মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / অসমৰ বাৰভূঞাসকল :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ বাৰভূঞাসকল :

অসমৰ বাৰভূঞাসকলৰ বিশযে লিখা হৈছে

অসমত বাৰভূঞাসকলৰ উৎপত্তি-


অসমত বাৰভূঞাসকলৰ উৎপত্তি আৰু বিৱৰ্তনৰ ইতিহাস ধুসৰ, ইয়াৰ অধিকাংশই কিংবদন্তি মূলক আৰু আখ্যান আশ্ৰিত। বুৰঞ্জীবিদ মি: ৰিছলে চাহাবৰ মতে ‘Bhuiyan’(ভূঞা) শব্দটো সংস্কৃতমূলীয়। ইয়াৰ অৰ্থ হৈছে ভূমিৰ সন্তান(Children of the Soil)। মি: ৰিছলেৰ মতে, শব্দটো জনজাতি বাচক। তেওঁ ভূঞা বা ভূয়া উপাধি বিশেষ বুলি ভাগ কৰি দেখুৱাইছে।

বাৰভূঞা শব্দটোৰ অৰ্থ-


এতিয়া আহো আমাৰ আজিৰ আলোচ্য বাৰভূঞা শব্দটো লৈ। অসমৰ ‘বাৰ-ভূঞা’ সম্পৰ্কে পণ্ডিতসকলৰ মাজত থকা বিভ্ৰান্তি আজিও আঁতৰা নাই। বহুতেই ভূঞাৰ সৈতে থকা বাৰ শব্দটোৱে ১২ সংখ্যাক নুবুজাই অধিক সংখ্যাকহে বুজাই বুলি ক’ব খোজে। এনে ৰীতি বিহাৰ আৰু বঙ্গদেশত দেখা পোৱা গৈছিল বুলি কায়স্থ জাতিৰ বংশাৱলী আৰু বুৰঞ্জী প্ৰণেতা হৰিনাৰায়ণ দত্ত বৰূৱাই মন্তব্য কৰিছে। অসমৰ ভূঞাসকল কায়স্থ কুলভুক্ত। দত্ত বৰুৱাৰ মতে, এসময়ত ভূঞা শব্দই অসমত ৰজা বুজাইছিল। পৰীক্ষিত ৰজা বন্দী হোৱাৰ সময়ত সেয়েহে আহোম ৰজাই বলিনাৰায়ণক কৈছিল: ‘সুনি স্বৰ্গৰাজ্যে অসন্তোষ কৰি মনে। ৰাজ্য দিলো ভূঞা তোৰ বংশ থাকে মানে’। ত্ৰয়োদশ-চতুৰ্দশ শতিকাত মুছলমানৰ শাসনত থকা বঙ্গ, বিহাৰৰ একশ্ৰেণী মাটি গিৰি বা জমিদাৰকো ‘ভূয়া’ উপাধি দিয়াৰ উদাহৰণ ইতিহাসৰ পাতত পোৱা যায়। বুৰঞ্জীবিদ সৰ্বানন্দ ৰাজকুমাৰৰ মতে, ৰজা নোহোৱাকৈ নিজ ভূজ বা বাহুবলেৰে যিসকলে ৰাজ্য শাসন কৰিছিল তেওঁলোককে ভূঞা বোলা হৈছিল। এই সংজ্ঞাটো অসমৰ ভূঞাসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাটো পৰিলক্ষিত হয়। অসমত ভূঞাসকলৰ অতীত সন্ধান কৰোতে আমি গুৰুজনাৰ আৱিৰ্ভাৱৰ পৰা দুটা শতিকা পিছুৱাই যাব লগীয়া হ’ব। সময়কাল, ১২ শতিকাৰ মাজ ভাগ। কামৰূপীয় পালবংশৰ শেষ ৰজা জয়পালৰ পৰা তেওঁৰ মন্ত্ৰী বৈদ্যদেৱে ৰাজ্য কাঢ়ি লৈছিল। পাল কালৰ অন্তত নতুন দেশ জয় কৰোতা অধীশ্বৰবিহীন নায়কসকলৰ দৰে বাৰভূঞা নামেৰে স্থানীয় ক্ষমতাশালী লোক কিছুমানে পুৰণি হিন্দুৰাজ্যৰ খণ্ড-বিখণ্ড অংশবোৰ নিজৰ আয়ত্তলৈ আনিলে। আনহাতে ১৪ শতিকাৰ আদিতে একেদৰে ৰজা সিংহধ্বজৰ কায়স্থ মন্ত্ৰী প্ৰতাপধ্বজেও নিজ ৰজাক বধ কৰি সিংহাসন অধিকাৰ কৰিলে। প্ৰতাপধ্বজৰ পুত্ৰ দুৰ্ল্লভ নাৰায়ণে(১৩৩০-৫০) গৌড়ৰ ৰজা ধৰ্মনাৰায়ণৰপৰা কনৌজ ৰাজ্যৰ সভ্ৰান্ত ব্ৰহ্মণৰ ৭ আৰু কায়স্থৰ ৭টাকৈ পৰিয়াল নিজ ৰাজ্যত সংস্থাপন কৰিব বাবে খুজি আনিছিল। এই সাতঘৰ কায়স্থৰ ভিতৰত শংকৰদেৱৰ পূৰ্বপুৰুষ চণ্ডীবৰো আছিল।

উল্লেখিত, গৌড় ৰজা ধৰ্মনাৰায়ণক প্ৰতাপধ্বজৰ ভতিজাক বুলি জনা যায়। দুৰ্ল্লভনাৰায়ণৰ পুত্ৰ ইন্দ্ৰনাৰায়ণে কমতাৰাজ্যৰ সিংহাসনত আৰোহণ কৰি পশ্চিমৰ ভুঞাসকলক দমন কৰিছিল। দুৰ্ল্লভনাৰায়ণৰ সময়ত অহা সাতঘৰ কায়স্থৰ উপৰি ব্ৰহ্মপুত্ৰ উপত্যকাত উজনি-নামনিত ভালেখিনি কায়স্থ শাসক নিযুক্তি দিয়া হৈছিল। ইয়াৰে ভূঞাসকলৰ সুপ্ৰাচীন ঠালতো উজনিত, বৰ্তমানৰ লখিমপুৰ জিলাত সিঁচৰিত হৈ পৰিছিল। এওঁলোকক আদিভূঞা বুলিও জনা যায়।

ভাৰতৰ আন আন ৰাজ্যত থকা ভূঞাসকলৰ সৈতে ব্ৰহ্মপুত্ৰ উপত্যকাত থকা ভূঞাসকল বহুক্ষেত্ৰত পৃথক আছিল-

 

তুৰ্কীসকলৰ মাজত থকা খান বা খাঁ উপাধিধাৰী ভূঞাসকলো অসমৰ ভূঞাসকলৰ আদি পৰ্যায়ৰ ভূঞাসকলৰ মাজত থকা দেখা যায়। গুৰুচৰিতত বুঢ়াখাঁ, কেতাইখাঁ, হৃদিখাঁ প্ৰভূতি ভূঞাসকল এনে পৰ্যায়ৰ, যি সকলৰ প্ৰবজন তুৰ্কীসকলৰ মাজৰ পৰা হৈছিল। তাৰপৰাই তাহানিৰ কায়স্থ সমাজলৈ তেওঁলোক প্ৰবজন কৰি আহিছিল বুলিও বহুতেই ক’ব খোজে। সম্ভৱত: তুৰ্কীসকলৰ মাজত খান বা খাঁ নামৰ উপাধিটো ভূঞাসকলে তেওঁলোকক প্ৰশাসনত সহায় কৰা সূত্ৰে লাভ কৰিছিল। প্ৰাচীন ইতিহাস প্ৰণেতাসকলৰ মতে, অসমত ভূঞাসকলক ঘাইকৈ দুটা প্ৰধান ভাগত ভগোৱা হয়। প্ৰাচীনতাৰ ভিত্তিত এই ভাগ দুটা হৈছে উজনি খণ্ড আৰু নামনি খণ্ডৰ ভূঞা। উজনি খণ্ডৰ ভূঞাসকল প্ৰাচীন। ধৰ্মনাৰায়ণৰ নাতি গজাংক বা আৰিমত্ত(১৩৬৫-১৩৮৫)। এওঁ দুৰ্ল্লভনাৰায়ণৰ পুতেক ইন্দ্ৰনাৰায়ণৰ পিছত কমতা ৰাজ্যৰো ৰজা হয়। আৰিমত্তৰ পুত্ৰ ৰত্নসিংহৰ দিনত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে কায়স্থ শাসক নিযুক্তি কৰা হৈছিল।

এওঁলোক প্ৰথম পৰ্যায়ৰ ভূঞাসকলৰ অন্তভুক্ত। ‘বাৰ-ভূঞা’ বুলিলে অসমত বৰ আৰু সৰু বাৰভূঞা দুয়োটা ফৈদকে সামৰিহে আলোচনা কৰাটো যুগুত। প্ৰথম ফৈদটোৰ উৎপত্তি ঘাইকৈ আখ্যান আৰু কিংবদন্তি আশ্ৰিত। উজনিখণ্ডৰ ভূঞাসকলৰ ডালটো আপেক্ষিকভাৱে প্ৰাচীন। এই খণ্ডৰ ভৌগলিক সীমা ব্ৰহ্মপুত্ৰৰ উত্তৰে, সোৱণশিৰিৰ পৰা পশ্চিমে বৰনদীলৈকে বৃহত্তৰ ৰূপত ব্যাপী আছিল। এই খণ্ডৰ ভূঞাসকলৰ উৎপত্তিৰ কাহিনী আদি-চৰিত নামৰ এখন পুথিত পোৱা যায়। জিতাৰী বংশৰ ধৰ্ম পালৰ নাতি সোমপাল। সোমপালৰ পোষ্য পুত্ৰ প্ৰতাপধ্বজ। প্ৰতাপগত নামে ব্ৰহ্মপুত্ৰৰ উত্তৰে এটা খণ্ডত ৰাজধানী পাতি শাসন কাৰ্য চলোৱা প্ৰতাপধ্বজৰ মৃত্যুৰ পিছত সুমন্ত আৰু মনোহৰ নামৰ তেওঁৰে দুগৰাকী সামন্তই এই বিস্তৃত অঞ্চলটোৰ শাসনৰ বাঘজৰী নিজৰ হাতলৈ নিয়ে। এওঁলোককে কালক্ৰমত অসমত ভূঞা নামেৰে জনাজাত হয়। মনোহৰৰ একমাত্ৰ জীয়াৰী প্ৰখ্যাত লক্ষ্মীদেৱী। সূৰ্যদেৱতাই হেনো লক্ষ্মীক বিয়া কৰায়। লক্ষ্মীদেৱীৰ নাম অনুসৰিয়েই তেওঁ বাস কৰা ভূখণ্ডক পৰবৰ্তী কালত লখিমপুৰ বোলা হয়। তেওঁৰ দুই পুত্ৰ শান্তনু আৰু সুমন্ত। কিংবদন্তি মতে, সূৰ্যদেৱতাৰ দান ‘ধাতু-তাম্ৰক্ষৰী কল্পতৰু শাস্ত্ৰ’ নামৰ মন্ত্ৰপুত পুথিখন শান্তনুৰ পুত্ৰসকলে নিজৰ লগত ৰাখি শাক্তধৰ্ম প্ৰৰ্বতাই লখিমপুৰ অঞ্চলত বৈষ্ণৱ ধৰ্মমত গ্ৰহণ কৰি লখিমপুৰৰ পৰা আহি নগাঁৱৰ ৰামপুৰ নামে ঠাইত বসতি স্থাপন কৰে।

স্বৰ্গদেউ দিহীঙ্গিয়া ৰজাই লখিমপুৰ অঞ্চলৰ ভূঞাসকলৰ ৰাজ্যখন জয় কৰাৰ পিছত আহোমসকলে ভূঞাসকলৰ কেইবাপদো নিত্যব্যৱহাৰ্য সামগ্ৰী পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰিবলৈ লয়। বাৰভূঞা আৰু আহোমৰ মিত্ৰতা সম্পৰ্কে এখন প্ৰাচীন বুৰঞ্জীত এনেদৰে পোৱা যায়-

‘পাচে লাক্লি কওদেউ ২৪২৭ শকত(১৫০৫) বাৰভূঞাৰ বৰালে। বাৰভূঞাৰ অৰ্থ এই, এওঁলোক একৰকম হিন্দু।

দেশত ৰজা নাইকিয়া হ’লে অথবা ৰজা থকা সময়তো তেওঁলোক ৪,৫,১০,১২ গ্ৰাম ততোধিক গাঁৱৰ অধিপতি আপুন এক্তাৰে হৈ দখল কৰে। সময়মতে স্বাধীন মত হৈ কোনো কোনো ৰজাৰ অধীন হৈ সেই গ্ৰামৰ কৰ-কাটল দিয়ে, ইয়াকে বাৰভূঞা বোলে।

একেদৰে বাৰভূঞা চৰিতত আছে কিদৰে স্বৰ্গদেউসকলে ভূঞাৰ সতি-সন্ততিসকলক নিজ ৰাজ্যত থিতাপি লগোৱাৰ পিছত আহোম ৰাজচ’ৰাত মন্ত্ৰী ডা-ডাঙৰীয়া কেইজনৰ আসনৰ কাষতেই সেইসকলৰো বহাৰ চিন কৰি দিছিল। এই বৰ্ণনাৰ পৰাই আহোম ৰাজত্বত ভূঞাসকলৰ মৰ্যাদা আৰু স্থান সম্পৰ্কে কিছু সম্ভেদ পোৱা যায়।

 

অসমত ভূঞাসকলৰ উৎপত্তি আৰু এই বংশৰ ক্ৰমবিকাশ সম্পৰ্কে বিভিন্ন বিৱৰণি আৰু কেতবোৰ জনশ্ৰুতি দীৰ্ঘকাল ধৰি প্ৰচলিত হৈ আহিছে। এনে এটি বিৱৰণি মতে চতুৰ্থ শতিকাত লৌহিত্যৰ উত্তৰ কুলত প্ৰতাপগড় নামে ঠাইত নাগশংকৰ বা নাগাক্ষ ৰজাই শাসন কৰিছিল। এই ৰাজবংটোৰ বংধৰসকলেই পৰবৰ্তী কালত অসমত কায়স্থ ভূঞাৰূপে পৰিচিত হয়।

বিশিষ্ট প্ৰত্নতত্ত্ববিদ সৰ্বেশ্বৰ শৰ্মাকটকীয়ে ‘মোৰ দেশ’ নামৰ কবিতাত এই ৰাজবংশটো আৰু লখিমপুৰৰ বৰ বাৰ-ভূঞাসকলৰ উৎপত্তিৰ বিৱৰণি দাঙি ধৰিছে :

‘আজিৰ লক্ষীমপুৰ পূৰ্বৰকালত

আছিল কুণ্ডিলৰাজ্য ভীষ্মকৰাজৰ।

লক্ষ্মীদেৱী হন্তে এতে ভূঞা বংশধৰ

সূৰ্যবংশী বুলি খ্যাত অসমত….’

আমাৰ আলোচ্য বাৰ-ভূঞাসকলৰ বীৰত্ব গুৰু চৰিতকাৰ ৰামচৰণ ঠাকুৰে এনেদৰে বৰ্ণাইছে-

‘বাৰভূঞা সমবীৰ নাহি ত্ৰিভূৱনে

হৰিবংশ ন ভৈলে জিনিব পাৰে কোনে’?

এই বিৱৰণিত বাৰভূঞাসকলৰ শৌৰ্য-বীৰ্য, যশ সম্পৰ্কে জানিব পৰা যায়। দীৰ্ঘকাল ধৰি অসমত প্ৰাচীন কায়স্থসকলৰ অতীত ইতিবৃত্ত সন্ধানত ব্ৰতী হোৱা হৰিনাৰায়ণ দত্তবৰুৱাই ১৯২১ চনত চলোৱা অনুসন্ধানত অসমত ৪৫ ঘৰ কায়স্থ ভূঞাৰ সন্ধান পাইছিল। তেওঁৰ মতে, এই কায়স্থ ভূঞাসকলৰ বসতি শদিয়াৰ পৰা ধুবুৰী পৰ্যন্ত আছে আৰু এওঁলোকৰ অধিকাংশই(অৰ্থাৎ উজনিত থকাসকলৰ প্ৰায় ভাগেই)ক্ষত্ৰিয়ৰ আচাৰ এৰাত কলিতা শ্ৰেণীত অন্তৰ্ভূক্ত হৈছে। তাৰে কিছুমানে কায়স্থ বুলি আজিও নিজৰ পৰিচয় দিয়ে। কামৰূপৰ যি ঠাইত তেওঁলোকে প্ৰথমে বসতি কৰিছিল সেই ঠাইৰ নাম ক্ষেত্ৰী। অবিভক্ত জিলাত বৰক্ষেত্ৰী আৰু ক্ষেত্ৰী নামেৰে দুটা মৌজা আছে।

ৰাজনৈতিক ঘটনাক্ৰমত, পূৰ্বে উল্লেখিত ভূঞাসকলৰ আদি বসতি স্থলীত অন্যতম কেন্দ্ৰ পশ্চিম অসমৰ বিশেষ বিশেষ অঞ্চলটোৰ ১৪৯৮ খৃ:ত মুছলমানৰ অধীনলৈ যায় যদিও তাত মুছলমানসকলে স্থায়ী শাসন চলোৱাটো পৰিলক্ষিত হোৱা নাছিল। সেয়েহে কোনো কোনো সমীক্ষকে ১৫১৫ খ্ৰী: পৰ্যন্ত অসমত বসতি স্থাপন কৰা নামনি অসমৰ বাৰভূঞাসকল স্বাধীন হৈয়েই আছিল বুলি ক’ব খোজে। এই স্বাধীনভাৱে বৰ্তি থকা ভূঞাসকলৰ ভিতৰত মধ্য অসমৰ শিৰোমণি ভূঞাই অসম মুলুকৰ ভূঞাসকলৰ মাজত শ্ৰেষ্ঠ আছিল বুলি ঐতিহাসিকসকলে মতপোষণ কৰিছে।

বাৰভূঞাসকলৰ বুৰঞ্জী প্ৰণেতা নকুল চন্দ্ৰ ভূঞাৰ মতে, সম্ভৱত: অসমত এই বাৰভূঞাসকলৰ উৎপত্তিৰ এশ বছৰমানৰ পিছতহে কমতাপুৰৰ ৰজাই চৈধ্যঘৰ কায়স্থ আৰু ব্ৰাহ্মণক পশ্চিম কামৰূপৰ ঠায়ে ঠায়ে ভূঞা পতা সকলকহে বাৰভূঞা নামকৰণ কৰিলে। আন এটি বিৱৰণিত এনে দৰে সংস্থাপিত ভূঞাসকলৰ পূৰ্বেও ইতিপূৰ্বে বৰ্ণনা কৰা ৰজা আৰিমত্তৰ সেনাপতি সমুদ্ৰই একাদশ শতিকাৰ মাজভাগত উজনিত নিজাকৈ এখন ভূঞাৰাজ্য পাতি শাসন কৰিবলৈ আৰম্ভ কৰে। সমুদ্ৰই শাসন কৰি, নিজ ভূজ বলেৰে দেশত সংঘটিত সকলো বিপ্লৱ দমন কৰি শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা বাবে ভূঞা নামেৰে প্ৰখ্যাত হৈ পৰে।

বৰ বাৰভূঞাৰ ৰীতি অনুকৰণ কৰি সৰু বাৰভূঞাসকলে ভোগপীঠ নামে ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে নতুন ঠাই এখনত বসতি কৰিবলৈ ধৰে। আজিৰ নগাঁৱক তাহানি ভোগপীঠো বোলা হৈছিল। এই অঞ্চলতো তেওঁলোকে শাসন কৰি, বীৰত্ব প্ৰদৰ্শনেৰে, পাৰ্শ্বৱৰ্তী এলেকাৰ কছাৰীসকলক ভেটি ধৰি কামৰূপলৈ আগবাঢ়ি যায়। পৰ্যায়ক্ৰমে এইদৰে দিগ্বীজয় কৰি পশ্চিম কামৰূপ আৰু কমতাপুৰ নগৰৰ আশে-পাশে সৰু-সৰু ভূঞা ৰাজ্য প্ৰতিষ্ঠা কৰি বাৰ-ভূঞাসকলে নিজ ৰাজ্যখনৰ পৰিসৰ আৰু অধিক বিস্তৃত কৰে।

আহোম ৰাজশক্তিৰ অভ্যুত্থানৰ পূৰ্বে অসমৰ প্ৰাচীন ভূঞাসকলৰ কামৰূপত বৃদ্ধি পোৱা প্ৰতিপত্তি সম্পৰ্কে ৰায়বাহাদুৰ কনকলাল বৰুৱাৰ ‘Early History of Kamrup’ত এইদৰে পোৱা যায়-

‘………….Since the transfer of the Capital to Kamatapur, the actual Govenrment of Eastern Kamrup as far as the Subansiry in the north and Kapili on the South was in the hands of petty Bhuyan Chiefs, who were nominally feudatories of the kings of Kamata or Kamrup, but who were actually independent chiefs’.

কমতাপুৰৰ ৰজা দুৰ্ল্লভ নাৰায়ণে সাতঘৰ ব্ৰাহ্মণ আৰু সাতঘৰ কায়স্থ, যিসকলৰ মুৰব্বী, গুৰুজনাৰ আদিপুৰুষ চণ্ডীবৰক শিৰোমণি ভূঞাৰূপে সংস্থাপিত কৰিছিল বুলি প্ৰায় সৰ্বজনগৃহীত ৰূপত দাঙি ধৰা মতামতক এই বিৱৰণিয়ে কিন্তু সমৰ্থন নকৰে। এইক্ষেত্ৰত দত্তবৰুৱাই আগবঢ়োৱা বিশ্লেষণ মন কৰিবলগীয়া। তেওঁৰ মতে, সম্ভৱত: কমতাৰজাই নকৈ প্ৰৱজন কৰা সাতঘৰ কায়স্থ আৰু সাতঘৰ ব্ৰাহ্মণ পূৰ্বৰ পৰা নিলাজী হৈ সেই অঞ্চল শাসন কৰা মুখ্য ভূঞা চণ্ডীবৰক নকৈ অহা সকলৰ তত্ত্ববধান কৰিবলৈ দিছিল। দত্তবৰুৱাই লণ্ডাদেৱ আৰু লণ্ডাদেৱগিৰীক কমতাপুৰত আৰু তেওঁৰ পুত্ৰ চণ্ডীবৰক কনৌজপুৰ(লেঙ্গামগুৰী) আৰু টেম্বুৱানীত(বৰদোৱা) বসতি কৰা দেখুৱাইছে। আনহাতে, তৎপুত্ৰ ৰাজধৰ, সূৰ্যবৰ আৰু কুসুম্বৰক টেম্বুৱানী আৰু আলিপুখুৰী দুয়ো ঠাইতে বসতি দেখুৱাইছে। আদি-চৰিতৰ মতে, অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কনৌজবৰৰ দ্বাদশ বংশধৰ।

শংকৰ-গুৰুজনাৰ উৎপত্তি বাৰভূঞা প্ৰসূত। গুৰুজনাৰ বংশলতা মূল বাৰভূঞাৰ পৰা যে উদ্ভত এই কথা কেইবাখনো চৰিতপুথি আৰু গুৰুজনাৰ নিজস্ব লেখাৰপৰাও জানিব পৰা যায়। চৰিতকাৰ ভূষণৰ মতে, গুৰুজনাৰ আদি বংশধৰ লণ্ডাবৰৰ উৎপত্তি কৌনজপুৰৰ পৰা হোৱা বুলিও দেখুৱাইছে, যি গৰাকীয়ে পাথান আৰু অন্যান্য আক্ৰমণকাৰীৰ প্ৰবল হেঁচাত পৰি পৰৱৰ্তী কালত গৌড়দেশলৈ প্ৰৱজন কৰিছিল। নকুল চন্দ্ৰ ভূঞাৰ মতে, নিজ ৰাজ্যত সংস্থাপিত হোৱাৰ পিছত কমতাৰজাই এওঁলোকক প্ৰথমতে ভূঞা খিতাপহে দিছিল। বাৰভূঞা বুলি কোৱা নাছিল।

কমতাৰাজ দুৰ্ল্লভনাৰয়ণে(১৩৩০-৫০) গৌড়েশ্বৰ ধৰ্মনাৰায়ণৰ পৰা অন্য চৈধ্যটা বাহ্মণ-কায়স্থৰ পৰিয়ালৰ ভিতৰত কায়স্থসকলক ভূঞা বা ভূস্বামী পাতি দি ৰাজ্যৰ সীমামূৰীয়া অঞ্চলৰ প্ৰশাসনীয় আৰু প্ৰতিৰক্ষাৰ দায়িত্ব দিছিল। চণ্ডীবৰৰ পৰা শংকৰদেৱলৈকে প্ৰায় পাঁচ পুৰুষ কাল কেৱল একেটা পৰিয়ালতে এই শিৰোমণি-ভূঞাৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছিল।

বিশিষ্ট লেখক বাপ চন্দ্ৰ মহন্তৰ মতে, ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ দুয়োটা পাৰে সবল সামন্ত স্তৰৰ ভূঞাসকলে ১৪-১৫ শতিকাত কেতিয়াবা স্বতন্ত্ৰভাৱে ৰাজ্য শাসন কৰিছিল। এওঁলোকে ৰাজ্যখনৰ চাৰিওটা দিশতে সময়ে সময়ে বিভিন্ন ধৰণৰ শক্তিৰ সৈতে মোকাবিলা কৰি চাবলগীয়া হৈছিল। উত্তৰফালে ভোট-দফলা প্ৰভূতি পৰ্বতীয়া জাতিৰ সৈতে, পূৱত চুটীয়া আৰু আহোমসকলৰে, দক্ষিণে কছাৰীসকলৰ লগত ভূঞাসকলে প্ৰায়েই যুঁজ-বাগৰত লিপ্ত হ’বলগীয়াত পৰিছিল। আনহাতে পশ্চিমত কমতা ৰাজ্যখনৰ ভূঞাসকল মূলত: সীমাৰখীয়া শাসক আছিল। নিজ বংশৰ শ্ৰেষ্ঠ, শিৰোমণি শংকৰ গুৰুজনাই কালক্ৰমত এক ইতিহাসত পৰিণত হ’ল

শেষত বাণীকান্ত কাকতিৰ উদ্ধুতিৰে সামৰিছোঁ-

‘……….শঙ্কৰ গুৰুজনাই অসমক এটা নতুন জীৱন, নতুন সাহিত্য আৰু নতুন ৰাষ্ট্ৰ দান কৰিলে। কত ৰজা আহিল, কত ৰজা গ’ল, কিন্তু শঙ্কৰদেৱৰ ৰাষ্ট্ৰ ৰৈ থাকিল। অসমীয়া সমাজৰ প্ৰতি মানুহৰ অন্তৰত তেওঁৰ ক্ষমতা আজিও অক্ষুণ্ণ হৈ চলি আছে’।

লেখক:ড° বিমান হাজৰিকা

 

3.07894736842
নয়নজ্যোতি ডেকা Mar 11, 2019 03:03 PM

মহাশয়, অনুগ্ৰহ কৰি গুৰু দামোদৰদেৱৰ শিষ্য মনোহৰদেৱৰ বিষয়ে কিছুকথা লিখিবচোন…

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top