অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খনিকৰ পুথি

খনিকৰ পুথি

উজনি অসমৰ প্ৰায় প্ৰতিজন ব্যক্তিয়েই “খনিকৰ পুথি” নামৰ ঐতিহাসিক পুথিভাগৰ বিষয়ে কম-বেছি পৰিমাণে জ্ঞাত। গোলাঘাট জিলাৰ মিছামৰা মৌজাৰ খনিকৰ গাঁ‌ৱত সংৰক্ষিত এই খনিকৰ পুথিভাগৰ ইতিহাস প্ৰায় আঢ়ৈশ বছৰৰ পুৰণি। অসমীয়া জাতিৰ গৌৰ‌ৱোজ্বল ইতিহাসৰ সাক্ষী এই খনিকৰ পুথিক বর্তমান কালত ৰাজ্যখনৰ এক আপুৰুগীয়া জাতীয় সম্পদ বুলিলেও বঢ়াই কো‌ৱা নহয়। বিভিন্ন আধ্যাত্মিক আৰু অলৌকিক শক্তি জড়িত হৈ থকা বুলি ভবা এই পুথিৰ ওচৰত সে‌ৱা ধৰিবলৈ অহা আৰু স্বগৃহলৈ নি পাঠ কৰি পূণ্য অর্জণ কৰিবলৈ বিচৰা ভক্তৰ লগতে বিভিন্ন স্থানৰ পৰা অহা পযর্টকৰ সমাগমে খনিকৰ গাঁ‌ৱক বর্তমান এক পূণ্যক্ষেত্ৰত পৰিণত কৰিছে।

খনিকৰ পুথি নামৰ পুথিভাগ দৰাচলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদে‌ৱ আৰু শ্ৰীমন্ত মাধ‌ৱদে‌ৱৰ দ্বাৰা ৰচিত “কীর্তন” আৰু“নামঘোষা” নামৰ দুখন সাঁচিপতীয়া পুথিৰ সমষ্টি। সাঁচিপাতত প্ৰাচীন অসমীয়া লিপিৰে লিখা এই পুথি দুখন আবিষ্কাৰ হো‌ৱাৰ সময়ৰ পৰাই একেলগ কৰি এটা সুদৃশ্য কাঠৰ বাকছৰ ভিতৰত ৰখা হৈছে। কথিত আছে যে, মানৰ অসম আক্ৰমণৰ সময়তেই (১৮১৯-১৮২১চন) খনিকৰ গাঁও নি‌ৱাসী মণি বৰু‌ৱা নামৰ ব্যক্তি এজনে এই পুথিসমূহ উদ্ধাৰ কৰিছিল। সেই সময়ত মানৰ অত্যাচাৰত গাঁ‌ৱৰ অধিকাংশ লোকেই হাবিয়ে-বননিয়ে পলাই ফুৰিছিল যদিও বৃদ্ধ মণি বৰু‌ৱাই বার্ধক্যৰ বাবে ঘৰ এৰি যাব পৰা নাছিল। এসময়ত মানে গাঁ‌ৱৰ সকলোৰে ঘৰৰ স্থা‌ৱৰ সম্পত্তিসমূহ লুট কৰি লৈ যায় আৰু কিবা কাৰণত মণি বৰু‌ৱাৰ ঘৰৰ পুখুৰীৰ পাৰত এটা টোপোলা এৰি থৈ যায়। পিছত, ৺বৰু‌ৱাই টোপোলাটো খুলি তাত কীর্ত্তন, দশম, নামঘোষা আৰু ভক্তি ৰত্না‌ৱলী নামেৰে চাৰিখন মহাপুৰুষীয়া সাঁচিপাতৰ পুথি উদ্ধাৰ কৰে। কিছুদিন পিছত তেওঁ ইয়াৰে “দশম”ভাগ নিজৰ গাঁ‌ৱৰ নামঘৰলৈ আৰু “ভক্তি ৰত্না‌ৱলী ভাগ কাষৰ হালো‌ৱা গাঁ‌ৱৰ নামঘৰলৈ আগবঢ়ায় আৰু বাকী ৰো‌ৱা কীর্ত্তন আৰু দশম পুথি দুখন নিজৰ ঘৰতে সংৰক্ষণ কৰি ৰাখে। পুথিদুখন ৰাখিবলৈ সেই সময়তে স্থানীয় শিল্পী ৺লীলাৰাম বৰু‌ৱাই দুটি কাঠৰ বাকছ তৈয়াৰ কৰি দিয়ে। অবশ্যে পিছলৈ অন্যান্য কেইবাজনো গুণমুগ্ধই পুথি সংৰক্ষণৰ উদ্দেশ্যে এনে বাকছ গঢ়ি দিছে বুলি জনা যায়। পিছত, দুই-এক গুণগ্ৰাহী লোকে এই পুথি দুভাগ নিজ গৃহত পাঠ কৰিবলৈ নি মনোকামনা সিদ্ধি আৰু মানসিক প্ৰশান্তি লাভ কৰিবলৈ ধৰে আৰু ইয়াৰ অলৌকিক মহিমা ৰাইজৰ মাজত বিয়পিবলৈ ধৰে। মণি বৰু‌ৱাৰ মৃত্যুৰ পিছত বংশানুক্ৰমে তেখেতৰ পৰিয়ালে পুথিদুখনৰ সংৰক্ষণৰ দায়িত্ব লয়। এনেদৰে, মানৰ আক্ৰমণৰ সময়ৰ পৰা বর্তমানলৈকে সেই খনিকৰ গাঁ‌ৱতেই সংৰক্ষিত হৈ থকা বাবে এই সংযুক্ত পুথিদুখন জনমানসত খনিকৰ পুথি নামেৰেই বিখ্যাত হৈ পৰিল।

খনিকৰ পুথিৰ অন্তর্গত কীর্ত্তন পুথিখনৰ মুঠ পৃষ্ঠাৰ সংখ্যা হ’ল ১০৫ খিলা। ইয়াৰে দুখিলা বকলা। এই পুথিৰ সাঁচিপাতসমূহ দীঘে ৪৫ ছে.মি. আৰু বহলে ১৬ ছে.মি.। পুথিখনৰ শেষত “১৬৯০ শকৰ ৫ মাস, ৪বাৰ, ১তিথি সমাপ্ত”বুলি লিখা আছে। অর্থাৎ, শ্ৰীমন্তশংকৰ দে‌ৱৰ তিৰোভা‌ৱ তিথিৰ প্ৰায় দুশ বছৰ পিছত, ইংৰাজী হিচাবমতে ১৭৬৮ খ্ৰীষ্টাব্দৰ আগষ্ট মাহত  খনিকৰ পুথিৰ অন্তর্গত কীর্তন পুথিখন লিখি শেষ কৰা হৈছিল। ইপিনে, নামঘোষাখনৰ সবর্মুঠ পৃষ্ঠাৰ সংখ্যা ৫৩, ইয়াৰ বকলা এখিলা। প্ৰতিটো পৃষ্ঠাৰ দীঘ ৩৫ ছে.মি. আৰু প্ৰস্থ ১০ ছে.মি.। এই পুথিখন বান্ধি ৰাখিবৰ বাবে এটা বিন্ধাৰ ব্য‌ৱস্থাও আছে। পুথিখনৰ শেষত লিখা আছে, “১৬৯০ শকৰ মাস২, বাৰ বুধ। ঘোষা পুস্তকং সম্পূর্ণং সমাপ্ত।”, অর্থাৎ, আগৰ পুথিখনৰ প্ৰায় তিনিমাহৰ আগত এইখন লিখি শেষ কৰা হৈছিল। পুথিকেইখনত উল্লিখিত তাৰিখ-বাৰ শুদ্ধ বুলি গণ্য কৰিলে দুইখন পুথিয়ে ২০১৩ চনত ২৪৫ বছৰ পূর্ণ কৰা বুলি বুজিব পাৰি। পুথিদুখনৰ কোনোখনতেই পাতনি, সূচীপত্ৰ, লিখোঁতাৰ নাম বা ঠিকনা উল্লেখ নাই, বকলাত কে‌ৱল “যথা দৃষ্টং তথা লিখিতং” বুলিহে লিখা আছে।

পৰ‌ৱৰ্তী ভক্তৰ গৃহ অভিমূখে কঢ়িয়াই
নিয়া অ‌ৱস্থাত বাকছৰ সৈত‌্যে খনিকৰ পুথি

পুথিদুখনৰ সংৰক্ষণস্থলীত বর্তমান বৰু‌ৱা পৰিয়ালৰ প্ৰযত্নত আৰু ৰাইজৰ সহযোগত এটি নামঘৰ প্ৰতিষ্ঠা কৰি উলিও‌ৱা হৈছে। দেৰগাঁও-গোলাঘাট সংযোগী পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ কুৰালগুৰি চাৰি আলিৰ পৰা প্ৰায় ৫কি.মি. পশ্চিমে অ‌ৱস্থিত খনিকৰ চাৰি আলিৰ পৰা বাওঁহাতে প্ৰায় আধা কিলোমিটাৰ দূৰত্বত যো‌ৱা ২০০০ চনৰ মার্চ মাহত আনুষ্ঠানিকভাবে উদ্ধাধন কৰি উলিও‌ৱা এই নামঘৰটিৰ নাম ৰখা হৈছে খনিকৰ পুথি নামঘৰ। খনিকৰ পুথিৰ সংৰক্ষণস্থলী, এই নামঘৰলৈ বর্তমান প্ৰতিদিনে একাধিক ভক্ত-দর্শনার্থী আৰু অনুগ্ৰহ প্ৰার্থীৰ আগমণ ঘটে। বহুতো ব্যক্তি বা গৃহস্থীয়ে মনোগত অভীষ্ট সিদ্ধিৰ বাবে নামঘৰৰ পুথিভাগলৈ দিনৌ শলা-বন্তি, নৈবিদ্য বা দ্বণ্ড-খৰছা আগবঢ়ায়গৈ আৰু অন্যান্য কিছুসংখ্যকে স্বগৃহলৈ নি নাম-প্ৰসংগৰ জড়িয়তে শ্ৰ‌ৱণ-কীর্তন কৰাৰ মানস ব্যক্ত কৰেগৈ। খনিকৰ পুথিক গৃহলৈ আহ্বান কৰা গৃহস্থীৰ সুবিধাৰ অর্থে নামঘৰটিত আজিকালি আগ্ৰহৰ তাৰিখ অনুক্ৰমে ভক্তৰ নাম-ঠিকনা সাঁচি ৰাখি শৃংখলাবদ্ধভাবে অনুমোদন জনো‌ৱাৰ ব্যৱস্থা কৰা হৈছে। বর্তমান এই দায়িত্বত আছে বৰু‌ৱা পৰিয়ালৰ সন্তান, শ্ৰী ভ‌ৱেশ বৰু‌ৱা। এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, পুথিভাগক স্বগৃহলৈ নিব বিচৰা ভক্তই চুৰীয়া-চাদৰ আদি পৰম্পৰাগত ভকতীয়া পোচাক পিন্ধি বাকছৰ সৈত্যে নিজৰ মূৰৰ ওপৰত বা কান্ধত বহু‌ৱাইহে নিয়াৰ নিয়ম, কোনো বাহনৰ সহায়ত নহয়। পুথিভাগ সমূখেৰে পাৰ হৈ যো‌ৱা দেখা পালে সাধাৰণতে পদযাত্ৰী বা যান-বাহনৰ আৰোহীয়ে ৰৈ দি অথবা নতশিৰ হৈ পুথিভাগলৈ প্ৰণিপাত জনায়।

আঢ়ৈশ বছৰৰ গৌৰ‌ৱোজ্বল ইতিহাস বুকুত সামৰি ৰখা সাঁচিপতীয়া পুথিকেইখনৰ ইয়াতকৈ পুৰণি তথ্য জনা নাযায়। ভক্তৰ মনত ইয়াৰ অলৌকিকতা আৰু বিশ্বাসৰ উপৰিও চহকী অসমীয়া ঐতিহ্যৰ উহ বিচাৰিবলৈ পুথিভাগৰ ওপৰত বুৰঞ্জী আৰু বিজ্ঞানৰ দিশৰ পৰা বিস্তৃত গ‌ৱেষণাৰ থল আছে। বর্তমান প্ৰেক্ষাপটত পুথিকেইখনৰ বিজ্ঞানসন্মত সংৰক্ষণৰ ব্যৱস্থা কৰাও অতি প্ৰয়োজনীয়।

বি.দ্ৰ.:- তথ্যসমূহ জনপ্ৰবাদ আৰু বিভিন্ন উৎসৰ পৰা সংগৃহীত।

ইয়াৰ ভিতৰত নিম্নলিখিত সূত্ৰসমূহ উল্লেখযোগ‌্য:
1) Tirtha Nath Boruah, Misamorar oitijya : oitihasik khanikar puthi, Khanikar Gaon Misamora, 
Khanikar Puthi Namghor Golaghat, 29 March 2010, p. 07. 
2) Narayan Boruah, Mohima Mondit Khanikar Puthi, Khanikar Dutta Offset Printers Dhekial 
Golaghat, 30 March 2010, p.02.
3) Dr. S.L Baruah, A Comprehensive History of Assam, Munshiram Monoharlal publishing 
Pvt. Limited, Delhi, 3rd Addition 1985, p. 327.
4) Debo Prasad Gogoi & Biplob Gogoi, Khanikar Puthi Of Assam And its Relevance in Recent Days: A Historical Study, Central India Journal of Historical And Archaeological Research, A Peer Reviewed Journal (ISSN:2277-4157) Volume II, Number 5 January-March 20135) http://files.cluster2.hostgator.co.in/hostgator57735/file/cijhar_5th_issue_25-4-2013__1.pdf
6) http://bijitdutta.wordpress.com/2013/06/17/khanikar-puthi/

অচিন্ত বৰঠাকুৰ

3.01724137931
ভৰত দত্ত May 29, 2017 02:11 PM

সুন্দৰ লেখা । পুথিভাগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব । মই মোৰ ফেচবুক পেজত সংলগ্ন কৰিছো ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top