মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / ঐতিহাসিক বিশ্বনাথ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঐতিহাসিক বিশ্বনাথ

ঐতিহাসিক বিশ্বনাথ

ব্রহ্মপুত্রৰ উত্তৰপাৰে শোণিপুৰ জিলাত অৱস্থিত বিশ্বনাথ চাৰিআলি তেজপুৰৰ পৰা প্রায় ৭৫ কিলোমিটাৰ আৰু গুৱাহাটীৰ পৰা প্রায় ২৫০ কিলোমিটাৰ দূৰৈত অৱস্থিত।

এই নগৰৰ সমীপতে অৱস্থিত বুৰঞ্জী প্রসিদ্ধ বিশ্বনাথ ক্ষেত্র। গুপ্তকাশী বিশ্বনাথ এক প্রসিদ্ধ পুণ্য তীৰ্থ আৰু পৰ্য্যটকৰ বাবে অতি আকৰ্ষণীয় ঠাই।প্রাচীন কালৰে পৰা আৰু বিশেষকৈ আহোম স্বৰ্গদেউসকলৰ দিনত ই এক ধাৰ্মিক কেন্দ্রস্থল হিছাপে থকাৰ উপৰিও বৃটিছ যুগলৈকে বিশ্বনাথ নদীপথ,সামৰিক আৰু প্রতিৰক্ষাৰ বাবে প্রাকৃতিক ভাৱে সুবিধাজনক স্থল আৰু প্রশাসনিক দিশৰ পৰাও অতি গুৰুত্বপূৰ্ণ স্থান হিছাপে বিখ্যাত আছিল।কিংবদন্তি মতে কাশীৰ দৰে জনাজাত নহৈ বাণ ৰজাৰ দিনত দুজন মুনিৰ অভিশাপত এই বিশ্বনাথ গুপ্তকাশী হিছাপে জনাজাত হ’ল।আন এক কিংবদন্তি মতে আকৌ এক কোটি শিৱ লিংগৰ অধিস্থান ক্ষেত্র বিশ্বনাথ পূৰ্ণ কাশী আছিল। কিন্তু পৃথিৱীত দুখন কাশী হ’লে মোক্ষ লাভ কৰা জীৱৰ সংখ্যা বৃদ্ধি হৈ শেষত সৃষ্টিয়েই লোপ পাব বুলি আশংকা কৰি দেৱতা সকলে এটা শিৱলিংগ বিশ্বনাথ ক্ষেত্রৰ পৰা চুৰি কৰি নি ব্রহ্মপুত্রৰ সিপাৰে হাতীমূৰ পৰ্বতৰ কাষৰ পৰ্বতত থাপিছিলগৈ।এইদৰে বিশ্বনাথ এক কোটিলৈ এখন শিৱলিংগ কম থকা উনকোটি শিৱৰ স্থান।

প্রকৃত ইতিহাস জানিব নোৱাৰা বিশ্বনাথৰ মূল মন্দিৰটি অতি প্রাচীন বুলি ভৱা হয়।বিশ্বনাথৰ মূল শিৱ লিংগ থকা প্রাচীন এই মন্দিৰভাগ বুঢ়ীগাং নদী আহি ব্রহ্মপুত্র পৰা ঠাইতে আছিল।আজিৰ তেজপুৰ বা পুৰণি দিনৰ হাৰূপেশ্বৰত ৰাজধানী পাতি শাসন কৰা শালস্তম্ভ বংশৰ ৰজাসকলৰ দিনতে (৬৫০-৯৯০ চন) পোনপ্রথমে বিশ্বনাথ শিৱৰ নামত শৈলমন্দিৰ নিৰ্মাণ কৰা হৈছিল।১৬১৫ চনৰ পৰা ১৬২০ চনৰ ভিতৰত প্রাচীন শৈল মন্দিৰটো ভাগি পৰাত ১৬২১ চনত প্রতাপ সিংহই মোমাই তামুলী বৰবৰুৱাৰ হতুৱাই বিশ্বনাথ মন্দিৰ নিৰ্মাণ কৰায়।পিছত প্রতাপ সিংহৰ দিনৰ বিশ্বনাথ মন্দিৰটো সম্ভৱ ভাগি পৰাত প্রমত্ত সিংহ স্বৰ্গদেৱে ১৭৫০ চনত খাপনা দ’ল নামেৰে বুৰঞ্জীত পৰিচিত বিশ্বাথ দ’লটো সুউচ্চকৈ বনাই দিয়ে। পিছে ব্রহ্মপুত্রৰ বানত এই মন্দিৰ ধ্বংশপ্রাপ্ত হয় আৰু পুনৰ নিৰ্মাণৰ অনুপযুক্ত হোৱাত স্বৰ্গদেউ লক্ষ্মী সিংহই ১৭৭৪ চনত পুৰণি পীঠৰ পৰা ২০০ মিটাৰমান পশ্চিমৰ বৰ্তমানৰ ঠাইত নতুনকৈ সামান্য ৰূপত বিশ্বনাথ মন্দিৰ সজাই।কিন্তু মানৰ আক্রমণৰ সময়ত এই মন্দিৰৰ সোণৰ কলচি ভাঙি নিয়াৰ উপৰিও অপবিত্র কৰাত এই মন্দিৰ পৰিত্যক্ত হয় আৰু সেয়েহে ইয়াৰ কাষতে পুনৰ ইংৰাজৰ দিনত আধুনিক বিশ্বনাথ দেৱালয় প্রতিষ্ঠা কৰা হয়।

বিশ্বনাথ মন্দিৰৰ কাষতে ‘ভালুক গোসাঁই’ নামৰ শিলত কটা এটা মূৰ্তি আছে।প্রায় ১০০ ছেঃ মিঃ মান ওখ বৰ্গক্ষেত্রাকাৰ চৰ্তুদিশে সিংহৰ দৰে মুখ কৰি থকা মূৰ্তিটোৰ মধ্য-শীৰ্ষাংশ এটা স্তূপ আকৃতিৰ।এনে ধৰণৰ প্রতিমূৰ্তি অসমৰ আন কোনো ঠাইতে পোৱা সম্ভেদ নাই।জনবিশ্বাস মতে ভালুক গোসাঁই থকাৰ বিশ্বনাথলৈ ভালুক আহিব নোৱাৰে আৰু কিবা বস্তু হেৰালে ইয়াত চাকি দিলে,হেৰুৱা বস্তু ঘূৰাই পায়।

বাম বিশ্বনাথৰ মূৰ্তি পিতলৰ।পিছত অস্থায়ীভাৱে প্রতিস্থা কৰা এই বিশ্বনাথ মন্দিৰটো অতি সুন্দৰকৈ মনিকূট আৰু নামঘৰসহ স্থাপন কৰা হৈছে।বাৰিষা পানীৰ তলত সোমাই থকা বিশ্বনাথ লিংগ খৰালি,কাতি মাহত ওলালে শিলৰ পৰা বালি খান্দি উলিয়াই অস্থায়ী ঘৰ সাজি তাত আঘোন মাহৰ এটি শুভ দিন চাই পূজা আৰম্ভ কৰা হয় আৰু বহাগ বিহুৰ ‘গোসাঁই বিহু’ৰ দিনালৈকে দৈনিক পূজা হয়।বাম আৰু পানী দুয়ো ঠাইতে অৱস্থান কৰা বাবে কোৱা হয় যে-

বিশ্বনাথ গোসাঁই লৰক-ফৰক

ছমাহ জলত ছমাহ তৰত।

বুঢ়ীগাঙৰ পাৰত বামৰ বিশ্বনাথ মন্দিৰৰ কিছু দূৰৈত এটা ডাঙৰ শিল আছে যিটোক বৰলা শিল বুলি কোৱা হয়।অকলশৰীয়াকৈ থকাৰ বাবে এই শিলৰ নাম বৰলাশিল হৈছে।বিশ্বনাথ ঘাটত ব্রহ্মপুত্রৰ মাজত উমাটুমনি নামৰ এটা সৰু টিলাময় দ্বীপ আছে।য’ত উমাদেৱীৰ মন্দিৰ আছে।উমাটুমনি বা উমাবন দ্বীপত চক্রেশ্বৰ,হৰিহৰ,কৰ্দমেশ্বৰ,বাসুদেৱ,নাঙ্গলেশ্বৰ,ভৈৰৱেশ্বৰ,সিদ্বেশ্বৰ আদি কেইবাখনো দেৱালয় আছে।

বামৰ বিশ্বনাথ মন্দিৰৰ অলপ দক্ষিণত ব্রহ্মপুত্রৰ পাৰত এটা প্রকাণ্ড শিলাখণ্ডৰ ওপৰত চণ্ডী মন্দিৰ অৱস্থিত।এই দেৱালয়ৰ প্রাচীনতা বিশ্বনাথ মন্দিৰৰ সমসাময়িক।চণ্ডীমন্দিৰৰ ১৩ মিটাৰ মান পশ্চিমত সূৰ্য-মাধৱ দেৱালয় অৱস্থিত।১৬৮৫ চনতে গদাধৰ সিংহই মূৰ সূৰ্য-মাধৱ দেৱালয় সজাইছিল।ইয়াৰ অলপ আঁতৰত ব্রহ্মপুত্রৰ দাঁতিত মুক্তিনাথ দেৱালয় আছে।বিশ্বনাথত আহোম যুগৰ সৰ্বশেষ কীৰ্তিচিহ্ন বুলি চিহ্নিত এই মন্দিৰ স্বৰ্গদেউ চন্দ্রকান্ত সিংহই ১৮১৫ চনত নিৰ্মাণ কৰাইছিল।মুক্তিনাথ দেৱালয়ৰ পশ্চিমে আছে কমলেশ্বৰ শিৱ দেৱালয়।১৮০০ চনত কমলেশ্বৰ সিংহই এই দেৱালয় সজাইছিল।

চণ্ডী মন্দিৰৰ ওচৰতে উত্তৰ পশ্চিমে আছে বাণেশ্বৰ বৰদ’ল।বিশ্বনাথ ক্ষেত্রত বৰ্তমান পোৱা সকলোতকৈ ডাঙৰ আৰু পূৰ্ণাংগ ৰূপত থকা এই দ’লটিৰ শিৱ লিংগ বাণ ৰজাই স্থাপন কৰিছিল বুলি জনা যায়।প্রায় ১৮ মিটাৰ মিটাৰ ওখ এই দ’লটো ১৭৫৯ চনত ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিল।

বিশ্বনাথ ক্ষেত্রৰে অন্তৰ্গত বিশ্বনাথ চাৰিআলিৰ পৰা প্রায় ৭ কিলোমিটাৰ মান উত্তৰ-পশ্চিমে প্রতাপগড় চাহ বাগিছাত বুঢ়া মাধৱ দেৱালয় অৱস্থিত।১৭৩০ চনত শিৱ সিংহই নিৰ্মাণ কৰোৱা ইায়াত প্রাচীন শৈল মন্দিৰ আছে বুলি বিশ্বাস কৰা হয়।

বিশ্বনাথ ক্ষেত্রত মূল বিশ্বনাথকে ধৰি সাতাইশখন দেৱালয়ৰ ভিতৰত এঘাৰটা মন্দিৰ আহোম যুগত নিৰ্মাণ কৰা হৈছিল।

বৰ্তমান বামৰ আৰু পানীৰ বিশ্বনাথ,উমা,চণ্ডী,মুক্তিনাথ,বাণেশ্বৰ বৰদ’ল,সূৰ্য-মাধৱ,কমলেশ্বৰ আৰু বুঢ়া মাধৱ দেৱালয়ত পূজা-উৎসৱ আদি অনুস্থিত হৈ থাকে।বিশ্বনাথৰ ‘গোসাঁই ফুৰোৱা উৎসৱ’ সমগ্র বিশ্বনাথ অঞ্চলৰে অতি পুৰণি দিনৰে পৰা পৰম্পৰাগত ভাৱে উলহ মালহেৰে পালন কৰি অহা প্রধান উৎসৱ।

স্বৰ্গদেউ প্রতাপ সিংহৰ দিনত মোগলে বিশ্বনাথ দেৱালয় লুটপাত কৰাৰ পিছত তেওঁ ইয়াৰ প্রতিশোধ লৈ মোগলক পৰাজিত কৰিছিল আৰু ৰাজ্যৰ প্রতিৰক্ষাৰ বাবে ১৬২১ চনত বিশ্বনাথক কেন্দ্র কৰি হিমালয়ৰ পাদদেশলৈকৈ এক বৃহৎ গড় বন্ধাইছিল।এই দীঘল গড়টোৰ ভগ্নাৱশেষ এতিয়াও দেখিবলৈ পোৱা যায়।ইয়াৰ উপৰিও বিশ্বনাথ চাৰিআলিৰ পৰা উত্তৰে কিছু দূৰৈত আহোম ৰজা সকলৰ দিনতে খন্দুৱা ‘কুঁৱৰী পুখুৰী’ নামৰ এটা বিশাল পুখুৰী আছে।যিটো পুখুৰীৰ কালি প্রায় ১৬ পুৰা মাটিৰ।

এনেধৰণৰ ধৰণৰ ঐতিহাসিক বুৰঞ্জীয়ে গৰকা বিশ্বানাথ চাৰিআলিৰ সমীপতে অৱস্থিত এছিয়া মহাদেশৰ সৰ্ববৃহৎ চাহ বাগিছা ‘মোনাবাৰী’।যিখনৰ মাটি-কালি প্রায় ২,৮১,৬৬০ বিঘা অৰ্থাৎ ১০৯৬ হেক্টৰ।য’ত প্রতিবছৰে উৎপাদিত হোৱা চাহৰ পৰিমান ২৬৩২৬৭০ কিলোগ্রামতকৈও বেছি।সেউজ চাহ বাগিছাৰে আগুৰা বিশ্বনাথ চাৰিআলিতেই আছে উওৰ-পূৱৰ প্রথমখন আৰু একমাত্র যান্ত্রিক কৃষি শিক্ষণ আৰু প্রশিক্ষণ প্রতিষ্ঠান।ইয়াৰ উপৰিও বিশ্বনাথৰ অবৰূপ প্রাকৃতিক সৌন্দৰ্য্যই অতীজৰে পৰা সকলোকে মোহিত কৰি আহিছে।

এইয়াই অততীতৰে পৰাই অসমৰ এক ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ অঞ্চল বিশ্বনাথ।য’ত প্রাচীন কালৰ পৰাই অসমৰ বিভন্ন ইতিহাস ৰচিত হৈছিল।

প্ৰতিম কুঃ বাঢ়ৈ

3.0
ৰিতুল বৰুৱা Oct 27, 2017 03:24 PM

বৰলা শিলৰ বিষয়ে টোকা লাগিছিল

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top