অসমৰ পুৰণি নাম আছিল প্ৰাগজ্যোতিষপুৰ। পুৰণি ধৰ্ম পুথিয়ে কয়, এই ৰাজ্যত জ্যোতিষ বিজ্ঞানৰ চৰ্চা চলিছিল বাবে এই নাম হয়গৈ।
প্ৰাগজ্যোতিষ গুচি এদিন এই ৰাজ্যৰ নাম হয় কামৰূপ। ধৰ্ম পুথি মতে এই ৰাজ্যত প্ৰভূ শিৱৰ অভিশাপত কাম দেৱতা ভস্ম হৈছিল। পিছত তেওঁৰ দয়াতে প্ৰাণ পাইছিল। কাম দেৱতাৰ পূৰ্ণৰূপে পোৱা অনুসৰি এই ৰাজ্যৰ নাম হয়গৈ কামৰূপ।
এই কামৰূপ এসময়ত পশ্চিমে বৃহৎ নদী কৰতোৱা পৰা পূৱে দিখৌ নৈলৈকে আছিল। ব্ৰহ্মপুত্ৰ উপত্যকাৰ কামৰূপৰ ভিতৰত আছিল ভূটান, ৰংপুৰ, কোচবিহাৰ উত্তৰ-পূব মৈমনচিঙ আৰু গাৰোপাহাৰ।
কামৰূপ ৰাজ্যখনৰ চাৰিটা পীঠ- মানে চাৰিটা পবিত্ৰ অঞ্চলত ভাগ কৰা হৈছিল। সেইমতে উজনি অঞ্চলক সৌমাৰ পীঠ, মধ্য অঞ্চলক স্বৰ্ণপীঠ, নামনি অঞ্চলক কামপীঠ আৰু সোনকাষ নৈখনৰ পৰা কৰতোৱা নৈ লৈকে ৰত্নপীঠ।
এদিন কামৰূপ ৰাজ্যলৈ আহোমসকলৰ আগমন হ’ল। আহোমৰ শৌৰ্য্য-বীৰ্য্যই কামৰূপৰ নাম ম্লান কৰি অসম নামে পৰিচিতকৰিলে।
আহোমৰ প্ৰথম জনা স্বৰ্গদেউৰ নাম আছিল চাওলুং চুকাফা। তেওঁ অতি পৰাক্ৰমী দুৰ্দান্ত সাহসী আৰু বীৰ পুৰুষ আছিল।
য়ুং-ৰি-মুঙ-ৰাম নামৰ পৰ্বতৰ ৰাজ্য এখনৰ তেওঁ ৰাজকোঁৱৰ আছিল।
চাওলুং চুকাফা আছিল তাই বংশৰ লোক। অসমৰ সীমাৰ পৰা চীন দেশৰ প্ৰায় মাজভাগলৈকে তাই সকলৰ বসতি আছিল। ‘তাই’ৰ অৰ্থ হ’ল- স্বৰগৰ পৰা অহা লোক। চুকাফাৰ পূৰ্ব পুৰুষসকল স্বৰ্গৰ পৰা অহা বুলি জনাজাত আৰু ইয়াৰ এটি অতি মনোৰম কাহিনী আছে-
মহাপ্ৰভূ লেঙডন স্বৰ্গৰ অধিপতি। তেওঁ আঠলক্ষ দেৱতা আৰু মহাশক্তি ব্ৰজৰ ৰজা। এবাৰ তেওঁ লক্ষ্য কৰিলে- পৃথিৱীত ধাৰ্মিক লোক নোহোৱা হৈছে। কোনো শাসক নাই। কটা-কটি, মৰা-মৰি, হিংসা-হিংসি, চুৰি-ডকাইটি, অপহৰণ আদি বেয়া কামবোৰ ঠাঁহ খাই পৰিছে মানুহৰ দুৰ্গতিৰ সীমা হৈছে।
এনেদৰে চলি থাকিলে পৃথিৱীখনৰ পৰা এদিন জীৱৰ চিন-মোকাম নোহোৱা হৈ পৰিব। ই বৰ ডাঙৰ কথা হ’ব। সেয়েহে- এদিন লেঙডন প্ৰভূৱে সকলো দেৱতাকে গোট খুৱাই এখন সভা পাতিলে।
সভালৈ পোহৰৰ দেৱী জাংছিংফা, কুঁৱলিৰ অধিপতি ছাই-ফুন-ন্যাই-ন্যাই, স্বৰ্গৰ প্ৰতাপী গিয়ানী বৃদ্ধ দেৱতা লাও-ফ্ৰী আৰু স্বৰ্গৰ প্ৰতাপী ৰজা লেঙডনৰ পুত্ৰ থেন-খাম ও আহিল।
লেঙডন প্ৰভূৱে পৃথিৱীত চলি থকা আৰজকতাৰ কথাবোৰ বিবৰি ক’লে। তেওঁ সকলোকে উপায়ৰ কথা চিন্তা কৰিবলৈ অনুৰোধ কৰিলে। অৱশেষত সকলোৱে ভাবি-চিন্তি চাই লেঙডনৰ পুত্ৰ থেন-খামকে পৃথিৱীৰ শাসক হোৱাটো ঠিক কৰিলে।
সেয়ে লঙডন প্ৰভূৱে পুত্ৰক পৃথিৱীলৈ যাবলৈ ক’লে। কিন্তু স্বৰ্গ এৰি অশান্তিৰে ভৰা পৃথিৱীলৈ আহিবলৈ থেন-খামে অকণো মন নকৰিলে। তেতিয়া দেৱী জাংছিংফাই থেন-খামৰ দুই পুত্ৰকে পৃথিৱীলৈ পঠিওৱাৰ কথা ক’লে।
সকলোৱে হয়ভৰ দিয়াত লেংডেন প্ৰভূৱে দুই নাতি খুংলুং আৰু খুন লাইক পৃথিৱীলৈ যাবলৈ ক’লে। ককাকৰ কথাত দুয়ো মান্তি হ’ল।
প্ৰভূ লেঙডনে দুই নাতি খুনলুঙ আৰু খুন-লাইফ বহু সজ উপদেশ দিবলৈ ধৰিলে। তেওঁ ক’লে ‘তোমালোক দুই ভাই মিলাপ্ৰীতিৰে ৰাজ্য শাসন কৰিবা। কাকো অন্যায় নকৰিবা। প্ৰজাৰ হিতৰ বাবে মন দিবা কোনোবাই তিৰোতা জাতিক আৰু মাতৃক উৎপীড়ন কৰিলে দুছেও কৰিবা, তেনে পাপীৰ মুখ চাব নেপায়’।
হেংদাং এখন দি ক’লে- ‘এইখন সাধাৰণ তৰোৱাল নহয়। এই হেংদাঙে তোমালোকৰ শত্ৰু নাশ কৰিব। এইখন ৰাজসভাৰ মাজৰ খুটাটোত থবা। যি ফালে ধাৰ আছে প্ৰভূক স্মৰণ কৰি সাতবাৰ অভিবাদন জনাবা আঠুকাঢ়ি।
বছৰৰ শেষত ভালকৈ চাফা কৰিবা আৰু ধাৰ দিবা’। চোমডেও ইশ্বৰৰ সোণৰ মূৰ্তি থকা টেমা এটা দি ক’লে, মাটিত কেতিয়াও নেপেলাবা, বছৰৰ শেষত এবাৰ খুলি চাবা আৰু গা ধুৱাবা।
দেৱী জাছিংফাই ক’লে- ‘তোমালোকক ককাদেউতাৰা- ব্ৰজৰ অধিপতি মহাপ্ৰভূৱে পৃথিৱী কৰিবলৈ পঠিয়াইছে। আমি আশীবাৰ্দ কৰিছো, তোমালোকে বিজ্ঞভাৱে নিয়াৰিকৈ পৃথিৱী শাসন কৰা। চ’ত মাহত যেতিয়া নানা ৰঙৰ ফুলবোৰ ফুলিব তেতিয়া ভাল দিন এটা চাই দেৱতাসকলক পূজা-সেৱা এভাগ আগবঢ়াবা।
আঠলক্ষ দেৱতাৰে সতে সৰগৰ পৰা গৈ লেঙডন প্ৰভূৱে সেই পূজা গ্ৰহণ কৰিবগৈ। প্ৰভূৱে দিয়া সকলো উপদেশ সদায় মনত ৰাখিব। পৃথিৱীত অশান্তি হোৱাত আগতেও লেঙডন এজনক পঠিয়াইছিল, পিছে উপদেশ মতে নচলাত ধ্বংস হ’ব লগা হ’ল। কথাবোৰ মনত ৰাখিবা।
সোণৰ জখলাৰে দুয়োকো নমাই স্বৰ্গৰ পৰা পৃথিৱীলৈ পঠিয়ালে।
৫৬৮ চনত দুয়ো আহি পৃথিৱীত নামিলহি। বৰ যতন আৰু কষ্টেৰে তেওঁলোকে এখন ৰাজ্য গঢ়ি তুলিলে। ৰাজ্যখনৰ নাম দিলে যুং-ৰি-মুং ৰাম।
অতীজতে এচিয়াৰ দক্ষিণ-পূৱ অঞ্চলত এই ৰাজ্যখন পৰিছিল। মেকং নামৰ নৈখনৰ উপত্যকাত থকা যুংৰিমুঙৰাম ৰাজ্যখনৰ আন এটা নাম আছিল মং-মাও-লুঙ।
৪৬৮ বছৰ কাল খুনলাই আৰু খুনলুঙৰ বংশধৰসকলে য়ুংৰিয়ুংৰামত বৰ নিয়াৰিকৈ ৰাজ্যশাসন কৰিলে। শেষলৈ এই ৰাজ্য দহখন প্ৰদেশত ভাগ হ’ল। প্ৰতিখন প্ৰদেশ একোজনকৈ দহজন ৰাজকোঁৱৰে শাসন কৰিলে। ৰাজকোঁৱৰ সকলক চাও-ফা বুলি কোৱা হৈছিল। মঙমাওলুঙ ৰাজ্যখনৰ ৰাজধানীখনৰ নাম আছিল চানচেত।
চাওলুং চুকাফাৰ কাহিনী বৰ মনোৰঞ্জক। চুকাফাৰ পূৰ্বপুৰুষ সকল আছিল খুঙলুঙ বংশধৰ। ৰাজধানী চানচেতত ককাদেউতাকৰ কাৰেঙত ১১৮৬ চনত চুকাফাৰ জন্ম হৈছিল।
তেওঁ পিতৃৰ নাম চাও চাং-ন্যেউ। ফু-চাং-কাং নামেৰেও তেওঁক জনা যায়। মাকৰ নাম আছিল নাং-মং-ব্লক-খাম-চেং। চু-জুৎ-ফা আৰু চুখাম ফা নামৰ তেওঁৰ দুজন ককায়েকো আছিল।
চুকাফাই ওঠৰ বছৰ কাল য়ঙৰি মুঙৰামত ৰাজ্য চলালে। এদিন নতুন ঠাই বিচাৰি সেই ৰাজ্য এৰি থৈ আহিবলৈ ওলাল। ১২১৫ চনত তেওঁ নিজ ৰাজ্য এৰি নতুন ৰাজ্য পাতি ৰজা হোৱাৰ মনেৰে হাতী-ঘোৰা লৈ যাত্ৰা আৰম্ভ কৰিলে।
তেওঁৰ লগত আহিল তিনিগৰাকী ৰাণী, দুজন মন্ত্ৰী, পাঁচজন কোঁৱৰ আৰু চাৰিজন পুৰোহিত। লগত আইন সৈন্য সামন্ত কিছুমানো আহিল। তেওঁলোকৰ গোঁসাই চোমদেও কো পুৰোহিতসকলে আনিবলৈ নেপাহৰিলে।
বহুদিন চুকাফা ৰজা পাটকাই পৰ্বতত ঘূৰি ফুৰিলে। তাৰ পিছত আহি হুকং উপত্যকা পালেহি। তাতে আৰু বহুতো তাই জাতিৰ মানুহ আহি লগ লাগিলহি। গোটেইমখাই অতি কষ্টেৰে দুৰ্গম পথবোৰত বাটকুৰি বাই আগুৱাবলৈ ধৰিলে। এদিন পাটকাই পৰ্বত পাৰ হৈ আহি ১২১৮ চনত খামজাং নামৰ নৈখনৰ পাৰ পালেহি।
নৈখন পাৰ হৈ তেওঁলোক নগা ৰাজ্যৰ নুং ন্যাংগ নামৰ পুখুৰীটোৰ পাৰত উঠিলহি। তাতে কিছুদিন কটাইছিল। পিছে নগাবোৰে অচিনাকি মানুহবোৰ দেখি খেদি আহিল। তাতে দুয়ো পক্ষ মানুহৰ যুঁজ হ’ল। যুঁজত চুকাফা ৰজা জিকিল। তেওঁ নগা ৰাজ্যখনকে তলতীয়া কৰি ললে।
সেই ৰাজ্যত ডাঙৰীয়া এজনক শাসন কৰিবলৈ দি তেওঁ স-সৈন্যৰে ভৈয়ামৰ ফালে নামিবলৈ ধৰিলে। পুৰোহিতক ক’লে- ‘যি দেখা, যি কৰা হয় সকলো লিখি যাব লাগে’। পুৰোহিতে তাকে কৰিলে। ঘাটে-বাটে হোৱা সকলো কথা লিখি গ’ল।
তেতিয়া ১২২৭ চন। চাওলুং চুকাফা আহি ভৈয়াম পালেহি। নামবং নদীৰ পাৰত তেওঁ জিৰণি ললে। তাৰ পিছত নৈৰ পাৰে পাৰে আগুৱাই আহি নামৰূপক নামৰ ঠাইখন পাই, তাতে বাহৰ পাতিলে। তাত অসুবিধা পাই সৰহ দিন থাকিবলৈ মন নকৰিলে।
তেওঁলোকে নৈৰে যাত্ৰা আৰম্ভ কৰিলে। কাৰণ অচিনাকি ঠাইবোৰত বৈ যোৱা নৈ বোৰেই সাৰথি। চেচা নামৰ নদীখন পাৰ হৈ দিহিং নৈৰ পাৰ পালেহি। তাতো সুবিধা নেদেখিলে।
তন্ত্ৰপুৰাণ, তামৰফলি, পৌৰাণিক যুদ্ধৰ কাহিনী আদিৰপৰা বৰ্ত্তমান কালৰ পণ্ডিতসকলে বহুকথা জানিব পাৰে। পণ্ডিত সকলে ৰচনা কৰা ইতিহাসত আমি চকুৰে নেদেখা বহু কাহিনীৰেই উমান পাওঁ।
সেই অনুপাতে জনা যায়- চুকাফা অসমলৈ অহাৰ আগতে অতীজৰ পৰা কামৰূপত-
*দানৱ,
*কিৰাত,
*অসুৰ,
*ক্ষত্ৰিয়,
*শূদ্ৰ,
*বৰ্মন,
*ম্লেছ,
*পাল,
*খেন,
*পৰ্ব্বতীয়া জাতি,
*চুঙ্গি,
*চুতীয়া,
*বৰাহী,
*মৰাণ,
*কছাৰী,
*ভূঞা আদিৰ বংশৰ ৰজাসকলে ৰাজত্ব কৰিছিল।
তেতিয়া কামৰূপত কেইবাখনো ৰাজ্য কেইবাটাও বংশৰ ৰজাৰ তলত আছিল। সেই সময়ত তিনিও ফালে থকা পৰ্ব্বত বিলাকত ভোট, অঁকা, ডফলা, আপাটানাঙ, মিৰি, আবৰ, মিকিমি, নগা, মিকিৰ, লালুং, জয়ন্তীয়া আৰু গাৰো বিলাকৰ নিজ নিজ ৰাজ্য আৰু ৰজা আছিল।
ব্ৰহ্মপুত্ৰৰ দক্ষিণে মৰাণ আৰু বৰাহী ৰাজ্যৰ পশ্চিমে নগাঁৱৰ কপিলী নৈলৈকে কছাৰী ৰাজ্য আদিৰে অঞ্চলবোৰ আছিল।
ব্ৰহ্মপুত্ৰৰ উত্তৰে বাৰ ভূঞা ৰাজ্য আৰু দক্ষিণ পৰীয়া ভূঞা ৰাজ্য পশ্চিমে কৰতোৱা নৈলৈকে পাল আৰু খেন বংশীৰ কমতাপুৰ ৰাজ্য আছিল।
১২২৮ চনৰ ১৬ আঘোনৰ দিনা চাওলুংসকল আহি সৌমাৰ পীঠৰ বুঢ়ীদিহিং নৈখনৰ পাৰত থকা ঠাইখনত উপস্থিত হ’লহি।
সেউজীয়া শুৱনি প্ৰকৃতি, কুঁৱলিৰ আৱৰণত সোণালী ধাননি, পলসুৱা মাটি, ধীৰ গতিত বৈ থকা শীতল পানীৰ জান-জুৰি, নৈবোৰ, নানা তৰফৰ গছ আদি দেখি চুকাফা ৰজা তেনেই ভোল গ’ল।
এনে ধুনীয়া ঠাই, সুন্দৰ পৰিৱেশ তেওঁ আগেয়ে ক’তো দেখা নাছিল। মনৰ উলাহত তেওঁ কৈ উঠিল- ‘আঃ এই ঠাই খুঙ-চূণ-ডুন-খাম’। ‘খুঙ’ মানে দেশ, ‘ডুন’ মানে ভৰপুৰ ‘চূণ’ মানে বাগিচা, ‘খাম’ মানে সোণৰ দৰে মূল্যবান। তাৰমানে হ’লগৈ- ‘সোণৰ দৰে অমূল্য প্ৰকৃতিৰে ভৰপুৰ দেশ’! ঠাইখনৰ নাম দি ললে ‘তি-পাম’।
ঘোৰাত উঠি চাওলুং চুকাফা বুঢ়ী দিহিং নৈৰ পাৰে পাৰে জোনাক নিশা অৰণ্যৰ ৰূপ চাই, নৈত জোন তৰাৰ অপূৰ্ব দৃশ্য চাই, দুপৰৰ বেলি নৈৰ পানীত উলমি থকা চাই আপোন পাহৰা হৈ ঘূৰি ফুৰিল।
বাৰিষা কাল আহিল। বাৰিষাকালত আক’ কেতিয়াবা নৈৰ পানী বাঢ়ি ওফন্দি উঠে। দুয়োপাৰ বুৰাই পেলায়। ঢল বাগৰি তাণ্ডৱ লীলা দেখুৱায়। ভৈয়ামৰ পানীৰ এনে তাণ্ডৱ ৰূপ দেখি চুকাফা ৰজাই বৰ ভয় খালে।
তিনিবছৰ থাকিয়ে হাতী-ঘোৰা, সৈন্য-সামন্ত লৈ খৰালি চাই দিহিঙৰ বুকুৱেদি নতুন ঠাই বিচাৰি আকৌ ভটিয়াই গ’ল।
তেওঁলোক আহি অভয়পুৰ নামৰ ঠাইখন বাচি ললে। তাত পাঁচ বছৰ কটালে। পিছে তাতো বৰ সুবিধাজনক নেপাই দিহিঙেৰে ভটিয়াই আহি ১২৪০ চনত হাবুং পায়হি।
তাত তিনিবছৰ কটোৱাৰ পিছত বানপানীয়ে খেতি-বাতি নষ্ট কৰি অশান্তি দিয়া দেখি বৰ লুইতেৰে পুনৰ ভটিয়ালে।
এইবাৰ আহি তেওঁ দিখৌমুখ ওলালহি। তেতিয়াৰ দিখৌ নৈখন মাজুলীৰ মাজেৰে বৈ গৈছিল। মাজুলীৰ উত্তৰ দিশত বৈ আছিল বৰলুইত ব্ৰহ্মপুত্ৰ। চুকাফা গৈ লিগিৰি নামৰ গাঁওখনত সোমাল।
মন পচন্দ নোহোৱাত তাত কিছুমান সৈন্য সামন্ত থৈ পুনৰ তেওঁ নতুন ঠাইৰ উমান ল’বলৈ ধৰিলে।
দিখৌ নদীৰে চুওলুং চুকাফা উজাই গ’ল। গৈ গৈ দিলিহ নৈৰ মুখ পালেগৈ। তাত পানীৰ গতি বিধি লক্ষ্য কৰি বানপানী হোৱাৰ ভূ পাই পুনৰ দিখৌ নৈৰে ভটিয়াই যাবলৈ বাধ্য হ’ল।
১২৪৬ চনত চুকাফা ৰজা আহি শিমলুগুৰিত উঠিলহি। তাত তেওঁ মনে বিচৰা ধৰণেই সকলো পালে। তাতে নিগাজিকৈ থাকিবলৈ মনে মনে ঠিৰাং কৰিলে।
আনঠাইত মানুহৰ বসতি পাতল দেখিছিল। পিছে শিমলুগুৰিত মানুহৰ বসতিও দেখিলে, যাৱতীয় সকলোধৰণৰ সুবিধা থকা বাতাবৰণো পালে। চতুৰ চুকাফা ৰজাই নিজৰ মানুহখিনিক ওচৰ পাজৰৰ ভূ ল’বলৈ ক’লে। নিজেও অলেখ লেখ চাবলৈ ধৰিলে।
তেতিয়া সেই ঠাইত বৰাহী, মৰাণ, চুতীয়া, মটক আদি জাতিৰ লোকসকলে এলেকা কিছুমান লৈ নিজৰ নিজৰ ৰাজ্য কৰি আছিল। চুকাফা ৰজাই তেওঁলোকৰ লগত মিতিৰালি পাতিলে। নিজকে সোণৰ জখলাৰে স্বৰগৰ পৰা নামি অহা বংশৰ ৰজা বুলি চিনাকি দিলে।
লগতে তেওঁ থাকিবলৈ ঠাইও বিচাৰিলে। সুঠাম সুন্দৰ বাহুবলী চাওলুং চুকাফাৰ বিনয়ী স্বভাৱৰ তেজশ্ৰী ৰূপ দেখি আলহী বুলি ধৰি লৈ বৰাহী ৰজাই তেওঁলোকৰ দেও ঘৰতে থাকিবলৈ ঠাই দিলে। আনকি খৰি খেৰৰো যোগান ধৰিলে।
মৰাণসকলৰ অধিপতি জনৰ নাম বাডানচা। বৰাহীজনৰ অধিপতিজনৰ নাম থাকুমথা। দুয়ো চুকাফাৰ আপোন হৈ পৰিল। চুকাফা ৰজাই দুয়োৰে জীয়ৰী কেইগৰাকীক বিয়া কৰাই সম্বন্ধ আৰু কটকটীয়া কৰি পেলালে।
জ্ঞানী-গুণী চুকাফা ৰজাৰ সাহস আৰু শক্তি দেখি সেই ঠাইৰ মানুখিনিয়ে নিজৰে মংগল হ’ব বুলি ভাবি তেওঁক সমীহ কৰিবলৈ ধৰিলে। লাহে লাহে তেওঁকে অধিপতি পাতি ল’লে আৰু সকলো তেওঁৰ লগত একগোট হৈ পৰিল। সময়ত চুকাফা তেওঁলোকৰ ৰজা হৈ পৰিলগৈ।
চুকাফা ৰজাৰ মান বাঢ়ি গ’ল। লগে লগে শক্তিও বাঢ়িল। মানুহবোৰক ৰণশিক্ষা, জ্ঞান শিক্ষাৰে নিপুণ কৰি তুলিলে।
তেওঁলোকৰ অভাৱ, ৰোগ, ব্যাধি, এলাহৰ প্ৰতি চকু দি নিৰাময়ৰ ব্যৱস্থা কৰিলে। মানুহবোৰেও তেওঁৰ সকলো কথা মানি চলিল। পৰামৰ্শবোৰ আগ্ৰহেৰে পালন কৰিলে।
এসময়ত নিজৰ পৰাক্ৰমেৰে চাওলুং চুকাফাই মৰাণ, বৰাহী, মটক ৰাজ্য পাৰ হৈ নামৰূপ, তিপাম, অভয়াপুৰ, হাবুং, লিগিৰি গাঁও, নামডাং আদি ৰাজ্য দখল কৰি তেওঁৰ সীমা বঢ়াই তুলিলে। পিছত তেওঁ গোটেই সৌমাৰ পীঠকে নিজৰ অধীনলৈ আনি এখন আহিম ৰাজ্য গঢ়ি তুলিলে।
অলপদিনৰ ভিতৰতে তেওঁৰ ক্ষমতা ইমান বাঢ়ি গ’ল যে সৌমাৰৰ বাহিৰেও কামৰূপৰ অন্যান্য ঠাইৰ ৰজাবিলাককো পৰাভূত কৰি নিজৰ তলতীয়া কৰি ল’লে। যি ৰাজ্যক তেওঁ আক্ৰমণ কৰিছিল সেই ৰাজ্যৰ ৰজাই তেওঁৰ পৰাক্ৰম দেখি তেওঁৰ বশ হৈ পৰিছিল আৰু কৰ কাটল দিবলৈ বাধ্য হৈ পৰিছিল।
কৰ কাটল হিচাপে প্ৰতিজন ৰজাই তেওঁক বছৰি মৌ, সোণ-ৰূপ, হাতী, চন্দন, ঘোঁৰা, কৰ্পূৰ আদি অনেক বস্তু দিছিল। এই কৰ দিবলগীয়া হোৱা ৰজাসকলক কৰকাটলীয়া ৰজা বুলিছিল আৰু সদায় চুকাফা ৰজাৰ অধীনত থাকিব লগা হৈছিল।
এইদৰে তেওঁ বিশাল সাম্ৰাজ্য এখনৰ অতি প্ৰতাপী স্বৰ্গদেউ হৈ উঠিল। তলতীয়া ৰজাসকলক হ’লে তেওঁ সহায়ো কৰিছিল। সন্মানৰ চকুৰে চাই তেওঁলোকৰ মান ৰক্ষা কৰিছিল।
সেইবাবে সমগ্ৰ অঞ্চলৰ ৰজাসকলেও তেওঁক সমীহা আৰু সন্মান কৰিছিল। পোনতে সৌমাৰত তেওঁৰ দৰে প্ৰতাপী ৰজা দ্বিতীয় এজন নাছিল। সেয়ে সৌমাৰৰ বাহিৰৰ ৰজাসকলেও তেওঁৰ ক্ষমতা দেখি বিচূৰ্তি খালে।
স্বৰ্গদেউ চুকাফাক সকলো ৰজাই অ-সম, তেওঁৰ সম কোনো নাই বুলিবলৈ ল’লে আৰু তেওঁক ৰাজ্যৰ সীমা আছিল সিমানলৈকে তেওঁৰ গুণৰ অনুসৰি অ-সম ৰাজ্য পিছলৈ অসম ৰাজ্য হিচাপে পৰিচিত হৈ পৰিল। ইতিহাসে কয়, ‘তাই’ ভাষাত শ, য, স নাই, কেৱল ‘হ’হে আছে।
সেয়ে অসম শব্দটো তেওঁলোকৰ মুখত ‘অহম’ হৈ পৰে। এই ‘অহমৰ ৰজা’ৰ ঠাইত গৈ গৈ আহোমৰ বা আহোম ৰজা হয়। তেতিয়াৰে পৰা তাই জাতি গুচি কালক্ৰমত আহোম জাতি বুলি মানুহৰ চিনাকি হৈ পৰে।
ৰাজ্য জায় কৰাত চাওলুং চুকাফা যেনেদৰে পৰাক্ৰমী আছিল, সেইদৰে ৰাজ্য শাসনতো তেওঁৰ বিচক্ষণৰ তুলনা নাছিল। আহোম, কছাৰী, মটক আদি সকলো প্ৰজাকে তেওঁ সম দৃষ্টিৰে চাইছিল।
উপযুক্তজনক যথাযোগ্য বিষয় বাব দিবলৈ কেতিয়াও পিছ নুহুঁহকিছিল। সকলোকে নিজৰ ধৰ্ম, নীতি নিয়মেৰে বাস কৰাৰ সুবিধা দিছিল।
এই স্বৰ্গদেউজনাই প্ৰচাৰৰ সুবিধাৰ কাৰণে আৰু ৰাজ্যৰ শাসনৰ সুবিধাৰ কাৰণে আহোম ভাষা এৰি শুৱলা আৰু উন্নত অসমীয়া ভাষা গ্ৰহণ কৰিলে। ৰাভা, কছাৰী আদি বাকী লোকসকলেও তেওঁক অনুসৰণ কৰিলে। ফলস্বৰূপে বিস্তৰ ৰাজতখনত অসমীয়া ভাষাটো প্ৰচাৰ হৈ পৰিল।
অসমীয়া ভাষা প্ৰচলনে আন এটা বৰ ডাঙৰ কাম কৰিলে- সকলোৰে মাজত মিলাপ্ৰীতি আৰু একতা গঢ় লৈ উঠিল। ইজন সিজনৰ আপোন হৈ পৰিল। সময়ত আহোম, মটক, মৰাণ, কছাৰীসকলোৱে অসমীয়া ভাষা কৈ অসমীয়া হৈ পৰিল।
চুকাফা ৰজাৰ লগত অহা শ শ সৈন্যক অসমৰ জীয়ৰীক বিয়া কৰাই ঘৰ সংসাৰ পাতিবলৈ তেওঁ উৎসাহ দিলে। লাহে লাহে কালক্ৰমত অসম ৰাজ্যত এটা বৃহৎ অসমীয়া জাতিৰ সৃষ্টি হৈ অ-সম ৰাজ্যখনৰ গৌৰৱ বঢ়ালে। আহোমৰ প্ৰথম স্বৰ্গদেউ চাওলুং চুকাফাৰ এই মহৎ কামটি চিৰ কাললৈ অতুলনীয় হৈ থাকিল।
চুকাফা স্বৰ্গদেউৱে অভয়পুৰ নামৰ ঠইখনত ৰাজধানী পাতি থাকিবলৈ যো-জা কৰিলে। পিছে, তাত মানুহৰ বসতি পাতল দেখি ৰাজ কাৰ্যত ঠিক নহ’ব ভাবিলে।
লগতে বানপানীয়ে বাৰে বাৰে কৰা মুস্কিলবোৰ দেখি কিছুদিন থাকিয়ে তাত থকা আশা এৰিলে। ১২৪৪ চনত তেওঁ লিগিৰি গাঁৱত ৰাজধানী পাতি ল’লে।
কিন্তু তাত দুবছৰহে কটালে তাৰ পৰা ৰাজধানী তুলি নি শিমলু গুৰি পালেহি। পিছে চিন্তা কৰি কাম কৰা স্বৰ্গদেউৱে তাতোকৈ ভাল ঠাই বিচাৰি ঘূৰি পকি চাই ফুৰিবলৈ ধৰিলে।
এইবাৰ তেওঁ ধুনীয়া পাহাৰ এটি বাচি ল’লে। পাহাৰটিৰ ওচৰতে আছিল পথাৰ। তদুপৰি সেই অঞ্চলটি আছিল প্ৰকৃতিৰ ৰূপে মনোমোহা। পাহাৰ আৰু অৰণ্যৰ কাষতে মানুহে বসতি কৰিব পৰা সকলো পিনে স্বাস্থ্যকৰ আৰু বিচৰা বস্তু যোগান কৰিব পৰা ঠাই।
ধানখেতি কৰিব পৰা পথাৰৰ উপৰিও, নুনীগছ, মেজাংকৰি, এৰাগছ, চোমগছ আদি যিবোৰে পাট মুগাৰ কাপোৰ তৈয়াৰ কৰিব পাৰি তেনেবোৰ গছ দেধাৰ। খাদ্যৰ বাবে বাঁহ গছ, যাৰ পৰা গাঁজ টেঙা পাব পাৰি লগতে মেচেকি, মেজেঙা বন কলৰ কথাই নাই। অকল সেয়ে নহয়, ওচৰৰ দিখৌ দিচাং, দৰিকা আদি নৈ আৰু খাল বিলবোৰত মাছ-কাছৰ উভৈনদী।
কেৱল সাহসী পৰাক্ৰমীয়ে নহয় চুকাফা স্বৰ্গদেউৰ পানী আৰু মাটিত থকা পদাৰ্থবোৰৰ প্ৰচুৰ জ্ঞান আছিল। এইবোৰ দিশত পাৰদৰ্শিতা থকাৰ বাবেই তেওঁ ৰাজ্যখনি জয়জয় ময়ময় কৰি তুলিব পাৰিছিল।
পাহাৰীয়া জুৰিবিলাকৰ পানীত তেওঁ লোণপুঙৰ উৎপত্তি ঠাইৰ উমান পাইছিল। দিচাং, দিখৌৰ বালিচৰ বিলাকত থকা সোণৰ কণিকাৰ ভূ-পাই সেইবোৰ চালি সোণ উলিওৱাৰ ব্যৱস্থা কৰিছিল।
পথাৰখনিত তেওঁ এখন ধুনীয়া নগৰ পাতি ললে। স্বৰ্গদেৱে নাম দিলে নগৰ্খনৰ ছে-লুংছে-খাম। আহোম সকলে ক’লে চে-ডয়-খাম। এই চে-ডয়-খাম বা ডয়-চেৰ পৰাই মুখ বাগৰি পিছলৈ চে-ৰাই ডয় বা চৰাইদেও হ’লগৈ।
আহোম ভাষাৰ ডয়-চে মানে হ’ল, ‘ডয়’ মানে পাহাৰ ‘চে’ নামে নগৰ। ‘ৰাই’ মানে জিলিকি থকা অৰ্থাৎ পথাৰত জিলিকি থকা নগৰ।
চৰাইদেউ ৰাজধানীৰ সীমা আছিল উত্তৰপূবফালে নিমনা গড়, পশ্চিমে ৰাজগড়, দক্ষিণে লাদৈ গড়। এই গড় হ’লে শত্ৰু সোমাব নোৱাৰাকৈ সুৰক্ষিতকৈ সজা ঠাই।
ইয়াত পালি প্ৰহৰীয়াই দিনে-নিশাই পহৰা দি নগৰ ৰক্ষা কৰি থাকে। এইদৰেই নিজৰ ৰাজধানী নগৰ স্বৰ্গদেৱে সুৰক্ষাৰ ব্যৱস্থা কৰি লৈছিল।
চুকাফা স্বৰ্গদেউৱে চাই দেখিলে তিৰু নামৰ ওচৰত থকা পথাৰখনত খনিজ লোৰ উঁই আছে। তেওঁ লোৰ ওজাৰ হতুৱাই মাটিৰ পৰা লো উলিয়াবলৈ লগালে। ওজাই লো মিহলি গেৰুৱা মাটি ধুই লোৰ গুৰি উলিয়াই মাটিৰ থালিত সেইবোৰ ইকৰাৰ জুইৰে পগাই লো তৈয়াৰ কৰিলে।
তাৰে দা-কুঠাৰ, কটাৰী, কাচি, কোৰ আদি যাৱতীয় সঁজুলি কৰা হ’ল। আনহাতে যুদ্ধৰ বাবে হিলৈ, ৰাম চাংগী, তৰোৱাল, পহলঙী, গঠীয়া, হোলোং, হেংদাং, বৰটোপ, বৰতোল আদি নামৰ অনেক অস্ত্ৰ-শস্ত্ৰ তৈয়াৰ কৰি অস্ত্ৰ ভঁৰালত মজুত কৰি ৰাখিলে।
এনেবোৰ কাম কৰাবলৈ তিৰোৱাল বাঢ়ৈ কমাৰৰ তলত বহুতো মানুহ লগালে। তিৰুপথাৰত সেইবোৰ কামৰ বাবে পাছি খাত, পেৰা খাত লোহা খাত নামেৰে তিনিভাগত ভগোৱা হৈছিল।
দিনে নিশাই উখলমাখলকৈ কাম চলি আছিল। মানুহবোৰক ৰজা ঘৰৰ পৰা খোৱা-বোৱাৰ সহায় কৰিছিল।
সোণ উলিয়াই সোণৰ কাম কৰোৱা হৈছিল। সোৱণশিৰি, দিক্ৰ আদি নৈৰ পৰা পোৱা সোণ কমোৱা মানুহবোৰে সোণ উলিয়াইছিল। তেওঁলোকে ৰাজাক সামান্যভাৱে বছৰি অলপ সোণ দিব লগা হৈছিল। কেৱল অসমীয়া মানুহহে সোণ কমোৱা কাম কৰিব জানে বুলি বুৰঞ্জীত পোৱা যায়।
সোণকমোৱাসকলক সোণোৱাল বুলিছিল। উদৰ ছাল, বাঁহৰ চালী, কাঠৰ ফলি আদিৰ সহায়ত সোণ উলিয়াইছিল। এইবোৰ গলাই নানা ধৰণৰ আ-অলংকাৰ তৈয়াৰ কৰা হৈছিল। ইয়াৰ বাহিৰেও মন্দিৰ, সিংহাসন ৰজাৰ বাচন-বৰ্তন, ৰাজসভাৰ আচবাব আদিত সোণৰ চেকুৰাই ৰূপ চৰাইছিল। অসম এসময়ত সোণৰ বাবে জাকত জিলিকা আছিল। ৰজাই ব্যৱহাৰ কৰি প্ৰতি বস্তুতে সোণ থকাটো উচিত বুলি লৈছিল। পাটমুগাৰ কাপোৰৰ কাৰণে চোমগছৰ অৰণ্য, নুনীগছ আদিৰ যতন লোৱা হৈছিল। কঁপাহ গছৰ খেতিত গুৰুত্ব দিয়া হৈছিল।
পাটমুগা, কঁপাহৰ পৰা সূতা উলিওৱা কাপোৰ বোৱা কামৰ বাবে গাঁও পাতি দিয়া হৈছিল। সূতাকটা মানুহ অনুসৰি কাটনী গাঁও নাম ৰখাও হৈছিলগৈ।
সকলো মানুহে নিজে তাঁত শালত কাপোৰ বৈ পিন্ধিছিল। ৰজা-ৰাণীৰ সাজ-পাৰো পাট মুগাৰে বৈ দিয়া হৈছিল। তাৰ বাবে ভিন্ন ভিন্ন বিষয়ববীয়াসকলক ৰখা হৈছিল।
এইদৰে গোটেই ৰাজ্যখন নানা কামত, নানা বিষয়ত থান থিত লগাই চুকাফা স্বৰ্গদেউৱে নিয়াৰিকৈ চলায় থৈ পিছৰ স্বৰ্গদেউসকলৰ বাবেও নমুনা দেখুৱাই গ’ল। তেওঁৰ আগতে সৌমাৰ পীঠৰ কোনো ৰাজ্যৰে সীমা নাছিল, কোনো কামৰে নিৰ্দিষ্ট নিয়ম নাছিল, কোনো ৰীতি-নিয়ম-নীতি নাছিল।
চাওলুং চুকাফা স্বৰ্গদেউৱে তেওঁৰ পূৰ্ব পুৰুষসকলৰ ন্যায় আৰু ৰীতি আখৰে আখৰে পালন কৰিছিল। তিৰোতাসকলক বৰ সন্মান কৰিছিল। দোষীক কঠোৰ শাস্তি দিছিল। গুণীজনক যথোচিত পুৰস্কাৰ দিছিল।
সকলো বিচাৰ চালি-জাৰি চাই লৈছিল। আহোম ৰজা নামে খ্যাত হৈ পৰা চাওলুং চুকাফা স্বৰ্গদেউৰ প্ৰধান কৃতিত্ব আছিল ৰাজ্যশাসনৰ বাবে কিছুমান পদবী উলিওৱা। তেওঁ বিষয় বাব দি বিষয়া গঠন কৰিছিল। বিষয়াসকলৰ লগত মিলাপ্ৰীতিৰে দিহাপৰামৰ্শৰে কামবোৰ সমাধা কৰিবলৈ চেষ্টা কৰিছিল।
আটাইতকৈ মন কৰিবলগীয়া কথাটো আছিল বুঢ়াগোহাঁই আৰু বৰগোহাঁই এই দুটা বৰ গুৰুত্বপূৰ্ণ পদ তেওঁ গঠন কৰা। এই দুজনাৰ ক্ষমতাও আছিল অধিক।
সকলো ৰাজকাৰ্যতে এওঁলোকৰ মতামত লাগিছিল। তেওঁলোকৰ বিনা অনুমতিত যুদ্ধ ঘোষণা বা আন ৰাজ্যৰ লগত সম্বন্ধ কৰা কাম আদি কৰিব নোৱাৰিছিল। এওঁলোকে ৰজা ভঙা বা পতাও কৰিব পাৰিছিল।
স্বৰ্গদেউ হোৱাৰ পিচত এওঁলোক দুজনে নিয়ম-নীতিৰে স্বৰ্গদেউ বুলি ঘোষণা কৰাৰ পিছতহে ৰজা সিংহাসনত বহিব পাৰিছিল। ৰজাৰ অবিহনে নতুন ৰজা নোহোৱালৈকে এই দুজন বিষয়াই ৰাজ্য শাসন কৰিব পৰা অধিকাৰ আছিল। বিচক্ষণ চুকাফাই ভৱিষ্যতে যাতে আহোম ৰাজত্বত অন্যায়, অনীতি নহয় তাৰ বাবে সতৰ্ক হৈ এই গুৰুত্বপূৰ্ণ বিষয়বাবৰ সৃষ্টি কৰিছিল।
সুদূৰ দেশৰ পৰা দুৰ্গম যাত্ৰাৰে আহি কামৰূপৰ সৌমাৰ পীঠত নিজৰ তীক্ষ্ণ বুধি দিয়া দুৰ্দান্ত প্ৰতাপী চাওলুং চুকাফাৰ কাহিনী অসমৰে নহয় বিশ্বৰ বাবে লেখত ল’বলগীয়া। ৰাজ্য শাসনত তেওঁ আছিল দক্ষ। দোষীৰ প্ৰতি কঠোৰ নিৰ্দোষীৰ প্ৰতি অধিক সচেতন।
সকলো প্ৰজাই যাতে সুস্বাস্থ্যৰে থাকিব পাৰে তাৰ ব্যৱস্থা কৰিছিল। কিয়নো তেওঁ জানিছিল, ৰাজ্যৰ সুৰক্ষা প্ৰজাসকলেহে দিব পাৰে।
তেওঁ সুনিপুণ যোদ্ধা আছিল। ৰাজ্যত সেয়ে অশ্বাৰোহী, পৰ্দাতিক হস্তী বাহিনী আদি সৈন্যক ৰণ শিক্ষা দি সদায় সাজু কৰি ৰাখিছিল।
ন ন যুৱকসকলক সৈন্যৰ বাবে নিৰ্বাচন কৰিছিল আৰু তেওঁলোকৰ পৰিয়ালসকলৰ প্ৰতি চকু ৰাখিছিল যাতে কোনো অসুবিধাত নোভোগে। সেইবাবে সুকলমে সঠিক নিয়মৰ আৰ্হি দেখুওৱা আহোমৰ প্ৰথমজনা ৰজা হিচাপে তেওঁৰ খ্যাতি চিৰযুগমীয়া হৈ থাকিল।
স্বৰ্গদেউ চুকাফাৰ দিনতে বুৰঞ্জী লিখাৰ আৰম্ভ হৈছিল। দেওধাই, মহন, বাইলুংগ এই তিনি খেলৰ ভিতৰত মানুহে আহোম ভাষাত ৰাজকোঁৱৰ আৰু ডাঙৰীয়াসকলৰ পুত্ৰক শিক্ষা প্ৰদান কৰিছিল। জ্যোতিষ শাস্ত্ৰত এওঁলোক বৰ পাৰ্গত আছিল।
বুৰঞ্জী লিখিবৰ বাবে একোজন বিষয়া পাতি লৈছিল। বুঢ়াগোহাই ডাঙৰীয়াৰ হাতত এই দায়িত্ব ৰখাৰ ভাৰ আছিল বুলি জনা যায়।
চুকাফা নামটিৰো অৰ্থ আছিল গভীৰ। ‘চু’ মানে সিং ‘কা’ মানে অহা ‘ফাং’ মানে স্বৰ্গ। তাৰ অৰ্থ হয়গৈ স্বৰগৰ পৰা অহা সিংহ পুৰুষ।
সেইবাবেই আহোম ৰজা সকলে ‘চ’ৰে নাম আৰম্ভ কৰি ‘ফা’ৰে শেষ কৰে। অৱশ্যে বহু দিনৰ পিছত ৰজাসকলে কেতিয়াবা দুটা নামো গ্ৰহণ কৰিবলগীয়াত পৰিছিল।
চুকাফা ৰজাই গঢ় দিয়া অসম সময়ত বৰ অসমত পৰিণত হৈছিল গৈ।
চুকাফা স্বৰ্গদেউৰ গুণ গৰিমাৰ কথা কৈ অন্ত কৰিব নোৱাৰি। তেওঁ আছিল এজন বৰ নিপুন যোদ্ধা।
আনহাতে সামসী, বুদ্ধিমত্তা, দূৰদৃষ্টি সম্পন্ন উদাৰ মনৰ এজন জ্ঞানীলোক। সেইবাবেই তেওঁ আহি ভৰি থোৱা ঠাইত থলুৱা লোকবিলাকক নিজৰ ফলীয়া কৰি ল’ব পাৰিছিল।
যুদ্ধ কৰি মানুহৰ মন জয় কৰাতকৈ সহায় আৰু দয়াৰে মানুহৰ মন জয় কৰিবলৈ চেষ্টা কৰিছিল। এইদৰে সৰু সৰু অঞ্চলৰ মুখিয়ালবোৰৰ পৰা সঁহাৰি পাই নিজৰ ফলীয়া কৰি নিজেই শক্তিশালী হৈ লৈছিল।
অৱশ্যে যি সকলে তেওঁৰ বিপক্ষে গৈছিল তেওঁলোকক যুদ্ধৰে বশ কৰিছিল। নগাসকলকো তেওঁ তেনেদৰে বশ কৰি লৈছিল। চুকাফা স্বৰ্গদেউৰ বল বিক্ৰমৰ পৰিচয় পায় নগাসকলে পিছত তেওঁৰ ফলীয়া হৈ পৰিছিল।
মৰাণ, বৰাহী, মটকসকলক নিজৰ তলতীয়া কৰি তেওঁলোকক যথা বিধি অনুযায়ী দিয়া ৰজা ঘৰৰ কাম কাজত তেওঁলোকে বৰ ভাল পাইছিল।
বহুতো মৰাণ মানুহক দিয়া চুকাফা ৰজাই খৰি যোগনীয়া, ফলমূলৰ বাগিচা চোৱাচিতা কৰা, হাতী যোগান ধৰা, খেতি-বাতি কৰা আদিৰ বাব পাই মনৰ উলাহেৰে মনপুতি কামবোৰ কৰি ৰজাৰ বিশ্বাসীও হৈ পৰিছিল।
বৰাহীসকল মাছৰ টেঙা, শাক-পাতৰ তৰকাৰী আদি ৰন্ধাত পাকৈত বুলি গমপাই চুকাফা ৰজাই তেনেলোকক ৰজাঘৰীয়া ৰান্ধনি শালত দিছিল। ৰান্ধনিশালত কামকৰা মানুহবোৰক চাংমাই আৰু ৰন্ধা ঘৰটোক চাংমাই শাল বুলিছিল।
সেইদৰে বহুলোকক সৈন্যত ভৰ্তি কৰি লৈছিল। যিবিলাকে সাহস আৰু বীৰত্ব দেখুৱাব পাৰিছিল তেনেবোৰক আহোম ফৈদ্যত ভৰ্তি কৰি লৈছিল।
আহোম সৈন্যৰ লগত ভৰ্তি হোৱা সৈন্যৰ সন্মান বেছি আছিল। এইদৰে থলুৱা মানুহবোৰৰ ওপৰত দমন নীতি প্ৰয়োগ নকৰি কৌশল আৰু বিচক্ষণতাৰে ভাল ভাৱেৰে আহোমৰ লগত ৰাখিছিল। বহুলোক আহোম হৈও পৰিছিল।
চুকাফা স্বৰ্গদেউৱে সকলো ধৰ্মকে ভক্তি কৰিছিল। তেওঁৰ অধীনত থকা ৰাজ্যক, মানুহবোৰ সকলোৱে নিজৰ নিজৰ ধৰ্মমতে চলাত বাধা পোৱা নাছিল। জোৰ-জুলুম তেওঁ সকলোকে আহোম মানুহ কৰি পেলাবলৈ একেবাৰে যোৱা নাছিল।
অকল সেয়ে নহয়, নিজৰ নিজৰ ভাষা, নিজৰ নিজৰ নিয়ম নীতি সংস্কৃতি আদি মানুহবোৰে নিৰ্ভয়ে মানিব পাৰিছিল।
সেয়েহে তেওঁৰ বৃহৎ ৰাজ্যখনত থকা মৰাণ বৰাহী চিংফু, কছাৰী, চুতীয়া, ডফলা, মিৰি মানুহবিলাকে স্বাধীনভাৱে থাকিবলৈ পায়-ৰজাক অসীম ভাল পাইছিল। মানুহবিলাকৰ মাজতো একতা আৰু মৰম চেনেহ অপৰিসীম আছিল।
কছাৰী, চুতীয়া, মটক, বৰাহী, নগা, কমতেশ্বৰ ৰাজ্য জয় কৰা চুকাফা ৰজাই তেওঁলোকক নিজ নিজ ৰাজ্য চলাবলৈ দি যি কৰ আদায় কৰিছিল তাৰ সহায়ত ৰাজধন বৃদ্ধি কৰি ৰাজ্যখনৰ উন্নতিৰ কামত খটুৱাইছিল।
আলি-পদূলি বন্ধোৱা, আলিৰ কাষত বাটৰুৱাৰ সুবিধাৰ কাৰণে গছ ৰুই দিয়া, পুখুৰী খন্দোৱা আদি মহৎ কামবোৰ কৰি মানৱতাৰ পৰিচয় দিছিল।
বহু মটক, মৰাণ লোকে নিজৰ ইচ্ছাত স্বৰ্গদেউ চুকাফাৰ লগত থাকিবলৈ মন কৰাত তেওঁ ৰাখি থৈ কামত নিয়োগ কৰিছিল।
চুকাফা স্বৰ্গদেউৱে ৩৯ বছৰ নিয়াৰিকৈ ৰাজ্য চলায়। এই সময়ছোৱাত তেওঁ ৰাজ্যখনি জাকত জিলিকা কৰি তোলে। জীয়াই থকা দিনবোৰ অতি পৰাক্ৰমেৰে নিজৰ চিনাকি অটুট ৰাখি তেওঁ ১৮৬৮ চনত স্বৰ্গগামী হয়।
এই বীৰ পুৰুষজনাৰ অমৰ কাহিনীয়ে অসমৰ লগতে বিশ্বত সকলোকে চিৰ কাল মুগ্ধ কৰি ৰাখিব।
লেখিকা: নীলিমা বৰা
শেহতীয়া উন্নীতকৰণ: : 5/23/2020