মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / চুলতানি আমোলত শাসন,সমাজ আৰু সংস্কৃতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চুলতানি আমোলত শাসন,সমাজ আৰু সংস্কৃতি

 

 

শাসন ব্যৱস্থা:তুৰ্কী –আফগান শাসকসকলৰ অধীনত ভাৰতবৰ্ষ এখন ধৰ্মাশ্ৰয়ী ৰাষ্ট্ৰলৈ (   Theocratic State)পৰিণত হৈছিল।চুলতান আছিল এই ধৰ্মাশ্ৰয়ী ৰাষ্ট্ৰৰ মুৰব্বী।তেওঁ আছিল ৰাষ্ট্ৰৰ ৰাজনৈতিক আৰু ধৰ্মনৈতিক শক্তিৰ প্ৰতীকস্বৰুপ-“Caesar and Pope Combined”.চুলতানৰ দুয়োটা শক্তিয়েই কোৰাণৰ বিধি নিষেধৰ দ্বাৰা সীমাবদ্ধ।ইচলাম ধৰ্ম অনুসৰি সমগ্ৰ মুছলমান জগতৰ অধিকৰ্ত্তা আছিল বাগদাদৰ খলিফা।ভাৰতৰ চুলতান সকলৰ কোনো কোনোৱে খলিফাৰ প্ৰাধান্য স্বীকাৰ কৰি লৈছিল।কিন্তু সেইটো হলেও চুলতান সকল স্বাধীন আছিল।তেওঁলোক সাৰ্বভৌম ক্ষমতাৰ অধিকাৰী আছিল আৰু কোনো পাৰ্থিৱ শক্তিৰ ওচৰত তেওঁলোকে মুৰ নোদোৱাইছিল-“did not owe their sovereignty to any earthly power,neither the Caliph nor the millast”.(মিলেট (millat)চুলতান নিৰ্বাচিত কৰিছিল।খলিফাৰ প্ৰতি কোকো কোনো চুলতানে যি আনুগত্য প্ৰকাশ কৰিছিল সি আছিল সম্পুৰ্ণৰুপে নম্ৰতাসুচক।

চুলতান স্বৈৰ ক্ষমতাৰ অধিকাৰী আছিল।সমগ্ৰ ৰাষ্ট্ৰৰ সৰ্বোচ্চ শাসক আছিল চুলতান নিজে।শাসনকাৰ্য্য ,বিচাৰ,আইন প্ৰণয়ন,যুদ্ধ পৰিচালনা আদিত চুলতানৰ স্বৈৰ ক্ষমতা আছিল।চুলতানৰ শক্তিৰ উৎস অছিল সামৰিক শক্তি।চুলতানৰ শাসনকাৰ্য্যক কোনেও সমালোচনা কৰিব নোৱাৰিছিল।চুলতান পদবীটো মৰ্যাদাপুৰ্ণ আছিল।চুলতানজনক ইচলামধৰ্মৰ ৰক্ষক বুলি বিবেচনা কৰা হৈছিল।

চুলতান পদবী বংশানুক্ৰমিক আছিল।উত্তৰাধিকাৰী সংক্ৰামত কোনো ধৰাবন্ধা আইন নাছিল।চুলতান সকলে মৃত্যুৰ আগতেও উত্তৰাধিকাৰী মনোনীত কৰি যোৱাৰ উদাহৰণ আছিল।কোনো কোনো ক্ষেত্ৰত উত্তৰাধিকাৰী অকৰ্মণ্য হলে অভিজাতবৰ্গই চুলতান নিৰ্বাচন কৰিছিল।অৱশ্যে এনে নিৰ্বাচনৰ মাজত গণতান্ত্ৰিকতা আছিল বুলি ভাবিলে ভুল হব।অভিজাতবৰ্গৰ স্বাৰ্থই হে প্ৰাধান্য লাভ কৰিছিল।চুলতান শাসনৰ বৈশিষ্ট্য আছিল সামন্ততান্ত্ৰিকতা।প্ৰাদেশিক শাসনকৰ্ত্তা সকলে জায়গীৰ ভোগ কৰিছিল।গতিকে কেন্দ্ৰীয়শাসক সকল দুৰ্বল হলেই প্ৰাদেশিক শাসনকৰ্ত্তা সকলে বিদ্ৰোহ কৰিছিল।এইটোৱেই আছিল সামন্ততান্ত্ৰিক শাসনব্যৱস্থাৰ দুৰ্বলতা।

মুছলমান আইনত্ত্বসকলে ইচলামীয় ৰাষ্ট্ৰৰ মুৰব্বী হিচাপে চুলতানে দহোটা কাম কৰাৰ প্ৰয়োজনীয়তাৰ কথা কৈছে।সেইকেইটা হ’ল-(১)ইচলাম ধৰ্ম ৰক্ষা (২)মুছলমান ৰাজ্যৰ সীমা ৰক্ষা (৩)বিদেশী আক্ৰমণত বাধা দিয়া (৪)ইচলামৰ শত্ৰুৰ বিৰুদ্ধে জেহাদ ঘোষণা (৫)ফৌজদাৰী আইন বলবৎ কৰা (৬)আইন শৃঙ্খলা ৰক্ষা কৰা (৭)বিচাৰ-বিভাগৰ দায়িত্ব বহন কৰা (৮)ৰাজহ সংগ্ৰহ কৰা (৯)দৰ্মহা আৰু অনুদান বিতৰণ কৰা আৰু (১০)নিৰ্ভৰ যোগ্য পৰামৰ্শদাতা নিয়োগ কৰা শাসনতন্ত্ৰ পৰিদৰ্শন কৰা।অমুছলমান সকলক সম্পুৰ্ণ নাগৰিক হিচাপে ধৰা নহৈছিল আৰু তেওঁলোকৰ প্ৰতি চুলতানৰ কৰ্ত্তব্য কি সেই কথাও ইচলামীয় আইনত উল্লেখ কৰা আছিল।যদি অমুছলমান সকলে (enfidels)জিজিয়া কৰ দিয়ে আৰু ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য প্ৰকাশ কৰে তেতিয়াহলে তেওঁলোকে “জিন্মি”ৰ-(zimmis)শাৰীলৈ উঠিব আৰু তেতিয়া তেওঁলোকৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰাটো চুলতানৰ কৰ্ত্তব্যই হৈ পাৰিব।

মন্ত্ৰণাসভা:

মজলিস-ই-খালওৱাট নামৰ বিশ্বস্ত বন্ধু বান্ধৱৰ দ্বাৰা গঠিত চুলতানৰ এখন মন্ত্ৰণাসভা আছিল।শাসনকাৰ্য্যত কোনো জটিলতাই দেখা দিলে এই মন্ত্ৰণাসভাৰ মতামত বিচৰা হৈছিল।অৱশ্যে এই সভাৰ মতামত অনুযায়ী যে কৰ্ম কৰিবই লাগিব তাৰ বাধ্য বাধকতা নাছিল।মালিক,আমীৰ বা খাঁ প্ৰভৃতি অভিজাতবৰ্গই যিটো কক্ষত চুলতানৰ সৈতে দেখা সাক্ষাৎ কৰিছিল সেইটো কক্ষ বা সভাঘৰক “বাব –ই-খাস”বুলি কোৱা হৈছিল।যিটো কক্ষত বহি চুলতানে বিচাৰ কৰিছিল সেইটো কক্ষক “বাৰ-ই-আম”বুলি কোৱা হৈছিল।

প্ৰধানমন্ত্ৰী:

ৰাজকৰ্মচাৰী সকলৰ ভিতৰত প্ৰথম আছিল প্ৰধানমন্ত্ৰী (ওৱাজিৰ)।ৰাজহ বিভাগ এওঁৰ দায়িত্বত আছিল।অৱশ্যে প্ৰধানমন্ত্ৰী হিচাপে তেওঁ অন্য বিভাগৰ ওপৰতো চকু দিব লাগিছিল।ৰাজহ বিভাগটোৰ নাম আছিল “দিওৱান—ই-ওৱাজীৰাৎ”।ৰাজহ বিভাগৰ মুৰব্বী হিচাপে চুলতানৰ সৈতে পৰামৰ্শ কৰি তেওঁ ৰাজনীতি নিৰ্ণয় কৰিছিল,ৰাজহৰ উৎসবোৰ নিৰ্ণয় কৰিছিল,ৰাজহ সংগ্ৰহ কৰা আৰু সংগৃহীত ৰাজহ ৰখাৰ নিৰাপত্তামুলক ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু সামৰিক আৰু অসামৰিক শিতানত ব্যয়ৰ পৰিমাণ নিৰ্দ্ধাৰণ আৰু নিয়ন্ত্ৰিত কৰিছিল।বিত্তীয় ক্ষেত্ৰত প্ৰধানমন্ত্ৰীজনক দুজন কনিষ্ঠ মন্ত্ৰীয়ে সহায় কৰিছিল।তেওঁলোকক “মুসৰীফ”(Mushrief)আৰু মুস্তাউফী (mustaufi)the wazir was,of course,the most trust worthy associate of the Sultan who acted in harmony with the Sovereign”.অৱশ্যে চুলতানজন প্ৰধানমন্ত্ৰীৰ হাতৰ পুতলা হৈ পৰিছিল।প্ৰধানমন্ত্ৰীৰ উপৰিও আৰু ছজন মন্ত্ৰী চুলতানৰ অধীনত আছিল।

দিওৱান-ই-ৰিচালৎ আপীল বিভাগৰ দায়িত্বত আছিল বুলি কোৱা হৈছে যদিও প্ৰকৃততে এই বিভাগৰ দায়িত্ব কি আছিল সেই বিষয়ে পণ্ডিতসকলৰ মাজত মতভেদ আছে।ডক্টৰ কুৰেচিৰ মতে এই বিভাগটোৱে ধৰ্মসম্পৰ্কীয় আৰু পণ্ডিত আৰু ধাৰ্মিক লোকক দৰ্মহা (stipend)দিয়াৰ দায়িত্বত আছিল।আনহাতেদি ড: হাবিবুল্লাৰ মতে এই বিভাগটো পৰিক্ৰমা বিভাগৰ দায়িত্বত আছিল আৰু বিদেশলৈ ৰাষ্ট্ৰদুত পঠিয়াইছিল আৰু বিদেশৰ পৰা অহা ৰাষ্ট্ৰদুতসকলৰ দায়িত্ব বহন কৰিছিল।“দিওৱান –ই-আৰজক “The source of livelihood of the fighters for the Faith”বুলি অভিহিত কৰা হৈছিল।এই বিভাগৰ মুৰব্বীজনক “আৰিজ-ই-মুমালিক”বুলি নামাকৰণ কৰা হৈছিল।ক্ৰীতদাসৰ দায়িত্বত থকা বিভাগটো আছিল “দিৱান-ই-বন্দেগান”।চৰকাৰী চিঠিপত্ৰ প্ৰেৰণ কৰা বিভাগটোক “দিবান-ই-ইনশ্বা”বোলা হৈছিল।এই বিভাগটো এজন কেন্দ্ৰীয়মন্ত্ৰীৰ তত্ত্বাৱধানত ৰখা হৈছিল।তেওঁক “দাবিৰ-ই-মামালিক”বোলা হৈছিল।ইয়াৰ উপৰিও অন্যান্য বহুত বিভাগ আছিল আৰু প্ৰতিটো বিভাগ একোজন উচ্চ পদস্থ ৰাজবিষয়াৰ অধীনত আছিল।চৰকাৰী টকা,কৃষি,অনাদায়কৃত ৰাজহ,টাকশাল,কাৰখানা প্ৰভৃতি বিভিন্ন প্ৰকাৰৰ কাম কাজ পৰিচালনাৰ ভাব বিভিন্ন বিভাগৰ ওপৰত ন্যস্ত আছিল।ইচলামধৰ্মনীতি কাৰ্যকৰী কৰিবৰ কাৰণে”সদৰ-ই-সুদুৰ”হিচাপ পৰীক্ষাৰ কাৰণে “মুস্তাফি-ই-মমালিক”নৌবাহিনীৰ তদাৰকৰ কাৰণে “আমীৰ-ই-বেহুৰ”,সৈনিকক দৰমহা দিবৰ কাৰণে বকসি-ই-ফৌজ আদি বিষয়া আছিল।“কাজী-উল-কাজাৎ”আছিল বিচাৰ বিভাগৰ প্ৰধান বিচাৰপতি।“মুফতিসকলে “বিচাৰপতি সকলক কোৰাণৰ আইন বিশ্লেষণ কৰাত সহায় কৰিছিল।ৰাজহ বিভাগৰ কৰ্মচাৰী সকলেই মাটিবাৰী সম্পৰ্কীয় বিবাদৰ বিচাৰ কৰিছিল।ৰাজহ বিভাগৰ বেছিভাগ কৰ্মচাৰীয়েই আছিল হিন্দু।দণ্ডাবিধি অতি কঠোৰ আছিল।অৱশ্যে ফিৰোজ টোগলকে দণ্ডবিধিৰ কঠোৰতা বহু পৰিমাণে হ্ৰাস কৰিছিল।

দেশৰ আভ্যন্তৰীণ শাসনব্যৱস্থাৰ দায়িত্বভাৰ আছিল কটোৱালৰ হাতত।জনসাধাৰণৰ চালচলনৰ ওপৰত চকু ৰাখিছিল মুহতসিৰ সকলে।বস্তুৰ জোখমাখ আদিও তেওঁলোকেই চোৱাচিতা কৰিছিল।অপৰাধীসকলক বিচাৰৰ কাৰণে কাজীৰ ওচৰলৈ অনাৰ দায়িত্ব আছিল “আমীৰ-ই-দাদ”নামৰ কৰ্মচাৰীৰ ওপৰত।দেশৰ বিভিন্ন অংশৰ খবৰ সংগ্ৰহৰ কাৰণে বহুসংখ্যক গুপ্তচৰ নিযুক্ত হৈছিল।গাওঁ পঞ্চায়ত গাঁৱৰ শাসনৰ আৰু বিবাদ বিচাৰৰ দায়িত্বত আছিল।গাঁৱৰ চৌকীদাৰে পুলিচৰ দায়িত্ব বহন কৰিছিল।

ৰাজত্ব:

চুলতান শাসনত “হানাফি আইনবিধি”ৰ (Hanafi school)নিৰ্দেশমতে আদায় কৰা হৈছিল।হানাফি আইন চুন্নি আইন তত্ত্ব সকলে ৰচনা কৰিছিল।মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ পৰা জাকৎ (ধৰ্মকৰ)আদায় কৰা হৈছিল।অমুছলমান সকলে জিজিয়া কৰ দিবলগীয়া হৈছিল।তিৰোতা,শিশু,ভিক্ষাৰী,অন্ধ,সন্ন্যাসী,খোৰা আৰু ব্ৰাহ্মণসকলে জিজিয়া কৰ দিব নালাগিছিল।অৱশ্যে টোগলকে ব্ৰাহ্মণসকলকো জিজিয়া কৰ দিবলৈ বাধ্য কৰিছিল।হিন্দুসামন্তসকলৰ পৰা আৰু জমিদাৰশ্ৰেণীৰ পৰা খাৰাজ (ভুমিকৰ)আদায় কৰা হৈছিল।যুদ্ধৰ সময়ত লুট কৰি অনা সামগ্ৰীৰ ১/৫ অংশ কৰ হিচাপে গ্ৰহণ কৰা হৈছিল।এই কৰক “খামচ”বোলা হৈছিল।এইবিলাক কৰৰ উপৰিও গৰুচৰোৱা পথৰ কৰ,গৃহকৰ প্ৰভৃতি নানান ধৰণৰ কৰ লগোৱা হৈছিল।খাল-খন্দি পানী যোগান ধৰাৰ কাৰণে চুলতানি শাসনশালত কৰ লোৱা নহৈছিল।ফিৰোজ টোগলকে ব্যক্তিগত ধনেৰে খাল খন্দাইছিল আৰু যিসকলে তাৰ পৰা পানী লৈ জলসিঞ্চনৰ সুবিধা লৈছিল তেওঁলোকৰ পৰাহে শতকৰা দহভাগ কৰ লোৱা নিয়ম কৰিছিল।চুলতানৰ নিজৰ মাটিৰ পৰা পোৱা ৰাজহ আৰু জায়গীৰদাৰ সকলৰ পোৱা ৰাজহ চৰকাৰী আয়ৰ উৎস আছিল।চুলতানক দেখা কৰিবৰ সময়ত দিয়া উপহাৰো চৰকাৰৰ আয় বুলি ধৰা হৈছিল।

প্ৰাদেশিক শাসনব্যৱস্থা:চুলতানি আমোলৰ প্ৰাদেশিক শাসনব্যৱস্থা কেন্দ্ৰীয় শাসনব্যৱস্থাৰ অনুৰুপ আছিল-“The provincial government was an exact replica of the central government”.প্ৰাদেশিক শাসনকৰ্ত্তাসকল নায়েৰ-চুলতান নামে জনাজাত আছিল।কেন্দ্ৰীয় শাসনব্যৱস্থাত চুলতানসকলৰ যিটো স্থান,প্ৰাদেশিক শাসনব্যৱস্থাত প্ৰাদেশিক শাসনকৰ্ত্তাসকলৰ সেইটো স্থানেই আছিল।প্ৰাদেশিক শাসনকৰ্ত্তা সকল বিচাৰ,যুদ্ধ আৰু শাসন ব্যৱস্থাৰ দায়িত্বত আছিল।প্ৰাদেশিক ৰাজহৰ পৰা প্ৰদেশৰ কাৰণে খৰচ কৰিবলগীয়াখিনি খৰচ কৰি বাকী থকা খিনি কেন্দ্ৰীয় ৰাজকোষলৈ প্ৰেৰণ কৰিব লাগিছিল।কোনো কোনো প্ৰদেশৰ হিন্দু সামন্তৰজাসকলৰ হাতত বহুত মাটি আছিল।এইসকল সামন্তৰজাই চুলতানক বছৰি কৰ দিব লাগিছিল।তাৰ বিনিময়ত তেওঁলোকে বংশ পৰম্পৰা হিচাপে মাটি ভোগ কৰিবলৈ পাইছিল।চুলতানি আমোলত প্ৰদেশৰ সংখ্যা বিশ পঁচিশখন মান আছিল।

চুলতান সেনাবাহিনী:যিহেতুকে চুলতানি শাসনৰ প্ৰতি জনসাধাৰণৰ সমৰ্থন নাছিল,চুলতান সকলে তেওঁলোকৰ স্থায়িত্বৰ কাৰণে সামৰিক বাহিনীৰ ওপৰত নিৰ্ভৰ কৰিব লগীয়া হৈছিল।সাম্ৰাজ্যৰ ওপৰত প্ৰভুত্ব ৰাখিবলৈ আৰু বাহিৰা শত্ৰুৰ আক্ৰমণৰ পৰা দেশৰক্ষা কৰাৰ উদ্দেশ্যৰে চুলতান সকলে এটা বিশাল সেনাবাহিনীৰ প্ৰয়োজন বোধ কৰিছিল।পদাতিক,অশ্বাৰোহী আৰু “হস্তি আৰোহী”লৈ চুলতানি সৈন্যবাহিনী গঠিত হৈছিল।এই তিনি প্ৰকাৰ সৈন্যবাহিনীৰ ভিতৰত অশ্বাৰোহী সৈন্যবাহিনীয়েই শক্তিশালী আছিল।পদাতিক সৈন্যৰ বেছিভাগেই আছিল হিন্দু আৰু নিম্নজাতৰ মানুহ যাৰ ঘোঁৰা লবলৈ সমৰ্থ নাছিল।তেওঁলোক ধনুৰ্বিদ্যাতো পাৰ্গত আছিল।চুলতান সকলে হস্তি-আৰোহী বাহিনীৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল।সময়ে সময়ে সেনাবাহিনীৰ আকাৰৰ পৰিবৰ্ত্তন ঘটোৱা হৈছিল।

চুলতানৰ সেনাবাহিনী বিভিন্ন জাতিৰ-যেনে তুৰ্কী,আফগান,ফাৰচী,ভাৰতীয় হিন্দু আৰু মুছলমান লোকেৰে গঠিত হৈছিল।সামৰিক বিভাগ দিৱান-ই-আৰজ নামৰ বিভাগৰ অধীনত আছিল।আলাউদ্দিন খিলজিৰ আগতে স্থায়ী সেনাবাহিনী ৰখাৰ কথা গম পোৱা নাযায়।আলাউদ্দিন খিলজিয়েই প্ৰথম বেতনভোগী সৈন্যবাহিনী ৰখাৰ ব্যৱস্থা কৰিছিল।সৈন্যবাহিনীৰ সৰ্বোচ্চ পদত আছিল চুলতান নিজে।তেওঁৰ অধীনত অন্যান্য কৰ্মচাৰী আছিল।সেনাপতিসকল অভিজাতবৰ্গৰ মাজৰ পৰা নিয়োগ কৰা হৈছিল।সেনাপতিসকলৰ অধীনৰ সামৰিক কৰ্মচাৰীসকল আছিল সিপাহ-শালাৰ।প্ৰতিজন সিপাহ-শালাৰৰ অধীনত দহজনকৈ “সৰ-ই-খইল’আছিল।প্ৰতিদহজন অশ্বাৰোহী সকলৰ নেতা আছিল “সাৰ-ই-খইল”সকল।চুলতানি আমোলৰ সামৰিক সংগঠন আছিল পিৰামিডৰ নিচিনা-ক্ৰমান্বয়ে ওপৰৰ পৰা তললৈ প্ৰসাৰিত হৈছিল।চুলতানি সৈন্যবাহিনীত গোলন্দাজবাহিনী নাছিল।অৱশ্যে বলিস্ত (Balista)নামৰ এক প্ৰকাৰ প্ৰস্তাৰ-নিক্ষেপক যন্ত্ৰ ব্যৱহাৰ কৰাৰ কথা জনা যায়।চুলতানি আমোলৰ সৈন্যবাহিনীক অজেয় (invincible)বুলি কোৱা হৈছিল।

চুলতানি আমোলৰ বিচাৰ বিভাগটো সুসংগঠিত নাছিল।বিচাৰ কৰাৰ ক্ষেত্ৰত চুলতানক মুফটিসকলে সহায় কৰিছিল।ন্যায় দানৰ সময়ত চুলতানসকলে তেওঁলোক যে ন্যায়পৰায়ণ সেইটো প্ৰমাণ কৰিবলৈ যত্ন কৰিছিল।মহম্মদ টোগলকে “দিৱান-ই-সিয়াসৎ”নামৰ নতুনকৈ এটা বিচাৰ বিভাগ খুলিছিল।প্ৰধান বিচাৰ বিভাগ দুটা আছিল “দিৱান-ই-কাজা”আৰু “দিৱান-ই-মজালিম”।“দিৱান-ই-কাজা”ই “দিৱান-ই-মজালিম”আৰু দিৱান-ই-সিয়াসৎৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিছিল।কাজাই সধাৰণ আইন আৰু সিয়সৎ আৰু মজালিমে প্ৰশাসনীয় আইনৰ তত্ত্বাৱধানত আছিল।সাম্ৰাজ্যখনত এজন প্ৰধান বিচাৰপতি আছিল (Chief Justice)।তেওঁ চুলতানৰ অধীন আছিল আৰু তেওঁক চুলতানে নিযুক্তি দিছিল।তেওঁক “কুজি-উল-কুজট”বোলা হৈছিল।প্ৰতিখন নগৰতে একোজন কাজী আছিল।কাজীসকলক পোনপটীয়াকৈ কেন্দ্ৰীয়চৰকাৰে নিযুক্তি দিছিল।বিবাদ নিষ্পত্তি কৰা,মাউৰা আৰু মস্তিস্কৰ বিকৃতি থকা সকলৰ সম্পত্তি পৰিচালনা কৰা আৰু “ওৱাকঅফ’(Waqf)পৰিদৰ্শন কৰা,বাট পথ চোৱাচিতা কৰা,দুখীয়া নিছলা বিধৱাৰ কাৰণে পুনৰ বিবাহৰ বন্দোবস্ত কৰা আদি কাম কাজীসকলে কৰিব লাগিছিল।কাজীসকলক স্থানীয় গৱৰ্ণৰে সহায় কৰিছিল।

“আমিৰ-ই-দাভ”নামৰ বিষয়াজনে চুলতানৰ অনুপস্থিতিত “মজালিম”ত সভাপতিত্ব কৰিছিল।অতি সন্মানিত আৰু উচ্চ মৰ্য্যদাৰ ব্যক্তিকহে এই পদত নিযুক্তি দিয়া হৈছিল।কাজীসমুহৰ সিদ্ধান্তসমুহ বাস্তৱক্ষেত্ৰত ৰুপায়িত কৰা হৈছেনে নাই চোৱাটো “আমিৰ-ই-দাউ”ৰ কৰ্ত্তব্য আছিল।তেওঁ কটোৱাল আৰু “মুহতাসিব”সকলকো নিয়ন্ত্ৰণ কৰিছিল।এওঁ মচজিদ,দলং,ৰাজহুৱা সম্পত্তি আদিৰ ৰক্ষণাবেক্ষণৰ ওপৰতো চকু ৰাখিব লাগিছিল।চুলতানি আমোলৰ বিচাৰ ব্যৱস্থাৰ মুল কথা আছিল যে অন্যায়েৰে সৈতে এখন ৰাষ্ট্ৰ বৰ্ত্তি থাকিব নোৱাৰে।বলবন,মহম্মদ-বিন-টোগলক,ফিৰোজ টোগলক আইনৰ প্ৰতি শ্ৰদ্ধা থকা চুলতান আছিল।

অৰ্থনৈতিক অৱস্থা (Economic condition)

সমসাময়িক বিৱৰণ,সাহিত্য,লোকগীত,বিদেশী ভ্ৰমণকাৰীৰ বৰ্ণনা আদিৰ পৰা চুলতানি আমোলৰ অৰ্থনৈতিক অৱস্থাৰ কথা জানিব পাৰি।অৱশ্যে চুলতানি আমোলত ভাৰতবৰ্ষৰ সকলো অংশৰ অৰ্থনৈতিক অৱস্থা একেধৰণৰ নাছিল।

কৃষি:চুলতানি আমোলত কৃষিয়েই আছিল প্ৰজাসাধাৰণৰ প্ৰধান জীৱিকা।উৎপাদন ব্যৱস্থাৰ আৰু উৎপাদিত বস্তু চৰকাৰীভাৱে বিতৰণ কৰাৰ ব্যৱস্থা নথকাৰ কাৰণে অৰ্থনৈতিক অৱস্থা মোটামুটিভাৱে ভাল আছিল যদিও ধনী দুখীয়াৰ মাজৰ পাৰ্থক্য চকুত পৰা বিধৰ আছিল।অৱশ্যে ভালেকেইজনমান চুলতানে কৃষিৰ উন্নতিৰ কথা চিন্তা কৰিছিল।এই ক্ষেত্ৰত ফিৰোজ টোগলকৰ জলসিঞ্চন ব্যৱস্থাৰ কথা উল্লেখ কৰিব পাৰি।

শিল্প:চহৰ আৰু গাওঁ অঞ্চলত চৰকাৰী পৃষ্ঠপোষকতাত নানাপ্ৰকাৰ শিল্পৰ উন্নতি সাধন হৈছিল।যিহেতুকে অৰ্থসম্পদ কেৱল অভিজাতবৰ্গৰ হাতত গোট খাইছিলহি সেই হেতুকে বিভিন্ন ঠাইত শিল্পজাত সামগ্ৰী উৎপাদনৰ কাৰণে বহুতো কেন্দ্ৰ গঢ় লৈ উঠিছিল।চুলতান আৰু অভিজাত সম্প্ৰদায়ৰ প্ৰয়োজন দুৰ কৰিবৰ কাৰণে দিল্লীতেই “চৰকাৰ কাৰখানাত”চাৰি হাজাৰ তাঁতি নিযুক্তি দিয়া হৈছিল।উৎপন্ন হোৱা শিল্প দ্ৰব্য আছিল কাপোৰ,ৰেশম,চেনি,কাগজ ইত্যাদি।বিদেশী পৰ্য্যটক মৰকপল,মহুৱান,বাৰথেমা,এডোৱাৰ্ডবাৰবোসাই চুলতানি আমোলত শিল্পৰ উন্নতি হোৱা,বিশেষকৈ বঙ্গদেশৰ শিল্পজাত সামগ্ৰীৰ প্ৰশংসা কৰিছে-“The richest country is Bengal in world for cotton,ginger,sugar,grain and flesh of every king”(Barthema-from “An Advanced History of India”)ইয়াৰ উপৰিও ভাৰতীয় কাৰিকৰ সকলে আকৰ্ষণীয় অলঙ্কাৰ আৰু দেখিলে আচৰিত হবলগীয়া অন্যান্য বস্তু নিৰ্মাণ কৰিছিল।ব্যৱসায় বাণিজ্যত লিপ্ত থকা বেছিভাগ বেপাৰী হিন্দু আছিল।বাট পথ,সেই যুগৰ মানদণ্ডত,উন্নত আছিল আৰু ব্যৱসায়ে বাণিজ্যৰ সহায়ক হৈছিল।বহু আঁতৰৰ পৰা চহৰলৈ আৰু বন্দৰলৈ বস্তু কঢ়িয়াই অনা হৈছিল।অন্তৰ্বাণিজ্যৰ লগে লগে চুলতানি আমোলত বহি ৰ্বাণিজ্যৰো প্ৰসাৰ ঘটিছিল।চীন,মালয় দ্বীপপুঞ্জ,আফগানিস্থান,মধ্য এচিয়া,পাৰস্য,তিব্বত,ভুটান,ব্ৰহ্মদেশ আৰু ইউৰোপৰ বিভিন্ন দেশৰ সৈতে জলপথেদি ভাৰতৰ বাণিজ্যিক সম্পৰ্ক স্থাপন হৈছিল।বঙ্গদেশৰ পৰা ছিল্কৰ ৰুমাল,ৰংকৰা মাটিৰ সঁজুলি,সোণালী সুতাৰে বনকৰা টুপি,চুৰিকটাৰী আৰু কেচি ৰপ্তানি কৰা হৈছিল।বঙ্গ আৰু কাম্বেৰ পৰা চিৰিয়া,পাৰস্য,আৰব আদি ঠাইলৈ কপাহী আৰু ছিল্কৰ সুতা ৰপ্তানি কৰা হৈছিল।ইয়াৰ উপৰিও মৰাপাট,নাৰিকল,চন্দন কাঠ,মণিমুক্তা,হাতীৰ দাঁত,লং,জলকীয়া,কাফুৰ ,জাঁইফল ,বনকৰা ৰেশম কাপোৰ ৰপ্তানি কৰা হৈছিল।আৰব আৰু তুৰস্কৰ পৰা ঘোঁৰা আমদানি কৰা হৈছিল।মুঠতে চুলতানি আমোলত সোণৰুপেৰে ভাৰত চহকী আছিল।বাবৰেও ভাৰতৰ সোণ ৰুপৰ কথা উল্লেখ কৰিছিল।কিন্তু সেয়ে হলেও অভিজাত আৰু শাসক সম্প্ৰদায়ৰ অৰ্থ আৰু প্ৰয়োজনীয় সামগ্ৰীৰ যোগান ধৰোতা সাধাৰণ প্ৰজাৰ অৱস্থা অতি শোচনীয় আছিল।কৃষক আৰু শ্ৰমিক শ্ৰেণী দুৰ্দশাগ্ৰস্ত আছিল।আমিৰ খুসৰুয়ে কৈছিল “Every pearl in the royal crown is but the crystallised drop of blood fallen from the tearful eyes of the poor peasants”-

সামাজিক  অৱস্থা (Social Condition)

চুলতানি আমোলত বেছিভাগ লোকেই গাঁৱত বাস কৰিছিল।মাজে সময়ে খৰাংবতৰৰ কাৰণে খাদ্য সামগ্ৰীৰ নাটনি হলেও খাদ্য বস্তুৰ অভাৱ নাছিল আৰু সস্তাতে পোৱা গৈছিল।সেই সময়ত কৃষকে নাঙল ব্যৱহাৰ কৰি পুৰণি পদ্ধতিৰেই খেতি কৰিছিল।মানুহৰ ঘৰবোৰ মাটি আৰু খেৰৰ আছিল।ঘৰসজা এই সামগ্ৰীবোৰ সহজতেই পোৱা গৈছিল।গাঁওবোৰ স্বয়ংসম্পুৰ্ণ আছিল।প্ৰয়োজনীয় সকলো বস্তু গাঁৱতেই উৎপন্ন হৈছিল।নাপিত,মুচীয়াৰ,বেপাৰী গাঁৱতেই আছিল।গাওঁ পঞ্চায়তসমুহে গোচৰ নিষ্পত্তি কৰিছিল।যৌথ প্ৰথা আছিল কাৰণে মানুহে নিৰাপত্তা ৰোধ কৰিছিল।গাঁৱত মানুহে আমোদ-প্ৰমোদেৰেই দিন কটাইছিল।ধৰ্মীয় আৰু বাৰ্ষিক উৎসৱ পতা হৈছিল।ধৰ্মগ্ৰন্থ পাঠ,”কথা”আদিয়ে মানুহৰ আধ্যাত্মিক প্ৰয়োজনীয়তাখিনি পুৰণ কৰিছিল।

গাঁৱৰ তুলনাত চহৰৰ সংখ্যা কম আছিল।দিল্লী,জৌনপুৰ,লাহোৰ উল্লেখনীয় চহৰ আছিল।ৰাজহুৱা,স্নানাগাৰ,বজাৰ,ৰুটিখানাকে(bakery) ধৰি সকলোবোৰ সুবিধা চহৰত পোৱা গৈছিল।চুলতান আৰু অভিজাত সম্প্ৰদায়ৰ লোকৰ বাসগৃহসমুহ কেইবা মহলাৰ আছিল।

চুলতানি আমোলত অভিজাত সম্প্ৰদায়ৰ লোকসকলে শাসন ব্যৱস্থাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল।সামাজিক আৰু ৰাজনৈতিক প্ৰতিপত্তিৰ পিনৰ পৰা অভিজাত সকল চুলতানৰ পিছতে আছিল।অভিজাত সম্প্ৰদায়ৰ লোকসকলৰ মাজত সংহতি,দেশাত্মবোধ,সহিষ্ণুতা আদি ভাবৰ অভাৱ পৰিলক্ষিত হৈছিল।তেওঁলোকে আমোদ প্ৰমোদত সময় আৰু অৰ্থ ব্যয় কৰিছিল অৱশ্যে তেওঁলোকৰ মাজত সংস্কৃতিৰ প্ৰতি ধাউতি থকা ব্যক্তিও আছিল।অভিজাতবৰ্গৰ ভালেমান,শিক্ষা সাহিত্যৰ পৃষ্ঠপোষক আছিল।তেওঁলোকৰ বহুতৰে নিজস্ব পুথিভঁৰাল আছিল আৰু তেওঁলোকে শিক্ষানুষ্ঠান পাতি দিছিল।

সমাজত মধ্যবিত্ত শ্ৰেণী নাছিল।ধনী আৰু দুখীয়া এই দুয়োটা শ্ৰেণীতেই সমাজখন বিভক্ত আছিল।

সমাজৰ অন্য শ্ৰেণীৰ লোকসকল আছিল আইনতত্ত্বজ্ঞ,সন্ন্যাসী,পণ্ডিত,দাৰ্শনিক,উলেমা,চুফী,চেইখ,যোগী ইত্যাদি।এওঁলোকক সমাজে সন্মানৰ চকুৰে চাইছিল।

চুলতানি আমোলত ক্ৰীতদাস আৰু ক্ৰীতদাসী ৰখাৰ প্ৰথাৰ ব্যাপকতা পৰিলক্ষিত হৈছিল।ক্ৰীতদাস ৰাখিব পৰাটো আভিজাতৰ চিন বুলি পৰিগণিত হৈছিল।চুলতান,আমীৰ,মালিক খাঁম আদিয়ে বহু পৰিমাণৰ ক্ৰীতদাস-দাসী ৰাখিছিল।

চুলতানি আমোলত স্ত্ৰীজাতি পুৰুষৰ ওপৰত নিৰ্ভৰশীল আছিল।সম্ভ্ৰান্ত পৰিয়ালৰ তিৰোতাসকলৰ মাজত বিদ্যাচৰ্চাৰ ৰীতি প্ৰচলিত আছিল।পৰ্দা প্ৰথাৰ প্ৰচলন আছিল।তিৰোতাৰ ওপৰত অত্যাচাৰ অবিচাৰৰ দৃষ্টান্ত আছিল যদিও স্ত্ৰীজাতিক যথেষ্ট সন্মানৰ চকুৰে চোৱা হৈছিল।

চুলতানি আমোলত সমাজত সাম্প্ৰদায়িক সমন্বয় সাধন হৈছিল বুলি কব নোৱাৰি।মুছলমান অক্ৰমণৰ আগতে ভাৰতলৈ অহা বহিৰাগত সকলক ভাৰতীয় সমাজে আপোন কৰি লৈছিল।কিন্তু মুছলমান আক্ৰমণকাৰীসকলৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম দেখা গৈছিল।তুৰ্কী আক্ৰমণকাৰী সকলৰ বিজয় অহঙ্কাৰেই ইয়াৰ কাৰণ আছিল।মুছলমানসকলৰ ধৰ্মান্ধতা আৰু লুণ্ঠন কাৰ্য্যই হিন্দু মুছলমানৰ সংমিশ্ৰণৰ পথত অন্তৰায় হিচাপে থিয় দিছিল।সমাজত হিন্দুসকলক “জিন্মি”অৰ্থাৎ বিশেষ চৰ্তৰ অধীনত বসবাস কৰিবলৈ অধিকাৰ পোৱা লোক বুলিহে ধৰা হৈছিল।জিজিয়া কৰ দিহে হিন্দু সকলে চুলতানৰদ্বাৰা তেওঁলোকৰ জীৱন আৰু সম্পত্তি ৰক্ষাৰ অধিকাৰ লাভ কৰিছিল।

কিন্তু আনহাতেদি এইটোও অনস্বীকাৰ্য্য যে দীৰ্ঘদিন ধৰি একেলগে বসবাস কৰাৰ কাৰণে হিন্দু আৰু মুছলমান সমাজ উভয়ে উভয়ৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল।উদাহৰণস্বৰুপে হিন্দুৰ দৰে মুছলমানসকলৰ বহুত তিৰোতাই সতীদাহ প্ৰথা মানিছিল।হিন্দু তিৰোতাইও পৰ্দা-প্ৰথা মানি চলিছিল।দশেৰা,হোলী,মহৰম,সবেৰৰাট আদি উৎসৱত হিন্দু সকলেও ভাগ লৈছিল।হিন্দু আৰু মুছলমান উভয়ে অংশ গ্ৰহণ কৰাৰ কাৰণে কোনো কোনো ক্ষেত্ৰত এই উৎসৱৰ ৰুপটোও পৰিবৰ্ত্তন হৈছিল।উদাহৰণস্বৰুপে সবেবৰাটত আটচবাজী (firework)আৰু মহৰমত তাজিয়াৰ প্ৰৱৰ্ত্তন হিন্দু উৎসৱৰ প্ৰভাৱ বুলি ধৰিব পাৰি।তদুপৰি ইচলাম ধৰ্মত জাতিভেদ প্ৰথা নাই।কিন্তু ভাৰতীয় মুছলমান সকলে বিয়া-বাৰুৰ ক্ষেত্ৰত ৰক্ষণশীলতা প্ৰদৰ্শন কৰা দেখা যায়।এইটো হিন্দু প্ৰভাৱৰ ফল বুলি কব পাৰি।হিন্দু সমাজৰ সাধুসন্ত সকলৰ আৰ্হিত মুছলমান সমাজত পীৰসকলৰ উদ্ভৱ হৈছিল।বহুতো হিন্দুৱে মুছলমান ধৰ্ম গ্ৰহণ কৰাৰ ফলত আৰু বহুতো চুলতানে হিন্দু পত্নী গ্ৰহণ কৰাৰ ফলত হিন্দু সমাজৰ আচাৰ-ব্যৱহাৰৰ মুছলমান সমাজত সোমাই পৰিছিল।

মুছলমানসকল চুন্নি আৰু চিয়া এই দুটা ভাগত বিভক্ত আছিল।চুন্নিসকলক চুলতানসকলে সহায় কৰিছিল।চিয়াসকলৰ প্ৰভাৱ সমাজত কম আছিল।তেওঁলোকে চুলতানা ৰেজিয়াৰ শাসন কালত এবাৰ বিদ্ৰোহ কৰি বিফল হৈছিল।চুফি সম্প্ৰদায়ৰ লোকসকলৰ সৈতেও চুন্নিসকলৰ সংঘৰ্ষ হৈছিল।চুফিসকলৰ মতে ভাৰতবৰ্ষৰ উলেমানসকলৰদ্বাৰা কোৰাণৰ ভুল ব্যাখ্যা দিয়া হৈছে।চুফিসকলৰ তিনিটা শাখা আছিল।সেইকেইটা হৈছে ছিশটী (chisti),সুৰুওৱাৰ্ডি আৰু ফিৰদোসী।চুফীসকল উদাৰ দৃষ্টিভঙ্গীৰ আছিল আৰু ঈশ্বৰ প্ৰেমৰদ্বাৰা ঈশ্বৰৰ লগত মিলিত হোৱাৰ কথা কৈছিল।তেওঁলোক জ্ঞানৰ অন্বেষণকাৰী আছিল।

শিল্প আৰু স্থাপত্য (Art and Architecture)

হিন্দু আৰু মুছলমান প্ৰতিভাৰ যুগ্ম প্ৰচেষ্টাত সৃষ্টি হোৱা ভাৰতীয় শিল্প আৰু স্থাপত্যই যুগ যুগ ধৰি সকলোৰে বিস্ময় উদ্ৰেক কৰি আহিছে।এই দুয়োটা পৃথক,অথচ উন্নত সভ্যতাৰ পৰস্পৰ প্ৰভাৱৰ ফলত এটা অতি অপুৰ্ব শিল্প,বিশেষকৈ স্থাপত্য শিল্প গঢ় লৈ উঠিছিল।মুছলমানসকল অহাৰ আগতে অতীজ ভাৰতত হিন্দু স্থাপত্যৰ এটা অতি উন্নতমানৰ পৰম্পৰা আছিল।অৱশ্যে স্থাপত্য শিল্পত কোনটো সভ্যতাৰ দান কিমান সেইটো বিচাৰি উলিওৱা টান।

চুলতানি আমোলৰ স্থাপত্য বিদ্যাৰ অগ্ৰগতি তিনিটা ভাগত ভগাব পাৰি।প্ৰথম পৰ্য্যায়ত দিল্লী,লাহোৰ আৰু আজমীৰত দাসবংশৰ আৰু খিলজিবংশৰ চুলতানসকলে নিৰ্মাণ কাৰ্য্য হাতত লৈছিল।টোগলক বংশৰ চুলতানসকলৰ নিৰ্মাণ কাৰ্য্য দ্বিতীয় ভাগত পৰিছিল।এই সময়ৰ নিৰ্মাণ কাৰ্য্য প্ৰথম পৰ্য্যায়ৰ নিৰ্মাণ কাৰ্য্যতকৈ কিছু পৃথক আছিল।তৃতীয় পৰ্য্যায়ৰ নিৰ্মাণ কাৰ্য্য প্ৰদেশ বিলাকত হৈছিল।প্ৰাদেশিক গৱৰ্ণৰসকলে স্বাধীনতা ঘোষণা কৰাৰ পিছত তেওঁলোকৰ ৰাজধানীবোৰত সুন্দৰ ৰাজপ্ৰাসাদ,মচজিদ আৰু অন্যান্য ৰাজহুৱা ঘৰ নিৰ্মাণ কৰি সুশোভিত কৰি পেলাইছিল।

কুতুবুদ্দিনে আইবাকে দিল্লীত “কুওৱাট-উল-ইচলাম”আৰু আজমীৰত “আধাই-ডিন-কা-ঝোনপ্ৰা”মচজিদ নিৰ্মাণ কৰিছিল।পৃথ্বিৰাজ চৌহানৰ দুৰ্গৰ আশে পাশে তেওঁ এটা গৃহপ্ৰকল্প (Building complex)গঢ়ি তুলিছিল।১১৯৯ চনত তেওঁ চুফী সন্ন্যাসী খাজা কুতুবুদ্দিন বখটিয়াৰ কাকীৰ সোঁৱৰণত কুতুবমিনাৰ নিৰ্মাণৰ কাম হাতত লৈছিল।ইলটুৎমিছে কুতুবমিনাৰৰ কাম সম্পুৰ্ণ কৰিছিল।ইলটুৎমিছে তেওঁৰ জীৱিতকালত “কুওৱাট-উল-ইচলাম”মচজিদৰ কাষত নিৰ্মাণ কৰা পকী মৈদামটো পাৰস্য দেশীয় শিল্পকলাৰ উৎকৃষ্ট নিদৰ্শন আছিল।ইয়াৰ উপৰিও ইলটুৎমিছে তেওঁৰ পুতেক নাসিৰুদ্দিন মহমুদৰ সমাধি স্থানত চুলতান ঘৰহী (Sultan Gharhi)নামৰ এটা পকী মৈদাম সাজিছিল।পৃথ্বিৰাজ চৌহানৰ দুৰ্গৰ (কিলা-ই-ৰায়,পিথৌৰা)দক্ষিণ-পুবত বালবনৰ মৈদাম আছিল।ইয়াৰ ওপৰত থকা গম্বুজটোত চাৰিওপিনে দুৱাৰ আছিল।

আলাউদ্দিন খিলজিয়েও নিৰ্মাণ কাৰ্য্যত আগ্ৰহ প্ৰকাশ কৰিছিল।“আলাই-দৰওৱাজা (Alai Darwaza)১৩১৯ চনত নিৰ্মাণ কৰি সম্পুৰ্ণ কৰা হৈছিল।ইয়াক ইচলামীয় স্থাপত্যবিদ্যাৰ “treasure-gem”বুলি কোৱা হৈছিল।আলাউদ্দিনে আৰু এটা নতুন দুৰ্গ নিৰ্মাণ কৰাৰ উপৰিও “চিৰি”চহৰখন নিৰ্মাণ কৰিছিল।ইয়াতে আলাউদ্দিনে “মহল হাজৰা সুতুন”(The palace of thousand pillars)নামৰ গাম্ভীৰ্য্যপুৰ্ণ ৰাজপ্ৰাসাদটো নিৰ্মাণ কৰিছিল।চেইখ নিজামুদিন আউলিয়াৰ মঠৰ চাৰিবেৰৰ ভিতৰতে আলাউদ্দিন খিলজিয়ে “জামাইট খানা”(Jamait khana)মসজিদটো নিৰ্মাণ কৰিছিল।

আগৰ দিনৰ চুলতানসকলৰ নিৰ্মাণকাৰ্য্যৰ সৈতে টোগলক বংশৰ চুলতান সকলৰ নিৰ্মাণ কাৰ্য্যৰ এটা পাৰ্থক্য চকুত পৰিছিল।আগৰদিনৰ চুলতান সকলে বহু অৰ্থ ব্যয় কৰি নানান ধৰণৰ অঙ্গ সজ্জাৰে তেওঁলোকৰ নিৰ্মাণ কাৰ্য্যৰদ্বাৰা বিজেতা হিচাপে তেওঁলোকৰ অহঙ্কাৰ আৰু জাকজমকতাৰ প্ৰদৰ্শন কৰিছিল।কিন্তু টোগলক বংশৰ চুলতানসকলৰ দৃষ্টিভঙ্গী এইক্ষেত্ৰত বাস্তৱধৰ্মী আছিল।তেওঁলোকে কম খৰচতে আৰামদায়ক বিলাসিতাপুৰ্ণ ধুনীয়া ধুনীয়া ঘৰ নিৰ্মাণ কৰিছিল।গিয়াসুদ্দিন টোগলকে “টোগলকাবাদ”চহৰখন নিৰ্মাণ কৰিছিল।এওঁ চহৰখনৰ বেৰৰ তলত নিজৰ সুশোভিত মৈদামটো নিৰ্মাণ কৰি থৈছিল।টোগলকাবাদৰ ওচৰৰ আদিলাবাদৰ সৰু দুৰ্গটো মহম্মদ টোগলকে নিৰ্মাণ কৰিছিল।তেওঁ জাহানপনাহ (Jahanpanah)চহৰখনো নিৰ্মাণ কৰিছিল।মহম্মদ-বিন-টোগলকে নিশ্চয় দৌলতাবাদত ভালেমান ঘৰ দুৱাৰ নিৰ্মাণ কৰিছিল।ফিৰোজ টোগলক এজন প্ৰখ্যাত নিৰ্মাতা আছিল আৰু ভালেমান মচজিদ,মৈদাম,পানী ৰখা ৰিজাৰ্ভয়েৰ ,দলং,খাল,ৰাজহুৱা স্নানাগাৰ,মঠ,বাগিচা ইত্যাদি নিৰ্মাণ কৰাৰ উপৰিও “ফতেহাবাদ”,”হিচাৰফিৰোজ”আৰু “জৌনপুৰ”চহৰ নিৰ্মাণ কৰিছিল।তেওঁ ফিৰোজাবাদো নিৰ্মাণ কৰিছিল।ফিৰোজাবাদত তেওঁ “কোটলা ফিৰোজাশ্বাহকে”ধৰি তিনিটা প্ৰাসাদ নিৰ্মাণ কৰিছিল আৰু সভাসদ আৰু সচিবালয়ৰ কৰ্মচাৰীসকলৰ কাৰণে ৰাজহুৱা ঘৰ নিৰ্মাণ কৰিছিল।

চৈয়দবংশ আৰু লোডীবংশৰ চুলতান সকল সমৃদ্ধিশালী নোহোৱাৰ কাৰণে নিৰ্মাণ কাৰ্য্য হাতত লব পৰা নাছিল।তথাপি খিজিৰ খানে “খিজিৰাবাদ”চহৰৰ আধাৰশিলা স্থাপন কৰিছিল,আৰু মুবাৰক শ্বাহে “মুবাৰকবাদ”চহৰ নিৰ্মাণ কৰিছিল।ইয়াৰ উপৰিও চৈয়দ আৰু লোডীবংশৰ চুলতান আৰু অভিজাতবৰ্গই ভালেমান সুশোভিত উৎকৃষ্ট শিল্পৰ মৈদাম নিৰ্মাণ কৰিছিল।

চুলতানি আমোলৰ শেষৰ পিনে,আগতে উল্লেখ কৰা মতে,অধিক পৰিমাণৰ নিৰ্মাণ কাৰ্য্য প্ৰদেশবিলাকত হৈছিল।বঙ্গ,জৌনপুৰ,মালৱ,গুজৰাট আৰু বাহমনীৰাজ্যৰ শাসকসকলে শিল্প আৰু স্থাপত্যৰ পৃষ্ঠপোষকতা কৰিছিল।মেৱাৰ,মাৰওৱাৰ আৰু বিজয়নগৰত হিন্দুস্থাপত্যশৈলীৰ পৰম্পৰা অব্যাহত আছিল।

চুলতানি আমোলৰ স্থাপত্য,ফাৰগুচনে কোৱাৰ দৰে মুছলমান স্থাপত্য শিল্প পদ্ধতিৰ ভাৰতীয় সংস্কৰণ বুলি ভাবিলে ভুলকৈ ভবা হব।কাৰণ “Islamic architecture,so called is a misnomer”কাৰণ ইচলাম ধৰ্মৰ উৎপত্তি স্থান আৰবদেশত স্থাপত্যবিদ্যাৰ পৰম্পৰাই নাছিল।মধ্য এচিয়া,উত্তৰ আফ্ৰিকা,পুব ইউৰোপত ইচলাম ধৰ্মই প্ৰসাৰতা লাভ কৰাৰ লগে লগে সেই ঠাইবোৰত স্থাপত্যশৈলীৰ সৈতে সংমিশ্ৰণ হৈ যুগ্ম ইচলামীয় স্থাপত্যশৈলী গঢ় লৈ উঠিছিল।ভাৰততো ভাৰতীয় স্থাপত্যশিল্পৰ প্ৰভাৱ পৰি,চুলতানি আমোলত যি স্থাপত্যশিল্প গঢ় লৈ উঠিছিল,সি হিন্দু আৰু মুছলমান শিল্প আৰু স্থাপত্য পদ্ধতিৰ সংমিশ্ৰণৰ ফলতেই গঢ় লৈ উঠিছিল বুলি আধুনিক ঐতিহাসিক সকলে বিশ্বাস কৰে।তদুপৰি চুলতানসকলে তেওঁলোকৰ নিৰ্মাণ কাৰ্য্যত ভাৰতীয় স্থপতি,ৰাজমিস্ত্ৰী আৰু কৰ্মী নিয়োগ কৰিবলগীয়া হৈছিল।সেইপিনৰ পৰাও হিন্দু স্থাপত্যশৈলীৰ প্ৰভাৱ পৰাটো স্বাভাৱিক আছিল।অৱশ্যে চুলতানি আমোলৰ আদি ভাগত হিন্দু আৰু মুছলমান শৈলীৰ সংমিশ্ৰণ কিছু পৰিমাণে আকস্মিক আছিল।চুলতানি আমোলৰ দ্বিতীয় পৰ্য্যায়ত অৰ্থাৎ টোগলক বংশৰ চুলতানসকলৰ দিনত এই সংমিশ্ৰণ অধিক স্বাভাৱিক আৰু পৰিপক্ক হৈ উঠিছিল।চুলতানি আমোলৰ তৃতীয় পৰ্য্যায়ত এই সংমিশ্ৰণে নিটোল ৰুপ ধাৰণ কৰিছিল –“a healthy Synthesis between the two started taking place during the third phase of its development”.

সাহিত্য আৰু ধৰ্ম (Literature & Religion)

হিন্দুসভ্যতা আৰু সংস্কৃতি আৰু ইচলামীয় সংস্কৃতিৰ পৰস্পৰ প্ৰভাৱৰ সুফল সাহিত্য আৰু ধৰ্মৰ ক্ষেত্ৰটো প্ৰকাশ পাইছিল।দিল্লীৰ ভালে কেইজনমান চুলতানে আৰু প্ৰাদেশিক শাসনকৰ্তাই আৰবী,ফাৰচী আৰু সংস্কৃত ভাষাৰ পৃষ্ঠপোষকতা কৰিছিল।বঙ্গদেশৰ স্বাধীন চুলতান সকলেও বঙ্গদেশৰ সাহিত্য আৰু সংস্কৃতিৰ উন্নয়নৰ কাৰণে আন্তৰিক প্ৰচেষ্টা চলাইছিল।

দিল্লীৰ ভালেকেইজনমান চুলতানে আৰবী আৰু ফাৰচী ভাষাৰ লগতে সংস্কৃত ভাষা সাহিত্যৰো পৃষ্ঠপোষকতা কৰিছিল।গিয়াসুদ্দিন বলবনে আমীৰ খুসৰুফ তেওঁৰ ৰাজসভাত স্থান দিছিল।খুসৰুৰ উপৰিও চুলতানী আমোলৰ অন্য এজন বিখ্যাত কবি আছিল হাসান দেহলবি।

চুলতানি আমোলত ইতিহাস সাহিত্য ৰচনাৰ অভুতপুৰ্ব আগ্ৰহ পৰিলক্ষিত হৈছিল।“মিনহাজ-উস-চিৰাজ”,”জিয়াউদ্দিনবৰণী”,”সামস-ই-চিৰাজ”,”আফিফ”,”আজউদ্দিন-খালিদ-খানী”আদি ঐতিহাসিক চুলতানি আমোলৰ ধাৰাবাহিক ইতিহাস ৰচনা কৰিছিল।যদিও বেছি ভাগ সাহিত্য আৰবী আৰু ফৰাসী ভাষাতেই ৰচিত হৈছিল তথাপি মুছলমানলিখক সকলৰ বহুতে সংস্কৃতভাষাৰ প্ৰতিও অনুৰাগ প্ৰকাশ কৰিছিল।

আলবেৰুণীয়ে চুলতান মামুদৰ ৰাজসভা ত্যাগ কৰি অহাৰ পিছত ভালেমান দিন ধৰি সংস্কৃত সাহিত্য আৰু হিন্দুদৰ্শনৰ আলোচনাত ব্ৰতী হৈ পৰিছিল।নগৰকোট দুৰ্গ জয় কৰাৰ পিছত জ্বালামুখী মন্দিৰত পোৱা প্ৰায় তিনিশ সংস্কৃত গ্ৰন্থ ফিৰোজ টোগলকৰ নিৰ্দেশক্ৰমে ফৰাচী ভাষালৈ অনুবাদ কৰা হৈছিল।লোডীবংশৰ সিকান্দৰ লোডীৰ নিৰ্দেশক্ৰমেও বহুসংখ্যক সংস্কৃত গ্ৰন্থ ফাৰচী ভাষালৈ অনুবাদ কৰা হৈছিল।বঙ্গদেশৰ স্বাধীন চুলতান হুসেন শ্বাহৰ মন্ত্ৰী ৰুপ গোস্বামীয়ে পঁচিশখন সংস্কৃত গ্ৰন্থ ৰচনা কৰিছিল।ইয়াৰ ভিতৰত “বিদগ্ধ মাধবী”আৰু “ললিতামাধব”গ্ৰন্থদুখন উল্লেখযোগ্য।কাশ্মীৰৰ চুলতান জৈন-উল-আবিদীনেও সংস্কৃত ভাষাৰ পৃষ্ঠপোষকতা কৰিছিল।চুলতানী যুগৰ হিন্দুসকলেও সংস্কৃত ভাষা সাহিত্যৰ চৰ্চা অব্যাহত ৰাখিছিল।এই যুগৰ সংস্কৃত সাহিত্যসেৱী সকলৰ ভিতৰত পাৰ্থসাৰথি মিশ্ৰ (এওঁ কৰ্মমীমাংসাৰ ওপৰত লিখিছিল-উল্লেখযোগ্য শাস্ত্ৰ দীপিকা),জয়সিংহ সুৰী (উল্লেখযোগ্য ৰচনা নাটক হামীৰ-মদ-মৰ্দন),ৰবিবৰ্মন (প্ৰদ্যুমন্য অভুদ্যয়),বিদ্যানাথ (প্ৰতাপৰুদ্ৰ কল্যাণ),বামনভট্টবান (পাৰ্বতী পৰিণয়),গঙ্গাধৰ (গঙ্গদাস প্ৰতাপ বিলাস),ৰুপ গোস্বামী ,পদ্মনাভদত্ত,বিদ্যাপতি উপাধ্যায় ,বাচস্পতি,ৰঘুনাথ ,চায়নাচাৰ্য্য আৰু মাধব বিদ্যাবন্যৰ নাম বিশেষভাৱে উল্লেখযোগ্য।মুছলমান মণিষী মালিক মহম্মদ জায়গীৰ “পদ্মাবৎ কাব্য”এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য।

চুলতানি আমোলত প্ৰাদেশিক ভাষাৰ ভিতৰত হিন্দী,ব্ৰজভাষা ,মাৰাঠী,বঙালী আৰু তেলেগু ভাষাৰ উৎকৰ্ষ সাধন হৈছিল।হিন্দী ভাষাৰ উন্নতিলৈ বৰঙণি আগবঢ়োৱা সকলৰ ভিতৰত ৰমানন্দ আৰু কবিৰ অন্যতম আছিল।কবিৰৰ “দোহা”আৰু “সাখী”বোৰ এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য-“dohas and Sakhis,permeated with devotional fervor,are brilliant specimens of Hindi literature”.মাৰাঠী ভাষাৰ উন্নতিৰ ক্ষেত্ৰত নামদেৱৰ উল্লেখনীয় বৰঙণি আছিল।এই ক্ষেত্ৰত ব্ৰজভাষাত ৰচিত মীৰাবাঈৰ ভজনবোৰৰ কথাও স্মৰণীয়।মীৰাবাঈৰ ভজনৰ বিষয়বস্তু আছিল “ৰাধা-কৃষ্ণ”।বঙ্গদেশৰ ভাষাসাহিত্যলৈ চণ্ডীদাস,কৃত্তিবাস,মালাধৰ বসু,পৰমেশ্বৰ কবীন্দ্ৰ,শ্ৰীকৰ নন্দী অদিয়ে উল্লেখনীয় বৰঙণি আগবঢ়াইছিল।বঙ্গদেশৰ স্বাধীন চুলতান সকলৰ দিনতো বঙ্গসাহিত্যৰ যথেষ্ট উন্নতি সাধন হৈছিল।চুলতান হুসেন শ্বাহৰ পৃষ্ঠপোষকতাত ৰামায়ণ আৰু মহাভাৰত বঙালীভাষালৈ অনুবাদ কৰা হৈছিল।কৃতিবাসৰ বঙালী ৰামায়ণ বঙ্গদেশৰ অমুল্য সম্পদ।হুসেন শ্বাহৰ আমোলত মালাধৰ বসুৱে ভাগৱত বঙালী ভাষালৈ অনুবাদ কৰিছিল।হুসেন শ্বাহৰ সেনাপতি পৰাগল খাই বঙালীভাষালৈ মহাভাৰত অনুবাদ কৰিছিল।

ধৰ্ম:মুছলমানসকলৰ আক্ৰমণৰ ফলস্বৰুপে দুটা বিপৰীতমুখী ধৰ্ম উদ্ভৱ হৈছিল।এটা আছিল ৰক্ষণশীল আৰু আনটো আছিল উডাৰ।হিন্দু ৰক্ষণশীল সকলে,ইচলাম ধৰ্মক,ধৰ্মান্তৰ কৰোৱা ধৰ্ম বুলি ধৰি লৈছিল আৰু বহুতো হিন্দুৱে ইচলামধৰ্ম গ্ৰহণ কৰাত হিন্দুসকলৰ মনত ৰক্ষণশীল মনোভাৱ অধিক দৃঢ় হৈ পৰিছিল।ৰক্ষণশীল সকলে হিন্দুধৰ্মক ৰক্ষা কৰাৰ উদ্দেশ্যেৰে জাতিভেদ প্ৰথা কঠোৰ কৰি তুলিছিল আৰু স্মৃতিশাস্ত্ৰ সমুহৰ জৰিয়তে কিছুমান নীতিনিয়ম প্ৰণয়ন কৰিছিল।সেই স্মৃতিশাস্ত্ৰবোৰৰ ভিতৰত মাধৱ বিদ্যাৰণ্যৰ পৰাশৰ স্মৃতিৰ টোকা “কালনিৰ্ণয়”বিশ্বেশ্বৰৰ “মদন পাৰিজাত”উল্লেখযোগ্য আছিল।অন্য হাতেদি ইচলামধৰ্মৰ গণতান্ত্ৰিক নীতিসমুহ আৰু একেশ্ববাদৰ ধাৰণা হিন্দু সকলৰ সমাজ আৰু ধৰ্মজগতখনত সোমাই পৰে।ইয়াৰ ফলত উদাৰতাৰ ভেটিত গঢ় লৈ উঠে ভক্তিবাদ।ভক্তিবাদৰ মুল কথা আছিল সৰ্বধৰ্মৰ সমতা,ভগৱান এক আৰু অদ্বিতীয়,ভক্তি আৰু প্ৰেমৰ মাজেদি ভগৱান প্ৰাপ্তি,পুৰোহিতৰ আধিপত্যবিৰোধী,আৰু আচাৰ অনুষ্ঠান ক্ৰিয়াকাণ্ড বিৰোধী।ভক্তিধৰ্মৰ মুলবক্তব্য আছিল জন্ম অধিকাৰৰদ্বাৰা নহয়,কাৰ্য্যৰ দ্বাৰাইহে জীৱন মহৎ হয়।বিশ্বাস আৰু ভক্তিৰ দ্বাৰাই মানুহে মুক্তি লাভ কৰিব পাৰে।বিস্তৃত বিৱৰণৰ ক্ষেত্ৰত কৰবাত পাৰ্থক্য থাকিলেও মুল বক্তব্যৰ ক্ষেত্ৰত এই ধৰ্ম সংস্কাৰসকলৰ মাজত পাৰ্থক্য নাই।এই ধৰ্ম সংস্কাৰকসকলৰ ভিতৰত ৰমানন্দ,বল্লভাচাৰ্য্য,শ্ৰীচৈতন্য,কবীৰ,নানক আৰু নামদেৱৰ নাম উল্লেখযোগ্য।

ভক্তি আন্দোলনে দুটা উদ্দেশ্য কাৰ্য্যকৰী কৰিব খুজিছিল।এটা হ’ল এই আন্দোলনে মুৰ্ত্তিপুজা আৰু জাতিভেদ প্ৰথাৰ অৱসান ঘটাই হিন্দুধৰ্মক সংস্কাৰ কৰিব খুজিছিল।এই উদ্দেশ্যে সাধনত ভক্তি আন্দোলন সফল হৈছিল বুলি কব নোৱাৰি।ভক্তি আন্দোলনৰ গুৰুসকলৰ ইচ্ছাৰ বিপৰীতে গৈ শিষ্যসকল নিজেই বিভিন্ন খেলত বিভক্ত হৈ পৰাৰ কাৰণে তেওঁলোকে হিন্দুধৰ্মৰ সংস্কাৰ সাধন কৰিবলৈ সক্ষম হোৱা নাছিল।অৱশ্যে ভক্তি আন্দোলনে হিন্দুধৰ্মৰ আচল অৰ্থটো (spirit)বজাই ৰাখিবলৈ সক্ষম হৈছিল আৰু ইয়াক শক্তিশালী কৰি তুলিব পাৰিছিল।ভক্তি আন্দোলনৰ আৰু এটা উদ্দেশ্যে আছিল হিন্দু আৰু মুছলমানৰ মাজৰ সম্পৰ্কৰ এটা সমন্বয়,সাধন কৰা।কিন্তু এই উদ্দেশ্য সাধন সফলভাৱে হোৱা নাছিল।

ভক্তি আন্দোলনৰ প্ৰচাৰক সকলে তেওঁলোকৰ ধৰ্ম প্ৰান্তীয় ভাষাত প্ৰচাৰ কৰিছিল আৰু সেই উদ্দেশ্য তেওঁলোকে কবিতা প্ৰাৰ্থনাগীত ৰচনা কৰিছিল।ইয়াৰ ফলত আঞ্চলিক সাহিত্যৰ উন্নতি সাধন হৈছিল।

ৰমানন্দ (Ramananda):ৰমানন্দই এলাহাবাদত জন্মগ্ৰহণ কৰিছিল।তেওঁ ৰাম আৰু সীতাৰ উপাসক আছিল।তেওঁ হিন্দী ভাষাত তেওঁৰ ধৰ্ম প্ৰচাৰ কৰিছিল।জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে তেওঁ তেওঁৰ শিষ্য কৰি লৈছিল।উল্লেখনীয় যে তেওঁৰ শিষ্যৰ ভিতৰত মুছলমান,হিন্দু,মুচি,নাপিত সকলো ধৰ্ম আৰু শ্ৰেণীৰ মানুহ আছিল।তেওঁ বিশ্বাস কৰিছিল যে ঈশ্বৰৰ প্ৰেমৰ ওচৰত জাতপাত,ধৰ্ম,ডাঙৰ সৰুৰ কোনো প্ৰভেদ নাই।যদিও তেওঁ ব্ৰাহ্মণ পৰিয়াল সম্ভুত আছিল,হিন্দুধৰ্মৰ গোড়ামি তেওঁ ভাল নেপাইছিল।তেওঁৰ বাৰজন প্ৰধান শিষ্য আছিল।তাৰ ভিতৰত কবীৰ প্ৰধান আছিল।ৰমানন্দ বৈষ্ণৱধৰ্ম প্ৰৱৰ্ত্তক ৰামানুজৰ শিষ্য আছিল।

বল্লভাচাৰ্য্য:বল্লভাচাৰ্য্যই তেলেগু ব্ৰাহ্মণ পৰিয়ালত ১৪৭৯ চনত জন্ম গ্ৰহণ কৰিছিল।বাৰানসীৰ শিক্ষা শেষ কৰি তেওঁ বিজয়নগৰ সাম্ৰাজ্যৰ ৰজা কৃষ্ণদেৱ ৰায়ৰ ৰাজসভালৈ আহে।তাত তেওঁ শৈৱ পণ্ডিত কেইজনমানক তৰ্কযুদ্ধত পৰাজিত কৰে।তেওঁ কৃষ্ণৰ উপাসক আছিল।তেওঁ মথুৰা,বৃন্দাবন আদি তীৰ্থ ভ্ৰমণ কৰি পুনৰ বাৰানসীলৈ আহে আৰু তাত ধৰ্ম প্ৰচাৰ কৰে।সকলো ভোগ বিলাস পৰিহাৰ কৰি শ্ৰীকৃষ্ণৰ ওচৰত আত্মাকে উছৰ্গা কৰাই তেওঁৰ ধৰ্মৰ মুল কথা আছিল।বল্লভাচাৰ্য্যই ভগবদগীতা আৰু ব্ৰহ্মাসুত্ৰৰ টীকা আৰু “শুদ্ধ অদ্বৈত”(Pure Non-Duality)নামে একেশ্বৰবাদৰ ওপৰত এখন গ্ৰন্থ ৰচনা কৰিছিল।পিছৰ কালত তেওঁৰ শিষ্যসকলৰ মাজত ভোগবিলাসে ঠাই পায়।Monier-Williams-ৰ মতে  Vallabhacharyaism became in its degenerate form the Epicureanism of the east”(vide An Advanced History of India p.404)

শ্ৰীচৈতন্য:শ্ৰীচৈতন্যই ১৪৮৫ চনত বঙ্গদেশৰ নবদ্বীপত জন্মগ্ৰহণ কৰে।তেওঁ আছিল “the greatest and most popular of the Vaishnava saints”।সৰুকালৰ পৰাই তেওঁ বিদ্যানুৰাগী আৰু ধৰ্মভাবাপন্ন আছিল।চব্বিশ বছৰ বয়সত তেওঁ সংসাৰধৰ্ম ত্যাগ কৰে আৰু উত্তৰ আৰু দক্ষিণ ভাৰতৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰি জীৱনৰ শেষৰ ছোৱা কাল পুৰীত অতিবাহিত কৰে।শ্ৰীকৃষ্ণৰ প্ৰতি প্ৰেমৰ মাধ্যমেৰে মানুহে মায়া পৰিত্যাগ কৰিব পাৰে-এইটোৱেই শ্ৰীচৈতন্যৰ ধৰ্মৰ মুল কথা।তেওঁ জাতিভেদ প্ৰথাৰ বিৰোধী আছিল।সৰু ডাঙৰ ,জাতিধৰ্ম নিৰ্বিশেষে সকলোৰে মাজত তেওঁ ধৰ্ম প্ৰচাৰ কৰিছিল।বহুতো মুছলমান সম্প্ৰদায়ৰ মানুহে তেওঁৰ ধৰ্ম গ্ৰহণ কৰিছিল।বহুতে তেওঁক ভগৱান শ্ৰীকৃষ্ণৰ অৱতাৰ বুলি ভাবিছিল।

কবীৰ:কবীৰৰ জন্ম আৰু মৃত্যু সম্পৰ্কে নিশ্চিতভাৱে জনা নেযায়।কবীৰ আদিতে মুছলমান নাছিল।কিংবদন্তীমতে কবীৰ ব্ৰাহ্মণৰ সন্তান।নিৰু নামৰ এজন মুছলমান তাঁতীয়ে তেওঁক তুলি-তালি ডাঙৰ কৰে।ক্ৰমাৎ কবীৰৰ মন ধৰ্মৰ প্ৰতি আকৃষ্ট হয়।হিন্দু দৰ্শন আৰু চুফী ফকিৰ সকলে কবীৰৰ ওপৰত প্ৰভাৱ পেলায়।যদিও Dr.Carpenter য়ে কৈছে-“The whole background of Kabir’s thought is Hindu”.তথাপি চুফী ফকিৰ আৰু কবি সকলে কবীৰৰ ওপৰত পেলোৱা প্ৰভাৱ অস্বীকাৰ কৰিব নোৱাৰি।কবীৰে ৰমানন্দৰ শিষ্যত্ব গ্ৰহণ কৰে হিন্দীভাষাত তেওঁৰ ধৰ্ম প্ৰচাৰ কৰে।হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ মাজত একতা স্থাপন কৰাই তেওঁৰ ধৰ্মৰ প্ৰধান লক্ষ্য আছিল।ৰাম আৰু আল্লা এক আৰু অদ্বিতীয়-এইটোৱেই আছিল কবীৰৰ মুল বাণী।তেওঁ কৈছিল হিন্দু আৰু মুছলমান একে মাটিৰেই গঢ়া দুটা পাত্ৰ –“Hindu and Turk were pots of same clay:Allah and Rama were but different names”.তেওঁ ৰচনা কৰা “দোহা”বোৰ দাৰ্শনিক তত্ত্বৰে চহকী।কবীৰে হিন্দু মুছলমান দুয়োটা ধৰ্মৰে ধৰ্মানুষ্ঠানবোৰক সমৰ্থন কৰা নাছিল।কবীৰৰ ধাৰণা আছিল অন্তৰক পাপমুক্ত কৰি ৰখা আৰু ভগৱানৰ প্ৰতি আন্তৰিক ভক্তি প্ৰদৰ্শন কৰাটোৱেই হ’ল সকলো ধৰ্মৰ সাৰমৰ্ম।হিন্দু আৰু মুছলমান দুয়োটা সম্প্ৰদায়ৰ মানুহে কবীৰৰ ধৰ্ম গ্ৰহণ কৰিছিল।

নানক:নানকে লাহোৰৰ ওচৰৰ তালবন্দী গাঁৱত ১৪৫৯ খৃষ্টাব্দত ক্ষত্ৰিয় পৰিয়ালত জন্ম গ্ৰহণ কৰে।তেওঁ শিখধৰ্মৰ প্ৰৱৰ্ত্তক আছিল।তেওঁৰ ধৰ্মত উপনিষদৰ একেশ্বৰবাদৰ প্ৰতিফলন দেখিবলৈ পোৱা গৈছিল।তেওঁৰ লক্ষ্য আছিল সকলো ধৰ্মৰ প্ৰতি সহিষ্ণুতাৰ নীতি প্ৰচাৰ কৰা আৰু সকলো ধৰ্মৰ মাজত আন্তৰিক মিলন প্ৰতিষ্ঠা কৰা।গতিকে তেওঁ লিখিছিল –“Religion consisteth not in mere words;He who looketh on all men as equal is religion”.কবীৰৰ দৰে নানকেও কৈছিল হিন্দু আৰু মুছলমনৰ মাজত কোনো পাৰ্থক্য নাই।আন্তৰিকভাৱে ভগৱানক উপাসনা কৰা আৰু চিত্ত শুদ্ধি ৰখা-এইটোৱেই আছিল তেওঁৰ ধৰ্ম পন্থা।তেৱোঁ হিন্দু মুছলমান ধৰ্মৰ অৰ্থহীন কুসংস্কাৰ ,ধৰ্মানুষ্ঠান আদি সমৰ্থন নকৰিছিল।পুৰ্ণ ভোগবিলাস আৰু সম্পুৰ্ণ সন্ন্যাস –এই দুয়োটাৰে মাজৰ মধ্যম পন্থা অৱলম্বন কৰি নানকে তেওঁৰ শিষ্যসকলক স্বাৰ্থপৰতা,ভণ্ডামি আৰু অসত্য পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিছিল।হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ মানুহেই তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল।

নামদেৱ:নামদেৱে মহাৰাষ্ট্ৰত ভক্তিবাদ প্ৰচাৰ কৰিছিল।এওঁ জাতত নীচ আছিল।তেওঁ আছিল বিষ্ণুৰ উপাসক।ভগৱান এক আৰু অদ্বিতীয়-এই কথা নামদেৱেও প্ৰচাৰ কৰিছিল।তেওঁ প্ৰচাৰ কৰিছিল যে হিন্দু আৰু মুছলমান ধৰ্মৰ মাজত পাৰ্থক্য নাই।হিন্দু ধৰ্ম আৰু ইচলামধৰ্ম একেটা লক্ষ্য স্থানত উপনীত হোৱাৰ দুটা পথ মাত্ৰ।তেওঁৰ মতে প্ৰেমৰ দ্বাৰাই ভগৱানক লাভ কৰিব লাগিব-“As the love between a child and his mother,so is my soul imbued in the God.নামদেৱেও হিন্দু মুছলমানৰ মাজত সম্প্ৰীতি আৰু ঐক্য স্থাপনৰ কাৰণে চেষ্টা কৰিছিল।

শঙ্কৰদেৱ:এইখিনিতে উল্লেখ কৰিব পাৰি যে অসমত ভক্তিধৰ্ম প্ৰৱৰ্ত্তন কৰিছিল।শঙ্কৰদেৱে ১৪৪৯ চনত এটা কায়স্থ পৰিয়ালত তেওঁ জন্ম গ্ৰহণ কৰিছিল।মধ্যযুগত শ্বানৱংশীয় আহোমসকলে অসম জয় কৰিছিল আৰু অসমৰ সংস্কৃতি সেই কাৰণে অভাৰতীয় বুলি ভবা হৈছিল।পুৰণি কালত কুমাৰ ভাস্কৰ বৰ্মনৰ সময়ত ভাৰতৰ সৈতে থকা সম্পৰ্ক প্ৰায় পাহৰি পেলোৱা হৈছিল।কিন্তু শঙ্কৰদেৱে পুনৰ অসমত ভাৰতৰ সাংস্কৃতিক আৰু ধৰ্মীয় জগতখনৰ সৈতে সংযোজিত কৰিছিল।শঙ্কৰদেৱৰ প্ৰধান কৃতিত্ব সেইখিনিতে আছিল বুলি কব পাৰি।শঙ্কৰদেৱে তেওঁৰ আদি জীৱনতে কৃষ্ণভক্ত হৈ পৰিছিল আৰু একেশ্বৰবাদী ধৰ্ম প্ৰচাৰ কৰিছিল-“এক দেউ,এক সেউ,এক বিনে নাহি কেউ”-There is only one God,there is only one devotion and there is none but one”.তেওঁ তীৰ্থযাত্ৰী হিচাপে সমগ্ৰ ভাৰত পৰিভ্ৰমণ কৰিছিল আৰু ভাৰতীয় সংস্কৃতিৰ ঐক্যবদ্ধৰুপে তেওঁৰ মনত গভীৰভাৱে ৰেখাপাত কৰিছিল।তেওঁ সমগ্ৰ অসমতে নিজৰ ধৰ্ম প্ৰচাৰ কৰি ফুৰিছিল।তেওঁ কৃষ্ণভক্তি প্ৰচাৰৰ উদ্দেশ্যৰে নৃত্য ,গীত,নাট,ভাওনাক আৰু সাহিত্যিক মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল।অসমত তেওঁৰ প্ৰভাৱ ব্যাপক আৰু অপৰিসীম।অসমীয়া মানুহে তেওঁক অসমীয়া জাতি গঢ় দিওঁতা বুলি সন্মান প্ৰদৰ্শন কৰে।

শিল্প,সাহিত্য,ধৰ্ম,স্থাপত্য,আৰু সমাজৰ প্ৰায় সকলো স্তৰতে চুলতানি আমোলত হিন্দু মুছলমান সংস্কৃতিৰ মাজত গঢ় লৈ উঠা সমন্বয়ৰ কথা উল্লেখ কৰি John Marshall য়ে কৈছে-“Seldom in the history of mankind has the spectacle been witnessed of two civilizations,so vast and so strongly developed,yet so radically dissimilar as the Mahamadan and Hindu,meeting and mingling together.The very contrasts which existed between them,the wide divergences in their culture and their religious make the history of their Impact peculiarly instuctive.” (vide An Advanced History of India p.403

উৎস:ভাৰত বুৰঞ্জী

 

 

 

3.07407407407
মুজিব জাহান Jan 24, 2019 09:44 PM

ছাৰ মোগল ৰাজত্বৰ বিষয়ে আলোচনা কৰিবলৈ অনুৰোধ জনালোঁ। মোৰ বহুত প্ৰয়োজন।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top