মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / নগাঁও জিলাৰ বুকুত কলংসুঁতিৰ কাহিনী
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নগাঁও জিলাৰ বুকুত কলংসুঁতিৰ কাহিনী

নগাঁও জিলাৰ বুকুত কলংসুঁতিৰ কাহিনীৰ বিষয়ে লিখা হৈছে ।

প্ৰস্তাৱনা

নদী পৃথিৱীৰ প্ৰথম পুত্ৰী।

নদী মানেই গতি।

নদী সময়ৰ সাক্ষী।

নদীৰ পলসুৱা মাটিত গঁজালি মেলে মানৱ জাতিৰ উত্তৰণ।

আমাৰ দেশ ভাৰতবৰ্ষ। প্ৰাচীন কালত প্ৰকৃতিয়ে প্ৰসিদ্ধ ভাৰতবৰ্ষক অন্যান্য দেশৰপৰা যেন সুৰক্ষিত কৰি বুকুত সুমুৱাইহে থৈছিল। এটা দিশে পৃথিৱীৰ উচ্চতৰ পৰ্বতমালা অন্য দিশে অপাৰ সমূদ্ৰ জলৰাশি।

ভাৰতবৰ্ষৰে উত্তৰাঞ্চলত নদ-নদীৰে উখল-মাখল অসম ভূমি। বিশ্বৰ ভিতৰত অধিক নদ-নদীৰ দেশ বুলি খ্যাত বৰ অসম।

পশ্চিমে কোচবিহাৰ, জলপাইগুৰিলৈকে বিস্তৃত এই বৰ অসমকো পৰ্বতমালাই আটোমটোকোৰিকৈ সুৰক্ষাৰে আৱৰি সামৰি থৈছিল। উত্তৰে হিমালয় পৰ্বতৰ নামনি পৰ্বতমালা, পূবে পাটকাই, নগা পৰ্বত, দক্ষিণে চট্টগ্ৰাম পৰ্বতীয় অঞ্চল।

অসমক বৈশিষ্ট্যময় কৰি তুলিছে অসমৰ বুকুৱেদি প্ৰৱাহমান বিশ্বৰ একমাত্ৰ নদ মহাবাহু ব্ৰহ্মপুত্ৰই। পৃথিৱীৰ উচ্চতম স্থান তিব্বতৰ দক্ষিণ-পশ্চিম দিশত আৱিৰ্ভূত চাংপো নামেৰে জ্ঞাত নদীখন পূব দিশে গতি কৰি প্ৰায় দুহেজাৰ দুশ কিলোমিটাৰমান আগুৱাই আহি অৰুণাচলৰ ভূমি স্পৰ্শী ভাৰতবৰ্ষত ব্ৰহ্মপুত্ৰ নামেৰে প্ৰৱেশ কৰিছেহি।

ব্ৰহ্মপুত্ৰ অসমৰ বুকুৱেদি বৈ আহি বংগোপসাগৰত লীন গৈছে। বৰলুইত, লৌহিত্য, লোহিত নামেৰেও খ্যাত মহাবাহু ব্ৰহ্মপুত্ৰ।

নদীৰ কাহিনী থাকে। থাকে কিম্বদন্তী, আখ্যান। ব্ৰহ্মপুত্ৰৰো আছে কাহিনী। কালিকা পুৰাণৰ মতে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পুত্ৰ ব্ৰহ্মপুত্ৰ। ব্ৰহ্মকুণ্ডত স্থান আছিল ব্ৰহ্মুপূত্ৰৰ।

পৰশুৰামে পিতৃ বাক্য পালিবলৈ গৈ মাতৃ হত্য কৰাত হাতৰ কুঠাৰ হাততে থাকে। তেজেৰে ৰাঙলি হাত ব্ৰহ্মকুণ্ডত পখালি সেই কুণ্ড হাতৰ কুঠাৰেৰে কাটি তাৰ পানী বোৱাই আনিৱহিল। তেজেৰে ৰাঙলি পানীৰ ধাৰাক লোহিত বোলা হয়। লোহিত মানে ৰঙা।

সেই পানীত স্নান কৰি পাপ মুক্ত হয় পৰশুৰাম। ব্ৰহ্মকুণ্ডৰ পৰা জলাধাৰ গৈ মানস সৰোবৰত পৰি তাৰ পৰা তিৰ্বতেৰে বাগৰি আহি অসম ভূমি চোৱেহি। লোহিত্য নামটোও ব্ৰহ্মাই দিয়া বুলি কালিকা পুৰাণে কয়।

এই ব্ৰহ্মপুত্ৰ, লৌহিত্য বা বৰলুইত বুকুত লৈ বিৰাজ কৰা বৰ অসমক ভাগ কৰা হৈছিল কামপীঠ, ৰত্নাপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰ পীঠ- এই চাৰি পৱিত্ৰ পীঠেৰে। আনহাতে স্থিতি অনুসৰি তিনিটা উপত্যকাৰেও ভাগ কৰা হৈছিল। সেয়া-

  • পৰ্বতীয়া উপত্যকা,
  • চুৰমা উপত্যকা,
  • ব্ৰহ্মপুত্ৰ উপত্যকা।

ব্ৰহ্মপুত্ৰ উপত্যকাৰ চিনাকি আছিল উজনি অসম, মধ্য অসম আৰু নামনি অসমেৰে।

মধ্য অসম স্বৰ্ণপীঠত অৱস্থিত বুৰঞ্জী প্ৰসিদ্ধ নগাঁও।

নগাঁৱৰ জন্ম কাহিনী ইতিহাসত ব্যাখ্যা আছে। আহোম স্বৰ্গদেউ তুহুমূঙৰ ৰাজত্ব কালত স্বৰ্গদেৱে ৰাজ্য বিস্তাৰ কৰি পশ্চিম দিশত বহু এলেকা সামৰি লয়। তাৰ পিছতে চুক্লুনফা স্বৰ্গদেৱ আৰু চুখামফা স্বৰ্গদেৱৰ ৰাজত্বকালত নানা যুদ্ধ-বিগ্ৰহেৰে পাৰ হয়। যুদ্ধত মৰিশালী হৈ পৰে পশ্চিম অঞ্চল।

১৬১১ খ্ৰীঃত চুচেংফা তথা স্বৰ্গবুদ্ধি নাৰায়ণ তথা প্ৰতাপসিংহ স্বৰ্গদেৱ হয়। তেওঁৰ দিনতে পোনপ্ৰথমে বৰবৰুৱা পদটি আৰম্ভ কৰি মোমাই তামুলীক সেই ভাৰ অৰ্পণ কৰে। আনহাতে প্ৰতাপসিংহ স্বৰ্গদেৱে ৰাজ্যও পোনপ্ৰথমে জৰীপ কৰা প্ৰথা আৰম্ভ কৰে।

আৰু মোমাই তামুলী বৰবৰুৱাৰ হতুৱাই ৰাজ্যত জৰীপ কৰোৱায়। তেতিয়াই যুদ্ধ-বিগ্ৰহত পশ্চিম এলেকা তেনেকৈ জনশূণ্য হৈ পৰাৰ কথা উমান পায়। মোমাই তামুলী বৰবৰুৱৰ্ক দূৰদৰ্শী স্বৰ্গদেৱ প্ৰতাপ সিংহই সেই অঞ্চলত নকৈ গাঁও পতাৰ ভাৰ দিয়ে।

মোমাই তামুলী বৰবৰুৱাই ন টি পৰিয়াল সংগ্ৰহ কৰি অতি সুশৃংখলভাৱে নখন গাঁও প্ৰতিষ্ঠা কৰি পেলায়। নটা পৰিয়ালেৰে ন-কৈ নখন গাঁও পতা অঞ্চলটো ‘নগাঁও’ নামেৰে পৰিচিত হৈ পৰে।

এই নগাঁও অঞ্চল আৰিকটামুখৰ পৰা কাজলীমুখলৈকে কলং সুঁতিক প্ৰাণকেন্দ্ৰ কৰি বিস্তৃত হৈ পৰে। আৰিকটামুখ ব্ৰহ্মপুত্ৰৰ দাঁতিত। কম্বদন্তী মতে ৰজা আৰিমত্তই অজ্ঞাতভাৱে যুদ্ধত পিতৃ বধি পাপবোধৰ পৰা নিস্তাৰ পাবলৈ ব্ৰহ্মপুত্ৰৰ দাঁতিত তপস্যাত বহে।

পিছে চিকাৰ কৰিবলৈ অহা পৰিনাতি জোঙোলবলহুৱে হৰিণা বুলি ভাবি শৰ বিদ্ধ কৰি বধ কৰে। তেতিয়াৰ পৰা সেই স্থানৰ নাম আৰিকটা হয় আৰু কলং সুঁতি বৈ অহা মোহনা আৰিকটমুখ হৈ পৰে।

কাল অৰুদ্ধ। উত্থান-পতনৰ প্ৰচণ্ড গতি।

বহুকাল গৰহি অহাৰ অন্তত আহোম ৰাজত্বত সমৃদ্ধ হৈ উঠা নগাঁও ইংৰাজ প্ৰশাসনৰ কালত ১৮৩৩ চনত নগাঁও জিলা ৰূপে চিহ্নিত হয়। কলাক্ৰমত নগাঁও জিলাই বুকুত হৈ থকা-

  • জয়ন্তীয়া পাহাৰ,
  • হাফলং,
  • ডিমাপুৰ,
  • কাজিৰঙা,
  • জানী,
  • মায়ং আদি এৰিবলগীয়া হৈ শীৰ্ণকায় হৈ পৰে।
  • পূৰ্বৰ পূৱে-
  • ধনশিৰি,
  • দৈয়াং,
  • নগৰ অঞ্চল,
  • পশ্চিমে কামৰূপ,
  • দক্ষিণে জয়ন্তীয়া পাহাৰ,
  • উত্তৰে ব্ৰহ্মপুত্ৰৰ ঠাইত বৰ্তমান উত্তৰে ব্ৰহ্মপুত্ৰ,
  • দক্ষিণে উত্তৰ কাছাৰ আৰু কাৰ্বি আংলং।

পূবে-

  • গোলাঘাট,
  • পশ্চিমে মৰিগাঁও মাথোন।
  • ঐতিহ্যময় নগাঁও ভূমি। যিদৰে ইতিহাস প্ৰসিদ্ধ সেইদৰে-
  • কলং,
  • কপিলী,
  • ননৈ,
  • যমুনা,
  • বৰপানী,
  • দিফলু,
  • লালীজান,
  • দেওপানী,
  • সোনাই আদি নদ-নদী আৰু অনেক জান-জুৰি, হ্ৰদ,
  • বিল আদিৰে প্ৰকৃতিৰ ৰূপতো অতুলনীয়।

নগাঁৱক সবাতোতকৈ অপৰূপ আৰু শ্ৰেষ্ঠত্বৰ কৰি তুলিছে নগাঁৱৰ বুকুৱেদি বৈ যোৱা বিনন্দীয়া কলং সুঁতিখনিয়ে।

কলং সুঁতি:

শিলঘাটৰ পূব দিশে আছে কামাখ্যা পাহাৰ। কামাখ্যা পাহাৰৰ পূবত আছে কুকুৰাকটা পাহাৰ। বুৰঞ্জীয়ে কয় পাহাৰটিৰ আদি নাম আছিল আহোম ভাষাত দৈ-কু-ৰাং অৰ্থাৎ নটা শৃংগৰ সংগম স্থান।

আহোম স্বৰ্গদেউ চুদাংফাৰ বৰগোহাঞি বিষয়া ত্যাতনবিঙ্গ আৰু নৰা ৰজা চুৰুণফা বৰগোহাঞি বিষয়া চিনপৌয়ে দুয়ো পক্ষৰ মাজত লগা ৰণ এৰি সন্ধি কৰিবলৈ এই পাহাৰটিক সীমা কৰি কুকুৰা এটা কাটি মিত্ৰতাৰ শপত লয়। তাৰ পৰাই আহোম ভাষাত পাহাৰটিৰ নাম পাট-কাই-চেং-কু- অৰ্থাৎ কটা কুকুৰাৰ শপত খোৱা পাহাৰ হয়। পিছলৈ পাটকাই পৰ্বত বা কুকুৰাকটা পাহাৰ নাম লয়।

কুকুৰাকটা পাহাৰৰ উত্তৰ ফালে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদৰ বুকুৰ পৰা এটি ধাৰা ওলাই আহি কামাখ্যা আৰু কুকুৰাকটা পাহাৰৰ মাজেৰে পশ্চিম মুৱা হৈ বৈ আহে। এই ধাৰাটিকে কলং সুঁতি নামেৰে জনা যায়। জনশ্ৰুতিত ক্ললংৰ পৰা কলং হয়।

ক্ল মানে দ-লং পানী। কলং সুঁতিয়ে পশ্চিম ফালে গতি কৰাৰ দৰে উত্তৰ কাছাৰ আৰু কাৰ্বি আংলঙৰ মাজেৰে ব্ৰহ্মপুত্ৰৰ ফালে নামনিলৈ বৈ আহিছে কপিলী নৈখনি। এইদৰে দুয়ো দিশৰ পৰা বৈ অহা দুই সুঁতি কপিলী আৰু কলং উত্তৰৰ জাগীগাঁও আৰু দক্ষিণৰ হাতীয়ামুখ গাঁৱৰ সমীপত লগালগি হৈ ‘দুসুঁতিমুখৰ ঘাট’ৰ সৃষ্টি কৰি পুনৰ আগবাঢ়ি কাজলীমুখত পুনৰ বৰলুইতৰ বুকুত মিলি যায়।

বৰলুইতৰ পৰা ওলাই আহি আৰিকটামুখৰ পৰা কাজলীমুখ্লৈকে যাত্ৰা কৰা কলঙে নিজৰ ইতিহাস ৰচিছে। পশ্চিমমুখী কলংখনি এসময়ত একাবেঁকা খৰস্ৰোতা গতিৰে অতি শক্তিশালী আছিল। কলং আছিল যেন পুনৰ ব্ৰহ্মপুত্ৰৰ বাসনাত উদ্বাউল উল্লিখিত।

কলং সুঁতিৰ গতি

নৈ এখন শক্তিশালী হৈ উঠে বিভিন্ন নৈ-বিল আদিৰ জলৰাশিৰ ওপৰত নিৰ্ভৰ কৰি। ভৌগোলিক সূত্ৰ মতে জনা যায় কলং সুঁতিও পুষ্ট হৈ উঠিছিল অনেক নৈ-বিলৰ সংস্পৰ্শত। ১৯১৫ চনৰ তথ্য মতে বৰ্তমানৰ গেলাবিলৰ নাম আছিল দিচৈ নৈ।

দিচৈ বাঘমৰাত ব্ৰহ্মপুত্ৰৰ পৰা ওলাই অহা এখন সৰু নৈৰ লগত পশ্চিমমুখী হৈ বৈ আহোতে তাতে কাকডোঙা নৈত মিলিত হৈছিল। এই নৈ মৰা ধনশিৰি নৈৰ বুকুৱেদি বৈ গৈছিল।

মৰা ধনশিৰি নৈয়ে আকৌ ডিফলু মৰা ডিফলু কাইপানী নৈক লগত হৈ আহে। ব্ৰহ্মপুত্ৰই বুঢ়াপাহাৰৰ উত্তৰ দিশত গতি সলাই দক্ষিণলৈ গতি কৰি এসময়ত ধনশিৰিক আকোঁৱালি লয়। ধনশিৰি দুটা ভাগত ভাগ হৈ পৰে আৰু এটা অংশ ব্ৰহ্মপুত্ৰৰ পৰা ফাটি পশ্চিমলৈ আহে। এই সক্ৰিয় সবল সুঁতিটোৱে কলং নাম পায়।

আনহাতে বুঢ়াপাহাৰৰ পূব অংশৰ পৰা বাৰঘোপ নামৰ নৈ এখনো ওলাই আহি পশ্চিমমুখী হৈ কুকুৰাকটা পাহাৰৰ কিছু দূৰৈত উত্তৰত গৈ কলঙত পৰে।

কাৰ্বি আংলঙৰ উত্তৰ-পশ্চিম ফালৰ পাহাৰৰ নামনিৰ পৰা উদ্ভৱ হোৱা মিছা নৈ আৰু কাৰ্বি আংলঙৰ বুঢ়া পাহাৰৰ তুংগৰ পৰা উদ্ভৱ হোৱা দিজু নৈ, এই দুয়োখনি সৱলী নৈয়েও সংগ দি কলঙৰ গতিশীলতাত অৰিহণা যোগাইছে।

ইপিনে, কাৰ্বি আংলঙৰ উত্তৰ-পশ্চিম পাহাৰৰ পাদস্থলৰ পৰা ওলোৱা ন-নৈ নামৰ নৈখনিয়েও চাপামালা হৈ আহি বহুতো জান-জুৰি সংস্পৰ্শত নিজে সক্ৰিয় হৈ হাৰিয়ামুখত কলঙত আহি গা এৰি দিছে।

ডিমৰীয়াত তৰঙা, গঘৰা, ইটিল আদি বিলবোৰৰ জলৰাশি বাগৰি বাগৰি আহি কলঙৰ বুকুত ঠাই লৈ জলপুষ্ট কৰিছে। ডুমুৰা পাহাৰৰ মাজেৰে আগুৱাই অহা গোঁসাইডোঙৰ পানীও পৰি কলঙৰ বুকু পূৰ্ণ কৰিছেহি।

সেইদৰে বমনী, দুৱৰী, নগা লগতে চেঁচাখাল, সমাইকুৰীয়া, আমখলা বিলৰ পানীৰে পূৰ্ণ কৰি তোলা কুঠৰী, দিগাৰু নৈ বৈ আহি কলঙৰ লগত একত্ৰিত হৈ অধিক শক্তিশালী কৰি তুলিছে। এইদৰে বাটত পোৱা জলৰাশিৰে পুষ্ট কলং হৈ পৰিছিল উচ্ছল উদ্দীপনাময় এটি সুঁতি।

সৰ্পিল গতিৰে আগবাঢ়ি অহা উতলা কলঙৰ কত যে অঁকোৱা-পকোৱা গাৰ ভাঁজ।

বৰলুইতৰ বুকুৰ পৰা ওলাই আহি পশ্চিমলৈ যাত্ৰা কৰা কলং সুঁতিয়ে ঘোঁৰাখাটী আৰু দীঘলী বিল, চলাবিল আদি পাৰ হৈ জখলাবন্ধা পায়হি। জখলাবন্ধাৰ পৰা পকী পথ, ৰেলপথ অতিক্ৰমী শিলঘাট পায়। তাৰ পিছত হাটবৰ, কুঁৱৰীটোল, কলিয়াবৰ আদি পাৰ হৈ দক্ষিণ-পশ্চিমলৈ আগবাঢ়ি আহে।

কেইবামাইলো আগবাঢ়ি অহা কলঙে মিছা সদৰ ঠাইত গা থৈ একেবাৰে পশ্চিমমুখী হৈ পৰে। এইদৰে কিছু দূৰ আহি মিছা নৈখনিক লগ ধৰে। তাৰ পিছত পশ্চিম-উত্তৰমুৱা হৈ আগবঢ়া কলং সুঁতি শিয়ালখাটী বিলখনৰ উত্তৰ দিশ পায়গৈ।

তাৰ পৰা কিছুদূৰ আহি পুনৰ দক্ষিণলৈ ঢাপলি মেলে। এইবাৰ কিছুদূৰ বাটকুৰি বাই আহি কলংখনি পুনৰ পূব মুখী হৈ দিজু নৈক লগ ধৰেহি। তাৰ পিছতেই পশ্চিমলৈ পুনু গতি কৰি ৰঙাগড়া চাহ বাগিচাৰ ৰঙামাটিত পলস সিঁচি কাটনি বিল, গতঙা বিলৰ পাৰেৰে আহি দক্ষিণমুখী হৈ ভটিয়াই গৈ চামগুৰি পায়হি।

চামগুৰি পায় যেন কিছু শান্ত হৈ পৰে কলংখনি। বাওঁপাৰে থকা-

  • ভেলৌগুৰি,
  • পুৰণিগুদাম,
  • আউনিআটী,
  • গোমোঠা গাওঁ,
  • উৰিয়াগাঁও,
  • ভোটাইগাঁও,
  • চকৰিগাওঁ,
  • ডিমৰুগুৰি,
  • বালিভূঁই আদি সোঁপাৰে থকা কাষৰি গাঁও,
  • সূতাৰ গাঁও,
  • চুটীয়া গাঁও,
  • মৰঙিয়াল গাঁও,
  • পহুকটা,
  • চেঁচামুখ,
  • ডিফলু আদি শুৱনি গাঁওবোৰৰ মাজেৰে নিৰিবিলি গতিত আগবাঢ়ি থাকে কলং সুঁতি।

বালিভূঁইৰ ওচৰ পাই উত্তৰ ফালে গা সলাই পুনৰ পশ্চিমমুখী হৈ নগাঁও চহৰৰ উত্তৰ দিশলৈ অলপ দূৰ ভটিয়াই গৈ কলং মাজৰ আতি গাঁওখনত ওলায়গৈ। তাতে দক্ষিণ-পশ্চিমলৈ পাক এটা মাৰি ঘূৰি পুনৰ নগাঁও চহৰৰ মানেজি নট্টম গাঁও, পুৰণা আমোলাপট্টি আদিৰ কাষেৰে আগবাঢ়ি নেহেৰুৱালি, দক্ষিণ হয়বৰ গাঁও, উত্তৰ হয়বৰ গাঁও মাজেৰে একেই গতিত গৈ শেনচোৱা পায়।

তাৰ পিছত খুটিকটীয়াৰ কিছু আঁতৰেদি দৈ দক্ষিণ ফালে শান্ত গতিত আগবাঢ়ে। তেনেদৰে আগবঢ়া কলং সুঁতিয়ে এসময়ত বৰজহা পায়হি। এইবাৰ কলং সুঁতি পোনপটীয়াকৈ পশ্চিমলৈ অগ্ৰসৰ হয়। আগবঢ়া কলং কেইবা মাইলমান আহি বুৰঞ্জী প্ৰসিদ্ধ ফুলগুৰিত ওলায়হি।

ফুলগুৰি পায় যেন পুনৰ চঞ্চলা হৈ উঠে কলং। হঠাতে পাক মাৰি দক্ষিণ-পশ্চিমমুখী হৈ পৰে। জোৰাবাৰী, কাকতী গাঁও পাই পুনৰ পশ্চিম ফালে আগবাঢ়ি আহে। কিছু পথ অতিক্ৰম কৰিয়ে পুনৰ দক্ষিণ-পশ্চিমমুখী হৈ উঠে।

আপোন গতি লোৱা লাস্যময়ী কলং আপোন বৈশিষ্ট্যতাৰে কেই মাইলমান স্থিৰ গতিৰে আহি হাৰিয়ামুখত হাৰিয়া নৈক লগ পায়। হাৰিয়ামুখৰ পৰা কিছু দূৰ পশ্চিমফালে গুচি আহে। এইবাৰ কপিলীৰ বুকু এৰি বৈ অহা নৈ এখনিক লগত লৈ ৰেলপথ অতিক্ৰম কৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ৰহাত উঠেহি।

ৰহা পাই পশ্চিমলৈ ঢাপলি মেলে কলঙে। এইখিনিতে কলং বিস্তৃত হৈ পৰে। জালুকগুটিৰ পৰা কাছধৰা গাঁও, তাৰ পিছত তৰাবাৰী গাঁওখনৰ চাৰিও কাষে পাক এটা মাৰি ঠেকেৰা গাঁও চোৱে।

এইবাৰ কলঙে তেলাহী গাঁৱৰ চাৰিআলি পাৰ হৈ ভটীয়নি গতি ধৰি গুণামৰাত ৰয়হি। গুণামৰাত চক্ৰকাৰ হৈ মথুৰাপুৰ, এজাৰবাৰী কাষেৰে আহি আকৌ এপাক ঘূৰি তেতেলীয়া পৰ্বত পায়হি।

তেতেলীয়া পৰ্বতৰ দক্ষিণ ফালে ক্ৰমে আগবাঢ়ি জাগী পায় আৰু কেইখোজমান আগবাঢ়ি হাতীয়ামুখত কপিলীক লগ পায়হি। কপিলীক পাই বাউলি কলঙে কপিলীক সাৱটি লয়।

কপিলীৰ লগ লাগি দুগুণ উৎসাহেৰে কলঙে কেইবাখনো নৈ লগতে-

  • পোতা কলং বিল,
  • চটাইমাৰী,
  • কানুৱামাৰী,
  • শিঙিমাৰী,
  • কোৱামণি,
  • জাকৰুৱা,
  • ছাকলী হাতীমৰা,
  • লটামাৰী,
  • শ’লমাৰী,
  • দন্দুৱা আদি অনেক বিলৰ মাজেৰে স্বৰ্তঃসফূৰ্তভাৱে আগবাঢ়িবলৈ ধৰে।

উচ্ছল গতিত আগবঢ়া কলং ক্ৰমে বেগৱতী হৈ উঠে। সফীত কলং মৰিগাওঁ-নখোলা পাৰ হৈ ভালেমান দূৰ ভটিয়াই এহাতে খাল বিল, দঙা বিল, জান বিল আনহাতে মনহা বিল, বৰাল বিল, দেখাল বিল, হাতী উঠা আদি বিলবোৰৰ মাজেৰে আহি দলনি পায়হি।

তাৰ পৰাই উত্তৰ-পশ্চিম দিশলৈ লক্ষ্য কৰি আমগুৰি, ভূৰবন্ধা হৈ বহু দূৰ ভটিয়াবলৈ ধৰে। তাৰ পিছতে সৰু জান দুটিক লগ পায় একেবাৰে ডিগাৰুমুখলৈ আগবাঢ়ে। তাত ডিগাৰু নৈক লগত লৈ গোবৰ্দ্ধন নামৰ পাহাৰটোৰ পশ্চিম দিশে উত্তৰমুখী হ’বলৈ ধৰে।

সেইদৰে কিছুদূৰ আগবাঢ়ি আহি একেবাৰে কাজলীমুখত উপস্থিত হয়হি। অবিৰাম গতিৰে দীঘলীয়া যাত্ৰা অতিক্ৰমী অহা কলং যেন তেনেই ভাগৰুৱা হৈ পৰে। বাটত পাই অহা সমগ্ৰ ভূমিক উৰ্বৰতাৰে অনুপম কৰি তুলি অৱশেষত চঞ্চলা স্ৰোতস্বিনী কলং সুঁতিয়ে কালজীমুখতে আপোন যাত্ৰা সামৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত থিতাপি লয় গৈ।

কলঙে গঢ়ি তোলা বিল, ডুবি:

জন্মলগ্নৰে পৰা শেষ স্থানলৈকে স্বভিমানী কলঙৰ গতি আছিল কৌতূহলময় আমোদপূৰ্ণ। উলাহী কলঙৰ আছিল ঘনেপতি পাক। ডিমৰীয়াৰ ওপৰতে আছিল চৈধ্যটি পাক। পূৰ্ণ পয়োভৰা সবাতোতকৈ ডাঙৰ পাকটিক কোৱা হৈছিল বৰপাক।

বৰপাকৰ বুকুৰ পৰা সুঁতি এটি ওলাই গৈ মিটনী পাহাৰ চুইছিলগৈ। নাম পাইছিল ‘ফাটা কলং’। পিছে কালৰ গৰ্ভত হেৰাই গৈছে সেই ফাটা কলঙৰ অস্তিত্ব।

ঘনেপতি কেঁকুৰি গঢ়ি যোৱা লাস্যময়ী কলঙে যাত্ৰা পথত অনেক এৰা সুঁতি সৃষ্টি কৰি গৈছে। এৰা সুঁতিবোৰ একো একোখন বিল, মনোমোহা হ্ৰদ, জলাশয় অথবা ডুবি হৈ শক্তিশালী কলঙৰ স্বাক্ষৰ বহন কৰি অনেক ঠাইত আজিও দ্ৰশ্যমান হৈ আছে।

কেইবাখনো পোতা কলং বিলে যেন ৰিঙিয়াই কয় কলং সুঁতিৰ প্ৰৱলতাৰ কথা। সেইদৰে কলঙৰ যাত্ৰাপথত পোৱা যায় ইমূৰৰ পৰা সিমূৰলৈ কেইবাখনো ‘মৰা কলং বিল’। ‘বৰ ব্ৰহ্মা’, ‘সৰু ব্ৰহ্মা’ ৰঙাগঢ়া ওচৰৰ কলঙৰ এৰা সুঁতিৰে পৰা জন্ম।

এৰা সুঁতিয়ে গঢ়ি যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এখনি চকুত লগা ‘চামগুৰি বিল’। ‘চামগুৰি বিল’ৰ সৌন্দৰ্যই চকুৰ পৰা নহয় লগতে বিলৰ মাছ-কাছ ওচৰৰ জনসাধাৰণৰ বাবে জীয়াই থকাৰ এক উৎসও হৈ উঠিছে।

সেইদৰে নগাঁও চহৰখনৰ দক্ষিণৰ ফালে আছে এখনি ৰূপহী বিল। নগাঁৱৰ ৰেলপথৰ পূবত ‘পোতা কলং বিল’ৰ পৰা কিছু আঁতৰত দক্ষিণে থকা বৰঘাট আৰু ধোপাজানলৈকে প্ৰসাৰিত হৈ আছে বিশাল মৰিকলং বিল।

ৰহাৰ পৰা আগবাঢ়ি কলঙে বিস্তৃত এলেকা জুৰি ‘মৰা কলং’ নৈ এখনি গঢ় দিয়ে। কাছধৰা গাঁৱত ‘কাছধৰা বিল’ এটি সুন্দৰ হ্ৰদ। তদুপৰি ‘নখন্দা বিল’ ঠেকেৰা গাঁৱত ‘ঠেকেৰা বিল’ লগতে ‘মৰা কলং বিল’ চালে কলঙৰ প্ৰাচুৰ্যতা জীপাল হৈ উঠে।

গুণামৰাতো কলং সুঁতিয়ে ‘মৰা কলং বিল’ নামৰ এখন চালে চকু ৰোৱা বিলৰ সৃষ্টি কৰা দেখা যায়। সমীক্ষা মতে কিছুমান বিল, ডুবি বা হ্ৰদৰ বহলে ডেৰশ পৰা চাৰিশ কিলোমিটাৰ আৰু দীঘলে প্ৰায় ছয়ৰ পৰা দহ কিলোমিটাৰ।

এই ডুবি, জলাশয়বোৰে কেৱল মাটি উৰ্বৰা কৰাই নহয়, মাছ-কাছৰ উভৈনদী কৰাৰ লগতে পৰিভ্ৰমী পক্ষীকে ধৰি সমগ্ৰ পক্ষীজাতিৰ উত্তৰণ ঘটাইছে।

কলঙৰ উপনৈ:

কলঙৰ বুকুত পৰি কলঙৰ গতিধাৰা সবল আৰু সক্ৰিয় কৰি তোলাত প্ৰধান উপনৈ হিচাপে আমি মিছা, দিজু আৰু ননৈৰ নাম ল’ব পাৰো।

পাতাজোখা জুৰি, বামুণী পাহাৰ নৈ, বৰজুৰি নৈৰে পুষ্ট মিছা নৈ ওলাই আহিছে কাৰ্বি আংলঙৰ উত্তৰ-পশ্চিম ফালৰ পাহাৰৰ নামনিৰ পৰা। দক্ষিণ-পশ্চিমমুখী হৈ নৈখনে মিছা অঞ্চলত প্ৰৱেশ কৰি পশ্চিমলৈ আগুৱই আহি কলঙৰ বুকুত ঠাই লৈছেহি।

সেইদৰে দিজু উপনৈখনিয়ে কলং সুঁতিক জন্মলগ্নৰে পৰা লগ এৰা নাই। কাৰ্বি আংলঙৰ বুঢ়াপাহাৰৰ উচ্চ অংশৰ পৰা বৈ অহা দিজুৱে উত্তৰ-পূবমুখী হৈ তাৰ পিছত দক্ষিণলৈ গতি কৰি দক্ষিণ-পশ্চিমমুখী হৈ বৈ আহিছে।

অহাৰ বাটত-

  • লাংচিপ্লাক নৈ,
  • জৰমান জুৰি,
  • টেৰংলাংছু,
  • কেদাংজুৰি,
  • বালিজান লগতে অনজক পানীজান,
  • লাংখাং,
  • সোণাজুৰি,
  • নপানী,
  • টেংটং,
  • জুৰি আদিক লৈ দিজু ভেলী বাগানত সোমায়।

তাৰ পিছত চালনা বাগিছা, আমলখি চাহ বাগিচা, মিছা বাগানৰ মাজেৰে পশ্চিমফালে আহি আমনিবস্তিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দেওনা পাৰ হে দুই দিশে দুটি সুঁতি হৈ আগবাঢ়ি যায়।

এটা সুঁতি গৈ শিয়ালকাটী বিলত লীন যায়। আনটি সুঁতি দক্ষিণৰ বুঢ়া-বুঢ়ি গড়খাৱৈ হৈ আহি দক্ষিণ ফালে মুখ ঘূৰাই গতি কৰি কলঙৰ বুকুত পৰেহি।

কলঙৰ আন এখনি উপনৈ ননৈ এখনি সৱল নদী। ডিফুৰ মেহেকংথু পৰ্বতৰ শৃংগৰ পৰা ওলাই পশ্চিমলৈ বৈ আহিছে। ফিলোচালাংচি জুৰি নামেৰে বৈ আহি চালনা বাগিচাৰ পূবত প্ৰৱেশ কৰি কিছুদূৰ ভটিয়াই কপিলী জুৰিৰ লগ লাগি ভৈয়ামলৈ নামি আহি ননৈ নাম লৈছেহি।

পশ্চিমমুখী হৈ বৈ অহা ননৈৰ লগ লাগেহি দিকাই নদী আৰু চেকেলাংছু নৈৰ সংস্পৰ্শত হোৱা থাই গংগা। লগতে আৰু বহু নৈৰ লগ লাগি সৃষ্টি হোৱা বৰজুৰি আৰু পানীমৰা নৈখনিও ননৈৰ লগ লাগেহি।

এইদৰে বৈ অহা উপনৈ ননৈয়ে দক্ষিণমুখী হৈ চিঙিলি জান, শিঙাজান, খনাজান, চাপানলা আৰু লংমিনিজুৰিকো সামৰি লয়। তাৰ পিছত কিছুদূৰ আহি হাতীজান, জীয়াজুৰি, শুকানজুৰি, ঘোগৰ জলাহৰ এটি জান আৰু লংটাৰিয়া জুৰিকো বুকুত লৈ পানীগাঁও পায়হি। তাৰ পিছত উত্তৰলৈ আহি পতানি নৈক সামৰি দক্ষিণ-পশ্চিমমুখী হৈ ননৈ গাঁও পায়হি। ননৈত ননৈৰ বুকুত পৰেহি হালিয়া বিলৰ জান এটি।

ননৈ গাঁৱৰ পৰা ভটিয়াই অহা ননৈয়ে তুলসী নৈ, শ’লমাৰী জান, তেতেলিচৰা, নৈৰ লগ লাগি পশ্চিমমুৱআ হৈ একেবাৰে হাৰিয়ামুখত উপস্থিত লৈ কলঙৰ বুকুত সোমাই পৰে।

এই কলঙৰ আছে বহু ৰূপ। লাস্যময়ী, বাউলী, তপস্বিনী, সংহাৰিণী। যি ৰূপঅতে নহওঁক কিয়- কলং সকলোৰে নমস্য। অতি আদৰৰ।

আহোম স্বৰ্গদেউসকলৰো কলং আছিল অতি প্ৰিয়। নামনিলৈ যাত্ৰা কৰোতে ব্ৰহ্মপুত্ৰতকৈ প্ৰাণোচ্ছল, দ গভীৰ কলঙৰ বুকুৱেদি অহা-যোৱা কৰাটো বেছি পছন্দ কৰিছিল।

ব্ৰিটিছৰ ৰাজত্ব কালতো চাহাবসকলে জাহাজেৰে কলঙৰ বুকুত যাত্ৰা কৰি দুয়ো পাৰৰ অপৰূপ প্ৰকৃতিৰ দৃশ্যৰাজি উপভোগ কৰি আত্মহাৰা হৈ উঠিছিল।

কলং পাৰৰ ইতিহাস:

নৈ বা নদী কেৱল পানীৰ সোঁত হৈয়ে নাথাকে। দুয়ো পাৰত ঠন ধৰি উঠা কৰ্ম, ধৰ্ম, কলা-সংস্কৃতিৰ যুগ যুগলৈ সাক্ষী হৈ ৰয়। কলংখনিও লিখিত অলিখিত বহু ইতিহাসৰ সাক্ষী। স্ৰোতস্বিনী কলঙৰ ধাৰাই যেন ইঠাইৰ ভৰুণগাথা সি ঠাইলৈ কঢ়িয়াই লৈ গৈ অদৃশ্য হাতেৰে এক যোগসূত্ৰ সংস্থাপন কৰিছে।

সেয়ে কলঙক এৰি দুই পাৰৰ সমস্ত অস্তিত্বই আধৰুৱা। কলঙৰ বুকুত ঠাঁহ খাই আছে সময়ৰ খিলা খিলা পাত। কলঙে সহিছিল শ শ সৈন্য বাহিনীৰ যুঁজাৰু নাৱৰ ভৰ। কলং আৰু কপিলী দুয়ো গৈ ব্ৰহ্মপুত্ৰ বুকুত ঠাই লোৱা কাজলীমুখে আহোম ৰাজত্ব কালত প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল। কাজলীমুখ আছিল নৌঘাটিৰ বাবে প্ৰসিদ্ধ। কাজলীমুখৰ অপৰূপ সৌন্দৰ্যই প্ৰতি যুগৰ মানুহৰে মন মুহি আহিছে। ভালেমান নৌযুদ্ধৰ সাক্ষী এই কাজলীমুখ। বহু ইতিহাস সামৰি থোৱা কাজলীমুখ আজিও ৰূপৰ আকৰ।

কলং কপিলীৰ মিলন স্থান জাগী। এই জাগীতে আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই জয়ন্তীয়া ৰাজ্যৰ গোপন বাৰ্তা পাই থাকিবলৈ জাগীয়াল গোঁহাই পাতি ৰাখিছিল। সেইদৰে ডিমৰুৱা ৰাজ্যৰ বা-বাতৰি পাই থাকিবলৈ কাজলীত কাজলীমুখীয়া গোহাঁই বাব দি ৰাখিছিল। এইদৰে নিজ ৰাজ্য সুৰক্ষাৰ বাবে কৰা বহু পৰিকল্পনা, পৰামৰ্শৰ ঘাটী আছিল কলংপাৰ।

কলং সুঁতিৰ পাৰতে ৰহা চকী। ৰহীয়াল বৰুৱাই আয়োজন কৰা উৎসৱত পাঁচজন কৰতলীয়া ৰজাই মাছ, কাছ, শস্য আদিৰ যোগান দিব লাগিছিল। সেই ভোজ ভাতে নদন-বদন শস্য-শ্যামলা দেশৰ উমানকে দিয়ে। নগা৬ৱৰ পশ্চিমে আৰু কলংখনিৰ কিছু উত্তৰে থকা পৰ্বতমালাৰ মধ্যস্থান ভাগ মায়ং। তন্ত্ৰ মন্ত্ৰৰ দেশ বুলি খ্যাত।

মায়ং আৰু ডিমৰুৱাৰ আহ-যাহ পথ আছিল একমাত্ৰ কলংঘাট। কলংঘাট পাৰ হৈয়ে পবিতৰা অৰণ্য। মায়ঙৰ ৰজাই মৃত্যু হোৱা গাভৰু জীয়েকৰ নামত নামকৰণ কৰা সেই অৰণ্য।

আৰিমিত্ত আৰু জোঙালবলহুৰ মাজত লগা তয়াময়া ৰণৰ সাক্ষী গোঁসাইখালৰ পানীধাৰা বৈ গৈ কলঙক যেন ডাঁৰৰ বাতৰি ডাঁৰে দিছিল।

কলং পাৰৰ কলিয়াবৰো আছিল আহোম ৰাজত্বত প্ৰধান নৌঘাটী। কলিয়াবৰতে লগা কছাৰী, মুছলমান, আহোমৰ বহু যুদ্ধৰ প্ৰত্যক্ষ সাক্ষী কলং। কলিয়াবৰৰ পূবৰ ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা কলং ওলাই অহা ঠাইৰ পৰা কাছাৰী ৰজাৰ পৰ্বতলৈকে প্ৰতাপসিংহই বান্ধিছিল ৰাঙলী গড়, চামধৰা গড় আদি।

নগাঁৱৰ কলংপৰীয়া ভোটাই শইকীয়াই দেশদ্ৰোহী লালুকসোলা বুঢ়া ফুকনক ১৬৮০ চনত শোৱা পাটীতে খুচি মাৰি নিহত কৰিছিল। প্ৰবাস আছে একে ঢকাই ভালুক মাৰিছিল ভোটাই শইকীয়াই। দেখাতো আছিল হেনো পোখ-পাখ বাহুবলী ভয়ংকৰ সাহসী মদগজ মানুহ।

অকলে খাইছিল একোকাঁহী ভাত। এসময়ত ভোটাই শইকীয়াৰ জন্ম স্থানৰ নাম হৈ পৰিলগৈ ভোটাই গাওঁ। ভোটাই ডেকাৰ সাহসী তেজৰ সোঁত যে বিয়পি পৰিছিল সমগ্ৰ নগাঁওবাসীৰ ধমনীত। কলিয়াবৰ সমীপৰ হাটবৰত তুৰ্বকৰ লগত যুদ্ধ কৰি আপোন বীৰত্ব দেখুওৱা উপৰিও নাৰী জাতিৰ হাতত তৰোৱাল তুলি দিয়া বীৰাংগনা নাৰী মূলাগাভৰুৰ শক্তিৰ সাক্ষী কলং সুঁতি।

১৫৩২ চনৰ পৰা ৫০০ বছৰে কৈ আহিছে কলঙে পতিব্ৰতা সাহসী যোদ্ধা মূলাগাভৰুৰ কথা। আনহাতে অল্প বুদ্ধিৰ আহোম স্বৰ্গদেউ চুহিতপংফাই নিজৰ দোষত মোৱামৰীয়া বিদ্ৰোহৰ কবলত পৰি নগাঁৱত আশ্ৰয় লয়।

পিছে নঁৱাৰ ৰাইজকে অত্যাচাৰ চলোৱাত নগাঁৱৰ ৰাইজে খেদি নি গুৱাহাটী পোৱায়গৈ। তেতিয়াৰ পৰা নগাঁৱৰ নাম হয় ৰজা খেদা নগঞা।

কলংপাৰ নেহেৰু বালিতে ছাত্ৰ সন্থাৰ উদ্যোগত স্বৰাজ আন্দোলনৰ প্ৰথমখন সভা বহিছিল। কলংপৰীয়া মহদা গোঁসাইয়ে স্বাধীনতা আন্দোলনত ৰেল বগৰাই ইংৰাজ শাসনৰ বিদ্ৰোহ কৰিছিল। ৰেল লাইন বগৰাই ইংৰাজ শাসনৰ বিদ্ৰোহ কৰিছিল।

ৰেল লাইন বাগৰাই ইংৰাজে সৈন্য নিধন কৰিছিল কলং পাৰৰ ৰাইজে। শ্বহীদ ভোগেশ্বৰী ফুকননী আইতা আছিল কলংপৰীয়া উৰিয়া গাঁৱৰে। তাৰ পিছতো ভাষা আন্দোলন, খাদ্য দাম বৃদ্ধি আন্দোলন, তেল আন্দোলন, বিদেশী বহিষ্কাৰ আন্দোলন সকলোতে আগ ভাগ লৈ নগঞা ৰাইজে দেখুৱাই আহিছে স্বদেশী প্ৰীতি।

ধৰ্মীয় দিশ

স্বৰ্ণপীঠ নগাঁও ভূমি কলঙৰ দুবাহুত স্থিত। বিভিন্ন জাতি, জনজাতিৰ মহামিলনৰ ঐক্যতাৰ প্ৰীতিৰ ভূমি।

প্ৰত্যেক গোষ্ঠীৰ আপোন আপোন ধৰ্মৰে জীপাল কৰা পবিত্ৰ ভূমি। ৰজা, মহাৰাজসকলৰ পৃষ্ঠপোষকতাত তাহানিতে গঢ়ি উঠিছিল নানা সত্ৰ, নামঘৰ, মন্দিৰ আদি। সত্ৰত সংৰক্ষিত আছে শ শ বছৰীয়া সাঁচিপাতৰ পুথিবোৰ।

নগাঁৱৰ টেম্বুৱনী নৈৰ পাৰৰ বৰদোৱাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পোনপ্ৰথমে নামঘৰ দথাপন কৰি বৈষ্ণৱ ধৰ্মৰ খুঁটি পোতে। বহু যাতনা বহু কষ্ট বহু দুৰ্গম অভিযানৰ অন্তত বৈষ্ণৱ ধৰ্মৰ ভেটি গজগজীয়া হয়। শ্ৰীশ্ৰী শ্যামকানু সত্ৰ কলিয়াবৰৰ ছিলাবন্ধাত সজাইছিল মোমাই তামুলী বৰবৰুৱাই।

  • আচিনা গোঁসাই সত্ৰ,
  • এলেঙী সত্ৰ,
  • বগাজান সত্ৰ,
  • বকৰিয়াল সত্ৰ,
  • বালিসত্ৰ আদি নগাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ থকা সত্ৰবোৰত চৈধ্য প্ৰসংগৰ নীতিৰে কৰা নাম প্ৰসংগৰ লগতে ভাওনা,
  • সত্ৰীয়া নৃত্য,
  • বৰগীত আদি ধৰ্মীয় পৰিৱেশত কলংপাৰ উজ্জীৱিত হৈ থাকে। প্ৰত্যেকখন চহৰ, গাঁৱতে আছে নামঘৰ।

ভাদ মাহত হৰি নামেৰে মুখৰিত হৈ উঠে এই নামঘৰসমূহ। অনুষ্ঠিত হোৱা বাৰে গঞা ভাওনাত প্ৰতিষ্ঠা কৰি লোৱা বাৰটা মণিকুট আৰু বাৰজন কৃষ্ণ, বাৰজন সূত্ৰধাৰৰ দ্বাৰা পৰিৱেশিত দৃশ্য হৈ উঠে অতি মনোৰম।

হিন্দুৰ তেত্ৰিশ কোটি দেউতা। প্ৰত্যেকে প্ৰত্যেকৰ আৰাধ্য দেৱতাৰ পূজা-অৰ্চনা কৰি আহিছে। কলঙৰ দুয়ো উপকূলত আছে অনেক মন্দিৰ, মঠ, মছজিদ, থান।

শিলঘাটৰ কামাখ্যা পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ। অশোকাষ্টমীত ভক্তৰ সমাগমে স্নানাদিকে ধৰি পূজা-অৰ্চনাৰে অভূতপূৰ্ব কৰি তোলে। তদুপৰি আৰু অনেক মন্দিৰ আছে এই পাহাৰৰ চৌপাশে। প্ৰমত্ত সিংহই স্থাপন কৰা হাতীমূৰা পৰ্বতৰ দুৰ্গা গোঁসানীৰ মন্দিৰ এক উল্লেখনীয় মন্দিৰ।

  • নন্দিকেশ্বৰ,
  • অম্বিকানাথ বাসুদেৱ থান,
  • গোপালদেৱ দেৱালয়,
  • বুঢ়ীআই থান,
  • মিছামুখ বৌদ্ধ মঠ,
  • বৰহোলা বৌদ্ধবিহাৰ ইত্যাদি।

কলং পাৰৰ নগাঁও চহৰৰ মাজৰ শ্মশানঘাট শিৱ মন্দিৰ। কলং সুঁতিৰ পাৰতে প্ৰায় আঢ়ৈশ বছৰ পুৰনি পহুকটা শিৱস্থান। কলং কপিলীৰ একত্ৰিত স্থান দুসুঁতিমুখৰ পাৰতে আছে অতি পুৰণি বুঢ়ী আইৰ থান আৰু মহামায়া থান।

দৃষ্টিনন্দন এই থাই দুখনিয়ে ভক্তৰ প্ৰাণ আপ্লুত কৰি তোলে। চামগুৰিৰ ওচৰৰ আউনীআটিত এসময়ত কলঙৰ পাৰত থকা জীৱন্ত ‘ভগৱতী আই’ৰ ঐশ্বৰিক মহিলাৰে প্ৰদীপ্ত থানে সমগ্ৰ অসমৰ জনসাধাৰণৰ বাবে হৈ পৰিছিল ভক্তিৰ পৱিত্ৰ পীঠ। কলংঘাটত স্নানৰত আইৰ চৰণত ৰৌ, বৰালী মাছে আত্মসমৰ্পণ কৰাৰ আছে নিশ্চিত প্ৰত্যক্ষ প্ৰমাণ।

কেৱল  সেই অঞ্চলকে নহয় এই ভাগৱতী আই থানে সমগ্ৰ অসমতে আউনীআটিৰ নাম প্ৰসিদ্ধ কৰি তুলিছিল। আনুমানিক ১৯৭৮ চন মানত শ বছৰ অতিক্ৰম কৰা ভাগৱতী আইৰ দেহৱসান ঘটে। এনে ঐশিক প্ৰদত্ত বহু থান আৰু মন্দিৰৰ অৱস্থান কলংপাৰত। কলিয়াবৰৰ ব্ৰহ্মপুত্ৰৰ মাজত প্ৰখ্যাত দুই মুনি শিলাই আধ্যাত্মিকতাৰ কথা সোঁৱৰায়।

তুৰ্বকৰ লগত অহা বহু সৈন্য আহোমৰ হাতত বন্দী হৈ নিগাজিগৈ থাকিবলৈ লৈ অৱশেষত নগাঁৱৰ মাটি-পানীৰ লগত একাত্ম হৈ অসমীয়া সমাজত মিলি চেনেহ প্ৰীতিৰে বান্ধ খাই পৰা বহু মুছলিম লোক স্বধৰ্ম ৰক্ষা কৰি অসমীয়া ৰূপে বাস কৰি আহিছে।

তেনে এখন বুৰঞ্জী প্ৰসিদ্ধ ঠাই পুৰণিগুদাম। উৎসৱ-পাৰ্বণত তেওঁলোকে পৰিধান কৰে পাট মুগাৰ মেখেলা চাদৰ। কলং পাৰত তাৰেই পৰিপ্ৰেক্ষিতত বহু মছজিদ গঢ়ি উঠিছে।

কলং পাৰৰ শিক্ষা:

শিক্ষা সংস্কৃতিৰ দিশতো ইতিহাস ৰচনা কৰা কলংপৰীয়া লোকৰ কীৰ্তি চিৰ যুগমীয়া। ১৯২০ চনতে চৰকাৰী চাকৰি ত্যাগ কৰি বেবেজীয়াৰ পণ্ডিত কনক চন্দ্ৰ শৰ্মাদেৱে ৰহাত পোনপ্ৰথমে জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰি অসমীয়া ভাষা সাহিত্যৰ উত্তৰণৰ বীজ সিঁচি পৱিত্ৰ দায়িত্ব লৈ পথ প্ৰদৰ্শকৰ সুনাম আৰ্জি গৈছে।

বহু শিক্ষিত কলংপৰীয়াই অসমৰ সীমা ভেদি বাহিৰতো কীৰ্তিৰে আজি নিজৰ স্বাক্ষৰ ৰাখিছে। এই শিক্ষাৰ প্ৰথম খোজ পানীগাঁও প্ৰাথমিক বিদ্যালয়, নগাঁও চৰকাৰী মজলীয়া বিদ্যালয়, নগাঁও মিছন স্কুল, কলিয়াবৰ প্ৰাথমিক বিদ্যালয়, শেনচোৱা প্ৰাথমিক বিদ্যালয়কে ধৰি ১৮২৬ চনৰ পৰা স্বাধীনতাৰ আগতে স্থাপন হোৱা তিনিশৰো অধিক বিদ্যালয়ে নগাঁৱলৈ লৈ আহিছিল শিক্ষাৰ জ্যোতি। ১৯৪৪ চনত নগাঁও মহাবিদ্যালয় স্থাপন হয়। এইদৰেই আজি শিক্ষালয়ে বৰ গছ ৰূপ লৈছে।

কলংপৰীয়া সাহিত্য জগত:

কলিয়াবৰৰ সন্তান আত্মাৰাম শৰ্মাৰ বাইবেলৰ ভাঙণি আছিল অসমীয়া ভাষাত প্ৰথম ছপা পুথি।

কবিতাৰ সুবাসেৰে অনুভৱৰ পৃথিৱী গঢ়ি কলংপৰীয়া কবিসকলে খ্যাতি ৰাখি গৈছে। দেৱকান্ত বৰুৱা এটি উল্লেখিত নাম। ৰত্ন বৰকাকতিকে ধৰি অসমীয়া ভাষাত উত্তৰোত্তৰ কামনা কৰা বিশিষ্ট সাহিত্যিক, কবি, ঔপন্যাসিকসকল-

  • মহিম বৰা,
  • ডঃ লক্ষীনন্দন বৰা,
  • কমলাকান্ত ভট্টাচাৰ্য,
  • ৰত্নধৰ বৰুৱা,
  • বুৰঞ্জীবিদ ডঃ সূৰ্য কুমাৰ ভূঞা,
  • বিৰিঞ্চি কুমাৰ বৰুৱা,
  • নৱকান্ত বৰুৱা, অতুল চন্দ্ৰ হাজৰিকা,
  • গীতিকাৰ কেশৱ মহন্ত আদি বহু কেইজনে দেখুৱাই যোৱা সাহিত্যৰ বাটত আজি দেধাৰ কলংপৰীয়া কবি-সাহিত্যিকসকল আগবাঢ়ি আহিছে।

কলা-সংস্কৃতিত কলংপাৰ

মহাপুৰুষজনাই নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে কৰা অংকীয়া নাটৰ আৰম্ভই দুৱাৰ মুকলি কৰে আধুনিক নাটকৰো। কলা-সংস্কৃতিৰ কঠিয়া সিঁচা গুৰুজনাৰ আৰ্হিত এদিন জাতিষ্কাৰ হৈ উঠে কলংপাৰ। ১৮৭০ চনত প্ৰথম কলংপাৰৰ হয়বৰ গাঁৱত ‘বীণাপানি নাট্য সমিতি’ গঠন হয়।

নগাঁৱৰ বঙালী সম্প্ৰদায়ে ১৮৯৪ চনত স্থাপন কৰা ‘নগাঁও বঙালী নাট্য সন্মিলনী’ও উল্লেখনীয়। ১৮৯৬ চনত ‘নগাঁও নাট্য মন্দিৰ’ প্ৰতিষ্ঠা হয় যদিও নাট্য আন্দোলনৰ গুৰি ধৰি পিছত ‘নগাঁও নাট্য্য সমিতি’ ৰূপে পৰিচিত হৈ উত্তৰণ ঘটায় নাট্য জগতৰ।

এই নাট্য সমিতিয়ে গঢ়িতোলে কলংপৰীয়া শিল্পী-সাহিত্যিক চন্দ্ৰ ফুকন, সাৰদাকান্ত বৰদলৈ, ভাস্কৰ যুগল দাস আদি নমস্য ব্যক্তিসকলক। ১৯৪৫ চনত কলংপাৰৰ দক্ষিণ হয়বৰ গাঁৱত প্ৰতিষ্ঠা হয় ‘নাট্য-মন্দিৰ’। ফৌজদাৰীপট্টিত আকৌ ১৯৫১ চনতে সেইদৰে প্ৰতিষ্ঠা হোৱা ‘কলা মন্দিৰ’ সংস্কৃতিৰ এটি দৃঢ় খোজ।

কলংপৰীয়া পবিত্ৰ কাকতী, নৰেন বৰদলৈ, তচদ্দুক ইউছুফ আদিয়ে বোলছবি জগতৰ ভোটাতৰা হৈ কলংপাৰ উজ্জ্বল কৰিছে। সেইদৰে বৰ্তমানেও চামে চামে যতীন বৰা, তৃষা শইকীয়াকৈ ধৰি জাকে জাকে ওলাই আহি বলিউড পৰ্যন্ত পাইছেগৈ।

কলঙৰ সোঁৱে, বাঁৱে, আকাশে-বতাহে মাতিৰ গোন্ধে আমোল মোলাই সমগ্ৰ অসম ছানি ধৰা বনগীতৰ সুৰৰ ওজা দৰদী কন্ঠৰ ৰুদ্ৰ বৰুৱাৰ জন্ম কলঙৰ পাৰৰে পুৰণিগুদামত।

সেইদৰে কেৱল অসমীয়া জাতিৰ গোন্ধেৰে উখল-মাখল সুৰৰ যাদুকৰী কন্ঠশিল্পী খগেন মহন্ত। সুৰৰ বাটেৰে গৈ অসম অতিক্ৰমী ভাৰতবৰ্ষৰ চুকে-কোনে সজাল হৈ উঠা পাৰবীন চুলতানা ভাৰতৰ এটি উজ্জ্বল নক্ষত্ৰ হৈ আছে।

কলঙৰ দুয়োপাৰৰ সংলগ্ন পথ:

কলঙৰ দুয়োটি পাৰৰ যোগমূত্ৰ ধৰি ৰাখিছিল অতীজতে কেৱল নাও যাত্ৰাৰে। মূৰত কাপোৰৰ টোপোলা লৈ সাঁতুৰি ইপাৰ-সিপাৰ হোৱাৰো বিদিত আছিল। ১৮৪৭ চনত কলঙৰ ওপৰত প্ৰথমখন কাঠৰ দলং সাজিছিল আৰু খৰচ মুঠ এহেজাৰ টকা হৈছিল বুলি জানিছিল পোৱা যায়।

স্বাধীনতাৰ বহু কালৰ পিছতহে দুই-এখন কাঠৰ দলঙৰ লগতে মাজে মাজে বাঁহৰ দলং সাজি লোৱা দেখা যায়। বৰ্তমান কলিয়াবৰৰ পৰা আৰম্ভ কৰি চামগুৰি ভেলেউগুৰি, উৰিয়া গাঁৱকে ধৰি নগাঁও চহৰতো বহুকেইখন পকী দলং আছে যদিও সদ্যহতে দুৰ্ভাগ্যবশতঃ কলং শুকাই যোৱাত ই নিষ্প্ৰয়োজন হৈ পৰিছে।

বৈচিত্ৰ্যময় কলংপৰীয়া ইতিহাসত এয়া বিহংগম দৃষ্টি মাথোন। খৰচি মাৰি লিপিবব্ধ কৰিলে কলংপৰীয়া ইতিহাস হ’ব এখনি মেটমৰা গ্ৰন্থ।

নগাঁৱৰ বুকুত অতীতৰ তেজোদ্দীপ্ত কলংসুঁতি:

বিচাৰ্য বিষয় এয়ে যে বৰ অসমৰ বিকুত ঘটা সময়ৰ দস্তাবেজ বুকুত বান্ধি নিটোল হোৱা কলং আজি নিজেই হৈ পৰিছে কাহিনীৰ শিৰোনামা। মানুহৰ পৰিকল্পনাৰ বলি হৈ শক্তিশালী মহাৰ্ঘ কলং আজি নগাঁৱৰ বুকুত ৰুগ্ন, মৃতপ্ৰায় হৈ কাল কটাইছে।

১৯৬২-৬৪ত হাতীমূৰা পাহাৰৰ সমীপত কলং সুঁতিক ভেটা মাৰি দিয়াত সদ্যহতে হৈ পৰিছে নিথৰ, অপ্ৰত্যাশিতভাৱে কিছুমান পানীৰ ডোঙা মাত্ৰ।

যদিও পোনপ্ৰথমে ভেটা মৰাৰ পিছতো দিজু আৰু মিছা নৈৰ সহায়ে কিছুকাল সজীৱ কৰি ৰাখিছিল এতিয়া আৰু সেই পৰিস্থিতি নাই। স্বচ্ছল গতিৰে কলিয়াবৰৰ পৰা খদম-দমাই বৈ থকা এই সুঁতি ২০১৫ চনত হৈ উঠিছে হৃদয়বিদাৰক।

চামগুৰিত বহুকেইটা চৰ পৰিছে। ভেলৌগুৰিত মাত্ৰ পানীৰ সৰু সৰু খাল। উৰিয়া গাঁৱৰ এখনি পাতল চাদৰসদৃশ। ভোটাইগাঁও ডিমৰুগুৰিলৈকে অ’ত ত’ত পানীৰ ডোঙাৰ মাথো সেমেকা ভূমি। মৰো-জীও কৈ আগবাঢ়িছে হয়বৰ গাঁৱৰ পশ্চিমলৈ। হয়বৰ গাঁৱৰ পকী দলঙৰ তলত ক্ৰমে আকাৰ লৈছে বিসৃদশ খালৰ।

অতীতৰ চাক্ষুস দৃষ্টিৰ ৰূপহী কলং আৰু আজিৰ কলং বিস্ময়াম্বিতভাৱে পাৰ্থক্য।

কলং আছিল অবিশ্ৰান্ত গতিৰ পূৰ্ণ পয়োভৰা ধাৰা। সেউজৰঙী, দ’ নিৰিবিলি, পৰিষ্কাৰ, বহল মায়াময়। মাছ-কাছই ঠাঁহ খাই থকা কলঙৰ উপৰুৱা পানীত টলবলাই থাকে জাক জাক চেলেকণা মাছ। গাঁৱে গাঁৱে বালিচহীয়া ঘাট।

দুয়ো পাৰৰ পৰা মধ্য ভাগলৈ দ হৈ যোৱা। মাজে মাজে চাকনৈয়া। চাকনৈয়াই কলঙৰ বুকুত আৰু দ গভীৰ ঘূলি থকাৰ কথাকে প্ৰমাণ কৰে। মাজে মাজে ক’ৰবাৰ পৰা সোঁতত উটি আহে বৰ পেনাইৰ জাক। তাতে বহি মেল মাৰে পানী কাউৰী, মাছৰোকাহঁতে। সেই ভৰ কলঙৰ বুকুত নাৱত উঠি ফুৰা কিমান যে ৰোমাঞ্চকৰ। আনন্দ অনুভূতি!

মাঘৰ বিহু চ’তৰ বিহুত উৰুকাৰ সাতদিনমানৰ আগৰে পৰা কলংঘাটত প্ৰতিদিনে গাঁৱৰ কাপোৰ ধোৱা জীয়ৰী-বোৱাৰীহঁতৰ ধুম উঠে।

কাপোৰ এচৰা শৱদ, হাঁহি-খিকিন্দালি, কথাৰ খলকনিয়ে মুখৰ কৰি তোলে কলংঘাট। সকলো প্ৰত্যক্ষ কৰি অবিৰাম গতিত বৈ থাকে কলং। চাবোন, চ’ডাৰ ঘোল পানী নিমিষতে পৰিষ্কাৰ কৰি পেলায় সোঁতে।

কলং অভূতপূৰ্ব হৈ উঠে গৰু বিহুৰ দিনা- মাহ-হালধীৰে গা ধুওৱা গৰুৰ জাকৰ সৈতে ল’ৰা-বুঢ়া-ডেকাহঁতৰ হাই উৰুমিয়ে।

মানুহ বিহুৰ দিনা কেঁচা হালধীৰে বোলোৱা শৰীৰবোৰ ধুৱাই ধুৱাই কলংসুঁতি নিজেই কেঁচা হালধীৰ প্ৰলেপত সুৱৰ্ণৰঙী হৈ স্নানৰতা হৈ পৰে।

স্বাধীনতাৰ কিছু পিছলৈকে প্ৰায় গাওঁবোৰত দমকলৰ ব্যৱস্থা নাছিল। পানীৰ কাৰণে পকী কুঁৱাৰ ব্যৱস্থা কৰি ল’লেও সংখ্যাত নিচেই কম। তাৰ পৰিৱৰ্তে প্ৰায়বোৰৰ ঘৰৰ বাৰীত নাদৰ ব্যৱস্থাহে আছিল।

কিন্তু কলংপৰীয়া গাঁওবোৰত নিজা নাদ বা পথাৰলৈ বৈ যোৱা খালৰ পানীৰ সুবিধা থাকিলেও খোৱা পানীৰ বাবে বোৱতী সুঁতি কলঙৰ পানীকে উৎকৃষ্ট বুলি বিবেচনা কৰিছিল।

সেয়ে কলং আছিল কলংপৰীয়াৰ প্ৰাণস্বৰূপ। বিয়লি কাষত গাগৰি লৈ কলঙৰ পৰা ঘৰলৈ উভতা গাভৰু জীয়ৰী-বোৱাৰীহঁতৰ দৃশ্য হৈ উঠে অপূৰ্ব।

কলিয়াবৰৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বৈ যোৱা সফীত কলং সুঁতি আজি মৃত্যুৰ দুৱাৰ মুখত।

ভগৱানৰ অসাধাৰণ সৃষ্টি নদ-নদী, জান-জুৰিবোৰ কেৱল আপুৰুগীয়া সৌন্দৰ্যৰাশিয়ে নহয়, ধৰিত্ৰীক সদা সুজলা-সুফলা কৰি শীতলতা ৰক্ষা আৰু জীৱনী শক্তি প্ৰদান কৰাৰ উপৰিও প্ৰাণী জগতক অবাঞ্চিত ৰোগ-ব্যাধিৰ পৰা ৰক্ষা কৰা প্ৰাণহৈতিষীও।

উপসংহাৰ:

নৈ এখনৰ মৃত্যু হোৱা মানে তাৰ পাৰত গঢ় লৈ উঠা সভ্যতা, সংস্কৃতিৰো অকাল মৃত্যু হোৱা। মৃত্যু হয় দুই পাৰৰ প্ৰকৃতিয়ে অকপটভাৱে উজাৰি দিয়া অৱদানসমূহো। কলং সুঁতিৰ দুই পাৰৰো আজি সেই অৱস্থা।

আজি মানৱ জাতিয়ে সৌৰ জগতত প্ৰাণীৰ উপযোগী গ্ৰহ বিহাৰি ঘুৰ্মুটিয়াই ফুৰিছে। অথচ ভগৱানৰ অভিনৱ অৱদান আমাৰ আপোন মাতৃ পৃথিৱীকে ৰক্ষণাবেক্ষণ দিয়াত যেন অসফল হ’বলৈ ধৰিছে।

সৌৰজগতৰ নটা গ্ৰহৰ তৃতীয় গ্ৰহ আমাৰ পৃথিৱী। বিজ্ঞানে আৱিষ্কাৰ কৰা তথ্য সূত্ৰৰ পৰা জনা যায় পৃথিৱীয়ে এনে এক ভাৰসাম্যতাত সূৰ্যৰ পৰা দূৰত্ব ৰক্ষা কৰি অৱস্থান ল’লে য’ত ঠিক পৰিমিত পৰিমাণৰ সূৰ্যৰ পোহৰ আৰু তাপ পাব পাৰি।

এক বিন্দুও তাৰ তাৰতম্য ঘটা হ’লে অন্য গ্ৰহৰ দৰেই পৃথিৱী নিৰৰ্থক হৈ কেৱল এটা গ্ৰহ নামেৰে পৰিচিত হৈ থাকিলেহেঁতেন।

অকল সেয়ে নহয়, জীৱ ৰক্ষাৰ বাবে পৃথিৱীয়ে এনে এখন চুম্বকীয় ঢাল(Magnetic shield) তৈয়াৰ কৰি লৈছে যি ৰক্ষা কবচ ঢালে সৌৰ ধুমুহাৰ পৰা আমাক ৰক্ষা কৰি আছে।

এনে পৃথিৱীত জন্ম গ্ৰহণ কৰি সৌভাগ্যশালী হোৱা লৈছে যি ৰক্ষা কবচ ঢালে সৌৰ ধুমুহাৰ পৰা আমাক ৰক্ষা কৰি আছে।

এনে পৃথিৱীত জন্ম গ্ৰহণ কৰি সৌভাগ্যশালী হোৱা মানৱ সমাজৰ পৃথিৱীখনক ৰক্ষা কৰাটো নিতান্ত দায়িত্ব। সমগ্ৰ বিশ্বৰ পৰিৱেশ বিজ্ঞানীসকলে গোলকীয় উষ্ণতাত উদ্বিগ্ন প্ৰকাশ কৰি মানৱ জাতিক অহৰহ সতৰ্ক কৰি আহিছে।

আপোন স্বাৰ্থত মানৱে সেই কথা হৃদয়ংগম নকৰাতো দুখঃজনক। পৃথিৱীক ৰসাল জীপাল কৰি নাতিষিতোষ্ণ কৰি ৰখাত নদ-নদীৰো আছে অপৰিহাৰ্য অৱদান।

অতি পৰিতাপৰ বিষয় কলংপৰীয়া ৰাইজে গতিৰুদ্ধ কৰা কলঙক ৰক্ষা কৰিব নোৱাৰাই নহয়, গৌৰৱান্বিত কলং সুঁতিৰ মৰ্যাদাও চূৰ্ণ কৰিছে। এসময়ৰ মন মুহি নিয়া কলংখনি জাবৰ-জোঁথৰ পেলাই আজি নৰ্দমাৰ ৰূপ দিবলৈ অগ্ৰসৰ হৈছে।

নগাঁও জিলাৰ কলংখনি হয়তো এতিয়াও আপেক্ষিতা পুনৰাৱৰ্তনৰ বাবে। হয়তো কলং এতিয়াও হৈ আছে অন্তঃসলিলা। বৰ্তমান বিজ্ঞানৰ অগ্ৰগতিয়ে তুংগত উঠা পৰিপ্ৰেক্ষিতত আশা কৰিব পাৰি পীড়িত কলংখনিয়ে মানুহৰ প্ৰচেষ্টাত পূৰ্ণজীৱন পাওঁক।

কলং আকৌ হৈ উঠক ৰাংঢালী ৰূপহী। চেঁচা পমি যোৱা জাক জাক বৰষুণে লৈ আহক দুকুল ওপচা ভৰুণ সোঁতৰ টলবল ধাৰ।

লেখিকা: নীলিমা বৰা

2.0
ফাৰুক আব্দুললা Apr 13, 2019 12:38 AM

চামগুৰি বিলৰ দৈৰ্ঘ কিমান?

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top