মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / আন্দামানৰ জাৰাৱা জনজাতি আৰু পৃথিৱীৰ পৰা লুপ্ত হোৱা ১০ টা জনগোষ্ঠী :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আন্দামানৰ জাৰাৱা জনজাতি আৰু পৃথিৱীৰ পৰা লুপ্ত হোৱা ১০ টা জনগোষ্ঠী :

আন্দামানৰ জাৰাৱা জনজাতি আৰু পৃথিৱীৰ পৰা লুপ্ত হোৱা ১০ টা জনগোষ্ঠীৰ বিষয়ে লিখা হৈছে ।

 

জাৰাৱা সকল হ’ল অস্তিত্বৰ সংকটত ভোগা আন্দামানৰ এটা লুপ্তপ্ৰায় জনগোষ্ঠী। ২০০১ চনৰ লোকপিয়লৰ তথ্য মতে আন্দামানত ২৪০ জন জাৰাৱা জনগোষ্ঠীৰ মানুহ আছে। সভ্য সমাজৰ সংস্পৰ্শৰ পৰা আঁতৰি থকা হেতুকে জাৰাৱা সকলৰ সমাজ-সংস্কৃতিৰ বিষয়ে খুব কমেইহে জানিব পৰা গৈছে। স্থানীয় আকা-বিৰ ভাষাত জাৰাৱা মানে-‘বহিৰাগত’ বা ‘হিংসুক মানুহ’।

আন্দামানৰ অন্যান্য স্থানীয় প্ৰাচীন জনগোষ্ঠী বোৰৰ দৰেই জাৰাৱা সকল দ্বীপটোত বহু হাজাৰ বছৰৰ পৰা বসবাস কৰি আহিছে। অনুমান কৰা হৈছে যে তেওঁলোকৰ পূৰ্বপুৰুষ সকল ৭০ হাজাৰ বছৰৰ পূৰ্বে আফ্ৰিকাৰ পৰা প্ৰব্ৰজন কৰিছিল-আৰু আফ্ৰিকাৰ পৰা বৰ্হিজগতলৈ এয়া প্ৰথম সফল মানৱ প্ৰব্ৰজন বুলি ভবা হৈছে। ১৯৯৮ চনৰ আগলৈকে তেওঁলোকে সভ্য সমাজৰ লগত দূৰত্ব বজাই ৰাখিছিল আৰু বাহিৰৰ জগতৰ লগত সংযোগ ৰাখিবলৈ অনীহা প্ৰকাশ কৰিছিল।

জাৰাৱা সকল এতিয়াও খাদ্যৰ কাৰনে চিকাৰ আৰু সংগ্ৰহৰ ওপৰতে নিৰ্ভৰশীল। জাৰাৱা সকলে ধনু আৰু কাঁড়েৰে হাবিৰ গাহৰি, জীৱ-জন্তু আৰু মাছ চিকাৰ কৰে, মৌ আৰু গছৰ গুটি আদি সংগ্ৰহ কৰে। তেওঁলোকে ৪০-৫০ জনীয়া মানুহ দলবদ্ধ হৈ এটা যাযাবৰী জীৱন যাপন কৰে।

জাৰাৱা সকলৰ অস্তিত্বৰ প্ৰতি বৰ্ত্তমান আটাইতকৈ ডাঙৰ ভাবুকি হ’ল-জাৰাৱা সকলৰ সংৰক্ষিত ভূমিত বাহিৰা মানুহৰ বেদখল। ১৯৭০ চনত ‘গ্ৰেট আন্দামান ট্ৰাংক ৰোড’ জাৰাৱা সকলৰ সংৰক্ষিত বাসভূমি হাবিৰ মাজেৰে নিৰ্মাণ কৰাৰ পিছতেই তেওঁলোকে অস্তিত্বৰ সংকটত ভুগিব লগীয়া হয়।

বাহিৰৰ মানুহৰ লগত সংস্পৰ্শৰ ফলত আধুনিক ৰোগৰ প্ৰতি প্ৰতিৰোধী ক্ষমতা নথকা জাৰাৱা সকলৰ মাজত ১৯৯৯ আৰু ২০০৬ চনত ‘সৰু আই’ বেমাৰৰ প্ৰাদুৰ্ভাৱ ঘটে। অৱশ্যে এই বেমাৰৰ ফলত জাৰাৱা সকলৰ মৃত্যুৰ খবৰ পোৱা হোৱা নাই।

আন্দামানৰ পৰ্যটন উদ্যোগেও জাৰাৱা সকলৰ অস্তিত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। জাৰাৱা সকলৰ বাস ভূমিক ‘Human Zoo’ আৰু ‘Human Safari’ হিচাপে ভাৰতীয় পৰ্যটন সংস্থা সমূহে ব্যৱহাৰ কৰি আহিছে। ফলত তেওঁলোকৰ স্বাভাৱিক জীৱন প্ৰণালীত ব্যাঘাত ঘটিছে।

পৰ্যটক সকলে প্ৰায়েই জাৰাৱা সকলৰ প্ৰতি খাদ্য সামগ্ৰী দলিয়াই দি, তেওঁলোকক জন্তুৰ দৰে ব্যৱহাৰ কৰে।

২০০৮ চনৰ মাৰ্চ মাহত আন্দামান নিকোবৰ প্ৰশাসনৰ পৰ্যটন বিভাগে ‘Protection of Aboriginal Tribes Regulation,1956’ আইনৰ অধীনত এক নিৰ্দেশ যোগে জাৰাৱা সকলৰ লগত যোগাযোগ কৰা,ফটো তোলা,তেওঁলোকৰ সংৰক্ষিত বাস ভূমি অতিক্ৰম কৰোঁতে ৰাস্তাত গাড়ী ৰখোৱা,তেওঁলোকক গাড়ীত উঠোৱা আদি কাৰ্য নিষিদ্ধ কৰে।

অভিযোগ মতে যদিও নিষিদ্ধ বেচৰকাৰী পৰ্যটন সংস্থা সমূহে চৰকাৰী নিষেধাজ্ঞাৰ প্ৰতি ভেঙুচালি কৰি আজিও প্ৰত্যেক দিনাই ৫০০ জনীয়া পৰ্যটকক লৈ জাৰাৱা সকলক দেখুওৱাৰ উদ্দেশ্যেৰে সংৰক্ষিত এলেকাৰ মাজেদি লৈ গৈ আছে আৰু পৰ্যটক সকলেও জাৰাৱা সকলক লগ কৰি ফটো আদিও তুলি আনে।

জাৰাৱা সকলৰ সংৰক্ষিত অঞ্চলত বহিৰাগতৰ অবাধ চলাচল আৰু বেদখলে লুপ্তপ্ৰায় জনগোষ্ঠীটোৰ অস্তিত্বৰ প্ৰতি চৰম ভাবুকিয়ে দেখা দিছে। বিশেষকৈ তেওঁলোকৰ সংৰক্ষিত বাস ভূমিৰ মাজেৰে হাইৱে নিৰ্মাণ কৰাত তেওঁলোকৰ ভূমিত ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি উঠিছে, চোৰাং চিকাৰীয়ে আৰু কাঠ চোৰ সকলে সংৰক্ষিত বনাঞ্চলৰ গভীৰ অৰণ্যলৈকে প্ৰবেশ কৰিবলৈ লৈছে।

ফলত অদূৰ ভবিষ্যতে খাদ্যৰ বাবে চিকাৰৰ ওপৰতে নিৰ্ভৰশীল জনগোষ্ঠীটোৱে খাদ্য সংকটত পৰিব। বহিৰাগত সকলে জাৰাৱা মহিলা সকলক যৌন শোষণ কৰা তথ্যও পোহৰলৈ আহিছে। বহিৰাগতৰ লগত সংমিশ্ৰণে অস্তিত্বৰ সংকটত ভোগা জনগোষ্ঠীটোক আৰু অধিক সংকটৰ ফালে ঠেলি দিব।ভা ৰত চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰিলে জাৰাৱা জনগোষ্ঠীটো হয়তো এদিন লুপ্ত হৈ যাব।
সময়ৰ সোঁতত বহুতো ক্ষুদ্ৰ জনগোষ্ঠী এই পৃথিবীৰ পৰা লুপ্ত হৈ যোৱাৰ উদাহৰণ আছে। বিশেষকৈ যক্ষ্মা আৰু বসন্ত আদি বেমাৰ আৰু মহামাৰীৰ বাবে,ইউৰোপীয়ান আৰু শ্বেতাংগ সকলৰ লগত সংঘৰ্ষৰ ফলত বহুতো ভূমিপুত্ৰ জনগোষ্ঠী মৃত্যু মুখত পৰিছিল আৰু কালক্ৰমত লুপ্ত হৈ গৈছিল। কিছুমান জনগোষ্ঠীয়ে আকৌ অন্য জনগোষ্ঠীৰ লগত সংমিশ্ৰণ হৈ গৈছিল আৰু আনহাতে কিছুমানে সময়ৰ সোঁতত বিলুপ্ত হৈ গৈছিল। তাৰে ভিতৰত পৃথিবীৰ পৰা বিলুপ্ত হোৱা উল্লেখযোগ্য দহটা ভূমিপুত্ৰ জনগোষ্ঠী হ’ল-

১)বেওথুক জনগোষ্ঠী

২)কাৰানকাৱা

৩)মানদান

৪)চিছকা

৫)হাচাথ

৬)ব’ জনজাতি

৭)তাছমানিয়ান

৮)অ’না

৯)টাইন’ছ আৰু

১০)প’হাটান।

আমি ইয়াত এই দহটা জনগোষ্ঠীৰ বিষয়ে চমু আলোচনা কৰিবলৈ প্ৰয়াস কৰিম।
১)বেওথুক জনগোষ্ঠী:

বেওথুক জনগোষ্ঠীৰ মানুহবোৰ ক’লা আৰু দীঘল প্ৰকৃতিৰ আৰু চুলি আৰু চকু ক’লা বৰণৰ। বৰ্তমানৰ নিউফাউণ্ডলেণ্ডত ভাইকিং সকলৰ বসবাস কৰা বহু হাজাৰ বছৰৰ আগতে তেওঁলোকে বসবাস কৰিছিল।

জন কেবটৰ নেতৃত্বত ইউৰোপীয়ান সকলে যেতিয়াই সেই ঠাইখন দখল কৰে তেতিয়াই বেওথুক সকল তাৰ পৰা পলাই যাবলৈ বাধ্য হয়। শ্বেতাংগ সকলৰ আক্ৰমণ, যক্ষ্মা বেমাৰ আৰু অপুষ্টিৰ ফলত ১৭০০ চনত বেওথুক জনগোষ্ঠী প্ৰায় বিলুপ্ত হৈ যায়। ১৮২৯ চনলৈ নিউফাউণ্ডলেণ্ডত বেওথুক সম্প্ৰদায়ৰ কোনো লোক অস্তিত্ব নাইকিয়া হৈ যায়।

২)কাৰানকাৱা:

কাৰানকাৱা সকল আমেৰিকাৰ আদিম অধিবাসী। তেওঁলোকে টেক্সাচৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বেমাৰ, ইউৰোপীয়ান সকলৰ লগত সংঘৰ্ষ আৰু যুদ্ধত পৰাস্ত হৈ নিজৰ মাতৃভূমি হেৰুৱাৰ ফলত এই জনগোষ্ঠী সকল কালক্ৰমত লুপ্ত হৈ যায়। কাৰানকাৱা সকলে টেক্সাচৰ স্বাধীনতা যুদ্ধত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু তেওঁলোকে যুক্তৰাষ্ট্ৰৰ পক্ষত থিয় দিছিল।

৩)মানদান:

বসন্ত বেমাৰ, যুদ্ধ আৰু যুক্তৰাষ্ট্ৰৰ লগত যুদ্ধ চুক্তিয়ে মানদান জনজাতিৰ বিলুপ্ত হোৱাত যথেষ্ট অৰিহণা যোগাইছিল। বসন্ত ৰোগৰ মহামাৰীৰ ফলত ১৮৩৭ চনত মানদান জনজাতিৰ জনসংখ্যা ১২৫ জনলৈ হ্ৰাস পায়। ১৯৩৪ চনত মানদান জনজাতি সকল অন্য জনজাতিৰ লগত সংমিশ্ৰণ হৈ যায়। খাটি মানদান জনজাতিৰ অন্তিমজন ব্যক্তিৰ ১৯৭১ চনত মৃত্যু ঘটে।

৪)চিছকা:

চিছকা জনজাতি সকলৰ বাস ভূমি হ’ল পূৱ টেনেছি আৰু দক্ষিণ-পশ্চিম ভাৰ্জিনিয়া অঞ্চল। যেতিয়া ইউৰোপীয়ান সকলৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হৈছিল তেওঁলোকে প্ৰথমে সফলতা লাভ কৰিছিল। অৱশেষত স্পেইনৰ জোৱান পাৰড’য়ে তেওঁলোকক পৰাস্ত কৰে।

১৭০০ চনত তেওঁলোকে স্বাওনি জনজাতিৰ লগত সংমিশ্ৰিত হৈ চাছকেপে নাম গ্ৰহণ কৰে। ১৮ শতিকাত চিছকা জনজাতি সম্পূৰ্ণ ভাবে বিলুপ্ত হয়, তেওঁলোকৰ চহৰ সমূহ দখলদাৰী সকলে জুই জ্বলাই ভস্মীভূত কৰে।

৫)হাচাথ:

এই জনগোষ্ঠীৰ লোক সকল ভেংকুৱাৰ দ্বীপ আৰু বাৰ্কলেণ্ড দ্বীপত বসবাস কৰিছিল। তেওঁলোক নকটা জনগোষ্ঠী এটা ফৈদ। ইউৰোপীয়ান সকলৰ লগত সংযোগ আৰু বসন্ত ৰোগেই জনগোষ্ঠীটোৰ লুপ্ত হোৱা কাৰণে দায়ী বুলি ধৰা হৈছে।

৬)ব’ জনজাতি:

প্ৰায় ৬৫ হাজাৰ বছৰ ধৰি ব’ সংস্কৃতি আৰু ভাষা ভাৰতৰ আন্দামান দ্বীপত প্ৰচলিত আছিল। ২০১০ চনত বোৱা চিনিয়ৰৰ মৃত্যু হোৱাৰ লগে লগে জনজাতিটোৰ লগত জড়িত ভাষা-সংস্কৃতি সকলো চিৰ দিনৰ বাবে বিলুপ্ত হৈ যায়।

৭)তাছমানিয়ান:

তাছমানিয়াৰ ভূমিপুত্ৰ এই জনজাতি সকল মহামাৰী আৰু বিভিন্ন ৰোগৰ ফলত বিলুপ্ত হয়। ১৮২৮ আৰু ১৮৩২ চনৰ মাজত ব্ৰিটিছ সাম্ৰাজ্যবাদী আৰু তাছমানিয়ান সকলৰ মাজত সংঘটিত যুদ্ধ ও জনগোষ্ঠীটোৰ বিলুপ্ত হোৱাত অৰিহণা যোগায়।

৮)অ’না:

অ’না জনজাতি সকল বৰ্ত্তমানৰ চিলি আৰু আৰ্জেন্টিনাত বসবাস কৰিছিল। যদিও তেওঁলোক বহিৰাগতৰ লগত এক সু-সম্পৰ্ক বজাই ৰাখিছিল। ১৯০০ চন মানলৈকে তেওঁলোকৰ জনসংখ্যা যথেষ্ট হ্ৰাস পায়। খ্ৰীষ্টান মিছনেৰী সকলৰ অশেষ প্ৰচেষ্টা স্বতেও এই জনজাতি সকল কুৰি শতিকাৰ মধ্য ভাগত লুপ্ত হৈ যায়।

৯)টাইন’ছ:

টাইন’ছ জনজাতি সকল হ’ল বৰ্তমান বাহামাৰ ভূমিপুত্ৰ। ইউৰোপীয়ান সকলৰ আগমনৰ লগে লগে টাইন’ছ সকলক তেওঁলোকৰ গৃহভূমিৰ পৰা উচ্ছেদ কৰা হয়। বসন্ত ৰোগৰ বাবে যোৱা ১৮ শতিকাত এই জনজাতি বিলুপ্ত হৈ যায়। কিছুমান টাইন’ছ মহিলা সকলক স্পেনিছ সকলে বিবাহ কৰি এটা নতুন প্ৰজাতি জন্ম দিছিল। তেওঁলোকো বৰ্তমান লুপ্ত হৈ গৈছে। অৱশ্যে তাৰে মেজটিজ’চ সকল এতিয়াও জীয়াই আছে।

১০)প’হাটান:

প’হাটান সকল হ’ল ভাৰ্জিনিয়া অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ এক সমষ্টি। তেওঁলোকে এলগ’কুইন ভাষা কয় যাক প’হাটান বা ভাৰ্জিনিয়া এলগ’কুইন বুলি জনা যায়। প’হাটান জনগোষ্ঠী প্ৰায় লুপ্ত হৈ গৈছে। বৰ্তমান মাত্ৰ ৮ জন প’হাটান জনগোষ্ঠীৰ মানুহ জীয়াই আছে বুলি জনা যায়।

লেখক: মংগলসিং ৰংফাৰ

 

2.71428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top