত সষ্টম হৈ থাকিছিল। ডানফ’ৰ্থ নামৰ পাদ্ৰী চাহাব এজনে ১৮৫৭ চনৰ মাজভাগত গুৱাহাটীৰ অশান্ত ৰাজনৈতিক পৰিস্থিতিৰ কথা জনাই আমেৰিকাত থকা তেওঁৰ ঊৰ্দ্ধতন কৰ্তৃপক্ষলৈ চিঠি লিখিছিল। কমিছনাৰ জেনকিন্সে ১৮৫৭ চনৰ আগষ্ট মাহৰ শেষৰ পিনে ব্ৰিটিছ-ভাৰত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি তেওঁলোকক সমাগত বিদ্ৰোহৰপৰা অসমক ৰক্ষা কৰিবলৈ যিমান সোনকালে পাৰে এটি ইউৰোপীয় সেনাবাহিনী পঠিয়াবলৈ অনুৰোধ জনাইছিল। কিন্তু বিদ্ৰোহৰ নেতা আৰু তেওঁলোকৰ সহযোগী চিপাহীসকলে আঁচনি মতে কাৰ্যত অগ্ৰসৰ হোৱাত যথেষ্ট পলম কৰিছিল। আনহাতে বিদ্ৰোহ সংঘটিত কৰাৰ বাবে ইচ্ছুক চিপাহীসকলৰ মাজত কাৰ্যসূচী সম্পৰ্কত কিছু মতবিৰোধে দেখা দিছিল। এইটোৱে তেওঁলোকৰ আৰু লগতে বিদ্ৰোহৰ নেতাসকলৰ উদ্দেশ্য ফলৱতী হোৱাত বাধাৰ সৃষ্টি কৰিছিল। চিপাহীসকলৰ মাজত বিদ্ৰোহৰ প্ৰস্তুতিৰ সম্ভেদ পাই মেজৰ হেনে’ শেখ ভিকানসহ অন্যান্য কেইজনমানক গ্ৰেপ্তাৰ কৰি তেওঁলোকক ডিব্ৰুগড়ত সামৰিক আদালত পাতি বিচাৰ কৰি শাস্তি বিহিছিল। ইফালে শিৱসাগৰৰ প্ৰিঞ্চিপাল এছিছটেণ্ট কেপ্তেইন লাউথাৰৰ সৈতে যুটীয়াভাৱে ১৮৫৭ চনৰ ছেপ্তেম্বৰ মাহত যোৰহাটত চাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহ আৰু মধু মল্লিকক গ্ৰেপ্তাৰ কৰিছিল। এই কাৰ্যত গোৰ্খা সৈনিকসকলে সহযোগ কৰিছিল। বন্দী কন্দৰ্পেশ্বৰ সিংহক কলিকতালৈ প্ৰেৰণ কৰাৰ পিছত গৱৰ্ণৰ জেনেৰেলৰ আদেশ মৰ্মে তেওঁক আলিপুৰ জেইলত ৰাজবন্দীৰূপে আটক কৰি ৰাখিছিল।

ইয়াৰ পিছতে বিদ্ৰোহৰ অন্যান্য নেতাসকলক বিভিন্ন ঠাইত গ্ৰেপ্তাৰ কৰি বিদ্ৰোহৰ কণকঠিয়া মৰাৰ ব্যৱস্থা কৰিছিল। ইতিমধ্যে ১৮৫৭ চনৰ ছেপ্তেম্বৰ মাহৰ আৰম্ভণিতে কেপ্তেইন হলৰয়দে মণিৰাম দেৱানে কলিকতাৰপৰা পঠিওৱা ভালেমান চিঠি-পত্ৰ হস্তগত কৰিছিল। ইফালে কন্দৰ্পেশ্বৰক গ্ৰেপ্তাৰ কৰাৰ প্ৰায় লগে লগেই কলিকতাত মণিৰাম দেৱানকো গ্ৰেপ্তাৰ কৰিছিল। ইফালে কন্দৰ্পেশ্বৰক গ্ৰেপ্তাৰ কৰাৰ লগে লগেই কলিকতাত মণিৰাম দেৱানকো গ্ৰেপ্তাৰ কৰিছিল। বিদ্ৰোহৰ সৈতে জড়িত অন্যান্য নেতা, যথা- উগ্ৰসেন মৰংগীখোৱা গোহাঁই, মহেশচন্দ্ৰ বৰুৱা ওৰফে পিয়লি, যোৰহাটৰ ফৌজদাৰী চিৰস্তাদাৰ দুতিৰাম বৰুৱা, বাহাদুৰ গাওঁবুঢ়া, নীলকান্ত চোলাধৰা ফুকন, লুকী শেনছোৱা বৰুৱা, গণেশ চন্দ্ৰ বৰুৱা, মায়াৰাম বৰবৰা নাজিৰ, কমলা চাৰিংগীয়া বৰুৱা, নাৰায়ণ বৰবৰা, উমাকান্ত শৰ্মা, মধুৰাম কোঁচ, শেখ ফৰমুদ আলি, ইচ্ছেশ্বৰ বৰঠাকুৰ আদিকো গ্ৰেপ্তাৰ কৰা হৈছিল। কমিছনাৰ জেনকিন্সে সামৰিক সাহায্যৰ বাবে কৰা অনুৰোধৰ পৰিপ্ৰেক্ষিতত কোম্পানীৰ চৰকাৰৰ উৰ্দ্ধতন কৰ্তৃপক্ষই কলিকতাৰপৰা ‘হাৰোংঘাটা’ নামে জাহাজেৰে গঠিত ১৮৫৭ চনৰ ছেপ্তেম্বৰ মাহৰ পহিলা ভাগতে অসমলৈ পঠিওৱা ১০৪ জনীয়া ইউৰোপীয় সৈন্যৰে গঠিত এটি সামৰিক বাহিনী অক্টোবৰ মাহৰ ২ তাৰিখে ডিব্ৰুগড়ত উপস্থিত হৈছিলহি। এই সেনাবাহিনীটোৰ উপস্থিতিত ব্ৰিটিছ প্ৰশাসনিক বিষয়াসকলে স্বস্তিৰ নিশ্বাস পেলায়। মণিৰামক গ্ৰেপ্তাৰ কৰি কিছুদিন আলিপুৰ জেইলত আবদ্ধ কৰি ৰখাৰ পিছত ‘কোলাডাইন’ জাহাজেৰে অসমলৈ আনি যোৰহাটত ৰাজদ্ৰোহৰ অপৰাধত দোষী সাব্যস্ত কৰি বিধে বিধে শাস্তি প্ৰদান কৰিছিল। মণিৰাম দেৱান আৰু মহেশচন্দ্ৰ বৰুৱা মহেশচন্দ্ৰ বৰুৱা ওৰফে পিয়লি বৰুৱাক ৰাজদ্ৰোহৰ অপৰাধত দোষী সাব্যস্ত কৰি ১৮৫৮ চনৰ ফেব্ৰুৱাৰী মাহৰ ২৬ তাৰিখে যোৰহাটত ফাঁচি দি হত্যা কৰিছিল। কমলা বৰুৱা, মধু মল্লিক, মৰংগীখোৱা গোহাঁই, দুতিৰাম বৰুৱা চিৰস্তাদাৰ, মায়াৰাম নাজিৰ আৰু ত্ৰিনয়ন আদিক বিদ্ৰোহৰ পৰিকল্পনাত সহযোগ কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰি আন্দামানলৈ দ্বীপান্তৰিত কৰিলে। তেওঁলোকৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰাৰ পিছত বাহাদুৰ গাওঁবুঢ়া আৰু ফৰমুদ আলিকো আন্দামানলৈ দ্বীপান্তৰিত কৰিছিল। আহোম অভিজাত শ্ৰেণীৰ দুগৰাকী মহিলাক- ৰূপহী আৰু লুম্বই আইদেউ- বিদ্ৰোহৰ সৈতে জড়িত থকাৰ অভিযোগত নিজ সম্পত্তিৰপৰা বঞ্চিত কৰি তেওঁলোকৰ অধীনৰ মৌজাও কাঢ়ি লৈছিল। নাজিৰাৰ আসাম টি কোম্পানীৰ ঠিকাদাৰ মধুৰাম কোঁচক সাত বছৰৰ বাবে কাৰাদণ্ড বিহিছিল। বিদ্ৰোহৰ আঁচনিৰ সৈতে জড়িত বুলি অভিযুক্ত লোকসকলক আত্মপক্ষ সমৰ্থনৰ সুবিধা দিয়া হোৱা নাছিল। সেই সময়ত শিৱসাগৰৰ প্ৰিঞ্চিপাল এছিছটেণ্ট কেপ্তেইন হলৰয়দেই আছিল প্ৰধান বিচাৰপতি আৰু তেওঁৰ সোঁহাত স্বৰূপ আছিল যোৰহাটৰ দাৰোগা হৰনাথ পৰ্বতীয়া বৰুৱা। চাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহক বিচাৰৰ কাঠগৰালৈ নানি আলিপুৰ জেইলৰপৰা বৰ্ধমানলৈ নি তাতে ১৮৬০ চনলৈ আটক-বন্দী কৰি ৰাখিছিল। তাৰ পিছত তেওঁৰ অনুৰোধ মৰ্মে চৰকাৰে তেওঁক ১৮৬৩ চনৰ ছেপ্তেম্বৰ মাহৰপৰা কাৰ্যকৰী হোৱাকৈ এটি ৫০০ টকীয়া মাহিলী পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছিল। তেওঁ বাৰম্বাৰ অনুৰোধ কৰা সত্ত্বেও চৰকাৰে তেওঁক যোৰহাট অথবা শিৱসাগৰ ক’লৈকো যাবলৈ নিদি গুৱাহাটীতে থাকিবলৈ অনুমতি প্ৰদান কৰিছিল। সেই মতে তাতে থকা অৱস্থাতে ভালেমান বছৰৰ পিছত ১৮৮০ চনত তেওঁৰ মৃত্যু হয়। অসমত বিদ্ৰোহ ব্যৰ্থ হোৱাৰ কাৰণ আছিল কেবাটাও।

প্ৰথমতে, এই নেতাসকলৰ সময়জ্ঞান নাছিল। তেওঁলোকে প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ লগে লগেই আৰু কাৰ্যত পৰিণত কৰাৰ বাবে উদ্যোগ ল’ব লাগিছিল। কাৰ্যসূচী ৰূপায়নত অযথা বিলম্ব কৰি তেওঁলোকে বিপক্ষক তথা বিদেশী চৰকাৰক প্ৰতিৰক্ষাৰ প্ৰস্তুতিৰ বাবে সময় উলিয়াই দি নিজৰ বিপদ মাতি আনিছিল।

দ্বিতীয়তে, মণিৰামো কলিকতাৰপৰা যিমান পাৰে সোনকালে উভতি আহিব লাগিছিল। প্ৰশাসনিক অভিজ্ঞতা থাকিলেও এজন বিদ্ৰোহীৰ থাকিব লগা গুণ তথা দক্ষতা মণিৰামৰ নাছিল। বিদ্ৰোহৰ নেতৃত্ব দিবলৈ ওলোৱা লোকে প্ৰতিপক্ষৰ ক্ষমতা তথা বুদ্ধিমত্তাক হেয় জ্ঞান তথা অবজ্ঞা কৰাতো বিপজ্জনক। মণিৰাম দেৱান তাৰ এক জলন্ত আৰু দু:খ লগা উদাহৰণ।

তৃতীয়তে, মণিৰামৰ সমৰ্থকসকলে শিৱসাগৰ আৰু যোৰহাটতে কেন্দ্ৰীভূত অথবা সীমিত হৈ আছিল। নগাওঁ, কামৰূপ বা গুৱাহাটীত তেওঁৰ বিশেষ কোনো সমৰ্থক নাছিল।

চতুৰ্থতে, নগাঁও আৰু গুৱাহাটীত অসমৰ উদীয়মান মধ্যবিত্ত শ্ৰেণীৰ লোক ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰতি সহানুভূতিশীল নাছিল। সেই সময়ৰ অসমৰ মধ্যবিত্ত শ্ৰেণীৰ অন্যতম প্ৰখ্যাত লোক আনন্দৰাম ঢেকিয়াল ফুকন আছিল নগাঁওৰ এজন অত্যন্ত প্ৰভাৱশালী চৰকাৰী বিষয়া। তেওঁ বিদ্ৰোহৰ বিৰোধী আছিল। গুৱাহাটীত হৰকান্ত বৰুৱা সদৰামিন, কেয়াফৎুউল্লা সদৰামিন, কালমুঞ্চী আদি ব্ৰিটিছৰ বিশ্বস্ত কৰ্মচাৰী আৰু উগ্ৰ সমৰ্থক আছিল। শিৱসাগৰ যোৰহাটত বিশেষকৈ মালভোগ বৰুৱা, গংগাগোবিন্দ ফুকন আৰু হৰনাথ পৰ্বতীয়া দাৰোগা ব্ৰিটিছ চৰকাৰৰ লাইখুঁটা স্বৰূপ আছিল। এইবিলাক কাৰণতেই ১৮৫৭ চনত অসমত বিদ্ৰোহৰ বিসফোৰণ নঘটিল, সৰ্বভাৰতীয় বিদ্ৰোহৰ অংশৰূপে অসমত এক ভীষণ বুৰবুৰণিৰহে সৃষ্টি হৈছিল।

ফুলগুৰিৰ কৃষক বিদ্ৰোহ ১৮৬১

১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ পিছত প্ৰচলিত অন্যান্য কৰ-কাটল বাহাল ৰখাৰ উপৰিও নতুনকৈ আৰু ভালেমান কৰ-কাটল আৰু খাজনা বহুওৱাৰ ব্যৱস্থা কৰা হৈছিল। ১৮৬০ চনৰ মে’ মাহৰপৰা কাৰ্যকৰী হোৱাকৈ অসমত আফু খেতি নিষিদ্ধ কৰা হৈছিল। আফু খেতি নিষিদ্ধ কৰাৰ মূল উদ্দেশ্য আছিল অসমত আবকাৰী কানিৰ বজাৰ বৃদ্ধি কৰাটো, অসমত কানিৰ প্ৰচলন নিষিদ্ধ কৰাটো নহয়। থলুৱাভাৱে আফু খেতি কৰি কানি উৎপাদন কৰাটো নিষেধ কৰিলে চৰকাৰী(আবকাৰী)কানিৰ বিক্ৰীৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগতে চৰকাৰী আয়ৰ পৰিমাণো বৃদ্ধি পাব। ইয়াৰ পিছতে চৰকাৰে ১৮৬১ চনত অসমত আয়কৰ লাইচেঞ্চ কৰ বহুৱায়। সেই একে বছৰতে ব্ৰিটিছ-ভাৰত চৰকাৰে মানুহৰ বৃত্তিৰ ওপৰতো কৰ বহুওৱাৰ বাবে আইন গৃহীত কৰিছিল। এই আইনৰ গইনা লৈ অসমত পাণৰ ওপৰত কৰ লগোৱাৰ উদ্দেশ্যৰে ১৮৬১ চনত অসম চৰকাৰে সম্পৰ্কে অনুসন্ধান চলাবলৈ লৈছিল। পাণৰ ওপৰত কৰ বহুৱাবলৈ অনুসন্ধান কৰিবলৈ ওলোৱাত নগাঁও জিলাৰ লোকৰ মাজত তীব্ৰ উত্তেজনাৰ উদ্ৰেক হৈছিল। চৰকাৰৰ এই প্ৰচেষ্টা প্ৰতিৰোধ কৰিবলৈ সঘনে ৰাইজমেলত মিলিত হ’বলৈ লৈছিল। এই ৰাইজমেলৰ নেতৃত্বতেই ১৮৬১ চনৰ অক্টোবৰ মাহত নগাঁওৰ ফুলগুৰিত এক ব্যাপক কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। ৰাইজে ফুলগুৰিত পাঁচদিনীয়াকৈ ৰাইজমেল পতাৰ সিদ্ধান্ত কৰি তাত মিলিত হৈছিল। ৰাইজমেল অনুষ্ঠিত কৰাত পুলিচে আৰম্ভণিৰেপৰা বাধা প্ৰদান কৰিছিল যদিও সফল হোৱা নাছিল। পুলিচ ব্যৰ্থ হোৱাত জিলাধিপতিয়ে তেওঁৰ তলতীয়া কমিছনাৰ লেফটেনেণ্ট জি.বি. ছিংগাৰক ভালেমান পুলিচ আৰু বৰকান্দাজসহ ১৮ তাৰিখে ফুলগুৰিলৈ প্ৰেৰণ কৰে। ছিংগাৰে ৰাইজমেলৰ থলীত উপস্থিত হৈ মেল ভাঙিবলৈ আদেশ দি বিদ্ৰোহীসকলৰ সৈতে তৰ্ক যুদ্ধত লিপ্ত হয়। তেওঁ লাঠি-টোকোনেৰে সুসজ্জিত কৃষকসকলক লাঠি-টোকোন আঁতৰাই থৈ মেল ভাঙি ঘৰা-ঘৰি উভতি যাবলৈ নিৰ্দেশ দিয়ে। কৃষকসকলে তেনে নকৰাত তেওঁ পুলিচক লাঠি-টোকোনসমূহ কাঢ়ি ল’বলৈ আদেশ দি নিজেও সেইটো কৰিবলৈ ধৰে। ফলত দুয়োপক্ষৰ মাজত টনা-আঁজোৰা লাগে আৰু সেই অৱস্থা চলি থাকোঁতেই বাহু ডোম নামৰ কৃষক এজনে ছিংগাৰৰ মূৰত পূৰ্ণহতীয়া কোব সোধাই তেওঁক মাটিত বগৰাই দিয়ে। লগে লগে অন্যান্য কৃষকেও তেওঁক আক্ৰমণ কৰি কোবাই কোবাই আধা-মৰা আধা-জীয়া দেহটো ওচৰৰে কলং নদীৰ পানীত পেলাই দিয়ে। ছিংগাৰৰ এই অৱস্থা দেখি পুলিচে ঘটনাস্থলীৰপৰা পলাই পত্ৰং দিয়ে। এই ঘটনাৰ প্ৰায় ৬ দিন পিছত সেই মাহৰে ২৪ তাৰিখে জাগী থানাৰ দাৰোগাই কলং নদীৰপৰা জাগীত ছিংগাৰৰ মৃতদেহটো উদ্ধাৰ কৰি গুৱাহাটীলৈ প্ৰেৰণ কৰে। বিদ্ৰোহৰ বাতৰি পাই জিলাধিপতিয়ে জিলা সদৰৰপৰা এটি পুলিচ বাহিনী ফুলগুৰিলৈ প্ৰেৰণ কৰিছিল যদিও বিদ্ৰোহীসকলৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি তাৰপৰা পলাই গৈছিল। ইতিমধ্যে ফুলগুৰিৰ বিদ্ৰোহৰ প্ৰভাৱ যমুনামুখ আৰু দন্তিপুৰতো পৰিছিল। ‘ছেকেণ্ড আসাম লাইট ইনফেণ্ট্ৰী’ৰ ৫০ জন চিপাহী বিদ্ৰোহ দমন কাৰ্যত জড়িত আছিল। বিদ্ৰোহী কৃষকসকলে এই বাহিনীটোৰ বিৰুদ্ধেও পৰম বিক্ৰমেৰে যুঁজ দিয়ে। মুখামুখি সংঘৰ্ষত পোনতে বিদ্ৰোহী কৃষকসকলৰ ৩৯ জনে মৃত্যুবৰণ কৰে আৰু আন ১৫ জনে সংঘৰ্ষত পোৱা আঘাতৰ ফলশ্ৰুতিত পিছত মৃত্যুক সাৱটি লয়। অৰ্থাৎ ফুলগুৰিৰ এই কৃষক বিদ্ৰোহত মুঠতে ৫৪ জন কৃষকে প্ৰাণাহুতি দিছিল। ফুলগুৰিৰ কৃষক বিদ্ৰোহত নেতৃত্ব লোৱা বা অংশ গ্ৰহণ কৰা আৰু ছিংগাৰক হত্যা কৰাৰ অপৰাধত চৰকাৰী ভাষ্য মতে মুঠতে ৪১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। কলিকতা হাইকোৰ্টে ছিংগাৰৰ হত্যাৰ সৈতে জড়িত তাৰে ৯ জন অভিযুক্ত লোকক বিচাৰ কৰি ৬ জনক দ্বীপান্তৰিত আৰু ২ জনক ১৪ বছৰৰ বাবে ৰাজ্যৰপৰা বহিষ্কাৰ কৰাৰ উপৰিও ১ জনক সাত বছৰৰ বাবে সশ্ৰম কাৰাদণ্ড বিহিছিল। তদুপৰি যিসকলক নগাঁওতে মৃত্যুদণ্ডেৰে দণ্ডিত কৰি ফাঁচি দি মাৰিছিল সেইসকল আছিল- লক্ষ্মণ সিং ডেকা, চংৰৰ লালুং আৰু ৰংবৰ ডেকা। চৰকাৰী পক্ষত জিলাধিপতি স্কন্সক তেওঁৰ পদ মৰ্যাদাৰপৰা অৱনমিত কৰি এজন এছিছটেণ্ট কমিছনাৰৰ দৰমহাত নিযুক্তি দি কামৰূপলৈ বদলি কৰিছিল। সামগ্ৰিকভাৱে এই বিদ্ৰোহ সফল হৈছিল বুলি ক’ব পাৰি, কিয়নো বিদ্ৰোহৰ পিছত চৰকাৰে আৰু কাহানিও পাণ খেতিৰ ওপৰত কৰ বহুওৱাৰ কথা চিন্তা কৰা নাছিল।

১৮৬৮ চনৰ কৃষক বিদ্ৰোহ

১৮৬১ চনৰ ফেব্ৰুৱাৰী মাহত অসমৰ কমিছনাৰৰূপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ৰেপৰা লেফটেনেণ্ট হেনৰী হ’পকিনছনে অসমৰ ভূমি ৰাজস্ব দুগুণ বৃদ্ধি কৰাৰ পোষকতা কৰি আহিছিল। কিন্তু পোনতে চৰকাৰৰ উৰ্দ্ধতন কৰ্তৃপক্ষই তেওঁৰ কাৰ্যৰ প্ৰতি সন্মতি দিয়া নাছিল। ১৮৬৫ চনত তেওঁ পুনৰ ভূমি ৰাজহ বৃদ্ধিৰ বাবে চৰকাৰৰ ওচৰত এটি নতুন প্ৰস্তাব দাখিল কৰিছিল। এইবাৰ তেওঁ পুনৰ ভূমি ৰাজহ বৃদ্ধিৰ প্ৰস্তাৱৰ সমৰ্থনত তিনিটা প্ৰধান যুক্তি প্ৰদৰ্শন কৰিছিল-

(১) প্ৰথমতে, অসমত ভূমিৰ প্ৰচলিত খাজনা হাস্যস্পদভাৱে কম,

(২) দ্বিতীয়তে, অসমৰ প্ৰজা সাধাৰণৰ অৱস্থা পূৰ্বতকৈ যথেষ্ট উন্নত হৈছে, আৰু

(৩) তৃতীয়তে, ভূমিৰ বাবদ সংগৃহীত খাজনাৰ পৰিমাণ কানিৰ বাবদ পোৱা কৰতকৈ অত্যন্ত নগণ্য।

হ’পকিনছনৰ এই যুক্তিত পতিয়ন গৈ ব্ৰিটিছ-ভাৰত চৰকাৰে ১৮৬৭ চনৰ শেহৰফালে অসমত ভূমি ৰাজহ বৃদ্ধিৰ প্ৰস্তাৱৰ প্ৰতি অনুমোদন জনায়। পৰিণতি স্বৰূপে গোৱালপাৰা জিলাৰ বাহিৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্যান্য জিলাসমূহত ভূমি ৰাজহৰ পৰিমাণ ১৮৬৭-৬৮ চনতকৈ ৬১.২৩ শতাংশলৈ বৃদ্ধি পাইছিল। মাটিৰ খাজনা বৃদ্ধি কৰাৰ জোখাৰে অসমৰ কৃষকৰ আৰ্থিক উন্নয়ন সাধিত হোৱা নাছিল। ৰাজহ বৃদ্ধিৰ ঠিক আগৰ কেইবছৰত অসমৰ কৃষকসকলে বসন্ত, কলেৰা আদি মাৰি-মৰক, বানপানী আৰু পশুধনৰ বেমাৰ-আজাৰৰ মাধ্যমত ব্যাপক আৰ্থিক ক্ষতিৰ সন্মুখীন হৈছিল। সেয়ে কৃষকসকলে উক্ত ব্যৱস্থাৰ প্ৰতিবাদ কৰিছিল। ১৮৬৮ চনৰ নৱেম্বৰ মাহত পথৰুঘাটত হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ কেবা হাজাৰো কৃষকে ৰাইজমেলত মিলিত হৈ বৰ্ধিত ভূমি ৰাজহৰ বিৰুদ্ধাচৰণ কৰিছিল। ৰাইজমেল চলি থকা অৱস্থাতেই দৰং জিলাৰ জিলাধিপতি কৰ্ণেল এ.চি. কম্বাৰ পুলিচ অধীক্ষক ৱেলডন আৰু মংগলদৈৰ মহকুমাধিপতি ড্ৰেইবাৰ্গ পথৰুঘাটলৈ গৈছিল। তাতে বৰ্ধিত হাৰত খাজনা সংগ্ৰহ নকৰিবলৈ জিলাধিপতিক কৰা দাবী নাকচ কৰাত উত্তেজিত কৃষকসকলে উক্ত বিষয়া-আমোলাসকলক হেঁচি-ঠেলি নি ডাক-বঙলাৰ ভিতৰ পোৱাইছিলগৈ। বজালী-গোবিন্দপুৰ অঞ্চলতো হাজাৰ হাজাৰ উত্তেজিত কৃষকে ১৮৬৯ চনৰ জানুৱাৰী মাহত ৰাইজমেলত মিলিত হৈ প্ৰতিৰোধ আন্দোলন সংগঠিত কৰিছিল। এই ঘটনাই চৰকাৰী পক্ষৰ মাজত ইমান ভীতিৰ সঞ্চাৰ কৰিছিল যে পুলিচকে আদি কৰি কোনো বিষয়াই ৰাইজমেলৰ ওচৰ চাপিবলৈ সাহস গোটাব পৰা নাছিল। কেবাদিনো ধৰি চলা ৰাইজমেলত হাজাৰ হাজাৰ বিদ্ৰোহী কৃষক গোট খাইছিল। পিছৰ পিনে বিদ্ৰোহৰ ভাটা পৰাত জিলাৰ সহকাৰী কমিছনাৰ এ.চি. কেম্পবেলে সামৰিক শক্তি প্ৰদৰ্শনেৰে এই বিদ্ৰোহ দমন কৰিছিল।

ব্ৰহ্মপুত্ৰ উপত্যকাত ১৮৯৩-৯৪ চনৰ কৃষক বিদ্ৰোহ

১৮৯২ চনৰ জুন মাহত অসমৰ তদানীন্তন চীফ কমিছনাৰ ছাৰ উইলিয়াম আৰস্কাইন বাৰ্ডে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূমিৰ নতুন শ্ৰেণী বিভাজন কৰি তাৰ ভিত্তিত ১৮৯৩-৯৪ চনৰপৰা কাৰ্যকৰী হোৱাকৈ ভূমি ৰাজহ বৃদ্ধি কৰাৰ বাবে ব্ৰিটিছ-ভাৰত চৰকাৰৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছিল। সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাত এইদৰে দাখিল কৰা আবেদনৰ সংখ্যা আছিল ১৬, ৪৮৫ খন। এই আবেদনসমূহ অসম চৰকাৰে ব্ৰিটিছ-ভাৰত চৰকাৰৰ ওচৰত খাজনা বৃদ্ধি সম্পৰ্কীয় চূড়ান্ত প্ৰস্তাৱ দাখিল কৰাৰ কেবা মাহো পূৰ্বেই দাখিল কৰিছিল। কিন্তু ব্ৰিটিছ-ভাৰত চৰকাৰৰ অনুমোদন লাভ কৰি অসম চৰকাৰে কৃষকৰ তীব্ৰ প্ৰতিবাদ সত্ত্বেও খাজনা বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰী কৰি বৰ্ধিত হাৰত খাজনা আদায় কৰিবলৈ লোৱাত কৃষকসকলে চৰকাৰৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে বিদ্ৰোহত মিলিত হৈছিল। উত্তৰ কামৰূপৰ বিভিন্ন অঞ্চলত শ শ কৃষকে ৰঙিয়া আৰু তামোলপুৰৰ তহচিলদাৰ ৰাধানাথ বৰুৱাক কেবাবাৰো লঘু-লাঞ্ছনা কৰাৰ উপৰিও ৰঙিয়া হাটৰ ঘৰ-দুৱাৰ বিধ্বস্ত কৰি লণ্ড-ভণ্ড কৰাৰ লগতে মাৰোৱাৰী সুদখোৰ মহাজনৰ হাতত থকা মাটি বন্ধকীৰ নথি-পত্ৰ লুট কৰিছিল। নলবাৰীৰ ওচৰৰ ৰাইজ কদমতল বোলা ঠাইত অনুষ্ঠিত এখন ৰাইজমেলৰ সিদ্ধান্ত অনুযায়ী ১৮৯৪ চনৰ ১০ জানুৱাৰীৰ দিনা উত্তৰ কামৰূপৰ হাজাৰ হাজাৰ কৃষকৰ উপস্থিতিত ৰঙিয়াত এক বিশাল ৰাইজমেল অনুষ্ঠিত কৰা হৈছিল। কণ গোঁসাই বোলা মুখিয়াল লোক এজনে এই ৰাইজমেলত সভাপতিত্ব কৰিছিল বুলি জনা যায়। ৰাইজ মেলত বাধা প্ৰদান কৰিবলৈ কামৰূপ জিলাৰ জিলাধিপতি আৰ.বি.মেকাবে আৰু ৰেইলী নামৰ পুলিচ বিষয়া এজনে ১০ জানুৱাৰীৰ পূৰ্বৰেপৰাই অৱস্থান কৰি আছিল। ফলশ্ৰুতিত ৰাইজমেলত উপস্থিত হোৱা কৃষক আৰু চৰকাৰ- এই দুয়ো পক্ষৰ মাজত সংঘৰ্ষ অনিবাৰ্য হৈ পৰিছিল। চৰকাৰী ভাষ্যমতে এই সংঘৰ্ষত কোনো লোক হতাহত হোৱা নাছিল। কিন্তু সেই অঞ্চলত প্ৰচলিত জনশ্ৰুতি মতে তাত কেবাজনো কৃষকৰ মৃত্যু হৈছিল আৰু বৰ্তমান হৰদত্ত-বীৰদত্ত ভৱনৰ সন্মুখত থকা পৰিদৰ্শন ভৱন গঢ়ি তোলা ঠাইতে সেই মৃত কৃষকসকলক গাঁত খান্দি পুতি থোৱা হৈছিল। চৰকাৰে পুলিচৰ সহায়ত ৰঙিয়া অঞ্চলৰ বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰি খাজনা সংগ্ৰহ কৰিছিল। বৰমাত ৰাইজমেল বৰ শক্তিশালী আছিল আৰু তাত এই ৰাইজমেলৰ নেতৃত্বত লাঠিয়াল বাহিনী গঢ়ি তোলাৰ লগতে যোগাযোগৰ সুবিধাৰ বাবে ডাক-পিয়নৰ নিযুক্তি দি নিজস্ব চোৰাংচোৱা ব্যৱস্থাও গঢ়ি তুলিছিল। বজালী অঞ্চলত লাচিমা, চৌখুটী, পানাগাঁও, সৰ্থেবাৰী, পাটাছাৰকুছি আদিত হাজাৰ হাজাৰ কৃষকে ৰাইজমেলত যোগদান কৰিছিল। এই অঞ্চলৰ আটাইতকৈ বৃহৎ ৰাইজমেলখন বহিছিল পানাগাঁওৰ চাপৰিত(পানাগাঁওৰ টুপত)। তাত আনকি ৰঙিয়া, নলবাৰী, ধৰ্মপুৰ, বজালী আদি উত্তৰ কামৰূপৰ বিভিন্ন অঞ্চলৰ কৃষক মিলিত হৈছিল। এই ৰাইজমেলতেই ৰাইজৰ প্ৰতি অশালীন ব্যৱহাৰ কৰাৰ শাস্তিৰূপে বৰপেটাৰ তদানীন্তন মহকুমাধিপতি মাধৱ চন্দ্ৰ বৰদলৈক ৫ টকা জৰিমনা কৰি এৰি দিছিল। আনহাতে কাপলা গাঁওত বলপূৰ্বক খাজনা আদায় কৰাৰ অপৰাধত ৰাইজে মৌজাদাৰ দাসোৰাম চৌধাৰী আৰু হলিৰাম মিশ্ৰ মণ্ডলক মাৰ-ধৰ কৰিছিল। এই মাৰ-ধৰৰ আঘাততেই শেহত কেইদিনমানৰ ভিতৰতে মণ্ডলজনৰ মৃত্যু হৈছিল। পানাগাঁওৰ ৰাইজমেলত পুষ্পৰাম কলিতা(বৃত্তিত কঁহাৰ)আৰু ব্যাসকুছিৰ সত্ৰাধিকাৰ যোগেশ্বৰ গোস্বামীয়ে মুখ্য ভূমিকা লৈছিল। কাপ্‌লা গাঁওৰ ঘটনাৰ সৈতে জড়িত প্ৰায় ৭৫ জন লোকক পুলিচে গ্ৰেপ্তাৰ কৰি চৰকাৰী জিৰণি ঘৰত থকা মহকুমাধিপতি মাধৱ চন্দ্ৰ বৰদলৈৰ ওচৰলৈ লৈ গৈছিল। কিন্তু ওচৰ-পাজৰৰ বহুসংখ্যক কৃষকে তালৈ গৈ উপস্থিত হোৱাত বৰদলৈয়ে সকলোকে মুকলি কৰি দি বৰপেটালৈ আঁতৰি গৈছিল। জিলাধিপতি মেকাবে চাহাবে ৩০ জনমান পুলিচ আৰু গোৰ্খা ৰেজিমেণ্টৰ লোকক লগত লৈ তাত উপস্থিত হৈ মুঠতে ৫৯ জন বিদ্ৰোহী কৃষকক গ্ৰেপ্তাৰ কৰিছিল। তেওঁ নিজেই এই বিদ্ৰোহীসকলৰ বিচাৰ কৰি যাক যেনেকৈ পাৰে শাস্তি বিহিছিল। লচিমাত কৃষক বিদ্ৰোহ সংগঠিত কৰা আৰু হলিৰাম মিশ্ৰ মণ্ডলক মৰাৰ অপৰাধত উক্ত ১৬ জনক বিভিন্ন প্ৰকাৰৰ শাস্তি বিহা হৈছিল। পিছত কলিকতা হাইকোৰ্টৰ নিৰ্দেশ মৰ্মে এইসকল লোকৰ শাস্তিৰ পৰিমাণ লাঘৱ কৰা হৈছিল। বিদ্ৰোহত নেতৃত্ব দিয়া আৰু অংশ গ্ৰহণ কৰাৰ অপৰাধত পুষ্পৰাম কলিতা, দেৱীদত্ত শৰ্মা, জয়ন্তী বেজ, নিৰ্ভাষা কলিতা, নাউচাকু কলিতা আৰু মংগলু কলিতাই দুবছৰকৈ সশ্ৰম কাৰাদণ্ড ভোগ কৰিব লগা হৈছিল। উত্তৰ কামৰূপত কৃষক বিদ্ৰোহৰ অন্ত নৌপৰোঁতেই চুবুৰীয়া দৰং জিলাৰ পথৰুঘাটতো বিদ্ৰোহ সংঘটিত হয়। এই বিদ্ৰোহ সংঘটিত হৈছিল বিশেষকৈ ১৮৯৪ চনৰ জানুৱাৰী মাহৰ ২৮ তাৰিখে। অৱশ্যে ভালেমান দিন আগৰেপৰাই এই অঞ্চলতো বিদ্ৰোহৰ প্ৰস্তুতি চলিছিল। বৰ্ধিত হাৰত ভূমিৰ খাজনা নিৰ্ধাৰণৰ পৰিপ্ৰেক্ষিততেই মংগলদৈ মহকুমাৰ কলাইগাঁও, মংগলদৈ, ছিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকলে ৰাইজমেলত মিলিত হৈ বিদ্ৰোহৰ পাতনি মেলিছিল। মংগলদৈৰ মহকুমাধিপতি ৰেনছমে কৃষকসকলৰ গতিবিধি লক্ষ্য কৰি আছিল আৰু তেজপুৰত জিলা সদৰলৈ সময়ে সময়ে খা-খবৰ পঠিয়াই আছিল। পৰিস্থিতি চম্ভালিবলৈ তেওঁ অৱশ্যে সাধ্যানুসাৰে সামৰিক বাহিনীৰ যা-যোগাৰ কৰি থৈছিল। সি যি নহওক, কৃষকসকলে নিজ নিজ এলেকাত ৰাইজমেল অনুষ্ঠিত কৰাৰ পিছত পথৰুঘাটত জানুৱাৰী মাহৰ ২৬ তাৰিখৰপৰা ২৮ তাৰিখলৈ তিনি দিনীয়াকৈ এখন বৃহৎ ৰাইজমেল পতাৰ সিদ্ধান্ত লৈ সেইমতে তাত গোট খাবলৈ লৈছিল। অঞ্চলটোৰ তহচিলদাৰ সকলৰপৰা পথৰুঘাটৰ এই প্ৰস্তাৱিত ৰাইজমেলৰ প্ৰস্তুতিৰ সম্ভেদ পাই মহকুমাধিপতিয়ে জিলাধিপতি জে.দি.এন্দাৰছনক সেই সম্পৰ্কে ইতিমধ্যে অৱগত কৰি থৈছিল। গতিকে তেওঁ বিদ্ৰোহ দমনাৰ্থে পুলিচ আৰু সামৰিক বাহিনীৰ মুঠতে ৩২ জন লোকক লৈ পুলিচ অধীক্ষক জে.আৰ.বেৰিংটনৰ সৈতে ২৬ তাৰিখেই পথৰুঘাটলৈ যাত্ৰা কৰিছিল আৰু পিছদিনাখন তাত উপস্থিত হৈছিল। পুলিচ-মিলিটেৰীৰ উপস্থিতিয়ে পৰিস্থিতি অধিক উত্তেজিত কৰি তুলিছিল। বিশেষকৈ পুলিচৰ সহায়ত খাজনা নিদিয়া কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰি অনা কাৰ্যই ৰাইজমেলত সমবেত কৃষকৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে আৰু উভয় পক্ষৰ মাজত এক তয়াময়া সংঘৰ্ষৰ সৃষ্টি হয়। উত্তেজিত কৃষকসকলে ৰেষ্ট কেম্পৰ ফালে ধাৱমান হয়। তেনেদৰে যোৱা প্ৰায় সকলো কৃষকৰেই হাতত আছিল লাঠি-টোকান আৰু বাঁহৰ কামি। কৃষকসকলে এইদৰে সদলবলে গৈ ৰেষ্ট কেম্পৰ সন্মুখত উপস্থিত হোৱাত জিলাধিপতিয়ে কৃষকসকলক তাৰপৰা লগতে ৰাইজমেলৰপৰা তৎকালেই ঘৰা-ঘৰি উভতি যাবলৈ কঢ়া নিৰ্দেশ দিয়ে। তাৰ অন্যথা কৰিলে শক্তি প্ৰয়োগ কৰি হ’লেও তেওঁলোকক ৰাইজমেলৰপৰা আঁতৰাই পঠিওৱা হ’ব বুলি জনাই দিয়ে। কিন্তু কৃষকসকল নাছোড়বান্দা। তেওঁলোক তাতেই অৱস্থান কৰি থকাত জিলাধিপতি এন্দাৰছনে পুলিচ অধীক্ষক বেৰিংটনক শক্তি প্ৰয়োগ কৰি হ’লেও কৃষকসকলক ৰেষ্ট কেম্পৰ সমীপৰপৰা ওচৰৰ মুকলি ঠাইলৈ খেদি পঠিয়াবলৈ নিৰ্দেশ দিয়ে। সেইমতে পুলিচ অধীক্ষকে শক্তি প্ৰয়োগ কৰি কৃষকসকলক খেদি নিছিল যদিও তেওঁলোকে জিলা প্ৰশাসনিক বিষয়াসকলক পুনৰ ৰেষ্ট কেম্পলৈ ঠেলি-হেঁচুকি লৈ আনিছিল। কৃষকসকলক পুনৰ খেদি পঠিয়াবলৈ চেষ্টা কৰাত তেওঁলোকে উত্তেজিত হৈ জিলা প্ৰশাসনিক বিষয়াসকলৰ ওপৰত আক্ৰমণ কৰিবলৈ ধৰে। তেওঁলোকৰ অস্ত্ৰ আছিল কেৱল লাঠি-টোকান, বাঁহৰ কামি আৰু দলি-চপৰা। কৃষকসকলৰ আক্ৰমণত জিলা প্ৰশাসনিক বিষয়াসকলৰ লগতে পুলিচ-মিলিটাৰীৰ লোকেও ধোঁৱা-কোঁৱা দেখিছিল। দলি-চপৰাৰ খুন্দাত কোনেও চকু মেলিব পৰা নাছিল। তেনে অৱস্থাত জিলাধিপতি এন্দাৰছনে পুলিচ অধীক্ষক বেৰিংটনক পুলিচ-মিলিটাৰীক গুলী চলাবলৈ নিৰ্দেশ দি ৰেষ্ট কেম্পলৈ দ্ৰুত বেগে উভতি আহিবলৈ কৈছিল। চৰকাৰীপক্ষই সেইদৰে ৰেষ্ট কেম্পলৈ উভতি গৈ থাকোঁতে কৃষকসকলৰ ওপৰত অহৰহ গুলীচালনা কৰি গৈছিল। তেওঁলোকে ৰেষ্ট কেম্পত গৈ নিৰাপদ অনুভৱ কৰাৰ পিছত পুনৰ বিদ্ৰোহী কৃষকসকলৰ ওপৰত নিৰ্বিচাৰে গুলীবৰ্ষণ কৰি সম্পূৰ্ণৰূপে বিদ্ৰোহ নিপাত কৰাত লাগি গৈছিল। আবেলিলৈ এই তীব্ৰ অথচ একপক্ষীয় সামৰিক সংঘৰ্ষৰ অন্ত পৰাত জিলা প্ৰশাসনিক বিষয়াসকলে স্বস্তিৰ নিশ্বাস পেলাইছিল। পথৰুঘাটত চৰকাৰী পক্ষৰ আক্ৰমণত ভালেমান বিদ্ৰোহী কৃষক নিহত হৈছিল। আনহাতে চৰকাৰী পক্ষত কোনো লোক নিহত হোৱা নাছিল। চৰকাৰী হিচাপ মতে পুলিচ-মিলিটাৰীৰ আক্ৰমণত কৃষকসকলৰ ১৫ জেনে মৃত্যুবৰণ কৰিছিল আৰু অন্যান্য ৩৭ জনে আঘাত পাইছিল। আনহাতে বেচৰকাৰী তথ্য মতে এই বিদ্ৰোহত মুঠতে ১৪০ জন কৃষকৰ মৃত্যু হোৱাৰ উপৰিও প্ৰায় ১৫০ জন আঘাতপ্ৰাপ্ত হৈছিল। পথৰুঘাটৰ এই বিদ্ৰোহ সাম্ৰাজ্যবাদী চৰকাৰে বৰ কঠোৰ হাতেৰে দমন কৰিছিল। জিলাধিপতি এন্দাৰছনে স্বীকাৰ কৰি গৈছে, ‘কৃষকসকলৰ ওপৰত জাপি দিয়া শাস্তি বৰ কঠোৰ আছিল আৰু মই আশা আৰু বিশ্বাস কৰোঁ যে এইটো বৰ ফলদায়ক আছিল’। চৰকাৰী ভাষ্য মতে ৰাইজমেল তথা বিদ্ৰোহত অংশ গ্ৰহণ কৰাৰ অপৰাধত মুঠতে ৩৭ জন কৃষকক গ্ৰেপ্তাৰ কৰি বিচাৰ কৰা হৈছিল। বিচাৰ কাৰ্য সমাধা কৰিছিল মংগলদৈৰ মহকুমাধিপতি ৰেনছম চাহাবে। তেওঁ গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত আকলু শ্বেখ আৰু অন্যান্য ৬জনক শাস্তি বিহি বাকীসকলক মুকলি কৰি দিছিল। এই বিদ্ৰোহৰ অন্ত পৰাৰ লগে লগে অসমত ব্ৰিটিছ সাম্ৰাজ্যবাদ বিৰোধী ঊনবিংশ শতিকাৰ কৃষক বিদ্ৰোহৰ সামৰণি পৰিছিল। অৱশ্যে ১৮৬১ চনৰেপৰা চলি অহা এই লানি কৃষক বিদ্ৰোহে পৰৱৰ্তীকালৰ অসমৰ ৰাজনৈতিক স্বাধীনতা সংগ্ৰামৰ ভিত্তি প্ৰস্তৰ স্থাপন কৰাৰ লগতে অনুপ্ৰেৰণাৰ অফুৰন্ত উৎস হিচাবেও কাম কৰিছিল।

জনজাতীয় বিদ্ৰোহৰ বুৰঞ্জী

উত্তৰ-পূৰ্বাঞ্চলত ব্ৰিটিছৰ ৰাজ্য বিস্তাৰ আৰু সম্প্ৰসাৰণৰ ইতিহাস কোনো কালেই শান্তিপূৰ্ণ নাছিল। ই আছিল ৰক্তাক্ত সংঘৰ্ষৰে পৰিপূৰ্ণ মৰ্মন্তুদ কাহিনী। ব্ৰিটিছৰ সম্প্ৰসাৰণবাদী নীতিৰ বাস্তৱায়ন কাৰ্য কোনো দিনেই প্ৰতিৰোধ সংগ্ৰাম অবিহনে আগবাঢ়িব পৰা নাছিল। ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৰাজনৈতিক আৰু কৃষক বিদ্ৰোহ আদিৰ সমসাময়িকভাৱে পাহাৰীয়া জনজাতিসকলেও ব্ৰিটিছৰ বিৰুদ্ধে সততে প্ৰতিৰোধ সংগ্ৰাম সংগঠিত কৰিছিল। গোষ্ঠীগত বিভিন্নতা আৰু পৃথকত্বৰ সুযোগ লৈ ব্ৰিটিছে নিজৰ হাতত থকা উন্নত সামৰিক শক্তিৰ বলত এই পাহাৰীয়া জনজাতিসকলৰ প্ৰতিৰোধ সংগ্ৰামকো কঠোৰ হাতেৰে দমন কৰি তেওঁলোকৰ ওপৰত নিজৰ সাৰ্বভৌমত্ব প্ৰতিষ্ঠা কৰিছিল। সততে স্বাধীনতাপ্ৰিয় আৰু প্ৰত্যাশী এই জনজাতিসকলৰ ব্ৰিটিছ বিৰোধী প্ৰতিৰোধ সংগ্ৰাম অঞ্চলটোৰ ইতিহাসৰ একো একোটা চমকপ্ৰদ অধ্যায়। ১৮৩৫ চনত জয়ন্তীয়া পাহাৰ কোম্পানীৰ ৰাজ্যৰ সৈতে এই চামিল কৰাত স্বাভাৱিকতে স্বাধীনচেতা জয়ন্তীয়া জনজাতিসকল বিক্ষুদ্ধ হৈ আছিল। এনেতে ১৮৬০ চনত জয়ন্তীয়া সকলৰ ওপৰত চৰকাৰে ঘৰমূৰি আৰু পিছৰ বছৰত আয়কৰ প্ৰৱৰ্তন কৰাত তেওঁলোকৰ মাজত ব্যাপক অসন্তুষ্টি আৰু উত্তেজনাৰ সৃষ্টি হৈছিল। ব্ৰিটিছৰ ৰাজহ নীতিৰ উপৰিও জয়ন্তীয়াসকলৰ ধৰ্মীয় আৰু পৰম্পৰা অনুযায়ী চলি অহা অনুষ্ঠানসমূহৰ ওপৰত প্ৰৱৰ্তন কৰা নিষেধাজ্ঞাইও তেওঁলোকক ব্ৰিটিছ বিদ্বেষী কৰি তুলিছিল। এনে পৰিস্থিতিত জয়ন্তীয়া লোকসকলে তেওঁলোকৰ চৰ্দাৰ আৰু দলৈসকলৰ সৈতে গাঁও সভাত মিলিত হৈ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ প্ৰস্তুতি চলাইছিল। প্ৰথমতে তেওঁলোকে ঘৰমূৰি কৰ প্ৰৱৰ্তন কৰাৰ সময়তে জোৱাইৰ তহচিলদাৰজনক আঁতৰাই থৈ বিদ্ৰোহৰ সূচনা কৰে। জোৱাইত সংঘটিত অন্যান্য অঞ্চলত সদৰি হৈ পৰাত বিশেষকৈ জয়ন্তীপুৰ, মূলাগোল, জাফলং, ছেৰা আদিতো বিদ্ৰোহৰ বা’ বলিবলৈ আৰম্ভ কৰে। কিন্তু চৰকাৰে বিদ্ৰোহীসকলৰ প্ৰতি কঠোৰ নীতি লোৱাত ১৮৬১ চনত ওকিয়াং নংবাহৰ নেতৃত্বত সমগ্ৰ জয়ন্তীয়া লোক ব্ৰিটিছ বিৰোধী বিদ্ৰোহত চামিল হৈ পৰিছিল। জয়ন্তীয়াসকলৰ চৰ্দাৰ আৰু দলৈসকলে জোৱাইৰ ওচৰত এক গুৰুত্বপূৰ্ণ সভাত মিলিত হৈ জয়ন্তীয়া পাহাৰৰপৰা ব্ৰিটিছৰ ৰাজনৈতিক কৰ্তৃত্ব ওফৰাই পেলাই তাত পুনৰ জয়ন্তীয়াসকলৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ বাবে সংকল্পবদ্ধ হৈছিল। এই ঘটনা ব্ৰিটিছ বিৰোধী জয়ন্তীয়া বিদ্ৰোহৰ এক প্ৰধান বিৱৰ্তন বিন্দুৰূপে পৰিগণিত হৈ আহিছে। বিদ্ৰোহৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ পিছত জয়ন্তীয়াসকলে ১৮৬২ চনৰ ১৭ জানুৱাৰী তাৰিখে জোৱাইত থকা ব্ৰিটিছ ছাউনীত অতৰ্কিতে আক্ৰমণ কৰে। আক্ৰান্ত ব্ৰিটিছ ছাউনীলৈ কোনো ফালৰপৰা যাতে সামৰিক সাহায্য আহিব নোৱাৰে তেওঁলোকে তাৰো পূৰ্ব প্ৰস্তুতি কৰি ৰাখিছিল। সেইমৰ্মে তেওঁলোকে জোৱাই-ছেৰাপুঞ্জী আৰু ছেৰাপুঞ্জী-জয়ন্তীপুৰৰ মাজৰ দুয়োটা পথকেই আগতীয়াকৈ অৱৰোধ কৰি ৰাখিছিল। বিদ্ৰোহ দমন কৰিবলৈ চৰকাৰে নিয়োগ কৰা ৪৪ নং দেশীয় পদাতিক আৰু ৩৩ নং বেংগল মিলিটাৰী পুলিচ বাহিনীৰ লোকে জয়ন্তীয়াসকলৰ ওপৰত অমানুষিক অত্যাচাৰ আৰম্ভ কৰিছিল। সিহঁতে জয়ন্তীয়াসকলৰ গাঁও, ঘৰ-বাৰী আৰু শস্য ভঁৰালসমূহ বিধ্বস্ত কৰিছিল যদিও বিদ্ৰোহীসকলেও প্ৰতিপক্ষৰ অসংখ্য লোকক হত্যা কৰিছিল। দুয়োপক্ষৰ মাজত তীব্ৰ সংঘৰ্ষ অব্যাহত থকা অৱস্থাতেই কোম্পানীৰ চৰকাৰে ইষ্টাৰ্ন কমাণ্ডাৰ ব্ৰিগেডিয়াৰ-জেনেৰেল জি.ডি.শ্বাৱাৰছক সমগ্ৰ জয়ন্তীয়া পাহাৰৰ ওপৰত সামৰিক আৰু অসামৰিক ক্ষমতা আৰু কৰ্তৃত্ব প্ৰদান কৰাৰ লগতে বি.ডব্লিউ. ডি.মৰ্টনক খাচী-জয়ন্তীয়া পাহাৰৰ ডেপুটি কমিছনাৰ নিয়োগ কৰিছিল। ইপিনে উপৰ্যুপৰি হোৱা চৰকাৰী আক্ৰমণত লাহে লাহে বিদ্ৰোহীসকলৰ শক্তি হ্ৰাস হৈ অহাত চৰকাৰে তেওঁলোকৰ অনুগত দুই-এজন জয়ন্তীয়া মুখিয়াললোকৰ মধ্যস্থতাত বিদ্ৰোহীসকলৰ সৈতে শান্তি স্থাপনৰ চেষ্টা চলাইছিল। একে সময়তে তেওঁলোকে বিদ্ৰোহীসকলে স্বেচ্ছাই আত্মসমৰ্পণ কৰিলে সাধাৰণ ক্ষমা দান কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও ওকিয়াং নংবাহক কোনো লোকে জীবন্তে ধৰি দিব পাৰিলে তেওঁক ১০০০ টকাৰ পুৰষ্কাৰ দিয়াৰ কথা ঘোষণা কৰিছিল। অৱশেষত ওকিয়াং নংবাহ ব্ৰিটিছৰ হাতত ধৰা পৰে আৰু ব্ৰিটিছে তেওঁক জোৱাইত ভালেমান লোকৰ উপস্থিতিত ফাঁচি দি হত্যা কৰিছিল। এই ঘটনাৰ পিছত ১৮৬৩ চনৰ ভিতৰতে আন ভালেমান বিদ্ৰোহীয়েও আত্মসমৰ্পণ কৰাত লাহে লাহে জয়ন্তীয়া বিদ্ৰোহৰ অন্ত পৰে। অসমৰ অন্যান্য দাঁতি কাষৰীয়া পাহাৰীয়া জনজাতিসকলেও ব্ৰিটিছৰ সম্প্ৰসাৰণবাদী নীতিৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম সংগঠিত কৰিছিল। কিন্তু সাম্ৰাজ্যবাদী ব্ৰিটিছৰ উন্নত সামৰিক শক্তিৰ আগত এই বিদ্ৰোহ তিষ্ঠি থাকিব পৰা নাছিল। গাৰো, নগা, লুছাই- এই পাহাৰীয়া জনজাতিসকলে পৰম বিক্ৰমেৰে যুঁজিও ব্ৰিটিছৰ বিৰুদ্ধে জয় লাভ কৰিব পৰা নাছিল। উক্ত সকলো জনজাতিকে পৰাভূত কৰি ব্ৰিটিছে তেওঁলোকৰ দ্বাৰা অধ্যুষিত পাহাৰসমূহ এখন এখনকৈ অসম প্ৰশাসনৰ অধীনলৈ আনিছিল। ঊনবিংশ শতিকাৰ শেষাৰ্ধৰ পাহাৰীয়া জনজাতীয় বিদ্ৰোহৰ ভিতৰত উত্তৰ-কাছাৰৰ সম্বোধন কছাৰীৰ বিদ্ৰোহ এক উল্লেখনীয় ৰাজনৈতিক-সামৰিক বিদ্ৰোহ আছিল। ১৮৮১-৮২ৰ কালছোৱাত প্ৰায় এবছৰতকৈ অধিক কাল ধৰি চলা এই বিদ্ৰোহৰ কেন্দ্ৰস্থল আছিল উত্তৰ-কাছাৰৰ মাইবং। উত্তৰ-কাছাৰৰ ওপৰত আংগামী নগাসকলৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ১৮৮০ চনত চৰকাৰে ১০০ জন কুকী লোকেৰে কুকী বাহিনী এটি গঠন কৰাৰ লগতে এই অঞ্চলৰ জনজাতিসকলক বশীভূত কৰি ৰাখিবলৈ ইংৰাজ বিষয়া এজনক মকৰল কৰিছিল। বোধহয় এইবিলাক কাৰণতেই সম্বোধন কছাৰীৰ নিৰ্দেশত বিদ্ৰোহৰ সূত্ৰপাত হৈছিল। বিদ্ৰোহীসকলে ইংৰাজ চৰকাৰে নিৰ্মাণ কৰা ঘৰ-দুৱাৰসমূহ অগ্নি সংযোগ কৰি বিধ্বস্ত কৰিছিল। এনে অৱস্থাত ১৮৮২ চনৰ ১৫ জানুৱাৰী তাৰিখে উত্তৰ-কাছাৰ পাৰ্বত্য জিলাৰ ডেপুটী কমিছনাৰ মেজৰ বয়দে এজন ইউৰোপীয় বিষয়া আৰু প্ৰায় ২৫ জনমান পুলিচ লগত লৈ বিদ্ৰোহ দমন কৰিবলৈ নতুন জিলা সদৰ গুণজুঙৰপৰা মাইবঙলৈ যাত্ৰা কৰিছিল। কিন্তু মাইবঙত তেওঁ বিদ্ৰোহীসকলৰ কাকোৱেই নাপালে। কিয়নো বিদ্ৰোহীসকলে ইতিমধ্যে তাৰপৰা গুণজুং অভিমুখে যাত্ৰা কৰিছিল। গুণজুঙত উপনীত হৈ বিদ্ৰোহীসকলে সকলোবোৰ চৰকাৰী ঘৰ-দুৱাৰ অগ্নি সংযোগ কৰি বিধ্বস্ত কৰাৰ লগতে দুজন চাকৰ আৰু এজন পুলিচক হত্যা কৰে। ইয়াৰ পিছত বিদ্ৰোহীসকলে ক্ষীপ্ৰ গতিৰে মাইবঙলৈ গৈ তাত চৰকাৰী পক্ষক অতৰ্কিতে আক্ৰমণ কৰে। দুয়োপক্ষৰ মাজত তীব্ৰ সংঘৰ্ষ হয়। বিদ্ৰোহীসকলৰ ভালেমানে মৃত্যুমুখত পৰে আৰু চৰকাৰী পক্ষৰ মেজৰ বয়দো গুৰুতৰভাৱে আহত হয়। ইয়াৰ ফলতেই তেওঁ কিছুদিন পাছত মৃত্যুবৰণ কৰে। এই বিদ্ৰোহৰ নেতা সম্বোধন কছাৰী ১৮৮২ চনৰ শেহলৈ ভালেমান দিন চৰকাৰৰ হাতত ধৰা নপৰাকৈ আছিল, কিন্তু শেষত তেওঁৰ কি হ’ল একো জনা নেযায়। বিভিন্ন জনগোষ্ঠীত বিভক্ত নগা জনজাতিৰ লোকসকলে ব্ৰিটিছৰ ৰাজনৈতিক নিয়ন্ত্ৰণ কোনোপধ্যে পচন্দ কৰা নাছিল। ফলশ্ৰুতিত ব্ৰিটিছ অধিকৃত নগা ৰাজ্যসমূহত আৰম্ভণিৰেপৰাই এক চেপা উত্তেজনা বিৰাজ কৰিছিল। ১৮৭৮ চনৰ অক্টোবৰ মাহত নগাসকলে ৰাজনৈতিক বিষয়া ডামাণ্টক তেওঁৰ ভালেমান সহযোগী আৰু নিৰাপত্তাৰক্ষীসহ হত্যা কৰি নিজৰ স্বাধীনতা স্পৃহাৰ পৰিচয় দিছিল। আনকি তেওঁলোকে ভালেমান দিন ধৰি কহিমাও অৱৰোধ কৰি ৰাখিছিল। কৰ্ণেল জনষ্টোনৰ নেতৃত্বত যোৱা প্ৰায় ২০০০ সামৰিক লোকে আংগামী নগাসকলৰ এই বিদ্ৰোহ মষিমূৰ কৰিছিল। ইংৰাজ চৰকাৰে বিদ্ৰোহত জড়িত প্ৰায় ১৩ খনমান আংগামী নগা গাঁও সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিছিল। কোম্পানীৰ চৰকাৰৰ বিষয়া-কৰ্মচাৰীৰ অত্যাচাৰ-উৎপীড়নত তিষ্ঠিব নোৱাৰি অৱশেষত এই আংগামী নগাসকলে আত্মসমৰ্পণ কৰিছিল। মণিপুৰ ভালেমান বছৰৰ পূৰ্বৰপৰাই ব্ৰিটিছৰ দ্বাৰা আশ্ৰিত আৰু স্বীকৃত দেশীয় ৰাজ্যৰূপে বৰ্তি আছিল। এই ৰাজ্য অসম প্ৰশাসনৰ বাহিৰত আছিল। কিন্তু ১৮৯১ চনত মণিপুৰত সিংহাসন প্ৰাপ্তিৰ বাবে ৰাজপৰিয়ালৰ সদস্যসকলৰ মাজত আৰম্ভ হোৱা ষড়যন্ত্ৰৰ সুযোগ লৈ অসমৰ চীফ কমিছনাৰে তাত হস্তক্ষেপ কৰিছিল। তাৰেই পৰিণতিস্বৰূপে অসম প্ৰশাসন তথা ইংৰাজ বিষয়াসকল মণিপুৰীসকলৰ ৰোষৰ বলি হৈছিল। জে.ডব্লিউ কুইনণ্টন আৰু অন্যান্য চাৰিজন ইউৰোপীয় বিষয়া টিকেন্দ্ৰজিৎ সিঙৰ নেতৃত্বত থকা জাতীয়তাবাদীসকলৰ হাতত মৃত্যুবৰণ কৰিছিল। ব্ৰিটিছে অৱশ্যে টিকেন্দ্ৰজিতৰ নেতৃত্বত সংঘটিত হোৱা এই তাৎক্ষণিক বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰিছিল। ব্ৰিটিছে বিদ্ৰোহৰ নেতা টিকেন্দ্ৰজিতক মৃত্যুদণ্ডেৰে দণ্ডিত কৰি ফাঁচি দি মাৰিছিল। এইদৰে অসমৰ আশে-পাশে থকা ভালেমান পাহাৰীয়া ৰাজ্যৰ জনজাতীয় বিদ্ৰোহ দমন কৰি ব্ৰিটিছে তেওঁলোকৰ শাসন ব্যৱস্থা অক্ষুণ্ণ ৰাখিছিল।

উৎস: সমাজ বিজ্ঞান।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate