মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / ভাৰত বুৰঞ্জী,প্ৰফুল্ল কুমাৰ বৰুৱা / প্ৰাচীন যুগৰ ৰাজনৈতিক ,অৰ্থনৈতিক,সামাজিক,বশৰ্মীয় আৰু সাংস্কৃতিক অৱস্থা:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰাচীন যুগৰ ৰাজনৈতিক ,অৰ্থনৈতিক,সামাজিক,বশৰ্মীয় আৰু সাংস্কৃতিক অৱস্থা:

প্ৰাচীন যুগৰ ৰাজনৈতিক ,অৰ্থনৈতিক,সামাজিক,বশৰ্মীয় আৰু সাংস্কৃতিক অৱস্থাৰ বিসয়ে লিখা হৈছে

 

প্ৰাচীন যুগৰ ৰাজনৈতিক,অৰ্থনৈতিক,সামাজিক আৰু সাংস্কৃতিক অৱস্থাৰ বিষয়ে আগৰ প্ৰতিটো অধ্যায়তে আলোচনা কৰা হৈছে।ইয়াত সেইখিনি কথাৰ পুনৰ আলোচনা নকৰি সেইবোৰৰ এটা সংক্ষিপ্ত ধাৰণা দিবলৈ যত্ন কৰা হৈছে।

সিন্ধুসভ্যতা আছিল নগৰ সভ্যতা-

 

এই সভ্যতাৰ শাসনব্যৱস্থা কেনে আছিল সেই বিষয়ে মতবিৰোধ আছে।কিন্তু সেয়ে হলেও চহৰবোৰ পৰিচালনা কৰিবৰ কাৰণে পৌৰ শাসনব্যৱস্থা থকাটো নিশ্চিত আছিল।নগৰবোৰ ভালেমান ‘ওৱাৰ্ডত’ বিভক্ত কৰা হৈছিল।সিন্ধুসভ্যতাৰ অৰ্থনৈতিক ভিত্তি আছিল ব্যৱসায় বাণিজ্য আৰু কৃষি।আভ্যন্তৰীণ বাণিজ্যৰ উপৰিও পুবপিনৰ ঠাইবোৰৰ সৈতে সিন্ধুসভ্যতাৰ ব্যৱসায় বাণিজ্য চলিছিল।সিন্ধুসভ্যতাত কমাৰ,তাতী,কাঠমিস্ত্ৰী,ৰাজমিস্ত্ৰী,কুমাৰ,সোণাৰী,আদি শিল্পীজীৱী শ্ৰেণীও আছিল।হাতীদাঁতৰ কাম কৰা আৰু শিলকটা মানুহও আছিল।এই সভ্যতাৰ মানুহৰ কাৰিকৰী জ্ঞানো যথেষ্ট আছিল।শীলমোহৰত থকা ছবিবোৰে আৰু সিন্ধুসভ্যতা আবিষ্কৃত হোৱা মুৰ্তিবোৰে এই সভ্যতাৰ মানুহৰ সুকুমাৰ কলাৰ প্ৰতি থকা দক্ষতাৰ কথা কয়।সিন্ধু সভ্যতাৰ সমাজখন আছিল শ্ৰেণীবিভক্ত।সমাজখনত পুৰোহিত ,ব্যৱসায়ী ,কাৰিকৰ শ্ৰেণীৰ লোক আছিল।বহুতে ভাবে যে শ্ৰেণীভেদ ব্যৱস্থাক ধৰ্মৰদ্বাৰা জীয়াই ৰখা হৈছিল।সিন্ধু সভ্যতাত মুৰ্তি পুজাৰ প্ৰচলন আছিল।শিৱৰ পুজাও প্ৰচলন আছিল।সিন্ধু উপত্যকাত যিটো দেৱতাৰ মুৰ্তি পোৱা গৈছে সেইটো শিৱৰ পুৰ্বসংস্কৰণ বুলি ঠাৱৰ কৰিছে।ইয়াৰ উপৰিও প্ৰাকৃতিক শক্তি যেনে-গছ,নদ-নদী,জীৱ-জন্তু আদিৰো পুজা কৰা হৈছিল।সিন্ধু উপত্যকাবাসীয়ে পৰলোকত বিশ্বাস কৰিছিল।

আৰ্যসকলৰ এটা সুসঙ্গবদ্ধ ৰাজনৈতিক শাসনব্যৱস্থা আছিল।ৰাজতন্ত্ৰ আছিল এই শাসনব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্য।সাধাৰণতে ৰজা বংশানুক্ৰমে সিংহাসনত আৰোহণ কৰিছিল।ৰজা মনোনীত কৰা বা নিৰ্বাচিত কৰাৰ কথা জনা নেযায়।অৱশ্যে অথৰ্ববেদ আৰু মহাকাব্যত ৰজা নিৰ্বাচন কৰাৰ উল্লেখ আছে।ঋকবেদৰ যুগৰ ৰজাৰ প্ৰধান কৰ্তব্য আছিল শত্ৰুৰ আক্ৰমণৰ পৰা দেশ,আৰু প্ৰজাক ৰক্ষা কৰা আৰু আইন শৃঙ্খলা ৰক্ষা কৰা।ৰাজকাৰ্য সমাপানৰ সময়ত ৰজাই কোনো কোনো বিষয়াৰ সহায় লৈছিল।সেই সকলৰ ভিতৰত পুৰোহিত সকলো আছিল।সভা আৰু সমিতি নামৰ দুটা অনুষ্ঠান আছিল।এই দুটা অনুষ্ঠানৰ কাৰণে ৰজাই স্বেচ্ছাচাৰীভাৱে ক্ষমতা প্ৰয়োগ কৰিব নোৱাৰিছিল।ন্যায়পালৰ ক্ষেত্ৰত সভাই মুখ্য ভুমিকা গ্ৰহণ কৰিছিল।ঋকবেদৰ যুগত আৰ্যসকলৰ ৰাষ্ট্ৰব্যৱস্থা আছিল উপজাতিক (tribal)কেন্দ্ৰিক।এই যুগত আৰ্যসকল ভৰত,যদু,সঞ্জয়,অনু,দ্ৰূহুৎ তুৰ্বস আদি উপজাতিত বিভক্ত আছিল।ৰাষ্ট্ৰৰ সৰ্বনিম্ন স্তৰ আছিল পৰিয়াল।পিতৃমাতৃ,পিতামহ,আৰু পৰিয়ালৰ অন্যান্য ব্যক্তি লৈ পৰিয়াল গঠিত হৈছিল।পৰিয়ালৰ প্ৰধান জনক কুলপতি বোলা হৈছিল।কেইটামান পৰিয়াল তেজৰ সম্পৰ্কৰ দ্বাৰা সংযুক্ত হৈ উপজাতি বা গোষ্ঠী গঠিত হৈছিল।বিভিন্ন উপজাতিৰ মাজত প্ৰায়ে যুদ্ধ বিগ্ৰহ হৈ আছিল।

পৰৱৰ্তী বৈদিক যুগত ৰাজ্যৰ সীমা বৰ্ধিত হোৱাৰ লগে লগে ৰজাৰ ক্ষমতাও বৃদ্ধি পাইছিল।ৰজাই সম্ৰাট,একৰাট,বিশ্বজনীন আদি উপাধি গ্ৰহণ কৰিছিল।ৰজাই শ্ৰেষ্ঠত্ব বুজাবৰ কাৰণে অশ্বমেধ,ৰাজপেয়,ৰাজসুয় যজ্ঞ পাতিছিল।এই যুগত নতুন নতুন পদবীৰ সৃষ্টি হৈছিল।সচিব পদৰ সৃষ্টি হোৱাৰ কথা জনা গৈছিল।প্ৰাদেশিক শাসনব্যৱস্থাৰ দায়িত্বত আছিল।বৈদিক যুগত গাঁৱক কেন্দ্ৰ কৰি ৰাষ্ট্ৰব্যৱস্থাৰ উৎপত্তি হয়।গাঁৱৰ অধিপতি গৰাকীক গ্ৰামীণ বোলা হৈছিল।কেইনখনমান গাঁও লগ লাগি একোখন বিশ বা জন গঠিত হৈছিল।জন বা বিশৰ গৰাকীক বিশপতি বা ৰাজন বোলা হৈছিল।

আদিতে আৰ্যসমাজখন বৰ্ন বিভক্ত আছিল।তেতিয়া বৰ্ণ শব্দটো শ্ৰেণীগত অৰ্থত ব্যৱহাৰ হৈছিল;জাতিগত অৰ্থত নহয়।আদি বৈদিক যুগত শ্ৰেণী বৈষম্য আছিল।আদিতে আৰ্যসমাজত তিনিটা শ্ৰেণী আছিল।সেই কেইটা হ’ল-ব্ৰাহ্মণ,ৰাজন আৰু বৈশ্য।শ্ৰেণীবিভাগ কটকটীয়া নাছিল।আনকি বৃত্তিও জাতিগত হোৱা হোৱা নাছিল।যিকোনো লোকে এটা বৃত্তি ত্যাগ কৰি আন এটা বৃত্তি গ্ৰহণ কৰিব পাৰিছিল।কিন্তু পৰৱৰ্তী বৈদিক যুগত সমাজখন বংশানুক্ৰমিক জাতিভেদ প্ৰথাৰ পিনে ক্ৰমান্বয়ে আগবাঢ়ে।লাহে লাহে নানান কাৰণবশত:জাতি,জন্মগত আৰু বৃত্তিগত হৈ পৰে আৰু সমাজখন ব্ৰাহ্মণ,ক্ষত্ৰিয়,বৈশ্য আৰু শুদ্ৰ –এই চাৰিজাতিত বিভক্ত হৈ পৰে।এই যুগতেই চতুৰাশ্ৰম প্ৰথা প্ৰৱৰ্তিত হয়।জাতিভেদ প্ৰথাত বৈশ্য আৰু শুদ্ৰ শ্ৰেণীৰ সামাজিক অৱনতি ঘটে।ক্ৰমাৎ আদিম জনগোষ্ঠীৰ লোক আৰ্যসমাজৰ অন্তৰ্ভুক্ত হোৱাত শুদ্ৰ শ্ৰেণীৰ সংখ্যা বৃদ্ধি পাইছিল।এই চাৰিটা জাতিৰ উপৰিও ব্ৰাত্য আৰু নিষাদ নামৰ দুটা জাতি আছিল।ব্ৰাত্য বিলাকে তেতিয়াও যাযাবৰ জীৱন যাপন কৰিছিল।এওঁলোক আছিল Food gathering man.নিষাদ বিলাক আছিল অনাৰ্য।পৰৱৰ্তী বৈদিক যুগত সমাজত নাৰীৰ স্থান নিম্নগামী হৈছিল।

আৰ্যসকলে প্ৰকৃতিৰ বিভিন্ন শক্তিক পুজা কৰিছিল।আৰ্যসকলে বিশ্বাস কৰিছিল যে প্ৰকৃতিৰ ৰহস্যৰ অন্তৰালত দৈৱশক্তিয়ে কাম কৰিছিল।প্ৰাকৃতিক শক্তিসমুহক দেৱত্ব আৰোপ কৰি আৰ্যসকলে পুজা কৰিছিল-যেনে বৰুণ হ’ল বৰুণদেৱতা,ইন্দ্ৰ হ’ল ব্ৰজ আৰু বৰষুণৰ দেৱতা।দেৱতা উপাসনাৰ কাৰণে মন্ত্ৰপাঠ কৰি জুইত গাখীৰ বা ঘিউ ঢালি যজ্ঞ পতা হৈছিল।বহু দেৱ দেৱীৰ উপাসনা কৰিলেও ভগবান যে মুলত:এজন এই কথা আৰ্যসকলে বিশ্বাস কৰিছিল।পৰৱৰ্তী বৈদিক যুগত যাগযজ্ঞৰ জটিলতাৰ বৃদ্ধি পায়।ইয়াৰ ফলত পুৰোহিত শ্ৰেণীৰ প্ৰাধান্য বাঢ়ে।এই যুগত আগৰ দেৱতাৰ ঠাইত নতুন নতুন দেৱতাৰ সৃষ্টি হয়।ব্ৰ্হ্মা,বিষ্ণু আৰু ৰুদ্ৰৰ প্ৰাধান্য বৃদ্ধি পায়।পৰৱৰ্তী বৈদিক যুগত দাৰ্শনিক ধৰ্মচিন্তৰো উদ্ভৱ হয়।জন্মাতৰৰ চিন্তাই ঠাই পায় আৰু যাগযজ্ঞৰ দ্বাৰা বিশেষ ফল লাভ কৰিব পৰা নাযায়-এই ধাৰণাই ঠাই পায়।যাগযজ্ঞৰ পৰিৱৰ্তে ধ্যান আৰু সন্ন্যাস আশ্ৰৰ চিন্তাই গঢ় লৈ উঠে।

সংহিতা,ব্ৰাহ্মণ,আৰণ্যক আৰু উপনিষদ বৈদিক সাহিত্যৰ অন্তৰ্ভুক্ত আছিল।সংহিতাৰ মন্ত্ৰবোৰ ঋকবেদ,সামবেদ ,যৰ্জুবেদ আৰু অথৰ্ববেদত ভাগ কৰা হয়।আৰ্যজাতিৰ পৰিচয় বৈদিক সাহিত্যৰ পৰা পোৱা যায়।সেইকাৰণেই বৈদিক সাহিত্যৰ গুৰুত্ব বেছি।তদুপৰি উপনিষদৰ অৰ্থাৎ বেদান্তৰ দাৰ্শনিক চিন্তাধাৰাই বিশ্বৰ পণ্ডিত সকলৰ দৃষ্টি আকৰ্ষণ কৰিছে।

কৃষি আৰু শিল্প আৰ্যসকলৰ প্ৰধন জীৱিকা আছিল।অনাৰ্য বা দাসবিলাককো কৃষিকাৰ্যত নিয়োগ কৰা হৈছিল।ঋকবেদৰ যুগত বৈদেশিক বাণিজ্য হৈছিল নে নাই সঠিককৈ কব নোৱাৰি।কিন্তু পৰৱৰ্তী বৈদিক যুগত সমুদ্ৰ পথেদি বাণিজ্যৰ প্ৰসাৰ আৰম্ভ হয়।কৃষি ব্যৱস্থাৰো উন্নতি হয় আৰু মাটিৰ মালিকী ব্যৱস্থাৰ উদ্ভৱ হয়।

মহাকাব্যৰ যুগৰ শাসনব্যৱস্থাৰ বৈশিষ্ট্য আছিল ক্ষমতাৰ বিকেন্দ্ৰীকৰণ।এই যুগত ক্ষত্ৰিয় শ্ৰেণীৰ আধিপত্য বিস্তাৰ হয়।ক্ষত্ৰিয়সকলৰ বীৰধৰ্ম পালনত মহাকাব্যৰ যুগত গুৰুত্ব আৰোপ কৰা হৈছে।মহাকাব্যৰ যুগতো জাতিভেদ প্ৰথাৰ প্ৰচলন আছিল যদিও অসবৰ্ণ বিবাহৰ উদাহৰণ আছিল।সমাজত নাৰীসকলৰ স্থান বৈদিকযুগতকৈ নিম্নগামী আছিল।মহাকাব্যৰ যুগৰ শ্ৰেষ্ঠ দেৱতা আছিল বিষ্ণু।ৰামক বিষ্ণুৰ অৱতাৰ বুলি ভবা হৈছিল।শ্ৰীকৃষ্ণৰ আছিল নৰৰুপী বিষ্ণু।

আৰ্যধৰ্মৰ বিকল্প হিচাপে জৈনধৰ্ম আৰু বৌদ্ধধৰ্ম গঢ় লৈ উঠিছিল।এই দুয়োটা ধম এপিনে যেনেকৈ হিন্দুধৰ্মৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া বুলি ধৰিব পাৰি।আনহাতে তেনেকৈ হিন্দু ধৰ্মৰ দাৰ্শনিক দিশটোৰ উত্তৰোত্তৰ ৰুপ বুলিও ধাৰণা কৰিব পাৰি।এই দুয়োটা ধৰ্মৰ মাজত সাদৃশ্যও আছিল,বৈপৰীত্যও আছিল।অৱশ্যে-“For hundred of years before Buddha’s time movements were in progress in Indian thought which prepared the way for Buddhism.”বৌদ্ধধৰ্ম আৰু জৈনধৰ্মৰ আৱিৰ্ভাৱক ধৰ্ম বিপ্লৱ বুলি কব পাৰি।এই দুয়োটা ধৰ্মই লাভ কৰাৰ আগতে অজীৱি ধৰ্মইও জনগণৰ সমৰ্থন লাভ কৰিছিল।

ত্ৰিপিটক ,বৌদ্ধ জাতক,ধৰ্মপদ আদি বৌদ্ধ সাহিত্যৰ অঙ্গ।জাতকৰ কাহিনীবোৰৰ সামাজিক আৰু ঐতিহাসিক মুল্য আছিল।সেইদৰে বাৰটা অঙ্গ আৰু বাৰটা উপঅঙ্গ জৈন সাহিত্যৰ অঙ্গ আছিল।এই অঙ্গ আৰু উপঅঙ্গবোৰত জৈনধৰ্মৰ অনুশাসনবোৰ অন্তৰ্ভুক্ত কৰা হৈছিল।জৈন সাহিত্য আৰু বৌদ্ধ সাহিত্য অৰ্ধমাগধী প্ৰাকৃত ভাষাত ৰচিত হৈছিল।বৌদ্ধধৰ্মৰ পিছৰ ফালে মুৰ্তি পুজাৰ প্ৰচলন হৈছিল।বুদ্ধৰ মুৰ্তি আৰু বোধিস্বত্ব থকাৰ কাৰণে পিছলৈ বৌদ্ধ বিহাৰ নিৰ্মাণ কৰা হৈছিল।হিন্দুধৰ্মই মুৰ্তি-পুজাৰ ধাৰণা বৌদ্ধধৰ্মৰ পৰাই আহৰণ কৰিছিল।ভাস্কৰ্য আৰু স্থাপত্যৰ ক্ষেত্ৰটো বৌদ্ধধৰ্মই ভাৰতক চহকী কৰিছিল।গুহা-মন্দিৰ নিৰ্মাণৰ পদ্ধতি হিন্দু আৰু জৈনসকলে বৌদ্ধধৰ্মৰ পৰাই আহৰণ কৰিছিল।ইয়াৰ উপৰিও বৌদ্ধ ধৰ্মই ভাৰতীয় ঐক্য গঢ় লৈ উঠাত সহায় কৰিছিল-“In breaking down the racial barriers of Aryabarta and clearing the spiritual atmosphere of superstition and priestly obscurantism,it bound together in clear ties of sympathy the whole political organization of the Aryan people and thus helped to lay the foundation of the great empire of the Mauryan dynasty.”

আলেকজেণ্ডাৰৰ আক্ৰমণে স্থায়ীফল ৰাখি থৈ যাব পৰা নাছিল।তথাপিতো সৰু সৰু ৰাজ্যবোৰ সংখ্যা কমাই আলেকজেণ্ডাৰৰ আক্ৰমণে মৌৰ্য সাম্ৰাজ্ৰ জৰিয়তে ৰাজনৈতিক ঐক্য স্থাপনৰ পথ সুগম কৰি দিছিল।মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা হোৱাৰ পিছত চন্দ্ৰগুপ্ত মৌৰ্যই এটা ব্যাপক আৰু সক্ষম শাসনব্যৱস্থা গঢ়ি তুলিছিল।মৌৰ্য বংশৰ আন এগৰাকী  চিৰস্মৰণীয় সম্ৰাট অশোকে চন্দ্ৰগুপ্তৰ শাসনব্যৱস্থাৰ দুই এটা পৰিৱৰ্তন সাধন কৰিছিল।

মৌৰ্য শাসনব্যৱস্থা আছিল কেন্দ্ৰীভুত।চন্দ্ৰগুপ্ত মৌৰ্য আছিল ৰাষ্ট্ৰৰ সৰ্বময় কৰ্তা।তেওঁৰ ক্ষমতা আছিল অসীম।যিহেতুকে এজন ৰজাৰ কাৰণে বিশাল সাম্ৰাজ্যখনৰ সকলো দিশতে চকু দিয়া সম্ভৱ নহয় সেইহেতুকে বেলেগ বেলেগ বিভাগত ভালেমান প্ৰশাসনীয় বিষয়া নিয়োগ কৰা হৈছিল।জৰুৰীকালীন অৱস্থাত ৰজাই মন্ত্ৰী পৰিষদৰ পৰামৰ্শ বিচাৰিছিল।অৱশ্যে অশোকে ৰজাৰ স্বৈৰতন্ত্ৰত এটা সীমাবদ্ধতা আৰোপ কৰিছিল।কাৰণ অশোকে ঘোষণা কৰিছিল যে তেওঁ প্ৰজাৰ ওপৰত ঋণগ্ৰস্ত ।(People business,I do every wher)অৰ্থশাস্ত্ৰত উল্লেখ আছে  ৰজাৰ কাৰো ওচৰত কোনো দায়িত্ব নাই।ৰজাই ৰাষ্ট্ৰৰ প্ৰয়োজনত ৰাজত্ব কৰে।তেনে ক্ষেত্ৰত অশোকে নিজকে প্ৰজাৰ ওচৰত ঋণগ্ৰস্ত বুলি কৰা ঘোষণাটো নিশ্চয় এটা উল্লেখযোগ্য পৰিৱৰ্তন।অশোকে প্ৰজাৰ ওচৰত প্ৰতিশ্ৰুতি পালনৰ ব্যৱস্থা কৰি ৰজা আৰু প্ৰজাৰ মাজত এটা চুক্তি প্ৰৱৰ্তন কৰিবলৈ চেষ্টা কৰিছিল বুলি ড০ কৌশম্বীয়ে ভাবে।চন্দ্ৰগুপ্তৰ প্ৰাদেশিক শাসনব্যৱস্থাৰ ক্ষেত্ৰটো অশোকে দুই এটা পৰিৱৰ্তন সাধন কৰিছিল।অশোকৰ দ্বাৰা গণসংযোগ নীতি গ্ৰহণকৰা হৈছিল,ৰাজ্ৰ সকলো ঠাইত একে ধৰণৰ ব্যৱহাৰ আৰু আইনবিধি আৰু দণ্ড বা শাস্তিৰ প্ৰচলন কৰা হৈছিল আৰু পুৰণা কৰ্মচাৰীক ক্ষমতা আৰু পদমৰ্যাদা বৃদ্ধি কৰা হৈছিল।অশোকে ধৰ্ম প্ৰচাৰ আৰু জনকল্যাণ নীতিৰদ্বাৰা ৰাজ্যৰ দুৰৱৰ্তী ঠাইৰ প্ৰজাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক স্থাপন কৰাৰ ব্যৱস্থা কৰিছিল।সাম্ৰাজ্যৰ শাসন নীতি কেন্দ্ৰীভুত আছিল।কেৱল তাৰ প্ৰয়োগহে স্থানীয় ভিত্তিত হৈছিল।মহামাত্ৰ,ধৰ্মমহামাত্ৰ আদি বিষয়াসকল অশোকৰ কেন্দ্ৰীকৰণৰ আহিলা স্বৰুপ আছিল।

মৌৰ্যযুগত বেছি ভাগ লোকৰেই জীৱনধাৰাৰ উপায় আছিল কৃষি।পশু চৰোৱা আৰু খাদ্যসংগ্ৰহ অৰ্থনীতিৰ ঠাইত কৃষিভিত্তিক অৰ্থনীতি গঢ় লৈ উঠিছিল।কৃষক সকলেও মাটিৰ কাৰণে ৰজাক কৰ দিবলগীয়া হৈছিল আৰু উৎপন্নৰ ১/৩ ভাগ ৰজাক দিবলগীয়া হৈছিল।মাটিৰ ওপৰত কৃষকৰ স্বত্ব আছিল নে নাই সেই কথা সঠিকভাৱে জনা নাযায়।তথাপি মাটি তিনিভাগত ,যেনে কৃষকৰ স্বত্ব থকা মাটি,ৰজাৰ মাটি,সমষ্টিগত মালিকানা থকা মাটি বিভক্ত আছিল বুলি ধৰিব পাৰি।সমষ্টিগত মালিকানা থকা মাটিত সমষ্টিগতভাৱে খেতি কৰা হৈছিল আৰু খাজনাও আদায় কৰা হৈছিল সমষ্টিগতভাৱে।ৰজাৰ মাটি বা “সীতা মাটিত”কেতি কৰা কৃষক সকলৰ ৰজাই উৎপন্ন ১/৪ অংশ দি বাকী অংশ নিজৰ হাতত ৰাখিছিল।মৌৰ্য যুগত ধাতু-শিল্পৰ প্ৰসাৰ হৈছিল।ৰাজনৈতিক ঐক্য স্থাপন হোৱাৰ ফলত ব্যৱসায় বাণিজ্য কৰাৰ পথ সুগম হৈছিল।মৌৰ্য যুগত ৰাজ্যৰ দক্ষিণ ভাগত সোণ আৰু লোহা পোৱাৰ কাৰণে বিদেশী ব্যৱসায়ী সকলে বেহা বেপাৰৰ কাৰণে আহিছিল।এই যুগত আন্ত:বাণিজ্য চৰকাৰে নিয়ন্ত্ৰণ কৰিছিল।ডাঙৰ ডাঙৰ নগৰবোৰত বণিক আৰু কাৰিকৰী শ্ৰেণীটোৱে গিলড গঠন কৰি লৈছিল।গিলডৰ সদস্যসকলৰ মাজত বিবাদ লাগিলে গিলডে সেই বিবাদ মিটমাট কৰি দিছিল।উন্নত কৃষি আৰু বাণিজ্যৰ উন্নতিৰ কাৰণে এটা চহকী শ্ৰেণীৰ সৃষ্টি হৈছিল।কৃষিৰ দ্বাৰা চহকী হোৱা সকলক গৃহপতি আৰু বাণিজ্যৰ দ্বাৰা চহকী হোৱা মসকলক শ্ৰেষ্ঠী বুলিছিল।ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আনকি শতকৰা ষাঠিভাগ সুত লৈ টকা ধাৰে দিয়াৰ ফলত ধনতন্ত্ৰবাদৰ প্ৰচলন হৈছিল।

মৌৰ্য যুগত জাতিভেদ প্ৰথা লোপ নাপালেও জাতিভেদ প্ৰথাৰ তীব্ৰতা কিছু পৰিমাণে হ্ৰাস পাইছিল।মেগেস্থোনিচে বৃত্তিৰ ভিত্তিত সাতোটা জাতিৰ কথা উল্লেখ কৰিছিল।তেওঁ চাৰিটা জাতিৰ কথা কোৱা নাছিল।অৰ্থনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তনৰ কাৰণেই জাতিভেদ প্ৰথাৰ তীব্ৰতা হ্ৰাস পাইছিল বুলি ড০ কৌশম্বীয়ে বিশ্বাস কৰে।অৱশ্যে জাতিভেদ প্ৰথা ৰোধ কৰিবলৈ ৰক্ষণশীল সকলে যত্ন কৰিছিল।চন্দ্ৰ গুপ্ত মৌৰ্যই শেষলৈ জৈনধৰ্ম গ্ৰহণ কৰিছিল যদিও আৰু বিন্দুসাৰে আজীৱিক সন্ন্যাসী সকলক পৃষ্ঠপোষকতা কৰিছিল যদিও সেই দুজন ৰজাৰ তেনে কোনো ধৰ্মনীতি নাছিল।ৰাজ্যখনত এটা সুনিৰ্দিষ্ট ধৰ্মনীতি প্ৰৱৰ্তন কৰিছিল সম্ৰাট অশোকে।অশোকৰ ধৰ্ম দাৰ্শনিক তত্ত্বৰ ওপৰত প্ৰতিসঠিত নাছিল।তেওঁৰ ধৰ্ম আছিল কিছুমান আচৰণবিধি যিখিনি পালন কৰিলে সমাজত শান্তি-সম্প্ৰীতি সংহতি ৰক্ষা কৰিব বুলি সম্ৰাট গৰাকীয়ে বিশ্বাস কৰিছিল।তেওঁৰ ধৰ্মৰ উদ্দেশ্য আছিল কায়িক আৰু আধ্যাত্মিক,দুয়োধৰণে মানুহৰ উন্নতি সাধন কৰা।

সিন্ধু সব্যতাত স্থাপত্য বিদ্যাৰ আৰু শিল্পকলাৰ নিদৰ্শন থাকিলেও অশোকৰ সময়ৰ পৰাহে ভাৰতীয় শিল্পকলাৰ আৰম্ভ হয় বুলি কব পাৰি।ভাৰতীয় শিল্প কলাৰ ইতিহাসত মৌৰ্যযুগে বিশিষ্ট আসন গ্ৰহণ কৰি আছে।সেয়ে হলেও মৌৰ্য যুগৰ শিল্পকলাৰ সকলোখিনি প্ৰসাৰ অশোকৰ ৰাজত্ব কালতেই হৈছিল।

অশোকৰ ৰাজত্বকালৰ শিল্পকলাক তিনিটা ভাগত যেনে-স্তম্ভ,স্থপতি আৰু ভাস্কৰ্য ভাগ কৰিব পাৰি।চন্দ্ৰগুপ্তৰ দিনৰ পাটলিপুত্ৰৰ প্ৰাসাদ আৰু প্ৰাচীৰ চালে চকুৰোৱা আছিল।সেই দুয়োটা কাঠেৰে নিৰ্মিত আছিল।প্ৰাচীৰত ৬৪ খন সিংহদুৱাৰ আৰু ৫৭০ টা তোৰণ আছিল।কিন্তু অশোকৰ ৰাজপ্ৰাসাদ শিলিৰে নিৰ্মিত আছিল।ড০ আৰ চি মজুমদাৰৰ মতে ভাৰতীয় স্থাপত্য আৰু ভাস্কৰ্য শিল্পত পাথৰৰ ব্যৱহাৰ অশোকৰ দিনৰ পৰাই প্ৰচলন হয়।অশোকৰ প্ৰাসাদটো বিৰাট আয়তনৰ আছিল আৰু জাকজমকীয়া আছিল।অশোকৰ দিনত ভালেমান স্তুপ নিৰ্মাণ কৰা হৈছিল।আজীৱিক আৰু বৌদ্ধ ভিক্ষুকসকলৰ কাৰণে প্ৰায় ৮৪০০০ স্তুপ নিৰ্মাণ কৰা হৈছিল।

অশোকৰ স্তম্ভ দুটামানৰ বাহিৰে প্ৰায়বোৰৰে ক্ষয়ক্ষতি হৈছে।অশোকৰ দিনৰ স্তম্ভবোৰ মসৃণ আছিল আৰু চুড়াত সাজসজ্জা কৰা আছিল।নানা প্ৰকাৰৰ প্ৰতীকো ব্যৱহাৰ কৰা হৈছিল যেনে-লোৰিয়া নন্দনগড় স্তম্ভৰ চড়াত আহাৰ খাই থকা ৰাজহাঁহৰ প্ৰতীক আছিল।সাধাৰণতে স্তম্ভবোৰত অশোকৰ লিপি খোদাই কৰা হৈছিল।স্তম্ভবিলাক একক আছিল ।কোনো ঘৰ বা প্ৰাসাদৰ সৈতে সংযুক্ত নাছিল-“The finest examples (of Maurya Art)are furnished by the monolithic pillars on which his edicts are engraved”.অশোকৰ স্তম্ভবোৰৰ ভিতৰত সাৰনাথৰ সিংহশীৰ্ষ স্তম্ভ অতি বিখ্যাত।এই স্তম্ভটো ৭ ফুট ওখ।তলটো দেখিবলৈ ঘণ্টা বা ওলোটাই থোৱা পদুম ফুলৰ পাহিৰ নিচিনা।স্তম্ভৰ গাত হাতী,ঘোঁৰা,ষাঁড় আৰু সিংহৰ প্ৰতীক আছে।প্ৰতিটো প্ৰাণী প্ৰতীকৰ ওচৰত একোটা চক্ৰ আছে।এই চাৰিটা প্ৰাণীৰ প্ৰতীকৰ ওপৰত আছে চাৰিটা সিংহমুৰ্তি।সিংহৰ পিঠিৰ ওপৰত আছে একোটাকৈ চক্ৰ।এইটো আছিল ধৰ্মচক্ৰ।সাৰনাথ স্তম্ভৰ কথা উল্লেখ কৰি V A Smith য়ে কৈছে-“It would be difficult to find in any country an example of ancient animal sculpture superior or even equal to this beautiful work of art,which successfully combines realistic modelling with ideal dignity and is finished in every degtail with perfect accuracy”.(History of Fine Art in India and Ceylone).ভাৰত চৰকাৰে সাৰনাথৰ স্তম্ভটো জাতীয় প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে।মৌৰ্য যুগৰ মাটিৰ শিল্পও উল্লেখযোগ্য আছিল।অৱশ্যে মৌৰ্য স্থাপত্য আৰু ভাস্কৰ্যত বৈদেশিক প্ৰভাৱ পৰিছিলনে নাই সেই কথা বিৰ্তকমুলক।কোনো কোনোৰ মতে মৌৰ্য স্থাপত্য আৰু ভাস্কৰ্যৰ ওপৰত গ্ৰীচ আৰু পাৰস্যৰ প্ৰভাৱ পৰিছে।তেওঁলোকৰ মতে সিংহ মুৰ্তি নি:সন্দেহে গ্ৰীচ আৰু পাৰস্য প্ৰভাৱৰ ফল।অৱশ্যে হাভেলে এই মত খণ্ডন কৰি কৈছে যে মৌৰ্য শিল্প,স্থাপত্য,আৰ্য ও অনাৰ্য শিল্পৰীতিৰ সংমিশ্ৰণ।

মৌৰ্যবংশৰ পিছত শুঙ্গসকলে ৰাজত্ব কৰে।শুঙ্গবংশৰ ৰাজত্বকাল ভাৰতৰ ইতিহাসৰ এটা গুৰুত্বপুৰ্ণ যুগ।এই বংশৰ ৰজা পুষ্যমিত্ৰ শুঙ্গৰ দিনত হিন্দুধৰ্মৰ প্ৰাধান্য বৃদ্ধি পায়।তেওঁৰ দিনতেই বিখ্যাত হিন্দু স্মৃতিশাস্ত্ৰ মনুস্মৃতি ৰচিত হৈছিল।শুঙ্গ যুগত ভাগৱত ধৰ্ম বা বৈষ্ণৱ ধৰ্মৰ জনপ্ৰিয়তা বৃদ্ধি পায়।পুষ্যমিত্ৰ শুঙ্গ বৌদ্ধধৰ্ম আছিল নে নাই সেই কথা বিতৰ্কমুলক।এই যুগৰ শিল্পকলা মৌৰ্য যুগৰ শিল্পকলাতকৈ পৃথক আছিল।শুঙ্গ স্থাপত্যত কাঠৰ ব্যৱহাৰ হোৱা নাছিল।বিদিশা,শুঙ্গ শিল্পকলাৰ কেন্দ্ৰ আছিল।ভাৰহুত,অমৰাৱতী স্তুপ,পুনাৰ ওচৰত পাহাৰ খোদাই কৰি সজা বিহাৰ গৰুড়স্তম্ভ আদি শুঙ্গ শিল্পকলাৰ নিদৰ্শন  আছিল।কলিঙ্গৰ ৰজা খাৰভেলৰ দিনত জৈনধৰ্মৰ প্ৰভাৱ বৃদ্ধি পাইছিল।তেওঁৰ দিনৰ উদয়গিৰি আৰু খণ্ডগিৰি পাহাৰৰ গুহা মন্দিৰবোৰৰ ভাস্কৰ্য আৰু স্থাপত্যই সকলোৰে দৃসটি আকৰ্ষণ কৰে।

দাক্ষিণাত্যৰ ব্ৰাহ্মণবংশ সাতবাহন সকলৰ দিনত কেন্দ্ৰীয় শাসন আৰু প্ৰাদেশিক শাসনব্যৱস্থা প্ৰচলিত আছিল।সাতবাহন ৰজাসকলে বংশানুক্ৰমে ৰাজত্ব কৰিছিল আৰু ৰজাসকলে ন্যায় প্ৰতিসঠাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ আছিল।সাতবাহন যুগত জাতিভেদ প্ৰথাৰ কঠোৰতা জীয়াই ৰখাটো সম্ভৱ হৈ উঠা নাছিল।সাতবাহন ৰজা গৌতমীপুত্ৰৰ পুতেকে শক ৰজাৰ ছোৱালী বিয়া কৰাইছিল।তেওঁলোকে ইন্দ্ৰ,চন্দ্ৰ,সুৰ্য,বাসুদেৱক পুজা কৰিছিল যদিও দক্ষিণ ভাৰতৰ উপজাতিক সংস্কৃতিক তেওঁলোকে উপেক্ষা কৰিব পৰা নাছিল।শিৱ,বিষ্ণু আৰু নাগপুজা সাতবাহন যুগত জনপ্ৰিয় আছিল।কৃষি,শিল্প,বাণিজ্য আৰু উপনিৱেশ বিস্তাৰ-এই কেইটাৰ জৰিয়তে সাতবাহন সকলৰ অৰ্থনৈতিক বিকাশ ঘটিছিল।অন্তৰ্বাণিজ্য আৰু পশ্চিম এচিয়া,পুব এচিয়া আৰু ৰোমৰ সৈতে বহিৰ্বাণিজ্যৰ প্ৰসাৰ ঘটিছিল।শিল্প বাণিজ্যৰ উন্নতি হোৱাৰ কাৰণে বণিক শ্ৰেণীৰ প্ৰাধান্য বাঢ়িছিল।সেই কাৰণে সামন্ত শ্ৰেণীৰ প্ৰভুত্ব লোপ পায়।সাতবাহন যুগটো গিলডপ্ৰথাৰ প্ৰচলন আছিল আৰু এই গিলডবোৰে বেঙ্কৰ কাম কৰিছিল।

মৌৰ্যযুগৰ পিছত ব্যাকট্ৰিয় গ্ৰীক,শক,পাৰ্থিয়,কুশান আদি বিদেশী জাতিবোৰে ভাৰত আক্ৰমণকৰে।ব্যাকট্ৰিয় গ্ৰীকসকলে শাসনৰ ক্ষেত্ৰত সামন্তশাসক সকলক স্বায়ত্ব শাসনৰ অধিকাৰ দিছিল।ভাৰতীয় সকলৰ প্ৰতি বৈষম্যমুলক আচৰণ কৰা নাছিল।ব্যাকট্ৰিয় গ্ৰীকসকলৰ ওপৰত ভাৰতীয় সভ্যতাৰ প্ৰভাৱ পৰিছিল।গ্ৰীক ৰজাসকলৰ বহুতে ভাৰতীয় ধৰ্ম গ্ৰহণ কৰে।চন্দ্ৰ গুপ্ত মৌৰ্যই সম্ভৱ চেলুকচৰ ছোৱালী বিয়া কৰাইছিল।পিছলৈ ভাৰতীয় আৰু ব্যাকট্ৰিয় গ্ৰীক সকলৰ মাজত বৈবাহিক সম্পৰ্কৰ সংখ্যা বৃদ্ধি পায়,সামাজিক আৰু তেজৰ সম্পৰ্ক ঘটে।ইয়াৰ ফলত ব্যাকট্ৰিয় গ্ৰীকসকলৰ ভাৰতীয়কৰণ প্ৰক্ৰিয়া আৰম্ভ হয়।ভাৰতীয় জাতিও সমৃদ্ধ হয়।ভাৰতীয় শিল্প আৰু বিজ্ঞানৰ ক্ষেত্ৰটো তেনেদৰেই গ্ৰীকসকলৰ প্ৰভাৱ পৰে।

শকসকলে ক্ষত্ৰৰদ্বাৰা প্ৰ্দেশবিলাক শাসন কৰা ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল।ক্ষত্ৰপৰ অধীনত সামন্ত কৰ্মচাৰীসকল আছিল আৰু ক্ষত্ৰপসকলৰ প্ৰতিপত্তি বাঢ়িলে মহাক্ষত্ৰপ উপাধি লৈছিল।শক পাৰ্থিয় যুগত ৰজাৰ ক্ষমতা বৃদ্ধি পাইছিল।শকসকলৰ দিনত ৰজা জীয়াই থাকোতেই পুতেকৰ সৈতে যুগ্মভাৱে শাসন কৰাৰ প্ৰথা প্ৰচলন আছিল।শকসকলৰ দিনতো ব্যৱসায়-বাণিজ্যৰ উন্নতি হৈছিল আৰু পশ্চিম এচিয়া,মিচৰ আৰু ইউৰোপৰ সৈতে ব্যৱসায় বাণিজ্য চলিছিল।শকসকলৰ প্ৰচেষ্টাত গান্ধাৰ শিল্পৰ উন্নতি হৈছিল।তেওঁলোক সাহিত্য সংস্কৃতিৰ অনুৰাগী আছিল আৰু সাহিত্য নাটক সৃষ্টিৰ কাৰণে শক শাসকসকলে পৰিবেশ সৃষ্টি কৰি দিছিল।ভাৰতীয় সঙ্গীতৰ ৰাগৰাগিণীলৈ শকসকলৰ অৱদান বুলি কোৱা হয়।ভাৰতীয় জনগোষ্ঠীৰ সৈতে ক্ৰমাৎ তেওঁলোক মিলি গৈছিল।

অৰ্থনৈতিক সমৃদ্ধিৰ কাৰণে কুশানসকলে এখন শক্তিশালী সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিব পাৰিছিল।চীন আৰু ৰোমৰ মাজত ৰেচমৰ ব্যৱসায় পাৰস্যৰ মাজেদি চলিছিল।কিন্তু পাৰস্যৰ সৈতে ৰোমৰ যুদ্ধ লগাত বাণিজ্যৰ সেই পথ বন্ধ হৈ যায়।তেতিয়া চীন আৰু ৰোমৰ ব্যৱসায় বাণিজ্য ভাৰতৰ সিন্ধু অঞ্চলৰ বন্দৰেদি হবলৈ ধৰে।ইয়াৰ পৰা কুশান সকলৰ আৰ্থিক লাভ হৈছিল।এই বন্দৰবোৰেদি ভাৰতীয় পণ্যও ৰপ্তানি হৈছিল।ৰোমৰ পৰা প্ৰচুৰ পৰিমাণৰ সোণ ভাৰতলৈ আহিছিল।তেনেকৈ কুশান সাম্ৰাজ্যৰ অন্তৰ্গত হীৰাৰ খনি ৰ পৰা প্ৰচুৰ পৰিমাণৰ হীৰা ৰোমলৈ ৰপ্তানি কৰি ভাৰত চহকী হৈছিল।অৰ্থনৈতিক ভেটিটো টনকিয়াল হোৱাৰ কাৰণে গান্ধাৰৰ পৰা বাৰাণসীলৈ আৰু কাশ্মীৰৰ পৰা বিন্ধ্য পৰ্বতলৈকে বিস্তৃত এখন সাম্ৰাজ্য কণিষ্কই গঢ়ি তুলিব পাৰিছিল।বৰ্তমানৰ পেচোৱাৰ তেওঁৰ ৰাজ্যৰ ৰাজধানী আছিল।শাসনৰ সুবিধাৰ অৰ্থে কণিষ্কই ৰাজ্যখন কেইবাটাও ক্ষত্ৰপীত বিভক্ত কৰিছিল।একো একোটা ক্ষত্ৰপী এজন ক্ষত্ৰপে শাসন কৰিছিল।কুষাণ সম্ৰাট কণিষ্কই বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল।মৌৰ্য যুগৰ পৰৱৰ্তী কালত বৌদ্ধ ধৰ্ম ৰুপান্তৰ হয়।এই যুগতেই মিলিঙ্গ প্ৰশ্ন’পালি ভাষাত লিখা হৈছিল।ওঠৰটা বৌদ্ধ সম্প্ৰদায়ৰ মতভেদ দুৰ কৰিবৰ কাৰণে কণিষ্কই চতুৰ্থ বৌদ্ধমেল আহবান কৰিছিল।বৌদ্ধধৰ্ম হীনযান আৰু মহাযান-এই দুটা ভাগত বিভক্ত হয়।মহাযান ধৰ্ম প্ৰসাৰ আৰু প্ৰচাৰৰ কাৰণে কণিষ্কই প্ৰচেষ্টা চলায়।এইটো কোৱা হয় যে অশোকে হীনযান ধৰ্ম প্ৰচাৰৰ কাৰণে যিমানখিনি কৰিছিল কণিষ্কই মহাযান ধৰ্মৰ কাৰণে সিমানখিনিয়েই কৰিছিল।মহাযান ধৰ্মই ভাৰতৰ বাহিৰেও জনপ্ৰিয়তা লাভ কৰে আৰু খোটান,চীন,জাপান,কোৰোয়া আদি ঠাইলৈ এই ধৰ্ম বিস্তৃত হয়।

মৌৰ্য যুগৰ পিছৰ কালত জাতিভেদ প্ৰথা সঙ্কটৰ সন্মুখীন হয় আৰু বিদেশী জাতি ভাৰতলৈ অহাৰ কাৰণে জাতিভেদ প্ৰৰক্ষণশীল সমাজে জাতিবৰ্ণ ৰক্ষাৰ কাৰণে কঠোৰ আইন ৰচনা কৰে।মনুৰ বিধান প্ৰচলিত হয়।আনহাতেদি নবাগত জাতিবিলাকে এটা সংমিশ্ৰণৰ সভ্যতা গঢ়ি তোলে।তেওঁলোকে ভাৰতীয় সভ্যতা গ্ৰহণকৰি ভাৰতীয় জাতিৰ সৈতে মিলি যায়।অৱশ্যে এই জাতিবিলাকৰ কিছুমান বৈশিষ্ট্যও ভাৰতীয় সভ্যতাই গ্ৰহণ কৰে।উদাহৰণস্বৰুপে ৰাজপুত জাতিৰ ওপৰত শক আৰু হুণসকলৰ প্ৰভাৱ পৰিছে বুলি নৃতাতসকলে মত পোষণ কৰিছে।পুৰাতন জাতিবিলাকৰ সৈতে এই নবাগত জাতিসকলৰ বৈবাহিক সম্পৰ্কও স্থাপন হৈছিল।ই ভাৰতীয় সভ্যতা যে সমন্বয়মুখী সেই কথা প্ৰমাণ কৰে।এই নবাগত জাতিগোষ্ঠী ভাৰতীয় সমাজত ক্ষত্ৰিয় বুলি পৰিচিত হৈছিল।এই সময়ছোৱাত বৌদ্ধধৰ্ম প্ৰচাৰ হৈছিল যদিও ব্ৰাহ্মণ্য ধৰ্মৰো প্ৰভাৱ আছিল।ব্ৰাহ্মণসকলে নবাগত জাতিবিলাকক হীন চকুৰে চাইছিল।সেইকাৰণে এই জাতিবিলাক বৌদ্ধধৰ্ম আৰু ভাগৱত ধৰ্মৰ প্ৰতি বেছি আকৃষ্ট হৈছিল।

শুঙ্গসকলৰ সময়ৰ পৰা কুশানসকলৰ সময়লৈকে এই সময়ছোৱা ভাৰতীয় শিল্পকলাৰ তাৎপৰ্যপুৰ্ণ যুগ।শক-কুষাণ জাতিৰ সৈতে ভাৰতীয়সকলৰ সংমিশ্ৰণ আৰু বৌদ্ধধৰ্মৰ সৈতে জনগণৰ সংযোগ শিল্পত প্ৰতিফলিত হৈছিল।হৰপ্পাৰ ঐতিহ্যৰ সৈতে শক-কুষাণ সংস্কৃতিৰ সংমিশ্ৰণ হৈছিল।কুষাণ –কাম্ব শিল্পত জনমানস প্ৰকাশ পাইছিল।বহুতো গুহা মন্দিৰ নিৰ্মাণ হৈছিল।গুহাৰ বেৰবোৰ আছিল মসৃণ আৰু চিত্ৰিত।এই যুগতে সাঁচীৰ স্তুপ সম্প্ৰসাৰণ ঘটোৱা হৈছিল।কণিষ্কই বিহাৰত কেইবাটাও তলাৰ এটা বিহাৰ নিৰ্মাণ কৰিছিল।ভাস্কৰ্যৰ ক্ষেত্ৰত এই যুগত গান্ধাৰ শিল্পৰ বিকাশ ঘটিছিল।গান্ধাৰ শিল্পৰীতিৰ উৎপত্তি ব্যাকট্ৰিয় যুগত হৈছিল কুশান যুগত তাৰ বিকাশ ঘটিছিল।ভাৰতীয় শিল্পকলাৰ ইতিহাসত গান্ধাৰ শিল্পই এখন বিশিষ্ট আসন গ্ৰহন কৰি আছে।“There was a time when European schools considered it as the only schools in ancient India which can rightfully claim a place in the domain of art.Many still regard it as the source of all subsequent development of art in India and the far cast.গান্ধাৰ শিল্পৰ বৈশিষ্ট্য হৈছে গ্ৰীক বা ৰোমান ৰীতিত বুদ্ধ আৰু বোধিসত্বৰ মুৰ্তি নিৰ্মাণ।এই গান্ধাৰ শিল্পৰ কেন্দ্ৰস্থল আছিল আফগানিস্থানৰ জালালাবাদ,হাড্ডা আৰু বামিয়ান,স্বাত উপত্যকা আৰু পেচোৱাৰ জিলা।এই সকলোবোৰ ঠাই গান্ধাৰ ৰাজ্যৰ ভিতৰত আছিল।সেই কাৰণেই এই শিল্পক গান্ধাৰ শিল্প বুলি কয়।মৌৰ্য পৰৱৰ্তী যুগৰ অৰ্থনীতি কৃষি আৰু বাণিজ্যৰ ওপৰত নিৰ্ভৰশীল আছিল।শক-কুষাণ যুগত চীনৰ সৈতে প্ৰচুৰ পৰিমাণৰ বেহাবেপাৰ চলিছিল।দাক্ষিণাত্যটো বাণিজ্যৰ বিস্তাৰ হৈছিল।ইয়াৰ ফলত সমাজত বণিকশ্ৰেণীৰ প্ৰতিপত্তি বাঢ়িছিল।বাণিজ্যৰ বিস্তাৰ হোৱাৰ কাৰণে নিগম (guild)গঠন কৰা হৈছিল।মৌৰ্য যুগৰ পৰৱৰ্তী যুগত সাহিত্যৰ অগ্ৰগতি লক্ষণীয় আছিল।“মিলিঙ্গ প্ৰশ্ন”এই যুগৰ শ্ৰেষ্ঠ সাহিত্য সম্পদ।পালিভাষাৰ উপৰিও ভালেমান গ্ৰন্থ সংস্কৃত ভাষাত ৰচনা কৰা হৈছিল।

গুপ্তযুগৰ শাসনব্যৱস্থাৰ মৌৰ্যযুগৰ শাসনব্যৱস্থাৰ সৈতে মুলগত পাৰ্থক্য নাথাকিলেও ভালেমান দিশত গুপ্তযুগৰ শাসনব্যৱস্থা মৌৰ্যযুগৰ শাসনব্যৱস্থাতকৈ বেলেগ আছিল।মৌৰ্য শাসন ব্যৱস্থা আছিল কেন্দ্ৰীভুত।গুপ্ত শাসনব্যৱস্থাত বিকেন্দ্ৰীকৰণৰ ওপৰত গুৰুত্ব অৰোপ কৰা হয়।গুপ্তযুগৰ শাসনব্যৱস্থা সম্পৰ্কে আগৰ অধ্যায়ত আলোচনা কৰা হৈছে।গুপ্ত সম্ৰাটসকলে আড়ম্বৰপুৰ্ণ উপাধি গ্ৰহণ কৰি ভাল পাইছিল।মন্ত্ৰী আৰু অমাত্যৰ পদপী বংশানুক্ৰমিক হোৱাৰ কাৰণে ৰজাৰ ক্ষমতা সঙ্কুচিত হৈছিল।গুপ্ত শাসনব্যৱস্থা আছিল উদাৰ।গুপ্ত শাসনব্যৱস্থাত গুপ্তচৰ বাহিনী নাছিল।মৌৰ্য যুগৰ ৰজাসকলে প[ৰণয়ন কৰাৰ দৰে গুপ্ত সমড়াট সকলে আইন প্ৰণয়ন কৰিব নোৱাৰিছিল।গুপ্ত ৰজাই ধৰ্মশাস্ত্ৰ,প্ৰচলিত প্ৰথা আৰু মন্ত্ৰীসকলৰ পৰামৰ্শ মানি কাম কৰিব লাগিছিল।গুপ্তযুগত ভালেমান নতুন পদৰ সৃষ্টি কৰা হৈছিল।মৌৰ্যযুগৰ শাসনব্যৱস্থাৰ লগত গুপ্তযুগৰ শাসনব্যৱস্থাৰ এটা মৌলিক প্ৰভেদ আছিল।সেইটো হৈছে কেন্দ্ৰৰ নীতিবিৰোধী নহলে প্ৰদেশ বা বিষয়ৰ শাসনকৰ্তা সকলে স্থানীয় ভিত্তিত নীতি নিৰ্ধাৰণ কৰিব পাৰিছিল।গুপ্তযুগত লোহাৰ পুৰ্ণভাৱে ব্যৱহাৰৰ ফলত আৰু জলসিঞ্চন প্ৰণালীৰ উন্নতি সাধনৰ ফলত কৃষিৰ প্ৰচুৰ উন্নতি হৈছিল।মাটি তিনিটা শ্ৰেণীত ভাগ কৰা হৈছিল।যেনে- (১)ৰাষ্ট্ৰৰ অধীনত থকা মাটি (২)চৰকাৰী মালিকানাধীন মাটি (৩)ব্যক্তিগত মালিকানাৰ মাটি।শিল্পৰ ভিতৰত বস্ত্ৰ আৰু ৰেচম শিল্প উল্লেখযোগ্য আছিল।ৰেচম শিল্পৰ ক্ষেত্ৰত ভাৰতে চীনৰ সৈতে প্ৰতিযোগোতাৰ সন্মুখীন হবলগীয়া হৈছিল।ৰেচমৰ উপৰি অন্যান্য শিল্পও আছিল।মুকুটাৰ হাৰ আৰু মুকুটাৰ মালাৰ উল্লেখ পোৱা গৈছিল।গুপ্তযুগত ৰাজনৈতিক ঐক্য সাধন হোৱাৰ কাৰণে আৰু শান্তি বিৰাজ কৰাৰ কাৰণে আন্ত:বাণিজ্যৰ আৰু বহিৰ্বাণিজ্যৰ প্ৰভুত উন্নতি হৈছিল।পশ্চিম ৰোমান সাম্ৰাজ্যৰ সৈতে ভাৰতৰ বেহাবেপাৰ চলিছিল।দক্ষিণ-পুব এচিয়াৰ সৈতেও গুপ্তযুগৰ ভাৰতৰ বাণিজ্যিক আৰু সাংস্কৃতিক যোগাযোগ ঘটিছিল।গুপ্তযুগতো গিলড প্ৰথা আছিল।শতকৰা কুৰি টকা হাৰ সুতত নিগমে টকা ধাৰে দিছিল।অৱশ্যে আজিকালিৰ পণ্ডিতসকলে কব খোজে যে গুপ্তযুগত ধনী আৰু দুখীয়া দুটা শ্ৰেণী আছিল ক্ষত্ৰিয়,আৰু বণিক।ব্ৰাহ্মণসকলৰ আৰ্থিক অৱস্থা সচ্ছল আছিল।কিন্তু সাধাৰণ শ্ৰেণীৰ প্ৰজাৰ আৰ্থিক অৱস্থা ভাল নাছিল।গুপ্ত সম্ৰাটসকল ধৰ্মসহিষ্ণু আছিল।যদিও এই যুগত ব্ৰাহ্মণ্য ধৰ্মৰ প্ৰাধান্য বৃদ্ধি পাইছিল তথাপিও অন্য ধৰ্মৰ প্ৰতি বিশেষকৈ বৌদ্ধ ধৰ্মৰ প্ৰতি বিশেষকৈ বৌদ্ধধৰ্মৰ প্ৰতি উদাৰতা প্ৰকাশ কৰা হৈছিল।পশ্চিম আৰু দক্ষিণ ভাৰতত জৈনধৰ্মৰ জনপ্ৰিয়তাও দেখিবলৈ পোৱা গৈছিল।

গুপ্তযুগত ভাৰতীয় শিল্পকলা ,সাহিত্য,ভাস্কৰ্য,বিজ্ঞান আদিৰ অভুতপুৰ্ব উন্নতি পৰিলক্ষিত হৈছিল।ৰাজনৈতিক শৃঙ্খলা,শান্তি আৰু সচ্ছল অৰ্থনৈতিক অৱস্থাৰ কাৰণেই এইটো সম্ভৱ হৈছিল।গুপ্তযুগত সংস্কৃত ভাষাৰ উন্নতি হৈছিল আৰু ভালে কেইজনমান সাহিত্যিকে তেওঁলোকৰ লিখনিৰ দ্বাৰা সাহিত্যৰ ভঁৰাল চহকী কৰিছিল।কালিদাসে শকুন্তলা,ঋতুসংহাৰ,মেঘদুত আদি অমৰ গ্ৰন্থ ৰচনা কৰিছিল।শুদ্ৰকে মৃচ্ছাকটিকম,বিশাখাদত্তই মুদ্ৰাৰাক্ষস,হৰিসেনে এলাহাবাদ প্ৰশস্তি ৰচনা কৰিছিল।এই ক্ষেত্ৰত বৌদ্ধ দাৰ্শনিক আৰু গ্ৰন্থাকাৰ বসুবন্ধুৰ নামো উল্লেখযোগ্য।শিল্পকলাৰ ক্ষেত্ৰত এইষাৰ কব পাৰি যে ধৰ্মক কেন্দ্ৰ কৰি শিল্পী সকলে পাথৰৰ ওপৰত প্ৰাণ প্ৰতিষ্ঠা কৰিছিল।সাৰনাথত গুপ্তযুগৰ শিল্পকলা আৰু ভাস্কৰ্যৰ উৎকৰ্ষ সাধন হোৱা দেখিবলৈ পোৱা গৈছিল।মুছলমান আক্ৰমৰ কাৰণে গুপ্তযুগৰ স্থাপত্য প্ৰায় ধ্বংস হৈ গৈছিল।বৰ্তমান উত্তৰপ্ৰদেশত গুপ্তযুগৰ এটা মন্দিৰ আবিষ্কৃত হৈছে।ইয়াৰ পৰা গুপ্তযুগৰ স্থাপত্যৰ বিষয়ে ধাৰণা কৰিব পাৰি।অজন্তাৰ গুহামন্দিৰবোৰ গুপ্তযুগৰ স্থাপত্য,ভাস্কৰ্য আৰু চিত্ৰকলাৰ অপুৰ্ব নিদৰ্শন।গুপ্তযুগত ধাতুশিল্পৰো প্ৰচলন আছিল।নালন্দাত পোৱা বুদ্ধদেৱৰ তামৰ মুৰ্তিয়ে এই কথা প্ৰমাণ কৰে।জ্ঞান-বিজ্ঞানৰ জগতখনলৈকো গুপ্তযুগৰ দান আছিল অপৰিসীম।এই যুগত গণিত শাস্ত্ৰ,জ্যোতিষ,জ্যোতিষবিদ্যাৰ যথেষ্ট উন্তি হৈছিল।আৰ্য্যভট্ট আছিল সেই যুগৰ শ্ৰেষ্ঠ গণিত শাস্ত্ৰবিদ,বৰাহমিহিৰ আছিল শ্ৰেষ্ঠ জ্যোতিষবিদ।গুপ্তযুগৰ উদাৰ শাসনব্যৱস্থা,শিল্পসাহিত্যৰ অসাধাৰণ অগ্ৰগতি,আৰ্থিক স্বচ্ছলতা ,শান্তি-শৃঙ্খলা আদিৰ কাৰণে ঐতিহাসিকসকলে গুপ্তযুগক স্বৰ্ণযুগ বুলি আখ্যা দিছে।এই যুগক গ্ৰীক ইতিহাসৰ পেৰিক্লসৰ যুগৰ সৈতেও তুলনা কৰা হৈছে।

হৰ্ষবৰ্ধনে এটা সুদক্ষ শাসনব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ সক্ষম হৈছিল।শাসনৰ ক্ষেত্ৰত তেওঁ নিজৰ ক্ষমতাৰ ওপৰতেই আটাইতকৈ অধিক নিৰ্ভৰ কৰিছিল।হিউৱেনচাঙৰ মতে শাসনব্যৱস্থাৰ বৈশিষ্ট্য আছিল গাঁও আৰু চহৰ অঞ্চলৰ প্ৰজাৰ সৈতে জনসংযোগ স্থাপন।হৰ্ষবৰ্ধনে কামৰ সুবিধাৰ কাৰণে গোটেই দিনটো তিনিটা ভাগত ভগ কৰি লৈছিল।সাধাৰণতে তেওঁ গোটেই দিনটো ৰাজকাৰ্যতে কটাবলগীয়া হৈছিল।মৌৰ্য বা গুপ্ত শাসনব্যৱস্থাৰ দৰে হৰ্ষবৰ্ধনৰ শাসনব্যৱস্থাত কেন্দ্ৰীয় আৰু প্ৰাদেশিক এই দুভাগত বিভক্ত আছিল।হৰ্ষবৰ্ধন প্ৰথমে শিৱৰ উপাসক আছিল যদিও পিছলৈ তেওঁ বৌদ্ধধৰ্ম গ্ৰহণ কৰে আৰু অশোকৰ পদাঙ্ক অনুসৰণ কৰি বৌদ্ধধৰ্মৰ কাৰণে জীৱন উৎসৰ্গা কৰে।তেওঁৰ দিনতেই কনৌজত ধৰ্মসভা অনুষ্ঠিত হয় আৰু প্ৰয়াগত অনুষ্ঠিত হয় আৰু প্ৰয়াগত অনুষ্ঠিত হোৱা ষষ্ঠ মেলালি হিউৱনচাঙক নিমন্ত্ৰণ কৰা হয়।মোগল সম্ৰাট আকবৰৰ দৰে হৰ্ষবৰ্ধনেও বৌদ্ধ ধৰ্মৰ পণ্ডিতসকলৰ সভা পাতিছিল আৰু তেওঁলোকৰ বিতৰ্ক শুনিছিল।শ্ৰেষ্ঠ তাৰ্কিকজনক পুৰস্কৃত কৰা হৈছিল।হৰ্ষবৰ্ধন শিক্ষা আৰু সাহিত্যৰ পৃষ্ঠপোষক আছিল।ৰাজহৰ ১/৪ ভাগ সাহিত্যৰ উৎকৰ্ষ সাধনৰ কাৰণে ব্যয় কৰা হৈছিল।সেই সময়ত নালন্দা বিশ্ববিদ্যালয়ে আন্তৰ্জাতিক খ্যাতি অৰ্জন কৰিব পাৰিছিল।হৰ্ষবৰ্ধন নিজেও এজন নাট্যকাৰ আৰু কবি আছিল।তেওঁ ৰচনা কৰা নাটক নকেইখন আছিল নাগানন্দ,ৰত্নাবলী আৰু প্ৰিয়দৰ্শিকা।হৰ্ষচৰিতৰ লিখক বাণভট্ট হৰ্ষবৰ্ধনৰ সভাকবি আছিল।হৰ্ষবৰ্ধনৰ ৰাজত্বকালত কৃষি আছিল জনসাধাৰণৰ প্ৰধান জীৱিকা।হৰ্ষৰ যুগত সামন্ত প্ৰথাৰ ব্যাপকতা দেখা যায়।এই যুগটো গিলড প্ৰথাৰ প্ৰচলন আছিল।হৰ্ষৰ দিনত আৰু দক্ষিণ-পুব এচিয়াৰ সৈতে ঘনিষ্ঠ বাণিজ্যিক সম্পৰ্ক গঢ়ি উঠিছিল।সমাজত উচ্চ শ্ৰেণীৰ প্ৰতিপত্তি অধিক আছিল।যুদ্ধক বীৰধৰ্ম বুলি বিবেচনা কৰা হৈছিল।শাৰীৰিক পৰিশ্ৰম কৰা সকলৰ সামাজিক মৰ্যাদা নাছিল।

দাক্ষিণাত্যৰ চোল,চালুক্য,পল্লৱ বংশৰ শাসনকালত আৰু বঙ্গদেশৰ পাল আৰু সেনবংশৰ ৰাজত্বকালত ভাৰতীয় শিল্পকলা,সাহিত্য সংস্কৃতিৰ যথেষ্ট উন্নতি হৈছিল।সেই খিনি সেই বংশৰ শাসনকাল আলোচনা কৰোতে উল্লেখ কৰা হৈছে।কোনো শাসন ব্যৱস্থাৰ বৈশিষ্ট্য আছিল ৰজা আৰু কৃষকৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক।চোল ৰজাসকলে আড়ম্বৰপুৰ্ণ-উপাধি যেনে-“চোল মাৰ্ত্তণ্ড”,”গঙ্গাই কোলড”গ্ৰহণ কৰি ভাল পাইছিল।এটা সুস্ংগঠিত আমোলাতন্ত্ৰৰ সহায়ত চোল ৰজাসকলে শাসন পৰিচালনা কৰিছিল।শাসনৰ সুবিধাৰ অৰ্থে সাম্ৰাজ্যখন কেইবাটা ভাগত বিভক্ত কৰা হৈছিল।চোলসকলৰ স্বায়ত্ব –শাসনব্যৱস্থা আছিল অসাধাৰণ।চোলসকলৰ দিনত বাণিজ্যৰ প্ৰসাৰ ঘটাৰ কাৰণে নিগম বা গিলড ব্যৱস্থা গঢ় লৈ উঠিছিল।বাণিজ্যৰ প্ৰসাৰ ঘটাৰ কাৰণে ধনিক বণিকশ্ৰেণী গঢ় লৈ উঠিছিল।চোল সম্ৰাটসকল শৈৱ ধৰ্মাৱলম্বী হলেও বৌদ্ধ,জৈন আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰতি উদাৰ নীতি গ্ৰহণ কৰিছিল।কেৱল চোল সম্ৰাট কুনোতুঙ্গই বৈষ্ণৱ ধৰ্ম ফুৰু ৰামানুজক ৰাজ্যৰ পৰা বহিষ্কাৰ কৰিছিল।চোল যুগত শৈৱ ধৰ্ম সাহিত্যৰ উন্নতি সাধন হৈছিল।চোলসকলৰ স্থাপত্য আৰু ভাষ্কৰ্য আছিল উন্নত পৰ্যায়ৰ।স্থাপত্য শিল্পৰ শ্ৰেষ্ঠ নিদৰ্শন হ’ল তাঞ্জোৰৰ শিৱ মন্দিৰ (ৰাজৰাজেশ্বৰ)।চোল শিল্প আছিল বিদেশী প্ৰভাৱমুক্ত।বিশালতা আছিল চোলশিল্পৰ বৈশিষ্ট্য।চিত্ৰ শিল্পৰ ক্ষেত্ৰত চোল সকলৰ অৱদান নাছিল।চোল  যুগৰ নটৰাজৰ স্মৃতি আৰু হিন্দু দেৱ দেৱী আবু সাধুসন্ন্যাসীৰ মুৰ্তি পৃথিবী বিখ্যাত আছিল।চোলসকলে-“দ্ৰাবিড় শৈলী গ্ৰহণ কৰিছিল আৰু সেই শৈলীৰ উৎসৰ্গ সাধন কৰিছিল-“The developed the Dravidian style and brought it to perfection”.

চালুক্য ৰজাসকল ব্ৰাহ্মণ্য ধৰ্মৰ পৃষ্ঠপোষক আছিল।তেওঁলোক গোঁড়া হিন্দু ধৰ্মাৱলম্বী হলেও অন্য ধৰ্মৰ প্ৰতি সহনশীল আছিল।স্থাপত্যৰ ক্ষেত্ৰত চালুক্য ৰজাসকলে পাহাৰ কাটি বহুতো মন্দিৰ নিৰ্মাণ কৰিছিল।অজন্তা আৰু ইলোৰা চালুক্য ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল।ৰাষ্ট্ৰকুট ৰজা অমোঘবৰ্ষ শিক্ষা আৰু সাহিত্যৰ পৃষ্ঠপোষক আছিল।

পল্লৱসকলে এখন ডাঙৰ সাম্ৰাজ্য বিস্তাৰ কৰি ৰাজনৈতিক বিচক্ষণতাৰ পৰিচয় দিছিল।সেইদৰে শিল্পৰ ক্ষেত্ৰটো পল্লৱসকলে যুগান্তৰ আনিছিল।পল্লৱ শিল্পকলা আছিল পল্ৱসকলৰ নিজৰ।দ্ৰাবিড়শিল্প বুলিলে যি বুজায় সি পল্লৱ শিল্পকলাৰ জৰিয়তে প্ৰকাশ পাইছিল।পল্লৱ শিল্পৰ বৈশিষ্ট্য আছিল সুক্ষ্ম শিল্পকাৰ্যৰ লগত সৌন্দৰ্যৰ সংযোগ।পল্লৱ শিল্পৰ কৃতিত্ব পুৰ্ণ নিদৰ্শন কাঞ্চি আৰু মহাবলিপুৰমত দেখিবলৈ পোৱা যায়।কাঞ্চি আৰু মহাবলিপুৰমৰ বুক্তেশ্বৰ আৰু কৈলাশনাথ মন্দিৰ পল্লৱ স্থাপত্য আৰু ভাস্কৰ্যৰ উত্তম নিদৰ্শন।ইয়াৰ উপৰিও মহাভাৰতৰ কাহিনীৰ আলমত পল্লৱসকলে মন্দিৰৰ নামাকৰণ কৰিছিল।পল্লৱ ৰজাসকল সংস্কৃত ভাষা আৰু সাহিত্যৰ পৃষ্ঠপোষক আছিল।সেই সময়ত কাঞ্চি সংস্কৃত ভাষাৰ শিক্ষাৰ এটা প্ৰধান কেন্দ্ৰ আছিল।সেই যুগৰ প্ৰখ্যাত সাহিত্যিক আছিল দণ্ডিন।পল্লৱৰজাসকল ব্ৰাহ্মণ হলেও পৰধৰ্ম সহিষ্ণু আছিল।পল্লৱ যুগত ভক্তিধৰ্মৰ জাগৰণ হয়।এই প্ৰসঙ্স্ত মীৰাবাঙ্গ,সঙ্কৰাচাৰ্য আদিৰ নাম উল্লেখ কৰিব পাৰি।তেওঁ আছিল অদ্বৈতবাদী দৰ্শনৰ প্ৰচাৰক।পল্লৱ যুগত মহাবলীপুৰমক কেন্দ্ৰ কৰি নাগৰিক সংস্কৃতিৰ বিকাশ ঘটিছিল।

পাল আৰু সেনবংশৰ ৰাজত্বকাল কেৱল বঙ্গদেশৰেই নহয়,ভাৰতবৰ্ষৰ ইতিহাসৰো গৌৰাবজ্জ্বল যুগ বুলি কব পাৰি।গৌৰোবজ্জ্বল যুগ বুলি কব পাৰি।পালযুগৰ সামাজিক জীৱন আছিল অনাড়ম্বৰ ।হিউৱেন চাঙৰ লিখনিৰ পৰা সেই কথা জানিব পাৰি।সেন বংশৰ ৰজা বাল্লাল সেনে।জাতিগত বিশুদ্ধতাৰ কাৰণে কৌলিণ্য প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল।এই যুগৰ প্ৰজাসকলৰ প্ৰধান জীৱিকা আছিল কৃষি।এই যুগত শিল্প আৰু ব্যৱসায় –বাণিজ্যইও সমৃদ্ধি লাভ কৰিছিল।মৌৰ্য আৰু গুপ্তৰজাসকলৰ দৰে পাল ৰজাসকলে বিশ্বৰ অন্য দেশৰ সৈতে বৈদেশিক সম্পৰ্ক স্থাপন কৰিছিল।পালৰজাসকলে ভাৰতীয় ধৰ্ম আৰু সংস্কৃতিৰ উৎকৰ্য সাধনৰ কাৰণে অশেষ চেষ্টা কৰিছিল।তেওঁলোকে বিক্ৰমশীলা আৰু উদন্ত পুৰত দুটা বিশ্ববিদ্যালয় স্থাপন কৰিছিল।স্ংস্কৃতিৰ ক্ষেত্ৰত ধীমান আৰু বিটপাল ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত পণ্ডিত ধৰ্মপাল আৰু দীপঙ্কৰ আৰু চক্ৰপাণি আৰু সন্ধ্যাকৰৰ দৰে বিদ্বান ব্যক্তিৰ বৰঙণিয়ে এই যুগটোক স্মৰণীয় কৰি ৰাখিছে।পালসকল বৌদ্ধ ধৰ্মাৱলম্বী আছিল-“Palas were Buddhist but were tolerant of the religion of others.Career was open to all irrespective of caste and creed”.

পাল আৰু সেনসকলৰ ৰাজত্বকালত স্থাপত্য আৰু ভাস্কৰ্যৰ উন্নতি সাধন হৈছিল।কিন্তু মুছলমান আক্ৰমণৰ কাৰণে সেই যুগৰ শিল্পকৰ্ম ধ্বংস হৈছিল।উদন্ত পুৰৰ বৌদ্ধ বিহাৰ সেই যুগৰ স্থাপত্যশিল্পৰ উৎকৃষ্ট নিদৰ্শন।চিত্ৰ শিল্প আৰু ভাস্কৰ্যই চৰম উৎকৰ্ষ লাভ কৰিছিল।এই ক্ষেত্ৰত ধীমান আৰু তেওঁৰ পুতেক বীত পালৰ নাম উল্লেখযোগ্য।পালযুগৰ ভাস্কৰ্যৰ নিদৰ্শন বিলাক আছিল নিখুট শিল্পকাৰ্য।সেন যুগৰ প্ৰখ্যাত শিল্পী আছিল শুলপাণি।পালযুগৰ ৰজাসকলে ভালেমান পুখুৰী খন্দাইছিল।তাৰ দুই এটা নিদৰ্শন দিনাজপুৰ জিলাত আজিও দেখিবলৈ পোৱা যায়।

চমু টোকা:

 

শকাব্দ:প্ৰাচীন ভাৰতীয় সম্বল বিলাক আজিকালি অপ্ৰচলিত হৈ গৈছে।তথাপি শকাব্দৰ প্ৰচলন আজিও আছে।কিয়নো প্ৰাচীন জ্যোতিৰ্বিজ্ঞানীসকলে শকাব্দৰ ভিত্তিতেই বছৰ গণনা কৰিছিল।স্বাধীন ভাৰততো শকাব্দকেই ভাৰতীয় সম্বল হিচাপে গ্ৰহণ কৰা হৈছে।

শকাব্দৰ উৎপত্তি সম্পৰ্কে মতভেদ আছে।বহুতৰ মতে বনোনেস নামৰ শক-পাৰ্থিয় ৰজাই শকাব্দৰ প্ৰচলন কৰে।কিন্তু অন্যান্য পণ্ডিতসকলে কব খোজে যে শকাব্দৰ হিচাপ মতে ৭৮ খৃষ্টাব্দ হয়।আনহাতেদি বনোনেসৰ সময় আছিল প্ৰথম খৃষ্টপুৰ্ব।আলবেৰুণিৰ মতে বিক্ৰমাদিত্যই এজন শক ৰজাক হত্যা কৰি শকাব্দৰ প্ৰচলন কৰে।কিন্তু বহুতে কব খোজে যে আলবেৰুণিয়ে এটা কিংবদন্তীৰ ওপৰত নিৰ্ভৰ কৰিহে এই মত প্ৰকাশ কৰিছিল।গতিকে আলবেৰুণিৰ মতে কোনো নিৰ্ৰযোগ্য তথ্যৰ ওপৰত প্ৰতিষ্ঠিত নাছিল।

কণিষ্কই সিংহাসনত বহা তাৰিখ লৈ মতভেদ আছে।ফাৰ্গুচনৰ মতে কণিষ্কই ৭৮ খৃষ্টাব্দত শকাব্দ প্ৰচলন কৰে।কিন্তু বহুতে কব খোজে যে কণিষ্কই শক নাছিল।গতিকে তেওঁ কিয় শকাব্দৰ প্ৰচলন কৰিব।তদুপৰি শকাব্দ প্ৰধানকৈ পশ্চিম ভাৰত আৰু দাক্ষিণাত্যত প্ৰচলিত আছিল।এই দু্য়োটা অঞ্চলতেই কণিষ্কৰ শাসনৰ অধীনত নাছিল বুলি ভাবিবৰ থল আছে।আন বহুতে আকৌ কব খোজে যে কণিষ্ক কুশাণ বংশৰ প্ৰতিষ্ঠাতা নাছিল।গতিকে তেওঁ কিয় শকাব্দ প্ৰচলন কৰিব।অৱশ্যে প্ৰতিষ্ঠাতা নহলেও অব্দৰ প্ৰচলন কৰিব পাৰে।উদাহৰণস্বৰুপে হৰ্ষবৰ্ধন তেওঁৰ বংশৰ প্ৰতিষ্ঠাতা নাছিল।কিন্তু তেওঁ হৰ্ষাব্দ প্ৰচলন কৰিছিল।কণিষ্ক সিংহাসনত উঠাৰ তাৰিখটো সম্পৰ্কে খৃষ্টাব্দ ৩,খৃষ্টাব্দ ২,খৃষ্টাব্দ ১,খৃষ্টাব্দ ১২৫-এই কেইটা চন পণ্ডিতসকলে আগবঢ়াইছে।কিন্তু বেছিভাগ পণ্ডিতেই মত প্ৰকাশ কৰিছে যে কণিষ্কই ৭৮ খৃষ্টাব্দত ৰাজত্ব কৰিছিল।গতিকে সকলোখিনি কথা চালি জাৰি চাই সিনহা আৰু বেনাৰ্জীয়ে মত প্ৰকাশ কৰিছে যে-“It is theregore better to accept the theory of Thomas,Rapson and other scholars who hold that Kanishka ruled in the first century A.D.and founded the Saka era commencing grom 78 A.D.”-তদুপৰি কণিষ্ক শক নহলেও শক আৰু কুশাণ বিলাকৰ মাজত বিশেষ পাৰ্থক্য নাছিল।ভাৰতৰ শক-ক্ষত্ৰপ সকলে ভালেমান দিন ধৰি এই শব্দ ব্যৱহাৰ কৰি আছিল কাৰণে ইয়াক শকাব্দ বোলা হৈছিল।কণিষ্কই যে শকাব্দ প্ৰৱৰ্তন কৰিছিল সেই কথা আজিকালি সকলোৱে মানি লৈছে।

বিক্ৰম সম্বত:বিক্ৰম সম্বতৰ আৰম্ভণি হয় ৫৮ খৃষ্টাব্দৰ পৰা।কিংবদন্তী মতে ৰজা বিক্ৰমাদিত্যই এই বিক্ৰম সম্বত প্ৰৱৰ্তন কৰিছিল।যদি বিক্ৰমাদিত্য বুলিলে গুপ্ত সম্ৰাট দ্বিতীয় চন্দ্ৰ গুপ্তক বুজোৱা হৈছে তেতিয়া হলে সময়ৰ পিনৰ পৰা তেওঁৱেই বিক্ৰম সম্বত প্ৰচলন কৰা সম্ভৱ হব পাৰে।অৱশ্যে কোনো কোনোৱে কব খোজে যে বিক্ৰম সম্বত শক-পাৰ্থিয়  ৰজা বনোনেসে প্ৰৱৰ্তন কৰিছিল।বনোনেসৰ ৰাজত্বৰ সময় আছিল ৫৮ খৃষ্টাব্দ।বনোনেসে পুব ইৰাণত ৰাজত্ব কৰিছিল আৰু তাতে এই সম্বৎ প্ৰৱৰ্তন কৰিছিল।তাৰ পৰাই তেওঁৰ লগতে এই সম্বৎ ভাৰতলৈ আহে।

গান্ধাৰ আৰ্ট:আৰ্টত সাধাৰণতে ধৰ্মৰ প্ৰতিচ্ছবি পৰে।বৌদ্ধ ভাস্কৰ্য্যত (sculpture)জাতক আৰু বুদ্ধ দেৱৰ জীৱনৰ লগত জঢ়িত কাহিনীৰ চিত্ৰবোৰ খোদিত কৰা দেখা যায়।কিন্তু মন কৰিবলগীয়া কথা যে ক’তো বুদ্ধদেৱৰ মুৰ্ত্তি শিলত কটা হোৱা নাই।কেৱল প্ৰতীকৰদ্বাৰা যেনে-ছাতি,ভৰিৰখোজ আদিৰ দ্বাৰা বুদ্ধৰ উপস্থিতি বুজোৱা হৈছিল।কিন্তু কুষাণ যুগৰ পৰা ভাস্কৰ সকলে (sculptors)শিলত বুদ্ধদেৱৰ আৰু “বোধিসতী”ৰ মুৰ্ত্তি কাটিবলৈ লয়।এই নতুন আৰ্টক “গান্ধাৰ আৰ্ট”বুলি কোৱা হয়।উত্তৰ-পশ্চিম বা গান্ধাৰ অঞ্চল এই শিল্পৰ কেন্দ্ৰ আছিল কাৰণে ইয়াক “গান্ধাৰ আৰ্ট”বুলি কোৱা হয়।যদিও এই আৰ্টৰ আৰম্ভনি ব্যাকট্ৰীয় যুগৰ পৰাই আৰম্ভ হয়।কুষাণ যুগতহে এই আৰ্টে পৰিপুৰ্ণতা লাভ কৰে।কুষাণ যুগত পৰিপুৰ্ণতা লাভ কৰা এই আৰ্টক “গ্ৰেচীয় –বুদ্ধিষ্ট”আৰ্ট বুলিও কোৱা হয়।কাৰণ বৌদ্ধ বিষয়বস্তুত গ্ৰীচৰ শৈলী প্ৰয়োগ কৰা হৈছিল-“forms of Greek art applied to Buddhist Subjects”.গান্ধাৰ শিল্পৰ কেইটামান প্ৰধান বৈশিষ্ট্য হ’ল-(ক)পাথৰ,চুণ,বালি,প্লাসটাৰ অৱ পেৰিচ,পোৰামাটিৰ দ্বাৰা মুৰ্তি নিৰ্মাণ,(খ)মুৰ্তিৰ ওপৰত সোণালী বা অন্য ৰঙৰ প্ৰলেপ সনা (গ)স্থানীয় বৈশিষ্ট্য দান (যেনে-গোফ দিয়া,পাগুৰী পিন্দোৱা )(ঘ)যজ্ঞ গৰুড় আদি দেৱতাক গ্ৰীক দেৱতা জিউস,ব্যাকাস আদিৰ অনুকৰণত নিৰ্মাণ কৰা।বুদ্ধ দেৱৰ মুৰ্তিত এপ’লৰ আৰ্হিত নিৰ্মাণ কৰা হৈছিল-“The drapery follows Hellenistic models”মৌৰ্যযুগৰ পিছৰ যুগত ভাৰতীয় শিল্পৰ দুখন প্ৰধান কেন্দ্ৰ মথুৰা আৰু অমৰাৱতীৰ শিল্পকলাত গান্ধাৰ শিল্পকলাৰ প্ৰভাৱ পৰিছিল।

উৎস:ভাৰত বুৰঞ্জী

3.2380952381
Dipak Jan 05, 2018 07:44 AM

Very nice

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top