মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / অসমত বৈষ্ণৱী পৰ্য্যটনৰ সম্ভাৱনা আৰু বিকাশঃ এক আলোচনা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমত বৈষ্ণৱী পৰ্য্যটনৰ সম্ভাৱনা আৰু বিকাশঃ এক আলোচনা

অসমত বৈষ্ণৱী পৰ্য্যটনৰ সম্ভাৱনা আৰু বিকাশঃ এক আলোচনাৰ বিষয়ে লিখা হৈছে ।

 

ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে নিজৰ স্বকীয় প্ৰাকৃতিক সৌন্দৰ্য্য আৰু সামাজিক আৰু সাংস্কৃতিক বৈশিষ্ট্যৰ বাবে অতীজৰে পৰাই দেশী আৰু বিদেশী পৰ্য্যটক সকলৰ মাজত সমাদৰ লাভ কৰি আহিছে আৰু এইক্ষেত্ৰত আমাৰ অসমে সদায় উত্তৰ পূৰ্বাঞ্চলৰ মূল প্ৰবেশ দ্বাৰ আৰু আকৰ্ষণৰ কেন্দ্ৰ হিচাপে নিজৰ অৰিহণা যোগাই আহিছে৷

লিখিত ইতিহাসে সাক্ষী দিয়ে যে কুমাৰ ভাস্কৰ বৰ্মনৰ (৫৯৪-৬৫০ খ্ৰীষ্টাব্দ) ৰাজত্বকালত প্ৰসিদ্ধ চীনা পৰিব্ৰাজক হিউয়েন চাংৰ অসম ভ্ৰমণৰ দিন ধৰি আজিলৈকে অসমে সদায় নিজস্ব প্ৰাকৃতিক, সামাজিক আৰু সাংস্কৃতিক সৌন্দৰ্য্য আৰু বৈচিত্ৰ্যৰ বাবে পৰ্য্টকসকলক সন্মোহিত আৰু আপ্লুত কৰি ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷

প্ৰকৃতিৰ নিৰংকুশ অৱদানৰে ধন্য অসমত পৰ্য্যটনৰ মূল আকৰ্ষণসমূহ যদিও প্ৰাকৃতিক (সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যানসমূহৰ  অলেখ সৰু-বৰ চৰাই, জলজ আৰু স্থলজ বন্যপ্ৰাণী আদি), তথাপিয়ো অসমত বিভিন্ন ঐতিহাসিক(যেনে, শ্ৰীসূৰ্য্য পাহাৰ, দ-পৰ্বতীয়া, অগ্নিগড়, ৰংঘৰ, কাৰেংঘৰ, মৈদাম, নামদাঙৰ শিলৰ সাঁকো আদি) আৰু ধৰ্মীয় (যেনে,   কামাখ্যা, নাগশংকৰ, পোৱামক্কা, আজান পীৰৰ দৰগাহ, গুৰুদ্বাৰা দমদমা চাহিব, তাম্ৰেশ্বৰী, মহামায়া থান আদি) পৰ্য্যটন স্থলীয়ো আছে, যিবোৰৰ বহুতে  অসমৰ থলুৱা স্থাপত্য আৰু ভাস্কৰ্য্য শিল্পৰো সুন্দৰ নিদৰ্শন দাঙি ধৰে৷

তাৰ বাহিৰেয়ো অসমৰ চাহ পৰ্য্যটন (অসমৰ বিভিন্ন চাহ বাগান), বস্ত্ৰ পৰ্যটন (শুৱালকুচি) আদিয়েও কম-বেছি পৰিসৰত পৰ্য্যটকসকলক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷

অসমৰ দৰে এখন ঔদ্যোগিক আৰু  অৰ্থনৈতিকভাৱে পিছপৰা ৰাজ্যত নিবনুৱা সংস্থাপনৰ আঁহিলা আৰু চৰকাৰী ৰাজহ বৃদ্ধিৰ সহায়ক হিচাপে এটা সুসংগঠিত আৰু প্ৰাণোচ্ছল পৰ্যটন উদ্যোগৰ প্ৰাসংগিকতা আৰু প্ৰয়োজনীয়তা সৰ্বজনস্বীকৃত৷

অসমত পৰ্য্যটন উদ্যোগৰ, আৰু ইয়াৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জৰিত আন সকলো উদ্যোগ (যেনে, হোটেল, ট্যুৰিষ্ট ল’জ, স্থানীয় যাতায়ত ব্যৱস্থা, কুটীৰ শিল্পজাত বস্তুৰ বিক্ৰী আদি)ৰ বহুমুখী বিকাশৰ ক্ষেত্ৰত অসমৰ বিভিন্ন স্থানত অৱস্থিত বৈষ্ণৱ ধৰ্মীয় অনুষ্ঠানসমূহে নিশ্চয় এক গুৰুত্বপূৰ্ণ ভূমিকা লব পাৰে আৰু এই অনুষ্ঠানসমূহে পৰ্য্যটনৰ যোগেদি নিজকে অৰ্থনৈতিকভাৱে টনকিয়াল কৰাৰ লগতে স্থানীয় অৰ্থনৈতিক বিকাশতো বলিষ্ঠ অৱদান আগবঢ়াবলৈ সক্ষম হোৱাৰ পুৰামাত্ৰাই সম্ভাৱনা আছে৷

অলপতে অসম চৰকাৰৰ পৰ্য্যটন বিভাগে অসমত ’বৈষ্ণৱী পৰ্য্যটন’ৰ সম্ভাৱনাৰ কথা অনুধাৱন কৰি এই প্ৰসংগত অধিক গুৰুত্ব সহকাৰে পদক্ষেপ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাতৰি শুনা গৈছিল৷

‘বৈষ্ণৱী পৰ্য্যটন’ বুলিলে মূলতঃ বৈষ্ণৱ ধৰ্মৰ লগত জৰিত সত্ৰ, নামঘৰ (বা কীৰ্ত্তন ঘৰ), থান আদি অনুষ্ঠান সমূহ আৰু এই অনুষ্ঠানসমূহৰ লগত জৰিত বিভিন্ন দিশসমূহৰ দৰ্শনকে বুজা যায়৷

পৰ্য্যটন বিভাগৰ এই সিদ্ধান্ত নিসন্দেহে এক প্ৰশংসনীয় কাৰ্য্য আৰু বৈষ্ণৱী পৰ্য্যটনৰ বিকাশ আৰু প্ৰসাৰে অসমৰ পৰ্য্যটন উদ্যোগলৈ এক সুদূৰপ্ৰসাৰী আৰু যোগাত্মক অৱদান আগবঢ়োৱাৰ সম্পূৰ্ণ প্ৰতিশ্ৰুতি আছে বুলি আমাৰ বিশ্বাস৷

আজিৰ পৰা প্ৰায় পাঁচশ বছৰ আগতে মহাপুৰষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অসমৰ সমূহ মানুহৰ মাজত  ’এক শৰণ নাম ধৰ্ম’ (নৱ বৈষ্ণৱ ধৰ্ম) প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্যৰে ’সত্ৰ’ অনুষ্ঠানৰ জন্ম দিয়ে, যি অনুষ্ঠান সময়ৰ লগে লগে একাধাৰে ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাবে বিকশিত হৈ উঠে৷

নামঘৰ -

‘নামঘৰ’, যাক ’কীৰ্ত্তন’ ঘৰ বুলিও জনা যায়, মুখ্যতঃ এক ধৰ্মীয় আৰু সামাজিক অনুষ্ঠান আৰু গ্ৰাম্য জীৱনৰ প্ৰাণকেন্দ্ৰ স্বৰূপ৷

নামঘৰসমূহে অসমীয়া সমাজৰ বিভিন্ন বৰ্গ আৰু স্তৰৰ মানুহৰ মাজত সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় সম্প্ৰীতি বজাই ৰখাত সদায় এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷

তদুপৰি নামঘৰ সমূহে গ্ৰাম্য ন্যায়ালয় আৰু ৰাজহ সংগ্ৰহৰ অনুষ্ঠান হিচাপেয়ো কাম কৰি আহিছে৷ সত্ৰ অনুষ্ঠানসমূহৰ উদ্দেশ্য আৰু কামকাজ নামঘৰৰ অনুৰূপ যদিও এই অনুষ্ঠান সমূহৰ আন্তঃগাথনি আৰু কামকাজৰ পৰিসৰ নামঘৰতকৈ যথেষ্ট বহল৷

এই অনুষ্ঠান সমূহে বৃহত্তৰ অসমীয়া সমাজখনত ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক এক্য আৰু সম্প্ৰীতিৰ এনাজৰী সুদৃঢ় কৰি ৰখাত বিগত কেইবা দশক জুৰি উল্লেখনীয় ভূমিকা লৈ আহিছে৷

পৰ্য্যটনৰ দিশৰ পৰা বিবেচনা কৰিলে দেখা যায় যে অসমৰ বিভিন্ন অঞ্চলত অৱস্থিত বিভিন্ন সত্ৰ অনুষ্ঠানসমূহলৈ বছৰৰ বিভিন্ন সময়ত বহু দেশী (ৰাজ্যিক আৰু বৰ্হিৰাজ্যৰ) আৰু বিদেশী পৰ্যটকৰ আগমন ঘটে৷

এই পৰ্য্যটকসকলৰ বাবে মুখ্য আকৰ্ষণৰ বিষয়বস্তুসমূহ হ’ল সত্ৰ অনুষ্ঠানৰ জন্ম ইতিহাস, অনুষ্ঠানসমূহত প্ৰচলিত বিভিন্ন কলাৰ সাধনা (সংগীত, নৃত্য, বাদ্য যন্ত্ৰ আদি), স্থাপত্য আৰু ভাষ্কৰ্য্যৰ নিদৰ্শন, চিত্ৰ কলা, পাৰম্পৰিক উপস্থাপন শৈলী, নিত্য-নৈমিত্তিক ৰীতি-নীতি, বিভিন্ন উৎসৱ আদি৷

সেয়ে অসমত বৈষ্ণৱী পৰ্য্যটনৰ ক্ষেত্ৰখন এক সুসংগঠিত ৰূপত বিকাশ কৰাৰ বাবে সুপৰিকল্পিত আঁচনি আৰ দূৰদৰ্শী পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য্য৷

এইক্ষেত্ৰত বিভিন্ন সত্ৰ অনুষ্ঠানসমূহৰ স্বকীয়তা আৰু আনুষংগিক বৈশিষ্ট্য সমূহ সংৰক্ষণ কৰাটো অতিকৈ প্ৰয়োজনীয়, কিয়নো এই অনুষ্ঠান সমূহৰ স্বকীয়তাই এই অনুষ্ঠানসমূহৰ মূল আকৰ্ষণ৷

লগতে এই অনুষ্ঠানসমূহৰ লগত অংগাংগীভাৱে জৰিত বিভিন্ন কলা (নৃত্য, গীত, ৰাস-ভাওঁনা, বাদ্যযন্ত্ৰ, গায়ন-বায়ন শৈলী আদি) সমূহৰ অনুশীলন আৰু প্ৰচাৰৰ ব্যৱস্থাৰ প্ৰতিয়ো বিশেষ গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন৷

তদুপৰি এই অনুষ্ঠানসমূহৰ স্থাপত্য আৰু ভাস্কৰ্য্যৰ লগত জৰিত দিশবোৰতো বৈজ্ঞানিক পদ্ধতিৰে আৰু উপযুক্ত সময়ানুবৰ্তীতাৰে সংৰক্ষণমূলক ব্যৱস্থা গ্ৰহণ কৰাতো অতিকৈ আৱশ্যকীয়৷

এইখিনিতে মন কৰিবলগীয়া এটা দিশ হ’ল অসমৰ সকলো সত্ৰই নিত্য-নৈমিত্তিক ৰীতি-নীতি আৰু আন কিছুমান আনুষংগিক দিশত সকলো ফালৰে পৰা এটা আনটোৰ লগত সম্পূৰ্ণ একে নহয়৷

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱৰ পিছত এক শৰণ নাম ধৰ্মত ’সংহতি’ নামে এক ব্যৱস্থাই গা কৰি উঠে আৰু কিছুমান ৰীতি-নীতি আৰু সাংস্কৃতিক তাৰতম্যৰ ভিত্তিত চাৰিটা সংহতি- নিকা সংহতি, কাল সংহতি, ব্ৰহ্ম সংহতি আৰু পুৰুষ সংহতি- আৰম্ভ হয়৷

এটা সংহতিৰ লগত আনটো সংহতিৰ এই তাৰতম্যসমূহ সাধাৰণতে বিভিন্ন ৰীতি-নীতিসমূহ মনযোগেৰে অনুধাৱন কৰিলেহে চকুত পৰে আৰু এই তাৰতম্যসমূহ মূলতঃ চাৰিটা মৌলিক উপাদান- নাম, দেও, গুৰু আৰু ভকত- ৰ উপৰত বিভিন্ন সংহতিয়ে কম-বেছি পৰিমাণে আৰোপ কৰা গুৰুত্বৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়৷

সেয়ে সত্ৰ সমূহৰ এনে স্বকীয়তা আৰু বিভিন্নতাই কেৱল ভক্তপ্ৰাণসকলৰেই নহয়, অন্যান্য পৰ্য্টকসকলৰ মনতো আগ্ৰহ আৰু অনুসন্ধিৎসাৰ সৃষ্টি কৰাৰ নিশ্চয় সম্ভাৱনা আছে আৰু এই অনুসন্ধিৎসাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সংহতিৰ সত্ৰ সমূহ দৰ্শন কৰাৰ ইচ্ছা আৰু সম্ভাৱনা জাগি উঠাটো স্বাভাৱিক, যিটো বৈষ্ণৱী পৰ্য্যটনৰ বিকাশৰ ক্ষেত্ৰত এক যোগাত্মক দিশ৷

অসমত বৈষ্ণৱী পৰ্য্যটনৰ সুসংগঠিত বিকাশ আৰু পৰ্য্যটক -

অসমত বৈষ্ণৱী পৰ্য্যটনৰ সুসংগঠিত বিকাশ আৰু পৰ্য্যটকসকলৰ সুবিধাৰ্থে অসমৰ বৈষ্ণৱ ধৰ্মীয় অনুষ্ঠানসমূহ ভৌগোলিক অৱস্থান আৰু নিকটবৰ্তী চহৰ/ নগৰ (য’ত থকা-খোৱাৰ সুব্যৱস্থা থকা হোটেল, ট্যুৰিষ্ট ল’জ আদি পোৱা য়ায়) আদিৰ ভিত্তিত কেইটামান সংমণ্ডলত ভাগ কৰিব পাৰি৷

নামনি অসমৰ ক্ষেত্ৰত বৰপেটা চহৰক  কেন্দ্ৰ কৰি এটা সংমণ্ডল গঠন কৰিব পাৰি, কিয়নো বৰপেটা চহৰৰ আশে পাশে বা নিকট দূৰত্বতে বিভিন্ন সংহতিৰ কেইবাখনো সত্ৰ অৱস্থিত৷

দামোদৰদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত পাটবাউসী সত্ৰ, ভট্টদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত ব্যাসকুছি সত্ৰ আৰু হৰিদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত বহৰি সত্ৰ, এই তিনিখন ব্ৰহ্ম সংহতিৰ সত্ৰ বৰপেটা চহৰৰ সমীপতেই অৱস্থিত৷

গোপাল আতাইয়ো প্ৰথমে পুৰণি ভৱানীপুৰত এখন সত্ৰ স্থাপন কৰিছিল আৰু পাছত ভৱানীপুৰৰ কাষৰীয়া কালাজাৰত এখন স্থায়ী সত্ৰ স্থাপন কৰে৷ আনহাতে, পাটবাউসী শংকৰদেৱ থানত অৱস্থিত পাটবাউসী সত্ৰ আৰু জনীয়া সত্ৰ পুৰুষ সংহতিৰ অন্তৰ্ভুক্ত সত্ৰ৷

উল্লেখযোগ্য যে পাটবাউসীত দুখন সত্ৰ অৱস্থিত- এখন ব্ৰহ্ম সংহতিৰ সত্ৰ আৰু আনখন পুৰুষ সংহতিৰ সত্ৰ৷

বৰপেটা জিলাত নিকা সংহতিৰ মূল সত্ৰ হ’ল মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত বৰপেটা সত্ৰ৷ এই সংমণ্ডলৰ আনকেইখনমান নিকা সংহতিৰ সত্ৰ হ’ল সুন্দৰীদিয়া আৰু গনককুছি৷

দ্বিতীয়টো সংমণ্ডলত নগাওঁ বা তেজপুৰ চহৰক কেন্দ্ৰ হিচাপে লৈ মধ্য অসমত অৱস্থিত সত্ৰসমূহ অন্তৰ্ভুক্ত কৰিব পাৰি৷

এই সংমণ্ডলৰ সত্ৰসমূহৰ ভিতৰত নগাওঁ জিলাৰ বৰদোৱা বট্ৰদৱা সত্ৰ, আলিপুখুৰী থান (শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান); দৰং জিলাৰ খটৰা সত্ৰ, দেৱানন্দ সত্ৰ, শোণিতপুৰ জিলাৰ নিকামূল সত্ৰ আৰু গোলাঘাট জিলাৰ কুৰুৱাবাহী সত্ৰ আদি উল্লেখযোগ্য৷

তৃতীয় সংমণ্ডলত উজনি অসমৰ যোৰহাট চহৰক কেন্দ্ৰ হিচাপে লৈ মাজুলীৰ সত্ৰসমূহ ৰাখিব পাৰি৷ মাজুলি ইতিমধ্যেই এক প্ৰতিষ্ঠিত পৰ্য্যটন স্থল৷ ইয়াত অৱস্থিত ব্ৰহ্ম সংহতিৰ মূল সত্ৰসমূহ হ’ল আউনীআটি, দক্ষিণপাট আৰু গড়মূৰ৷

আনহাতে, বেঙেনাআটি, চামগুৰি আদি পুৰুষ সংহতিৰ সত্ৰসমূহ আৰু উত্তৰ কমলাবাৰী, নতুন কমলাবাৰী, ভোগপুৰ আদি নিকা সংহতিৰ সত্ৰসমূহো মাজুলিতেই অৱস্থিত৷

তদুপৰি, সুসংগঠিত বৈষ্ণৱী পৰ্যটনৰ স্বাৰ্থত পশ্চিমবংগ চৰকাৰৰ সহযোগত আন এটা চতুৰ্থ সংমণ্ডল উত্তৰবংগৰ কোঁচবিহাৰক কেন্দ্ৰ কৰিও স্থাপন কৰিব পাৰি৷ এই অঞ্চলৰ মধুপুৰ সত্ৰই শ্ৰীমন্ত শংকৰদেৱৰ পৃষ্ঠপোষক কোঁচ ৰজা নৰনাৰায়ণৰ স্মৃতি বহন কৰে৷

এই বৈষ্ণৱী সত্ৰসমূহৰ বাহিৰেয়ো অসমৰ বিভিন্ন স্থানত অৱস্থিত সৰু-বৰ জনপ্ৰিয় নামঘৰসমূহ (যেনে, আঠখেলিয়া, ঢেকীয়াখোৱা আদি) আৰু বৈষ্ণৱী থানসমূহ (যেনে, নাহৰণি থান, বাবুল আতাৰ থান আদি) বৈষ্ণৱী পৰ্য্যটনৰ আকৰ্ষণ হিচাপে বিকাশ কৰিব পাৰিলে অসমত পৰ্য্যটন উদ্যোগৰ পৰিসৰ বহুখিনি বহল হ’ব৷

অসমত বৈষ্ণৱী পৰ্য্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা স্বত্তেয়ো যথোপযুক্ত আন্তঃগাঠনি, সুপৰিকল্পিত প্ৰচাৰ আৰু সুসংগঠিত তদাৰকী ব্যৱস্থাৰ অভাৱ এইক্ষেত্ৰত এক ডাঙৰ অন্তৰায় হৈ আছে৷

সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত বিভিন্ন -

*নৃত্য,

*গীত,

*বাদ্যযন্ত্ৰ;

*কাঠ,

*বাঁহ নিৰ্মিত হস্তশিল্প;

*কীৰ্ত্তন ঘৰ, নামঘৰ,

*মণিকূট আদিৰ স্থাপত্য;

*সত্ৰ,

*নামঘৰৰ দেৱালত সংলগ্ন চিত্ৰাংকন আদিও পৰ্য্যটকসকলৰ আগত আকৰ্ষণীয়ভাৱে পৰিবেশন কৰাৰ প্ৰতিয়ো মনযোগী বিশেষ প্ৰয়োজন৷

আনহাতে, যাতায়ত ব্যৱস্থা আৰু পৰ্য্যটকসকলৰ থকা-খোৱাৰ দিশতো গুৰুত্ব দিয়াৰ দৰকাৰ৷ এইক্ষেত্ৰত ৰাজ্যিক চৰকাৰৰ পৰ্য্যটন বিভাগে সুপৰিকল্পিত আৰু দূৰদৰ্শী আঁচনি গ্ৰহণ কৰাৰ প্ৰয়োজন আৰু ৰাজ্যিক চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰ্য্যটন মন্ত্ৰণালয়ৰ লগত আলোচনা কৰি বৈষ্ণৱী পৰ্য্যটনৰ বিকাশৰ বাবে যুটিয়াভাৱে প্ৰয়োজনীয় অৰ্থৰ ব্যৱস্থা কৰা উচিত৷

বিশেষকৈ সত্ৰীয়া সংস্কৃতিৰ লগত জৰিত কলাকুশলীসকলক বিত্তিয় সাহায্য আগবঢ়োৱাৰ বাবে কিছুমান  আঁচনি হাতত লোৱাৰ প্ৰয়োজন, যাতে তেখেতসকলে এই কলাসমূহৰ চৰ্চা আৰু প্ৰশিক্ষণ আৰ্থিক দুৰাবস্থাৰ বাবে এৰি দিব লগীয়া নহয়৷

তদুপৰি, বৈষ্ণৱী সাহিত্য  আৰু সত্ৰীয়া সংস্কৃতিৰ লগত জৰিত বিভিন্ন দিশবোৰ পৰ্য্যটকসকলক ভালদৰে বুজাই দিব পৰাকৈ যথেষ্ট পৰিমাণে ট্যুৰিষ্ট গাইড প্ৰশিক্ষিত কৰাটোৱো বৈষ্ণৱী পৰ্য্যটনৰ বিকাশৰ বাবে অতি প্ৰয়োজনীয়৷

আনুষংগিকভাৱে স্থানীয় যুৱক-যুৱতীসকলক বিভিন্ন আঁচনিৰ অধীনত বিত্তিয় সাহায্য, নিম্ন হাৰৰ ৠণ আদি আগবঢ়োৱাৰ ব্যৱস্থা কৰিব লাগে যাতে তেওঁলোকে এই পৰ্য্টন স্থলীসমূহৰ আশা পাশে অসমৰ পৰম্পৰাগত খাদ্য পৰিবেশন কৰা ভোজনালয়, থলুৱা অলংকাৰৰ দোকান, পৰম্পৰাগত বস্ত্ৰৰ  ভাণ্ডাৰ, হস্তশিল্পজাত বস্তুৰ বিক্ৰীকেন্দ্ৰ আদি স্থাপন কৰি স্বাবলম্বী হোৱাৰ সুবিধা লব পাৰে আৰু এনে বিপনিসমূহে  পৰ্য্যটনস্থলীসমূহৰ আকৰ্ষণ পৰ্য্যটকসকলৰ চকুত বহুমুখী কৰি তুলিব৷

বৰ্তমান সময়ত অসমৰ বহু সত্ৰৰ ভূমি অব্যৱহৃত হৈ পৰি থকাৰ কাৰণে বেদখলকাৰীৰ গ্ৰাসত পৰাৰ দৰে ঘটনা ঘটিবলৈ লৈছে৷ যদিহে এনে সত্ৰসমূহ আকৰ্ষণীয় আৰু ব্যস্ত পৰ্য্যটনস্থলী হিচাপে বিকাশ কৰিব পৰা যায়, তেন্তে সত্ৰৰ অব্যৱহৃত ভূমিত সঠিক পৰিকল্পনাৰে অসমৰ বিভিন্ন পৰম্পৰাগত সামগ্ৰীৰ বিক্ৰী কেন্দ্ৰ আৰু পৰ্য্যটকসকলৰ থকা-খোৱাৰ বাবে কিছুমান সৰু সৰু হোটেল, ট্যুৰিষ্ট ল’জ আদি লাভজনক ভাৱে প্ৰতিষ্ঠা কৰাৰ কথা চিন্তা কৰিব পাৰি৷

ইয়াৰ দ্বাৰা সত্ৰৰ মাটিত বেদখল হোৱাটো ৰোধ হোৱাৰ লগতে সত্ৰৰ উপাৰ্জন বৃদ্ধি হব আৰু স্থানীয় অৰ্থনৈতিক অৱস্থায়ো উন্নত হোৱাত সহায় হব৷ আনহাতে, বহু সত্ৰৰ মাটি প্ৰতিবছৰে বানপানীৰ সময়ত গৰাখহনীয়াত পৰে, বিশেষকৈ মাজুলীৰ সত্ৰসমূহৰ৷

এনে খহনীয়া ৰোধৰ বাবে  উপযুক্ত প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সদিচ্ছা আৰু প্ৰয়োজনীয় অৰ্থ, দুয়োটাই প্ৰয়োজনৰ সময়ত  আকাল পৰা দেখা যায়৷

যদিহে এনে সত্ৰসমূহক ব্যস্ত  পৰ্য্যটনস্থলী হিচাপে বিকাশ কৰি অধিক উপাৰ্জনক্ষম কৰি তুলিব পৰা যায়, তেন্তে এই সত্ৰসমূহে নিজৰ ভূমি খহনীয়াৰ পৰা ৰোধ কৰিবলৈ লবলগীয়া ব্যৱস্থাৰ যাৱতীয় খা-খৰচৰ বাবে কেৱল চৰকাৰলৈ ধিয়াই ৰৈ নাথাকি নিজাববীয়াকৈয়ো যথেষ্টখিনি খৰচ সময়োনুচিতভাৱে বহন কৰিব পাৰিব বুলি আশা কৰিব পাৰি৷

গতিকে দেখা যায় যে অসমত পৰ্য্যটনৰ উদ্যোগৰ বহুমুখী বিকাশৰ ক্ষেত্ৰত ’বৈষ্ণৱী পৰ্যটন’ৰ প্ৰচুৰ সম্ভাৱনা আছে৷

সুপৰিকল্পিত আৰু দূৰদৰ্শী আঁচনি গ্ৰহণ কৰি আগবাঢ়িলে আৰু এই পৰ্য্যটনক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আকৰ্ষণীয়ভাৱে প্ৰচাৰ কৰিলে অসমত এক প্ৰাণোচ্ছল বৈষ্ণৱী পৰ্য্যটন উদ্যোগ গঢ় লৈ উঠিব, যি অসমৰ যুৱক-যুৱতীসকলৰ বাবে আত্মনিয়োজনৰ বহু পথ মুকলি কৰাৰ লগতে বৈষ্ণৱী অনুষ্ঠানসমূহকো অৰ্থনৈতিক ভাৱে টনকিয়াল কৰিব আৰু চৰকাৰী ৰাজহ বৃদ্ধিত সহায়ক হব৷

লগতে বৈষ্ণৱী পৰ্য্যটনৰ উপযুক্ত বিকাশে বিশ্বায়নৰ কৰাল গ্ৰাসত পৰি দিনে দিনে স্তিমিত হৈ আহিবলৈ ধৰা আমাৰ থলুৱা সত্ৰীয়া সংস্কৃতিক কেৱল পুনৰ উজ্জীৱিত কৰি তোলাই নহয়, আমাৰ এই ঐতিহাসিক সাংস্কৃতিক ঐতিহ্যক অসমীয়া সমাজৰ এক স্বকীয় চিনাকি হিচাপে সকলোৰে আগত পুনৰ শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰি তুলিব৷

লেখক: বিপ্লৱ বৰা

উৎস: সাহিত্য.অৰ্গ

 

 

 

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top