মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / পাহৰণিৰ গৰ্ভত অন্য এগৰাকী মহাপুৰুষৰ ৩০০ তম্ মৃত্যু-বাৰ্ষিকী
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পাহৰণিৰ গৰ্ভত অন্য এগৰাকী মহাপুৰুষৰ ৩০০ তম্ মৃত্যু-বাৰ্ষিকী

পাহৰণিৰ গৰ্ভত অন্য এগৰাকী মহাপুৰুষৰ ৩০০ তম্ মৃত্যু-বাৰ্ষিকী

সুদীৰ্ঘ ৬০০ বছৰৰো অধিক কাল অসম দেশত ৰাজত্ব কৰা ইন্দ্ৰবংশীয় আহোম স্বৰ্গদেউসকলৰ ইতিহাস সমগ্ৰ ভাৰতীয় উপমহাদেশতেই অতুলনীয়৷ ছটা সুদীৰ্ঘ শতিকাৰো অধিক কাল নিৰৱচ্ছিন্নভাৱে ৰাজত্ব কৰাৰ উপমা বুৰঞ্জীয়ে ঢুকি পোৱাৰে পৰা ভাৰতীয় উপমহাদেশৰ অন্য ৰাজবংশত পাবলৈ নাই৷ আহোম স্বৰ্গদেউসকলৰ ভিতৰত স্বৰ্গদেউ ৰুদ্ৰসিংহকেই বহু ইতিহাসবিদ, পণ্ডিত আদিয়ে শ্ৰেষ্ঠ আখ্যা দিছে৷ বৰ অসমক একত্ৰিত কৰাৰ অন্তিম প্ৰয়াস কৰা স্বৰ্গদেউ জনাৰ আজি ৩০০ বছৰীয়া মৃত্যু বাৰ্ষিকী৷ ১৬১৭ শকৰ ১৪ ফাগুনত সিংহাসন আৰোহন কৰা সতী জয়মতীনন্দন লাই গোহাঁইদেৱে গড়গাওঁ নগৰত শিঙৰিঘৰত উঠি আহোমমতে চুখ্ৰুংফা (চুখ্ৰাংফা !) আৰু হিন্দুমতে ৰুদ্ৰসিংহ নাম লয়৷ স্বৰ্গদেউজনাৰ দিনতে অসম দেশ শাক্ত আৰু বৈষ্ণৱ পন্থীৰ অভিনৱ মিলন তথা সহিষ্ণুতাৰ পীঠস্থানলৈ ৰূপান্তৰিত হৈছিল৷ দেউতাক স্বৰ্গদেউ গদাধৰ সিংহই দূৰ-দূৰণিলৈ স্থানান্তৰিত কৰা গোসাঁই-মহন্তসকলক আনি তেওঁ মাজুলীত সংস্থাপন কৰায়৷ তেতিয়াৰ পৰাহে মাজুলী বৈষ্ণৱ সংস্কৃতিৰ প্ৰধান ঠাই হ’ল৷ প্ৰবাদমতে প্ৰাচীন প্ৰাগজ্যোতিষৰ ৰজা ভগদত্তই বৰ্তমানৰ বাংলাদেশত সাগৰৰ উপকূলীয় অঞ্চলত ৰংপুৰ নামেৰে নিজৰ শীতকালীন ৰাজধানী সজাইছিল৷ সেই নামটোকে লৈ ৰুদ্ৰসিংহ স্বৰ্গদেৱে শিৱসাগৰৰ ওচৰৰ মেটেকাত ৰংপুৰ নগৰ প্ৰতিষ্ঠা কৰিলে৷ উক্ত নগৰ নিৰ্মাণৰ বাবে তেওঁ কোচবিহাৰৰ পৰা ঘনশ্যাম নামৰ খনিকৰ অনাইছিল৷ মাতৃ জয়মতীৰ স্মৃতি যুগমীয়া কৰাৰ স্বাৰ্থত তেওঁক শাস্তি দি মৰা জেৰেঙা পথাৰৰ ঠাইডোখৰক মাজ কৰি জয়সাগৰ পুখুৰী আৰু জয়দৌল সজায়৷ উক্ত পুখুৰী আৰু দৌলত পুৰোহিতালি কৰিবৰ বাবে তেওঁ বংগ, কাশী, কনৌজ আদিৰ ব্ৰাহ্মণ আনিছিল৷ আহোম ৰাজধানী ৰংপুৰ আৰু ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী উদয়পুৰৰ মাজত স্বৰ্গদেউজনাৰ দিনতে সু-সম্পৰ্ক প্ৰতিষ্ঠা হয়৷ ৰংগনাথৰ দ’ল-পুখুৰী, ফাকুৱা দ’ল, নামদাং আৰু ডিমৌৰ দুই শিল সাঁকো, খৰিকটীয়া আলি, দুবৰনি আলি, মেটেকাৰ আলি আদি স্থাপত্য-ভাস্কৰ্য; অসম দেশলৈ পোন প্ৰথমে হিন্দুস্তানী সংগীত কলাৰ আমদানি, পৰম্পৰাগত সাজ পোচাকৰ ঠাইলৈ ভাৰতৰ অন্য প্ৰান্তৰ ঠেঙা-চোলা আদি তেতিয়াৰ দিনৰ আধুনিক পোচাক, চিত্ৰকলা, খাদ্যাভ্যাস, বাদ্যযন্ত্ৰ আদিৰ আমদানি হয়৷ স্বৰ্গদেউজনাক বহুতে নিৰক্ষৰ আছিল বুলি ক’ব খোজে যদিওঁ তেওঁ নিজে বহু গীত-মাত তথা শৈৱ পন্থীসকলৰ বাবে পোন প্ৰথমবাৰৰ বাবে সংস্কৃত “শিৱপুৰাণ”ৰ অসমীয়া অনুবাদ কৰা বাবে নিৰক্ষৰ সম্পৰ্কীয় বিষয়টো বিবাদাস্পদ৷ এওঁৰ দিনতে কটকী ৰত্ন কন্দলি শৰ্মা আৰু অৰ্জুনদাস বৈৰাগীয়ে ৰচনা কৰা ‘ত্ৰিপুৰা দেশৰ কথা’ অসমৰ ইতিহাসৰ এক মূল্যৱান সম্পদ৷ কিন্তু দুখৰ কথা, সেই আপুৰুগীয়া পুথি এতিয়া লণ্ডনৰ বৃটিছ মিউজিয়ামৰহে সম্পত্তি৷ মৃত্যুৰ পিছত হিন্দু নিয়মেৰে কাষ্ঠ সংস্কাৰ কৰা আহোম নৃপতি হিচাপেও ধাৰ্মিক সহনশীলতাৰ প্ৰতিমূৰ্তিস্বৰূপ স্বৰ্গদেউ ৰুদ্ৰসিংহই হ’ল প্ৰথম৷ তেওঁৰ মৃত শৰীৰ উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰ পাহাৰত সম্পূৰ্ণ হিন্দু নিয়মেৰে দাহ কৰা হৈছিল৷ নিজ বাহুবলেৰে ১৭০৬ খ্ৰীঃত স্বৰ্গদেৱে জয়ন্তীয়া ৰজা ৰামসিং, কছাৰী ৰজা তাম্ৰধ্বজ আদিক পৰাভূত কৰি বংগদেশ জয় কৰাৰ মানসেৰে কছাৰী, জয়ন্তীয়া, ডিমাচা, ডফলা আদিৰ সু-সজ্জিত বিশাল সৈন্যবাহিনী গুৱাহাটীত একত্ৰিত কৰি বৰ অসমক এক কৰি ৰখাৰ অন্তিম প্ৰয়াস কৰিছিল৷ কিন্তু দুৰ্ভাগ্যজনকভাবে গুৱাহাটীতে স্বৰ্গদেউৰ নৰীয়াত পৰি মৃত্যু হয়৷ ১৬৩৬ শকৰ ১৩ ভাদত(১৭১৪ চন) মহাপুৰুষজনাৰ মৃত্যুৰ লগে লগেই যেন চিৰদিনৰ বাবেই নিৰ্বাপিত হ’ল বৰ অসমৰ একত্ৰিকৰণৰ অন্তিম আশাও৷ অসমৰ বহু মুধাফুটা জাতীয়তাবাদী দল-সংগঠনে অসম তথা অসমীয়া ভাষা, কলা, সাহিত্য, সংস্কৃতি ৰক্ষাৰ বাবে টেঁটুফালি অহাৰ সময়তে কিন্তু অসমৰ ইতিহাসৰ চিৰনমস্য যুগস্ৰষ্টা সৰ্বশ্ৰেষ্ঠ স্বৰ্গদেউগৰাকী আজি অৱহেলিত হৈ ৰৈছে৷ অসম দেশৰ বৰভেঁটি গঢ়োতা স্বৰ্গদেউ চ্যু-কা-ফা, মূলাগাভৰু, বীৰ লাচিতক আমি যিমান জানো তাৰ তুলনাত কিন্তু স্বৰ্গদেউ ৰুদ্ৰসিংহ আজিও অৱহেলিত৷ ৰাজ্যৰ সাংস্কৃতিক বিভাগটিৰ দ্বাৰাও স্বৰ্গদেউজনাৰ জীৱন আৰু কৰ্মৰাজিৰ নহ’ল উচিত মূল্যায়ন৷ বৰ্তমান অসমৰ জাতীয় জীৱনৰ এই সংকটপূৰ্ণ সময়ত আমি বিচাৰিছোঁ অসমৰ গৌৰৱপূৰ্ণ আহোম ৰাজত্বৰ সৰ্বশ্ৰেষ্ঠ স্বৰ্গদেউগৰাকীৰ প্ৰতি উচিত সন্মান তথা দ্বায়িত্ববোধ৷ যি জাতিয়ে নিজৰ শিপাস্বৰূপ ইতিহাসক নিচিনে তাৰ উদগতিয়েই বা ক’ত!

ৰাজীৱ শৰ্মা

2.9387755102
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top