অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বৃটিছৰ সম্প্ৰসাৰণ

বৃটিছৰ সম্প্ৰসাৰণ

বাৰ্ম্মীসকলক বিতৰণ কৰাৰে সময় ব্ৰহ্মপুত্ৰ উপত্যকাৰ লোকৰ অৱস্থা বৰ শোচনীয়া আছিল। প্ৰায় ৩০ হাজাৰ অসমীয়াক বাৰ্ম্মীয়ে দাস হিচাবে ধৰি নিছিল। এজন জনাশুনা স্থানীয় লোকৰ মতে, গৃহবিবাদৰ সৈতে স্ংশ্লিষ্ট যুদ্ধবিগ্ৰহত অসমীয়া লোকৰ স্ংখ্যা এনেয়ে বহুত হ্ৰাস হৈছিল আৰু এতিয়া বৰ্ম্মীৰ অসভ্য আৰু আমানুষিক অত্যাচাৰত তেওঁলোকৰ স্ংখ্যা আৰু তাকৰ হ’ল। যিসকল বাচি থাকিল, তেওঁলোকেও দীঘলীয়া যুদ্ধসমূহ বৰ্ম্মীৰ নিৰ্যাতনত খেতি-বাতি প্ৰায় কৰিবই নোৱাৰা হ’ল। অৰণ্যৰ কচুজাতীয় খাদ্য আৰু ফল-মূল খাই তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল। শত্ৰুৰ তৰোৱাল আৰু বন্দী অৱস্থাৰ পৰা যিসকলে নিজকে কোনোমতে বচাই ৰাখিছিল তেওঁলোকৰো হাজাৰ হাজাৰজন আকাল আৰু বিভিন্ন ৰোগাক্ৰান্ত হৈ মৃত্যু মুখত পৰিল। কিছুস্ংখ্যক আহোম ডাঙৰীয়া আৰু গোসাঁই গোৱালপাৰা ওলাইছিলগৈ। এওঁলোকক অনুসৰণ কৰি কিছুস্ংখ্যক সাধাৰণ প্ৰজাও গোৱালপাৰালৈ গৈছিল। মানৰ আক্ৰমণত এওঁলোকৰ প্ৰত্যেকেই প্ৰায় সৰ্ব্বস্বান্ত হৈছিল। পিছলৈ ডা-ডাঙৰীয়া আৰু গোসাঁই সকলে নিজ নিজ ঠাইলৈ উভতি গ’লেও সাধাৰণ প্ৰজাৰ ভালেমান সেই ঠাইতে ৰৈ গ’ল। আজিও গোৱালপাৰাৰ পূব অঞ্চলত এই লোকসকলৰ সতি-সন্ততিসকলে বাস কৰে।

বৰ্ম্মীসকলৰ পৰা অসম সম্পূৰ্ণভাৱে মুক্ত হ’লত এতিয়া ইয়াৰ প্ৰশাসন ব্যৱস্থা কি হ’ব সেই বিষয়ে চিন্তা কৰা হ’ল। মণিপুৰ বৰ্ম্মীৰ হাতৰ পৰা মুক্ত কৰাত গম্ভীৰ সিঙে আগভাগ লৈছিল বাবে তেওঁৰ অন্যান্য ভাই-ককাইতকৈ সেই ৰাজ্যত তেওঁৰ দাবীক অগ্ৰাধিকাৰ দি বৃটিছে তেওঁক মণিপুৰৰ ৰজা পাতিলে। জয়ন্তীয়া পাহাৰ আৰু সুৰমা নৈৰ উত্তৰপাৰৰ অঞ্চলটোত জয়ন্তীয়া ৰজা ৰামসিঙক স্বীকৃতি দিয়া হ’ল। কাছাৰৰ ৰাজপাটত প্ৰতিস্থিত হ’ল গোবিন্দ চন্দ্ৰ। ১৮২৪ খৃ: ৰ ৬ মাৰ্চত বদৰপুৰত হোৱা এখন চুক্তিমতে গোবিন্দচন্দ্ৰই বৃটিছৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি কোম্পানীক বছৰি ১০,০০০ হাজাৰ টকাৰ কৰ দিবলৈ মান্তি হ’ল। আন কোনো ৰজাৰ সৈতে কোনো বিবাদ হ’লে কোম্পানীয়ে তাত মধ্যস্থতা কৰিব আৰু কোনো তৃতীয় শক্তিয়ে আক্ৰমণ কৰিলে তেওঁক ৰক্ষা কৰিব বুকিও চুক্তিত উল্লেখ থাকিল। তেওঁৰ ৰাজ্য দখল কৰা মণিপুৰী ৰাজকোৱৰ কেইজনৰ ক্ষেত্ৰতো ব্যৱস্থা লোৱাৰ বাবে কোম্পানী প্ৰতিশ্ৰুতিবদ্ধ হ’ল। কাছাৰৰ আভ্যন্তৰীণ প্ৰশাসনৰ সম্পুৰ্ণ দায়িত্ব এই চুক্তি মতে গোবিন্দচন্দ্ৰক অৰ্পণ কৰা হ’ল।

ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমস্যাসমূহ আছিল সুকীয়া। কেইবাবছৰ ধৰি বৰ্ম্মীসকলে এই ঠাই নিজ দখলত ৰাখি ইয়াৰ প্ৰসাশনিক ব্যৱস্থাত ভালেমান ওলট-পালট ঘটাইছিল। এই অঞ্চলৰ লোকসকলৰ মাজত একতাও নাছিল।বৰ্ম্মীৰ আগমনৰ আগৰে পৰা ইয়াত কেইবাবছৰ ধৰি গৃহযুদ্ধ চলিছিল। এই মিলাপ্ৰীতি নথকা লোকসকলৰ কোনো এটা দলৰ এজন প্ৰাৰ্থীক যদি এতিয়া ব্ৰিটিছে ৰজা পাতে তেন্তে, তেওঁলোকে এই ঠাই এঅৰি যোৱাৰ লগে লগে যে আৰু এখন গৃহযুদ্ধৰ সুত্ৰপাত হ’ব সি ধুৰুপ। সেয়ে ভাবি-গুণি বৃটিছে উজনি অসমৰ শদিয়া আৰু মটকৰ বাহিৰে সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকা কিছু কালৰ কাৰণে হ’লেও পোনপটিয়াকৈ নিজৰ শাসনৰ অধীনলৈ অনাৰ সিদ্ধান্ত ল’লে।

১৮২৩ খৃ:ৰ নবেম্বৰ মাহত এই অঞ্চলৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছিল ডেভিড স্কটক। উত্তৰে চিকিম আৰু দক্ষিণে কাছাৰ চিলেটৰ পৰা সমগ্ৰ পুৰ্বাঞ্চলৰ বাবে তেওঁ গভৰ্ণৰ জেনেৰেলৰ এজেণ্ট হিচাবে নিযুক্ত হৈছিল। সেই সময়ত ডেভিড স্কটে উত্তৰ-পুব ৰ্ংপুৰ অৰ্থাত গোৱালপাৰা আৰু গাৰো পাহাৰৰ বিশেষ অসামৰিক কমিছনাৰ আৰু চিলেট জিলাৰ ন্যায়াধীশ হিচাবেও দায়িত্ব পালন কৰিছিল। এতিয়া সেই পদ দুটাৰ উপৰিও এই নতুন দায়িত্ব ভাৰ গ্ৰহণ কৰিবলৈ তেওঁৰ অধিক কৰ্মচাৰীৰ প্ৰয়োজন হৈছিল। উজনি অসমত জিলা সমূহৰ প্ৰশাসনত তেওঁক অব্যাহতি দিবৰ বাবে এজন সহকাৰী নিযুক্ত হ’ল। প্ৰথমে কৰ্ণেল কুপেৰ আৰু পিছলৈ ১৮২৮ খৃ:ত বৰ্ম্মী যুদ্ধ খ্যাত কেপ্তেইন নিউফৱিল্লে এই পদত নিযুক্ত হৈছিল। তেওঁলোকৰ সদৰ কাৰ্যালয় প্ৰথমতে শিৱসাগৰৰ ওচৰৰ ৰ্ংপুৰত আছিল। কিছুদিনৰ মূৰত এই কাৰ্যালয় যোৰহাটলৈ স্থানান্তৰ কৰা হয়। নামনি অসমৰ প্ৰশাসন ডেভিদ স্কটে অকলশৰীয়াকৈ চোৱাচিতা কৰাত অসুবিধা পাইছিল। তেওঁৰ উপৰ্যুপৰি জৰুৰী অনুৰোধৰ মুৰকত অৱশেষত কেপ্তেইন আদম হোৱাইটক তেওঁৰ কাম-কাজত সহায় কৰিবলৈ পঠিওৱা হৈছিল।

প্ৰায় এহেজাৰ সৈন্যৰে গঠিত অসম লাইট ইনফেণ্ট্ৰী বা অসম লঘু পদাতিক বাহিনী এটাও কেপ্তেইন নিউফৱিল্লেৰ অধীনত আছিল। ১৮১৭ খৃ:ত কটকত এই বাহিনীটো গঠন কৰা হৈছিল। পিছত ইয়াক বঙ্গৰ ৰ্ংপুৰলৈ স্থানন্তৰ কৰি অৱশেষত অসমলৈ পঠিওৱা হৈছিল। হিন্দুস্থানী, গোৰ্খা, কিছুস্ংখ্যক মণিপুৰী আৰু স্থানীয় লোকেৰে এই বাহিনীটো গঠিত হৈছিল।

মটক আৰু শদিয়াক গভৰ্ণৰ জেনেৰেলৰ এজেণ্টৰ প্ৰশাসনৰ ভিতৰত অন্তৰ্ভুক্ত নকৰাৰ বিষয়ে আগেয়ে উল্লেখ কৰা হৈছে। শদিয়াৰ দক্ষিণে ব্ৰহ্মপুত্ৰ আৰু বুঢ়ী দিহিঙৰ মাজত থকা মটক ৰাজ্য প্ৰধানকৈ মোৱামৰীয়া লোক সকলৰ বাসভূমি আছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে এই ৰাজ্যৰ মুখীয়ালজনক বৰ সেনাপতি পদবী দিচিল। বৰ্তমান সেইজন বৰ সেনাপতিৰ পুত্ৰ এজন মটকৰ বৰসেনাপতি আছিল। শাসক হিচাবে এইজন বৰসেনাপতি বৰ উপযুক্ত বুলি প্ৰমাণিত হৈছিল। বৰ্ম্মী আক্ৰমণৰ সময়ত তেওঁ নিজ অঞ্চলৰ লোকক বৰ্মিৰ গৰাহৰ পৰা ৰক্ষা কৰিছিল। সেই বিপদৰ দিনত যোৰহাটৰ পশ্চিমলৈকে উতপাত কৰা ছিংফৌসকলৰ হাতৰ পৰাও তেওঁ নিজৰ মানুহখিনিক বচাব পাৰিছিল। মটক ৰাজ্যৰ সোঁমাজত ডিব্ৰুনৈৰ দাতিৰ ৰঙাগঢ়া তেওঁঅৰ ৰাজধানী আছিল। ব্ৰিটিছে বৰসেনাপতিক অৰ্ধ-স্বাধীনভাৱে নিজ ৰাজ্যত স্বীকৃতি দিলে। ১৮২৬ খৃ: ৰ মে’ মাহত বৃটিছৰ সৈতে হোৱা এখন চুক্তিত তেওঁৰ মুঠ পাইকৰ দুভাগৰ তিনিভাগ ব্ৰিটিছ চৰকাৰক দিবলৈ কোৱা হ’ল। কিন্তু কাৰ্যক্ষেত্ৰত এই চৰ্ত পূৰণত ভালেমান বিজুতিয়ে দেখা দিলে। পাইক বিলাক বৃটিছৰ অঞ্চলৰ পৰা পলাই গৈছিল। বৰ সেনাপতিয়ে মনে মনে এনে পাইকক আকৌ নিজ ৰাজ্যত থাকিবলৈ দিছিল। সেয়ে পাইককে আদি কৰি অন্যান্য সকলোবোৰ দাবী পৰিহাৰ কৰি বৃটিছে তাৰ সলনি বৰ সেনাপতিক বছৰি ১২০০০ কৈ টকা কোম্পানীক দিবলৈ কলে। এই টকাৰ পৰিমাণ বৰ সেনাপতিয়ে আহোমক দিয়া টকাৰ পৰিমাণতকৈ ২০০০ টকা বেছি আছিল। এই হাৰ বৰ বেছি হৈছে বুলি বৰ সেনাপতিয়ে বহু কাবৌকোকালি কৰাত ইয়াৰ পৰিমাণ বছৰি ১৮০০ টকালৈ হ্ৰাস কৰা হৈছিল। অৱশ্যে এই পৰিশোধিত হাৰ কেৱল তেওঁৰ জীৱিত কাললৈকেহে প্ৰযোজ্য হ’ব বুলি বৃটিছ চৰকাৰে সকিয়াই দিছিল। বৃটিছে বৰসেনাপতিক ৩০০ বন্দুক দি আৱশ্যক হ’লে তেওঁলোকক সৈন্যৰে সহায় কৰাৰ প্ৰতিশ্ৰতি লৈছিল। বৰসেনাপতিয়ে প্ৰতিজন মৰাণ বা কছাৰীৰ পৰা জনমূৰি ৩ টকা, বিহি বা সোণকঢ়া লোকৰ পৰা জনমূৰি আঠ অনা আৰু সাধাৰণ অসমীয়া প্ৰজাৰ পৰা ২ টকাকৈ স্থানীয় কৰ স্ংগ্ৰহ কৰিছিল।

১৭৯৪ খৃ:ত খামতিসকলে কিদৰে আহোমৰ শদিয়া খোৱা গোহাঁইক আঁতৰাই নিজৰ মনোনীত এজনক শদিয়াখোৱা গোহাঁই পাতিছিল সেই বিষয়ে আগতে উল্লেখ কৰা হৈছে। কমলেশ্বৰ সিংহৰ দিনত খামতিক দমন কৰা হৈছিল। কিন্তু ইয়াৰ পৰৱৰ্তীকালৰ আহোম ৰাজ্যত দেখা দিয়া বেমেজালিৰ সুযোগত তেওঁলোক আকৌ জাগ্ৰত হয়। বৃটিছেও তেওঁলোকৰ মুখীয়ালজনক এতিয়া আইনত: শাসক বুলি স্বীকৃতি দিয়ে। এওঁ বৃটিছক কোনো ধৰণৰ কৰ দিব  নালাগিছিল। কিন্তু তেওঁ ২০০ লোকেৰে গঠিত এটা ফৌজ ৰাখিবলৈ মান্তি হৈছিল। এই ফৌজটোক অসম লঘূ পদাতিক বাহিনীৰ এজন স্থানীয় বিষয়াই বছৰৰ ৪ মাহ প্ৰশিক্ষণ দিছিল। এওঁলোকৰ অস্ত্ৰ-শস্ত্ৰসমূহ বৃটিছে দিছিল। এই ফৌজটোৱে চুবুৰীয়া অঞ্চলৰ অশান্ত পাহাৰীয়া জনজাতীয়লোকে যাতে আহি কোনো উপদ্ৰপ কৰিব নোৱাৰে তাৰ সজাগ দৃষ্টি ৰাখিছিল। শদিয়াৰ স্থানীয় প্ৰশাসনৰ দায়িত্ব খামতি মুখীয়ালজনৰ ওপৰত ন্যস্ত্ আছিল। স্থানীয় অসমীয়া প্ৰজাৰ মাজত কিবা হাই-কাজিয়া হ’লে এই মুখীয়ালজনেই তাৰ মিমাংসা কৰিছিল। অসমীয়াৰ পৰা জনমুৰি এটকাকৈ কৰ লোৱা হৈছিল। অসমীয়া লোকে কোনো গুৰুতৰ অপৰাধ কৰিলে বৃটিছ পলিটিকেল অফিচাৰ বা ৰাজনৈতিক বিষয়াক সেই অভিযোগৰ গোচৰ দিয়া হৈছিল।

মোৱামৰীয়াবিলাকৰ সীমান্তৰ পৰা পূৱদিশত নোৱা দিহিং আৰু টেঙাপানী নৈৰ সিপাৰে থকা সমতল খণ্ডত ছিংফৌসকলে বসবাস কৰিছিল। এই লোকসকলেও বৃটিছৰ বশ্যতা স্বীকাৰ কৰিলে। এওঁলোকেও বৃটিছক একো কৰ দিব নালাগিছিল। কিন্তু বিছাৰ মুখীয়াল বা গামে আৱশ্যক অনুযায়ী বৃটিছক ৮০ জন সৈন্য দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হ’ল। তদুপৰি পাটকাই পৰ্বতৰ গিৰিপথ অঞ্চলত কোনো ধৰণৰ বিপদৰ সম্ভাৱনা দেখিলে ততক্ষণাত এই বিষয়ে বৃটিছক জনবলৈকো তেওঁক সকিয়াই দিয়া হৈছিল। উল্লেখযোগ্য যে এসময়ত এই গিৰিপথটোৱেদিয়েই আহোম সকলে অসম প্ৰৱেশ কৰিছিল। বৰ্ম্মী আক্ৰমণকাৰীসকলেও এই গিৰিপথেদি অসমলৈ আহিছিল। ব্ৰহ্মপুত্ৰ উপত্যকাৰ এটা বিৰাট অঞ্চলৰ প্ৰশাসনিক দায়িত্বত ডেভিদ স্কট। এই দায়িত্বৰ উপৰিও তেওঁ আৰু ভালেমান দায়িত্বৰ সৈতে স্ংশ্লিষ্ট আছিল। তেওঁৰ অধীনস্থ কৰ্ম্মচাৰীৰ সংখ্যাও সীমিত আছিল। এই অঞ্চলটো বৃটিছে চিৰস্ত্যহায়ীভাৱে শাসন কৰিব নে নাই সেই প্ৰশ্নটোও এতিয়ালৈকে স্থিৰ হোৱা নাছিল। সেয়ে ডেভিদ স্কটে নিজে এই অঞ্চলৰ অন্যান্য সমস্যা যেনে দাস প্ৰথাৰ স্ংস্কাৰতহে মনোনিবেশ কৰিবলৈ বিচাৰিছিল। কিন্তু তেওঁৰ কামৰ বোজা অধিক আৰু কৰ্ম্মচাৰীৰ স্ংখ্যা তাকৰ হোৱাত তেওঁ সেই কাম হাতত ল’ব নোৱাৰিলে। ৰাজহ নিৰ্দ্ধাৰণ আৰু স্ংগ্ৰহৰ কাম লৈয়ে তেওঁ ব্যস্ত থাকিবলগীয়াত পৰিল।

স্থানীয় সাধাৰণ দেৱানী আৰু ফৌজদাৰী গোচৰসমূহ নিস্পত্তিৰ বাবে স্থানীয় লোকেৰে গঠিত কেতবোৰ পঞ্চায়ত আছিল। ডেভিদ স্কটৰ অঞ্চলটোত প্ৰায় ছ’খন এনে পঞ্চায়ত আছিল। গুৰুতৰ অপৰাধসমূহ কমিছনাৰৰ সহকাৰী বিষয়াসকলে পঞ্চায়তৰ সহায়ত বিছাৰ কৰিছিল। পঞ্চায়তৰ বিচাৰত সন্তুষ্ট নোহোৱাসকলে এই বিষয়াসকলৰ ওচৰত আপীল কৰিব পাৰিছিল। ঠিক সেইদৰে এই বিষয়াসকল আৰু পঞ্চা্যতৰ বিচাৰৰ পিছত কিবা আপীল কৰিব খুজিলে কমিছনাৰে তেনে আপীল শুনি ৰায় দান কৰিছিল।

ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভবিষ্যত সম্বন্ধে কোনো সিদ্ধান্ত নোলোৱাকৈ এই অঞ্চলৰ ৰাজহ প্ৰশাসনত বিশেষ গুৰুত্বপূৰ্ণ সাল-সলনি কৰা কথা কোনেও ভবা নাছিল। কেৱল পাইক খটাৰ পৰিৱৰ্তে জনমূৰি ৩ টকাকৈ এটা স্থানীয় কৰ লগোৱা হৈছিল। উল্লেখযোগ্য যে, আগেয়ে এই অঞ্চলৰ লোকে বছৰি তিনি চাৰি মাহ ৰজাঘৰত পাইক খটাৰ নিয়ম আছিল। পুৰণি খেলসমূহৰ বিষয়াসকলক এনে কৰ স্ংগ্ৰহৰ দায়িত্ব দিয়া হ’ল। কিন্তু ৰাজ্যখনৰ অশান্তিৰ কালছোৱাত বিভিন্ন খেলৰ পাইকসকলো সিচৰিত হৈ পৰিছিল বাবে এই কাম বৰ কষ্টসাধ্য হ’ল। মূৰকত এনে ধৰণে স্ংগ্ৰহ কৰি এটা হাস্যকৰ পৰিমাণৰ অৰ্থহে ৰাজভৰালত জমা দিয়া হৈছিল। সেয়ে, ইয়াৰ পিছত খেলৰ বিষয়াসকলক এই দায়িত্বৰ পৰা মুক্তি দি স্থানৰ ওপৰত ভিত্তি কৰি এই কৰ স্ংগ্ৰহ কৰাৰ নিয়ম হ’ল। এই অৰ্থে একোখন জিলাক কেতেবোৰ মৌজা বা মহলত বিভক্ত কৰি একোজন বিষয়াক এনে কৰ স্ংগ্ৰহৰ দায়িত্ব দিলে। এই বিষয়াজনক স্থান বিশেষে মৌজাদাৰ, বিষয়া, চৌধুৰী, কাকতি বা পাটগিৰি বোলা হৈছিল। মাটি জৰিপ কৰি সেই মতে কৰ নিৰ্দ্ধাৰণ কৰা হ’ল। জনমূৰি স্ংগ্ৰহ কৰা কৰ উঠাই দিয়া হ’ল। জৰীপ আৰু কৰ নিৰ্দ্ধাৰণৰ কাম-কাজৰ দায়িত্বত কেইবাজনো নতুন লোকক নিয়োগ কৰা হৈছিল। সেই মৰ্ম্মে দৰ্ং, নগাঁও আৰু কামৰুপত নিযুক্ত ‘প্ৰধান সহকাৰী’ তথা কলেক্টৰ কেইজন যথাক্ৰমে আছিল কেপ্তেইন মেথী, ৰুডেৰফৰ্ড আৰু বোগলে। খেতিৰ মাটিসমূহক এইদৰে ভাগ কৰা হ’ল- বস্তী বা বসতি অঞ্চল, ৰুপিত তথা শালিখেতি প্ৰধান অঞ্চল, বাওঁতলি তথা বাওঁধান খেতি অঞ্চল আৰু ফৰিঙতি তথা আহু ধান, সৰিয়হ আদি খেতি প্ৰধান অঞ্চল। বস্তী বা বসতি অঞ্চলৰ কৰ ঘৰৰ পৰিধি বা বসতি কৰা মাটিৰ পৰিধিৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা বাবে কামৰুপত এই কৰৰ পৰিমাণ জনবিশেষে আঠ অনা, এ টকা বা তিনি টকাও হোৱা দেখা গৈছিল। একেখন জিলাতে ৰুপিত প্ৰতি পূৰা মাটিৰ কৰ নিৰ্দ্ধাৰিত হৈছিল এটকাকৈ। বাওঁতলিত প্ৰতি পূৰাত বাৰ অনা আৰু ফৰিঙতিৰ প্ৰতি পূৰাত নিৰ্দ্ধাৰিত কৰ আছিল চাৰি অনা। ১৮৮৪ চনত কৰৰ পৰিমাণ স্ংশোধন কৰি ৰুপিত মাটিত প্ৰতি পুৰাত এটকা চাৰি অনা আৰু বস্তীকে ধৰি আনসকলোবোৰ মাটিৰ ক্ষেত্ৰত পুৰ প্ৰতি এটকাকৈ কৰ ধাৰ্য্য কৰা হৈছিল।

অন্যান্য জিলাসমূহৰ ক্ষেত্ৰত এই কৰৰ পৰিমাণ কিছু কম-বেছি আছিল। পূৰণি পদ্ধতিৰ ঠাইত কৰৰ নতুন নতুন পদ্ধতি কাৰ্যত পৰিণত হওঁতেও কোনো ঠাইত সৰহ আৰু কোনো ঠাইত তাকৰ সময় লাগিছিল। দৰঙৰ উত্তৰ অঞ্চলত ১৮৪১ খৃ:লৈ পুৰণি খেলৱাৰী পদ্ধতিয়েই চলি থাকিল। সেই ঠাইত প্ৰজাই হালে প্ৰতি তিনি টকাকৈ কৰ দিব লাগিছিল। ১৮৪৩ চনতহে সেই ঠাইত মাটি জৰীপ কৰি নিয়মীয়া কৰ নিৰ্দ্ধাৰণ কৰা হয়।

পিছলৈ মৌজাদাৰক মৌজাবোৰত কেইবাবছৰৰ বাবে কৰ স্ংগ্ৰহৰ ভাৰ দিয়া হৈছিল। মৌজাসমূঘৰ ক্ষ্য়-ক্ষতি হ’লে মৌজাদাৰৰো ক্ষতি হৈছিল নাইবা খেতি-বাতি ভাল হ’লে বা অধিক খেতি সম্প্ৰসাৰণ কৰি নাইবা মাটি ভাৰা দি লাভ হ’লে মৌজাদাৰৰো লাভ হৈছিল। ১৮৫৪ খৃ: ত এই ব্যৱস্থাৰ ঠাইত আকৌ বছৰি কৰ নিৰ্ধাৰ্ণৰ ব্যৱস্থা প্ৰৱৰ্ত্তন কৰা হৈছিল।

১৮৩২-৩৩ খৃ:ত খেলৱাৰী পদ্ধতিৰ দ্বাৰা কামৰুপ, দৰ্ং আৰু নগাঁওত মুঠ স্ংগ্ৰহৰ পৰিমাণ আছিল যথাক্ৰমে ১,১০১৮১, ৪১,৫০৬ আৰু ৩১,৫০৯ টকা। দহবছৰৰ মুৰত সেই অঞ্চলসমূহত মাটিৰ কৰ নিৰ্দ্ধাৰিত হ’লত কামৰুপত ২,৬২,৯৯১ টকা, দৰঙত ১,৩৫,৪৫৪ টকা, নগাওঁত ১,১০,৩১৪ টকা, শিৱসাগৰত ৮০,৮৪৩ টকা আৰু লক্ষীমপুৰত ৩৪,৭৩০ টকা স্ংগ্ৰহ হৈছিল। এইদৰে অসম উপত্যকাত মুঠ ৬,১৪,৩৩২ টকা স্ংগ্ৰহ হৈছিল আৰু এযুগৰ মূৰত সেই স্ংগ্ৰহৰ পৰিমাণ ৭,৪৩,৬৮৯ টকালৈ বৃদ্ধি পাইছিল।

মাটিৰ জৰীপ আৰু কৰ নিৰ্দ্ধাৰণৰ নতুন পদ্ধতিৰ সমুদায় কাম-কাজৰ ডেভিদ স্কটে নিজে তদাৰক কৰিছিল। কিন্তু অসমৰ বতৰে নুসুজাত আৰু অত্যধিক পৰিশ্ৰমত এনেয়ে ভগ্নস্বাস্থ্যৰ লোক ডেভিদ স্কট নৰিয়াত পৰিল আৰু ৰাজহ নিৰ্দ্ধাৰণৰ কাম সম্পূৰ্ণ নৌহওঁতেই ১৮৩১ খৃ:ৰ আগষ্ট মাহত তেওঁৰ মৃত্যু ঘটিল। এই জনকল্যাণকামী আৰু জনপ্ৰীয় বিষয়াজনৰ মৃত্যুত স্থানীয় লোকৰ মাজত শোকৰ ছাঁ পৰিল। ডেভিদ স্কটক চেৰাপুঞ্জীত সমাধিস্থ কৰা হৈছিল। তেওঁৰ সমাধিত এইদৰে লিখা আছে-

‘ডেভিদ স্কটৰ সোঁৱৰণত ১৮৩১ চনৰ ২০ আগষ্টত বঙ্গৰ গভৰ্ণৰ জেনেৰেলৰ উত্তৰ-পূব সীমান্ত অঞ্চলৰ এজেন্ট তথা অসম, ৰ্ংপুৰৰ উত্তৰ-পূৱ ভাগ, শ্বেৰপুৰ আৰু চিলেটৰ ৰাজহ আৰু অসামৰিক প্ৰশাসনিক দায়িত্ব অৰ্পিত বিষয়া ডেভিদ স্কটে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৫ বছৰ ৩ মাহ। এক বিৰাট অঞ্চলৰ নানাধৰণৰ প্ৰশাসনিক দায়িত্বভাৰ সুকলমে পালন কৰা এই মহান বিষয়াজনৰ কাৰ্যদক্ষতা আৰু লগতে ব্যক্তিগত চৰিত্ৰৰ প্ৰতি সশ্ৰদ্ধ প্ৰণাম জনাই ভাৰতৰ সৰ্ব্বোচ্চ চৰকাৰৰ নিৰ্দ্দেশক্ৰমে এই স্মৃতিসৌধ নিৰ্মিত কৰা হ’ল। তেওঁৰ মৃত্যুত চৰকাৰে এজন অতি মেধাবী, সুদক্ষ আৰু নিষ্ঠাবান বিষয়া হেৰুৱালে। তেওঁৰ অকাল বিয়োগত চৰকাৰ আজি ম্ৰিয়মান। ডেভিদ স্কটে স্থানীয়লোকৰ সুখজ আৰু কল্যাণৰ বাবে মৰম আৰু বন্ধুত্বসূচক মনোভাৱেৰে যি অক্লান্ত সেৱা আগবঢ়াই গৈছে তাৰ বাবে তেওঁ চিৰস্মৰণীয় হৈ ৰ’ব। পক্ষপাতীত্বহীন, নাৰ্য্য বিচাৰ কৰোতা এই মহান বিষয়াজনক চৰকাত্ৰ আৰু গুণমুগ্ধ স্থানীয় জনসাধৰণে সদায় ভক্তি আৰু শ্ৰদ্ধা সহকাৰে সুঁৱৰিব।’

ছাৰ আলেকজেণ্ডাৰ মেকেঞ্জিয়ে ‘ নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ অব বেঙ্গল’ পুথিত এইজন নিষ্ঠাবান আৰু অকালত বিষয়াৰ প্ৰতি এইদৰে শ্ৰদ্ধা জ্ঞাপন কৰিছে:-

‘ডেভিদ স্কটৰ নাম আৰু সুখ্যাতি দুয়োটাই উত্তৰ-পূৱ সীমান্তত আজিও বিদ্যমান। ভাৰত প্ৰশাসনৰ অলঙ্কাৰ-স্বৰুপ স্বনামধন্য বিষয়াসকলৰ তেওঁ আছিল অন্যতম। উত্তৰ-পশ্চিম বা মধ্যভাৰতত সেইসময়ত যিবোৰ সমস্যাই দেখা দিছিল, এই অতি পৰিশ্ৰমী বিষয়াজনক সেইবোৰ ক্ষেত্ৰত নিয়োগ কৰাহেতেন আজি তেওঁৰ স্থান ইতিহাসত মেলকম, এলফিনষ্টন আৰু মেটকাফেৰ সমকক্ষ হ’লহেতেন।’

ইতিমধ্যে, ব্ৰহ্মপুত্ৰ উপত্যকাৰ আনটো অঞ্চলত কাক ৰজা পতা হ’ব সেই বিষয়ে নানা গুণাগাথা চলিছিল। এই অঞ্চলটোৰ পৰা বৃটিছ ফৌজ আতৰাই নিলে ইয়াত আকৌ অশান্তি আৰু অৰাজকতা সৃষ্টি হোৱাৰ শঙ্কা আছিল। কিন্তু বিকল্প কিবা ব্যৱস্থা কৰিব পাৰিলে এই অঞ্চলটো স্থায়ীভাৱে দখল কৰাৰ বাবে বৃটিছ বিশেষ আগ্ৰহী নছিল। সেয়ে বৃটিছে এটা মধ্যৱৰ্ত্তী পন্থা বাচি উলিয়ালে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ এটা খণ্ডত এজন স্থানীয় ৰজা প্ৰতিষ্ঠা কৰা হ’ব। আনটো খণ্ড বৃটিছৰ অধীনত হ’লে তাৰপৰা যি ৰাজহ আদায় হ’ব, তাৰদ্বাৰা যথেষ্টস্ংখ্যক বৃটিছ সৈন্যৰ ভৰণ-পোষণ দিব পৰা যাব।

অৱশ্যে এইদৰে কোনটো অঞ্চল লোৱা হ’ব আৰু ক’ত কাক ৰজা পতা হ’ব সেই প্ৰশ্নটোৰ মীমাংসা কৰিবলৈ এতিয়াও বহূখিনি বাকী। ডেভিদ স্কটে মধ্য অসমত স্থানীয় চৰকাৰ হ’ব লাগে বুলি মতপোষণ কৰিছিল। তেওঁ সেই মৰ্ম্মে দিয়া প্ৰস্তাৱটো উৰ্দ্ধতন কৰ্তৃপক্ষৰ মনোমত হোৱা নাছিল। মধ্য অসম স্থানীয় ৰজাৰ অধীনলৈ গ’লে তাৰ পূৱ অঞ্চলত কি কৰা হ’ব সেই প্ৰশ্নটো আহিছিল। মৃত্যুৰ আগে আগে ডেভিদ স্কটে বিকল্প প্ৰস্তাব এটাও আগবঢ়াইছিল। এই প্ৰস্তাৱযোগে ধনশিৰি নৈৰ পুৱ অঞ্চলত পুৰন্দৰ সিংহক ৰজা পতাৰ কথা ভৱা হৈছিল। তেওঁৰ পৰৱৰ্তী বিষয়া টি, চি, ৰবাৰ্টচনেও (পৰবৰ্তীকালৰ বঙ্গৰ ডেপুটি গভৰ্ণৰ) এই প্ৰস্তাৱৰ সপক্ষে মত দিয়াত ১৮৩৩ চনত শদিয়া আৰু মটক ৰাজ্যৰ বাহিৰে উজনি অসমত পুৰন্দৰ সিংহক ৰাজপাট দিয়া হ’ল। ৰবাৰ্টচনে বৃটিছ গভৰ্ণৰ জেনেৰেললৈ পুৰন্দৰ সিংহৰ গুণাগুণ সম্বন্ধে দিয়া টোকাত এইদৰে লিখিছিল:- ‘ পুৰন্দৰ সিংহক মই গুৱাহাটীত কেইবাবাৰো সাক্ষাত কৰিছো। চেহেৰা পাতি, আচাৰ-ব্যৱহাৰ আৰু সম্ভ্ৰান্ত গতিবিধি চাই পুৰন্দৰক যে যিকোনো লোকে তেওঁৰ প্ৰতিদ্দ্বন্দী চন্দ্ৰকান্ত সিংহতকৈ শ্ৰেষ্ঠ বুলি ক’ব তাত সন্দেহ নাই। পুৰন্দৰ সিংহ ডেকা মানুহ। বয়স প্ৰায় ২৫ বছৰ মানহে হ’ব। তেওঁৰ ব্যৱহাৰ অতি সুন্দৰ। কথা-বতৰা শুৱলা। মেজৰ হোৱাহাট, লেফটেনাণ্ট মাথী আৰু লেফটেনাণ্ট ৰুডাৰফ’ৰ্ডো পুৰন্দৰ প্ৰস্তাৱিত ৰাজ্যৰ ৰজা হোৱাৰ বাবে একমাত্ৰ যোগ্য প্ৰাৰ্থী বুলি মোৰ সৈতে একমত।”

ৰক্ষিত ৰাজ্যসমূহৰ ক্ষেত্ৰত সাধাৰণতে যিবোৰ ব্যৱস্থা লোৱা হয়, পুৰন্দৰ সিংহৰ ৰাজপাট গ্ৰহণৰ সময়তো বৃটিছে অনুৰুপ ব্যৱস্থা লোছিল। এখন চুক্তিৰ দ্বৰা পুৰন্দৰক অসামৰিক প্ৰশাসনৰ সমুদায় দায়িত্ব অৰ্পণ কৰা হ’ল। বৃটিছে শত্ৰু ৰাজ্যসমূহৰ সম্ভাৱ্য আক্ৰমণৰ পৰা তেওঁক ৰক্ষাৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে তেওঁৰ পৰা বছৰি ৫০,০০০ টকা দাবী কৰিলে। (পুৰন্দৰৰ বছৰি আয় ১,২০,০০০ হ’ব বুলি অনুমান কৰা হৈছিল)। মটক, শদিয়া আৰু চুবুৰীয়া পাহাৰীয়া জনজাতীয় লোকৰ সৈতে বৃটিছৰ পোনপটিয়াকৈ ৰাজনৈতিক সম্বন্ধ অটুট থাকিল। শদিয়াত বৃটিছে এজন ৰাজনৈতিক বিষয়া আৰু এটা ফৌজ ৰাখিলে। যোৰহাট নতুন ৰাজ্যৰ ৰাজধানী হ’ল। তাত থকা ৰাজনৈতিক এজেণ্ট আৰু অসম লাইট ইনফ্ৰেণ্ট্ৰীৰ সদৰ কাৰ্যালয় দুটা বিশ্বনাথলৈ স্থানান্তৰিত হ’ল। ৰজাৰ নিৰাপত্তা আৰু ৰাজ্যৰ শান্তি ৰক্ষাৰ্থে ওপৰোল্লেখিত বাহিনীৰ এটা দল যোৰহাটতে থাকিল।

১৮৩৪ খৃ;ত ৰবাৰ্ট চনৰ ঠাইত গভৰ্ণৰ জেনেৰেলৰ এজেণ্ট হিচবে নিযুক্ত হ’ল কেপ্টেইন জেনকিনছ্‌( পৰৱৰ্তী কালৰ জেনেৰেল জেনকিনছ)। এই সময়তে বৃটিছ অধিকৃত ব্ৰহ্মপুত্ৰ উপত্যকা চাৰিখন জিলত বিভক্ত কৰা হ’ল- গোৱালপাৰা, কামৰুপ, দৰ্ং(বিশ্বনাথ ধৰি) আৰু নগাওঁ।

পুৰণি নথিপত্ৰত নগাওঁ জিলাক প্ৰায়ে খাগযৰিনাজ বুলিহে উল্লেখ আছে। সেই সময়ত এই জিলাখন পূবে ধনশিৰি নৈলৈকে বিস্তৃত আছিল। এই জিলাৰ সদৰ ঠাই আছিল নগাওঁ। ১৮৩৪ চনত এই সদৰ ঠাই ৰঙাগঢ়ালৈ নিয়া হৈছিল। তাৰ পিছত কিছুদিনৰ বাবে সদৰ ঠাই হয় পুৰণিগুদাম। কিছুদিনৰ মূৰত আকৌ নগাওঁ চহৰকে সদৰ ঠাই বুলি ঘোষণা কৰা হয়। পশ্চিমে মানস আৰু পূবে বৰনদীক সীমা হিচাবে লৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে গঠিত কামৰুপ জিলাৰ সদৰঠাই আছিল গুৱাহাটী। গুৱাহাটীত অসমৰ কমিছনাৰৰ সদৰ কাৰ্যালয়ো অছিল। আগেয়ে দৰ্ং ৰজাৰ অধীনত থকা পশ্চিমৰ অঞ্চলটোকে ধৰি সেই অঞ্চলত নতুনকৈ গঠিত জিলাখনক দৰ্ং জিলা বোলা হৈছিল আৰু ইয়াৰ সদৰ ঠাই প্ৰথমতে আছিল মঙ্গলদৈত। কিন্তু এই ঠাইখন অস্বাস্থ্যকৰ বুলি বিবেচিত হৈছিল। ই প্ৰায়ে বানপানীত বুৰ গৈছিল। এবাৰ বানপানীৰ প্ৰকোপত মঙ্গলদৈখন বিধস্ত হোৱাৰ উপক্ৰম হৈছিল। সেয়ে ১৮৩৫ খৃ:ত মঙ্গলদৈৰ পৰা সদৰ কাৰ্যালয় পুৰাপুৰ তথা তেজপুৰলৈ উঠাই নিয়া হ’ল। এইখন ঠাই নি:সন্দেহে মঙ্গলদৈতকৈ বহুগুণে উন্নত আছিল।

গাৰো পাহাৰকে ধৰি গোৱালপাৰা আগতে ৰ্ংপুৰৰ পৰা শাসিত হৈছিল। অৱশ্যে পূৱৰ দুৱাৰ অঞ্চল ইয়াৰ অন্তৰ্গত নাছিল। অৰ্থাত গোৱালপাৰা তেতিয়া বঙ্গদেশৰ অছীনতহে আছিল। ১৭৬৫ খৃ:ৰ ১০ নম্বৰ অধ্যাদেশৰ জৰিয়তে গোৱালপাৰাক ৰ্ংপুৰৰ পৰা আতৰাই গোৱালপাৰা চহৰক সদৰ ঠাই হিচাবে লৈ এখন জিলা গঠন কৰা হয়। বৰ্ম্মীসকলৰ হাতৰপৰা উদ্ধাৰ কৰা অঞ্চলবোৰ ডেভিদ স্কটক দায়িত্বত দিয়াৰ সময়ত গোৱালপাৰাও তেওঁৰ শাসনাধীন হ’ল। তেতিয়াৰে পৰা গোৱালপাৰাত অসমৰ কমিছনাৰৰ সাধাৰণ প্ৰশাসন প্ৰচলিত হ’ল। ১৮৬৭ খৃ:ত কোচবিহাৰত বঙ্গৰ কমিছনাৰ নিযুক্ত হোৱাত নতুনকৌই গঠিত “পূৱ দুৱাৰক” গোৱালপাৰাৰ সৈতে একেলগ কৰি ইয়াক কোচবিহাৰৰ কমিছনাৰৰ দায়িত্বত অৰ্পণ কৰা হৈছিল। কিন্তু ন্যায়বিচাৰৰ ক্ষেত্ৰত গোৱালপাৰৰ দায়িত্ব অসমৰ ন্যায়বিচাৰৰ ভাৰপ্ৰাপ্ত কমিছনাৰৰ হাততহে থাকিল। প্ৰশাসনিক দায়িত্ব আনহাতেদি কোচবিহাৰৰ কমিছনাৰৰ হাতলৈ গ’ল। ১৮৬৪ চনত অসমৰ বাবে চীফ কমিছনাৰ নিযুক্ত নোহোৱালৈকে এই ব্যৱস্থা চলি থাকিল। ১৮৬৯ খৃ:ত গাৰোপাহাৰ গোৱালপাৰাৰ পৰা আতৰাই তাত এখন নতুন জিলা গঠন কৰা হ’ল। প্ৰায় ১২ বছৰৰ মূৰত নিয়মিত ভাৱে ভাপৰ জাহাজ চলিবলৈ লোৱাত গোৱালপাৰাৰ সদৰ কাৰ্যালয় ধুবুৰীলৈ উঠাই নিয়া হৈছিল। ধুবুৰী সেই সময়ত জাহাজবোৰৰ শেষ ঘাটি আছিল।

এই জিলা চাৰিখনৰ আইন সংক্ৰান্তীয় ব্যৱস্থা ১৮৩৫ চনৰ ২অ নম্বৰ আইনমতে নিৰ্দ্ধাৰিত হৈছিল। দিৱানী আৰু ফৌজদাৰী আইনৰ ক্ষেত্ৰত বঙ্গৰ ৰাজহ বৰ্ডৰ আইন চলিছিল। বঙ্গৰ চৰকাৰে সময়ে সময়ে আইন স্ংক্ৰান্ত যিবোৰ নিৰ্দেশ দিয়ে সেইবোৰৰ সৈতে এই জিলাকেইখনৰ প্ৰচলিত আইনৰ সামঞ্জস্য থাকিব লাগিব বুলিও নিৰ্দেশ দিয়া হৈছিল। কেইবছৰমানৰ মূৰত উজনি অসমৰ অৰ্দ্ধস্বধীন অঞ্চলসমূহ বৃটিছৰ তললৈ অহাত এই আইন সেইবোৰ ঠাইলৈকো প্ৰসাৰিত হৈছিল। দিৱানী আৰু ফৌজদাৰী গোচৰ সমূহৰ ক্ষেত্ৰত অসম ‘ক’ড’ বা আইন বুলি ১৮৩৭ খৃ:ত ক্তবোৰ নতুন নিয়মকানুন উলিওৱা হৈছিল। কিন্তু ৰাজহ স্ংক্ৰান্ত আইনৰ ক্ষেত্ৰত এনে কোনো ‘ক’ড’ বা আইন হোৱা নাছিল। এই ক্ষেত্ৰত বঙ্গৰ প্ৰচলিত আইনখন মতে চলিবলৈহে সকলোকে নিৰ্দেশ দিয়া হৈছিল।

১৮৩৫ খৃ:ত ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনস্ংখ্যা মুঠ ৭৯৯,৫১৯ জন বুলি কিওৱা হৈছে। উজনিৰ স্থানীয় ৰাজ্যবোৰত ২২০,০০০, দৰঙত ৮৯,৫১৯, নগাওঁত ৯০,০০০, কামৰূপত ৩০০,০০০ আৰু গোৱালপাৰাত জনস্ংখ্যা আছিল ১০০,০০০ জন। গোৱালপাৰাৰ ক্ষেত্ৰত এই সংখ্যা সেই সময়ৰ ৰাজহ স্ংগ্ৰহৰ বাবে কৰা জৰীপৰ কাকত-পত্ৰৰ পৰা স্ংগ্ৰহ কৰা হৈছে। অৱশ্যে, এইবোৰ তথ্যপাতি আমি সম্পূৰ্ণ সঠিক বুলি ধৰি ল’ব নোৱাৰো।

যাতায়তৰ উন্নতিৰ বাবে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিলেও সেই সময়ৰ যাতায়ত অনুন্নত আছিল। কলিকতাৰ পৰা মূৰ্শীদাবাদ, মালদা, দিনাজপুৰ আৰু ৰ্ংপুৰৰ মাজেদি গোৱালপাৰালৈ ডাক অনা-নিয়াৰ ব্যৱস্থা আছিল। বৰিষাকালত এই পথটো যাতায়তৰ বাবে অনুপযুক্ত হোৱাৰ বাবে সাধাৰণ লোকে জলপথৰেহে অহা-যোৱা কৰিছিল। জলপথেৰে গোৱালপাৰাৰ পৰা কলিকতা পাবলৈ ২৫/৩০ দিন লাগিছিল। আনহাতেদি কলিকতাৰ পৰা গোৱালপাৰালৈ ঢৌৰ বিপৰীতে আহিবলগীয়া হোৱাৰ বাবে এনে যাত্ৰাত আৰু আঠ দিনমান বেছি লাগিছিল। ডঙৰ মাল নিয়া জাহাহ বোৰৰ ক্ষেত্ৰত এই যাত্ৰা অধিক আমনি লগা আছিল। “ এছিয়াটিক ৰিচাৰ্চাৰচ” নামৰ গ্ৰন্থৰ ১৭ তম খণ্ডত কেপ্তেইন উইলক্সে এই বুলি উল্লেখ কৰিছে-  “১১৮২৫ খৃ: ৰ অক্টোবৰ মাহৰ সৈন্যসকলৰ বাবে ৰচদ-পাতি অনা কেতবোৰ ডাঙৰ ডাঙৰ নাওঁ দেখিছিলো। গোৱালপাৰাৰ পৰা নগৰবোৰৰৰ মাজত দূৰত্ব মাত্ৰ ৩০ মাইল। সেই সময়ত কোনো ধুমুহা বতাহো নাছিল। তথাপি এই নাওঁকেইখনৰ সেইখিনি দূৰত্বৰ পথত ২৫ দিন লাগিছিল।”

এনেবোৰ অসুবিধা সত্বেও ভালেমান মাৰোৱাড়ী ব্যৱসায়ীয়ে এই প্ৰদেশলৈ আহি বেহা-বেপাৰ কৰিছিল। তেওঁলোকৰ চাৰিজনে শদিয়াতো ব্যৱসায় কৰা দেখা গৈছিল। প্ৰদেশখনৰ বাণিজ্য ভালেই চলিছিল। আনকি ১৮০৯ খৃ:ত বঙ্গৰ পৰা এই প্ৰদেশলৈ দুই লাখ পচিশ হাজাৰ টকৰ বস্তু আমদানী কৰা হৈছিল আৰু ৰপ্তানী কৰা সামগ্ৰীৰ মূল্য আছিল প্ৰায় এক লাখ ত্ৰিশ হাজাৰ। ১৮৩৪ খৃ:ত আমদানীৰ মুঠ মূল্য আছিল প্ৰায় দুইলাখ পঞ্চাশ হাজাৰ আৰু ৰপ্তানীৰ মূল্য তিনিলাখ টকাৰো অধিক। এই স্ংখ্যা সমূহ হাদিৰাচকীৰ শূল্ক চকীৰ পৰা সংগ্ৰহ কৰা হৈছে। ১৭৯৩ খৃ:ত গৌৰীনাথ সিংহ আৰু কেপ্তীইন ওৱেলছৰ মাজত হোৱা চুক্তি অনূসৰি এই শুল্ক চকীত খাদ্যশস্যৰ বাহিৰে আন আটাইবোৰ আমদানী আৰু ৰপ্তানী সমগ্ৰীৰ ওপৰত শতকৰা ১০ ভাগ বা তাৰ নিকটৱৰ্তী মূল্যৰ শুল্ক স্ংগ্ৰহ কৰা হৈছিল। ১৮৩৫ খৃ:ত এই শুল্ক চকীটো উঠাই দিয়া হয়। আমদানীকৃত সামগ্ৰীসমূহৰ অন্যতম আছিল নিমখ। মুঠতে ৩১,২২২ মোন নিমখ আমদানী হৈছিল আৰু ইয়াৰ মূল্য আছিল ১,৪০,৫০২ টকা। ৰপ্তানী কৰা সামগ্ৰীৰ ভিতৰত এটকা মোন হিচাবত ১৬২,৭০৪ মোন সৰিয়হ গুটি আৰু ২২৪ মোন মুগা সুতা উল্লেখযোগ্য। মুগা সুতাখিনিৰ মূল্য আছিল ৫২,৮৮৯ টকা।

সেই সময়ত অসম লাইট্‌ ইনফেণ্ট্ৰীৰ স্ংখ্যা ১২ ৰ পৰা হ্ৰাস কৰি ১০ টা কোম্পানীত পৰিণত কৰা হৈছিল। স্থানীয় ৰাভা, কচাৰী আৰু অন্যান্য জনজাতীয় লোকেৰে আন এটা পদাতিক বাহিনী গঠিত হৈছিল। প্ৰাক ব্ৰিটিছ যুগত কৰ স্ংগ্ৰহকাৰীসকলে লগত কেতবোৰ বৰকণ্ডাজ লৈ ফুৰিছিল। সময়ে সময়ে এই বৰকণ্ডাজ বিলাকে শান্তিৰক্ষকৰ দায়িত্বও পালন কৰিছিল। এতিয়া এই বৰকণ্ডাজ বিলাকৰ আৰ্হিত গঠিত নতুন পদাতিক বাহিনীটোক নামনি অসমৰ প্ৰজাক ভুটিয়াকে আদি কৰি বিভিন্ন জনজাতীয় লোকৰ হাতৰ পৰা ৰক্ষাৰ ভাৰ দিয়া হ’ল। জাৰৰ দিন এই বাহিনীটোক ওদালগুৰি আদি সীমান্তৰ কেতবোৰ ঠাইত ৰখা হৈছিল। কিন্তু সদৰ কাৰ্যাল্যসমূহৰ পৰা এই নতুন পদাতিক বাহিনীটো যিদৰে পৰিচালিত কৰিব লাগিছিল সি হৈ নুঠাত কেতবোৰ নতুন বেমেজালিয়ে দেখা দিছিল।  ১৮৩৫ খৃ:ত দৰঙৰ মূখ্য সহকাৰী বিষয়াই এই বাহিনীটোৰ বিষয়ে এইদৰে লিখিছিল যে, “ভূটীয়া আক্ৰমণকাৰীসকলতকৈ এই বাহিনীটোৰ উতপাতহে বেছি আপত্তিকৰ হৈ উঠিছে। এই বাহিনীটোৰ লোকবিলাক কেৱল অসভ্য, মইমতীয়া আৰু দুস্কৰ্মীয়েই নহয়, উপদ্ৰৱকাৰীও।” তেওঁলোকৰ অন্যায় চাহিদা পূৰণ নকৰিলে সৰু বৰ সকলো লোককে এই বাহিনীৰ লোকে দুৰ্ব্যৱহাৰ কৰা দেখা গৈছিল।

সুৰমা উপত্যকাৰ প্ৰতিৰক্ষাৰ দায়িত্বভাৰ স্থানীয় চিলেট বাহিনীৰ ইওপৰত ন্যস্ত আছিল। এই বাহিনীটো পিছলৈ ‘চিলেট লাইট ইনফেন্ট্ৰী’ তথা লঘুবাহিনী হিচাবে পৰিচিত হৈছিল। ১৮২৪ খৃ:ত এই বাহিনী ঠিত হয়। নিজৰাজ্যত হোৱা ৰাজনৈতিক ধুমুহা আৰু বিগত শতাব্দীত বৰ্ম্মীৰ আক্ৰমণকালত কাছাৰত আশ্ৰয় গ্ৰহণ কৰা মণিপুৰীৰ্লোকৰ দ্বাৰা প্ৰধানত:এই বাহিনীটো গঠন কৰা হৈছিল। এই বাহিনীৰ দুটা কোম্পানী শিলচৰত আছিল। পিছত চেৰাপুঞ্জীৰ প্ৰতিৰক্ষাৰ দায়িত্বও এই বাহিনীটোক অৰ্পণ কৰা হৈছিল।

শান্তি শৃঙ্খলাৰ উচিত আৰু সুস্থিৰ চৰকাৰ গঠনে কৃষক ৰাইজৰ জীৱনলৈ সুখ-সমৃদ্ধি কঢ়িয়াই আনিছিল। সাধাৰণ প্ৰজাৰ পিন্ধন উৰণকে ধৰি জীৱন ধাৰণৰ মানদণ্ড কেইবছৰমানৰ ভিতৰতে চকুত পৰাকৈ উৰ্দ্ধগামী হৈছিল। আনহাতেদি আগৰ অভিজাত শ্ৰেণীটো নানা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিল। আগৰ লগুৱা-লিকচৌ আৰু পাইকবোৰ নথকাত খেতি-বাতি কৰাত সমস্যা হৈছিল।বহূতে উপায়হীন হৈ মাটিবাৰী বেছিচিল। ঋণ, কৰ আদি সোধাব নোৱাৰা এই শ্ৰেণীৰ বহুবোৰ লোক পিচলৈ দেউলীয়া হোৱা দেখা গৈছিল। পুৰণি ৰাজপৰিয়ালৰ কোনো লোকে অৱশ্যে অৱসৰ ভাত্তা পাইছিল। দৰঙ ৰাজপৰিয়ালৰ লোকক কৰমুক্ত বা নামমাত্ৰ কৰৰ বিনিময়ত পূৰ্ব্বৰ পৰা ভোগ কৰি অহা মাটিবোৰ নিজৰ লগত ৰাখিবলৈ দিয়া হৈছিল। এই ধৰণৰ দুই এটা নিদৰ্শনৰ বাহিৰে অধিক ক্ষেত্ৰতে পুৰণি বিষয়া শ্ৰেণীটোৱে আনকি জীৱিকা নিৰ্বাহৰ পথসমূহৰ পৰাও বঞ্চিত হৈছিল। এতিয়া চৰকাৰৰ অধীনত সামান্য একোটা চাকৰি কৰি নাইবা সাধাৰণ কৃষকত পৰিণত হৈ জীৱন নিৰ্ব্বহ কৰাৰ বাহিৰে তেওঁলোকৰ গত্যন্তৰ নাছিল।

নবগঠিত প্ৰদেশখনৰ থানথিতাপি লগাই তাত উন্নয়নমূলক আঁচনি গ্ৰহণৰ যো-জা কৰি থকা কালতে খাছিসকলৰ সৈতে বিবাদ আৰম্ভ হ’ল। পূবে জয়ন্তীয়া পাহাৰ আৰু পশ্চিমে গাৰো পাহাৰৰ মাজত খাছিয়া লোকখিনিয়ে বসবাস কৰিছিল। তেওঁলোক স্বাধীন আছিল।

ব্ৰহ্মপুত্ৰ উপত্যকাত বৃটিছৰ আধিপত্য বিস্তাৰৰ অন্তত তীক্ষন বুদ্ধিৰ ডেভিদ স্কটে এই ঠাইৰ সৈতে সুৰমা উপত্যকাৰ এটা পোনপটীয়া পথ নিৰ্মাণৰ কথা চিন্তা কৰিছিল। ১৮২৭ খৃ:ত নুঙ্গক্লোৰ ছিয়েম ভিৰত সিঙকে আদি কৰি কেইবাজনো খাছীয়া মুখীয়ালোকৰ সৈতে তেওঁ  কথা-বতৰা পতাত তেওঁলোকে ৰাণীৰ পৰা নিঙ্গক্লোহৈ সুৰমা উপত্যকালৈ এটা পথ সজাৰ প্ৰস্তাৱটো সৰ্ব্বসন্মতিক্ৰমে গ্ৰহণ কৰিছিল। এই আচনি অনতি বিলম্বে কাৰ্যত পৰিণত কৰিবলৈ হাবিবননী কটা হ’ল আৰু নুঙ্গক্লোত ভালেমান ঘৰ তথা ‘বাংলো’ সজা হ’ল। এই কামত নিযুক্ত বৃটিছ লোকৰ সৈতে স্থানীয় লোকৰ সৌহাৰ্দ্য গঢ়ি উঠিল। প্ৰয় ১৮ মাহমান এনদৰে মিলাপ্ৰীতিৰে অতিবাহিত হোৱাৰ পিছত এজন বাঙালী পিয়নৰ বক্ৰোক্তিৰ বাবে অথন্তৰ ঘটিল। ১৮২৯ খৃ:ৰ এপ্ৰিলমাহত এই পিয়নজনে কিবা কথাত খছীয়াসকলৰ লগত কাজিয়া কৰি এই বুলি ক’লে যে, “পথটো হ’বলৈ দে, তহত বৃটিছৰ তলতীয়া হ’বি আৰু কৰ দিবি।” এই কত্ৰ্হা শুনি খাছীয়াসকলৰ ইমান খ্ং উঠিল যে তেওঁলোকে অতৰ্কিতে আহি বৃটিছৰ ক্ষুদ্ৰ দলটো আক্ৰমণ কৰিলে। নুঙ্গক্লোত থকা দুজন অফিচাৰৰ এজন আছিল লেফটেনাণ্ট বেডিং ফিল্ড। তেওঁক খাছিয়া সকলে ধৰি নি নৃশ্ংসভাৱে হত্যা কৰিলে। আনজন অফিচাৰ লেফটানাণ্ট বাৰ্লটনে ওৰে দিনটো এজাক আক্ৰমণকাৰীৰ বিৰুদ্ধে অকলশৰে যুঁজি নিশাৰ এন্ধাৰৰ সুযোগ লৈ গুৱাহাটী বুলি পলায়ন কৰিছিল। কিন্তু বাটতে তেওঁ ধৰা পৰিল। তেওঁক হত্যা কৰা হ’ল। অন্যান্য লোকসকলৰ সৰহস্ংখ্যককে খাছিয়াসকলে মাৰিকাটি খাস্তাং কৰি থ’লে। কোনোবা সুগ্ৰহৰ ফলত দুজনমানে সেই নিশ্চিত মৃত্যুৰ পৰা নিজকে ৰক্ষা কৰি বৃটিছৰ সীমাত সোমালহি। আনহে নালাগে ডেভিদ স্কটে এই অতৰ্কিত আক্ৰমণৰ কিছু আগেয়ে কিবা কাৰণত নিঙ্গক্লোৰ পৰা চেৰাপুঞ্জীলৈ যোৱাৰ বাবেহে কথমপি ৰক্ষা পৰিল।

চিলেট আৰু কমৰূপৰ পৰা সৈন্যসংগ্ৰহ কৰি ততাতৈয়াকৈ দোষীসকলক বিচাৰি যোৱা হ’ল। পাৰ্ব্বত্য অঞ্চলত লুকাই থকা ঠাইৰ পৰা এই পাহাৰী লোকসকলে দৃঢ়তাৰে বৃটিছক প্ৰত্যাহ্বান জনাইছিল। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বৃটিছক ভেটা দিয়াটো সহজ নহ’লেও তেওঁলোকে চেষ্টা এৰা নাছিল। বৰ্ং কেইবাবাৰো ভৈয়ামলৈ আহি বৃটিছক জোকাই লৈছিল। কিন্তু বেছিদিন বৃটিছক ভেটা দিয়াটো সম্ভৱ নহ’ল। দৃশ্যপটৰ পৰিৱৰ্তন হ’ল আৰু খাছিয়া সকলে উপৰ্যুপৰি পৰাজিত হ’বলৈ ধৰিলে। এজনকৈ এজনকৈ মূখীয়াসকলে আত্মসমৰ্পণ কৰিলে। তেওঁলোজকৰ মুল নায়ক তিৰত সিঙে ১৮৩৩ খৃ: ৰ ৯ জানুৱাৰীত নিজেও ধৰা দিলত বৃটিছ আৰু খাচিয়াৰ মাজত শান্তি চুক্তি হ’ল। খাচিয়া মুখীয়াল লোকসকলক যথেষ্ট ব্যক্তিগত স্বাধীনতা দিয়া হ‘ল যদিও, সকলোৱে বৃটিছ ৰজনৈতিক এজেণ্টক স্বীকৃতি দিবলৈ বাধ্য হ’ল। এই ৰাজনৈতিক এজেণ্টজনে খাছিয়া পাহাৰত থাকি সকলো ধৰণৰ গুৰুতৰ ফৌজদাৰী বিচাৰৰ নিস্পত্তি কৰিব বুলি চৰ্ত আৰোপিত হ’ল। বৃটিছে আৱশ্যক অনুসৰি এতিয়ৰে পৰা খাছি পাহাৰত বাট-পথ,ঘৰবাৰী,দলং আদি সাজিব পৰা হ’ল। চিলেট লঘু পদাতিক বাহিনীৰ কেপ্তেইন লিষ্টাৰ প্ৰথম ৰজনৈতিক এজেণ্ট নিযুক্ত হ’ল। প্ৰায় একুৰি বছৰৰো অধিককাল তেওঁ সেই পদত আছিল।

খাছি পাহাৰত মুঠ ক্ষুদ্ৰ ক্ষদ্ৰ ৰাজ্যৰ সংখ্যা হ’ল ২৫ খন। এয়াৰে ১৫ খন ছিয়েমসকলৰ অধীন। এটা পৰিয়ালৰ পৰাহে চিয়েম হ’ব পাৰে যদিও, তেওঁলোকে ৰাইজৰ দ্বাৰাহে নিৰ্বাচিত হয়। এখন ৰাজ্য যৌথতন্ত্ৰ আৰু তাত ৱাহাদাদাৰ নামৰ নিৰ্বাচিত মুখিয়ালসকলে শাসন কৰে। ৫ খন ৰাজ্যত চৰ্দ্দাৰ আৰু আন ৪ খনত শাসন কৰে লিংডোসকলে। এই মুখীয়ালসকল ৰইজৰ দ্বাৰা নিৰ্বাচিত হয়। এনে নিৰ্বাচনত বৃটিছ চৰকাৰৰো সন্মতিৰ প্ৰয়োজন। এইদৰে নিৰ্বাচিত মুখিয়ালসকলে অভিষেকৰ সময়ত ৰাজ্যৰ খনিজ সম্পদ, হাতী, অৰণ্যাঞ্চল আৰু অন্যান্য প্ৰাকৃতিক সম্পদৰ ওপৰত বৃটিছৰ দাবী মানি লৈ তাৰপৰা হোৱা আয়ৰ মাত্ৰ আধাহে গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিব লাগিছিল।

চেৰৰা, খৈৰাম, নঙ্গষ্টেইন, লিঙ্গৰিণ, নংপু আদি ৰাজ্যসমূহ অৰ্দ্ধস্বাধীন আছিল। এই ৰাজ্যসমূহৰ বৃটিছৰ সৈতে বন্ধুত্ব আছিল আৰু বৃটিছ সৈন্যই ইয়াত এতি্যালৈকে কোনো অভিযান চলোৱা নাছিল। কিন্তু কাৰ্যক্ষেত্ৰত এই ৰাজ্যকেইখনৰ বৃটিছৰ তলতীয়া ৰাজ্যকেইখনৰ সৈতে কোনো পাৰ্থক্য নাছিল।

প্ৰথমৰে পৰা বৃটিছে পাহাৰীয়া অঞ্চলত এটা আৰোগ্য নিবাস স্থপনৰ প্ৰয়োজনীয়তাবোধ কৰিছিল। ডেভিদ স্কটে প্ৰথমে নঙ্গখল্লৌতে আৰোগ্য নিকেত্ন এটা স্থাপন কৰাৰ কথা ভাবিছিল যদিও সেই ঠাইখন পিছলৈ স্বাস্থ্যকৰ নহয় যেন লাগিল। তদুপৰি ঠাইখন অনবৰত কুঁৱলিৰে ঢাক খাই থাকিছিল। সেয়ে কোনো কোনোৱে মৈৰাঙহে এই কাৰ্যৰ বাবে অধিক উপযুক্ত হ’ব বুলি মতপ্ৰকাশ কৰিলে। কোনোৱে শ্বিলঙ শৃঙ্গ আৰু নঙ্গক্ৰেমৰ মজৰ ডোখৰহে পছন্দ কৰিলে। কোনোৱে আকৌ ছেৰৰাৰিমত আৰোগ্য নিবাসটো স্থাপনত জোৰ দিলে। অৱশেষত চেৰাপুঞ্জীতহে এই নিকেতন স্থাপনৰ সিদ্ধান্ত লোৱা হ’ল। চিলহেটৰ পৰা সহজে এই স্থানলৈ অহা-যোৱা কৰিব পৰাৰ বাবেহে চেৰাপন্ঞ্জীখন বৃটিছৰ মন:পুত ঐছিল। কিন্তু ১৮৬৪ খৃ: ত সেই সিদ্ধান্ত বাতিল কৰি ছিলঙতহে আৰোগ্য নিকেতনখন স্থাপনৰ যো-জা চলিল। সেই সময়ত এই ঠাইখনৰ নাম আছিল য়েদ্দো। পিচে, জাপানতো একে নামৰ এখন ঠাই থকাৰ বাবে ইয়াৰ নাম ছিলঙ দিয়া হ’ল। ছিলঙ শৃঙ্গৰ নাম অনুসৰি এই নতুন নামকৰণ কৰা হৈছিল।

সহায়হীন গোবিন্দচন্দ্ৰই কাচাৰত ভালেমান সমস্যাৰে জৰ্জৰিত হৈছিল। বহু চেষ্টা কৰিও তেওঁ তুলাৰামক খেদিব পৰা নাছিল। কাছাৰৰ পাহাৰীয়া অঞ্চলবোৰ তুলাৰামৰ হাততেই আছিল। তুলাৰাম লাহে লাহে বৃদ্ধ হৈ অহাত ১৮২৮ খৃ: ত তেওঁ ভতিজাক গোবিন্দৰামক সৈন্যসকলৰ ভাৰ দিছিল। গোবিন্দৰামে গোবিন্দচন্দ্ৰৰ সৈন্য বিলাকক হৰুৱাইছিল। কিন্তু তাকে কৰি তেওঁৰ লোভ হ’ল আৰু তুলাৰামৰ বিৰুদ্ধেও অস্ত্ৰধাৰণ কৰিলে। তুলাৰাম জয়ন্তীয়া ৰাজ্যলৈ পলাই গ’ল। ১৮২৯ খৃ: ত মণিপুৰৰ গম্ভীৰ সিঙে তেওঁক কেতবোৰ মণিপুৰী সৈন্য দিয়াত তুলাৰাম আহি তেওঁৰ অকৃতজ্ঞ ভতিজাকক খেদি দিলেহি। গোবিন্দৰাম পলাই ধৰমপুৰ পালেগৈ। তেওঁ এইবাৰ গোবিন্দচন্দ্ৰৰ লগ লাগিল। সেই সময়তে ডেভিদ স্কটৰ মধ্যস্ততাত কছাৰী ৰজাই তুলাৰামক পাহাৰীয়া এক বিৰাট অঞ্চলৰ শাসক বুলি স্ব্ৰীকৃতি দিলে। কিন্তু তাৰ পিছতো তুলাৰামে তিনিবাৰকৈ গোবিন্দচন্দ্ৰক আক্ৰমণ কৰিবলৈ কেতবোৰ লোকক উচতনি দিয়াত সেইলোকখিনিক কমিছনাৰে ধৰি থ’লে। ফলত এই আক্ৰমণ বন্ধ হ’ল। ৰাজ্যৰ আন অঞ্চলত গোবিন্দচন্দ্ৰ তেনে কোনো বিঘিনিৰ সন্মুখীন ওৱা নাছিল যদিও আন কেতবোৰ সমস্যাই এই দুৰ্ভগীয়া লোকজনৰ পিচ এৰা নাছিল। কৃষ্ণচন্দৰ মৃত্যুৰ পিছত উদ্ভৱ হোৱা সমস্যাবহুল কালছোৱাত কুকিসকলে সঘনে এই ৰাজ্যত আক্ৰন্মণ চলাইছিল। কাছাৰৰ দক্ষিণাঞ্চলটো হাবি-বননিৰে ভৰি পৰিছিল। বৰ্ম্মীসকলৰ অত্যাচাৰত জুৰুলা হৈ এই ঠাইৰ অধিবাসীসকল কেলঢেপ কেলঢেপকৈ জিয়াই আছিল মাত্ৰ। ৰজা হৈ গোবিন্দচন্দ্ৰই হাতত্ লোৱ কেতবোৰ ব্যৱস্থাই প্ৰজৰ দুখ কমাওক চাৰি বঢ়াইঅছিলহে। বেপাৰিবিলাকে অনা-নিয়া কৰা বয়বস্তুৰ ওপৰত তেওঁ কৰৰ পৰিমাণ ইমান বৃদ্ধি কৰিছিল যে তাৰ ফলত বেহা-বেপাৰেই বন্ধ হৈ গৈছিল। তেওঁৰ ৰাজ্যত বাস কৰা মণিপুৰী লোকৰ ওপৰত তেওঁ যথেষ্ট অত্যাচাৰ কৰিছিল। বৃটিছকো তেওঁ কৰ আদায় দিব পৰা নাছিল। এনে ধৰণৰ বেমেজালিবোৰ আৰু সৰহ দিন চাই থাকিব নোৱাৰি বুলি বৃটিছে ভাবিছিল। কিন্তু ১৮৩০ চনত এই অশন্তিবোৰ চৰমসীমা নৌপাওঁতেই এজন মণিপুৰী লোকে তেওঁক হত্যা কৰিলে। গোবিন্দচন্দ্ৰৰ নিজৰ কোনো সন্তান নাছিল আৰু তেওঁৰ কোনো দত্তক পুত্ৰসো নথকাত ১৮৩২ খৃ: ৰ আগষ্টত এখন অধ্যাদেশ যোগে বৃটিছে কাছাৰ নিজৰ প্ৰশাসনাধীন কৰে। এই ঘটনাৰ তিনিবছৰৰ পিছত লিখা পেমবেৰটনৰ টোকা মতে বৃটিছক এনে ব্যৱস্থ্যাৰ বাবে স্থানীয় প্ৰজাই প্ৰয়ে অনুৰোধ কৰিছিল আৰু সেয়ে কাছাৰ ৰাজ্য বৃটিছে তলতীয়া কৰাত সাধাৰণ প্ৰজাৰ সম্পূৰ্ণ অনুমোদন আছিল।

গোবিন্দচন্দ্ৰৰ ৰাজবংশতকৈও পুৰণি ৰাজবংশ এটাৰ বংশধৰ বুলি নিজকে দাবী কৰি তুলাৰামে এতিয়া কাছাৰৰ সিংহাসন তেওঁৰ প্ৰাপ্য বুলি বৃটিছক কৈছিল। কিন্তু সেই দাবী ভিত্তিহীন বুলি প্ৰমাণিত হোৱাত বৃটিছে তাক অগ্ৰাহ্য কৰিলে। কিন্তু গোবিন্দচন্দ্ৰৰ দিনৰে পৰা তেওঁ ভোগ কৰি অহা ভুখণ্ডত তুলাৰামক স্বীকৃতি দিয়া হ’ল। এই অঞ্চলটোৰ দক্ষিণ আছিল মাহূৰ নৈ আৰু নগা পাহাৰ, পশ্চিমে দয়াং, পূৱে ধনশিৰি আৰু উত্তৰে আকৌ দয়াং আৰু যমুনা। তেওঁ বছৰি বৃটিছক ৭০ পাউণ্ড ওজনৰ ৪ টা হাতীদাত কৰ হিচাবে দিব বুলি প্ৰতিশ্ৰুতি দিছিল। পিছত হাতীদাতৰ সলনি বছৰি ৪৯০ টকা দিয়াৰ সিদ্ধান্ত হয়। তেওঁক ৰজা উপাধি দিয়া হোৱা নাছিল। সাধাৰণ ফৌজদাৰী গোচৰৰ বাহিৰে ডাঙৰ গোচৰবোৰ বিচাৰৰ ক্ষমতাও তেওঁৰ নাছিল। তেনে ধৰণৰ গোচৰসমূহ নগাঁও জিলাৰ ভাৰপ্ৰাপ্ত বিষয়াইহে বিচাৰ কৰিছিল।

কাছাৰ দখল কৰি বৃটিছে ইয়াক এখন জিলাত পৰিণত কৰিলে। ইয়ৰ সদৰ ঠাই হ’ল শিলচৰ। অসম কমিছনাৰৰ অধীনস্থ এজন চুপৰিণ্টেণ্ডেণ্টক এই জিলাৰ ভাৰ অৰ্পণ কৰা হ’ল। ১৮৩৬ খৃ:ত কাছাৰক ঢাকা ডিভিজনৰ অধীনস্থ কৰা হ’ল আৰু জিলাৰ ভাৰপ্ৰাপ্ত বিষয়াজনক ডেপুটি কমিছনাৰ আখ্যা দিয়া হ’ল। ১৮৩৫ চনৰ আইনৰ ৫ নম্বৰ ধাৰামতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে দিৱানী আৰু ফৌজদাৰি গোচৰৰ ক্ষেত্ৰত কাছাৰক বঙ্গৰ উচ্চ ন্যায়ালয়ৰ অধীন কৰা হ’ল।

অসম বুৰঞ্জী।

2.94117647059
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top