অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দীপৰ বিলৰ ঐতিহ্য :

দীপৰ বিলৰ ঐতিহ্য :

গুৱাহাটী মহানগৰীৰ দক্ষিণ-পশ্চিম দিশত অৱস্থিত বিস্তীৰ্ণ মনোৰম জলাশয়টোৱেই দীপৰ বিল পৰিচিত। কংক্ৰীটৰ ধানখুমীয়াৰ মাজত এই জলভাগে এক আনন্দ শোভা সৃষ্টি কৰিছে।

থুপি-থাপি মেটেকাবোৰ কোলত সাবটি মৃদু মলয়াও ঝিৰ ঝিৰকৈ কঁপি থকা পানীৰ মনোৰম দৃশ্যৰ মাদকতাই সুকীয়া।

নামনি অসমৰ ভিতৰত এই বিলখন অন্যতম বৃহৎ জলাশয়। এই স্থায়ী জলাশয়টো ব্ৰহ্মপুত্ৰৰ লগত খনা জান নামৰ সৰু নদী এখনেৰে সংলগ্ন।

আহোম ৰাজত্বৰ কালত এই জলাশয়টো নৌবাহৰ হিচাপে ব্যৱহৃত কৈছিল। আনকি মোগলসকলেও ইয়াক নৌবাহৰ হিচাপেই ব্যৱহাৰ কৰিছিল।

বশিষ্ঠ আৰু কালমাৰি নদীয়েই এই জলাশয়ৰ প্ৰধান উৎস। বাৰিষা কালত এই দুখন নদীৰ জলস্ৰোতে বিলখনক সাগৰসদৃশ কৰি তোলে।

দক্ষিণে চৰ্কদৌ পাহাৰ আৰু উত্তৰে বিশ্ববিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পাহাৰৰ শ্যামলীমাৰ মাজত নয়ন জুৰোৱা বিশাল জলৰাশিয়ে গুৱাহাটীৰ পৰিৱেশ ৰক্ষা কৰাত যথেষ্ট সহায় কৰিছে।

বিলৰ পৰা খনাজান নামৰ নদীখনে উপচি পৰা পানীবোৰ উত্তৰ দিশে নাতিদূৰৈৰে বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুলৈ নিৰ্গত কৰি দিয়ে।

দীপৰ বিল এখন আন্তৰ্জাতিক স্বীকৃতিপ্ৰাপ্ত গুৰুত্বপূৰ্ণ জলাশয়। ১৯৭৯ খ্ৰীষ্টাব্দত ইৰানৰ ৰামচৰ নামৰ মহানগৰীত বিশ্বৰ জলাশয়বোৰৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাক লৈ এখন আন্তৰ্জাতিক অভিবৰ্তন অনুষ্ঠিত কৰা হয়।

এই অভিবৰ্তনত বিশ্বৰ ১৭০ খন দেশে অংশগ্ৰহণ কৰিছিল। সেই বছৰৰ ২  ফেব্ৰুৱাৰীত স্বাক্ষৰিত এই অভিবৰ্তনৰ সিদ্ধান্তবোৰ ১৯৭৫ চনৰ ২১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী কৰা হয়।

প্ৰতি তিনি বছৰৰ অন্তৰে অন্তৰে এই সন্মিলনৰ সভা বৰ্তমানেও অনুষ্ঠিত হৈ থাকে। শেহতীয়াকৈ এই সভাখন ২০১৫ চনত উৰুগুৱেৰ পল্টা ডেল এচটে নামৰ চহৰত অনুষ্ঠিত হৈছিল।

২০১৮ চনত আৰৱ এমিৰেটচৰ ডুবাইত এই অভিবৰ্তন অনুষ্ঠিত হ’ব। ৰামচৰ অভিবৰ্তনে বিশ্বৰ মুঠ ২৩০৬ খন জলাশয় গুৰুত্বপূৰ্ণ হিচাপে স্বীকৃতি দিছে।

এই জলাশয়বোৰক ৰামচৰ থলী বুলি অভিহিত কৰা হয়। সংযুক্ত ৰাজতন্ত্ৰ(ইউ কে)তেই সবাতোকৈ অধিক এনেকুৱা ৰামচৰ থলী হিচাপে স্বীকৃত জলাশয় আছে।

সেই দেশত মুঠ ১৭০ টা জলাশয় এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বিশ্বৰ সবাতোকৈ বৃহৎ ৰামচৰ স্বীকৃত জলাশয়টো ১,৪০,০০০ বৰ্গ কিলোমিটাৰ কালিৰ বলিভিয়াত অৱস্থিত।

এই অভিবৰ্তনৰ লক্ষ্য হ’ল স্থানীয় ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ মাধ্যমত বিশ্বত স্থায়ী বিকাশৰ বাবে আৱদান দিবলৈএই জলাশয়বোৰৰ সংৰক্ষণ আৰু সদ্ব্যৱহাৰ।

২০১৫ চনৰ ১৫ এপ্ৰিলত অন্তৰ্ভুক্ত কৰা ভাৰতবৰ্ষত মুঠ ২৭ টা ৰামচৰ স্বীকৃতি জলাশয় আছে। ৰামচৰ এই অভিবৰ্তনত দীপৰ বিলখন অসমৰ একমাত্ৰ থলী হিচাপে স্বীকৃত।

সেই তালিকাত অসমৰ দীপৰ বিলৰ কালি ৪০০০ হেক্টৰ অৰ্থাৎ ৪০ ব্ৰ্গ কিলোমিটাৰ বুলি উল্লেখ কৰিছে।

এইখন বিল মাছ আৰু পখীৰ বাবেই বিখ্যাত আৰু গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰা হৈছিল।

দীপৰ বিলৰ চৌপাশে জনবসতি আছে। প্ৰায় চৈধ্যখন গাঁও এই বিলৰ পাৰত অৱস্থিত। এই গাঁৱৰ বাসিন্দাসকল খিলঞ্জীয়া লোক।

প্ৰায় ১২০০ টা মান পৰিয়াল এই বিলখনৰ ওপৰতেই পোনপটীয়াকৈ নিৰ্ভৰশীল। তেওঁলোকে মাছ ধৰে আৰু বিক্ৰী কৰে। বড়ো ধানৰ খেতি কৰে আৰু বিলত উৎপন্ন মাখানি নামৰ এবিধ শস্য সংগ্ৰহ কৰি বিক্ৰী কৰে।

দীপৰ বিল মাছৰ লগতে বিভিন্ন চৰাইৰ বাসভূমি। প্ৰায় ১২০ প্ৰজাতিৰ চৰাই এই বিলৰ আবাসী। তদুপৰি শীতকালত বৃহৎসংখ্যক পৰিভ্ৰমী চৰাই ইয়ালৈ আহে।

স্থানীয় লোকসকলে যাতে এই পক্ষী নিধন নকৰে, তাৰবাবে বন বিভাগৰ ওলগতে পক্ষীপ্ৰেমী বেচৰকাৰী সন্থাসমূহে স্থানীয় লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

শীতকালত বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই এই বিললৈ বছৰি আহে। এই সময়ছোৱাত বিলৰ চৌপাশ পক্ষীৰ কলৰবত মুখৰিত হৈ থাকে। অলেখ চৰাই জলক্ৰীয়াত মগন হৈ থাকে।

এই পক্ষীকুলৰ কেইবাটাও প্ৰজাতি বিশ্বতেই বিলুপ্তিৰ আশংকাত থকা তালিকাত অন্তৰ্ভুক্ত বুলি জানিব পৰা গৈছে।

দীপৰ বিলৰ স্থায়ী আৰু অস্থায়ী আবাসী পক্ষীৰ প্ৰজাতিগত ভিন্নতাৰ পৰিপ্ৰেক্ষিতত ৱৰ্লড লাইফ ইন্টাৰ নেচনেলে দীপৰ বিলক গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ(Important Bird Area) বুলি ঘোষণা কৰিছে আৰু ইয়াৰ সুৰক্ষাৰ বাবে সৰ্বোত্তম অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজনীয়তাও দোহাৰিছে।

বিভিন্ন পক্ষীৰ উপৰি দীপৰ বিল কাছ সমন্বিতে অনেক প্ৰকাৰৰ উভচৰ প্ৰাণীৰ বসতি। ব্যাৱসায়িক ভিত্তিত উপযোগী প্ৰায় পঞ্চাশটা প্ৰজাতিৰ মাছ এই বিলত উপলব্ধ।

ইয়াত পোনা উৎপাদনৰ ব্যৱস্থাও আছে আৰু ওচৰ-পাঁজৰৰ পালকসকলে ইয়াৰ পৰা মাছৰ পোনা লৈ যায়।

দীপৰ বিলখনৰ গেক বৃহৎ অংশ বাৰিষা কালত বৃহৎ মাখানিবোৰৰ পাতবোৰে ঢাকি থাকে। আকৃতিত পদুমতকৈো ডাঙৰ আৰু ডাঠ এইবিধ জলজ উদ্ভিদক বৃহৎ ভেটফুল(Giant Water lily) বুলি চিনাক্তকৰণ কৰিছে।

ইয়াৰ পাতবোৰৰ ওপৰত বহি চৰাইবোৰে ৰৌদ্ৰস্নান কৰি থকা দৃশ্যই দৰ্শনাৰ্থীক আকৃষ্ট কৰে।

এই উদ্ভিদবোৰৰ ফুলৰ যিটো গুটি হয় তাক মাখানি বোলে আৰু ই ব্যঞ্জনত ব্যৱহৃত এবিধ দ্ৰব্য হিচাপে সুপৰিচিত। মাখানিৰ গুটিবোৰ চৰকাৰে লীজত দি ৰাহজ সংগ্ৰহ কৰে।

বিলৰ দক্ষিণ পাৰে চকৰ্দো পাহাৰখনত চেগুন গছ ৰোপণ কৰা হৈছে। এই গছবোৰে বাৰিষা কালত এক অনন্য শোভাৰ সৃষ্টি কৰে।

এই পাহাৰখনত হাতীৰ উপৰি-

*নাহৰফুটুকী বাঘ,

*হৰিণা, আদিও পোৱা যায়।

এই পাহাৰৰ সিপাৰে গাৰো পাহাৰ। এইখন পাহাৰ হাতীৰ বসতিৰ বাবে প্ৰসিদ্ধ। অতীতৰ পৰা এই বিলৰ পাৰত হাতী চিকাৰ কৰা হৈছিল।

শ্ৰদ্ধেয় তৰুণৰাম ফুকনদেৱে ইয়াতেই হাতী চিকাৰ কৰিছিল বুলি তেখেতে উল্লেখ কৰিছিল।

এনেবোৰ জীৱকুলৰ সুৰক্ষাৰ বাবেই দক্ষিণ পাৰেৰে যিটো ব্ৰডগজ লাইন গৈছে, সেইবোৰৰ গতিবেগ সৰ্বোচ্চ প্ৰতি ঘন্টাত ত্ৰিশ কিলোমিটাৰলৈ সীমিত কৰা হৈছে।

বিলত ওপজা মাখানিবোৰ হাতীৰ প্ৰিয় খাদ্য হোৱা হেতুকে জাকে জাকে হাতী বিললৈ সঘনেই অহা-যোৱা কৰে। কেতিয়াবা দিনৰ পিচত দিন ধৰিও হাতীবোৰে তাতে থাকি আহাৰ খায়।

এনেবোৰ কাৰণতেই ২০০০ চনৰ পৰা ২০১০ চনৰ ভিতৰত সৰু-বৰ দহটাকৈ হাতী ৰে’লৰ খুন্দাত পৰি নিহত হৈছে বুলি বন বিভাগে সদৰী কৰিছে।

এই ঐতিহ্যমণ্ডিত বিশ্বসমাদৃত বিলখন বৰ্তমান বিভিন্ন কাৰণত আক্ৰান্ত হৈ পৰা পৰিলক্ষিত হৈছে। আনকি ইয়াত মাছৰ পৰিমাণ হ্ৰাস পোৱাৰ লগতে চৰাইৰ সংখ্যাও দ্ৰুতগতিত কমি আহিবলৈ ধৰা দেখা গৈছে।

বিলখনলৈ অহা ভাবুকিসমূহৰ ভিতৰত ঘাইকৈ-

*বিলৰ দুয়োপাৰতেই দ্ৰুতগতিত বৃদ্ধি পোৱা জনবসতি,

*ৰাস্তা-ঘাট,

*উদ্যোগৰ বাবে প্ৰদূষণ বৃদ্ধি।

মহানগৰৰ পৰা নিৰ্গত হোৱা লেতেৰা আৰু দূষিত পানীৰ বৰ্ধিত প্ৰবাহে আন এক ভয়ংকৰ ক্ষতিৰ আশংকা আনিছে।

ইয়াৰ উপৰি বিলৰ বুকুত চলি থকা ইটাৰ ভেটা আৰু মাটি কটা আদি দৃষ্টিকটু কাৰ্যবোৰ অবাধে চলি থকা দেখা যায়। আন এক সমস্যা অপৰিকল্পিতভাৱে অত্যধিক মাছ মৰা।

বিলৰ গাতে লাগি থকা পামোহি আৱৰ্জনা নিষ্কাষণস্থলী হিচাপে নিৰ্বাচন কৰাটো এটা অতি অদূৰদৰ্শী পদক্ষেপ।

গুৱাহাটী মহানগৰীৰ পৰিৱেশ সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত ঐতিহ্যমণ্ডিত এই বিলখন সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা অতিশয় গুৰুত্বপূৰ্ণ।

চৰকাৰ আৰু প্ৰকৃতিপ্ৰেমী সংগঠনবোৰে এই ক্ষেত্ৰত এক বাস্তৱমুখী পদক্ষেপ গ্ৰহণ কৰিব লাগিব। বৃহৎ বিলখনৰ একাংশ ৪১৪ হেক্টৰ জলাশয়হে বন বিভাগে পক্ষী বিচৰণৰ বাবে সংৰক্ষিত কৰিছে।

পঞ্চাশ বছৰ আগৰ ৰামচৰ থলীখনৰ চল্লিশ বৰ্গ কিলোমিটাৰৰ পৰিৱৰ্তে মাত্ৰ দহ শতাংশ জলভাগতে সংৰক্ষিত হিচাপে চিহ্নিত কৰাটো এক অভেদ্য ৰহস্য।

বিশ্বৰ স্বীকৃত এই জলাশয়ৰ এই দুৰ্দশা দেখিলে সকলোৰে মন ভাৰাক্ৰান্ত হৈ পৰিব।

এই বিলখনৰ প্ৰতি চৰকাৰে অধিক গুৰুত্ব দিয়ক আৰু সদিচ্ছাৰে কাৰ্যপন্থালৈ ইয়াৰ ঐতিহ্য বৰ্তাই ৰাখক। এই উদ্দেশ্যে চৰকাৰৰ তৰফৰপৰা কৰণীয় কেইটামান গুৰুত্বপূৰ্ণ কামৰ বিষয় তলত উল্লেখ কৰা হ’ল-

১)ৰে’ল লাইনৰ দুকাষে বিস্তৃত বৃক্ষৰোপণ কৰিব লাগে, যাতে ৰে’লগাড়ীৰ শব্দই বিলৰ পশু-পক্ষীক আমনি দিব নোৱাৰে।

২)মহানগৰীৰ পৰা নিৰ্গত দূষিত পানীবোৰ বিলত সোমোৱাৰ আগতে যথাসম্ভৱ শোষণ কৰাৰ ব্যৱস্থা ল’ব লাগে।

৩)পক্ষীৰ বিচৰণৰ বাবে উপযোগী ব্যৱস্থা সৃষ্টি কৰি অধিক পৰিভ্ৰমী চৰাইক আকৃষ্ট কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু এই বিলখনক পক্ষী পৰ্যটনৰ স্থলী হিচাপে গঢ়ি তুলিব লাগে।

ঐতিহ্যময় দীপৰ বিলৰ সংৰক্ষণ আৰু যথাযথ প্ৰতিপালনে ইয়াক এখন অনন্য পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিব।

লেখক: পৰমেশ দত্ত(সাদিন)

শেহতীয়া উন্নীতকৰণ: : 6/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate