মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / অসমত বৃটিছৰ ৰাজ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমত বৃটিছৰ ৰাজ

অসমত বৃটিছৰ ৰাজৰ বিষয়ে লিখা হৈছে

 

১৮২৫ চনৰ ১৮ জানুৱাৰীত বৃটিছে অনায়াসে গৌৰীসাগৰ পালেগৈ।সেই সময়ত লুইতেদি অহা বৃটিছ সৈন্যবাহিনী আগবাঢ়ি গৈ নামদাং নৈৰ শিলৰ সাঁকোৰ ওচৰতে মানৰ বাধাৰ সন্মুখীন হ’ল।কিন্তু বৃটিছৰ সন্মুখত মানে টিকিব নোৱাৰি পিছুৱাই আহিবলৈ বাধ্য হয়।তাৰ পৰা তিনি কিলোমিটাৰমান আঁতৰত থকা ন-পুখুৰী আৰু পুৰণি পুখুৰীৰ মাজৰ ঠেক ঠাই এডোখৰত মানে পুনৰ মৰসাহ কৰি বৃটিছক বাধা দিলে।দুয়োপক্ষৰ মাজত বন্দুকেৰে যুদ্ধ হৈছিল।তথাপি,যুদ্ধত মান সৈন্য হাৰি পিছুৱাই আহিল।বৃটিছ কৰ্ণেল ৰিচাৰ্দছ আৰু লেফটেনেণ্ট ব্ৰুকে যুদ্ধত অতি বেছি আঘাত পায়।এইখন যুদ্ধৰ পৰাজয়ে মান সৈন্যৰ মনোবল ভাঙি দিয়ে।তেওঁলোকে জয়ী হোৱা কোনো পথ বিচাৰি নাপাই বৃটিছক শান্তিৰ প্ৰস্তাৱ আগবঢ়ালে।ইংৰাজৰ চতুৰালিয়ে নহয়,বন্দুকৰ শৃংখলাবদ্ধ যুদ্ধৰে অসমত থকা মান সৈন্যক কেইবাবাৰো যুদ্ধত পৰাজয় কৰে।সন্ধি প্ৰস্তাৱৰ কথা চিন্তা কৰি মানৰ সেনাপতি শ্যাম ফুকন আৰু বগলী ফুকনে বৃটিছলৈ শান্তি বাৰ্তা পঠিয়ায়।এই ক্ষেত্ৰত মানৰ সকলো সৈনিকে কথাটো মানি ল’বলৈ নিবিচাৰি তাৰ বিৰোধিতা কৰিছিল।পিছত পৰিস্থিতি জটিল দেখি মানৰ সকলোৱে শান্তি প্ৰস্তাৱ মানি লয়।সেই সময়ত মান সৈন্যবাহিনীৰ সৈতে অহা ধৰ্মধৰ ব্ৰহ্মচাৰীক শান্তি প্ৰস্তাৱ দি বৃটিছ কমাণ্ডাৰৰ কাষলৈ পঠালে।ধৰ্মধৰ লংকাদ্বীপ নামৰ ঠাইখনৰ বৌদ্ধ ভিক্ষু আছিল।৩১ জানুৱাৰীত তেওঁৰ যোগেদি শান্তি প্ৰস্তাৱ দি এখন চিঠি পঠালে মানৰ ফালৰ পৰা।চিঠিখনত মান সেনাপতিয়ে এইবুলি লিখিছিল-‘অসমৰ স্বৰ্গদেউসকলে দেশৰ নিৰাপত্তাৰ সলনি নিজৰ সিংহাসনৰ সৈতে ৰাজ পদবী অক্ষুণ্ণ ৰাখিবলৈ তেওঁলোকৰ ঘৰুৱা শত্ৰুৰ বিৰুদ্ধে তেওঁবিলাকক মাতি নিছিল অসম দেশলৈ।তেওঁলোকৰ শত্ৰু আছিল নিজৰ ইষ্ট-কুটুম্বেই,ইজনক আঁতৰাই সিজনক ৰজা হ’বলৈ কৰা খোৱা-কামোৰা স্বভাৱৰ বাবে আমাৰ সহায় বিচাৰি বদন চন্দ্ৰ বৰফুকন নামৰ বিসয়াজনে আমাক মাতি আনি অসম দেশত সুমুৱালেহি।এই বদন চন্দ্ৰ বৰফুকনক তেওঁলোকৰ দেশৰ বিষয়াই চক্ৰান্ত কৰি বধ কৰোৱাৰ পিছত পুনৰ স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই সিংহাসন ৰক্ষা কৰিব নোৱাৰি আমাক মাতি পঠিয়ায়।এই যুদ্ধ অভিযানৰ পৰা অসম আৰু বৰ্মা দেশৰ অত্যন্ত ক্ষতিসাধন হ’ল।সেয়ে এনে ধ্বংসকাৰী যুদ্ধৰ পৰা হাত সাৰিবলৈ আমি ৰংপুৰ এৰি যাব বিচাৰিছোঁ।অসমীয়া ৰাইজে,প্ৰজাগণে আমাক ঘৃণা কৰে।ছল বুজি আমাক যুদ্ধত হৰুৱাবলৈ চেষ্টা কৰে।গতিকে আমি ৰাইজৰ সহায় নাপালে অসম দেশত থাকিও নিৰাপদ নহয়।সেইহে আমি ৰংপুৰ এৰি যাব বিচাৰিছোঁ।যোৱাৰ বাটত যাতে কোনেও আমাক আক্ৰমণ নকৰে,তাৰ বাবে আপোনালিকে প্ৰতিখন চকিয়াললৈ খবৰ পঠিয়ায় যেন’।

মানৰ শান্তি প্ৰস্তাৱ বৃটিছে গ্ৰহণ কৰিলে।যিহেতু বৃটিছে এই সন্ধিৰ মাজতে নিজৰ অসাধাৰণ লাভ দেখা পাইছিল।তেওঁলোকৰ অভিসন্ধি আছিল অসম দেশখন নিজৰ হাতৰ মুঠিলৈ আনি এই দেশত থুপ খাই থকা সোণতকৈ মুল্যৱান ইয়াৰ প্ৰাকৃতিক সম্পদৰাজি লুণ্ঠন কৰা।এই সম্পদেৰে তেওঁলোক অধিকাৰ কৰি লোৱ বিশাল ভাৰতবৰ্ষৰ উন্নতি সাধনেই নহয়,এই সম্পদেৰে বৃটেইনৰ ৰাজভঁৰাল সম্পদশীলা কৰাৰো অভিপ্ৰায় আছিল।কিন্তু বৃটিছ জাতিটো আছিল সুযোগ সন্ধানী তেওঁলোকৰ চিন্তা সুশৃংখালবদ্ধ।যিদৰে তেওঁলোকৰ যুদ্ধ কৰা কৌশল আছিল শৃংখলাবদ্ধ।মুঠতে বৃটিছৰ বিদেশ জয়ৰ প্ৰধান অস্ত্ৰ আছিল সুশৃংখল চিন্তাধাৰা আৰু কাৰ্যাৱলী।ইয়াৰ উদাহৰণ তেওঁলোকৰ ৰাজনৈতিক,সামাজিক কিম্বা অৰ্থনৈতিক সুপৰিচালনাতে বুজা যায়।

১৮২৫ চনৰ ২ ফেব্ৰুৱাৰীত মানে বৃটিছ ৰাজশক্তিৰ ওচৰত অস্ত্ৰ সমৰ্পণ কৰে।ৰংপুৰত থকা দহ হেজাৰ মান সৈন্যই দুখেৰে ৰংপুৰ চহৰ এৰিবলৈ বাধ্য হয়।বৃটিছে ১৮২৫ চনৰ ২৫ ফেব্ৰুৱাৰীত নিশ্চিন্ত মনেৰে ৰংপুৰ দখল কৰিলে।তেওঁলোকৰ এই বিজয়ী মহোৎসৱৰ চিন স্বৰুপে ইতিমধ্যে এশ বছৰৰ পুৰ্বে নিজৰ দখললৈ অনা ভৰতবৰ্ষৰ প্ৰতিখন ঠাইৰ কোঠবিলাকত তিনিটাকৈ বৰতোপ ফুটুৱায়।ইয়াৰ পৰা বুজা গৈছিল যে অসমখন দখল কৰাৰ পৰিকল্পনা বৃটিছসকলৰ বহু আগৰে পৰা গোপন অভিসন্ধি আছিল।

ইফালে,মানৰ আক্ৰমণৰ ফলত অসমৰ ৰাজশক্তি দুৰ্বল হৈ পৰাত অসমৰ চাৰিওফালে থকা অসমৰ স্বৰ্গদেউৰ তলতীয়া জাতি জনজাতিসকলে অসমীয়াসকলৰ ওপৰত গাইগুটীয়াভাৱে যেই যেনেকৈ পাৰে আক্ৰমণ চলাবলৈ ধৰিলে।এনে এক জাতিৰ ভিতৰত আছিল চিংফৌসকল।শদিয়াত থকা চিংফৌবিলাকে শদিয়াখোৱা গোহাঞিৰ ওপৰত আক্ৰমণ কৰি তেওঁক বন্দী কৰি থয়।তাত থকা আহোম সৈন্যৰ বৰ সেনাপতিকো আক্ৰমণ কৰিছিল।স্বৰ্গদেউ বা অসম ৰাজশক্তিয়ে তেওঁলোকক উদ্ধাৰ কৰা আশা নেদেখি বৃটিছৰ সহায় বিচাৰিলে।ফল ত বৃটিছ সৈন্য বাহিনীৰ এটা দলে আহোম বিষয়া দুজনক উধাৰৰ বাবে অহা খবৰ পাই চিংফৌবিলাক পলাল।বৃটিছ গুচি যোৱাৰ পিছত চিংফৌবিলাকে বৃটিছৰ সন্মুখীন হ’বলৈ ভয় নকৰি মান সৈন্যৰ লগ হৈ আহোমৰ বৰ সেনাপতিসকলক আক্ৰমণ কৰে।কথাটো শুনি বৃটিছে আধা বাটৰ পৰা উভতি আহি চিংফৌবিলাকৰ সৈতে থকা মানবিলাকক আক্ৰমণ কৰে।যুদ্ধত হাৰি চিংফৌবিলাক পলাই যায়।

১৮২৭ চনত বৃটিছ গভৰ্ণৰ জেনেৰেল আমহাৰ্ষ্ঠৈ বৰ্মা দেশৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।তেওঁ যুদ্ধৰ উদ্দেশ্যে বৃটিছ সৈন্য বাহিনীয়ে দুটা ভাগত ভাগ হৈ এটাই অসমৰ পৰা মান সৈন্য খেদি নি স্থলপথেদি বৰ্মা দেশ পোৱালেগৈ।আনটো সাগৰেদি যাত্ৰা কৰি মান দেশত প্ৰৱেশ কৰি আক্ৰমণ কৰিলেগৈ।বৃটিছৰ সেনাপতি ছাৰ আৰ্কিবলড কেম্বেল আছিল।আনফালে বৃটিছ সৈন্য বাহিনী বৰ্মা দেশলৈ যুদ্ধ কৰিবলৈ বুলি অহা শুনি বৰ্মা ৰজাই মিঙ্গিমাহা বদুলাক মানৰ সেনাপতি পাতি বৃটিছ সৈন্যক বাধা দিবলৈ পঠায়।বৰ্মা দেশৰ হেনজাদা নামৰ ঠাইত বৃটিছ আৰু মান সৈন্যৰ মাজত যুদ্ধ হয়।যুদ্ধত মান সেনাপতি বদুলাৰ বৃটিছ সৈন্যৰ গুলীত মৃত্যু হয়।এই খনেই আছিল বৃটিছ আৰু বৰ্মা দেশৰ মানৰ লগত হোৱা শেষ যুদ্ধ।এই শেষ যুদ্ধখন হৈছিল হেনজাদা ইয়াণদাবু নামৰ ঠাইত।যুদ্ধত হাৰি বৰ্মা ৰজাই বৃটিছলৈ সন্ধি প্ৰস্তাৱ আগবঢ়ালে।অসমতো মান সৈন্যই কেইবা ঠাইতো হাৰিলেও পিছত সুবিধা পালে বৃটিছ সৈন্য বাহিনীৰ ওপৰত আক্ৰমণ চলাইছিল।তাৰ তুলনাত এইবাৰ বৰ্মা দেশৰ মুল শাসনাধিষ্ঠিত ৰজাক পৰাস্ত কৰি যি সন্ধি চুক্তি স্বাক্ষৰ কৰা হ’ল,এই চুক্তিয়ে ঐতিহাসিক যুগান্তকাৰী ইয়াণ্ডাবু সন্ধি।এই সন্ধিৰ ফলত মানবিলাকৰ অসমৰ ওপৰত আধিপত্য চিৰদিনৰ বাবে মাৰ গ’ল।

সন্ধি চুক্তি অনুসৰি মানে অসম এৰি গুচি যাবলৈ বাধ্য হয়।ফলত অসমত এটা নতুন যুগৰ সুচনা হয় যদিও অসমৰ স্বাধীন গৌৰৱৰ সুৰ্য চিৰদিনৰ বাবে অন্ধকাৰত ডুব যায়।কাৰণ,মানৰ হাতৰ পৰা অসমৰ স্বৰ্গদেউসকলে এদিন নহ’লেও এদিন নিজৰ দেশ উদ্ধাৰ কৰি ল’বলৈ বুলি এটা আশা আছিল।আৰু সুবিধা আহিছিলোঁ।কিয়নো,সেই সময়ত অসমত থকা মান শাসকসকলৰ মাজত অভ্যন্তৰীণ গৃহ কন্দল আৰম্ভ হৈছিল।ইয়াৰ প্ৰমাণ উপৰোক্ত লেখা উল্লেখ কৰি অহা হৈছে।

বৃটিছৰ দৰে এটা চতুৰ বিশ্ব শক্তিৰ পৰা অসমক উদ্ধাৰ কৰা শেষ আশাকণো নি:শেষ হৈ গ’ল।১৯৪৭ চনত ভাৰতবৰ্ষৰ স্বাধীনতাৰ সৈতে অসমো স্বাধীন হৈছিল বৃটিছৰ কবলৰ পৰা।কিন্তু বৃটিছে এৰি তৈ যোৱাৰ পিছত অসমে পুনৰ স্বাধীনভাৱে মুৰ দাঙি থিয় হ’ব পৰা এটা অৱস্থালৈ আহিছিল।কিন্তু জ্ঞানহীন স্বাৰ্থলোভী কিছুমান অসমীয়া মানুহৰ বাবে অসম ভাৰতবৰ্ষৰ সৈতে চামিল হৈ পৰিল।সেই সময়তে ধনী উচ্চপদস্থ ক্ষমতাশীল অসমীয়া বিষয়া-কৰ্মচাৰীয়ে নিজৰ বিবেকক এফলীয়া কৰি নিজৰ ধনৰ ভঁৰাল মেটমৰা কৰিব বিচাৰি বৃটিছৰ যিকোনো কামৰ বিনিময়ত সন্ত্তষ্ট কৰিব বিচাৰিছিল।পাবত গজা বিষয়া-কৰ্মচাৰীয়েআনকি নিজৰ মাতৃভাষা অসমীয়াৰ ঠাইত বাংলাক চৰকাৰী ভাষা বা ৰাজ্যিক ভাষা কৰিবলৈকো পাছ পৰি থকা নাছিল।তেওঁবিলাকে নিজৰ ক্ষুদ্ৰ স্বাৰ্থ এৰি দেশৰ বাবে বিপ্লৱ কৰা হ’লে আজি অসম দেশ গৌৰৱেৰে স্বাধীনভাৱে মুৰ তুলি থাকিলহেঁতেন।

বৃটিছে অসমক ভাৰতৰ ঔপনিৱেশ হিচাপে গণ্য কৰি যোৱাৰ পিছত ভাৰত চৰকাৰে অসমৰ সকলো সম্পদত হাত উজান দিব নোৱাৰিলেহেঁতেন।বৃটিছে এৰি যোৱা অসমখনৰ প্ৰথম মন্ত্ৰী হৈছিল গোপীনাথ বৰদলৈ।কিয় প্ৰধানমন্ত্ৰী হৈছিল সেই কথা সকলোৱে বুজি পাইছে নিশ্চয়। প্ৰথম অৱস্থাত অসমখন সম্পুৰ্ণৰুপে ভাৰতবৰ্ষৰ সৈতে চামিল হোৱা নাছিল।তেনে এক দোমোজাৰ মাজত অসমৰ ভৱিষ্যতৰ গৌৰৱ ওলমি থকাৰ পিছত এজনো সৎ সাহসৰ অসমীয়া নোলাল নেকি যিয়েই নেকি অসমক বৃটিছে স্বাধীনতা দিয়াৰ পিছত নিজৰ বুলি দাঙি ধৰিবলৈ।হয়তো বৃটিছ চাহাবৰ ৰঙা চকুলৈ ভয় কৰি থকা অসমীয়াই যে মুৰ তুলিবলৈ সাহস গোটাব নোৱাৰিলে।তাতে বৃটিছে অনা বাংলাভাষী লোকসকলে তাৰ সুযোগ নিদিলে।এইসকল অনা অসমীয়া লগ লাগি অসমক ভাৰতৰ হাতত জাপি দিয়াৰ কথাটো সন্দেহজনক হৈ পৰে।তাকে নকৰিলে এনেবোৰ বহিৰাগত লোকে অসমৰ পৰা সুযোগ-সুবিধা নোপোৱাৰ কথাটো সন্দেহজনক।এই সকলো লগ লাগি অসমৰ স্বাধীনতা বিজয়ী নিচান দ্বিতীয়বাৰৰ বাবে চিৰদিনে নিতাল মাৰিলে।

সি যি কি নহওক ইয়াণ্ডাবু সন্ধি হৈছিল বৰ্মা দেশ-ভাৰতবৰ্ষ শাসনত থকা ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত।ইয়াত অসমৰ কোনো ৰাজনৈতিক হস্তক্ষেপত সোমোৱাৰ সুবিধা ইংৰাজে অসমক দিয়া নাছিল।সেই তেতিয়াৰপৰা বৃটিছে ছলে বলে কৌশলে অসমক সহায় কৰিলোঁ বুলি আৰু অসমীয়া মানুহৰ দুৰ্বলতাৰ সুযোগ লৈ অসমক ভাৰতবৰ্ষৰ সৈতে অন্তৰ্ভুক্ত কৰিলে।আচলতে পৰৰাষ্ট্ৰক সহায়কাৰী দেশখনে সহায় বিচৰা দেশখনক সহায় কৰি উদ্ধাৰ কৰাৰ পিছত চুক্তি অনুসৰি ক্ষতিপুৰণ লৈ সহায়কাৰী দেশখনে পুনৰ উভতি যাব লাগে নিজৰ দেশলৈ।এয়া আছিল পৰৰাষ্ট্ৰ প্ৰকৃত নীতি।কিন্তু বৃটিছে অসমৰ ৰাজশক্তি ,প্ৰজাৰ দুৰ্বলতা পাই এই দেশৰ পৰা শত্ৰু নিপাত কৰি সকলো আইন,নীতি-নিয়ম বিসৰ্জন দি অবৈধভাৱে অসমখন দখল কৰে।ইয়াৰ আগেয়ে ভাৰতবৰ্ষ মোগল শাসনকৰ্তাসকলে সোতৰবাৰ অসম আক্ৰমণ কৰিও অসমৰ গাৰ নোম এডাল লৰাব পৰা নাছিল।বৃটিছৰ ভুল পৰৰাষ্ট্ৰ নীতিৰ বাবে অসম দেশ ইংৰাজে এৰি যোৱাৰ পিছত ভাৰতৰ শাসনতন্ত্ৰৰ লগত অবৈধভাৱে চামিল হ’ল।

লেখক:দেদীপ্যা চেতিয়া পাতৰ (বুধবৰীয়া বুলনি )

 

3.02941176471
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top