দৌলগোবিন্দ মন্দিৰ কামৰূপ জিলাৰ এখন ইতিহাস প্ৰসিদ্ধ ঠাই উত্তৰ গুৱাহাটীত অৱস্থিত। এই মন্দিৰলৈ যাবলৈ হ'লে জলপথ আৰু স্থলপথ দুয়োধৰণৰ সুন্দৰ যাতায়তৰ ব্যৱস্থা আছে। উজান বজাৰ পাৰঘাট আৰু ফাঁচীবজাৰ পাৰঘাটৰ পৰা ফেৰী তথা নাৱেৰে দৌলগোবিন্দলৈ যাব পৰা হয়। কাছাৰীৰ পৰা দৌলগোবিন্দ মন্দিৰলৈ বাচ তথা অইন গাড়ী মটৰেৰেও যাব পৰা হয়।
দৌলগোবিন্দ মন্দিৰৰ ইতিবৃত্ত জানিবলৈ হ'লে আমি ইতিহাসৰ পাত লুটিয়াব লাগিব। ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিমতে অসমত বৃটিছৰাজ আৰম্ভ হয় ।ইংৰাজ সকলে স্থানীয় সুদক্ষ লোকৰ সহায়ত শাসন চলাবলৈ আৰম্ভ কৰিছিল। নলবাৰী জিলাৰ সদৰ আমিনৰ দায়িত্ব দিয়া হৈছিল উত্তৰ গুৱাহাটীৰ মজিন্দাৰ বৰুৱা বংশৰ সুসন্তান গৰ্গৰাম বৰুৱাক। তেখেত আছিল অসমৰ এজন সংস্কৃত পণ্ডিত আনন্দৰাম বৰুৱাৰ পিতৃ। তেখেতৰ দায়িত্বকালতে ওচৰৰে জেকেৰীয়া নামৰ এখন গাঁৱত এটা আচৰিত ঘটনা ঘটিছিল। এজন ব্ৰাহ্মণৰ এজনী কপিলী গাই আছিল। কপিলী গাইজনীয়ে সদায় গধূলি গধূলি ওচৰৰ অটব্য হাবি এখনলৈ গৈ নিৰ্দিষ্ট ঠাই এডোখৰত ওহাৰৰ গাখীৰ ঢালি থৈ গোহালিলৈ ঘূৰি আহে। এই কথা শুনি গৰ্গৰাম বৰুৱাদেৱে লগত মানুহ লৈ গৈ সেই ঠাইডোখৰত খনন চলাই এটা সুন্দৰ কৃষ্ণমূৰ্তি উদ্ধাৰ কৰে। সকলো ৰাইজৰ সন্মতি লৈ ঢোলে ডগৰে শোভাযাত্ৰা কৰি তেখেতে সেই মূৰ্তিজনাক ৰজাদুৱাৰ গাঁৱলৈ আনি নামঘৰত স্থাপন কৰেহি। ৰজাদুৱাৰৰ নামঘৰত আগৰপৰাই শ্ৰীশ্ৰীশ্যামৰায়ৰ বিগ্ৰহজনাক পূজা কৰা হৈছিল। সেইজনা বিগ্ৰহৰ লগতে একেলগে নতুনজনাৰো পূজা সেৱা কৰিবলৈ লোৱা হৈছিল। সেইবছৰ ফল্গুৎসৱৰ সময়তে মন্দিৰৰ পূজাৰী সকল বিপাঙত পৰিল এতিয়া কোনজনা বিগ্ৰহক দৌলত তোলা হ'ব। অৱশেষত পূজাৰীজনাই দুয়োজনকে সেৱা জনাই প্ৰাৰ্থনা জনালে যিজনা বিগ্ৰহক দৌলত তুলিব লাগে তেৰাই যেন আনজনতকৈ চাৰিআঙুল আগবাঢ়ি থাকে। সঁচাই পিছদিনা পূজাৰীয়ে দুৱাৰ খুলিয়েই দেখে যে নতুন বিগ্ৰহজনা আনজনতকৈ আগত অৱস্থান কৰি আছে। তাৰপিছত নতুন বিগ্ৰহক দৌলত তোলা হ'ল। তেতিয়াৰ পৰাই সেইজনা বিগ্ৰহক দৌলগোবিন্দ বুলি জনা হ'ল। তাৰপিছত আৰু এটা আচৰিত ঘটনা ঘটিল। পুৰণি বিগ্ৰহজনা ৰাতি কেনেবাকৈ সিংহাসনৰ পৰা পৰি যোৱাত হাত এখন ভাগি থাকিল। ভাঙি যোৱা বিগ্ৰহৰ পূজা কৰা নহয় বাবে তেতিয়াৰ পৰা কেৱল দৌলগোবিন্দৰেই পূজা কৰিবলৈ লোৱা হ'ল।
আহোম সাম্ৰাজ্যৰ অস্তিত্ব লাহে লাহে স্তিমিত হৈ অহা সময়ৰ কথা। ১৭৯৫ চনত গৌৰীনাথ সিংহ ৰাজ সিংহাসনত বহিছিল। তাৰ কিছু আগৰ পৰাই হৰদত্ত বীৰদত্ত নামে দুজন বীৰে আহোম সাম্ৰাজ্যৰ প্ৰতি বিদ্ৰোহ ঘোষণা কৰিছিল যাক দন্দুৱাদ্ৰোহ আখ্যা দিয়া হৈছিল। গৌৰীনাথ সিংহই বদন বৰফুকনক ভাঙি কলীয়া ভোমোৰাক গুৱাহাটীৰ বৰফুকন পাতিছিল। তেওঁৰ নেতৃত্বত বীৰদত্ত পৰাজিত হৈছিল আৰু হৰদত্ত পলাই গৈছিল সন্ধ্যাঝাৰ হাবিৰ ফালে। তেওঁ আছিল বিষ্ণুভক্ত, তেওঁৱেই পূজিব নোৱাৰি লগত লৈ যোৱা কুলগুৰুজনাক মাটিত পুতি থ'লে বুলি ভবা হয়। এইজনা বিগ্ৰহকেই পিছলৈ গৰ্গৰাম বৰুৱাদেৱে উদ্ধাৰ কৰিছিল।
দৌলগোবিন্দ মন্দিৰ ৰজাদুৱাৰ গাঁৱৰ পৰা ৰংমহললৈ অনা হয় সদৰামিন বৰুৱাদেৱৰ অৱসৰৰ পিছত৷ বিগ্ৰহৰ পূজা পাতলৰ বাবে পোনাৰাম বৰুৱা নামৰ এজন লোকে ৰংমহল গাঁৱত থকা নিজৰ ৫ বিঘা ২ কঠা ৫ লেচা মাটি কুলগুৰুক উচৰ্গা কৰি দিয়ে। মন্দিৰৰ আটক ধুনীয়া নিৰ্মাণৰ বাবে এখন কমিটী গঠন কৰা হয়। ৰাইজৰ অক্লান্ত পৰিশ্ৰম আৰু ভক্তবৃন্দৰ সহযোগত ১৯৭০ চনত মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হয়। সেইবছৰৰে ব'হাগ মাহৰ অক্ষয় তৃতীয়াত নৱনিৰ্মিত মন্দিৰত দৌলগোবিন্দ মহাপ্ৰভুক অভিষিক্ত কৰা হয়। এই মন্দিৰত পৰম্পৰাগত দৌলোৎসৱ পাঁচদিনীয়াকৈ মহা ধুমধামেৰে পালন কৰা হয়। এইকেইদিন মন্দিৰত লোকে লোকাৰণ্য হৈ পৰে। কেৱল এইকেইদিনতে নহয়, বছৰৰ প্ৰতিটো দিনতে দৌলগোবিন্দ মন্দিৰলৈ হোৱা ভক্তৰ ভীৰ মন কৰিবলগীয়া।
আগবঢ়ালে: মিনুৰেখা গগৈ, মহীৰূহ
শেহতীয়া উন্নীতকৰণ: : 3/12/2020
অসমৰ খেল-ধেমালি
অ-সম অসম
অসমত আয়ুৰ্বেদ চৰ্চা
কাৰবি আংলং জিলাৰ ইতিহাস