অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চিলাৰায় :

 

এগৰাকী মহৎ জাতীয় বীৰ -

চিলাৰায় আছিল অসমৰ জাতীয় ইতিহাসৰ এগৰাকী মহান বীৰ সন্তান। এইগৰাকী বীৰ পুৰুষে তেওঁৰ অসাধাৰণ বীৰত্বৰে কোচ ৰাজত্ব কালৰ ইতিহাসক যুগমীয়া স্মৃতিৰে ৰঞ্জিত কৰি থৈ গৈছে। কোচ ৰাজবংশৰ প্ৰখ্যাত ৰজা নৰনাৰায়ণে ১৫৩৪ খ্ৰী:ত ৰাজসিংহাসনত বহাৰ লগে লগে ভায়েক শুল্কধ্বজক চিলাৰায় নাম দি যুৱৰাজ পাতে। তেতিয়াৰে পৰা এগৰাকী বীৰ পুৰুষ চিলাৰায়ে অসীম সাহস আৰু ৰণকৌশেলেৰে কোচ ৰাজ্য প্ৰতিষ্ঠাৰ বাবে জীৱনজোৰা সংগ্ৰামত লিপ্ত হৈ সেই যুগৰ ইতিহাসত এটি গৌৰৱোজ্জ্বল অধ্যায় সংযোজন কৰে। তেওঁৰ সমগ্ৰ জীৱন যুদ্ধ জয়ৰ কাহিনীৰে সমৃদ্ধ। অসমীয়া জাতিৰ ইতিহাসত এইগৰাকী মহাশক্তিমান আৰু যুদ্ধ বিশাৰদ চিলাৰায়ৰ সংগ্ৰামী জীৱনৰ অসাধাৰণ কাৰ্যাৱলী সদায় প্ৰোজ্জ্বল হৈ থাকিব। আমাৰ জাতীয় ইতিহাসৰ পাত লুটিয়াই চালে মহা পৰাক্ৰমী চিলাৰায়ৰ বীৰত্বপুৰ্ণ কাহিনীৰ কথা দৃষ্টিগোচৰ হয়। এইগৰাকী বীৰ পুৰুষৰ পৰাক্ৰমত কছাৰী ৰজা, মণিপুৰৰ ৰজা, জয়ন্তীয়া ৰজা আৰু ত্ৰিপুৰা ৰজা আদিয়ে কোচ ৰজা নৰনাৰায়ণৰ ওচৰত বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হোৱাৰ উপৰি কোচ ৰজাৰ সৈতে মিত্ৰতাপাশত আবদ্ধ হৈছিল। তদুপৰি সেই সময়ৰ আহোম ৰজাৰ সৈতেও কোচ ৰজাই মিত্ৰতা কৰিছিল।

চিলাৰায়ৰ যুদ্ধ জয়ৰ বীৰত্বপুৰ্ণ আৰু গৌৰৱোজ্জ্বল কাহিনীবোৰে অসমীয়া জাতিক দুৰ্যোগপুৰ্ণ বিপদকালীন পৰিস্থিতিৰ সাহসেৰে সন্মুখীন হ’বলৈ সততে অনুপ্ৰেৰণা যোগাই আহিছে। চিলাৰায়ৰ বীৰত্বপুৰ্ণ কাহিনীৰ আঁৰত বিক্ষিপ্ত হৈ থকা বিচিত্ৰ ঘটনাৰাজিয়ে বীৰ পুৰুষগৰাকীৰ জীৱনক মহত্ত্ব প্ৰদান কৰিছিল। কোচ ৰজা নৰনাৰায়ণৰ প্ৰজাহিতকৰ কৰ্মৰাজিৰ আঁৰত চিলাৰায়ৰ ব্যক্তিত্বৰ অসাধাৰণ শক্তিৰ উমান পোৱা যায়। কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্ব কালত অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বীৰ চিলাৰায়ৰ অৱদানৰ কথা অস্বীকাৰ কৰিব নোৱাৰি। চিলাৰায়ৰ সুদুৰপ্ৰসাৰী দৃষ্টিত বৃহত্তৰ অসমৰ স্বপ্ন উজলি উঠিছিল। বীৰপুৰুষজনাৰ মুল্যৱান আদৰ্শ আৰু কৰ্মৰ প্ৰতি থকা অবিচল নিষ্ঠা তেওঁৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ অন্যতম দিশ। মহানুভৱতা, অনুকম্পা, দয়া, ক্ষমা আদি গুণৰাজিয়ে চিলাৰায়ৰ অসীম বীৰত্বক পোহৰাই তুলিছে। চিলাৰায় অকল এজন যুদ্ধ বিশাৰদেই আছিল এনে নহয়। তেওঁ এগৰাকী ধাৰ্মিক আৰু সাহিত্যানুৰাগী মহান ব্যক্তিও আছিল। এইগৰাকী বীৰপুৰুষৰ পৃষ্ঠপোষকতাত মহাপুৰুষ শ্ৰীমন্ত শ্ংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে বহুখিনি সুবিধা লাভ কৰিছিল। তদুপৰি শ্ৰীমন্ত শ্ংকৰদেৱক বীৰ পুৰুষ চিলাৰায়ে ধৰ্মীয় গুৰু হিচাপে সন্মান জনাইছিল। উল্লেখ্য যে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত চিলাৰায়ৰ অৱদান আছিল লেখত ল’বলগীয়া। চিলাৰায়ৰ ব্যক্তিত্বৰ আন এক দিশ আছিল সাহিত্য-সংস্কৃতিৰ প্ৰতি অনুৰাগ। কোচ ৰাজত্ব কালৰ সাহিত্য-সংস্কৃতিৰ অৱদানখিনিৰ মাজত বিদ্বান চিলাৰায়ৰ পৰিচয় জিলিকি আছে। অসমীয়া জাতিয়ে ভৱিষ্যতৰ নতুন সন্ধানৰ বাবে মহাবীৰ চিলাৰায়ৰ সাহস, নিষ্ঠা, ত্যাগ আৰু আদৰ্শৰাজিক গভীৰতাৰে উপলব্ধি কৰিব লাগিব। এইগৰাকী বীৰ আৰু বিদ্বান পুৰুষৰ জীৱন কাহিনীয়ে জাতিক অনুপ্ৰাণিত কৰি যাব। দৰাচলতে এটা জাতিৰ প্ৰকৃত পৰিচয় পোৱা যায় সেই জাতিৰ অতীতৰ শৌৰ্য-বীৰ্যৰ মাজত। এক উজ্জ্বল ভৱিষ্যতৰ সন্ধানত সেই মহান বীৰ পুৰুষসকলৰ অসীম সাহস আৰু মহত্বপুৰ্ণ আদৰ্শই জাতিক প্ৰেৰণা যোগায়।

কামৰুপ কমতা ৰাজ্যৰ যুৱৰাজ তথা সৰ্বাধিনায়ক মহাযোদ্ধা চিলাৰায় বিভিন্ন নামেৰে জনাজাত আছিল, সেইবোৰ হ’ল সংগ্ৰাম সিংহ, শুল্কধ্বজ, সমৰ সিংহ, নৃপতি প্ৰধান, ৰজা চিলাৰায়, চোটৰাজা, ৰাজা শুল্কধ্বজ ইত্যাদি। শ্ৰীমন্ত শংকৰদেৱে তেওঁক নাম দিছিল ‘পৰমৰসিক গুৰু ৰজা শুল্কধ্বজ’। চিলাৰায় আছিল বিশ্ব সিংহৰ তৃতীয় সন্তান। চিলাৰায়ে শুকুলা বস্ত্ৰ পৰিধান কৰি হাতত শুকুলা ধ্বজা লৈ শুকুলা ঘোঁৰাত উঠি ৰণক্ষেত্ৰত কোচ সৈন্য বাহিনীক নেতৃত্ব দিয়া বাবে শুল্কধ্বজ নামেৰেও জনাজাত। এডৱাৰ্ড গেইট চাহাবে চিলাৰায়ক ‘কাইট কিং’ বুলি অভিহিত কৰিছিল। কোচ ৰজা নৰনাৰায়ণৰ ভায়েক চিলাৰায় আছিল কলা- সাহিত্য –সংস্কৃতিৰ নি:স্বাৰ্থ সেৱক। পৰম জ্ঞানী পুৰুষ কোচ ৰাজ্যৰ প্ৰধান সেনাপতি চিলাৰায়ৰ সংস্কৃত ভাষাতো দখল আছিল। তেওঁ আছিল সমগ্ৰ দেশ আৰু জনগণৰ আশাৰ প্ৰতীক, নিৰাপত্তাৰ প্ৰতীক। চিলাৰায়ে শংকৰদেৱক কোচ ৰাজ্যত আশ্ৰয় দিছিল। কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ পৃষ্ঠপোষকতাত শংকৰদেৱে তেওঁৰ অমৰ ধৰ্মীয় গ্ৰন্থৰাজি ৰচনা কৰিবলৈ সক্ষম হৈছিল। চিলাৰায় এজন প্ৰধান সেনাপতি আৰু বীৰ যোদ্ধাই নাছিল, তেওঁ আছিল এগৰাকী জ্ঞানী পণ্ডিত। চিলাৰায়ৰ দ্বাৰা সংস্কৃত ভাষাত ৰচিত ‘সাৰৱতী টীকা’ এখন অমুল্য গ্ৰন্থ। এগৰাকী সু-সংগীতজ্ঞ চিলাৰায়ৰ সংগীত শাস্ত্ৰৰ ২৪ টা ৰাগ-তালৰ ওপৰতো দখল আছিল সুন্দৰ। সংগীত আৰু শংকৰদেৱৰ বৰগীতৰ প্ৰতি চিলাৰায়ৰ আছিল দুৰ্বাৰ আকৰ্ষণ। এক কথাত, চিলাৰায়ৰ কৰ্মক্ষেত্ৰ আছিল বিস্তৃত। তেওঁ অকল যুদ্ধ, সংগীত চৰ্চা আৰু সাহিত্য-সংস্কৃতিতে আৱদ্ধ নাছিল। তেওঁ বিভিন্ন ধৰণৰ প্ৰজাহিতকৰ কামো কৰিছিল। ইয়াৰ উপৰি কামাখ্যা মন্দিৰ নৱ নিৰ্মাণ কৰা চিলাৰায়ে বিভিন্ন মঠ-মন্দিৰ, মধুপুৰ সত্ৰকে আদি কৰি অন্যান্য সত্ৰ স্থাপন কৰিছিল। নীতি আৰু আদৰ্শৰ ক্ষেত্ৰত কোনো দিনে আপোচ নকৰা বীৰ চিলাৰায়ে পদানত ৰাজ্যসমুহ কোচ ৰাজ্যৰ সৈতে সংলগ্ন নকৰা আৰু পৰাজিত অঞ্চলৰ জনসাধাৰণক কোনো অত্যাচাৰ নকৰাই চিলাৰায়ৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ আন এটি দিশ উন্মোচিত কৰে। জাতীয় নৌ-বাহিনী তথা গেৰিলা যুদ্ধ কৌশলৰো পিতৃপুৰুষ আছিল চিলাৰায়। এনে বহুমুখী প্ৰতিভাৰে মহিমামণ্ডিত এগৰাকী মহৎ জাতীয় বীৰ চিলাৰায়ে আমাৰ দেশ আৰু ৰাজ্যৰ নতুন পুৰুষক তেওঁৰ নিষ্ঠা,  সততা, নৈতিকতা, দেশৰ প্ৰতি থকা আনুগত্য, সাহস, ত্যাগ, মানুহৰ প্ৰতি থকা উদাৰ মানসিকতা আদি মহান আদৰ্শৰে অনুপ্ৰাণিত কৰি গৈছে। অনাগত দিনত সুন্দৰৰ সন্ধানত আগবাঢ়ি যাবলৈ তেওঁৰ মহান আদৰ্শ অনুসৰণৰ পণ লোৱাই হ’ব বহুমুখী প্ৰতিভাসম্পন্ন জাতীয় বীৰজনলৈ ‘চিলাৰায় দিৱস’ত প্ৰকৃত শ্ৰদ্ধাঞ্জলি।

লেখক: অবিনাশ বৰ্মন (ৰাইজৰ বাতৰি)

 

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate