মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / অসমত আহোম জাতি গঠন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমত আহোম জাতি গঠন

আহোমসকল টাই জাতিৰ মানুহ, কিন্তু বৰ্তমান অসমত থকা সকলো আহোম টাই জাতিৰ নহয় । ইংলেণ্ড জয় কৰোঁতা নৰ্মান জাতিৰ লগত বিজিত জুট, এংগোল, চেক্সন, বৃটন আদি জাতিৰ সংমিশ্ৰণত উৎপত্তি হোৱা ইংৰাজ জাতিৰ দৰে অসম জয় কৰোঁতা টাই জাতিৰ লগত বিজিত নৰা, নগা , মৰাণ, বৰাহী, জয়ন্তীয়া , চুতীয়া , কোচ, ভূঞা, কছাৰী , কলিতা , বামুন আদি জাতিৰ সংমিশ্ৰণত উৎপত্তি হোৱা প্ৰাক বৃটিছ যুগৰ অসমৰ শাসক জাতিয়েই আহোম জাতি

আহোমসকল টাই জাতিৰ মানুহ, কিন্তু বৰ্তমান অসমত থকা সকলো আহোম টাই জাতিৰ নহয় । ইংলেণ্ড জয় কৰোঁতা নৰ্মান জাতিৰ লগত বিজিত জুট, এংগোল, চেক্সন, বৃটন আদি জাতিৰ সংমিশ্ৰণত উৎপত্তি হোৱা ইংৰাজ জাতিৰ দৰে অসম জয় কৰোঁতা টাই জাতিৰ লগত বিজিত নৰা, নগা , মৰাণ, বৰাহী, জয়ন্তীয়া , চুতীয়া , কোচ, ভূঞা, কছাৰী, কলিতা, বামুন আদি জাতিৰ সংমিশ্ৰণত উৎপত্তি হোৱা প্ৰাক বৃটিছ যুগৰ অসমৰ শাসক জাতিয়েই আহোম জাতি ।

স্বৰ্গদেউ চুকাফাৰ লগত বেছি টাই মানুহ অসমলৈ অহা নাছিল। তেওঁলোকৰ সংখ্যা তাকৰ আছিল আৰু তাতোকৈ তাকৰ আছিল তেওঁলোকৰ লগত অহা তিৰোতাৰ সংখ্যা । সেইকাৰণে তেওঁলোকে থলগিৰি মানুহৰ লগত বৈবাহিক সম্বন্ধ ঘটাই মিত্ৰতা পাশেৰে বান্ধ খাবলৈ বাধ্য হৈছিল । ইয়াৰ লগতে অনা আহোমক আহোম জাতিত ভূক্ত কৰিছিল । বুৰঞ্জীত সেইবোৰ তথ্য সবিস্তাৰে উল্লেখ কৰা আছে। তাৰে কেইটামান উদাহৰণ স্বৰূপে তলত উল্লেখ কৰা হল।

মৰাণ আৰু বৰাহীক আহোম জাতিত ভূক্ত কৰা:-কিন্তু ইত:পূৰ্বে ১১৬৪ শকত মটকৰ বদৌচা ৰাজা ও বৰাহী থাকুমথা ৰাজা এই দুই ৰাজাৰে চুকাফা ৰজা দেও মিত্ৰ কৰি ও মিলেৰে বশ কৰি ১১৭৩ শকত মটকক খৰিভাৰি ও বাৰী চোৱা কৰি ললে। এই মটককে মৰাণ বা মোৱামৰা বোলে।বৰাহীক কাঠকটীয়া ও চাংমাই ও ভৰালী ও জৰাধৰা ও বেজ ও কুকুৰ চোৱা এনে বনুৱা কৰি ললে।( হৰকান্ত বৰুৱা সদৰামিনৰ আসাম বুৰঞ্জী পৃ: ১২)স্বৰ্গদেৱ চুকাফাই গাম, লখাই, সুপুং, ৰঙি, হাটাই, বাখাম আৰু বড়কুমাৰ নামে সাত ঘৰ বৰাহীৰ পৰা চাংমাই , বেজ, কুকুৰা চোৱা আৰু ভাণ্ডাৰী পাতি ললে।আহোম বুৰঞ্জীৰ মতে এই সাত ঘৰ বৰাহীৰ নাম গাম, লখাই , মুঙপেঙ, ৰাভি, হতাই ঠাকুৰ, ৰাগম আৰু বৰকুমাৰ আৰু স্বৰ্গদেউ চুকাফাই তেওঁলোকক কুমাৰ, পানী যোগনিয়াৰ, বাটিৰখীয়া, বেজ আৰু ভৰালী পাতি চিলনিমৰীয়া গাঁৱত থাকিবলৈ দিলে।স্বৰ্গদেৱ চুকাফাই দূৰত এটা চুতীয়া মানুহ পাই চোমদেৱৰ তাত কাম কৰিবলৈ দি তেওঁক চোমচিৰিং পাতিলে।তেওঁৰ খাতমুং, খাম্ৰং, টেপাইমং, লুচিং, লুংঠকি, নজিউ আৰু চাইমুং নামে আঠজন পুত্ৰ হল। নজিউৰ ভনীয়েকৰ সৈতে বদনাম হোৱাত বাকী সাতজন ভায়েকে তেওঁক মাৰিব খোজাত তেওঁ বাণ্ডুক বৰগোহাঞিৰ আশ্ৰয় লৈ বৰগোহাঞিৰ হাঁহৰখীয়া হৈ থাকিল । সেইকাৰণে নজিউক " পিত-হান( পিত- হাঁহ, হান- ৰখীয়া) বুলিছিল। নজিউৰ নাতিয়েকক " লাহন" ( লা- নাতি) বোলা হৈছিল আৰু তেওঁৰ বংশই পাছত লাহন বুলি পৰিচিত হল। নজিউৰ সাত ভায়েকক খাটোৱাল চেতিয়া পতা হৈছিল ।( পুৰণি অসম বুৰঞ্জী )স্বৰ্গদেৱ চুকাফাই টিপামত মাইমাই খ্ৰিউৰৎ নামে তলা চালনি ধৰা ঘৰৰ এটা মানুহ পাই লগত আনিলে । তেওঁ ৰাজ পোচাক তৈয়াৰ কৰিছিল । তেওঁৰ নাতিয়েকক স্বৰ্গদেৱ চুকামফাই পাতৰ পাতিলে । সেই বংশৰে এঘৰক টিংখাঙলৈ নি হাতীমূৰীয়া পাতিলে। (আহোম বুৰঞ্জী পৃ:৩৬)স্বৰ্গদেৱ চুকাফাই টিপামৰ পৰা এঘাৰ মটক আনিছিল । তেওঁ ৰজাক বেঙেনা যোগাইছিল । এই ঘৰৰ ঘাই মানুহজনৰ তলে স্বৰ্গদেৱৰ সৈন্যসকলে নগাক ৰণত ঘটুৱাই তেও স্বৰ্গদেৱৰ প্ৰিয়পাত্ৰ হল। কঙঙ্গন বৰগোহায়ে তেওঁক লানমাখ্ৰু নাম দিলে।( আহোম বুৰঞ্জী পৃ: ৩৮) পুৰণি অসম বুৰঞ্জীয়ে এওঁক মটক নুবুলি মৰাণ বুলিছে ( পৃ: ৩১)। চেতিয়াসকলৰ মাজত লানমাখ্ৰু নামৰ এটা ফৈদ আছে। মিমুন নামৰ এজন মটকে কৰ দি চুকাফা স্বৰ্গদেৱৰ লগত থাকিব বিচৰাত তেওঁক মিমুন পাতৰ পাতিলে।আন এজন টাই মানুহক মটক পাতৰ পাতিছিল (আহোম বুৰঞ্জী পৃ: ৩৮) পুৰণি অসম বুৰঞ্জীয়ে (৩২ পৃ:) এই কথা তলত লিখাৰ দৰে কয়, " আৰু পূৰ্বে নড়া ৰজা এ ছুটিয়া , কছাৰী , মৰাণ , নগা , বৰাহী , কমতেশ্বৰ এইবোৰৰ খুত তুলিছিল । পাছে এইবোৰৰ খুত তুলিবলৈ তিনিটা মানুহ পঠাই দিলে। কমতেশ্বৰলৈকে বৰাহীলৈকে এটা, ছুটিয়ালৈকে মৰাণলৈকে এটা, কছাৰীলৈকে নগালৈকে এটা । পাচে বিমুন নামেৰে এইটো আহি কছাৰী নগাৰ খুত তুলি চুকাফা মহাৰজাৰ লগ ললেহি। পাচে ৰজা বেথাকৈ তাৰ নাম দিলে বিমুন পাতৰ , এতিয়া নড়াৰ পৰা অহা এই ঘৰকেহে বোলে মৰাণ পাতৰ।"গড়গঞা সন্দিকৈ / চুতীয়াৰ পৰা আহোম কৰা: "আৰু সি দুটাও খুত তুলি মহাৰাজৰ লগলৈ আহিল । ৰজাদেৱে বুঢ়া দেখি নাম দিলে থাওমুং থিমা। পাচে কতো দিন থাকি মহাৰাজে নাম দিলে বেথাকৈ গড়গঞা সন্দিকৈ আৰু পূৰ্বে চুকাফা মহাৰাজাৰ দিনত ছুটিয়াৰ গাঞো মাৰি অটা মানুহ আনিলে , সি ঝলম বাটিব পাৰে । পাচে মহাৰাজা ঝলম বটা দেখি স্বৰ্গদেৱৰ ঘৰত চয়জৰি বটা দিলে। চাংচাই নাম দি আহমৰ লগত থাকিব দিলে।"

বামুনৰ পৰা আহোম কৰা: স্বৰ্গদেৱ চুডাংফা(১৩৯৭-১৪০৭) হাবুঙীয়া বামুনৰ ঘৰত ডাঙৰ হৈছিল । " এবং ৰজা হৈ ব্ৰাহ্মণৰ লৰাহঁতক আপোনাৰ ককাই ভাই হেন বুলি কোঁৱৰ কৰি দিহিঙত পাতিলে । ( হ: ব: স: আ: বু: ১৮ পৃ:) তেওঁ ( চুডাংফা ) বোলে - মঞে সহিতে একেলগে ফুৰি থকা বামুন লৰাকেইটিকো ৰজা পাতে যদি মইও তেহে ৰজা হওঁ।" পাচে বামুন লৰা সাতুটিকে আনি হাতী ঘোঁৰা দি কোঁৱৰ নাম দিলে। তাৰ পৰাহে বামুন কোঁৱৰ বোলে।( দেওঁধাই অসম বুৰঞ্জী পৃ: ৯৭)

হিলৈদাৰী কোঁৱৰ : স্বৰ্গদেৱ চুখামফা বা খোৰা ৰজাক(১৫৫২-১৬০৩ শক) তেওঁৰ কুঁৱৰীয়ে বংশ নাই বুলি হঁহাত " এনে ভাবি পৰদিনা ৰজাদেৱে আপুনি ফুৰি যাকে ভাল পালে তাকে আনি বঙহ বুলি সোণোৱালী হিলৈ দি লগত ললে । তদপৰ প্ৰতাপ সিংহ স্বৰ্গদেৱে (১৬০৩-) পূৰ্বে চুখামফা ৰাজাদেৱে বঙহ বুলি সোণোৱালী হিলৈ দিয়া মানুহখিনিকে বামুনী কোঁৱৰহঁতকে গোটাই কোঁৱৰ হিলৈদাৰী খেল পাতিলে , এবং গিয়াতি কোঁৱৰ নাম দিলে।"(আ: বু: পৃ: ৪১)

নগাৰ পৰা আহোম কৰা/ ন-বৰা: চুহানফা স্বৰ্গদেৱৰ দিনত (১৪৮৮-৯৩)পুনৰ টংচু নগাৰ ৰণ হল। বৰগোহাই গৈ চাং গৰকি নগাক মাৰি , নগাৰে লৰা-ছোৱালী ষাঠী- ফয় এনে আনিলে । আৰু সেই নগাৰে গোষ্ঠী টংচু একঘৰ , মৌপিয়া একঘৰ নেফেৰা একঘৰ , এই কেইঘৰ আনিলে। ( আহোম বুৰঞ্জী পৃ: ২১) স্বৰ্গদেৱ চুহানফাৰ দিনত নাংচুঙে ( বৰগোহাই) টংচু নগাৰ গাঁও দখল কৰি খনা নামেৰে এটা নগা ধৰি আনিছিল । সেই নগাক স্বৰ্গদেৱে আহোম পাতি বৰগোহাইৰ লগত দিলে । বুঢ়া ৰজাদেৱে সেই নগাৰ পুতেকক লিকচৌৱানৰ বৰা পাতে আৰু সেইঘৰ বৰাক ন- বৰা বোলে।(পুৰণি অসম বুৰঞ্জী পৃ: ৩৫)

মিৰি সন্দিকৈ: "আৰু বুঢ়া ৰজাদেৱৰ( স্বৰ্গদেৱ প্ৰতাপ সিংহ) দিনত বাৰুকৰ পৰা বৰগোহাঞি পৰিয়া ভোকোলা গোহাইক ঘৰ ফালি আনি দিহিঙত পাতিলে । তেঞো অপু্ত্ৰক আছিল । পাছে মিৰিৰ লৰা পো-বধাকৈ তুলিলে , তাৰ নাম দিলে মিৰি সন্দিকৈ । তাৰে পো-নাতিকেহে বোলে এতিয়াও মিৰি সন্দিকৈ ।" (পুৰণি অসম বুৰঞ্জী পৃ: ৪৪, মিৰি সন্দিকৈ তিনিঘৰীয়া আহোমৰ বৰগোহাই খেলৰ এটা ফৈদ। তেওঁৰ বংশৰ মিৰি সন্দিকৈ, নৰ ৰজাই শৰাইঘাটৰ যুদ্ধত বিক্ৰমেৰে লাচিত বৰফুকনৰ পালি সেনাপতি হিচাপে মোগলৰ বিপক্ষে যুঁজিছিল)।

তামুলী আৰু পাঁচনি: চুহুংমুং স্বৰ্গদেৱৰ দিনত ১৫০৫ খৃঃত অঃত " ঐ বাৰ ভূঞাক ৰজাদেৱে বসঙত অথচ অধীন কৰি তেওঁলোকৰ বচোৱাল টঙালী ,ও হাঁচটি এইসকল দ্ৰব্যৰ আদৰ্শ ললে। আৰু সিহঁতৰ কিছু স্বৰ্গদেৱে তামুলী ও পাচনিকৈ লগত ললে।" (আহোম বুৰঞ্জী পৃ: ২৪)

ভূঞাৰ পৰা আহোম কৰা : স্বৰ্গদেৱ দিহিঙীয়া ৰজাই বটাটেমনি দখল কৰি উতৈ, তমাই, বাই, সঁকাই, কৌষিক, উজিৰ, লস্কৰ, চোমদাৰ, সনাতন , কেহো, ৰামভট আৰু ভকত ভূঞা নামে এই বাৰ ঘৰ বাৰভূঞা আৰু ৪৮ ঘৰ সৰু বাৰ ভূঞাক উত্তৰ পাৰে পাতিলে । ইয়াৰ ভিতৰৰ লাচাম কলিতা ভূঞাক স্বৰ্গদেৱে মৰঙিৰ পৰা ( ১৫৩৬ খৃঃত ডিমাপুৰ দখল কৰি কছাৰী ৰজা ডেৰচোংফাক হত্যা কৰাৰ পিছত )কছাৰীবিলাকক খেদাৰ পাছত টুৰ্পা নাম দি মৰঙিৰ শাসনকৰ্তা( মৰঙি খোৱা গোহাই ) পাতি বাঁহবড়িয়া চেটিয়া পাতিলে ( পুৰণি অসম বুৰঞ্জী পৃ: ৩৬) Dr. JP Wade আৰু কছাৰী বুৰঞ্জীৰ মতে তেওঁৰ নাম চুৰ্পাহে আৰু কছাৰী বুৰঞ্জীয়ে তেওঁক বৰচেটিয়া বুলি কয়।

নগাৰ বংশ :চাউণাপাম আৰু চাউৰুং ঘৰ নাংচুং বৰগোহাইৰ তোলনীয়া নগা লৰাৰ বংশধৰ( পুৰণি অসম বুৰঞ্জী পৃ: ৩৬ )

মিৰিৰ বংশ :স্বৰ্গদেৱ চুহুংমুঙে নৰা ৰজাক যুদ্ধত ঘটোৱা " ত্যাও চুংলুং কুংৰিণক থাওমুং-মুংথাও নাম দি সকলোৰে আগত বহিব দিলে । জাতত এই ঘৰ মানুহ মিৰি ( দেওঁধাই অসম বুৰঞ্জী পৃ: ১৯)

অনা অসমীয়াক আহোম কৰা:স্বৰ্গদেৱ চুহুংমুঙৰ দিনত তুৰ্বকৰ সৈতে হোৱা যুদ্ধত ( ১৫৩২-৩৩) এটি বৰ ধুনীয়া মানুহ বন্দী হল। স্বৰ্গদেৱে তেওঁৰ নাম নুক্ টুৰদাং দিলে । স্বৰ্গদেৱ চুখামফাই (১৫৫২-১৬০৩) এই ঘৰক কাটিদাঙ্ দুৱৰা পাতিলে ( আহোম বুৰঞ্জী পৃ: ৩৭) । স্বৰ্গদেৱ চুচেংফাই (১৬০৩-৪১) কাটিদাঙ্ দুৱৰাৰ নাতিনীয়েকক তামুলী দুৱৰী আৰু পাছত তামুলী পাতিলে । তেওঁৰ পুতেকক হিলৈদাৰী বৰুৱা পাতি কলিয়াবৰত থাকিবলৈ দিলে। এই কথাবোৰ পুৰণি অসম বুৰঞ্জীৰ ৩২ পৃষ্ঠাত এইদৰে পোৱা যায় - " স্বৰ্গদেৱ চুহেনফাৰ দিনত ( ১৪৮৮-৯৩ খৃঃ) চাওকং বাণ্ডুক বৰগোহায়ে চুতীয়াৰ গাঁও দখল কৰি অনা এটি চুতীয়াৰ কাম ভাল পাই স্বৰ্গদেৱে তেওঁক হণ হণ পাতৰ পাতিলে । স্বৰ্গদেৱ চুহুংমুঙৰ দিনত তুৰ্বকৰ সৈতে হোৱা যুদ্ধত হণ হণ পাতৰৰ পৰিনাতিয়ে বিশ্বাসযোগ্য কাম কৰাত স্বৰ্গদেৱে তেওঁক হাৰিধং দুৱৰা নাম দিলে । স্বৰ্গদেৱ চুচেংফাই এই বংশৰ এজনক কলিয়াবৰত পানীসিয়া পাতিলে ( বুৰঞ্জীবিদ গেইটৰ মতে লাঙি)। ১৬১৭ খ্ৰীষ্টাব্দত হাজোত হোৱা আহোম-মূছলমানৰ যুদ্ধৰ পাছত স্বৰ্গদেৱে পানীসিয়াক লাঙি নাম দি বৰফুকন পাতিলে ।

নগাৰ বংশ-:"বৰচিৰিঙৰ এই ঘৰো কেঞোখুন বোলে । ইহঁত জাতত নগা। আহোম বডুৱাৰ এই ঘৰো চুতীয়া ৰজাৰ কটকী টংটে বোলে। এই দুয়োঘৰ আপোন ৰজাত পলাই ৰজাদেৱৰ লগত অহা কেঞোখুন নাম লৈছে।( পুৰণি অসম বুৰঞ্জী পৃ: ৪৩)নগা , গাৰো আৰু মগলুৰ পৰা আহোম কৰা: স্বৰ্গদেৱচুখামফাই (১৫৫২-১৬০৩ খৃঃ) নৰা ৰজাৰ লগত মিত্ৰতা কৰাত যৌতুকত অহা মানুহ নৰা কোঁৱৰ ও নৰা বাইলুং ও নৰা মানুহ এক হাজাৰ এইখিনি পালে । (আহোম বুৰঞ্জী পৃ: ৩০) খোৰা ৰজা চুখামফা দেৱৰ গাভৰু কুঞৰীৰ( নৰা ৰজাৰ জীয়েক ) লগত অহা পেলন ফুকনৰ এই ঘৰ জাতত নৰা। নৰা কোঞৰ ফুকনৰ ঘৰো নৰা বাইলুঙ্গো যৌতুকত অহা বন্দী , ই জাতত নৰা। আখৈ খোৱা দেঞোধাইৰ ঘৰো জাতত নৰা । বানোৱা হাজৰিকাৰ ঘৰো সুন্দৰ গোহায়ে ডেমেৰাত পাই অনা । ই জাতত মগলু। ডেকা চেতিয়াৰ এই ঘৰ জাতত গাৰো "। ( পুৰণি অসম বুৰঞ্জী পৃ: ৪২)

ঘৰ পাতৰ:- বাণ্ডুকীয়া বৰগোহাইৰ জীয়াৰী নাপেত টেপৰতলীয়া বুঢ়াগোঁহাইলৈ পৰিছিল । গাভৰুৰ লগত পুতেকৰ সৈতে কছাৰী বেটী এজনী আহিছিল । নাপেত বুঢ়াগোঁহায়ে কছাৰী বেটীৰ সৈতে খোৱা লোৱা কৰিছিল আৰু তাইৰ লৰাটিক নিজৰ লাইপো বুলি লগত লৈ ফুৰিছিল । সেই লৰাৰ বংশ লাই সন্দিকৈ নামে প্ৰখ্যাত হল"। ( পুৰণি অসম বুৰঞ্জী )

নেওগ ফুকন :- বৰ পাতৰৰ খেলত হালবু নামে এটা বৰাহী চাউকৰ নেওগ হৈ আছিল। তেওঁ অপু্ত্ৰক আছিল কাৰণে বানফ্ৰাং নগাৰ ল'ৰা এটি কিনি পো বুলি লৈছিল । হালবুৰ মৃত্যুৰ পাছত নগা ল'ৰাক কচুআনৰ বৰা পতা হল। স্বৰ্গদেৱ প্ৰতাপ সিংহই ( ১৬০৩-৪১) লাঙি ফুকনক ভাঙি নেওগৰ পুতেক কচুআনৰ বৰাক বৰফুকন পাতিলে । এই বংশ নেওগ ফুকন নামে জনাজাত হল। এই বৰফুকনৰ দেউতাক নাওবৈচা ফুকন হল আৰু পুতেক নামনিয়াল বৰফুকন হৈ ৰজা শশুৰ হল"। (পুৰণি অসম বুৰঞ্জী পৃ: ৩৯)

জপৰজল চেতিয়া : বুঢ়া ৰজাদেৱৰ ( প্ৰতাপ সিংহ ) ধলাকুঁৱৰী আৰু কলীয়া কুঁৱৰী নামে দুগৰাকী কুঁৱৰী অপু্ত্ৰক হোৱা বাবে থাউৰিয়াল নগাৰ ল'ৰা এটি তুলি লৈছিল । এই নগাৰ ল'ৰাকে জপৰজল বোলে। পুৰণি অসম বুৰঞ্জী পৃ: ৪০, "জপৰজল ফৈদক বৰচেটিয়া বোলে । এই ফৈদক ৰাজবংশই নিজৰ বঙহ লৈছিল বুলি কয়।" (ইতিহাসে সোঁৱৰা ছশটা বছৰ)

বুঢ়া চেতিয়া :- স্বৰ্গদেৱ প্ৰতাপ সিংহৰ বেজিনী কুঁৱৰীৰ
কছাৰণী বেটীৰ ল'ৰাক স্বৰ্গদেৱে নাতি বুলি লৈছিল । তুংখুঙীয়া ৰজাদেৱে সেই ল'ৰাৰ বংশক বুঢ়াচেটিয়া নাম দিলে ।( পুৰণি অসম বুৰঞ্জী )

চাওডাং বৰুৱা : স্বৰ্গদেৱ প্ৰতাপ সিংহক দোপগৰিয়া নগাই আও, আপাম, আৰু লাচিত নামে তিনিটি ল'ৰা দিছিল ; কিন্তু তাৰে এটি মৰিল । স্বৰ্গদেৱে লাচিতক ডিৰৈত মাটি-বাৰী দি চাওডাঙৰ বৰুৱা পাতিলে আৰু আওক পো বুলি তুলি লৈ আওগোহাই নাম দি হাতী মাউত আৰু ঘোঁৰা চোৱাক তেওঁৰ গিয়াতি কৰি দিলে ।পাছত তেওঁক ঘোঁৰা কোঁৱৰৰ খেলত ভূক্ত কৰি ঘোঁৰা বৰুৱা পাতিলে । ( পুৰণি অসম বুৰঞ্জী পৃ: ৪০)

নটৰ পৰা আহোম কৰা :- স্বৰ্গদেৱ শিৱসিংহৰ (১৭১৪-৪৪) ছত্ৰ ভংগ যোগ পৰাত তেওঁৰ বৰকুঁৱৰী নটৰ জীয়াৰী ফুলেশ্বৰী আই কুঁৱৰীক বৰ ৰজা নাম দি ৰজা পতা হল। বৰ ৰজাই কালু গাঁৱত থকা ভায়েক হৰনাথক বৰপাত্ৰ গোহাঁই পাতিলে । তেওঁক তিনিঘৰীয়া আহোমৰ বৰপাত্ৰ গোহাঁই খেলত ভূক্ত কৰা হল।

মৰাণঘৰীয়া বৰপাত্ৰ গোহাঁই :- স্বৰ্গদেৱ প্ৰতাপ সিংহই (১৬০৩-৪১) মৰাণৰ লালুকক বৰপাত্ৰ গোহাঁই পাতিছিল । এই ঘৰ বৰপাত্ৰ গোহাঁই মৰাণঘৰীয়া বৰপাত্ৰ গোহাঁই নামে জনাজাত হল।

মটক বুঢ়াগোঁহাই :- স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ দিনত(১৬৯৬-১৭১৪ খৃঃ) চাওফ্ৰাং নামে মটকৰ বুঢ়াগোঁহাই আছিল(অসম বুৰঞ্জী পৃ: ৩১) । স্বৰ্গদেৱ চন্দ্ৰকান্ত সিংহই (১৮১৯-২১ খৃঃ) মটক ৰজা সৰ্বানন্দ সিংহৰ পুতেক কলিবৰক বুঢ়াগোঁহাই পাতিছিল । মানে তেওঁক হত্যা কৰিলে । এওঁলোকৰ কোনো এঘৰ বুঢ়াগোঁহাই মটক নামে প্ৰখ্যাত হল।

কছাৰী বৰবৰুৱা :- স্বৰ্গদেৱ চন্দ্ৰকান্ত সিংহই খেৰেমিয়াল কছাৰী পাতালক বৰবৰুৱা পাতি আহোমৰ খেলত ভূক্ত কৰি লৈছিল । মান অহা বাট দীঘলী ঘাটত ( জয়পুৰৰ ওচৰত ) কোঠ মাৰোতে তেওঁক মানে হত্যা কৰিলে ।উপৰুক্ত খেলকেইটাকে যে অনা আহোমৰ পৰা আহোম কৰিছিল এনে নহয় বহুত অনা আহোমে স্ব-ইচ্ছাই শাসক জাতিৰ কোনো নহয় কোনো এক খেলত ভূক্ত হৈছিল । বুৰঞ্জীবিদ এড্ৱাৰ্ড গেইটৰ মতে- "আহোমৰ সংখ্যা কেৱল প্ৰাকৃতিক নিয়ম অনুসৰিয়েই যে বেছি হ'ল এনে নহয়। কিন্তু তেওঁলোকৰ সমাজত অনেক স্থানীয় মানুহ সোমোৱাই লোৱা হল আৰু সম্ভৱতঃ তেওঁলোকৰ লগত পূৰ্বৰ পিতৃ পুৰুষৰ ঠাইৰ পৰাও নতুন দল আহি যোগ দিছিল "।বুৰঞ্জী গৱেষক সৰ্বানন্দ ৰাজকুমাৰে সেয়েহে তেখেতৰ "ইতিহাসে সোঁৱৰা ছশটা বছৰ " গ্ৰন্থত লিখিছে - "স্বৰ্গদেৱ চুকাফাৰ লগত অহা টাইসকলৰ সৈতে অসমৰ পৰ্বত ভৈয়ামৰ অনা টাই আৰু চুকাফাৰ পাছত অহা টাইসকল সংমিশ্ৰিত হৈ যি জাতি গঠিত হল সেই জাতিয়েই আহোম জাতি । বিজিত আৰু বিজেতাৰ বৈৱাহিক, সামাজিক , আৰু সাংস্কৃতিক সংমিশ্ৰণত আহোমসকলে অসমত এক নতুন সংস্কৃতি সূচনা কৰি পৰ্বত ভৈয়ামক একতা পাশত আৱদ্ধ কৰি অসমক এক শক্তিশালী দেশত পৰিনত কৰিবলৈ সমৰ্থ হৈছিল । সেয়ে হোৱাত বিজিত আৰু বিজেতাৰ প্ৰাৰ্থক্য দূৰ হৈ দুয়ো এক মহান অসমীয়া জাতিত পৰিনত হল"।

তথ্য বিভ্ৰাট:- আগৰ বুৰঞ্জীবিদসকলে কোৱা নিচিনাকৈ স্বৰ্গদেৱ চুকাফাৰ দিনত মটক জাতি সৃষ্টি হোৱা আন তথ্য নাই।

উৎস: টুলটুল কুটুম, অসমীয়াত কথা বতৰা

 

3.08108108108
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top