মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / অসমৰ প্ৰাচীন নাম
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ প্ৰাচীন নাম

অসমৰ প্ৰাচীন নাম

প্ৰাগজ্যোতিষপুৰ আৰু কামৰুপ

  • প্ৰাগজ্যোতিষপুৰ নামৰ উৎপত্তি

প্ৰাচীন চীনৰ ছাওথিয়াছ নামৰ প্ৰব্ৰজনকাৰী জাতিৰ এটা অংশই এই ঠাইলৈ আহি বসবাস কৰাৰ পাছত ‘প্ৰাগঝুথিছ’ নামেৰে জনাজাত হয় আৰু তেওঁলোকৰ নামানুসাৰেই এই ভূখণ্ডৰ নামো প্ৰাগজ্যোতিষপুৰ হয়গৈ। ডঃ বাণীকান্ত কাকতিৰ মতে অষ্ট্ৰিক ভাষাৰ শব্দ ‘প্ৰাগজ্যোতিষ’ৰ অৰ্থ বিস্তীৰ্ণ পাহাৰীয়া অঞ্চল। কোনো কোনো পণ্ডিতে ইয়াক প্ৰাচ্যৰ জ্যোতিষ চৰ্চাৰ কেন্দ্ৰ বুলি উল্লেখ কৰিছে। প্ৰাচীন প্ৰাগজ্যোতিষপুৰৰ সীমা পশ্চিমে কৰতোৱা নদী (বৰ্তমানৰ বাংলাদেশত) আৰু দক্ষিণে বংগোপসাগৰলৈকে বিস্তৃত আছিল। ইয়াৰ ৰাজধানী ‘প্ৰাগজ্যোতিষপুৰ’ (পূবৰ পোহৰৰ নগৰ) আছিল আজিৰ গুৱাহাটী বা তাৰ দাঁতি-কাষৰীয়া অঞ্চল।

  • কামৰুপ নামৰ উৎপত্তি

পৌৰাণিক কাহিনী অনুসৰি ঘোৰ তপস্যাত মগ্ন মহাদেৱৰ তপস্যা ভংগৰ অপৰাধত হিন্দুৰ প্ৰেমৰ দেৱতা কামদেৱ শাপত ভষ্মীভূত হয় আৰু কামদেৱৰ পত্নী ৰতি দেৱীৰ প্ৰাৰ্থনাত কামদেৱে পুনৰ জনম (ৰুপ) লাভ কৰে। কামদেৱে পুনৰ ৰুপ পোৱা বাবেই এই অঞ্চলৰ নাম হয়গৈ কামৰুপ। ডঃ বাণীকান্ত কাকতিৰ মতে কামৰুপ শব্দটো চাওতালী ভাষাৰ নিম্নখাপৰ দেৱতা বুজোৱা ‘কামৰু’ বা ‘কামৰুট’ শব্দৰ পৰা উৎপত্তি হ’ব পাৰে। কামাখ্যা মন্দিৰৰ চাৰিওফালে ৪৫০ মাইল (১০০ যোজন) জুৰি কামৰুপ ৰাজ্য বিয়পি আছিল। বৰ্তমানৰ অসম, বাংলাদেশ আৰু ভূটান এই কামৰুপ ৰাজ্যৰ অন্তৰ্গত আছিল।

    অসম বুৰঞ্জীৰ চমু আভাস

অসম বুৰঞ্জী অধ্যয়নৰ বাবে প্ৰাচীন সাহিত্য, বৌদ্ধ শাস্ত্ৰ, অন্যান্য অসমীয়া ইতিহাস, বৈদেশিক বিৱৰণ, প্ৰত্নতাত্ত্বিক নিদৰ্শন আদিয়েই ঘাই সমল। প্ৰাচীন কালত অসম প্ৰাগজ্যোতিষ আৰু কামৰুপ নামেৰে প্ৰসিদ্ধ আছিল। প্ৰাগজ্যোতিষৰ সীমা পশ্চিমে কৰতোৱা নদী (বৰ্তমান বাংলাদেশত) আৰু দক্ষিণে বংগোপসাগৰলৈকে বিস্তৃত থকাৰ কথা জনা যায়। সেইদৰে প্ৰাচীন কামৰুপ ৰাজ্য কামাখ্যা মন্দিৰৰ চাৰিওফালে ৪৫০ মাইল (১০০ যোজনা) জুৰি বিস্তৃত আছিল। সম্ভৱতঃ বাংলাদেশ, অসম আৰু ভূটান প্ৰাচীন কামৰুপ ৰাজ্যৰ অন্তৰ্গত আছিল। প্ৰাচীন কামৰুপ ৰাজ্য চাৰিটা ভাগত বিভক্ত আছিল : কৰতোৱা নদীৰ পৰা পূবে স্বৰ্ণকোষ বা সোণকোষ নদী লৈকে ৰত্নপীঠ, সোণকোষৰ পৰা ৰুপহী নদী লৈকে কামপীঠ, ৰুপহীৰ পৰা ভৰলী নদী লৈকে স্বৰ্ণপীঠ আৰু ভৰলীৰ পৰা দিকৰাই বা ডিক্ৰঙলৈ সৌমাৰপীঠ।

  • দানৱ বংশ

বিভিন্ন উৎসৰ পৰা আজি লৈকে পোৱা সম্ভেদ মতে মহীৰংগ দানৱেই প্ৰাচীন অসমৰ প্ৰথম ৰজা। মহীৰংগ দানৱৰ পাছত তেওঁৰ বংশৰে (দানৱ বংশ) ক্ৰমে হটকাসুৰ, সম্বৰাসুৰ আৰু ৰত্নাসুৰ নামেৰে তিনি জন ৰজাই ৰাজত্ব কৰে।

দানৱ বংশৰ পাছত ঘটকাসুৰ সিংহাসনত বহে আৰু এক নতুন বংশৰ পাতনি মেলে। ঘটকাসুৰক বধ কৰি নৰকাসুৰ প্ৰাগজ্যোতিষৰ ৰজা হয়। শ্ৰীকৃষ্ণৰ হাতত নৰকাসুৰৰ মৃত্যু হয় আৰু তাৰ পাছত নৰকাসুৰৰ পুত্ৰ ভগদত্ত ৰাজপাটত উঠে। ধাৰ্মিক, মহাপ্ৰতাপী ভগদত্তৰ কথা মহাভাৰততো উল্লেখ আছে। তেওঁ কুৰুক্ষেত্ৰ ৰণত পাণ্ডৱৰ বিৰুদ্ধে কৌৰৱৰ পক্ষ লৈ আঠ দিন মহাপৰাক্ৰমেৰে যুদ্ধ কৰি শেষত অৰ্জুনৰ হাতত মৃত্যুবৰণ কৰে। নৰকাসুৰ-ভগদত্তৰ পাছত তেওঁলোকৰ বংশই ১৯ পুৰুষ লৈকে প্ৰাগজ্যোতিষত ৰাজত্ব কৰাৰ কথা পোৱা যায়।

প্ৰাচীন কালত প্ৰাগজ্যোতিষ ৰাজ্যৰ বাহিৰেও অসমত ডবকা (নগাঁও), কদলি (নগাঁও), মণিপুৰ, হিড়িম্বা আৰু ত্ৰিপুৰা নামৰ কেইখন মান ৰাজ্য থকাৰ কথা জনা যায়।

অসম বুৰঞ্জীত উল্লেখ থকা আন এজন পৌৰাণিক ৰজা হ’ল কুণ্ডিল্য বা বিদৰ্ভ ৰাজ্যৰ ৰজা ভীষ্মক। সেইদৰে নৰকাসুৰৰ সমসাময়িক আন এজন ৰজা আছিল শোণিতপুৰৰ বানৰজা।

প্ৰথম শতিকাৰ পৰা দেৱেশ্বৰ, ধৰ্মপাল, ৰামচন্দ্ৰ, আৰিমত্ত, জোঙালবলহু, শংকৰ, পদ্মনাৰায়ণ, চন্দ্ৰনাৰায়ণ আদি কেইবাজনো ৰজাই এই ভূখণ্ড শাসন কৰিছিল।

  • ৰাজনৈতিক বুৰঞ্জী

কামৰুপত বৰ্মন বংশ প্ৰতিষ্ঠাৰ পৰা পুৰণি কামৰুপ ৰাজ্যৰ প্ৰকৃত ৰাজনৈতিক বুৰঞ্জী আৰম্ভ হয়। প্ৰাচীন কামৰুপ ৰাজ্যৰ যি সকল ৰজাৰ বিষয়ে নিৰ্ভৰযোগ্য ঐতিহাসিক সমল পোৱা গৈছে, তেওঁলোকৰ ভিতৰত পুষ্যবৰ্মনেই (৩৫০-৩৮০ খ্ৰীঃ) প্ৰথম আৰু সেয়ে তেওঁক অসমৰ প্ৰথম ঐতিহাসিক ৰজা বোলা হয়। পুষ্যবৰ্মনৰ পাছত ক্ৰমে সমুদ্ৰবৰ্মন (আনিমানিক ৩৮০-৪০৫/৪১০ খ্ৰীঃ), বলবৰ্মন (আনুমানিক ৪০৫-৪২০ খ্ৰীঃ), কল্যাণ বৰ্মন (৪২০-৪৪০), গণপতি বৰ্মন (৪৪০-৪৫০), মহেন্দ্ৰ বৰ্মন (৪৫০-৪৮৫), নাৰায়ণ বৰ্মন (৪৮৫-৫১০), ভূতি বৰ্মন (৫১০-৫৫০), চন্দ্ৰমুখ বৰ্মন (৫৫০-৫৬৫), স্থিত বৰ্মণ (৫৬৫-৫৮৫), সুস্থিত বৰ্মন (৫৮৫-৫৯৩) আৰু সুপ্ৰতিষ্ঠিত বৰ্মনে (৫৯৩-৫৯৪) কামৰুপ শাসন কৰাৰ পাছত সুপ্ৰতিষ্ঠিত বৰ্মনৰ দ্বিতীয় পুত্ৰ ভাস্কৰ বৰ্মন (৫৯৪-৬৫০) কামৰুপৰ ৰজা হয়। ভাস্কৰ বৰ্মনেই বৰ্মন বংশৰ শ্ৰেষ্ঠ নৃপতি। ভাস্কৰ বৰ্মনৰ দিনতে ৬৪০ খ্ৰীষ্টাব্দত চীনা পৰিব্ৰাজক হিউ-এন-ছাং কামৰুপলৈ আহে আৰু তেওঁৰ গ্ৰন্থ ‘চি-ইউ-কি’ত কামৰুপৰ বিষয়ে বহুমূলীয়া টোকা লিপিবদ্ধ কৰে। সিংহাসনত আৰোহণ কৰিয়েই ভাস্কৰ বৰ্মনে নতুন চন ‘ভাস্কৰাব্দ’ বা ‘কামৰুপী চন’ প্ৰৱৰ্তন কৰে। ভাস্কৰ বৰ্মন আছিল অবিবাহিত আৰু সেয়ে তেওঁ কুমাৰ ভাস্কৰ বৰ্মন বুলি জনাজাত। অবিবাহিত আৰু নিঃসন্তান হোৱা বাবে ভাস্কৰ বৰ্মনৰ মৃত্যুৰ লগে লগে (আনুমানিক ৬৫০ খ্ৰীঃ) বৰ্মন বংশৰ ইতি পৰে।

ভাস্কৰ বৰ্মনৰ উত্তৰাধিকাৰী নথকাত কামৰুপৰ সিংহাসন লৈ যুঁজ-বাগৰ আৰম্ভ হয় আৰু অৱশেষত শালস্তম্ভ নামৰ এজন বিষয়াই কামৰুপৰ সিংহাসন অধিকাৰ কৰে আৰু নিজৰ নাম অনুসৰি ‘শালস্তম্ভ’ নামেৰে এটি নতুন ৰাজবংশ প্ৰতিষ্ঠা কৰে। শালস্তম্ভৰ পাছত এই বংশৰ কুৰিজন ৰজাই কামৰুপত ৰাজত্ব কৰে আৰু ইয়াৰ শেষ ৰজা জনৰ নাম আছিল ত্যাগসিংহ (আনুমানিক ৯৭০-৯৯০ খ্ৰীঃ)

ত্যাগসিংহ অপুত্ৰক হোৱাত শালস্তম্ভ বংশৰে ব্ৰহ্মপাল (আ: ৯৯০-১০১০) কামৰুপৰ ৰজা হয় আৰু পালবংশৰ পাতনি মেলে। ইয়াৰ পাছত ক্ৰমে ৰত্নপাল (আঃ ১০১০-১০৪০), ইন্দ্ৰপাল (১০৪০-১০৬৫), গোপাল (১০৬৫-১০৮০), হৰ্ষপাল (১০৮০-১০৯৫) আৰু ধৰ্মপাল (১০৯৫-১১২০) কামৰুপৰ ৰজা হয়। ৰজা হৈ ধৰ্মপালে কামৰুপৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা ‘কামৰুপ নগৰ’লৈ তুলি নিয়ে। বৰ্তমানৰ উত্তৰ গুৱাহাটীয়েই সম্ভৱতঃ তেতিয়াৰ ‘কামৰুপ নগৰ’ আছিল। ধৰ্মপালৰ মৃত্যুত তেওঁৰ পুত্ৰ জয়পাল (১১২০-১১৩৮) কামৰুপৰ ৰজা হয় আৰু জয়পালৰ মৃত্যুতেই পাল বংশৰ যৱনিকা পৰে।

ইয়াৰ পাছত ভিংগদেৱ (১১৩৮-১১৫০), বৈদ্যদেৱ, ৰায়ৰীদেৱ, উদয়কৰ্ণ, বল্লভদেৱ, পৃথু আৰু সন্ধ্যা (১২৫০-১২৭০) নামৰ কেইবাজনো ৰজাই কামৰুপত ৰাজত্ব কৰিছিল। সন্ধ্যাই মোগল আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কামৰুপৰ ৰাজধানী ‘কামৰুপ নগৰ’ৰ পৰা পশ্চিমৰ কমতাপুৰলৈ তুলি নিয়ে। তেতিয়াৰ পৰাই এই ৰাজ্যৰ নাম কমতা বা কামৰুপ কমতা হ’ল আৰু ইয়াৰ অধিপতি বা ৰজাক বোলা হ’ল কমতেশ্বৰ বা কামেশ্বৰ।

সন্ধ্যাৰ পাছত সিন্ধুৰায় (১২৭০-১২৮৫), ৰুপনাৰায়ণ (১২৮৫-১৩০০), সিংহধ্বজ (১৩০০-১৩০৫), প্ৰতাপধ্বজ (১৩০৫-১৩২৫), ধৰ্মনাৰায়ণ (১৩২৫-১৩৩০), দুৰ্লভনাৰায়ণ (১৩৩০-১৩৫০) আৰু ইন্দ্ৰনাৰায়ণ (১৩৫০-১৩৬৫) কমতাৰ ৰজা হয়। সম্ভৱতঃ ইন্দ্ৰনাৰায়ণেই এই বংশৰ শেষ ৰজা আছিল।

চতুৰ্দশ শতিকাৰ শেষৰফালে আৰিমত্ত নামৰ এজন ৰজাই গৌড় (পূৰ্বৰ কমতা ৰাজ্যৰ উত্তৰ অঞ্চল) শাসন কৰিছিল। আৰিমত্তৰ পাছত ৰত্নসিংহ, শ্ৰতৰংগ আৰু মৃগাংক নামৰ তিনিজন ৰজাই গৌড় শাসন কৰে। মৃগাংকৰ পাছত ভূঞা সকলৰ নীল ধ্বজ নামৰ এজন ভূঞাই গৌড়ৰ সিংহাসন দখল কৰি কমতাত এক নতুন ৰাজবংশৰ পাতনি মেলে। ইয়েই খেন বা খান বা শেন বংশ। পঞ্চদশ শতিকাৰ শেষৰ ফালে মোগল সকলৰ আক্ৰমণত কমতা ৰাজ্য ধ্বংস হয় আৰু লগে লগে খেনবংশী ৰাজত্বৰো ওৰ পৰে। মোগলৰ এই আক্ৰমণৰ বাবে অহা বহু মুছলমান কামৰুপত ৰৈ যায় আৰু সম্ভৱতঃ এওঁলোকেই অসমৰ প্ৰথম মুছলমান অধিবাসী।

  • চুতীয়া ৰাজ্য

ত্ৰয়োদশ শতিকাৰ প্ৰথমাৰ্দ্ধত আহোম সকলে শিৱসাগৰৰ দক্ষিণ-পূৱ কোণত ৰাজ্য পতাৰ সময়ত আহোম ৰাজ্যৰ নিচেই কাষত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে সোৱণশিৰী আৰু দক্ষিণ পাৰে দিচাং নৈৰ পূবে থকা প্ৰায় সমগ্ৰ ভূখণ্ড চুতীয়া ৰাজ্যৰ অন্তৰ্গত আছিল। চুতীয়া জনশ্ৰুতি মতে আনুমানিক ১১৮৯ খ্ৰীষ্টাব্দত চুতীয়া ৰাজ্য বীৰপালে পোনতে শদিয়াত চুতীয়া ৰাজ্য স্থাপন কৰিছিল। বীৰপালৰ পাছত ১০ জন চুতীয়া ৰজাই ৰাজত্ব কৰে। ইয়াৰে অষ্টম ৰজা বীৰনাৰায়ণ বা ধৰ্ম ৰজাৰ পুত্ৰৰ নাম আছিল সাধক নাৰায়ণ আৰু কন্যাৰ নাম আছিল সাধনী। বৃদ্ধ বয়সত ৰজা বীৰনাৰায়ণে তেওঁৰ জোঁৱায়েক নিতাইক নাবালক সাধক নাৰায়ণক চোৱা-চিতা কৰাৰ ভাৰ দিয়ে।

ৰজা হৈ নিতায়ে নীতিপাল বা নিত্যপাল নাম লয়। পাছলৈ তেওঁ অনীতিপৰায়ণ হোৱাত ৰাজ্যত বিশৃংখলতাই দেখা দিয়ে। সেই সুযোগতে আহোম ৰজা চুহুংমুং বা দিহিঙীয়া ৰজাই চুতীয়া ৰাজ্য অধিকাৰ কৰে। এই যুদ্ধতে নীতিপালে পত্নী সাধনী সহিতে আত্মহত্যা কৰে।

  • বাৰভূঞা

চুতীয়া ৰাজ্যৰ পশ্চিমে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে কামৰুপ-কমতাৰ পূবত ভূঞা সকলে সৰু সৰু ৰাজ্য পাতি বাস কৰিছিল। ভূঞা সকলৰ আগত ‘বাৰ’ শব্দটো থকা সম্পৰ্কত বুৰঞ্জীবিদ এডৱাৰ্ড গেইটে কৰিছে, ভাৰতৰ এই অঞ্চলৰ ৰজা সকলে বাৰ জন উপদেষ্টা বা শাসনকৰ্তা নিয়োগ কৰিছিল। গতিকে বাৰ সংখ্যাটো সন্মান সূচক অৰ্থত ব্যৱহাৰ কৰা হয়। ৰজা নোহোৱাকৈ যি সকলে নিজ ভুজ বলেৰে ৰাজ্য শাসন কৰিছিল তেওঁলোকক ভূঞা বোলা হৈছিল। প্ৰত্যেক জন ভূঞাই নিজ নিজ ৰাজ্যৰ ভিতৰত আন আন ভূঞাৰ পৰা স্বাধীন আছিল। কিন্ত উমৈহতীয়া শত্ৰুৰ বিৰুদ্ধে তেওঁলোকে একগোট হৈ থিয় দিছিল। শ্ৰীমন্ত শংকৰদেৱ এই বাৰ ভূঞা সকলৰে এজন বংশধৰ। মোগল সকলে কমতাপুৰ দখল কৰাৰ পাছাত বাৰ ভূঞা সকলে কমতাপুৰৰ শাসনকৰ্তা ডানিয়েলক বধ কৰে। কামৰুপৰ হাজো আৰু তাৰ ওচৰে-পাজৰে ৰৈ যোৱা মোগল আক্ৰমণকাৰীৰ অনুগামী সকলৰে গিয়াচুদ্দিন আউলিয়া নামৰ এজন সাধু মানুহে হাজোত এটা মছজিদ সজায় আৰু তেওঁৰ মৃত্যুৰ পাছত তেওঁক তাতে কবৰ দিয়া হয়। এয়ে বৰ্তমানৰ পোৱামক্কা।

  • কোচ ৰাজত্ব

মোগলৰ হাতত ধ্বংস প্ৰাপ্ত কমতা ৰাজ্যতেই ষষ্ঠদশ শতিকাৰ আগভাগত কোচ বংশীয় বিশ্ব সিংহই (১৫১৫-১৫৪০) কোচ ৰাজ্য প্ৰতিষ্ঠা কৰি কোচবিহাৰত কোচ ৰাজ্যৰ ৰাজধানী পাতে। বিশ্বসিংহৰ পাছত তেওঁৰ পুত্ৰ মল্লদেৱে নৰনাৰায়ণ নাম লৈ সিংহাসনত উঠে আৰু তেওঁৰ ভায়েক শুক্লধ্বজক সেনাপতি পাতে। এই শুক্লধ্বজেই অসম বুৰঞ্জীত চিলাৰায় নামেৰে বিখ্যাত। নৰনাৰায়ণৰ মৃত্যুৰ (১৫ ৮৪ খ্ৰীঃ) পাছত লাক্ষীনাৰায়ণ কোচবিহাৰৰ ৰজা হয় যদিও সমসাময়িকভাৱে তেওঁলোকৰ ঘৰুৱা কন্দলৰ সৃষ্টি হয়। ইয়াৰ পৰিণতিত ১৬১৫ খ্ৰীষ্টাব্দত কোচ ৰাজ্য বা কামৰুপ মোগলৰ অধীন হয়।

  • কছাৰী ৰাজত্ব

ত্ৰয়োদশ শতিকাৰ আগ ভাগতে দিখৌৰ পৰা কলঙলৈকে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এখন কছাৰী ৰাজ্য আছিল। পঞ্চদশ শতিকাৰ শেষৰ ফালে আহোমৰ ৰাজ্য বিস্তাৰৰ ফলত কছাৰী সকলে তেওঁলোকৰ ৰাজধানী হিড়িম্বাপুৰ (বৰ্তমানৰ ডিমাপুৰ)সহ ৰাজ্যৰ বহু অংশ আহোমক এৰি দিবলগীয়া হয়। ইয়াৰ পাছত কছাৰী সকলে পুনৰ নিজৰ ৰাজ্য উদ্ধাৰ কৰিছিল যদিও স্থায়ী নহ’ল। ১৮৩০ চনত কছাৰী বেলি মাৰ যায়।

  • জয়ন্তীয়া ৰাজত্ব

জয়ন্তীয়া পাহাৰ আৰু তাৰ দষিণে সমতলৰ কিছু অঞ্চল জয়ন্তীয়া ৰাজ্যৰ অন্তৰ্গত আছিল। মাতৃ প্ৰধান জয়ন্তীয়া সকলে আহোমৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰিছিল আৰু যুদ্ধৰ সময়ত আহোমৰ হৈ মোগলৰ বিৰুদ্ধে যুঁজ দিছিল। পৰ্বতৰায় নামৰ জয়ন্তীয়া ৰজা এজনে আনুমানিক পঞ্চদশ শতিকাত প্ৰতিষ্ঠা কৰা জয়ন্তীয়া ৰাজ্য ষষ্ঠদশ শতিকাত চিলাৰায়ে আক্ৰমণ কৰি জয়ন্তীয়া ৰজাক বধ কৰি ৰাজ্যখন কোচৰ কৰতলীয়া কৰে। ইয়াৰ পাছত ধনমাণিক নামৰ এজন জয়ন্তীয়া ৰজাই (আনুমানিক সপ্তদশ শতিকাৰ আৰম্ভণিত) আহোমৰ লগ লাগি জয়ন্তীয়া ৰাজ্য উদ্ধাৰ কৰে। ধনমাণিকৰ পাছত ক্ৰমে যশমাণিক, বশমাণিক, সুন্দৰৰায়, চোট পৰ্বতৰায়, যশোমত্ত ৰায়, মানসিংহ, প্ৰতাপসিংহ, বিজয় নাৰায়ণ আদি কেইবাজনো ৰজাই জয়ন্তীয়া ৰাজ্যত ৰাজত্ব কৰে। বিজয় নাৰায়ণৰ পিচতেই আহোম ৰাজ্যৰ লগত জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ যায়।

  • আহোম ৰাজত্ব

আহোম ৰজত্ব অসম বুৰঞ্জীৰ এক অতি গুৰুত্ব পূৰ্ণ আৰু উল্লেখযোগ্য অধ্যায়। বিভিন্ন জাতি-জনজাতিৰ কন্দলৰ ফলত ভাগ ভাগ হৈ প্ৰাচীন কামৰুপৰ কেন্দ্ৰীয় শক্তি দুৰ্বল হৈ পৰা সময়তে ত্ৰয়োদশ শতিকাৰ আগ ভাগত উজনি ব্ৰহ্মদেশৰ মাওলুং ৰাজ্যৰ ৰাজকোঁৱৰ চুকাফাৰ নেতৃত্বত এটি দল আহি পাটকাইত উপস্থিত হয়হি। প্ৰায় ১৩ বছৰ কাল পাটকাইৰ আশে-পাশে অনাই-বনাই ফুৰাৰ পাছত ১২২৮ চনত চুকাফা নগাৰাজ্যৰ সীমাত সোমায়হি। চুকাফাই লগত কেইবা জনো পাৰিষদ, প্ৰায় ৯০০০ মুনিহ-তিৰোতা, ল’ৰা-ছোৱালী আৰু ভালেমান অস্ত্ৰ-শস্ত্ৰ আনিছিল বুলি জনা যায়। লাহে লাহে চুকাফা অগুৱাই আহি দিচাং নৈৰ কাষৰ নামৰুপ পায়হি। তাৰ পাছত তেওঁ ৰাজধানী পাতিবৰ বাবে দিহিং, টিপাম, শলগুৰি, অভয়াপুৰী, হাবং, লিগিৰা গাঁও, শিমলুগুৰি আদি কেইবাখনো ঠাই নিৰ্বাচন কৰিছিল যদিও বানপানী বা আন আন অসুবিধাৰ বাবে ক’তো স্থায়ী ৰাজধানী পাতিব নোৱাৰিলে। অৱশেষত খেতিৰ উপযোগী ভূ-ভাগ আৰু বানপানীৰ পৰা মুক্ত শিৱসাগৰ জিলাৰ চৰাইদেউতেই ১২৫৩ চনত তেওঁ স্থায়ীকৈ আহোম ৰাজ্যৰ ৰাজধানী পাতে। এনেদৰে অসমত ছশ বছৰীয়া আৰু সমগ্ৰ ব্যহ্মপুত্ৰ উপত্যকা জোৰা আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা হ’ল। চুকাফাৰ ৰাজ্য স্থাপনৰ সময়তে দিখৌ আৰু দিচাং নৈৰ মাজ অংশত বসবাস কৰা মৰাণ আৰু বৰাহী সকলৰ ৰাজ্য আহোম ৰাজ্যৰ অন্তৰ্ভূক্ত হয়। ১২৬৮ চনত স্বাৰ্গী হয়।

চুকাফাৰ মৃত্যুৰ পাছত ক্ৰমে চুচেওফা (১২৬৮-১২৮১), চুবিনফা (১২৮১-১২৯৩), চুখাংফা (১২৯৩-১৩৩২), চুখ্ৰাংফা (১৩৩২-১৩৬৪), চুতুফা (১৩৬৪-১৩৭৬), তাওখামটি (১৩৮০-১৩৮৯), চুদাংফা বা বামুণী কোঁৱৰ (১৩৯৭-১৪০৭) আহোম ৰাজ সিংহাসনত উঠে। বামুণী কোঁৱৰেই প্ৰথম হিন্দুৰ আচাৰ-নীতি গ্ৰহণ কৰিছিল আৰু প্ৰথম বাৰৰ বাবে শিঙৰি ঘৰত উঠাৰ প্ৰথা প্ৰচলন কৰিছিল। এৱেঁই আহোমৰ ৰাজধানী চৰাইদেউৰ পৰা তুলি আনি শিৱসাগৰৰ পৰা ১০ মাইল দূৰৰ দিহিঙৰ পাৰৰ চৰগুৱাত স্থাপন কৰে।

চুদাংফা বা বমুণী কোঁৱৰৰ পাছত ক্ৰমে চুজাংফা (১৪০৭-১৪২২), চুফাফ্‌ফা (১৪২২-১৪৩৯), চুচেন্‌ফা (১৪৩৯-১৪৮৮), চুহানফা (১৪৮৮-১৪৩৯), চুপিম্‌ফা (১৪৯৩-১৪৯৭) আৰু চুহুংমুং বা স্বৰ্গনাৰায়ণ (১৪৯৭-১৫৩৯) আহোমৰ ৰজা হয়। স্বৰ্গনাৰায়ণে আহোমৰ ৰাজধানী চাৰগুৱাৰ পৰা দিহিঙৰ পাৰৰ বকতালৈ তুলি আনে। এই জনা স্বৰ্গদেউৰ দিনতে প্ৰথম লোকপিয়ল কৰা হৈছিল। স্বৰ্গদেউ স্বৰ্গনাৰায়ণেই আহোম সকলৰ পূৰ্বৰ ‘আইজোতা’ শব্দৰ পৰিৱৰ্তে হিন্দুৰ ‘শকাব্দ’ গ্ৰহণ আৰু প্ৰচলন কৰে। তদুপৰি এইজনা স্বৰ্গদেৱেই অসমীয়া ভাষাত প্ৰথম বুৰঞ্জী লিখোৱাইছিল।

এওঁৰ পাছত চুক্লেংমুং (১৫৩৯-১৫৫২) আহোম ৰাজপাটত উঠে। এওঁ বকতাৰ পৰা আহোম ৰাজধানী গড়গাঁৱলৈ তুলি আনে আৰু সেইবাবে তেওঁক গড়গঞা ৰজাও বোলা হয়। এইজনা স্বৰ্গদেৱে গড়গাঁও পুখুৰী খন্দোৱায় আৰু নগা আলি বন্ধোৱায়।

চুক্লেংমুঙৰ পাছত ক্ৰমে চুখামফা বা খোৰাৰজা (১৫৫২-১৬০৩), চুচেনফা বা প্ৰতাপ সিংহ বা বুদ্ধি স্বৰ্গনাৰায়ণ (১৬০৩-১৬৪১) আহোম স্বৰ্গদেউ হয়। অসম বুৰঞ্জীৰ এক বিচক্ষণ চৰিত্ৰ সুদক্ষ মোমাই তামুলী বৰবৰুৱ স্বৰ্গদেউ প্ৰতাপ সিংহৰ প্ৰথম বৰবৰুৱা আছিল প্ৰতাপ সিংহই পাইক প্ৰথাৰ সৃষ্টি কৰি প্ৰতি হাজাৰ, শ আৰু কুৰি পাইক-গোটৰ ওপৰত ক্ৰমে হাজৰিকা, শইকীয়া, বৰা আদি পদৰ সৃষ্টি কৰিছিল।

প্ৰতাপ সিংহৰ পাছত চুৰামফা বা ভগা ৰজা (১৬৪১-১৬৪৪), চুটিনফা বা নৰীয়া ৰজা বা কেঁকোৰা ৰজা (১৬৪৪-১৬৪৮) আৰু চুৰাম  ল্লা বা জয়ধ্বজ সিংহ (১৬৪৮-১৬৬৩) আহোম ৰাজপাটত উঠে। এওঁৰ দিনতে সোনকোষ নদী পৰ্যন্ত আহোম সাম্ৰাজ্য সম্প্ৰসাৰিত হোৱাৰ লগতে প্ৰায় সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকা আহোম ৰাজ্যৰ অন্তৰ্ভূক্ত হয়। জয়ধ্বজ সিংহৰ দিনতে মোগলে মিৰজুমলাৰ নেতৃত্বত ১৬৬২ চনত অসম আক্ৰমণ কৰি আহোমৰ ৰাজধানী গড়গাঁও এৰি পলাই যায়। সেইবাবে তেওঁক ভগনীয়া ৰজাও বোলা হয়। ইয়াৰ পাছত মোগল আৰু আহোমৰ মাজত এক সন্ধি হয় আৰু সেই সন্ধি মতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ভৰলী নদী আৰু দক্ষিণে কলং নদী লৈকে আহোম ৰাজ্যৰ সীমাৰেখা নিৰ্ধাৰিত হয়। ইয়াৰ উপৰি সেই সন্ধিমতে আহোম ৰজাই মোগলক যুদ্ধৰ ক্ষতিপূৰণ হিচাপে নগদ ধন দিয়াৰ লগতে ৰজাৰ জীয়াৰী ৰমণী গাভৰুক মোগলৰ হেৰেমলৈ পঠিয়াব লগীয়া হ’ল।

জয়ধ্বজ সিংহৰ পাছত চুপুংমং বা চক্ৰধ্বজ সিংহ (১৬৬৩-১৬৬৯) আহোমৰ ৰজা হয়। স্বাধীনতা প্ৰিয় এই জনা স্বৰ্গদেৱে সমৰকুশল সেনাপতি লাচিত বৰফুকন আৰু সুচতুৰ ৰাজনীতিজ্ঞ আতন বুঢ়াগোহাঁইৰ সহযোগত মোগলৰ ওপৰত আক্ৰমণ কৰে। ১৬৭১ চনত পাণ্ডুৰ ওচৰৰ শৰাইঘাটত আহোম আৰু মোগলৰ তয়াময়া ৰণ লাগে। এই ৰণত মোগলৰ সেনাপতি আছিল ৰামসিংহ আৰু আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন। ইতিহাস প্ৰসিদ্ধ এই ৰণ অসম বুৰঞ্জী শৰাইঘাটৰ ৰণ নামেৰে প্ৰখ্যাত। এই ৰণত মোগলৰ শোচনীয়ভাৱে পৰাজয় হয় আৰু ইয়াৰ পাছত পশ্চিমৰ মানাহ নদীয়েই মোগল আৰু আহোমৰ সীমা ৰুপে নিৰ্ধাৰিত হয়। ১৮২৬ চনত ইংৰাজে অসম অধিকাৰ নকৰা পৰ্শন্ত মানাহ নদীয়েই অসমৰ পশ্চিম সীমা আছিল।

চক্ৰধ্বজ সিংহৰ পাছত চুতিনফা বা উদয়াদিত্য (১৬৬৯-১৬৭৩) আৰু চুক্লাংফা বা ৰামধ্বজ সিংহ (১৬৭৩-১৬৭৫) আহোম ৰাজপাটত উঠে। ৰাজধ্বজৰ পাছত কেইবাবাৰো ৰজা ভঙা-পতা হয় যদিও সেই সময়ত ৰাজ্যৰ শাসনভাৰ ঘাইকৈ পৰিচালনা কৰিছিল আতন বুঢ়াগোঁহায়ে। ৰাজ্য শাসনৰ ক্ষেত্ৰত আগবঢ়োৱা সুচিন্তিত দিহা-পৰামৰ্শ আৰু অনুপম ৰাজভক্তিৰ বাবে আতন বুঢ়াগোহাঁইৰ নাম অসম বুৰঞ্জীত বিশেষভাৱে উল্লেখযোগ্য।

ইয়াৰ পাছত চুলিক্‌ফা বা ৰত্নধ্বজ সিংহ (১৬৭৯-১৬৮১) আহোম ৰাজপাটত উঠে। নিচেই কম বয়সতে ৰজা হোৱা বাবে এওঁক ল’ৰা ৰজা বোলা হৈছিল। সেই সময়ত অসমৰ বৰফুকন আছিল লালুকসোলা বৰফুকন। অতি ক্ষমতালোভী আৰু স্বাৰ্থপৰ ৰাজবিষয়াৰুপে কুখ্যাত লালুকসোলা ল’ৰা ৰজাৰ দিনত ৰাজ্যৰ উঠি ৰজা বহি ৰজা হৈ পৰিছিল আৰু তেওঁ ৰজা হ’ব পৰা সকলো ফৈদৰ আহোম ৰাজকোঁৱৰৰে হয় অংগক্ষত, নহয় সি সকলক বধ কৰোৱাইছিল। কিন্ত লালুকসোলাৰ এই সন্ত্ৰাসৰ পৰা তুংখুঙীয়া ফৈদৰ গদাপাণি পলাই সাৰে। গদাপাণি ক’ত পলাই আছেগৈ, তাৰ সন্ধান কৰাৰ নামত লালুকসোলাই গদাপাণিৰ পত্নী জয়মতীক ধৰাই আনি অমানুষিক শাস্তি দিয়ে আৰু ফলত জয়মতীৰ মৃত্যু হয়। দেশ আৰু স্বামীৰ বাবে সেই অবৰ্ণনীয় শস্তি ভোগ কৰি জয়মতীয়ে মৃত্যু বৰণ কৰিলে যদিও দুৰাচাৰী লালুকসোলাক স্বামীৰ সন্ধান নিদিলে। জয়মতীৰ সেই দেশপ্ৰেম, স্বামী ভক্তি, মনোবল আৰু সহনশীলতা আজিও প্ৰতি গৰাকী নাৰীৰ বাবে আদৰ্শনীয় আৰু অসমীয়া জাতিৰ বাবে অক্ষয় গৌৰৱ।

জয়মতীৰ মৃত্যু আৰু লালুকসোলাৰ ক্ৰমাগতভাৱে বাঢ়ি অহা অত্যাচাৰ অতিষ্ঠ হৈ তেওঁৰে গা-ৰখীয়া ভোটাই ডেকাই ১৬৮০ চনত লালুকসোলাক হত্যা কৰে। লালুকসোলাৰ মৃত্যুৰ লগে লগে আহোম সাম্ৰাজ্যত চলি অহা অনীতি, অত্যাচাৰ আৰু সন্ত্ৰাসৰো ওৰ পৰে।

ইয়াৰ পাছত গদাপাণিয়ে আহোমৰ নিয়মমতে চুপাতফা আৰু হিন্দুমতে গদাধৰ সিংহ (১৬৮১-১৬৯৬) নাম লৈ ৰাজপাটত উঠে। এওঁৰ দিনতে ১৬৯৪ চনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ হয়।

গদাধৰ সিংহৰ পাছত তেওঁৰ জ্যেষ্ঠ পুত্ৰ লাই বা চুক্ৰামফা বা ৰুদ্ৰসিংহ (১৬৯৬-১৭১৪) আহোমৰ ৰজা হয়। ৰুদ্ৰসিংহকেই আহোম সকলৰ শ্ৰেষ্ঠ নৃপতিৰ আখ্যা দিয়া হয়। তেওঁ ৰংপুৰত নতুন ৰাজধানী পাতিছিল। তদুপৰি মাতৃ জয়মতীৰ পৱিত্ৰ স্মৃতিত নিৰ্মাণ কৰা জয়দৌল আৰু জয়সাগৰ পুখুৰী, কাৰেং ঘৰ, নামডাঙৰ শিলৰ সাঁকো, ঋকটীয়া আলি, মেটেকাৰ আলি আদিও তেওঁৰে কীৰ্তি। ৰুদ্ৰসিংহয়েই অসমীয়া বিহু-সংস্কৃতিক ৰাজকীয় মৰ্যাদা দিছিল। ৰুদ্ৰসিংহৰ দিনতে আহোমৰ পশ্চিম সীমা পূৰ্বৰ মানাহৰ পৰা কৰতোৱা নদী লৈকে সম্প্ৰসাৰিত হৈছিল।

ৰুদ্ৰসিংহৰ পাছত চতানফা বা শিৱসিংহ (১৭১৪-১৭৪৪) আহোম ৰাজপাটত উঠে। এওঁৰ দিনতে শিৱসাগৰৰ ধাই আলি, গৌৰীসাগৰ পুখুৰী, শিৱসাগৰ পুখুৰী, শিৱদৌল আদি নিৰ্মিত হয় আৰু ‘হস্তিবিদ্যাৰ্ণৱ’কে ধৰি কেইবা খনো গ্ৰন্থ ৰচিত হয় আৰু আনকেইবাখনো গ্ৰন্থ সংস্কৃতৰ পৰা অসমীয়ালৈ ভাঙনি কৰা হয়। এইজনা স্বৰ্গদেৱৰ দিনতে ইতিহাস প্ৰসিদ্ধ মোৱামৰীয়া বিদ্ৰোহৰো বীজ অংকুৰিত হৈছিল আৰু সিয়েই পৰৱৰ্তী কালত আহোম ৰাজত্বৰ পতনৰো অন্যতম কাৰণ হৈছিলগৈ।

ইয়াৰ পাছত চনেনফা বা প্ৰমত্ত সিংহ (১৭৪৪-১৭৫১) আহোম ৰাজপাটত উঠে। স্বৰ্গদেউ ৰুদ্ৰসিংহই কাঠ-বাঁহেৰে আৰম্ভ কৰি যোৱা ৰংঘৰৰ ঠাইতেই প্ৰমত্ত সিংহই বৰ্তমানৰ পকী ৰংঘৰ নিৰ্মাণ কৰে। গড়গাঁৱৰ সিংহদুৱাৰ, গুৱাহাটীৰ শুক্লেশ্বৰ আৰু ৰুদ্ৰেশ্বৰ মন্দিৰো এইজনা ৰজায়েই নিৰ্মাণ কৰে।

প্ৰমত্ত সিংহৰ পাছত ক্ৰমে ৰাজেশ্বৰ সিংহ (১৭৫১-১৭৬৯) আৰু লক্ষীসিংহ (১৭৬৯-১৭৮০) আহোম ৰাজপাটত উঠে। ৰাজেশ্বৰ সিংহৰ দিনতেই আহোম ৰাজ্যৰ পতনৰ বীজ ৰোপিত হৈছিল আৰু ইয়েই পৰৱৰ্তী কালত বটবৃক্ষৰ ৰুপ লৈ আহোম ৰাজত্বৰ পতন ঘটাইছিল। লক্ষীসিংহৰ দিনতে ১৭৬৯ চনত মোৱামৰীয়া সকলে আহোমৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি ৰংপুৰ অধিকাৰ কৰে।

লক্ষীসিংহৰ পাছত গৌৰীনাথ সিংহ (১৭৮০-১৭৯৫) আহোম ৰাজপাটত বহে। এওঁৰ দিনতো একাধিকাবাৰ মোৱামৰীয়া সকলে বিদ্ৰোহ কৰি আহোম শক্তিক দুৰ্বল কৰি পেলালে। ইয়াৰ পাছত গৌৰীনাথ সিংহই ইংৰাজৰ সহায় বিচাৰে আৰু ইংৰাজৰ সহায়ত পুনৰ ৰাজ্যভাৰ গ্ৰহণ কৰে। আহোম স্বৰ্গদেউ সকলৰ ভিতৰত গৌৰীনাথ সিংহই সকলোতকৈ অযোগ্য, অত্যাচাৰী, অকৰ্মণ্য, দুৰ্বল আৰু ভীৰু ৰজা আছিল। তেওঁৰ দিনত জনসাধাৰণৰ দুখ-দুৰ্গতিৰ সীমা নোহোৱা হৈছিল। গৌৰীনাথ সিংহই ১৭৯৪ চনত আহোম ৰাজধানী ৰংপুৰৰ পৰা যোৰহাটলৈ তুলি আনে।

গৌৰীনাথ সিংহৰ মৃত্যুৰ পাছত ক্ৰমে কমলেশ্বৰ সিংহ (১৭৯৫-১৮১০) আৰু চন্দ্ৰকান্ত সিংহ (১৮১০-১৮১৮) আহোমৰ ৰজা হয়। চন্দ্ৰকান্ত সিংহৰ দিনতে মানে প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰে। ইয়াৰ পাছত পুৰন্দৰ সিংহ (১৮১৮-১৮১৯) আহোমৰ ৰজা হয়। এওঁৰ ৰাজত্ব কালত ১৮১৯ চনত মানে দ্বিতীয়বাৰ অসম আক্ৰমণ কৰে। পুৰন্দৰ সিংহৰ পাছত চন্দ্ৰকান্ত সিংহ পুনৰ আহোম ৰাজপাটত বহিছিল যদিও সেই সময় ছোৱাত চন্দ্ৰকান্তৰ নামত মানেহে অসমত ৰাজত্ব কৰিছিল। ১৮২০ চন মানত মানবোৰে অসম এৰি যোৱাত চন্দ্ৰকান্তই মানসেনাৰ অধীনত্ব দলিয়াই পেলোৱাৰ যো-জা কৰিলে। সেই খবৰ পাই ১৮২১ চনৰ মাৰ্চ মাহত মানে তৃতীয় বাৰৰ বাবে অসম আক্ৰমণ কৰে আৰু আহোম ৰাজ্য দখল কৰি যোগেশ্বৰ সিংহক আহোমৰ ৰজা পাতে।

১৮১৯ চনৰ পৰা ১৮২৪ চন লৈকে মানে অসমত শাসন চলোৱাৰ নামত প্ৰজাৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ চলাইছিল। অবাধ লুণ্ঠনৰ লালসাত মানে অসমত উপদ্ৰৱ কৰি সমগ্ৰ ৰাজ্যখনকেই ছাৰখাৰ কৰি পেলাইছিল। এই সময়ছোৱাত নৃশংসভাৱে নৰহত্যা কৰি, সা-সম্পত্তি লুট কৰি, গাঁৱৰ পিছত গাঁও ধ্বংস কৰি, মুনিহ-তিৰোতা, ল’ৰা-ছোৱালি, ডেকা-বুঢ়া নিৰ্বিচাৰে সকলোৰে ওপৰত অকথ্য অত্যাচাৰ চলাই মানে অসমত এক চৰম দুঃশাসন চলাইছিল। ইয়াৰ ফলত সমগ্ৰ অসমেই ধ্বংস হৈ যায় আৰু সমাজ-ব্যৱস্থাও ভাগি চূৰমাৰ হয়। বহু শতিকা ধৰি ক্ৰমান্বয়ে গঢ়ি উঠা সামাজিক ব্যৱস্থাৰো ভেটি চুচুঁৰ্ম হৈ যায়। মানৰ এই অত্যাচাৰ আৰু সন্ত্ৰাস আজিও অসমবাসীয়ে ‘মানৰ দিন’ বুলি শংকাৰে সোঁৱৰে।

অৱশেষত আহোমৰ অনুৰোধ ক্ৰমে ১৮২৪ চনত ইংৰাজে মানক দমন কৰিবৰ বাবে মানৰ লগত  যুঁজ দিয়ে আৰু এই যুঁজত ইংৰাজে জয়লাভ কৰে। ইয়াৰ পিছৰ কেইবাখনো যুদ্ধত ইংৰাজৰ উন্নত অস্ত্ৰ-শস্ত্ৰ আৰু ৰণকৌশলৰ আগত মানসেনা সম্পূৰ্ণভাৱে পৰাভূত হয়। অৱশেষত ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ব্ৰহ্মদেশৰ ইয়াণ্ডাবুত ইংৰাজৰ লগত মানে সন্ধি কৰে আৰু এই সন্ধিৰ চৰ্তমতে অসম ইংৰাজৰ হাতলৈ যায়। যিবোৰ ৰাজ্যক লৈ ইংৰাজ অধিকৃত ভাৰত গঠিত হৈছিল তাৰ ভিতৰত সৰ্বশেষ ৰাজ্য আছিল অসম। অনেদৰেই চুকাফাই অসীম সাহস আৰু বীৰত্বৰে প্ৰতিষ্ঠা কৰা ছশ বছৰীয়া আহোম ৰাজত্বৰ লগতে অসমৰো স্বাধীনতাৰ বেলি মাৰ যায় আৰু ১৮২৬ চনৰ পৰা অসম ইংৰাগৰ অধীন হ’বলগীয়া হয়।

  • ইংৰাজৰ ৰাজত্ব

অসমৰ অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক অৱস্থা অতি শোচনীয় হৈ পৰা অৱস্থাত ইংৰাজ সকল অসমলৈ অহাত অসমীয়া মানুহে পোনতে তেওঁলোকক অসমৰ ত্ৰাণকৰ্তা বুলি ভাবিছিল আৰু আদৰি লৈছিল। কিন্ত লাহে লাহে ইংৰাজ নিজেই অসমৰ অধিকাৰী হৈ পৰিল। ফলত অসমৰ জনসাধাৰণৰ মাজত ইংৰাজ বিৰোধী মনোভাৱে গা কৰি উঠিল। এনে পৰিস্থিতিতে ১৮২৮ চনত আহোম আমোলা ধনঞ্জয় বৰগোহাঁই আৰু ৰাজ বংশৰ গোমধৰ কোঁৱৰৰ নেতৃত্বত ইংৰাজৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ হয়। কিন্ত এই বিদ্ৰোহ সফল নহ’ল।

ইয়াৰ পাছত ১৮৩০ চনতো ইংৰাজৰ বিৰুদ্ধে এক বিদ্ৰোহৰ সূচনা হৈছিল যদিও সেই বিদ্ৰোহো সফল নহ’ল। ১৮৩৮ চনত ইংৰাজে সমগ্ৰ অসম খনকেই তেওঁলোকৰ স্থায়ী দখললৈ আনিলে।

১৮৫৭ চনত চনত সমগ্ৰ ভাৰতব্যাপি জ্বলি উঠা প্ৰথম স্বাধীনতা যুঁজৰ দাবানলে অসমকো স্পৰ্শ কৰেহি। সেই বিপ্লৱেৰে স্বাধীনতা আনিবলৈ চেষ্টা কৰা মণিৰাম দেৱান আৰু পিয়লি বৰুৱাই ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাটত ফাঁচী কাঠত মৃত্যু বৰণ কৰে।

এনেদৰেই ক্ৰমে অসমত স্বাধীনতা সংগ্ৰামে তীব্ৰতৰ ৰুপত আত্ম প্ৰকাশ কৰিবলৈ ধৰে। ১৯১৯-২৯ চনত গান্ধীজীৰ নেতৃত্বত চলা অসহযোগ আন্দোলনতো অসমে যোগদান কৰে।

১৯৪২ চনত সনগ্ৰ ভাৰত ব্যাপি আৰম্ভ হ’ল ঐতিহাসিক ভাৰত ত্যাগ আন্দোলন। ৪২ ৰ গণ বিপ্লৱ নামেৰে খ্যাত এই আন্দোলনে অসমতো তীব্ৰ ৰুপ ধাৰণ কৰিলে আৰু গোপীনাথ বৰদলৈ, সিদ্ধিনাথ শৰ্মা, মহম্মদ তৈয়বুল্লা, ফকৰুদ্দিন আলি আহমেদ, বিষ্ণুৰাম মেধি, দেৱেশ্বৰ শৰ্মা প্ৰভৃতি নেতা সকলক গ্ৰেপ্তাৰ কৰা হ’ল। এই আন্দোলনতে গহপুৰ থানাত পতাকা উত্তোলনৰ বাবে যাওঁতে কনকলতা, মুকুন্দ কাকতিৰ পুলিচৰ গুলীত মৃত্যু হয়।

ঠায়ে ঠায়ে এই আন্দোলনে হিংসাত্মক ৰুপো লয়। ৰ’ল লাইন সংযোগ বিহীন কৰা, ডাকঘৰ, পুলিচ থানা ধ্বংস কৰাৰ দৰে কাৰ্য সংঘটিত হয়। সৰু পথাৰৰ ৰে’ল দুৰ্ঘটনাৰ বাবে অভিযুক্ত কৰি কুশল কোঁৱৰক ফাঁচী দিয়া হয়। এই সংগ্ৰামতে ভোগেশ্বৰী ফুকননী, লক্ষীৰাম হাজৰিকা, ঠগীৰাম সুত, ৰাউতা কছাৰী, মদন বৰ্মন আদিয়ে পুলিচৰ গুলীত প্ৰাণাহুতি দিয়ে। তদুপৰি প্ৰায় ৩০,৫০০ লোকে কাৰাবৰণ কৰে।

  • স্বাধীনতা লাভ

১৯৪৫ চনত দ্বিতীয় মহাসমৰৰ অন্ত পৰাত ইংলেণ্ডত ক্লিমেণ্ট্‌ এটলিৰ নেতৃত্বত শ্ৰমিক দলে মন্ত্ৰীসভা গঠন কৰে। ১৯৪৬ চনত কেবিনেট মিছন (Cabinate Mission) আহি ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতা সকলৰ্ লগত আলোচনা কৰি ভাৰতৰ পৰা ইংৰাজ শাসন অপসাৰণ কৰা হ’ব বুলি সিদ্ধান্ত কৰিলে। সেই অনুসৰি এক অহিংস অসহযোগ অথচ শক্তিশালী সংগ্ৰামৰ জৰিয়তে ভাৰতৰ লগতে অসমেও ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰিলে।

১৯৪৬ চনৰ আৰম্ভণিতে ভাৰতৰ আন ঠাইৰ লগতে অসমতো নিৰ্বাচন হৈছিল। এই নিৰ্বাচনত কংগ্ৰেছ জয়লাভ কৰি অসমত প্ৰথম মন্ত্ৰীসভা গঠন কৰে। স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ। ১৯৯৫০ চনত গোপীনাথ বৰদলৈ মৃত্যু হোৱাত বিষ্ণুৰাম মেধি আৰু তাৰ পাছত ক্ৰমে বিমলা প্ৰসাদ চলিহা, মহেন্দ্ৰ মোহন চৌধুৰী আৰু শৰৎ চন্দ্ৰ সিংহ অসমৰ মুখ্যমন্ত্ৰী হয়। ১৯৭৮ চনত অসমত প্ৰথম খন অকংগ্ৰেছী মন্ত্ৰীসভা গঠন হয়। সেইবাৰ অসমৰ মুখ্যমন্ত্ৰী হয় জনতা দলৰ গোলাপ বৰবৰা। ইয়াৰ পাছত ১৯৭৯ চনত প্ৰথম বাৰৰ বাবে অসমত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হয়।

  • অসম আন্দোলন

সমসাময়িক সময়ছোৱাতে ১৯৭৯ চনত অসমৰ পৰা বিদেশী নাগৰিকৰ বহিষ্কাৰৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত সমগ্ৰ অসম জুৰি এক অভূতপূৰ্ব গণ আন্দোলনে গা কৰি উঠে। ‘অসম আন্দোলন’ৰুপে প্ৰসিদ্ধ এই আন্দোলনত গণ সংগ্ৰাম পৰিষদ, কৰ্মচাৰী পৰিষদ, বিভিন্ন মহিলা সংগঠনেও যোগদান কৰিলে। কেইবাশ লোক এই আন্দোলনত শ্বহীদ হয় আৰু অসংখ্য লোকে কাৰাবৰণ কৰে। অৱশেষত ১৯৮৫ চনৰ ১৫ আগষ্টৰ পুৱতি নিশা তৎকালীন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ লগত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃ বৃন্দৰ এখন চুক্তি স্বাক্ষৰিত হয়।

এই সময় ছোৱাতে ১৯৮৩ চনত হোৱা এক নিৰ্বাচন যোগে কংগ্ৰেছ (ই) দলৰ হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত অসমত মন্ত্ৰীসভা গঠন হয়। ১৯৮৫ চনত সম্পাদিত ‘অসম চুক্তি’ৰ পাছত শইকীয়া মন্ত্ৰীসভা ভংগ হয় আৰু সেই বছৰৰে ডিচেম্বৰ মাহত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত অসম আন্দোলনৰ নেতৃ বৃন্দই গঠন কৰা আঞ্চলিক দল অসম গণ পৰিষদে সংখ্যাগৰিষ্ঠতা লাভ কৰি অসমত প্ৰথমবাৰৰ বাবে এখন আঞ্চলিক দলৰ চৰকাৰ গঠন কৰে। প্ৰফুল্ল কুমাৰ মহন্ত অসমৰ মুখ্যমন্ত্ৰী হয়। ১৯৯০ চনত মহন্ত চৰকাৰৰ পাঁচবছৰ সম্পূৰ্ণ হ’বলৈ এমাহ থাকোঁতে মহন্ত চৰকাৰ ভংগ কৰি কেন্দ্ৰীয় চৰকাৰে অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰে।

ইয়াৰ পাছত ১৯৯১ চনত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ (ই) দলে জয়লাভ কৰে আৰু হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত অসমত নতুন চৰকাৰ গঠন হয়। ১৯৯৬ চনৰ ২২ এপ্ৰিলত হিতেশ্বৰ শইকীয়াৰ মৃত্যু হোৱাত কেইদিনমানৰ বাবে ভূমিধৰ বৰ্মনে অসমৰ অস্থায়ী মুখ্যমন্ত্ৰী ৰুপে কাৰ্যনিৰ্বাহ কৰে। সেই বছৰতে অনুষ্ঠিত নিৰ্বাচনত অসম গণ পৰিষদ দলে জয়লাভ কৰে আৰু ১৯৯৬ চনৰ ১৫ মে’ত প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন চৰকাৰ গঠন হয়। ইয়াৰ পাছত ২০০১ চনৰ মে’ মাহত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন অসম গণ পৰিষদ দলৰ শোচনীয় পৰাজয়  হয় আৰু কংগ্ৰেছ (ই) দলে ৰাজ্য খনৰ শাসন ভাৰ গ্ৰহণ কৰে। তৰুণ গগৈ হয় অসমৰ নতুন মুখ্যমন্ত্ৰী। একেদৰে ২০০৬ চনৰ এপ্ৰিল মাহত অনুষ্ঠিত বিধানসভা নিৰ্বাচনতো তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ (ই) দলে সৰ্বাধিক ৫৮ খন আসন লাভ কৰি বি পি পি এফ ৰ সহযোগত অসমত এখন নতুন মন্ত্ৰীসভা গঠন কৰে। তৰুণ গগৈ একেৰাহে দ্বিতীয়বাৰৰ বাবে হয় অসমৰ মুখ্যমন্ত্ৰী। বৰ্তমানলৈকে (২০১৬) এই দলৰ চৰকাৰেই অসমত শাসনভাৰ চলাই আছে।

    অসমৰ মুখ্যমন্ত্ৰী সকল

নাম                           কাৰ্যকাল

ছৈয়দ ছাৰ মহম্মদ ছাদুল্লা         : ১ এপ্ৰিল ১৯৩৭ – ১৯ ছেপ্তেম্বৰ, ১৯৩৮

১৭ নৱেম্বৰ, ১৯৩৯ – ২৪ ডিচেম্বৰ, ১৯৪১

২৫ আগষ্ট, ১৯৪২ – ১১ ফেব্ৰুৱাৰী, ১৯৪৬

গোপীনাথ বৰদলৈ              : ১৯ ছেপ্তেম্বৰ, ১৯৩৮ – ১৭ নৱেম্বৰ, ১৯৩৯

১১ ফেব্ৰুৱাৰী, ১৯৪৬ – ৬ আগষ্ট, ১৯৫০

বিষ্ণুৰাম মধি                : ৯ আগষ্ট, ১৯৫০ – ২৭ ডিচেম্বৰ, ১৯৫৭

বিমলা প্ৰসাদ চলিহা            : ২৮ ডিচেম্বৰ, ১৯৫৭ – ৬ নৱেম্বৰ, ১৯৭০

মহেন্দ্ৰ মোহন চৌধুৰী           : ১১ নৱেম্বৰ, ১৯৭০ – ৩০ জানুৱাৰী, ১৯৭২

শৰৎ চন্দ্ৰ সিংহ                   : ৩১ জানুৱাৰী, ১৯৭২ – ১২ মাৰ্চ, ১৯৭৮

গোলাপ বৰবৰা               : ১২ মাৰ্চ, ১৯৭৮ – ৯ ছেপ্তেম্বৰ, ১৯৭৯

যোগেন্দ্ৰনাথ হাজৰিকা           : ৯ ছেপ্তেম্বৰ, ১৯৭৯ – ১১ নৱেম্বৰ, ১৯৭৯

ছৈয়দ আনোৱাৰা টাইমুৰ         : ১২ ডিচেম্বৰ, ১৯৮০ – ৩০ জুন, ১৯৮১

কেশৱ চন্দ্ৰ গগৈ              : ১৩ জনুৱাৰী, ১৯৮২ – ১৯ মাৰ্চ, ১৯৮২

হিতেশ্বৰ শইকীয়া              : ২৭ ফেব্ৰুৱাৰী, ১৯৮৩ – ২৩ ডিচেম্বৰ, ১৯৮৫

প্ৰফুল্ল কুমাৰ মহন্ত             : ২৪ ডিচেম্বৰ, ১৯৮৫ – ২৭ নৱেম্বৰ, ১৯৯০

হিতেশ্বৰ শইকীয়া              : ৩০ জুন, ১৯৯১ – ২২ এপ্ৰিল, ১৯৯৬

ডাঃ ভূমিধৰ বৰ্মন             : ২২ এপ্ৰিল, ১৯৯৬ – ১৪ মে’, ১৯৯৬

প্ৰফুল্ল কুমাৰ মহন্ত             : ১৫ ম’, ১৯৯৬ – ১৭ মে’, ২০০১

তৰুণ গগৈ                  : ১৮ মে’, ২০০১ – বৰ্তমানলৈকে

-   প্ৰথম অৱস্থাত অসমৰ মুখ্য মন্ত্ৰী গৰাকীক ‘প্ৰধান মন্ত্ৰী’ বোলা হৈছিল।

 

    অসমৰ ৰাজ্যপাল সকল

নাম                           কাৰ্যকাল

হেনৰী যোছেফ টুইনাম           : ২৪ ফেব্ৰুৱাৰী, ১৯৩৮ – ৪ অক্টোবৰ, ১৯৩৯

ৰবাৰ্ট নীল ৰেইড              : ৫ অক্টোবৰ। ১৯৩৯ – ৩ মে’, ১৯৪২

এন্দ্ৰু গৌৰলে ক্ল              : ৪ মে’, ১৯৪২ – ৩ এপ্ৰিল, ১৯৪৬

ৰেডেৰিক চালমাৰ্‌ছ্‌ বৰ্ন          : ৪ এপ্ৰিল, ১৯৪৬ – ৩ ছেপ্তেম্বৰ, ১৯৪৬

হেনৰী ফ’লি নাইট             : ৪ ছেপ্তেম্বৰ, ১৯৪৬ – ২৩ ডিচেম্বৰ, ১৯৪৬

এন্দ্ৰু গৌৰলে ক্ল              : ২৪ ডিচেম্বৰ, ১৯৪৬ – ৩ মে’, ১৯৪৭

আকবৰ হাইদৰী                   : ৪ মে’, ১৯৪৭ – ২৮ ডিচেম্বৰ, ১৯৪৮

ৰোণাল্‌ড ফ্ৰেঞ্চিছ              : ৩০ ডিচেম্বৰ, ১৯৪৮ – ১৫ ফেব্ৰুৱাৰী, ১৯৪৯

শ্ৰী প্ৰকাশ                 : ১৬ ফেব্ৰুৱাৰী, ১৯৪৯ – ২৬ মে’, ১৯৫০

জয়ৰাম দাস দৌলতৰাম     : ২৭ মে’, ১৯৫০ – ১৪ মে’, ১৯৫৬

ছয়িদ ফজল আলি             : ১৫ মে’, ১৯৫৬ – ২২ আগষ্ট, ১৯৫৯

ন্যায়াধীশ চন্দ্ৰশেখৰ প্ৰসাদ সিন্‌হা    : ২৩ আগষ্ট, ১৯৫৯ – ১৩ অক্টোবৰ ১৯৫৯

সত্যৱন্ত মালান্ন শ্ৰীনাগেশ          : ১৪ অক্টোবৰ, ১৯৫৯ – ১২ নৱেম্বৰ, ১৯৬০

বিষ্ণু সহায়                  : ১২ নৱেম্বৰ, ১৯৬০ – ১২ জানুৱাৰী, ১৯৬১

সত্যৱন্ত মালানা শ্ৰীনাগেশ         : ১৩ জানুৱাৰী, ১৯৬১ – ৭ ছেপ্টেম্বৰ, ১৯৬২

বিষ্ণু সহায়                  : ৭ ছেপ্টেম্বৰ, ১৯৬২ – ১৬ এপ্ৰিল, ১৯৬৮

ব্ৰজ কুমাৰ নেহৰু              : ১৭ এপ্ৰিল, ১৯৬৮ – ৭ ডিচেম্বৰ, ১৯৭০

পি কে স্বামী                : ৮ ডিচেম্বৰ, ১৯৭০ – ৪ ডিচেম্বৰ, ১৯৭১

ব্ৰজ কুমাৰ নেহৰু              : ৫ জানুৱাৰী, ১৯৭১ – ১৮ ছেপ্টেম্বৰ, ১৯৭৩

লালন প্ৰসাদ সিং              : ১৯ ছেপ্টেম্বৰ, ১৯৭৩ – ১০ আগষ্ট, ১৯৮১

প্ৰকাশ মেহৰোট্ৰা              : ১০ আগষ্ট, ১৯৮১ – ২৭ মাৰ্চ, ১৯৮৪

টি এছ মিশ্ৰ                 : ২৮ মাৰ্চ, ১৯৮৪ – ১৫ এপ্ৰিল, ১৯৮৪

ভীষ্ম নাৰায়ণ সিং             : ১৫ এপ্ৰিল, ১৯৮৪ – ১০ মে’, ১৯৮৯

হৰিদেউ যোশী                : ১০ মে’, ১৯৮৯ – ২১ জুলাই, ১৯৮৯

আনিচেট্টি ৰঘুবীৰ              : ২১ জুলাই, ১৯৮৯ – ২ মে’, ১৯৯০

দেবীদাস ঠাকুৰ               : ২ মে’, ১৯৯০ – ১৭ মাৰ্চ, ১৯৯১

লোকনাথ মশ্ৰ                : ১৭ মাৰ্চ, ১৯৯১ – ৩১ আগষ্ট, ১৯৯৭

শ্ৰী নিবাস কুমাৰ সিন্‌হা          : ১ ছেপ্টেম্বৰ, ১৯৯৭ – ৪ জুন, ২০০৩

অজয় সিং                  : ৫ জুন, ২০০৩ – ৩ জুলাই, ২০০৮

শিৱচৰণ মাথুৰ               : ৪ জুলাই, ২০০৮ – ২৫ জুন, ২০০৯

ছিবটে ৰাজি                 : ২৭ জুলাই, ২০০৯ – ১০ নৱেম্বৰ, ২০০৯

জানকী বল্লভ পাটনায়ক     : ১১ নৱেম্বৰ, ২০০৯ – ১১ ডিচেম্বৰ, ২০১৪

পদ্মনাভ বালকৃষ্ণ আচাৰ্য্য         : ১২ ডিচেম্বৰ, ২০১৪ – বৰ্তমানলৈকে

২০০৩ চনৰ ২১ এপ্ৰিলৰ পৰা ১২ মে’ লৈকে অৰবিন্দ ডাভে আৰু ২০০৯ চনৰ ২৫ জুনৰ পৰা ২৬ জুলাই লোকে কাট্ৰিকাল শংকৰ নাৰায়ণে ভাৰপ্ৰাপ্ত ৰাজ্যপাল ৰুপে কাৰ্য নিৰ্বাহ কৰে।

-কাৰ্য কালতে মৃত্যু হয়।

লেখক: শান্তনু কৌশিক বৰুৱা,

লেখিকা : প্ৰীতিমা কৌশিক বৰুৱা, নতুন জানানে

3.07317073171
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top