অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভাৰতৰ চুবুৰীয়া দেশৰ প্ৰতি ব্ৰিটিছৰ নীতি

ভাৰতৰ চুবুৰীয়া দেশৰ প্ৰতি ব্ৰিটিছৰ নীতি

ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধত ভাৰতত ব্ৰিটিছৰ আধিপত্য সুদৃঢ় হৈ পৰে। ব্ৰিটিছ ৰাজত্বই বাৰুকৈ খোপনি পিটি লোৱাৰ পিছৰ পৰাই ভাৰতৰ চুবুৰীয়া দেশসমূহৰ লগত সংঘৰ্ষ আৰু বিশেষ সম্পৰ্ক স্থাপন এক বাস্তৱ প্ৰয়োজনস্বৰূপ হৈ পৰে। তেনে সংঘৰ্ষ আৰু সম্পৰ্ক স্থাপনৰ মূলতে আছিল ব্ৰিটিছৰ সাম্ৰাজ্যবাদী স্বাৰ্থ। বিশেষকৈ ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ নিৰাপত্তাৰ খাতিৰতে এক বলিষ্ঠ সীমান্ত নীতিৰ প্ৰয়োজন আহি পৰিছিল। ব্ৰিটিছ সাম্ৰাজ্যবাদী স্বাৰ্থতে ইংগ-নেপাল, ইংগ-ব্ৰহ্ম, ইংগ-আফগান, ইংগ-তিব্বত যুদ্ধ তথা অভিযান আৰু বিশেষ বিশেষ সন্ধি স্বাক্ষৰিত হৈছিল। ঊনবিংশ শতিকাত এচিয়া আৰু আফ্ৰিকা মহাদেশত ব্ৰিটিছ সাম্ৰাজ্যৰ মূল উদ্দেশ্য আছিল নিৰাপত্তা সুদৃঢ় কৰা, বাণিজ্যিক আৰু অৰ্থনৈতিক স্বাৰ্থৰ সম্প্ৰসাৰণ ঘটোৱা। তেনে ঔপনিবেশিক স্বাৰ্থ পূৰণৰ বাটত ব্ৰিটিছৰ প্ৰবল প্ৰতিদ্বন্দ্বী হিচাপে আন ইউৰোপীয় শক্তি অৱতীৰ্ণ হোৱাত বহু সমস্যাই দেখা দিলে। তাৰে ভিতৰত ৰুচ আৰু ফৰাচী শক্তিৰ সম্ভাৱ্য সম্প্ৰসাৰণ ব্যাহত ৰখা ঊনবিংশ শতিকাত ব্ৰিটিছ চৰকাৰৰ সীমান্ত নীতিৰ মূল কথা হৈ পৰে। ফলত ভাৰতৰ স্বাভাৱিক ভৌগোলিক সীমাৰ সিপাৰে থকা দেশবোৰৰ লগত ব্ৰিটিছ ৰাজশক্তিৰ সংঘৰ্ষ অৱশ্যম্ভাৱী হৈ পৰে। তেনে সীমান্ত অভিযানবোৰত ব্ৰিটিছ সাম্ৰাজ্যবাদী চৰকাৰে ভাৰতীয় সেনা নিয়োগ আৰু ধন-বিত ব্যয় কৰিবলৈ কোনো কুণ্ঠাবোধ কৰা নাছিল। সাম্ৰাজ্যবাদী স্বাৰ্থপূৰণৰ কথাই সততে অগ্ৰাধিকাৰ পাইছিল।

নেপালৰ লগত সম্পৰ্ক

  • ইংগ-নেপাল যুদ্ধ (১৮১৪-১৮১৬ খ্ৰীষ্টাব্দ) :

ভাৰতৰ উত্তৰে হিমালয় অঞ্চলত নেপাল দেশ। নেপাল দেশৰ লগত অতীজৰে পৰা ভাৰতৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পৰ্ক থকাৰ কথা বুৰঞ্জীত পোৱা যায়। ১৭৬৮ খ্ৰীষ্টাব্দত গোৰ্খাসকলে সমগ্ৰ নেপাল দেশ দখল কৰে। সেই সময়ৰ নেপালৰ ৰজাজনৰ নাম আছিল পৃথ্বীনাৰায়ন বিক্ৰমশ্বাহ জং বাহাদুৰ ৰাণা। পৃথ্বীনাৰায়ন ১৭৭৫ খ্ৰীষ্টাব্দলৈকে নেপালৰ অধিপতি হৈ আছিল। তেতিয়ালৈকে ব্ৰিটিছ ইষ্ট-ইণ্ডিয়া কোম্পানী চৰকাৰৰ লগত নেপালৰ কোনো সংঘৰ্ষও হোৱা নাছিল। কিন্তু তেওঁৰ বংশধৰসকলৰ ৰাজত্বকালত নেপাল আৰু ইষ্ট-ইণ্ডিয়া কোম্পানীৰ লগত সীমা লৈ বিবাদ আৰম্ভ হয়। ১৭৯২ খ্ৰীষ্টাব্দত গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণওৱালিছে কৰ্ণেল কাৰ্ক প্ৰেট্ৰিক নামৰ এজন ইংৰাজ বিষয়াক নেপালৰ লগত এক বাণিজ্যিক চুক্তি কৰিবৰ বাবে কাঠমাণ্ডুলৈ পঠায়। কিন্তু কোনো চুক্তি স্বাক্ষৰিত নহ’ল। অৱশ্যে কিছুদিনৰ পিছত ব্ৰিটিছ আৰু নেপাল দেশৰ মাজত এক বাণিজ্যিক চুক্তি স্বাক্ষৰিত হয়। সেই চুক্তিমতে কেপ্তেইন নক্স নামৰ এজন ইংৰাজক দুবছৰকাল কাঠমাণ্ডুত ব্ৰিটিছ ৰেচিডেণ্ট হিচাবে থকাৰ সুবিধা দিয়া হ’ল। লৰ্ড ওৱেলছলিৰ দিনত অযোধ্যা ৰাজ্যৰ একাংশ ইষ্ট-ইণ্ডিয়া কোম্পানী চৰকাৰৰ দখললৈ আহে। ফলত ব্ৰিটিছ অধিকৃত গোৰক্ষপুৰ অঞ্চল আৰু নেপাল দেশৰ মাজত সীমা বিবাদে দেখা দিলে। সীমা বিবাদ আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ ব্ৰিটিছ চৰকাৰ আৰু নেপাল ৰাষ্ট্ৰৰ মাজত প্ৰত্যক্ষ যোগাযোগ নাইকিয়া হৈ পৰে। ইয়াৰ পিছত ১৮১৪ খ্ৰীষ্টাব্দত নেপালৰ গোৰ্খাসকলে ব্ৰিটিছ ইষ্ট-ইণ্ডিয়া কোম্পানী চৰকাৰৰ অধীনস্থ গোৰক্ষপুৰ আৰু বস্তি জিলাৰ তিনিটা পুলিচ চকী আক্ৰমণ কৰাত নতুন পৰিস্থিতিৰ সৃষ্টি হয়। গোৰ্খাসকলৰ আক্ৰমন প্ৰতিহত কৰিবলৈ গৱৰ্ণৰ জেনেৰেল লৰ্ড হেষ্টিংচে তেতিয়া নেপালৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে। লগে লগে লৰ্ড হেষ্টিংচৰ আঁচনি অনুযায়ী পশ্চিমে শতদ্ৰু নদীৰপৰা পূবৰ কোশী নদীলৈকে এই বিস্তৃত এলেকাত অৰ্থাত্‌ নেপালৰ দক্ষিণ সীমান্ত ভেদ কৰি চাৰিটা সুকীয়া সুকীয়া সৈন্য অভিযান আৰম্ভ হ’ল। পাটনাৰ পৰা মেজৰ জেনেৰেল মাৰ্লি, গোৰক্ষপুৰৰ পৰা মেজৰ জেনেৰেল চুলিভান উভৰ নেতৃত্বত যোৱা সৈন্যবাহিনী বিফল হয়। ঠিক তেনেধৰণে মেজৰ জেনেৰেল জিলেপ্‌চিয়ে কলংগৰ গোৰ্খা দুৰ্গ দখল কৰিবলৈ গৈ প্ৰাণ হেৰুৱায়। আন এজন ইংৰাজ মেজৰ জেনেৰেল মাৰ্টণ্ডেলে গোৰ্খাসকলৰ লগত জয়তকৰ নামৰ ঠাইত যুদ্ধ কৰি পৰাস্ত হয়। ইংৰাজ সেনা আৰু সেনাপতিসকলৰ এনে প্ৰাৰম্ভিক বিপৰ্যয়ৰ বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। অৱশ্যে এনে বিপৰ্যয়ৰ মূলতে আছিল গোৰ্খাসকলৰ যুদ্ধ কৌশল আৰু ইংৰাজ সেনাৰ বাবে থকা ভৌগোলিক প্ৰতিবন্ধকবোৰ। কিন্তু ১৮১৫ খ্ৰীষ্টাব্দত ঘটনাপ্ৰবাহে নতুন মোৰ লয়। এইবাৰ ব্ৰিটিছ সেনাপতি জেনেৰেল অক্টলেৰ্নিৰ নতুন উদ্যম আৰু সুদক্ষ সেনা পৰিচালনাই গোৰ্খাসকলক বিপৰ্যস্ত কৰি তোলে। কেইবাখনো যুদ্ধত পৰাস্ত হৈ গোৰ্খাসকলে ১৮১৫ খ্ৰীষ্টাব্দৰ ২৮ নৱেম্বৰত সগৌলী নামৰ ঠাইত ব্ৰিটিছ চৰকাৰৰ লগত এক সন্ধি পত্ৰত চহী কৰিবলৈ বাধ্য হ’ল। কিন্তু কাঠমাণ্ডুৰ ৰাজ দৰবাৰে সগৌলীৰ সন্ধি পোনতে মানি ল’ব নোখোজাত ইংৰাজ সেনাই পুনৰ গোৰ্খাসকলৰ বিৰুদ্ধে অভিযান চলালে। এইবাৰো গোৰ্খা সেনা পৰাস্ত হ’ল। গতিকে কাঠমাণ্ডুৰ ৰাজদৰবাৰে ১৮১৬ খ্ৰীষ্টাব্দৰ ২৮ ফেব্ৰুৱাৰীত সগৌলীৰ সন্ধি মানি লোৱাৰ বাহিৰে উপায় নাছিল।

  • সগৌলী সন্ধিৰ চৰ্তসমূহ :

(১) গোৰ্খাসকলে নেপালৰ দক্ষিণ সীমাৰ তৰাই অঞ্চলৰ বহু ঠাই ব্ৰিটিছ চৰকাৰক এৰি দিবলৈ সন্মত হোৱা।

(২) নেপালৰ পশ্চিম সীমাৰ কুমাউন গাঢ়োৱালৰ বহু পৰ্বতীয়া অঞ্চল ইংৰাজলৈ হস্তান্তৰ কৰা।

(৩) চিকিমত নেপাল চৰকাৰে কোনোধৰণৰ সমস্যাৰ সৃষ্টি নকৰাৰ প্ৰতিশ্ৰুতি।

(৪) কাঠমাণ্ডুত এজন ব্ৰিটিছ ৰেচিডেণ্ট ৰাখিবলৈ অনুমতি প্ৰদান।

সগৌলীৰ সন্ধিৰ চৰ্ত অনুযায়ী ব্ৰিটিছ সাম্ৰাজ্যবাদী নীতিৰ বাস্তৱায়নৰ সুবিধা ওলায়। দক্ষিণে সাগৰৰপৰা উত্তৰে হিমালয় পৰ্যন্ত ব্ৰিটিছ সাম্ৰাজ্য প্ৰতিষ্ঠাৰ লক্ষ্য পূৰণ হ’ল। ইষ্ট-ইণ্ডিয়া কোম্পানী চৰকাৰে নতুনকৈ অধিকৃত অঞ্চলবোৰত চিমলা, মুচৌৰী, আলমোৰা, নৈনিতাল, ৰাণীক্ষেত, লন্দৌৰ, ডেলহাউচি আদি বিখ্যাত পাৰ্বত্য স্বাস্থ্য নিবাসবোৰ স্থাপন কৰাত বহুলোকৰ বাবে অৱসৰ বিনোদনৰ ব্যৱস্থা হ’ল। লগতে ব্ৰিটিছ ভাৰতীয় সৈন্য বাহিনীত বহু গোৰ্খা জোৱান ভৰ্তি হোৱাৰ সুযোগ সুবিধা আহি পৰিল। এনেভাৱে ভাৰত নেপাল সম্পৰ্কৰ পৰিসৰ আৰু বাঢ়ি গ’ল।

  • ব্ৰহ্মদেশ বিজয় :

ব্ৰহ্মদেশ তথা বৰ্তমানৰ ম্যানমাৰ দেশ ঊনবিংশ শতিকাত তিনিখন ইংগ-ব্ৰহ্ম যুদ্ধৰ মাজেদি ব্ৰিটিছৰ দখললৈ আহে। ব্ৰিটিছ সাম্ৰাজ্যৰ সীমান্তৱৰ্তী ব্ৰহ্মদেশৰ লগত সীমা, অৰ্থনৈতিক আৰু ব্যৱসায়ীক স্বাৰ্থৰ হকেই  ব্ৰিটিছ ভাৰত চৰকাৰ সংঘৰ্ষত লিপ্ত হৈছিল। তাৰ উপৰিও ফৰাচীসকলৰ লগত ব্ৰহ্মদেশৰ ৰজাই এক ব্যৱসায়ীক সন্ধিত স্বাক্ষৰ কৰাত ব্ৰিটিছ সাম্ৰাজ্যবাদী শক্তি সচকিত হৈ পৰে। গতিকে ব্ৰহ্মদেশ তথা সমগ্ৰ দক্ষিণ-পূব এচিয়াত ফৰাচী শক্তিৰ সম্প্ৰসাৰণক বাধা দিয়াৰ বাবে ব্ৰিটিছসকলে কাৰ্যকৰী ব্যৱস্থা ল’ব লগা হ’ল। আনহাতেদি ব্ৰহ্মদেশৰ বনজ সম্পদ বিশেষকৈ গভীৰ কাঠনিৰ ওপৰত ব্ৰিটিছৰ শেন চকু বাৰুকৈ পৰিছিল।

  • প্ৰথম ইংগ-ব্ৰহ্ম যুদ্ধ (১৮২৪-২৬ খ্ৰীষ্টাব্দ ):

অষ্টাদশ শতিকাৰ শেষভাগত ব্ৰহ্মদেশীয় ৰজাই আৰাকান উপকূল দখল কৰে। তেতিয়া সেই অঞ্চলৰ বহু মানুহ ভগনীয়া হৈ ইংৰাজৰ অধীনত থকা চিটাগঙত আশ্ৰয় লয়। চিটাগঙত আশ্ৰয় লোৱা ভগনীয়াসকলে মাজে মাজে সংঘবদ্ধভাৱে ব্ৰহ্মদেশীয় ৰজাৰ এলেকাত আক্ৰমণ চলাবলৈ লোৱাত সমস্যা জটিল হৈ পৰে। ব্ৰহ্মদেশীয় ৰজাই ইংৰাজক তেনে আক্ৰমণ বন্ধ কৰাবলৈ আৰু ভগনীয়াবোৰক নিজ দেশলৈ প্ৰত্যাবৰ্তন কৰাবলৈ দাবী জনালে। অন্যথাই ঢাকা, চিটাগঞ্জ, কাছিমবজাৰ, মুৰ্চিদাবাদ আদি ইংৰাজৰ ঠাইবোৰ আক্ৰমণ কৰা হ’ব বুলি ভাবুকি দিলে। আনহাতেদি ইতিমধ্যে ব্ৰহ্মদেশীয় সেনাই অসম ৰাজ্যত সোমাই এক অৰাজকতাৰ সৃষ্টি কৰিছিল। অসম বুৰঞ্জীত ইয়াকে ‘মানৰ আক্ৰমণ’ বুলি কোৱা হয়। ব্ৰিটিছৰ দখলত থকা অঞ্চলৰ সীমান্তত অৰ্থাত্‌ অসমত মানসেনাৰ তাণ্ডৱলীলাৰ কথা জানিব পাৰি ইষ্ট-ইণ্ডিয়া কোম্পানী চৰকাৰ সচকিত হৈ পৰে। ইফালেদি ব্ৰহ্মদেশীয় সেনাই অসম জয় কৰি মণিপুৰ ৰাজ্য দখল কৰে। মণিপুৰৰপৰা ব্ৰহ্মদেশীয় সেনাই  ইংৰাজৰ প্ৰভূত্ব থকা কাছাৰ আৰু চিলেট জিলাত আক্ৰমণ আৰম্ভ কৰে। তেতিয়া ইংৰাজ সকল নীৰৱ দৰ্শক হৈ থাকিব নোৱাৰা হ’ল। গতিকে ইংৰাজ সেনাই ব্ৰহ্মদেশীয় সেনাৰ বিৰুদ্ধে যুদ্ধযাত্ৰা আৰম্ভ কৰিলে। ইংৰাজে যুদ্ধযাত্ৰা কৰাৰ আগতে ব্ৰহ্মদেশৰ আভা ৰাজ্যৰ ৰজাৰ ওচৰলৈ কটকী পঠাই এক আপোচ মীমাংসা কৰাৰ চেষ্টা চলাই ব্যৰ্থ হয়।গতিকে প্ৰত্যক্ষ সংঘৰ্ষ অনিবাৰ্য হৈ পৰে। সেই সংঘৰ্ষ অনিবাৰ্য হৈ পৰে। সেই সংঘৰ্ষৰ পৰিণতি ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বাবে লাভজনক হৈছিল। ১৮২১-২২ খ্ৰীষ্টাব্দৰ ভিতৰত ব্ৰহ্মদেশীয় তথা মানসেনাই অসম দেশ অধিকাৰ কৰে। তাৰ পিছত ১৮২৩ খ্ৰীষ্টাব্দত ইংৰাজৰ শাসনাধীন চিটাগঙৰ ওচৰৰ ছাহপুৰী দ্বীপ দখল কৰে। ব্ৰহ্মদেশীয় সেনাই সিমানতে ক্ষান্ত নাথাকি ১৮২৪ খ্ৰীষ্টাব্দত কাছাৰ ৰাজ্যৰ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ এলেকাত প্ৰবেশ কৰে। তেতিয়া গৱৰ্ণৰ জেনেৰেল লৰ্ড আৰ্মহাষ্টে ব্ৰহ্মদেশৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ বাহিৰে উপায় নোহোৱা হ’ল। ব্ৰহ্মদেশীয় ৰজাৰ আক্ৰমণাত্মক নীতিৰ ফলতেই প্ৰথম ইংগ-ব্ৰহ্ম যুদ্ধ ঘটিছিল বুলিব পাৰি। অসম, আৰাকান, তেনাচৰিম আৰু নামনি ইৰাৱতী উপত্যকাত ইংৰাজ আৰু ব্ৰহ্মদেশীয় সেনাৰ মাজত ঘোৰতৰ যুদ্ধ লাগে। প্ৰথম অৱস্থাত ইংৰাজ সেনা কিছু বিবুধিত পৰিছিল যদিও শেষত জয়ী হয়। ১৮২৫ খ্ৰীষ্টাব্দত দোনাবিউৰ যুদ্ধত ব্ৰহ্মদেশীয় সেনাপতি বন্দুলাৰ মৃত্যু হয়। গতিকে পৰিস্থিতিয়ে ব্ৰহ্মদেশৰ ৰজাক ইংৰাজৰ লগত সন্ধি কৰিবলৈ বাধ্য কৰিলে। ফলত ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰীত ব্ৰহ্মদেশৰ ৰজা আৰু ইংৰাজ সেনাপতি আৰ্কিবলদ্‌ কেম্পবেলৰ মাজত বিখ্যাত ইয়াণ্ডাবু সন্ধি-পত্ৰ স্বাক্ষৰিত হয়।

  • ইয়াণ্ডাবু সন্ধিৰ চৰ্তসমূহ :

(১) ব্ৰহ্মদেশীয় ৰজাই ইষ্ট-ইণ্ডিয়া কোম্পানী চৰকাৰক যুদ্ধৰ ক্ষতিপূৰণ স্বৰূপে ১ কোটি টকা দিবলৈ ৰাজি হোৱা।

(২) আৰাকান আৰু টেনাচেৰিম প্ৰদেশ ব্ৰহ্মদেশৰ ৰজাই ইষ্ট-ইণ্ডিয়া কোম্পানী চৰকাৰক গটাই দিবলৈ ৰাজি হোৱা।

(৩) অসম, কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যত ব্ৰহ্মদেশৰ ৰজাই কোনো প্ৰকাৰৰ হস্তক্ষেপ নকৰাৰ প্ৰতিশ্ৰুতি দিয়া।

(৪) ব্ৰহ্মদেশৰ ৰজাই মণিপুৰৰ স্বাধীনতা মানি লোৱা।

(৫)ব্ৰিটিছৰ লগত ব্ৰহ্মদেশৰ ৰজাই এক বাণিজ্যিক চুক্তি কৰাৰ প্ৰতিশ্ৰুতি দিয়া।

(৬) আভাত এজন ব্ৰিটিছ ৰেচিডেণ্ট থকাৰ কলিকতাত এজন ব্ৰহ্মদেশীয় দূত ৰাখিবলৈ দুয়োপক্ষৰ সন্মতি প্ৰদান।

এই সন্ধি-পত্ৰৰ চৰ্ত অনুসৰি ব্ৰিটিছে ব্ৰহ্মদেশৰ উপকূল ভাগত সম্পূৰ্ণ দখল আৰু লগতে দেশখনৰ মূল ভূখণ্ডত এক দৃঢ় খোপনি পতাৰ সুবিধা হ’ল। ইয়াণ্ডাবু সন্ধিৰ আন এটা প্ৰধান তাত্‌পৰ্য হ’ল ইষ্ট-ইণ্ডিয়া কোম্পানী চৰকাৰে অসমৰ আৰু ব্ৰহ্মদেশৰ ৰাজনীতিত প্ৰত্যক্ষ হস্তক্ষেপ কৰাৰ বাট সুগম হৈ পৰাতো। কিন্তু মন কৰিবলগীয়া কথা হ’ল ইংগ-ব্ৰহ্ম সংঘাত সিমানতে অন্ত পৰা নাছিল।

  • দ্বিতীয় ইংগ-ব্ৰহ্ম যুদ্ধ (১৮৫২ খ্ৰীষ্টাব্দ) :

ব্ৰিটিছৰ অধীনস্থ আৰাকান অঞ্চলত ইংৰাজ ব্যৱসায়ীসকলে সততে ব্ৰহ্মদেশীয় ৰাজ প্ৰতিনিধিজনৰ দুৰ্ব্যৱহাৰ আৰু জোৰ জুলুম সহ্য কৰি থাকিবলগীয়া হৈছিল। গতিকে তাৰ প্ৰতিকাৰ বিচাৰি ইংৰাজ ব্যৱসায়ীসকলে ইষ্ট-ইণ্ডিয়া কোম্পানীৰ গৱৰ্ণৰ জেনেৰেলৰ কাষ চাপে। ১৮৫১ খ্ৰীষ্টাব্দত গৱৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউছিয়ে সেইমতে ব্ৰহ্মদেশৰ ৰজাৰ পৰা ক্ষতিপূৰণ আৰু ৰেংগুনৰ ব্ৰহ্মদেশীয় ৰাজ প্ৰতিনিধিজনৰ অপসাৰণ দাবী কৰি কমাণ্ডাৰ লেম্বাৰ্টৰ অধীনত ৰণতৰীৰে সৈতে এক অভিযান পঠালে। ব্ৰহ্মদেশৰ ৰজাই যুদ্ধ নকৰাকৈ কিবা এক সন্তোষজনক সমাধান উলিয়াব পাৰি নেকি তাৰ বাবে চেষ্টা চলালে। সেইমতে ৰেংগুনৰ ৰাজ প্ৰতিনিধিজনক বদলি কৰিলে। কিন্তু লেম্বাৰ্ট সিমানতে সন্তুষ্ট নহ’ল। তেওঁ ৰেংগুন পোতাশ্ৰয় অৱৰোধ কৰি ব্ৰহ্মদেশৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে। গৱৰ্ণৰ জেনেৰেল ডেলহাউছিয়ে তেতিয়া নিৰূপায়ত পৰি সেনাপতি লেম্বাৰ্টৰ কাৰ্যক সমৰ্থন দিলে। ফলত ইংৰাজ আৰু ব্ৰহ্মদেশৰ মাজত যুদ্ধ লাগিল। অৱশ্যে এই যুদ্ধৰ মূলতে আছিল সেনাপতি লেম্বাৰ্টৰ অবিবেচক সিদ্ধান্ত। ইষ্ট-ইণ্ডিয়া কোম্পানী চৰকাৰে জেনেৰেল গডউইন আৰু এডমিৰেল অষ্টিনৰ নেতৃত্বত এক বিৰাট সৈন্যবাহিনী ব্ৰহ্মদেশৰ বিৰুদ্ধে যুঁজিবলৈ পঠায়। সেই সৈন্য বাহিনীয়ে কেইমাহমানৰ ভিতৰতে মাৰ্তাৱান, বাচেইন, ৰেংগুন, প্ৰোম আৰু পেগু দখল কৰে। ফলত সমগ্ৰ নামনি ব্ৰহ্মদেশ ইংৰাজৰ দখললৈ আহে। লৰ্ড ডেলহাউছিয়ে ব্ৰহ্মদেশৰ ৰজাৰ লগত এক সন্ধি কৰিবলৈ বিচাৰিছিল যদিও সঁহাৰি নাপালে। গতিকে ব্ৰিটিছ ৰাজশক্তিয়ে একতৰফাভাৱে পেগু অঞ্চল নিজ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰি ল’লে। এইধৰণে দ্বিতীয় ইংগ-ব্ৰহ্ম যুদ্ধৰ যোগেদি ব্ৰিটিছ সাম্ৰাজ্যবাদৰ দক্ষিণ-পূব এছিয়া আন এক সম্প্ৰসাৰণ ঘটে।

  • তৃতীয় ইংগ-ব্ৰহ্ম যুদ্ধ (১৮৮৫ খ্ৰীষ্টাব্দ) :

কাৰণসমূহ : দ্বিতীয় ইংগ-ব্ৰহ্ম যুদ্ধৰ অন্তত একমাত্ৰ উত্তৰ ব্ৰহ্মদেশ স্বাধীন হৈ থাকিল। ব্ৰহ্মদেশীয় ৰজা মিণ্ডনে মান্দালয়ত ৰাজধানী পাতি স্বাধীনভাৱে ৰাজত্ব কৰিছিল যদিঐংৰাজৰ লগত সম্পৰ্ক স্বাভাৱিক হোৱা নাছিল। আনহাতেদি উত্তৰ ব্ৰহ্মদেশৰ বনজ সম্পদৰ ভিতৰত মূল্যৱান চেগুন কাঠ, হাতীৰ দাঁত আৰু তুলাৰ প্ৰতি ইংৰাজ বণিকৰ যথেষ্ট আগ্ৰহ আছিল। সেইকাৰণে উত্তৰ ব্ৰহ্মদেশত ব্ৰিটিছ আধিপত্য স্থাপন হোৱাটো বিচাৰিছিল তেওঁলোকে। তাৰ উপৰিও ইংৰাজ বণিকে উত্তৰ ব্ৰহ্মদেশৰ মাজেদি চীন দেশৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপনৰ সুবিধা বিচাৰিলে। ব্ৰহ্মদেশৰ ৰজাৰ বাবে এনে প্ৰস্তাৱ গ্ৰহণ কৰা সম্ভৱ নাছিল। লগতে ইংৰাজৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাটোও নিবিচাৰিছিল। গতিকে ১৮৬২ খ্ৰীষ্টাব্দত ব্ৰহ্মদেশৰ ৰজাই ইংৰাজৰ সৈতে এক বাণিজ্যিক চুক্তি কৰিলে। সেইমতে ইংৰাজে উত্তৰ ব্ৰহ্মদেশৰ যিকোনো ঠাইত বসতি কৰাৰ অনুমতি পালে আৰু লগতে ইৰাৱতী নদীয়েদি চীন দেশৰ লগত বাণিজ্যিক সম্পৰ্ক গঢ়াৰ সুবিধা দিয়া হ’ল। কিন্তু ইংৰাজসকল সিমানতো সন্তুষ্ট হোৱা নাছিল। তেওঁলোকে কেইপদমান বস্তুৰ বেহা-বেপাৰৰ একচেতীয়া অধিকাৰ বিচাৰিলে। ব্ৰহ্মদেশৰ চিৰাচৰিত নিয়ম অনুযায়ী ৰাজ দৰবাৰত সকলোৱে জোতা খুলি নতজানু হৈ ৰজাক সন্মান দেখুৱাব লাগিছিল। ইংৰাজ লোকে এই নিয়ম মানিবলৈ অস্বীকাৰ কৰিলে আৰু ১৮৭৬ খ্ৰীষ্টাব্দত ৰাজ দৰবাৰলৈ যোৱা বন্ধ কৰি দিলে। ব্ৰহ্মৰজা মিণ্ডনে নামনি ব্ৰহ্মদেশ উদ্ধাৰৰ কাৰণে যথেষ্ট আগ্ৰহী হৈ মহাৰাণী ভিক্টোৰিয়াৰ ওচৰত নিবেদন জনাইছিল। মহাৰাণীয়ে সেইবিষয়ে ব্ৰহ্মদেশৰ ৰজাক ব্ৰিটিছ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল তথা ভাইচৰয়ৰ লগত যোগাযোগ কৰিবলৈ জনালে। ব্ৰিটিছ ভাইচৰয়ে ব্ৰহ্মদেশৰ ৰজাক জনালে যে যেতিয়ালৈকে আকাশৰ সূৰ্যই পোহৰ বিকিৰন কৰি থাকিব তেতিয়ালৈকে নামনি ব্ৰহ্মদেশ ব্ৰহ্মৰজাক ঘূৰাই দিয়া নহ’ব। ব্ৰিটিছ ৰাজশক্তিৰ এনে দাম্ভিক ব্যক্তব্য শুনাৰ পিছত সম্পৰ্কৰ আৰু অৱনতি ঘটিল। তেতিয়া ব্ৰহ্মদেশৰ ৰজাই ফৰাচী শক্তিৰ কাষ চাপিল। ফৰাচীসকলে ইতিমধ্যে কোচিন-চীন, টংকিং আদি ঠাই জয় কৰি দক্ষিণ-পূৱ এচিয়াত নিজৰ সাম্ৰাজ্য এখন গঢ়ি তুলিছিল। গতিকে তেওঁলোকৰ শেনচকু ব্ৰহ্মদেশৰ ওপৰতো আছিল। ১৮৭৩ খ্ৰীষ্টাব্দত ফৰাচীসকলে ব্ৰহ্মদেশৰ ৰজা মিণ্ডনৰ লগত এক চুক্তি সম্পাদিত কৰিলে। সেই চুক্তিমতে ফৰাচীসকলে ব্ৰহ্মদেশত নানান বাণিজ্যিক সুবিধা লাভ কৰিলে। তাৰ উপৰিও ফৰাচীসকলৰ নেতৃত্বত ব্ৰহ্মদেশী সৈন্যবাহিনী পুনৰ গঠনৰ আলাপ-আলোচনা চলিল। ১৮৭৮ খ্ৰীষ্টাব্দত ৰজা মিণ্ডনৰ মৃত্যু হয়। তেতিয়া ব্ৰহ্মদেশৰ সিংহাসন লৈ খোৱা-কামোৰা আৰম্ভ হ’ল। অৱশেষত এক গৃহযুদ্ধৰ মাজেদি মিণ্ডনৰ পুত্ৰ থিবো ৰজা হয়গৈ। থিবোৱে ফৰাচী শক্তিৰ লগত ৰাজনৈতিক আৰু বাণিজ্যিক দিশৰ এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিলে। ফৰাচীসকলে ব্ৰহ্মদেশত বাণিজ্য, বেংক প্ৰতিষ্ঠা, ৰেলপথ নিৰ্মাণ, খনিৰ ব্যৱহাৰ অনুমতি পোৱাত ইংৰাজ বণিকসকল আতংকিত হৈ পৰিল। ফলত ইংগ-ব্ৰহ্ম যুদ্ধ এখন অৱশ্যম্ভাৱী হৈ পৰে। এনে সময়তে ‘বোম্বে-বাৰ্মা ট্ৰেডিং কৰ্পৰেচন’ নামৰ এক ইংৰাজ বণিক সংস্থাৰ লগত ব্ৰহ্মদেশৰ ৰজা থিবোৰ মতবিৰোধ ঘটে। সেই বনিক সংস্থাটোৱে ব্ৰহ্মদেশৰপৰা চেগুন কাঠ ৰপ্তানি কৰিছিল। প্ৰতিষ্ঠানটোৱে কিছু অনিয়ম আৰু অবৈধ ব্যৱসায়ত লিপ্ত হোৱাৰ বাবে ব্ৰহ্মদেশৰ চৰকাৰে ২৩ লাখ টকাৰ জৰিমনা বিহিলে। তাৰ প্ৰত্যুত্তৰত ভাইচৰয় লৰ্ড ডাফৰিণে ব্ৰহ্মদেশৰ ৰজালৈএখনি চৰম-পত্ৰ দিলে। চৰম-পত্ৰৰ কথাখিনি কোনো স্বাধীন ৰাষ্ট্ৰৰ বাবে গ্ৰহণযোগ্য নাছিল। গতিকে ৰজা থিবোৱে তেনে দাবী প্ৰত্যাখান কৰিলে। ইয়াৰ ফলস্বৰূপে ১৮৮৫ খ্ৰীষ্টাব্দৰ ১৩ নবেম্বৰত তৃতীয় ইংগ-ব্ৰহ্ম যুদ্ধ আৰম্ভ হয়।

ফলাফল : তৃতীয় ইংগ-ব্ৰহ্ম যুদ্ধত ব্ৰহ্মদেশীয় সৈন্য পৰাস্ত হয় আৰু ৰজা থিবোৱে ব্ৰিটিছৰ ওচৰত আত্মসমৰ্পণ কৰে। ১৮৮৬ খ্ৰীষ্টাব্দৰ ১ জানুৱাৰীত এখন ঘোষণা পত্ৰৰ যোগেদি লৰ্ড ডাফৰিণে উত্তৰ ব্ৰহ্মদেশ দখল কৰে। ইয়াৰ পিছত সমগ্ৰ ব্ৰহ্মদেশ ব্ৰিটিছ সাম্ৰজ্যৰ অন্তৰ্ভুক্ত হৈ পৰে। ৰেংগুনক ৰাজধানী হিচাপে লৈ ভাৰতীয় ব্ৰিটিছ সাম্ৰাজ্যৰ এখন নতুন প্ৰদেশ গঠিত হয়। লগে লগে ব্ৰিটিছ সাম্ৰাজ্যৰ পৰিসীমাই দক্ষিণ-পূৱ এছিয়াৰ এক বিস্তৃত অঞ্চল সামৰি ল’লে।

আফগানিস্থানৰ লগত সম্পৰ্ক :

ইংগ-আফগান সম্পৰ্ক মূলত: ইংগ-ৰুচ সম্পৰ্কৰ লগত ওত:প্ৰোতভাৱে জড়িত। ফৰাচী সম্ৰাট নেপোলিয়নৰ পতনৰ পিছত ৰুচ দেশে মধ্য এছিয়াৰ ফালে সাম্ৰাজ্য বিস্তাৰত লাগে। ৰুচসকলে মধ্য এছিয়াৰ সমৰখণ্ড, বোখ্‌ৰা, তাচখণ্ড আদি ঠাই জয় কৰি ক্ৰমান্বয়ে আফগানিস্থানৰ সীমান্তত উপস্থিত হোৱাত ভাৰতত ব্ৰিটিছ সিংহৰ মনত নানান আশংকাই দেখা দিলে। ৰুচ দেশে কেনেবাকৈ আফগানিস্থান জয় কৰিব পাৰিলে ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ ধৰণী লৰিব এই আশংকাতে ইংৰাজ চৰকাৰ সচেতন হৈ পৰিল। গতিকে ব্ৰিটিছ ৰাজশক্তিয়ে আফগানিস্থানক কেনেকৈ ৰুচ প্ৰভাৱমুক্ত কৰি আৰু লগতে দেশখনক দুৰ্বল কৰি ইংৰাজৰ ওপৰত নিৰ্ভৰশীল কৰি ৰাখিব পৰা যায় তাৰ বাবে ব্যতিব্যস্ত হৈ পৰিল। আনহাতেদি ঊনবিংশ শতিকাৰ আৰম্ভণিতে আফগানিস্থানৰ আমীৰ ছাহ চুজাক পদচ্যুত কৰি দোস্ত মহম্মদে ক্ষমতা দখল কৰে। ছাহ চুজাই ১৮১৬ খ্ৰীষ্টাব্দৰ পৰাই ইংৰাজৰ এজন পেঞ্চনাৰ হিচাপে লুধিয়ানাত বাস কৰিবলৈ লয়। আনহাতেদি দোস্ত মহম্মদেও কাবুলত শান্তিৰে ৰাজক্ষমতা ভোগ কৰিব পৰা নাছিল। কান্দাহাৰত তেওঁৰ বিদ্ৰোহী ভাতৃবৰ্গই, আফগানিস্থানৰ উত্তৰ-পশ্চিমৰ হিৰাটত ইৰাণিয়ানসকলে, পেছোৱাৰত শিখসকলে আমীৰ দোস্ত মহম্মদক সততে ভাবুকি দি আছিল। তাৰ উপৰিও উত্তৰ দিশৰপৰা ৰুচ আক্ৰমণৰ ভয় ক্ৰমান্বয়ে বাঢ়ি গৈছিল। এনে এক সমস্যাবহুল অৱস্থাত পৰি আমীৰ দোস্ত মহম্মদে ইংৰাজৰ লগত মিত্ৰতা কৰিবলৈ আগ্ৰহী হৈ পৰে। তেওঁ পেছোৱাৰ অঞ্চল মহাৰজা ৰণজিত্‌ সিংহৰ কৱলৰপৰা মুক্ত কৰি দিবলৈ ইংৰাজক আৱেদন জনালে। এনে অনুকুল অৱস্থা দেখি ইষ্ট-ইণ্ডিয়া কোম্পানীৰ ডিৰেক্টৰসকলে গৱৰ্ণৰ জেনেৰেল অকলেণ্ডক আফগানিস্থানৰ ৰাজনীতিত যথাবিহিত ব্যৱস্থা ল’বৰ বাবে সেউজ সংকেত দিলে। সেইমতে লৰ্ড অকলেণ্ডে গোপন চোৰাংচোৱাগিৰি চলোৱাৰ উদ্দেশ্যে আলেকজেণ্ডাৰ বাৰ্ণচ নামৰ এজন অভিযানকাৰীক কাবুললৈ পঠালে। বাৰ্ণচৰ কাম আছিল কাবুলত প্ৰকৃততে ৰুচ প্ৰভাৱ কিমান তাৰ বুজ লোৱা। কিন্তু গোটেই অভিযানটো বিফল হ’ল। দোস্ত মহম্মদে ৰুচ শক্তিৰ প্ৰতি নতুন আগ্ৰহ দেখুৱাই দূত ভিক্টোভিচক ৰাজধানী কাবুলত বিপুল সাদৰ অভ্যৰ্থনা জনোৱাত ব্ৰিটিছশক্তি আতংকিত হৈ পৰিল। ১৮৩৮ খ্ৰীষ্টাব্দত লৰ্ড অকলেণ্ডে মহাৰজা ৰণজিত্‌ সিংহ আৰু ইংৰাজৰ আশ্ৰয়াধীন আফগানিস্থানৰ ক্ষমত্যাচ্যুত আমীৰ ছাহ চুজাৰ লগত এক ত্ৰিপাক্ষিক চুক্তি কৰিলে। সেই চুক্তিৰ মূল উদ্দেশ্য আছিল ছাহ চুজাক পুনৰ কাবুলত ক্ষমতাত অধিষ্ঠিত কৰোৱা। আঁচনিমতে ১৮৩৯ খ্ৰীষ্টাব্দত কাবুল অভিমুখে ব্ৰিটিছ আৰু শিখ সৈন্যৰ এক সন্মিলিত বাহিনীৰ অভিযান আৰম্ভ হ’ল। লগে লগে আৰম্ভ হ’ল প্ৰথম ইংগ-আফগান যুদ্ধ। ব্ৰিটিছ সৈন্য বাহিনীয়ে বহু কষ্টেৰে ভৱলপুৰ, সিন্ধুৰাজ্য, বেলুচিস্থান হৈ বোলান আৰু খোজাক গিৰিসংকট অতিক্ৰম কৰি কাবুলত প্ৰবেশ কৰে। তেতিয়া দোস্ত মহম্মদ নিৰুপায় হৈ ইংৰাজৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ’ল। ইংৰাজে দোস্ত মহম্মদক আঁতৰাই ছাহ চুজাক পুনৰ কাবুলৰ সিংহাসনত বহুৱালে। ছাহ চুজা অতি অকৰ্মণ্য আৰু দুৰ্বল চিত্তৰ ব্যক্তি আছিল। স্বাধীনতাপ্ৰিয় আফগানসকলে ছাহ চুজাক তেওঁলোকৰ আমীৰ হিচাপে গ্ৰহণ কৰিব পৰা নাছিল। তাৰ উপৰিও আফগানিস্থানত দহ হেজাৰ ব্ৰিটিছ সৈন্যই এক উশৃংখল পৰিবেশ সৃষ্টি কৰি থকাটো আফগানসকলে সহ্য কৰিব পৰা নাছিল। কাবুলত থকা ব্ৰিটিছ ৰেচিডেণ্ট বাৰ্ণচৰ সীমাহীন অমিতাচাৰেও আফগানসকলক বিদ্ৰোহী কৰি তোলে। ১৮৪১ খ্ৰীষ্টাব্দত বিদ্ৰোহী আফগানসকলে দোস্ত মহম্মদৰ পুত্ৰ আকবৰ খানৰ নেতৃত্বত আমীৰ ছাহ চুজা আৰু কাবুলত থকা বহুসংখ্যক ইংৰাজ সেনাক বধ কৰিলে।গতিকে বাকী থকা ব্ৰিটিছ সৈন্যবাহিনীৰ লোকসকল ততাতৈয়াকৈ কাবুল ত্যাগ কৰিবলৈ বাধ্য হ’ল। দোস্ত মহম্মদেও পুনৰ আফগানিস্থানৰ সিংহাসন দখল কৰিলে। এনে পৰিণতিৰে প্ৰথম ইংগ-আফগান যুদ্ধৰ অৱসান ঘটে। আফগানিস্থানত ব্ৰিটিছৰ এনে বিপৰ্যয়ৰ মূলতে আছিল লৰ্ড অকলেণ্ডৰ অবিবেচক নীতি। প্ৰথম ইংগ-আফগান যুদ্ধত ব্ৰিটিছৰ মৰ্যাদা বহু পৰিমাণে ক্ষতিগ্ৰস্ত হয়। গতিকে লৰ্ড অকলেণ্ডে পদত্যাগ কৰি স্বদেশলৈ ঘূৰি গ’ল। ঐতিহাসিক ৰবাৰ্টৰ মতে লৰ্ড অকলেণ্ডৰ আফগান নীতি ‘ৰাজনৈতিক দিশৰপৰা বিপৰ্যকৰ আৰু নৈতিক দিশৰপৰা সম্পূৰ্ণ ভ্ৰান্ত আছিল’। দোস্ত মহম্মদ ১৮৬৩ খ্ৰীষ্টাব্দলৈকে আফগানিস্থানৰ আমীৰ হিচাপে ক্ষমতাত অধিস্থিত হৈ থাকিল। ইয়াৰ পিছৰ কালছোৱাত ভাইচৰয় লৰ্ড লৰেঞ্চ(১৮৬৪-৬৯ খ্ৰী:), লৰ্ড মেয়ো(১৮৬৯-৭২ খ্ৰী:), আৰু লৰ্ড নৰ্থ ব্ৰুকে (১৮৭২-৭৬ খ্ৰী:), আফগানিস্থানৰ সম্পৰ্কত এক নিৰপেক্ষ নীতি মানি চলে। ইংলেণ্ডৰ উদাৰনৈতিক দলৰ প্ৰধানমন্ত্ৰী গ্লেডষ্টোনেও আফগানিস্থানৰ আভ্যন্তৰীণ কথাত হস্তক্ষেপ নকৰিবলৈ দৃঢ় মত ব্যক্ত কৰিছিল। ১৮৭৩ খ্ৰীষ্টাব্দত ৰুচসকলে খিবা ৰাজ্য দখল কৰৰ্ত ৰুচ দেশ আৰু আফগানিস্থানৰ সীমান্ত ওচৰা-ওচৰি হৈপৰে। ইফালেদি ইংলেণ্ডতো উদাৰনৈতিক দলৰ সলনি ৰক্ষণশীল দল ক্ষমতালৈ আহে। ৰক্ষণশীল দলৰ চৰকাৰ আফগানিস্থানৰ ক্ষেত্ৰত এক আগবাঢ়ি যোৱা নীতি গ্ৰহণৰ পক্ষপাতি আছিল। সেইমতে ব্ৰিটিছ ভাইচৰয় লৰ্ড লিটনে আফগানিস্থানৰ আমীৰ শ্যেৰ আলীক এক মিত্ৰতাৰ প্ৰস্তাৱ দিলে। সেই প্ৰস্তাৱমতে কাবুলত ব্ৰিটিছ প্ৰতিনিধি থাকিবলৈ দিয়া আৰু আফগানিস্থানৰ বৈদেশিক নীতিৰ ওপৰত ব্ৰিটিছ নিয়ন্ত্ৰণ স্বীকাৰ কৰাৰ কথা কোৱা হ’ল। আমীৰ শ্যেৰ আলীয়ে ব্ৰিটিছ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাত পৰিস্থিতিয়ে নতুন ৰূপ ল’লে। শ্যেৰ আলীয়ে প্ৰমাদ গণি ৰুচ দেশৰ লগত মিত্ৰতা স্থাপন কৰিলে। ৰুচ দেশে শ্যেৰ আলীক যি কোনো বিদেশী আক্ৰমণৰ সময়ত সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হ’ল। এই কথা জানিব পাৰিলৰ্ড লিটন অতিকৈ ক্ষুদ্ধ হৈ ১৮৭৮ খ্ৰীষ্টাব্দত আফগানিস্থানৰ বিৰুদ্ধে সামৰিক শক্তি প্ৰয়োগ কৰাৰ সিদ্ধান্ত লয়। এনেভাৱেই দ্বিতীয় ইংগ-আফগান যুদ্ধৰ সুত্ৰপাত হৈছিল। ব্ৰিটিছ সৈন্যৰ হাতত শ্যেৰ আলী পৰাজিত হৈ ৰুচ দেশলৈ পলাই যায়। তাতে ১৮৭৯ খ্ৰীষ্টাব্দত তেওঁৰ মৃত্যু হয়। তেতিয়া ইংৰাজে শ্যেৰ আলীৰ পুত্ৰ ইয়াকুব খাঁক আফগানিস্থানৰ সিংহাসনত বহুৱালে।

  • গণ্ডামাৰ্কৰ সন্ধি (১৮৭৯ খ্ৰীষ্টাব্দ) :

আফগানিস্থানৰ নতুন আমীৰ ইয়াকুব খাঁই গণ্ডামাক নামৰ ঠাইত ব্ৰিটিছৰ লগত ১৮৭৯ খ্ৰীষ্টাব্দত এক সন্ধি কৰে। সেই সন্ধিৰ চৰ্তবোৰ আছিল :

(১) কাবুলত এজন ৰাজপ্ৰতিনিধি থাকিব,

(২) আফগানিস্থানৰ বৈদেশিক নীতি ব্ৰিটিছৰ দ্বাৰা পৰিচালিত হ’ব,

(৩) ব্ৰিটিছ চৰকাৰে আফগানিস্থানক বিদেশীৰ আক্ৰমণৰ সময়ত ৰক্ষা কৰিব,

(৪) ইয়াকুব খাঁক বছৰি ৬ লাখ টকা পেঞ্চন দিয়া হ’ব।

গণ্ডামাক সন্ধিয়ে স্থায়ী শান্তি আনিব পৰা নাছিল। স্বাধীনতাপ্ৰিয় আফগানসকলে ইয়াকুব খাঁৰ কাৰ্যক সমৰ্থন নকৰিলে। বিদ্ৰোহী আফগানসকলে ব্ৰিটিছ ৰেচিডেণ্ট ক্যেভানগৰি আৰু তেওঁৰ দেহৰক্ষীক হত্যা কৰি ইয়াকুব খাঁক সিংহাসন চ্যুত কৰে। বিদ্ৰোহীসকলে শ্যেৰ আলীৰ ভতিজাক আবদাৰ ৰহমানক সিংহাসনত বহুৱায়। ১৮৮০ খ্ৰীষ্টাব্দত ভাইচৰয় লৰ্ড ৰিপনে আবদাৰ ৰহমানক আমীৰ হিচাপে স্বীকৃতি দিয়ে। লগতে কাবুলত ব্ৰিটিছ ৰেচিডেণ্ট ৰখাৰ চৰ্তটো উঠাই ললে। আবদাৰ ৰহমানেও একমাত্ৰ ব্ৰিটিছৰ লগতহে কূটনৈতিক সম্পৰ্ক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিলে।

  • ৰুচ-আফগান সীমা :

ৰুচ দেশে ক্ৰমাগতভাৱে আফগানিস্থানৰ ফালে আগুৱাই অহাটো বন্ধ হোৱা নাছিল। ৰুচিয়াই মধ্য এছিয়াৰ মাভ, খোকান্দ আদি ঠাই দখল কৰাত ব্ৰিটিছ অধিক চিন্তিত হৈ পৰে। গতিকে ৰুচ-আফগান সীমা নিৰ্ধাৰনৰ বাবে অধিক হেঁচা দিবলৈ ধৰিলে। ফলস্বৰূপে ১৮৯৫ আৰু ১৯০৭ খ্ৰীষ্টাব্দত দুটা সুকীয়া চুক্তিৰে ৰুচ দেশ আৰু আফগানিস্থানৰ মাজৰ সীমা নিৰ্ধাৰিত কৰা হয়। সেইধৰণে ১৮৯২ খ্ৰীষ্টাব্দত ভাইচৰয় লৰ্ড ল্যেন্সডাউনৰ আমোলত ছাৰ মাৰ্টিন ডুৰাণ্ডৰ ব্যৱস্থামতে ভাৰত আৰু আফগানিস্থানৰ মাজৰ সীমা নিৰ্ধাৰিত হয়। সেই সীমা পাছলৈ ডুৰাণ্ড লাইন বুলি খ্যাত হয়।

  • তৃতীয় ইংগ-আফগান যুদ্ধ (১৯১৯ খ্ৰীষ্টাব্দ) :

আবদাৰ ৰহমানৰ পিছত তেওঁৰ পুতেক হবিবুল্লা আফগানিস্থানৰ আমীৰ হয়। হবিবুল্লাৰ পিছত পুতেক আমিনুল্লা আমীৰ হয়। ইতিমধ্যে ১৯১৭ খ্ৰীষ্টাব্দত ৰুচ দেশত জাৰ তন্ত্ৰৰ অৱসান ঘটে। নতুন সাম্যবাদী চৰকাৰে প্ৰতিবেশী দেশবোৰৰ প্ৰতি শান্তি আৰু মৈত্ৰীৰ নীতি ঘোষণা কৰে। ফলত ব্ৰিটিছৰ ৰুচ ভীতি কমি গ’ল। ইতিমধ্যে কাবুলত এক ব্ৰিটিছ বিৰোধী গোষ্ঠীয়ে গা কৰি উঠে। তেওঁলোকৰ হেঁচাৰ ফলতে ১৯১৯ খ্ৰীষ্টাব্দত আমীৰ আমানুল্লাই ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে। কিন্তু অতি কম সময়তে এই তৃতীয় ইংগ-আফগান যুদ্ধৰ অৱসান ঘটে। ১৯২১ খ্ৰীষ্টাব্দৰ আন সন্ধিৰ যোগেদি ব্ৰিটিছ আৰু আফগানিস্থানৰ বিৰোধৰ পূৰ্ণ মিট-মাট হয়। উভয়ে উভয়ৰ স্বাধীনতা স্বীকাৰ কৰিলে আৰু লগতে ৰাষ্ট্ৰদূত বিনিময়ৰ কথা মানি ল’লে। এইধৰণে প্ৰায় এক শতিকা জুৰি চলি অহা ইংগ-আফগান সমস্যাৰ অন্ত পৰে।

তিব্বতৰ লগত সম্পৰ্ক :

প্ৰাচীন কালত তিব্বতৰ লগত ভাৰতৰ সম্পৰ্ক থকাৰ বহু প্ৰমাণ আছে। তিব্বতৰ লগত ভাৰতৰ সাংস্কৃতিক আৰু বাণিজ্যিক লেন-দেন যথেষ্ট চলিছিল। কিন্তু এটা সময়ত তিব্বত ভাৰত সম্পৰ্ক অতি সীমিত হৈ পৰে। তিব্বত নামত চীনদেশৰ অধীনস্থ হ’লেও প্ৰকৃততে ই এখন স্বাধীন ধৰ্মতন্ত্ৰ। তিব্বত দেশৰ প্ৰকৃত সীমা সঠিককৈ কোৱাটো এক কঠিন কাম। ঊনবিংশ শতিকাৰ প্ৰাপ্ত তথ্যমতে তিব্বতৰ উত্তৰ দিশত তুৰ্কী আৰু মংগোলসকলৰ ৰাজ্য, পূবে চীন দেশ, দক্ষিণে ভাৰতবৰ্ষ আৰু পশ্চিমে ভাৰত, কাশ্মীৰ, আফগানিস্থান, তাজিক তুল আৰু তুৰ্কীস্তান। ১৯৫০ খ্ৰীষ্টাব্দৰ আগতে তিব্বত দেশৰ তিনিটা ভাগ আছিল। সেই তিনিটা ভাগ হ’ল ৰাজধানী লাচাক কেন্দ্ৰ কৰি মূল তিব্বত বা উ-টাং, তিব্বতৰ পূব ভাগ বা খাম-টুল আৰু উত্তৰ-পশ্চিম ভাগ বা না-ৰি। তিব্বতীসকল প্ৰধানকৈ বৌদ্ধ ধৰ্মাৱলম্বীলোক। চীন আৰু ভাৰতৰপৰা বৌদ্ধধৰ্মৰ তিব্বতত প্ৰবেশ ঘটে। তিব্বতত প্ৰথমে ৰাজতন্ত্ৰই আছিল। কিন্তু এটা সময়ত তিব্বতত ৰাজতন্ত্ৰৰ সলনি লামাতন্ত্ৰ প্ৰৱৰ্তিত হ’ল। লামাতন্ত্ৰৰ প্ৰধান গৰাকী দালাই লামা নামেৰে পৰিচিত। বৰ্তমানৰ দালাই লামা আৰু তেখেতৰ অনুগামীসকল বহুদিন ধৰি ভাৰতত আশ্ৰয় লৈ আছেহি। চীন দেশৰ ৰাজনৈতিক হেঁচাত পৰি দালাই লামা আৰু তেওঁৰ অনুগামীসকলে নিৰাপদ আশ্ৰয় বিচাৰি অৰুণাচল প্ৰদেশৰ মাজেদি আহি ভাৰতত সোমাইছিলহি। তিব্বতৰ ভৌগোলিক গুৰুত্ব আৰু বাণিজ্যিক লাভৰ কথা চিন্তা কৰি ১৭৭৪ খ্ৰীষ্টাব্দত গৱৰ্ণৰ জেনেৰেল ওৱাৰেণ হেষ্টিংচে জৰ্জ বোগ্‌লে নামৰ এজন দূতক তিব্বতৰ ৰাজধানী লাচালৈ পঠিয়াইছিল। উদ্দেশ্য আছিল কিবা বাণিজ্যিক সুবিধা আদায় কৰিব পাৰি নেকি। কিন্তু বোগ্‌লেৰ তিব্বত ভ্ৰমণ কোনো কামত নাহিল। ১৮৭৬ খ্ৰীষ্টাব্দত ভাৰতৰ ব্ৰিটিছ চৰকাৰে চীন দেশৰ লগত এক চুক্তি কৰি বৈজ্ঞানিক আৱিষ্কাৰৰ বাবে এজন বিষয়া তিব্বতলৈ পঠোৱাৰ সুবিধা লয়। তিব্বতীয়সকলে এই কথা পচন্দ কৰা নাছিল। ইতিমধ্যে ১৮৬৯ ছিকিম ব্ৰিটিছৰ আশ্ৰিত ৰাজ্যত পৰিণত হৈছিল। তিব্বত দেশে ব্ৰিটিছ শক্তিৰ হিমালয় দিশে সম্প্ৰসাৰণ হোৱাটো সহজভাৱে ল’ব পৰা নাছিল। গতিকে তিব্বতে ব্ৰিটিছৰ বিৰুদ্ধে অভিযান চলালে; কিন্তু সেই অভিযান বিফল হ’ল। ১৮৮৭ খ্ৰীষ্টাব্দত তিব্বতে ছিকিম আক্ৰমণ কৰি বিফল হ’ব লগা হ’ল।   ১৮৯০ খ্ৰীষ্টাব্দত ভাৰত আৰু চীন দেশৰ মাজত হোৱা চুক্তিমতে ছিকিম আৰু তিব্বতৰ মাজৰ সীমা নিৰ্ধাৰিত হৈছিল। তেনেধৰণৰ চীন আৰু ভাৰতৰ ব্ৰিটিছ চৰকাৰৰ মাজত ১৮৯৩ খ্ৰীষ্টাব্দত হোৱা এক চুক্তি মতে তিব্বত ছিকিম সীমান্তত ইংৰাজৰ এক বাণিজ্যিক ঘাতি স্থাপন কৰাৰ অনুমতি দিয়া হ’ল। অৱশ্যে ইয়াৰ পৰা ইংৰাজৰ কোনো বাণিজ্যিক লাভ হোৱা নাছিল। এই দুয়োটা চুক্তি কৰোঁতে ব্ৰিটিছে তিব্বতত চীনৰ সাৰ্বভৌমত্ব মানি লয়। তিব্বতে কিন্তু এই কথা পচন্দ কৰা নাছিল। তাৰ উপৰিও তিব্বতৰ লগতে লাগি থকা ছিকিম ব্ৰিটিছৰ আশ্ৰিত ৰাজ্যত পৰিণত হোৱাটোও নিবিচাৰিছিল। ফলস্বৰূপে তিব্বত আৰু ভাৰতৰ ব্ৰিটিছ চৰকাৰৰ মাজত তিক্ততা তলে তলে বাঢ়িছিল। ইয়াৰ পিছৰ পৰ্যায়ত লৰ্ড কাৰ্জনৰ দিনত ব্ৰিটিছ চৰকাৰ তিব্বত সম্পৰ্কত অধিক আগ্ৰহী হৈ পৰে। ইয়াৰ মূলতে আছিল ব্ৰিটিছৰ ৰুচ ভীতি। দালাই লামাই দোৰজিয়েক নামৰ এজন ৰুচদেশীয় লোকৰ প্ৰভাৱত পৰি ৰুচদেশৰ লগত যোগাযোগৰ চেষ্টা চলায়। কিন্তু প্ৰকৃততে তেনে কোনো সংযোগ স্থাপিত হোৱা নাছিল। ভাইচৰয় লৰ্ড কাৰ্জনে তেওঁৰ সাম্ৰাজ্যবাদী দৃষ্টিভংগীৰে ৰুচ-তিব্বত সম্পৰ্কৰ কথাত অধিক গুৰুত্ব দি তিব্বতলৈ এক সামৰিক কমিচন পঠোৱাৰ প্ৰস্তাৱ ব্ৰিটিছ মন্ত্ৰীসভাৰ ওচৰলৈ পঠালে। তেনে কমিচনৰ উদ্দেশ্য হ’ব তিব্বতত ৰুচ অনুপ্ৰবেশ প্ৰতিহত কৰা। ব্ৰিটিছ মন্ত্ৰীসভাই সামৰিক কমিচনৰ সলনি মন্ত্ৰীসভাৰে এটি সৰু প্ৰতিনিধি দল গৈ তিব্বতৰ সীমান্ত অঞ্চল খাম্বাজাঙত দালাই লামাৰ লগত কথা-বাৰ্তা হোৱা কথাতহে সন্মতি দিলে। লৰ্ড কাৰ্জনে সেই নিৰ্দেশ নামানি ১৯০৪ খ্ৰীষ্টাব্দৰ আগষ্ট মাহত কৰ্ণেল ইয়ং হাজবেণ্ডৰ সেনাপতিত্বত তিব্বতৰ ৰাজধানী লাচালৈ এটি সৈন্যবাহিনী পঠালে। তিব্বতীসকলে ব্ৰিটিছৰ সেই অভিযান ব্যৰ্থ কৰিব নোৱাৰি পৰাজয় স্বীকাৰ কৰে। দালাই লামাই প্ৰাণৰ ভয়ত চীন দেশলৈ পলাই যায়। অৱশেষত ১৯০৪ খ্ৰীষ্টাব্দৰ চেপ্তেম্বৰ মাহত লাচাত তিব্বত আৰু ব্ৰিটিছৰ মাজত এক সন্ধি স্বাক্ষৰিত হয়। সেই সন্ধি-পত্ৰৰ মূল চৰ্তবোৰ আছিল :

(১) গিয়াংচি, গাৰ্টক আৰু ইয়াটুং নামৰ ঠাইত ব্ৰিটিছ বাণিজ্য কেন্দ্ৰ স্থাপনৰ অনুমতি প্ৰদান,

(২) তিব্বত চৰকাৰে যুদ্ধৰ ক্ষতিপূৰণ স্বৰূপে ব্ৰিটিছক ৭৫ লাখ টকা দিব লাগিব,

(৩) চুম্বী উপত্যকাৰ দখল ব্ৰিটিছক দিয়া,

(৪) ব্ৰিটিছৰ অনুমতি অবিহনে ৰাজধানী লাচাত আন কোনো দেশৰে দূতক স্থান দিব নোৱাৰিব।

১৯০৭ খ্ৰীষ্টাব্দৰ ইংগ-ৰুচ সন্ধিমতে ইংলেণ্ড আৰু ৰুচ দেশে তিব্বতৰ নিৰপেক্ষতা স্বীকাৰ কৰি লয়। উভয় দেশে একমাত্ৰ চীন দেশৰ যোগেদিহে তিব্বতৰ লগত সম্পৰ্ক স্থাপনৰ বাবে আগবাঢ়িব বুলি মানি লয়। বুৰঞ্জীত লৰ্ড কাৰ্জনৰ তিব্বত নীতিক ‘মধ্য এছিয়াত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ শেষ সংগীত’ বুলি মন্তব্য পোৱা যায়। অসহায় তিব্বতী সকলক আক্ৰমণ কৰি ব্ৰিটিছৰ বাবে লাভতকৈ দুৰ্নামহে প্ৰচাৰ হৈছিল।

ছিকিমৰ লগত সম্পৰ্ক

উত্তৰ আৰু উত্তৰ-পূব দিশত তিব্বত, পূবে ভূটান, পশ্চিমে নেপাল ,দক্ষিণে পশ্চিমবংগৰ দৰ্জিলিং জিলাই আগুৰি থকা পাহাৰীয়া দেশখনৰ নামেই ছিকিম। ছিকিম পূব হিমালয় অঞ্চলত অৱস্থিত। ৭০৯৬ বৰ্গ কিলোমিটাৰৰ দেশখন বৰ্তমান ভাৰত যুক্তৰাজ্যৰ অন্তৰ্গত এখন উল্লেখযোগ্য ৰাজ্য। ছিকিমৰ ৰাজনৈতিক বুৰঞ্জী ১৬৪২ খ্ৰীষ্টাব্দৰপৰা স্পষ্টকৈ জানিব পাৰি। সেই বছৰতে পানচু নামগিয়ালক তিব্বতৰপৰা অহা তিনিজন বৌদ্ধ ভিক্ষুৱে ৰজা হিচাপে সংস্থাপিত কৰে। তেওঁক ধৰম ৰাজ বা চো’গিয়াল হিচাপে ঘোষিত কৰা হয়। তিব্বতৰ দালাই লামায়ো নামগিয়ালক ছিকিমৰ ৰজা হিচাপে স্বীকৃতি দিয়ে।

ছিকিম ৰাজ্য সময়ত চুবুৰীয়া নেপাল আৰু ভুটান দেশৰ ভালে কেইটামান আক্ৰমণৰ বলি হৈ পৰে। ফলত মূল দেশখনৰ বহু অঞ্চল ভূটান আৰু নেপালৰ অধীনলৈ গ’ল। সপ্তদশ শতিকাতে তিব্বতে ছিকিমৰ চুম্বী উপত্যকা দখল কৰে। সেইধৰণে তিস্তা নদীৰ পূবৰ অঞ্চলসমূহ, নেপাল দেশে নামনি তিস্তা বেচিন অঞ্চল জয় কৰে। নেপালত গোৰ্খাসকলৰ প্ৰভুত্ব স্থাপন হোৱাৰ পিছৰপৰা ছিকিমৰ বাবে বিপৰ্যয়ৰ দিন আহি পৰে। বাৰে বাৰে ছিকিম আক্ৰমণ কৰি গোৰ্খা সৈন্যই সেই দেশৰ ভালেমান আৰ্থ-সামাজিক সমস্যাৰ সৃষ্টি কৰে। তিব্বতী আৰু নেপালী অনুপ্ৰবেশকাৰীয়ে ছিকিমত স্থায়ীভাৱে বসতি কৰিবলৈ লোৱাত ছিকিমৰ পূৰ্বৰ সামাজিক গাঁথনিৰ ব্যাপক সাল-সলনি ঘটে। নেপালৰ পৰা অহা গোৰ্খাসকলে ছিকিমৰ তামৰ খনি আৰু বনাঞ্চলৰ ওপৰত অতি সহজেই দখলি স্বত্ব লোৱাত সমৰ্থ হয়। তেওঁলোকে ছিকিমৰ হাবি-জংঘলৰ গছ-গছনি কাটি প্ৰাকৃতিক সম্পদৰ অবাধ লুণ্ঠন আৰম্ভ কৰে। ছিকিমৰ দুৰ্বল ৰজাই এনেবোৰ কথাত বাধা দিয়াত বিফল হয়। ইংগ-গোৰ্খা যুদ্ধৰ অন্তত ১৮১৫ খ্ৰীষ্টাব্দত ইষ্ট-ইণ্ডিয়া কোম্পানী চৰকাৰ আৰু নেপালৰ গোৰ্খাসকলৰ মাজত বিখ্যাত সগৌলিৰ সন্ধি সাক্ষৰিত হয়। সেই ধৰণে ছিকিম আৰু ইষ্ট-ইণ্ডিয়া কোম্পানী চৰকাৰৰ মাজত ১৮১৭ খ্ৰীষ্টাব্দত তিতালিয়া সন্ধি সাক্ষৰিত হয়। সগৌলিৰ সন্ধিৰ এক চৰ্তমতে নেপাল দেশৰ ৰজাই ছিকিমৰ ৰজাক অপদস্থ কৰা বা আহুকাল নিদিবলৈ প্ৰতিশ্ৰুতি দিয়ে। লগতে দুয়ো দেশৰ মাজত কিবা মতানৈক্য থাকিলে তাৰ সমাধানৰ বাবে ইষ্ট-ইণ্ডিয়া চৰকাৰৰ কাষ চপা হ’ব বুলি নেপালৰ ৰজা চুক্তিবদ্ধ হয়। সেই সন্ধিমতে নেপাল আৰু ছিকিমৰ মাজৰ সীমা মহানন্দা, মেচী আৰু সিংগালীয়া পাহাৰমালাক লৈ স্থিৰ কৰা হয়। তাৰ উপৰিও নেপালে, ইতিমধ্যে অধিকাৰ কৰা অঞ্চলসমূহ ছিকিমক পুনৰ ঘূৰাই দিবলৈ ৰাজী হয়। সগৌলী আৰু তিতালিয়াৰ সন্ধিৰ ফলত ছিকিমে নিজৰ স্বতন্ত্ৰতা হেৰুৱায়। তিতালিয়া সন্ধিৰ ৩ নম্বৰ দফামতে ছিকিমে নেপাল বা আন চুবুৰীয়া দেশৰ কিবা বিবাদ হ’লে স্বতন্ত্ৰভাৱে কোনো সিদ্ধান্ত ল’ব নোৱাৰা হ’ল। ইষ্ট-ইণ্ডিয়া কোম্পানী চৰকাৰেহে ছিকিমৰ তেনে সমস্যাবোৰৰ সমাধান দিব পাৰিব বুলি মানি লোৱাৰ লগে লগেই সেই দেশৰ সাৰ্বভৌমত্ব লোপ পালে। হিমালয়ৰ আন এখন ৰাজ্য ছিকিমত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ প্ৰবেশ এনেধৰণে ঘটিল। ইয়াৰ পিছত ১৮৩৫ খ্ৰীষ্টাব্দত ইষ্ট-ইণ্ডিয়া কোম্পানী চৰকাৰে ছিকিমৰ অন্তৰ্গত দাৰ্জিলিং জিলা ইংৰাজক এৰি দিবলৈ বাধ্য কৰায়। দাৰ্জিলিং জিলা ইংৰাজে ছিকিমৰ পৰা দান হিচাপে গ্ৰহণ কৰিছিল। তেনেকৈ ১৮৪৯ খ্ৰীষ্টাব্দত সামান্য অজুহাত দেখুৱাই ছিকিমলৈ এক সামৰিক অভিযান পঠিয়াই ব্ৰিটিছে ৬৪০ বৰ্গ মাইল এলেকা এটা কাঢ়ি লয়। ইষ্ট-ইণ্ডিয়া কোম্পানী চৰকাৰে নেপাল, ভূটান আৰু তিব্বত দেশত বিৰূপ প্ৰতিক্ৰিয়া হ’ব বুলি ভাবিয়েই সমগ্ৰ ছিকিম গ্ৰাস কৰা নাছিল। ১৮৬০ খ্ৰীষ্টাব্দত ভাৰতৰ ব্ৰিটিছ চৰকাৰে ছিকিমলৈ আন এটা সামৰিক অভিযান পঠায়। সেই অভিযানৰ অন্তত ১৮৬১ খ্ৰীষ্টাব্দত তামলুঙ নামৰ ঠাইৰ সন্ধিয়ে ছিকিমত ব্ৰিটিছৰ আধিপত্য আৰু গজগজীয়া কৰে। সেই সন্ধিয়ে ছিকিমক ব্ৰিতিছ ভাৰত চৰকাৰৰ এখন আশ্ৰিত ৰাজ্যত পৰিণত কৰে। ইয়াৰ লগে লগেই ছিকিমৰ ৰাজনৈতিক ইতিহাসৰ এক নতুন অধ্যায় আৰম্ভ হ’ল। ১৮৮৯ খ্ৰীষ্টাব্দত ছিকিমৰ ৰাজধানী গেংটকত ব্ৰিটিছ পলিটিকেল অফিচাৰ এজনৰ নিযুক্তিয়ে সাম্ৰাজ্যবাদী উদ্দেশ্য স্পষ্ট কৰি তোলে। জন ক্ল’ড হোৱাইট নামৰ চাহাবজনেই গেংটকত প্ৰথম ব্ৰিটিছ পলিটিকেল অফিচাৰ হিচাপে কাৰ্যভাৰ লৈছিল। চীন দেশে ১৮৯০ খ্ৰীষ্টাব্দত ছিকিমৰ ব্ৰিটিছ আশ্ৰিত ৰাজ্যৰ মৰ্যাদা স্বীকাৰ কৰি লয়। ব্ৰিটিছৰ আশ্ৰিত ৰাজ্যৰ মৰ্যাদা কালত ছিকিমৰ মহাৰজাৰ প্ৰতিপত্তি নাইকিয়া হোৱাৰ উপক্ৰম হয়। তাৰ উপৰিও ব্ৰিটিছ পলিটিকেল অফিচাৰৰ অনুগ্ৰহতে যথেষ্ট সংখ্যক নেপালী লোক ছিকিমত সোমাই পৰে। ফলত ছিকিমৰ লেপচা আৰু তিব্বতীয় বংশোদ্ভৱ থলুৱা লোকৰ বাবে বহুতো আৰ্থ-সামাজিক সমস্যা আহি পৰে। এহাতেদি ব্ৰিটিছ সাম্ৰাজ্যবাদে স্বাধীন ছিকিম ৰাজ্যৰ স্থিতি নাইকিয়া কৰিছিল যদিও দেশখনৰ শিক্ষা-দীক্ষা, বেহা-বেপাৰ, বাট-পথ নিৰ্মাণ কাৰ্যতো উদ্‌গনি দিছিল। ব্ৰিটিছৰ ৰাজত্বৰ অন্তত ছিকিমত এক নতুন অধ্যায়ৰ আৰম্ভ হয়। ভাৰতৰ লগত সৌহাৰ্দ্যমূলক সম্পৰ্কৰ কোনো অৱনতি নঘটিল। ১৯৪৭ খ্ৰীষ্টাব্দৰ পিছৰ পৰা ছিকিমৰ জনসাধাৰণ ক্ৰমান্বয়ে ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিকভাৱে অধিক সচেতন হৈ পৰে। যোৱা শতিকাৰ পঞ্চাশৰ দশকৰ পৰা দেশখনৰ ৰাজনৈতিক জাগৰণে বাৰুকৈয়ে গা কৰি উঠে। অৱশেষত ১৯৭৫ খ্ৰীষ্টাব্দৰ ২৬ এপ্ৰিলত ছিকিম ভাৰতৰ লগত ২২ তম ৰাজ্য হিচাপে চামিল হৈ পৰে।

ভূটানৰ লগত সম্পৰ্ক :

ভূটান দেশ হিমালয় পৰ্বতমালাৰ দক্ষিণ দিশৰ হেলনীয়া ভাগত অৱস্থিত। এই দেশৰ উত্তৰে তিব্বত দেশ। দক্ষিণত পশ্চিমবংগৰ জলপাইগুৰি জিলা, অসমৰ কোকৰাঝাৰ জিলা, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ আৰু দৰং আদি জিলাৰ সীমা পৰে। পশ্চিম সীমাত তিব্বতৰ চুম্বী উপত্যকা, ছিকিম আৰু দাৰ্জিলিং জিলা পৰে। অৰুণাচল প্ৰদেশৰ কামেং জিলাই ভূটানৰ পূব সীমা আগুৰি আছে। ভূটান দেশৰ মাটি-কালিৰ পৰিমাণ প্ৰায় ১৮,০০০ বৰ্গ মাইল। ভূটান নামটোৰ উত্‌পত্তি সম্পৰ্কত কেইবাটাও মত পোৱা যায়। প্ৰাচীন তিব্বতীয় পুথিত এইখন দেশক ‘মন-ইউল’ বুলি উল্লেখিত আছে। সংস্কৃত ভাষাৰপৰা ভূটান নামৰ উত্‌পত্তি দুই ধৰণে দিব বিচৰা হয়। এটা হ’ল ‘ভোট অন্ত’ অৰ্থাত্‌ তিব্বতৰ শেষ প্ৰান্ত অৰ্থৰপৰা ভূটান হৈছেগৈ। সংস্কৃত ভাষাত ভোট শব্দ তিব্বত দেশ বুজাবলৈ ব্যৱহৃত হৈছিল। আন এটা শব্দ ‘ভূ উত্তন’ৰ পৰা ভূটান হৈছে। অৰ্থাত্‌ ওখ দেশ। ডেভিদ ফিলড্‌ ৰেণী নামৰ চাহাব এজনৰ ১৮৬৬ খ্ৰীষ্টাব্দত লিখা টোকামতে ভূটান হ’ল তিব্বতী লোকৰ বাসভূমি। আমি সাধাৰণতে ব্যৱহাৰ কৰা ভূটীয়া শব্দই ভূটানৰ অধিবাসীকে বুজায়। ভূটীয়াসকল মূলত: তিব্বতী গোষ্ঠীৰ লোক। ভূটান দেশৰ এক প্ৰাচীন ইতিহাস আছে। কিন্তু ইয়াৰ প্ৰাচীন পুথি-পাঁজি প্ৰায় সকলোখিনিয়েই জুই লাগি ধ্বংস হৈছে।

  • ভূটানৰ বিষয়ে সবিশেষ জানিবৰ সমলবোৰ হ’ল :

(১) অষ্টাদশ শতিকাৰ পৰা যোৱা ব্ৰিটিছ ভ্ৰমণকাৰীৰ বিৱৰণ সমূহ। ১৭৭৪ ৰ পৰা ১৯০৭ খ্ৰীষ্টাব্দলৈ আঠোটা ব্ৰিটিছ দলে ভূটান দেশ ভ্ৰমণ কৰে। ১৭৭৪ খ্ৰীষ্টাব্দত জৰ্জ বোগলে, ১৭৭৫ আৰু ১৭৭৭ খ্ৰী:ত হেমিল্টন, ১৭৮৩ খ্ৰী:ত টাৰ্নাৰ, ১৮৩৮ খ্ৰী:ত পাম্বাৰটন, ১৮৬৪ খ্ৰী:ত ইডেন, ১৯০৫ আৰু ১৯০৭ খ্ৰী:ত হোৱাইট নামৰ ইংৰাজ লোক কেইজনে ভূটান দেশ ভ্ৰমণ কৰি বহু তথ্য সংগ্ৰহ কৰে।

(২) ১৭৭২ খ্ৰী:ৰ পিছৰপৰা ইষ্ট-ইণ্ডিয়া কোম্পানী আৰু ব্ৰিটিছ চৰকাৰে গঢ়ি তোলা সম্পৰ্কৰ ফলত ভূটানৰ লগত নিয়মীয়া চুক্তি-পত্ৰ সাক্ষৰিত হৈছিল। সেই চুক্তিবোৰে বহু তথ্যৰ যোগান ধৰে।

(৩) ছিকিমত থকা ব্ৰিটিছ পলিটিকেল বিষয়া গৰাকীয়েঅ মূল তিব্বতী ভাষাৰ হাতে লিখা পুথিৰ পৰা ভূটান সম্পৰ্কে কিছু সম্ভেদ যুগুতাইছিল।

(৪) তিব্বতৰ বৌদ্ধ মঠত থকা হাতে লিখা পুথি পাঁজিৰ পৰা ব্ৰিটিছ ভ্ৰমণকাৰী এছলে ইভেনে কিছু তথ্য সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছিল।

ভূটানৰ লগত প্ৰাচীনকালৰপৰাই ভাৰতৰ সম্পৰ্ক আছিল। বিশেষকৈ প্ৰাগজ্যোতিষপুৰ, কামৰূপ, কমতাপুৰ আদি ৰাজ্যৰ ৰজাই ভূটানৰ ওপৰত প্ৰভূত্ব বিস্তাৰ কৰা কথাৰ বহু ঐতিহাসিক সমল আছে। ভূটান দেশৰ লোকে অসমৰ উত্তৰ সীমাইদি ভাৰতৰ লগত সাংস্কৃতিক, ধৰ্মীয়, বেহা-বেপাৰৰ সম্পৰ্ক অতীজৰে পৰা ৰক্ষা কৰি আহিছে। ভূটান দেশ বহুবাৰ তিব্বত দেশৰ আক্ৰমণৰ সন্মুখীন হ’ব লগা হৈছিল। একোটা সময়ত তিব্বতে ভূটানৰ সুকীয়া অস্তিত্বও বিপন্ন কৰি তোলাৰ প্ৰমাণ আছে। অষ্টম শতিকাৰ মাজভাগত ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ৰ পৰা গুৰু পদ্মসম্ভৱ নামৰ বৌদ্ধ ভিক্ষুগৰাকী ভূটান দেশলৈ যায়। গুৰু পদ্মসম্ভৱে বুদ্ধৰ মহান বাণী ভূটান দেশৰ লোকৰ মাজত প্ৰচাৰ কৰে। তেতিয়াৰপৰা ভূটানত বৌদ্ধধৰ্মৰ পূৰ্ণ প্ৰভাৱ প্ৰতিষ্ঠিত হয়। ইয়াৰ পিছত ক্ৰমান্বয়ে তিব্বতী লামাতন্ত্ৰ ভূটানতো শিপাই পৰে। ভূটানত অতীজৰে পৰা ৰাজতন্ত্ৰ চলি আহিছিল। সপ্তদশ শতিকাৰ আগভাগতে ভূটানৰ ৰজাৰ দুটা সুকীয়া পৰিচিতি গঢ়ি উঠা দেখা যায়। দেবৰাজা আৰু ধৰ্মৰাজা এই দুটাই আছিল সেই পৰিচয়। এটা আছিল নিৰ্বাচিত পদবী আৰু আনটো বংশানুক্ৰমিক। ন্যায়-নীতি পালন কৰা জন ধৰ্ম ৰাজা বা আধ্যাত্মিক দিশৰ মূল চকু দিওঁতা গৰাকী হ’ল ধৰ্মৰাজা। আনহাতেদি বৈষয়িক কথাত চকু দিবলৈ দেবৰাজা পদবীৰ সৃষ্টি হয়। ধৰ্মীয় অনুশাসনেৰে ভূটান দেশ পৰিচালিত হৈ আহিছে। ভূটান দেশৰ বুৰঞ্জীত সময়ে সময়ে আভ্যন্তৰীণ গণ্ডগোল তথা গৃহযুদ্ধৰ কথা পোৱা যায়। বিশেষকৈ অষ্টাদশ শতিকাত তেনে গৃহযুদ্ধই চৰম ৰূপ লৈছিল। অৱশেষত তিব্বতৰ হস্তক্ষেপত তাৰ অন্ত পৰে। ভূটান দেশৰ লগত কোচ ৰজা সকলৰ সংঘাতৰ বহু বিৱৰণ কোচবিহাৰৰ বুৰঞ্জীত পোৱা যায়। অসম সীমান্ত সঘনাই উপদ্ৰৱ কৰাৰ উপৰিও কোচ ৰাজ্যৰ ৰাজনৈতিক কথাত লিপ্ত হৈ পৰাৰ ঘটনাৰ বিৱৰণ যথেষ্ট আছে। ১৭৭১ খ্ৰীষ্টাব্দত কোচবিহাৰৰ ৰজা ধৈৰ্যেন্দ্ৰনাৰায়ণৰ ৰাণী আৰু লগতে কোচ যুৱৰাজ জনক ভূটীয়াসকলে অপহৰণ কৰি নিয়ে। ইয়াৰ আগতে ১৭৬৪-৬৬ খ্ৰী:ত কোচবিহাৰৰ ৰজা দেবেন্দ্ৰনাৰায়ণক সিংহাসনৰ প্ৰতিদ্বন্দ্বী নাজিৰদেৱ ৰুদ্ৰনাৰায়ণে হত্যা কৰায়। ভূটানে মৃত নাবালক ৰজাজনক সুৰক্ষা দি আছিল। আনহাতেদি নাজিৰ দেৱে তেওঁৰ ভাগিনীয়েক খগেন্দ্ৰ নাৰায়ণক সিংহাসনত বহুৱাৰ কথা ভাবিছিল। কিন্তু ভূটীয়াসকলে মৃত নাবালক ৰজাৰ বৈমাতৃক ভায়েক এজনকহে ৰজা পাতিবলৈ বিচাৰিলে। তেতিয়াই নাজিৰদেৱ ৰুদ্ৰনাৰায়ণে ইষ্ট-ইণ্ডিয়া কোম্পানীৰ সহায় বিচাৰিলে। ইয়াৰ আগলৈকে ইষ্ট-ইণ্ডিয়া কোম্পানী চৰকাৰে ভূটান দেশৰ কথাত সিমান মনোযোগ দিয়া নাছিল। গতিকে ব্ৰিটিছৰ ভূটানৰ লগত কোনো ৰাজনৈতিক সম্পৰ্কও নাছিল। ১৭৭২ খ্ৰী:ৰ পৰা ১৯৪৭ খ্ৰী:লৈকে ব্ৰিটিছ চৰকাৰ আৰু ভূটানৰ মাজত ৰাজনৈতিক সম্পৰ্ক গঢ়ি উঠে। ব্ৰিটিছৰ প্ৰভাৱ ভূটানৰ ওপৰত ক্ৰমাগতভাৱে বাঢ়ি যায়। ১৯০৭ খ্ৰী:ত ব্ৰিটিছে ভূটানত বংশানুক্ৰমিক ৰাজতন্ত্ৰক স্বীকৃতি দিয়ে ব্ৰিটিছ-ভূটান সম্পৰ্কৰ বুৰঞ্জী দীঘলীয়া আৰু ধীৰগতিত চলা বিধৰ আছিল। তেনে সম্পৰ্কৰ বুৰঞ্জী তিনিটা স্পষ্ট পৰ্যায়ত ভাগ কৰিব পাৰি। সেয়া হ’ল-

(১) ১৭৭২ খ্ৰী:ৰ পৰা ১৮৬৫ খ্ৰী:লৈকে প্ৰথম পৰ্যায়। ১৮৬৫ খ্ৰী:ত ব্ৰিতিছ ভাৰত চৰকাৰ আৰু ভূটানৰ মাজত চিনচুলা নামৰ ঠাইত এক সন্ধি হয়।

(২) ১৮৬৫ খ্ৰী:ৰ চিনচুলা সন্ধিৰপৰা ১৯১০ খ্ৰী:ত স্বাক্ষৰিত হোৱা পুনাখ্‌খা সন্ধিলৈকে দ্বিতীয় পৰ্যায়।

(৩) ১৯১০ খ্ৰী:ৰ পুনাখ্‌খা সন্ধিৰপৰা ১৯৪৭ খ্ৰীষ্টাব্দত ভাৰত স্বাধীন হোৱা পৰ্যন্ত তৃতীয় পৰ্যায়।

ইষ্ট-ইণ্ডিয়া কোম্পানী চৰকাৰে কোচবিহাৰৰ নাজিৰদেৱক ভূটানৰ বিৰুদ্ধে সহায় কৰাৰ প্ৰতিশ্ৰুতিৰ অন্তৰালত ব্ৰিটিছৰ সাম্ৰাজ্যবাদী স্বাৰ্থপূৰণৰ কথা লুকাই আছিল। মাছৰ তেলেৰে মাছ ভজাৰ দৰে কোচবিহাৰৰ ৰজাৰপৰা ৫০ হাজাৰ টকা লৈ কোম্পানীৰ ফৌজ ভূটানক এশিকনি দিবলৈ আগবাঢ়ি যায়। কোম্পানী সৈন্যৰ আগত টিকিব নোৱাৰি ভূটানে ১৭৭৪ খ্ৰী:ৰ ২৫ এপ্ৰিলত কলিকতাৰ ফ’ৰ্ট উইলিয়ামত এক শান্তি চুক্তিত চহী কৰে। ভূটানে অপহৰণ কৰি নিয়া যুৱৰাজক ঘূৰাই দিবলৈ ৰাজি হয়। ব্ৰিটিছৰ বাবে সেই সন্ধি অৰ্থনৈতিকভাৱে যথেষ্ট লাভৱান আছিল। সন্ধিৰ চৰ্তমতে ব্ৰিটিছে ভূটানৰ জংঘলত বিনা বাধাই কাঠ কটাৰ অনুমতি আদায় কৰে। তাৰ উপৰিও ভূটান, তিব্বত দেশত ব্ৰিটিছৰ প্ৰবেশ সুগম হৈ পৰে। গৱৰ্ণৰ জেনেৰেল ওৱাৰেণ হেষ্টিংচে বেহা-বেপাৰ আৰু লগতে গুপ্তচৰ কাৰ্যৰ বাবে ইংৰাজ লোকক তিব্বত আৰু ভূটানলৈ পঠোৱাৰ সুযোগ সুবিধা কৰি ললে। ইয়াৰ পিছতে ইষ্ট-ইণ্ডিয়া কোম্পানী চৰকাৰে ভালে কেইটা অভিযানকাৰী দল ভূটান আৰু তিব্বতলৈ পঠায়। ফলত হিমালয় পৰ্বতমালাত অৱস্থিত দেশ কেইখনৰ আৰু তিব্বত দেশৰ নজনা কথাবোৰ পৃথিৱীৰ আন দেশৰ মানুহে জনাৰ এক নতুন অধ্যায় আৰম্ভ হয়। ১৮২৬ খ্ৰী:ত ব্ৰিটিছ আৰু ভূটানৰ সম্পৰ্কৰ অৱনতি ঘটে। ভূটানৰ লগত অসমৰ সীমা বিবাদ আগৰেপৰা আছিল। ভূটানৰ লগত যোগাযোগৰ বাবে পশ্চিমবংগৰপৰা অসমলৈকে সৰ্বমুঠ ১৮ খন দুৱাৰ আছিল। তাৰে সাতখন দুৱাৰ অসমৰ সীমাত আছিল। বাকী কেইখন বংগদেশৰ সীমাত আছিল। এইবোৰক ভূটীয়া দুৱাৰ বোলা হৈছিল। অসমত মান আক্ৰমণৰ সময়ত দেশখনৰ ৰাজনৈতিক স্থিৰতা নোহোৱাৰ বাবে ভূটানৰ ফালৰপৰা উপদ্ৰৱ, লুট-পাত বাঢ়িবলৈ ধৰে। অসমৰ ভূটীয়া দুৱাৰখিনি কেতিয়াও ভূটানৰ পূৰ্ণ দখলত নাছিল। আহোম ৰজাই এই দুৱাৰবোৰৰ ওপৰত পূৰ্ণ কৰ্তৃত্ব বজাই ৰাখিছিল। কিন্তু আহোম ৰাজত্বৰ অৱসানৰ লগে লগে ভাৰত ভূটান সীমান্ত অঞ্চলত আক্ৰমণ, লুট-পাত আদি সঘনাই হ’বলৈ ধৰে। ইষ্ট-ইণ্ডিয়া কোম্পানী চৰকাৰে তেনে ব্ৰিটিছ ভাৰত আৰু ভূটান সীমান্তৰ সমস্যাৰ স্থায়ী সমাধানকল্পে ১৮৪১ খ্ৰী:ত বছৰি ১০ হেজাৰ টকা ক্ষতিপূৰণ দিয়াৰ বিনিময়ত অসম সীমান্তত থকা সাতখন ভূটীয়া দুৱাৰ মুকলি কৰি ললে। অসমৰ উত্তৰ সীমাৰ ভূটীয়া দুৱাৰ অধিগ্ৰহণ কৰাৰ মূলতে একমাত্ৰ সীমান্ত সুৰক্ষাৰ কথাই নাছিল। ব্ৰিটিছৰ অৰ্থনৈতিক স্বাৰ্থ তথা সময়ত চাহখেতিৰ সম্প্ৰসাৰনৰ কথা আগত ৰাখিহে চলেৰে ভূটীয়া দুৱাৰ অঞ্চলৰ দখল লৈছিল। অসম সীমান্তৰ দুৱাৰসমূহ লৈ ব্ৰিটিছে সময়ত বংগ দেশৰ উত্তৰ সীমান্তৰ দুৱাৰবোৰ নিজৰ দখললৈ নিয়ে। ফলত ভূটানৰ দক্ষিণ সীমাৰে ভৱিষ্যতে কোনো সম্প্ৰসাৰণ হোৱা অসম্ভৱ হৈ পৰিল। ১৮৫৭ খ্ৰী:ৰ মহাবিদ্ৰোহৰ পিছৰ কালছোৱাত ভূটান আৰু ব্ৰিটিছ চৰকাৰৰ মাজত বিবাদ বাঢ়িবলৈ লয়। ভাৰত সীমান্তত সঘনাই হৈ থকা ভূটানৰ আক্ৰমণ, উপদ্ৰৱ আদি লৈ ব্ৰিতিছ চৰকাৰ যথেষ্ট চিন্তিত হৈ পৰিছিল। ভূটানৰ লগত যুদ্ধ-বিগ্ৰহত লিপ্ত হোৱাতকৈ কিবা বুজা বুজি কৰিব পাৰি নেকি তাৰ বাবে ১৮৬২ খ্ৰী:ত ব্ৰিটিছ চৰকাৰে এছলে ইভেনৰ নেতৃত্বত এটা সঁজাতি দল ভূটানলৈ পঠায়। অৱশেষত ইভেনে ১৮৬৪ খ্ৰী:ত ভূটানৰ ৰাজধানী পুনাখ্‌খাত উপস্থিত হয় যদিও লাভৱান নহ’ল। ব্ৰিটিছে ভূটানৰ লগত এক অসন্মানজনক সন্ধি-পত্ৰত চহী কৰিবলৈ বাধ্য হৈছিল। ব্ৰিটিছে প্ৰথম ইংগ-ভূটান যুদ্ধৰ অন্তত ১৮৬৫ খ্ৰী:ৰ ১১ নৱেম্বৰত চিনচুলা সন্ধিত স্বাক্ষৰ কৰে। ব্ৰিটিছে ভূটানৰ লগত প্ৰায় এশ বছৰ বছৰ আগতে ১৭৭২ খ্ৰী:ত প্ৰথম ৰাজনৈতিক সম্পৰ্ক স্থাপন কৰি চিনচুলা সন্ধিত চহী কৰিছিল। ইয়াৰ পিছৰ পৰ্যায়ত ইংগ-ভূটান সম্পৰ্কৰ বহু পৰিৱৰ্তন আহে। বিশেষকৈ ব্ৰিটিছে ভূটানৰ লগত সংঘৰ্ষত লিপ্ত হোৱাতকৈ সম্পৰ্ক সুদৃঢ় কৰাত গুৰুত্ব দিলে। তাৰ ফলশ্ৰুতি হিচাপে ১৯১০ খ্ৰী:ৰ ৮ জানুৱাৰীত ব্ৰিটিছ চৰকাৰ আৰু ভূটানৰ মাজত পুনাখ্‌খা সন্ধি স্বাক্ষৰিত হয়। ব্ৰিটিছ চৰকাৰ আৰু ভূটানৰ মূল স্বাৰ্থ ক্ষুণ্ণ নোহোৱাকৈ সন্ধিৰ চৰ্তসমূহ স্থিৰ কৰা হৈছিল। এই সন্ধিৰ অন্তত ব্ৰিটিছ ভাৰত চৰকাৰ আৰু ভূটানৰ মাজত এক বন্ধুত্বপূৰ্ণ সহযোগৰ অধ্যায় আৰম্ভ হয়। ভাৰতত ব্ৰিটিছ ৰাজত্বৰ পৰৱৰ্তী কালছোৱাত তেনে কোনো সামৰিক সংঘৰ্ষ হোৱা নাই। মাজে মাজে অসম আৰু ভূটান সীমান্তত বনজ সম্পদ সংগ্ৰহ, হাতী ধৰা, ব্যৱসায় বাণিজ্যৰ বাট সুগম কৰা আদি কথাত ব্ৰিটিছ ভাৰত চৰকাৰ আৰু ভূটানৰ ৰজাৰ মাজত বহু বুজা পৰা হয়। ব্ৰিটিছ চৰকাৰেও ভূটানৰ মাজেদি সম্ভাৱ্য চীন দেশৰ ভীতিৰ কথা নোহোৱা যেন দেখি সেই দেশৰ ৰাজনীতিত অযথা হস্তক্ষেপ কৰিবলৈ এৰি দিয়ে। অৱশ্যে ইংৰাজে ভূটানৰ ক্ষিপ্ৰ অৰ্থনৈতিক বিকাশক অৱহেলা কৰি গ’ল। বৰ্তমানে এখন সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে ভূটানে ভাৰতৰ সহযোগত এক প্ৰগতিশীল যুগত ভৰি দিছে।

উৎস: ভাৰত বুৰঞ্জী

শেহতীয়া উন্নীতকৰণ: : 6/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate