অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চুলতানি সাম্ৰাজ্যৰ পৰা উদ্ভুত স্বাধীন ৰাজ্যসমূহ

চুলতানি সাম্ৰাজ্যৰ পৰা উদ্ভুত স্বাধীন ৰাজ্যসমূহ

দিল্লী চুলতানিৰ দুৰ্বলতাৰ সুযোগ লৈ চুলতানি সাম্ৰাজ্যৰ বিভিন্ন অংশই বিভিন্ন সময়ত স্বাধীনতা ঘোষণা কৰিছিল। কিন্তু কিছুদিন স্বাধীন হৈ থকাৰ পিছত এই ৰাজ্যবোৰৰ বেছি ভাগু ৰাজ্যই মোগলসাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হৈ পৰিছিল। দিল্লী চুলতানিৰ পৰা স্বাধীন হোৱা আৰু পিছত মোগল সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হোৱাৰ এই ৰাজ্যবোৰৰ মাজত কালছোৱাৰ ইতিহাস স্বতন্ত্ৰ ইতিহাস। উত্তৰ ভাৰতত এনেবোৰ ৰাজ্য আছিল জৌনপুৰ, মেৱাৰ, কাশ্মীৰ, ৰাজপুতনা, মালৱ, গুজৰাট আৰু বঙ্গ। দক্ষিণভাৰতত এনে স্বাধীন ৰাজ্যবোৰ আছিল খান্দেশ, বাহমনীৰাজ্য আৰু বিজয়নগৰ সাম্ৰাজ্য।

বাহমনী ৰাজ্য(Bahmani Kingdom):

 

দিল্লী চুলতানিৰ পৰা উদ্ভুত হোৱা মুছলমান ৰাজ্যবোৰৰ ভিতৰত বাহমনী ৰাজ্যই আটাইতকৈ শক্তিশালী আছিল। এই ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বহমন শ্বাহ। মহম্মদ টোগলকৰ ৰাজত্বকালৰ শেষৰ পিনে দেৱগিৰিৰ অভিজাত শ্ৰেণী বিদ্ৰোহী হৈ উঠিছিল। বিদ্ৰোহী অভিজাতবৰ্গই দৌলতাবাদৰ দুৰ্গটো অধিকাৰ কৰি তেওঁলোকৰেই এজন নেতা ইসমাইল মুখক স্বাধীন চুলতান বুলি ঘোষণা কৰিলে। কিন্তু ইসমাইল মুখে নিজৰ বৃদ্ধ অৱস্থাৰ কাৰণে নৱপ্ৰতিষ্ঠিত স্বাধীন ৰাজ্যখনৰ গুৰু দায়িত্ব গ্ৰহণ কৰিবলৈ অপাৰগতা প্ৰকাশ কৰি জাফৰ খাঁন হাসানৰ হাতত সিংহাসন গতাই দিলে। জাফৰ খাঁন হাসানে আলাউদ্দিন বহমন শ্বাহ উপাধি গ্ৰহণ কৰি দৌলতাবাদৰ সিংহাসনত আৰোহণ কৰিলে।

বহমন শ্বাহ(১৩৪৭-৫৮) Bahman Shah(1347-58):

 

পৰিচয়:

ফেৰিস্তাৰ বৰ্ণনাত থকা মতে জাফৰ খাঁন হাসান গঙ্গু নামৰ এজন ব্ৰাহ্মণ জ্যোতিষিৰ ভৃত্য আছিল। আধুনিক ঐতিহাসিকসকলে এইষাৰ কথা মানি লোৱা নাই। শিলালিপি আৰু মোহৰৰ পৰাও তেওঁ যে ব্ৰাহ্মণ জ্যোতিষিৰ ভৃত্য আছিল সেইষাৰ কথা জানিব পৰা নেযায়। ‘বুৰহান-ই-মাসিৰ’ত উল্লেখ থকা মতে হাসানে পাৰস্যৰ খ্যাতনামা বীৰ বহমনৰ বংশধৰ বুলি পৰিচয় দিছিল তেওঁৰ দ্বাৰা স্থাপিত বংশ ‘বহমনবংশ’ বুলি পৰিচিত হৈছিল।

বহমন শ্বাহে মহম্মদ টোগলকৰ শাসনকালৰ দুৰ্বলতাৰ সুযোগ লৈ ৰাজ্যবিস্তাৰ কৰিবলৈ লৈছিল। ফিৰোজ টোগলকেও দাক্ষিণাত্য পুনৰ উদ্ধাৰৰ চেষ্টা কৰা নাছিল। সেইকাৰণে বহমন শ্বাহে নিৰ্বিবাদে ৰাজ্যবিস্তাৰ কৰিবলৈ সুবিধা পাইছিল। তেওঁ গোৱা, কোলাপুৰ, দভল বিদাৰ আৰু টেলাঙ্গানাৰ কিছু অংশ জয় কৰি বাহমনী ৰাজ্যৰ সীমা উত্তৰে ওয়াইন গঙ্গাৰ পৰা দক্ষিণে কৃষ্ণানদীলৈকে আৰু পূবে ভঙ্গীৰ পৰা পশ্চিমে দৌলতাবাদলৈকে বৃদ্ধি কৰিছিল। মালৱ আৰু গুজৰাটৰ বিৰুদ্ধেও তেওঁ অভিযান আৰম্ভ কৰিছিল। এই অভিযান দুটাত তেওঁ সফল হব পৰা নাছিল। বহমন শ্বাহে দৌলতাবাদৰ পৰা গুলবাৰ্গলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল।

বহমন শ্বাহে ৰাজ্যখন চাৰিটা ভাগত ভাগ কৰিছিল। প্ৰতিটো ভাগক ‘তৰফ’ বা প্ৰদেশ বোলা হৈছিল। গুলবাৰ্গ, দৌলতাবাদ, বেবাৰ আৰু বিদাৰ প্ৰতিটো ‘তৰফ’ৰ একোখনকৈ সদৰ ঠাই আছিল। প্ৰতিখন প্ৰদেশ একোজন প্ৰাদেশিক শাসনকৰ্ত্তাৰ অধীনত ৰখা হৈছিল। তেওঁলোকক তৰফদাৰ বোলা হৈছিল। বহমান শ্বাহৰ শাসনব্যৱস্থাৰ স্বৰূপটো সামন্তবাদী আছিল। প্ৰাদেশিক শাসনকৰ্ত্তা লাগিছিল। বহমন শ্বাহ এজন ন্যায়পৰায়ণ আৰু ধৰ্মভীৰু শাসনকৰ্ত্তা আছিল। তেওঁ দুখীয়াৰ প্ৰতি সদয় আছিল আৰু আন্তৰিকতাৰে নিজধৰ্ম পালন কৰিছিল।

মহম্মদ শ্বাহ প্ৰথম(১৩৫৮-৭৭):

 

(Muhamad Shah 1st(1358-77))

বহমন শ্বাহৰ পিছত তেওঁৰ পুতেক মহম্মদ শ্বাহ(১ম) সিংহাসনত আৰোহণ কৰে। তেওঁ মুছলমান ৰাজ্য মালৱ, খাণ্ডেস আৰু গুজৰাট আৰু হিন্দুৰাজ্য ৱাৰেঙ্গেল আৰু বিজয়নগৰৰ সৈতে যুদ্ধত লিপ্ত হ’বলগীয়া হৈছিল। ৰায়চুবৰ দোৱাব অঞ্চলৰ অধিকাৰৰ প্ৰশ্নটো লৈয়েই ৱাৰেঙ্গেল আৰু বিজয়নগৰৰ সৈতে তেওঁৰ যুদ্ধ হৈছিল। ৱাৰেঙ্গেলৰ ৰজা পৰাজিত হৈ গোলকুণ্ডা মহম্মদ শ্বাহক অৰ্পণ কৰাৰ উপৰিও যুদ্ধৰ ক্ষতিপূৰণ দিবলৈ মান্তি হৈছিল। তেওঁৰ বাহমনীৰাজ্যৰ আনুগত্য স্বীকাৰ কৰিবলগীয়া হৈছিল। বিজয়নগৰৰ ৰজাও মহম্মদ শ্বাহৰ হাতত পৰাজিত হৈছিল। মহম্মদ শ্বাহৰ সৈন্য বিজয়নগৰৰ ভিতৰলৈকে সোমাই গৈ ভালেমান হিন্দু মন্দিৰ ধ্বংস কৰি পেলাইছিল। বিজয়নগৰ আৰু বাহমনী-ৰাজ্যৰ মাজৰ যুদ্ধক সদায়েই ধৰ্মযুদ্ধ বুলি আখ্যা দি অহা হৈছে। তদুপৰি এই দুয়োখন ৰাজ্যতে পতন নোহোৱা পৰ্য্যন্ত এই দুয়োখন ৰাজ্যৰ মাজৰ যুদ্ধ দক্ষিণাত্যৰ ৰাজনীতিত এটা নিয়মীয়া কথা হৈ পৰিছিল। মহম্মদ শ্বাহ প্ৰথম এজন দক্ষ প্ৰশাসক আছিল- Prof. Sherwani-ৰ মতে “Muhammad Shah” was one of the greatest rulers of the Bahmani dynasty”. তেওঁ তেওঁৰ প্ৰধানমন্ত্ৰী চাইফুদ্দিন ঘোৰীৰ সহায়ত এটা সুশৃঙ্খল শাসনব্যৱস্থা গঢ়ি তুলিছিল। পৃথক পৃথক মন্ত্ৰণালয়ৰ অধীনত বিভিন্ন বেচৰকাৰী বিভাগ খোলা হৈছিল। প্ৰধানমন্ত্ৰীৰ উপৰিও বিত্তমন্ত্ৰী, বৈদেশিকমন্ত্ৰী আৰু ধৰ্মীয় আৰু ন্যায়িকবিভাগৰ মূৰব্বী পদৰ সৃষ্টি কৰা হৈছিল। ‘নাজিৰ’ জনে উপবিত্তমন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল আৰু “পেছোৱা” জনক উপমন্ত্ৰীৰ ক্ষমতাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ত সংযুক্ত কৰা হৈছিল। আইন শৃঙ্খলাৰ দায়িত্বত থকা বিসয়াজনক ‘কটোৱাল’ বোলা হৈছিল। তেওঁ সৈনিক আৰু অসামৰিক বিষয়াসকলৰ প্ৰতি দয়াপৰবশ আছিল।

মহম্মদ শ্বাহে বিদ্বানলোকক সমাদৰ কৰিছিল। তেওঁ বিদ্বানলোকৰ সঙ্গ ভাল পাইছিল। ভালেমান বিদ্বানলোক তেওঁৰ ৰাজ্যৰ ৰাজধানীত বসবাস কৰিছিল। দাক্ষিণাত্য শিক্ষিত ব্যক্তিৰ কেন্দ্ৰস্বৰূপ হৈ পৰিছিল। দক্ষিণভাৰত সমগ্ৰ ভাৰতৰ ঈৰ্ষাৰ কাৰণ হৈ পৰিছিল।

মুজাহিদ শ্বাহ(১৩৭৭-৭৮):

 

Muzahid Shah(1377-78)

মুজাহিদ শ্বাহৰ ৱমু শাসনকালত কোনো উল্লেখযোগ্য ঘটনা ঘটা নাছিল। তেওঁৰ দিনতে বিজয়নগৰৰ সৈতে যুদ্ধ হৈছিল যদিও তেওঁ বিজ্যনগৰ সাম্ৰাজ্যৰ বিৰুদ্ধে সফলতা লাভ কৰিব পৰা নাছিল। তেওঁৰ দিনত অভিজাতসকল ‘বিদেশী’ আৰু ‘দক্ষিণী’- এই দুটা দলত বিভক্ত আছিল। মুজাহিদ শ্বাহে বিদেশী প্ৰব্ৰজনকাৰী সকলক, বিশেষকৈ তুৰ্কী আৰু পাৰস্যৰ পৰা অহাসকলক বিশেষভাৱে পৃষ্ঠপোষকতা আগবঢ়াইছিল। নিয়োগৰ ক্ষেত্ৰটো তেওঁলোকে বিশেষ সুবিধা লাভ কৰিছিল। এই কথাত থলুৱা মুছলমান সকল অসন্তুষ্ট হৈ পৰিছিল। এই দুয়োটা দলৰ মাজত সঘনাই বিৰোধ হৈ আছিল আৰু এই বিৰোধ ৰাজ্যখৰ স্বাৰ্থৰ কাৰণে ক্ষতিকাৰক আছিল।

মহম্মদ শ্বাহ দ্বিতীয়(১৩৭৮-৯৭):

 

Mahammad Shah II(1378-97)

মহম্মদ শ্বাহ দ্বিতীয় হাসানৰ নাতিনীয়েক আছিল। এওঁ শান্তিপ্ৰিয় চুলতান আছিল। মহম্মদ শ্বাহ দ্বিতীয়ই বিজয়নগৰৰ ৰজাৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল আৰু বেছিভাগ সময় তেওঁ প্ৰজাৰ কল্যাণৰ কথা চিন্তা কৰি কটাইছিল। তেওঁ মুছলমান সন্ন্যাসীসকলৰ কাৰণে মচজিদ আৰু দৰগাহ নিৰ্মাণ কৰিছিল আৰু ইচলামধৰ্মলৈ ধৰ্মান্তৰক উৎসাহ প্ৰদান কৰিছিল। খৰাংবতৰৰ সময়ত প্ৰজাক খাদ্যযোগান ধৰিবৰ কাৰণে তেওঁ বিস্তৃত ব্যৱস্থা গ্ৰহণ কৰিছিল। অনাটনৰ সময়ত মালৱ আৰু গুজৰাটৰ পৰা খাদ্যসামগ্ৰী আনিবৰ কাৰণে তেওঁ পাঁচহাজাৰখন গৰুগাড়ী সাজু কৰি ৰাখিছিল। শিল্প আৰু সাহিত্যৰ প্ৰতি তেওঁৰ অপৰিসীম অনুৰাগ আছিল। তেওঁ ভালেমান বিদ্যালয় নিৰ্মাণ কৰিছিল আৰু এচিয়া মহাদেশৰ বিভিন্ন স্থানৰ পৰা বিদ্বান ব্যক্তিক তেওঁৰ ৰাজসভালৈ আমন্ত্ৰণ কৰি আনিছিল।

তাজউদ্দিন ফিৰোজ শ্বাহ(১৩৯৭-১৪২২):

 

Tazuddin Firoze Shah(1397-1422)

তাজউদ্দিন ফিৰোজ শ্বাহ এজন ক্ষমতাশালী শাসক আছিল। ধৰ্মৰ ক্ষেত্ৰত তেওঁ গোড়া আছিল। বিজয়নগৰৰ সৈতে তেওঁ তিনিবাৰ সংঘৰ্ষত লিপ্ত হৈছিল। প্ৰথম দুটা অভিযানত তেওঁ সফল হৈছিল আৰু বিজয়নগৰৰ পৰা প্ৰচুৰ পৰিমাণৰ ধনসোণ লৈ আনিছিল। আনকি বিজয়নগৰৰ ৰজাৰ এগৰাকী কন্যাকো নিজৰ হেৰেমলৈ লৈ আনিছিলো। কিন্তু বিজয়নগৰৰ বিৰুদ্ধে তৃতীয়টো অভিযানত তেওঁ সফল হোৱা নাছিল। বিজয়নগৰৰ সেনাবাহিনীয়ে বাহমনী ৰাজ্যৰ পূব আৰু দক্ষিণ অংশ অধিকাৰ কৰি লৈছিল। পৰাজয়ৰ গ্লানিত তেওঁৰ মন ভাঙি গৈছিল আৰু লাহে লাহে শাসনকাৰ্য্যৰ পৰা নিজকে আঁতৰাই আনিছিল। অৱশেষত নিজৰ ভায়েক আহমদ শ্বাহৰ দ্বাৰা তেওঁ সিংহাসনচ্যুত হৈছিল।

তাজউদ্দিন ফিৰোজ শ্বাহ সমাজপ্ৰিয় ব্যক্তি আছিল। জ্ঞানী আৰু গুণীলোকৰ সঙ্গ তেওঁ ভাল পাইছিল।

আহমদ শ্বাহ(১৪২২-৩৫):

 

Ahmmad Shah(1422-35)

সিংহাসনত আৰোহণ কৰিয়েই আহমদ শ্বাহে বিজয়নগৰৰ সৈতে যুদ্ধত লিপ্ত হৈছিল। প্ৰতিশোধ লোৱাৰ উদ্দেশ্যেৰে তেওঁ কুৰি হাজাৰ নিৰীহ প্ৰজাক হত্যা কৰিছিল আৰু বিজয়নগৰৰ ৰজা দ্বিতীয় দেৱৰায়ক কৰ দিবলৈ বাধ্য কৰাইছিল।

বিজয়নগৰৰ বিৰুদ্ধে যুদ্ধত জয়লাভ কৰি উৎসাহান্বিত হৈ আহম্মদ শ্বাহে ৱাৰেঙ্গল আক্ৰমণ কৰে আৰু সম্পূৰ্ণভাৱে ৱাৰেঙ্গল জয় কৰে। ৱাৰেঙ্গল কৰাৰ পিছত ৱাৰেঙ্গলৰ কাকতীয় বংশৰ শাসনৰ অৱসান ঘটাই ৱাৰেঙ্গল বাহমনী ৰাজ্যৰু অন্তৰ্ভুক্ত কৰে।

আহমদ শ্বাহ আছিল এজন দুৰ্ধৰ্ষ যোদ্ধা। তেওঁ গুজৰাটৰ সৈতে যুদ্ধত লিপ্ত হৈছিল আৰু মালৱৰ চুলতান হুসাৎ শ্বাহক পৰাজিত কৰিবলৈ সমৰ্থ হৈছিল। এইদৰে বাহমনী ৰাজ্যৰ সীমা আৰু শক্তি বৃদ্ধি কৰাৰ পিছত আহমদ শ্বাহে ৰাজধানী গুলবাৰ্গৰ পৰা নৱনিৰ্মিত চহৰ বিদাৰলৈ স্থানান্তৰিত কৰিছিল।

আহমদ শ্বাহ যদিও ধৰ্ম্মান্ধ আৰু সঙ্কীৰ্ণমনা আছিল তথাপি বিদ্যানলোকক তেওঁ সমাদৰ কৰিছিল।

আলাউদ্দিন আহম্মদ(১৪৩৫-৫৭):

 

Alaud-din-Ahmmad(1435-57)

আহমদ শ্বাহৰ মৃত্যুৰ পিছত তেওঁক পুতেক আলাউদ্দিন আহমদ সিংহাসনত আৰোহণ কৰে। ইতিমধ্যে বিজয়নগৰৰ ৰজা দ্বিতীয় দেৱৰায়ে পৰাজয়ৰ পোতক তুলিবলৈ সৈন্যবাহিনী সংগঠন কৰি ৰায়চুৰ দোৱাৰ আক্ৰমণ কৰে। কিন্তু সমৰকুশল আলাউদ্দিন আহমদে দেৱৰায়ক পৰাস্তি কৰি শান্তিস্থাপন কৰিবলৈ বাধ্য কৰে। দেৱৰায়ে পূৰ্বৰ প্ৰতিশ্ৰুতি কৰ দি থাকিবলৈকো মান্তি হয়।

আলাউদ্দিন আহমদে কোঙ্কনৰ কেইজনমান হিন্দু সামন্ত ৰজাক পৰাজিত কৰি তেওঁলোকৰ আনুগত্য লাভ কৰিবলৈ সক্ষম হৈছিল। দেউতাকৰ নিচিনাকৈ তেওঁ এজন কঠোৰ শাসক আছিল। তেওঁ সাহিত্য আৰু স্থাপত্যশিল্পৰ পৃষ্ঠপোষক আছিল।

হুমায়ুন শ্বাহ(১৪৫৭-৬১):

 

Humayun Shah(1457-61)

হুমায়ুন শ্বাহ অকৰ্মণ্য আৰু ৰক্তলোলুপ শাসক আছিল। তেওঁৰ ৰাজত্বকালত সকলোৱে ভীতগ্ৰস্ত হৈ দিন কটাবলগীয়া হৈছিল। অৱশ্যে তেওঁ তেওঁৰ শাসনকালৰ আগভাগত অত্যাচাৰী নাছিল।

পিছত যেতিয়া তেওঁৰ বিৰুদ্ধে আনকি তেওঁৰ সম্পৰ্কীয় মানুহেই ষড়যন্ত্ৰ কৰা দেখিছিল তেতিয়াহে তেওঁ অত্যাচাৰী হৈ পৰিছিল। যি কি নহওক তেওঁৰ মৃত্যুত বাহমনী ৰাজ্যৰ প্ৰজাই স্বস্তিৰ নিঃশ্বাস পেলাইছিল। কবি নাজিৰে হুমায়ুন শ্বাহৰ মৃত্যুক ঈশ্বৰৰ আশীৰ্বাদ বুলি বৰ্ণনা কৰিছে। হুমায়ুন শ্বাহে থলুৱা আৰু বহিৰাগত মুছলমানসকলৰ মাজত সমতা ৰক্ষা কৰি ৰাজ্যখনত শানপ্তি শৃংখলা অটুট ৰাখিবলৈ সক্ষম হৈছিল। তেওঁ আক্ৰমণাত্মক নীতি গ্ৰহণ কৰাৰ পৰিবৰ্ত্তে ৰাজ্যখন সুসংহতভাৱে গঢ়ি তুলিবলৈ যত্ন কৰিছিলো। সৌভাগ্যক্ৰমে হুমায়ুন শ্বাহে মামুদ গৱানৰ নিচিনা এজন দক্ষ প্ৰধানমন্ত্ৰী পাইছিল। মামুদ গৱানে শান্তিশৃংখলা ৰক্ষাৰ কামত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল।

মামুদ গৱান:

 

(Mahmud Gawan)

মামুদ গৱান এজন বিদেশী মুছলমান আছিল। তেওঁ এজন দক্ষ কূটনীতিবিদ আছিল আৰু কৌশলেৰে তেওঁ সকলোৰে সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছিল। মামুদ গৱানে ভালেমান প্ৰশাসনীয় সংস্কাৰ সাধন কৰি প্ৰশাসন ব্যৱস্থাটোক পুনৰ সঞ্জীৱিত কৰি তুলিছিল। তেওঁ বিত্তীয় পৰিস্থিতিৰ উন্নতি সাধন কৰিছিল, ৰাজহ ব্যৱস্থাৰ সংস্কাৰ সাধন কৰিছিল, শান্তিশৃংখলা ৰক্ষা কৰিছিল, ন্যায়িক বিভাগটো কৰ্মক্ষম কৰি তুলিছিল আৰু প্ৰশাসনীয় বিভাগসমূহত নিয়মানুবৰ্ত্তিতা প্ৰৱৰ্ত্তন কৰিছিল। মামুদ গৱান ৰাষ্ট্ৰৰ এজন অনুগত কৰ্মচাৰী আছিল আৰু ৰাষ্ট্ৰৰ স্বাৰ্থৰ কাৰণে তেওঁ জীৱনটো উৎসৰ্গা কৰিছিল বুলি কব পাৰি।

নিঃসন্দেহে মামুদ গৱান আদি মধ্যযুগৰ এজন ডাঙৰ ৰাজনীতিবিদ আৰু প্ৰশাসক আছিল। তেওঁ বাহমনী ৰাজ্যৰ সন্মান বৃদ্ধি কৰিছিল। তেওঁ দয়ালু, উদাৰ আৰু সৰল প্ৰকৃতিৰ লোক আছিল। বিদ্যা আৰু বিদ্যান লোকৰ তেওঁ পৃষ্ঠপোষকতা কৰিছিল আৰু নিজেও এজন পণ্ডিত ব্যক্তি আছিল। তেওঁ বিদাৰত চালে চকুৰোৱা এটা কলেজ আৰু লাইব্ৰেৰী প্ৰতিষ্ঠা কৰিছিল। আজৰি সময়খিনি তেওঁ কিতাপ পঢ়ি আৰু বিদ্বানলোকৰ সৈতে কটাইছিল। অৱশ্যে মামুদ গৱানে তেওঁৰ সমসাময়িক যুগত ধৰ্মান্ধতাৰ পৰা নিজকে মুক্ত কৰিব পৰা নাছিল। যি কি নহওক মামুদ গৱানৰ জীৱন আৰু কাৰ্য্যৰ প্ৰতি মনোনিৱেশ নকৰাকৈ বাহমনী ৰাজ্যৰ সফলতা খিনি লিপিবদ্ধ কৰিব নোৱাৰি।

মামুদ গৱানে কোঙ্কনৰ হিন্দুৰজাসকলক দমন কৰিছিল আৰু তেওঁলোকৰ কেইটামান দুৰ্গ অধিকাৰ কৰি লৈছিল। ৰজা সঙ্গমেশ্বৰৰ হাতৰ পৰা তেওঁ “খেলনা” নামৰ দুৰ্গটো অধিকাৰ কৰি লৈছিল। কোঙ্কনৰ পৰা গৱানে প্ৰভূত পৰিমাণৰ ধনৰত্ন, ঘোঁৰা, হাতী, ক্ৰীতদাস লৈ আহিছিল। তেওঁৰ মন্ত্ৰীত্বৰ কালতেই বাহমনী ৰাজ্যৰ সৈনাধ্যক্ষই ‘ৰাজমহেন্দ্ৰী’ আৰু ‘কোন্দবীৰ’ নামৰ দুৰ্গ দুটা অধিকাৰ কৰি লৈছিল। উৰিষ্যাৰ ৰজাকো পৰাজিত কৰি গৱানে তেওঁৰ পৰা হাতী আৰু কিছু পৰিমাণৰ্ ধনসোণ আদায় কৰিছিল। ১৪৮১ খৃষ্টাব্দত গৱানে কাঞ্জী আক্ৰমণ কৰে আৰু তাৰ মন্দিৰৰ পৰা ধনৰত্ন লুট কৰে।

মামুদ গৱানৰ ক্ষমতা ক্ৰমাৎ বৃদ্ধি পাই অহা দেখি, বিশেষকৈ থলুৱা অভিজাতসকল, মামুদ গৱানৰ প্ৰতি ঈৰ্ষান্বিত হৈ পৰিল। এবাৰ ৰাজধানীৰ পৰা গৱানৰ অনুপস্থিতিৰ সুযোগ লৈ তেওঁলোকে গৱানৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈ চুলতানক মিছাকৈ লগালে যে গৱানে বিজয়নগৰৰ ৰজা নৰসিংহলৈ বাহমনী ৰাজ্যৰ স্বাৰ্থ বিৰোধী এখন চিঠি লিখিছে। তেওঁলোকে এখন নকল চিঠি চুলতানক দেখুৱালে। সুৰামত্ত চুলতান তৃতীয় মামুদে হিতাহিতজ্ঞান হেৰুৱাই পেলাই গৱানক মৃত্যুদণ্ডেৰে দণ্ডিত কৰিলে। এইদৰেই চুলতানৰ অকৃতজ্ঞতাত আৰু অভিজাত শ্ৰেণীৰ কিছু অংশৰ ষড়যন্ত্ৰৰ কাৰণে বাহমনী ৰাজ্যৰ শক্তি আৰু সন্মান বৃদ্ধিৰ কাৰণে আন্তৰিকতাৰে কাম কৰি অহা মামুদ গৱানৰ জীৱন অৱসান হৈছিলো। গৱানৰ মৃত্যুতে সমগ্ৰৰাজ্যতে প্ৰতিক্ৰিয়াই দেখা দিছিল। চুলতান মামুদ তৃতীয়ই ষড়যন্ত্ৰৰ কথা পিছত গম পাই নিজৰ ভুল বুজিব পাৰি শোকত বিহ্বল হৈ পৰিছিল আৰু ষড়যন্ত্ৰকাৰীসকলক কঠোৰ শাস্তি প্ৰদান কৰিছিল।

উল্লেখযোগ্য যে মামুদ গৱান মামুদ তৃতীয়ৰ শাসনকালতো(১৪৬৩-৮২) প্ৰধানমন্ত্ৰী আছিল। মামুদ তৃতীয়ৰ আগৰ জন চুলতান আছিল নিজাম শ্বাহ(১৪৬১-১৪৬৩)। তেওঁ নাবালক হোৱাৰ কাৰণে শাসনকাৰ্য্যত তেওঁক তেওঁৰ মাক আৰু মামুদ গৱানে সহায় কৰিছিল। নিজাম শ্বাহৰ শাসনকালত উৰিষ্যা আৰু টেলেঙ্গেনাৰ শাসনকৰ্তাই বাহমনী-ৰাজ্য আক্ৰমণ কৰিছিল যদিও তেওঁলোক সফল হব পৰা নাছিল। ইয়াৰ উপৰিও মালৱৰ মামুদ শ্বাহ খিলজিয়ে বাহমনী-ৰাজ্য আক্ৰমণ কৰি বিদাৰ দুৰ্গ অধিকাৰ কৰি লৈছিল। অৱশ্যে নিজাম শ্বাহৰ অনুৰোধ ক্ৰমে গুজৰাটৰ শাসনকৰ্ত্তাই তেওঁক সহায় কৰিছিল। মালৱৰ ৰজা পিছ হুহকি গৈছিল। ১৪৬২ চনত মালৱৰ ৰজাই আকৌ এবাৰ বাহমনী ৰাজ্য আক্ৰমণ কৰিছিল। সেইবাৰো তেওঁ সফল হব পৰা নাছিল।

বাহমনী ৰাজ্যৰ পতন:

 

(Fall of the Bahmani Kingdom)

মামুদ গৱানক মৃত্যুদণ্ড দিয়াৰ শোকত অনুতপ্ত হৈ অলপ দিনৰ পিছতে মামুদ তৃতীয় মৃত্যুমুখত পৰে। তেওঁৰ মৃত্যুৰ পিছৰ পৰাই বাহমনী ৰাজ্যৰ পতনৰ পথ মুকলি হয়। তেওঁৰ পিছৰ জন চুলতান মামুদ শ্বাহ(১৪৮২-১৫১৮) আছিল দুৰ্বল আৰু অকৰ্মণ্য। তেওঁৰ দুৰ্বলতাৰ কাৰণে স্থানীয় আৰু বহিৰাগত অভিজাত সকলৰ মাজত বিৰোধ আৰম্ভ হয়। প্ৰাদেশিক শাসনকৰ্ত্তাসকলে স্বাধীনতা ঘোষণা কৰে। ইয়াৰ ফলত চুলতানৰ ক্ষমতা কেৱল নিজ ৰাজ্যৰ ভিতৰতে সীমাবদ্ধ হৈ পৰে। এনে ৰাজনৈতিক অৱস্থাৰ সুযোগ লৈ ইউচুফ আদিল শ্বাহে বিজাপুৰত আদিলশ্বাহী বংশ প্ৰতিষ্ঠা কৰে। ইয়াৰ উপৰিও ফতুল্লাহ ইমাদ শ্বাহে বেৰাবত ইমাদ শ্বাহী বংশ, আহমদনগৰত নিজাম শ্বাহে নিজাম শ্বাহীবংশ আৰু গোলকুণ্ডাত কুতুব শ্বাহে কুতুবশ্বাহী বংশ প্ৰতিষ্ঠা কৰে। মামুদ শ্বাহৰ পৰবৰ্ত্তী চুলতানসকলে বিদাৰৰ শাসনক্ষমতা লৈয়েই সন্তুষ্ট থাকিবলগীয়া হয়। ইপিনে বিদাৰতো মন্ত্ৰী আমীৰ বাৰিদে ক্ষমতা হস্তগত কৰে। শেষৰ জন চুলতান কলিমুল্লাহক ক্ষমতাচ্যুত(১৫২৫) বিদাৰত আমীৰ বাৰিদে বাৰিদশ্বাহী বংশ প্ৰতিষ্ঠা কৰে। এইদৰেই বাহমনী ৰাজ্য পাঁচটা স্বাধীন অংশত বিভক্ত হৈ পৰে।

আথেনেসিয়াস নিকিতন(Athanasius Nikitin) নামৰ এজন ৰুছ পৰিব্ৰাজক বাহমনী ৰাজ্যৰ ৰাজধানী বিদাৰলৈ আহিছিল। তেওঁ লিখি থৈ যোৱা বিৱৰণৰ পৰা জনা যায় যে- অভিজাতবৰ্গ বেচ চহকী আছিল আৰু তেওঁলোকে আমোদ প্ৰমোদত দিন কটাইছিল। তাৰ তুলতান জনসাধাৰণৰ, বিশেষকৈ গাঁও অঞ্চলৰ মানুহৰ অৱস্থা অতি শোচনীয় আছিল। চুলতান নিজেও বৰ আড়ম্বৰ প্ৰিয় আছিল আৰু তেওঁ হস্তিবাহিনী লৈ আনন্দবিহাৰৰ উদ্দেশ্যেৰে চিকাৰলৈ গৈছিল। সেইসময়ত বিদাৰৰ জনাবসতিপূৰ্ণ আছিল। নিকতিনৰ মতে দেশৰ শাসনব্যৱস্থাত খোৰাসানী অভিজাতসকলৰ প্ৰভাৱ প্ৰতিপত্তি বেছি আছিল। বাহমনী-ৰাজ্য ১৭৫ বছৰতকৈও বেছিকাল তিষ্ঠি থাকে। পাৰম্পৰিক ষড়যন্ত্ৰ, ঘৰুৱা যুদ্ধ আৰু বিজয়নগৰৰ সৈতে সঘনাই যুদ্ধ এইয়াই আছিল বাহমনী-ৰাজ্যৰ বৈশিষ্ট্য। বহিৰাগত আৰু ভাৰতীয় মুছলমান সকলৰ মাজত বিৰোধ, মামুদ গৱানৰ পিছৰ ৰজাসকলৰ দুৰ্বলতা, আৰু প্ৰাদেশিক গৱৰ্ণৰ সকলৰ উচ্চাকাঙ্খা আদিয়েই আছিল বাহমনী ৰাজ্য পতনৰ কাৰণ। মাহমুদ শ্বাহৰ দিনতেই বাহমনী ৰাজ্য ডোখৰ ডোখৰ হৈ পৰে আৰু প্ৰাদেশিক গৱৰ্ণৰ বোৰে আহম্মদনগৰ, বিজাপুৰ, বেৰাৰ আদি ৰাজ্য স্থাপন কৰে।

দাক্ষিণাত্যৰ পাঁচখন স্বাধীন চুলতানি:

 

(The Five Independent Sultanate of the Deccan)

বাহমনী ৰাজ্যৰ ধ্বংসাৱশেষৰ ওপৰত পাঁচখন স্বাধীন চুলতানি ৰাজ্য গঢ় লৈ উঠিছিল। সেইকেইখন হ’ল বেৰাৰ, আহমদনগৰ, বিজাপুৰ, গোলাকুণ্ডা আৰু বিদাৰ। এই পাঁচখন স্বাধীন চুলতানিৰ ইতিহাস আছিল এনে ধৰণৰ-

বেৰাৰ(Berar):

বাহমনী ৰাজ্যৰ পৰা বেৰাৰ প্ৰদেশখনেই প্ৰথমে স্বাধীনতা ঘোষণা কৰিছিল। বেৰাৰ শাসনকৰ্ত্তা আছিল ফতুল্লাহ ইমাদ শ্বাহ। ১৪৮৪ চনত তেওঁ স্বাধীনতা ঘোষণা কৰে আৰু বেৰাৰত ইমাদশ্বাহী বংশ প্ৰতিষ্ঠা কৰে। এওঁ প্ৰথমে হিন্দু আছিল আৰু বেৰাৰ প্ৰদেশৰ শাসনকৰ্ত্তা খান-ই-জাহানৰ অধীনত চাকৰি গ্ৰহণ কৰিছিল। সম্ভৱ খাই-ই-জাহানৰ মৃত্যুৰ পিছত তেওঁ শাসনকৰ্ত্তা হয় আৰু হিন্দুধৰ্ম ত্যাগ কৰি ইচলাম ধৰ্ম গ্ৰহণ কৰে। তেওঁ প্ৰ্তিষ্ঠা কৰা ইমানশ্বাহী বংশি ১৫৭৪ চনলৈকে তিষ্ঠি থাকে। তাৰ পিছত আহমদ নগৰৰ নিজামশ্বাহী বংশই বেৰাৰ অধিকাৰ কৰি লয়।

বিজাপুৰ(Bijapur):

বিজাপুৰৰ শাসনকৰ্ত্তা আছিল ইউচুফ আদিল খাঁন। সামান্য ক্ৰীতদাস হিচাপে জীৱন আৰম্ভ কৰি ইউচুফ আদিল খাঁনে নিজৰ প্ৰতিভা বলত বিজাপুৰৰ শাসনকৰ্ত্তা হ’বলৈ সক্ষম হৈছিল। ১৪৯০ চনত বেৰাৰ দৰেই তেওঁ স্বাধীনতা ঘোষণা কৰে আৰু বিজাপুৰত আদিলশ্বাহী বংশ প্ৰতিষ্ঠা কৰে।

ইউচুফ আদিল খাঁন মুছলমান হ’লেও হিন্দুসকলৰ প্ৰতি তেওঁ উদাৰতা প্ৰদৰ্শন কৰিছিল। তেওঁ এগৰাকী হিন্দু তিৰোতা বিয়া কৰাইছিল। তেওঁৰ শাসনব্যৱস্থাত বহুতো হিন্দু কৰ্মচাৰী নিযুক্ত হৈছিল। ইউচুফ আদিল খাঁনৰ শাসনব্যৱস্থা আছিল ধৰ্মনিৰপেক্ষ। তেওঁ এজন দক্ষ শাসনকৰ্ত্তাও আছিল। তেওঁ পাৰস্য, তুৰ্কীস্তান আদি ঠাইৰ পৰা তেওঁৰ ৰাজসভালৈ গুণীজ্ঞানী ব্যক্তিক আমন্ত্ৰণ কৰি আনিছিল। ইউচুফ আদিল খাঁনৰ দিনত বিজয়নগৰৰ ৰজা নৰসিংহই বিজাপুৰ আক্ৰমণ কৰিছিল। ইউচুফে এই আক্ৰমণ সহজেই প্ৰতিহত কৰিছিল।

ইউচুফ আদিল খাঁৰ পিছৰ চুলতান সকল আছিল ইসমাইল আদিলখাঁ(১৫১০-৩৪), মল্লু(১৫৩৪), প্ৰথম ইব্ৰাহিম আদিল শ্বাহ(১৫৩৪-৫৭) আৰু আদিল শ্বাস(১৫৫৭-৭৯)। এওঁলোকৰ দিনত আভ্যন্তৰীণ অশান্তিয়ে দেখা দিছিল। কিন্তু এওঁলোকৰ পিছৰজন চুলতান ২য় ইব্ৰাহিম আদিল শ্বাহ(১৫৭৯-১৬২৬) এজন উল্লেখযোগ্য চুলতান আছিল। তেওঁ প্ৰজাৰঞ্জক চুলতান আছিল। ধৰ্মৰ ক্ষেত্ৰটো তেওঁ সহিষ্ণু আছিল। বিজাপুৰ ৰাজ্য ক্ৰমশঃ দুৰ্বল হৈ পৰিছিল যদিও ১৬৮৬ চনত মোগল সম্ৰাট ঔৰঙ্গজেৱে অধিকাৰ কৰি নোলোৱালৈকে বিজাপুৰে নিজৰ স্বাধীনতা বজাই ৰাখিবলৈ সক্ষম হৈছিল।

আহমদনগৰ(Ahmadnagar):

 

আহমদ নিজাম শ্বাহে আহমদনগৰত নিজাম শ্বাহী বংশ প্ৰতিষ্ঠা কৰিছিল। ১৪৯০ চনত আহমদ নিজাম শ্বাহে বাহমনী-ৰাজ্যৰ বিৰুদ্ধে স্বাধীনতা ঘোসণা কৰিছিল। তেতিয়া আহমদনগৰৰ নাম জুনাৰ আছিল। সামৰিক সুবিধাৰ কাৰণে আহমদ নিজাম শ্বাহে আহমদনগৰ চহৰখন প্ৰতিষ্ঠা কৰে আৰু তালৈ ৰাজধানী স্থানান্তৰিত কৰে। ১৪৯৯ চনত দৌলতাবাদ দখল কৰি তেওঁ আহমদনগৰৰ মৰ্য্যদা বৃদ্ধি কৰিছিল।

আহমদ নিজাম শ্বাহৰ মৃত্যুৰ পিছত(১৫০৮) তেওঁৰ পুতেক বুৰহান নিজাম শ্বাহ সিংহাসনত আৰোহণ কৰে। তেওঁ ওচৰচুবুৰীয়া ৰাজ্যবোৰৰ সৈতে যুদ্ধত লিপ্ত হৈছিল। নিজৰ শক্তি বৃদ্ধিৰ উদ্দেশ্যেৰ তেওঁ বিজয়নগৰৰ সম্ৰাটৰ সৈতে মিত্ৰতা স্থাপন কৰিছিল। তেওঁৰ পিছৰজন চুলতান হুসেইন নিজাম শ্বাহে বিজয়নগৰৰ বিৰুদ্ধে দাক্ষিণাত্যৰ মুছলমান ৰাজ্যবোৰৰ লগ লাগিছিল।

১৬০০ চনত মোগল সৈন্যবাহিনীয়ে আহমদনগৰ বিধ্বস্ত কৰিছিল যদিও ১৬৬৩ চনতহে শাহজাহানৰ ৰাজত্ব কালত আহমদনগৰ সম্পূৰ্ণভাৱে মোগল সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হৈছিল। আহমদনগৰৰ চাঁদবিবিৰ মোগলসৈন্যৰ বিৰুদ্ধে আত্মৰক্ষাৰ প্ৰচেষ্টা উল্লেখনীয় ঘটনা।

গোলকুণ্ডা(Golkunda):

 

ৱাৰেঙ্গলৰ কাকতীয় ৰাজবংশৰ উচ্ছেদ সাধন কৰি বাহমনী ৰাজ্যই ৱাৰেঙ্গল দখল কৰিছিল। ৱাৰেঙ্গলতেই গোলকুণ্ডা ৰাজ্য গঢ় লৈ উঠিছিল। কুলী কুতুব শ্বাহে গোলকুণ্ডাত কুতুব শ্বাহী বংশ প্ৰতিষ্ঠা কৰিছিল। কুলী কুতুব শ্বাহে ১৫২২ চনত বাহমনী ৰাজ্যৰ বিৰুদ্ধে স্বাধীনতা ঘোষণা কৰিছিল।

১৫৪৩ চনত কুতুব শ্বাহৰ মৃত্যুৰ পিছত তেওঁৰ দুজন পুতেক জমসীদ আৰু ইব্ৰাহিম ক্ৰমান্বয়ে চুলতান পদত অধিষ্ঠিত হয়। এই দুজন চুলতানে বিজয়নগৰৰ বিৰুদ্ধে, দাক্ষিণাত্যৰ অন্যান্য মুছলমান শক্তিৰ সৈতে মিলিত হৈছিল। ১৬৮৭ খৃষ্টাব্দত ঔৰঙ্গজেৱে গোলকুণ্ডা অধিকাৰ কৰে।

বিদাৰ(Bidar):

বাহমনী-ৰাজ্যৰ বিৰুদ্ধে প্ৰত্যেকখন প্ৰদেশেই স্বাধীনতা ঘোষণা কৰিছিল যদিও কেৱল বিদাৰতেই বাহমনীবংশৰ শেষ চুলতানজনে নামত ৰাজত্ব কৰি আছিল। প্ৰকৃত ক্ষমতা আছিল আমীৰ আলি বদৰৰ হাতত। অৱশ্যে ১৫২৬ চনত আলি বদৰে বাহমনী-ৰাজ্যৰ শেষ চুলতান কলিমুল্লাহক বিতাৰিত কৰি বিদাৰত “বাৰিদশ্বাহ” বংশ প্ৰতিষ্ঠা কৰিছিল। ১৬১৮ চনত বিজাপুৰে বিদায় অধিকাৰ কৰে।

বিজয়নগৰ সাম্ৰাজ্য(The Vijaynagar Empire):

 

প্ৰতিষ্ঠা:

বিজয়নগৰ সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল সেই বিষয়ে স্থিৰ সিদ্ধান্ত হোৱা নাই। R. Sewell যে তেওঁৰ “A Forgotten Empire” নামৰ কিতাপত বিজয়নগৰৰ উৎপত্তি সম্পৰ্কে সাতোটা সিদ্ধান্ত আগবঢ়াইছে। অৱশ্যে তাৰ ভিতৰত হৰিহৰ আৰু বুক্ক ৰায়ে বিজয়নগৰ প্ৰতিষ্ঠা কৰা কথাটো সকলোৰে গ্ৰহণযোগ্য হৈছে। যি কি নহওক প্ৰচলিত কিম্বদন্তী কাহিনীৰ ওপৰত নিৰ্ভৰ কৰি মোটামুটিভাৱে কোৱা হয় যে সঙ্গম নামৰ জনৈক ব্যক্তিৰ পাঁচজন পুতেক তুঙ্গভদ্ৰা নদীৰ পাৰত বিজয়নগৰৰ ভেটি স্থাপন কৰিছিল। তাৰে ভিতৰত হৰিহৰ আৰু বুক্ক ৰায় প্ৰধান আছিল। হৰিহৰ আৰু বুক্ক ৰায় ককাই-ভাই আছিল আৰু সম্ভৱ তেওঁলোক ৱাৰেঙ্গলৰ কাকতীয় ৰজা দ্বিতীয় প্ৰতাপৰুদ্ৰদেৱৰ ৰাজহ বিষয়া আছিল। টোগলকসকলে ১৩২৩ চনত ৱাৰেঙ্গল জয় কৰিলত হৰিহৰ আৰু বুক্ক ৰায় “এনিগণ্ডি” বা কামিগলি লৈ যায় আৰু তাত হিন্দু অধিনায়কৰ অধীনত চাকৰি কৰে। কিন্তুও অৱশেষত “এনিগণ্ডি” আৰু তুৰ্কীসকলৰ অধীনলৈ যায় আৰু হৰিহৰ আৰু বুক্কাৰায়ক বন্দী কৰি দিল্লীলৈ লৈ যোৱা হয়। কিন্তু তেওঁলোকক মহম্মদ-বিন-টোগলকে মুক্ত কৰি দিয়ে আৰু দিল্লীৰ আৰু ৰাজকীয় প্ৰতিনিধি হিচাপে দাক্ষিণাত্যলৈ পঠিয়াই দিয়ে। কিন্তু দাক্ষিণাত্য পায়েই হৰিহত আৰু বুক্কৰায়ে তুৰ্কীৰ অধীনৰ পৰা দাক্ষিণআত্য মুক্ত কৰাৰ কামত নিজকে নিয়োগ কৰিছিল। মাধৱ বিদ্যাৰণ্য আৰু তেওঁৰ ভায়েক, বেদৰ ভাষ্যকাৰ, সায়নাচাৰ্য্যই বিজয়নগৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে হৰিহৰ আৰু বুক্কৰায়ক প্ৰেৰণা যোগাইছিল। হৰিহৰ আৰু বুক্কৰায়ে তুঙ্গভদ্ৰা নদীৰ পাৰত পাহাৰ আৰু বনাঞ্চলেৰে আৱৰা সুবিধাজনক এখন ঠাইত অতৰ্কিতে তুৰ্কীসকলে আক্ৰমণ কৰিব নোৱাৰা এখন ঠাইত, ১৩৩৬ চনত বিজয়নগৰ প্ৰতিষ্ঠা কৰিছিল। এটাৰ পিছত এটাকৈ তিনিটা বংশই পবিজয়নগৰত ৰাজত্ব কৰিছিল।

সঙ্গম বংশ(Sangam Dynasty):

বিজয়নগৰৰ প্ৰথম ৰাজবংশ সঙ্গমবংশ নামে পৰিচিত। হৰিহৰ আৰু বুক্কৰ দেউতাকৰ নাম অনুসৰিয়েই সঙ্গমবংশৰ নামকৰণ কৰা হৈছিল।

হৰিহৰ আৰু বুক্কৰায়ে মুছলমান শক্তিৰ বিৰুদ্ধে অক্লান্তভাৱে সংগ্ৰাম কৰি বিজয়নগৰৰ ভেটি সুদৃঢ় কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকৰ চেষ্টাত হয়চল ৰাজ্যৰ এটা অংশ বিজয়নগৰৰ অন্তৰ্ভুক্ত হৈছিল। ইয়াৰ উপৰিও ওচৰ চুবুৰীয়া আৰু বহুত ঠাই বিজয়নগৰৰ অন্তৰ্ভুক্ত হৈছিল। বুক্কই চীন সম্ৰাটৰ ওচৰলৈ দূত প্ৰেৰণ কৰিছিল। বুক্কৰ শাসনকালতেই তেওঁৰ পুতেক কম্পনে মাদুৰাৰ মুছলমান চুলতানক পৰাজিত কৰি মাদুৰা বিজয়নগৰৰ অন্তৰ্ভুক্ত কৰিছিল। বুক্কৰায়ে বাহমনী-ৰাজ্যৰ চুলতান মহম্মদ শ্বাহ আৰু মুজাহিদ শ্বাহৰ বিৰুদ্ধে সংগ্ৰামত লিপ্ত হৈ নিজৰ শক্তিৰ পৰিচয় দিছিল। হৰিহৰ আৰু বুক্কৰায়ৰ দিনত বিজয়নগৰ তুঙ্গভদ্ৰা নদীৰ পৰা আৰম্ভ হৈ দক্ষিণলৈকে এখনে বিস্তৃত সাম্ৰাজ্যত পৰিণত হৈছিল। অৱশ্যে গুলবাৰ্গ চহৰখন স্থাপন কৰাৰ কাৰণে উত্তৰৰ পিনে বিজয়নগৰৰ বিস্তৃতি হব পৰা নাছিল। বিজয়নগৰৰ প্ৰথম শাসক আছিল হৰিহৰ। ১৩৫৬ চনত হৰিহৰৰ মৃত্যুৰ পিছত বুক্কৰায় ৰজা হৈছিল আৰু ১৩৫৬ চনৰ পৰা ১৩৭৭ চনলৈকে ৰাজত্ব কৰিছিল। হৰিহৰ আৰু বুক্কৰায়ে কোনো ৰাজকীয় উপাধি গ্ৰহণ কৰা নাছিল।

দ্বিতীয় হৰিহৰ:

দ্বিতীয় হৰিহৰে প্ৰথমে সম্ৰাটোচিত উপাধি গ্ৰহণ কৰে। তেওঁ “মহাৰাজাধিকাজ” আৰু “ৰাজপৰমেশ্বৰ” আদি উপাধি গ্ৰহণ কৰে। এওঁৰ ৰাজত্ব কালত বাহমনী-ৰাজ্যৰ সৈতে যুদ্ধ চলি আছিল। ৰায়চুৰৰ দোৱাৰ দখল কৰাৰ উদ্দেশ্যেৰে তেওঁ বাহমনী-ৰাজ্যৰ চুলতান ফিৰোজ শ্বাহৰ সৈতে যুদ্ধত অৱতীৰ্ণ হৈছিল। অৱশ্যে যুদ্ধত হাৰি তেওঁ প্ৰচুৰ পৰিমাণৰ ক্ষতিপূৰণ দিবলগীয়া হৈছিল। মহীশূৰ, কানাড়া, ত্ৰিচিনপল্লী আদি ঠাই তেওঁৰ দিনতেই বিজয়নগৰৰ অন্তৰ্ভুক্ত হৈছিল। দ্বিতীয় হৰিহৰ শিৱৰ উপাসক আছিল আৰু অন্য ধৰ্মৰ প্ৰতি তেওঁ সহিষ্ণুতা প্ৰদৰ্শন কৰিছিল। তেওঁ ১৩৭৯-১৪০৪ চনলৈকে ৰাজত্ব কৰিছিল।

দ্বিতীয় হৰিহৰৰ মৃত্যুৰ পিছত তেওঁৰ পুতেকসকলৰ মাজত মনোমালিন্য আৰম্ভ হয়। অৱশেষত প্ৰথম দেৱৰায় সিংহাসনত আৰোহণ কৰাৰ পিছৰে পৰা দেশত শান্তিশৃঙ্খলা স্থাপন হয়। প্ৰথম দেৱৰায়ৰ দিনতো বাহমনী ৰাজ্যৰ সৈতে বিজয়নগৰৰ চিৰাচৰিত যুদ্ধনীতি অব্যাহত আছিল। এওঁৰ শাসন কালত বাহমনী ৰাজ্যৰ চুলতান ফিৰোজ শ্বাহে তিনিবাৰ বিজয়নগৰ আক্ৰমণ কৰে। প্ৰথম দুবাৰ প্ৰথম দেবৰায় পৰাজিত হয় আৰু যুদ্ধৰ ক্ষতিপূৰণ দিবলৈ মান্তি হয়। কিন্তু তৃতীয়বাৰ তেওঁ ফিৰোজ শ্বাহক পৰাস্ত কৰে আৰু বাহমনী ৰাজ্যৰ পূব আৰু দক্ষিণ অংশ বিজয়নগৰৰ অন্তৰ্ভুক্ত কৰে। পৰাজয়ৰ গ্নানি সহ্য কৰিব নোৱাৰি কিছুদিন পিছতেই ফিৰোজ শ্বাহ মৃত্যুৰ মুখত পৰে। ১৪২২ খৃষ্টাব্দত প্ৰথম দেৱৰায়ৰ মৃত্যু হয়।

প্ৰথম দেৱৰায়ৰ মৃত্যুৰ পিছত দ্বিতীয় দেৱৰায় সিংহাসনত আৰোহণ কৰে। এওঁ সঙ্গমবংশৰ শ্ৰেষ্ঠ সম্ৰাট আছিল। দ্বিতীয় দেৱৰায়েও বাহমনী-ৰাজ্যৰ সৈতে যুদ্ধনীতি অনুসৰণ কৰি চলাইছিল। কিন্তু কৃতকাৰ্য্য হব নোৱাৰি তেওঁ তেওঁৰ সৈন্যবাহিনীটো পুনৰ গঠন কৰাৰ কামত আৰু অসামৰিক শাসন ব্যৱস্থাটো সুসংগত কৰা কামত মনোনিবেশ কৰিছিল। তেওঁ তেওঁৰ সৈন্যবাহিনীত মুছলমান সৈন্য নিযুক্তি দিছিল। বাণিজ্য আৰু নৌবাহিনীত উন্নতি-সাধন কৰিছিল। লক্ষণ নামৰ এজন বিশ্বস্ত কৰ্মচাৰীক সমুদ্ৰবাহী বাণিজ্য পৰিচালনাৰ ভাৰ অৰ্পণ কৰিছিল। ভালেমান সামুদ্ৰিক বন্দৰ বিজয়নগৰৰ নিয়ন্ত্ৰণৰ অধীনত আছিল। দ্বিতীয় দেৱৰায়ৰ ৰাজত্বকালত বিজয়নগৰৰ সীমা সিংহলৰ উপকূল পৰ্য্যন্ত বিস্তৃত আছিল। তেওঁৰ দিনতে ইটালীয় পৰ্যটক নিকল’কন্টি আৰু পাৰস্যৰ আবদুৰ ৰজাক তেওঁৰ ৰাজধানীলৈ আহিছিল। দুয়োজন পৰ্য্যটকেই দেৱৰায়কে শ্ৰেষ্ঠ সম্ৰাট বুলি অভিহিত কৰিছে। দুয়োজনেই বিজয়নগৰৰ ঐশ্বৰ্য্যবিভূতি দেখি আশ্বৰ্য্য প্ৰকাশ কৰিছিল।

দ্বিতীয় দেৱৰায়ৰ মৃত্যুৰ পিছত মলিকাৰ্জুন সিংহাসনত উঠে। তেওঁৰ ৰাজত্বকালত উৰিষ্যাৰ হিন্দুৰাজ্যই, বাহমনী ৰাজ্যৰ লগ লাগি বিজয়নগৰ আক্ৰমণ কৰে। মলিকাৰ্জুনে এই যুগ্ম আক্ৰমণ প্ৰতিহত কৰিবলৈ সমৰ্থ হৈছিল। মলিকাৰ্জুনৰ পিছৰ ওজন চুলতান দ্বিতীয় বিৰূপাক্ষ অকৰ্মণ্য আছিল। তেওঁৰ দিনতো উৰিষ্যাৰ হিন্দুৰজা পুৰুষোত্তম গজপতিয়ে বাহমনী ৰাজ্যৰ চুলতানৰ লগ লাগি বিজয়নগৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। বিজয়নগৰৰ ঠায়ে ঠায়ে বিদ্ৰোহ দেখা দিছিল। মামুদ গৱানে গোৱা অধিকাৰ কৰি লৈছিল আৰু পাণ্ড্যৰজাই কাঞ্ছী আক্ৰমণ কৰিছিল। বিজয়নগৰৰ সাম্ৰাজ্যৰ সংহতি নষ্ট হোৱা, বিদেশী আক্ৰমণ হোৱা সময়ছোৱাতে, বিজয়নগৰ সাম্ৰাজ্যৰ চন্দ্ৰগিৰি প্ৰদেশৰ শাসনকৰ্ত্তা নৰসিংহই, দ্বিতীয় বিৰূপাক্ষক বিতাৰিত কৰি ক্ষমতা হস্তগত কৰে আৰু এটা নতুন ৰাজবংশৰ প্ৰতিষ্ঠা কৰে। তেওঁ প্ৰতিষ্ঠা কৰা বংশটোৰ নাম আছিল সালুভ বংশ। নৰসিংহ বিজয়নগৰৰ সিংহাসনত আৰোহণ কৰাৰ লগে লগে সঙ্গমবংশৰ শাসনৰ ওৰ পৰে আৰু সালুভ বংশৰ শাসনৰ আৰম্ভ হয়।

সালুভ বংশ(Saluva Dynasty):

 

নৰসিংহ সালুভ বংশজাত আছিল। তেওঁৰ নাম অনুসৰিয়েই বংশটোৰ নাম সালুভ বংশ হয়। তেওঁ বিৰূপাক্ষক বিতাৰিত কৰি সিংহাসনত আৰোহণ কৰিছিল যদিও জনসাধাৰণে তেওঁক সমৰ্থন দিছিল। কাৰণ বিজয়নগৰৰ স্বাৰ্থসিদ্ধি কৰাৰ কাৰণেই তেওঁ সিংহাসন দখল কৰিছিল। প্ৰথমেই তেওঁ বিদ্ৰোহী প্ৰদেশবিলাকত বিজয়নগৰৰ প্ৰভূত স্থাপন কৰিছিল। অৱশ্যে বাহমনী-ৰাজ্যৰ পৰা ৰায়চুৰ দোৱাব আৰু উৰিষ্যাৰ পৰা উদয়গিৰি উদ্ধাৰ কৰিবলৈ তেওঁ সক্ষম হোৱা নাছিল। তেওঁ তামিলৰাজ্য জয় কৰি বিজয়নগৰৰ সীমা বিস্তাৰ কৰিছিল। নৰসিংহই ১৪৮৬-৯৩ লৈকে ৰাজত্ব কৰিছিল।

নৰসিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুতেক ইন্মদি নৰসিংহ সিংহাসনত আৰোহণ কৰে। তেওঁৰ দেশ শাসনৰ দক্ষতা নথকাত প্ৰকৃতাৰ্থত তেওঁৰ বিশ্বস্ত সেনানায়ক নৰস নায়কে শাসনভাৰ পৰিচালনা কৰিছিল। নৰস নায়কৰ দক্ষতাৰ কাৰণে দেশত শান্তিশৃঙ্খলা ৰক্ষা পৰিছিল। নৰস নায়কৰ মৃত্যুৰ পিছত তেওঁৰ পুতেক বীৰ নৰসিংহই দেউতাকৰ পদবী গ্ৰহণ কৰে। কিন্তু বীৰ নৰসিংহ দেউতাকতকৈ বেছি উচ্চাকাঙ্খী আছিল। তেওঁ সালভবংশৰ অকৰ্মণ্য সম্ৰাটজনক বিতাৰিত কৰি ১৫০৫ চনত সিংহাসন অধিকাৰ কৰে। এইদৰে বিজয়নগৰৰ দ্বিতীয়টো ৰাজবংশৰ পতন হয়।

উৎস: ভাৰত বুৰঞ্জী

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate