মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / বুৰঞ্জীৰ পাতত নগাসকল :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বুৰঞ্জীৰ পাতত নগাসকল :

বুৰঞ্জীৰ পাতত নগাসকলৰ বিষয়ে লিখা হৈছে ।

পুৰণি অসমৰ উত্তৰৰ বিস্তীৰ্ণ পাহাৰীয়া এলেকাত বসবাস কৰা জনজাতিসমূহৰ ভিতৰত নগাসকলেই আছিল সবাতোকৈ শক্তিশালী৷

তেওঁলোকৰ ৰক্তৰঞ্জিত কাহিনীৰ শেষ এতিয়াও নাই৷ তেওঁলোকৰ বিষয়ে আমাক ঐতিহাসিকভাৱে নিৰ্ভৰযোগ্য তথ্যৰ সম্ভেদ দিয়ে আহোম যুগৰ বুৰঞ্জী পুথিসমূহে৷

পৰৱৰ্তী সময়ত ইংৰাজ লেখকে ৰেকৰ্ড কৰি থৈ যোৱা কথাবোৰো উল্লেখযোগ্য৷ নগাৰ মাজত বিভিন্ন গোষ্ঠী-উপগোষ্ঠী আগতেও আছিল, এতিয়াও আছে৷ প্ৰত্যেকৰে ভিন ভিন দোৱান, আচাৰ-বিচাৰ, ৰীতি-নীতি, পৰম্পৰা ইত্যাদি৷

তাৰ লগতে পাৰস্পৰিক বিৰোধিতাও লক্ষণীয়৷ দক্ষিণ এচিয়াৰ এই ভূখণ্ডৰ অধিবাসী আংগামী, চেমা, আও আৰু লথা (জন ফিলিপ মিলছৰ সৈতে) নগাৰ ইতিহাস, সংস্কৃতি আৰু পৰম্পৰাক সামৰি ব্ৰিটিছ ৰাজৰ সময়তে কিতাপ লিখি থৈ গৈছে প্ৰত্নতাত্ত্বিক-প্ৰশাসক জন হেনৰী হট্টনে৷

ব্ৰিটিছে সমগ্ৰ অঞ্চলটো আৱৰি লোৱাৰ আগলৈকে আহোম আৰু নগাৰ ওচৰ সম্পৰ্ক আছিল বুলি ঐতিহাসিক লেখাসমূহৰ পৰা আমি জানিব পাৰো৷

মিলা-প্ৰীতিৰে বসবাস কৰাৰ চানেকী স্বৰূপে উভয়ৰে মাজৰ বৈবাহিক সম্বন্ধৰ কথা উল্লেখ কৰিব পাৰি৷ আহোমৰ তৰফৰ পৰা নগালৈ বঁটা-বাহনো দিয়া হৈছিল৷

নগাৰ তৰফৰ পৰা উপহাৰ৷ বিপৰীতে, যুদ্ধ-বিগ্ৰহো নোহোৱাকৈ নাছিল৷ স্বাধীন অসমৰ আহোম ৰজাসকলে লথা নগাসকলক মাটি-বৃত্তিও দিছিল৷

পাৰস্পৰিক সংঘাতৰ মাজে মাজে অতীজত নগাই আহোম ৰাজ্যত উপদ্ৰৱ কৰাৰ খতিয়ানো দেধাৰ আছে৷

আহোম প্ৰশাসনে তাহানি সংযোগ ৰক্ষা কৰা নগাসকল আছিল-

  • লথা,
  • আও,
  • ফোম,
  • কন্যাক,
  • নক্টে,
  • ৱাঞ্চু আদি৷

সংঘাত-সম্প্ৰীতিৰ মাজে মাজেই অগ্ৰসৰ হৈছিল সমন্বয়ৰ বাট এটা৷

বুৰঞ্জী পুথিত পোৱা যায়, ত্ৰয়োদশ শতাব্দীৰ আৰম্ভণিতে পাটকাই পৰ্বত পাৰ হৈ সৌমাৰপীঠত আহোম ৰাজ্য কৰা আদি-ৰজা চ্যুকাফা স্বৰ্গদেউ নগাভূমিৰ মাজেৰেই আগুৱাই আহিছিল৷

চাওলুং চ্যুকাফাৰ দিনৰে পৰাই অৰ্থাৎ ১১৫০ শকৰ পৰাই বিভিন্ন পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আহোমৰ দ্বাৰা নগা দমনৰ চেষ্টা চলিছিল৷

১৪২৬ শকত আহোমৰ তলতীয়া আইতনীয়া নগাই বিদ্ৰোহ কৰাত ওপৰজনা দিহিঙ্গীয়া ৰজা (স্বৰ্গদেউ চুহুংমুং)ই বৰগোহাঁই আৰু বুঢ়াগোহাঁইৰ নেতৃত্বত এদল সৈন্যক বিদ্ৰোহী দমনৰ অৰ্থে পঠিয়াইছিল৷

সেই যুদ্ধত নগাসকলে পৰাজয় বৰণ কৰিছিল৷ ১০০ মেথোন দি বশ্যতা স্বীকাৰ কৰাৰ উপৰি তেওঁলোকে আহোম ৰজালৈ এগৰাকী কন্যা বিয়া দিয়াৰ উপৰি যৌতুকত দিছিল চাৰিটাকৈ হাতী৷

আহোমক বছৰি কৰ হিচাপে কুঠাৰ, ঘণ্টা, গন্ধকলাই আদি আগ বঢ়াবলৈকো প্ৰতিশ্ৰুতিবদ্ধ হৈছিল৷ স্বৰ্গদেউ চুপিমফাৰ ৰাণী এগৰাকীৰ আকৌ নগাৰ খুনবাও এজনৰ প্ৰতি আসক্তি আছিল৷

স্বৰ্গদেৱে সেয়ে কুঁৱৰীক গাঁওবুঢ়াৰ লগতে পঠাই দিলে৷ সেই সময়ত কুঁৱৰী সগৰ্ভা আছিল৷ নগাৰ চাঙতে কুঁৱৰীৰ পুত্ৰ সন্তান জন্ম হ’ল৷ নাম ৰখা হ’ল চেংলুং৷

পাছত স্বৰ্গদেউ চুহুংমুঙে চেংলুঙৰ ৰাজকীয় পৰিচয় থকা বুলি জানি চাঙলৈ গৈ নাম দিলে কনচেং৷ নগা কোঁৱৰ হিচাপে পৰিচিত কনচেং আহোমৰ ৰাজসভাত নকৈ সৃষ্টি কৰা বৰপাত্ৰগোঁহাই পদবীত অধিষ্ঠিত হ’ল৷

স্বৰ্গদেউ চুচুনফাৰ ৰাজত্ব কালত টাংচু নগাই সঘনাই আক্ৰমণ কৰি জীৱন আৰু সম্পত্তি ধ্বংস কৰিছিল৷

অন্য নগাৰ বিৰুদ্ধেও তেওঁলোকে আছিল আক্ৰমণাত্মক তথা হানিকাৰক৷ তাকে লৈ এদিন আখামপানী নগা স্বৰ্গদেউৰ ওচৰ চাপিল৷

তৰোৱাল এখন সন্মান হিচাপ আগ কৰি অত্যাচাৰৰ অভিযোগ দিলে আৰু ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে প্ৰাৰ্থনা জনালে৷

প্ৰচুৰ প্ৰাণহানি আৰু পৰাজয়ৰ সন্মুখীন হৈও অৱশেষত আহোম সেনাই নগা আক্ৰমণকাৰীক পৰাজিত কৰিবলৈ সক্ষম হ’ল৷ স্বৰ্গদেউ চুহানফাৰ দিনত টাংচু নগাই দ্বিতীয়বাৰ আঘাত হানে৷ ৰণত প্ৰথমে আহোমৰ পৰাজয় ঘটে যদিও শেষত আহোমে নগাক ঘটুৱায় আৰু বন্দী কৰিবলৈ সক্ষম হয়৷

লকমা নগায়ো হঠাতে উৎপাত কৰি আহোম প্ৰজাক বিব্ৰত কৰি তুলিছিল৷ স্বৰ্গদেউ চুখামফা অৰ্থাৎ খোৰা ৰজাৰ দিনত খামজাঙৰ ওচৰত থকা হাতীখোকীয়া, আইতনীয়া, পাপুক আৰু খামজঙীয়া নগাই বিদ্ৰোহাচৰণ কৰিছিল৷

ৰজাই নিজে গৈ সেই বিদ্ৰোহ দমন কৰিছিল৷ জয়ধ্বজ সিংহ (স্বৰ্গদেউ চুতাম্‌লা)ই ১৫৭২ শকত নগাসকলক দমন কৰিবলৈ ফৌজ পঠিয়াইছিল৷

১৫৮৭ শকত বানচুঙ্গীয়া নগাসকলক বানফেৰীয়া নগাসকলে আক্ৰমণ কৰাত তেওঁলোকে আহোমৰ বিচাৰিছিল৷ অনেক যুঁজ-বাগৰৰ মূৰকত আক্ৰমণকাৰী নগাসকলে আহোমৰ বশ্যতা স্বীকাৰ কৰে৷

একেদৰে ১৬০৭ শকত নামচাং নগাসকলে উপদ্ৰব কৰাত আহোম সৈন্যই দমনমূলক নীতি গ্ৰহণ কৰিবলগীয়া হৈছিল৷

গদাধৰ সিংহ (স্বৰ্গদেউ চুপাতফা)ৰ দিনতো ১৬১৪ শকত নামচঙ্গীয়া নগাই আহোমৰ একুৰিৰো ওপৰ মানুহ কটাৰ প্ৰত্যুত্তৰত আক্ৰমণাত্মক আহোম সৈন্যই নগাক কাটি-মাৰি বশ কৰিছিল৷

১৭২৯ শকত কমলেশ্বৰ সিংহ (স্বৰ্গদেউ চুক্লিংফা)ৰ ৰাজত্ব কালত বৰহাটত নগাই ধন-বস্তু লুটি অত্যাচাৰ কৰিছিল৷

আহোমৰ কাঁড়ী, হজুৱা, চিপাহীৰ দলে তেতিয়া নগাক দমন কৰিবলৈ সক্ষম হয়৷ আহোমৰ শেষৰজন ৰজা স্বৰ্গদেউ পুৰন্দৰ সিংহৰ দিনতো ১৭৫৫ শকত মালৌথুপীয়া নগাই বয়-বস্তু কাঢ়ি নিয়াত যুদ্ধ দিবলগীয়া হৈছিল৷

আকৌ, বৰদুৱৰীয়া নগা আৰু বৰহটীয়া নামচঙ্গীয়া নগাৰ পৰস্পৰ কটা-কটি ৰণ আহোমেই স্তব্ধ কৰিবলগীয়া হৈছিল৷ পৰৱৰ্তী কালত নগা-খাট প্ৰদান কৰাৰ উপৰি নগা-কটকী নিয়োগ কৰা হৈছিল৷

তৎসত্ত্বেও সম্পূৰ্ণৰূপে বশ মনাব পৰা নগৈছিল স্বাধীনচিতীয়া আৰু দুৰ্দান্ত যুঁজাৰু প্ৰকৃতিৰ সেই মানুহখিনিক৷

আহোম ৰাজত্বৰ পৰিসমাপ্তি পৰ্যন্ত আহোম-নগাৰ সংঘৰ্ষ এৰা-ধৰা ৰূপত চলিয়েই আছিল৷ বন্ধুত্বপূৰ্ণ ব্যৱহাৰেৰে উভয় পক্ষৰ মাজত সদ্ভাৱ অক্ষুণ্ণ ৰাখিবলৈ আহোম প্ৰশাসন যত্নৱান হৈছিল৷

আহোম বুৰঞ্জীত নগাসকলক জাতিগত নামেৰে কমেইহে জনা গৈছিল৷ তাৰ পৰিৱৰ্তে পৰ্বতৰ পৰা নামি অহা গিৰিপথৰ নাম, গাঁও বা চাঙৰ নামেৰেহে ভৈয়ামৰ মানুহৰ মাজত একো একোটা জনসমষ্টি জনাজাত হৈছিল৷

ইতিহাসৰ পুথিসমূহত উল্লেখ থকা-

  • মহঙ্গীয়া,
  • নামচঙ্গীয়া,
  • বানফেৰীয়া,
  • বানচুঙ্গীয়া,
  • তাবলুঙ্গীয়া,
  • বৰদুৱৰীয়া,
  • পানীদুৱৰীয়া,
  • জবকিয়াল,
  • বনফঙ্গীয়া,
  • দোপগড়ীয়া,
  • মলৌথুপীয়া,
  • বোপগঞা,
  • শিলপনীয়া,
  • আচিৰিঙ্গীয়া,
  • হিমুঙ্গীয়া,
  • লাচঙ্গিয়াল,
  • খামজঙ্গীয়া,
  • বৰগঞা,
  • লাকুৰীয়া,
  • ৰেংমা,
  • মলং ইত্যাদিবোৰ নগা গোষ্ঠীৰ লোকক অসমীয়া মানুহে দিয়া কিছুমান নাম৷

নগাসকলৰ মাজত প্ৰচলিত কিম্বদন্তীসমূহেও তেওঁলোকৰ অতীত বুৰঞ্জীৰ আভাস দিয়ে৷ আনহাতে কোনো কোনো পণ্ডিতে আহোমতকৈও নগাসকল অসমলৈ আগতে অহা বুলি অনুমান কৰে৷

বুৰঞ্জীবিদ চাৰ এডোৱাৰ্ড গেইটৰ মতেও আহোমসকল প্ৰথম সান্নিধ্যলৈ অহা মানুহখিনি আছিল পূব প্ৰান্তৰ নগা জনজাতি৷

১৭৬০ শকত (১৬ ছেপ্টেম্বৰ, ১৯৩৮ চন) ব্ৰিটিছ অফিচাৰ মেজৰ আদম হোৱাইটে আহোম ৰজা স্বৰ্গদেউ পুৰন্দৰ সিংহক পদবীৰ পৰা অপসাৰণ কৰিলে৷

তাৰ পাছৰে পৰাই আহোম ৰাজ্য পোনপটীয়াকৈ ব্ৰিটিছৰ অধীন হ’ল৷ নগাৰ বিদ্ৰোহ তেতিয়াও অৱশ্যে শাম কটা নাছিল৷

পৰৱৰ্তী সময়ত ব্ৰিটিছে পৰ্যায়ক্ৰমে বিদ্ৰোহী নগাসকলক বলপূৰ্বক আৰু কৌশলী বুদ্ধি খটুৱাই বশীভূত কৰিবলৈ সক্ষম হৈছিল৷

ইংৰাজে কানি খুৱাই খুৱাই দুৰ্দান্ত নগাশক্তিক বশ কৰিছিল বুলি পুৰণি মানুহে আজিও সোঁৱৰণ কৰে৷

সততে আক্ৰমণাত্মক স্বভাৱৰ নগাসকলৰ উগ্ৰতা সময় বাগৰাৰ লগে লগে ক্ৰমাৎ স্তিমিত হৈ আহিলেও সাম্প্ৰতিক কালতো নগা আৰু নাগালেণ্ড সম্পূৰ্ণৰূপে শান্ত হৈছে বুলিব নোৱাৰি৷

পাছৰ পৰ্যায়ত ঘটনাপ্ৰৱাহে পথ সলনি কৰিলে৷ আত্মনিয়ন্ত্ৰণক লৈ উত্তাল হৈ পৰা নগাভূমি আৰু ঘোৰ জাতীয়তাবাদী চৰিত্ৰৰ নগা লোকৰ দুঃসাহসিকতাৰ ইতিহাস কম-বেছি পৰিমাণে জনা বাহিৰৰ লোকে সেয়ে নেকি আজিও সততে সমীহ ভাব পোষণ নকৰা নহয়৷

বিপৰীতে, সৰুৰে পৰাই আমি আমাৰ ঘৰৰ দাঁতি-কাষৰীয়া, সহপাঠী আৰু অগ্ৰজ-অনুজ নগাসকলৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি অহা বাবে আমাৰ মনত তেনেকুৱা উদ্বেগজনক চিন্তাই তিলমানো ঠাই ল’ব পৰা নাই৷

তাৰ পৰিৱৰ্তে আছে পাৰস্পৰিক আদান-প্ৰদান, সন্মান আৰু বন্ধুত্বৰ ভাবহে৷ গতিকে যোদ্ধাৰ গাঁও খনমালৈ, প্ৰাক্তন নৰমুণ্ড চিকাৰীৰ কাষলৈ এতিয়া যাবলৈ সোণালী সুযোগ এটা পাই পেটে পেটে ভালহে লাগিছে আৰু বুজাব নোৱাৰা এক ধৰণৰ উত্তেজনা ভিতৰি ভিতৰি প্ৰতিটো মুহূৰ্ততে অনুভৱ কৰি আছোঁ৷

ক্ৰমাৎ নিকটলৈ আহি থকা সেউজ পাহাৰলানিয়েও যেন আমাক ৰিঙিয়াই মাতি আছে, তাৰ মাজত সোমাই পৰি শেহতীয়া সত্যখিনি নিজ চকুৰে চাই ল’বৰ বাবে৷

লেখক: আব্দুচ ছাজিদ(সাহিত্য.অৰ্গ)

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top