মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / গ্লেডিয়েটৰ, সামন্ততান্ত্ৰিক সংস্কৃতি আৰু বুলবুলি চৰাই
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গ্লেডিয়েটৰ, সামন্ততান্ত্ৰিক সংস্কৃতি আৰু বুলবুলি চৰাই

গ্লেডিয়েটৰ, সামন্ততান্ত্ৰিক সংস্কৃতি আৰু বুলবুলি চৰাই

এটা সময় আছিল যেতিয়া গ্লেডিয়েটৰসকল আছিল ৰোমান নাগৰিকসকলক আনন্দ দিয়া এক পুতলাৰ দৰে। ৰোমান সম্ৰাটৰ নিৰ্দেশত দুই গ্লেডিয়েটৰe যুঁজ দিছিল এজনে আনজনক হত্যাৰ উদ্দেশ্যৰে। ক্ষত-বিক্ষত হৈ তাৰে এজনে মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল। ছিন্নভিন্ন মৃতদেহৰ কাষতে আকৌ আৰম্ভ হৈছিলে পিছৰ খেল (?) চূড়ান্ত বৰ্বৰতাৰে। এক বিকৃত আনন্দ, এক চৰম উত্তেজনা। এই উত্তেজনাৰ মাজতেই কেতিয়াবা গঁড়ালৰ পৰা এৰি দিয়া হৈছিলে ক্ষুধাৰ্ত বাঘ বা সিংহৰ জাক। চাৰিওকাষে ওখ দেৱালৰ মাজত গ্লেডিয়েটৰসকলৰ দেহা তেতিয়া ৰক্তাক্ত, ক্ষত-বিক্ষত, ঘৰ্ম্মাক্ত দেহা তেতিয়া ব্যথাত ভাৰাক্ৰান্ত, অৱসাদত চকুৰ দৃষ্টি অস্পষ্ট। তাৰ মাজতেই বাঢ়ি যায় দৰ্শকৰ ৰোমাঞ্চ, বাঢ়ি যায় উলাহৰ চিঞৰ। দ্যা শ্ব’ মাষ্ট গউ অন…। মানৱজাতিৰ বিকৃত মানসিকতাৰ দৃষ্টান্ত ৰোমান সাম্ৰাজ্যৰ গ্লেডিয়েটৰ যুঁজতকৈ আৰু কি হ’ব পাৰে ? লাহে লাহে মানুহ সভ্য হ’ল আৰু কালক্ৰমত ৰোমান সাম্ৰাজ্যৰ পৰম্পৰাৰ পৰা বিলোপ হৈছে গ্লেডিয়েটৰৰ যুঁজ। এতিয়া সেই খেলৰ নৱতম সংস্কৰণসমূহ খেলুৱৈসুলভ গুণেৰে পূৰ্ণ। এতিয়াৰ মুষ্টিযুদ্ধ, মল্লযুদ্ধ আদি খেলসমূহত কোনো খেলুৱৈয়ে প্ৰাণ দিবলগীয়া নহয়। পিছে আজিও যেন মানুহৰ অৱচেতন মনৰ কোনোবা এটি কোণত আন কাৰোবাৰ বেথাৰ পৰা পোৱা এক বিকৃত আনন্দৰ উৎস ৰৈ গৈছে।

বুলবুলি চৰাই আমাৰ আধুনিক গ্লেডিয়েটৰ যিয়ে যুঁজৰ আগলৈ ঠিক গ্লেডিয়েটৰৰ দৰেই কটাব লাগে বন্দীত্বৰ জীৱন, যাক স্বজাতিৰ মাজতেই যুঁজিবলৈ বাধ্য কৰোৱা হয় কেৱল মানুহৰ আনন্দৰ বাবে। অতীজৰে পৰা বুলবুলি চৰাই আমাৰ লোককথা, লোকগীতৰ এক অবিচ্ছেদ্য অংগ। আমাৰ দেশত মুঠ বাৰটা প্ৰজাতিৰ বুলবুলি চৰাই পোৱা যায় যিবোৰ সংৰক্ষণৰ সংকটৰপৰা মুক্ত তালিকাভুক্ত অৰ্থাৎ ইহঁত এতিয়াও বিলু্প্ত হোৱাৰ ভাবুকি আহি পোৱাহি নাই। কিন্তু তথাপিও অসমত বুলবুলি চৰাইৰ সংখ্যা অতি দ্ৰুতগতিত কমি আহিব ধৰিছে। আমাৰ অসমত মাঘবিহুৰ সময়ত হয়গ্ৰীৱ মাধৱ মন্দিৰত যুঁজা বুলবুলি চৰাইৰ ইংৰাজী নাম Red-vented Bulbul (ৰেড ভেণ্টেড বুলবুল) বৈজ্ঞানিক নাম-Pycnonotus cafer, ভাৰতৰ উপৰিও বাংলাদেশ, আফগানিস্থান, শ্ৰীলংকা, ম্যনমাৰ, ভূটান, নেপাল আৰু পাকিস্তানত এই চৰাই পোৱা যায়। বিলুপ্তপ্ৰায় নহ’লেও বুলবুলি চৰাইও ভাৰতীয় বন্যপ্ৰাণী আইন-১৯৭২ মতে সুৰক্ষিত। কিন্তু ভাৰতবৰ্ষৰ আন বহুতো আইনৰ দৰেই এই আইনখন অমান্য কৰাটো তেনেই সাধাৰণ কথা। এই আইন ভাঙিলে কোনেও শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ’বলগীয়া নহয়, ওলোটাই আইন ভংগকাৰীক সমজুৱাভাবে পুৰস্কাৰহে দিয়া হয়। কোনো প্ৰতিবাদ নহয় বা সৰুসুৰাকৈ প্ৰতিবাদ হ’লেও তাক আওকাণ কৰা হয় কাৰণ এই যুঁজ এটি পৰম্পৰা, এটি ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত।

দেখাত শান্ত-শিষ্ট হ’লেও এটা সময়ত বুলবুলি চৰাই যুঁজাৰু চৰাই হিচাবে গোটেই বিশ্বতে খ্যাত আছিল। এটা সময়ত বুলবুলি চৰাইৰ যুঁজ মোগলসকলৰ মাজত অতি জনপ্ৰিয় খেল আছিল। পিছলৈ গোটেই বঙ্গত বিশেষকৈ ঢাকা আৰু কলিকতাৰ সামন্ত আৰু জমিদাৰসকলৰ মাজত এই খেলে বিপুল জনপ্ৰিয়তা লাভ কৰে। এই যুঁজৰ আঁৰত আচলত এক প্ৰকাৰৰ জুৱাহে চলিছিল। সেয়ে ধনিক শ্ৰেণীৰ মাজত এই খেল অতি জনপ্ৰিয় আছিল। একালৰ অতি জনপ্ৰিয় বুলবুলি চৰাইৰ যুঁজ বৰ্তমান প্ৰায় বন্ধ হৈ গৈছে। কিন্তু মকৰ সংক্ৰান্তিৰ সময়ত এতিয়াও পশ্চিমবঙ্গৰ মেদিনীপুৰ জিলাৰ গোপীবল্লভপুৰ মেলাত হোৱা বুলবুলি চৰাইৰ যুঁজ ভাৰতত বৰ্তমানত চলি থকা বুলবুলি যুঁজবোৰৰ ভিতৰত অন্যতম ডাঙৰ। সাদিন ধৰি চলা এই প্ৰতিযোগিতাত যোৱা বছৰ পশ্চিমবঙ্গ, ঝাড়খণ্ড আৰু উড়িষ্যাৰ পৰা অনা প্ৰায় পাঁচশ যোৰ বুলবুলিয়ে ভাগ লয়। অসমৰ হাজোৰ হয়গ্ৰীৱ মাধৱৰ মন্দিৰত হোৱা বুলবুলি যুঁজ দেশৰ ভিতৰতে চলা আন এখন ডাঙৰ বুলবুলি যুঁজ। ইয়াৰ উপৰিও ঝাৰখণ্ড, বিহাৰ আৰু উড়িষ্যাৰ কেতবোৰ ঠাইত সৰুসুৰাকৈ বুলবুলি যুঁজ পতা হয়। ভাৰতবৰ্ষৰ বাহিৰত এতিয়াও ইৰাণ, ইৰাক, আফগানিস্থান আদিৰ কোনো কোনো ঠাইত এই বুলবুলি যুঁজ পতাৰ উল্লেখ পোৱা যায়।

অসমত বুলবুলি যুঁজ ঠিক কেতিয়াৰ পৰা আৰম্ভ হ’ল সেই সম্পৰ্কে সঠিকভাবে একো ক’ব পৰা নাযায়। কিছুমানে এই যুঁজ আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই আৰম্ভ কৰা বুলি কয় যদিও এই যুঁজৰ আটাইতকৈ নিৰ্ভৰযোগ্য সূত্ৰটো দিছে অসমৰ লোকসাহিত্যৰ গৱেষক প্ৰবীন চন্দ্ৰ দাসে। তেওঁৰ মতে সন্দেহাতীতভাবেই ১৬৪১ চনত হাজো দখল কৰাৰ পিছত মোগলে অসমত বুলবুলি যুঁজৰ আৰম্ভণি কৰে আৰু পিছলৈ আহোমসকলে এই যুঁজৰ পৃষ্ঠপোষকতা কৰে।

বুলবুলি যুঁজৰ ইতিহাসে যিয়েই নকওঁক কিয় শ শ বছৰৰ পৰা যে এই চৰাইবিধ মানুহৰ বিকৃত উল্লাসৰ বলি হৈ আহিছে সেয়াই অপ্ৰিয় সত্য। মাঘৰ সংক্ৰান্তিৰ সময়ত অৰ্থাৎ জানুৱাৰীত যুঁজিব লগীয়া বুলবুলিবোৰক সাধাৰণতে ছেপ্টেম্বৰ মাহৰ শেষৰফালে  জংঘলত ফান্দ পাতি ধৰা হয়। ইয়াৰ পিছত তিনি মাহতকৈ অধিক সময় নানান যাতনা ভুগিব লাগে বন্দী বুলবুলিবোৰে। এই সময়ত ইহঁতক খাদ্য হিচাপে কেৱল আঠীয়া (গুটীয়া) কলহে দিয়া হয়, গতিকে এই তিনিমাহত চৰাইবোৰে নিজৰ স্বাভাবিক খাদ্যাভ্যাস পাহৰি কেৱল আঠীয়া কলকে নিজৰ একমাত্ৰ খাদ্য বুলি গণ্য কৰিব ধৰে। এডাল সৰু গছৰ ডাল বা বাঁহৰ মাৰিত বুলবুলিবোৰক ভৰিত সূতাৰে বান্ধি থোৱা হয়। চৰাইবোৰক সদায় গা ধুৱাই দিয়া হয় আৰু মানুহৰ হৈ-হাল্লাৰ মাজত নিৰ্ভয়ে থাকিবলৈ অভ্যস্ত কৰি তোলা হয়। এনেকৈয়ে যুঁজৰ আগদিনালৈ বন্দী বুলবুলিবোৰৰ জীৱন চলি থাকে। যুঁজৰ বাৰ ঘন্টামান আগত ইহঁতক ভাং গছৰ পাত আৰু নানা ধৰণৰ গছৰ পাতেৰে তৈয়াৰ কৰা এক ৰাগিয়াল মিশ্ৰণ বাঁহৰ কাঠি এডালেৰে জোৰকৈ খুৱাই দিয়া হয়। এই মিশ্ৰণ খোৱাৰ পিছত চৰাইবোৰ ঘোৰ নিচাৰ কৱলত পৰে আৰু দেহাৰ জলশূন্যতাত ভোগে। ৰাগিয়াল মিশ্ৰণ খোৱাৰ পিছৰ পৰা বুলবুলিবোৰক পানী দিয়া হয় যদিও আন খাদ্য দিয়া নহয়। এই সময়ত চৰাইবোৰ দুৰ্বল হ’বলৈ ধৰে আৰু জীয়াই থাকিবলৈ খাদ্যৰ বাবে বলিয়া হোৱাৰ দৰে হয়।  যুঁজৰ দিনা যুঁজিব লগীয়া ভোকাৰ্ত চৰাইযোৰৰ সন্মুখত ইমান দিনে খাই অভ্যস্ত হোৱা আঠীয়া কল এডোখৰ ধৰা হয় আৰু নিচাসক্ত চৰাইহালে জীয়াই থকাৰ তাড়ণাত এটাই আনটোৰ উপস্থিতি বা খাদ্যৰ ওপৰত অধিকাৰ সহ্য নকৰে আৰু এটাই আনটোৰ বিপক্ষে  যুঁজ দিয়ে যেতিয়ালৈকে তাৰে এটা চৰাইয়ে যুঁজ দিয়াৰ শক্তি হেৰুৱাই নেপেলায়।

এনেদৰে প্ৰত্যেক বছৰেই ভাৰতবৰ্ষত হাজাৰ হাজাৰ বুলবুলি চৰাই ধৰা হয় মানুহৰ আনন্দৰ বাবে। ক’ৰবাত পৰম্পৰাৰ নামত নতুবা আন ক’ৰবাত জুৱাৰ নামত। এনেদৰেই যদি বছৰৰ পিছত এই চৰাই ধৰি যুঁজ লগাই থকা হয় ইয়াৰ সংখ্যাৰ ওপৰত প্ৰভাৱ পৰাটো স্বাভাবিক। ইয়াৰ সপক্ষে কিছুমানে অদ্ভূত যুক্তিও আগবঢ়ায়। তেওঁলোকৰ অদ্ভূত যুক্তি মতে যিহেতু বুলিবুলি চৰাইবোৰক যুঁজাৰ পিছত এৰি দিয়া হয় সেয়েহে ইহঁতৰ সংখ্যাৰ ওপৰত প্ৰভাৱ পৰাটো অযৌক্তিক। কিন্তু তেওঁলোকে কেতিয়াও ভাবি নাচায় যে প্ৰাকৃতিকভাবেই বুলবুলি চৰাই সৰ্ব্বভক্ষী, পোক-পৰুৱাৰ পৰা আদি কৰি গছৰ ফল আৰু গুটি ইহঁতৰ খাদ্য। পৰনিৰ্ভৰশীল আৰু কেৱল এবিধ খাদ্যত অভ্যস্ত হোৱা চৰাই এটিয়ে মুক্তিৰ পিছতো নানান প্ৰতিকূল প্ৰাকৃতিক পৰিস্থিতিত জীয়াই থকাৰ সম্ভাৱনা তেনেই ক্ষীণ। বিষাক্ত মিশ্ৰণ আৰু  যুঁজাৰ সময়ত পোৱা আঘাতৰ কথা নকলোৱেইবা। তাৰোপৰি ফেব্ৰুৱাৰী মাহ ইহঁতৰ বাহ সজা আৰু কণী যোগোৱাৰ সময়, সেই ফালৰপৰাও বুলবুলি চৰাইৰ জীৱন-চক্ৰত এই বন্দীত্বৰ প্ৰভাৱ অপৰিসীম।

আমাৰ লোকসংস্কৃতিৰ উপাদানসমূহ সদায় সমাজৰ খাটিখোৱা শ্ৰেণীৰ পৰা অহা যি বোৰ কেৱল বিৰহ, আনন্দ আৰু প্ৰেম আৰু প্ৰকৃতিৰে ভৰপূৰ, ইয়াৰ ক’তো বিকৃত জীৱ-হিংসাৰ স্থান নাই। গ্লেডিয়েটৰেই হওক বা বুলবুলিৰ যুঁজেই হওক এইবোৰ বিকৃত হিংসামূলক সংস্কৃতি সম্ৰাট, বাদশ্যাহ আৰু সামন্তসকলৰ অৱদান আৰু আমাৰ মতে এইবোৰ অপসংস্কৃতিহে। সেয়েহে আমাৰ মত হ’ল, বুলবুলিৰ যুঁজ প্ৰকৃতিৰ মুক্ত বিহংগৰ ওপৰত চলোৱা এক অন্যায়, এক অপৰাধ মাথোন।

জয়দ্বীপ চক্ৰৱৰ্ত্তী

3.16129032258
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top