মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / উমানন্দৰ ভগ্নাৱশেষ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উমানন্দৰ ভগ্নাৱশেষ

স্থপতিবিদসকলে ঠাৱৰ কৰিছে যে গদাধৰ সিংহই উমানন্দত এটা নতুন মন্দিৰ নিৰ্মাণ কৰা নাছিল,পুনৰ নিৰ্মাণহে কৰাইছিল

 

স্থপতিবিদসকলে ঠাৱৰ কৰিছে যে গদাধৰ সিংহই উমানন্দত এটা নতুন মন্দিৰ নিৰ্মাণ কৰা নাছিল,পুনৰ নিৰ্মাণহে কৰাইছিল।এনে হ’ব পাৰে নেকি যে ১৬৬৭ চনত উমানন্দত এটা মন্দিৰ আছিল আৰু সেইবাবেই ঔৰ্ংজেৱে ভুমি দান কৰিছিল।ইয়াৰ পিছতে কোনো প্ৰাকৃতিক কাৰণত এই মন্দিৰটো ভাঙি যোৱাত গদাধৰ সিংহই,অঞ্চলটোত থকা ইয়াৰ প্ৰভাৱলৈ চাই খৰতকীয়াকৈ মন্দিৰটো পুনৰ সজাই দিয়ে।

উমানন্দ দ্বীপটোৰ দক্ষিণ ফালৰ পানী যুঁৱলিত,য’ত এতিয়া ফেৰীঘাট কৰা হৈছে,কেইটামান স্তম্ভাকৃতিৰ শিলৰ টুকুৰা পৰি আছে।বাৰিষা টুকুৰাকেইটা পানীত বুৰ গৈ থাকে।পানীৰ সোঁতে টুকুৰাকেইটাৰ পৃষ্ঠভাগ মিহি কৰি পেলাইছে,পিছে এতিয়াও ইবোৰ ক্ষয় কৰিব পৰা নাই।এটা বৃহৎ নিৰ্মাণৰহে যে খুঁটাৰ ভগ্ন অংশ এইবোৰ,এতিয়াও ধৰিব পৰা হৈ আছে।দ্বীপটোৰ অ’ত-ত’ত পৰি আছে এনে কেতবোৰ শিলৰ টুকুৰা,যিবোৰে ক’ব খোজে যে এইবোৰ কোনো প্ৰাচীন নিৰ্মাণৰ অৱশিষ্ট অথবা ভগ্নাৱশেষ।আটাইতকৈ আশ্চৰ্যজনক হ’ল এটা কলচীৰ অৱশিষ্ট যেন লগা শৈল টুকুৰাকেইটা।এই টুকুৰাকেইটা এটা পদ্মচক্ৰযুক্ত কলচীৰ উমান দাঙি ধৰে।পদ্মচক্ৰ বিষ্ণু মন্দিৰৰ বৈশিষ্ট্য,শৈৱ মন্দিৰৰ নহয়।তেন্তে উমানন্দত এটা বিষ্ণু মন্দিৰহে আছিল নেকি?পুৰা কাহিনীয়ে উমানন্দ আৰু কামাখ্যা মন্দিৰৰ সম্পৰ্ক নিশ্চিত কৰিছে।একাংশ বুৰঞ্জীবিদৰ মতে,কামাখ্যা অসময়ত তান্ত্ৰিক বৌদ্ধ উপাসনা থলী আছিল।তেনেহ’লে উমানন্দতো আছিল নেকি তেনে এটা উপাসনা থলী?

উমানন্দৰ ভগ্নাৱশেষবোৰৰ পদ্ধতিত অধ্যয়ন কৰিলেহে এইবোৰ প্ৰশ্নৰ উত্তৰ পোৱা যাব।পুৰাতত্ত্ব বিভাগে এই দিশত চিন্তা কৰি চাব পাৰে বুলি আমি ভাবো।

 

 

পাৰৰ পৰা চালে পেখম ধৰি থকা ময়ুৰ এটিৰ দৰে দেখি বাবে দ্বীপটোক ইংৰাজে নাম দিছিল ময়ুৰদ্বীপ-Peacok Island।অভিলেখ বা ইতিহাসে কয় ,জনবসতি থকা এইটো পৃথিৱীৰ ক্ষুদ্ৰতম দ্বীপ।আকাৰৰ কথা যিয়েই নহওক,এইটো কিন্তু ঠিক যে উমানন্দ নামৰ এই দ্বীপটো এটা বৈশিষ্ট্যসম্পন্ন দ্বীপ-ইমান ক্ষুদ্ৰ পৰিসৰত চাৰিটাকৈ মন্দিৰ,তাকো এখন নদীৰ বুকুৰ এটা দ্বীপত,পৃথিৱীতে বিৰল।

উমানন্দৰ ভুগোল :

 

এটা শৈল দ্বীপ।দুইধৰণৰ শিল আছে ইয়াত।প্ৰথমবিধ স্থানীয়-অৰ্থাৎ এই ঠাইতে উৎপত্তি হৈ থাকি যোৱা;দ্বিতীয়বিধ সম্ভৱত: অইন ঠাইৰ পৰা আনি ইয়াত ৰখা।দ্বীপটোত শিল বেছি,মাটি কম।মাটিখিনি কিন্তু প্ৰাকৃতিকভাৱে অৰ্থাৎ স্থানীয় শিলৰ বিচুৰ্ণীভৱনৰ জৰিয়তে উৎপত্তি হোৱা যেন নালাগে।সম্ভৱত:মন্দিৰ স্থাপনৰ সুবিধাৰ বাবে,শিলাখণ্ডৰ মাজৰ ফাঁকবোৰ সমান কৰিবলৈ নৈখনৰ বুকুৰ পৰা নহ’লে পাৰৰ পৰা মাটি আনি জাপি দিয়া হৈছিল।ভুতাত্বিক পৰীক্ষা কৰিলে এই সম্পৰ্কে নিশ্চিত হ’ব পৰা যাব।দ্বীপটোৰ দ্বিতীয়বিধ অৰ্থাৎ অইন ঠাইৰ পৰা আনি ৰখা শিলবোৰৰো ভাগ দুটা।ইয়াৰে এভাগ বৰ্তমানৰ মন্দিৰৰ অংশ হৈ আছে,আনভাগ অ’ত-ত’ত সিঁচৰিত হৈ আছে।সিঁচৰিত শিলবোৰৰ বেছিভাগ আছে দ্বীপটোৰ দক্ষিণ ভাগত;বেছ কিছু সংখ্যক আছে মাটিত পোত খাই।মন্দিৰৰ ভেটিৰ তলৰ মাটিত আছে এনেধৰণৰ বেছি সংখ্যক টুকুৰা।আমি দ্বীপটোত দুই ধৰণৰ শিল থকাৰ কথা কৈছো বাহ্যিক আকাৰৰ আধাৰত।বিষয়টো নিশ্চিত কৰিবৰ বাবে প্ৰয়োজন দুয়োবিধ শিলৰ ৰাসায়নিক পৰীক্ষা আৰু কাৰ্বন ডেটিঙৰ।

উমানন্দৰ স্থাপত্য:

 

উমানন্দৰ মুল মন্দিৰটো হ’ল উমানন্দ দ’ল বা মন্দিৰটো।আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ পৃষ্ঠপোষকতাত এই দ’ল বা মন্দিৰটো নিৰ্মিত হৈছিল।পৰৱৰ্তী সময়ত চন্দ্ৰকান্ত সিংহই ইয়াত চন্দ্ৰশেখৰ মন্দিৰটো আৰু গৌৰীনাথ সিংহই হৰগৌৰী মন্দিৰটো নিৰ্মাণ কৰোৱাইছিল।চন্দ্ৰশেখৰ মনিৰৰ নাম সলাই মহাকালেশ্বৰ মন্দিৰ কৰা হৈছে-এই সলনি কোনে কেতিয়া কৰিলে জনাৰ উপায় নাই।কেইটামান দশকৰ আগেয়ে ইয়াত এটা হনুমান মন্দিৰ নিৰ্মাণ কৰা হৈছে।এটা গণেশ মন্দিৰো নিৰ্মাণৰ সম্ভাৱনা দেখা পোৱা গৈছে।

উমানন্দ দ’লটো নিৰ্মাণৰ দায়িত্বত আছিল সেইসময়ৰ গুৱাহাটীৰ বৰফুকন গড়গঞা সন্দিকৈ।দ’লটোৰ স্থাপত্য সম্পৰ্কে ড০ প্ৰদীপ শৰ্মাই কৈছে-‘উমানন্দ মন্দিৰৰ বা স্ত্মপুৰুষমণ্ডল পঞ্চৰথ আৰ্হিৰ।ইয়াৰ গাত নাগৰ মন্দিৰৰ দৰে পাভাগ,জংঘা,বৰণ্ড আদি ভাগবোৰ আছে,কিন্তু শিখৰৰ গাত কোনো অংগশিখৰ বা ভুমি আমলা নাই।ইয়াৰ ৰথবোৰ ভুমিৰ পৰা শিখৰ-শীৰ্ষলৈকে আছে,কিন্তু অংগাভৰণ ক’তো নাই।ইয়াৰ শীৰ্ষত মস্তক আছে,কিন্তু মস্তকৰ পৰম্পৰাগত ভাগবোৰ নাই।এইদৰে দেখা যায়-মন্দিৰটোৰ নক্সা নাগৰ শৈলীৰ হৈও ই বৰ সৰল ৰুপ লৈছে’।

স্থাপত্য ইতিহাসবিদসকলে গদাধৰ সিংহক অসমীয়া স্থাপত্য শৈলীৰ জনক আখ্যা দিছে।উমানন্দ দ’লৰ আৰ্হিটোৰ বাবেই তেওঁক এই অভিধা প্ৰদান কৰা হৈছে।তেওঁৰ দিনত উমানন্দ দ’ল নিৰ্মাণেৰে আৰম্ভ হোৱা মন্দিৰ নিৰ্মাণৰ এই আৰ্হিটো তেওঁৰ পুত্ৰ ৰুদ্ৰসিংহৰ দিনত বিকশিত হয় আৰু শিৱসিংহৰ দিনত শিৱ দ’লৰ আৰ্হিত সি পৰিণত ৰুপ পায়।আহোম ৰাজ্যৰ ৰাজনৈতিক সুস্থিৰতা বিপন্ন নহ’লে অসমে সম্ভৱত:আৰু ভালেমান সদৃশ্য দ’ল-দেৱালয় পালেহেতেন।উল্লেখ কৰিব পাৰি যে নিজৰ চৈধ্য বছৰীয়া শাসনকালত গদাধৰ সিংহই কেতবোৰ আলি-পুখুৰী কৰা আৰু গড় বন্ধাৰ উপৰি যিখিনি স্থায়ী নিৰ্মাণ কৰিছিল,সেয়া হ’ল-দিজৈখনাৰ শিলৰ সাঁকো,ৰহদৈ দ’ল,বগী দ’ল,খঁৰা দ’ল,বিশ্বনাথৰ দ’ল আৰু চৰাইদেউৰ গোটা দ’লৰ লগতে উমানন্দ দ’ল।

খৰতকীয়া নিৰ্মাণ

 

স্থপতিবিদসকলৰ মতে,উমানন্দ দ’লটো ‘খৰতকীয়াকৈ’নিৰ্মাণ কৰোৱা হৈছিল।চাংৰুং ফুকনৰ বুৰঞ্জী মতে এই দ’লটোৰ নিৰ্মাণৰ কাল ১৬৮১ চন।হিতেশ্বৰ বৰবৰুৱা,মহেশ্বৰ নেওগ প্ৰভৃতিয়ে মন্দিৰটোৰ নিৰ্মাণ কাল ১৬৯৪ চন বুলি কৈছে।ইতিহাস্বিদসকলে এই বছৰটোকে মন্দিৰটোৰ নিৰ্মাণৰ বছৰ বুলি মানি লৈছে।

আত্মগোপন কালত তেওঁ গুৱাহাটীৰ ওচৰে-পাঁজৰে বহুদিন আছিল।১৬৬৭ চনত,আহোম ৰাজ্যৰ এটা অস্থিৰ সময়ত,এজন হিন্দু বিদ্বেষী বুলি চৰ্চিত শাসকে তেওঁৰ সাম্ৰাজ্যৰ এটা প্ৰান্তত অৱস্থিত এটা মন্দিৰৰ নামত ভুমি দান কৰাৰ ৰাজনৈতিক তাৎপৰ্য ৰাজনীতি-সচেতন গদাধৰ সিংহই ঠিকেই ধৰিব পাৰিছিল।সেয়েই তেওঁ ‘খৰতকীয়াকৈ’উমানন্দৰ মন্দিৰটো নিৰ্মাণ কৰাই পুৰ্বৰ দলৈজনকো ৰাখি নিজৰ ফালৰ পৰা আন এজনক দলৈ পাতি,যুটীয়া দায়িত্বত তামৰ ফলি কৰাই ভুমিদান দিয়ে।মন্দিৰৰ নামত তাম্ৰফলি কৰি গদাধৰ সিংহই দিয়া মাটিৰ পৰিমাণ-লাখেৰাজ ৯,৬৬৪ বিঘা আৰু নিষ্পিখেৰাজ ৬০১৭ বিঘা।উল্লেখ কৰিব পাৰি যে তাম্ৰফলি কৰি ভুমিদান দিয়া প্ৰথাটোও আহোম স্বৰ্গদেউসকলৰ মাজত গদাধৰ সিংহয়েই আৰম্ভ কৰে।

উমানন্দৰ অতীত

 

উমানন্দৰ বৰ্তমান মন্দিৰটোৰ নিৰ্মাণ কাল পোৱা গ’ল ১৬৯৪ চনত।অথচ ঔৰ্ংজেৱে মন্দিৰৰ দলৈৰ নামত ভুমিদান দিছিল ইয়াৰ প্ৰায় ২৭ বছৰ আগেয়েই।ইয়াৰ অৰ্থ,গদাধৰ সিংহই নিৰ্মাণ কৰাৰো আগৰে পৰা এই নদীদ্বীপটোত এটা মন্দিৰ আছিল।আহোম বুৰঞ্জীবিলাকে এনে কথা কোৱা নাই।কিন্তু ১৬৬৭ চনত,অদৃশ্য মন্দিৰ এটাৰ নামত ঔৰংজেৱৰ দৰে সম্ৰাট এগৰাকীয়ে ভুমিদান নিশ্চয় নকৰিলেহেঁতেন।প্ৰভাৱশালী ব্যক্তি(=ব্ৰাহ্মণ)আৰু মন্দিৰ আদিৰ নামতহে সেইকালত ভুমিদান দিয়াৰ প্ৰথালৈ চাই উমানন্দস্থিত সেই কালৰ মন্দিৰটোৰ প্ৰভাৱ অঞ্চলটোত যথেষ্ট আছিল বুলি অনুমান কৰিব পাৰি।এয়া যদি সঁচা হয়,কি মন্দিৰ আছিল এইটো ?ইয়াত বাৰু আছিল নেকি এটা শৈল মন্দিৰ তেতিয়াও?

উমানন্দৰ কাহিনী

 

কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰই উমানন্দ দ্বীপৰ অস্তিত্ব স্বীকাৰ কৰে।উমানন্দৰ শাস্ত্ৰোও নাম ভস্মাচল,ভস্মকুট আৰু ভস্মশৈল।ধ্যান ভংগ কৰিবলৈ আহি শিৱৰ ক্ৰোধাগ্নিত ইয়াতেই ভস্মত পৰিণত হৈছিল কামদেৱ আৰু সেয়েই এই নামবোৰ পাইছিল দ্বীপটোৱে।কামাখ্যা মন্দিৰ দ্বীপটোৰ এটা বৈশিষ্ট্য আছে।সেইটো হ’ল একেটা শিলাখণ্ডতেল্পঞ্চগণেশৰ উপস্থিতি।এয়া অতি বিৰল বৈশিষ্ট্য বুলি ক’ৰবাত পঢ়া মনত আছে।মন্দিৰৰ বৰ্তমানৰ চিৰিটোৰ পুব ফালে এটা ডাঙৰ শিলাখণ্ড আছে।এইটো অইনৰপৰা অনা নহয়,প্ৰাকৃতিকভাৱে স্থানীয়।ইয়াতেই মুৰ্তিকেইটা খোদাই কৰা আছে।শিলাখণ্ডটো অলপ আওহতীয়া সেন্দুৰৰ অত্যাচাৰৰ পৰা প্ৰায় বাচি আছে।

সেয়ে মুৰ্তিকেইটাৰ আকৃতি ধৰিব পৰা হৈ আছে।কেইবা শতিকা ধৰি প্ৰকৃতিৰ অত্যাচাৰ সহ্য কৰিও বৰ্তি থকা মুৰ্তিকেইটাৰ একেবাৰে ওপৰ ফালে থকাটো বিষ্ণু মুৰ্তি।আয়ুধবিলাক ধৰিব পৰা কঠিন যদিও চাৰিখন হাত থকাটো স্পষ্ট।মুৰ্তিটোৰ অনুচৰ এজনাও আছে।এই মুৰ্তিটোৰ ঠিক তলতে প্ৰায় একেডাল ৰেখাত আছে পাঁচটাকৈ গণেশৰ মুৰ্তি।মাজত থকা আটাইতকৈ ডাঙৰ মুৰ্তিটোৰ মধ্যভাগ ক্ষয় গৈছে;বাকীকেইটা প্ৰায় অক্ষত অৱস্থাত আছে।এনেদৰে একেলগে পঞ্চগণেশ থকা শিলাখণ্ড অসমত এইটোৱেই একমাত্ৰ হ’ব পাৰে।আমি যিটো প্ৰাচীন মন্দিৰৰ কথা কৈছো,সেইটোলৈ উঠা চিৰি সম্ভৱত :এই শিলাখণ্ডটো ষ্পৰ্শ কৰি পশ্চিমেদি আছিল।গণেশৰ উপস্থিতিয়ে অৱশ্যে ইয়াত শৈৱ বা শাক্ত মন্দিৰ এটা থকাৰহে ইংগিত দিয়ে।উমানন্দৰ শিলাখণ্ডবোৰ কাৰ্বনডেটিং আৰু শিলৰ টুকুৰাবোৰৰ স্থাপত্যিক অধ্যয়ন হোৱা অতি জৰুৰী।

কেতবোৰ ৰাজনৈতিক কাৰণতহে গদাধৰ সিংহই উমানন্দত এটা মন্দিৰ নিৰ্মাণৰ সিদ্ধান্ত লৈছিল বুলি একাংশ বুৰঞ্জীবিদৰ মত।মোগল-প্ৰভাৱ গুৱাহাটী তথা নামনি অসমৰ পৰা উচ্ছেদ কৰাই আছিল এই ৰাজনৈতিক কাৰণ।মন কৰিবলগীয়া কথা যে ইতিহাসত হিন্দুবিদ্বেষী বুলি জনাজাত মোগল সম্ৰাট ঔৰংজেৱে ১৬৬৭ চনত তেতিয়াৰ উমানন্দ মন্দিৰৰ দলৈৰ নামত ভুমিদান কৰিছিল।সেই সময়ছোৱা আহোম ৰাজ্যৰ অস্থিৰ সময়।গড়গাঁৱত তেতিয়া ৰজা ভঙা-পতা চলি আছে।গদাধৰ সিংহ তেতিয়াও লাঙি গদাপণি হৈয়েই আছে।কেইবছৰমানৰ পিছতে তেওঁ আত্মগোপনো কতৰিবলগীয়া হৈছে।১৬৮১ চনত তেওঁ স্বৰ্গদেউ হয় আৰু ১৬৮২ চনত ইটাখুলিৰ যুদ্ধত মোগলক ঘটুৱাই গুৱাহাটী উদ্ধাৰ কৰে।ইয়াৰ পিছতে তেওঁ ৰাজ্য সুস্থিৰ কৰা আৰু আইনৰ শাসন প্ৰৱৰ্তন কৰাত লাগি পৰে।দহ বছৰমান ভিতৰতে তেওঁ তেওঁৰ মুল ৰাজ্য সুস্থিৰ কৰি প্ৰজাহিতকৰ কামত হাত দিয়ে।আলি-পুখুৰী নিৰ্মাণ,দ’ল-দেৱালয় বন্ধা আদি তেনে কাম।অৰ্থাৎ উমাক আনন্দ দিবৰ বাবে এই দ্বীপত অৱস্থান কৰিছিল শিৱই,সেয়ে এই দ্বীপৰ প্ৰধান নাম উমানন্দ।সম্ভৱত:সপ্তদশ শতিকাৰ আগৰ পৰাই ইয়াত এটা শিৱমন্দিৰ আছিল।

উমানন্দৰ অতীতৰ অতীত

 

উমানন্দৰ অতীতৰ অতীত বিচাৰি আমি নৱম শতিকামানলৈ যাব পাৰো।কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰৰ সহায়ত তাতকৈ পিছলৈ যাব পৰা নাযায়।তাতকৈ আৰু পিছলৈ গ’লেই আমি প্ৰথমে পাম শালস্তম্ভ শাসকসকলক,তাৰ পিছত পাম বৰ্মন বংশৰ ভাস্কৰ বৰ্মনক।আৰু লগ পাই যায় হিউৱেন চাঙক।শালস্তম্ভসকল শৈৱ আছিল;ভালেমান শিৱ মন্দিৰ তেওঁলোকে স্থাপন কৰিছিল।তেওঁলোকৰ কেইবাখনো শিলালিপি উদ্ধাৰ হৈছে।এইবিলাকৰ ক’তো উমানন্দ নামৰ এটা দ্বীপৰ উল্লেখ নাই,তাত এটা মন্দিৰ নিৰ্মাণৰ কথা এনেক্ষেত্ৰত আহিবই নোৱাৰে।ভাস্কৰ বৰ্মনৰ দিনত কামৰুপ ৰাজ্যৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ।অৰ্থাৎ আজিৰ গুৱাহাটী।তেওঁৰ অতিথি হিউৱেন চাঙে কামৰুপ আৰু প্ৰাগজ্যোতিষপুৰৰ বৰ্ণনা তেওঁৰ ভ্ৰমণ কাহিনীত কৰি গৈছে।এই কাহিনীত হিউৱেন চাঙে ভাস্কৰ বৰ্মন শৈৱ আছিল বুলি কৈছে।তেওঁ ইয়াৰ ভাষা আৰু ধৰ্মবিশ্বাসৰ কথাও লিখিছে।কিন্তু তেওঁ উমানন্দ দ্বীপ আৰু ইয়াৰ মন্দিৰৰ কথা লিখা নাই।তেওঁ কামাখ্যা মন্দিৰৰ কথাও লিখা নাই।তেওঁৰ টোকাত ব্ৰহ্মপুত্ৰৰে কোনো উল্লেখ নাই-প্ৰাগজ্যোতিষপুৰলৈ আহোতে তেওঁ পোৱা আটাইতকৈ ডাঙৰ নদীখন অছিল কৰতোৱা! ইয়াৰ অৰ্থ,ঔৰংজেৱেও ভুমিদান দিবলৈ আগবাঢ়িআহাতকৈ প্ৰভাৱশালী উমানন্দৰ মন্দিৰটো বহু পিছৰ!

লেখক:পুলিন কলিতা (বুধবৰীয়া বুলনি)

 

3.18421052632
majidul rahman Feb 20, 2018 03:08 PM

কোন কোনো কিতাপৰ সহায় লৈ লিখিছে নাম বিলাক দিলে ভাল আছিল ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top