মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / অসম বুৰঞ্জী / ১৩শৰ পৰা ১৫শ শতাব্দীলৈ ঘটা বিভিন্ন ঘটনাসমূহ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

১৩শৰ পৰা ১৫শ শতাব্দীলৈ ঘটা বিভিন্ন ঘটনাসমূহ

১৩শৰ পৰা ১৫শ শতাব্দীলৈ ঘটা বিভিন্ন ঘটনাসমূহ

আহোম ইতিহাস বাদ দি

বৈদ্যদেৱৰ তামৰ ফলিৰ পিছৰ প্ৰায় ৬০ বছৰ কালৰ কামৰুপৰ ইতিহাস জনাৰ বাবে আমাৰ হাতত একো সমল নাই। প্ৰায় ১১৯৮ খৃঃত মহম্মদ বখতিয়াৰ খিলজীৰ হাতত বঙ্গৰ শেষ সেন ৰজা লাক্ষ্মণীয় সিংহাসন চ্যুত হয়। ইয়াৰ পিছত বখতিয়াৰে উত্তৰনৈ এক দুধৰ্ষ অভিযান কৰে। সেই সময়ৰ কামৰুপৰ ৰজাই কামেশ্বৰ উপাধি লৈছিল আৰু ৰাজ্যই পশ্চিম দিশে কৰতোৱা নৈ চুইছিল গৈ। এজন মেচ মূখীয়াল লোকৰ সহায়ত মহম্মদ বখতিয়াৰে এই নৈৰ দক্ষিণ পাৰেদি উত্তৰ দিশলৈ দহ দিন ধৰি যাত্ৰা কৰিছিল। যাত্ৰাকালত বাটতে তেওঁ কোচ, মেচ আৰু থাক জনজাতিৰ বসতিপূৰ্ণ অঞ্চল অতিক্ৰম কৰিছিল। উনত্ৰিশটা তোৰণ থকা এখন শিলৰ সাকোৰে নৈ পাৰ হৈ তেওঁ এক পাহাৰীয়া অঞ্চল পাইছিলগৈ। পাহাৰৰ মাজৰ লুঙলুঙীয়া আৰু থেক পথেদি এইদৰে আগুৱাই গৈ ষোলদিনৰ মূৰত তেওঁ ঘন বসতিপূৰ্ণ এখন মুকলি বহল ৰাজ্যত উপনীত হৈছিল। তেওঁ গাওঁৰ অধিবাসীসকলৰ ওপৰত লুটপাট আৰম্ভ কৰিছিল যদিও এদল মঙ্গোল অশ্বাৰোহীৰ দ্বাৰা বাধা প্ৰাপ্ত হয়। ইয়াৰ পিছত আৰু আগ নাবাঢ়িবলৈ সিদ্ধান্ত লয়। কিন্ত তেওঁৰ প্ৰত্যাৱৰ্তনৰ কাহিনী অতি বিপয্যয়পূৰ্ণ। তেওঁলোকে উভটি যোৱা পথৰ দুয়ো দাঁতিৰ লোক সকলে সকলো বস্তু পুৰি নষ্ট কৰি পলাই গৈছিল। সেয়ে, অশেষ কষ্ট ভূঞ্জি বখতিয়াৰৰ সেনাদলে প্ৰায় ১৫ দিনৰ মূৰত কামৰুপৰ সীমা পাই দেখে যে, সেই ৰাজ্যৰ ৰজাই ইতিমধ্যে সাকোখন নষ্ট কৰি এক বিৰাট সৈন্যদল লৈ তেওঁলোকক আক্ৰমণৰ বাবে ৰৈ আছে।

বখতিয়াৰে দলবলসহ গৈ এটা মন্দিৰত আশ্ৰয় লোৱাত কামৰুপৰ ৰজাই মন্দিৰৰ চৰিওফালে বাহঁৰ গোজ পুতি তেওঁলোকক অৱৰুদ্ধ কৰে। উপায়বিহীন বখতিয়াৰে মৰোজীওঁকৈ নৈত জাপ দি সাতুৰি পলাবলৈ চেষ্টা কৰে। কিন্ত তাকে কৰোতে তেওঁৰ সৰহ সংখ্যক সৈন্যৰ সলিল সমাধি ঘটে। মাত্ৰ কেইজনমান অশ্বাৰোহীৰে বখতিয়াৰে নিজে কোনোমতে নৈ পাৰ হ’বলৈ সক্ষম হয়। নৈৰ ইটো পাৰত মেচসকলে তেওঁলৈ আতিথেয়তা আগবঢ়ায় আৰু তেওঁলোকৰ সহায়ত অৱশেষত তেওঁ দক্ষিণ দিনাজপুৰৰ দেওকট পায়গৈ।

১৩শ শতিকাৰ প্ৰথম ভাগত বঙ্গৰ ৰাজ্যপাল গিয়াছউদ্দীনে ব্ৰহ্মপুত্ৰয়েদি উজাই গৈ শদিয়া ওলাইছিল। পিছে, তেওঁ পৰাজিত হৈ গৌড়লৈ উভটি যায়। তবাকত-ই-নাচিৰি পুথিত এই আক্ৰমণৰ উল্লেখ আছে। পুথিখনৰ মতে গিয়াছউদ্দিনৰ অসম অভিযানৰ কাল আছিল ১২২৭ খৃঃ। অৱশ্যে সম্ৰাট ইলটুটমিছ বা আলটামাছৰ পুত্ৰ নাছিৰুদ্দিনে তেওঁৰ ৰাজধানীত আক্ৰমণ চলোৱাৰ বাবেহে গিয়াচুদ্দিনে ততাতৈয়াকৈ অসম এৰি নিজ ঘৰমুৱা হৈছিল বুলি এই পুথিয়ে কয়।

পৰৱৰ্ত্তী আক্ৰমণকাৰীজন আছিল ইখতিয়াৰ উদ্দীন উজবেক তুঘৰিল খাঁ। তেওঁৰ অসম অভিযানৰ কাল আছিল আনুমাণিক ১২৫৭খৃঃ। প্ৰথম অৱস্থাত তেওঁ জয়লাভ কৰি বিজয়-কীৰ্ত্তি হিচাবে এটামছজিদ নিৰ্ম্মাণ কৰিছিল। কিছুদিনৰ পিছত দুৰ্ঘোৰ বাৰিষা আৰম্ভ হয় আৰু ফেনে ফুটুকাৰে বাঢ়ি অহা নৈয়ে বহু ঠাই পানীত বুৰ নিয়ায়। তুঘৰিলৰ সৈন্য সকলে অশেষ কষ্ট ভোগে আৰু তেওঁলোকৰ বহুতৰ মৃত্যু হয়। ইতিমধ্যে পাহাৰীয়া অঞ্চললৈ পলাই যোৱা কামৰুপৰ ৰজাই দলবল গোটাই আহি তুঘৰিলক আক্ৰমণ কৰি নিহত কৰে। তুঘৰিলৰ সৈন্যদল চেদেলি-ভেদেলি হৈ পলাবলৈ লয় আৰু তেওঁলোকৰ এমুঠি মানেহে বঙ্গলৈ উভটিবলৈ সক্ষম হয়।

১৩৩৭ খৃঃত মহম্মদ ছাহে “১,০০,০০০ অশ্বাৰোহীক অসম বিজয়ৰ বাবে পঠিয়াইছিল। কিন্ত সেই যাদু-মন্ত্ৰৰ ৰাজ্যলৈ গৈ এই সৈন্যদলৰ কোনো শুংসূত্ৰ নাইকিয়া হ’ল। ইয়াৰ পোতক তুলিবলৈ তেওঁ পঠিওৱা দ্বিতীয়টো দলে বঙ্গদেশ পাই তাৰপৰা আগবাঢ়িবলৈ অমান্তি হোৱাত এই অভিযানৰ পৰিকল্পনাকে তেওঁ বাদ দিলে।

এই অভিযানৰ চেগা-চোৰোকাকৈ পোৱা বিৱৰণৰ পৰা কৰতোৱাৰ পূৱ দিশৰ ৰাজ্যখনৰ ভিতৰুৱা অঞ্চলৰ বিষয়ে আমি বিশেষ একো ভূ নাপাওঁ। বিৱৰণী সমূহৰ পৰা অৱশ্যে এটা কথা জানিব পাৰি যে, এই নৈখন এখন যথেষ্ট ডাঙৰ আৰু ক্ষমতাশালী ৰাজ্যৰ পশ্চিম সীমা স্বৰুপ আছিল। অৱশ্যে পূৱদিশলৈ এই ৰাজ্যখননো কিমান দূৰলৈ বিস্তৃত আছিল সেই সম্বন্ধে এই বিৱৰণীসমূহ নিমাত। এই বিষয়ে জানিবলৈ হ’লে আমি আহোম বুৰঞ্জীৰ সহায় ল’ব লাগিব। ১৩শ শতিকাত  ব্ৰহ্মপুত্ৰ উপত্যকাৰ পূৱ দিশেদি এই ৰাজ্যত প্ৰবে কৰা আহোমসকলে নানা অৱদানেৰে কেৱল কেৱল যে এই ৰাজ্যৰ ইতিহাসত এক নতুন অধ্যায়ৰ পাতনি মেলিছিল এনে নহয়, তেওঁলোকে এই সময়ৰ পৰা আধুনিক কাললৈকে এটা সমন্বয় থকা নিৰ্ভৰ্যোগ্য ইতিহাসৰ ছবি ডাঙি ধৰি আমি আহোম বুৰঞ্জীৰ সহায় ল’ব লাগিব। ১৩শ শতিকাত  ব্ৰহ্মপুত্ৰ উপত্যকাৰ পূৱ দিশেদি এই ৰাজ্যত প্ৰবে কৰা আহোমসকলে নানা অৱদানেৰে কেৱল কেৱল যে এই ৰাজ্যৰ ইতিহাসত এক নতুন অধ্যায়ৰ পাতনি মেলিছিল এনে নহয়, তেওঁলোকে এই সময়ৰ পৰা আধুনিক কাললৈকে এটা সমন্বয় থকা নিৰ্ভৰযোগ্য ইতিহাসৰ ছবি ডাঙি ধৰি ইতিহাস প্ৰেমী সকললৈ এক অতি উল্লেখযোগ্য অৱদান যোগাই থৈ গৈছে। এইবোৰ তথ্য পাতিৰ পৰা সুৱনশিৰি আৰু ডিচাংনৈৰ পূৱে চুটীয়াসকলক এটা ঠালে ৰাজত্ব কৰিছিল যেন লাগে। অৱশ্যে ইয়াৰ দক্ষিণ আৰু দক্ষিণ-পূৱত বাস কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ বড়ো জনজাতীয় গোটবোৰ তেওঁলোকৰ শাসনাধীন নাছিল। ইয়াৰ পশ্চিম ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত বৰ্তমান নগাঁও জিলাৰ প্ৰায় আধা ঠাই জুৰি কছাৰী সকলৰ ৰাজ্য আছিল যেন লাগে। কিন্ত আহোম বুৰঞ্জী সমূহত কছাৰী আৰু আহোমৰ বিবাদ সম্বন্ধে অ’ত ত’ত থকা দুই এটা উল্লেখৰ বাহিৰে কছাৰী সকলৰ অন্য বিৱৰণ পোৱা নাযায়। সি যি কি নহওক, বিগত শতাব্দীৰ প্ৰথম ভাগলৈকে তেওঁলোকে ৰাজত্ব কৰিছিল বুলি আমি ধৰি ল’ব পাৰো। দক্ষিণ পাৰত কছাৰী সকলৰ পশ্চিম আৰু চুটীয়া সকলৰ উত্তৰত ভালেমান সৰু সৰু গোটৰ মুখীয়াল শ্ৰেণীৰ লোকে বসবাস কৰিছিল। এওঁলোকক ভূঁঞা বোলা হৈছিল। এই ভূঁঞা সকলৰ প্ৰত্যেকেই স্বাধীন আছিল যদিও কোনো বহিঃ শত্ৰুৰ আক্ৰমণ কালত তেওঁলোকে একগোট হৈ যুঁজ কৰা দেখা গৈছিল। কামৰুপ ৰাজ্য আৰু ভূঁঞাসকলৰ অঞ্চল সমূহৰ মাজত থকা সীমাৰ প্ৰায়ে হেৰ্ ফেৰ ঘটা দেখা গৈছিল। কোনো শক্তিমন্ত ৰজা সিংহাসনত বহিলে তেওঁ ভূঁঞাসকলৰ ভালেমানক  নিজৰ তলতীয়া কৰিছিল আৰু যেতিয়া কোনো দুৰ্ব্বল ৰজাই ৰাজত্ব কৰিছিল, তেতিয়া তেওঁলোকে পুনৰ মূৰ দাঙি উঠিছিল।

এই ভূঁঞাসকলক অসমীয়া উপাখ্যান সমূহত বাৰভূঁঞা বোলা হয়। কোনো সত্ৰই এওঁলোকৰ সৈতে ছোটনাগপুৰৰ বাৰভূঁঞাসকলৰ সম্বন্ধ আছিল বুলি সন্দেহ কৰিলেও বৰ্তমানে ডকটৰ ওৱাইজে এই সন্দেহ অগ্ৰাহ্য কৰিছে। পূৰ্ব্ববঙ্গতো ভালেমান ভূঁঞাই বসবাস কৰিছিল। দৰাচলতে, ভূঁঞা শব্দটোৱে কোনো বৰ্ণ নুবুজায় সংস্কৃত ভূঁঞা শব্দটো পাৰ্চী ‘জমিদাৰ’ শব্দৰ সমতুল্য আৰু ই মাটিৰ গৰাকীক বুজায়। অৱশ্যে, অসম আৰু বঙ্গ দুয়ো ৰাজ্যতে ভূঁঞা শব্দটোৰ সৈতে বাৰ নম্বৰটো কেলেই যোগ কৰা হয় জনা নাযায়। বাৰভূঁঞা বুলি উল্লেখ কৰা এই লোকসকলৰ নামবোৰ কিন্ত সূত্ৰভেদে ভিন ভিন। ঠিক যিদৰে মুছলমানৰ পাচ-পীৰক বিভিন্ন সত্ৰই বিভিন্ন নাম দিছে; ঠিক তেনেদৰে বাৰভূঁঞাৰো নামৰ কোনো মিল নাই। ভাৰতৰ এই অঞ্চলৰ ৰজাসকলে সাধাৰণতে বাৰজন পৰামৰ্শ দাতা বা ৰাজ্যপাল নিযুক্ত কৰাৰ নিয়ম আছিল। নৰনাৰায়ণৰ মন্ত্ৰীৰ সংখ্যা আছিল বাৰ, জয়ন্তীয়া ৰজাৰ হৈ পাহাৰীয়া অঞ্চলবোৰ শাসন কৰিছিল বাৰজন দলৈয়ে আৰু নেপালৰ ৰজাৰ পৰামৰ্শকৰ সংখ্যাও আছিল বাৰ। এইদৰেই ১২ নম্বৰৰ প্ৰাৰ্দুৰ্ভাৱে জনসাধাৰণৰ মনত চাপ পেলাইছিল আৰি ৰজাৰ তলতীয়া যিকোনো উচ্চ পদস্থলোকৰ ক্ষেত্ৰত তেওঁলোকে সম্ভ্ৰমেৰে এই বাৰ নম্বৰটো ব্যৱহাৰ কৰিবলৈ লৈছিল যেন লাগে।

অসমীয়া সাহিত্যত  বাৰভূঁঞা সকলৰ সম্বন্ধে বহুতো কাহিনী পুৱা যায়। কিন্ত এইবোৰ একগোট কৰি প্ৰকাশ কৰাৰ  কোনো প্ৰশ্ন নুঠে। কাৰণ, বাৰভুঁঞা বুলি বহুতকে কোৱা হৈছিল আৰু তেওঁলোকৰ মাজত কোনো সম্বন্ধ নাছিল। তদুপৰি সৰহভাগ এনে কাহিনী আছিল কাল্পনিক। আহোমসকলৰ অসম আগমনৰ ফলত চুটীয়া ৰাজ্যৰ পূবে ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ পাৰত ভূঁঞাসকলে অধিপত্য বিস্তাৰ কৰিছিল। আৰিমত্ত ৰজাৰ পুত্ৰ ৰত্নপালক সিংহাসনচ্যুত কৰা তেওঁৰ মন্ত্ৰী সমুদ্ৰক ভূঁঞাসকলে তেওঁলোকৰ পূৰ্ব্ব পুৰুষ বুলি দাবী কৰিছিল। সমুদ্ৰৰ পিছত তেওঁৰ পুত্ৰ মনোহৰ ৰজা হৈছিল। এওঁৰ কন্যা লক্ষ্মীৰ প্ৰতি সূৰ্য্যদেৱতা আসক্ত হৈছিল আৰু তেওঁলোকৰ মিলনৰ ফল স্বৰুপে জন্ম হৈছিল দুটি পুত্ৰ- শন্তনু আৰু সামন্ত। শান্তনু আছিল বৈষ্ণৱ আৰু সামন্ত শাক্ত। সেয়ে, তেওঁলোকে বেলেগে থাকিবলৈ লৈছিল। শান্তনু আৰু তেওঁৰ পুত্ৰই নগাঁওৰ ৰামপুৰত বসতি স্থাপন কৰিছিল আৰু সামন্ত লক্ষ্মীপূৰতে আছিল। এই লক্ষ্মীপুৰৰ পৰা আধুনিক লক্ষীমপুৰ জিলাৰ নামকৰণ হৈছে। সামন্তৰ পুত্ৰসকলে  মধ্য অসমৰ কছাৰী আৰু শদিয়াৰ চুটীয়া সকলৰ বশ্যতা স্বীকাৰ নকৰাকৈ স্বাধীনভাৱে ৰাজত্ব কৰিছিল। পিছত অৱশ্যে আহোমসকলে তেওঁলোকক পৰাজিত কৰে। ৰাজধৰ নামেৰে শান্তনুৰ বংশধৰ এজনে পিছলৈ নগাঁৱৰ বৰদোৱাত বসবাস কৰিবলৈ লৈছিল। এওঁৰ পুতে কুসুম্বৰ মহান ধৰ্ম্ম সংস্কাৰক শঙ্কৰদেৱৰ পিতৃ আছিল।

গুৰুচৰিত আৰু শঙ্কৰ চৰিত পুথি দুয়োখনে নগাঁৱৰ বাৰভূঁঞা সকলৰ উৎপাত্তি সম্বন্ধে আন এটা সূত্ৰ প্ৰকাশ কৰিছে। কমতাপুৰৰ ৰজা দুৰ্লভ নাৰায়ণৰ ধৰ্মনাৰায়ণ নামৰ এজন ৰজাৰ সৈতে যুদ্ধ লাগিছিল। ধৰ্ম নাৰায়ণে নিজকে গৌড়েশ্বৰ বা গৌড়ৰাজ্যৰ ৰজা বুলি দাবী কৰিছিল। অৱশ্যে, সেই কালত বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ ৰজাই গৌড়েশ্বৰ নাম লোৱা দেখা গৈছিল। অষ্টম আৰু নৱম শতিকাত উত্তৰ বঙ্গত এইদৰে একে সময়তে গৌড়েশ্বৰ নাম লোৱা ৰজাৰ সংখ্যা ছয় জনলৈ বৃদ্ধি পাইছিল। উল্লেখযোগ্য যে, আধুনিক চিলহেট জিলাৰ এটা অংশৰ নামো গৌড় আছিল। সেয়ে, ধৰ্মনাৰায়ণে কোন ঠাইত ৰাগত্ব কৰিছিল সঠিকভাৱে কোৱা টান। প্ৰচলিত কাহিনীমতে, দুৰ্লভ নাৰায়ণৰ সৈতে সন্ধিস্থাপন কৰি ধৰ্মনাৰায়ণে তেওঁৰ ৰাজ্যলৈ সাতটা ব্ৰাহ্মণ আৰু সাতটা কায়স্থ পৰিয়াল পঠিওৱাত তেওঁ সেইসকলক মাটিবাৰী, লগুৱা লিকচৌ দি সীমান্ত-ৰক্ষক হিচাপে নিযুক্তি দিছিল। সুযোগ্য কায়স্থ চন্দীবৰে তেওঁলোকৰ দলপতিৰ সন্মান লভিছিল। তেওঁলোকৰ প্ৰধান কৰ্ম্মস্থল আছিল পৈমাগুৰি। এই ঠাইত এটা বান্দ সাজি দিয়াত তেওঁলোক ৰাইজৰ অতি প্ৰিয়পাত্ৰ হৈছিল, ভূটীয়া সকলে এবাৰ এই সীমামূৰীয়া ঠাইলৈ নামি আহি লুটপাত চলাই চন্দীবৰৰ পুত্ৰকে ধৰি ভালেমান লোকক ধৰি লৈ গৈছিল। পিছে, চন্দীবৰে ভূঁঞাসকলৰ লগলাগি ভূটীয়াসকলৰ পিছে পিছে খেদি যায় আৰু বন্দীসকলক উদ্ধাৰ কৰি আনে। অৱশেষত এওঁ নগাঁওৰ বৰদোৱাত থাকিবলৈ লয় আৰু ইয়াতে তেওঁৰ পৰিনাতি শঙ্কৰদেৱৰ জন্ম হয়।

কোচ ৰজা সকলৰ অভূত্থানৰ কালত তেওঁলোকে সনকোশ আৰু বৰনদীৰ মাজৰ ভূখণ্ডৰ ভালেমান ভূঁঞাক পদানত কৰিছিল। ওপৰত আলোচিত আৰু বিভিন্ন পুৰণি আখ্যানত উল্লেখিত ভূঁঞাসকলৰ সৈতে এই ভূঁঞাসকলৰ কিন্ত কোনো সম্বন্ধ নাছিল।

বৰ্তমান লক্ষীমপুৰ আৰু শিৱসাগৰৰ দাঁতি কাষৰীয়া অঞ্চল  সমূহত ভালেমান চুটীয়ালোকে বাস কৰে। তেওঁলোকৰ দেউৰী বা পুৰুহিত সকলে আজিও চুটীয়া ভাষা বুজি পায়। এই ভাষাটো নিঃসন্দেহে বড়ো ভাষা। কিন্ত চুটীয়াসকলৰ  গঢ়পিতলৈ চাই তেওঁলোক শান সকলৰ সংমিশ্ৰণ যেনহে লাগে। শান সকলৰ বাসস্থানৰ পৰা কিছু দূৰৈত বসবাস কৰা এই লোকসকলে সম্ভৱতঃ কালক্ৰমত তেওঁলোকৰ সৈতে মিলি গৈছিল। এনে ধৰণৰ সংমিশ্ৰণ একো অস্বাভাৱিক নাছিল। উদাহৰণ স্বৰুপে চুটীয়া আৰু আহোমসকলৰ স্ংমিশ্ৰণলৈ আঙুলিয়াব পাৰি। তেওঁলোকৰ এই সংমিশ্ৰণ কালক্ৰমত ইমান নিবিড় হৈ উঠিল যে ১৮৯১ খৃঃৰ লোক পিয়লত এই লোক সকলে নিজৰ আহোম-চুটীয়া বুলিহে পৰিচয় দিয়ে।

চুটীয়াসকলৰ বহুতো আখ্যান আছে আৰু প্ৰতোটো আখ্যনমতে তেওঁলোক শদিয়া নাইবা বিদৰ্ভৰ হিন্দু ৰাজ বংশৰ লোক। কালক্ৰমত এই বংশৰ পতন ঘটাত উজনি অসমত ভালেমান ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাধীন সমপ্ৰদায়ৰ সৃষ্টি হয়। চুটীয়া আখ্যানবোৰৰ প্ৰায়ভাগ কল্পনা প্ৰসূত আৰু অবাস্তৱ। সেয়ে, কাহিনীবোৰৰ পুনৰাবৃত্তিৰ কোনো প্ৰয়োজন নাই।

চুটীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম আছিল বীৰপাল। পৌৰাণিক ধৰ্মপুথিৰ ভীষ্মক ৰজাৰ বংশোদ্ভৱ বুলি দাবী কৰা বীৰপালে  সোনা গিৰি নামৰ এটা পাহাৰত বাস কৰা ৬০ ঘৰ পৰিয়ালৰ মুখীয়াল আছিল। পুৰণি আখ্যানমতে, এওঁৰ পুত্ৰ সোনাগিৰি পাল আৰু গৌৰী নাৰায়ণে চুবুৰীয়া বঙ্গালগিৰি, নীলগিৰি, চন্দ্ৰগিৰি আদি পাহাৰৰ চুটীয়া লোকসকলক তেওঁৰ তলতীয়া কৰিছিল। ইয়াৰ পিছত তেওঁ সমতল ভূমিখণ্ডৰ ভদ্ৰসেন নামৰ এজন ৰজাক পৰাস্ত কৰি এই ৰাজ্যৰ পৰা বহু ধন সোণ আৰু বিভিন্ন বৰ্ণৰ হিন্দুলোক বন্দী হিচাবে লৈ যায়। ৰত্নপুৰত তেওঁ ৰাজধানী পাতি ৰত্নধ্বজ পাল নাম লয়। তেওঁ ন্যায়পাল নামৰ আৰু এজন ক্ষুদ্ৰ ৰজাক যুজত ঘটুৱায় আৰু তাৰ পিছত কমতাপুৰ ৰাজ্য আক্ৰমণ কৰি সেই ৰাজ্যৰ ৰজাক তেওঁৰ এগৰাকী কন্যা তেওঁলৈ বিয়া দিবলৈ বাধ্য কৰায়। ৰত্নধ্বজৰ পিছত তেওঁৰ বংশৰ ন জন ৰজা হৈছিল। ইয়াৰে অষ্টমজন বীৰনাৰয়ণৰ পুত্ৰ নাছিল। তেওঁৰ এগৰাকী কন্যাহে আছিল। এই কন্যা গৰাকী বিবাহ যোগ্যা হোৱাত যিজনে প্ৰতিদ্বন্দী সকলক ঘটুৱাব পাৰিব সেইজন যুৱককে তেওঁক বিয়া দিয়া হ’ব বুলি ঘোষণা কৰা হয়। সেইমতে এজন নিম্নবংশৰ চুটীয়া যুৱকে প্ৰতিদ্বন্দীসকলক পৰাস্ত কৰি কন্যা গৰাকীৰ পাণিগ্ৰহণ কৰিবলৈ সক্ষম হ’ল। এই ঘটনাৰ পিছত কিন্ত বীৰনাৰায়ণে এটি পুত্ৰ সন্তান লাভ কৰে। এই শিশু পুত্ৰৰ নাম আছিল সাধক। সাধক নাবালক হৈ থাকোতেই ধীৰনাৰায়ণে জোৱাঁয়েকৰ তত্বাৱধানত সাধকক ৰজা পাতি সিংহাসন ত্যাগ কৰে। এই তত্বাৱধানকাৰীজন অতি অনুপযুক্ত আছিল। আহোমসকলে তেওঁক ক্ষমতাচ্যুত কৰি হত্যা কৰে। কিন্ত নাবালক ৰজাজনক আহোকে জীৱন ভীক্ষা দি তেওঁক নামনি অসমত সংস্থাপিত কৰে। নাবালক ৰজাই এইদৰে দান পোৱা ৰাগ্যৰ উত্তৰে আছিল কবীৰৰ আলি, দক্ষিণে ব্ৰহ্মপুত্ৰ, পূৱে ৰৌতা আৰু পশ্চিমে দৰঙৰ ধনশিৰি। অৱশ্যে এইবোৰ আখ্যানৰ কথাহে। মুঠৰ ওপৰত এটা কথা আমি বুজিব পাৰিলো যে, ১৩শ শতিকাৰ প্ৰাৰম্ভণীত শদিয়াত ৰাজত্ব কৰা চুটীয়া সকলৰ আহোমৰ সৈতে সঘনে যুজ বাগৰ চলি থকাৰ মূৰকত ১৬শ শতাব্দীৰ আহোমৰ হাতত তেওঁলোক সম্পূৰ্ণভাৱে পৰাজিত হয়। চুটীয়াসকলৰ ধৰ্ম সম্বন্ধীয় অধ্যয়ণে পাঠকসকলৰ যষ্ঠেষ্ট কৌতুহল উদ্ৰেক কৰে। তেওঁলোকে বিভিন্ন ধৰণেৰে কালী গোসানীক পূজা কৰিছিল। পূজাৰ বাবে তেওঁলোকে ব্ৰাহ্মণৰ সহায় নলৈছিল। চুটীয়া পুৰোহিতক দেউৰী বোলা হয় আৰু তেওঁলোকেহে পূজা কৰিছিল। দেবীক কেচাইখাতী গোসানী বুলিছিল। গোসানীক নৰবলী আগবঢ়োৱা হৈছিল। আহোমসকলে চুটীয়াসকলক তলতীয়া কৰিলেও নৰবলী প্ৰথাত হকা বাধা কৰা নাছিল।কিন্ত তেওঁলোকে সাধাৰণতে মৃত্যু দণ্ডেৰে দণ্ডিত লোককহে বলীৰ বাবে ব্যৱহাৰ কৰাৰ নিয়ম বান্ধি দিছিল। এনে লোক পোৱা নগ’লে কোনো এটা বিশেষ সম্প্ৰদায়ৰ পৰা বলীৰ লোক বচা হৈছিল আৰু তাৰ বিনিময়ত সেই সম্প্ৰদায়ে ভালেমান অনুগ্ৰহ লাভ কৰিছিল। দেবীৰ সন্তষ্টিৰ বাবে নিৰ্ব্বাচিত লোকজনক ভালদৰে খুৱাই-বুৱাই হৃষ্ট-পুষ্ট কৰি তোলা হৈছিল আৰু নিৰ্দিষ্ট দিনত তেওঁক শদিয়াৰ তামৰ মন্দিৰ নাইবা আন কোনো মন্দিৰত যথাৰীতি বলী দিয়া হৈছিল। তিপ্পেৰা, কছাৰী, কোচ, জয়ন্তীয়াকে আদি কৰি অসমৰ ভালেমান জনজাতীয় লোকৰ মাজত নৰবলীৰ প্ৰচলন আছিল। সেয়ে, পিছলৈ অসমত হিন্দু ধৰ্মৰ তান্ত্ৰিক পন্থাৰ সমাদৰ বাঢ়িছিল। বহুতে অসমকেই তান্ত্ৰিক ধাৰাৰ জন্মস্থান বুলিও কয়।

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সমতল ভূমিখণ্ড পুৰণি কামৰুপৰ অন্তৰ্গত আছিল। এই ঠাইত উত্তৰত আছিল কৰতোৱা নৈ। আমি যি সময়ৰ কথা আলোচনা কৰিছো সেই সময়ৰ কৰোতিয়া নৈলৈকে বিস্তৃত এই অঞ্চলটো কামৰুপ ৰাজ্যৰ অন্তৰ্গত আছিল যদিও সেই ঠাই ডোখৰ কমতা নামেৰেহে পৰিচিত হৈছিল। মুছলমান ঐতিহাসিক সকলে কামৰুপ আৰু কমতাৰ বিষয়ে উল্লেখ কৰোতে কেতিয়াও ইয়াক দুখন ৰাজ্য বুলি কোৱা নাই। কিন্ত আনহাতেদি বহুক্ষেত্ৰত কামৰুপ আৰু কমতা দুখন সুকীয়া ৰাজ্য আছিল যেনহে লাগে। সানকোচৰ পূৱে আৰু পশ্চিমে থকা অঞ্চল দুটাত সময় বিশেষে দুজন ভিন ভিন ৰজাই শাসন কৰিবও পাৰে। কোচসকলৰ ৰাজত্বৰ শেষৰ ফালে এই অঞ্চল দুটাৰ অধিবাসী সকলে দুজন ৰজালৈ আনুগত্য প্ৰকাশ কৰালৈ চাই ওপৰুল্লেখিত তথ্যটো মীল্যহীন নহয় যেন লাগে।

বাৰভূঁঞাসকলৰ এটা আখ্যানে দুৰ্লভ নাৰায়ণক কমতাৰ ৰজা বুলি কৈছে। সেই মতে তেওঁ ১৩শ শতিকাৰ শেষভাগত বৰনদী আৰু কৰতোৱাৰ মাজৰ ভূখণ্ডৰ অধিপতি আছিল বুলি আমি ধৰিব পাৰো। প্ৰায় একে সময়ৰ আহোম বুৰঞ্জীয়ে আহোম আৰু কমতা ৰজাৰ মাজত এখন যুজ লগাৰ কথা উল্লেখ কৰিছে। কমতা ৰজাই যুজত পৰাস্ত হৈ তেওঁৰ এগৰাকী কন্যা আহোম ৰজালৈ যাচিবলৈ বাধ্য হৈছিল। এই আহোম ৰজাজনৰ পিছত সিংহাসন লাভ কৰা তেওঁৰ বৰ পুত্ৰৰ সৈতে কমতাকুৱৰীৰ পত্ৰৰ বিবাদ লাগে। কমতা ৰজাই অৱশেষত এই বিবাদত হস্তক্ষেপ কৰি আহোম ৰজাক সন্ধি কৰিবলৈ বাধ্য কৰে।

কমতা ৰজা সকলৰ ভিতৰত আমি কেৱল খ্যান বা খেন বিলাকৰহে ধাৰাবাহিক ইতিহাস পাঁও। খেন বংশৰ শেষ ৰজা নীলাম্বৰক ১৮৯৮ খৃঃত হুছেইনছাহে সিংহাসনচ্যুত কৰিছিল।

খেনসকলনো প্ৰকৃততে কোন আছিল জনা নাযায়। বৰ্তমান অন্যান্য সম্প্ৰদায়ৰ মাজত বিলীন হৈ এই লোকসকলৰ চিনচাব প্ৰায় নাইকিয়া হৈছে। তেওঁলোকৰ যি দুই এজন এতিয়াও পুৰণি জনজাতীয় নাম লৈছে। সেই সকলেও নিজকে কায়স্থ বুলিহে কয়। এওঁলোকৰ চেহেৰা পাতিয়েও আৰ্য্যসকলৰ সৈতে তেওঁলোকৰ সংমিশ্ৰণৰ কথাকে সূচায়। অৱশ্যে খেনসকল ক্ষমতাত অধিস্থিত হোৱাৰ পিছৰ পৰাহে আমি তেওঁলোকৰ বিষয়ে অৱগত হওঁ বাবে এই লোকসকলৰ উৎপত্তি সম্বন্ধে আমি আজিও অজ্ঞাত। আনহাতেদি, খেন বংশৰ শেষ ৰজাজনক হুছেইছাহে পৰাজিত কৰাটোও এটা ঐতিহাসিক সত্য। সেয়ে, এই ৰজা সকলৰ ধাৰাবাহিক  ইতিহাস নহ’লেও আমি তেওঁলোকৰ ঐতিহাসিক ভিত্তি নাই বুলি ক’ব নোৱাৰো। কথিত আছে যে, এই বংশৰ প্ৰতিষ্ঠাতা ৰজাজন আদিতে পৰখীয়া আছিল। পৰখীয়া জনৰ গৰাকী ব্ৰাহ্মণজনে কিন্ত ৰজা হ’ব বুলি ভৱিষ্যত বাণী কৰিছিল আৰু কালক্ৰমত এই ব্ৰাহ্মণৰ সহায়তেই তেওঁ পাল বংশৰ শেষ দুৰ্বল বংশধৰ জনক ওফৰাই ৰাজপাটত বহিছিল। তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰে আৰু নীলধব্জ নাম লয়। পূৰ্ব্বৰ গৰাকী ব্ৰাহ্মণ জনক তেওঁ প্ৰধান মন্ত্ৰী হিচাবে নিযুক্তি দিয়ে। এওঁৰ দিনত মিথিলাৰ পৰা ভালেমান ব্ৰাহ্মণ পৰিয়াল এই ৰাজ্যলৈ অনা হৈছিল। ধাৰলা নৈৰ বাঁও পাৰে থকা কমতাপুৰ তেওঁৰ ৰাজধানী আছিল যদিও; প্ৰকৃতপক্ষে কিন্ত তেওঁ পুৰণি কামৰুপ ৰাজ্যৰ এটা সামান্য অঞ্চলতহে আধিপত্য বিস্তাৰ কৰিছিল বুলি জনা যায়। প্ৰাচীন কমতাপুৰ ভ্ৰমণ কৰা বুচানল হেমিল্টনৰ মতে নীলধব্জৰ ৰাজ্যৰ পৰিধি মাত্ৰ ১৯ মাইলহে আছিল। চীন নাইবা ব্ৰহ্মদেশৰ নগৰ সমূহত থকাৰ দৰে তেওঁৰ ৰাজ প্ৰসাদটোও অদিকৃত ভূখণ্ডৰ মধ্যভাগত আৱস্থিত আছিল।

নীলধব্জৰ পিছত তেওঁৰ পুত্ৰ চক্ৰধব্জ ৰজা হয়। চক্ৰধব্জৰ পিছত সিংহাসন লাভ কৰা তেওঁৰ পুত্ৰ নীলাম্বৰ এজন পৰাক্ৰমী ৰজা আছিল। তেওঁৰ দিনত ৰাজ্যৰ সীমা পূৱে বৰনদী আৰু পচৱিমে কৰতোৱালৈ বৃদ্ধি পাইছিল। তদুপৰি তেওঁৰ ৰাজ্যৰ উত্তৰ পূৱে ইমান দিনে বঙ্গদেশৰ মুছলমান নবাৱসকলৰ অধীনত থকা ভূখণ্ডও তেওঁ অধিকাৰ কৰিছিল। নীলাম্বৰে যাতায়তৰ সা-সুবিধাৰ প্ৰতি বিশেষ চকু দিছিল। তেওঁৰ দিনত কমতাপুৰৰ পৰা ঘোৰাঘাটলৈকে এটা ধুনীয়া আলি সজা হৈছিল। এই আলিৰ কিছু অংশ বৰ্তমানৰ কোচবিহাৰ, ৰ্ংপুৰ আৰু বোগ্ৰাৰ প্ৰধান যাতায়তৰ পথৰ অন্তৰ্গত হৈছে।

পৌৰাণিক কাহিনীয়ে নীলাম্বৰ পতন সম্বন্ধে এইদৰে উল্লেখ কৰিছে-

নীলাম্বৰে তেওঁৰ ব্ৰাহ্মণ মন্ত্ৰীৰ পুত্ৰই তেওঁৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ কথা গম পাই ৰাণীৰ সৈতে পৰামৰ্শ কৰি ষড়যন্ত্ৰকাৰীজনক হত্যা কৰে। তাৰ পিছত মন্ত্ৰীজনক নিমন্ত্ৰণ কৰি আনি পুত্ৰৰ মঙহেৰে ভোজ ভাত খুৱাই তেওঁক গোটেই ঘটনাটো ভাঙি পাতি কয়। মন্ত্ৰীজনে সেই কথা শুনি গঙ্গা নৈত গা ধুই পুত্ৰই কৰা পাপৰ বোজাৰ পৰা মুক্ত হ’বলৈ বুলি তৎক্ষণাত যাত্ৰা আৰম্ভ কৰে। অৱশ্যে মুখত সেইদৰে ক’লেও মন্ত্ৰীত প্ৰ্কৃত উদ্দেশ্য আছিল্ম প্ৰতিশোধ লোৱা ৰৰু সেই বাবে তেওঁ গৌড়ৰ ৰজা হুছেইনছাহৰ শৰণাপন্ন হ’লগৈ। নীলাম্বৰৰ ৰাজ্যৰ দুৰ্ব্বলতাবোৰৰ সম্বন্ধে গৌড়ৰ ৰজাৰ আগত বেকত কৰি মন্ত্ৰীয়ে তেওঁক এটা বিৰাট সৈন্যদল কমতাপুৰ অভিযানৰ বাবে পঠিয়াবলৈ সৈমান কৰিলেগৈ। সেইমতে, হুছেইনছাহৰ সৈন্যদলে আহি কমতাপুৰ বেষ্টিত কৰিলে যদিও ইয়াক নিজৰ দখললৈ নিব নোৱাৰিলে।

অৱশেষত হুছেইনছাহে ঘোষণা কৰিলে যে, তেওঁ দলবলসহ প্ৰত্যাবৰ্তন কৰিব, কিন্ত এইদৰে উভতি যোৱাৰ আগেয়ে তেওঁৰ বেগমে নীলাম্বৰৰ ৰাণীক এবাৰ লগ পাই যাব খোজে। নীলাম্বৰে হুছেইনছাহৰ এই অনুৰোধত মান্তি হোৱাত তেওঁ বিশ্বাসঘাটকতা কৰি দোলাৰ ভিতৰত কিছুমান সৈন্য পঠিয়াই দিয়ে। এইদৰে কমতাপুৰ দখল কৰি হুছেনছাহে নীলাম্বৰক বন্দী কৰে। তেওঁ নীলাম্বৰক গৌড়লৈ লৈ যোৱাত মাজপথতে নীলাম্বৰ পলাই যায়। কিন্ত তাৰপিছত নীলাম্বৰ ক’লৈ গ’ল বা তেওঁৰ কি হ’ল জনা নাযায়। সম্ভৱতঃ ১৪৯৮ খৃঃত হুছেইনছাহে এইদৰে কমতাপুৰ দখল কৰে।

মুছলমান লিখকসকলৰ বিৱৰণীত হুছেনছাহৰ কমতাপুৰ বিজয়ৰ নামমাত্ৰ উল্লেখহে আছে। কিন্ত এই বিজয়ৰ পিছত হুছেইনছাহে সম্ভৱতঃ বৰনদীলৈকে ৰাজ্য বিস্তাৰ কৰে আৰু তেওঁৰ পুত্ৰক হাজোত শাসনকৰ্ত্তা পাতি অধিকৃত অঞ্চল চোৱাচিতাৰ ভাৰ দিয়ে। এই বিজয়ৰ আনন্দত তেওঁ বাটতে মালদাত এটা মাদ্ৰাছা স্থাপন কৰিছিল। সেইমৰ্মে প্ৰকাশ কৰা এখন ফলিত ১৫০১-০২ খৃঃত এই মাদ্ৰাছা স্থাপিত হৈছিল বুলি উল্লেখ আছে। ইয়াৰ কেইবছৰ মান পিছত তেওঁ আহোমক পৰস্ত কৰিবলৈ কৰা চেষ্টা বিফল হৈছিল। বৰং ইয়াৰ ফলত মুছলমান সৈন্যসকল সদলবলে নিধন হোৱাৰ উপৰিও নতুনকৈ জয় কৰা কমতাপুৰ  ৰাজ্যও তেওঁ হেৰুৱাব লগীয়াত  পৰিছিল।

মুছলমান সকলৰ প্ৰত্যাৱৰ্ত্তনৰ পিছত ভালেমান দিনলৈকে এই ৰাজ্যত ৰজা নাছিল। ফলত কেতবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাধীন দলপতিয়ে এই ঠাইত নিজ নিজ প্ৰভূত্ব বিস্তাৰ কৰিছিল। এওঁলোকৰ ভিতৰত মাৰালাভত শাসন কৰা মদন আৰু চন্দন নামৰ ভাই-ককাই দুজনৰ নাম উল্লেখযোগ্য। এইদৰে কেইবা বছৰ পাৰ হোৱাৰ পিছত, বিশ্ব সিংহৰ নেতৃত্বত কোচসকলে বৰনদীৰ উত্তৰে বিস্তৃত ভূখণ্ড নিজ দখললৈ নিয়ে।

অসম বুৰঞ্জী

3.0625
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top