মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / আহোম স্বৰ্গদেওসকলৰ ৰাজ অভিষেক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আহোম স্বৰ্গদেওসকলৰ ৰাজ অভিষেক :

আহোম স্বৰ্গদেওসকলৰ ৰাজ অভিষেকৰ বিষয়ে লিখা হৈছে ।

 

আহোম স্বৰ্গদেওসকলৰ ৰাজ অভিষেক -

(হিতেশ্বৰ বৰবৰুৱাৰ “আহোমৰ দিন” ৰ পৰা সংগ্ৰহ)

টাই আহোমসকলৰ মতে ৰজাসকল সিংহাসনত উঠা আৰু “শিঙ্গৰি ঘৰত উঠি ৰজা হোৱা” প্ৰত্যেকেই একোটা সুকীয়া কাৰ্য্য৷ আহোম বুৰঞ্জী পঢ়িলে বহু দৃষ্টান্ত পোৱা যায় যে ৰজাসকলে প্ৰথম সিংহাসনত উঠি, তাৰ পিচত “শিঙ্গৰি ঘৰত” উঠে আৰু সম্পূৰ্ণৰূপে অভিষিক্ত হয়৷

সেই কাৰণে ৰজাসকল পাটত উঠিও “শিঙ্গৰি ঘৰত” নুঠে মানে, তেঁওলোকৰ অভিষেক সম্পুৰ্ণ নহৈছিল৷ ৰজাসকল “শিঙ্গৰি ঘৰত” উঠা এটা প্ৰধান উৎসব আছিল৷ চৰাইদেও পৰ্বতত বা আন কাষৰৰ ঠাইত ৰজাদেৱৰ বাহৰ কৰা হয়৷

সেই নতুনকৈ কৰোৱা বাহৰত শিঙ্গৰি কাঠৰ চাৰটা ওখ চাংঘৰ তৈয়াৰ কৰা হয়৷ তাৰ নাম হৈছে “শিঙ্গৰিঘৰ”, “পাটঘৰ”, “হোলোংঘৰ” আৰু “পানীঘৰ”৷

“চোমদেওক” ডিঙ্গিত আঁৰি, হাতত হেঙ্গদান্ লৈ, মূৰত দেও-কুকুৰাৰ পাখীৰে সুশোভিত পাগ মাৰি, ৰাজ্যৰ প্ৰধান প্ৰধান ডাঙৰীয়া বিষয়া, অধিকাংশ সেনা আৰু অলেখ প্ৰজাৰে সৈতে স্বৰ্গদেৱে বৰকুঁৱৰীক লগত লৈ চৰাইদেওলৈ যাত্ৰা কৰে৷ স্বৰ্গদেৱে এটা মতাহাতীত আৰু বৰকুঁৱৰী এটা মাখুন্দী হাতীত উঠে৷ বাটত আহোঁতে স্বৰ্গদেৱে আঁহত গছৰ পুলি এটা উভালি লৈ আহে আৰু চৰাইদেওত আহি পুলিটো ৰোৱেহি৷

পাটঘৰ আৰু পানীঘৰত নানা তীৰ্থৰ পানী, আৰু হিন্দু আহোমমতে নানাবিধ মঙ্গলসূচক আহিলাপাতি গোটোৱা হয়৷ “শিঙ্গৰিঘৰ”ত উঠাৰ আগদিনা ৰজা আৰু কুঁৱৰীৰ অধিবাস হয়৷

পানীঘৰ -

পানীঘৰত এখন ওখ বাঁহৰ চাং থাকে৷ অভিষেকৰ সময়ত ৰজা আৰু কুঁৱৰী দুয়ো নতুন সাজ পিন্ধি, সেই চাঙ্গৰ ওপৰত বহে৷ চাঙ্গৰ তলতে এজন বাইলুং পণ্ডিত থাকে৷

আহোম পুথিৰ মতেৰে দেওধাই বাইলুং পণ্ডিতসকলে মন্ত্ৰোচ্চাৰণ কৰি, ৰজা আৰু কুঁৱৰীৰ মূৰত পানী ঢালে; সেই পানী তেঁওলোক দুয়োৰে গাৰ পৰা বাগৰি গৈ চাঙ্গৰ তলত থকা বাইলুং পণ্ডিতৰ গাত পৰেগৈ৷

তেতিয়া ৰজা আৰু কুঁৱৰীয়ে সেই তিতা সাজ সলাই অন্য সাজ পিন্ধে৷ তিতা কাপোৰ খিনি তলত থকা বাইলুং পণ্ডিতজনক দান কৰে৷

তাৰ পিচত আহোম পুৰোহিত বাইলুঙ্গে কুকুৰা ঠেঙ্গেৰে মঙ্গল চাই আৰু হিন্দু জ্যোতিষীয়া পণ্ডিতসকলে শুভলগ্ন আৰু শুভক্ষণ স্থিৰ কৰি দিয়ে৷

পাটঘৰ -

শুভলগ্ন আৰু শুভক্ষণ স্থিৰ কৰা দিনটোত ৰজাদেৱে বৰকুঁৱৰীক লগত লৈ পাটঘৰলৈ যায়৷ তাতো আহোম পুৰোহিত বাইলুং আৰু হিন্দু পণ্ডিতসকলৰ উচ্চাৰিত মন্ত্ৰেৰে পবিত্ৰ কৰা পানী “দক্ষিণাৱৰ্ত” নামে পাত্ৰৰ পৰা ৰজাদেৱৰ আৰু বৰকুঁৱৰীৰ গাত ঢলা হয়৷

পাটঘৰৰ চাঙ্গৰ তলতো দুটা যেই সেই মানুহ থোৱা হয়৷ ৰজাদেৱৰ আৰু বৰকুঁৱৰীয়ে গা ধোৱা পানী সেই মানুহ দুটাৰ মূৰৰ ওপৰত পৰে৷

স্নানৰ অন্তত এই মানুহ দুটাক সোণ এচৰু আৰু ৰূপ এচৰু দি, তাৰ পৰা খেদাই দিয়া হয়৷ ইহঁতে ঘূৰি নগৰৰ ফালে নাচাই, তাৰ পৰা বাজ হৈ, আন ঠাইলৈ গুচি যায়; আৰু ইহঁতক নিজৰ খেল বা মেলৰ পৰা একেবাৰে খেদোৱা হয়৷

মানুহৰ এনে বিশ্বাস যে ইহঁতৰ দ্বাৰা ৰজা আৰু প্ৰজাৰ অমঙ্গল নেওচা হৈ যায়; সেই কাৰণে ইহঁতক “নেওচা-যোৱা“ বোলে৷ গোৱালপাৰা জিলাত এনে “নেওচা-যোৱা“ মানুহৰ সতিসন্ততি এতিয়াও পোৱা যায়৷

হোলোংঘৰ -

“হোলোংঘৰ”তো বাঁহৰ ওখকৈ চাং পতা হয়৷ পাটঘৰৰ কাৰ্য্যৰ সামৰণিৰ পাছত ৰজা আৰু বৰকুঁৱৰী দুয়ো হোলোংঘৰলৈ গৈ, সেই বাঁহৰ ওখ চাংত বহেগৈ৷ সেই চাংৰ তলত প্ৰত্যেক জাতি-জন্তুৰ এটিকৈ প্ৰতিনিধিৰূপে ৰখা হয়৷

ৰাজপুৰোহিত বাইলুং আৰু দেওধাই পণ্ডিতে ন-খন তীৰ্থৰ পানী মন্ত্ৰ মাতি পবিত্ৰ কৰি ৰজা আৰু বৰকুঁৱৰীৰ মূৰত ঢালে আৰু তলত থকা জন্তুবোৰৰ গাত পৰেগৈ৷

শিঙ্গৰিঘৰ -

হোলোংঘৰত স্নান আদি সমাপান কৰি ৰজা আৰু বৰকুঁৱৰী দুয়ো শিঙ্গৰিঘৰলৈ যায়৷ শিঙ্গৰিঘৰত প্ৰবেশ কৰাৰ পূৰ্ব্বে ৰজাদেৱে হেঙ্গ্-দান লৈ স্বহস্তে প্ৰাণদণ্ড হ’বলগীয়া এটা মানুহ দুডোখৰ কৰি কাটে৷

স্বৰ্গদেও ৰুদ্ৰসিংহৰ দিনৰ পৰা মানুহৰ সলনি ম’হ কাটিবলৈ নিয়ম কৰিলে৷ তাৰ পিচত স্বৰ্গদেওৱে শিঙ্গৰিঘৰত সোমাই সাতখলপীয়া সোণৰ সিংহাখনত বহিলে ওখ তৰপৰ বিষয়াই সিংহাখনৰ চাৰিখুটাত ধৰি থাকে৷ইয়াৰ পিচত উচ্চপদস্থ বিষয়াসকলে ৰজাদেৱ আৰু বৰকুঁৱৰীক সোণৰ, ৰূপৰ অলঙ্কাৰ উপহাৰ দিয়ে৷ তেনেতে আহোম বৈদিকমতে বাইলুং আৰু হিন্দু পণ্ডিতসকলে ৰজাদেৱ আৰু বৰকুঁৱৰীক শান্তি কৰে; আৰু ফুল, চন্দন, মালা দি ৰজাদেৱক ৰীতিমতে অভিষিক্ত কৰে৷ ডাঙৰীয়াসকলে চাঙ্গলৈ উঠি ৰজাদেৱৰ কেউপিনে সাতবাৰ প্ৰদৰ্শন কৰি, স্বৰ্গদেওক সেৱা কৰে৷ ইয়াকে “লিখন কৰা” বোলে৷ ৰাইজ আৰু আন আন পালি বিষয়াই মাটিৰ পৰাই সেৱা কৰে৷

লেখক: বিজয় বৰুৱা(সাহিত্য.অৰ্গ)

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top