অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভাৰত বুৰঞ্জীৰ বিভিন্ন বংশ

ভাৰত বুৰঞ্জীৰ বিভিন্ন বংশৰ বিষয়ে লিখা হৈছে

বীৰ নৰসিংহ(১৫০৫-০৯)তুলুভ বংশ:

 

বীৰ নৰসিংহই বিজয়নগৰৰ সিংহাসনত আৰোহণ কৰি তুলুভ বংশ প্ৰতিষ্ঠা কৰে। তেওঁ বিশ্বাসঘাটকতা কৰি সালুভবংশৰ শেষ সম্ৰাট ইম্মাদি নৰসিংহক হত্যা কৰি সিংহাসনত আৰোহণ কৰিলত অভিজাতবৰ্গৰ একাংশই তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰে। আভ্যন্তৰীণ বিদ্ৰোহৰ সুবিধা লৈ বাহমনী ৰাজ্য আৰু অন্যান্য ওচৰচুবুৰীয়া ৰাজ্যই বিজয়নগৰৰ সীমা উলঙঘা কৰে। সেই কাৰণে তেওঁ আভ্যন্তৰীণ শত্ৰু আৰু বিদেশী আক্ৰমণকাৰীৰ সৈতে সততে যুদ্ধত লিপ্ত থাকিব লগীয়া হয়। সমসাময়িক লিপি আৰু বিদেশী পৰ্য্যটক নুনিজৰ পৰা জানিব পৰা মতে বীৰ নৰসিংহ এজন ধৰ্মপৰায়ণ সুদক্ষ শাসক আছিল।

কৃষ্ণদেৱ ৰায়(১৫০৫-৩০):

কৃষ্ণদেৱ ৰায় কেৱল বিজয়নগৰ সাম্ৰাজ্যৰেই নহয় ভাৰতীয় ইতিহাসতো এজন শ্ৰেষ্ঠ সম্ৰাট। তেওঁ একেৰাহে ভালমান গুণৰ অধিকাৰী আছিল। কৃষ্ণদেৱ ৰায় একেবাহে দুৰ্ধৰ্ষ যোদ্ধা, সমৰকুশলীনেতা, উদাৰ, অতিথিপৰা্যণ আৰু পৰধৰ্ম সহিষ্ণু ৰজা আছিল। পৰ্টুগীজ পৰিব্ৰাজক পায়েজৰ মতে সকলো ক্ষেত্ৰত কৃষ্ণদেৱৰায় শ্ৰেষ্ঠ আছিল।

কৃষ্ণদেৱ ৰায়ে উৰিষ্যা আক্ৰমণ কৰি উদয়গিৰি পুনৰ উদ্ধাৰ কৰে। লগতে তেওঁ কোণ্ডবিধু নামৰ ঠাইখনো জয় কৰে। ইয়াৰ পিছত তেওঁ বিজাপুৰৰ চুলতানক পৰাজিত কৰি ৰায়চুৰ দোৱান দখল কৰে। ৰায়চুৰ দোৱাব অধিকাৰ তেওঁৰ ৰাজত্ব কালৰ প্ৰধান ঘটনা আছিল। বিজাপুৰ ৰাজ্য দখল কৰি তেওঁ গুলবাৰ্গ চহৰখন ধূলিস্যাৎ কৰিছিল। উত্তৰ পিনে তেওঁ উৰিষ্যা, বিজাপুৰ আদি ৰাজ্যৰ দৰ্পচূৰ্ণ কৰিছিল আৰু দাক্ষিণাত্যত নিজৰ ৰাজ্যৰ সীমা সমুদ্ৰ উপকূললৈকে বিস্তৃত কৰিছিল। ভাৰত মহাসাগৰৰ কেইটামান দ্বীপো তেওঁ তেওঁৰ প্ৰাধান্যৰ অধীনলৈ আনিছিল।

কেৱল যুদ্ধক্ষেত্ৰতেই নহয় শাসনৰ ক্ষেত্ৰটো কৃষ্ণদেৱৰায় দক্ষতাৰ পৰিচয় দিছিল। জীৱনৰ শেষৰ কেইটা বছৰত তেওঁ আভ্যন্তৰীণ সংগঠনত মনোনিবেশ কৰিছিল। সাগৰৰ পাৰৰ পশ্চিমাঞ্চলত ঘাটি স্থাপন কৰা পৰ্টুগীজসকলৰ সৈতে কৃষ্ণদেৱৰায়ে বন্ধুত্বপূৰ্ণ সম্বন্ধ স্থাপন কৰিছিল। পৰ্টুগীজ গৱৰ্ণৰ আলবুকাৰ্কে ১৫১০ চনত বিজয়নগৰলৈ কূটনীতিজ্ঞৰ এটা দল পঠাইছিল আৰু ‘ভাটখাল’ নামৰ ঠাইত এটা ঘাটি নিৰ্মাণৰ কাৰণে আলবুকাৰ্কে অনুমতি পাইছিল। কৃষ্ণদেৱ ৰায় শিল্প আৰু সাহিত্যৰ পৃষ্ঠপোষক আছিল আৰু নিজেও এজন পণ্ডিত ব্যক্তি আছিল। বিশেষকৈ তেলেগু আৰু সংস্কৃত সাহিত্যৰ উন্নতিৰ কাৰণে তেওঁ যত্ন লৈছিল। তেওঁ প্ৰজাৰ উন্নতিৰ কাৰণে ৰাজভঁড়ালৰ পৰা প্ৰচুৰ পৰিমাণৰ অৰ্থব্যয় কৰিছিল প্ৰজাসাধাৰণে কৃষ্ণদেৱ ৰায়ক ভাল পাইছিল আৰু সন্মান কৰিছিল। তেওঁ ধৰ্মৰ ক্ষেত্ৰত সহিষ্ণুতা প্ৰদৰ্শন কৰিছিল- “The territorial Jurisdictions military powers, prestige and prosperity of Vijaynagar reached the apex of its glory during the reigon of Krishnadeva Raya”.

অচ্যুত ৰায়:

কৃষ্ণদেৱৰ মৃত্যুৰ পিছত অচ্যুত ৰায় সিংহাসনত আৰোহণ কৰে। এওঁৰ ৰাজত্বকালতে বিজাপুৰৰ চুলতানে ৰায়চুৰ দোৱাব অধিকাৰ কৰি লৈছিল যদিও অচ্যুত ৰায়ে ৰায়চুৰ দোৱাব পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও তেওঁ মাদুৰাৰ বিদ্ৰোহ দমন কৰে আৰু ত্ৰিবাঙ্কুৰৰ ৰজাক নিজৰ অধীনলৈ আনে। কিন্তু শেষলৈ অচ্যুত ৰায়ে শাসনকাৰ্য্যত শিথিলতা প্ৰদৰ্শন কৰে। ইয়াৰ ফলত তিৰুমাল ভাতৃদ্বয়ে শাসনকাৰ্য্য পৰিচালনা কৰিবলৈ ধৰে। এই কথাত প্ৰজা সাধাৰণ অসন্তুষ্ট হৈ পৰে আৰু বিদ্ৰোহ কৰে। বেঙ্কট, তিৰুমাল আৰু আৰবিভু বংশৰ ‘ৰাম’ নামৰ এজন লোকে এই বিদ্ৰোহৰ নেতৃত্ব বহন কৰে। এনেধৰণৰ আভ্যন্তৰীণ বাদবিসম্বাদে দেখা দিলত বিজয়নগৰৰ পূৰ্বৰ মৰ্য্যদা আৰু প্ৰতিপত্তি ভালে পৰিমাণে হ্ৰাস পায়। পৰ্টুগীজ পৰ্য্যটক নুনিজৰ(Nuniz) মতে অচ্যুত ৰায় এজন ভীৰু আৰু কাপুৰুষ শাসক আছিল। অৱশ্যে সমসাময়িক সাহিত্য আৰু কাপুৰুষ শাসক আছিল। অৱশ্যে সমসাময়িক সাহিত্য আৰু লিপিত পোৱআ তথ্যসমূহে নুনিজৰ মতামতৰ সত্যতা নুই কৰিছে।

অচ্যুতৰায়ৰ মৃত্যুৰ পিছত তেওঁৰ পুতেক বেঙ্কটৰায় সিংহাসনত বহে। কিন্তু অলপ দিনৰ পিছতেই তেওঁৰ ভায়েকৰ পুতেক শদাশিৱৰায়ে তেওঁক সিংহাসনচ্যুত কৰে। শদাশিৱৰায় নিজৰ অৰ্কমণ্যতাৰ কাৰণে চতুৰ আৰু আকোৰগোজ মনোবৃত্তিৰ প্ৰধানমন্ত্ৰী ৰামৰায়ৰ হাতৰ ৰামৰায় পুতলা হৈ পৰে। বিজয়নগৰৰ মৰ্য্যাদা পুনৰ উদ্ধাৰৰ কাৰণে অযথা ৰামৰায়ে দাক্ষিণাত্যৰ মুছলমান শাসকসকলৰ হাই কাজিয়াৰ মাজত সোমাই পৰে আৰু তাৰ দ্বাৰা তেওঁ তেওঁৰ বুদ্ধিহীনতাৰ পৰিচয় দিয়ে। ১৫৪৩ চনত তেওঁ ৰামৰায়ে আহমদাবাদ আৰু গোলকুণ্ডাৰ চুলতানৰ সৈতে লগ লাগি বিজাপুৰ আক্ৰমণ কৰিবলৈ মনস্থ কৰে। কিন্তু বিজাপুৰৰ চতুৰ মন্ত্ৰী আসদখাঁই এই যুগ্ম আক্ৰমণ ব্যৰ্থ কৰে। ইয়াৰ কিছুদিনৰ পিছত(১৫৫৮) বিজাপুৰ, গোলাকুণ্ডা আৰু বিজয়নগৰ একেলগ হৈ আহমদনগৰ আক্ৰমণ কৰে। এই আক্ৰমণত বিজয়নগৰৰ সেনাবাহিনীয়ে ঔদ্ধতা প্ৰকাশ কৰে আৰু সেই কাৰণে আহমদনগৰৰ প্ৰজাই বিজয়নগৰৰ বিৰুদ্ধে প্ৰতিশোধ লবলৈ দৃঢ়প্ৰতিজ্ঞ হয়। ৰামৰায়ৰ ব্যৱহাৰত দাক্ষিণাত্যৰ চুলতান সকলো অতীষ্ঠ হৈ পৰিল। তেওঁলোকে একেলগ হৈ বিজয়নগৰ আক্ৰমণ কৰাটো স্থিৰ কৰিলে। ১৫৬৫ চনত একমাত্ৰ বেৰাৰৰ বাহিৰে দাক্ষিণাত্যৰ অন্যান্য মুছলমান ৰাজ্যৰ সন্মিলিত বাহিনীয়ে কালিকোটা নামে ঠাইত বিজয়নগৰৰ সৈন্যবাহিনী আক্ৰমণ কৰিলে। ৰামৰায়ে বিজয়নগৰৰ সৈন্যবাহিনী নিজেই পৰিচালনা কৰিলে। কিন্তু যুদ্ধত সম্পূৰ্ণৰূপে তেওঁৰ পৰাজয় হ’ল। ৰামৰায় বন্দী হ’ল আৰু তেওঁৰ হত্যা কৰা হ’ল। শত্ৰুসৈন্যই ভালেমান অস্ত্ৰশস্ত্ৰ, ঘোঁৰা আৰু অন্যান্য সম্পদৰ অধিকাৰী হ’ল। শত্ৰুসৈন্যই ভালেমান অস্ত্ৰশস্ত্ৰ, ঘোঁৰা আৰু অন্যান্য সম্পদৰ অধিকাৰী হ’ল। তালিকোটা যুদ্ধাৰ পৰাজয়ৰ পিছত বিজয়নগৰ সাম্ৰাজ্যৰ গৌৰৱসূৰ্য্য চিৰকালৰ কাৰণে মাৰ গ’ল। ইয়াৰ কিছুদিন পিছত শত্ৰুসৈন্যই প্ৰতিশোধ পৰায়ণ মনোভাৱেৰে বিজয়নগৰ সোমাই লূটপাট আৰম্ভ কৰিলে।

বিজয়ী মুছলমান সৈন্যই বিজয়নগৰ প্ৰৱেশ কৰি পাঁচমাহ ধৰি অবাধ লুন্ঠন কাৰ্য্য আৰম্ভ কৰিলে। বুৰহান-ই-মা-সিৰ আৰু ফেৰিস্তাৰ বৰ্ণনামতে বিজয়ী সৈন্যবাহিনীয়ে প্ৰচুৰ পৰিমাণৰ ঘোঁৰা, ক্ৰীতদাস, ক্ৰীতদাসী, মণিমুক্তা, ধনদৌলত, আৰু অসংখ্য হাতী আৰু উট হস্তগত কৰিলে। সেনাবাহিনীৰ প্ৰত্যেকৰে ভাগত যিমান পৰিমাণৰ মণিমুক্তা পৰিল তাৰ দ্বাৰা তেওঁলোকৰ ভাগ্যৰ গতিয়েই সলনি হৈ গ’ল। বিজয়ী সৈন্যবাহিনীয়ে বিজয়নগৰক বিৰাট ধ্বংসস্তূপত পৰিণত কৰিলে। পৃথিৱীৰ ইতিহাসত বিজয়নগৰৰ নিচিনা এখন সমৃদ্ধ নগৰৰ ইদৰে আকস্মিকভাৱে ধ্বংসস্তূপত পৰিণত হোৱাৰ উদাহৰণ পাবলৈ নাই। ‘Caesar Frederiek-ৰ মতে- “Never perhaps in the history of the world has such 8havoc been wrought and wrought suddenly on splendid a city and industrious population in the full lenitude of prosperity oneday, and on the next seized, pillaged and reduced to ruins amid scenes of savage massage and the orrors beggaring description.” মন্দিৰ, প্ৰাসাদ আদি ভস্মীভূত কৰিয়েই ক্ষান্ত নাথাকি প্ৰতিহিংসাপৰায়ণ মুছলমানী সৈন্যই অগণন নৰ-নাৰীৰ তেজেৰে বিজয়নগৰৰ ধূলি ৰঞ্জিত কৰি লুন্ঠন যজ্ঞৰ পৰিসমাপ্তি ঘটালে।

তালিকোটাৰ যুদ্ধ ভাৰতবৰ্ষৰ ইতিহাসৰ প্ৰধান যুদ্ধবিলাকৰ ভিতৰত অন্যতম আছিল। এই যুদ্ধৰ ফলত বিজয়নগৰ সাম্ৰাজ্যখন সম্পূৰ্ণৰূপে বিনষ্ট হৈ নগলেও বিজয়নগৰ চহৰখন সম্পূৰ্ণৰূপে বিনষ্ট হৈছিল। দাক্ষিণাত্যত বিজয়নগৰ সাম্ৰাজ্যৰ নিৰঙ্কুশ হিন্দু প্ৰাধান্য স্থাপনৰ প্ৰচেষ্টা চিৰকালৰ কাৰণে লোপ পাইছিল। দাক্ষিণাত্যত তুৰ্কী প্ৰাধান্য বিস্তাৰৰ পথ সুচল হৈ পৰিছিল। তালিকোটৰ যুদ্ধৰ পিছতো আৰবিডুবংশই সাম্ৰাজ্যত শাসনকাৰ্শ্য চলাই আছিল যদিও হিন্দু স্বাধীনতা আৰু সংস্কৃতি ৰক্ষাৰ দায়িত্ব আৰবিডুবংশই পালন কৰিব পৰা নাছিল। বিজয়নগৰৰ শক্তিহীনতাই ভৱিষ্যতত মাৰাঠা শক্তিৰ অভ্যুত্থানৰ পথ সুগম কৰি দিছিল।

আৰবিডু বংশ(Arbindu Dynasty):

 

তিৰুমাল:

তালিকোটাৰ যুদ্ধৰ পিছত ৰামৰায়ক ভায়েক তিৰুমাল সিংহাসনত আৰোহণ কৰে আৰু বিজয়নগৰৰ পৰা ৰাজধানী পেনুগোণ্ডালৈ স্থানান্তৰিত কৰি আৰবিডু বংশ প্ৰতিষ্ঠা কৰে। দাক্ষিণাত্যৰ চুলতানসকলৰ মাজত পুনৰ বিবাদ আৰম্ভ হোৱাৰ সুযোগ গ্ৰহণ কৰি তিৰুমালে বিজয়নগৰৰ শক্তি আৰু প্ৰতিপত্তি পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

তিৰুমালৰ মৃত্যুৰ পিছত তেওঁৰ পুতেক দ্বিতীয়ৰঙ্গ সিংহাসনত আৰোহণ কৰে। তেওঁ তেওঁৰ দেউতাকৰ নীতিকে অনুসৰণ কৰি চলিছিল। দ্বিতীয়ৰঙ্গৰ পিছত তেওঁৰ ভায়েক দ্বিতীয়বেঙ্কট সিংহাসনত আৰোহণ কৰে। এওঁ আৰাবডুবংশৰ শেষ উল্লেখযোগ্য ৰজা আছিল। তেওঁ চন্দ্ৰগিৰিত ৰাজধানী পাতিছিল। তেওঁ বিজয়নগৰ সাম্ৰাজ্যৰ সংহতি ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে তেওঁ ৰজা উদেয়াৰক মহীশূৰ ৰাজ্য স্থাপনৰ অনুমতি দি বিজয়নগৰ সাম্ৰাজ্যৰ সংহতি বিনষ্টও কৰিছিল।

বেঙ্কটৰ মৃত্যুৰ পিছত তৃতীয়ৰঙ্গ সিংহাসনত বহে। তৃতীয়ৰঙ্গই সিংহাসনত উঠি আভ্যন্তৰীণ বিৰোধিতা আৰু বৰ্হিআক্ৰমণৰ সন্মুখীন হ’বলগীয়া হৈছিল। প্ৰাদেশিক শাসনকৰ্ত্তা সকলৰ স্বাৰ্থপৰতা, বিজাপুৰ আৰু গোলাকুণ্ডাৰ ৰাজ্যবিস্তাৰৰ আকাঙ্কাই বিজয়নগৰ সাম্ৰাজ্যৰ সৰ্বনাশ মাতি আনিছিল। প্ৰাদেশিক শাসনকৰ্ত্তা সকলৰ দেশাত্মাবোধৰ অভাৱৰ কাৰণে বিজয়নগৰ সাম্ৰাজ্যৰ পতন অৱশ্যম্ভাৱী হৈ পৰিছিল।

বিজয়নগৰ সাম্ৰাজ্যৰ শাসন, সমাজ আৰু সংস্কৃতি:

(Administration, Society and Culture of Vijaynagar empire)

বিজয়নগৰ সাম্ৰাজ্যৰ শাসনব্যৱস্থা আছিল কেন্দ্ৰীভূত। শাসকসকল আছিল স্বেচ্ছাচাৰী- “The monarchs of Vijaynagar, like 0the Bahmanids, were typical oriental despots”.  সামৰিক অসামৰিক আৰু বিচাৰ বিভাগত সম্ৰাটৰ সিদ্ধান্তই চূড়ান্ত আছিল। অৱশ্যে এক হিচাপে তেওঁলোকে স্বেচ্ছাচাৰী আছিল বুলি কব নোৱাৰি। কাৰণ বিজয়নগৰৰ সম্ৰাটসকল প্ৰজাৰ মঙ্গলৰ প্ৰতি উদাসীন নাছিল। বিজয়নগৰৰ সম্ৰাটসকলে, কৃষ্ণদেৱ ৰায়ে ৰজাৰ কৰ্ত্তব্য সম্পৰ্কে ৰচনা কৰা কিতাপ “আমুক্ত মাল্যদা”ত থকা আদৰ্শসমূহ আগত ৰাখি দেশ শাসন কৰিছিল। “আমুক্ত মাল্যদা”ত উল্লেখ থকা মতে শাসন কাৰ্য্যত শাসকসকলে ধৰ্মীয় অনুশাসনৰদ্বাৰা পৰিচালিত হ’ব লাগিব, প্ৰজাৰ ওপৰত কৰৰ বোজা জাপি দিব নালাগিব, প্ৰজাৰ প্ৰতি উদাৰতা প্ৰদৰ্শন কৰিব লাগিব আৰু প্ৰজাক নিৰাপত্তা প্ৰদান কৰিব লাগিব।

শাসন কাৰ্য্যত ৰজাক সহায় কৰিবলৈ এখন মন্ত্ৰীসভা আছিল। ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য এই তিনিওটা সম্প্ৰদায়ৰ পৰা ৰজাই মন্ত্ৰী মনোনীত কৰিছিল। সম্ৰাট আৰু মন্ত্ৰীসভাৰ অধীনত এখন পৰিষদ আছিল। পৰিষদখনে কেৱল পৰামৰ্শহে দিব পাৰিছিল। পৰিষদৰ সদস্যসকল ৰজাই মনোনীত কৰিছিল। অন্যান্য কৰ্মচাৰীসকল আছিল কোষাধ্যক্ষ, বাণিজ্যসচিব, পুলিচ বাহিনীৰ অধিকৰ্ত্তা, ভাট বা ৰজাৰ প্ৰশস্তি গায়ক আদি। বিজয়নগৰৰ ৰাজসভা বহু সংখ্যক পণ্ডিত, পুৰোহিত, সাহিত্যিক, জ্যোতিষী আৰু সঙ্গীতজ্ঞই অলঙ্কৃত কৰিছিল।

বিজয়নগৰ সাম্ৰাজ্য প্ৰায় দুশখন বিভক্ত আছিল। প্ৰদেশবোৰ, আকৌ জিলা(ভেংটি), মহকুমা(নাডু), পৰগণা(সীম), গ্ৰাম আৰু স্থল আদি সৰু সৰু ভাগত বিভক্ত কৰা হৈছিল। প্ৰত্যেকখন প্ৰদেশু একোজন ৰাজ প্ৰতিনিধিৰ অধীনত আছিল। এওঁলোকক নায়ক বোলা হৈছিল। ৰাজপৰিয়ালৰ লগত সম্বন্ধ থকা ব্যক্তি নাইবা অভিজাত শ্ৰেণীৰ পৰা নায়কসকলক নিযুক্তি দিয়া হৈছিল। গৱৰ্ণৰসকলো কিছুমান ক্ষমতাৰ অধিকাৰী আছিল। তেওঁলোকে তেওঁলোকৰ সৈন্যবাহিনী নিজেই মকৰল কৰিছিল আৰু প্ৰয়োজন অনুসৰি ৰজাক সহায় কৰিছিল। তেওঁলোকে ৰাজভঁড়াললৈ ৰাজহৰ অংশ নিদি বছৰি কৰ হিচাপেহে কিবা এটা দিছিল।

বিজয়নগৰৰ গ্ৰাম্য শাসনব্যৱস্থাত স্বায়ত্তশাসনৰ সুযোগ আছিল। গ্ৰাম্য সভাৰ হাতত পুলিচ, বিচাৰ আৰু শাসন সংক্ৰান্ত যাবতীয় কামৰ দায়িত্ব ন্যস্ত আছিল। গাঁৱত পহৰা দিয়াৰ ব্যৱস্থা আছিল। বাট-পথ, পুল আদি নিৰ্মাণ আৰু মেৰামত কৰিবৰ কাৰণে বাধ্যতামূলকভাৱে শ্ৰম দান কৰাৰ প্ৰথা আছিল। মহানায়কাচাৰ্য্য নামৰ একশ্ৰেণী বিষয়াই গ্ৰাম্য শাসন আৰু কেন্দ্ৰীয় শাসনৰ মাজত যোগাযোগ ৰক্ষা কৰিছিল।

চৰকাৰী আয়ৰ প্ৰধান উৎস আছিল ভূমিৰ পৰা সংগৃহীত হোৱা ৰাজহ। উৰ্বৰা মাটি, জলাকীৰ্ণ মাটি আদি বিভিন্ন পৰ্য্যায়ত মাটি ভাগ কৰি ৰাজহ নিৰ্দ্ধাৰণ কৰা হৈছিল। সাধাৰণতে উৎপন্ন বস্তুত ১/৬ ভাগ ৰাজহ হিচাপে ধাৰ্য্য হৈছিল। অৱশ্যে প্ৰয়োজন হ’লে ৰাজহ বৃদ্ধি কৰা হৈছিল। ভূমি ৰাজহৰ উপৰিও কৃষকে চৰণীয়া পথাৰৰ কৰ, বিবাহ কৰ আদি দিবলগীয়া হৈছিল। ইয়াৰ উপৰিও শুল্ক, পথ কৰ, গণিকা, কাৰিকৰ, ধোৱা, নাপিত, কুমাৰ, মুচি আদিয়ে দিয়া কৰৰ দ্বাৰাও ৰাষ্ট্ৰৰ আয় হৈছিল। গছৰোৱা, বাগিচা কৰা আদিৰ কাৰণেও ৰাজহ দিবলগীয়া হৈছিল। ৰাজহ বা কৰ নগদধনেৰে বা শস্যৰদ্বাৰাও দিয়াৰ নিয়ম আছিল। ভূমি ৰাজহ ব্যৱস্থাটো ‘অথভানে’ নামৰ এটা বিভাগৰ অধীনত ৰখা হৈছিল। প্ৰাদেশিক শাসনকৰ্ত্তা সকলে আৰু ৰাজহ সংগ্ৰহকাৰী কৰ্মচাৰীসকলে প্ৰায়েই প্ৰজাৰ পৰা অবৈধভাৱে অৰ্থো সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছিল। অৱশ্যে চৰকাৰৰ দৃষ্টিগোচৰ কৰিলে ইয়াৰ প্ৰতিকাৰৰ যথাবিহীত ব্যৱস্থা কৰা হৈছিল।

মধ্য প্ৰাচ্যৰ সৈতে এটা লাভজনক ব্যৱসায় গঢ় লৈ উঠিছিল আৰু তাৰ ফলত ৰাষ্ট্ৰৰ আয় বৃদ্ধি হৈছিল। সাগৰৰ উপকূলেদি বহিৰ্বাণিজ্য আৰু অন্তৰ্বাণিজ্য গঢ় লৈ উঠাৰ ফলত বিজয়নগৰ সাম্ৰাজ্য সমৃদ্ধিশালী হৈছিল।

সম্ৰাট সৰ্বোচ্চ বিচাৰক আছিল আৰু তেওঁৰ অধীনত বহু সংখ্যক বিচাৰালয় আৰু বিচাৰপতি আছিল। ৰজা পবা প্ৰধানমন্ত্ৰীৰ ওচৰত আবেদন কৰাৰ সুবিধা আছিল আৰু গুণাগুণ বিচাৰ কৰি আবেদন পত্ৰবোৰ বিচাৰ কৰা হৈছিল। “চিভিল কেচ”বোৰ হিন্দু আইন আৰু প্ৰচলিত ৰীতিনীতি অনুযায়ী বিচাৰ কৰা হৈছিল। গোচৰৰ নথীপত্ৰবোৰত সাক্ষীয়ে চহীকৰাৰ নিয়ম আছিল। আইন ভঙ্গকাৰীসকলক জৰিমনা কৰা হৈছিল। ফৌজদাৰী গোচৰত(criminal case) বিচাৰব্যৱস্থা কঠোৰ আছিল। সত্য উদঘাটনৰ কাৰণে শাৰীৰিক শাস্তি প্ৰদান কৰা হৈছিল। চুৰি, বিশ্বাসঘাটকতা আৰু ব্যভিচাৰৰ কাৰণে মৃত্যুদণ্ড দিয়া হৈছিল নাইবা অঙ্গ ক্ষত কৰা হৈছিল। জাতিগত বিৰোধে দেখা দিলে ‘নায়ক’, মহকুমাধিপতি আদিয়ে দুয়োপক্ষক বুজাই বঢ়াই বিৰোধ আঁতৰ কৰাৰ কাৰণে যত্ন কৰিব লাগিছিল। বিৰোধত লিপ্ত থকা পক্ষ মান্তি নহ’লে নায়কপ মহকুমাধিপতিয়ে শাস্তি প্ৰদান কৰিব পাৰিছিল।

আভ্যন্তৰীণ বিশৃঙ্খলতা আৰু বহিৰাগত আক্ৰমণৰ পৰা দেশ ৰক্ষা কৰিবৰ কাৰণে বিজয়নগৰ সাম্ৰাজ্যত এটা বিশাল সৈন্যবাহিনী গঠন কৰা হৈছিল। কৃষ্ণদেৱ ৰায়ে ১৫২০ চনৰ যুদ্ধত ৭,০৩,০০০ পদাতিক সৈন্য, ৩২,৬০০ অশ্বাৰোহী সৈন্য আৰু ৫৫১টা হাতী নিয়োগ কৰিছিল বুলি পৰ্য্যটক পায়েচে মত প্ৰকাশ কৰিছে। অৱশ্যে ইয়াত কিছু আতিশয্যও থাকিব পাৰে। পদাতিক, অশ্বাৰোহী, গোলন্দাজ বাহিনী উষ্ট্ৰ বাহিনী(camel) আৰু হস্তিবাহিনীৰে বিজয়নগৰ সাম্ৰাজ্যৰ বিশাল সৈন্যবাহিনী গঠিত হৈছিল। মুছলমান সৈন্যৰ তুলনাত বিজয়নগৰৰ সৈন্যবাহিনী শক্তি, ধৈৰ্য্য সহিষ্ণুতা সকলো ক্ষেত্ৰতে নিম্নমানৰ আছিল। হস্তিবাহিনীৰ ওপৰত অধিক আস্থা ৰখা হৈছিল। কিন্তু কাড়ীসৈন্য আৰু গোলন্দাজ বাহিনীৰ সন্মুখত হস্তিবাহিনী কামত অহা নাছিল। সামৰিক ব্যৱস্থাটো “কন্দাচৰ” নামৰ বিভাগৰ অধীনত আছিল। ইয়াৰ মুৰব্বীজনক ‘দণ্ড নায়ক’ বোলা হৈছিল।

বিজয়নগৰ সাম্ৰাজ্যৰ ৰজাসকল বিষ্ণু উপাসক আছিল। তেওঁলোকে ধৰ্মৰ ক্ষেত্ৰত সহিষ্ণুতাৰ নীতি অৱলম্বন কৰিছিল। প্ৰত্যেক ধৰ্মৰ লোকেই নিজৰ নিজৰ পদ্ধতিৰে উপাসনা কৰি ভগৱান প্ৰাপ্তিৰ কাৰণে যত্ন কৰিব পাৰিছিল- “The King allows such freedom that every man may come and go and live according to his own creed without suffering any annoyance and without inquiry whether he is a Christian, a Jaw, a Moor or a Hindu”. হিন্দু ধৰ্মৰ প্ৰাধান্য আছিল যদিও বৌদ্ধ আৰু জৈন ধৰ্মাৱলম্বী লোকো আছিল। ইয়াৰ উপৰিও খৃষ্টান, ইহুদী, আফ্ৰিকাবাসী মুছলমান মানুহো নিৰ্বিবাদে বাস কৰিছিল।

সমাজ জীৱন(Social Life):

সমসাময়িক লিপি(inscription) আৰু সাহিত্যৰ পৰা জনা যায় যে বিজয়নগৰ সাম্ৰাজ্যৰ সমাজত ব্ৰাহ্মণৰ স্থান উচ্চ আছিল আৰু ব্ৰাহ্মণসকল সন্মানৰ অধিকাৰী আছিল। ৰাজনীতিটো ব্ৰাহ্মণসকলে প্ৰভাৱ বিস্তাৰ কৰিছিল বুলি কোৱা হয়। নুনিজৰ মতে ব্ৰাহ্মণসকল সাধু প্ৰকৃতিৰ লোক আছিল আৰু তেওঁলোকে কঠোৰ কাম কৰিব নোৱাৰিছিল। স্ত্ৰীজাতিয়ে সকলোক্ষেত্ৰতে পুৰুষৰ সৈতে সমানে অংশ গ্ৰহণ কৰিছিল। সমাজত স্ত্ৰী জাতিৰ সন্মান আছিল। গণনা, শিল্প, সঙ্গীত, শিক্ষা আনকি মল্ল যুদ্ধটো স্ত্ৰী জাতিয়ে দক্ষতাৰ পৰিচয় দিছিল। পৰ্টুগীজ পৰ্য্যটক নুনিজৰ মতে ৰাজপ্ৰসাদৰ ভিতৰত যাবতীয় খৰচপাতিৰ হিচাপ ৰাখিবলৈ স্ত্ৰীলোকক নিযুক্তি দিয়া হৈছিল। স্ত্ৰী জ্যোতিষীৰ সংখ্যাও যথেষ্ট আছিল। ৰাজপত্নীসকল সঙ্গীতশাস্ত্ৰত পাৰদৰ্শিনী আছিল। আব্দুৰ ৰাজাকে চহৰত বেশ্যালয় থকাৰ কথা উল্লেখ কৰিছে।

ব্ৰাহ্মণসকল নিৰামিষভোজী আছিল। অন্যান্য শ্ৰেণীৰ মানুহে ষাড় গৰু আৰু গাইগৰুৰ মাংসৰ বাহিৰে সকলো প্ৰকাৰৰ মাংস খাইছিল। বিজয়নগৰবাসীয়ে মাছ খাই ভাল পাইছিল। অনাৰ্য্য মেকুৰী, জেঠী আদিৰ মাংখও খাইছিল। বজাৰত সকলো বস্তু জীয়াই জীয়াই বেচাৰ নিয়ম আছিল যাতে গ্ৰাহকে কি কিনিছে সেইটো জানিব পাৰে। উৎসৱৰ সময়তো জীৱজন্তু বধ কৰা হৈছিল।

সাংস্কৃতিক জীৱন(Cultural life):

সাহিত্য:

বিজয়নগৰ সাম্ৰাজ্য হিন্দু সাহিত্য আৰু সাংস্কৃতিৰ উৎকৰ্ষৰ কাৰণে খাতি অৰ্জন কৰিছিল। বিজয়নগৰ সাম্ৰাজ্যৰ সংস্কৃতি “Synthesis of South Indian culture” বুলি কোৱা হয়। এই সাম্ৰাজ্যৰ সম্ৰাটসকলৰ পৃষ্ঠপোষকতাত সংস্কৃত, তেলেগু, তামিল আৰু কানাড়ীভাষাৰ উন্নতি সাধন হৈছিল। বেদৰ বিখ্যাত ভাষ্যকাৰ সায়ন আৰু তেওঁৰ ভায়েক মাধৱবিদ্যাৰণ্যই বিজয়নগৰ সাম্ৰাজ্য স্থাপনৰ ক্ষেত্ৰত প্ৰেৰণা যোগাইছিল। বিদ্বান সঙ্গীতজ্ঞ, দাৰ্শনিক আৰু গুণী ব্যক্তিসকলক সম্ৰাটসকলে মুক্তহস্তে দান দিছিল। আঠজন খ্যাতনামা কবিয়ে কৃষনদেৱৰ ৰাজসভা সুশোভিত কৰিছিল। পেড্ডন আছিল কৃষ্ণদেৱৰায়ৰ ৰাজকবি। কৃষ্ণদেৱ ৰাজ নিজেও এজন সুসাহিত্যিক আছিল। তেওঁ “আমুক্ত মাল্যদা” নামৰ এখন উৎকৃষ্ট গ্ৰন্থ প্ৰণয়ন কৰিছিল। ৰাজপৰিবাৰ আৰু ৰাজকৰ্মচাৰীসকলৰ ভিতৰতো ভালেমান সুসাহিত্যিক আছিল। সঙ্গীত, নৃত্য, নাটক, তৰ্কশাস্ত্ৰ, দৰ্শন আদি বিষয়ৰ ওপৰত ভালেমান পুথি ৰচিত হৈছিল। দক্ষিণভাৰতীয় কৃষ্টিয়ে বিজয়নগৰ সাম্ৰাজ্যত চৰম অভিব্যক্তি লাভ কৰিছিল।

শিল্প:

স্থাপত্যশিল্পত বিজয়নগৰে উৎকৰ্ষ লাভ কৰিছিল। কৃষ্ণদেৱৰ ৰাজত্বকালত নিৰ্মিত ‘হাজাৰ মন্দিৰ’ হিন্দু স্থাপত্যশিল্পৰ সুন্দৰ নিদৰ্শন। এই মন্দিৰটো আছিল- “one of the most perfect specimens of Hindu temple architecture in existence”. ‘বিঠলস্বামী’ মন্দিৰটোৱে বিজয়নগৰৰ স্থাপত্যশিল্পৰ উৎকৰ্ষতাৰ সাক্ষ্য বহন কৰি আছে। Fergusson-ৰ মতে এই মন্দিৰটোৱে “Shows the extreme limit in florid magnificence to which the style advanced’.

বিজয়নগৰ সাম্ৰাজ্যৰ সম্ৰাটসকলে চিত্ৰশিল্পৰ পৃষ্ঠপোষকতা কৰিছিল। বিজয়নগৰৰ চিত্ৰশিল্পই যথেষ্ট উন্নতি সাধন কৰিছিল। কৃষ্ণদেৱৰায় আৰু ৰামৰায় সঙ্গীৰবিদ্যাত পাৰদৰ্শী আছিল। জনসাধাৰণক আনন্দ দান কৰাৰ উদ্দেশ্যেৰে অভিনয়ৰ ব্যৱস্থা কৰা হৈছিল।

অৰ্থনৈতিক অৱস্থা(Economic Condition):

বিজয়নগৰ সাম্ৰাজ্য চহকী আছিল। বিদেশী পৰ্য্যটকসকলে বিজয়নগৰৰ সম্পদ আৰু জাকজমকতাৰ ভূয়সী প্ৰশংসা কৰিছে। সমাজৰ সকলো শ্ৰেণীৰ লোকেই নাক, কাণ আৰু হাতত অলঙ্কাৰ পিন্ধিছিল। বিজয়নগৰবাসীয়ে মূল্যবান পাথৰ, ৰেশম, কাফুৰ, চন্দন, জালুক, সেন্দুৰ, কস্তুৰী আদিৰ ব্যৱসায় কৰিছিল। কৃষি, শিল্প, ব্যৱসায় আৰু বাণিজ্য অৰ্থনৈতিক উন্নতিৰ আধাৰ আছিল। সম্ৰাটসকলে শিল্পৰ(industry) পৃষ্ঠপোষকতা কৰিছিল। বহিৰ্বাণিজ্যিৰ প্ৰসাৰ ঘটিছিল। কালিকট বিজয়নগৰৰ এটা প্ৰখ্যাত বন্দৰ আছিল। কালিকটৰ উপৰিও আৰু তিনিশটা বন্দৰ আছিল বুলি আব্দুৰ ৰাজাকে মত প্ৰকাশ কৰিছে। বিজয়নগৰৰ পৰা চাউল, কাপোৰ, লোহা, চেনি, মছলা আৰু যখাৰ(saltpetra) ৰপ্তানি কৰা হৈছিল আৰু ঘোঁৰা, হাতী, মণিমুক্তা, তাম, পোৱাল, পাৰা(mercury) চীনদেশীয় শিল্প আৰু ভেলভেট আমদানি কৰা হৈছিল। মালদ্বীপত সাগৰীয় জাহাজ সজা হৈছিল। বিজয়নগৰৰ সাগৰীয় জাহাজ নিৰ্মাণ কৰা কৌশলটো বেচ জনাজাত আছিল। ৰজাই সোণ, ৰূপ আৰু তামৰ মুদ্ৰা বনাইছিল। সেই মুদ্ৰাবোৰত বিভিন্ন ঈশ্বৰ আৰু জীৱজন্তুৰ ছবি অঙ্কিত কৰা হৈছিল।

বিজয়নগৰ সাম্ৰাজ্যৰ শাসনব্যৱস্থা আছিল সুষ্ঠ আৰু সুসংহত। কিন্তু প্ৰাদেশিক শাসনকৰ্তা সকলে স্বাধীনতা ভোগ কৰাৰ সুবিধা পাইছিল কাৰণে কেন্দ্ৰীয় শাসন দুৰ্বল হৈ পৰিলেই প্ৰাদেশিক শাসনকৰ্তা সকলে তাৰ সুবিধা গ্ৰহণ কৰিছিল। তদুপৰি নিৰবচ্ছিন্ন বাণিজ্যবিস্তাৰৰ সুযোগ সম্ৰাটসকলে গ্ৰহণ কৰিব পৰা নাছিল- Dr. Aiyangar-ৰ মতে – “The failure proved a vital defect in the imperial carrers of Vijaynagar and made a permanent Hindu empire inpossible. বিজয়নগৰৰ পতনৰ ক্ষেত্ৰত এই দুটা ক্ৰুটি পৰিলক্ষিত হয়।

বিজয়নগৰ সাম্ৰাজ্যৰ উত্থান দক্ষিণভাৰতৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ ঘটনা। কাৰণ তিনি শতাব্দী ধৰি বিজয়নগৰে মুছলমান আক্ৰমণৰ পৰা হিন্দুধৰ্ম আৰু সংস্কৃতি ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। দাক্ষিণাত্যত দিল্লীৰ চুলতান সকলৰ প্ৰাধান্য হ্ৰাস পাই অহাৰ সুযোগ লৈ বাহমনী-ৰাজ্যই মুছমানৰ প্ৰাধান্য বিস্তাৰৰ কাৰণে যি যত্ন কৰিছিল বিজয়নগৰে সেই যত্ন ব্যৰ্থ কৰি দিছিল। বিজয়নগৰ সাম্ৰাজ্যই “Served a historical purpose by acting as a champion of Hindu religion and culture against the aggressions of the Muslims in Southern India”.

বিদেশী পৰ্যটকসকলৰ বৰ্ণনা(Foreign Traveller’s Account):

বিজয়নগৰ সাম্ৰাজ্যলৈ ইটালী পৰিব্ৰাজক নিক’ল কন্টি, পাৰস্যৰ পৰ্য্যটক আবদুৰ ৰাজাক, পৰ্টুগীজ পৰ্য্যটক পায়েজ আৰু নূনিজ আহিছিল। তেওঁলোকৰ বৰ্ণনাৰ পৰা বিজয়নগৰ সাম্ৰাজ্যৰ সম্পদ, সমৃদ্ধি আৰু সংস্কৃতিৰ বিষয়ে জানিব পাৰি।

নিক’ল কন্টিয়ে(১৪২০) বিজয়নগৰৰ সম্ৰাটক ভাৰতৰ শ্ৰেষ্ঠ সম্ৰাট বুলি বৰ্ণনা কৰিছে। আবদুৰ ৰাজাকে(১৪৪২-৪৩) বিজয়নগৰৰ সমৃদ্ধিৰ কথা উল্লেখ কৰিবলৈ গৈ কৈছে যে বিজয়নগৰৰ অগণন অধিবাসীৰ প্ৰত্যেকেই মণিমুক্তাৰ অলঙ্কাৰ পিন্ধিছিল। ৰাজভঁৰালত বহুত সোণ আৰু মণিমুক্তা জমা হৈ আছিল। ৰাজকোষৰ এটা বিৰাট গহ্বৰ সোণেৰে পৰিপূৰ্ণ হৈ আছিল। পৰ্টুগীজ পৰ্য্যটক ডমিনিগো পায়েজেও ৰাজকোষৰ ঐশ্বৰ্য্যৰ প্ৰায় একেধৰণৰ বৰ্ণণাই দিছে। তেওঁ বিজয়নগৰৰ বিশাল সৈন্যবাহিনী আৰু হস্তিবাহিনীৰ কথা উল্লেখ কৰিছে। খাদ্যসামগ্ৰীৰ প্ৰাচুৰ্য্যৰ কথা উল্লেখ কৰি পায়েজে কৈছে যে “বিজয়নগৰ পৃথিৱীৰ সৰ্বাপেক্ষা খাদ্যদ্ৰব্য সমৃদ্ধ নগৰী”। অন্যান্য এজন পৰ্য্যটক এডোয়াৰ্ড বাৰবোসাই(Edoardo Barbosa) কৈছে যে বিজয়নগৰ অত্যন্ত ঘনবসতিপূৰ্ণ জনবহুল নগৰ আছিল। তেওঁৰ মতে ব্যৱসায়ীসকলে পেগুৰ পৰা হীৰা, বাখৰ আদি আমদানি কৰিছিল চীন আৰু আলেকজান্দ্ৰিয়াৰ পৰা ৰেশম, মালৱাৰৰ পৰা কাফুৰ, জালুক, সেন্দূৰ, কস্তুৰী, চন্দন আদি আমদানি কৰিছিল। তেওঁ আৰু উল্লেখ কৰিছে যে বিজয়নগৰ ব্যৱসায় বাণিজ্যৰ সমৃদ্ধিশালী কেন্দ্ৰ আছিল।

বিজয়নগৰ সাম্ৰাজ্যৰ সকলো ঠাইতে কৃষিৰ উন্নতি সাধন হৈছিল। বিজয়নগৰ সাম্ৰাজ্য জনগণৰ সমৃদ্ধিৰ ভেটি আছিল। ৰাষ্ট্ৰৰদ্বাৰা জলসিঞ্চন ব্যৱস্থাৰ সুবিধা কৰি দিয়া হৈছিল। বস্ত্ৰশিল্প, মৃৎশিল্প, ধাতুশিল্প, খনিশিল্প আদি বিজয়নগৰৰ প্ৰধান শিল্প আছিল। ব্যৱসায়ী সকলৰ আৰু বিভিন্ন শিল্পৰ শিল্পব্যৱসায়ীসকলৰ বেলেগ বেলেগ সঙঘ আছিল(Guild)। আব্দুৰ ৰাজাকৰ বৰ্ণনাৰ পৰা জনা যায় যে বিজয়নগৰত সৰু ডাঙৰ তিনিশটা বন্দৰ আছিল। মালাৱাৰ উপকূলৰ শ্ৰেষ্ঠ বন্দৰ আছিল কালিকট। এই বন্দৰবোৰৰ জৰিয়তে বণিকসকলে ব্ৰহ্মদেশ, মালয় দ্বীপপুঞ্জ, চীন, পাৰস্য, আৰব, দক্ষিণ আফ্ৰিকা, আবিসিনিয়া, পৰ্টুগাল আদি দেশৰ সৈতে বেহাবেপাৰ কৰিছিল। মালদ্বীপত সাগৰীয় জাহাজ নিৰ্মাণ কৰা হৈছিল। বিজয়নগৰৰ পৰা লোহা, চাউল, চেনি, মচলা, কাপোৰ আদি ৰপ্তানি কৰা হৈছিল আৰু বিদেশৰ পৰা হাতী, ঘোঁৰা, প্ৰবাল, তাম, মখমল, ৰেশম আদি আমদানি কৰা হৈছিল। বিদেশী পৰ্যটকৰ পৰা অনুমান কৰিব পাৰি যে জনসাধাৰণৰ জীৱনযাত্ৰাৰ মান উন্নত হৈছিল। দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য কম আছিল। সোণ, ৰূপ আৰু তামৰ দ্বাৰা প্ৰস্তুত মুদ্ৰা, বিনিময়ৰ মাধ্যম হিচাপে প্ৰচলিত হৈছিল।

অন্যান্য ৰাজ্যসমূহ(other kingdoms):

 

বিজয়নগৰৰ উপৰিও অন্যান্য ৰাজ্যসমূহ আছিল, উৰিষ্যা, মেৱাৰ, সিন্ধুৰাজ্য আৰু কামৰূপ। ১৪৯৮ চনত কামৰূপ ৰাজ্য বঙ্গদেশৰ স্বাধীন চুলতান হুচেন শ্বাহৰ অধীনলৈ আহিছিল যদিও অলপদিনৰ পিছতে সিন্ধুয়ে স্বাধীনতা ঘোষণা কৰিছিল। ১৫৩০ চনত সিন্ধুত আৰঘুন বংশ প্ৰতিষ্ঠা কৰা হয়। আলাউদ্দিন খিলজিয়ে মেৱাৰৰ ৰাজধানী চিতোৰ আক্ৰমণ কৰি সফলতা লাভ কৰিছি। হামীৰদেৱে পুনৰ চিতোৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। হামীৰদেৱৰ মৃত্যুৰ পিছত ৰাণা কুম্ভ ৰজা হৈছিল। তেওঁ মালাৱৰ চুলতানক শোচনীয়ভাৱে পৰাজিত কৰিছিল। ওচৰচুবুৰীয়া মুছলমান ৰাজ্যবোৰৰ নৃপতিসকলৰ মেৱাৰ জয় কৰিবলৈ পৰা প্ৰচেষ্টা তেওঁ ব্যৰ্থ কৰিছিল। তেওঁ মেৱাৰৰ নিৰাপত্তাৰ কাৰণে ৩২টি দুৰ্গ নিৰ্মাণ কৰিছিল। এইবোৰৰ ভিতৰত কুণ্ডলগৰৰ দুৰ্গটো প্ৰধান আছিল। ৰাণাকুম্ভ এজন সুসাহিত্যিক আছিল। তেওঁৰ নিৰ্দেশত নিৰ্মাণ কৰা জয়স্তম্ভ স্থাপত্য শিল্পৰ অপূৰ্ব নিদৰ্শন। ৰাণাকুম্ভক তেওঁৰ নিজৰ পুতেক উদয়কৰণে নিহত কৰে। পিতৃহত্যাকাৰী উদয়কৰণক ৰাজপুতসকলে ৰাণা নেপাতি উদয়কৰণৰ কনিষ্ঠ ভায়েক ৰায়মল্লক ৰাণা পাতিলে। ৰায়মল্লৰ মৃত্যুৰ পিছত ৰাণাসঙ্গ বা সংগ্ৰামসিংহ মেৱাৰৰ সিংহাসনত আৰোহণ কৰে। তেওঁ ৰাজত্বকাল মেৱাৰৰ বুৰঞ্জীৰ গৌৰৱ উজ্জ্বল অধ্যায়। সংগ্ৰামসিংহই গুজৰাট, দিল্লী, মালৱ আদি ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ কৰি বীৰত্বৰ পৰিচয় দিছিল। দিল্লী চুলতানৰ পতনৰ পিছত ভাৰতত ৰাজপুত প্ৰাধান্য বিস্তাৰৰ কাৰণে সংগ্ৰামসিংহ বা ৰাণাসিংহই অশেষ যত্ন কৰিছিল। সেই কাৰণে তেওঁ সৈন্যবাহিনীৰ সংখ্যা বৃদ্ধি কৰিছিল। পাণিপথৰ যুদ্ধত বাবৰে জয়লাভ কৰাৰ পিছত স্বাভাৱিকতেই তেওঁৰ সংগ্ৰাহসিংহৰ সৈতে যুদ্ধ হৈছিল। ১৫২৭ চনত সংগ্ৰামসিংহ আৰু বাবৰৰ মাজত খুনৱা নামে ঠাইত যুদ্ধ হয়। সংগ্ৰামসিংহ যুদ্ধত পৰাজিত হয়। এই যুদ্ধত পৰাজয়ৰ লগে লগেই ভাৰতবৰ্ষত ৰাজপুত প্ৰাধান্য স্থাপনৰ আশা চিৰকালৰ কাৰণে লোপ পালে।

উৎস:ভাৰত বুৰঞ্জী।

 

 

2.85294117647
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top