অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গুপ্তবংশ

গুপ্তবংশ

গুপ্তবংশ, আদি বাসস্থান

কোনো ঐতিহাসিকৰ মতে গুপ্তসকল জাট বংশৰ আছিল। এওঁলোক ‘ধাৰণ গোত্ৰ’ৰ মানুহ। জাটসকলৰ ‘ধাৰী’ৰ শুদ্ধ সংস্কৃত উচ্চাৰণ ‘ধাৰণ’ বুলি বহুতে ক’ব খোজে। গতিকে পঞ্জাৱৰ জাটসকলৰ সৈতে গুপ্তসকলৰ সম্পৰ্ক আছিল। জাটসকল শুদ্ৰ আছিল। আনহাতেদি পাঞ্জোভ তাম্ৰলিপিত গুপ্তসকলে নিজকে ক্ষত্ৰিয় বুলি পৰিচয় দিছে। সেদৰে গুপ্তসকলৰ আদি বাসস্থান সমৰ্কেও মতভেদ আছে। কাৰোমতে গুপ্তসকলৰ আদি বাসস্থান আছিল বংগদেশ, কাৰো মতে মগধ। জয়সোয়ালৰ মতে প্ৰয়াগ বা এলাহাবাদ গুপ্তসকলৰ আদি বাসস্থান আছিল। ই-সিং নামৰ এজন চীনা পৰিব্ৰাজকে ৬৭৫-৯৫ খ্ৰী:ত ভাৰত পৰিভ্ৰমণ কৰিছিল। তেওঁৰ মতে শ্ৰী গুপ্ত নামৰ ৰজা এজনে মৃগশিখাবনত (মি-লি-কিয়া-সি-কিয়া-পো-নো) এটা মন্দিৰ নিৰ্মাণ কৰিছিল। ই-সিংৰ মতে এই ঠাইটুকুৰা নালন্দাৰ পূবপিনে ২৪০ মাইল দূৰত অবস্থিত। পণ্ডিতসকলে অনুমান কৰি কৈছে যে এই ঠাইটুকুৰা মালদহ হ’ব। গতিকে গুপ্তসকলৰ আদি বাসস্থান মালদহ হ’ব। সম্ভৱ শ্ৰীগুপ্তই ১৭৫ খ্ৰী:ত ৰাজত্ব কৰিছিল। ই-সিং সপ্তম শতাব্দীত আহিছিল যদিও তেওঁ আগৰ ৫০০ বছৰৰো কিংবদন্তী লিপিবদ্ধ কৰিছিল। সমসাময়িক লিপিৰ পৰা জনা যায় যে মগধত মহাৰাজগুপ্ত নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল। মহাৰাজগুপ্তৰ পিছত ৰজা হৈছিল ঘটোত্‌কচগুপ্ত। ঘটোত্‌কচ গুপ্তলৈকে গুপ্ত ৰজাসকল হয়তো স্বাধীন ৰজা নাছিল। সম্ভৱ তেওঁলোক সামন্ত ৰজা আছিল।

প্ৰথম চন্দ্ৰগুপ্ত

ঘটোত্‌কচ গুপ্তৰ মৃত্যুৰ পিছত তেওঁৰ পুতেক প্ৰথম চন্দ্ৰগুপ্ত ৰজা হয়। প্ৰথম চন্দ্ৰগুপ্ত গুপ্ত বংশৰ প্ৰথম স্বাধীন ৰজা। শক-মুৰণ্ডসকলক পৰাস্ত কৰি মগধ জয় কৰাৰ পিছত তেওঁ মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল। প্ৰথম চন্দ্ৰগুপ্তৰ কৃতিত্ব আছিল যে তেওঁ গুপ্তৰাজ্যৰ নিচিনা এখন আঞ্চলিক ৰাজ্যক সাম্ৰাজ্যৰ মৰ্য্যাদা প্ৰদান কৰিছিল। প্ৰথম চন্দ্ৰগুপ্তই কোশল আৰু কোশম্বী অধিকাৰ কৰি ৰাজ্য বিস্তাৰ কৰে। তেওঁ মগধ ৰাজ্যও জয় কৰিছিল। কৌমুদী মহোত্‌সৱ নাটকত থকা বিৱৰণ মতে সেইসময়ত মগধত সুন্দৰ বৰ্মন নামৰ ৰজা এজনে ৰাজত্ব কৰিছিল। কোনো কোনোৰ মতে মগধত শক-মুৰণ্ড সকলেহে ৰাজত্ব কৰিছিল। আৰ.জি. বসাকৰ মতে প্ৰথম চন্দ্ৰগুপ্তই পুণ্ড্ৰবৰ্ধন (উত্তৰবংগ) জয় কৰিছিল। এই বিষয়ে অৱশ্যে মতবিৰোধ আছে। যি কি নহওক উত্তৰ প্ৰদেশ আৰু মগধ প্ৰথম চন্দ্ৰগুপ্তই জয় কৰাটো নিশ্চিত। উত্তৰ প্ৰদেশৰ পুব ভাগ, বিহাৰ আৰু পশ্চিমবংগলৈকে প্ৰথম চন্দ্ৰগুপ্তৰ ৰাজ্য বিস্তৃত আছিল। চন্দ্ৰগুপ্তই বৈবাহিক নীতিৰ দ্বাৰা নিজ শক্তি আৰু মৰ্য্যাদা বৃদ্ধি কৰিবলৈ যত্ন কৰিছিল। তেওঁ বৈশালীৰ লিচ্ছবি ৰাজকন্যা কুমাৰদেৱীক বিয়া কৰাই সন্মান আৰু প্ৰতিপত্তি দুয়োটাই পাইছিল। এই বিয়াৰ পিছত তেওঁৰ ভাগ্য উদয় হৈছিল কাৰণে তেওঁৰ মুদ্ৰাত লক্ষ্মীৰ ছাপমূৰ্তিৰ তলত ‘লিচ্ছৰায়’ কথাটো উল্লেখ কৰিছিল।

সমুদ্ৰগুপ্ত

নিজৰ পুতেকসকলৰ ভিতৰত যোগ্য বুলি বিবেচনা কৰি প্ৰথম চন্দ্ৰগুপ্তই তেওঁৰ পুতেকসকলৰ ভিতৰত সমুদ্ৰগুপ্তক মনোনীত কৰি গৈছিল। ইয়াৰ ফলত সিংহাসনত আৰোহণ কৰাৰ কথাটো লৈ গৃহযুদ্ধ হৈছিল আৰু শেষত সমুদ্ৰগুপ্তই জয়লাভ কৰিছিল। এইটো কোৱা হয় যে সমদ্ৰুগুপ্তৰ তেওঁৰ ডাঙৰ ককায়েকৰ সৈতে সংঘৰ্ষ হয়।  ডাঙৰ ককায়েকৰ নাম আছিল ‘কচ’। অৱশ্যে ‘কচ’ৰ সৈতে সমুদ্ৰগুপ্তৰ এই সংঘৰ্ষ ভিত্তিহীন বুলি বহুতে কব খোজে। কাৰণ তেওঁলোকৰ মতে সমুদ্ৰগুপ্তৰেই অইন এটা নাম আছিল ‘কচ’। সমুদ্ৰগুপ্তৰ মুদ্ৰাত ‘কচ’ নামটো আছিল। অৱশ্যে প্ৰশ্ন হয় যে সমুদ্ৰগুপ্তই নিজৰ নামত মোহৰ নামাৰি অইনৰ নামত কিয় মোহৰ মৰাইছিল। সমুদ্ৰগুপ্ত আছিল লিচ্ছবি ৰাজকন্যাৰ পুতেক। সমুদ্ৰগুপ্তৰ মুদ্ৰা, মধ্য প্ৰদেশৰ এৰণ লিপি, গয়া আৰু নালন্দা লিপি আৰু এলাহাবাদ প্ৰশস্তিৰ পৰা সমুদ্ৰগুপ্তৰ ৰাজসভাৰ কবি হৰিষেনে। এলাহাবাদ প্ৰশস্তি আংশিক গদ্য আৰু আংশিক পদ্যত ৰচনা কৰা হৈছিল। বহুতে ভাবে যে যিহেতুকে এলাহাবাদ প্ৰশস্তি সমুদ্ৰগুপ্তৰ সভাৰ কবিজনে ৰচনা কৰিছিল সেই হেতুকে হয়তো ইয়াত অতিশয়োক্তি আছিল।

ৰাজ্য জয়

সমুদ্ৰগুপ্তই গোটেই ভাৰতবৰ্ষক একত্ৰিত কৰাৰ উদ্দেশ্যৰে দ্বিগীজয়ৰ পাতনি মেলিছিল। তেওঁ আৰ্যাৱৰ্ত, দাক্ষিণাত্য, মধ্য ভাৰতৰ আটবিক ৰাজ্য আৰু নিজৰ ৰাজ্যৰ সীমান্তবৰ্তী প্ৰজাতান্ত্ৰিক আৰু ৰাজতান্ত্ৰিক দেশসমূহৰ বিৰুদ্ধে যুদ্ধযাত্ৰা আৰম্ভ কৰিছিল। প্ৰথমে তেওঁ আৰ্যাবৰ্তৰ ৰজা ৰুদ্ৰদেৱ, নাগদত্ত, নাগসেন, গণপতি, নাগ, নন্দী মতিল, অচ্যুত, বলবৰ্মন, চন্দ্ৰবৰ্মন আদিক সম্পূৰ্ণভাৱে পৰাস্ত কৰি সমগ্ৰ আৰ্যাবৰ্ত নিজ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰে ‘সৰ্বৰাজোচ্ছেতা’ (Exterminator of all Kings) উপাধি গ্ৰহণ কৰে। বহুতে ক’ব খোজে যে এই ৰজাসকলক পৰাস্ত কৰি তেওঁলোকৰ ৰাজ্যবোৰ সমুদ্ৰগুপ্তই নিজ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা নাছিল। কাৰণ এলাহাবাদ প্ৰশস্তিত এই ৰাজ্যবোৰ অধিগ্ৰহণ কৰাৰ ইংগিত নাই। এই ৰাজ্যবোৰৰ ৰজাসকলৰ পৰা অধীনতা স্বীকাৰ কৰাই লৈয়েই সমুদ্ৰগুপ্ত সন্তুষ্ট আছিল। কাৰণ দাক্ষিণাত্য অভিযানৰ আগে আগে তেওঁ নিষ্কণ্টক হৈ লব বিচাৰিছিল। তদুপৰি তেওঁ নাগৰজা নাগসেন আৰু গণপতি নাগক আক্ৰমণ কৰাৰ এটা কূটনৈতিক কাৰণ আছিল। নাগসকলে দক্ষিণৰ ভাকটক সকলৰ সৈতে মিত্ৰতা স্থাপন কৰিবলৈ উদ্যত হৈছিল। এই মিত্ৰতা স্থাপন হ’লে গুপ্তশক্তি বিপদাপন্ন হৈ পৰিব। গতিকে সমুদ্ৰগুপ্তই আগে ভাগে নাগ ৰাজ্য আক্ৰমণ কৰিছিল। সম্ভৱ তেওঁ ভাকটক শক্তিক পৰাজিত কৰিছিল। ইয়াৰ ফলত গংগা-যমুনা উপত্যকাত সমুদ্ৰগুপ্তৰ আধিপত্য স্থাপিত হৈছিল। আৰ্যাবৰ্ত জয়ৰ পিছত সমুদ্ৰগুপ্তই জব্বলপুৰ অঞ্চলৰ আটবিক ৰাজ্য জয় কৰে। এই ৰাজ্যখন উত্তৰ প্ৰদেশৰ পৰা মধ্য প্ৰদেশ পৰ্যন্ত বিস্তৃত হৈ আছিল। এই ৰাজ্যখন জয় কৰাৰ কাৰণে উত্তৰাপথৰ পৰা দক্ষিণাপথলৈ যাতায়তৰ পথ সুগম হৈছিল।

দাক্ষিণাত্য জয়

আটবিক ৰাজ্য জয় কৰাৰ পিছত সমুদ্ৰগুপ্ত দাক্ষিণাত্যৰ পিনে আগবাঢ়িল। বাটত বহু ৰজাক পৰাস্ত কৰি তেওঁ কৃষ্ণা নদীৰ পাৰলৈকে আগবাঢ়িল। তেওঁ কোশলৰ মহেন্দ্ৰ, কৌবাল ৰাজ্যৰ মন্ত্ৰৰাজ, কুট্টুৰৰ স্বামীদত্ত, মহাকান্তৰ ব্যাঘ্ৰৰাজ, এৰণ্ডপল্লৰ দমন, কাঞ্ছীৰ বিষ্ণুগোপ, বেংগীৰ হস্তীবৰ্মন, পলক্কৰ উগ্ৰসেন, কুস্থলপুৰৰ ধনঞ্জয়ক পৰাস্ত কৰিছিল। দাক্ষিণাত্যৰ ক্ষেত্ৰত সমুদ্ৰগুপ্তই ‘গ্ৰহণ পৰিমোক্ষ নীতি’ বা ধৰ্মবিজয় নীতি গ্ৰহণ কৰিছিল। গ্ৰহণ পৰিমোক্ষ নীতিৰ অৰ্থ হ’ল – প্ৰথমে গ্ৰহণ অৰ্থাত্‌ শত্ৰুক বলপূৰ্বকভাবে দমন কৰা, দ্বিতীয় মোক্ষ – অৰ্থাত্‌ শত্ৰুয়ে বশ্যতা স্বীকাৰ কৰাৰ পিছত মুক্তি দান কৰা আৰু তৃতীয় অনুগ্ৰহ – অৰ্থাত্‌ পৰাজিত শত্ৰুক ৰাজ্য ঘূৰাই দিয়া। দাক্ষিণাত্য জয় সম্ভৱ হ’লেও ৰাজধানী পাটলিপুত্ৰৰ পৰা তাত আধিপত্য বজাই ৰখাটো সম্ভৱপৰ নহ’ব বুলিয়েই সমুদ্ৰগুপ্তই ধৰ্মবিজয় নীতি গ্ৰহণ কৰিছিল বুলি পণ্ডিতসকলে মত প্ৰকাশ কৰিছে। কিন্তু পৰাজিত শত্ৰুক ৰাজ্য ঘূৰাত দিলেও সাৰ্বভৌমত্ব ঘূৰাই দিয়া নহৈছিল। ধৰ্মবিজয় নীতি গ্ৰহণ কৰাৰ ফলত দাক্ষিণাত্যত সমুদ্ৰগুপ্তৰ আধিপত্য আছিল অথচ স্থানীয় শাসন মানি লোৱাৰ কাৰণে সাম্ৰাজ্যখনত ঐক্য বৰ্তি আছিল। দাক্ষিণাত্য অধিকাৰ কৰাৰ পিছত দাক্ষিণাত্যৰ পৰা লাভ কৰা সম্পদ তেওঁৰ ৰাজ্যৰ উন্নতিত সহায়ক হৈছিল। বশ্যতা স্বীকাৰ কৰা ৰজাসমূহৰ পৰা পোৱা কৰেৰে তেওঁ এটা শক্তিশালী বাহিনী গঠন কৰিছিল। দাক্ষিণাত্যৰ সম্পদ লাভ কৰাৰ নিচিনা অৰ্থনৈতিক উদ্দেশ্য লুকাই থাকিলেও দাক্ষিণাত্য বিজয়ৰ ক্ষেত্ৰত সমুদ্ৰগুপ্তৰ সাম্ৰাজ্য বিস্তাৰৰ উদ্দেশ্যও লুকাই আছিল।

সীমান্তবৰ্তী ৰাজ্যসমূহ

সীমান্তবৰ্তী ৰাজ্যসমূহৰ ৰজাসকলে (প্ৰত্যন্ত নৃপতি সকল) সমুদ্ৰগুপ্তৰ সামৰিক শক্তি দেখি ভয় খাই তেওঁৰ আনুগত্য স্বীকাৰ কৰি লয়। সীমান্তবৰ্তী ৰাজ্যবোৰ আছিল – সমতট, দবক, কামৰূপ, নেপাল  আৰু উত্তৰ-কুমায়ুন-গাড়োৱাল।

উপজাতি বিলাক

এলাহাবাদ প্ৰশস্তিত উল্লেখ থকা মতে সমুদ্ৰগুপ্তৰ সীমান্তত থকা প্ৰজাতান্ত্ৰিক উপজাতি বিলাকেও সমুদ্ৰগুপ্তৰ সৈতে মিত্ৰতা স্থাপন কৰিছিল। এলাহাবাদ প্ৰশস্তিত উল্লেখ থকা উপজাতি বিলাক হ’ল – মালৱ, অৰ্জুনায়ন, বৌধেয়, মদ্ৰক, আভীৰ, সনকানিক, প্ৰাৰ্জুন, কাক আৰু খৰপৰিক। ৰোমিলা থাপৰৰ মতে ব্ৰাহ্মণ সমুদ্ৰগুপ্তই ব্ৰাহ্মণ্য প্ৰথা বিৰোধী এই প্ৰজাতান্ত্ৰিক উপজাতিবিলাক খৰ্ব কৰিহে ক্ষান্ত হৈছিল। এই উপজাতিবিলাক দুৰ্বল হৈ পৰাত হুনসকলে অনুপ্ৰবেশ কৰিবলৈ সুবিধা পাইছিল। সমুদ্ৰগুপ্তৰ ৰাজ্যৰ সীমা কাশ্মীৰ, পশ্চিম পঞ্জাৱ, পশ্চিমে ৰাজপুতনা, সিন্ধু আৰু গুজৰাট বাদ দি সমগ্ৰ উত্তৰ ভাৰত আৰু দক্ষিণে উৰিষ্যাৰ ছত্তিসগড় হৈ পূব উপকূলেদি তামিলনাডুৰ চিংগেলকোট জিলালৈকে বিস্তৃত আছিল। সমুদ্ৰগুপ্তৰ ৰাজ্যৰ সীমাৰ বাহিৰত থকা প্ৰতিবেশী সকলে সমুদ্ৰগুপ্তৰ পৰাক্ৰম দেখি সমুদ্ৰগুপ্তৰ সৈতে মিত্ৰতা স্থাপন কৰিছিল। সিংহলৰ ৰজা মেঘবৰ্ণ, ভাৰতবৰ্ষৰ অন্যান্য দ্বীপ, কুষাণ দৈবপুত্ৰশাহী, শকমুৰণ্ড আদিয়ে নানা ধৰণৰ উপঢৌকন দি সমুদ্ৰগুপ্তৰ মিত্ৰতা ভিক্ষা কৰিছিল। সিংহলৰ মেঘবৰ্ণই সমুদ্ৰগুপ্তৰ অনুমতিক্ৰমে সিংহলৰ তীৰ্থযাত্ৰী সকলৰ সুবিধাৰ কাৰণে এটা বৌদ্ধ মঠ নিৰ্মাণ কৰিছিল। দাক্ষিণাত্য বিজয়ৰ পিছত সমুদ্ৰগুপ্তই অশ্বমেধ যজ্ঞ পাতিছিল। সম্ভৱ পুষ্যমিত্ৰ শুংগৰ পিছত অশ্বমেধ যজ্ঞ সমুদ্ৰগুপ্তয়েই পাতিছিল। এই যজ্ঞৰ স্মৃতি ৰক্ষাৰ্থে তেওঁ ‘অশ্বমেধ পৰিক্ৰমা’ মুদ্ৰা প্ৰচলন কৰিছিল।

সমুদ্ৰগুপ্ত- ভাৰতীয় নেপোলিয়ন

সমুদ্ৰগুপ্তক ড° স্মিথে ‘ভাৰতীয় নেপোলিয়ন’ আখ্যা দিছে। সমুদ্ৰগুপ্তক নেপোলিয়ন বোলাটো সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব নোৱাৰিলেও একেবাৰে অস্বীকাৰ কৰিব নোৱাৰি। আচলতে চন্দ্ৰগুপ্ত মৌৰ্য্য আৰু সম্ৰাট কনিষ্কৰ পিছত সমুদ্ৰগুপ্তৰ নিচিনা এজন বিজয়ী ভাৰতীয় ইতিহাসত আবিৰ্ভাৱ হোৱা নাছিল। তেওঁ তেওঁৰ পিতৃৰ পৰা গংগা উপত্যকাত পোৱা কেইখনমান স্থানীয় ৰাজ্যক সৰ্বভাৰতীয় সাম্ৰাজ্যলৈ ৰূপান্তৰিত কৰিছিল। এইক্ষেত্ৰত সমুদ্ৰগুপ্তক পৰিস্থিতিয়েও সহায় কৰিছিল। কাৰণ সেইসময়ত ভাৰতত কেন্দ্ৰীয় ৰাজশক্তি নাছিল। তদুপৰি উত্তৰ ভাৰতেই হওক বা দক্ষিণ ভাৰতেই হওক তেনে কোনো শক্তিশালী ৰাজতন্ত্ৰ নাছিল যি সমুদ্ৰগুপ্তৰ প্ৰতিদ্বন্দী হ’ব পাৰিছিল। গৱেষিকা ৰোমিলা থাপৰে মন্তব্য কৰি কৈছে যে দক্ষিণৰ ৰাজ্যবিলাক সমুদ্ৰগুপ্তৰ সাৰ্বভৌমত্বৰ অধীনলৈ অহা নাছিল। তদুপৰি পশ্চিম ভাৰতৰ শক শাসকসকল আৰু পঞ্জাৱ সমুদ্ৰগুপ্তৰ অধীনত নাছিল। এইখিনি কথা বিচাৰ কৰি চালে দেখা যায় যে নেপোলিয়নৰ লগত তুলনা কৰাটো বৰ এটা সমীচীন নহ’ব। কাৰণ গুপ্ত সাম্ৰাজ্যখন এটা ঐতিহাসিক প্ৰয়োজনত উদ্ভৱ হৈছিল। কুষান সাম্ৰাজ্যৰ পতনৰ পিছত যি শক্তিশুণ্যতাই দেখা দিছিল গুপ্ত সাম্ৰাজ্যই কেৱল সেই শুণ্যতা পূৰণ কৰিছিল। তথাপি এই ক্ষেত্ৰত সমুদ্ৰগুপ্তৰ ব্যক্তিগত কৃতিত্ব খৰ্ব কৰিব পৰা নহয়। কিন্তু অইন এটা কাৰণতহে সমুদ্ৰগুপ্তক নেপোলিয়নৰ সৈতে তুলনা কৰাটো বৰ গ্ৰহণযোগ্য নহয়। কাৰণ স্মিথৰ মতে সমুদ্ৰগুপ্ত আছিল এজন সাম্ৰাজ্যবাদী সম্ৰাট। স্মিথৰ মতে ‘ৰাজ্য অধিগ্ৰহণ কৰা ৰজাৰ কৰ্তব্য’ – এইষাৰ কথা সমুদ্ৰগুপ্তই মানি চলিছিল। স্মিথৰ এই মত গ্ৰহণ কৰিলে সমুদ্ৰগুপ্তক এজন সাধাৰণ বিজেতা যেন বোধ হয়। কিন্তু জাতীয়তাবাদী ঐতিহাসিকসকলে ভাবে যে সমগ্ৰ ভাৰতক এটা শাসনৰ অধীনলৈ অনাটো সমুদ্ৰগুপ্তৰ প্ৰধান উদ্দেশ্য আছিল। সমুদ্ৰগুপ্তই এজন ৰজাৰ অধীনত ভাৰতীয় ঐক্যৰ কাৰণেহে যত্ন কৰিছিল। এই ক্ষেত্ৰত তেওঁ এজন সাধাৰণ বিজেতাতকৈ শ্ৰেষ্ঠ আসন গ্ৰহণ কৰিব পাৰে।

চৰিত্ৰ

সমুদ্ৰগুপ্ত কেৱল যে এজন দ্বিগ্বীজয়ী বীৰেই আছিল এনে নহয়। তেওঁ গাত ভালেমান গুণৰ সমাবেশ ঘটিছিল। তেওঁ সুদক্ষ শাসক, সংগীতজ্ঞ আৰু কাব্য প্ৰতিভাসম্পন্ন ব্যক্তি আছিল। তেওঁৰ বুদ্ধি আছিল তীক্ষ্ণ। তেওঁ কাব্যগ্ৰন্থ ৰচনা কৰিছিল আৰু ‘কবিৰাজ’ (King of Poets) উপাধি পাইছিল। তেওঁৰ বীণা বাদন মুদ্ৰাৰ পৰা বুজা যায় যে তেওঁ এজন সংগীতজ্ঞ আছিল। যুদ্ধক্ষেত্ৰত প্ৰদৰ্শন কৰা তেওঁৰ পাৰদৰ্শিতাৰ কাৰণে স্মিথে তেওঁক ‘ভাৰতীয় নেপোলিয়ন’ আখ্যা দিছে। অৱশ্যে নেপোলিয়নে সমুদ্ৰগুপ্তৰ দৰে সাহিত্য চৰ্চা কৰা নাছিল। সমুদ্ৰগুপ্তই নিজে ব্ৰাহ্মণ্য ধৰ্ম গ্ৰহণ কৰিছিল যদিও পৰধৰ্মৰ প্ৰতি সহিষ্ণুতা প্ৰদৰ্শন কৰিছিল। পৰমধৰ্ম সহিষ্ণুতা সমুদ্ৰগুপ্তৰ ধৰ্মনীতিৰ ভেটি আছিল। তেওঁ সিংহলৰ মেঘবৰ্ণক বুদ্ধগয়াত বৌদ্ধ মঠ নিৰ্মাণ কৰিবলৈ মাটি দান কৰিছিল। হিউৱেনচাঙে এই মঠটো পৰিদৰ্শন কৰোতে ইয়াত একহাজাৰ মহাযান বৌদ্ধ ভিক্ষু দেখিবলৈ পাইছিল। বৌদ্ধ গ্ৰন্থাকাৰ বসুদেবক তেওঁ নানা ভাবে সহায় কৰিছিল। ধৰ্মনীতিৰ ক্ষেত্ৰত তেওঁক অশোকৰ লগত তুলনা কৰিব পাৰি যদিও তেওঁ ধৰ্মবিজয়ৰ দ্বাৰা প্ৰাধান্য লাভ কৰা নাছিল। সমুদ্ৰগুপ্তৰ নীতি আছিল ‘ৰক্ত আৰু লৌহ’ (blood and iron) নীতি। গতিকে বিজেতা আৰু সুশাসক হিচাপেই নহয়, বিদ্যোত্‌সাহী আৰু মানৱহৈতেষী হিচাপেও সমুদ্ৰগুপ্তই ভাৰতীয় ইতিহাসত এখন বিচিত্ৰ আসন অধিকাৰ কৰি আছে। “He was not merely the first soldier of his age, but a statesman of no mean order. He was, besides, a man ofa culture.” (Ancient India- Page 232- R.C. Mazumadar).

দ্বিতীয় চন্দ্ৰগুপ্ত – বিক্ৰমাদিত্য

দ্বিতীয় চন্দ্ৰগুপ্ত ৩৭৫ খ্ৰী:ত সিংহাসনত আৰোহণ কৰে। তেওঁৰ মাকৰ নাম আছিল দত্তাদেৱী। সমুদ্ৰগুপ্তই তেওঁক ৰজা মনোনীত কৰি গৈছিল। অৱশ্যে বিশাখাদত্তৰ দেৱী চন্দ্ৰগুপ্ত নামৰ নাটকত উল্লেখ থকা মতে দ্বিতীয় চন্দ্ৰগুপ্তৰ আগতে ৰামগুপ্ত নামৰ সমুদ্ৰগুপ্তৰ এজন পুতেকে ৰাজত্ব কৰিছিল। ৰামগুপ্তৰ দুৰ্বলতাৰ সুযোগ লৈ কোনোবা এজন শক ৰজাই ৰাণী ধ্ৰুবাদেৱীক বিয়া কৰোৱাৰ প্ৰস্তাব আগবঢ়াইছিল। এই কথাত খং উঠি ৰামগুপ্তৰ ভায়েক চন্দ্ৰগুপ্তই শক ৰজাজনক হত্যা কৰে আৰু অকৰ্মণ্য ৰামগুপ্তক সিংহাসনৰ পৰা  আঁতৰাই সিংহাসনত বহে আৰু ৰাণী ধ্ৰুবাদেৱীক বিয়া কৰায়। অৱশ্যে ক’ব খোজে এই কথাখিনি নিৰ্ভৰযোগ্য নহয়। দ্বিতীয় চন্দ্ৰগুপ্ত সমুদ্ৰগুপ্তৰ বিস্তৃত সাম্ৰাজ্যৰ যোগ্য উত্তৰাধিকাৰী আছিল। তেওঁ বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল। তেওঁৰ লিপিসমূহৰ পৰা তেওঁৰ ৰাজত্বৰ বিষয়ে জানিব পাৰি। বৈবাহিক সম্বন্ধ স্থাপন কৰি ৰাজনৈতিক সুবিধা লাভ আৰু প্ৰতিপত্তি লাভ কৰা নীতি গুপ্তসম্ৰাট প্ৰথম চন্দ্ৰগুপ্তৰ দিনৰ পৰাই চলি আহিছিল। দ্বিতীয় চন্দ্ৰগুপ্তইও এই নীতি মানি চলিছিল। তেওঁ ‘কুবেৰনাগা’ নামৰ এগৰাকী নাগ ৰাজকন্যাক বিয়া কৰাইছিল আৰু নাগবংশৰ সৌৰ্হাদ্য লাভ কৰিছিল। ‘কুবেৰনাগা’ৰ গৰ্ভজাত কন্যা প্ৰভাৱতী গুপ্তক তেওঁ ভাকটক ৰজা ৰুদ্ৰসেনলৈ বিয়া দিছিল। তেওঁ দাক্ষিণাত্যৰ কুণ্টল দেশৰ কদম্বসকলৰ সৈতেও বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল। কদম্ব বংশৰ কাকুত্‌সবৰ্মণৰ জীয়েকক দ্বিতীয় চন্দ্ৰগুপ্তই তেওঁৰ পুতেকলৈ বিয়া কৰাইছিল। দ্বিতীয় চন্দ্ৰগুপ্তৰ এই বৈবাহিক নীতি শকসকলৰ বিৰুদ্ধে যুদ্ধত অতি প্ৰয়োজনীয় আছিল। কাৰণ পশ্চিম ভাৰতৰ শকসকলৰ বিৰুদ্ধে মধ্য প্ৰদেশৰ নাগশক্তি আৰু দাক্ষিণাত্যৰ ভাকটক শক্তিৰ সহায় নাপালে সফলতা লাভ কৰা সম্ভৱ নহ’লহেঁতেন। “The Vakataka Maharaja occupied a geographical position in which he could be of muh service or disservice to the northern invader of the dominions of the Saka Satraps of Gujrat and Surashtra.” সমুদ্ৰগুপ্তৰ মৃত্যুৰ পিছত বংগদেশৰ কোনো অঞ্চল বিদ্ৰোহী হৈ উঠে। চন্দ্ৰগুপ্তই সেই বিদ্ৰোহী নেতাসকলক পৰাস্ত কৰিছিল। অকল সেয়ে নহয় তেওঁ বংগদেশ গুপ্ত সাম্ৰাজ্যৰ লগত চামিল কৰিছিল। ভদ্ৰগংগাৰ পৰা খাৰপাৰ্টিকলৈ উত্তৰ পশ্চিম দিশত ভালেমান সৰু সৰু ৰাজ্য আছিল। সেই ৰাজ্যবোৰৰ শাসন ব্যবস্থা আছিল ৰিপাব্লিকান। এই ৰাজ্যবোৰৰ মাজত ঐক্য নাছিল আৰু ৰাজ্যবোৰ দুৰ্বল আছিল। এই দুৰ্বলতাৰ সুযোগ লৈ দ্বিতীয় চন্দ্ৰগুপ্তই এই ৰিপাব্লিকবোৰ জয় কৰি নিজ ৰাজ্যৰ লগত চামিল কৰে। দ্বিতীয় চন্দ্ৰগুপ্তই উত্তৰ পশ্চিম ভাৰতৰ কিছু অঞ্চল দমন কৰিছিল। সিন্ধু নদীৰ সাতটা মুখ পাৰ হৈ তেওঁ ‘বহলিকা’ নামৰ এটা ট্ৰাইব আক্ৰমণ কৰি জয় কৰিছিল আৰু উত্তৰ পশ্চিম অঞ্চল তেওঁৰ ৰাজ্যৰ লগত চামিল কৰিছিল। সম্ভৱ এই অঞ্চলত কুষাণ সকলে ৰাজত্ব কৰিছিল। লগতে পঞ্জাৱো তেওঁৰ ৰাজ্যৰ লগত চামিল কৰা হৈছিল। দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালৰ উল্লেখযোগ্য ঘটনা হ’ল শক যুদ্ধ। কিন্তু শকসকলৰ সৈতে দ্বিতীয় চন্দ্ৰগুপ্তৰ যুদ্ধ হৈছিল নে নাই সেই কথা বিতৰ্কমূলক। কাৰণ চন্দ্ৰগুপ্তৰ লিপিবিলাকতো এই যুদ্ধৰ কোনো উল্লেখ নাই। তদুপৰি শক ক্ষত্ৰপসকলৰ মুদ্ৰাতো চন্দ্ৰগুপ্তৰ উল্লেখ নাই। অৱশ্যে দ্বিতীয় চন্দ্ৰগুপ্তৰ মন্ত্ৰী বীৰসেনৰ উদয়গিৰি লিপি, চন্দ্ৰগুপ্তৰ সেনাপতি আম্ৰকৰ্দ্দমৰ সাঁচীলিপিৰ পৰা এই যুদ্ধৰ কথা জনা যায়। তদুপৰি চন্দ্ৰগুপ্তৰ ৰূপৰ মুদ্ৰাত গুপ্তবংশৰ ময়ুঅৰ প্ৰতীকৰ ঠাইত শকসকলৰ অনুকৰণত চৈত্য, অৰ্দ্ধচন্দ্ৰ আৰু তৰাৰ চিনেৰে খোদাই কৰা হৈছিল। এই প্ৰমাণ কেইটাৰ ওপৰত নিৰ্ভৰ কৰি অধিকাংশ পণ্ডিতে মত প্ৰকাশ কৰিছে যে চন্দ্ৰগুপ্তই শক ক্ষত্ৰপ তৃতীয় ৰুদ্ৰসিংহ বা ৰুদ্ৰসেনক পৰাস্ত কৰি আৰব উপসাগৰলৈকে ৰাজ্য বিস্তাৰ কৰিছিল। শক যুদ্ধৰ ফলাফল হিচাপে বংগোপসাগৰৰ পৰা আৰবসাগৰলৈকে গুপ্ত সাম্ৰাজ্য বিস্তৃত হৈছিল। সৌৰাষ্ট্ৰ আৰু গুজৰাট অঞ্চলো গুপ্ত সাম্ৰাজ্যৰ অধীনলৈ যায়। পশ্চিম উপকূলৰ বিখ্যাত বন্দৰ ভৃগুকচ্ছ বা বাৰিগজা বন্দৰ গুপ্ত অধিকাৰলৈ অহাৰ ফলত ৰোমান সাম্ৰাজ্যৰ সৈতে ভাৰতৰ বানিজ্যিক যোগাযোগ স্থাপনৰ পথ সুগম হয়। তদুপৰি চীনৰ ৰেচম এই বন্দৰেদিয়েই ৰোমলৈ ৰপ্তানি হৈছিল। তদুপৰি উজ্জয়িনী নগৰৰ গুৰুত্ব বাঢ়ে আৰু চন্দ্ৰগুপ্তৰ দ্বিতীয় ৰাজধানী হিচাপে পৰিগণিত হোৱাৰ উপৰিও উজ্জয়িনী বাণিজ্য আৰু সাহিত্য সংস্কৃতিৰ কেন্দ্ৰ হিচাপে পৰিগণিত হয়। চন্দ্ৰগুপ্তৰ ৰাজত্বকালত গুপ্ত সাম্ৰাজ্যৰ ৰাজধানী আছিল পাটলিপুত্ৰ। শকসকলৰ বিৰুদ্ধে জয়লাভ কৰটো দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বৰ এটা তাত্‌পৰ্যপূৰ্ণ ঘটনা। ই দ্বিতীয় চন্দ্ৰগুপ্তৰ সন্মান বৃদ্ধি কৰিছিল। এই জয়ৰ দ্বাৰা গুজৰাট, মালৱাৰ, সৌৰাষ্ট্ৰ আৰু কাঠিওৱাৰ গুপ্ত সাম্ৰাজ্যৰ লগত চামিল কৰা হৈছিল। সম্ভৱ দ্বিতীয় চন্দ্ৰগুপ্তই আছিল প্ৰথম গুপ্ত সম্ৰাট যি শকসকলক পৰাস্ত কৰিছিল। শক সকলৰ বিৰুদ্ধে জয় লাভ কৰাত ভালে কেইটামান বন্দৰ চন্দ্ৰগুপ্তৰ অধীনলৈ আহিছিল আৰু বিদেশী ৰাষ্ট্ৰৰ সৈতে বেহা বেপাৰ স্থাপন হৈছিল। ইয়াৰ দ্বাৰা গুপ্ত সাম্ৰাজ্য সমৃদ্ধিশালী হৈছিল। তদুপৰি গুজৰাট, মালৱাৰ, সৌৰাষ্ট্ৰ, কাথিওৱাৰ বৰ সাৰুৱা ঠাই আছিল। এইবোৰ ঠাই গুপ্ত সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হোৱাত দেশখনৰ অৰ্থনৈতিক  উন্নতি হৈছিল। শকসকলৰ বিৰুদ্ধে জয়লাভ কৰি এইবোৰ ঠাই নিজৰ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰি লোৱাৰ পিছত দ্বিতীয় চন্দ্ৰগুপ্তই ৰাজধানী পাটলিপুত্ৰৰ পৰা উজ্জয়িনীলৈ স্থানান্তৰিত কৰিছিল। উজ্জয়িনী ব্যবসায়, কলা-কৃষ্টি আৰু শিক্ষাৰ প্ৰাণকেন্দ্ৰ আছিল। দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজ্যৰ সীমা উত্তৰে হিমালয়ৰ পৰা দক্ষিণে নৰ্মদালৈকে আৰু পূবে বংগ আৰু অসমৰ পৰা পশ্চিমে সৌৰাষ্ট্ৰলৈকে বিস্তৃত আছিল।

কিংবদন্তীৰ শকাৰি বিক্ৰমাদিত্য আৰু দ্বিতীয় চন্দ্ৰগুপ্ত

কিংবদন্তীৰ বিক্ৰমাদিত্য আৰু দ্বিতীয় চন্দ্ৰগুপ্ত একেজন মানুহেই বুলি ভবা হয়। বিক্ৰমাদিত্য শকাৰি আছিল আৰু কিংবদন্তীৰ বিক্ৰমাদিত্যই শকসকলক উচ্ছেদ কৰিছিল। দ্বিতীয় চন্দ্ৰগুপ্তইও শকসকলক পৰাস্ত কৰাৰ ঐতিহাসিক প্ৰমাণ আছে। বিক্ৰমাদিত্যৰ সভাত কবি কালিদাসকে ধৰি নৱৰত্ন সকল আছিল। সাহিত্য সংস্কৃতিৰ সেৱক হিচাপে চন্দ্ৰগুপ্তইও কালিদাসক পৃষ্ঠপোষকতা কৰিছিল। অৱশ্যে নৱৰত্নৰ আটাইকেউজনেই চন্দ্ৰগুপ্তৰ ৰাজসভাত নাথাকিবও পাৰে। বিক্ৰমাদিত্যই পাটলিপুত্ৰ আৰু উজ্জয়িনীত ৰাজত্ব কৰিছিল বুলি সংস্কৃত সাহিত্যত উল্লেখ আছে। দ্বিতীয় চন্দ্ৰগুপ্তই উজ্জয়িনীত দ্বিতীয় ৰাজধানী স্থাপন কৰিছিল। এইখিনি সামঞ্জস্যৰ ওপৰত নিৰ্ভৰ কৰি বিক্ৰমাদিত্য আৰু দ্বিতীয় চন্দ্ৰগুপ্ত একেজন ব্যক্তিয়েই আছিল বুলি ভাবিব পাৰি। বিক্ৰমাদিত্যই ‘বিক্ৰমসম্বত্‌’ নামৰ শকাব্দী প্ৰচলন কৰিছিল বুলি কোৱা হয় যদিও তাৰ কোনো নিশ্চয়তা নাই। দ্বিতীয় চন্দ্ৰগুপ্তইও কোনো অব্দৰ প্ৰৱৰ্তন কৰা নাছিল।

কৃতিত্ব

আজিকালিৰ গৱেষকসকলে এজন পৰাক্ৰমী ৰজা হিচাপে দ্বিতীয় চন্দ্ৰগুপ্তক শ্ৰেষ্ঠত্ব দিব নিবিচাৰে। কাৰণ তেওঁ মাত্ৰ কেইজনমান দুৰ্বল ৰজাকহে যুদ্ধত পৰাস্ত কৰিছিল। দাক্ষিণাত্যত তেওঁ নতুন অভিযান আৰম্ভ কৰা নাছিল। সিন্ধু উপত্যকাও তেওঁ জয় কৰিবলৈ চেষ্টা কৰা নাছিল। তেওঁ যি সময়ত শক বিলাকক পৰাস্ত কৰিছিল সেই সময়ত শকবিলাক তেনেই দুৰ্বল হৈ পৰিছিল। চন্দ্ৰগুপ্তই কেৱল গুজৰাটৰ সিংহসংকুল অঞ্চল জয় কৰি ‘সিংহবিক্ৰম’ উপাধি গ্ৰহণ কৰিছিল। কিন্তু সেয়ে হ’লেও দ্বিতীয় চন্দ্ৰগুপ্তই সাম্ৰাজ্যখন সুদৃঢ়ভাবে সংগঠন কৰিবলৈ সক্ষম হৈছিল। ফাহিয়ানে তেওঁৰ শাসন ব্যবস্থাৰ ভূয়সী প্ৰশংসা কৰি থৈ গৈছে। সাম্ৰাজ্য এখন সংগঠন কৰাটো সাম্ৰাজ্য বিস্তাৰৰ সৈতে সমানেই গুৰুত্বপূৰ্ণ কথা। দ্বিতীয় চন্দ্ৰগুপ্ত এজন সাম্ৰাজ্যবাদী ৰজা আছিল। তেওঁ তেওঁৰ পিতৃ ৰাজ্যখন সংগঠিত কৰাৰ লগতে ৰাজ্য জয় কৰি গুপ্ত সাম্ৰাজ্যৰ সীমা বঢ়াইছিল। তেওঁ বংগদেশৰ সমৰ নেতাসকলক পৰাস্ত কৰি উত্তৰ পশ্চিমত বাহলিক নামৰ এটা ট্ৰাইবক পৰাস্ত কৰিছিল। কিন্তু বিজেতা হিচাবে, শকসকলক পৰাস্ত কৰাটো আৰু তাৰ দ্বাৰা বিদেশী শক্তিৰ অৱশিষ্টক নি:চিহ্ন কৰি মালৱা, গুজৰাট, সৌৰাষ্ট্ৰ আৰু কাঠিওপোৱা জয় কৰাটো দ্বিতীয় চন্দ্ৰগুপ্তৰ কৃতিত্ব আছিল। তেওঁৰ ৰাজ্যৰ বিস্তৃতিলৈ চাই Dr. Altekar য়ে কৈছে যে দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত গুপ্তশক্তি এটা সৰ্বভাৰতীয় শক্তি হ’ব পাৰিছিল। দ্বিতীয় চন্দ্ৰগুপ্ত এজন সফল কূটনীতিজ্ঞ আছিল। নিজ ৰাজ্যখন শক্তিশালী কৰিবৰ কাৰণে তেওঁ শক্তিশালী ৰাজবংশৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল। উদাহৰণস্বৰূপে ভাকটক সকল এনে এটা ভৌগোলিক স্থিতিত আছিল যে শকবিলাকৰ বিৰুদ্ধে কৰিবলগীয়া যুদ্ধত ভাকট সকলৰ সহায়ৰ প্ৰয়োজন হব। গতিকে দ্বিতীয় চন্দ্ৰগুপ্তই তেওঁৰ নিজৰ জীয়েক প্ৰভাৱতী গুপ্তক ভাকটক ৰজা দ্বিতীয় ৰূদ্ৰসেনলৈ বিয়া দিছিল। দ্বিতীয় চন্দ্ৰগুপ্তই নিজেও নাগ বংশৰ এগৰাকী কন্যা বিয়া কৰাইছিল। এনেদৰে ডাঙৰ বংশৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰি তেওঁ তেওঁৰ ৰাজ্যৰ স্থিতি দৃঢ় কৰিছিল। ৰাজনৈতিক লাভালাভৰ কাৰণে তেওঁ কূটনীতিৰ আশ্ৰয় লৈছিল। দ্বিতীয় চন্দ্ৰগুপ্ত এজন ব্যক্তিত্বসম্পন্ন ৰজা আৰু দক্ষ শাসক আছিল। প্ৰশাসনিক দক্ষতা প্ৰকাশ কৰি তেওঁ তেওঁৰ বিশাল সাম্ৰাজ্যখন কিছুমান প্ৰদেশত বিভক্ত কৰিছিল। প্ৰতিখন প্ৰদেশৰ ওপৰতে একোজনকৈ গৱৰ্ণৰ আছিল। প্ৰদেশবোৰ ‘দেশ’ বুলি কোৱা হৈছিল। প্ৰদেশবোৰ বা দেশবোৰ আকৌ জিলাত বিভক্ত কৰা হৈছিল। জিলাবোৰক ‘বিষয়’ বুলি কোৱা হৈছিল। জিলাৰ মুৰব্বীজনক ‘বিষয়পতি’ বুলি কোৱা হৈছিল। একেবাৰে তলৰ প্ৰশাসনীয় গোটক গাওঁ বোলা হৈছিল। গতিকে দেখা গৈছিল যে দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত বিকেন্দ্ৰীকৰণ শাসনব্যবস্থা আছিল। তেওঁ প্ৰজাক মৰম কৰিছিল আৰু সদায় প্ৰজাৰ ভালৰ কাৰণে চিন্তা কৰিছিল। মন্ত্ৰী পৰিষদে তেওঁক শাসন কাৰ্যত সহায় কৰিছিল। এটা দক্ষ শাসনব্যবস্থা থকাৰ কাৰণে সামাজিক, ধৰ্মীয়, সাংস্কৃতিক, অৰ্থনৈতিক আদি সকলো ক্ষেত্ৰতে উন্নতি কৰিছিল। Dr.Smith য়ে কৈছে “Probably India has never been governed better, after the oriental manner than it was during the reign of Vikramaditya.”

ধৰ্মৰ ক্ষেত্ৰত দ্বিতীয় চন্দ্ৰগুপ্তই সহিষ্ণুতা প্ৰকাশ কৰিছিল। তেওঁ নিজে হিন্দু আছিল আৰু বিষ্ণু উপাসক আছিল। তেওঁ ‘পৰমভাগৱত’ উপাধি গ্ৰহণ কৰিছিল। কিন্তু তেওঁ অন্য ধৰ্মৰ প্ৰতি উদাৰ নীতি অৱলম্বন কৰিছিল। দ্বিতীয় চন্দ্ৰগুপ্ত যে এজন সহিষ্ণু ৰজা আছিল সেই কথা ফাহিয়ানেও উল্লেখ কৰি গৈছে। ফাহিয়ানৰ মতে চন্দ্ৰগুপ্তই বহুত বৌদ্ধ আৰু জৈনক প্ৰশাসনীয় কামত নিয়োগ কৰিছিল। এই ক্ষেত্ৰত দ্বিতীয় চন্দ্ৰগুপ্তক অশোকৰ লগত তুলনা কৰিব পাৰি। “The peaceful and well-knit empire which Chandragupta II left as a legacy to his son must have been the fruit of the long endeavour not only of a great general and able statesman but also of astriking personality.” (Classical Age – R.C. Mazumdar).

ৰাজ্য জয়ৰ দ্বাৰা কৃতিত্বৰ অধিকাৰী হব নোৱাৰিলেও দ্বিতীয় চন্দ্ৰগুপ্তই শিল্প, সাহিত্য, সংস্কৃতিৰ পৃষ্ঠপোষক হিচাপে খ্যাতি লাভ কৰিছিল। দ্বিতীয় চন্দ্ৰগুপ্ত কলা কৃষ্টি আৰু সাহিত্যৰ পৃষ্ঠপোষক আছিল। তেওঁ নিজেও এজন বিদ্বান ব্যক্তি আছিল আৰু তেওঁৰ দিনত সংস্কৃত ভাষাৰ উন্নতি হৈছিল। প্ৰখ্যাত কবি আৰু নাট্যকাৰ কালিদাস তেওঁৰ ৰাজসভাত আছিল বুলি কোৱা হয়। দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত কলা সংস্কৃতিৰো উন্নতি হৈছিল। সকলো মাধ্যম যেনে স্থাপত্য, ভাস্কৰ্য্য, চিত্ৰকলা, সংগীত আদি সকলো ক্ষেত্ৰতে উন্নতি পৰিলক্ষিত হৈছিল। তেওঁ এবিধ নতুন মুদ্ৰাৰ প্ৰচলন কৰিছিল। এই মুদ্ৰাবোৰ দেখাত বৰ ধুনীয়া আছিল। গুপ্তযুগৰ গৌৰৱলৈ দ্বিতীয় চন্দ্ৰগুপ্তই বিশেষ অৰিহণা যোগাইছিল। দ্বিতীয় চন্দ্ৰগুপ্তক তেওঁৰ উদাৰতাৰ কাৰণে অশোকৰ লগত, দক্ষ প্ৰশাসন আৰু সামৰিক কৃতকাৰ্যতাৰ কাৰণে আকবৰৰ লগত তুলনা কৰিব পাৰি। দ্বিতীয় চন্দ্ৰগুপ্তই সমুদ্ৰগুপ্তই এৰি থৈ যোৱা কাম সম্পূৰ্ণ কৰিলে। Dr. R.C. Mazumdar য়ে কৈছে যে শ শ যুদ্ধৰ বিজেতা সমুদ্ৰগুপ্ত ইতিহাসৰ নায়ক। দ্বিতীয় চন্দ্ৰগুপ্তই ৰাজনৈতিক উত্থান আৰু সাংস্কৃতিক পুনৰ জাগৰণৰ দ্বাৰা মানুহৰ অন্তৰত এখন ঠাই অধিকাৰ কৰি লৈছিল। গুপ্ত নৱ জাগৰণ অৰ্থাত্‌ গুপ্ত সভ্যতাৰ সূচনা এওঁৰ দিনতেই হয়। গুপ্ত যুগৰ শিল্প, সাহিত্য, ভাস্কৰ্য্য আদি সকলো ক্ষেত্ৰতে যি সৃজনী প্ৰতিভা বিকশিত হয় সেই প্ৰতিভা বিকশিত হোৱাৰ ক্ষেত্ৰত দ্বিতীয় চন্দ্ৰগুপ্তৰ অৱদান আছিল। তেওঁৰ ৰাজসভা সাংস্কৃতিক কেন্দ্ৰস্বৰূপ আছিল। কবি কালিদাস প্ৰমূখ্যে নৱৰত্নসকল তেওঁৰ ৰাজসভাত আছিল। দ্বিতীয় চন্দ্ৰগুপ্ত আছিল এজন নিষ্ঠাবান বৈষ্ণৱ। তেওঁ অন্য ধৰ্মৰ প্ৰতিও শ্ৰদ্ধাশীল আছিল। তেওঁৰ এজন মন্ত্ৰী আছিল শৈৱ। তেওঁৰ সুদক্ষ সেনাপতিজন আছিল বৌদ্ধ। দ্বিতীয় চন্দ্ৰগুপ্তৰ কীৰ্তিয়ে সমুদ্ৰগুপ্তৰ কীৰ্তিতকৈও জনমানসত অধিক স্থান অধিকাৰ কৰি আছে।

ফাহিয়ানৰ বিৱৰণ

চন্দ্ৰগুপ্তৰ ৰাজত্বকালত চীনা-পৰিব্ৰাজক ফাহিয়ান ভাৰতলৈ আহিছিল। প্ৰথমে তেওঁ গোবি মৰুভূমিৰ দক্ষিণ পিনেদি খোটান পায়হি। তাৰপৰা তেওঁ পামীৰ পৰ্বতমালা পাৰহৈ ভাৰতবৰ্ষ পায়হি। তেওঁ ৪০১ খ্ৰী:ৰ পৰা ৪১০ খ্ৰী:লৈকে দহ বছৰ কাল ভাৰতবৰ্ষত থাকে। বৌদ্ধ ধৰ্মপুথি ‘বিনয়পিটক’ৰ মূল ৰচনা সংগ্ৰহৰ উদ্দেশ্য লৈ তেওঁ ভাৰতবৰ্ষলৈ আহিছিল। স্বদেশলৈ উভতি যোৱাৰ পথত তেওঁসিংহল যৱদ্বীপ প্ৰভৃতি দেশ পৰিভ্ৰমণ কৰিছিল। দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত ফাহিয়ান ছবছৰ কাল আছিল। তাৰে তিনিবছৰ তেওঁ পাটলিপুত্ৰত আৰু দুবছৰ তাম্ৰলিপিত বাস কৰিছিল। ফাহিয়ানে দ্বিতীয় চন্দ্ৰগুপ্তৰ শাসন ব্যৱস্থাৰ উচ্চ প্ৰশংসা কৰিছে। ফাহিয়ানৰ মতে তেওঁৰ শাসন ব্যৱস্থা আছিল উদাৰ। দণ্ডবিধি কঠোৰ নাছিল। সাধাৰণভাবে অপৰাধৰ শাস্তি আছিল অৰ্থদণ্ড। প্ৰাণদণ্ড দিয়া নহৈছিল। বাৰে ৰাজদ্ৰোহ কৰা সকলৰ এখন হাত কাটি পেলোৱা হৈছিল। দেশৰ ভিতৰত ইঠাইৰ পৰা সিঠাইলৈ যাবলৈ অনুমতি লব নালাগিছিল। ৰজাৰ দেহৰক্ষী আৰু অনুচৰসকলে দৰমহা পাইছিল। উত্‌পন্নৰ একাংশ ৰাজহ দিবলগীয়া হৈছিল। ফাহিয়ানে চহৰ বা নগৰৰ বৰ্ণনাও দি থৈ গৈছিল। পাটলিপুত্ৰ এখন সমৃদ্ধিশালী নগৰ আছিল। ফাহিয়ানে অশোকৰ দ্বাৰা নিৰ্মিত মৌৰ্য প্ৰাসাদ দেখি বিস্ময় মানিছিল। মানুহে যে ইমান উত্‌কৃষ্ট মানৰ শিল্প সৃষ্টি কৰিব পাৰে সেই কথা ফাহিয়ানে ভাবিবই পৰা নাছিল। প্ৰাসাদটোৰ বিষয়ে তেওঁ কৈছিল “was all made by spirits which Asoka employed”. সিন্ধু উপত্যকা আৰু মথুৰা – এই অঞ্চলত ফাহিয়ানে ভালেমান বৌদ্ধ মঠ দেখিবলৈ পাইছিল। কেৱল মথুৰাতেই ২০ টা বৌদ্ধমঠ আছিল আৰু তাত প্ৰায় তিনি হেজাৰ বৌদ্ধ ভিক্ষু বাস কৰিছিল। দেশৰ জনসাধাৰণৰ মাজত বৌদ্ধ ধৰ্মই প্ৰাধান্য লাভ কৰা ফাহিয়ানে দেখিবলৈ পাইছিল। দেশৰ কোনো অংশতেই প্ৰাণী হিংসা কৰা হোৱা নাছিল আৰু মানুহে পিঁয়াজ বা নহৰু নেখাইছিল। গাহৰি, মুৰ্গী আদি কোনেও নুপুহিছিল। মদ, মাংসৰ দোকান নাছিল। ইয়াৰ দ্বাৰা সেই সময়ৰ সমাজ-জীৱন যে বৌদ্ধধৰ্মৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল সেই কথা বুজিব পাৰি। অৱশ্যে জাতিভেদ প্ৰথা যে কঠোৰ আছিল সেই কথা ফাহিয়ানৰ বিৱৰণৰ পৰা জনা যায়। কাৰণ চণ্ডালসকলক সমাজ বহিৰ্ভুত কৰা হৈছিল। বজাৰ বা নগৰত চণ্ডাল বিলাকে প্ৰৱেশ কৰিব নোৱাৰিছিল। ফাহিয়ানৰ টোকাৰ পৰা জানিব পৰা যায় যে গুপ্ত ৰজাসকল পৰম ধৰ্ম সহিষ্ণু আছিল। বৌদ্ধ মঠ বিলাকলৈ গুপ্ত ৰজাসকলে মুক্ত হস্তে দান কৰিছিল আৰু বৌদ্ধ ভিক্ষুসকলে যাতে দেশৰ সকলো ঠাইতে ভিক্ষা সংগ্ৰহ কৰোঁতে বাধাগ্ৰস্ত নহয় তাৰ কাৰণে ব্যৱস্থা কৰি দিছিল। ফাহিয়ানৰ টোকাৰ পৰা জনা যায় যে চন্দ্ৰগুপ্তৰ শাসনকালত মানুহে নিৰ্ভয়ে শান্তিপূৰ্ণ জীৱন যাপন কৰিছিল। জনসাধাৰণ বিচাৰৰ কাৰণে আদালতলৈ যাবলগীয়া নহৈছিল। মালবস্তু বা সম্পত্তি পঞ্জীয়নভুক্ত কৰিব নালাগিছিল। ৰাতি দুৱাৰ খুলি শুই থাকিলেও বস্তু চুৰি নহৈছিল। বাটত সোণ পৰি থাকিলেও মানুহে বুটলি নলৈছিল। জনসাধাৰণৰ অৰ্থনৈতিক অৱস্থা উন্নত মানৰ আছিল বুলি ফাহিয়ানে লিখি থৈ গৈছে। জনসাধাৰণ সত্‌কৰ্ম পালনৰ কাৰণে আগ্ৰহী আছিল। দেশৰ সকলো ঠাইতে ৰাজপথ নিৰ্মাণ কৰা হৈছিল। পথিকৰ সুবিধাৰ কাৰণে জিৰণিঘৰ সাজি দিয়া হৈছিল। ঠায়ে ঠায়ে ঔষধালয় আছিল। পাটলিপুত্ৰৰ চিকিত্‌সালয়টো দয়াবান আৰু শিক্ষিতসকলৰ দানেৰে চলাই থকা হৈছিল। ঔষধ আৰু চিকিত্‌সাৰ কাৰণে ৰোগীয়ে খৰচ দিবলগীয়ানহৈছিল। দৰিদ্ৰ আৰু অসহায় ৰোগীৰ আদৰ যত্ন লোৱা হৈছিল। মালৱ অঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু অন্যান্য সা-সুবিধা দেখি ফাহিয়ান মোহিত হৈছিল। ইয়াৰ স্বাস্থ্যকৰ পৰিবেশ আৰু জনসাধাৰণৰ ব্যৱহাৰে ফাহিয়ানক আকৃষ্ট কৰিছিল।

কুমাৰগুপ্ত

কুমাৰগুপ্ত ৪১৫ খৃ:ত ৰাজপাটত উঠে। এওঁ দ্বিতীয় চন্দ্ৰগুপ্তৰ পিছত সিংহাসনত উঠে। এওঁ দ্বিতীয় চন্দ্ৰগুপ্তৰ পিছত ৰাজপাটত আৰোহণ কৰিছিল আৰু ৪৫৫ খৃ:লৈকে ৰাজত্ব কৰিছিল। এওঁ ৰাজ্য বিস্তাৰৰ নীতি গ্ৰহণ কৰা নাছিল যদিও গুপ্ত সাম্ৰাজ্যৰ শান্তি, ঐক্য, সন্মান অক্ষুণ্ণ ৰাখিছিল। এওঁ অশ্বমেধ যজ্ঞ পাতিছিল আৰু ‘ব্যাঘ্ৰবল পৰাক্ৰম’ উপাধি গ্ৰহণ কৰিছিল। এওঁ অশ্বমেধ যজ্ঞ কিয় পাতিছিল জনা নাযায়। কিয়নো তেনেভাবে তেওঁ কোনো ৰাজ্য জয় কৰা নাছিল। তেওঁ বাঘেৰে ভৰি থকা নৰ্মদা অঞ্চল জয় কৰিছিল আৰু সেইকাৰণে ব্যাঘ্ৰবল উপাধি গ্ৰহণ কৰিছিল বুলি কোনো কোনো ঐতিহাসিকে কয়। তেওঁৰ ৰাজত্বৰ শেষৰ পিনে নৰ্মদা নদীৰ উপত্যকাত বাস কৰা এটা জনজাতিয়ে আক্ৰমন কৰি গুপ্তসকলৰ ক্ষমতা ম্লান কৰি পেলাইছিল। পুষ্যমিত্ৰ নামৰ উপজাতিক ভাকটক ৰজা নৰেন্দ্ৰ সেনে সহায় কৰিছিল। ভাকটক সকলৰ সৈতে চলাই অহা মিত্ৰতাৰ নীতি কুমাৰগুপ্তই ৰক্ষা কৰিব পৰা নাছিল। কুমাৰগুপ্তৰ শাসনকাল শান্তিপূৰ্ণ আছিল। তেওঁৰ দিনত ভালেমান জনহিতকৰ কাম হৈছিল। তেওঁ সত্ৰ স্থাপন কৰিছিল আৰু সত্ৰবোৰক অৰ্থ সাহায্য দিছিল। তেওঁ নিজ বংশৰ বৈষ্ণৱ ধৰ্মৰ প্ৰতি থকা আনুগত্য মানি চলিছিল আৰু ‘পৰম ভাগৱত’ উপাধি গ্ৰহন কৰিছিল। অন্য ধৰ্মৰ প্ৰতিও তেওঁ সহনশীল আছিল। তেওঁ, তেওঁৰ মুদ্ৰাত ম’ৰা চৰাইৰ প্ৰতীক ব্যৱহাৰ কৰিছিল। ম’ৰা চৰাই কাৰ্তিকৰ বাহন। তেওঁ এটা স্থায়ী শাসনব্যবস্থা প্ৰৱৰ্তন কৰিছিল আৰু উদাৰ আৰু বলিষ্ঠ নীতিৰ দ্বাৰা এই শাসন ব্যবস্থাক শক্তিশালী কৰি তুলিছিল।

স্কন্দগুপ্ত

৪৫৫ খ্ৰী:ত কুমাৰগুপ্তৰ মৃত্যু হয়। তেওঁৰ পিছত ঘটোত্‌কচ নামৰ এজনে কিছুদিন ৰাজত্ব কৰে। তাৰ পিছত স্কন্দগুপ্ত ৰাজপাটত উঠে। এওঁ পুষ্যমিত্ৰ নামৰ উপজাতিক পৰাস্ত কৰি গুপ্ত সাম্ৰাজ্য ৰক্ষা কৰিছিল। হুনসকলৰ আক্ৰমণ স্কন্দগুপ্তৰ ৰাজত্বকালৰ এটা উল্লেখযোগ্য ঘটনা। স্কন্দগুপ্তৰ আগৰ গুপ্ত সম্ৰাটসকলে উত্তৰ-পশ্চিম সীমান্তত গ্ৰহণ কৰা ভুল নীতিৰ কাৰণেই স্কন্দগুপ্ত হুন আক্ৰমণৰ সন্মুখীন হব লগা হৈছিল। কাৰণ উত্তৰ পশ্চিম সীমান্ত সুৰক্ষিত কৰি থকাৰ প্ৰয়োজনীয়তা আগৰ ৰজাসকলে উপলব্ধি কৰিব পৰা নাছিল। স্কন্দগুপ্তই হুনসকলক পৰাস্ত কৰি পঞ্জাৱ আৰু কাশ্মীৰ ৰক্ষা কৰে। হুনসকলৰ বহুত ক্ষয়-ক্ষতি হয়। ইয়াৰ পিছত প্ৰায় অৰ্দ্ধ শতাব্দী ধৰি হুনসকলে পুনৰ ভাৰত আক্ৰমণ কৰিবলৈ সাহস কৰা নাছিল। হুন সকলক পৰাস্ত কৰি যোদ্ধা হিচাপে স্কন্দগুপ্তই সমুদ্ৰগুপ্তৰ পিছতেই স্থান অধিকাৰ কৰিছে। হুনসকলক পৰাস্ত কৰি ভাৰত ৰক্ষা কৰাৰ কাৰণে বহুতে স্কন্দগুপ্তক ‘ভাৰত ৰক্ষক’ বুলি কয়।

কৃতিত্ব

স্কন্দগুপ্তৰ দিনত বিদেশী আক্ৰমণ হোৱা স্বত্বেও তেওঁ শাসন ব্যৱস্থা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল। কৃষিৰ উন্নতিৰ কাৰণে, জলসিঞ্চন প্ৰণালীৰ উন্নতিৰ কাৰণে তেওঁ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল। নালন্দা বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ কামত তেওঁ জড়িত আছিল আৰু নালন্দাত এটা বিহাৰ স্থাপন কৰিছিল। তেওঁৰ কৰ্মচাৰী পৰাণ দত্তই সৌৰাষ্ট্ৰৰ সুদৰ্শন হ্ৰদৰ বান্ধ মেৰামতি কৰিছিল। স্কন্দগুপ্তৰ ৰাজত্বকালত সৌৰাষ্ট্ৰ আৰু মালৱত গুপ্ত অধিকাৰ বহুদূৰ শিথিল হৈ পৰিছিল যদিও তেওঁ আছিল গুপ্তসকলৰ ভিতৰত শেষৰ জন প্ৰধান গুপ্তসম্ৰাট। হুনসকলক প্ৰতিৰোধ কৰি তেওঁ বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল।

স্কন্দগুপ্তৰ উত্তৰাধিকাৰীসকল

স্কন্দগুপ্তৰ পিছত পুৰুগুপ্ত, দ্বিতীয় কুমাৰগুপ্ত, বুদ্ধগুপ্ত আৰু নৰসিংহ গুপ্তই ক্ৰমান্বয়ে ৰাজত্ব কৰে। এওঁলোকৰ ৰাজত্বকালৰ উল্লেখযোগ্য ঘটনা নাই। বৰঞ্চ এওঁলোকৰ ৰাজত্বকালতেই গুপ্তসকলৰ শাসন পতনমুখী হৈ পৰে।

গুপ্তযুগৰ শাসন ব্যৱস্থা

‘গুপ্ত সম্ৰাটসকলৰ অধীনত ভাৰত-সাম্ৰাজ্যৰ পুনৰগঠন ভাৰতীয় ইতিহাসৰ এটা স্মৰণীয় অধ্যায়’। ফাহিয়ানৰ বিৱৰণ, সমসাময়িক অনুশাসন আৰু শিলালিপিৰ পৰা গুপ্তযুগৰ শাসন ব্যৱস্থাৰ বিষয়ে জানিব পাৰি। গুপ্ত যুগৰ শাসন ব্যৱস্থাত ৰজা আছিল কেন্দ্ৰস্থল। ৰাজ্য শাসনৰ চুড়ান্ত সিদ্ধান্ত ৰজাই গ্ৰহণ কৰিছিল। কেন্দ্ৰীয় আৰু প্ৰাদেশিক কৰ্মচাৰীসকলক ৰজাই নিযুক্তি দিছিল। সৈন্যবাহিনীও তেওঁৰ নিৰ্দেশমতেই চলিছিল। ৰজা আছিল ৰাজ্যৰ সৰ্বপ্ৰধান বিচাৰপতি। তেওঁ নিম্ন আদালতৰ আপীলো শুনিছিল। ৰজা বংশানুক্ৰমে হৈছিল। অৱশ্যে বাপেকে পুতেকসকলৰ ভিতৰৰ পৰা উপযুক্তজনক ৰজা হিচাপে নিৰ্বাচিত কৰাৰ দৃষ্টান্তও নোহোৱা নহয়। গুপ্ত ৰজাসকলে নিজকে ঈশ্বৰৰ অংশ বুলি দাবী কৰিছিল। তেওঁলোকে নিজকে ঐশ্বৰিক গুণযুক্ত বুলি ভাবিছিল আৰু ‘পৰমদৈৱত’, ‘লোক-ধাম দেৱ’ আদি উপাধি গ্ৰহণ কৰিছিল। এলাহাবাদ প্ৰশস্তিত সমুদ্ৰগুপ্তক আনকি ‘মৰ্ত্যলোকৰ ঈশ্বৰ’ বুলি সম্বোধন কৰা হৈছে। ৰজা শাসন ব্যৱস্থাৰ কেন্দ্ৰস্থল হ’লেও ৰজাৰ কিছুমান সীমাবদ্ধতা আছিল। গুপ্তযুগৰ শাসন ব্যৱস্থা আছিল বিকেন্দ্ৰীভূত। প্ৰদেশ, বিষয় বা জিলা পৰ্যায়ত স্বায়ত্ব-শাসন চলিছিল। কেন্দ্ৰৰ মূল নীতিৰ লগত বিৰোধিতা নাথাকিলে প্ৰদেশ বা জিলাৰ শাসনকৰ্তাই বহুত ক্ষমতা ভোগ কৰিছিল। তদুপৰি দেশত যুদ্ধ বিগ্ৰহ চলি থকা হেতুকে ৰজাই সীমান্ত ৰজাসকলৰ ওপৰত ভালেখিনি নিৰ্ভৰ কৰিবলগীয়া হৈছিল। তদুপৰি দেশৰ চিৰাচৰিত প্ৰথা, ধৰ্মশাস্ত্ৰ, ব্ৰাহ্মণৰ বিধান আদি মানিহে ৰজাই আইন প্ৰণয়ন কৰিব পাৰিছিল। ৰজাই ইচ্ছামতে আইন প্ৰণয়ন কৰিব নোৱাৰিছিল। মন্ত্ৰী পদ আছিল বংশানুক্ৰমিক।গতিকে বহুক্ষেত্ৰত মন্ত্ৰীসকলেও ক্ষমতাৰ ভাগ পাইছিল। ৰজাক শাসনকাৰ্যত সহায় কৰিবলৈ মন্ত্ৰী, যুৱৰাজ আৰু উচ্চপদস্থ কৰ্মচাৰীসকল আছিল। কিন্তু গুপ্ত শাসন ব্যৱস্থাত মন্ত্ৰী পৰিষদৰ স্থান নাছিল। মন্ত্ৰী পদ বংশানুক্ৰমিক আছিল। কেন্দ্ৰত ৰজাই বহুত কৰ্মচাৰী নিয়োগ কৰিছিল। সেনাপ্ৰধান জনক মহাবলাধিকৃত বোলা হৈছিল। তেওঁৰ অধীনত বিভিন্ন সেনাবাহিনীৰ যেনে- অশ্বাৰোহী বাহিনী, হস্তীবাহিনীৰ বিষয়াসকল আছিল। প্ৰধান সেনাপতিজনক মহাদণ্ডনায়ক বোলা হৈছিল। ৰাজপ্ৰসাদৰ ৰক্ষী বাহিনীৰ প্ৰধান জনক মহাপ্ৰতিহাৰ বোলা হৈছিল। সন্ধিবিগ্ৰাহক নামৰ এটা নতুন পদবীৰ উল্লেখ পোৱা যায়। এইজন কৰ্মচাৰীয়ে বৈদেশিক নীতি, যুদ্ধ, সন্ধি আদিৰ বিষয়ে ৰজাক পৰামৰ্শ দিছিল। চৰকাৰী দলিল পত্ৰ ৰচনা আৰু ৰক্ষা কৰাৰ দায়িত্বত থকা বিষয়জনক অক্ষ-পটলাধিকৃত বুলি কোৱা হৈছিল। কৰণিক, দৌবাৰিক বা দাৰোৱান আদি নিম্ন বৰ্গৰ কৰ্মচাৰী আছিল। কেন্দ্ৰৰ সৈতে প্ৰাদেশিক শাসনৰ সংযোগ ৰাখিবৰ কাৰণে কুমাৰমাত্য আৰু আয়ুক্ত পদৰ সৃষ্টি কৰা হৈছিল। কুমাৰমাত্য সকলে কেন্দ্ৰৰ বিশ্বাসী কৰ্মচাৰী হিচাপে প্ৰদেশ বা জিলা বা বিষয়ত কাম কৰিছিল। আয়ুক্ত সকলে জিলা বা চহৰত কাম কৰিছিল। বিশেষকৈ বিজিত ৰজাৰ ৰাজ্য ঘূৰাই দিয়াৰ সময়ত সা-সম্পত্তি ঘূৰাই দিয়াৰ হিচাপপত্ৰ আয়ুক্তসকলে চাইছিল। শাসনৰ সুবিধাৰ কাৰণে গুপ্ত সাম্ৰাজ্যক প্ৰদেশ ভাগত ভাগ কৰা হৈছিল। প্ৰদেশবোৰক ‘দেশ’ বা ‘ভুক্তি’ বুলিছিল। সাধাৰণতে গংগা উপত্যকাৰ প্ৰদেশবোৰক ভুক্তি বোলা হৈছিল। পশ্চিম ভাৰতৰ প্ৰদেশবোৰক ‘দেশ’ বোলা হৈছিল। প্ৰদেশ বিলাকক আকৌ ‘জিলা’ বা ‘বিষয়’ত বিভক্ত কৰা হৈছিল। ‘দেশ’ৰ প্ৰধান শাসকজন আছিল ‘গোপত্ৰি’ আৰু ‘ভুক্তি’ৰ প্ৰধান শাসকজন আছিল ‘উপাৰিক-মহাৰাজ’। এই কৰ্মচাৰীসকল প্ৰদেশৰ পুলিচবাহিনী, বিচাৰ বিভাগ আদিৰ দায়িত্বত আছিল। প্ৰাদেশিক শাসনকৰ্তা সকলক বহু সংখ্যক নিম্ন পৰ্যায়ৰ কৰ্মচাৰীয়ে সহায় কৰিছিল। কিছুমান নিম্ন বৰ্গৰ কৰ্মচাৰী প্ৰাদেশিক শাসনকৰ্তাৰ অধীনত আৰু কিছুমান কেন্দ্ৰীয় শাসনকৰ্তাৰ অধীনত আছিল। প্ৰাদেশিক শাসনকৰ্তা সকলে প্ৰদেশৰ বিচাৰকৰ্য সম্পাদন কৰিছিল। প্ৰাদেশিক শাসনকৰ্তাৰ মাজৰ পৰাই ‘বিষয়’ৰ শাসনকৰ্তা নিযুক্ত হৈছিল। অৱশ্যে কেতিয়াব ৰজাই পোনপটীয়াকৈ ‘বিষয়’ৰ শাসনকৰ্তা নিযুক্ত কৰিছিল। আয়ুক্ত আৰু কুমাৰমাত্য সকল ‘বিষয়’ৰ শাসনৰ লগত জড়িত আছিল। ‘বিষয়’ৰ শাসনকাৰ্যত শাসনকৰ্তা সকলক সহায় কৰিবৰ কাৰণে এখন পৰিষদ আছিল। পৰিষদখনৰ নাম আছিল ‘অধিষ্ঠান অধিকৰণ’। ইয়াত বিভিন্ন শ্ৰেণীৰ স্থানীয় প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰিছিল। ইয়াৰ উপৰিও দণ্ডিক, দণ্ডপাশিক নামৰ পুলিচ কৰ্মচাৰীসকল আছিল। পুষ্টপাল সকল দলিল ৰচনাৰ দায়িত্বত আছিল। ‘বিনয়-স্থিতিস্থাপক’ নামৰ বিষয়াসকলৰ কাম আছিল ন্যায়নীতি ৰক্ষা কৰা। কেন্দ্ৰীয় আৰু প্ৰাদেশিক শাসনকৰ্তা সকলৰ মাজত পদ মৰ্য্যাদাৰ পাৰ্থক্য আছিল। গাওঁৰ শাসন ব্যৱস্থাত ‘গ্ৰামিক’ সকলে চৰকাৰী কৰ্মচাৰী হিচাপে দায়িত্ব পালন কৰিছিল। গাওঁৰ প্ৰধান জনক মহত্তৰ বা ভোজক বোলা হৈছিল। এওঁ শাসনকাৰ্যত গ্ৰামিকক সহায় কৰিছিল। গ্ৰামিকসকলে গাওঁ সভাৰ সহায়ত পতিত মাটি, খেতিৰ মাটিৰ হিচাপ ৰখা, জৰীপ কৰা, পথ ঘাট, পুখুৰী মন্দিৰ আদিৰ ওপৰত চকুৰখা ইত্যাদি কাম কৰিছিল। গাওঁসভা বিলাকে বিচাৰৰ দায়িত্বও বহন কৰিছিল। গাওঁসভাৰ  বিচাৰৰ ৰায়ৰ বিৰূদ্ধে ৰজাৰ ওচৰত আপীল কৰিব পাৰিছিল। দণ্ডবিধি কঠোৰ নাছিল। দোষীক প্ৰাণদণ্ড দিয়া নহৈছিল। ৰাজদ্ৰোহৰ বিৰুদ্ধে শাস্তি হিচাপে অংগচ্ছেদ কৰা হৈছিল। মানুহে যাতে ন্যায় পথত চলে ‘বিনয় স্থিতিস্থাপক’ সকলে তাৰ ওপৰত চকু দিছিল। ৰজাই মাটিৰ উত্‌পন্নৰ ১/৬ ভাগ ৰাজহ হিচাপে পাইছিল। ইয়াক ‘ভাগ’ বোলা হৈছিল। কৰ্মচাৰীসকলৰ দৰমহাৰ ওপৰত কৰ লগোৱা হৈছিল। এই কৰক ‘ভাগ’ বোলা হৈছিল। ইয়াৰ উপৰিও বানিজ্য কৰ, আবকাৰী কৰ, বনাঞ্চলৰ ওপৰত কৰ, ফেৰীঘাট, বজাৰ আদিৰ ওপৰত কৰ লগোৱা হৈছিল। অৱশ্যে ৰজাই কৰ্মচাৰীক বেতন দিলেও বেছিভাগ ক্ষেত্ৰত মাটি বন্দবস্ত দিছিল (জায়গীৰ)। মাটিৰ মালিক যদিও কৃষক আছিল তথাপি মাটি বিক্ৰী বা দান কৰিবলৈ হ’লে স্থানীয় পৰিষদ আৰু ৰজাৰ অনুমতি লব লাগিছিল। গুপ্ত শাসন ব্যৱস্থা সাম্প্ৰদায়িক নাছিল। গুপ্ত সম্ৰাট সকল ব্ৰাহ্মণ আছিল যদিও অন্য ধৰ্মৰ প্ৰতি তেওঁলোক সহনশীল আছিল। গুপ্ত সম্ৰাটসকল শিল্প সাহিত্যৰ পৃষ্ঠপোষক আছিল। এওঁলোকৰ পৃষ্ঠপোষকতাত শিল্প আৰু সাহিত্যৰ ক্ষেত্ৰত অভূতপূৰ্ব উন্নতি সাধন হৈছিল। গুপ্ত শাসন ব্যৱস্থা এটা উন্নত শাসন ব্যৱস্থা আছিল। চীনা পৰিব্ৰাজক ফাহিয়ানে এই শাসন ব্যৱস্থাৰ উচ্চ প্ৰশংসা কৰি গৈছে। গুপ্ত শাসন ব্যৱস্থা আছিল কেন্দ্ৰীভূত আৰু বিকেন্দ্ৰীভূত শাসন ব্যৱস্থাৰ সুন্দৰ সমন্বয়। অতিপাত ৰাষ্ট্ৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত হৈ প্ৰজাসাধাৰণে স্বাধীনভাৱে জীৱন যাপন কৰিব পাৰিছিল। বিকেন্দ্ৰীকৰণ ব্যৱস্থাই শাসন ব্যৱস্থাটোক শক্তিশালী কৰি তুলিছিল। এই বিকেন্দ্ৰীভূত শাসন ব্যৱস্থাৰ দুৰ্বলতাও আছিল। কাৰণ বিকেন্দ্ৰীকৰণৰ ফলস্বৰূপে বিচ্ছিন্নতাবাদে মূৰ তুলি উঠিছিল। কৰ্মচাৰীসকলক মাটি দিয়াৰ নিয়ম কৰাৰ কাৰণে সামন্ত প্ৰথাই গা কৰি উঠিছিল আৰু কালক্ৰমত সামন্ত সকলে স্বাধীন হবলৈ যত্ন কৰিছিল। গুপ্ত শাসন ব্যৱস্থাত নগৰ অঞ্চলতকৈ গাওঁ আৰু ‘বিষয়’য়ে প্ৰাধান্য লাভ কৰে। ইয়াৰ ফলত প্ৰাচীন নগৰবোৰ ধ্বংসস্তুপলৈ পৰিণত হৈছিল।

গুপ্তযুগৰ সমাজ ব্যৱস্থা

গুপ্তযুগৰ সমাজ ব্যৱস্থাৰ বিষয়ে ফাহিয়ানৰ টোকাৰপৰা জানিব পাৰি। চীনা পৰিব্ৰাজক ফাহিয়ানে ৪০১ ৰ পৰা ৪১০ খ্ৰী:লৈকে ভাৰত পৰিভ্ৰমণ কৰিছিল। ফাহিয়ানৰ মতে গুপ্ত যুগত মানুহ সুখী আৰু সন্তুষ্ট আছিল। জনসাধাৰণৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ কম পৰিমাণৰ আছিল। ফৌজদাৰী আইন কঠোৰ নাছিল। দোষীক শাস্তি দিয়াতকৈ জৰিমণাহে কৰা হৈছিল। মানুহে নিৰামিষ খাদ্য খাই ভাল পাইছিল। পিঁয়াজ বা নহৰু নাখাইছিল। কদাতিত্‌হে মানুহে মদ পান কৰিছিল। অৱশ্যে চণ্ডাল আদিয়ে মদ, মাংস খাইছিল কাৰণে সিহঁতক নগৰ বা গাওঁৰ বাহিৰত থাকিবলৈ বাধ্য কৰা হৈছিল। ধৰ্মৰ ক্ষেত্ৰত জৈনধৰ্ম আৰু বৌদ্ধধৰ্মৰ জনপ্ৰিয়তা আছিল। ফাহিয়ানে নালন্দা বিশ্ববিদ্যালয় উচ্চ প্ৰশংসা কৰিছে। ফাহিয়ানৰ বিৱৰণৰ পৰা জনা যায় যে সমাজত জাতিভেদ প্ৰথা আছিল। কাৰণ শুদ্ৰ বা নিম্নজাতৰ মানুহক অস্পৃশ্য বুলি ভবা হৈছিল। উচ্চ শ্ৰেণীৰ মানুহৰ অৱস্থা সচ্ছল আছিল যদিও নিম্ন শ্ৰেণীৰ মানুহৰ অৱস্থা স্বচ্ছল নাছিল। আইনৰ চকুতো সকলোবোৰ সমান নাছিল। কাৰণ বৰ্ণ অনুযায়ীহে অপৰাধীক শাস্তি দিয়া হৈছিল। ব্ৰাহ্মণসকলক পৱিত্ৰ আৰু দ্বিজ বোলা হৈছিল। কিন্তু চাৰিবৰ্ণৰ বাহিৰৰ মানুহক অপৱিত্ৰ বা ‘পঞ্চম’ বোলা হৈছিল (যেনে চণ্ডাল)। গুপ্তযুগৰ স্মৃতিশাস্ত্ৰত বৰ্ণভেদ প্ৰথাৰ উল্লেখ আছে। বৰাহমিহিৰে চাৰিবৰ্ণৰ মানুহক বেলেগে বেলেগে ….. বেলেগ বেলেগ অঞ্চলত বাসস্থান দিব লাগে বুলি কৈছিল। কিন্তু বৰ্ণভেদ প্ৰথা প্ৰকটভাৱে আছিল যদিও বৃত্তি, বিবাহ আৰু বাসস্থানবেলেগ কৰাটো বাস্তবক্ষেত্ৰত সম্ভৱপৰ হোৱা নাছিল। কাৰণ ব্ৰাহ্মণসকলেও অব্ৰাহ্মণৰ জীৱিকা গ্ৰহণ কৰা দেখা গৈছিল। অসবৰ্ণ বিবাহ আনকি বিদেশীৰ সৈতেও বিয়া-বাৰু হৈছিল। পাৰিবাৰিক সম্পৰ্ক স্থাপন হোৱা নিম্ন বৰ্গৰ লোকৰ সৈতে একেলগে খোৱা-লোৱাৰ ক্ষেত্ৰটো বাধা নাছিল। মানুহে শ্ৰেণীগত জীৱিকা এৰি অন্য জীৱিকা গ্ৰহণ কৰিব পাৰিছিল। উদাহৰণস্বৰূপে পশ্চিম ব্যৱসায়ীসকলে শাস্ত্ৰচৰ্চা আৰু যুদ্ধবিদ্যাক জীৱিকা হিচাপে গ্ৰহণ কৰিছিল। নগৰৰ ধনী আৰু স্বচ্ছল শ্ৰেণীটোৰ অৱসৰ বিনোদনৰ সময় আছিল। তেওঁলোকে সাহিত্য সংস্কৃতিৰ চৰ্চা কৰিছিল। গুপ্তযুগত দাস প্ৰথা আছিল আৰু দাসবিলাকক বেচা-কিনা কৰা হৈছিল। দাসবিলাকক দান কৰাও হৈছিল বুলি মনু আৰু নাৰদ স্মৃতিত উল্লেখ আছে। মনুৱে অপৰাধী বিলাকক দাস কৰাৰ কথা কৈছে। নাৰদ স্মৃতিত দুৰ্ভিক্ষৰ সময়ত নিজ ইচ্ছাই দাসত্ব লোৱাৰ কথা উল্লেখ আছে। যুদ্ধবন্দী বিলাককো দাস হিচাপে নিযুক্তি দিয়া হৈছিল। আইনৰ চকুত দাসৰ অধিকাৰ নাছিল। অৱশ্যে ধৰ্ম শাস্ত্ৰত মানুহৰ প্ৰতি মানৱিক আচৰণৰ কথা কোৱা হৈছে। যেনে – বৃদ্ধ বা অসুস্থ হ’লে দাসবিলাকক চোৱা-চিতাৰ দায়িত্ব লবলৈ দাসৰ মালিকক কোৱা হৈছে। সমাজৰ মানুহৰ নৈতিক মানদণ্ড উন্নত আছিল বুলি কব নোৱাৰি। সমাজত গণিকা বৃত্তি আছিল। গণিকা বিলাকক ঘিণ কৰা নহৈছিল। আনহাতেদি প্ৰশ্ৰয় দিয়াও নহৈছিল। যৌথ পৰিয়াল ব্যৱস্থাৰ প্ৰচলন আছিল। পৰিয়ালৰ বয়োজ্যেষ্ঠ পুৰুষ জনেই পৰিয়ালৰ মুৰব্বী আছিল। সম্পত্তিৰ ওপৰত পিতা পুত্ৰৰ সমান অধিকাৰ আছিল। পিতাৰ মৃত্যুৰ পিছত সম্পত্তিৰ ওপৰত সকলো পুতেকৰ অধিকাৰ সাব্যস্ত হৈছিল। পৰিবাৰবোৰ পুৰুষ প্ৰধান আছিল। সমাজত বাস্তৱ ক্ষেত্ৰত বাল্যবিবাহৰ প্ৰচলন আছিল যদিও যৌৱনপ্ৰাপ্ত হোৱাৰ পিছতো কন্যা বিয়া দিয়াৰ নিয়ম আছিল। গুপ্তযুগৰ সমাজত আঠ প্ৰকাৰৰ বিবাহ পদ্ধতিৰ প্ৰচলন আছে বুলি যাজ্ঞবল্কই উল্লেখ কৰিছে। বিয়াৰ আগত বা পিছত সতীত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। অৱশ্যে বহুতদিন ধৰি স্বামী বাহিৰত থাকিলে পুনৰ স্বামী নিৰ্বাচন কৰাৰ প্ৰথা আছিল। গুপ্ত সমাজত বিধৱা বিবাহ গ্ৰহণযোগ্য আছিল। অৱশ্যে একাধিক বিবাহৰ প্ৰতি উত্‌সাহ যোগোৱা হোৱা নাছিল। পুৰুষেও এবাৰহে বিবাহ কৰাইছিল। অৱশ্যে উচ্চবৰ্ণৰ লোকে একাধিক বিবাহ কৰাব পাৰিছিল। নিষিদ্ধ সম্পৰ্কৰ ভিতৰত বিবাহ হব নোৱাৰিছিল। অসবৰ্ণ বিয়া হোৱাৰো উদাহৰণ আছিল।যি কি নহওঅক গুপ্ত সমাজত নাৰীৰ স্বাধীনতা নাছিল। সমাজত পুৰুষৰ প্ৰাধান্যই বেছি আছিল। গুপ্ত সমাজ ব্যৱস্থাত মানুহে দবা, পাশা খেলি, গান বাজনা গাই, নাটক অভিনয় কৰি অৱসৰ সময় পাৰ কৰিছিল। সেই সময়ত জুৱা খেল বৰ জনপ্ৰিয় আছিল। ইয়াৰ উপৰিও জন্তুৰ যুদ্ধ, খেলাধূলা, মল্লযুদ্ধ, ৰথ দৌৰ আদি জনপ্ৰিয় আছিল। শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত গুপ্ত সমাজ আগবঢ়া আছিল। বৌদ্ধ আৰু হিন্দু শাস্ত্ৰ আৰু সাহিত্যৰ শিক্ষা দান কৰা হৈছিল। প্ৰাথমিক শিক্ষাৰ পিছত উচ্চশিক্ষ দান কৰা হৈছিল। কাঞ্চি, নাসিক, কাশী আদি ঠাই উচ্চ শিক্ষাৰ কেন্দ্ৰ আছিল। উচ্চ শ্ৰেণীৰ মানুহে সন্তানৰ কাৰণে দহ বছৰ শিক্ষাদানৰ ক্ষেত্ৰত ব্যয় কৰিবলগীয়া হৈছিল যদিও সন্ন্যাস ধৰ্ম গ্ৰহণ কৰিলে আৰু বহুতদিন অধ্যয়ন কৰিবলগীয়া হৈছিল। প্ৰৱেশিকা পৰীক্ষা পাছ কৰাৰ পিছত নালন্দা বিশ্ববিদ্যালয়ত ভৰ্ত্তি হব লাগিছিল। নালন্দা বিশ্ববিদ্যালয় সেই সময়ত অতি বিখ্যাত আছিল। ইয়াত বহুতো পাঠদান কক্ষ আছিল আৰু এটা ডাঙৰ পাঠাগাৰ আছিল। এই বিশ্ববিদ্যালয়ত যোগ্যতা অৰ্জন কৰা কঠিন আছিল। চীন আদি বাহিৰৰ ঠাইৰ পৰাও বৌদ্ধ শাস্ত্ৰ অধ্যয়ন কৰিবলৈ নালন্দা বিশ্ববিদ্যালয়লৈ ছাত্ৰ আহিছিল। ইয়াত ব্যাকৰণ, গদ্য, অলংকাৰ, তৰ্কশাস্ত্ৰৰ শিক্ষাদান কৰা হৈছিল আৰু ধৰ্মশাস্ত্ৰৰ অধ্যাপনাও কৰা হৈছিল। গণিত শাস্ত্ৰৰ বিশেষ উত্‌কৰ্ষ সাধন হৈছিল। ধৰ্মপাল, কমলশীল, ৰাহুলভদ্ৰ আদি নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰখ্যাত অধ্যাপক আছিল। নালন্দা বিশ্ববিদ্যালয় দান বৰঙনিৰ ওপৰত বৰ্তি আছিল।

অৰ্থনৈতিক অবস্থা

গুপ্তযুগত কৃষিৰ যথেষ্ট উন্নতি হৈছিল। দেশৰ মাটি তিনিভাগত বিভক্ত কৰা হৈছিল –

(১) ৰাষ্ট্ৰৰ অধীনৰ খেতি নকৰা মাটি,

(২) ৰাষ্ট্ৰৰ অধীনৰ খেতিৰ মাটি,

(৩) ব্যক্তিগত মালিকৰ অধীনৰ মাটি।

ৰাষ্ট্ৰৰ অধীনৰ উৰ্বৰা মাটিৰ খেতিৰ পৰা ৰাষ্ট্ৰৰ উপাৰ্জন হৈছিল। ব্যক্তিগত মালিকৰ অধীনত থকা মাটিৰপৰা ৰজাই ৰাজহ পাইছিল। ব্ৰাহ্মণসকলক ৰজাই মাটি দান কৰিছিল। এই মাটিক অগ্ৰহাৰ দান বোলা হৈছিল। দান লোৱা ব্যক্তিজনৰ মৃত্যু হ’লে ৰজাই মাটি ঘূৰাই পাইছিল। গুপ্তযুগত সামন্ত প্ৰথাৰ প্ৰচলন আছিল। ব্ৰাহ্মণ আৰু ক্ষত্ৰিয় মালিকৰ মাটিত কৃষকে খেতি কৰি দিছিল। মাটিৰ ১/২ বা ১/৫ শস্য পাইছিল আৰু বাকী কৃষকে পাইছিল। সাধাৰণতে মাটিত ধান, গম আৰু অন্যান্য ফলমূলৰ খেতি কৰা হৈছিল। বাঁহ গছো পোৱা গৈছিল। ফাহিয়ানৰ মতে পূব ভাৰতত ধানৰ আৰু পশ্চিম ভাৰতত গমৰ খেতি বেছি হৈছিল। জলসিঞ্চন ব্যৱস্থা উন্নত কৰিবৰ বাবে নদী আৰু হ্ৰদত বান্ধ দিয়া হৈছিল আৰু কুঁৱা আৰু পুখুৰী খন্দা হৈছিল। কৃষিজাত সামগ্ৰী দেশৰ ভিতৰতে ইখন ঠাইৰ পৰা সিখন ঠাইলৈ ৰপ্তানি কৰা হৈছিল। উদাহৰণস্বৰূপে বংগদেশৰ চেনি গুজৰাট আৰু দক্ষিণ ভাৰতলৈ ৰপ্তানি হৈছিল। গুপ্তযুগত বস্ত্ৰশিল্পৰ উন্নতি সাধন হৈছিল। সূতা, মচলিন, ৰেচম আৰু পচমৰ কাপোৰ প্ৰচুৰ পৰিমাণে তৈয়াৰ কৰা হৈছিল। বাৰাণসী ৰেচমৰ কাপোৰ তৈয়াৰ কৰাৰ কাৰণে বিখ্যাত আছিল। কিন্তু পিছলৈ চীনৰ ৰেচম বস্ত্ৰৰ আমদানি হোৱাত ভাৰতৰ ৰেচম বস্ত্ৰ প্ৰতিযোগিতৰ সন্মুখীন হয়। ইয়াৰ ফলত ভাৰতৰ ৰেচম শিল্পৰ বহিৰ্বাণিজ্য হ্ৰাস পাই আহে আৰু ভাৰতৰ ভিতৰৰ বজাৰৰ ওপৰতে নিৰ্ভৰ কৰি ভাৰতৰ ৰেচম শিল্প জীয়াই থাকিবলগীয়া হয়। ইয়াৰ ফলত বহুত ৰেচম শিল্প ব্যৱসায়ীয়ে ৰেচম ব্যৱসায় কৰিবলৈ এৰি অন্য ব্যৱসায় কৰিবলৈ লয়। অন্যান্য শিল্পৰ ভিতৰত ধাতুশিল্প, হাতীৰ দাঁতৰ কাম, লোহাৰ কাম, সোণ-ৰুপৰ অলংকাৰ নিৰ্মাণ, পাথৰ খোদাই ইত্যাদি প্ৰখ্যাত আছিল। কাঠৰ কাম, পোৰামাটিৰ কাম, চামৰাৰ কাম জনপ্ৰিয় শিল্প আছিল। চামৰাৰে জোতা, বিচনী, বটল, ঢাকনী আদি তৈয়াৰ কৰা হৈছিল। মাটিৰ পাত্ৰবোৰ বনাওঁতে মাটিৰ লগত অভ্ৰ মিহলি কৰি দিয়াৰ কাৰণে পাত্ৰবোৰ আকৰ্ষনীয় হৈ পৰিছিল। গুপ্তযুগত মুকুতাৰ ব্যৱহাৰ কৰা হৈছিল বুলিও ভবা হৈছিল। গুপ্তযুগত আভ্যন্তৰীণ শান্তি-শৃংখলা বিৰাজ কৰাৰ কাৰণে অন্তৰ্বাণিজ্য আৰু বহিৰ্বাণিজ্যৰ উন্নতি হৈছিল। পশ্চিম ভাৰতত থকা বন্দৰবোৰেদি বেহা বেপাৰ, বিশেষকৈ ৰোমৰ সৈতে অতি লাভজনক ব্যৱসায় চলিছিল। পিছলৈ পশ্চিম ভাৰতৰ বন্দৰবোৰৰ সৈতে গংগা যমুনা উপত্যকাৰ আৰু দক্ষিণ ভাৰতৰ বন্দৰবোৰৰ সংযোগ স্থাপন হৈছিল। বন্দৰবোৰৰ ভিতৰত ভৃগুকুচ্ছ, কল্যাণ, চৌল, কাবেৰীপত্তনম আদি বন্দৰবোৰ উল্লেখযোগ্য আছিল। উজ্জয়িনী অন্তৰ্বাণিজ্যৰ প্ৰধান কেন্দ্ৰ আছিল। নাসিক বাৰণসী, পৈঠান, তক্ষশীলা আদি নগৰবোৰ অন্তৰ্বাণিজ্যৰ প্ৰধান কেন্দ্ৰ আছিল। উজ্জয়িনীৰ পৰা ভৃগুকুচ্ছ বন্দৰ হৈ মাল বাহিৰলৈ গৈছিল। ৰোমৰ উপৰিও বাইজেন্‌টাইন সাম্ৰাজ্যৰ সৈতেও গুপ্ত ভাৰতত ব্যৱসায় বানিজ্য চলিছিল। ভাৰতৰ নানান ঠাইত বাইজেনটাইন মুদ্ৰা আৱিষ্কাৰ হোৱা কথাষাৰে ব্যৱসায় বাণিজ্য চলাৰ কথা প্ৰমাণ কৰিছে। ভাৰতৰ পৰা ৰোমলৈ ৰেচম ৰপ্তানি হোৱাৰ উপৰিও জীৱজন্তু যেনে ভালুক, সিংহ, বাঘ, ভাটৌ চৰাই আদিও ৰপ্তানি হৈছিল। পশুৰ নোম, হাতী দাঁতেৰে তৈয়াৰী বস্তু, মুক্তা, চন্দন কাঠ, লোহাৰ বস্তু, নীল, পাথৰ আদিও ৰোমলৈ ৰপ্তানি হৈছিল। ইয়াৰ উপৰিও পশ্চিমৰ অন্যান্য দেশবোৰলৈ মছলা, সুগন্ধি দ্ৰব্য, জলকীয়া আদি ৰপ্তানি কৰা হৈছিল। পিছলৈ ৰোম আৰু চীনৰ সৈতে ব্যৱসায় বেয়া হৈ অহাত দক্ষিণপূব এছিয়াৰ সৈতে ভাৰতৰ ব্যৱসায় বাণিজ্য বৃদ্ধি পায়। ঘণ্টশাল, কাদুবা, কাবেৰীপত্তনম বন্দৰৰ যোগেদি এই বাণিজ্য চলাৰ উপৰিও তাম্ৰলিপ্ত বন্দৰেদি বিশেষকৈ দক্ষিণপূব এছিয়াৰ সৈতে ভাৰতৰ বাণিজ্য চলিছিল। ফাহিয়ানেও তাম্ৰলিপ্ত বন্দৰেদিয়েই ভাৰতৰ পৰা নিজ দেশলৈ যাত্ৰা কৰিছিল। সম্ভৱত চীনা ৰাষ্ট্ৰদূত ফাহিয়ানৰ যাত্ৰা পথেদিয়েই চীন আৰু ভাৰতৰ মাজত বাণিজ্য সম্প্ৰসাৰিত হৈছিল। ভাৰতৰ পৰা চন্দন কাঠ ফুনানলৈ ৰপ্তানি কৰা হৈছিল। ইথিওপিয়াৰ পৰা হাতী দাঁত আৰু চীনৰ পৰা ৰেচম আমদানি কৰা হৈছিল। দক্ষিণপূব এছিয়াৰ পৰা মছলা, সুগন্ধি দ্ৰব্য, ৰেচম আদি আনি ভাৰতীয় ব্যৱসায়ীসকলে ৰোমলৈ ৰপ্তানি কৰিছিল। তাম্ৰলিপ্ত আৰু দক্ষিণ ভাৰতৰ অমৰাৱতী বন্দৰৰ পৰা ব্যৱসায়ী জাহাজ নিয়মীয়াকৈ ব্ৰহ্মদেশ, ফুনান, মালয় আদি ঠাইলৈ যাত্ৰা কৰিছিল। গুপ্তযুগত ব্যৱসায় বাণিজ্য আদি নিয়ন্ত্ৰণ কৰা হৈছিল। বাণিজ্যৰ উন্নতি সাধন কৰাটো ৰজাৰ কৰ্তব্যৰ ভিতৰত পৰে বুলি স্মৃতিশাস্ত্ৰ বোৰত উল্লেখ আছে। গুপ্তযুগত ‘গীলড্‌’ প্ৰথা (নিগম) আছিল। ব্যৱসায়ী, কাৰিকৰ সকলোৰে গীলড্‌ আছিল। ব্যৱসায় বাণিজ্য আৰম্ভ কৰিবলৈ হ’লে, বিশেষকৈ বহিৰাগত সকলে গীলড্‌ৰ অনুমতি ল’ব লাগিছিল। গীলডে বস্তুৰ দাম নিৰ্দ্দিষ্ট কৰি দিছিল। গীলড্‌বিলাক স্বয়ংশাসিত সংস্থা আছিল আৰু সেইকাৰণে গীলড্‌ বিলাকৰ কাম কাজত চৰকাৰে হস্তক্ষেপ নকৰিছিল। নিগমবিলাকে বেংকৰ নিচিনাকৈ টকা ধাৰে দিছিল আৰু ধাৰে দিয়া টকাৰ সূত আছিল শতকৰা কুৰি টকা। গুপ্তসকলৰ অৰ্থনৈতিক ব্যৱস্থাত দেখা গৈছিল যে ধনীক শ্ৰেষ্ঠ শ্ৰেণীটোৱে গীলড্‌ৰ জৰিয়তে অৰ্থনীতিতো নিজৰ হাতৰ মুঠিত ৰাখিছিল। গতিকে স্থানীয় শাসন পৰিষদত নিগমৰ প্ৰধান আৰু শ্ৰেষ্ঠী সকলক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল। গুপ্তযুগৰ মুদ্ৰাবোৰ শক আৰু কুষাণ মুদ্ৰাৰ অনুকৰণত গঢ় দিয়া হৈছিল। স্মিথৰ মতে ৰোমৰ মুদ্ৰাৰ প্ৰভাৱো গুপ্ত মুদ্ৰাৰ ওপৰত পৰিছিল। যি কি নহওক গুপ্তযুগৰ অৰ্থনৈতিক অৱস্থাৰ বিষয়ে বৰ্তমান দুটা মত পোষণ কৰা হৈছে। সেইটো হৈছে গুপ্তযুগত দুটা অৰ্থনৈতিক ব্যৱস্থা সমান্তৰালভাবে চলি আছিল। এটা ব্যৱস্থাত বণিক ক্ষত্ৰিয় আৰু শাসক ব্ৰাহ্মণসকলে আৰু স্বচ্ছল অধিবাসীসকলে এটা আৰাম আৰু আমোদ প্ৰমোদৰ জীৱন যাপন কৰিছিল। আনটো ব্যৱস্থাত সমাজৰ তলৰ শ্ৰেণীৰ মানুহবিলাকে দৰিদ্ৰ জীৱন যাপন কৰিছিল। গুপ্তযুগৰ অৰ্থনৈতিক সমৃদ্ধি ৩৬৪ খ্ৰী:ৰ পৰা লোপ পাবলৈ ধৰে।

গুপ্তযুগৰ সভ্যতা আৰু সংস্কৃতি

গুপ্ত সম্ৰাটসকলে ভাৰতবৰ্ষত দ্বিতীয় বিশাল হিন্দু সাম্ৰাজ্য গঢ়ি তুলিছিল। প্ৰায় বিলুপ্ত হ’বলগীয়া হিন্দু সাম্ৰাজ্য গুপ্তযুগত পুনৰ জীৱিত হৈ উঠিছিল। কেৱল সাম্ৰাজ্য গঢ়াই নহয় প্ৰায় দুই শতাব্দী ধৰি সাম্ৰাজ্যখনৰ ৰাজনৈতিক ঐক্য বজাই ৰাখিবলৈ গুপ্ত ৰজাসকল সমৰ্থ হৈছিল। স্কন্দগুপ্তই হুণসকলক পৰাস্ত কৰি অন্তত: ৫০ বছৰলৈ ভাৰতবৰ্ষক নিৰাপত্ত প্ৰদান কৰিছিল। উত্তৰ পশ্চিম আৰু সুদূৰ দক্ষিণলৈ গুপ্ত শাসনে বিস্তাৰ কৰিব নোৱাৰিলেও ভাৰতৰ এটা বিশাল অংশ গুপ্ত শাসনৰ অধীনত ঐক্যবদ্ধ হৈছিল।সাম্ৰাজ্যখন গঢ় দি গুপ্তসকলে এটা প্ৰজাহৈতেষী শাসনব্যৱস্থা প্ৰৱৰ্তন কৰি শাসন ব্যৱস্থাটো সুদৃঢ় কৰিছিল। বিকেন্দ্ৰীকৰণ শাসন ব্যৱস্থাৰ দ্বাৰা সাম্ৰাজ্যৰ সংহতি দৃঢ় কৰি তোলা হৈছিল। উপজাতিক স্বতন্ত্ৰতা ৰক্ষা পৰ কাৰনে প্ৰজাসাধাৰণ সন্তুষ্ট হৈছিল।ভাৰতবৰ্ষৰ নিচিনা এখন বিশাল দেশত কেন্দ্ৰীভূত শাসন ব্যৱস্থা যে কাৰ্যকৰী নহয় সেই কথা গুপ্ত সম্ৰাটসকলে উপলব্ধি কৰিছিল। ৰাজনীতিৰ ক্ষেত্ৰত ঐক্য শান্তি বৰ্তি থকাৰ কাৰণে স্বাভাৱিকতেই সাহিত্য, শিল্প, বিজ্ঞান, বাণিজ্য সকলো দিশতেই উন্নতি পৰিলক্ষিত হৈছিল। এই সকলো দিশতেই ‘ভাৰতীয় মণীষাৰ চৰম অভিব্যক্তি’ পৰিলক্ষিত হৈছিল।

সাহিত্য

গুপ্তযুগত সংস্কৃত সাহিত্যৰ যথেষ্ট উন্নতি হৈছিল। বহু সংখ্যক সাহিত্যিকে তেওঁলোকৰ সাহিত্য চৰ্চাৰ দ্বাৰা গুপ্তযুগক সমৃদ্ধ কৰি তুলিছিল। শুদ্ৰকে মৃচ্ছকটিকম্‌, বিশাখাদত্তই মুদ্ৰাৰাক্ষস ৰচনা কৰিছিল। তদুপৰি বৌদ্ধ দাৰ্শনিক আৰু গ্ৰন্থকাৰ বসুবন্ধ, এলাহাবাদ প্ৰশস্তিৰ ৰচক হৰিষেণ আদিয়ে গুপ্তযুগৰ জ্ঞানৰ ভঁৰাল চহকী কৰিছিল। কবি কালিদাসে শকুন্তলা, মেঘদূত, ঋতুসংহাৰ প্ৰভৃতি অমৰ নাট ৰচনা কৰিছিল। কালিদাসৰ সৃষ্টিয়ে সংস্কৃত সাহিত্যক বিশ্বসাহিত্যৰ চোতালত আগশাৰীৰ স্থান দিয়ে। স্মিথে ভাৰতৰ গুপ্তযুগক ইংলেণ্ডৰ এলিজাবেথৰ যুগৰ লগত তুলনা কৰিছে। এলিজাবেথৰ যুগত এডমাণ্ড স্পেন্সাৰ, খৃষ্টফাৰ মাৰ্লো, সিডনী আদিয়ে সাহিত্য সৃষ্টি কৰিছিল যদিও কেৱল চেক্সপীয়েৰৰ সাহিত্য সৃষ্টিয়েই এলিজাবেথৰ যুগক চিৰস্মৰণীয় কৰি ৰাখিলেহেঁতেন বুলি কোৱা হৈছে। তেনেদৰে কেৱল কালিদাসৰ সাহিত্য সৃষ্টিয়েই গুপ্তযুগক অমৰত্ব প্ৰদান কৰিছে। উপমাৰ ব্যৱহাৰ, ভাৱৰ অৱতাৰণা, মানুহৰ মনৰ অনুভূতিৰ সূক্ষ্ম বিশ্লেষণ আৰু গভীৰ প্ৰকৃতি জ্ঞান – এইকেইটা আছিল কালিদাসৰ অমৰ সৃষ্টিৰ প্ৰধান বৈশিষ্ট্য। আভ্যন্তৰীণ সমৃদ্ধি আৰু বহিৰ্জগতৰ সৈতে যোগাযোগৰ ফলতেই এলিজাবেথৰ যুগৰ দৰে গুপ্তযুগতো ব্যাপক সাহিত্য সৃষ্টি সম্ভৱ হৈছিল। গ্ৰীচ, ৰোম, মালয় দ্বীপপুঞ্জ, কম্বোজ, আনাম, সুমাত্ৰা, যাভা, বোৰ্ণিও, চম্পা, চীন আদি ঠাইৰ সৈতে গুপ্তযুগত ভাৰতৰ যোগাযোগ স্থাপন হৈছিল। বহিৰ্জগতৰ সৈতে যোগাযোগৰ ফলত ভাৰতীয় মনৰ প্ৰসাৰ ঘটিছিল।

শিল্পকলা আৰু ভাস্কৰ্য্য

গুপ্তযুগত ভাৰতীয় শিল্পকলাৰ অসাধাৰণ বিকাশ ঘটিছিল। স্মিথৰ মতে স্থাপত্য, ভাস্কৰ্য আৰু চিত্ৰকলা তিনিওটাই সংযুক্ত আৰু এই তিনিওটাই গুপ্তযুগত অসাধাৰণ অগ্ৰগতি লাভ কৰিছিল। গুপ্তযুগৰ শিল্পকলাৰ অগ্ৰগতি আছিল বিস্ময়কৰ। আগৰ যুগৰ স্থাপত্য ধাৰাৰ সৈতে গুপ্তযুগৰ স্থাপত্য ধাৰাৰ সংমিশ্ৰণ হৈ বৈশিষ্ট্যপূৰ্ণ ৰূপত প্ৰকাশ পায়। সাৰনাথত গুপ্তযুগৰ শিল্পকলাৰ যি নিদৰ্শন পোৱা গৈছে তাৰ দ্বাৰা সেই যুগৰ শিল্পকলাৰ উত্‌কৰ্ষ সাধনৰ পৰিচয় পোৱা যায়। গুপ্তযুগৰ আগতে পাহাৰ কাটি মন্দিৰ নিৰ্মাণ কৰা হৈছিল। শিল বা ইটা আদি স্থায়ী উপকৰণ ব্যৱহাৰ কৰা নহৈছিল। গুপ্তযুগত শিল বা ইটা ব্যৱহাৰ কৰা হৈছিল আৰু মন্দিৰ নিৰ্মাণৰ কাৰণে এটা বিশেষ স্থাপত্য শৈলী আৱিষ্কৃত হৈছিল। মন্দিৰত তিনিটা অংশ থাকে – সিংহদুৱাৰ পাৰ হৈ চোতাল, চোতালৰ পিছত নাট্যমন্দিৰ আৰু গৰ্ভগৃহ। নাট্যমন্দিৰত ভক্তবৃন্দ সমবেত হৈছিল আৰু গৰ্ভগৃহত বিগ্ৰহ অধিষ্ঠিত কৰা হৈছিল। মন্দিৰৰ চাৰিওপিনে ওখ প্ৰাচীৰ আছিল। গুপ্তযুগৰ মন্দিৰৰ এই স্থাপত্য শৈলী মোটামুটিভাবে আজিও প্ৰচলিত হৈ আছে। গুপ্তযুগৰ ভাস্কৰ্য্য বৈদেশিক প্ৰভাৱ মুক্ত আছিল। সম্পূৰ্ণ ভাৰতীয় শৈলীৰ গুপ্ত ভাস্কৰ্য্যই শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল। সমালোচকৰ মতে গুপ্তযুগৰ শিল্পীসকলে বাহিৰৰ সৌন্দৰ্য্যৰ সৈতে অন্তৰৰ ভাবৰ মিলন ঘটাইছিল। এইকাৰণে ভাস্কৰ্য্যত অতীন্দ্ৰিয়তা আৰু আধ্যাত্মিকতা পৰিলক্ষিত হৈছিল। ভাস্কৰ্য্যৰ বিষয়বস্তু আছিলমানুহৰ মূৰ্তি, প্ৰাণী, উদ্ভিদ ইত্যাদি। শান্ত আৰু সংযমৰ উপৰিও মনোভাব প্ৰকাশ কৰিবৰ কাৰণে হাত আৰু আঙুলিৰ মুদ্ৰা ব্যৱহাৰ কৰা হৈছিল। সাৰনাথ আৰু অন্যান্য ঠাইত পোৱা বুদ্ধৰ মুৰ্তিবোৰে গুপ্তযুগৰ ভাস্কৰ্য্যৰ উত্‌কৰ্ষতাৰ কথা কৈছিল। এই বৌদ্ধ মূৰ্তিবোৰৰ আকৃতি পিছৰ যুগৰ ভাৰতৰ আৰু ভাৰতৰ বাহিৰতো অনুকৰণীয় হৈ পৰিছিল। এই মূৰ্তিবোৰ –“Was derived from the Mathura type and owes nothing to Greek or any other foreign influence.” সাৰনাথৰ বুদ্ধ মূৰ্তিবোৰ আছিল লাৱণ্যময় আৰু নিৰ্মল। বুদ্ধৰ মূৰ্তিবোৰে ৰুচিবোধ, মধুৰতা আৰু সমৰ্পনৰ ভাব প্ৰকাশ কৰিছিল আৰু নিৰ্মাণশৈলী আৰু আধ্যাত্মিকবাদৰ সূক্ষ্ম সংযোগৰ কথা প্ৰকাশ কৰিছিল। বুদ্ধগয়াৰ মথুৰা ৰীতিত নিৰ্মিত বুদ্ধ মূৰ্তিটো বিশেষভাবে বিখ্যাত। মূৰ্তিটোৱে শ্ৰদ্ধাভাবৰ উদ্ৰেক কৰে। দেওগৰত থকা শিৱ আৰু বিষ্ণুৰ মূৰ্তিটো একে সৌন্দৰ্য্যই ফুটি উঠিছে। দেওগৰৰ দশাৱতাৰ মন্দিৰৰ অনন্তশয্যাত থকা বিষ্ণুৰ ৰিলিফ উল্লেখযোগ্য। উদয়গিৰিত থকা বৰাহ অৱতাৰৰ ৰিলিফ বিশেষভাবে উল্লেখযোগ্য। এই ৰিলিফটোৱে আশাৰ সঞ্চাৰ কৰি বিশ্বাস জন্মায়। দাক্ষিণাত্যৰ ভাস্কৰ্যত সাৰনাথৰ শান্তভাবৰ সৈতে দক্ষিণৰ নম্ৰ ভাব সংযুক্ত হৈছে। অজন্তাৰ ২৬ নং গুহাত ভৰি ওলোমাই থকা অৱস্থাৰ এটা বুদ্ধমূৰ্তি আছে। ইয়াৰ উপৰিও বহি থকা আৰু থিয় হৈ থকা বুদ্ধ মূৰ্তিও আছে। মুঠতে “It is in the domain of sculpture that the Gupta period witnessed the highest development of art in India.” (Dr. R.C. Mazumdar) অজন্তাৰ গুহা মন্দিৰ বিলাক গুপ্তযুগৰ স্থাপত্য, ভাস্কৰ্য আৰু চিত্ৰশিল্পৰ অপূৰ্ব নিদৰ্শন। পাহাৰ কাটি এই গুহা মন্দিৰবোৰ নিৰ্মাণ কৰা কাৰ্যই গুপ্ত স্থপতি শিল্পীসকলৰ কৌশলৰ পৰিচয় দিছিল। এই গুহা মন্দিৰৰ বেৰত অঁকা ছবিবোৰে সেই যুগত যে চিত্ৰশিল্পৰ অভূতপূৰ্ব উন্নতি হৈছিল সেই কথা প্ৰমাণ কৰিছে। এই চিত্ৰশিল্পৰ কথা, ১৩ বছৰ কাল গভীৰ ভাবে অধ্যয়ন কৰাৰ পিছত গ্ৰীফিথচে এনেদৰে কৈছে –“Inspite of its obvious limitations, I find the work so accomplished in execution, so consistent in convention, so vivacious and varied in design, and full of such evident delight in beautiful form and colour, that I cannot help ranking it with some of the early art which the world has agrred to praise in Italy”(Ancient India – Dr. R.C. Mazumdar P.461). গুপ্তযুগৰ চিত্ৰকলাই ধৰ্মীয় বিষয়ক অতিক্ৰম কৰি মানুহৰ জীৱনৰ নানা দিশ উদ্ভাসিত কৰিছিল। বুদ্ধৰ জীৱনক অৱলম্বন কৰিও বহুত প্ৰাচীৰ চিত্ৰ অঁকা হৈছিল। জাতকৰ গল্পৰ আধাৰতো প্ৰাচীৰ চিত্ৰ অঁকা হৈছিল। প্ৰাচীৰ চিত্ৰৰ ভিতৰত বোধিসত্ব পদ্মপাণি অৱলোকিতশ্বৰৰ ত্ৰিভংগ মূৰ্তিৰ চিত্ৰখন সমালোচক সকলে সৰ্বশ্ৰেষ্ঠ বুলি কৈছে। এইখনৰ লগতে আৰু এখন প্ৰখ্যাত চিত্ৰ আছে। সেইখন চিত্ৰত ভিক্ষুৰ বেশত বুদ্ধই গোপা আৰু পুতেক ৰাহুলৰ ওচৰত ভিক্ষা খোজা দৃশ্য চিত্ৰিত কৰা হৈছে। ইয়াৰ উপৰিও মাক আৰু পুতেক (যশোধৰা আৰু ৰাহুল), ৰাজকুমাৰীৰ মৃত্যু, বৌদ্ধ সভা আদি প্ৰাচীৰ চিত্ৰসমূহৰ নামো উল্লেখ কৰিব পাৰি। বাঘ গুহাৰ প্ৰাচীৰ চিত্ৰ সমূহত নৰ-নাৰীৰ দৈহিক সৌন্দৰ্যও উল্লেখনীয়ভাবে প্ৰকাশ কৰা হৈছে। মধ্য প্ৰদেশৰ বাঘ গুহাত ৯ টা গুহা আছে। আয়তনত ই ৯৬ বৰ্গফুট। বাঘ গুহাৰ চিত্ৰশিল্পৰ শৈলী অজন্তাৰ গুহাৰ চিত্ৰ শৈলীৰ দৰেই। এই চিত্ৰসমূহৰ বিষয়বস্তু বুদ্ধৰ জীৱনৰ কাহিনী। অজন্তাৰ ছবিবোৰত নৈৰাশ্য আৰু বৈৰাগ্যৰ ভাব ফুটি উঠিছে। আনহাতেদি বাঘ গুহাৰ ছবিবোৰ পাৰ্থিৱ আৰু মানৱিক। জ্ঞান-বিজ্ঞানৰ ক্ষেত্ৰতো গুপ্তযুগত যথেষ্ট উন্নতি হৈছিল। বৰাহমিহিৰে বিখ্যাত জ্যোতিষ শাস্ত্ৰ পঞ্জসিদ্ধান্ত ৰচনা কৰে। তেওঁ জ্যোতিৰ্বিজ্ঞানক তিনিটা শাখাত – জ্যোতিৰ্বিজ্ঞান, গণিত আৰু জ্যোতিষ – ভাগত ভাগ কৰে। বৰাহমিহিৰৰ ৰচনাত গ্ৰীক আৰু ৰোমৰ জ্যোতিৰ্বিজ্ঞানৰ প্ৰভাব পৰিছে বুলি স্মিথে মন্তব্য প্ৰকাশ কৰিছে। গুপ্তযুগৰ শ্ৰেষ্ঠ গণিত শাস্ত্ৰবিদ আছিল আৰ্যভট্ট। তেওঁক ভাৰতৰ নিউটন বোলা হৈছিল। তেওঁৰ আৰ্যভট্টীয় নামৰ গ্ৰন্থখন আছিল শ্ৰেষ্ঠ মৌলিক ৰচনা। পৃথিৱী সূৰ্য্যৰ চাৰিওপিনে ঘূৰে বোলা কথাটো তেওঁ আৱিষ্কাৰ কৰিছিল। গুপ্তযুগত হোৱা গণিত শাস্ত্ৰৰ উন্নতিৰ কাৰণে ভাৰতবাসীয়ে গৌৰৱ অনুভৱ কৰিব পাৰে। গুপ্তযুগত দাৰ্শনিক চিন্তা চৰ্চাৰো উন্নতি সাধন হৈছিল। ড° ৰাধাকৃষ্ণনৰমতে এই যুগত বহুত মৌলিক তত্ত্বৰ সৃষ্টি হৈছিল। গুপ্তযুগক ভাৰতীয় দৰ্শন আৰু ধৰ্মচিন্তাৰ স্বৰ্ণযুগ বুলিব পাৰি। এই যুগত ঈশ্বৰ কৃষ্ণই সাংখ্যদৰ্শনৰ টীকা লিখে। বসুবন্ধই পৰমাৰ্থ সপ্ততি ৰচনা কৰে। পক্ষিল স্যামিনে ন্যায়-সূত্ৰৰ ভাস্য ৰচনা কৰে। গৌড়পাদে তেওঁৰ অদ্বৈতবাদ আৰু বেদান্তবাদৰ তত্ত্ব প্ৰচাৰ কৰে। গুপ্ত যুগতেই বৃহস্পতিস্মৃতি, নাৰদস্মৃতি, দেবলস্মৃতি আদি গ্ৰন্থ ৰচিত হৈছিল বুলি জনা যায়। হিন্দুধৰ্মৰ আচাৰ-অনুষ্ঠান, চিন্তাধাৰাৰ লগত সংহতি ৰাখি কেইখনমান পুৰাণ নতুনকৈ ৰচনা কৰা হয়। পুৰাণত শিৱ আৰু বৈষ্ণব ধৰ্মক ব্ৰাহ্মণ্য ধৰ্মৰ অন্তৰ্ভুক্ত কৰা হয়। সেইপিনৰ পৰা পুৰাণ আছিল সমন্বয়কাৰী ধৰ্মীয় সাহিত্য। পৰাশৰ স্মৃতি আৰু মহাভাৰতৰ পুনৰ লিখন হৈছিল। গুপ্তযুগত ভালেমান লৌকিক দেৱ-দেৱতা দুৰ্গা, শিৱ, কালী, কাৰ্তিক আদিয়ে প্ৰাধান্য পায়। মনকৰিবলগীয়া যে লৌকিক দেৱ-দেৱতা সকলৰ ভালেমান আছিল অনাৰ্য দেৱতা। এই নতুন দেৱ-দেৱীৰ অন্তৰ্ভুক্তিয়ে ধৰ্মৰ ক্ষেত্ৰত সমন্বয় স্থাপন কৰিছিল আৰু নতুন দেৱ দেৱীৰ ঐশ্বৰিক মহিমা প্ৰকাশ কৰিবলৈ ধৰ্মশাস্ত্ৰ নতুনকৈ লিখিব লগা হৈছিল। সেইকাৰণে গুপ্ত যুগৰ ধৰ্ম আছিল প্ৰগতিশীল। গুপ্তযুগত শক্তি পূজাই প্ৰাধান্য লাভ কৰিছিল। শিৱ আৰু বিষ্ণুৰ পিছতেই আছিল শক্তিৰূপিনী দূৰ্গাৰ স্থান। গুপ্ত যুগত হিন্দু ধৰ্মৰ পুনৰুত্থান হৈছিল যদিও ধৰ্ম ধৰ্মান্ধতালৈ ৰূপান্তৰিত হোৱা নাছিল। পৰমধৰ্ম সহিষ্ণুতা হিন্দু ধৰ্মৰ মূল নীতি আছিল। সেই মূল নীতি গুপ্ত ৰজাসকলে মানি চলিছিল। কাৰণ বিভিন্ন ধৰ্ম, যেনে – বৌদ্ধধৰ্ম, বৈষ্ণৱধৰ্ম, শৈৱধৰ্ম, জৈনধৰ্মৰ প্ৰতিষ্ঠানবোৰক গুপ্ত সম্ৰাটসকলে আৰ্থিক সাহায্য দিছিল। গুপ্তযুগত ধাতু শিল্পৰো উন্নতি হৈছিল। নালন্দাত বুদ্ধদেৱৰ এটা তামৰ মূৰ্তি পোৱা গৈছিল। তদুপৰি বিভিন্ন ঠাইত পোৱা মূদ্ৰাবোৰে গুপ্তযুগৰ ধাতু শিল্পৰ উন্নতিৰ সাক্ষ্যবহন কৰিছিল। দিল্লীৰ ওচৰৰ লৌহ স্তম্ভ আৰু ইয়াৰ কাৰুকাৰ্যই আজিও দৰ্শকক বিস্মিত কৰে। গুপ্তযুগক গ্ৰীক ইতিহাসৰ পেৰিক্লিসৰ যুগৰ সৈতে তুলনা কৰা হৈছে। পেৰিক্লিসৰ সময়ত সাম্ৰাজ্যৰ বিস্তৃতি, সাহিত্য, সংস্কৃতি, দৰ্শন, বিজ্ঞান, শিল্প আদিৰ ক্ষেত্ৰত এথেন্সৰ অভূতপূৰ্ব উন্নতি সাধন হৈছিল। ইউৰিপিডিচ, এৰিষ্টফেনিস, সফোক্লিস, ইস্কাইলাস আদি সেই যুগৰ শ্ৰেষ্ঠ নাট্যকাৰ আছিল। ফিডিয়াস আছিল সেই যুগৰ প্ৰখ্যাত ভাস্কৰ। ইক্টিনাস আছিল শ্ৰেষ্ঠ স্থপতি। গুপ্তযুগত হোৱা শিল্প, সাহিত্য, দৰ্শন, বিজ্ঞানৰ উন্নতিয়ে এই যুগক পেৰিক্লিসৰ যুগৰ দৰেই অমৰ কৰি ৰাখিছে।

সোণালী যুগ

গুপ্তযুগক ভাৰতীয় ইতিহাসৰ স্বৰ্ণযুগ বোলা হৈছে। দেশত শান্তি ৰক্ষা, বিদেশী আক্ৰমণৰ পৰা ৰক্ষা, শিল্প, সাহিত্য, দৰ্শন আৰু বিজ্ঞানৰ উন্নতি, উদাৰপন্থী শাসন ব্যৱস্থা ইত্যাদি কথাৰ ওপৰত নিৰ্ভৰ কৰি গুপ্ত যুগক সোণালী যুগ বুলি কোনো কোনো ঐতিহাসিকে কৈছে। এই গুপ্ত যুগ ৩২০ ৰ পৰা ৪৮০ খ্ৰী:লৈকে চলিছিল। এই যুগটোক সোণালী যুগ বুলি কোৱা হৈছে আৰু এই যুগটোক গ্ৰীচৰ পেৰিক্লস আৰু ইংলেণ্ডৰ এলিজাবেথৰ যুগৰ লগত তুলনা কৰা হৈছে। কিয়নো পেৰিক্লস আৰু এলিজাবেথৰ যুগত গ্ৰীচ আৰু ইংলেণ্ডত হোৱাৰ দৰে গুপ্তযুগত ভাৰতবৰ্ষত সকলো ক্ষেত্ৰতে অভূতপূৰ্ব উন্নতি হৈছিল। এই যুগত ইমান উন্নতি হৈছিল যে এই যুগত থাকিবলৈ পোৱাটো সৌভাগ্যৰ কথা বুলি ভবা হৈছিল। তলত উল্লেখ কৰা কাৰণ কেইটাতে সাধাৰণতে গুপ্তযুগক সোণালী যুগ বুলি কোৱা হয় –

ৰাজনৈতিক ঐক্য

সমুদ্ৰগুপ্তৰ শাসন কালৰ আগত ভাৰতত বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য আছিল আৰু সেই ৰাজ্যবোৰৰ মাজত সঘনাই চলি থকা সংঘৰ্ষই ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰিছিল। ভাৰতৰ নেপোলিয়ন সমুদ্ৰগুপ্তই সেই সকলোবোৰ ৰাজ্য জয় কৰি ৰাজনৈতিক ঐক্য স্থাপন কৰিছিল। চন্দ্ৰগুপ্তই সমুদ্ৰগুপ্তই এৰি থৈ যোৱা ৰাজ্যবোৰ জয় কৰিছিল। তেওঁৰ প্ৰধান কৃতিত্ব আছিল যে তেওঁ শকবিলাকক পৰাস্ত কৰি বংগোপসাগৰৰ পৰা হিন্দুকোশলৈকে ৰাজ্য বিস্তাৰ কৰিছিল। কিন্তু প্ৰধান কথাটো আছিল গুপ্তসকলৰ আগত বিদেশী শক্তি শক আৰু কুষাণ বিলাকে ভাৰতত শাসন কৰি আছিল। গুপ্তসকলে বিদেশী শাসনৰ অন্ত পেলাই জাতীয়তাবাদৰ উত্থান ঘটায় আৰু ভাৰতত হিন্দু ৰাজত্ব প্ৰতিষ্ঠা কৰে।

শাসন ব্যৱস্থা

গুপ্তযুগৰ শাসন ব্যৱস্থা অতি সুন্দৰ আছিল। সেই যুগত মানুহে নিৰ্ভয়ে জীৱন যাপন কৰিব পাৰিছিল আৰু বিনা বাধাই ইঠাইৰ পৰা সিঠাইলৈ যাব পাৰিছিল। দেশত চোৰাংচোৱাগিৰি নাছিল। আটাইতকৈ ডাঙৰ কথা হ’ল যে প্ৰজাই কৰৰ বোজা গ্ৰহণ কৰিবলগীয়া নহৈছিল। এটা মুক্ত পৰিবেশত নিৰ্ভয়ে প্ৰজাগণ থাকিবলৈ পোৱাৰ ফলত সকলোৰে মনত ভাতৃত্বৰ ভাৱ গঢ় লৈ উঠিছিল।

শান্তি সমৃদ্ধি

গুপ্ত যুগটো আছিল শান্তি আৰু সমৃদ্ধিৰ যুগ। মানুহবোৰ ঐশ্বৰ্য্যশালী আছিল আৰু অন্যদেশৰ সৈতে বাণিজ্যিক যোগাযোগ ৰক্ষা কৰিছিল। গুপ্তযুগ যে সমৃদ্ধিশালী আছিল সোণৰ মুদ্ৰা প্ৰচলন হোৱা কথাটোৱে সেইটো প্ৰমাণ কৰে। চুৰি ডকাইতি নোহোৱাত দেশত শান্তি বিৰাজ কৰিছিল। মানুহ বিলাকে এটা আদৰ্শ জীৱন যাপন কৰিছিল। ফাহিয়ানৰ মতে সুৰাপান দূৰৰে কথা মানুহে পিঁয়াজ আৰু নহৰুকে নাখাইছিল। দেশত কচাইখানাও নাছিল। মানুহে ধৰ্মনীতি মানি চলিছিল। বাটৰ কাষে-কাষে ধৰমশালা নিৰ্মাণ কৰি দিয়া হৈছিল আৰু দুখীয়া মানুহৰ সুবিধাৰ কাৰণে চিকিত্‌সালয় নিৰ্মাণ কৰা হৈছিল। মুঠতে শক্তি, শান্তি, সম্প্ৰীতি, নৈতিকতা গুপ্তযুগৰ বৈশিষ্ট্য আছিল। এই বোৰ বুদ্ধিমত্তা আৰু সংস্কৃতিৰ অংগ হৈ পৰিছিল। জাতীয় আকাংক্ষাই পৰিপূৰ্ণতা লাভ কৰিছিল।

ভাষাৰ উন্নতি

গুপ্তযুগত সংস্কৃত ভাষাৰ উন্নতি হৈছিল। সংস্কৃত ভাষাক ৰাষ্ট্ৰভাষা কৰা হৈছিল আৰু মুদ্ৰাত সংস্কৃত ভাষা প্ৰচলন হৈছিল। বহুত লিখকে সংস্কৃত ভাষাত কিতাপ লিখিছিল আৰু বৌদ্ধ মঠবোৰত সংস্কৃত ভাষা শিকোৱা হৈছিল। গুপ্তসকল তেওঁলোকৰ ধৰ্ম-সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাবান আছিল আৰু আৰ্য্য সংস্কৃতি আৰু সভ্যতাৰ শ্ৰেষ্ঠতাৰ ওপৰত বিশ্বাস ৰাখিছিল। সেই কাৰণে সংস্কৃত ভাষাৰ উন্নতি সাধন কৰাৰ লগতে তেওঁলোকে বহুত বিষ্ণু আৰু শিৱ মন্দিৰ নিৰ্মাণ কৰিছিল আৰু ব্ৰাহ্মণ্যবাদক পুনৰ সংস্থাপিত কৰিছিল। মুঠতে গুপ্তযুগক হিন্দু নৱ জাগৰণৰ যুগ বুলি কব পাৰি। সংস্কৃত ভাষাৰ উন্নতিৰ লগে লগে অন্য ভাষাৰো উন্নতি হৈছিল। হৰিসেন, অমৰসিভ, আৰ্যভট্ট, ভৈৰৱী আদি এই যুগৰ প্ৰখ্যাত লিখক আছিল। বিশাখাদত্তই মুদ্ৰাৰাক্ষস ৰচনা কৰিছিল। অভিজ্ঞানম শকুন্তলম, ৰঘুবংশ, মেঘদূত, কুমাৰসম্ভৱ আদিৰ দৰে প্ৰখ্যাত পুথি গুপ্ত যুগতে কালিদাসে ৰচনা কৰিছিল। গুপ্ত ৰজাসকলৰ পৃষ্ঠপোষকতাৰ কাৰণেই ভাষা সাহিত্যৰ উন্নতি সাধন হৈছিল। ভাষা সাহিত্যৰ উন্নতিৰ উপৰিও গুপ্তযুগত শিক্ষা দীক্ষাৰো উন্নতি হৈছিল। গুপ্ত ৰজাসকল নিজেও শিক্ষিত আৰু পণ্ডিত ব্যক্তি আছিল। গুপ্ত যুগত ভালেকেইখনমান বিশ্ববিদ্যালয় আছিল আৰু তাৰে ভিতৰত তক্ষশীলা আৰু নালন্দা বিশ্ববিদ্যালয় বিখ্যাত আছিল। দূৰ দূৰণিৰ পৰা শিক্ষাৰ্থী, এই বিশ্ববিদ্যালয়লৈ জ্ঞান আহৰণৰ কাৰণে আহিছিল। বিশ্ববিদ্যালয় কেইখনৰ বাহিৰেও পাটলিপুত্ৰ আৰু বল্লভীও শিক্ষাৰ কেন্দ্ৰ হিচাপে প্ৰখ্যাত আছিল। গুপ্ত ৰজাসকলৰ দিনত বিজ্ঞানৰো যথেষ্ট উন্নতি হৈছিল। আৰ্যভট্ট গুপ্তযুগৰ প্ৰখ্যাত বিজ্ঞানী আছিল। তেওঁ জ্যোতিষশাস্ত্ৰ, গণিত, জ্যোতিৰ্বিদ্যা আদি বিষয়ৰ পণ্ডিত আছিল। গুপ্তযুগৰ বিজ্ঞানৰ উন্নতিৰ সাক্ষ্য আছিল মেহৰাউলীৰ লোহাৰ স্তম্ভটো। গুপ্তযুগত চিকিত্‌সা বিদ্যাৰো চৰ্চা হৈছিল। চৰক, ব্ৰহ্মগুপ্ত, ধন্বন্তৰি আদি প্ৰখ্যাত চিকিত্‌সক আছিল। স্থাপত্য, ভাস্কৰ্য, পেইণ্টিং আৰু অন্যান্য সূক্ষ্মকলাৰ ক্ষেত্ৰত গুপ্তযুগ প্ৰখ্যাত আছিল। বহুতো ধুনীয় ধুনীয়া মন্দিৰ, বৃহত্‌ অট্টালিকা আদি নিৰ্মাণ কৰা হৈছিল। ইয়াৰ উপৰিও স্তুপ, গুহা, বিহাৰ আদিও নিৰ্মাণ কৰা হৈছিল। সাৰনাথৰ স্তুপ, অজন্তাৰ গুহা আৰু উদয়গিৰিৰ গুহা শিল্পকাৰ্যৰ পিনৰ পৰা উল্লেখনীয় আছিল। মন্দিৰবোৰ শিলেৰে নিৰ্মিত আছিল। মন্দিৰবোৰৰ ভিতৰত দেৱগড়ৰ দশাৱতাৰ মন্দিৰটোৱেই আটাইতকৈ ধুনীয়া আছিল। Percy Brown য়ে এই মন্দিৰটোৰ কথা – “One of rare merit in the correct ordering of its parts” বুলি কৈছে। গুপ্ত যুগৰ স্থাপত্যৰ মূল কথা আছিল ই বিদেশী শৈলীৰ প্ৰভাৱ মুক্ত আছিল। বৌদ্ধ ভাস্কৰ্যত বিদেশী শৈলীৰ প্ৰভাৱ মুক্ত আছিল। মাটি, শিল আৰু ধাতুৰে ধুনীয়া বৌদ্ধ মূৰ্তিবোৰ সজা হৈছিল। বৌদ্ধ মূৰ্তিবোৰৰ ভিতৰত সাৰনাথৰ বুদ্ধ মূৰ্তিটোৰ কথা উল্লেখনীয়। বৌদ্ধ মূৰ্তিৰ বাহিৰেও পুৰাণৰ দেৱ দেৱী যেনে – শিৱ, বিষ্ণু, সূৰ্য আদিৰ মূৰ্তিও সজা হৈছিল। গুপ্ত যুগৰ ভাস্কৰ্যৰ আন এটা উল্লেখনীয় বস্তু আছিল পোৰামাটিৰে ছাব মৰা প্ৰতিমূৰ্তিবোৰ (terracotta figures)। এই terra cotta figure বোৰ গুপ্তযুগৰ অন্তৰাত্মা বুলি Dr.V.S. Agarwal য়ে কৈছে। তেওঁ আৰু কৈছে যে এইবোৰ আছিল ‘lyric expressed in clay’। গুপ্তযুগৰ মূৰ্তিৰ প্ৰধান বৈশিষ্ট্য আছিল মূৰ্তিবোৰৰ মুখৰ শান্তভাব। গুপ্তযুগত চিত্ৰকলাই উন্নতিৰ চৰম সীমা পাইছিল। প্ৰকৃতি, মানুহৰ জীৱন, বুদ্ধি, বুদ্ধিস্তৱ, বুদ্ধৰ জীৱনৰ ঘটনাৱলী আদি অজন্তা গুহাৰ চিত্ৰকলাৰ বিষয়বস্তু আছিল। সমালোচক Grittith য়ে কৈছে যে ফ্লৰেন্স আৰু ভেনিচৰ চিত্ৰকলাতকৈ অজন্তাৰ চিত্ৰকলা উত্‌কৃষ্ট আছিল। বাঘ গুহাৰ চিত্ৰকলাত জাতকত উল্লেখ থকাৰ দৰে বুদ্ধৰ জীৱনৰ ছবি অংকিত হৈছিল। বাঘ গুহাৰ চিত্ৰকলাবোৰ জীৱন্ত, মনোমোহা আৰু বিনন্দীয়া আছিল। গুপ্তযুগত ভাৰতীয় কলা আৰু সভ্যতাই অভূতপূৰ্ব উন্নতি লাভ কৰিছিল। ব্যৱসায় আণিজ্যৰো উন্নতি হৈছিল আৰু ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক দিশত ভাৰত আগবঢ়া আছিল। গুপ্তযুগত সকলোপিনে ভাৰতে লাভ কৰা উন্নতিৰ কাৰণে গুপ্তযুগক সোণালী যুগ বুলি কব পাৰি।

[For a broad outline of the cave paintings of Ajanta, Ellora and Bagh caves reference ‘Simple History of Ancient India’ by Khurana Sarma – p. 372-377]

ত্ৰিশক্তিৰ যুদ্ধ

ভাৰতত তিনিটা শক্তিৰ যুদ্ধ অষ্টম শতিকাতে আৰম্ভ হৈ দশম শতিকালৈকে চলিছিল। যুদ্ধত লিপ্ত হোৱা তিনিটা শক্তি আছিল প্ৰতিহাৰ, পাল আৰু ৰাষ্ট্ৰকূট। যুদ্ধত জড়িত হৈ পৰা তিনিটা শক্তিয়েই যথেষ্ট শক্তিশালী আছিল। ৰাজপুতনা আৰু মধ্য ভাৰত প্ৰতিহাৰ বংশৰ ৰজা বত্‌সৰাজৰ (৭৮০ খৃ:) অধীনত আছিল। সেই একেটা সময়তে বংগদেশত পাল বংশৰ ৰজা ধৰ্মপালে (৭৮০-৮১৫ খৃ:) ৰাজত্ব কৰিছিল। দুয়োটা বংশই পূব আৰু পশ্চিমলৈ তেওঁলোকৰ ৰাজ্য বিস্তাৰ কৰিব খুজিছিল। সেই কাৰণে দুয়োটা শক্তিৰ মাজত স্বাৰ্থৰ সংঘাত হৈছিল। গংগা আৰু যমুনাৰ মাজৰ এটুকুৰা ঠাইত দুয়ো পক্ষৰ মাজত যুদ্ধ হৈছিল। এই যুদ্ধত পাল ৰজা ধৰ্মপাল পৰাস্ত হৈছিল। সেই সময়তে ৰাষ্ট্ৰকুট ৰজা ধ্ৰুবই (৭৭৯-৭৯৩) দক্ষিণ পিনৰপৰা প্ৰতিহাৰ ৰজা বত্‌সৰাজক আক্ৰমণ কৰিছিল। বত্‌সৰাজ ৰাজপুতনাৰ পিনে পলাই যায়। কিছুদিন পিছত তেওঁ পুনৰ শক্তি গোটাই লৈ ধৰ্মপালক আক্ৰমণ কৰি পৰাজিত কৰে। এই দৰে তিনিশক্তিৰ মাজত যুদ্ধ লাগে আৰু হৰা-জিকা হয় যদিও তাৰ পৰা লাভালাভ একো নহ’ল। R.C.Mazumdar য়ে ত্ৰিশক্তিৰ এই যুদ্ধখনক  “most important factor in the political history of India during the next century”. বুলি মন্তব্য কৰিছে। এইখন যুদ্ধৰ পিছতে ৰাষ্ট্ৰকূট ৰজা ধ্ৰুবৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পিছতে ৰাজ্যত উচ্ছৃংখলতাই দেখা দিয়ে। ধ্ৰুবৰ উত্তৰাধিকাৰী তৃতীয় গোবিন্দই আভ্যন্তৰীণ সমস্যা সমাধান কৰা কামতে ব্যস্ত থাকিবলগীয়া হয়। গতিকে তেওঁ উত্তৰ ভাৰতৰ ৰাজনীতিত বিশেষ মনোনিবেশ কৰিব নোৱাৰিলে। এনে এটা পৰিস্থিতিৰ সুযোগ ললে পাল ৰজা ধৰ্মপালে। তেওঁ উত্তৰ ভাৰতৰ ভালেমান ঠাই জয় কৰি সেইবোৰত নিজৰ আধিপত্য বিস্তাৰ কৰিলে। তেওঁ প্ৰতিহাৰ ৰজাৰ প্ৰতিনিধি আৰু কনৌজৰ ৰজা ইন্দ্ৰায়ুধক পৰাস্ত কৰিলে। ইন্দ্ৰায়ুধৰ ঠাইত চক্ৰায়ুধক তেওঁ কনৌজৰ ৰজা পাতিলে। ইয়াৰ পিছত তেওঁ এখন ৰাজদৰবাৰ পাতিলে আৰু তালৈ ভালেমান ৰজাক নিমন্ত্ৰণ জনালে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে এটা বৃহত্‌ অঞ্চলত ধৰ্মপালৰ প্ৰভাৱ বিস্তাৰ হৈছিল। যি বংগ দেশৰ ভাৰতীয় ৰাজনীতিত কোনো স্থান নাছিল সেই বংগ দেশেই পাল বংশৰ ৰজাসকলৰ দিনত উত্তৰ ভাৰতত ইমূৰৰ পৰা সিমূৰলৈ বিস্তৃত এখন ৰাজ্যৰ কেন্দ্ৰবিন্দু হ’বলৈ সক্ষম হৈছিল। কিন্তু মনকৰিবলগীয় কথা আছিল যে উত্তৰ ভাৰতৰ ৰাজনীতিত; ত্ৰিশক্তিৰ যুদ্ধৰ সময়ত কোনো এখন ৰাজ্যয়েই বেছি দিন আধিপত্য বিস্তাৰ কৰি থকিব পৰা নাছিল। পালসকলৰ পিছত প্ৰতিহাৰ ৰজা নাগভট্টই (৮১৫ খৃ:) হেৰোৱা শক্তি পুনৰ উদ্ধাৰ কৰি শক্তিশালী হৈ পৰে। তেওঁ ভালেমান ৰজাক পৰাস্ত কৰে আৰু সিন্ধু, অন্ধ্ৰ, বিদৰ্ভ আৰু কলিংগৰ ওপৰত আধিপত্য বিস্তাৰ কৰে। তেওঁ পালৰজা ধৰ্মপালৰ প্ৰতিনিধি চক্ৰায়ুধক আক্ৰমণ কৰি পৰাস্ত কৰে। এইদৰে পাল আৰু প্ৰতিহাৰ সকলৰ মাজত পুনৰ যুদ্ধ হয়। মনঘীৰত (Monghyr)ধৰ্মপাল আৰু নাগভট্টৰ মাজত এখন যুদ্ধ হৈছিল আৰু এই যুদ্ধত নাগভট্ট বিজয়ী হয়। কিন্তু এইবাৰো প্ৰতিহাৰ সকলৰ বিজয় কোনো কামত নাহিল। কাৰণ ৰাষ্ট্ৰকূট ৰজা তৃতীয় গোবিন্দই হঠাত্‌ প্ৰতিহাৰ সৈন্যবাহিনী আক্ৰমণ কৰিলে। তৃতীয় গোবিন্দই হঠাতে কৰা এই আক্ৰমণৰ ফলত নাগভট্টৰ সপোন বাস্তৱত পৰিণত নহ’ল। ৰাষ্ট্ৰকূট লিপিত উল্লেখ আছে যে উল্লেখ আছে যে ধৰ্মপাল আৰু চক্ৰায়ুধে তৃতীয় গোবিন্দৰ সহায় বিচাৰিছিল। কাৰণ তেওঁলোকে তৃতীয় গোবিন্দৰ সহায় লৈ প্ৰতিহাৰ ৰজা নাগভট্টক পৰাস্ত কৰাৰ পৰিকল্পনা কৰিছিল। তদুপৰি তেওঁলোকে ধৰি লৈছিল যুদ্ধৰ পিছত তৃতীয় গোবিন্দ দাক্ষিণাত্যৰ নিজৰ ৰাজ্যলৈ উলটি যাব আৰু তেতিয়া উত্তৰ ভাৰতত তেওঁলোকেই প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব। কিন্তু লটা নামৰ প্ৰদেশ এখনৰ ৰজাই বিদ্ৰোহ কৰাত তৃতীয় গোবিন্দ লৰালৰিকৈ উলটি যাব লগা হ’ল। তৃতীয় গোবিন্দ আঁতৰি গলত ধৰ্মপাল পুনৰ উত্তৰ ভাৰতত একছত্ৰী সম্ৰাট হৈ পৰিল। ধৰ্মপালে নাগভট্টৰ পিছৰ জন প্ৰতিহাৰ ৰজা ৰামভদ্ৰক পৰাস্ত কৰিছিল আৰু কনৌজৰ ওপৰত আধিপত্য বিস্তাৰ কৰিছিল। গতিকে দেখা গল যে প্ৰতিহাৰ সকলে দুবাৰকৈ যদিও ধৰ্মপালক পৰাস্ত কৰিছিল তথাপি ৰাষ্ট্ৰকূট ৰজাসকলৰ হস্তক্ষেপৰ কাৰণেই প্ৰতিহাৰ সকলে বিশেষ একো সুবিধা গ্ৰহণ কৰিব নোৱাৰিলে। সেই কাৰণে ধৰ্মপালৰ দিনত পালসকলেই উত্তৰ ভাৰতৰ ৰাজনীতিত বহু দিনলৈকে আধিপত্য বিস্তাৰ কৰি থাকিল। ৮১৫ খৃ:ত ধৰ্মপালৰ মৃত্যু হয়। ধৰ্মপালৰ পিছত দেবপাল ৰাজসিংহাসনত আৰোহণ কৰে (৮১৫-৮৫৫ খৃ:)। এওঁৰ সমসাময়িক প্ৰতিহাৰ ৰজা আছিল ৰামভদ্ৰ। দেবপালো এজন সাহসী যোদ্ধা আছিল।আৰু হুণ, গুৰ্জৰ, প্ৰতিহাৰ আদিক পৰাস্ত কৰাৰ উপৰিও কামৰূপতো শাসন বিস্তাৰ কৰিছিল। দেবপাল এজন শক্তিশালী ৰজা আছিল আৰু তেওঁ সিংহাসনত থকা কালত প্ৰতিহাৰ ৰজা ৰামভদ্ৰ বা ভোজে পালৰাজ্য আক্ৰমণ কৰিবলৈ সাহস কৰা নাছিল। পাল ৰজা দেবপালৰ মৃত্যুৰ পিছত প্ৰতিহাৰ ৰজা ভোজে (৮৩৬-৮৫৫ খ্ৰী:)তেওঁৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সুবিধা পায়। ইতিমধ্যে ৰাষ্ট্ৰকূট ৰজা অমোঘবৰ্ষই (৮১৪-৮৭৭ খ্ৰী:) পাল ৰজাক বেয়াকৈ পৰাস্ত কৰে। এই ঘটনাই আওপকীয়াকৈ প্ৰতিহাৰ ৰজা ভোজক সহায় কৰে। ভোজে পূব পিনলৈ তেওঁৰ ৰাজ্য বিস্তাৰ কৰে। পাল বংশৰ পিছৰ কেইজন ৰজা বিগ্ৰহপাল (৮৫৫-৮৬০ খৃ:) আৰু নাৰায়ণপাল (৮৬০-৯১৫ খ্ৰী:)দুৰ্বল ৰজা আছিল। তেওঁলোকে ভোজৰ সন্মুখত তিষ্ঠিব পৰা নাছিল। ভোজে পাল ৰজাসকলক পৰাস্ত কৰিছিল। ৰাষ্ট্ৰকূট ৰজা দ্বিতীয় কৃষ্ণৰ সৈতেও (৮৭৪-৯১৪ খৃ:) ভোজৰ যুদ্ধ হৈছিল। ভোজে দ্বিতীয় কৃষ্ণক আক্ৰমণ কৰিছিল। নৰ্মদা নদীৰ পাৰত এখন তয়াময়া যুদ্ধ হৈছিল আৰু এই যুদ্ধত ভোজে দ্বিতীয় কৃষ্ণক পৰাস্ত কৰি মালওৱা নিজ ৰাজ্যৰ লগত চামিল কৰিছিল। গুজৰাট দখলৰ কাৰণেও দুয়োপক্ষৰ মাজত যুদ্ধ হৈছিল। কিন্তু এইখন যুদ্ধ অমীমাংসিত ভাবে অন্ত পৰিছিল। উত্তৰ ভাৰতৰ এটা বৃহত্‌ অংশ জয় কৰি ভোজে এখন বিশাল সাম্ৰাজ্য এৰি থৈ গৈছিল। ভোজৰ উত্তৰাধিকাৰী মহেন্দ্ৰপালো এজন সাহসী ৰজা আছিল। পাল বংশৰ ৰজা সকলৰ পৰা তেওঁ মগধ আৰু বংগ দেশৰ কিছু অংশ কাঢ়ি লৈছিল। এইদৰেই ত্ৰিশক্তিৰ যুদ্ধ বা এশদিনৰ যুদ্ধৰ অন্ত পৰিছিল। ত্ৰিশক্তি যুদ্ধখনৰ বিষয়ে Dr.R.C.Mazumdar য়ে এনেদৰে কৈছে –‘নৱম শতিকাত সাম্ৰাজ্যৰ কাৰণে তিনিটা প্ৰতিদ্বন্দী শক্তিৰ মাজত হোৱা সংঘৰ্ষৰ ন্যায়সিদ্ধ ভাবেই পৰিসমাপ্তি ঘটিল। ধ্ৰুব আৰু তৃতীয় গোবিন্দ, ধৰ্মপাল আৰু দেবপাল, ভোজদেৱ আৰু মহেন্দ্ৰপাল – প্ৰত্যেকটো যোৰেই ৰাজকীয় ভূমিকাত অৱতীৰ্ণ হৈ গ’ল। কিন্তু তেওঁলোকৰ সাম্ৰাজ্য সাগৰৰ ঢৌৰ দৰে কেৱল মাৰ যাবলৈকে উঠিছিল। পাল আৰু ৰাষ্ট্ৰকূট আৰু প্ৰতিহাৰ সকলৰ ক্ষেত্ৰতো এই কথা ভাগ্যৰ শিলৰ ৰেখাৰ দৰে। এই বংশৰ পৰৱৰ্তী ইতিহাস শক্তিশালী সাম্ৰাজ্যৰ উত্থান পতনৰ ইতিহাস’। অৱশ্যে এই ক্ষেত্ৰত আজিকালি এটা অন্য চিন্তা আৰম্ভ হৈছে। কোনো কোনোৱে প্ৰশ্নৰ অৱতাৰণা কৰিছে যে গুপ্তযুগক সোণালী যুগ বুলি কোৱাটো সমীচীন হ’ব নে নহয়। এওঁলোকৰ যুক্তি হ’ল যে সামন্তসকলৰ বিদ্ৰোহে সাম্ৰাজ্যৰ ঐক্য আৰু সংহতি বিনষ্ট কৰিছিল। বেতনৰ পৰিৱৰ্তে মাটি দিয়াৰ প্ৰথা প্ৰৱৰ্তনৰ কাৰণে আৰু স্বায়ত্ব শাসন প্ৰদানৰ কাৰণে কেনেদৰে সামন্ত শ্ৰেণীৰ সৃষ্টি হৈছিল সেই কথা আগত আলোচনা কৰা হৈছে। তদুপৰি ফাহিয়ানৰ মন্তব্যৰ ওপৰত ভৰ দি এইসকল বুৰঞ্জীবিদে কব খোজে যে গুপ্ত যুগত সাধাৰণ প্ৰজাৰ অৰ্থনৈতিক অৱস্থা ভাল নাছিল। কাৰণ ফাহিয়ানে লিখিছে সাধাৰণ প্ৰজাই টকাৰ অভাৱত কড়ি দি বস্তু বেচা-কিনা কৰিছিল। ৰূপৰ মুদ্ৰা থকা হ’লে হয়তো এনে এটা অৱস্থা নহ’লহেঁতেন। কিন্তু গুপ্ত যুগত সোণৰ মুদ্ৰাহে প্ৰচলন হৈছিল। সোণৰ মুদ্ৰাৰ প্ৰচলন হোৱাত ধনিক শ্ৰেণী আৰু শাসক শ্ৰেণীৰহে সুবিধা হৈছিল। তেওঁলোকেহে সোণৰ মুদ্ৰা ব্যৱহাৰ কৰিব পাৰিছিল। তদুপৰি শিল্প সাহিত্যৰো সৃষ্টি হৈছিল অভিজাত শ্ৰেণীৰ বিনোদনৰ কাৰণেহে। সাধাৰণ মানুহৰ জীৱনলৈ সাহিত্য সৃষ্টি হোৱা নাছিল, মূৰ্তিও নাছিল বা ছবিও নাছিল। সমাজৰ উচ্চতৰ শ্ৰেণীয়ে সাধাৰণ শ্ৰেণীৰ পৰা নিজকে পৃথক বুজাবলৈ সংস্কৃত ভাষা ব্যৱহাৰ কৰিছিল। সৰ্বসাধাৰণৰ কথিত ভাষা আছিল প্ৰাকৃত। বস্তুবাদী দৃষ্টিভংগীৰে চালে কথাখিনিৰ সত্যতা নোহোৱা নহয়। কিন্তু ৰাজতন্ত্ৰৰ যুগত সমাজবাদী মূল্যবোধ বিচাৰিলে পোৱা নাযায়। ৰাজতন্ত্ৰ প্ৰজাহিতৈষী হলেই ভাল বুলিব লাগিব। গুপ্ত সম্ৰাটসকল প্ৰজাহিতৈষী আছিল আৰু তেওঁলোকৰ দিনত সাম্ৰাজ্য খনৰ যি সামগ্ৰিক উন্নতি হৈছিল সেইখিনিৰ কাৰণে গুপ্ত যুগক স্বৰ্ণযুগ বুলি নিশ্চয় কব পৰা যায়।

গুপ্ত সাম্ৰাজ্যৰ পতনৰ কাৰণ

মানুহৰ জন্ম মৃত্যুৰ দৰেই সাম্ৰাজ্যৰো উত্থান পতন হয় বুলি সাধাৰণতে কোৱা হয়। কথাষাৰ বৰ সত্য নহয়। কাৰণ প্ৰতিখন সাম্ৰাজ্য পতনৰ কিছুমান নিজস্ব কাৰণ থাকে। একেকেইটা কাৰণতে সকলো সাম্ৰাজ্যৰে পতন নহয়। অৱশ্যে ভাৰতৰ সাম্ৰাজ্য কেইখন পতনৰ ক্ষেত্ৰত কেইটামান স্থায়ী কাৰণ দেখা যায়। সেইকেইটা হ’ল –

(১) ৰাজ বংশৰ মাজত সিংহাসন লৈ বিৰোধ ,

(২) প্ৰদেশবিলাকত বিদ্ৰোহ ,

(৩) আঞ্চলিক আৰু বিচ্ছিন্নতাবাদৰ প্ৰভাৱ ,

(৪) বিদেশী আক্ৰমণ ,

(৫) অযোগ্য শাসক ইত্যাদি।

গুপ্ত সাম্ৰাজ্য পতনৰ পিছতো এই কাৰণসমূহে সক্ৰিয়ভাবে কাম কৰিছিল।

অযোগ্য শাসনকৰ্তা

স্কন্দগুপ্তৰ পিছত গুপ্ত সিংহাসনত যোগ্য শাসনকৰ্তাই আৰোহণ কৰিছিল বুলি কব নোৱাৰি। তথাপি বুদ্ধগুপ্তই কোনোৰকম গুপ্ত সাম্ৰাজ্যৰ মূল অংশ নিজ ৰাজ্যৰ অধীনত ৰাখিবলৈ সক্ষম হৈছিল যদিও তেওঁৰ দিনতে সামন্ত ৰজাসকলে বিদ্ৰোহ কৰিছিল আৰু সাৰ্বভৌমত্ব সূচক উপাধি গ্ৰহণ কৰিছিল। বুদ্ধগুপ্তৰ পিছত আৰু কোনো যোগ্য ৰজা নথকাত গুপ্ত সাম্ৰাজ্য ৰক্ষা কৰাটো টান হৈ পৰে। হুণ জাতিৰ দৰে বিদেশী আক্ৰমণ প্ৰতিহত কৰিব পৰা সমুদ্ৰগুপ্ত নাইবা স্কন্দগুপ্তৰ দৰে যোগ্য শাসনকৰ্তাৰ অভাৱ পৰিলক্ষিত হৈছিল।

অভিজাত শ্ৰেণীৰ দুৰ্বলতা

ৰাজতন্ত্ৰত অভিজাত শ্ৰেণীৰ পৰাই শাসক, সেনাপতি, সামন্ত শ্ৰেণীৰ জন্ম হয়। এই শ্ৰেণীটো ক্ৰমাত্‌ বিলাসিতাপ্ৰিয় হৈ পৰে। চন্দ্ৰগুপ্ত, কুমাৰগুপ্ত আদিৰ ৰাজত্বকালত যি অৰ্থনৈতিক স্বচ্ছলতা আহিছিল সেই স্বচ্ছলতাই অভিজাত শ্ৰেণীক নৈতিকভাবে দুৰ্বল কৰি পেলালে। চন্দ্ৰগুপ্তৰ শাসন কালত সাহিত্য শিল্পৰ চৰ্চা হ’ল। কিন্তু সেই অনুপাতে ৰাষ্ট্ৰনীতি অথবা সমৰনীতিৰ চৰ্চা নহ’ল। কুমাৰগুপ্তই সন্ন্যাসব্ৰত গ্ৰহণ কৰিছিল যিটোৰ কাৰণে দেশৰ ক্ষত্ৰিয় শক্তি ভাঙি পৰিছিল। তদুপৰি শেষৰ কেইজন গুপ্ত ৰজাই যেনে – তথাগত গুপ্ত, নৰসিংহ গুপ্ত আদিয়ে বৌদ্ধধৰ্ম গ্ৰহণ কৰিছিল বুলি বৌদ্ধশাস্ত্ৰত উল্লেখ আছে। তেওঁলোক বৌদ্ধ ধৰ্মৰ অহিংস নীতিৰ প্ৰভাৱৰ দ্বাৰা প্ৰভৱান্বিত হৈ নিষ্ক্ৰিয় হৈ পৰিল। ৰাজ্য ৰক্ষাৰ কাৰণে বলিষ্ঠ পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰা হ’ল। গুপ্ত সম্ৰাটসকলে স্বায়ত্ব শাসন প্ৰদান কৰাৰ কাৰণে আৰু বেতনৰ পৰিৱৰ্তে ভূমি দান কৰাৰ কাৰণে সামন্ত শ্ৰেণীৰ উদ্ভৱ হোৱাৰ কথা আগতে উল্লেখ কৰা হৈছে। গাঁও অঞ্চলত যিসকল ব্ৰাহ্মণে বিনা চৰ্তে ৰজাৰ পৰা মাটি পাইছিল সেইসকল ব্ৰাহ্মণে গাঁওৰ শাসনৰ দায়িত্বও বহন কৰিছিল। গুপ্ত সম্ৰাটসকলৰ ভূমিদান নীতিয়ে ব্ৰাহ্মণ অভিজাত ভূমি মালিক শ্ৰেণীৰ সৃষ্টি কৰিছিল। এইদৰে সৃষ্টি হোৱা সামন্ত সকলে শক্তিশালী গুপ্ত সম্ৰাটসকলৰ চৰণ সেৱা কৰি আছিল বুলি কালিদাসৰ ৰঘুবংশৰ পৰা জনা যায়। কিন্তু দুৰ্বল ৰজাসকলৰ দিনত এওঁলোকে বিদ্ৰোহ ঘোষণা কৰিছিল আৰু স্বাধীনতা ঘোষণা কৰিছিল। তাৰদ্বাৰা গুপ্ত সাম্ৰাজ্যৰ ঐক্য বিনষ্ট হোৱাৰ উপৰিও সাম্ৰাজ্যখন দুৰ্বল হৈ পৰিছিল। গুপ্ত সাম্ৰাজ্যখন অৰ্থনৈতিক ক্ষেত্ৰত দুৰ্বল আছিল। ৰূপৰ মুদ্ৰাৰ অভাৱে অৰ্থনৈতিক ক্ষেত্ৰত থকা দুৰ্বলতাৰ কথা প্ৰমাণ কৰে বুলি আগতে উল্লেখ কৰা হৈছে। ৰূপৰ মুদ্ৰাৰ অভাৱৰ ফলত আভ্যন্তৰীণ বাণিজ্যৰ প্ৰসাৰ হোৱা নাছিল বুলি ভাবিবৰ থল আছে। গুপ্তযুগৰ অৰ্থনৈতিক ব্যবস্থাটো কিছু পৰিমাণে টনকিয়াল কৰি ৰাখিছিল বহিৰ্বাণিজ্যই। কিন্তু গুপ্ত যুগৰ অৰ্থনৈতিক ব্যৱস্থাটোত দেখা গৈছিল যে গাঁও আৰু জনপদ বিলাকৰ উন্নতি বেছি হৈছিল। কাৰণ নগৰবিলাক ধ্বংসস্তুপলৈ ৰূপান্তৰিত হোৱাৰ কথা ফাহিয়ানেও উল্লেখ কৰি গৈছে। গাঁও অঞ্চলৰ মানুহৰ প্ৰয়োজনতকৈ অধিক উত্‌পাদন নকৰাৰ প্ৰৱণতা আছিল। গতিকে ৰপ্তানি কৰিব পৰাকৈ বস্তু উত্‌পাদন নোহোৱাত ৰপ্তানি কৰিবলৈ বস্তু নোহোৱা হয় আৰু তাৰফলত বহিৰ্বাণিজ্য সংকুচিত হৈ আহে। তদুপৰি ৰাজ্যৰ ৰাজহো কমি যায় আৰু তাৰ কাৰণে কৰ্মচাৰী, সেনাবাহিনী আদিক খাদ্য আৰু অন্যান্য সামগ্ৰী যোগান ধৰাত অসুবিধা হয়। এইখিনি হোৱাৰ পিছতো যি অলপ আভ্যন্তৰীণ বাণিজ্য বৰ্তি আছিল সেইকণো হুণসকলৰ আক্ৰমণত বিধ্বস্ত হয়। অৰ্থনৈতিক দুৰ্বলতাই গুপ্ত সাম্ৰাজ্যৰ পতন খৰতকীয়া কৰে বুলি বহুতে মন্তব্য কৰে। গুপ্ত যুগত কৰ্মচাৰীসকল বংশানুক্ৰমে নিয়োগ কৰা হৈছিল। ইয়াৰ ফলত যোগ্য লোক থাকিলেও অযোগ্য সকলেহে নিযুক্তি পাইছিল। বংশানুক্ৰমে পদবী পোৱাৰ ফলত কোনো কোনোটো পৰিয়ালৰ প্ৰভাৱ প্ৰতিপত্তি বাঢ়ি গৈছিল আৰু সুবিধা পালেই সেই পৰিয়ালবোৰে কেন্দ্ৰীয় চৰকাৰৰ দুৰ্বলতাৰ সুযোগ লৈ বিদ্ৰোহ কৰিছিল। স্কন্দগুপ্তৰ পিছত সিংহাসন লৈ উত্তৰাধিকাৰী সকলৰ মাজত বিবাদ হৈছিল। সেই বিবাদৰ ওৰ পেলাই বুদ্ধগুপ্তই কোনো ৰকম সাম্ৰাজ্যখন ধ্বংসৰ মুখৰ পৰা বচাই ৰাখিবলৈ সক্ষম হৈছিল যদিও ইতিমধ্যে সাম্ৰাজ্যখন দুৰ্বল হৈ পৰিছিল। সেই সময়তে হুণ সকলে উত্তৰ পিনেদি ভাৰত সোমাই ভাৰত আক্ৰমণ কৰিছিল। লগে লগে গুপ্ত সাম্ৰাজ্যৰ পতন হৈছিল। যি কি নহওঁক –“The period of Gupta Supremacy which covers more than two countries in regarded by common consent as the most glorious epoch in Indian history.” (R.C. Mazumdar)

উৎস: ভাৰত বুৰঞ্জী।

2.93181818182
লীলা নাথ Apr 07, 2016 04:32 PM

বিকাশ পেডিয়াৰ গুপ্তবংশৰ লিখনিটি পঢ়ি ভাল লাগিল।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top