অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মুছলমানৰ সৈতে যুঁজৰ কালছোৱা

মুছলমানৰ সৈতে যুঁজৰ কালছোৱা

ছুছেঙফাৰ পিছত তেওঁৰ তিনিজন পুত্ৰৰ এজনে ৰাজপাট লাভ কৰে। এই নতুন ৰজাজনৰ বয়স ভাটি দিয়াৰ বাবে তেওঁক বুঢ়া ৰজা বোলা হৈছিল। এজন জ্ঞানী-গুণী লোক আছিল বাবে তেওঁৰ আন এটা নাম বুদ্ধ স্বৰ্গনাৰায়ণ। শৌৰ্য-বীৰ্য আৰু পৰাক্ৰমৰ বাবে তেওঁ প্ৰতাপ সিংহ নামেৰেও জনাজাত আছিল।

জয়ন্তীয়া ৰজা যশোমাণিকৰ সৈতে কছাৰী ৰজা প্ৰতাপ নাৰায়ণৰ মনোমালিন্য ঘটিছিল। এতিয়া যশোমাণিকে কছাৰীৰ বিৰুদ্ধে আহোমৰ সহযোগিতা লাভৰ উদ্দেশ্যে প্ৰতাপ সিংহলৈ এগৰাকী কন্যা আগবঢ়ালে। কিন্ত তেওঁ ক’লে যে এই কন্যা গৰাকীক আহোমে নিজে লৈ যবহি লাগিব। সেই মৰ্মে তেওঁ যিটো পথেৰে আহোমক আহোবলৈ ক’লে সেই পথটো কছাৰী ৰাজ্যৰ মাজেদি গৈছিল। কছাৰী ৰজা প্ৰতাপ নাৰায়ণে চিলাৰায়ে আহোমক ঘটুৱাৰ দিন ধৰি তেওঁলোকক হেয় চকুৰে চাইছিল। এতিয়া আহোম ৰজাই তেওঁৰ ৰাজ্যৰ মাজেৰে যোৱাৰ বাবে অনুমতি ল’বলৈ তেওঁলৈ কটকী পঠিওৱাত কছাৰী ৰজাই সেই অনুৰোধ প্ৰত্যাখ্যান কৰে। তাতেই ক্ষান্ত নাথাকি তেওঁ আহোম ৰাজ্যৰ অন্তৰ্গত এখন গাওঁত আক্ৰমণ চলায়। এই প্ৰত্যাখ্যান আৰু আক্ৰমণ দুয়োটাই আহোম ৰজাৰ খ্ং তোলে আৰু তেওঁ যি কোনো উপায়েৰে কছাৰী ৰাজ্যৰ মাজেদি জয়ন্তীয়া ৰাজ্যলৈ যোৱাৰ ব্যৱস্থা কৰিবলৈ বদ্ধ পৰিকৰ হয়। ১৬০৬ খৃঃত তেওঁ কলঙেদি প্ৰথমে ৰহা আৰু তাৰ পৰা কপিলীলৈকে এদল সৈন্য পঠিয়াই কছাৰীৰ বশ্যতা স্বীকাৰ কৰা এজন মুখীয়ালক পৰাস্ত কৰে। ইয়াৰ পৰা বিজয়ী দলটো হানান হৈ সাতগাওঁলৈ আগবাঢ়ি ধৰমটিকাত কছাৰী সকলক হৰুৱাই তেওঁলোকৰ পৰা ভালেমান বন্দুক, তৰোৱাল আৰু যাঠি-জোং কাঢ়ি আনে। কপিলী আৰু মৰাদয়াঙৰ সঙ্গমস্থলত এদল যুঁজাৰু এৰি কছাৰীৰ প্ৰধান সৈন্য দলটো তাৰ পৰা পিছ হুহুকি মাইবং পায়হি। আহোমে আহি তাতো আক্ৰমণ কৰাত কছাৰীয়ে তেওঁলোকক ওভটাই পঠিয়ায়। এই আহোম বাহিনীটোৱে ৰজা প্ৰতাপ সিংহলৈ বাতৰি দিয়াত তেওঁ অক্টোবৰ মাহত নিজে এদল সৈন্যৰ নেতৃত্ব কৰি ধনশিৰিলৈ উজাই আহি ডেমলাই নামৰ ঠাইত কছাৰীক পৰাস্ত কৰেহি। নৱেম্বৰ মাহত কোনো বাধা-বিঘিনি নোহোৱাকৈ জয়ন্তীয়াপুৰৰ পৰা জয়ন্তীয়া কুঁৱৰীক প্ৰথমে ৰহা আৰু তাৰ পৰা আহোম ৰাজ্যলৈ নিয়া হয়। প্ৰতাপ সিংহ নিজেও ৰাজধানীলৈ উভটি যায়। সৰহ সংখ্যক আহোম সৈন্যকো নগাওঁৰ পৰা লৈ যোৱা হয়। কেৱল ৰহাত সুন্দৰ গোঁহাইৰ অধীনত এটা শকত আহোম বাহিনী এৰি যায়।

সুন্দৰ গোঁহায়ে কছাৰীৰ পৰা কৰ দাবী কৰে। কৰ নিদিলে তেওঁ মাইবং আক্ৰমণ কৰিব বুলিও ভাবুকি দিয়ে। এইখিনিতে সুন্দৰ গোঁহাইৰ পুত্ৰ আখেকে দেউতাকক ৰজাৰ বিৰুদ্ধে কেতবোৰ কথা লগোৱাত তেওঁ কাম কাজত মন নিদিয়া হ’ল। আলেখ লেখ চাই থকা কছাৰী ৰজাৰ বৰপুত্ৰ ভীমদৰ্পই সোযোগ বুজি এদিন নিশা আতৰ্কিতে আহোমৰ ঘাটিতে আক্ৰমণ চলাই সুন্দৰকে আদি কৰি ভালেমান লোকক হত্যা কৰে। বাকীবোৰ আহোমে ত্ৰাহি মধুসূদন বুলি পলাই পত্ৰং দিয়ে।

এই বাতৰি পাই প্ৰতাপ সিংহৰ খঙে মূৰৰ চুলিৰ আগ পাইছিলগৈ। কিন্ত সেই সময় ছোৱাৰ মুছলমান সকলৰ লগত বিবাদৰ আগন্তক দেখি কছাৰীৰ সৈতে যুঁজ-বাগৰ কৰি শক্তি ক্ষয় কৰিবলৈ নিবিচাৰিলে। সেয়ে তেওঁ কছাৰী ৰজাৰ সৈতে বন্ধুত্ব কৰিবলৈ বুলি কটকীৰ হাতত তেওঁলৈ উপহাৰ আদি পঠিয়াই কোৱালে বোলে সুন্দৰ গোঁহায়ে তেওঁৰ হাকবচন নামানিহে কছাৰীক আক্ৰমণ কৰিছিল। প্ৰতাপ নাৰয়ণলৈ আহোম ৰজাৰ চলাহী কথাত পতিয়ন গ’ল আৰু এগৰাকী আহোম কন্যাৰ পাণিগ্ৰহণৰ ইচ্ছা কৰিলে। এগৰাকী আহোম বিষয়াৰ কন্যা তেওঁলৈ দিয়া হ’ল আৰু কন্যা গৰাকীক বুঢ়াগোঁহায়ে কছাৰী ৰাজধানী লৈকে আগবঢ়াই থৈ আহিল। ইতিমধ্যে খা-খবৰ লৈ আহোম ৰজাই গম পালে যে ৰহাত হোৱা আহোমৰ লটিঘটিৰ বাবে আখেক গোঁহাই বিশেষভাৱে দায়ী আছিল। সেয়ে, এতিয়া দুখুমূখৰ আহোম সৈন্যদলৰ দায়িত্বত থকা আখেকক ৰজাই বৰ্খাস্ত কৰে। আখেকে অ’ত ত’ত ঘূৰি পকি ব্ৰহ্মপুত্ৰৰ উত্তৰৰ স্থানীয় মূখীয়াল কেইজনমানৰ সৈতে লগ লাগি আহোমৰ বিৰোধীতাৰ কথা মনতে পাঙিছিল। এই মূখীয়াল সকলে হেনো তেওঁক ৰজা পতাৰ কথাও ভাবিছিল। কিন্ত অৱশেষত আখেকৰ নিজৰ সাহসৰ অভাৱ ঘটিল। তেওঁ পলাই গৈ পোনতে কোচ ৰজা পৰীক্ষিত আৰু তাৰ পিছত বঙ্গৰ মুছলমান শাসনাধিপতিৰ কাষ চাপিছিলগৈ।

১৬০৮ খৃঃত প্ৰতাপ সিংহই কোচ ৰজা পৰীক্ষিতৰ জীয়ৰী মঙ্গলদেহীক বিয়া কৰায়। আহোম ৰজাই পৰীক্ষিতক ২২ টা হাতী উপহাৰ দিছিল। পৰীক্ষিতে জীয়েকৰ যৌতুক হিচাবে দিছিল ৬ টা লগুৱা-লিকচৌৰ পৰিয়াল আৰু ২৬ গৰাকী লিগিৰী।

কোচ ৰাজবংশাৱলী মতে পৰীক্ষিতৰ মুছলমানৰ হাতত পৰাজিত হোৱা ভায়েক বলীনাৰায়ণে ১৬১৫ খৃঃত পলাই গৈ প্ৰতাপ সিংহৰ আশ্ৰয় বিচাৰিছিল। প্ৰতাপ সিংহই তেওঁক আদৰি লয়। সেই সময়ৰ কলিয়াবৰৰ ওচৰত এজন মুছলমান বেপাৰীক গুপ্তচৰ বুলি সন্দেহ কৰি হত্যা কৰা হয়। তেওঁৰ নাওঁ দুখনত থকা সকলো বস্তুও আহোমে লুটি আনে। গোচৰ পাই বঙ্গৰ শাসন কৰ্ত্তা শেখ কছিমে ছৈয়দ হাকিম নামেৰে এজন ৰাজকৰ্মচাৰীক ছৈয়দ আবুবকৰৰ সৈতে ১০ হাজাৰ ঘোঁৰা, পদাতিক আৰু ৪০০ ডাঙৰ যুদ্ধৰ জাহাজ আদিৰে সজ্জিত কৰি ইয়াৰ পোতক তুলিবলৈ পঠিয়ায়। বাটত ঢাকাৰ ওচৰৰ জমিদাৰ ৰজাৰ পুত্ৰ ছত্ৰজিৎ তেওঁলোকৰ লগ লাগে। পৰীক্ষিতৰ বিৰুদ্ধে যুদ্ধ কৰি সাফল্য লাভ কৰাৰ বাবে ছত্ৰজিতক পাণ্ডু আৰু গুৱাহাটীত থানাদৰ পতা হৈছিল। আখেকে এই অভিযানকাৰী দলটোত আছিল।

আক্ৰমণকাৰী সকলে কলং নৈয়েদি কলিয়াবৰ ওলাইছিল গৈ। আহোমে তেওঁলোকক ভৰলীৰ পাৰত লগ পায়। পিছে নৈৰ ওপ্ৰত ডাঠ কুঁৱলী পৰাৰ সুযোগ লৈ মূঘলে অতৰ্কিতে ঘোঁৰাৰে সৈতে নৈ পাৰ হৈ আহোমক আক্ৰমণ কৰি পৰাস্ত কৰে। এইদৰে প্ৰথম খন যুঁজত জিকি মূঘলে আৰু আগবাঢ়ি অহা নাছিল। ইতিমধ্যে, আহোমৰ আন এটা দল ভৰলীলৈ আহে। প্ৰতাপ সিংহই যেনে তেনে শত্ৰুক আক্ৰমণ কৰিবলৈ আদেশ দিছিল যদিও আহোমৰ সেনাপতিয়ে তেনে কৰিবলৈ ভয় কৰি ভৰলীতে বাহৰ পাতি থাকিল। এই কথাতে খঙ উঠি তেওঁক ৰজাই বৰ্খাস্ত কৰি আন এজনক তেওঁৰ ঠাইত নিযুক্তি দিলে। ইফালে আখেক গোঁসাইক আহোমে ক্ষমাদানৰ প্ৰতিশ্ৰুতি দিয়াত তেওঁ আহি আহোমৰ লগ লাগিলহি। নতুন সেনাপতিয়ে আখেকৰ পৰামৰ্শ মতে এনিশা আহোমক অতৰ্কিতে মূঘলক পানী আৰু বাম উভয়ৰে আক্ৰমণ কৰি বিবুধিত পেলালে। মূঘল সম্পূৰ্ণৰুপে পৰাস্ত হৈ যেনি তেনি পলাবলৈ ধৰিলে। আহোমে তেওঁলোকক চাতিওফালৰ পৰা বেৰি ধৰি বন্দী কৰিলে। আবুবকৰো বন্দী হ’ল। নাইবা তেওঁ যুঁজত পৰিবও পাৰে। নাইবা আহোমে বন্দী কৰি আন আন বন্দীসকলৰ সৈতে তেওঁকো বোধকৰো হত্যা কৰে। ছত্ৰজিতৰ পুতেকক ধৰি নি আহোমে কামাখ্যা গোসানীৰ আগত বলি দিয়ে। হত্যা কৰা বন্দী বিলাকৰ কটা মূৰবোৰ এঠাইত দমাই থোৱা হৈছিল। এই যুঁজত মূঘলৰ এক বুজন পৰিমাণৰ হাতী, ঘোঁৰা, যুদ্ধ জাহাজ, নাওঁ, বৰটোপ, বন্দুক আৰু খাৰ-বাৰুদ আদি আহোমৰ হাতত পৰিছ্ল। বিজয় উল্লাসেৰে প্ৰতাপসিংহই ৰাজধানীলৈ উভটি গৈ ৰিখবণ পাতিছিল।

বলী নাৰায়ণক আহোমে দৰঙত কৰ তলতীয়া ৰজা হিচাবে প্ৰতিস্থা কৰে। তেওঁ ধৰ্ম নাৰায়ণ নাম লৈছিল। ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰৰ দৰঙৰ এঠাইত তেওঁ ৰাজধানী পাতে। আহোমে কিন্ত আখেক গোহাইক দিয়া ক্ষমাৰ প্ৰতিশ্ৰুতি ভঙ্গ কৰি তেওঁক প্ৰাণদণ্ডহে বিহিছিল। পাদছাহ নামাৰ লেখকৰ মতে এই অভিযানত পৰাজিত হোৱাৰ বাবে কাছিম খাক বঙ্গৰ শাসনকৰ্ত্তাৰ পদৰ পৰা বৰ্খাস্ত কৰা হৈছিল।

১৬১৭ খৃঃত প্ৰতাপ সিংহই ধৰ্ম নাৰায়ণৰ সৈতে লগ লাগি এদল সৈন্য লৈ হাজোত উপস্থিত হৈছিল। এইদৰে যাওঁতে বাটত ভালেমান মুখীয়াল লোকে তেওঁৰ বশ্যতা স্বীকাৰ কৰিছিল। এই লোকৰ মাজত ডিমৰুৱা ৰজাও অন্যতম। এই ডিমৰুৱা ৰজানো কোন? এওঁৰ পূৰ্ব্ব পুৰুষ আছিল পান্থেশ্বৰ। পান্থেশ্বৰ কছাৰীৰ কৰ তলতীয়া আছিল যদিও কছাৰীৰ জোৰ জুলুম সহিব নোৱাৰি তেওঁ নিজ দলৰ লোক সকলৰ সৈতে গৈ নৰনাৰায়ণৰ আশ্ৰয় ভিক্ষা কৰিছিল। নৰনাৰায়ণে তেওঁক জয়ন্তীয়া ৰাজ্যৰ সীমাৰ এঠাইত প্ৰতিষ্ঠা কৰে। এই ঠাই ডোখৰত ১৮,০০০ লোকে বসবাস কৰিছিল। পান্থেশ্বৰৰ পুত্ৰ চক্ৰধ্বজে কোচক কৰ নিদিয়াত তেওঁক বন্দী কৰা হৈছিল। পিছত ৰজাৰ ভতিজাক ৰঘূদেৱে তেওঁক মুকলি কৰি দিয়ে। ৰঘূদেৱে কোচৰাজ্যৰ পূব খণ্ডৰ ৰজা হৈ চক্ৰধ্বজক তেওঁৰ অঞ্চলটো পুনৰ ওভটাই দিছিল। চক্ৰধ্বজৰ বংশধৰ পোৱাল সিংহ, ৰত্নাকৰ আৰু প্ৰভাকৰে ৰঘূৰ পুত্ৰ পৰীক্ষিতক কৰ দিছিল। কিছুদিনৰ মূৰত জয়ন্তীয়া ৰজা ধনমাণিকে প্ৰভাকৰক জয়ন্তীয়াপুৰত বন্দী কৰি থোৱাত তেওঁ কছাৰী ৰজাৰ অনুকম্পা লভিবলৈ সমৰ্থ হৈছিল। কছাৰী ৰজাই তেওঁৰ মুক্তিৰ দাবী কৰিছিল। ধনমাণিকে সেই কথা নুশুনাত কছাৰীয়ে তেওঁক আক্ৰমণ কৰি পৰাস্ত কৰে। প্ৰভাকৰৰ পিছত তেওঁৰ পুত্ৰ মঙ্গল ৰজা হয়। কছাৰী ৰজা ভীমবলে তেওঁক আক্ৰমণৰ যো-জা কৰাৰ কথা গম পাই মঙ্গলে আহোমৰ সহায় বিচাৰে। আহোমে তেওঁক সহানুভূতি জনায়। এইদৰে এক সাম্ভাব্য কছাৰী আক্ৰমণৰ পৰা মঙ্গলে ৰক্ষা পায়।

এই সৰু সৰু ৰজা বা মুখীয়াল লোক সকলক লগত লৈ প্ৰতাপ সিংহই মুছলমানৰ হাতৰ পৰা পাণ্ডু কাঢ়ি লৈ ইয়াক সুৰক্ষিত কৰি লয়। আগিয়াঠুটিত পৰাস্ত হৈ মুছলমান সকল হাজোলৈ পিছ হুহুকি যায়। তেওঁলোকৰ সেনাপতি আব্দুছ ছালামে ঢাকাৰ নবাবক এই বিপদৰ কথা জনোৱাত তেওঁ আব্দুছ ছালামৰ ভায়েক মুহিউদ্দিনক ১,০০০ ঘোঁৰা, ১,০০০ বৰ্শাধাৰী সৈন্য আৰু ২০০ ত কৈও অধিক যুদ্ধৰ নাৱেৰে সজ্জিত কৰি ততালিকে পঠিয়াই দিয়ে।

আহোমে মুছলমানৰ পৰা উদ্ধাৰ কৰা ঠাইতে বাহৰ পাতি থাকে। এই সৈন্য সকলক ৰজাৰ পৰা নিৰ্দ্ধেশ নোপোৱালৈকে কোনো অভিযান নকৰিবলৈ কোৱা হৈছিল। কিন্ত এতিয়া দুজনমান মুছলমান অশ্বাৰোহী দৃষ্টিগোচৰ হোৱাত অহঙ্কাৰী আহোম সেনাপতি সকলে ৰজাৰ নিৰ্দ্দেশলৈ অপেক্ষা নকৰি তেওঁলোকক হাজোলৈ খেদি নিয়ে। ইয়াতে চাৰিওফালৰ পৰা মুছলমানৰ ওপৰত আক্ৰমণ চলোৱা হয়। সন্মূখৰ পৰা আহোম, পিছৰ পৰা ধৰ্মনাৰায়ণ আৰু যাদু নামৰ এজন স্থানীয় লোকৰ সহায়ত আক্ৰমণ চলায়। যদূক কোনোৱে চুটীয়া আৰু কোনোৱে কছাৰী বুলি কয়। কিন্ত এই আক্ৰমণ নিষ্ফল হ’ল। আহোমে শ্ৰীঘাটলৈ পলাই যোৱাত মুছলমান সৈন্যই তেওঁলোকক খেদি নিয়ে আৰু কেইবা ঠাইত ঘটুৱায়। বুঢ়া গোঁহাইক মুছলমান সকলে বন্দী কৰে। বহু সংখ্যক সৈন্য আহত বা নিহত হয়। ৯ টা হাতী, বহুতো জাহাজ আৰু বন্দুক শত্ৰু পক্ষই লাভ কৰে। এই বিপৰ্য্যয়ৰ সম্ভেদ পাই প্ৰতাপ সিংহই অ’ত ত’ত পলাই থকা সকলোবোৰ আহোম সৈন্যক ছামধৰাত একগোট হ’বলৈ নিৰ্দ্দেশ দিয়ে। এই ঠাইতে এখন বিচাৰ পাতি তেওঁৰ বিনানুমতিত যুদ্ধ আৰম্ভ কৰা বিষয়া কেইজনৰ তেওঁ শিৰচ্ছেদ কৰে। আন কেইবাজনকো চোৰাপাতত নিক্ষেপ কৰি অনাহাৰে মৰিবলৈ দিয়ে। এই সূত্ৰমতে বিচাৰৰ অন্তত ৰজাই বুঢ়াগোঁহাই আৰু চাৰিঙ ৰজাক ৰজাঘৰৰ গাহৰি গড়ালত থাকিবলৈ দিয়ে।

পলৰীয়া আহোম সৈন্য সকলক আকৌ একগোট কৰি ৰাজ্যত সুস্থিৰ অৱস্থা আনি সুখ্যাতি অৰ্জ্জা লাঙি পাণিছিয়াক ৰজাই নতুনকৈ সৃষ্টি কৰা বৰফুকন বা গৰ্ভণৰৰ পদ দিয়ে। তেওঁক কলিয়াবৰৰ পশ্চিম অঞ্চলত জয় কৰা অঞ্চলসমূহৰ বৰফুকন পতা হয়। বৰগোঁহাই আৰু বুঢ়া গোঁহাইৰ শাসনৰ বহিৰ্ভূত কলিয়াবৰৰ পূৱ অঞ্চলটো চোৱা-চিতা কৰিবলৈ বৰবৰুৱা পদৰ সৃষ্টি কৰি ৰজাৰ মোমায়েক মোমাই তামুলীক এই পদ দিয়া হয়।

১৬১২ খৃঃত মুছলমানে পুনৰ আক্ৰমণ চলাই ব্ৰহ্মপুত্ৰৰ দক্ষিণত থকা ধৰ্মনাৰায়ণৰ দূৰ্গ অৱৰোধ কৰে। তেওঁক সহায়ৰ বাবে পঠিওৱা এদল আহোম সৈন্য গৈ মুছলমান সৈন্যৰ ওচৰতে চাউনি পাতে। ৬ সপ্তাহ জুৰি ইদলে সিদলৰ ৰেহৰুপ চাই থকাৰ মূৰকত আহোমে আক্ৰমণ কৰি মুছলমান সকলক বেয়াকৈ ঘটুৱায়। বহুবোৰ মুছলমান সৈন্য আহত আৰু নিহত হয়। বাকীবোৰে কোনোমতে প্ৰাণ লৈ হাজো ওলায়গৈ। মুছলমানৰ ১০টা বৰটোপ, ৫০ টা বন্দুককে আদি কৰি বহুবোৰ অস্ত্ৰ-শস্ত্ৰ, বহু সংখ্যক ঘোঁৰা, গৰু, ম’হ আদি আহোমৰ হাতত পৰে। এই যুদ্ধৰ পিছত ধৰ্ম নাৰায়ণ, ডিমৰুৱা আৰু হোজাইকে ধৰি বহুবোৰ ৰজা বা মুখীয়ালে পুনৰ প্ৰতাপ সিংহৰ বশ্যতা স্বীকাৰ কৰে। প্ৰতাপ সিংহই হেনো মুছলমানৰ যুটীয়া অভিযান চলাবৰ বাবে কোচবিহাৰৰ ৰজাক আহ্বান জনাইছিল। পিছে, কোচবিহাৰৰ ৰজাই এই আক্ৰমণৰ প্ৰতি সহাৰি নজনালে।

আহোম আৰু মুছলমান উভয় পক্ষৰে যুঁজ কৰি কৰি ভাগৰ লাগিছিল। কোচবিহাৰৰ ৰজা লক্ষ্মীনাৰায়ণে দুয়ো দলৰে মাজত সন্ধি স্থাপনত সহায় কৰিবলৈ প্ৰস্তাৱ দি বিৰো কাজি নামৰ এজনক আহোম ৰজাৰ ওচৰলৈ পঠিয়াইছিল। বিৰো কাজিক আহোমে বন্দী কৰি থয়। কিন্ত ইফালে পাণ্ডুৰ থানাদাৰ ছত্ৰজিতেও এই সন্ধিৰ চেষ্টাৰ বিষয়ে জানিবলৈ পায়। ছত্ৰজিৎ কিমানদূৰ মুছলমানৰ অনুগত আছিল সেই বিষয়ে সন্দেহৰ অৱকাশ আছে। তেওঁ ভালেমান দিন ধৰি ঢাকাৰ নবাবক কৰ দিয়া নাছিল। এতিয়া মুছলমান আৰু আহোমৰ মাজত মিত্ৰতা হ’লে তেওঁৰ নিজৰ নিৰাপত্তা সম্বন্ধে ছত্ৰজিৎ সন্ধানহীন হ’ল। বুদ্ধি কৰি তেওঁ লাঙি বৰফুকনৰ সৈতে বন্ধুত্ব কৰিবলৈ এদ লোক পঠিয়ালে। প্ৰতাপ সিংহলৈকো তেওঁ ভালেমান উপহাৰ আগবঢ়োৱাৰ লগতে নিজৰ ৫ বছৰীয়া পুত্ৰকো আহোম ৰজাক শ্ৰদ্ধা জনাবলৈ পঠিয়াইছিল। কিন্ত ছত্ৰজিৎ আছিল জাত-বিশ্বাসঘাতক। মুছলমানৰ লগত কৰাৰ দৰে আহোমৰ লগতো তেওঁ বিশ্বাসঘাতকতা কৰিলে। আহোম বিষয়া কেইজনমানৰ সৈতে ষড়যন্ত্ৰত লিপ্ত হ’ল। ঢাকাৰ নবাবে সন্ধিৰ প্ৰস্তাৱেৰে প্ৰতাপ সিংহৰ ওচৰলৈ কটকী পঠিয়াইছিল। কিন্ত ছত্ৰজিতৰ নিৰ্দ্দেশত বৰফুকনে এই লোকসকলৰ আগমনৰ উদ্দেশ্য অন্য ধৰণে ৰজাক বুজোৱাত ৰজাই তেওঁলোকক সাক্ষাৎ নিদিলে।

সেই সময়তে ৰজাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা মাছু গোবিন্দ নামৰ এজন লোক লুকিলৈ পলাই গৈছিল। ছত্ৰজিতে তেওঁক ধৰিবলৈ যোৱাৰ ভাও জুৰি এই মানুহজনক বঙ্গলৈ পলাই যাবলৈ সুবিধা দিলে। এই কথা গম পাই প্ৰতাপ সিংহৰ বৰ খঙ উঠিল আৰু তেওঁ বৰফুকনক ছত্ৰজিতক ধৰিবলৈ পাচিলে। কিন্ত তাকে নকৰি বৰফুকনে গুৱাহাটীৰ বিপৰীতে থকা উমানন্দ দ্বীপলৈ ছত্ৰজিতক মাতি নিলে। এই ঠাইতে দুয়ো আলিঙ্গন কৰি উপহাৰ বিনিময়ৰ অন্তত বৰফুকনে ছত্ৰজিতক পলাই যাবলৈ সকলো সুবিধা কৰি দিলে। ৰজাই ভূ পাই ছত্ৰজিতক পলাবলৈ দিয়া আৰু ঢাকাৰ কটকীক চক্ৰান্ত কৰি ওভতাই পঠিওৱাৰ অপৰাধত বৰফুকনক বন্দী কৰিলে। বন্দী বৰফুকনক কুকুৰৰ গৰালত শিকলিৰে বান্ধি থৈ একো খাবলৈ নিদি মাৰি পেলোৱা হ’ল। মুছলমানৰ সৈতে আহোমৰ যুদ্ধৰো এইবাৰ ইমানতে ওৰ পৰিল।

কিছুদিন অব্যাহতিৰ মূৰকত আকৌ নবাব আৰু আহোমৰ সম্বন্ধৰ অৱনতি ঘটিল। পাদছাহ নামৰ লেখকে ইয়াৰ বাবে ছত্ৰজিতক দায়ী কৰিছে। এছমাইল খাঁ এতিয়া বঙ্গৰ গভৰ্ণৰ নিযুক্ত হোৱাত ছত্ৰ্জিতে ধৰ্মনাৰায়ণক গভৰ্ণৰ সাল-সলনিৰ সুবিধালৈ তেওঁৰ ৰাজ্যৰ সীমা বৰ্তমানৰ গোৱালপাৰাৰ অন্তৰ্গত দক্ষিন-পূৱ পৰগণালৈ বঢ়াবলৈ উচতনি দিছিল। ইয়াৰ বাহিৰও বিবাদৰ অন্যান্য কাৰণো আছিল। আহোম ৰাজ্যত ভালেমান মুছলমান প্ৰজাক হত্যা কৰা হৈছিল। কিন্ত ৰজা প্ৰতাপ সিংহই এই সম্বন্ধে একো নেজানো বুলি কৈ ইয়াৰ প্ৰতিকাৰৰ পৰা বিৰত থাকিল। নবাবৰ অধীনস্থ হৰিকেশ নামৰ এজন অৰ্থনীতি বিষয়ৰ ভাৰপ্ৰাপ্ত বিষয়াই কিবা দোষ কৰি ৰাজ্যৰ পৰা পলাই আহি প্ৰতাপ সিংহৰ আশ্ৰয় লৈছিল। এতিয়া নবাবে এই লোকজনক ওভতাই বিচৰাত প্ৰতাপ সিংহই তেনে কৰিবলৈ অমন্তি হৈছিল। আহোম ৰাজ্যত এনেদৰে পলাই যোৱা আৰু কেইজনমান লোকৰ বিষয়েও নবাবে আঙুলিয়াইছিল। এইবোৰ কাৰণতে পুনৰ যুদ্ধ লাগিল। ১৬৩৫ খৃঃত হৰিকেশক ধৰিবলৈ নবাবে এটা ফৌজ পঠিয়ায়। ভৰলীৰ পাৰত আহোমৰ সৈতে ভেটাভেটি হোৱা এই ফৌজটো পৰাজিত হয়।

প্ৰতাপ সিংহই এতিয়া শত্ৰুৰ ৰাজ্য আক্ৰমণ কৰিবলৈ যো-জা কৰে। তেওঁ সেই অৰ্থে ডিমৰুৱা, হোজাই, বৰদুৱাৰ আৰু অন্যান্য সীমাৱৰ্তী অঞ্চলৰ ৰজা বা মুখীয়াল সকললৈ উপহাৰ পঠিয়াই তেওঁলোককো মুছলমানৰ বিৰুদ্ধে অভিযানত যোগ দিবলৈ আহ্বান জনায়। কাছিম খাঁই কামৰুপত প্ৰতিষ্ঠা কৰা প্ৰায় ১০০০০ খেতিয়ক যুঁজাৰু বা পাইকৰ দলপতি সকলেও প্ৰতাপ সিংহৰ দলত যোগ দিয়ে। ইয়াৰ পিছত তেওঁৰ সৈন্য সকলে ডিওমিয়া, বানিকট, চৰমীয়া আৰু নগৰবোৰত থকা মুছলমানৰ দূৰ্গ সমূহ ধ্বংস কৰি কুলচি নৈৰ পৰা পৰিগনা আৰু নিউবিহাত জিৰণি লয়গৈ। এই ঠাই দুখনত থকা মুছলমান সকল তেওঁলোক অহাৰ আগেয়েই পলাই গৈছিল। এই আক্ৰমণৰ কালছোৱাত মুছলমানৰ এজন সেনাপতিকে ধৰি ভালেমান সৈন্য নিহত হৈছিল। তেওঁলোকৰ বহুতো সা-সম্পত্তি আহোমৰ হাতত পৰিছিল। ইয়াৰ পিছত আহোমে হাজোত অভিযান চলোৱাত মুছলমান সকল কেইবাখনো যুঁজত হাৰে। এই যুদ্ধ সমূহত তেওঁলোকে ৩৬০ বৰতোপ, বন্দুক আৰু অন্যান্য সা-সামগ্ৰী হেৰুৱাব লগীয়াত পৰে।

ইতিমধ্যে হাজোৰ শাসনকৰ্ত্তা আবদুছ ছালামে নবাব ইছমাইল খাঁলৈ সৈন্য প্ৰেৰণৰ বাবে জৰুৰী বাৰ্তা পঠিওৱাত তেওঁ ছৈয়দ জয়নুল আবেদিনৰ নেতৃত্বত ১০০০ বৰ্শাধাৰী, ২১০ কাঠৰ ভূৰ, নাও আৰু বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, খাৰ-বাৰুদ আৰু টকা-পইচা প্ৰেৰণ কৰে। এই নতুন বাহিনীটো আহি পোৱাত আব্দুছ ছালামে নিজে হাজোত থাকি জয়নুল আবেদিনক শ্ৰীঘাটলৈকে তেওঁৰ জাহাজবিলাক আগুৱাই নি আহোমক ভেটা দিবলৈ কয়। পাণ্ডুৰ পশ্চিমত আহোমে আহি তেওঁলোকক আক্ৰমণ কৰাত এখন থৈয়া নথৈয়া যুঁজ লাগে আৰু যুঁজত পৰাস্ত হৈ আহোমে ৪ খন জাহাজ আৰু ভালেমান বৰতোপ হেৰুৱায়। আহোম সেনাদলৰ নেতৃত্ব কৰা বৰফুকনৰ পুত্ৰজনে তেওঁৰ সৈন্য সকলক পুনৰ একত্ৰিত কৰি থকাৰ কালতে তেওঁক শত্ৰুৱে গুলীয়ায়। আহোমৰ দুয়োটি চাউনি মুছলমানে ততাতৈয়াকৈ ধ্বংস কৰে আৰু দুদিনৰ পিছত তেওঁ লোকক আগিয়াঠুটিৰ পৰা খেদি পঠিয়ায়। শ্ৰীঘাটত থকা তেওঁলোকৰ চাউনিটোও অৱৰুদ্ধ হয়। তিনিদিন ধৰি তেওঁলোকে মুছলমানক ৰাখিছিল। কিন্ত ইতিমধ্যে দ্বিতীয়খন ভূৰত উঠি বহু মুছলমান সৈন্য আহি আহোমৰ ওপৰত জপিয়াই পৰিলহি। ইফালে আহোমৰ ৰচদ-পাতিৰ ভাৱ ঘটাত তেওঁলোকেও উপায় নাপাই পিচ হুহুকিবলৈ সিদ্ধান্ত লয়। এই বতৰি পাই প্ৰতাপ সিংহই তৎক্ষণাৎ বহু সংখ্যক সৈন্য পঠিয়াই দিয়ে। এই সৈন্যদল আহি পোৱাত আহোমে এইবাৰ মুছলমান সকলক খেদি শুৱালকুছিত থৈ আহেগৈ। এখন বুৰঞ্জীমতে মুছলমানৰ লগত অহা এজন ফিৰিঙ্গীয়ে চৰাই চিকাৰ কৰি থাকোতে আহোমৰ হাতত পৰে আৰু তেওঁক ৰজাৰ ওচৰলৈ পঠিয়াই দিয়া হয়। অসমৰ বুৰঞ্জীত ফিৰিঙ্গী উল্লেখ এয়ে প্ৰথম। সেই সময়তে হাজোৰ ওচৰেদি যোৱা ব্ৰহ্মপুত্ৰৰ সুতিটো শুকাই গ’লত হাজোৰ পৰা যুদ্ধ পৰিচালনা কৰাটো অসম্ভৱ হৈ উঠিল। সেয়ে, আব্দুছ ছালামে জয়নালক হাজোত তেওঁক লগ ধৰিবলৈ বাৰ্তা পঠিয়ায়। সেই মৰ্মে জয়নুলে নৌবাহিনীটো মহম্মদ ছালিহ, কাম্বু, ছত্ৰজিত আৰু মজলিছ বায়াজিদৰ হাতত গটাই দি নিজে হাজোলৈ আহে।

সেই নিশাতে আহোমে প্ৰায় ৫০০ জাহাজেদি আহি মুছলমান নৌবাহিনীটো আক্ৰমণ কৰি শোচনীয় ভাৱে ঘটুৱায়। মহম্মদ ছাহিলক হত্যা কৰা হয়। বায়াজিদকে আদি কৰি ভালেমান সৈন্য বন্দী হয়। পাদছাহনামাই মুছলমানৰ এই পৰাজয়ৰ বাবে ছত্ৰজিতক দিষাৰোপ কৰিছে। ছত্ৰজিতে হেনো বিশ্বাসঘাতকতা কৰি আহোমক মুছলমান সেনাপতিজনে নৌ-বাহিনী এৰি হাজোলৈ যোৱাৰ বাতৰি দিছিল আৰু আহোম সৈন্য অহাৰ লগে লগে নিজে আতৰি গৈছিল। অহোম পুথিসমূহৰ মতে এই ৰণত বিভিন্ন আকাৰৰ মুঠ ৩০০ নাওঁ, ৩০০ বৰতোপ, বন্দুককে আদি কৰি ভালেমান বয়-বস্তু লাভ কৰিছিল।

বৰফুকন আৰু ধৰ্মনাৰায়ণে এতিয়া হাজো অৱৰোধ কৰিলে। সকলো বয়-বস্তুৰ সৰহবৰাহ বন্ধ কৰি তেওঁলোকে শত্ৰুক শলঠেকত পেলালে। শত্ৰুয়ে কেইবাবাৰো প্ৰতি আক্ৰমণ কৰি বিফল হৈছিল। এনে এটা অভিযানত আব্দুছ ছালামে নিজেও আহত হৈছিল। অৱৰুদ্ধ হৈ থকাৰ কালত তেওঁলোকে উট ম’হ আদিৰ মাংসৰে পেট প্ৰৱৰ্ত্তালে। সেইবাৰো এদিন অন্ত হ’লত আব্দুছ ছালামে সন্ধি কৰাটোকে শ্ৰেয় বুলি বিবেচনা কৰি সেই মৰ্মে আহোম সকল এটা বিৰাট বাহিনীত পৰিণত হৈছিল। ১৬৩৭ খৃঃৰ ৩১ অক্টোবৰত এই আক্ৰমণ সংঘটিত হৈছিল। তেওঁলোকে জামানৰ দুটা কাঠেৰে সজা দূৰ্গ অধিকাৰ কৰিছিল। কিন্ত পিছদিনা পুৰা জামানে প্ৰতি আক্ৰমণ চলাই তেওঁলোকৰ ১৫ টা এনে দূৰ্গ অধিকাৰ কৰিলে। আহোমে এই যুঁজত কেইবাজনো সেনাপতিকে ধৰি মুঠ ৪০০০ জন লোক হেৰুৱালে। ইয়াৰ বাহিৰেও বহুবোৰ অস্ত্ৰ-শস্ত্ৰ নষ্ট হ’ল।

তিনি সপ্তাহ পিছত মুছলমান সকলে এইবাৰ তিনি দিশৰ পৰা আহোমৰ ওপৰত আক্ৰমণ চলাই বৰতোপ নামৰ ঠাইত তেওঁলোকক শোচনীয়ভাৱে পৰাস্ত কৰিলে। বস্তু সৰবৰাহৰ পথ বন্ধ হোৱাত আহোমদল বিপৰ্য্যয়ৰ সন্মুখীন হ’ল। ভালেমান মুখীয়াল লোককে ধৰি বহুতো আহোম সৈন্য ৰণত পৰিল আৰু বহুতকে মুছলমানে বন্দী কৰি পিছত হত্যা কৰিলে। ওৰে দিনটো বেলি ডুব নোযোৱালৈকে যুঁজ চলিল। সেই সময়ত ভালেমান নাওঁ আৰু অন্যান্য সা-সজুলিৰে সুসজ্জিত হৈ প্ৰতাপ সিংহই শ্ৰীঘাটত বাহৰ পাতি আছিল। যুঁজত হাৰি ছেদেলি ভেদেলি হোৱা আহোম সকলে কোনোমতে পলাই তেওঁৰ ওচৰ পালেগৈ।

বিৰাট সাফ্যলৰে এইবাৰ মুছলমান সকল পাণ্ডুলৈ আহে। এক ভয়ানক হিলৈ যুদ্ধৰ অন্তত তেওঁলোকে আহোমৰ আগিয়াঠুটিৰ চাউনি দখল কৰে। শ্ৰীঘাটত হোৱা আনখন যুঁজতো আহোমে বৰপৈতাৰ ভূমিযুদ্ধৰ দৰেই শোচনীয় ভাৱে পৰাজিত হ’ল। আহোমৰ প্ৰায় ৫০০ কাঠৰ ভূৰ আৰু ৩০০ বন্দুক বিজয়ী সকলে লাভ কৰিলে। কলঙৰ পাৰৰ কাজলিৰ দূৰ্গও মুছলমানে দখল কৰিছিল যদিও ডিমৰুৱা ৰজা আৰু হৰি ডেকা নামৰ এজনে প্ৰতি আক্ৰমণ চলাই ইয়াক উদ্ধাৰ কৰে। প্ৰতাপ সিংহই এটা সৰু সৈন্যদল পঠিয়াই তেওঁলোকক এই দূৰ্গটো দখল কৰি ৰখাত সহায় কৰিলে। কিন্ত শত্ৰুৰ আক্ৰমণৰ সন্মুখত তেওঁলোকে দূৰ্গটো ৰাখিব নোৱাৰিলে। এইবাৰ আহোমসকল পলাই কলিয়াবৰ ওলালগৈ। এতিয়া কলিয়াবৰেই আহোমৰ একমাত্ৰ প্ৰধান ঘাটি আছিল।

এই পৰাজয়ৰ বাতৰি পাই আহোম ৰজাই বৰ ভয় খাইছিল। বিতত হৈ তেওঁ মূল্যবান সা-সম্পত্তি বোৰ ৰাজধানীৰ পৰা আতৰাই নিছিল। নিজে গৈ পৰ্ব্বতত লুকাই থকাৰ যোজা কৰাৰ কালতে আনহাতেদি তেওঁ পূৰ্ব্বৰ যুদ্ধবন্দী মুছলমান দলপতি সকলক হত্যাৰ আদেশ দিছিল।

মুছলমান সকলে এইবাৰ ধৰ্মনাৰায়ণক বেয়াকৈ যুঁজত ঘটুৱায়। তেওঁ শিঙৰি পৰ্ব্বতলৈ পলাই গৈছিল যদিও দুজন পুত্ৰৰ সৈতে ধৰা পৰে আৰু শত্ৰুয়ে কেউটিকে হত্যা কৰে। ইয়াৰ পিছৰ তিনি মাহত মুছলমান সকলে নিজকে থান থিতাপি লগায়। তেওঁলোকে ঠাইখনৰ কতবোৰ অৰ্থনৈতিক উন্নতিৰ বাবেও চিন্তা কৰিবলৈ লয়। গুৱাহাটীৰ মিৰ নুৰুল্লাকে থানাদাৰ পতা হয়।

১৬৩৮ খৃঃত মুছলমান সৈন্যৰ এটা দলে কোচবিহাৰত প্ৰাণনাৰায়ণৰ সৈতে লগলাগি ব্ৰহ্মপুত্ৰয়েদি উজাই ভৰলীৰ মোহনাত চাউনি পাতেগৈ। আহোমৰ সৈতে এই ঠাইত কেইবাবাৰো যোঁজ-বাগৰ লগাত এইদলে বিশেষ গা কৰিব নোৱাৰি গুৱাহাটীলৈ উভটি যায়। আহোমে সৈন্য-সামন্ত গোটাবলৈ সময়ৰ প্ৰয়োজন হোৱাত বুদ্ধি কৰি মুছলমানৰ সৈতে সন্ধিৰ প্ৰস্তাৱ দিয়ে। মুছলমানক আহোমে হাতী, অগৰু অন্যান্য বয়-বস্তু দিব বুলি কয়। সেই মৰ্মে আলোচনা-বিবেচনা চলাই থকাৰ কালতে আহোমে নিজ সেনাবাহিনীক সুসজ্জিত কৰি তোলে। তাৰ পিছত এই দলৰ নেতৃত্ব কৰা বৰবৰুৱাই মুছলমানক কয় যে তেওঁলোকক কৰ দিয়াতকৈ তেওঁ যুদ্ধ কৰাটোহে পছন্দ কৰে। যুঁজ লগাত আহোম জিকে। কাজলি পুনৰ উদ্ধাৰ হয়। কিন্ত যুঁজ দীঘলীয়া হোৱাত তেওঁলোকৰ ৰচদ-পাতিৰ অভাৱ ঘটে আৰু যুদ্ধ চলাব নোৱাৰ অৱস্থা এটা হয়গৈ। উপায় নাপাই শান্তি চুক্তি কৰা হ’ল। সেই চুক্তিমতে ব্ৰ্হ্মপুত্ৰৰ উত্তৰ পাৰৰ বৰনদী আৰু দক্ষিণ পাৰৰ অসুৰৰ আলি দুয়ো দলৰ মাজত সীমা নিৰ্দ্ধাৰিত হ’ল। ইয়াৰ পিছৰ একুৰি বছৰ মুছলমান সকলে এই ঠাইত নিৰ্ব্বিবাদে কটালে। মুছলমান সকলে এই অঞ্চলত প্ৰৱৰ্ত্তন কৰা শাসন প্ৰণালীৰ দুই এটা দৃষ্টান্ত আজিও চকুত পৰে।

১৬৩৭ খৃঃত কছাৰী ৰজা ভীমবলৰ মৃত্যু হয়। তেওঁৰ পুত্ৰ বল্লভে প্ৰতাপ সিংহলৈ বন্ধুত্ব কামনা কৰি দূত পঠিয়াইছিল। আহোমে তেওঁৰ এই ইচ্ছাৰ প্ৰতি বিশেষ আগ্ৰহ দেখুওৱা নাছিল। তেওঁ লিখা চিঠি খনৰ ভাষা সৌজন্যমূলক নহয় বুলি আহোমে ভাবিছিল। এই চিঠি পত্ৰৰে আদান প্ৰদান পূৰ্ব্বক ধনশিৰি পথেদি নহৈ কলিয়াবৰৰ মাজেদিহে হৈছিল। ইয়াৰ পিছৰ কাম-কাজতো এই নতুন পথটোহে বুৱহৃত হৈছিল। বহু যুদ্ধ বিগ্ৰহৰ স্থল এই ধনশিৰিৰ পাৰৰ পৰা মানুহবোৰ উঠি যোৱাত এই ঠাইখন হাবি-বননিৰে ভৰি পৰিছিল। কালক্ৰমত ইয়াত নামবৰ হাবিৰ সৃষ্টি হৈছিল।

৩৮ বছৰ ৰাজত্বৰ অন্তত ১৬৪১ খৃঃত প্ৰতাপ সিংহ স্বৰ্গী হয়; তেওঁ এজন বলবান, কৰ্মদক্ষ আৰু উচ্চাকাঙ্খী ৰজা আছিল যদিও তেওঁৰ ৰাজত্ব কালৰ সৰহ সময় মুছলমান আৰু কছাৰীৰ সৈতে হোৱা যুঁজ-বাগৰত অতি-বাহিত হৈছিল। অৱশ্যে তাৰ ভিতৰতে তেওঁ ৰাজ্যখন সূচাৰুৰুপে চলাবলৈ ভালেমান ব্যৱস্থা হাতত লৈছিল। ৰাজ্যৰ পিচপৰা অঞ্চলৰ উন্নতিকৰণকে আদি কৰি বাট-পথ, বান্ধ আদি নিৰ্ম্মাণ আৰু পুখুৰী খন্দাৰ কাম তেওঁৰ দিনত হৈছিল। ৰাজত্বৰ প্ৰথমছোৱাত তেওঁৰ বিৰুদ্ধে ভালেমান ষড়যন্ত্ৰ হোৱাত তেওঁ তাক আহোমৰ প্ৰচলিত কঠোৰতাৰে দমন কৰিছিল। শুক্লধ্বজৰ নেতৃত্বত হোৱা কোচ আক্ৰমণৰ কালৰে পৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত ভৰলী আৰু সুৱণশিৰি অঞ্চলত বসবাস কৰা ভূঞা সকলে আহোমক কৰ দিবলৈ এৰিছিল। ১৬২৩ খৃঃত উদয় নামৰ এজন ভূঞাই নিজকে স্বাধীন বুলি ঘোষণা কৰিছিল। আন ফালে কেইজন মান ভূঞাও তেওঁৰ লগ লাগিছিল। প্ৰতাপ সিংহই উদয়ক বন্দী কৰি প্ৰাণদণ্ড দিয়ে আৰু সেই সুযোগতে ভূঞা সকলৰ ক্ষমতাও চিৰকালৰ বাবে হ্ৰাস কৰে। ভূঞা সকলক তেওঁলোকৰ সমৰ্থনকাৰী লোকসকলৰ সৈতে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত থৈ অহা হৈছিল। কোনো কাৰণতে তেওঁলোকক উত্তৰ পাৰলৈ নাযাবলৈ তেওঁ কঠোৰ আদেশ দিছিল। এই অঞ্চলৰ কেইজনমান লোকে এই হাক-বচন নামানি উত্তৰ পাৰত পলু পুহিবলৈ লোৱাত তেওঁলোকক আহোমে ধৰি নি হত্যা কৰিছিল।

এওঁৰ দিনত লোক পিয়ল হৈছিল। যিবোৰ ঠাইত আগতে পিয়ল হোৱা নাছিল সেই ঠাইৰ মানুহ বিলাকক বিভিন্ন খেলত ভাগ কৰি তেওঁলোকৰ ওপৰত একোজন কৰ্ম্মচাৰী নিযুক্ত কৰা হয়। কছাৰীৰ পৰা ৰাজ্যখন সুৰক্ষিত কৰাৰ মানসেৰে অভয়পুৰ, দিহিং আৰু নামডাঙৰ পৰা ৪০০ আহোম পৰিয়াল আনি মৰঙিত থাকিবলৈ দিয়া হয়। নামনি অসমৰ জনবহুল ঠাইৰ পৰা বহুতো পৰিয়াল তুলি নি উজনিৰ ফালে জনাকীৰ্ণ অঞ্চলত স্থাপন কৰিছিল। বাঢ়ৈ সকলকে আদি কৰি নানা কাৰিকৰী কাম জনা লোকক নতুন ঠাইলৈ আহোম ৰজাই উৎসাহ দিয়ে। দিহিঙৰ কাষৰ অঞ্চলৰ পৰা চৰাইদেও আৰু ডৌকালৈ পথ নিৰ্ম্মাণ কৰা হয়। এওঁৰ দিনতে অভয়াপুৰ আৰু মথুৰাপুৰ নামৰ দুখন নগৰ গঢ়ি উঠে। জামিৰগুৰিৰ চাতিওকাষে গড় খন্দি গড়গাওঁৰ ৰাজপ্ৰাসাদৰ ক্ষেত্ৰতো অনুৰুপ ব্যৱস্থা লোৱা হয়। শুক্লধ্বজৰ নেতৃত্বত কোচৰ আক্ৰমণৰ কালতে এনে গড়খাৱৈৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা আহোমে এতিয়া এইজন ৰজাৰ দিনত লদাইগড় সম্পূৰ্ণ কৰে। সেইদৰে নগাৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ডোপগড় খান্দি কোনো নগাকে কটকী নোহোৱাকৈ সেই গড় অতিক্ৰম নকৰিবলৈ নিৰ্দ্দেশ জাৰী কৰা হৈছিল। প্ৰতাপ সিংহই কছাৰী ৰাজ্যৰ সীমতো এনে ধৰণৰ গড় মৰাৰ কথা চিন্তা কৰিছিল। কিন্ত সেই অঞ্চলত আহোম ৰাজত্ব বিস্তাৰৰ সম্ভাৱনা ডা-ডাঙৰীয়া সকলে বুজোৱাত তেওঁ সেই আচনি বাদ দিলে। এইদৰে গড় খান্দিলে আহোমে নিজেহে এটা নিৰ্দ্দিষ্ট সীমাৰ ভিতৰত থাকিব লাগিব বুলিও তেওঁলোকে ৰজাক বুজাইছিল।

মিৰি আৰু দফলাৰ উপদ্ৰৱৰ পৰা ৰাজ্যখন ৰক্ষা কৰিবলৈ ৰজাই সিবিলাকৰ গতি-বিধিৰ ওপৰত চকু ৰাখিবলৈ কটকী নিযুক্ত কৰিছিল। কিন্ত ১৬১৫ খৃঃত এই পৰ্ব্বতীয়া লোক সকলে আহোমৰ অধিকৃত অঞ্চলত লুটপাত চলোৱাত কিন্ত আহোমে বাধা দিবলৈ সক্ষম নহ’ল।

ছামধৰা, ছাফ্ৰাই, সীতা আৰু আন ভালেমান ঠাইত আহোমে দূৰ্গ সাজিছিল। দৰিকা নৈৰ ওপৰেদি এখন শিলৰ সাকো দিছিল। আন ভালেমান ঠাইত বাঁহৰ দলং সাজিছিল। প্ৰতাপ সিংহৰ দিনত ভালেমান বজাৰ হাট বহিছিল। মুছলমানৰ লগত হোৱা যুদ্ধ দুখনৰ মধ্যৱৰ্ত্তীন শান্তি বিৰাজ কৰা সময় ছোৱাত বেহাবেপাৰৰ প্ৰভূত উন্নতি পৰিলক্ষিত হৈছিল।

আন বহুতো আহোম ৰজাৰ দৰে প্ৰতাপ সিংহয়ো হাতী চিকাৰ কৰি ভাল পাইছিল। খেদাবিলাকত তেওঁৰ সঘন উপস্থিতি দেখা গৈছিল। তেওঁ এহেজাৰ হাতীৰ গৰাকী হ’বলৈ হাবিয়াস কৰিছিল। এই অভিলাষ পূৰ্ণ হোৱাত তেওঁ গজপতি উপাধি লৈছিল। জামিৰগুৰি নগৰখনক গজপুৰ নামেৰে নামাকৰণ কৰিছিল। পাদছাহ নামাত এইজন ৰজাক ১০০০ হাতী আৰু ১০,০০০ পদাতিকৰ গৰাকী এজন বেধৰ্ম্মী লোক বুলি বৰ্ণনা কৰা হৈছে।

প্ৰশাসনৰ প্ৰতি ৰজাই বিশেষভাৱে চকু দিছিল। প্ৰত্যেকটো বিভাগতেই তেওঁ কঠোৰ ভাৱে প্ৰশাসন চলোৱা দেখা গৈছিল। দোষ কৰিলে বা ৰজাক অসন্তষ্ট কৰিলে যিকোনো বিষয়া বা কৰ্মচাৰীকে কঠোৰ শাস্তি বিহা হৈছিল। উদাহৰণ স্বৰুপে ভৰালী বৰুৱাৰ কথা উল্লেখ কৰিব পাৰি। ভৰালী বৰুৱা ৰজাৰ অতি প্ৰিয়পাত্ৰ আছিল। কিন্ত তেওঁ টকা-পইচাৰ ক্ষেত্ৰত অপব্যৱহাৰ কৰি ৰজাৰ ৰোষৰ কাৰণ হোৱাত তেওঁক ৰজাই মৃত্যুদণ্ড দিবলৈ দ্বিধা কৰা নাছিল।

এইজন ৰজাৰ দিনত ব্ৰাহ্মণ সকলৰ প্ৰতিপত্তি বাঢ়ে। অৱশ্যে চোমদেওক এতিয়াও পূজা কৰা হৈছিল। যুদ্ধ যাত্ৰাৰ আগেয়ে পূৰ্ব্বৰ নিয়ম অনুসৰি দেওধাই সকলক আনি কুকুৰৰ ঠেঙেৰে মঙ্গল চোৱাৰ নিয়মো আছিল। এইবোৰ নিয়ম পালন কৰিলেও ৰজাই হিন্দু পুৰোহিত সকলক যথাযোগ্য সন্মান যাচিছিল। নেছাগড়ৰ পুখুৰীটো খন্দা হ’লেও পুৰোহিতৰ দ্বাৰা পূজা-পাতল কৰোৱা হৈছিল। ৰজাৰ আদেশত দেৰগাওঁৰ বিশ্বনাথত শিৱ মন্দিৰ সজোৱা হৈছিল। হিন্দু মন্দিৰ আৰু ব্ৰাহ্মণ সকলৰ ভৰণ-পোষণৰ বাবে ৰজাই ভূমিদান কৰিছিল। পিছে ৰজাই এবাৰ ব্ৰাহ্মণ সকলক দান-দক্ষিণা কৰাৰ কেইদিন মানৰ ভিতৰতে তেওঁৰ এজন পুত্ৰৰ মৃত্যু ঘটাত খঙ উঠি ৰজাই তেওঁলোককে মৃত্যুৰ বাবে জগৰীয়া কৰি প্ৰাণদণ্ড দিছিল।

সেই সময়ত বহুলোকে মহাপুৰুষীয়া ধৰ্ম গ্ৰহণ কৰিছিল। ব্ৰাহ্মণ সকলে ৰজাক মহাপুৰুষীয়া লোকৰ বিষয়ে নানা কথা লগাই তেওঁলোকক দমন কৰিবলৈও উচতাইছিল। সেইমতে ৰজাই ভালেমান গোসাই বামুণক হত্যাৰ আদেশ দিছিল।

ৰজা আৰু তেওঁৰ বিষয়া সকলৰ মাজত আহোম ভাষাত কথোপকথন চলিছিল। কিন্ত দূতৰ (কটকী বা বৈৰাগী) কামৰ বাবে ৰজাই হিন্দু লোকহে অধিক পছন্দ কৰিছিল। আহোম সকলক বহুক্ষেত্ৰত বুদ্ধিমত্তাত হেয় বুলি বিবেচনা কৰাটোৱেই ৰজাৰ এনে নীতিৰ কাৰণ আছিল যেন লাগে।

তেওঁৰ দিনৰ ঘটনা সমূহৰ ভিতৰত ১৬১৮ খৃঃৰ গৰুৰ বেমাৰ উল্লেখযোগ্য। এই বেমাৰত বহুবোৰ গৰু আৰু ম’হৰ মৃত্যু হয়। ১৬৪১ খৃঃত জাক জাক কাকতি ফৰিঙে পশ্চিমৰ পৰা পূবলৈ উৰি আহি শস্য খাই তহিলং কৰাত ৰাজ্য খনত আকাল হৈছিল।ব্বজ্ৰপাতে দুটা ৰাজপ্ৰাসাদ, ছোমদেওৰ মুৰ্ত্তি ৰখা ঘৰটো বিশ্বনাথৰ মন্দিৰ আৰু ৰজাৰ হাতীশালৰ প্ৰভূত ক্ষতি কৰিছিল।

পাদছাহ নামাত আহোমৰ বিষয়ে এইদৰে লিখিছে : এই লোকসকলে মূৰবোৰ টকলা কৰি থয়। ডাঢ়ি, খত নাৰাখে। জ্বল আৰু স্থলৰ যিকোনো প্ৰাণী খায়। তেওঁলোকৰ বৰণ অতি ক’লা। মানুহবোৰ দেখাতেই এলেহুৱা। দলপতি সকলে হাতী বা দেশী ঘোঁৰাত উঠি ফুৰে। তেওঁলোকৰ মাজত কেৱল পদাতিক সৈন্যহে দেখা যায়। তেওঁলোকৰ নাওঁবোৰ ডাঙৰ আৰু সুৰক্ষিত। যুঁজাৰু সকলে ধনুকাঁড় আৰু বৰ্শা ব্যৱহাৰ কৰে। তেওঁলোক মুছলমান সৈন্যৰ দৰে সাহসী নহয়। কিন্ত নৌযুঁজত তেওঁলোক যথেষ্ট পাৰদৰ্শী। আহোম সৈন্য সকলে অতি খৰকৈ গড়খাৱৈ খন্দা, বাঁহ-জোঙেৰে গোজ পূতি ভেটা দিয়া আৰু বোকামাটিৰে দূৰ্গ নিৰ্মাণৰ কাম কৰিব পাৰিছিল।

প্ৰতাপ সিংহ নৰিয়া পাটিত পৰাত তেওঁক তিনিজন পুত্ৰই সেৱা আগবঢ়াইছিল। তেওঁলোক আছিল ছুৰাম্ফা, ছুট্যিন্‌ফা আৰু ছাই। দেউতাকৰ মৃত্যুৰ লগে লগে ছাইকোৱাৰ নিজে ৰজা হ’বলৈ মন কৰি ভালেমান সৈন্য সামন্ত গোটাই ককায়েক দুজনক আক্ৰমণৰ যো-জা কৰিছিল। কিন্ত জেষ্ঠ কোঁৱৰ ছুৰাম্ফাই তেওঁক ৰজা হোৱাত বাধা দিলে। ছুৰাম্ফা নিঃসন্তান আছিল। তেওঁ ছুট্যিন্‌ফাক ক’লে যে তেওঁক ৰজা হোৱাত সহায় কৰিলে ছুট্যিন্‌ফাক তেওঁ যুৱৰাজ পাতিব। তেওঁ সেই কথাত মান্তি হ’ল আৰু এইবাৰ দুয়ো জনে লগ লাগি নগৰৰ দুৱাৰবোৰ বন্ধ কৰি সৰু জন ভায়েকৰ পক্ষ লোৱা ষড়যন্ত্ৰিকাৰী সকলক বন্দী কৰিলে।

প্ৰতাপ সিংহৰ মৃত্যুৰ পিছত প্ৰধান ড-ডাঙৰীয়া সকলে ছুট্যিন্‌ফাকহে ৰজা পাতিবলৈ বিচাৰিছিল। কিন্ত ছুট্যিন্‌ফাই ককায়েকৰ বিৰুদ্ধে গৈ অঙ্গীকাৰ ভঙ্গ কৰিবলৈ নিবিচাৰিলে ফলত ছুৰাম্ফাই সিংহাসন লাভ কৰিলে। কিছুদিনৰ পিছত ছাই কোঁৱৰে আকৌ ষড়যন্ত্ৰ কৰাত তেওঁক বন্দী কৰি মৃত্যুদণ্ড দিয়া হ’ল।

তেওঁ এজন দুঃচৰিত্ৰ ৰজা আছিল। তেওঁ প্ৰথমে দেউতাকৰ উপপত্নী এগৰাকীৰ সৈতে সহবাস কৰিছিল। তাৰ পিছত তেওঁ চেতীয়া লোক এজনৰ বিবাহিতা পত্নীৰ প্ৰেমাসক্ত হয়। চেতিয়া জনক বিহ খুৱাই মাৰি প্ৰেমিকাক তেওঁ কাৰঙলৈ লৈ আহে। চেতিয়ানীয়ে আগৰ স্বামীৰ ভাগিন এজনক তুলি লৈছিল। তাইৰ অনুৰোধত ৰজাই ভায়েকৰ ওচৰত কৰা অঙ্গীকাৰ ভঙ্গ কৰি এই ল’ৰাজনক যুৱৰাজ বুলি ঘোষণা কৰে। পিছে কিছুদিনৰ মাজত এই ল’ৰা জন নৰি থাকিল। চেতিয়ানীয়ে ছুটিন্‌ফাৰ এজন পুত্ৰই বিহ খুৱাই ল’ৰাটিক মাৰিলে বুলি কোৱাত ৰজাই ছুট্যিন্‌ফাক হত্যাকাৰী বুলি অভিহিত পুত্ৰ জনক মৃত্যুদণ্ড ল’বৰ বাবে গটাই দিবলৈ আজ্ঞা দিলে। ছুট্যিন্‌ফাৰ সকলোবোৰ সা-সম্পত্তিও বাজেয়াপ্ত কৰা হ’ল। ইফালে চেতিয়ানীৰ ইচ্ছানুসৰি প্ৰত্যেকজন ডা-ডাঙৰীয়াৰ একজন পুত্ৰক মৃত যুৱৰাজৰ সৈতে জীয়াই জীয়াই পুতিবৰ বাবে ৰজাই আদেশ দিলে। ৰজাৰ এনেবোৰ কাৰ্য্যত সকলোৰে ধৈৰ্য্যৰ বান্ধ ভাগিল। ডা-ডাঙৰীয়া সকলে লগ লাগি ছুট্যিনফাক ৰজা বুলি ঘোষণা কৰিলে। ছুট্যিনফাই কিন্ত বহু ইতস্ততঃ কৰাৰ মূৰকতহে এইদৰে ৰজা হ’বলৈ মান্তি হ’ল। এদল সুসজ্জিত সৈন্যৰে তেওঁ ৰাজধানীত প্ৰৱেশ কৰাত ছুৰাম্ফা আচৰিত হ’ল। তেওঁক সিংহাসনচ্যুত কৰি দূৰৈৰ পাহাৰ এটাত নিৰ্ব্বাসন দিয়া হ’ল। এইদৰে ৰাজপাটৰ পৰা বিতাড়িত হোৱাৰ বাবে ছুৰাম্ফাক ভগা ৰজা বোলা হৈছিল। নিৰ্ব্বাসনত থকাকালতে তেওঁক বিহ দি হত্যা কৰা হয়।

ছালাগুৰিৰ পথ নিৰ্ম্মাণ আৰু কছাৰী ৰজাৰ কটকীক অপমান কৰা ঘটনাৰ বাহিৰে ভগাৰজাৰ দিনত কোনো উল্লেখযোগ্য ঘটনা নাছিল। ৰাজপাট আৰোহন কৰাত কছাৰী ৰজাই কটকীৰ হাতত তেওঁলৈ অভিনন্দন জনাই পত্ৰ প্ৰেৰণ কৰিছিল। কিন্ত এই পত্ৰখনত ফুকনৰ সলনি সিংহ এজনৰ হে চীলমোহৰ মৰাত আহোম ৰজাৰ খঙ উঠে। সিংহ উপাধিয়ে স্বাধীন ৰজা হে বুজায়—তলতীয়া ৰজা নহয়। সেয়ে কটকীক দেখা নকৰি ৰজাই খেদাই দিছিল।                                    ১৬৪২ খৃঃত প্ৰলয়ঙ্কৰী বানপানী হৈছিল। বহু গৰু ম’হ বানত উটি গৈছিল। বহু লোক ডুবি মৰিছিল। একে বছৰতে কেইবাটাও ভূঁইকপ হৈছিল।                                                ছুট্যিন্‌ফা বৰ বেমাৰী আছিল বাবে তেওঁক নৰিয়া ৰজা বোলা হৈছিল। ৰাজহাড়ডাল বেকা হোৱাৰ বাবে তেওঁক কেকোৰা ৰজাও বুলিছিল। তেওঁ বৰ সমাৰোহেৰে ৰাজপাট আৰোহন কৰিছিল। নানা ধৰণৰ খেল ধেমালিৰ উপৰিও প্ৰজাই হাতী যুঁজ, হাতী-বাঘৰ যুঁজ আৰু হাতী-ঘৰিয়ালৰ যুঁজ চাই আনন্দ কৰিছিল। তেওঁৰ ৰাজপাট আৰোহনত অসন্তষ্ট হোৱা বুলি সন্দেহ কৰি তেওঁ কেইবাজনো বিষয়াক মৃত্যুদণ্ড দিছিল। ছুট্যিন্‌ফাৰ ৰাণীসকলৰ ভিতৰত এগৰাকী আছিল বুঢ়া গোঁহাইৰ ভনীয়েক। তেওঁ ৰজা হোৱাৰ কেইদিনমানৰ পিছতেই এই গৰাকী ৰাণীয়ে ৰজাক জনায় যে তেওঁৰ পাটমাদৈ (বৰপাত্ৰ গিহাইৰ কন্যা) গৰাকীৰ পুত্ৰ এজনে বৰপাত্ৰ গোহাইৰ সৈতে লগলাগি ৰজাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে। এই কথাত পতিয়ন গৈ ৰজাই পুত্ৰজনক নিশাৰ সাজ একেলগে খাবলৈ মাতি নি হত্যা কৰিলে। বৰপাত্ৰ গোহাইকো ধৰি আনি হত্যা কৰা হ’ল। পাটমাদৈকো তেওঁৰ পদৰ পৰা অপসাৰিত কৰি ৰজাই কথা লগোৱা দুষ্ট ৰাণী গৰাকীক পাটমাদৈ পাতিলে। ইয়াৰ পিছত নতুন পাটমাদৈয়ে ৰজাৰ আন এজন পুত্ৰ খহুৱা গোঁহাই সম্বন্ধে নানা কথা লগাই ৰজাৰ মনটো বিষাক্ত কৰি তুলিলে। পাটমাদৈয়ে ইয়াতে সন্তষ্ট নাথাকি খহুৱাক মাৰিবলৈকে এক বিফল চেষ্টা চলাইছিল।            ১৬৪৮ খৃঃত দফলাবিলাকক দমনাৰ্থে এটা অভিযান প্ৰেৰণ কৰা হ’ল। এই বাহিনীটোৱে দিক্ৰঙেদি উজাই যোৱাৰ ফলত ভালেমান গাওঁভূই লুট কৰিছিল। পিছে দফলা বিলাকে এই সৈন্যবোৰক যথেষ্ট হাৰাশাস্তি কৰিলে। দফলাৰ ধনুকাড়ৰ আগত তিষ্ঠিব নোৱাৰি আহোম সৈন্যদল উভটি আহিল। এই বিফলতাত ৰজাৰ বৰ খঙ উঠি যুদ্ধৰ নেতৃত্ব কৰা বুঢ়া গোঁহাই আৰু বৰপাত্ৰ গোঁহাই- দুয়ো জনকে বৰ্খাস্ত কৰিলে। সিমানতে সন্তষ্ট নহৈ এই বিষয়া দুজনক তিৰোতাৰ সাজ পিন্ধাই জনতাৰ মাজত থিয় কৰাই দুৰ্ঘোৰ অপমান কৰিলে। পিছৰ বছৰ জানুৱাৰী মাহত আকৌ দফলাৰ বিৰুদ্ধে সৈন্য পঠিওৱা হল। দফলাই এইবাৰ মিৰিসকলৰ লগ হৈ অ’ত ত’ত চেগাচেৰোকাকৈ কেইবাখনো যুদ্ধ কৰিছিল। অৱশেষত দফলাৰ পৰাজয় ঘটিল। আহোম সৈন্য দফলা গাওঁবোৰত সোমাই তচনচ কৰিছিল। খেতিবাতি লণ্ডভণ্ড কৰি প্ৰায় ১০০০ গৰু খেদি আনিছিল। এইবাৰ দফলাই আহোমৰ বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হ’ল। তিপাম ৰজাই আহোমক কৰ নিদিয়াৰ বাবে তেওঁকো ধৰি সেই বছৰতে হত্যা কৰা হ’ল। খামতিং নগাসকলকো এইজন ৰজাই পঠিওৱা সৈন্যদলে বাৰুকৈয়ে এশিকনি দিছিল।             পাটমাদৈৰ পুত্ৰ কুকুৰে খোৱা গোঁহাইৰ অত্যাচাৰ দিনে দিনে বাঢ়িছিল। তেওঁৰ নৃশংসতাত প্ৰজা বিৰক্ত হৈছিল। কালৈকো কেৰেপ নকৰা কুকুৰে খোৱাই ডা-ডাঙৰীয়া সকলকো নানাভাৱে অপমান কৰিছিল। এই বিষয়ে ৰজাক কেইবাবাৰো জনোৱা হৈছিল। কিন্ত ৰজাই একো নকৰি বহি থাকিল। ইফালে আকৌ প্ৰায়ে নানা বেমাৰে উক দি থকা ৰজাই ভালদৰে ৰাজকাৰ্য্য চলাবলৈ অক্ষম হৈছিল। ৰজাৰ জনপ্ৰিয়তা দিনে দিনে হ্ৰাস পাইছিল।

১৬৪৮ খৃঃত প্ৰজাৰ অতি অপ্ৰিয় এই ৰজাজনক ডা-ডাঙৰীয়া সকলে ৰাজপাটৰ পৰা বিতাড়িত কৰে। বুঢ়া গোঁহায়ে এই কাৰ্য্যত আগভাগ লৈছিল। ৰজাৰ আন এজন পুত্ৰ ছুতামলাক তেওঁলোকে ৰাজসিংহাসন দিয়ে। ইয়াৰ কেইদিনৰ পিছতে ৰজাক বিহ দি মৰা হ’ল। কথিত আছে যে অত্যাচাৰী পাটমাদৈকো ৰজাৰ মৈদামত জীয়াই জীয়াই কবৰ দিয়া হৈছিল। কোনো কোনো সূত্ৰই আকৌ পাটমাদৈ আৰু তেওঁৰ পুতেকক হাতীৰে গচকাই মৰা হৈছিল বুলি কয়। এইজন ৰজাৰ দিনত কছাৰী ৰজাই তেওঁৰ মৰ্য্যাদা সম্বন্ধে প্ৰশ্ন তুলিছিল। তেওঁক আহোমে তেওঁলোকৰ দ্বাৰা প্ৰতিষ্ঠিত আৰু আশ্ৰিত বুলি অভিহিত কৰাৰ তেওঁ বিৰোধী আছিল। কিন্ত আহোম ৰাজকন্যা এগৰাকীক তেওঁলৈ বিয়া দিয়াৰ প্ৰতিশ্ৰুতি দিয়াত তেওঁ আটাইবোৰ অভিযোগ বাদ দিলে।

ছুতামলাই ৰজা হৈ জয়ধ্বজ সিংহ নাম ল’লে। জয়ধ্বজ হিন্দু নাম আছিল। মুছলমানৰ আগমনৰ সময়ত ৰাজধানী গাওঁগাওঁৰ পৰা পলাই যোৱাৰ বাবে তেওঁক ভগনীয়া ৰজা বোলাও হৈছিল। (তেওঁৰ এই পলায়নৰ বিষয়ে পিছত সবিশেষ বৰ্ণনা কৰা হ’ব)। এওঁৰ ৰাজপাট আৰোহন উপলক্ষে আনন্দোৎসৱৰ আয়োজন হৈছিল। বনৰীয়া জন্তৰ যুঁজ এই উৎসৱৰ বিশেষ আকৰ্ষণ আছিল। ছোমদেওক সিংহাসনত স্থাপন কৰা হৈছিল। বন্দুক ফুটোৱা হৈছিল আৰু বাজনা বাজিছিল। গুণীজন, বিশেষকৈ ব্ৰাহ্মণ সকলে উপহাৰ লাভ কৰিছিল। দফলা, কছাৰী আৰু গুৱাহাটীৰ মুছলমান গভৰ্ণৰে তেওঁক সিংহাসন আৰোহনৰ বাবে অভিনন্দন জনাই উপহাৰ পঠিয়াইছিল। জয়ন্তীয়া ৰজায়ো অনুৰুপ উপহাৰ আগবঢ়োৱাৰ লগতে তেওঁলৈ দিয়া চিঠিত আহোমে জয়ন্তীয়াৰ পৰা দখল কৰা ডিমৰুৱা আৰু কুফানানি নামৰ ঠাই দুখন ওভতাই বিচাৰিছিল। জয়ন্তীয়া ৰজাৰ এই অনুৰোধ জয়ধ্বজে প্ৰত্যাখান কৰে।

আন আন দখলকাৰীৰ ভাগ্যত সচৰাচৰ ঘটাৰ দৰে জয়ধ্বজৰ বিৰুদ্ধেও ভালেমান ষড়যন্ত্ৰ হৈছিল। কিন্ত ৰজাই সেই বোৰ কঠোৰ হাতেৰে দমন কৰে। এনে এটা ষড়যন্ত্ৰত বুঢ়া গোঁহাইক লিপ্ত থকাৰ প্ৰমাণ পাই তেওঁক অন্যান্য ষড়যন্ত্ৰকাৰী সকলৰ সৈতে ধৰাই আনি মুখত জলন্ত আঙঠা ভৰাই দি অমানুষিক ভাৱে হত্যা কৰা হৈছিল। বৰ গোঁহায়ে এবাৰ কেইজন মান বন্দীক পলাবলৈ সুবিধা দিয়াত তেওঁক নাঙঠ কৰি বেতেৰে কোবাই পুতেকৰ মঙহ খাবলৈ দি তাৰ পিছত নানা অত্যাচাৰ কৰি মাৰিছিল।

১৬৫০ খৃঃত লকমা নগাই আহোম ৰাজ্যত উৎপাত কৰাত তেওঁলোকক দমন কৰিবলৈ ৰজাই ফৌজ পঠিয়ায়। আহোম ৰণুৱাই লকমা বিলাকক খেদি নি তেওঁলোকৰ গাওঁত জুই লগাই দিছিল। কিন্ত এই কাৰ্য্যই বিশেষ ফল নিদিলে আৰু লকমাই সময়ে সময়ে আহোমৰ ৰাজ্যত উপদ্ৰৱ কৰি থাকিল। চাৰি বছৰৰ মূৰত আন এটা অভিযান পঠিওৱা হ’ল। লকমাই যাঠিৰে হঠাতে আক্ৰমণ কৰি আহোমক বিব্ৰত কৰিছিল। পিছত অৱশ্যে আহোমে তেওঁলোকক খেদি নিয়ে। আহোমৰ লগত যোৱা এদল দফলাই ধনুকাড়েৰে যুঁজ কৰি লকমা বিলাকক বিপাঙত পেলাইছিল। আহোমে লকমাৰ দূৰ্গ এটা অধিকাৰ কৰাৰ সময়ত ভালেমান লোকৰ মৃত্যু হৈছিল। কিছুদিন বিৰতিৰ মূৰত লকমাই আকৌ আহোমক আক্ৰমণ কৰিছিল। কিন্ত আহোমৰ আগত তিষ্ঠিব নোৱাৰি পৰ্ব্বতলৈ পলায় যায়। আহোমে পিছে পিছে গৈছিল যদিও থিয় শিলাময় পাহাৰত শুদা ভৰিৰে উঠিবলৈ টান পাই পাহাৰৰ তলতে ৰৈ থাকিল। অৱশেষত লকমাই সন্ধিৰ প্ৰস্তাৱ পঠিওৱাত এজন আহোম কটকীক তেওঁলোকৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ল। কিন্ত বিশ্বাসঘাতকতা কৰি লকমাই কটকীক হত্যা কৰিলে। আহোমে নতুনকৈ আৰু বহুতো ৰণুৱা গোটাই আকৌ যুদ্ধ আৰম্ভ কৰিলে। লকমা বিলাক অতি বেগী আছিল আৰু বিজুলী সঞ্চাৰে ইখন ঠাইৰ পৰা সিখন ঠাইলৈ আহ-যাহ কৰিছিল। এনে শত্ৰুৰ সৈতে যুদ্ধ কৰাটো কঠিন আছিল যদিও আহোমে তেওঁলোকৰ গাৱত সোমাই ঘৰবাৰী আৰু শস্যৰ ভৰালত জুই লগাই দিছিল। অৱশেষত লকমা গাওঁবুঢ়া আহি আহোমৰ বশ্যতা স্বীকাৰ কৰিলে। তেওঁ আহোমক কৰ দিবলৈ মান্তি হ’ল। আহোমে লকমাৰ দাবী মতে পাহাৰ এটা তেওঁলোকক এৰি দিলে।

১৬৫৫ খৃঃত মিৰিবিলাকে আহোমৰ ৰাজ্যত আক্ৰমণ কৰি দুজন লোকক বধ কৰিছিল। সেয়ে, তেওঁলোকক এসেকা দিবলৈ ফৌজ পঠিওৱাত সৈন্য বিলাকে ৩০০ মিৰি লোকক দল এটাক হত্যা কৰি তেওঁলোকৰ ১২ খন গাওঁত জুই লগাই দিলে। উপায় নাপাই মিৰিয়ে আহোমৰ লগত সন্ধি কৰিলে। আহোমক তেওঁলোকে বছৰি ম’হ, ঘোঁৰা, কাছ, তৰোৱাল আৰু হালধীয়া মণি (জাংফাই) দিবলৈ সন্মত হ’ল। তেওঁলোকে ২ জন আহোমক হত্যা কৰিলে বিনিময়ত ১২ জন লোক দিব লাগিব বুলি কৰা এটা চৰ্তও মানি ললে।

১৬৪৮ খৃঃত জয়ন্তীয়া ৰজাই এজন আহোম ব্যৱসায়ীক ধৰি থৈ তেওঁক মুক্তি দিবলৈ অস্বীকাৰ কৰিছিল। উত্তৰত জয়ধ্বজ সিংহই সোণাপুৰত থকা জয়ন্তীয়া ব্যৱসায়ী সকলক ধৰি থলে। ইয়াৰ ফলত ৰাজ্য দুখনৰ মাজত সকলো সম্বন্ধ ছেদ হ’ল। আঠ বছৰ ধৰি এনে অৱস্থা চলাৰ মূৰকত জয়ন্তীয়া ৰজাই গুৱাহাটীৰ বৰফুকনলৈ চিঠি দি দুয়ো ৰাজ্যৰ মাজত আকৌ পুৰণি বন্ধুত্ব স্থাপন কৰিছিল।

১৬৫৮ খৃঃত জয়ন্তীয়া ৰজা যশমন্ত ৰায়ৰ বিৰুদ্ধে তেওঁৰ নাতি প্ৰমতা ৰায়ে বিদ্ৰোহ কৰিছিল। প্ৰমতাৰ জয়ন্তীয়া কৰ তলতীয়া গভাৰ মুখীয়ালক এই কাৰ্য্যত সহায়ৰ বাবে আহ্বান জনাইছিল। গঙাৰ মুখীয়ালে সহাৰি নিদিয়াত প্ৰমতাই তেওঁলোকক সীমাত প্ৰবেশ কৰি ৪ খন গাওঁত জুই লগাই দিয়ে। গভাৰ মুখীয়াল কছাৰী সকলৰ সহায় বিচাৰিছিলে। কছাৰীয়ে তেওঁক সহায় কৰিবলৈ ওলোৱাত আহোমে মাজতে সোমাই ক’লে যে, আহোমৰজা সকলহে এই অঞ্চলৰ ভিতৰত আটাইতকৈ ক্ষমতাশালী আৰু সেয়ে গভাৰ মুখীয়ালে তেওঁলোকৰ সহায় বিচৰা উচিত আছিল। এই কথা শুনি গভাৰ মুখীয়ালে ৭০০ লোক লৈ জয়ধ্বজ সিংহৰ শৰণাপন্ন হ’ল। জয়ধ্বজে তেওঁক খাগৰিজানত প্ৰতিষ্ঠা কৰিবলৈ বৰফুকনক আদেশ দিলে। বৰ্তমানৰ নগাওঁ অঞ্চলত এই ঠাই খন অৱস্থিত আছিল।

১৬৫৮ খৃঃত দিল্লীৰ মূঘল সম্ৰাট ছাহজাহান নৰিয়া পাটিত পৰিল। তেওঁৰ পুত্ৰ সকলৰ মাজত সিংহাসন লৈ বিবাদ হৈছিল। কোচবিহাৰৰ ৰজা প্ৰেমনাৰায়ণে মূঘলৰ এনেবোৰ ভিতৰুৱা কাজিয়াৰ সুযোগতে নিজকে স্বাধীন বুলি ঘোষণা কৰাৰ কথা পাঙিলে, সেই মৰ্মে তেওঁ গোৱালপাৰাত আক্ৰমণ চলালে। গোৱালপাৰাৰ দুজন স্থানীয় মূখীয়াল লোক পলাই গৈ বেলতলা ওলালত জয়ধ্বজে তেওঁলোকক নিৰাপত্তাৰ আশ্বাস দিলে। কামৰুপ আৰো হাজোৰ মুছলমান চুবেদাৰ মিৰ লুৎফুল্লা শিৱাজীয়ে প্ৰেমনাৰায়ণক বাধা দিবলৈ চেষ্টা কৰি বিফল হয়। লুৎফুল্লাৰে লগত থকা সৈন্য বিলাক মূঘল ৰাজকোৱৰ ছুজাই লৈ যোৱাত তেওঁ প্ৰেমনাৰাণৰ মন্ত্ৰী ভবনাথৰ হাতত পৰাস্ত হৈ গুৱাহাটীলৈ উভটি আহে।

মূঘল ৰাজসিংহাসনক লৈ হোৱা বিবাদৰ আলেখ-লেখ চাই থকা জয়ধ্বজ সিংহয়ো এই সুযোগতে মুছলমানক এসেকা দিয়াৰ মানসেৰে এক বিৰাট সৈন্য বাহিনী সজ্জিত কৰিছিল। কলং নৈৰ ওপৰেদি দুখন দলং সাজি তেওঁ সসৈন্যে গুৱাহাতীলৈ আগবাঢ়ি আহিল। গুৱাহাটীৰ ফৌজাদাৰে আহোম অহাৰ আগতেই ঢাকালৈ পলাই গ’ল। লৰালৰিকৈ পলাওঁতে তেওঁ লগত নিব নোৱাৰা ২০ টা কামান, ভালেমান বন্দুক আৰু ঘোঁৰা আহোমৰ হাতত পৰিল, প্ৰেমনাৰায়ণে এতিয়া মুছলমানৰ সৈতে মিত্ৰতাৰ প্ৰস্তাৱ দিলে। সেই মৰ্মে অসমত থকা মুছলমান অধিকৃত অঞ্চলসমূহ কোচ আৰু আহোমৰ ভিতৰত ভাগ কৰাৰ কথা প্ৰস্তাৱত কোৱা হ’ল। ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু সক্ষিণ পাৰৰ অঞ্চল সমূহ যথাক্ৰমে কোচ আৰু আহোমে দখল কৰা উচিত বুলি প্ৰেম নাৰায়ণে কৈছিল। কিন্ত আহোমে হেলাৰঙে গুৱাহাটী অধিকাৰ কৰাৰ পিচত কোচ ৰজাৰ এনেবোৰ প্ৰস্তাৱত গুৰুত্ব দিয়াৰ কাৰণ নেদেখিলে। বৰং কোচৰ বিৰুদ্ধেহে অস্ত্ৰ ধাৰণ কৰি আহোমে তেওঁলোকক দুবাৰকৈ ঘটুৱাই সঙ্কোচ নৈ পাৰ কৰি থৈ আহিলগৈ। এইবাৰ আহোমে সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকা দখল কৰিলে। তিনি বছৰলৈকে মুছলমানে আহোমক কোনো হকাবধা কৰা নাছিল। এই সময়ছোৱাতে নামনি অসমৰ ভালেমান পৰিয়াল পূবৰ ৰাজ্য সমূহলৈ গৈছিল। নামাহ মতে আহোমে ব্ৰহ্মপুত্ৰ উপত্যকা দখল কৰিয়েই ক্ষান্ত নাথাকি আৰু দক্ষিণলৈ গৈ লুটপাট কৰিছিল আৰু তেনে কৰোতে প্ৰায় ঢাকাৰ সীমা পাইছিল গৈ।

ৰাজকুমাৰ ছুজা যুঁজত হাৰি আৰাকানলৈ পলাই যোৱাত মিৰজুমলা বঙ্গৰ চুবেদাৰ হয় আৰু তেওঁ ঢাকা দখল কৰে। আহোম ৰজাই তেওঁলৈ কটকী পঠিয়াই এই মৰ্মে বাতৰি দিছিল যে, কোচৰ হাতৰ পৰা ৰাজ্য ৰক্ষাৰ্থে তেওঁ ব্ৰহ্মপুত্ৰ দখল কৰিছে আৰু তেনে কৰোতে আগেয়ে মুছলমান অধিকৃত অঞ্চলো তেওঁৰ বৰ্তমান ৰাজ্যৰ ভিতৰত পৰিছে। এতিয়া বঙ্গৰ চুবেদাৰে কোনো বিষয়া প্ৰেৰণ কৰি এই অঞ্চল সমূহ ওভটাই ল’ব পাৰে।

সেই মৰ্মে মিৰজুমলাই ৰচিদ খাঁক আগৰ মুছলমান অধিকৃত অঞ্চল সমূহ আহোমৰ হাতৰ পৰা চমজি লবলৈ পঠিয়াইছিল। ৰচিদ খাঁ অহাত আহোমে ধুবুৰী এৰি মানস নৈৰ সিপাৰলৈ গুচি গ’ল। আহোমৰ গতিবিধি দেখি ৰচিদ খাঁৰ সন্দেহ উপজিল আৰু সেয়ে তেওঁ আৰু সৈন্যদল আহি নোপোৱালৈকে অকলশৰে এই অঞ্চলটো অধিকাৰ কৰাৰ পৰা বিৰত থাকিল। আহোম ৰজাই এইদৰে পলায়নৰ বাবে জগৰীয়া তেওঁৰ ফুকন দুজনক বন্দী কৰি শিকলিৰে বান্ধি থৈ বাদুলি ফুকনক নেওগ ফুকন আৰু সেনাপতি পদত নিযুক্ত কৰিলে। তেওঁ মানাহ নদীৰ পাৰৰ যোগীঘোপাত থকা দূৰ্গটো যুদ্ধৰ বাবে প্ৰস্তুত কৰিবলৈ অদেশ দিয়ে। ইয়াৰ বিপৰীতে ব্ৰহ্মপুত্ৰ সিপাৰতো আন এটা দূৰ্গ সাজিবলৈ দি ৰজাই ৰচিদ খাঁক সসৈন্যে আতৰি যাবলৈ নিৰ্দ্দেশ জাৰি কৰি বাৰ্তা পঠিয়ালে, এই আটাইবোৰ ঘটনা মিৰজুমলাক জনোৱা হ’ল। সেই সময়ত নিজে প্ৰেমনাৰায়ণৰ বিৰুদ্ধে এটা ফৌজৰ নেতৃত্ব দিছিল। ইতিমধ্যে ঔৰঙ্গজেৱে বঙ্গত ৰাজপ্ৰতিনিধি হিচাবে নিযুক্তি দি অসম আৰু মঘ (আৰাকান) অঞ্চলকে ধৰি যিবিলাক ৰাজ্যৰ অধিপতি সকলে আইন শৃঙ্খলা নামানি মুছলমানক অত্যাচাৰ কৰিছে সেই সকলোকে এসেকা দিবলৈ নিৰ্দ্দেশ দিয়ে। সেই আদেশ শিৰোধাৰ্য্য কৰি মিৰজুমলাই  কোচবিহাৰ আক্ৰমণ কৰি দখল কৰে। প্ৰেম নাৰায়ণে কোচবিহাৰৰ পৰা পলাই গৈ ভূটানত সোমাই থাকে। মিৰজুমলাই কোচবিহাৰত ৫ হাজাৰ সৈন্যৰ এটা ফৌজ থৈ আন এটা ফৌজেৰে সৈতে ১৬৬২ খৃঃৰ ৪ জানুৱাৰীত অসম অভিমুখে যাত্ৰা কৰিলে। ৰঙা মাটিত ৰচিদ খাঁ তেওঁৰ লগ লাগিল। স্থানীয় জমিদাৰ সকলে মিৰজুমলাই আহোমক পৰাস্ত কৰিব নোৱাৰিব বুলি ভাবি তেওঁক সহায়ৰ পৰা বিৰত থাকিল, অগাধ হাবি আৰু নৈ অতিক্ৰম কৰি আগবাঢ়িব লগীয়া হোৱাত এই যাত্ৰা অতিশয় বিৰক্তিকৰ আৰু কষ্ট সাধ্য হৈছিল। দিনটো গৈ থাকিলেও এদিনতে ৪/৫ মাইলৰ বেছি আগবঢ়াটো সম্ভৱপৰ নাছিল।

এইদৰে ভালেমান দিনৰ মূৰত তেওঁ যোগীঘোপাৰ বিপৰীতে থকা আহোমৰ দূৰ্গ পালেহি। তেওঁৰ লগত ১২,০০০ অশ্বাৰোহী আৰু ৩০,০০০ পদাতিক আছিল। আহোমৰ দূৰ্গত তেতিয়া মাত্ৰ ১২০০০ পদাতিকহে আছিল। তাকো এবিধ মহামাৰীত (বোধকৰো হাইজা) ভূমি সৈন্যসকল দুৰ্ব্বল হৈ পৰিছিল। তেওঁলোক শত্ৰুক নামমাত্ৰ বাধা দি লৰালৰিকৈ দূৰ্গ এৰি পলাই শ্ৰীঘাট আৰু পাণ্ডু ওলাইছিল গৈ। ফাতিহা-ই-ইব্ৰিয়াহৰ লেখকে যোগীঘোপা দূৰ্গৰ বিষয়ে এইদৰে লিখিছে : ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ই এটা বৰ ওখ আৰু ডাঙৰ দূৰ্গৰ চাৰিওকাষে শত্ৰুৱে গাত খন্দি তাত বাঁহৰ জোং (পঞ্জি) সুমুৱাই থৈছিল যাতে মুছলমানৰ ঘোঁৰাবোৰ আহিলেই তাত পৰি মৰি থাকে। এই ধৰণৰ গাত বিলাকৰ পৰা এটা গুলী মাৰিলে যিমান দূৰ যাব তাৰ আধা দূৰত্বত সমতল ভূমিত এটা ডাঙৰ খাৱৈ খন্দা আছিল। এইটোৰ অলপ দুৰৈত খন্দা আৰু এটা খাৱৈ তিনি গজ দ’ আছিল। এই খাৱৈটোতো বাহৰ জোং পোতা আছিল। এইদৰে আহোমে নিজৰ দূৰ্গ সুৰক্ষিত কৰিছিল। তেওঁলোকে দূৰ্গ বোৰ বোকা মাটিৰে সাজিছিল। এই দূৰ্গৰ দক্ষিণে আছিল ব্ৰহ্মপুত্ৰ আৰু পূৱে মানাহ নৈ।

মিৰজুমলাই তেওঁৰ সৈন্যদলক এইবাৰ দুভাগ কৰে। এদলক ব্ৰহ্মপুত্ৰৰ সক্ষিণ পাৰেদি আগবাঢ়িবলৈ দি নিজে প্ৰধান দলটোৰে সৈতে নাৱেৰে মানাহ পাৰ হৈ উত্তৰ পাৰেদি আগুৱাই যায়। তেওঁৰ লগত ভালেমান ডাঙৰ জাহাজ বা ঘৰাব আছিল। একোখন ঘৰাবত প্ৰায় ১৪ টা বন্দুক আৰু ৫০/৬০ জনকৈ গৈছিল। প্ৰত্যেক খন ঘৰাবৰ লগত ৪ খনকৈ কোশ বা বৰ্শা মৰা নাওঁ আছিল। ঘৰাবোৰ সাধাৰণতে ইউৰোপীয় বিষয়াই পৰিচালনা কৰিছিল আৰু তেওঁলোকৰ ভিতৰত পৰ্তুগীজৰ সংখ্যাই আছিল অধিক। মিৰজুমলাৰ বাহিনীত এনে ধৰণৰ ৩/৪ ঘৰাব আছিল। যোগীঘোপা পতনৰ বাতৰি পাই জয়ধ্বজ সিংহই লৰালৰিকৈ শকত সৈন্য দল এটা শ্ৰীঘাট আৰু পাণ্ডু অভিমুখে পঠিয়াইছিল যদিও মুছলমান সকল তেওঁলোকৰ আগতেই সেই ঠাই পাইছিলহি।

আহোমে আকৌ বিনা যুদ্ধে পলায়ন কৰিলে। উত্তৰ পাৰৰ আহোম সকলে ৰচিদ খাঁৰ নেতৃত্বত অহা এটা দলৰ আক্ৰমণৰ হাত সাৰিবলৈ লৰালৰিকৈ কাজলিলৈ পলাই গ’ল। দক্ষিণ পাৰেদি অহা দলটো কিন্ত ইমান ভাগ্যবান নাছিল। তেওঁলোকক মুছলমান সৈন্যই বিজুলী বেগেৰে আহি ধৰি পেলালেহি। বহু সংখ্যক ৰণুৱা যুঁজত পৰিল। শ্ৰীঘাটৰ দূৰ্গৰ ওপৰত ডাঙৰ ডাঙৰ কাঠ পেলাই পথ অৱৰুদ্ধ চেষ্টা কৰা হৈছিল যদিও ১৬৬২ খৃঃৰ ৪ ফেব্ৰুৱাৰী তাৰিখে মুছলমান সৈন্যই গুৱাহাটী দখল কৰিলে। তেতিয়াও গুৱাহাটী প্ৰধানতঃ উত্তৰ পাৰতহে আছিল। তাৰ পিছত এনিশা বেলতলা দূৰ্গ অধিকাৰ কৰি আটাইবোৰ সৈন্যকে মুছলমানে নিধন কৰিলে।

কাজলিত থকা আহোম সকলে এই বিপৰ্য্যৰ কথা শুনি ভয়তে ভৰলীৰ মোহনাৰ ছামধৰালৈ পলাই গ’ল। তাৰ পৰা তেওঁলোকে মুছলমান সকলৰ আগমনক প্ৰাণপনে বাধা দিবলৈ চেষ্টা কৰিছিল। তেওঁলোকে সৈন্যদলক দুভাগ কৰি এভাগক উত্তৰ পাৰত থৈছিল। এই দলৰ নেতৃত্ব লৈছিল ভেবা আৰু বৰগোহায়ে। তিপাম ৰজা, বৰপাত্ৰ গোঁহাই আৰু ভালেমান বিষয়াও এই দলটোত আছিল। আনহাতেদি দক্ষিণ পাৰত থকা দলটোৰ নেতৃত্বত আছিল ভিতৰুৱাল গোহাঁই। তেওঁক সহায় কৰিছিল বৰফুকন, শদিয়াখোৱা গোঁহাই আৰু অন্যান্য সকলে। ছামধৰা আৰু শিমলাগড়ৰ দূৰ্গ কেইটা পুনৰ সুৰক্ষিত কৰা হ’ল। এইবোৰ চাৰিওকাষে নতুনকৈ খাৱৈ খন্দা হ’ল। দূৰ্গৰ সন্মূখত থকা গাঁত সমূহত জোঙাল বাঁহ ভৰাই তেওঁলোকে শত্ৰু সৈন্য সহজে আহিব নোৱাৰা কৰি থ’লে। ইতিমধ্যে মিৰজুমলাই গুৱাহাটীত  দিন বাহৰ পাতি থকা কালত দৰঙ ৰজাই আহি তেওঁৰ বশ্যতা স্বীকাৰ কৰিছিল। ইয়াৰ পিছত মিৰজুমলাই আহোমৰ ৰাজধানী গড়গাওঁ অভিমুখে আগবাঢ়িবলৈ ধৰিলে। ছামধৰালৈ আধাছোৱা পথ থকাত গোটই সৈন্য দলটো নাৱেৰে ব্ৰ্হ্মপুত্ৰ পাৰ হৈ দক্ষিণ পাৰলৈ গ’লে। এইদৰে নৌ যাত্ৰাত ২ দিন লাগিছিল। ডিমৰুৱা ৰজাই তেওঁৰ ভাগিনীয়েকক মিৰজুমলাৰ ওচৰলৈ পঠিয়াই তেওঁৰ অসুখৰ বাবে নিজে আহিব নোৱাৰিলে বুলি জনাইছিল। এদিন হঠাতে ভয়ঙ্কৰ ধুমুহা বতাহ আহি বহুবোৰ জাহাজৰ ক্ষতিসাধন কৰিছিল। বিজুলী ধেৰেকনিত উচপ খাই কিছুমান ঘোঁৰাই পানীতে জপিয়াই পৰিছিল গৈ।

দক্ষিণ পাৰেদি মুছলমান সৈন্য দলটো আগবাঢ়ি ২৮ ফেব্ৰুৱাৰীৰ দিনা শিমলাগড়ৰ দূৰ্গৰ ইমান ওচৰ পালেগৈ যে দূৰ্গৰ পৰা মৰা এটা হিলৈ নবাবৰ চাউঅনিৰ প্ৰায় ওপৰেদি পাৰ হ’ল। এই দূৰ্গটো এটা বৰ সুৰক্ষিত অঞ্চলত অৱস্থিত আছিল। উত্তৰে ব্ৰহ্মপুত্ৰ নৈ, দক্ষিণে এলানি পৰ্ব্বত মালা আৰু আন দুয়ো ফালে ওখ প্ৰাচীৰেৰে দূৰ্গটো আৱৰা আছিল। প্ৰাচীৰত অসংখ্য বৰতোপ ৰখা হৈছিল। প্ৰাচীৰৰ বাহিৰত নঅতুনকৈ খন্দা খাৱৈ আৰু গাঁতবোৰত বাঁহৰ জোং ভৰাই থৈছিল। মিৰজুমলাই এই দূৰ্গ আক্ৰমণ কৰি অবাবত ৰক্তপাত নকৰি তাক অৱৰোধ কৰাটোহে শ্ৰেয় বুলি ভাবিলে তেওঁ দূৰ্গৰ অলপ আতঁৰত মাটিৰ ওখ ভেটি কেতবোৰ সাজি তাত বৰতোপ বোৰ সজাই ললে। কিন্ত দূৰ্গৰ বেৰ ইমান বেছি ডাঠ আছিল যে বৰতোপৰ হিলৈয়ে তাৰ বিশেষ ক্ষতিসাধন কৰিব নোৱাৰিলে। পিছত অৱশ্যে গুলীয়াগুলী চলি থকা কালত মুছলমান সকলে মাটিত নলা খান্দি তাৰ মাজেদি বগুৱা বাই দুৰ্গৰ প্ৰাচীৰৰ ওচৰ ওলালগৈ। আহোমে এনিশা এই নলাবোৰত আক্ৰমণ কৰাত তয়া-ময়া যুদ্ধ লাগিছিল। বহু সময় যুঁজ কৰিহে মুছলমানে আহোমৰ হাতৰ পৰা এই যাত্ৰাত ৰক্ষাৰ্পৰিছিল, ইয়াৰ দুদিনৰ পিছত ২৫ ফেব্ৰুৱাৰীত তেওঁলোকে অৱশেষত দূৰ্গটো আক্ৰমণ কৰিছিল। মুছলমান সৈন্য কেতবোৰে দূৰ্গৰ প্ৰাচীৰ বগাই আহিবলৈ লোৱাত আৰু আনবোৰে দুৱাৰ সমূহত খুন্দিওৱাত আহোমে আৰু যুঁজ নকৰি আনকি অস্ত্ৰ-শস্ত্ৰ পেলাই থৈ দূৰ্গ এৰি পলাইছিল। তাৰ ফলত বন্দুক বাৰুদকে ধৰি ভালেমান যুঁজৰ সজুঁলি শত্ৰুৰ হাতত পৰিছিল। পিছদিনা দূৰ্গত প্ৰৱেশ কৰি মিৰজুমলাই আহোমৰ দূৰ্গৰ সুৰক্ষাৰ ব্যৱস্থা দেখি আচৰিত হৈছিল। আহোম সৈন্যৰ বীৰত্বয়ো তেওঁক মুগ্ধ কৰিছিল। এনে বীৰ সৈন্য সকলে কেলেইনো আৰু উত্তম প্ৰতিৰক্ষা ব্যৱস্থা নললে এই কথা ভাবিহে তেওঁ আচৰিত হ’ল। বোধকৰো, সচৰাচৰ ঘটাৰ দৰে এই ক্ষেত্ৰতো তেওঁলোকৰ মাজত উপযুক্ত নেতৃত্বৰ অভাৱ ঘটিছিল।

শিমলাগড় পতনত ছামধৰাৰ সৈন্য বিলাকে আতঙ্কিত হৈ আক্ৰমণৰ বাবে বাট চাই নাথাকি লৰালৰিকৈ খাৰ বাৰুদৰ গুদামটো নিজে নষ্ট কৰি তাৰ পৰা পলাই যায়। মিৰজুমলাই ছামধৰাত এদল সৈন্য থৈ এজন মুছলমান কৰ্মচাৰীক কলিয়াবৰৰ ফৌজাদাৰ হিচাবে নিযুক্তি দিয়ে। অন্যান্য ঠাইৰ দৰে ইয়াতো মুছলমান সৈন্য সকলক লুটপাট নকৰিবলৈ নিৰ্দ্দেশ দিয়া হৈছিল। ফলত মুকলিভাৱে মুছলমানৰ বাবে গঞা সকলে বয়-বস্তুৰ সৰবৰাহ কৰিছিল। কলিয়াবৰত তিনিদিন জিৰণি লৈ মিৰজুমলাই আকৌ যাত্ৰা আৰম্ভ কৰিলে। এইখিনিতে নৈৰ পাৰটো পৰ্ব্বতময় হোৱাত তেওঁ সসৈন্যে ৰাজ্যৰ ভিতৰৰ বাট এটাৰে যাবলৈ ধৰিলে। ফলত তেওঁৰ নৌ বাহিনীটো অকলশৰে গৈ থাকিল। ওৰে দিনটো গৈ গৈ কলিয়াবৰৰ পৰা অলপ আতঁৰত সন্ধিয়া তেওঁলোক ৰৈছিল। আলেখ-লেখ চাই থকা আহোমে প্ৰায় ৭০০/৮০০ খন জাহাজেৰে তাতে তেওঁলোকক আক্ৰমণ কৰেহি। নিশাটো গুলীয়াগুলী চলিল। বৰতোপৰ হিলৈৰ শব্দ শুনি মিৰজুমলাই এই বিপদৰ কথা গম পাই তৎক্ষণাত এদল সৈন্য তেওঁলোকৰ সাহাৰ্য্যাৰ্থে প্ৰেৰণ কৰে। ৰাতি পুৱালত এই দলটো আহি পায়। তেওঁলোকৰ ৰণশিঙাৰ শব্দ শুনি আহোমে ভয়তে পলাই যায়। মুছলমান সৈন্যই তেওঁলোকৰ পিছে পিছে খেদি গৈ ৩০০ত কৈও অধিক জাহাজ নষ্ট কৰে। ইয়াৰ পিছত মুছলমান সকল ছালাগড়লৈ আগবাঢ়ে। আহোম সৈন্য ইতিমধ্যে এই ঠাইৰ পৰা আঁতৰি গৈছিল। এই ঠাইতে জয়ধ্বজ সিংহৰ পৰা সব্ধিৰ প্ৰস্তাৱ লৈ ভালেমান বিষয়াই মিৰজুমলাল লগ ধৰিছিল। কিন্ত মিৰজুমলাৰ ধাৰণা হৈছিল যে, দৰাচলতে আহোম সকল সন্ধিৰ বাবে আগ্ৰহী নহয়। এইদৰে প্ৰস্তাৱ দি তেওঁলোকে সময় নষ্ট কৰিব বিচাৰিছে অথবা আৰু কিছুদিনৰ মূৰত মুছলমান সকল ভাগৰি পৰিব বুলি তেওঁলোকে হয়তো ভাবিছে। সেয়ে এই সন্ধিৰ প্ৰস্তাৱ তেওঁ প্ৰত্যাখ্যান কৰিলে।

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত বৰ গোঁহাইৰ নেতৃত্বাধীন সৈন্য দলটোৱে ছামধৰাৰ পৰা পলাই পূৱ দিশলৈ আগবাঢ়িছিল। যাওঁতে বাটত খেতি-বাতিকে আদি কৰি সকলোবোৰ ধ্বংস কৰি গৈছিল। সেই অঞ্চলত বসতি কৰা লোকসকলে যাতে শত্ৰু সৈন্যক কোনো বস্তু সৰবৰাহ কৰিব নোৱাৰে তাৰ বাবে সেই লোক সকলক গাওঁ এৰি যাবলৈ জোৰ কৰিছিল। কিন্ত মিৰজুমলাক এই দলটোৱে পিছে পিছে খেদি নগৈ দক্ষিণ পাৰতে থাকিল। তাৰ পৰা তেওঁ মাজে সময়ে একোটা সৈন্যদল পঠিয়াই বৰ গোঁহাইৰ দলটোক হাৰাশাস্তি কৰিছিল। কোনো কোনো আহোম লেখকে এনেবোৰ সৰু সুৰা যোঁজ-বাগৰত বৰগোঁহাই জয়ী হৈছিল বুলি কৈছে। কিন্ত কথাষাৰ বিশ্বাস কৰিবলৈ টান। যদি সেয়ে হ’লহেঁতেন তেন্তে বৰ গোঁহায়ে ইয়াৰ পিছতো পিছ হুহুকাৰ কিবা প্ৰয়োজন আছিল জানো? কিন্ত কাৰ্য্য ক্ষেত্ৰত মুছলমানৰ দলটো দক্ষিণ পাৰেদি লাহে লাহে আগুৱাই থকাত বৰ গোঁহাইৰ দলটোও উত্তৰ পাৰেদি শত্ৰুৰ পৰা পাৰ্য্যমানে আঁতৰলৈ যোৱাহে দেখা গৈছিল।

এই বিপৰ্য্যয় সমূহৰ কথা গম পাই জয়ধ্বজ সিংহই ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰে থকা আহোমৰ সেনাপতি দুজনক লখাও বা লাখুগড়ত আহি সমবেত হ’বলৈ নিৰ্দ্দেশ দিছিল।

কিন্ত মুছলমান সকল গৈ লখাও ওলোৱাত তেওঁলোকে তাৰ পৰা আৰু আঁতৰলৈ পলাই গৈছিল। এই ক্ষেত্ৰত তেওঁলোকে যদি মুছলমান সৈন্যক কিবা বাধা দিছিল সেই বাধা ইমান দুৰ্ব্বল আছিল যে, মুছলমানৰ বিৱৰণীত সেই সম্বন্ধে কোনো উল্লেখ নাই।

লখাও নামৰ ঠাই খন অৱস্থিত আছিল দিহিং আৰু ব্ৰহ্মপুত্ৰৰ সঙ্গমস্থলত। বৰ্তমানৰ লোহিত নৈ বৈ যোৱা পথেদি তেতিয়া ব্ৰহ্মপুত্ৰৰ নৈ খন বৈ গৈছিল। মাজুলিৰ উত্তৰত এই নৈ খন আছিল। ইয়াৰ দক্ষিণত বৰ্তমানৰ ব্ৰহ্মপুত্ৰৰ পথটো লৈছিল দিহিং নৈয়ে। দিছাং আৰু দিখুৰ পানীৰে লগলাগি দিহিং নৈ খন একেবাৰে উত্তৰ দিশলৈ বৈ গৈ ব্ৰহ্মপুত্ৰত লগ লাগিছিল। ইয়াৰ বহুদিন আগেয়ে বৰ্তমানৰ বুঢ়ী দিহিঙলৈ আহি যি ঠাইত ব্ৰহ্মপুত্ৰত মিলিছেহি, তাতকৈ আৰু পূৱত দিহিং নৈ ব্ৰহ্মপুত্ৰত পৰিছিল গৈ। পুৰণি আখ্যান মতে দিখু নৈ খন কজলিমুখলৈকে অকলশৰে বৈ গৈছিল। এই নৈ খনৰ এটা অংশ এতিয়াও মাজুলিত আছে আৰু ই টুনি নৈ বুলি পৰিচিত। আনটো ভাগ নগাওঁৰ অন্তৰ্গত আৰু ইয়াৰ নাম হ’ল কলং।

অৱশেষত মুছলমানৰ হাতৰ পৰা ৰক্ষা পাবলৈ জয়ধ্বজ সিংহই পলায়নৰ যো-জা কৰিলে। সেই উদ্দেশ্যে সা-সম্পত্তি কঢ়িয়াবলৈ তেওঁ ১০০০ নাওঁ যোগাৰ কৰিছিল। বুঢ়া গোহাঁই আৰু দুজনমান বিষয়াক গড়গাওঁত থাকিবলৈ আদেশ দি ৰজাই নিজে বৰবৰুৱা আৰু বৰফুকনৰ সৈতে প্ৰথমে চৰাইদেও আৰু তাৰপিছত তৰাইঘাটত লুকাই থাকিবল গৈ। এই ঠাইতে এখন সভা পতাত সকলোৱে মুছলমানৰ বিৰুদ্ধে অযথা যুঁজ কৰি লাভ নাই বুলি প্ৰকাশ কৰিছিল। সেয়ে, বহু ভাৰভেটিসহ সন্ধিৰ প্ৰস্তাৱেৰে মিৰজুমলাৰ ওচৰলৈ কটকী পঠিওৱাত তেওঁ সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি কৈছিল যে তেওঁ গড়গাওঁলৈ যাব আৰু তাতেই ৰজাক যি কৰিব লাগে কৰিব। ইয়াকে শুনি আহোম ৰজাই আকৌ পলাবলৈ লয়। প্ৰথমে তেওঁ তিপাম আৰু তাৰ পৰা ৰাজ্যৰ একেবাৰে পূৱত অৱস্থিত নামৰুপ ওলাল গৈ। তেওঁৰ দলত ভালেমান বিষয়া আৰু প্ৰায় ৫০০০ লোক আছিল। বৰ গোঁহাই তিৰালৈ পলাই যায় আৰু অন্যান্য বিষয়া সকল মাজুলিত লুকাই থাকেগৈ।

দিহিং-ব্ৰহ্মপুত্ৰৰ সঙ্গমস্থলত পাৰ হৈ দিহিং নৈখন ইমান অগভীৰ আছিল যে মুছলমান সকলৰ নৌ যাত্ৰা অসম্ভৱ হৈ উঠিল। মিৰজুমলাই তিনিদিন বাহৰ পাতি থকাত ভালেমান আহোম পলৰীয়া সৈন্য আহি তেওঁৰ দলত যোগ দিছিলহি। এই লোক সকলৰ সৈতে এতিয়া তেওঁ ভুমি পথেদি গড়গাওঁলৈ যাত্ৰা কৰিলে। দুদিন যোৱাৰ পিছত দলটো ডেবাৰ গাওঁ ওলাল গৈ। তৃতীয় দিনটো জিৰণি লৈ চতুৰ্থ দিনত আকৌ যাত্ৰা কৰি গজপুৰত উপস্থিত হ’ল। ইয়াতে আহোম ৰজা পলাই যোৱা বুলি গম পাই তেওঁ বিজুলী সঞ্চাৰেৰে এটা অশ্বাৰোহী দলক গড়গাওঁলৈ পঠিয়াই দি এতিয়াও যিখিনি হাতীকে আদি কৰি সা-সম্পত্তি ৰজাই নিব পৰা নাছিল সেই বোৰ নষ্ট কৰিবলৈ নিৰ্দ্দেশ দিলে। ইয়াৰ পিছদিনা প্ৰধান সেনা বাহিনীটো দিখুৰ মোহনা পালেহি আৰু তাৰ পৰৱৰ্ত্তী দিন অৰ্থাৎ ১৭ মাৰ্চত নবাব মিৰজুমলাই গড়গাওঁ প্ৰৱেশ কৰি আহোমৰ ৰাজহাউলিত প্ৰৱেশ কৰিলে। গড়গাওঁত তেওঁ ৮২ টা হাতী, প্ৰায় ৩ লাখ টাকা মূল্যৰ সোণ-ৰুপ আৰু ১৭০ টা শস্যৰ ভঁৰাল পালে। এনে একোটা ভঁৰালত ১০০০ ৰ পৰা ১০,০০০ মোন লৈকে ধান আছিল।

এই বিজয় অভিযানত আহোমৰ ৬৭৫ টা মুছলমানৰ হাতত পৰে। তাৰে এটা বৰতোপৰ একোটা হিলৈৰ ওজন আছিল ২০০ পাউণ্ডতকৈও অধিক। ইয়াৰ বাহিৰেও ৯০০০ টা তোপ আৰু অন্যান্য বন্দুক, এক বুজন পৰিমাণৰ খাৰ-বাৰুদ আৰু তাৰ বাবে প্ৰয়োজনীয় বিভিন্ন আহিলা-পাতি, লোৰ বৰ্ম্ম আদিও তেওঁলোকে পাইছিল। আহোমৰ ১০০০ তকৈ অধিক জাহাজ মুছলমানৰ হাতত পৰিছিল। এনে একোখন জাহাজত ৬০ ৰ পৰা ৮০ জন লৈকে নাবিক আছিল। মিৰজুমলাই হেনো গড়গাওঁত এটা টাকাশাল পাতি দিল্লিৰ সম্ৰাটৰ নামত মুদ্ৰা উলিয়াইছিল। মুছলমান সকলে ভালেমান গাওঁ দখল কৰিছিল। এই ঠাইৰ অধিবাসী সকলে এই নতুন শাসক সকলক বিনা প্ৰতিবাদে মানি লৈছিল।

নবাব মিৰজুমলাই বাৰিষা কালটো লখাওত কটাবলৈ মন কৰিছিল। কিন্ত ইতিমধ্যে ৩ দিন ধৰি ধাৰাসাৰে বৰষুণ দিলে। এই বৰষুণে সোনকালে বৰষুণ দিয়াৰ ইঙ্গিত দিয়াত তেওঁ এই সিদ্ধান্ত সলনি কৰিলে। নতুনকৈ ধৰা হাতীবোৰ সম্পূৰ্ণৰুপে বশ হোৱাই নাছিল। এনে হাতীৰ দ্বাৰা গড়গাওঁতে পোৱা লুটৰ সামগ্ৰী বোৰ লৈ যোৱা উজু নাছিল। সেয়ে, গড়গাওঁৰ ৭ মাইল দক্ষিণ পূৱে ওখ ঠাইত অৱস্থিত মথুৰাপাৰা নামৰ ঠাই ডোখৰত থকাটোহে নবাবে পছন্দ কৰিলে। এদল সৈন্যৰ সৈতে মিৰ মূৰতাজাক গড়গাওঁত থাকিবলৈ দি তেওঁক আহোমৰ পৰা দখল কৰ বৰতোপ আৰু অন্যান্য সা-সামগ্ৰী বোৰ ঢাকালৈ পঠিয়াবলৈ নিৰ্দ্দেশ দিলে। ইয়াৰ উপৰিও ভালেমান চকী প্ৰতিষ্ঠা কৰাহয়। গড়গাওঁৰ উত্তৰে ৰামদাং আৰু ত্ৰিমোহিনী (দিখুনৈ দিহিঙত পৰা ঠাইত), পশ্চিমে লখাওলৈ যোৱাৰ পথত গজপুৰ আৰু ডেৱালগাওঁ, দক্ষিণে তিৰু পাহাৰৰ তলত দাসপানী আৰু শিলপানী, পূবে নামৰুপৰ পৰা গড়গাওঁলৈ যোৱাৰ পথত গড়গাওঁৰ পৰা ১৬ মাইল আতঁৰৰ অভয়পুৰত এনে নতুন চকী স্থাপন কৰা হ’ল। অযোধ্যাৰ পৰা অহা এদল শক্তিশালী সৈন্য বাহিনীক দিহিং নৈৰ পাৰত পহৰা দিবলৈ নিযোক্তি দিয়া হ’ল। লখাওৰ পৰা পশ্চিমলৈ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে গুৱাহাটীলৈকে আৰু ভালেমান চকী স্থাপিত হ’ল।

ইয়াৰ কিছুদিনৰ পিছতেই আৰম্ভ হ’ল দুৰ্ঘোৰ বাৰিষা। যাতায়তৰ ভয়ানক অসুবিধা হোৱাত মুছলমান সকলৰ বৰ দুৰ্ভোগ হ’ল। বাৰিষা কালছোৱাত আহোমে যদিও কোনো ডাঙৰ অভিযান হাতত লোৱা নাছিল, তথাপি তেওঁলোকে সুযোগ পালেই মুছলমানক আমনি নিদিয়াকৈ নাথাকিল। কেতিয়াবা মুছলমান সৈন্য সকলৰ সৰু দলবোৰ প্ৰধান দলটোৰ পৰা আঁতৰি আহিলেই আহোমে তেওঁলোকৰ ওপৰত জপিয়াই পৰিছিল। ধাৰাষাৰ বৰষুণৰ মাজেদি গৈ পথবোৰ মাজে মাজে কাটি দি মুছলমান সৈন্যলৈ বস্তু সৰবৰাহত তেওঁলোকে বাধা প্ৰদান কৰিছিল। বিশেষকৈ নিশাৰ ভাগত প্ৰায়ে আক্ৰমণ চলাই তেওঁলোকে মুছলমান সৈন্যক ব্যতিব্যস্ত কৰি তুলিছিল। এনিশা গজপুৰত আক্ৰমণ চলাই আটাইবোৰ মুছলমান সৈন্যকে আহোমে নিধন কৰিছিল। ছৰন্দাজ খাঁক এই ঠাই পুনৰ উদ্ধাৰৰ বাবে পঠিওৱা হৈছিল। কিন্ত নাওঁ-জাহাজৰ অভাৱত তেওঁ আগবাঢ়িবকে নোৱাৰিলে। মহম্মদ মুবাদ নামৰ এজনক নাওঁ, জাহাজ আৰু সৈন্যৰে ছৰন্দাজৰ ওচৰত পঠিওৱা হৈছিল। কিন্ত তেওঁ আৰু ছৰন্দাজাৰ মাজত দুৰ্ঘোৰ কাজিয়া লাগিল আৰু ছৰন্দাজে তেওঁক খেদি দিলে। মুৰাদে এইবাৰ অকলশৰে আগবঢ়াত বাটতে নিশাৰ ভাগত আহোমে তেওঁক আক্ৰমণ কৰি সদলে হত্যা কৰিলে। তেওঁৰ লগত যোৱা জাহাজবোৰো আহোমে অধিকাৰ কৰি প্ৰায় আটাইঅবোৰ নাবিবকে মাৰি পেলালে। ইফালে আহোমে দেওপানীৰ দূৰ্গৰ চাৰিওফালে নলা খান্দি ভিতৰৰ পৰা কোনেও ওলাই আহিব নোৱাৰা কৰি থৈছিল। পিছে, আন এদল নতুন সৈন্য ইতিমধ্যে আহি ওলোৱাত যেনিবা এই দূৰ্গত থকা মুছলমান সকল ৰক্ষা পৰিল।

এনে ধৰণৰ চেগা-চোৰোকাকৈ চলা আক্ৰমণ কালত ওচৰ পাজৰৰ গাওঁৰ মানুহে প্ৰায়ে আহোমক সহায় কৰা দেখি মুছলমানে তেওঁলোকলৈ এক কঠোৰ নিৰ্দ্দেশ জাৰী কৰিলে। এনে অভিযানৰ পিছত এই গাওঁবোৰত কেনেবাকৈ কোনো আহত লোক পালে গাঁৱৰ আটাইবোৰ মুনিহক ধৰি নি হত্যা কৰা হ’ব বুলি তেওঁলোকে জাননী দিলে আৰু কাৰ্য্যত : দুই এক ক্ষেত্ৰত তাক কৰি দেখুওৱাত গাওঁৰ মানুহ বিলাকে আতঙ্কিত হৈ আহোমক সহায় কৰিবলৈ এৰিলে।

মে’ মাহৰ শেষৰ ফালে মিৰজুমলাই ফাৰহান খাঁক লাখাওৰ নৌ বাহিনীৰ পৰা কিছুমান বয়-বস্তু আনিবলৈ পঠিয়াইছিল। কিন্ত তেওঁ নাওঁ নাপাই খলা-বমাৰ মাজেৰে অতি কষ্টেৰে গৈ ত্ৰিমোহনী আৰু গজনুৰৰ মাজৰ ঠাই এডোখৰ ওলাইছিল গৈ। এই ঠাইৰ পৰা এনে পথেৰে আৰু আগবঢ়াটো অসম্ভৱ হৈ উঠাত তেওঁ তাৰ পৰা উভটিবলৈ গৈ দেখে যে আহোমে তেওঁৰ পথ অবৰুদ্ধ কৰি থৈছে। এইদৰে তেওঁ এ সপ্তাহ ধৰি থকাৰ মূৰকত তেওঁক উদ্ধাৰ কৰিবলৈ এদল সৈন্য পঠিওৱা হৈছিল। কিন্ত তেওঁক উদ্ধাৰৰ কোনো পথ উলিয়াবলৈ অক্ষম হ’ল। মৰো-জীউকৈ সেয়ে ফাৰহান খাঁই আহোমৰ নাওঁ কেইখন মানত অতৰ্কিতে আক্ৰমণ কৰিছিলহি। ভাগ্যৰ বলত তেওঁৰ সেই অভিযান সফল হোৱাত তেওঁ সদলে কোনোমতে  আৰু বিপদৰ সন্মুখীন নিহিৱাকৈ ত্ৰিমোহনী ওলালহি।

বৰষুণ চলি থকাত অ’ত ত’ত থকা সৈন্য চকীবোৰ ৰখাত মিৰজুমলাৰ অসুবিধা হ’ল আৰু তেওঁ সেই চকীবোৰ উঠাই দি সৈন্য বিলাকক গড়গাওঁ আৰু মথুৰাপুৰলৈ লৈ আহিল। এইদৰে মুছলমান সকল এতিয়া এই ঠাই দুখনতহে আছিল। বাকীবোৰ ঠাই আহোমে দখল কৰিছিল। জয়ধ্বজ সিংহ নিজেও নামৰুপৰ পৰা ওলাই আহি গড়গাওঁৰ পৰা অলপ আতঁৰৰ সলাগৰি নামৰ ঠাইত বাহৰ পাতিছিল। আনেহে নালাগে আহোম আহি গড়গাওঁ আৰু মথুৰাপুৰৰ ইমান ওচৰ পাইছিলহি যে শিবিৰৰ পৰা ওলালেই মুছলমান সকলে আহোমৰ গুলীত প্ৰাণ হেৰুওৱাৰ শঙ্কা হৈছিল।

সেই সময়তে আকৌ শান্তিৰ বাবে চেষ্টা চলিল। অৱশ্যে, প্ৰথমে শান্তি চিক্তিৰ বাবে কোনে প্ৰস্তাব পঠিয়ালে সেই বিষয়ে বিভিন্ন সূত্ৰৰ মাজত মতৰ অমিল দেখা যায়; বুৰঞ্জী সমূহৰ মতে সন্ধিৰ চৰ্তাৱলী আহোমৰ মনঃপূত হোৱা নাছিল। মুছলমান লেখক সকলৰ মতে আহোমৰ সেনাপতিয়ে ৰজাৰ সন্মতি সাপেক্ষে সন্ধিৰ চৰ্ত মানিবলৈ মান্তি হৈছিল। কিন্ত মুছলমান সৈন্যৰ প্ৰধান দলটো মথুৰাপুৰৰ পৰা গড়গাওঁলৈ তুলি নিয়া দেখি তেওঁ মত পৰিৱৰ্তন কৰিলে। এইদৰে স্থান পৰিৱৰ্তনক আহোম সেনাপতিয়ে দুৰ্ব্বলতাৰ চিন বুলি ভাবিছিল। কিন্ত দৰাচলতে মথুৰাপুৰৰ মুছলমান চাউনিত দেখা দিয়া পেটৰ বেমাৰে মহামাৰীৰ ৰুপ লোৱাতহে এনে ধৰণে সৈন্য বিলাকক গড়গাওঁলৈ অনা হৈছিল। এই সৈন্য সকলক মিৰজুমলাই নতুন দিশলৈ পঠিয়াবলৈ যো-জাহে কৰিছিল।

আহোমে গড়গাওঁত সঘনে আক্ৰমণ চলাইছিল। এবাৰ এনে আক্ৰমণ কালত ভালেমান ঘৰ-বাৰীত জুই লগাই দিছিল। এবাৰ তেওঁলোকে মুছলমানে সজা এটা বাহৰ দূৰ্গ অধিকাৰ কৰিছিল। প্ৰকৃতপক্ষে গড়গাওঁৰ প্ৰায় আধা আহোমে পুনৰ উদ্ধাৰ কৰিছিল। অৱশ্যে মুছলমান সকলে অশেষ চেষ্টাৰে তেওঁলোকক আকৌ বিতাড়িত কৰে। এই সময়ছোৱাত মুছলমান সকল প্ৰায়ে আহোমৰ আক্ৰমণৰ বলি হ’বলগীয়াত পৰিছিল। আহোমে কেতিয়াবা দিনে নিশাই আক্ৰমণ কৰি তেওঁলোকক হাৰাশাস্তি কৰিছিল। খাদ্যৰ ভিতৰত মোটা চাউল আৰু নেমুহে পোৱা গৈছিল। নিমখৰ দাম হৈছিল গৈ সেৰে ৩০ টকা। মাখন সেৰে ১৪ টকা আৰু কানি তোলা প্ৰতি ১৬ টকাত বিক্ৰী হৈছিল। ভূতৰ ওপৰত দানহৰ দৰে মুছলমান চাঁউনি বোৰত সংক্ৰামক পেটৰ অসুখে দেখা দিয়াত এসময়ৰ ১৫০০ সৈন্যৰে গঠিত দলটোৰ সংখ্যা এতিয়া ৫০০ জন হৈছিল গৈ। বহুবোৰ ঘোঁৰা আৰু বলদ গৰুও বেমাৰত পৰি মৰিছিল। এনে বিপদৰ সময়তে মিৰজুমলাই বাতৰি পালে যে, প্ৰেমনাৰায়ণে উভটি তেওঁ কোচবিহাৰত থৈ অহা মুছলমান সৈন্য দলটো খেদাই দিছেহি। এনেবোৰ বিঘিনিৰ সন্মুখীন হৈ মুছলমানৰ সেনাপতিৰ পৰা সাধাৰণ সৈনিকলৈকে আটাইবোৰ ঘৰলৈ উভটিবলৈ উত্ৰাৱল হৈ উঠিছিল।

চেপ্তেম্বৰ মাহৰ শেষৰ ফালে বৰষুণ কমি আহিলত যাতায়তৰ অসুবিধা বোৰ দূৰ হ’ল। মিৰজুমলাক গড়গাওঁত অৱৰুদ্ধ হোৱাৰ বাতৰি পাই লখাওত থকা মূঘল নৌ বাহিনীৰ অধিনায়ক ইবন হুছেইনে দেৱালগাওঁৰ পৰা তেওঁৰ সৈন্যদল আতঁৰাই নিলে। অৱশ্যে, কলিয়াবৰ আৰু ব্ৰহ্মপুত্ৰৰ পশ্চিম পাৰৰ অন্যান্য চকী সমূহ তেওঁ আগৰ দৰেই ৰাখিলে। গুৱাহাটীৰ সৈতেও তেওঁৰ সকলো সময়তে যোগাযোগ আছিল। মাজুলীৰ ওচৰতো আহোমে যাতে তেওঁৰ নৌ বাহিনীৰ শান্তি ভঙ্গ নকৰে তাৰ বাবেও তেওঁ চোকা দৃষ্টি ৰাখিছিল। বতৰ মুকলি হৈ অহাৰ লগে লগে তেওঁ দেৱাল গাওঁ উদ্ধাৰ কৰি মিৰজুমলাৰ ওচৰলৈ লোক পঠিয়াবলৈ সমৰ্থ হ’ল। ইফালে মিৰজুমলাই তেওঁৰ নৌ বাহিনীৰ সৈতে সংযোগ স্থাপন কৰিবলৈ তিনিবাৰ চেষ্টা কৰি বিফল হোৱা সত্বেও নিৰাশ নহৈ অৱশেষত গড়গাওঁৰ ওচৰত দিখু নৈত থকা বাহিনীটোৰ সৈতে যোগাযোগ কৰিবলৈ সমৰ্থ হ’ল। অক্টোবৰৰ শেষৰ ফালে মুছলমান সকলে লখাওৰ পৰা সকলো প্ৰকাৰৰ বয়-বস্তু বুজন পৰিমণে গড়গাওঁলৈ পঠিয়ালে। মূঘলে আকৌ মনৰ বল ওভটাই পালে। পানী শুকুৱাত মূঘলৰ আৰোহী সকল আকৌ সক্ৰিয় হৈ উঠিল। গতি বিষম দেখি জয়ধ্বজ সিংহই এইবাৰ আগেভাগে পলাই পুনৰ নামৰুপ ওলালগৈ। ১০ নৱেম্বৰত এদল মুছলমান সৈন্যই দিল্লী নৈ দি ভটিয়াই গৈ  বাদুলি ফুকনৰ শিবিৰৰ পিছফালে ভৰি দিয়াত এখন তয়াময়া যুঁজ লাগিছিল। যুঁজত বহু কষ্টৰ মূৰকত মুছলমানে আহোমক ঘটুৱাইছিল। ইয়াৰ পিছত মিৰজুমলাই গড়গাওঁৰ উত্তৰ-পূবে থকা বাদুলি ফুকনৰ সৈন্যবল হ্ৰাস কৰি শনাগুৰি হৈ তিপামত অৱতীৰ্ণ হৈছিল। ইয়াৰ পিছত বাদুলি ফুকনে মুছলমানৰ সৈন্যত যোগ দিছিল। তাকে দেখি আন বহুতো আহোমে সেই পন্থা লৈছিল। আহোম ৰজামনো কেনে ধৰণে পৰাস্ত কৰিব পাৰি সেই সম্বন্ধে এখন আঁচনি তৈয়াৰ কৰি তেওঁ মিৰজুমলাক দিছিল। সেই মতে মিৰজুমলাই ৩/৪ যুঁজাৰু দি তেওঁকে সেই আঁচনি খন সফল কৰাৰ ভাৰ দিছিল। বাদুলি ফুকনক মিৰজুমলাই গড়গাওঁ আৰু নামৰুপৰ মাজৰ অঞ্চলত চুবেদাৰ হিচাপেও নিযুক্তি দিয়ে। কিন্ত তেতিয়াও সমস্যাৰ ওৰ পৰা নাছিল। বঙ্গদেশত আকালে দেখা দিয়াত বস্তুৰ সৰবৰাহত ব্যাঘাত জন্মিছিল। মিৰজুমলা নিজেও টান নৰিয়াত পৰিল। তেওঁ ইমান দুৰ্ব্বল হ’ল যে, ইখন ঠাইৰ পৰা সিখন ঠাইলৈ যাবলৈ তেওঁৰ পাল্কীৰ আৱশ্যক হ’ল। তেওঁৰ সৈন্য বাহিনীয়েও আকৌ এটা বাৰিষা গড়গাওঁত কটাবলৈ দুৰ্ঘোৰ আপত্তি কৰিলে। নামৰুপৰ সেমেকা বতৰত থাকিবলৈকো অমান্তি হৈ তেওঁলোকৰ কথা নুশুনিলে দৰকাৰ হ’লে চাকৰি এৰি দি হ’লেও তেওঁলোক ঘৰলৈ যাবলৈ ওলাল।

ইপিনে আহোম ৰজায়ো উপৰ্যুপৰি সন্ধিৰ বাবে অনুৰোধ জনাইছিল। সৈন্য সকলৰ মনোভাৱ দেখি উপায়হীন হৈ মিৰজুমলাই সন্ধি কৰিবলৈ সিদ্ধান্ত ললে। সন্ধিৰ চৰ্ত সমূহ আছিল-

১) জয়ধ্বজ সিংহই এগৰাকী ৰাজকন্যা মূঘললৈ দিব লাগিব।

২) ২০,০০০ তোলা সোণ আৰু তাৰ ছয়গুণ বেছি ৰুপ,      ৬০ টা হাতী অনতিবিলম্বে মূঘলক উপহাৰ দি সন্মান জনাব    লাগিব।

৩) তিনিশ হাজাৰ তোলা ৰুপ আৰু ৯০ টা হাতী ১২ মাহত মূঘলক প্ৰদান।

৪) তিনি নম্বৰ চৰ্ত পালন নকৰালৈকে ৬ জন সম্ভ্ৰান্ত ঘৰৰ পুত্ৰক মূঘলৰ ৰাজসভালৈ জামিন স্বৰুপে প্ৰেৰণ।

৫) বছৰি ৬০ টা হাতী প্ৰেৰণ।

৬) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ভৰালী নৈৰ পশ্চিমাঞ্চল আৰু দক্ষিণে কলংলৈকে দিল্লীৰ সম্ৰাটক এৰি দিব লাগিব।

৭) বাদুলি ফুকনৰ পৰিয়ালকে ধৰি সকলোবোৰ বন্দীক মুক্তিদান।

এইদৰে সন্ধি হ’ল। ১৬৬৩ খৃঃৰ ৯ জানুৱাৰীত মূঘল সৈন্য সকলৰ তুমুল হৰ্ষধ্বনিৰ মাজত মিৰজুমলাই বঙ্গলৈ উভতি যাবলৈ নিৰ্দ্দেশ জাৰী কৰিলে।

সেই মৰ্মে প্ৰধান দলটো ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰেদি শিঙ্গিৰি পৰ্ব্বতৰ নামনি লৈকে গৈ সেই ঠাইতে নৈ পাৰ হৈ উত্তৰ পাৰ ওলাল গৈ। মিৰজুমলাই গড়গাওঁৰ পৰা লখাউ লৈকে পাল্কী, লখাউৰ পৰা কলিয়াবৰ লৈ লাওঁ আৰু তাৰ পৰা ৮৪ মাইল আতঁৰৰ কাজলিমুখলৈ আকৌ পাল্কীত উঠি গৈছিল। বাটত কোনো ঠইতে দলটোৱে শত্ৰুৰ পৰা একো হকা-বাধা পোৱা নাছিল। তথাপি এই যত্ৰা বৰ সুগম নাছিল। কলিয়াবৰৰ পৰা কাজলি পাৰলৈ চাৰিদিন লাগিছিল। এই কেইদিন সৈন্য সকলে কেৱল পানীৰ বাহিৰে একো খাবলৈ পোৱা নাছিল। জন্ত বিলাকে কেৱল ঘাঁহহে কোনোমতে পাইছিল হেনো। কাজলিত মিৰজুমলাই কেইদিন মান জিৰণি লৈছিল। ইয়াত থকাৰ কালতে এদিন নিশা বিজুলি-ঢেৰেকণিৰে ধুমুহা হৈছিল। ধুমুহাৰ প্ৰচণ্ডৰুপে সৈন্য সকলক শঙ্কিত কৰিছিল। ভূঅৰ ওপৰত দানহৰ দৰে ধুমুহাৰ পিছতে প্ৰচণ্ড ভূইকঁপ দিছিল। এই ভুইকঁপৰ জোকাৰণি আধা ঘণ্টা লৈকে মাৰ যোৱা নাছিল। কাজলিৰ পৰা দলটো গুৱাহাটীলৈ আগবাঢ়িছিল। গুৱাহাটীত ৰচিদ খাঁক তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে জোৰ কৈ ফৌজাদাৰ পদত নিযুক্ত কৰা হৈছিল। গুৱাহাটীত থকাৰ কালতে মিৰজুমলাৰ আকৌ তীৰ কঁপ জ্বৰ উঠিল। তেওঁৰ অসুখ বাঢ়িবলৈ ধৰাত প্ৰস্তাবিত কোচ বিহাৰ আক্ৰমণৰ আঁচনিৰ ঠাইতে তেওঁক ঢাকালৈ নিবৰ বাবে যো-জা কৰা হ’ল। বাটত দিনক দিনে তেওঁৰ অৱস্থা আৰু বেয়াৰ ফালে ঢাল খালে। অৱশেষত ঢাকা গৈ পোৱাৰ অলপ আগতেই ১৬৬৩ খৃঃৰ ৩০ মাৰ্চত মিৰজুমলাই শেষ নিশ্বাস ত্যাগ কৰিলে।

মুছলমান সকল যোৱাৰ লগে লগে জয়ধ্বজে বকতালৈ আহিল। যুঁজত আহোমৰ পৰাজয়ৰ বাবে বৰ গোঁহাইক তেওঁ দায়ী কৰিলে। সেই বাবে তেওঁ নিজে তৰোৱালৰ চেপেটা অংশটোৱেদি বৰ গোঁহাইক কোবাই অপমান কৰিছিল। অন্যান্য সামৰিক বিষয়া সকলেও তেওঁৰ ৰোষৰ বলি হৈছিল। ভৱিষ্যতে বিদেশীৰ এনে আক্ৰমণৰ পৰা ৰাজ্য খন ৰক্ষা কৰিবলৈ তেওঁ নামৰুপ খন সুৰক্ষিত কৰিলে। মুছলমানৰ সৈতে হোৱা যুঁজ-বাগৰৰ ফলত হোৱা দুখ-কষ্ট আৰু মানসিক অশান্তিয়ে জুৰলা কৰা জয়ধ্বজ সিংহ বেছি দিন বাচি নাথাকিল। ১৬৬৩ খৃঃৰ মৃত্যু, চৰিত্ৰ আৰু নৱেম্বৰ মাহত মাত্ৰ ৯ দিন অসুখত ভুগি তেওঁ স্বৰ্গী হ’ল। এইজন স্বৰ্গদেউৰ দিনত ব্ৰাহ্মণ সকলৰ আধিপত্য বাঢ়িছিল। ৰজাই নিজেও ব্ৰাহ্মণৰ পৃষ্ঠপোষকতা কাৰিছিল। তেওঁ নিৰঞ্জন বাপুৰ শিষ্য আছিল আৰু গুৰুক তেওঁ আউনিআটি সত্ৰৰ প্ৰধান গোঁসাই হিচাবে প্ৰতিষ্ঠা কৰিছিল। কোচবিহাৰৰ বনমালি বাপুৰ নাম শুনি ৰজাই তেওঁক নিমন্ত্ৰণ কৰি আনি জখলাবন্ধাত সত্ৰ প্ৰতিষ্ঠাৰ বাবে ভুমিদান দিছিল। ব্ৰাহ্মণ সকলৰ উচতনিত তেওঁ ভালে কেইজন মহাপুৰুষীয়া গণ্যমান্য লোকক হত্যা কৰিছিল। তেওঁৰ চৰিত্ৰও ভাল নাছিল। পাটমাদৈৰ ভনীয়েকৰ সৈতেও তেওঁ কেলেঙ্কাৰী কৰিছিল। অৱশেষত শহুৰেকৰ নিৰ্দ্দেশানুসৰি এই গৰাকী কন্যাকো তেওঁ বিয়া কৰাইছিল। কন্যা গৰাকীৰ পূৰ্ব্বৰ স্বামীক তেওঁ হত্যা কৰোৱাইছিল। ৰজাৰ ওপৰত এই বাই-ভনী হালৰ যথেষ্ট প্ৰভাৱ আছিল। দৰাচলতে তেওঁলোকে যি কৰিছিল সেয়ে সেয়ে ৰাজ্যৰ আইন আছিল। এই ৰাণী দুগৰাকীৰ খুড়ায়েকক ৰজাই কাজলিমুখৰ ফুকন পদ দিছিল।

জয়ধ্বজ সিংহৰ দিনতে আলিকেকুৰিৰ পৰা নামদাঙলৈ এটা পথ সজা হয়। চেউনি আলি, ভোমোৰাগুৰি আলি আৰু ভাটিয়া পাৰাৰ পুখুৰী এওঁৰ দিনৰ অন্যান্য প্ৰজাহিতকৰ কাৰ্য্যৰ চানেকি।

মিৰজুমলাৰ সৈতে ছিহাবুদ্দিন তালিছ নামৰ এজন লেখক   অসমলৈ আহিছিল। মিৰজুমলাৰ অসম অভিযান আৰু সমসাময়িক অসম সম্বন্ধে তেওঁ এটি বিৱৰণ লিখি গৈছে। সমালোচকৰ দৃষ্টিৰে চাই সমসাময়িক অসমৰ বিষয়ে তেওঁ যিবোৰ কথা লিখি গৈছে সেইবোৰ স্থানীয় ঔথি সমূহত পোৱা নাযায়। সেয়ে তালিছৰ বিৱৰণে অসমৰ ইতিহাসত এক উল্লেখযোগ্য স্থান আধিকাৰ কৰিছে। তলত তেওঁৰ বিৱৰণীটো উল্লেখ কৰা হ’ল: “হাবি-বননি আৰু জীৱ-জন্তৰে ভৰপূৰ অসম এখন ভয়লগা ৰাজ্য। ই বঙ্গদেশৰ উত্তৰ-পূৱে অৱস্থিত। ব্ৰহ্মপুত্ৰ নৈ এই ৰাজ্যৰ মাজেদি পূৱৰ পৰা পশ্চিমলৈ বৈ গৈছে। গুৱাহাটীৰ পৰা শদিয়া লৈকে (পশ্চিমবঙ্গৰ পৰা পূৱলৈ) ই প্ৰায় ২০০ ক্ৰোশ। উত্তৰৰ পৰা দক্ষিণলৈ (গাৰো, মিৰি, মিচিমি, দফলা আৰু লানদাহৰ পৰা নগা পাহাৰলৈ বহলে ই একেৰাহে ৭/৮ দিনৰ পথ। দক্ষিণাৰ পৰ্ব্বতমালাই খাছী, কাছাৰ আৰু গোনাশেৰৰ সীমা চুইছেগৈ। বহলে বহলে ই নগা সকলে বাস কৰা পৰ্ব্বতাঞ্চল পাইছেগৈ…… ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰক উত্তৰকোল আৰু দক্ষিণ পাৰক দক্ষিণকোল বুলিছিল। গুৱাহাটীৰ পৰা মিৰি আৰু মিছিমি সকল বাস কৰা অঞ্চললৈকে উত্তৰকোল বিস্তৃত আছিল। নাককাটি ৰাণীৰ ৰাজ্যৰ পৰা শদিয়ালৈকে থকা ভূমিখণ্ড আছিল দক্ষিণকোল …….. কলিয়াবৰৰ পৰা গড়গাওঁ লৈকে লানি নিচিগাকৈ ঘৰদুৱাৰ আৰু ফলমূলেৰে ভৰা বাগিছা দেখা গৈছিল। বাটৰ দুয়োকাষে আকাশলঙ্ঘী বাঁহৰ গছ আছিল। ধুনীয়া সুগন্ধিযুক্ত বনৰীয়া আৰু বাগিছাৰ ফুলবোৰ ৰমক-জমককৈ ফুলিছিল। বাঁহনি সমূহৰ পৰা আৰম্ভ কৰি পাহাৰ সমূহৰ নামনি লৈকে আছিল খেতি পথাৰ আৰু ফলমূলৰ বাগিছা। লাখুগড়ৰ পৰা গড়গাওঁলৈ এই পথছোৱাতো একে ধৰণৰ বাটপথ, থকা ঘৰ আৰু বাগিছা চকুত পৰিছিল। এই ঠাইৰ পৰা গড়গাওঁ লৈকে যান বাহনৰ বাবে এটা ওখ আৰু আহল-বহল পথ আছিল।

ধাননি পথাৰ আৰু বাগিছা সমূহ আছিল সুদূৰ লৈকে বিস্তৃত। পথাৰৰ মাটিবোৰ সমান বাবে ক’তো উখ-চাপৰ নাছিল। এনেহে লাগিছিল যে পথাৰৰ সীমাই দূৰৈৰ আকাশৰ সীমা চুইছেগৈ। উত্তৰকোলত প্ৰজাৰ সংখ্যা অধিক আছিল। এই অঞ্চলৰ খেতি-বাতিও আছিল নদন-বদন। কিন্ত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দক্ষিণকোল আছিল আধিক সুৰক্ষিত। সেয়ে অসমৰ ৰজা সকলে দক্ষিণকোলতহে থাকিবলৈ লৈছিল। ব্ৰহ্মপুত্ৰ নৈ পাৰৰ অঞ্চল সমূহৰ বতৰ স্থানীয় আৰু বিদেশী উভয়ৰে বাবে স্বাস্থ্যকৰ আছিল। কিন্ত ভিতৰুৱা অঞ্চল সমূহৰ বতৰে স্থানীয় লোকৰ ক্ষতি নকৰিলেও বিদেশীৰ কাৰণে ই অসহনীয় আছিল। বছৰৰ আঠ মাহেই ইয়াত বৰষুণ হয়। আনকি শীতকালৰ চাৰিটা মাহো বৰষুণ মুক্ত নহয়। শীত আৰু সেমেকা বতৰৰ ৰোগ সমূহে স্থানীয় লোকতকৈ বিদেশীক বেছি আমনি কৰে আৰু আনহাতেদি জহৰ দিনত স্থানীয় লোকতকৈ বিদেশী লোকক পেটৰ অসুখ আদিয়ে বেছি কষ্ট দিয়ে। বঙ্গদেশত সচৰাচৰ দেখা কুষ্ঠ, বগা কুষ্ঠ, ভৰি উখহা, ডিঙি উখহা নাইবা ছালৰ বেমাৰ সমূহ এই ৰাজ্যত দেখ নাযায়। দীঘলীয়া লেকেটালগা ৰোগ সমূহৰ পৰাও এই ৰাজ্যৰ অধিবাসী সকল মুক্ত আছিল। ইয়াৰ পাহাৰীয়া অঞ্চলৰ জলবায়ু স্থানীয় লোক আৰু বিদেশী উভয়ৰে বাবে বৰ বিহ সম আছিল। এই পৰ্ব্বতবোৰে মনত দুখৰ ভাৱ আৰু ত্ৰাসৰ সৃষ্টি কৰিছিল।

পৰ্ব্বত আৰু তৈয়াৰ উভয়ৰে গছবোৰ অতি ওখ আৰু ডাঠ। ইয়াৰ জুৰি সমূহ গভীৰ আৰু বহল। পুখুৰীৰ সংখ্যা লেখহীন। বঙ্গদেশ আৰু হিন্দুস্থানৰ অন্যান্য ঠাইৰ বহুবোৰ ফলমূল আৰু বনৰীয়া গছমূল এই ৰাজ্যতো হয়। কিন্ত ভাৰতৰ অন্যান্য অঞ্চলত নেদেখা কিছুমান ফলফুলো এই ৰাজ্যত দেখা গৈছিল। এনে ফলমূলৰ বাগিছা আছিল আৰু কিছুমান ফুল-ফল হাবিত নিজে নিজে গজিছিল। নাৰিকল আৰু নিমগছৰ সংখ্যা কম আছিল। কিন্ত জালুক, বিভিন্ন প্ৰকাৰৰ নেমু আদিৰ গছ আছিল অসংখ্য। আমৰ গছ যথেষ্ট আছিল। কিন্ত মিঠা আৰু আহ নথকা হ’লেও সাধাৰণতে আমবোৰ পোক লগা আছিল। আমবোৰ ৰসালো নাছিল। মাটিকঠালবোৰ কিন্ত বৰ ৰসাল, মিঠা আৰু ডাঙৰ আকৃতিৰ আছিল। ক’লা, ৰঙা আৰু বগা—এই তিনিও বিধ ৰঙেৰে অতি সোৱাদ লগা কিঁহিয়াৰ পোৱা গৈছিল। কিন্ত কুঁহিয়াৰ অতি টান বাবে খাওঁতাৰ দাঁত ভঙাৰ উপক্ৰম ঘটিছিল। আদা বিলাক বৰ ৰসাল আছিল ……… এই ৰাজ্যৰ প্ৰধান শস্য ধান। কিন্ত দীঘল আৰু ক্ষীণ ধান দেখা নগৈছিল। ইয়াত ঘেহু, বাৰ্লি আৰু ডাইলৰ খেতি নাছিল। মাটি উৰ্বৰ হোৱা হেতু কিবা এবিধ গুজি দিলেই লহপহকৈ বাঢ়ি আহিছিল। এই ৰাজ্যত নিমখ পাবলৈ বৰ টান আছিল। কিছুমান পাহাৰত নিমখ পোৱা গৈছিল। কিন্ত এনে নিমখবোৰ বৰ চোকা আছিল। কিছুমান লোকে কলবোৰ ডোখৰ ডোখৰকৈ কাটি ৰ’দত শুকুৱাই জুইত পুৰিছিল। তাৰ পিছত মাটিত চাৰিটা খুটা পুতি এখন পাতল কাপোৰ তৰিছিল। কাপোৰখনৰ তলত এটা পাত্ৰ থৈছিল। কলৰ ছাঁইবোৰ কপোৰ খনত ঢালি দি তাত মাজে মাজে পানী ছটিয়াইছিল। ফলত এবিধ ক’লা পানী ওলাই পাত্ৰটোত জমা হৈছিল। এই ক’লা আৰু তিতা পানীবোৰ নিমখৰ সলনি ব্যৱহাৰ কৰিছিল।

কোকোৰা, হাঁহ, ছাগলী, শিং থকা ছাগলী, বনৰীয়া কুকুৰা আদি প্ৰচুৰ আছিল। এইবোৰ জীৱ-জন্তৰ মঙহ অতি সোৱাদ আছিল। কুকুৰা খেলৰ সময়ত কুকুৰা সমূহে কেতিয়াও পিছ হুহুকা দেখা নগৈহিল। নিশকতীয়া কুকুৰাবোৰে বলী কুকুৰাৰ সৈতে প্ৰাণ নোযোৱালৈকে যুঁজ কৰিছিল। অসমৰ হাবিত ডাঙৰ ডাঙৰ খঙাল হাতী আছিল। হৰিণা, নীল গাই, যুঁজাৰু ৰাম ছাগলী আৰু কপৌ চৰাই আছিল অগণন।

ব্ৰহ্মপুত্ৰৰ বালি ধুই তাৰ পৰা সোণ কঢ়া হৈছিল। প্ৰায় ১০/১২ হাজাৰ জন লোক এই কামত নিযুক্ত আছিল আৰু তেওঁলোকে বছৰি এতোলাকৈ সোণ ৰজা ঘৰত দিব লাগিছিল। অৱশ্যে এই সোণ নিন্মমানৰ আছিল। এতোলা সোণৰ মূল্য মাত্ৰ ৮/৯ টকাহে আছিল। ব্ৰহ্মপুত্ৰৰ যি কোনো ঠাইৰ বালিতে হেনো সোণ আছিল। কিন্ত এই সোণ কঢ়াৰ প্ৰক্ৰিয়া কেৱল অসমীয়াইহে জানিছিল। মুদ্ৰাৰ বাবে কড়ি বুৱহৃত হৈছিল। ৰজাৰ মোহনা মৰা সোণৰ মুদ্ৰাও আছিল। তামৰ মুদ্ৰাৰ প্ৰচলন নাছিল। গড়গাওঁৰ পৰা প্ৰায় ১১ দিনৰ বাটকুৰি বাই গ’লে মিৰি আৰু মিছমি গাওঁ সমুহ পায়। অসমৰ পূৱে উত্তৰকোলৰ ফালে এই গাওঁবোৰ অৱস্থিত। ইয়াত হাতী আৰু গান্ধ কলাই পোৱা গৈছিল। এই লোক সকলৰ গওঁত তাম, ৰুপ আৰু টিন পোৱাও গৈছিল। নামৰুপ শদিয়া আৰু লাখুগড়ৰ সুগন্ধি, ডাঠ আৰু ৰঙীন ধূপকাঠ বিখ্যাত আছিল।

সাম্ৰাজ্যৰ শাসনৰ দৰে শাসিত এই ৰাজ্যত ৰায়তৰ খাজনা, হাতীৰ দাম আদি বিভিন্ন উপায়েৰে নিশ্চয় ৪০/৪৫ লাখ টকা সংগৃহীত হৈছিল। খেতিয়কৰ পৰা কোনো মাটিৰ কৰ লোৱা নহৈছিল। কিন্ত প্ৰত্যেক ঘৰৰে তিনিজন মানুহৰ এজনকৈ লোকে ৰজাঘৰত বন কৰিব লাগিছিল। যদি এই কাৰ্য্য পালনত কিবা হীন-দেঢ়ি ঘটে তেন্তে মৃত্যুদণ্ড অনিবাৰ্য্য আছিল। সেয়ে প্ৰজাসকলে ৰজাৰ ইচ্ছা আৰু আদেশমতে চলা পৰিলক্ষিত হৈছিল।

বিগত দিনবোৰত কোনো বিদেশী ৰজাই এই ৰাজ্য জয় কৰা নাছিল নাইবা কোনো বিদেশী বিজয়ীয়ে এই ভূমিত খোজ কঢ়াও নাছিল। এই ৰাজ্যলৈ আহ-যাহ কৰিবলৈ আহল-বহল কোনো পথ নাছিল। এই ঠাইৰ লোকেও বাহিৰলৈ নগৈছিল। এই ৰাজ্যৰ ৰজাই কোনো বিদেশীক আহিবলৈ নিদিছিল নাইবা নিজৰ প্ৰজা সকলকো বিদেশলৈ লপঠিয়াইছিল। আগেয়ে ৰজাৰ আদেশমতে বেপাৰী সকলে গুৱাহাটীৰ ওচৰলৈ গৈ অসমৰ বাহিৰৰ লোকৰ সৈতে বেহা-বেপাৰ কৰিছিল। তেওঁলোকে সোণ, গান্ধকলাই, ধূপ কাঠ, জালুক, পাটৰ কাপোৰ আদিৰ বিনিময়ত নিমখ, খাৰ, শখাৰ আদি স্ংগ্ৰহ কৰিছিল। মুঠতে কোনো বিদেশী সৈন্য ইয়াত প্ৰৱেশ কৰিলে তেওঁৰ মৃত্যু নিশ্চিত আছিল। কোনো বিদেশী যান-বাহন ইয়াত প্ৰবেশ কৰাৰ মানেই আছিল মৃত্যুৰ দুৱাৰ দলিলৈ আগুৱাই যোৱা। পুৰণি দিনত কোনো বিদেশী সৈন্যই এনে ভূল কৰিলে নিশাৰ ভাগত স্থানীয় লোকৰ আক্ৰমণত হাৰাশাস্তি হৈছিল। যদিও স্থানীয় সৈন্য সকলে কেতিয়াবা এনে নৈশ আক্ৰমণত ব্যৰ্থ হয় তেন্তে তেওঁলোকে অহা পথৰ দুয়োকাষে থকা আটাইবোৰ খেতিয়ক শ্ৰেণীৰ লোকক পাহাৰলৈ খেদি দিছিল যাতে কোনোৱে ঘৰবাৰী বোৰত বাস নকৰে বা চাকি নজ্বলায়। ফলত এই ঠাইবোৰ দেখাত এৰাবাৰীৰ দৰে লাগিছিল আৰু বিদেশী সকলেও কোনো শঙ্কা নকৰি ৰাজ্য খনৰ ভিতৰলৈ সোমাই গৈছিল। তেওঁলোকৰ আগমনত গাওঁবোৰৰ মানুহবোৰ পলাই গৈছে বুলি ভাবি এই বিদেশীবোৰে দূৰ্গম খলাবমা আৰু হাবি-বননিৰে ভৰা পথ অতিক্ৰম কৰি আগুৱাইছিল। এইদৰে যাওঁতে যাওঁতে শীত কাল শেষ হৈ ধাৰাষাৰ বৰষুণ পৰিছিল। এনে নেৰা-নিছিগা বাৰিষা কালত ইমান দিনে পাহাৰত লিকাই থকা স্থানীয় সৈন্যবোৰে এতিয়া নামি আহি চাতিওফালৰ পৰা বানপানী অহাদি শত্ৰুক আক্ৰমণ কৰিছিল। অসমৰ সেমেকা মাটিত দুটোপাল মান বৰষুণ পৰিলেই বোকাময় হৈছিল। এনে অৱস্থাত বিদেশী সৈন্যৰ যাতায়তত ব্যাঘাত ঘটিছিল। খাদ্যৰ অভাৱ আৰু ধাৰাসাৰ বৰষুণে তেওঁলোকক জুৰুলা কৰিছিল। দিনে দিনে উপায়হীন এই বিদেশী সৈন্যবোৰৰ শক্তি হ্ৰাস ঘটিছিল। অৱশেষত তেওঁলোক স্থানীয় সেনাৰ হাতত পৰাস্ত আৰু নিধন হৈছিল।

এবাৰ বঙ্গৰ চুলতান হুছেইন ছাহে ২০,০০০ জন পদাতিক, অশ্বাৰোহী আৰু অসংখ্য নাওঁ লৈ অসম অভিযানলৈ অহাত ৰজা পলাই গৈ পাহাৰত লুকাই আছিল। তাকে দেখি হুছেইন ছাহে পুতেকৰ সৈতে সৈন্যবোৰ এৰি ৰাজ্যজয়ৰ ভাৰ দি নিজে বঙ্গ দেশলৈ উভটি গৈছিল। বাৰিষা কালত ৰজা পাহাৰৰ পৰা আহি হুছেইন ছাহৰ পুত্ৰক প্ৰতি-আক্ৰমণ কৰিছিল। ইমান দিনে হুছেইন পুত্ৰক স্বীকাৰ কৰি স্থানীয় লোক বোৰেও ৰজাৰ পক্ষ লোৱাত আৰু বিশেষকৈ খাদ্যাভাৱ হোৱাত দুৰ্ভগীয়া শত্ৰু দলটো ক্ৰমান্বয়ে নিশকতীয়া হৈ পৰি অৱশেষত স্থানীয় লোকৰ হাতত পৰাজয় আৰু মৃত্যুবৰণ কৰিছিল। এই সৈন্য সকলৰ কিছুমানক যুদ্ধবন্দী হিচাবেও ৰখা হৈছিল। এওঁলোক পিছলৈ এই ৰাজ্যতে থাকি বৰ্তমানৰ বহুবোৰ স্থানীয় মুছলমান লোক এওঁলোকৰেই বংশধৰ বুলি কোৱা হয়। এইদৰে বহিৰাগত লোক সকলৰ কোনেও এই ৰাজ্যৰ পৰা উভটি যাবলৈ সক্ষম নহৈছিল। এই ৰাজ্যৰ লোক সকলৰ নীতি-নিয়ম সমূহ বাহিৰৰ লোকে গম নাপাইছিল। হিন্দুস্তানৰ লোকসকলে তেওঁলোকক বেধৰ্মী, যাদুকৰ আৰু মানুহ নামৰ অযোগ্য বুলি ভাবিছিল। এই ৰাজ্যত প্ৰবেশ কৰিলে যাদুৰ প্ৰভাৱত ইয়াৰ পৰা ওলাই যাব নোৱাৰা হয় বুলি কিংবদন্তী প্ৰচলিত আছিল।

বহু সৈন্য-সামন্ত, অনুগত প্ৰজা, লগুৱা-লিকচৌ আৰু সা-সম্পত্তিৰ গৰাকী অসমৰ ৰজা সকল বৰ আত্মবিশ্বাসী আৰু অহঙ্কাৰী আছিল। ৰজাৰ বহু বিলাক বাহুবলী ৰণুৱা আছিল। হাতীবোৰ আছিল একো একোটা পাহাৰৰ সমান আৰু দেখিলে ভয় লগা। বৰ্তমানৰ ৰজা জয়ধ্বজ সিংহক সৰগী (স্বৰ্গী) ৰজাও বোলা হৈছিল। এই বুৰ্ব্বক ৰজাজনে ভাবিছিল যে তেওঁৰ পূৰ্ব্বপুৰুষ এজন সোণৰ জখলায়েদি স্বৰ্গৰ পৰা এই ৰাজ্যলৈ নামি আহিছিল। ৰাজ্যখন ভাল পাই ইয়াতে থাকিবলৈ হেনো তেওঁ সিদ্ধান্ত লৈছিল। মুঠৰ ওপৰত এই বলীয়া ৰজাজন আছিল অতিশয় অহঙ্কাৰী আৰু আন আন ৰজা সকলতকৈ তেওঁ ৰক্ত পিপাসু আছিল। কোনোৱে সামান্য দোষ কৰিলে তেওঁ সেই লোক জনৰ পৰিয়ালৰ আটাইকে ধৰি শাস্তি দিছিল নাইবা কাৰোবাৰ ওপৰত কিবা কথা সন্দেহ হ’লে তেওঁ সেই লোক জনৰ বংশকে নিৰ্মূল কৰিছিল। তেওঁৰ ৰাণী সকলে কেৱল কন্যাহে জন্ম দি থকাত তেওঁৰ পিছত সিংহাসনত বহিব বুলি ৰজাৰ ভয় হৈছিল আৰু সেয়ে তেওঁৰ ককা আজু ককাৰ পক্ষৰ আটাইবোৰ পুৰুষকে তেওঁ হত্যা কৰিছিল। হিন্দু ধৰ্মৰ পৃষ্ঠপোষকতা কৰিলেও অহঙ্কাৰী ৰজাই মূৰ্ত্তিত ওচৰত মূৰ নোদোৱাইছিল। তেওঁ নিজকে এজন অৱতাৰ বুলিও গণ্য কৰিছিল।

এই ৰাজ্যৰ অধিবাসী সকল বেধৰ্মী আছিল। কোনো ধৰ্মৰ প্ৰতি তেওঁলোকে মূৰ নোদোৱাইছিল, যি কোনো জাতিৰ লোকে ৰন্ধা খোৱা বস্তু বাচ-বিচাৰ নকৰি খাইছিল আৰু যিকোনো কাম কৰি পেট প্ৰৱৰ্ত্তাইছিল। মুছলমান, অমুছলমান যিকোনো লোকৰ হাতেৰে তেওঁলোকে খাইছিল। মৃত আৰু বলি দিয়া জন্তৰ মাংসও বিনা দ্বিধাই গ্ৰহন কৰিছিল। অৱশ্যে তেওঁলোক নৰমাংসভোজী নাছিল। তেওঁলোকে ঘী নাখাইছিল। কোনো খাদ্যত ঘীৰে সম্ভাৰ দিলেও তেওঁলোকে তাক গ্ৰহণ নকৰিছিল। পূৱ ভাৰতৰ আন ঠাই বোৰৰ সৈতে তেওঁলোকৰ ভাষাৰ অমিল আছিল। এই অধিবাসী সকলে আছিল বলী। বীৰত্বত তেওঁলোক আছিল আগশাৰীৰ। যিকোনো কামৰ বাবে তেওঁলোকে পিচ নুহুহুকিছিল। তেওঁলোক আছিল যুদ্ধপ্ৰিয় আৰু ৰক্ত পিপাসু। মানুহ মাৰিবলৈ বা নিজে মৰিবলৈ তেওঁলোকে ভয় নকৰিছিল। তেওঁলোক আছিল নিষ্ঠুৰ, কঠোৱা, প্ৰতাৰক, মিছলীয়া, ধূৰ্ত আৰু বিশ্বাসঘাটক। এই ৰাজ্যৰ তিৰোতা সকল অতিশয় ধুলীয়া আছিল। দীঘল ক’লা চুলি, লনি সুকোমল দেহা, ক্ষীণ দীঘল হাত ভৰি আৰু বগা গাৰ ৰঙেৰে এই মহিলা সকলৰ চালে চকুৰোৱা আছিল। অৱশ্যে দূৰৈৰ পৰা তেওঁলোকক প্ৰথম দৃষ্টিত যিমান ধুনীয়া লাগে ওচৰৰ পৰা চালে সিমান ধুনীয়া নালাগিছিল আৰু দেহৰ গঠনত বহুবোৰ দোষহে চকুত পৰিছিল। ৰজা বা প্ৰজা কোনো লোকৰে তিৰোতা সকলে ওৰণি বা বোৰ্খা ব্যৱহাৰ নকৰিছিল। হাটে বজাৰে মূৰ নঢকাকৈ তেওঁলোকে ঘূৰি ফুৰিছিল। কিছুমান মানুহৰ দুগৰাকী ঘৈনীয়েক থাকিলেও সাধাৰণতে একোজন মুনিহৰ ৪/৫ গৰাকী তিৰোতা আছিল। তেওঁলোকে সমিল মিলেৰে নিজৰ মাজত তিৰোতা সলাইছিল বা বেচা-কিনা কৰিছিল। এই ৰাজ্যৰ অধিবাসী সকলে আঠুকাঢ়ি সন্মান জনাইছিল। ৰজাক দেখা কৰিবলৈ যোৱা খেতিয়ক যৰেণীৰ লোকে আঠুকাঢ়ি তেওঁক সন্মান জনাই সেই ভাবেই মাটিত বহি থাকিছিল। তেওঁলোকে ৰজাৰ চকুলৈ নাচাই দৃষ্টি মাটিত নিৱদ্ধ কৰিব লাগিছিল। এই লোক সকলে দাঢ়ি-গোফ বা মূৰত চুলি নাৰাখিছিল। কোনো স্থানীয় লোকে ইয়াৰ ব্যতিক্ৰম কৰিলে তেওঁক বঙালক অনুকৰণ কৰা বুলি দোষাৰোপ কৰি মূৰ কটা দেখা গৈছিল। এই ৰাজ্যত গাধ, উট বা ঘোৰা পোৱা নগৈছিল। শান্ত-শিষ্ট অসমীয়া বোৰে গাধ দেখি মুগ্ধ হৈছিল আৰু বহুত দাম দি সেইবোৰ কিনিছিল। বিশেষকৈ ঈশ্বৰৰ এক অভূতপূৰ্ব সৃষ্টি উটবোৰ দেখি তেওঁলোক অতিশয় মুগ্ধ হৈছিল। ঘোঁৰা দেখি তেওঁলোকে অতি ভয় খাইছিল। কেনেবাকৈ ঘোঁৰা দেখিলেই মাৰি পেলাইছিল। এজন অশ্বাৰোহীয়েআনায়াসে এশ জন অসমীয়াক খেদি নিছিল। এইদৰে খেদি নিয়াৰ কালত অসমীয়া বোৰে অস্ত্ৰ-শস্ত্ৰ দলিয়াই থৈ পলাইছিল। যদি কেনেবাকৈ দৌৰিব নোৱাৰে তেন্তে হাত দাঙি পৰাজয় স্বীকাৰ কৰিছিল। কিন্ত এনে একোজন অসমীয়া সৈন্যই দহজন মুছলমান পদাতিকক অকলশৰে শঙ্কা নোহোৱাকৈ যুদ্ধ কৰি পৰাজিত আৰু হত্যা কৰিব পাৰিছিল। অসমীয়া সকলে হাতী বেচাটো বৰ গৰ্হিত কাম বুলি বিবেচনা কৰিছিল বাবে কেতিয়াও হাতী বেচিবলৈ মান্তি নহৈছিল।

ৰজা সকলে সিংহাসনত বহিছিল। ধনী মুখীয়াল লোক সকলে দোলা ব্যৱহাৰ কৰিছিল। কাৰুকাৰ্য্য খচিত কাঠৰ চলা আৰু খুটাৰে এনে দোলাবোৰ সুশোভিত আছিল। সিংহাসনৰ খুটাবোৰ কাঠৰ আছিল। হাতীৰ ওপৰত বহিবলৈ হাওদা ব্যৱহাৰ নকৰি তেওঁলোকে পীৰাৰ দৰে কেতবোৰ কাঠৰ চকী হাতীৰ পিঠিত বান্ধি লৈছিল। অসমীয়াই মূৰত পাগুৰি নামাৰিছিল, কোট চোলা বা জোতা ব্যৱহাৰ নকৰিলে। শুবৰ বাবেও তেওঁলোকে পালেঙৰ ব্যৱহাৰ নাজানিছিল। তেওঁলোকে মূৰত এখন পাতল কাপোৰ মেৰিয়াই লৈছিল। ককালত এখন কাপোৰ বান্ধিছিল আৰু কান্ধত এখন চাদৰ লৈছিল। ধনী লোকসকলে জাৰকালি জেকেটৰ দৰে এটা চোলা পিন্ধিছিল। যিবিলাক একোখন ডাঙৰ কঠৰ তক্তাত শুইছিল। সেই তক্তা খনকে তেওঁলোকে বিচনা বুলিছিল। তেওঁলোকে কেচাঁ তামোলৰ বুকুখন নুগুচোৱাকৈ পাণৰ সৈতে খাইছিল। পাণ-তামোল বৰ বেছিকৈ ব্যৱহাৰ কৰিছিল। ফুলবচা ভেলভেটৰ দৰে পাট আৰু অন্যান্য ধুনীয়া কাপোৰ তেওঁলোকে বৈ লৈছিল। তেওঁলোকে একোডোখৰ কআত কোনো জোৰা নলগোৱাকৈ ধুনীয়া ধুনীয়া ট্ৰে,চকী, পীৰা আৰু আলমাৰী সাজিছিল। ৰজাৰ সা-সম্পত্তি বোৰৰ মাজত কেতবোৰ কাঠৰ সিংহাসন দেখা গৈছিল। প্ৰায় দুই কিউবিট বহল এই সিংহাসন সমূহ কোনো জোৰা-তাপলি নোহোৱাকৈ এডাল কাঠতে কাটি সজা হৈছিল।

তেওঁলোকে বঙ্গৰ কোশৰ দৰে কেতবোৰ যুঁজৰ নাওঁ সজিছিল। এনে নাওঁক বাচৰি বোলা হৈছিল। কিন্ত কোশ বিলাকৰ দুই মূৰটো শিঙৰ আকৃতিত জোঙা কৰা হৈছিল। কিন্ত বাচৰি বিলাক আছিল এডাল সমান কৰি লোৱা মজবুত কঠেৰে নিৰ্মিত। বিশেষ ভাৱে শক্তিশালী কৰিবলৈ কাঠৰ ভিতৰ অংশ বাচৰিৰ তক্তা হিচাবে ব্যৱহাৰ কৰা হৈছিল। কোশতকৈ বাচৰিৰ গতিশীলতা কম আছিল। বাচৰি আৰু নাওঁৰ সংখ্যা আছিল অগণন। এজন মুছলমান লেখকে ৰমজান মাহত গুৱাহাটীৰ কাষেৰে পাৰ হোৱা এনে বাচৰি আৰু নাওঁৰ সংখ্যা ৩২,০০০ বুলি উল্লেখ কৰিছে। মিৰজুমলাৰ প্ৰত্যাবৰ্তন কালত ৰাজকীয় সৈন্য আৰু তেওঁৰ লগত যোৱা অসমীয়া সকলে এই লেখক জনে গণনা কৰা নাওঁৰ সংখ্যাতকৈ অধিক সংখ্যক নাওঁ ব্যৱহাৰ কৰিছিল। এনে ধৰণৰ নাওঁৰ অধিক সংখ্যক বোধকৰো অসমীয়াৰ আছিল। বিশেষ কাঠেৰে নিৰ্মিত এই নাওঁ বোৰত বহু বস্তু বোজাই কৰিলেও সেইবোৰ ডুবাৰ কোনো শঙ্কা নাছিল।

অসমীয়া সকলে তোপ ব্যৱহাৰ কৰিছিল। যুঁজৰ সময়ত গিলণ্ডাজ বাহিনীয়ে এনে তোপ বোৰ কঢ়িয়াই নিছিল। তেওঁলোকে খাৰ-বাৰুদৰ ব্যৱহাৰ জানিছিল। তাৰ বাবে আৱশ্যকীয় সামগ্ৰী বঙ্গদেশৰ পৰা আনিছিল।

গড়গাওঁৰ দুৱাৰ সমূহ আৰু কেইটিমান মন্দিৰৰ বাহিৰে অসমীয়া সকলে ঘৰ সাজোতে ইটা, শিল আৰু বোকামাটি ব্যৱহৰ কৰা দেখা নগৈছিল। ধনী-নিৰ্ধনী নিৰ্ব্বিশেষে কাঠ, বাহঁ আৰু খেৰেৰে ঘৰ সাজিছিল। এই ৰাজ্যৰ পুৰণি বাসিন্দা সকলৰ ভিতৰত দুটা জাতি প্ৰধান আছিল—অসমীয়া আৰু কলিতা। বহু ক্ষেত্ৰত কলিতা অসমীয়াতকৈ ওখ খাপৰ আছিল। কিন্ত টান কামৰ ক্ষেত্ৰত বা দৃঢ়প্ৰতিজ্ঞ হৈ যুদ্ধ কৰাৰ সময়ত তাৰ ওলোটাটোহে আছিল।

প্ৰায় ৬/৭ হাজাৰ লোকে ৰাজহাউলি আৰু ৰজাৰ শোৱনি কিঠাৰ চাৰিওকাষে পহৰা দিছিল। এই লোক সকলক চাউদাং বুইলছিল। তেওঁলোক ৰজাৰ অতি অনুগত আৰু বিশ্বাসী আছিল। এওঁলোকে ঘাতকৰ কামো কৰিছিল। তোপ, বৰতোপ, নাতিদীৰ্ঘ তলোৱাৰ, যাঠি-জোং, দীঘল আৰু সৰু ধনুকাড় আদি যুঁজৰ আহিলাপাতি আছিল। যুঁজৰ সময়ত ইচ্ছা থাকক বা নাথাকক আটাইবোৰ প্ৰজাই ইয়াত ভাগ ল’ব লাগিছিল। তেওঁলোকে শিয়ালে হোৱা দিয়াৰ দৰে একেলগে চিঞৰি চিঞৰি শত্ৰুৰ ওপৰত মৰো-জীউকৈ জপিয়াই পৰিছিল। শিয়াল হৃদয়ৰ এই লোকসকলে তেনেদৰে হোৱা দি যুঁজৰ সিংহ স্বৰুপ লোকসকল নাইবা নামনি অঞ্চলৰ বাঘ-সম লোকসকলক ৰজ্যৰ পৰা খেদি পঠিওয়াৰ দিবা স্বপ্ন দেখিছিল। এজুটি অসমীয়া সৈন্যই কেতিয়াবা হাজাৰ হাজাৰ আক্ৰমণকাৰীক বাধা দিছিল। প্ৰকৃত অসমীয়া সৈন্যই হাতত খোলা তৰোৱালৰ আৰু ধনুকাড় লৈ দৃঢ়তাৰে শত্ৰু সৈন্যৰ মাজত সোমাই পৰিছিল গৈ। এনে ধৰণৰ প্ৰকৃত অসমীয়া সৈন্যৰ সংখ্যা প্ৰায় ২০,০০০ জনহে আছিল। সাধাৰণতে যুদ্ধৰ বাবে সাজু হৈ থকা এই লোক সকলে মঙ্গল বাৰৰ দিনটোক পবিত্ৰ দিন হিচাবে মানি সেই দিনটোতহে যুঁজ আৰম্ভ কৰিছিল। তেওঁলোকে নিশাৰ ভাগত শত্ৰুক আক্ৰমণ কৰিবলৈকো ভাল পাইছিল। সাধাৰণ শ্ৰেণীৰ লোক সকলে যুঁজত কেতিয়াবা কেতিয়াবা অংশ গ্ৰহণ কৰিছিল। তেওঁলোকে সুবিধা কৰিব পাৰিলে যুঁজৰ পৰা আঁতৰিও গৈছিল। তেওঁলোকে এফাঁকি কবিতা প্ৰায়ে মনত পেলাইছিল। কাবিতাটোত কোৱা হৈছিল যে যেয়ে ভয় কৰে তেওঁলোকে অধিক সুৰক্ষা পায় আৰু যেয়ে ভয় নকৰে তেওঁলোক ধ্বংস প্ৰাপ্ত হয়। সৈন্য সকলে সেয়ে যুঁজৰ সময়ত সকলোবোৰ অস্ত্ৰ-শস্ত্ৰ দলিয়াই দি পলাই যোৱা দেখা গৈছিল।

সাধাৰণ লোকে শবদেহৰ লগত মৃতকৰ কেতবোৰ স-সম্পত্তিও পুতি দিছিল। শবদেহৰ মূৰটো পূব ফালে আৰু ভৰি পশ্চিমৰ ফালে ৰখা হৈছিল। উচ্চ বংশৰ লোকৰ মৃত্যু হ’লে শবদেহ পুতিবৰ বাবে মৈদাম সজা হৈছিল। মৃতকৰ পত্নী সকল আৰু লগুৱা-লিকচৌ কেতবোৰক মাৰি এই শবদেহৰ সৈতে পুতি থোৱাৰ নিয়ম আছিল। মৃতকৰ ব্যৱহাৰৰ বাবে বুজন পৰিমাণৰ সোণ-ৰুপৰ বাচন-পত্ৰ, কাপোৰ-কানি, দলিছা আৰু খোৱা বস্তু আদি দিয়া হৈছিল যাতে কেইবা বছৰলৈকে তেওঁলোকে নিশ্চিন্ত মনেৰে সেইবোৰ ব্যৱহাৰ কৰিব পাৰে। মৃতকৰ মূৰটো কেতবোৰ মজবুত কাঠৰ খুটাৰে ঢাকি দিয়া হৈছিল। মৈদামত এটা চাকি গ্বলাই দিছিল। প্ৰচুৰ পৰিমাণৰ তেল মৈদামত থোৱা হৈছিল। চাকিত তেল ঢালিবৰ বাবে এজন লিগিৰাক জীয়াই জীয়াই মৈদামত পুতি থৈছিল। পিছত মূঘল সকলে এনে ধৰণৰ ১০ টা মৈদাম খন্দাত মুঠ ৯০ জাহাৰ টকা মূল্যৰ সা-সম্পত্তি পাইছিল। আশী বছৰ আগেয়ে মৈদামত কবৰ দিয়া এগৰাকী ৰাণীৰ মৈদাম খান্দোতে এটা সোণৰ পাণ তামুলৰ সঁফুৰা পোৱা গৈছিল। আশী বছৰৰ মূৰতো তাৰ ভিতৰত থকা পাণবোৰ হেনো সেউজীয়া হৈয়েই আছিল। অৱশ্যে এই লেখকৰ সেই সফুঁৰাটো দেখাৰ সৌভাগ্য হোৱা নাই।

যুদ্ধবন্দী সকলৰ যিবিলাক অসমত থাকি গ’ল কালক্ৰমত তেওঁলোকে স্থানীয় তিৰোতা বিয়া বাৰু কৰাই অসমীয়াৰ লগত মিলি গ’ল। তেওঁলোকে নামতহে মুছলমান হৈ থাকিম। তেওঁলোকৰ বংশধৰ সকল মুছলমানতকৈ অসমীয়াৰ প্ৰতিহে বেছি আকৃষ্ট হোৱা দেখা গৈছিল। ইছলামীয় ৰাজ্যৰ পৰা অহা মুছলমান সকলে নিজৰ প্ৰাৰ্থনা কৰিছিল আৰু ব্ৰত (ৰোজা) ৰাখিছিল। কিন্ত তেওঁলোকক আজান দিবলৈ দিয়া নহৈছিল।

গড়গাওঁ নগৰীত চাৰিখন দুৱাৰ আছিল। দুৱাৰ বোৰ শিলৰ আৰু তাক বোকামাটিৰে সজা প্ৰাচীৰত লগাই থোৱা আছিল। এই দুৱাৰ সমূহৰ পৰা প্ৰায় তিনি ক্ৰোশ দূৰলৈ একোটা ওখ, শক্তিশালী আহল বহল গড় খন্দা হৈছিল। এই ধৰণৰ গড়ৰ আলি সমূহেদি মানুহে আহ-যাহ কৰিছিল। নগৰৰ চাৰিওফালে প্ৰাচীৰ নিদি প্ৰায় দুই ক্ৰোশ জোৰা বহলকৈ ঘন বাঁহনি ৰখ হৈছিল। নগৰীৰ ভিতৰত কিন্ত ঘৰ সাজি থকাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া নাছিল। বৰং এই বাঁহনি বোৰৰ দাঁতি-কাষৰতহে সিঁচৰিতভাৱে মানুহে বসবাস কৰিছিল। প্ৰত্যেক মানুহৰ ঘৰৰ সন্মুখত খেতি-পথাৰ আৰু ফলমূলৰ বাগিছা আছিল। পথাৰৰ এটা মূৰ গৈ গড় আলিত লাগিছিল আৰু আনটো মূৰত আছিল থকা ঘৰবোৰ। ৰাজকাৰেঙৰ ওচৰত দিখু নৈৰ দুয়োপাৰে বহুবোৰ ঘৰ-বাৰী আছিল। তাত বজাৰলৈ যোৱাৰ বাবে ঠেক আলি এটাও আছিল। বজাৰত কেৱল পাণবেপাৰীহে বহিছিল। বজাৰত খোৱা বস্তু বেচা-কিনাৰ নিয়ম নাছিল। মানুহ বিলাকে নিজ নিজ ঘৰত এবছৰলৈকে শস্য গোটাই থৈছিল আৰু ফলত তেওঁলোকে খোৱা বস্তু কিনাৰ আৱশ্যক নহৈছিল।

গড়গাওঁ নগৰ খনাকৃতিত ঘূৰণীয়া আৰু বহল আছিল যেন লাগে। ৰাজপ্ৰাসাদৰ চাৰিওফালে গড় আলি সাজি তাৰ অলপ আতঁৰত ঘনকৈ বাঁহনি ৰখা হৈছিল যাতে সেই বাঁহনিৰ মাজেদি কোনো প্ৰৱেশ কৰিব নোৱাৰে। তাৰ অলপ দূৰৈত এজন মানুহ ডুব যোৱা গভীৰতাৰ খাল খন্দা আছিল। এই খাল আছিল সকলো সময়ে পানীৰে পৰিপূৰ্ণ। এনে ধৰণৰ সুৰক্ষাৰ ব্যৱস্থাই ঘূৰণীয়াকৈ মুঠতে প্ৰায় এক ক্ৰোশ আৰু ১৪ শিকলিৰ দূৰত্বৰ স্থান অধিকাৰ কৰিছিল। ইয়াৰ ভিতৰত থকা ঘৰবোৰ আছিল ওখ, আহল-বহল আৰু খেৰৰ।

ৰজাক সাক্ষাতৰ বাবে থকা কোঠাটোক চোলঙ্‌ বুলিছিল। ই দীঘল ১২০ হাত আৰু ভিতৰৰ পৰা জুখিলে বহলে ৩০ হাত আছিল। কোঠাটোত মূঠতে ৬৬ টা খুটা আছিল।প্ৰতিটো খুটাৰ ব্যাস আছিল ৪ হাত। এই খুটাবোৰ অতি মসৃণ আৰু মেচিনত কটা যেন লাগিছিল। কিন্ত সেই কালত এনে কাঠ কটা মেচিনৰ প্ৰচলন অছিল যেনো নালাগে। এই ৰাজ কাৰেঙৰ কাঠৰ কাৰুকাৰ্য্যৰ সৌন্দৰ্য্য লেখনিৰে প্ৰকাশ কৰাটো অসম্ভৱ। বোধকৰো এনে ধৰণৰ কাঠৰ কাৰুকাৰ্য্য মূৰ্ত্তি পৃথিৱীৰ ক’তোৱেই নাছিল। ৰাজ কাৰেঙৰ ধুনীয়া কাঠৰ বেৰ, ঘৰৰ মুধচ আৰু খুটা সমূহৰ তলে ওপৰে থকা কাঠৰ অপূৰ্ব্ব কাৰুকাৰ্য্য চালে চকুৰুৱা আছিল। এনে ধৰণৰ কাঠৰ বেৰ বোৰত পিতলৰ আয়না খটুৱা আছিল। এই আয়নাবোৰ এনে ধৰণেৰে ঘঁহি পিহি চকচকীয়া কৰি ৰখা হৈছিল যে তাত সূৰ্য্যৰ কিৰণ পৰিলে চকু ছাট মাৰি ধৰিছিল। ১২,০০০ লোকে এবছৰ খাটি এই ৰাজ কাৰেঙটো সাজিছিল। প্ৰসাদৰ একোণত সমূখাসমূখিকৈ থকা চাৰিটা খুটাৰ প্ৰত্যেকতে ৯ টা ৰিং লগোৱা আছিল। ৰজাই যেতিয়া এই হাউলিত থাকিবলৈ ইচ্ছা কৰে তেতিয়া এই খুটা চাৰিটাৰ মাজৰ ঠাইত এখন সিংহাসন থোৱা হৈছিল। খুটাৰ ৰিংবোৰত বিভিন্ন ৰঙৰ ৰঙীন চন্দ্ৰতাপ আঁৰি দিয়া হৈছিল। ৰজা আহি চন্দ্ৰতাপৰ তলত বহিলে ঢোল আৰু দুন্দুভি বজোৱা হৈছিল। দুন্দুভি আমাৰ গঙৰ দৰে এবিধ বাদ্য। ই বহল, ঘূৰণীয়া আৰু পিতলেৰে নিৰ্মিত। ৰজাই যেতিয়া দৰবাৰ পাতে বা ক’ৰবালৈ যাত্ৰা কৰে নাইবা ডা-ডাঙৰীয়া সকলে নতুনকৈ লাভ কৰা কোনো পদবী গ্ৰহণৰ বাবে যাত্ৰা কৰে তেতিয়াও ঢোলো-দুন্দুভি বজোৱা হয়। ৰাজহাউলিৰ ভিতৰত থকা অন্যান্য কাঠেৰে নিৰ্মিত ঘৰবোৰো বৰ মজবুত আৰু অপূৰ্ব্ব কাৰুকাৰ্য্য খচিত আছিল। এই ঘৰবোৰৰ কাৰুকাৰ্য্য আছিল বৰ্ণনাতীত। কিন্ত এই ৰাজ্য খন সম্পূৰ্ণভাৱে আমাৰ সম্ৰাটৰ তলতীয়া নকৰাকৈ এইবোৰ ঘৰত আনকি বেধৰ্মী এজনেও থকাটো বোধকৰো সমীচিন নহয়। তেনে কৰিলে হয়তো আমি ভোগাৰ দৰে নানা প্ৰাকৃতিক দুৰ্যোগত ভুগিব লগীয়া হ’ব।

ৰাজ হাউলিৰ চাৰিবেৰৰ বাহিৰত ৰজা থাকিবৰ বাবে এটা সুন্দৰকৈ সজা হাউলি আছিল। ৰজাঘৰৰ চাৰিওকাষে ডা-ডাঙৰীয়া সকলৰ ঘৰ আছিল। ৰজাৰ জোৱায়েক বৰফুকনৰ হাউলিত থকা পুখুৰীৰ চাৰিওকাষে এখন চালে চকুৰুৱা ফুলৰ বাগিছা আছিল। সচাকৈয়ে অন্তৰ-পৰশা, পবিত্ৰ মনোমুগ্ধকৰ ঠাই আছিল এইখন। মাটিবোৰ সেমেকা হোৱাৰ হোৱাৰ বাবেই বোধকৰো হাউলিবোৰ চাং ঘৰৰ দৰে সজা হৈছিল (কাঠৰ খুটাৰ ওপৰত)।

জয়ধ্বজ সিংহৰ পুত্ৰ নথকাত ডা-ডাঙৰীয়া সকলে তেওঁৰ পিছত চাৰিঙ ৰজাক সিংহাসন আৰোহন কৰিবলৈ আমন্ত্ৰণ কৰি আনিছিল। চাৰিঙ আৰু জয়ধ্বজৰ মাজত কি সম্বন্ধ আছিল সেই বিষয়ে বিভিন্ন বুৰঞ্জীয়ে ভিন ভিন তথ্য দিছে। কোনোৱে তেওঁক জয়ধ্বজৰ ভ্ৰাতৃ, কোনোৱে ভতিজা আৰু আন কেতবোৰ তথ্যই তেওঁক পূৰ্ব্বৰ কোনো এজন ৰজাৰ নাতিয়েক বুলি বৰ্ণনা কৰিছে। কোনো কোনো সূত্ৰই আকৌ কয় যে জয়ধ্বজৰ দুজন পুত্ৰ আছিল আৰু ৰজা হ’বৰ বাবে দুয়ো অনুপযুক্ত আছিল বাবেহে চাৰিং ৰজাক মাতি আনি ৰজা পতা হৈছিল। অৱশ্যে এই তথ্য কোনেও সমৰ্থন নকৰে। ওপৰত উল্লেখিত মুছলমান লেখক ছাহাবুদ্দিনেও তেওঁৰ টোকাত জয়ধ্বজৰ কোনো পুত্ৰ সন্তান নাছিল বুলি ডাঠি কৈছে।

দেওধানি সকলে নতুন ৰজাৰ নাম থ’লে চুপঙ্‌মুঙ্‌। তেওঁ হিন্দু নাম লৈছিল—চক্ৰধ্বজ সিংহ। তেওঁৰ অভিষেকত বহু ব্ৰাহ্মণ আৰু গণকক ভোজ-ভাত খুৱাই মূল্যবান উপহাৰ দি সন্মান জনোৱা হৈছিল। জয়ন্তীয়া ৰজাই এজন কটকী পঠিয়াই নতুন ৰজাক অভিনন্দন জনাইছিল। মুছলমানৰ আক্ৰমণৰ সময়ত মিৰজুমলাৰ পক্ষ লোৱা দৰঙৰ কোচ ৰজা জনেও তেওঁক ওলগনি জনোৱাত কোচ-আহোমৰ মাজত আকৌ বন্ধুত্ব স্থাপনৰ পথ মুকলি হৈছিল। সেই সময়তে দুজন মুছলমান বিষয়াও কিছুমান উপহাৰ লৈ তেওঁৰ ৰাজসভালৈ আহিছিল। দৰাচলতে এই উপহাৰ সমূহ জয়ধ্বজ সিংহলৈহে পঠিওৱা হৈছিল। উপহাৰৰ লগতে দিয়া পত্ৰত আহোমে মুছলমানক দিবলগীয়া কৰ আদায় দিয়া নাই বুলিও উল্লেখ কৰা হৈছিল। ৰজাই তেওঁলোকক বিনা আড়ম্বৰেৰে লগ ধৰিলে আৰু ক’লে যে, তেওঁলোকৰ গৰাকীয়ে ৰাজ্যৰ সীমাৰ ক্ষেত্ৰত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি চলা নাই। নাইবা, আগৰ যুঁজৰ যুদ্ধবন্দী সকলকো মুক্তি দিয়া নাই। এই কথা শুনি ঔৰঙ্গজেৱে হেনো মুছলমান অধিকৃত অঞ্চলৰ এটা অংশ আহোমক দিবলৈ প্ৰতিশ্ৰুতি দিছিল। কিন্ত তথাপিও চক্ৰধ্বজে মুছলমানক দিবলগীয়া কৰ আদায় নিদিলে। গুৱাহাটীৰ ফৌজাদাৰ ৰচিদ খাঁই কৰ আদায়ৰ বাবে আন এজন কটকী আহোম ৰাজ সভালৈ পঠিয়াইছিল। কিন্ত আহোম ৰাজ সভাত প্ৰচলিত নিয়মেৰে অঠুকাঢ়ি ৰজাক সন্মান জনাবলৈ এই কটকী জন মান্তি নোহোৱাত ৰজাই তেওঁক সাক্ষাত নকৰিলে। উপায় নাপাই কটকী জনে ৰজাই বিচৰাৰ দৰে সৌজন্য দেখুৱাই তেওঁক দেখা কৰিছিল। কিন্ত তথাপিও ৰজাই তেওঁক প্ৰাপ্য টকা আৰু হাতী নিদিলে। ৰাজ ভাড়ালত টকা-পইচা নাই আৰু প্ৰশিক্ষণ নোহোৱাকৈ হাতীবোৰো পঠিয়াব নোৱাৰি বুলি ৰজাই অজুহাত দেখুৱালে।

কিছুদিনৰ মূৰত নেওগ ফুকন আৰু কেইজনমানে ষড়যন্ত্ৰ কৰি মুছলমানৰ লগ লগাৰ কথা গম পাই তেওঁলোকক বন্দী কৰি পিছলৈ হত্যা কৰা হ’ল।

১৬৬৫ খৃঃত বানপাৰা নগা সকলক বানচান নগা সকলে আক্ৰমণ কৰাত তেওঁলোকে আহোমৰ সাহাৰ্য্য বিচাৰিছিল। আহোম ৰজাই তেওঁলোকৰ নিবেদন মতে এদল সৈন্য পঠিয়াইছিল। বানচাঙিয়া নগা সকলে অতি পৰক্ৰমেৰে এই আক্ৰমণৰ বিৰুদ্ধে যুঁজি অৱশেষত পৰাজয় বৰণ কৰিছিল। কিন্ত আহোম সৈন্যই নগা ভূমি এৰি অহাৰ লগে লগে তেওঁলোক আকৌ সক্ৰিয় হৈ উঠিল। ফলত আহোমে দ্বিতীয়বাৰৰ কাৰণে আকৌ এক অভিযান কৰিব লগীয়াত পৰিল। এইবাৰো বানচাঙিয়া নগাই অতি সাহসেৰে তেওঁলোকে সজা দূৰ্গটো ৰক্ষা কৰিছিল। পিছত অৱশ্যে আহোমে বৰতোপ অনাত বানচাঙিয়া সকল পলাই গ’ল। এনে কৰোতে বাটে বাটে বহুবোৰ ঘৰ-বাৰী, ভড়াল আদি ধ্বংস কৰি গ’ল। শেষত ইন্ত তেওঁলোকে আহোমৰ বশ্যতা স্বীকাৰ কৰে।

প্ৰায় একে সময়তে মিৰি সকলেও উপদ্ৰৱ কৰিছিল। তেওঁলোকৰ বিৰুদ্ধে যোৱা সৰু-সুৰা অভিযান এটাক মিৰি সকলে আক্ৰমণ কৰি ধ্বংস কৰিছিল। দফলা, দেউৰী, চুটিয়া সকলৰ সাহাৰ্য্যত মিৰি সকলে প্ৰায় ৭৫,০০০ সৈন্যৰ এটা বাহিনী তৈয়াৰ কৰিছিল। কিন্ত আহোমে তেওঁলোকৰ বিৰুদ্ধে কৰা প্ৰস্তুতিত শত্ৰু সৈন্যৰ শক্তি দেখি তেওঁলোকে বিনা যুদ্ধে তাৰ পৰা আঁতৰি গ’ল। তেওঁলোকৰ গাঁৱত প্ৰৱেচ কৰি আহোমে তাত পোৱা লোকসকলক বন্দী কৰিলে।

১৬৬৫ খৃঃত অসমত এক অভূতপূৰ্ব্ব খৰাং বতৰে দেখা দিছিল। পানীৰ অভাৱত খেতি-বাতি শুকাই গৈছিল। গভীৰ নাদ খান্দিহে কোনোমতে মানুহে খোৱা পানী সংগ্ৰহ কৰিছিল। অসমৰ বুৰঞ্জীত এনেদৰে বৰষুণ নহৈ খৰাং বতৰে খেতি-বাতি নষ্ট কৰাৰ এইটোৱেই একমাত্ৰ দৃষ্টান্ত।

১৬৬৭ খৃঃত গুৱাহাটীৰ থানাদাৰ ৰচিদ খাঁৰ ঠাইত বৰ্তমান নিযুক্ত হোৱা ফিৰোজ খাঁই আহোম ৰজাক বাকী থকা কৰ সমূহ অনতিবিলম্বে আদায় দিবলৈ এখন চৰম পত্ৰ লিখিছিল। এইদৰে অনাদায় কৰৰ সংখ্যা কিমান আছিল জনা নাযায়। কেৱল এখন বুৰঞ্জীতহে এই বিশেষকৈ বহলকৈ লিখা হৈছিল যদিও কথাবোৰ বুজিবলৈ অলপ টান। কাৰণ কেতিয়াবা টকা-পইচা ঠাইত হাতী পঠিওৱা হৈছিল। সেয়ে, যদি এটা হাতীৰ দাম ২০০ টকা হয়, তেন্তে সেই হিচাবত আহোমে এতিয়াও ১,১২০০০ টকা দিবলৈ বাকী আছিল।

ইতিমধ্যে চক্ৰধ্বজ সিংহই ছামধৰা আৰু পতাকল্লাঙৰ দূৰ্গ সমূহ পুনৰ নিৰ্ম্মাণ কৰি তেওঁৰ সৈন্যদল বৃদ্ধিৰ ওপ্ৰত চকু দিছিল। ফিৰোজ খাঁৰ চিঠি পাই তেওঁ যুদ্ধ কৰিবলৈকে মন কৰিলে। মুছলমানৰ সৈতে হোৱা আগৰ খন যুদ্ধৰ বিষময় ফলৰ কথা স্মৰণ কৰি ডা-ডাঙৰীয়া সকলে ৰজাক আকৌ সেই লোক সকলক জোকাই নলবলৈ উপদেশ দিছিল। কিন্ত ৰজাই কাৰো হাকবচন নামানিলে। বিশেষকৈ দেওধানিয়ে মঙ্গল চাই যুঁজত ৰজাৰ অৱশ্যম্ভাৱী বুলি কোৱাত ৰজাৰ যুদ্ধৰ ইচ্ছা দুগুণে বৃদ্ধি পালে। যুদ্ধৰ বাবে খদমদম লাগিল। ১৬৬৭ খৃঃত ইন্দ্ৰদেৱতাৰ নামত পূজা-উচ্ছৰ্গা আগবঢ়াই চক্ৰধ্বজে মুছলমানৰ হাতৰ পৰা গুৱাহাটী পুনৰ উদ্ধাৰৰ বাবে যুঁজ আৰম্ভ কৰিলে। বৰবৰুৱাৰ পুত্ৰ নব নিযুক্ত বৰফুকন লাচিতক এই যুঁজৰ সেনাপতিৰ ভাব দিয়া হৈছিল। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ কাজলি আৰু উত্তৰ পাৰৰ বাঁহবাৰী (ৱাছবাৰী) অচিৰেই মুছলমানৰ হাতৰ পৰা কাঢ়ি অনা হ’ল। অসংখ্য যুদ্ধ-বন্দী, বহুবোৰ ঘোঁৰা, বৰতোপ আৰু সা-সম্পত্তি আহোমৰ হাতত পৰিল আৰু সেইবোৰ গড়গাওঁলৈ পঠিয়াই দিয়া হ’ল। আহোমে কাজলি আৰু লতাশীলত দূৰ্গ সাজিলে আৰু গুৱাহাটী অভিমুখে গৈ থাকোল। এই যাত্ৰাকালত বাটত পোৱা মুছলমানৰ অধিকৃত ঠাই সমূহত ভালেমান যুঁজ বাগৰ হৈছিল। ইয়াৰে বৰ নদীৰ ওচৰত মুছলমানে এবাৰ আহোমৰ এটা বাহিনীক হঠাতে আক্ৰমণ কৰি কিছুমান সৈন্য নিধন কৰিছিল। অৱশ্যে তাৰ বাবে তেওঁলোকৰ গুৱাহাটী যাত্ৰাত ব্যাঘাত ঘটা নাছিল।

আহোমে গৈ গুৱাহাটী আৰু পাণ্ডু দুমাহ জুৰি অৱৰোধ কৰিছিল। সেই কাল ছোৱাত মুছলমান সকলে কেইবাবৰো প্ৰতি আক্ৰমণ চলাই আহোমৰ কিছু ক্ষতি কৰিলেও তাৰ দ্বাৰা তেওঁলোকৰ প্ৰভূত ক্ষতি একো হোৱা নাছিল আৰু অৱশেষত তেওঁলোকে এই দুয়ো খন ঠাই পুনৰুদ্ধাৰ কৰিছিল। বহুবোৰ মুছলমান যুদ্ধবন্দী বৰতোপকে আদি কৰি বহুবোৰ সা-সম্পত্তি আহোমে নিজ ৰাজধানীলৈ লৈ গৈছিল। যুদ্ধ বন্দী সকলক হত্যা কৰা হৈছিল। যুঁজৰ সময়ত হাতত পৰা টকা পইচাবোৰ সৈন্য সকলে নিজৰ মাজত ভাগ-বাটোৱাৰা কৰি লৈছিল। বাকীবোৰ বয়-বস্তু ৰজালৈ পঠিওৱা হৈছিল।

নৱেম্বৰ মাহত মুছলমান সকলক সহায়ৰ বাবে বঙ্গৰ পৰা ভালেমান যুদ্ধ জাহাজ আহিছিল। অৱশ্যে মুছলমান সকলে কৃতকাৰ্য্যতা লাভ কৰিব নোৱাৰিলে। আগিয়াঠুটিত তেওঁলোক পৰাস্ত হ’ল আৰু মানস নৈৰ ফালে পিছুৱাই যোৱাৰ কালত আৰু কেইবাবাৰো যুঁজত পৰাজিত হ’ল। এই ঠইতে তেওঁলোকে আকৌ প্ৰত্যাক্ৰমণৰ যোজা কৰিছিল যদিও দুৰ্ভাগ্যই তেওঁলোকক লগ এৰা দিয়া নাছিল। আহোম সৈন্যই তেওঁলোকক হঠাতে এদিন চাৰিওফালে বেৰি ধৰি বহুতকে হত্যা কৰিলে। বাচি থকা সকলৰ সৰহ সংখ্যকে যুদ্ধ বন্দী কৰা হ’ল। এই বন্দী সকলৰ মাজত থকা বিষয়া সকলক গড়গাওঁলৈ পঠিয়াই দি সাধাৰণ সৈন্য সকলক আহোমে নৃশংসভাৱে হত্যা কৰিছিল।

কামৰুপৰ মণিকৰ্ণেশ্বৰ দেৱালয়ৰ ওচৰত পোৱা কানাই বৰশী শিলালিপি মতে ১৫৮৯ শকত (১৬৬৭খৃ) “ছানা আৰু ছৈয়দ ফিৰোজক যুঁজত ঘটুৱাই” আহোমে সেই ঠাইত এটা দূৰ্গ সাজিছিল। শিলঘাটত পোৱা এটা বৰটোপত সংস্কৃত ভাষাত এইদৰে লিখা আছে “ৰজা চক্ৰধ্বজ সিংহই মুছলমানক পুনৰবাৰ ১৫৮৯ শকৰ যুঁজত ঘটুৱাই এই বৰতোপটো অধিকাৰ কৰি শত্ৰু নিধনৰ গৌৰৱ অৰ্জ্জন কৰিছিল”। ডিকমত পোৱা আন এটা বৰতোপত খোদিত তথ্যমতে ইয়াৰ পিছৰ বছৰতো আহোমে মুছলমানক পৰাজিত কৰিছিল। এই বৰতোপৰ গাত খোদিত আৰু এফাকি তথ্যই ইয়াৰ গুৰুত্ব বঢ়াইছিল। পাৰ্চী ভাষাত লিখিত এই তথ্য মতে ১০৭৮ হিজৰিত (১৬৬৩খৃঃ) অসম বিজয়ৰ বাবে ছৈয়দ আহনদ আল্‌ হুছেইনক এই বৰতোপটো প্ৰদান কৰা হৈছিল।

এই বিজয়ৰ বাতৰি গড়গাওঁ গৈ পোৱাত হৰ্ষোল্লাস কৰি ৰজাই বিজয়ী সেনাপতি সকলক নানা উপহাৰেৰে সন্মান জনালে। গুৱাহাটীক আহোমৰ প্ৰধান প্ৰশাসনীয় কেন্দ্ৰত পৰিণত কৰা হ’ল। শ্ৰীঘাট আৰু পাণ্ডুত সুৰক্ষিত দূৰ্গ সাজি সাজি পুনৰ উদ্ধাৰ কৰা অঞ্চল সমূহ প্ৰশাসনৰ বাবে আহোম সকল তৎপৰ হ’ল। ৰাজ্যখনৰ মাটিকালি জুখি লোকপিয়ল কৰাও হ’ল।

১৬৬৮ খৃঃত ৰঙামাটিত থকা মুছলমানৰ সৈতে আকৌ আহোমৰ বিবাদ লাগে। সেই সময়ত এই মুছলমান সকলৰ সেনাপতি আছিল ৰজা ইন্দ্ৰদমন। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত কাকফাক নামৰ ঠাইত মুছলমান সকলক আহোমে যুঁজত ঘটুৱাইছিল। পিছে ইন্দ্ৰদমনে নিজে সসৈন্যে আগবাঢ়ি অহাত আহোম সকল শ্ৰীঘাটলৈ পিছ হুহুঁকি গৈছিল। কিন্ত এই ঠাইত লগা যুঁজ বাগৰত হাৰি ইন্দ্ৰদমনেহে এইবাৰ জখলিয়ালৈ হুহুঁকিবলৈ বাধ্য হৈছিল। ইতিমধ্যে আৰু এক নতুন বিপদে দেখা দিলে। ১৬৬৭ খৃঃৰ ডিচেম্বৰত সম্ৰাট ঔৰঙ্গজেৱে ফিৰোজ খাঁৰ পৰাজয় আৰু গুৱাহাটী হেৰুৱাৰ কথা গম পাইছিল। এই অপমানৰ হোৰ তুলিবলৈ তেওঁ ৰজা মানসিংহক এদল ৰাজকীয় সৈন্যেৰে অসম আক্ৰমণৰ ভাৰ দিছিল। বাটত আহোতে বঙ্গৰ পৰা আৰু সৈন্য গোটাই নিবলৈকো তেওঁক নিৰ্দ্দেশ দিয়া হৈছিল। গুৱাহাটীৰ পূৰ্ব্বৰ থানাদাৰ ৰচিদ খাঁও তেওঁৰ লগত আহিছিল। ৰামসিংহৰ সৈন্যদলত আছিল ১৮,০০০ অশ্বাৰোহী, ৩০,০০০ পদাতিক আৰু কোচবিহাৰৰ পৰা সংগ্ৰহ কৰা ১৫,০০০ কাড়ী। এই বিৰাট সৈন্য দলটো গোটাই ৰঙামাটি পায়হি মানে ভালেমান সনয় লাগিল আৰু ১৬৬৯ খৃঃৰ ফেব্ৰুৱাৰী মাহতহে তেওঁ এই ঠাই পালেহি। আহোম সকল এনে এটা অভিযানৰ সন্মুখীন হ’বলৈ প্ৰস্তুত নাছিল। সেয়ে, সময় লোৱাৰ পূৰ্ব্বৰ চলেৰে তেওঁলোকে মুছলমানৰ সৈতে সন্ধিৰ প্ৰস্তাৱ কৰিলে। আহোম কটকীয়ে ৰামসিংহৰ ওচৰলৈ গৈ এই আক্ৰমণৰ কাৰণ সোধাত তেওঁ কৈছিল যে, পূৰ্ব্বৰ চুক্তি অনুসৰি বৰনদী আৰু অসুৰৰ আলি আহোম আৰু মুছলমানৰ মাজত সীমা আছিল আৰু সেয়ে এই সীমাৰ পশ্চিমাঞ্চলৰ পৰা আহোম সকলে অধিকৃত অঞ্চল এৰি দিব লাগে। এইবোৰ সোধা পোচা কৰি থকা মানে বৰফুকনৰ যুদ্ধৰ প্ৰস্তুতি সমাপ্ত হ’ল আৰু সেয়ে তেওঁ এতিয়া ক’লে বোলে ভগৱানৰ ইচ্ছাত তেওঁৰ ৰজাই যিখিনি ঠাই এতিয়া লৈকে অধিকাৰ কৰিছে তাৰ এক ইঞ্চিও তেওঁ এৰি নিদিয়ে। এইদৰে অতি দম্ভেৰে উত্তৰ দিও বৰফুকনে কিন্ত মুছলমানৰ প্ৰত্যাহ্বানৰ মন্মুখীন হোৱাৰ আগেয়ে সসৈন্যে কিছুদূৰ পিছ হুহুঁকি গ’ল। ফলত, তেজপুৰৰ ওচৰতহে তেওঁৰ সৈন্যই মুছলমানৰ বিপক্ষে প্ৰথম দুখন যুঁজ কৰিছিল। এই দুয়ো খন যুঁজতে আহোমে বেয়াকৈ হাৰিছিল। কিন্ত ইয়াৰ পিছৰ নৌ যুদ্ধ খনত আহোম জিকে। অলপ দিনৰ মূৰত আহোমে মুছলমানক ৰঙমহলৰ দূৰ্গত পৰাস্ত কৰাত ৰামসিংহই হাজোলৈ আঁতৰি যাবলৈ বাধ্য হৈছিল। হাজোত থকা কালত ৰামসিংহ আৰু ৰচিদ খাঁৰ মনোমালিন্য ঘটে। আগতে গুৱাহাটীৰ থানাদাৰ হিচাবে কাম কৰি যোৱা ৰচিদ খাঁই এতিয়া ৰামসিংহৰ তলতীয়া হিচাবে কাৰ্য্যভাৰ নিৰ্ব্বাহ কৰিবলৈ প্ৰস্তুত নাছিল আৰু তেওঁৰ সৈতে সমান পদ মৰ্য্যাদা দাবী কৰিছিল। তাতোকৈ ডাঙৰ কথা, গোপনে শত্ৰুৰ লগত যোগাযোগ ৰাখিছে বুলি ৰামসিংহই তেওঁক সন্দেহ কৰিছিল। অৱশেষত খঙ উঠি ৰামসিংহই ৰচিদ খাঁ থকা তম্বুটোৰ ৰচী কাটি দি তেওঁক চাউনিৰ পৰা ওলাই যাবলৈ কৈছিল। ইয়াৰ অলপ দিনৰ পিছতে শুৱালকুছিত ভূমি আৰু নৌ উভয় স্থানতে হোৱা যুঁজত মুছলমানে আকৌ পৰাজয় বৰণ কৰিছিল।

এইবাৰ ৰামসিংহই চক্ৰধ্বজক অকলশৰে তেওঁৰ সৈতে যুঁজ কৰিবলৈ প্ৰস্তাৱ আগবঢ়াই কৈছিল যে, যদি তেওঁ তেনে যুঁজত হাৰে তেন্তে আৰু যুঁজ নকৰি সসৈন্যে বঙ্গলৈ উভটি যাব। আহোম ৰজাই এই প্ৰত্যাহ্বান প্ৰত্যাখ্যান কৰিলে। ইয়াৰ পিছত আহোম সেনাপতি সকলে ছেছাৰ ওচৰত ভূমি আৰু স্থলৰ দুখন যুঁজত মুছলমানক পৰাজিত কৰিলে। এই বিজয়ৰ পিছত আহোমে আগিয়াঠুটিৰ দূৰ্গ অধিকাৰ কৰি বহু মুছলমান লোক নিধন কৰিলে। অৱশ্যে, ইয়াৰ প্ৰত্যুত্তৰত ৰামসিংহই চলোৱা এক অভিযানত আহোমৰো যথেষ্ট ধন-জন ক্ষতি হয়। বৰফুকন ততাতৈয়াকৈ এদল ৰণুৱা গোটাই আকৌ ৰামসিংহক আক্ৰমণ কৰিছিল। পিছে শত্ৰুৰ প্ৰচণ্ড প্ৰত্যাক্ৰমণৰ ফলত তেওঁ আগবাঢ়িব নোৱাৰা হ’ল। তেওঁৰ গোটেইবোৰ যুঁজৰ নাওঁ শত্ৰুৰ হাতত পৰিল। এই ক্ষতিৰ বাবে ৰজাই বৰফুকনক কঠোৰ ভাৱে তিৰষ্কাৰ কৰিছিল। এইবাৰ ৰামসিংহই আকৌ সন্ধিৰ প্ৰস্তাৱ দিলে। আহোমেও যুঁজ যুঁজ কৰি কৰি ভাগৰিছিল। ফলত কিছুদিনলৈ যুদ্ধ-বিৰতি হ’ল।

এই ঘটনা অলপ দিনৰ পিছতেই চক্ৰধ্বজ সিংহৰ মৃত্যু হৈছিল। গোটেউ ৰাজত্বকাল যুদ্ধ বিগ্ৰহত ব্যস্ত হৈ থাকিব লগীয়া হোৱা এইজন ৰজাই কোনো জনহিতকৰ আঁচনি হাতত লব পৰা নাছিল। তেওঁৰ দিনত সজা একমাত্ৰ আলিটো তেলীয়া ডঙাৰ পৰা জজীমুখলৈকে বিস্তৃত আছিল। এওঁৰ পৰৱৰ্তী ৰজা আছিল মাজুগোহাঁই। এওঁৰ আহোম নাম আছিল ছুন্যাতফা। হিন্দু মতে তেওঁ উদয়াদিত্য সিংহ নাম লৈছিল। তেওঁ মৃত ককায়েকৰ ভাৰ্য্যাক বিয়া কৰাইছিল।

মুছলমানৰ সৈতে সন্ধিৰ বা যোজা চলি আছিল। ৰামসিংহই পুৰণি সীমাকে মানি চলাৰ প্ৰস্তাৱ দিছিল। বৰফুকনেও এই প্ৰস্তাৱৰ হয়ভৰ দি এই বিষয়ে ৰজাৰ পৰা অনুমতিলৈ অপেক্ষা কৰিছিল। ইতিমধ্যে বঙ্গৰ পৰা নতুনকৈ সৈন্যদল এটা আহি পোৱাত আৰু আহোমে সন্ধিৰ নাম কৰি সময় নষ্ট কৰিছে বুলি সন্দেহ হোৱাত ৰামসিংহই আকৌ যুঁজ কৰিবলৈ মনস্থ কৰিলে। সেই মৰ্মে তেওঁ সীতামাৰীলৈ আগুৱাই গৈ দৰঙলৈ এটা বাহিনী পঠিয়ালে। ফলত উদয়াদিত্যৰ নিৰ্দ্দেশানুযায়ী বুঢ়াগোহাঁয়েও ২০,০০০ সৈন্যৰে সৈতে ছামধৰাৰ পৰা শ্ৰীঘাটলৈ আগুৱাই আহিল। এই ঠাইতে আহোম-মুছলমানৰ আকৌ যুঁজ হ’ল। ভূমি আৰু নৌ যুঁজৰ প্ৰথমটোত আহোম জিকিলেও দ্বিতীয়টোত পৰাস্ত হোৱাত বুঢ়াগোহাই বৰহিলালৈ পিছুৱাই গ’ল। ইয়াতে বৰফুকনে কেতবোৰ যুঁজৰ নাওঁ লৈ তেওঁক লগ ধৰাত আকৌ আহোম সকলে যুঁজ কৰিলে। এইবাৰ নৌ যুঁজত মুছ্লমান সকল পৰাস্ত হ’ল। ভূমিত হোৱা দ্বিতীয় খন যুদ্ধতো তেওঁলোকে আকৌ পৰাজয় বৰণ কৰিলে।

ইয়াৰ পিছতো বহুবোৰ আক্ৰমণ আৰু প্ৰতি আক্ৰমণ চলি থাকিল। এই বিষয়ে বুৰঞ্জী সমূহৰ বিশদ বিৱৰণ সমূহ ভালদৰে বুজিবলৈ আউল লগা। এই যুদ্ধ বিগ্ৰহৰ কালছোৱাত গাৰো আৰু ৰাণীৰ বজায়ো আহোমক সহায় কৰিছিল। উপৰ্যোপৰি হোৱা যুঁজ-বাগৰত ৰামসিংহ ভাগৰি পৰি অৱশেষত প্ৰথমে তেওঁ হাৰাণ নৈৰ পাৰ আৰু তাৰ পৰা ৰঙা মাটিলৈ উভটি গৈছিল (মাৰ্চ ১৬৭১ খৃঃত)।

ৰামসিংহৰ এই প্ৰত্যাবৰ্তনৰ বাতৰি পাই ৰজা উদয়াদিত্যই অতি আনন্দিত হৈ বৰফুকনক নানা উপহাৰ দিছিল। গোৱালপাৰাৰ বিপৰীতে থকা হাদিৰা নামৰ ঠাইত এতিয়া আহোমে সীমান্ত চকী পাতিছিল। মহেন্দ্ৰনাৰায়ণৰ পুত্ৰ, বলীনাৰায়ণক ব্ৰহ্মপুত্ৰৰ উত্তৰে পাৰে দৰঙৰ কৰ তলতীয়া ৰজা হিচাবে প্ৰতিষ্ঠা কৰি বেলতলাত আহোমে গন্ধৰ্বনাৰায়ণক ৰজা পাতিছিল। বৰবৰুৱা আৰু বৰগোঁহাইক তেওঁলোকে উজনি অসমৰ প্ৰতিৰক্ষাৰ ভাৰ দিছিল। কিন্ত মুছলমানৰ পক্ষৰ পৰা যুঁজৰ কোনো আগ্ৰহ দেখা নগ’ল। ফলত কেইবা বছৰ জুৰি শান্তি বিৰাজ কৰিছিল।

দফলা সকলে কৰ নিদিয়াত আৰু এখন গাওঁত সোমাই লুটপাত কৰি তিনিজন তিনি জন লোক আৰু ৪০ গৰাকী তিৰোতা আৰু ল’ৰা-ছোৱালী ধৰি নিদিয়াত ৰজাই এহেজাৰ সৈন্যৰে বৰবৰুৱাক তেওঁলোকক দমন কৰিবলৈ পঠিয়াইছিল। বৰবৰুৱাই তেওঁলোকৰ অঞ্চলত সোমাই বন্দী কৰি নিয়া লোক সকলক উভটাই দিবলৈ দাবী কৰাত সেই দাবী প্ৰত্যাখ্যান কৰিছিল। বৰবৰুৱাই তেতিয়া এদল সৈন্যক ছিকলিঙ্‌ নৈ পাৰৰ পৰা দফলা সকলক ধৰিবৰ বাবে পাহাৰলৈ পঠিয়াইছিল।

অসম বুৰঞ্জী

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate