মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / অসমৰ জাতীয় জীৱনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভূমিকা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ জাতীয় জীৱনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভূমিকা :

অসমৰ জাতীয় জীৱনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভূমিকাৰ বিষয়ে লিখা হৈছে ।

‘কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি

তব পূণ্য কিৰণেৰে কৰিলা পৱিত্ৰভূমি?

নিৰলে বজাই বীণ কোন কবি কাননত

স্বৰ্গৰ বাতৰি আনি দিয়া দেৱ মৰতত’

-যতীন্দ্ৰনাথ দুৱাৰা

মহা মনীষাৰ লীলাভূমি অসমৰ বুকুত অনিৰ্বাচনীয় জ্যোতিৰ্ময় দীপ্তিময় হৈ নৱ প্ৰভাতৰ মংগল আৰতিৰে চৌদিশ মুখৰিত কৰি ইংৰাজী ১৪৪৯ খ্ৰীষ্টাব্দত বৰ্তমানৰ নগাঁও জিলাৰ বৰদোৱাত মহাপুৰুষ শংকৰদেৱে জন্মগ্ৰহণ কৰিছিল।

পিতৃৰ নাম আছিল কুসুম্বৰ আৰু মাতৃৰ নাম আছিল সত্যসন্ধ্যা। মহাপুৰুষজনাই তেওঁৰ মাক-পিতাকক সৰুতেই হেৰুৱাব লগাত পৰিছিল আৰু তাৰ পিছত তেওঁ বুঢ়িমাক খেৰসুতিৰ তত্ত্বাৱধানত ডাঙৰ-দীঘল হৈছিল।

১২ বছৰ বয়সত এইজনা মহাপুৰুষে মহেন্দ্ৰ কন্দলীৰ টোলত শিক্ষাগ্ৰহণ কৰিছিল আৰু তাতেই নিজৰ পাণ্ডিত্য প্ৰদৰ্শন কৰি সকলোকে চমকৃত কৰিছিল।এইখিনিতে প্ৰয়াত ধৰ্মপ্ৰাণ ব্যক্তি, মোৰ দেউতা ৰোষেশ্বৰ হাজৰিকাদেৱৰ মুখে শুনা আৰু চৰিতপুথিত উল্লেখ থকা মহাপুৰুষজনাৰ জন্ম বৃত্তান্তৰ এটি সুন্দৰ আকৌলিক ঘটনা উল্লেখ কৰিলো। এইজনা মহাপুৰুষৰ জন্মৰ সময়ত অসমত তান্ত্ৰিক শক্তি পূজা ভালকৈ চলিছিল, তেতিয়া চুকাফা স্বৰ্গদেউ অসমৰ  ৰাজ সিংহাসনত আছিল। শংকৰদেৱৰ পিতৃ কুসুম্বৰ ভূঞা(বিখ্যাত চণ্ডীবৰ ভূঞাৰ পৰিনাতি) আছিল।

বহু বছৰ সত্যসন্ধাৰ সন্তান নাছিল। সেই সময়ত কুসুম্বৰ ভূঞাৰ এজনী বৰ সুন্দৰ জকপিনী খিৰতী গাই আছিল। গাইজনীয়ে সদায় নিশা গোহালিৰ পৰা ওলাই গৈ ব্ৰহ্মপুত্ৰ নৈ সাঁতুৰি পাৰ হয় আৰু নৈৰ সিপাৰৰ শিঙৰিত থকা গোপেশ্বৰ শিৱক গাখীৰ দি আহি গাইজনীৰ বুকুলৈকে পানীৰ চিন থকা কদেখা পাই কুসুম্বৰ ভূঞাই পহৰা দিয়াৰ ব্যৱস্থা কৰিলে, তেতিয়াহে তেওঁ গম পালে যে গাইজনীয়ে প্ৰত্যেক নিশা নৈৰ সিপাৰে থকা গোপেশ্বৰ শিৱক গাখীৰ যোগাই আহেগৈ।

কুসুম্বৰ ভূঞাই এই কথা জানি বৰ সন্তোষ পালে আৰু নৈৰ সিপাৰত থকা গোপেশ্বৰ শিৱক এদিন সকলো যোগাৰ লৈ গৈ পূজা দিলেগৈ। শিৱই কুসুম্বৰ ভূঞাৰ পূজাত সন্তুষ্ট হৈ তেওঁক পুত্ৰ লাভৰ বৰদান দিলে, এই বৰ লাভৰ ফলত প্ৰথমা পত্নী সত্যসন্ধাৰ গৰ্ভত এই মহাপুৰুষ শংকৰদেৱৰ জন্ম হয় বৃহস্পতিবাৰৰ মাজনিশা। অতি আচৰিত কথা যে শংকৰদেৱৰ জন্মৰ সময়ত ভূঞাসকলৰ ঘৰত থকা দেৱী মূৰ্তিবোৰৰ আগত জ্বলাই থোৱা এশগছ বন্তি নুমাই গৈছিল। মহাপুৰুষজনাৰ জন্মৰ তিনিদিনৰ পাছতেই মাক সত্যসন্ধাৰ মৃত্যু হয়। এই মহাপুৰুষজনাক আইতাকে ডাঙৰ-দীঘল কৰিছিল। মহেন্দ্ৰ কন্দলীৰ টোলত তেওঁ গভীৰ বিদ্যা-বুদ্ধিৰে পৰিচয় দাঙি ধৰিছিল। গুৰু টোলতে আ-কাৰ, ই-কাৰ নোহোৱা কবিতা লিখি গুৰুৰ প্ৰিয়ভাজন হয়। এই কোমল গীতেৰেই তেওঁ নিজৰ প্ৰতিভাৰ পৰিচয় দিছিল।

‘কৰতল কমল কমলদল নয়ন

ভবদব দহ গহন বন শয়ন

নপব নপৰ পৰ স্তৰত গময়

সভয় মভয় ভয় মমহৰ সততয়

খৰতৰ বৰ শৰ হত দশ বদন

খগচৰ নগধৰ ফণধৰ শয়ন

জগদঘ মপহৰ ভৱ ভয় তৰণ

পৰ পদ লয় কৰ কমলজ নয়ন’

মহেন্দ্ৰ কন্দলীয়েই এই গীতটিৰ বাবে তেওঁক ‘দেৱ’ উপাধি প্ৰদান কৰিছিল। ইয়াৰ পাছত মহাপুৰুষজনা পিছ হুহকিব লগা হোৱা নাছিল। তেওঁৰ সমস্ত জীৱন আছিল ধৰ্মীয় আদৰ্শ প্ৰচাৰৰ বাবে উৎসৰ্গিত।

এই মহাপুৰুষজনাই সকলোকে অন্তৰে অন্তৰে পৰম পুৰুষ চিৰসুন্দৰৰ মোহন মুৰুলী আঁকি দি মানৱ প্ৰেমৰ এনাজৰীৰে জগতক আঁকোৱালি ল’বলৈ শিকাইছিল। আজি অসমৰ সমাজ-সভ্যতা আৰু বিভিন্ন দিশ যদি ফঁহিয়াই চোৱা হয়, তেন্তে একে আষাৰে ক’ব পাৰি যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰু তেওঁৰ দ্বাৰা প্ৰচলিত ধৰ্মই সমগ্ৰ অসমক আঁকোৱালি আছে ইমূৰৰ পৰা সিমূৰলৈ।

এইজনা মহাপুৰুষে অসমীয়া সাহিত্য জগতলৈ আগবঢ়াই যোৱা বৰঙনিখিনি সাহিত্য সমালোচকে ভাগ কৰি দেখুৱাইছে তলত দিয়া ধৰণে-

ক)কাব্য:

  • হৰিশ্চন্দ্ৰ উপাখ্যান,
  • ৰুক্মিনী হৰণ,
  • বলিছলন,
  • অমৃত মথন,
  • অজামিল উপাখ্যান,
  • কুৰুক্ষেত্ৰ।

খ)ভক্তিতত্ত্বমূলক গ্ৰন্থ:

  • ভক্তি প্ৰদীপ,
  • ভক্তি ৰত্নাকৰ(সংস্কৃত) নিমি নৱ সিদ্ধ সংবাদ।

গ)অনুবাদমূলক গ্ৰন্থ:

  • ভাগৱতৰ ১ম, ২য়, ষষ্ঠ স্কন্ধ(কেৱল অজামিল উপাখ্যান) ৮ম(বলিছলন আৰু অমৃত মথন),
  • ১০ম, ১১শ স্কন্ধ আৰু উত্তৰকাণ্ড ৰামায়ণ।

ঘ)অংকীয়া নাট:

  • পত্নীপ্ৰসাদ,
  • কালীয়া দমন,
  • কেলিগোপাল,
  • ৰুক্মিণী হৰণ,
  • পাৰিজাত হৰণ,
  • ৰামবিজয়।

ঙ)গীত:

  • বৰগীত,
  • ভটিমা,
  • টোটয় আৰু
  • চপয়।

চ)নাম প্ৰসংগমূলক গ্ৰন্থ:

  • কীৰ্ত্তন আৰু
  • গুণমালা।

তেওঁৰ ‘কীৰ্ত্তন’ গ্ৰন্থক তেওঁৰ কবি প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন আৰু ‘বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ’ বুলি সাহিত্য সমালোচকসকলে মত আগবঢ়াইছে। কীৰ্ত্তনৰ সৰু সৰু আখ্যানে পাঠক সমাজৰ অন্তৰস্পৰ্শ কৰিছে। সেইদৰে গুণমালা নামৰ পুথিখনতো এক সুকীয়া বিশেষত্ব আছে যাক সকলোৱে জানে ‘ভূৰুকাত হাতী ভৰুৱা’ পুথি বুলি। এই পুথিখন কোচৰজা নৰনাৰায়ণৰ অভিপ্ৰায় মতে মহাপুৰুজনাই ৰচনা কৰিছিল।

মহাপুৰুষজনাৰ ৰচিত বৰগীত, ভটিমা আদি গীত সাহিত্যবোৰেও অসমীয়াৰ সাহিত্যৰ বুৰঞ্জীত বিশিষ্ট স্থান অধিকাৰ কৰিছে। মহাপুৰুষজনাৰ এই বৰঙণিৰ বাবে অসমীয়া জাতি তেওঁৰ ওচৰত চিৰঋণী হৈ ৰ’ব।

মহাপুৰুষজনাই ভাৰতৰ নানা তীৰ্থস্থান ঘূৰি বহু শাস্ত্ৰৰ জ্ঞান লাভ কৰিছিল বাবে তেখেতে সকলোকে কৈছিল যে-

ভকতৰ কল্পতৰু ভাগৱত শাস্ত্ৰ

ইহাৰ উত্তৰ শ্ৰেষ্ঠ নাহি আৰ মাত্ৰ।

ভাগৱতৰ স্বৰূপ হৃদয়ে কৰা সাৰ

তেৱেসে এৰিবা তুমি কলিৰ বেপাৰ।।

মহাপুৰুষজনাই অসমৰ বিভিন্ন ঠাইত বসবাস কৰা জাতি-জনজাতিক একগোট কৰি এখন ডাঙৰ সমাজ গঠন কৰি একতাৰ ডোলেৰে বান্ধিবলৈ চেষ্টা কৰিছিল। তাৰ প্ৰমাণ অসমৰ বিভিন্ন ঠাইত থকা সত্ৰ-নামঘৰবোৰত আয়তীসকলে আজিও হিয়া উজাৰি দিহানাম পৰিৱেশন কৰে এনেদৰে-

শ্ৰীমন্ত শংকৰে ধৰ্ম প্ৰচাৰিলে

মাধৱক লগতে লৈ

উজনি নামনি লগাই খলকনি

কীৰ্ত্তন পুথি হাততে লৈ।।

ধৰ্ম প্ৰচাৰত মাধৱদেৱৰ ভূমিকা ‘নাম ঘোষা’খনৰ পৰাই সকলোৱে বিস্তৰভাৱে জানিব পাৰে। শংকৰদেৱ আৰু মাধৱদেৱৰ সংযোগক ‘মণিকাঞ্চন’ ৰূপে জনাজাত।

এই নামৰ জৰিয়তে ভগৱানৰ তত্ত্বগধুৰ জ্ঞান অৰ্জন কৰা বাট আমাক দি থৈ গৈছে। হৰি নাম শ্ৰৱণ-কীৰ্ত্তনৰ কাৰণে কোনো জ্ঞান বিদ্যাৰ প্ৰয়োজম নহয়। কেৱল মন শুদ্ধ কৰি গুৰুৰ চৰণত শৰণ লৈ নাম গ্ৰহণ কৰি জপ কৰা, কীৰ্ত্তনৰ গুণ-গৰিমা শুনা, নাম উচ্চাৰণ কৰিলেও পুণ্য অৰ্জন হয় বুলি বিশ্বাস। সেয়েহে এই কীৰ্ত্তন পুথিখনক অসমৰ ‘মৌচাক’ বুলি কোৱা হয়।

গুৰুজনাৰ লেখনীসমূহ পঢ়িলে তেওঁৰ আচৰিত শব্দ চয়ন, মনোৰম ৰসজ্ঞান আৰু উৎকৃষ্ট ছন্দ ব্যৱহাৰে পাঠকক চমক লগায়, সেয়েহে কীৰ্ত্তন পুথিত বিভিন্ন ৰসৰ সমাৱেশৰ বাবে ই সকলো মানুহৰ মনোগ্ৰাহী হ’ব পাৰিছে। বিগত চাৰে পাঁচশ বছৰৰ অসমৰ ইতিহাসৰ পাত লুটিয়ালে এই কথা স্পষ্টকৈ ক’ব পৰা যায় বা এয়া একমাত্ৰ সম্ভৱ হৈছিল মহাপুৰুষজনাৰ গভীৰ প্ৰভাৱৰ বাবেহে।

মহামানৱ মহাত্মা গান্ধীয়েও মহাপুৰুষজনাক উদ্দেশ্যি জনসভাত ভাষণ দি এসময়ত কৈছিল- ‘যি ধৰ্মৰ অৱলম্বন কৰি মই ৰামৰাজ্য কল্পনা কৰিছো, তাতকৈ সুন্দৰ আৰ্হি শ্ৰীমন্ত শংকৰদেৱে অসমবাসীক বহু বছৰ আগতে দি থৈ গৈছে, মই কেৱল সেইখিনি অনুশীলনহে কৰিছো। আচলতে মোৰ নতুনত্ব একো নাই’।

আহোমৰ ৰাজত্বৰ সময়ত তেওঁৰ লগৰীয়া ভূঞাসকলৰে সৈতে নামনিত কোচৰাজ্যলৈ ভটিয়াই আহে আৰু বৰপেটাৰ পাটবাউসীত স্থায়ীভাৱে থাকিবলৈ লয়। পাটবাউসীত মহাপুৰুষ শংকৰদেৱ থাকিবলৈ লোৱা সময়খিনি, বিশেষকৈ ধৰ্ম প্ৰচাৰৰ দিশটো উল্লেখযোগ্য। অৱশ্যে তাত মহাপুৰুষজনৰ জীৱন নিৰাপদ নাছিল বাবে তেওঁৰ জীৱনৰ শেষ ভাগত মহাৰাজ নৰনাৰায়ণৰ উৎসাহ, অনুপ্ৰেৰণা লাভ কৰি কোচবিহাৰৰ মধুপুৰত থাকিবলৈ লয়। মহাপুৰুষজনা নৰনাৰায়ণৰ অনুপ্ৰেৰণাত সাহিত্য চৰ্চা তথা ধৰ্ম প্ৰচাৰত একান্ত মনে মনোনিৱেশ কৰিব পাৰিছিল।

এইজনা মহাপুৰুষে জীৱনত প্ৰায় ছকুৰি বছৰ বয়স কটোৱাৰ পিছত কোচবিহাৰতেই ১৫৬৮ খ্ৰীষ্টাব্দত ইহলীলা সম্বৰণ কৰে। মহাপুৰুষ শংকৰদেৱে অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ লগতে অসমীয়া সাহিত্যলৈও বিশিষ্ট বৰঙণি আগবঢ়াই যায়।

তেওঁৰ এই বৰঙণিৰ বাবে অসমীয়া জাতি তেওঁৰ ওচৰত চিৰঋণী হৈ ৰ’ব। শেষত এটি ঘোষাৰে মহাপুৰুষজনাক সোঁৱৰণ কৰিলো।

‘শংকৰ আমাৰ শিৰৰ মুকুট।

মাধৱ গলৰ মণি

দুয়োজনা গুৰুই আমাৰ

আছে জগত জুৰি।‘

লেখক: অঞ্জনা দাস হাজৰিকা(ৰাইজৰ বাতৰি)

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top