অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঐতিহাসিক চিন্তামণি গড়

ঐতিহাসিক চিন্তামণি গড়

অবিভক্ত শিৱসাগৰ জিলাৰ বৰ্তমান যোৰহাট জিলাৰ জগদুৱাৰৰ পৰা দিখৌমুখৰ (শিৱসাগৰ) তেলীয়াডোঙা পুখুৰী লৈকে বিস্তৃত এলেকাত ইতিহাসৰ বহু ঘটনাৰ সাক্ষী বুকুত বান্ধি আজিও জিলিকি আছে চিন্তামণিগড়। ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা সম্পাদিত সাতসৰীত উল্লেখ আছে অৰ্জুন দিহিঙীয়া ৰজাৰ পিছত চুদৈফা পবতীয়া ৰজা ১৫৯৯ শকৰ ভাদ মাহৰ ৩০ দিনৰ দিনা শিঙৰী ঘৰত উঠি ৭ দিন ৰং-ধেমালি কৰি যোগ্য অনুসাৰে বঁটা দি চুজিনফা নাম ললে আৰু সেই বছৰেই ৰজা মূৰ কটায়েদি গৈ লোহিত পাৰ হৈ কাহি নগৰত আঘোণ পুহ মাঘ মাছ পহু মাৰি ৰংগ আনন্দ কৰি গড়গাৱলৈ আহিল। ফাগুন আৰু চ’ত দুমাহ থাকি ১৬০০ শকৰ বহাগ মাহত ৰজাক চোৰে ফালিলে। কিন্তু মৃত্যু নহ’ল। এই সময়তে বাহগড়ীয়া অৰ্জুন গোহাঞি খনিকৰ বুঢ়াগোহাঞিয়ে ৰজাক পৰামৰ্শ দিলে পূৰ্বে বঙাল উঠিলত কোনো ঠাইক আগ্ৰহ কৰি শত্ৰুক সন্মুক হ’বৰ ঠাই নাপালো এতেকে তুলসীজান পৰ্বতৰ পৰা দিহিঙত লগাই গড় এটা বান্ধিবলৈ মন কৰো। সেয়ো দেৱৰো চেষ্টাতহে হয়। ৰজাদেৱে বোলে ভাল গোহাই বান্ধা। পাছে সেই গড় বান্ধি মন্মতি নাম থলে।আন এজন বুৰঞ্জী বিদ ডক্টৰ লীলা গগৈয়ে গড়ৰ টোৰ নাম লাইমতি বুলি ঊল্লেখ কৰিছে।পিছে বুৰঞ্জীৰ মন্মতি লাইমতিয়েই আজি চিন্তামণিগড় নামেৰে পৰিচিতি লাভ কৰে।

আগবঢ়ালে: পাৰ্থ প্ৰতীম গগৈয়ে, মহীৰূহ

শেহতীয়া উন্নীতকৰণ: : 6/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate