মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / উত্তৰ লক্ষীমপুৰৰ কেইখনমান বুৰঞ্জীমূলক স্থান
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উত্তৰ লক্ষীমপুৰৰ কেইখনমান বুৰঞ্জীমূলক স্থান

উত্তৰ লক্ষীমপুৰৰ কেইখনমান বুৰঞ্জীমূলক স্থান

নাৰায়ণপুৰ

নাৰায়ণপুৰক বৰ নাৰায়ণপুৰ হিচাপেও জনা যায়। নাৰায়ণপুৰ আহোমৰ ৰাজত্ব কালৰে পৰা অসমৰ এটুকুৰা বুৰঞ্জীপ্ৰসিদ্ধ ঠাই। ই তেতিয়া শোণিতপুৰ জিলাৰ কলাবাৰী অঞ্চলৈকে বিস্তৃত আছিল। বিভিন্ন বুৰঞ্জীবিদে নাৰায়ণপুৰ নামৰ উতপত্তিৰ ভিন্ন ধৰণে ব্যাখ্যা কৰিছে। ৰাজা ৰাম মোহন ৰায়ে তেওঁৰ গ্ৰন্থ “The background of Assamese Culture” ত নাৰায়ণপুৰ কলিতা ৰজা সত্যনাৰায়ণৰ অস্থায়ী ৰাজধানী আছিল বুলি উল্লেখ কৰিছে।

আন কিছুমানৰ মতে নাৰায়ণপুৰত কোচ ৰজা নৰনাৰায়ণৰ সেনা চাউনি আছিল যাৰ বাবে ঠাইখনৰ নাম পাছত নাৰায়ণপুৰ হ’ল। ১৮শ শতিকাৰ মাজভাগত টাই খাম্তি সকল(বৃহত্তৰ টাই গোষ্ঠীৰ এটা ঠাল)ৰ নাৰায়ণপুৰলৈ প্ৰৱজন ঘতে। নাৰায়ণপুৰ বৰ অসমৰ এক অবিচ্ছেদ্য অংগ আছিল। কিন্তু এই অঞ্চলত আৰ্য সংস্কৃতিৰো প্ৰভাৱ অতীজৰে পৰা দেখা পোৱা গৈছিল। প্ৰাগৈতিহাসিক কালত নাৰায়ণপুৰ বাণ ৰজাৰ ৰাজ্যৰ অন্তৰ্গত আছিল। নাৰায়ণপুৰৰ বিভিন্ন স্থানত পুৰণি হিন্দু দেৱ দেৱীৰ প্ৰতিমা, মন্দিৰ আৰু বিভিন্ন ধৰণৰ ভাস্কৰ্য বিভিন্ন সময়ত আৱিস্কৃত হৈছে, ই অতীজত এই স্থানত কোনো এক সভ্য সংস্কৃতিৰ অৱস্থিতিৰ প্ৰমান বহন কৰে।

মধবদেৱ থান (লেটেকু পুখুৰী)

শংকৰদেৱৰ প্ৰিয় শিষ্য বৈষ্ণৱ গুৰু মাধৱদেৱৰ জন্মস্থান (১৪৮৯ খৃ)। ই নাৰায়ণপুৰৰ পৰা প্ৰায় ১৫ কি: মি: উত্তৰ পূবে বৰবালি নামৰ ঠাইৰ সমীপত অৱস্থিত। সেই স্থানত দুখন থান অৱস্থিত, দুয়োখন থানে নিজকে গুৰুজনাৰ জন্মস্থান বুলি দাবী কৰি আহিছে। দুয়োখন থানেই বিভিন্ন বৈষ্ণৱ গ্ৰন্থ আৰু পূৰণি হাতে লিখা সাহিত্য সম্ভাৰ আৰু অসমীয়া কলা কৃষ্টিৰ বিভিন্ন সামগ্ৰীৰে চহকী।

মাঘনোৱা দ’ল

ফুলবাৰী গাওঁত অৱস্থিত, ইয়াক ফুলবাৰী দ’ল নামেও জনা যায়। পিচলা নৈৰ পূৱে মাঘনোৱা বিলৰ পাৰত দ’লতি অৱস্থিত। এসময়ত ই শক্তিৰ অধিস্তাতি দেৱী কালিৰ এটুকুৰা মূখ্য পূজন স্থলী আছিল। আহোম ৰাজত্বত কেইবাজনো স্বৰ্গদেৱে এই ঠাই দৰ্শন কৰাৰ প্ৰমান পোৱা য়ায়। মানৰ আক্ৰমণৰ সময়ত দ’লৰ মূখ্য প্ৰতিমা ভাগ লুকুৱাই ৰখা হৈছিল কিন্তু ই দ’ললৈ পুনৰ ঘুৰি নাহিল। দ’লৰ চাৰিওফালে ৫ ফুট ওখ পুৰণি দেৱাল দেখা যায়। মূল দ’লটি প্ৰায় ৭৫ ফুট ওখ। মূল দ’লৰ ভিতৰত বুলনি ঘৰ দেখা পোৱা যায় য’ত এসময়ত মূখ্য প্ৰতিমা ভাগ ৰখা হৈছিল। দ’লৰ ভিতৰত বহুতো ভাষ্কৰ্য দেখিবলৈ পোৱা যায়। অৱশ্যে চৰকাৰ আৰু স্থানীয় মানুহৰ অৱহেলা আৰু অমনোযোগিতাৰ বাবে ইয়াৰে সৰহভাগ প্ৰতিমা আৰু আন ভাষ্কৰ্যৰ চুৰি বা আন উপায়েৰে নষ্ট সাধন হৈছে।]

বেলগুৰি সত্ৰ

এইখন সত্ৰ পোন প্ৰথমে ১৬১৭ চনত মাজুলীত স্থাপন কৰা হৈছিল - য’ত দুই গুৰু শংকৰ-মাধৱৰ মিলন হৈছিল। পাছত ইয়াক নাৰায়ণপুৰলৈ স্থানান্তৰিত কৰা হয় আৰু আৰু অসমৰ বৈষ্ণৱ সমাজৰ মাজত সৰ্বজনবিদিত এই সত্ৰখন ১৪৪৭ চনত জৰাবাৰী গাওঁত প্ৰতিষ্ঠা কৰা হয়। অসমৰ সংস্কৃতিৰ এক ঊল্লেখ্যোগ্য অংগ চালি নৃত্যৰ চৰ্চা অতীজৰে পৰা সত্ৰখনত চলি আহিছে।

পেটুৱা গোসানী থান

ব্ৰিটিছে অসম দখল কৰাৰ ভালেমান সময়লৈকে লখিমপুৰ অধিকাৰ কৰা নাছিল। এই খন থান কালী গোসানীৰ এখন পুৰণি পূজনস্থলী আছিল, ব্ৰিটিছ সকল লখিমপুৰলৈ অহাৰ পাছত প্ৰথমে এই থান আৱিস্কাৰ কৰে। ই ধলপুৰৰ গনকদলনীৰ ওচৰত অৱস্থিত। থানৰ গোসাঁনীক কেচাইখাতি গোসাঁনীও বোল হয়। অতীজতে অৰুনাচলৰ দফলা মানুহ সকল ইয়াত পূজাৰ বাবে আহিছিল। এতিয়াও প্ৰতিবছৰে ইয়াত দূৰ্গা পূজা উতযাপন কৰা হয়।

বডুলা সত্ৰ আৰু ফুলনি থান

মহাপুৰুষ মাধৱদেৱৰ শিষ্য বদলা পদ্ম আতাই ১৬৩৬ চনত নাৰায়ণপুৰত বদলা পদ্ম আতা সত্ৰ স্থাপন কৰে। প্ৰবাদ আছে যে বদলা পদ্ম আতাই মাধৱদেৱৰ অধীনত উজনি অসমত বৈষ্ণৱ ধৰ্ম চোৱা চিতাৰ ভাৰ পাইছিল, তেখেতে জমদগ্নিৰ ভূমিত এই সত্ৰখন স্থাপন কৰিছিল। এসময়ত এই স্থান বৈষ্ণৱ ধৰ্ম চৰ্চাৰ মূখ্য কেন্দ্ৰ হৈ পৰিছিল। শংকৰ-মাধৱৰ মহাপ্ৰয়ানৰ পাছত বৈষ্ণৱ ধৰ্ম প্ৰচাৰত বদলা পদ্ম আতাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। সত্ৰ খন অনেক পুৰণি গ্ৰন্থৰ সংগ্ৰহেৰে সমৃদ্ধ।

ফুলনি থানো বদলা পদ্ম আতা দেৱেই ১৫৫৫ শকত প্ৰতিস্থা কৰিছিল। ই এক পুৰণি ধৰ্মীয় স্থান, এতিয়াও প্ৰতি বছৰে বহু সহস্ৰাধিক ভক্তৰ ইয়ালৈ আগমন ঘতে।

ৰাধা পুখুৰী

নগৰৰ সমীপৰ সাউকুচি গাওঁত ৰাধাপুখুৰি অৱস্থিত। ৰজা লক্ষ্মীনাৰায়নে ১৪০০ৰ পৰা ১৫০০ চনৰ ভিতৰত তেওঁৰ পত্নী ৰাধাৰ নামত এই পুখুৰিতো খন্দুৱাই। আন কিছুৰ মতে ৰাণী সৰ্বেশ্বৰীয়ে এই পুখুৰিতো খন্দুৱাইছিল। কিন্তু পুখুৰিৰ কাম আধাতে শেষ হৈছিল সেয়ে তাৰ নাম আধা পুখুৰি হৈছিল, পাছত ইয়েই ৰাধাপুখুৰিৰ নাম পায়। বৰ্তমান এই পুখুৰিতো অসম চৰকাৰৰ মীন পালন বিভাগৰ অধীনত মীন উতপাদন আৰু প্ৰজননৰ কামত ব্যৱহৃত হয়।

খামটি গাঁও আৰু বাপুচাং

১৮৪৩ চনত ব্ৰিটিচে শদিয়াত খাম্তি আন্দোলন দমন কৰে, সেই সময়ত কিছু খাম্তি মানুহ আহি নাৰায়ণপুৰত বসবাস কৰিবলৈ লয়। বৰখাম্তি গাওঁত তেওঁলোকে এটি বুদ্ধ মন্দিৰ স্থাপন কৰে। মাত্ৰ কেইহাজাৰ মান মানুহ বাকী থকা খাম্তি জাতিৰ এটা অংশৰ বৰ্তমান বাসস্থান নাৰায়ণপুৰৰ এই অঞ্চল। তেওঁলোক বৌদ্ধ ধৰ্মালম্বী আৰু চহকী সংস্কৃতিৰ অধিকাৰী। খাম্তি সকলৰ ধৰ্মীয় উপাসনা গৃহ হৈছে বাপুচাঙ। ই আন বৌদ্ধ ধৰ্মালম্বী লোকৰ বৌদ্ধ মন্দিৰ বা বৌদ্ধ বিহাৰৰ সৈতে একে। সাধাৰণ খাম্তি ঘৰবোৰতকৈ ই কিছু পৃথক। বাপুচাঙৰ বাহিৰ ভাগ ম্যানমাৰৰ বৌদ্ধ মন্দিৰৰ সৈতে মিল থকা দেখা যায়। অন্তৰ ভাগত বুদ্ধৰ প্ৰতিমা ৰখা হয় আৰু ইয়াক বৰ পবিত্ৰ থাই হিচাপে গন্য কৰা হয়।

আঁহতগুৰি সত্ৰ

বৰবালি চমুৱা গাওঁত আহঁতগুৰি সত্ৰ অৱস্থিত। শ্ৰী ৰাম আতাই ১৬৮৩ চনত এইখন স্থাপন কৰিছিল। ইয়াৰ সৰহ সংখ্যক অনুগামীব্ৰাহ্মণ। ১৯৮৭ চনৰ বানত ইয়াত সংৰক্ষিত বহুতো পুৰণি গ্ৰন্থ নোহোৱা হয়। বৰ্তামানে ইয়াত ঠাকুৰ আতা আৰু শ্ৰী ৰাম আতাৰ কিছু গ্ৰন্থ (হাতেলিখা) সংৰক্ষিত হৈ আছে।

নৱজিত্ শইকীয়া

2.96078431373
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
সম্পৰ্কীয় সামগ্ৰীসমূহ
অধিক ...
Back to top