মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / গুৰু শংকৰ আৰু মাধৱ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গুৰু শংকৰ আৰু মাধৱ :

গুৰু শংকৰ আৰু মাধৱৰ বিষয়ে লিখা হৈছে ।

 

শঙ্কৰ-মাধৱ দুয়োজনা গুৰুৰ যিবিলাক কথাই মোৰ মনত শৈশৱৰ পৰাই গভীৰভাৱে ৰেখাপাত কৰি আজিও আলোড়িত কৰি তোলে তাৰ ভিতৰত পুথি-পাজি লিখাৰ গভীৰ পৰিশ্ৰমলব্ধ প্ৰয়াস অন্যতম৷ আজিৰ পৰা ছয়শ বছৰ আগতে আখৰ লিখা কথাটো আজিৰ দৰে ইমান সহজ-সৰল নাছিল৷ এতিয়াৰ দৰে লিখিবলৈ ইচ্ছা গলেই কাগজ-কলম থাওকতে পোৱাৰ ব্যৱস্থা নাছিল৷ কাগজৰ সলনি সেই সময়ত সাঁচিপাতৰ ব্যৱহাৰ হৈছিল৷

আৰু লিখাৰ উপযোগী সাঁচিপাতৰ প্ৰস্তুতকৰণ আছিল এক দীৰ্ঘ-সময় ব্যাপ্ত কঠিন প্ৰক্ৰিয়া৷ তদুপৰি লিখিবলৈ চিয়াহীৰ প্ৰস্তুতকৰণো কম কষ্টসাধ্য নাছিল৷ কিন্তু এনে সময় খৰচী, কঠিন, কষ্টসাধ্য প্ৰক্ৰিয়াকো অতিক্ৰমী তেওলোকে নিৰন্তৰ লিখি গৈছিল৷

আজি আমি লিখিবলৈ কম-আয়াসতে যিদৰে কাগজ-কলম পাইছো বা কম্পিউটাৰ মাধ্যম পাইছো, আমাৰ বাবে সেই সময়ৰ লিখক সকলৰ কিতাপ লিখাৰ পৰিশ্ৰম সপোনৰো অগোচৰ, অকল্পনীয়!

কেৱল লিখা-মেলা কৰাই নহয়, কঠোৰ পৰিশ্ৰমৰ অন্তত এখন কিতাপ লিখি উলিয়াই সংৰক্ষন কৰি ৰখাটোও আছিল অন্য এক পৰিশ্ৰমী, ব্যয়সাধ্য কাৰবাৰ৷ ইমানবোৰ কষ্ট, বাধা-বিঘিণী, পৰিশ্ৰমৰ পিছতো গুৰু দুজনাই ভালেমান গ্ৰন্থ, নাট, বৰগীত আদিৰ মেটমৰা সম্ভাৰেৰে যিদৰে অসমীয়া সাহিত্য চহকী কৰি থৈ গ’ল সেয়া ভাবিলে আমাৰ দৰে অল্পমতি মানুহ আজিও বিস্ময়ত হতবাক হৈ পৰো৷

দ্বিতীয়তে, জ্ঞান অন্বেষণৰ প্ৰতি তীব্ৰ ধাউতি৷ আজি তথ্য-প্ৰযুক্তিৰ অভূতপূৰ্ব উন্নয়নৰ দিনত যিকোনো তথ্য আহৰণ কৰাটো আমাৰ বাবে সহজ-সাধ্য৷ ইণ্টাৰনেটৰ গুগল ক্লিক কৰিয়েই চেকেণ্ডৰ ভিতৰতে যিকোনো তথ্য বিচাৰি উলিয়াব পাৰো৷

কিন্তু সেই সময়ত নজনা কথা এটা জনাটো সিমান সহজসাধ্য নাছিল৷ গুৰু দুজনাই জীৱন কালত যিদৰে ভাৰতৰ ইমুৰ-সিমুৰ ভ্ৰমি, নানা তীৰ্থ দৰ্শন কৰি জ্ঞানী-সাধুজনৰ লগত ভাৱ-বিনিময় কৰি নিজৰ জ্ঞান অন্বেষণৰ ক্ষুধা নিবাৰণৰ চেষ্টা কৰিছিল সি আজিৰ প্ৰজন্মৰ বাবে বিস্ময়কৰ, অকল্পনীয়৷

এবাৰ কল্পনা কৰকচোন, আজিৰ পৰা ছয়শ বছৰ পূৰ্বে যাতায়াত বা পৰিবহণৰ সুবিধাৰ কথা৷ কেনেকুৱা এক ইচ্ছাশক্তি, অদম্য সাহস, অদম্য মানসিকতা থাকিলে এজন পুৰুষে দুবাৰকৈ বাৰ-বছৰীয়া তীৰ্থ ভ্ৰমণ কৰিবলৈ সমৰ্থ হব পাৰে৷

যাত্ৰা পথত কিমান কষ্ট, অনিশ্চয়তা, বেমাৰ-আজাৰৰ বিপদ, কিমান বাধা-বিঘিণী অতিক্ৰম কৰিবলগীয়া হব পাৰে৷ সেই বাবেই তেওঁলোক মহাপুৰুষ৷

অনিশ্চয়তা আছিল দুয়োজনা গুৰুৰ অভিন্ন সংগী৷ নিজৰ জীৱন কালত একে ঠাইতে স্থায়ীভাৱে বসতি কৰিবলৈ পোৱাটো কেতিয়াও সুষম অথবা মসৃণ নাছিল৷ ৰজাৰ ভয়, বিধৰ্মী প্ৰজাৰ ভয়, এক কণ্টকাকীৰ্ণ পথ অতিক্ৰম কৰি নিৰাপদ ভূমিত প্ৰতিষ্ঠিত হোৱাটো আছিল যেন অলীক সপোন৷

তথাপিও হাৰ মনা নাছিল৷ আৰু এনে অভূতপূৰ্ব মানসিক শক্তিৰ তীব্ৰতা দেখিয়েই তাত ঐশ্বৰিকত্ব আৰোপ কৰিছিল তেৰা সকলৰ সহজ-সৰল শিষ্য বৰ্গই৷

আমি ব্যক্তিগতভাবে এটা কথা উপলব্ধি কৰো যে আজিৰ প্ৰজন্মই গুৰু দুজনাৰ এই বিলাক দিশৰ ওপৰত গভীৰ অধ্যয়ন তথা গৱেষণা অব্যাহত ৰাখিব লাগে৷ তেৰাসৱৰ জীৱন কালৰ ঘটনাৰাজি সেই সময়ৰ পটভূমিত নিৰ্মোহ বিশ্লেষণ হব লাগে৷

এতিয়া প্ৰতিটো কথাতে অযথা ঐশ্বৰিকত্বৰ প্ৰলেপ সানি কিছুমান কথাৰ বিচাৰ অপ্ৰাসঙ্গিক যেন লাগে৷ যেনে মহাপুৰুষ শংকৰদেৱৰ জন্মৰ সময়ত দেৱ-দেৱী মূৰ্তি বাগৰি পৰাৰ ঘটনাটো, অথবা শৈশৱত দুহাতেৰে ষাড় গৰু বগৰাই পেলোৱা ঘটনাটো৷ এই ধৰণৰ কাহিনীবিলাক এই কাৰণেই অপ্ৰাসঙ্গিক যেন বোধ হয়, যে তেৰাসৱৰ জীৱন কালত ইয়াতকৈও বহুত বেছি গুৰুত্বপূৰ্ণ অজস্ৰ ঘটনা জানিবলগীয়া আছে, বিচাৰ কৰিবলগীয়া আছে৷

মহাপুৰুষ শংকৰদেৱৰ জন্মৰ সময়ত দেৱ-দেৱী মূৰ্তি বাগৰি পৰাৰ ঘটনাৰ পুনঃ পুনঃ উল্লেখেৰে এক বিশেষ সম্প্ৰদায় বা পন্থীক (যি সকল মহান অসমীয়া জাতিৰে অংগ) লক্ষ্য কৰি তেওঁলোকক জনমানসত হেয় প্ৰতিপন্ন কৰা যেন হে ভাৱ হয়৷ আজিৰ প্ৰজন্ম এনে ক্ষেত্ৰত সাৱধান হলে ভাল হয়৷
আমাৰ বোধেৰে গুৰু দুজনাৰ সমাজ সংস্কাৰ আৰু সাহিত্য কৃতি এই দুয়ো দিশ আজিৰ প্ৰজন্মৰ অধ্যয়নৰ বাবে প্ৰয়োজনীয়৷ ধৰ্মীয় দিশটোৰ অধ্যয়ন সংযমী আৰু সাৱধানী হোৱাৰ লগতে অযথা ঐশ্বৰিকত্বৰ প্ৰলেপ সনা আখ্যান-উপাখ্যানবিলাক বৰ্জন কৰি চলাই বাস্তবসন্মত হব৷

ইয়াৰ অন্যথাই দুয়োজনা গুৰুক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ আমাৰ চিৰযুগমীয়া সপোনে বাস্তব ৰূপ পৰিগ্ৰহ কৰাটো সহজসাধ্য নহব৷

লেখক: অনিত্য মাধব জটিয়া

উৎস: সাহিত্য.অৰ্গ

2.66666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top