অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধৰ্ম বিপ্লৱৰ যুগ- ধৰ্ম বিপ্লৱৰ কাৰণ, জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্ম

ধৰ্ম বিপ্লৱৰ যুগ- ধৰ্ম বিপ্লৱৰ কাৰণ, জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্ম

জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ প্ৰচাৰ এটা ধৰ্ম বিপ্লৱ আছিল বুলি কব পাৰি। অৱশ্যে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ আগতেই ভাৰতীয় ধৰ্ম চিন্তাত কিছুমান নতুনত্ব দেখা গৈছিল যাৰ ফলত বৌদ্ধ ধৰ্মৰ বিকাশৰ পথ সুগম হৈছিল। বৈদিক যুগৰ শেষৰ পিনৰ পৰাই এই পৰিৱৰ্তন দেখা গৈছিল। উপনিষদৰ সময়ৰ পৰাই আৰণ্যক সৈন্যাসী সকলে পশু বলী, যাগ-যজ্ঞ আদি তামসীক প্ৰথাৰ ওপৰত আস্থা হেৰুৱাই পেলাইছিল। তেওঁলোকে কৰ্ম ফলত বিশ্বাস কৰিবলৈ লৈছিল। অৰ্থাৎ মানুহে যেনেদৰেই কাম কৰে তেনেদৰেই ফল ভোগ কৰিবলে পায়। যাগ-যজ্ঞৰ দ্বাৰা কৰ্ম ফলৰ পৰা মুক্ত হ’ব নোৱাৰে। অৱশ্যে এই আৰণ্যক সৈন্যাসী সকলে ভাবে যে কেৱল মাত্ৰ নৈতিক শুদ্ধতাৰ দ্বাৰা কৰ্ম ফলৰ পৰা মুক্তি পাব পাৰি। তেওঁলোকে ব্ৰাহ্মণৰ শ্ৰেষ্ঠতাৰ ওপৰতো বিশ্বাস নকৰিছিল। তেওঁলোকৰ মতে, বিশেষকৈ যাজ্ঞবল্কৰ মতে, ব্ৰাহ্মণ সকলে নিজৰ জীৱিকা উপাৰ্জনৰ কাৰণে যাগ যজ্ঞৰ বিধান দিয়ে। যাগ যজ্ঞ তেওঁলোকৰ জীৱিকাৰ এটা পথ। এনেধৰণৰ বিৰোধী চিন্তাই ধৰ্ম বিপ্লৱৰ পথ সুচল কৰে। তদুপৰি উপনিষদৰ যুগত আত্মা আৰু পৰমাত্মাৰ চিন্তাৰ উদ্ভৱ হৈছিল। এই চিন্তা অনুসৰি আত্মা মৃত্যুৰ পিছত পৰমাত্মাত লীন হৈ যায়। জন্মৰ পৰা জন্মান্তৰলৈ মানুহে কৰ্ম ফল অনুযায়ী অহা যোৱা কৰে। যাগ যজ্ঞই এই জন্ম মৃত্যুৰ আৱৰ্তনৰ চকৰিৰ পৰা মানুহক ৰক্ষা কৰিব নোৱাৰে। কেৱল মাথোন সৎকৰ্ম, সৎআচৰণ, ধ্যান আৰু ভক্তিয়েহে মানুহক মুক্তি দিব পাৰে। উপনিষদ যুগৰ এই নতুন চিন্তা দেখ দেখকৈ বৈদিক যুগৰ ধৰ্ম মতৰ বিৰোধী আৰু এই নতুন চিন্তাই বৌদ্ধ ধৰ্মৰ ওপৰত প্ৰভাৱ পেলাইছিল। এই খিনিতে Oldenburg-য়ে কোৱা কথাষাৰ উল্লেখ কৰিব পাৰি- “For hundreads of years before buddha’s time, movements were in progress in Indian thought which prepared the way for Buddhism (বুদ্ধৰ আবিৰ্ভাৱৰ কেই শ মান বছৰৰ আগতেই ভাৰতীয় চিন্তা জগতত অগ্ৰগতি হৈছিল যাৰ ফলত বৌদ্ধ ধৰ্ম বিকাশৰ পথ প্ৰস্ত্তত হৈছিল)।

আৰ্য সমাজৰ অৰ্থনৈতিক পৰিৱৰ্তনো ধৰ্ম বিল্পৱৰ এটা কাৰণ বুলি ক’ব পাৰি। ধৰ্মীয়, দাৰ্শনিক কলা কৃষ্টিৰ চিন্তাৰ পৰিৱৰ্তনৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে বুলি বহুতে বিশ্বাস কৰে। আৰ্য সমাজৰ কৃষি ব্যৱস্থাত এটা আমূল পৰিৱৰ্তন আহে। সেইটো হ’ল আৰ্য সকলে লোহাৰ নাঙল ব্যৱহাৰ কৰিবলে ল’লে আৰু তাৰ ফলত শস্যৰ উৎপাদন বৃদ্ধি পালে। তদুপৰি একেলগে বহুত মাটিত খেতি কৰিবলে লোৱাৰ ফলত উৎপাদিত শস্যৰ পৰিমাণো বৃদ্ধি পালে। আৰ্য সকলে দাস হিচাপে পৰিগণিত কৰা অনৰ্য বিলাকক কৃষিৰ কামত লগায়। এইদৰে লাহে লাহে অইনৰ শ্ৰমৰ ওপৰত লালিত পালিত হোৱা সাধাৰণ গৃহপতি শ্ৰেণী বা সাধাৰণ গৃহস্থ শ্ৰেণীটো চহকী শ্ৰেণীলৈ ৰুপান্তৰিত হয়। তদুপৰি ডাঙৰ ডাঙৰ নগৰ বোৰ স্থাপন হোৱাৰ ফলত বাট পথৰ উন্নতি হয় আৰু পৰিবহন ব্যৱস্থা উন্নত হয়। ইয়াৰ ফলত বাণিজ্যিক যোগাযোগ বৃদ্ধি পায় আৰু ব্যৱসায় বাণিজ্যৰ সম্প্ৰসাৰন ঘটে। স্থল পথেদি আৰু গংগা যমুনাৰ জল পথেদি আভ্যন্তৰীণ বাণিজ্যৰ সম্প্ৰসাৰণ ঘটাৰ উপৰিও সমুদ্ৰ পথেদি পশ্চিম এচিয়াৰ সৈতে বৰ্হি বাণিজ্যও স্থাপন হৈছিল। এইদৰে ব্যৱসায় বাণিজ্য বৃদ্ধি পোৱাৰ কাৰণে শ্ৰেষ্ঠী নামেৰে এবিধ ধনবান শ্ৰেণীৰ উদ্ভৱ হয়। তদুপৰি উন্নত মানৰ কৃষি প্ৰণালীৰ দ্বাৰা আৰু ব্যৱসায় বাণিজ্যৰ দ্বাৰা সমাজৰ প্ৰায় সকলো শ্ৰেণীয়েই সাগতকৈ সম্পদশালী হয়। কিন্ত্ত উৎপাদন বৃদ্ধি পালেও ধন জমা হৈছিল এটা বিশেষ শ্ৰেণীৰ হাতত। সাধাৰণ প্ৰজাৰ অৱস্থা সেই আগৰ দৰেই আছিল। কাৰণ তেতিয়া জাতীয় আয় বণ্টন কৰাৰ কোনো ব্যৱস্থা নাছিল। ইয়াৰ উপৰিও সমাজত কিছুমান নতুন নতুন শ্ৰেণীৰ যেনে- কৰ্মকাৰ, চৰ্মকাৰ, কুম্ভকাৰ, কাঠমিস্ত্ৰি আদিৰ উদ্ভৱ হৈছিল। লোহাৰ ব্যৱহাৰ হোৱাৰ ফলত উৎপাদন প্ৰণালীৰ যি পৰিৱৰ্তন হৈছিল সেই পৰিৱৰ্তনৰ ফলতেই এই নতুন শ্ৰেণীৰ উদ্ভৱ হৈছিল। তেওঁলোক গীল্‌ড স্থাপন কৰি তৈয়াৰী সামগ্ৰী বোৰ সঠিক দামত বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছিল। এনে ধৰণৰ আৰ্থ সামাজিক পৰিৱৰ্তনে ধৰ্ম বিল্পৱৰ পথ ৰচনা কৰে। কাৰণ নতুনকে উদ্ভৱ হোৱা চহকী গৃহপতি বা শ্ৰেষ্ঠী সকলে ব্ৰাহ্মণৰ আধিপত্য মানি চলিবলৈ অস্বীকাৰ কৰিলে কাৰণ নীচ জাতৰ বুলি পৰিগনিত হোৱাৰ পৰিৱৰ্তে তেওঁলোকে সমাজত সন্মান জনক স্থান দাবী কৰিলে। কিন্ত ব্ৰাহ্মণ শাসিত জাতিভেদ প্ৰথাৰ প্ৰচলন থকা সমাজ খনত তেওঁলোকে সন্মান জনক স্থান পোৱা নাছিল আৰু সেই কাৰণে তেওঁলোকে ব্ৰাহ্মণ্য ধৰ্মৰ প্ৰতি আস্থা হেৰুৱাই পেলাইছিল। সেই সময়তে বৌদ্ধ ধৰ্মই জাতি ভেদ হীন সমাজৰ কথা প্ৰচাৰ কৰিলত এই ধনীক শ্ৰেণী কেইটা বৌদ্ধ ধৰ্মৰ প্ৰতি আকৃষ্ট হ’ল। ইয়াৰ উপৰিও বৈদিক যুগৰ সমাজ খনত সমুদ্ৰ যাত্ৰা বা বিদেশ যাত্ৰা পাপ বুলি বিবেচনা কৰা হৈছিল আৰু সুত লোৱাটোও পাপ বুলি বিবেচিত হৈছিল। কিন্ত এই দুয়োটা কথাই ধনিক শ্ৰেণীটোৰ অৰ্থনৈতিক উন্নতিৰ পথত অন্তৰাই হিচাপে থিয় দিয়াৰ কাৰণে এই শ্ৰেণী কেইটা ব্ৰাহ্মণ্য ধৰ্ম বিৰোধী হৈ পৰিছিল। এই নতুনকৈ উদ্ভৱ হোৱা ধনিক কৃষক শ্ৰেণীটো আৰু লগতে সাধাৰণ কৃষক বিলাকো আৰু এটা কথাত বিক্ষুদ্ধ হৈছিল। সেইটো হৈছে একো একোটা বৈদিক যজ্ঞত পাচঁশ ছশ ষাড় গৰু বলি দিয়া হৈছিল আৰু ইয়াৰ দ্বাৰা কৃষি ক্ষতিগ্ৰস্থ হৈছিল। বৈদিক যুগৰ সমাজ খনৰ দৰিদ্ৰ শ্ৰেণীক অৰ্থনৈতিক আৰু সামাজিক হিচাপে অৱহেলা কৰা হৈছিল। কিন্ত নতুনকৈ প্ৰচাৰ হোৱা ধৰ্মত দৰিদ্ৰ সকলকো পৰমাত্মাৰ অংগ হিচাপে স্থান দিয়াৰ লগতে সন্মান আৰু অধিকাৰ দিয়া হৈছিল। এইবোৰ কাৰণতে এই শ্ৰেণীবোৰৰ বৈদিক ধৰ্মৰ প্ৰতি আকৰ্ষণ নোহোৱা হৈ আহে আৰু তেওঁলোক নতুন ধৰ্মৰ প্ৰতি আকৰ্ষিত হয়। সেইদৰে সমাজতো ব্ৰাহ্মণ আৰু ক্ষত্ৰিয় শ্ৰেণীৰ দ্বন্দ্ব আৰম্ভ হয়। ব্ৰাহ্মণ সকলে জন্ম সুত্ৰত দৈৱ ক্ষমতাৰ অধিকাৰী বুলি শ্ৰেষ্ঠত্ব দাবী কৰিলে। কিন্ত ৰাজ শক্তিৰ অধিকাৰী আৰু যোদ্ধা ক্ষত্ৰিয় সকলে, ব্ৰাহ্মণ সকলৰ দেৱত্ব মানি ল’বলৈ অস্বীকাৰ কৰিলে। জৈন আৰু বৌদ্ধ ধৰ্মই নতুন ধৰ্ম মত প্ৰচাৰ কৰিলত ক্ষত্ৰিয় সকলৰ চেতনা বৃদ্ধি পালে। তদুপৰি মহাবীৰ জৈন আৰু বুদ্ধদেৱ দুয়ো ক্ষত্ৰিয় আছিল। বহুতো দাৰ্শনিক তত্বৰ উদ্ভাৱন কৰা আৰণ্যক সৈন্যাসী সকলৰ বেছি ভাগেই ক্ষত্ৰিয় আছিল। ইত্যাদি কাৰণত ব্ৰাহ্মণৰ শ্ৰেষ্ঠত্বৰ দাবীত স্থাপিত বৈদিক যুগৰ ধৰ্ম, ক্ষত্ৰিয় সকলে গ্ৰহন কৰিবলৈ মান্তি নহ’ল। ব্ৰাহ্মণ সকলৰ যজ্ঞবোৰ বৰ ব্যয় বহুল আছিল। এই ব্যয় বহুল যাগ যজ্ঞৰ প্ৰতি ক্ষত্ৰিয় শ্ৰেণীৰ প্ৰতিক্ৰিয়াই দেখা দিয়াৰ লগতে সাধাৰণ শ্ৰেণীও বিতুষ্ট হৈ পৰিছিল। ক্ষত্ৰিয় ৰজা সকলে দেখিছিল যে তেওঁলোকৰ কৰ, ভূমিকৰ  হিচাপে যি খিনি আয় কৰিছিল সেই খিনি যজ্ঞৰ দান হিচাপে আকৌ ব্ৰাহ্মণ সকলক দি দিব লগীয়া হৈছিল। প্ৰতিটো যাগ যজ্ঞৰ অনুষ্ঠানৰ পিছত সোণ, ৰুপ, গাই গৰু, দাস দাসী, খাদ্য বস্ত আৰু বস্ত্ৰ ৰজা সকলে দান দিব লগীয়া হৈছিল। পূব ভাৰতত ব্ৰহ্মণ্য ধৰ্ম ক্ৰমাৎ দুৰ্বল হৈ অহাৰ কাৰণেও ধৰ্ম বিপ্লৱৰ পথ সুগম হৈ পৰে। পঞ্জাৱৰ পৰা উত্তৰ প্ৰদেশলৈ আৰ্য বসতি বিস্তাৰৰ সময়ত ব্ৰাহ্মণ্য ধৰ্মৰ সবলতা আছিল। কিন্ত পূব ভাৰতত আৰ্য বসতি বিস্তাৰৰ সময়ত সেই সবলতা ম্লান হৈ আহিছিল। কিয়নো পূব ভাৰতত আৰ্য বসতি বিস্তাৰৰ সময়ত অনাৰ্য সকলৰ লগত প্ৰায়েই যুদ্ধ কৰিব লগীয়া হৈছিল আৰু ইয়াৰ ফলত যোদ্ধা ক্ষত্ৰিয় শ্ৰেণীৰ প্ৰাধান্য প্ৰতিষ্ঠা হৈছিল। গৃহপতি শ্ৰেষ্ঠী শ্ৰেণীৰ উদ্ভৱ, ক্ষত্ৰিয় শ্ৰেণীৰ বিৰোধীতা আদিয়ে আৰ্য সমাজক পৰিৱৰ্তনৰ কাৰণে সাজু কৰে। পূব ভাৰত এই পৰিৱৰ্তনৰ থলী হৈ পৰে। তদুপৰি মহাবীৰ জৈন আৰু বুদ্ধদেৱো আছিল পূব ভাৰতৰ অধিবাসী। সেই কাৰণে পূৰ্ব ভাৰতৰ ব্ৰাহ্মণ্য ধৰ্মৰ প্ৰতিবাদী ধৰ্মঃ জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্মই গা কৰি উঠিবলৈ সুবিধা পায়। তদুপৰি উত্তৰ প্ৰদেশ আৰু মধ্য দেশত ব্ৰাহ্মণ্য ধৰ্মই যেনেদৰে খোপনি পুতিব পাৰিছিল পূব ভাৰতত তেনেদৰে খোপনি পুতিব পৰা নাছিল।

ওপৰত উল্লেখ কৰা এই কাৰণ সমূহৰ কাৰণেই ষষ্ঠ শতিকাত ভৰতত ধৰ্ম বিপ্লৱ হৈছিল।

আজীৱিকা ধৰ্মমত

খৃ: পূ: ষষ্টঃ শতিকাত ব্ৰাহ্মণ্য ধৰ্মৰ বিৰোদ্ধে বহুতো প্ৰতিবাদী ধৰ্মৰ উদ্ভৱ হয়। আজীৱিক ধৰ্মও তেনে এটা প্ৰতিবাদী ধৰ্ম। এই ধৰ্মৰ প্ৰৱৰ্তক আছিলে গোশালম্ংখলিপূও। তেওঁ মহাবীৰ জৈনৰ সমসাময়িক আছিল। এই ধৰ্মৰ নিজস্ব কোনো ধৰ্ম গ্গ্ৰন্থ নাই। জৈন আৰু বৌদ্ধ ৰচনাত আজীৱিক ধৰ্মৰ উল্লেখ পোৱা যায়। আজীৱিক সকলে মানুহৰ কৰ্ম ফলৰ ওপৰত বিশ্বাস কৰে। ব্ৰাহ্মণ, ক্ষত্ৰিয়, শূদ্ৰ, বৈশ্য সকলো কৰ্ম ফলৰ অধীন। বহুতো জনম সৎ ভাবে যাপন কৰলেহে কৰ্ম ফল বা নিয়তিৰ হাতৰ পৰা ৰক্ষা পাব পাৰি। যাগ যজ্ঞ কৰি কৰ্ম ফলৰ হাতৰ পৰা ৰক্ষা পাব নোৱাৰি। সেই কাৰণে আজীৱিক সকলে সন্যাস আৰু তপস্যাৰ দ্বাৰা আহৰণ কৰা জ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। আজীৱিক সকল অদৃষ্ট বাদী বুলি ক’ব পাৰি। এওঁলোকে জাতি ভেদ প্ৰথাৰ সমালোচনা কৰাৰ কাৰণে নিম্ন জাতৰ মানুহৰ মাজত এওঁলোকৰ জনপ্ৰিয়তা বাঢ়িছিল। শূদ্ৰ আৰু অস্পৃশ্য সকলে এই ধৰ্ম গ্ৰহন কৰিছিল। পিছলৈ জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ জনপ্ৰিয়তা বৃদ্ধি পায় আনহাতে আজীৱিক ধৰ্মৰ জনপ্ৰিয়তা হ্ৰাস পায় আহে। কাৰণ আজীৱিক সকলৰ দৰ্শন নেতিবাচক হোৱাৰ কাৰণে মানুহৰ কৰ্ম উদ্যম শিথিল হৈ পৰিছিল।

জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰ বুলি জনা যায়। আচলতে মহাবীৰ জৈন ধৰ্মৰ প্ৰৱৰ্তক নাছিল, জৈন ধৰ্মৰ এজন প্ৰচাৰকহে আছিল। মহাবীৰৰ আগতেও জৈন ধৰ্ম আছিল আৰু তেওঁৰ আগতে ২৩ গৰাকী তীৰ্থঙ্কৰে এই ধৰ্ম প্ৰচাৰ কৰিছিল। মহাবীৰ আছিল ২৪ ত্ম তীৰ্থঙ্কৰ। পাৰ্শ্বনাথৰ বাহিৰে বাকী তীৰ্থঙ্কৰ সকলৰ ঐতিহাসিক অস্তিত্ব সম্পৰ্কে একো জনা নাযায়। পাৰ্শ্বনাথ আছিলে ২৩ তম তীৰ্থঙ্কৰ। এওঁ বাৰাণসীৰ ৰজা অশ্বসেনৰ পুতেক। ক্ষত্ৰিয় কুলত তেওঁৰ জন্ম হৈছিল।

মহাবীৰ

মহাবীৰৰ আচল নাম আছিল বৰ্দ্ধমান। পিছলৈ তেওঁ মহাবীৰ নামে জনাজাত হয়। পৰম জ্ঞান লাভ কৰাৰ পিছৰ পৰা তেওঁৰ নাম মহাবীৰ হয়। তেওঁ যশোদা নামৰ এগৰাকী তিৰোতা বিয়া কৰাইছিল আৰু কিছুদিন ঘৰ সংসাৰ পাতি আছিল। তেওঁৰ এটি কন্যা সন্তান জন্ম হৈছিল। ৩০ বছৰ বয়সত মহাবীৰৰ পিতৃ মাতৃ ঢুকাই। তেতিয়াৰ পৰা তেওঁ সাংসাৰিক জীৱনৰ অনিত্যতা উপলদ্ধি কৰে। গতিকে তেওঁ সংসাৰ জীৱন ত্যাগ কৰে আৰু ১৩ মাহ ধৰি সন্যাস ব্ৰত গ্ৰহণ কৰি কঠোৰ তপস্যা কৰি দিব্য জ্ঞান লাভ কৰে। তেতিয়াৰ পৰা তেওঁ নিগ্ৰন্থ বা গ্ৰন্থিহীন বা বন্ধনহীন হয়। তেতিয়াৰ পৰা তেওঁৰ নাম হয় সৰ্বজ্ঞ, জিন বা জিতেন্দ্ৰিয় আৰু মহাবীৰ। যি খিনি ঋজুপালিকা নামৰ নদীৰ পাৰত বহি কঠোৰ তপস্যাত ব্ৰতী হৈ আছিল সেই সময়তে তেওঁ সত্য জ্ঞান লাভ কৰিছিল।

সত্য জ্ঞান লাভ কৰাৰ পিছত নানান ঠাই ভ্ৰমণ কৰি মহাবীৰে জৈন ধৰ্ম প্ৰচাৰ কৰি ফুৰিছিল। বহুতো ৰজাই এওঁৰ ধৰ্মমত গ্ৰহণ কৰিছিল। ৭২ বছৰ বয়সত ৰাজ গৃহৰ ওচৰত পাবা নামৰ চহৰত খ্ৰী:পূ: ৪৬৮-ত মহাবীৰৰ মৃত্যু হয়। তেওঁৰ জন্ম হৈছিল বৈশালীৰ ওচৰৰ কন্দপুৰ নামৰ গাওঁত ৫৪০ খ্ৰী: পূ:-ত।

মহাবীৰে জৈন ধৰ্মৰ সংস্কাৰ কৰি, জৈন ধৰ্মৰ চাৰিটা নীতিৰ লগত ব্ৰহ্মচৰ্য নীতি সংযোগ কৰি জৈন ধৰ্ম অধিক জনপ্ৰিয় কৰি তুলিছিল। একেবাৰে আক্ষৰিক অৰ্থত নহ’লেও এক হিচাপে মহাবীৰেই আছিল জৈন ধৰ্মৰ প্ৰবক্তা আৰু প্ৰচাৰক।

জৈন ধৰ্মৰ মত

জৈন সকলে ‘চতুৰ্যাম’ বা চাৰিটা নীতিত বিশ্বাস কৰিছিল। সেই কেইটা হ’ল –

(১) অহিংসা,

(২) সত্য কথা কোৱা,

(৩) চুৰি নকৰা আৰু

(৪) মায়াৰ পৰা মুক্ত।

এই চাৰিটা নীতিৰ লগত মহাবীৰে আৰু এটা নীতি যোগ কৰিছে- সেইটো হ’ল ব্ৰহ্মচৰ্য।

জৈন সকলে বিশ্বাস কৰে যে মানৱ জীৱন আৰু বিশ্ব জীৱন এটা সাৰ্ব জনীন নিয়মৰ অধীন। এই নিয়মটো হ’ল যে উত্থানৰ পিছত পতন আহিব, পতনৰ পিছত উত্থান আহিব। সুখৰ পিছত দুখ আহি, উন্নতিৰ পিছত অৱনতি আহিব। এই উত্থান পতনৰ ক্ৰম ৰথৰ চকাৰ দৰে ঘূৰিছে। প্ৰতিটো পৰ্যায়তে একোজন তীৰ্থাঙ্কৰে আহি পথ দেখুৱাই।গতিকে জৈন সকলৰ কাৰণে ঈশ্বৰ আছে নে নাই এই কথা বৰ চিন্তনীয় নহয়।

জৈন ধৰ্মই কৰ্ম ফলত বিশ্বাস কৰে। কৰ্ম ফক্লৰ হাতৰ পৰা মুক্তি পাবলৈ ত্ৰিৰত্ন পালন কৰাৰ প্ৰয়োজন। ত্ৰিৰত্ন হ’ল সৎ-বিশ্বাস, সৎ-জ্ঞান, সৎ-আচৰণ। জৈন ধৰ্মই গছ-গছনি, নদ-নদী, পাহাৰ-পৰ্বত আদি সকলো বস্তৰে প্ৰাণ আছে বুলি বিশ্বাস কৰে। সৰ্বপ্ৰাণ বাদ জৈন ধৰ্মৰ প্ৰধান অঙ্গ। কেৱল প্ৰাণৰ প্ৰকাশ বেলেগ বেলেগ বস্তত বেলেগ ধৰণে হয়। যেনেকৈ বেলেগ পাত্ৰত পানী থ’লে পানীৰ আকৃতি বেলেগ হয়। কৰ্ম ফলৰ পৰা মুক্তি পাবলৈ হ’লে কৃচ্ছ্ৰসাধন, উপবাস, তপস্যা, আৰু অহিংসা পালনৰ কথা জৈন ধৰ্মত আছে। আসক্তিৰ পৰা মুক্ত হৈ সংযম, প্ৰায়শ্চিত্ত আৰু ত্যাগময় জীৱন যাপন কৰিলে কৰ্ম ফলৰ পৰা মুক্তি পাব পাৰি। জৈন ধৰ্মই অহিংসাক সৰ্বোচ্চ স্থান দিছে। কৰ্ম ফলৰ অপৱিত্ৰতাৰ পৰা মুক্ত হোৱাই হ’ল জৈন ধৰ্মৰ মূল কথা। জন্মাতৰ বাদ, কৰ্ম ফল আদিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ কাৰণে বহুতে ক’ব খোজে যে - “It was a continuation of the metaphysical speculation of the upanishada.”- জৈন ধৰ্ম উপনিষদৰ সৃষ্টি আৰু জ্ঞান সম্পৰ্কীয় দাৰ্শনিক তত্বৰ ধাৰাবাহিক প্ৰকাশ।

জৈন ধৰ্মত সাধাৰণ মানুহক অনাড়ম্বৰ জীৱন যাপন কৰিবলৈ কোৱা হৈছে আৰু মিতব্যয়ীতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ কোৱা হৈছে। প্ৰয়োজনতকৈ অধিক সম্পত্তি ৰাখিবলৈ জৈন ধৰ্মই বাৰণ কৰিছে।

পিছলৈ জৈন ধৰ্ম “দিগম্বৰ” আৰু “শ্বেতাম্বৰ” এই দুটা ভাগত বিভক্ত হয়। চন্দ্ৰ্গুপ্তৰ ৰাজত্ব কালত এই এই দুৰ্ভিক্ষই দেখা দিছিল আৰু তাৰ ফলত জৈন সৈন্যাসী দাক্ষিণাত্যলৈ গুচি গৈছিল। এওঁলোকে মহাবীৰৰ অনুশাসনবোৰ কঠোৰ ভাবে মানি চলিছিল। এই সকল সৈন্যাসীয়ে বস্ত্ৰ পৰিধান নকৰিছিল। সেই কাৰণে তেওঁলোকক “দিগম্বৰ” বুলিছিল। স্থূলভদ্ৰৰ নেতৃত্বত যি সকল জৈন ধৰ্মাৱলম্বী লোক উত্তৰ ভাৰতত ৰৈ গৈছিল তেওঁলোকে বগা কাপোৰ পৰিধান কৰিছিল। সেই কাৰণে তেওঁলোকক “শ্বেতাম্বৰ” বুলিছিল। অৱশ্যে এই দুয়োটা সম্প্ৰদায়ৰ মাজত কোনো মৌলিক মতভেদ নাই।

জৈন ধৰ্মৰ প্ৰচাৰ

পূব ভাৰতৰ ভালেমান ঠাইত যেনে- অঙ্গ, বিদেহ, কোশল আদি ৰাজ্যত জৈন ধৰ্মৰ প্ৰচাৰ হয়। মগধৰ ৰজা বিম্বিসাৰ আৰু অজাতশত্ৰুয়ে জৈন ধৰ্মৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল। মৌৰ্য সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যও জৈন ধৰ্মৰ প্ৰতি আকৃষ্ট হৈছিল। জৈন ধৰ্মত শাস্ত্ৰমতে বৃদ্ধ বয়সত তেওঁ অন্শন কৰি মহীশূৰৰ শ্ৰাবণ বেলগোলাত দেহ ত্যাগ কৰে। তেওঁৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে শ্ৰাবণ বেলগোলাত চন্দ্ৰগিৰি নামেৰে এটা গুহা নিৰ্মাণ কৰা হয়।

পশ্চিম ভাৰত আৰু দক্ষিণ ভাৰততো জৈন ধৰ্মৰ প্ৰচাৰ হয়। পশ্চিম ভাৰতৰ গুজৰাট, কাথিওৱাৰ আৰু ৰাজপুতনাৰ কিছু ঠাইত জৈন ধৰ্মৰ প্ৰচাৰ হয়। পশ্চিম ভাৰতত ‘শ্চেতাম্বৰ’ সম্প্ৰ্দায়ৰ প্ৰভাৱ বেছি। দক্ষিণ ভাৰতৰো ভালেমান ঠাইত জৈন ধৰ্ম প্ৰচাৰ হৈছিল। দাক্ষিণাত্যত ‘দিগম্বৰ’ সম্প্ৰদায়ৰ প্ৰভাৱ বেছি।

জৈন ধৰ্মৰ সূত্ৰ বিলাক প্ৰথমে মূখে মূখে প্ৰচলিত আছিল। এই সূত্ৰ বিলাক সংকলন কৰি লিপিবদ্ধ কৰাৰ উদ্দেশ্যেৰে হুলভদ্ৰই পাতলিপুত্ৰত এখন জৈন মহা সভা আহ্বান কৰিছিল। এই মহা সভাত ১২ টা অনুশাসন গ্ৰ্হণ কৰা হয়। এই কেইটা অনুশাসনক দ্বাদশ অঙ্গ বুলি কোৱা হয়। ইয়াৰ পিছত বল্লভীত আৰু এখন জৈন মহা সভা বহে। তাত সংশোধিত ৰুপত আৰু ১২ টা অনুশাসন গ্ৰহন কৰা হয়। এই কেইটাক উপ অঙ্গ বুলি কোৱা হয়।

জৈন ধৰ্মই হিন্দু ধৰ্মৰ সৈতে বিৰোধ কৰা নাছিল। অপোচ কৰি হে ধৰ্মমত প্ৰৱৰ্তনকৰিছিল। তদুপৰি জৈন ধৰ্মত সাধাৰণ মানুহৰ কাৰণেও বিধি বিধান আছিল। তেওঁলোকে সংসাৰ ত্যাগ নকৰিও বা সন্যাস ধৰ্ম নলৈও ধৰ্ম পালন কৰি চলিব পাৰিছিল। সেই কাৰণেই সাধাৰণ মানুহৰ মাজত জৈন ধৰ্ম জনপ্ৰিয় হৈছিল। তদুপৰি জৈন ধৰ্মত নিজৰ ভিতৰতে সাম্প্ৰদায়িক বিৰোধ নাছিল। জৈন ধৰ্মত বহুত সাহিত্য ৰচনা হৈছিল। প্ৰাকৃত আৰু সংস্কৃত ভাষাত জৈন সাহিত্য ৰচিত হৈছিল। জৈন সাহিত্যও এই ধৰ্ম জনপ্ৰিয় হোৱাত সহায় কৰিছিল। অৱশ্যে জৈন ধৰ্ম কৃষক সকলৰ মাজত সিমান জনপ্ৰিয় নাছিল। চহৰৰ ধনী শ্ৰেণীৰ মাজতহে অধিক জনপ্ৰিয় আছিল।

বৌদ্ধ ধৰ্ম

বুদ্ধদেৱৰ জীৱনী সম্পৰ্কে জানিবলৈ ঐতিহাসিক উপাদান নাই। কিছু প্ৰামাণ্য তথ্য, কিছু জন শ্ৰুতিৰ ওপৰত ভিত্তি কৰিয়েই গৌতম বুদ্ধৰ জীৱনী ৰচনা কৰা হয়। বৌদ্ধ ধৰ্ম শাস্ত্ৰ, সিংহলী গ্ৰন্থ মহাবংশ আৰু দ্বীপ বংশ, জাতক পুথি আদিত বুদ্ধৰ জীৱন সম্পৰ্কে কিছু তথ্য পোৱা যায়।

উত্তৰ প্ৰদেশৰ নেপালৰ তৰাই অঞ্চলৰ কপিলাবস্ত ৰাজ্যৰ লুম্বিনী গাঁৱত ৫৬৫ খ্ৰী: পূ: ত গৌতম বুদ্ধৰ জন্ম হয়। অৱশ্যে বুদ্ধদেৱৰ জন্ম তাৰিখ লৈ মতভেদ আছে। তেওঁৰ দেউতাকৰ নাম আছিল শুদ্ধোধন আৰু মাকৰ নাম আছিল মায়া দেৱী। শুদ্ধোধন আছিল ক্ষত্ৰিয়। সৰু কালতে গৌতমে তেওঁৰ মাকক হেৰুৱাই আৰু তেওঁৰ মাহী প্ৰজাপতিয়ে তেওঁক তুলি-তালি ডাঙৰ দীঘল কৰে। শুদ্ধোধনে গৌতমক অস্ত্ৰ শিক্ষা আৰু শাস্ত্ৰ শিক্ষা দুয়োটাই দিছিল। ১৬ বছৰ বয়সতে শুদ্ধোধনে গোপা নামৰ এগৰাকী সুন্দৰী কন্যাৰ সৈতে গৌতমৰ বিয়া পাতি দিয়ে। ২৯ বছৰ বয়সত গৌতমৰ এটি পুত্ৰ সন্তান জন্ম হয়। পুতেকৰ নাম আছিল ৰাহুল।

ৰাজ বংশত জন্ম লাভ কৰিছিল যদিও যুদ্ধ বিগ্ৰহ, আমোদ প্ৰমোদ এই বোৰৰ প্ৰতি গৌতমৰ সমূলি ধাউতি নাছিল। ভোগ বিলাসৰ প্ৰতিও তেওঁ আকৃষ্ট নাছিল। বিয়া কৰোৱাৰ পিছতো গৌতমৰ মনৰ পৰিৱৰ্তন নহ’ল। সংসাৰত জৰা, ব্যাধি, মৃত্যু ৰোগ, শোক আদি দেখি সংসাৰ যে মিছা এই কথা গৌতমে উপলব্ধি কৰিবলৈ ধৰিলে। মানুহৰ দুখ দুৰ্গতিত তেওঁৰ মন বিষন্ন হৈ পৰিল। এইবোৰৰ পৰা কেনেকৈ মুক্তি পাব পাৰি সেই বিষয়ে তেওঁ চিন্তা কৰিবলৈ ধৰিলে। পুত্ৰ সন্তানৰ জন্মৰ পিছত তেওঁৰ মনটো সাংসাৰিক মোহে বান্ধি পেলাব পাৰে বুলি ভাবি এদিন ৰাতি তেওঁ সংসাৰৰ মায়া মোহ পৰিত্যাগ কৰি ঘৰৰ পৰা ওলাই গ’ল। তেতিয়া তেওঁৰ বয়স ৩৯ বছৰ। গৃহ ত্যাগ কৰি তেওঁ সন্যাস ব্ৰত গ্ৰহণ কৰিলে। বৌদ্ধ শাস্ত্ৰত এই সন্যাস ব্ৰত গ্ৰহণক “মহাবিনিস্ক্ৰ্মণ” বুলি কোৱা হয়।

সন্যাস ব্ৰত গ্ৰহণ কৰাৰ পিছত তেওঁ অৰ্দ্ধ কলম নামৰ এজন সন্যাসীৰ ওচৰত সাংখ্যাযোগ, ধ্যান আৰু তপস্যা বিদ্যা আহৰণ কৰে। পাঁচ জন সন্যাসীৰ সৈতে তেওঁ কৃচ্ছ্ৰসাধন, উপবাস, ধ্যান আদি কৰিবলে লয়। কিন্ত এই বোৰেও তেওঁৰ মনত শান্তি দিব নোৱাৰিলে। অৱশেষত তেওঁ উৰু বিল্‌ব নামৰ এঠাইত এজোপা অশত্থ (পিপল) গছৰ তলত ধ্যানত বহে। তেওঁ প্ৰতিজ্ঞা কৰিলে যে যেতিয়া লৈকে তেওঁ তেওঁৰ মনত উদয় হোৱা প্ৰশ্নৰ উত্তৰ নাপায় তেতিয়া লৈকে তেওঁ ধ্যানৰ পৰা নুঠে। এমাহতকৈ বেছি তেওঁ ধ্যানস্থ হৈ থাকে। অৱশেষত তেওঁ দিব্য জ্ঞান বা বোধ লাভ কৰে। দিব্য জ্ঞান লাভ কৰাৰ পিছৰ পৰা তেওঁ বুদ্ধ বা তথাগত নামে পৰিচিত হয়।

বৌদ্ধ ধৰ্মৰ মূল নীতি

বৌদ্ধ ধৰ্মৰ নীতিবোৰ ‘পিটক’ত পোৱা যায়। বৌদ্ধ পিটক হ’ল তিনি খন। সেই কাৰণে ইয়াক ত্ৰিপিটক বুলি কোৱা হয়। ত্ৰিপিটক কেই খন হ’ল “বিনয় পিটক”, “সুত্ত পিটক” আৰু “অভিধৰ্ম পিটক”। অৱশ্যে ৰাইচ ডেভিদে (Buddhist India- Rhys Davids) কৈছে যে বুদ্ধ দেৱৰ মৃত্যুৰ পিছত তেওঁৰ শিষ্য সকলে তেওঁলোকৰ নিজস্ব মতকে বুদ্ধৰ মত বুলি সুত্ত পিটকত অন্তৰ্ভুক্ত কৰি লৈছে। সেয়ে হ’লেও সেই বোৰ আতঁৰাই চোৱাটো সম্ভৱ নহয় কাৰণে ত্ৰিপিটকত থকা আটাইখিনি বুদ্ধৰ মত বুলিয়েই ধৰিব লাগিব।

ভাৰত বুৰঞ্জী

শেহতীয়া উন্নীতকৰণ: : 6/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate