অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সিন্ধু সভ্যতা

সিন্ধু সভ্যতা

বিংশ শতাব্দীৰ প্ৰায় শেষভাগলৈকে বৈদিক যুগৰ পৰাহে ভাৰতীয় সভ্যতা আৰম্ভ হৈছিল বুলি ভাবি থকা হৈছিল। ভিনচেণ্ট স্মিথেও লিখিছিল- -হিন্দু সভ্যতাৰ শিকলিডাল বৈদিক যুগত পোতা হৈছিল। কিন্তু ১৯২২-২৩ চনত হোৱা খনন কাৰ্যই এই ধাৰণাটোকে এটা পৰিৱৰ্তন সাধন কৰিলে। এই খনন কাৰ্য চলোৱা হৈছিল পঞ্জাৱৰ মহেঞ্জদাৰো জিলাত। মহেঞ্জদাৰোৰ অৰ্থ হ’ল ‘মৃতকৰ চহৰ’। সিন্ধু প্ৰদেশৰ লাৰকাণা জিলাৰ এটা প্ৰাচীন বৌদ্ধ মন্দিৰ খান্দিবলৈ গৈ কিছুমান প্ৰাকঐতিহাসিক যুগৰ মাটিৰ পাত্ৰ পোৱা যায় আৰু সন্দেহ কৰা হয় যে এই ঠাইতে প্ৰাচীন সভ্যতাৰ ধ্বংসাৱশেষ নিশ্চয় থাকিব পাৰে। সেই কথা ভাবিয়েই মহেঞ্জদাৰোত খনন কাৰ্য চলোৱা হয় আৰু খ্ৰীষ্টাব্দপূৰ্ব ২৭০০ বছৰ আগৰ এটা সভ্যতাৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হয়। একে সময়তে মহেঞ্জদাৰোৰ পৰা প্ৰায় ৬৪০ কিলোমিটাৰ নিলগৰ মণ্টগোমাৰী জিলাৰ হৰপ্পাটো খনন কাৰ্য চলোৱা হয় আৰু মহেঞ্জদাৰোৰ সভ্যতাৰ সৈতে সাদৃশ্য থকা এটা নিদৰ্শন পোৱা যায়। হৰপ্পাৰ খনন কাৰ্য চলোৱা হৈছিল পণ্ডিত দয়াৰাম চাহানীৰ নেতৃত্বত। ইয়াৰ পিছত জাতীয় প্ৰত্নতত্ত্ব বিভাগৰ উদ্যোগত মাৰ্চেলৰ নেতৃত্বত দুয়ো ঠাইতে বিস্তৃতভাৱে খনন কাৰ্য চলোৱা হয় আৰু দুখন প্ৰাচীন নগৰৰ ধ্বংসাৱশেষ আৰু বহুতো পুৰাতাত্বিক নিদৰ্শন আৱিস্কাৰ কৰা হয়।

সিন্ধু নদীৰ সভ্যতাৰ মহেঞ্জদাৰো আৰু হৰপ্পাতে আৱদ্ধ হৈ থকা নাছিল। ১৯৪৭ চনত পাকিস্থান চৰকাৰৰ উদ্যোগত আৰু বহুতো ঠাইত সিন্ধু-সভ্যতাৰ নিদৰ্শন আৱিস্কাৰ কৰা হয়। প্ৰায় ১৫৫০ কিলোমিটাৰ পৰিধিৰে সিন্ধু সভ্যতা বিস্তৃত আছিল বুলি প্ৰখ্যাত পণ্ডিত হেইচ ডি সাঙ্খলীয়াই মন্তব্য প্ৰকাশ কৰিছে। বহুতোৰ মতে পূবৰ পৰা পশ্চিমলৈ ১১০০ কিলোমিটাৰ আৰু উত্তৰৰ পৰা দক্ষিণলৈ ১৬০০কিলোমিটাৰ পৰিধিলৈ সিন্ধু সভ্যতাৰ বিস্তৃত আছিল। বেলুচিস্থানৰ সুতকাজেনদাৰোৰ পৰা উত্তৰপ্ৰদেশৰ মীৰাট জিলাৰ আলমগীৰপুৰলৈকে আৰু পঞ্জাৱৰ ৰুপাৰ পৰা গুজৰাটৰ ভোগাবৰ পৰ্যন্ত সিন্ধু সভ্যতা বিস্তৃত আছিল। ইৰাণ সীমান্তৰ কাষৰ পৰা উত্তৰে হিমালয়ৰ নামনিলৈকে আৰু দক্ষিণে কাম্বে উপসাগৰ –এই অঞ্চল সিন্ধুসভ্যতাৰ প্ৰাণকেন্দ্ৰ আছিল। ইয়াৰ পৰা অৱশ্যে পূব পিনে কিমান দূৰলৈকে এই সভ্যতাৰ নিদৰ্শন পোৱা গৈছিল সেই কথা জনা নেযায়। কাৰণ খনন কাৰ্য আৰু আৰু নতুন নতুন আৱিস্কাৰ এতিয়াও চলি আছে। সিন্ধু সভ্যতাৰ প্ৰধান অঞ্চলবোৰ আছিল এইখিনি ঠাইত-

(১) মহেঞ্জদাৰো

(২) হৰপ্পা

(৩) ঘৰ্ঘৰা নদীৰ পাৰৰ কালিবাঙ্গান

(৪) শতদ্ৰু নদীৰ পাৰৰ ৰুপা

(৫) গুজৰাটৰ তাপ্তি নদীৰ পাৰৰ লোথাল। ইয়াৰ উপৰিও গুজৰাটৰ ৰ্ংপুৰ আৰু নৰ্মদা আৰু তাপ্তি নদীৰ পাৰতো এই সভ্যতাৰ নিদৰ্শন পোৱা গৈছে।

সিন্ধু সভ্যতাই ভাৰতীয় সভ্যত সম্পৰ্কে থকা আমাৰ ধাৰণাৰ ক্ষেত্ৰত এটা বৈপ্লবিক পৰিৱৰ্তন সাধন কৰে। ইমান দিনে আৰ্য সভ্যতাৰ পৰাহে ভাৰতীয় সভ্যতাৰ আৰম্ভণি হৈছিল বুলি যি ধাৰণা আছিল সেই ধাৰণাৰ অৱসান ঘটিছিল। ভাৰতবৰ্ষই সিন্ধু সভ্যতা আৱিস্কাৰৰ পিছত প্ৰাচ্যৰ অতি পুৰণি ঠাই সমূহৰ মাজত নটকীয়ভাৱে এখন উল্লেখনীয় আসন দখল কৰি লবলৈ সক্ষম হ’ল বুলি অসীমৰ প্ৰতি ভাৰতীয় সকলৰ সশ্ৰদ্ধ ধাৰণা। মহেঞ্জদাৰো আৰু  হৰপ্পাত প্ৰায় দুই হেজাৰ শীলমোহৰ আৱিস্কৃত হৈছে। ইয়াৰ প্ৰায় ২৭০ টা আখৰহে চিনহিত কৰিব পৰা গৈছে। গোটেইবোৰ লিপিৰ পাঠোদ্ধাৰ কৰাটো সম্ভৱপৰ হৈ উঠা নাই। গতিকে মাটি খান্দি  যিবোৰ বস্তু পোৱা গৈছে কেৱল তাৰ পৰাহে সিন্ধু সভ্যতা সম্পৰ্কে কিছু ধাৰণা কৰিব পাৰি। সিন্ধ্য নদীৰ সভ্যতাক তাম্ৰ যুগৰ সভ্যতা বুলি কোৱা হয়। ৰ মতে যিটো যুগত শিলেৰে নিৰ্মিত অস্ত্ৰ –শস্ত্ৰ আৰু কাঁহীবাচনৰ লগতে তাম বা ব্ৰঞ্জও ব্যৱহাৰ কৰা হৈছিল সেইটো যুগকে তাম্ৰযুগ বুলি কোৱা হৈছিল। সিন্ধুৰ অধিবাসীসকলে তাম আৰু ব্ৰঞ্জেৰে নিৰ্মিত বস্তু ব্যৱহাৰ কৰিছিল।

সিন্ধুসভ্যতা বা হৰপ্পা সভ্যতাৰ বিন্যাস

সিন্ধু সভ্যতা নগৰকেন্দ্ৰিক আছিল। নগৰবোৰত আহল বহল আলিবাট আছিল। ঘৰৰ ব্যৱস্থা উত্তম আছিল। আনকি চ’কপিটৰ ব্যৱস্থা আছিল। সিন্ধু উপত্যকাৰ সভ্যতাৰ নৰ্দমা ব্যৱস্থা অতিশয় চকুতলগা আৰু উন্নত আছিল। প্ৰতিটো ঘৰৰ পৰা পানী ওলাই যাবৰ কাৰণে ইটাৰে নিৰ্মিত নলী আছিল। এই নলীবোৰৰ পৰা পানী ওলাই ৰাস্তাত থকা পয়:প্ৰণালীত পৰিছিল। ৰাস্তাৰ কাষত গাত খান্দি দিয়া হৈছিল। এই গাতবোৰ শিলেৰে তৈয়াৰী ঢাকনীৰ দ্বাৰা ঢাকি দিয়া হৈছিল। পানীয়ে কঢ়িয়াই অনা আৱৰ্জনাবোৰ আঁতৰাৱৰ কাৰণে নৰ্দমাৰ মাজে মাজে বিশেষ ব্যৱস্থা কৰা হৈছিল। সিন্ধু সভ্যতাৰ নৰ্দমা ব্যৱস্থা অতি উন্নত আছিল কাৰণেই সিন্ধু সভ্যতা মেচোপটেমিয়াৰ সভ্যতাৰ পৰা পৃথক আছিল বুলি কৌশম্বীয়ে মত প্ৰকাশ কৰিছে। সিন্ধু সভ্যতাৰ ঘৰবোৰত খিৰিকী আৰু গৱাক্ষৰ ব্যৱস্থা আছিল যদিও চাৰিওঅপিনে মুকলি হৈয়েই আছিল। ঘৰবোৰৰ তলৰ পিনে পানী উঠাৰ সম্ভাৱনা থাকে কাৰণে বেৰৰ তলৰ ভাগত পোৰামাটিৰ ইটা ব্যৱহাৰ কৰা হৈছিল। ইটাবোৰ আকাৰত ডাঙৰ আৰু একেজোখৰ আছিল। হৰপ্পাত এটা ডাঙৰ ঘৰৰ আগপিনে থকা ফিলডত দুটা কোঠাৰে সৈতে বহুত সৰু সৰু ঘৰ থকা দেখিবলৈ পোৱা গৈছিল। অৱশ্যে মজলীয়া আকৃতিৰ ঘৰৰ স্ংখ্যাই আছিল সৰহ।

দুৰ্গবোৰো একপ্ৰকাৰৰ বাসগৃহ। এই দুৰ্গবোৰ নগৰৰ ওখ অঞ্চলত সজা হৈছিল আৰু সম্ভৱত: ইয়াত শাসক শ্ৰেণীৰ লোকসকল আছিল। মহেঞ্জদাৰো আৰু কালিবাঙ্গানত একোটাকৈ দুৰ্গৰ ধ্বংসাৱশেষ পোৱা গৈছে। হৰপ্পাৰ দুৰ্গটোৰ গঠন সম্পৰ্কে যেনেভাৱে এটা স্পষ্ট ধাৰণা কৰি লব পৰা যায়, সেইদৰে মহেঞ্জদাৰো দুৰ্গটোৰ স্পষ্ট ধাৰণা কৰি লব্ নোৱাৰি। কিয়নো মহেঞ্জদৰোৰ দুৰ্গৰ ভিতৰ অংশৰ খনন কাৰ্য সম্পূৰ্ণ হৈ উঠা নাই। হৰপ্পাৰ দুৰ্গটোৰ বাহিৰ পিনৰ দেৱালখন ১৩ মিটাৰ বহল। এই বেৰখন কেঁচামাটিৰ ইটাৰে তৈয়াৰী। দেৱালৰ কোণে কোণে গম্বুজ আছিল। প্ৰাচীৰৰ ওপৰত মাজে মাজে বুৰুজ স্থাপন কৰা হৈছিল।“ এই দুৰ্গক বহুতে প্ৰাচীন গ্ৰীক নগৰ এক্ৰোপলিসৰ সৈতে তুলনা কৰে। হৰপ্পাৰ দুৰ্গৰ প্ৰায় গাতে লগাকৈ থকা এটা শস্যৰ ভড়ালো আৱিস্কৃত হৈছে। এই ভঁড়ালটোৰ দৈৰ্ঘ্য উত্তৰৰ পৰা দক্ষিণ মুৱাকৈ ১৬৯ ফুট আৰু পূৱৰ পৰা পশ্চিমমুৱাকৈ ১৩৫ ফুট। কোনোৰ মতে শস্যৰ ভড়ালটোৰ দৈৰ্ঘ্য ১৫০/২০০ ফুট। এই ভঁড়ালটোৰ মাজত দুটা ভাগ আছিল আৰু ভগ দুটাৰ মাজত ২৩ ফুট বহল পথ আছিল। প্ৰতিটো ভাগতে ৫১ ফুট ৯ ইঞ্চি দীঘল আৰু ১৭ ফুট ৬ ইঞ্চি বহল ছটাকৈ কোঠা আছিল আৰু ইটো কোঠা আৰু সিটো কোঠাৰ মাজত সমান দৈৰ্ঘ্যৰ একোটাকৈ বাৰাণ্ডা আছিল। প্ৰতিটো কোঠাক সমান জোখৰ চাৰিটা ভাগত ভগোৱা হৈছিল। শস্যৰ ভঁড়ালৰ কাষতেই দুটা কোঠাৰে নিৰ্মিত শ্ৰমিকৰ ঘৰবোৰ আছিল। হুইলাৰ চাহাবে দুৰ্গ, তাৰ কাষতেই শস্যৰ ভঁড়াল আৰু শস্যৰ ভড়ালৰ কাষতেই শ্ৰমিকৰ ঘৰবোৰ নিৰ্মাণ কৰা ব্যৱস্থাক ভূয়সী প্ৰশ্ংসা কৰিছে। এই শস্যৰ ভঁড়ালে ৰাজহুৱা স্ংগ্ৰহালয়ৰ কাম কৰিছিল কাৰ্ণ সেই সময়ত মুদ্ৰাৰ জৰিয়তে কৰ দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন হোৱা নাছিল। শস্যৰেহে কৰ দিয়াৰ নিয়ম আছিল। শস্যৰ ভঁড়ালত গোটাই থোৱা শস্যৰে কৰ দিয়াত সহায় হৈছিল। নগৰ ৰাস্তাবোৰ আছিল পোন আৰু দীঘল- ৯ ফুটৰ পৰা ৩৪ ফুটলৈকে বহল। বাতপথবোৰ গাড়ী চলাৰ উপযোগীকৈ বন্ধা হৈছিল। বাটবোৰ উত্তৰৰ পৰা দক্ষিণলৈ আৰু পূৱৰ পৰা পশ্চিমলৈ বিস্তৃত। এপিনৰ ৰাস্তা অন্যপিনৰ ৰাস্তাৰ সৈতে সমকোণৰ দ্বাৰা স্ংযুক্ত।“There is a north th south street which crosses another street from east to west coming through the city almost at right angles and at its north end turns east to join a main street of the city to which it runs parallel.” (The cultural Heritage of India Vol-I)। প্ৰধান প্ৰধান পথ কেইটাৰ উপৰিও সৰু সুৰা ৰাস্তা আৰু উপপথ আছিল। উপপথবোৰৰ আৰু এটা বৈশিষ্ট্য আছিল যে পথবোৰ আৰু উপপথবোৰৰ তলত নৰ্দমাৰ ব্যৱস্থা আছিল। ঘৰৰ পৰা বা সৰু সৰু খালৰ পৰা ওলাই অহা মলিয়ন পানীবোৰ গেৰেকণী খালত ধৰি ৰখা হৈছিল। এইবোৰ পকাৰে নিৰ্মণ কৰা হৈছিল আৰু কেতিয়াবঅা তাৰ লগত মাতিৰ পাত্ৰ স্ংযুক্ত কৰি দিয়া হৈছিল।

নগৰবোৰ সুপৰিকল্পিত আছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে যিটো সময়ত সিন্ধু সভ্যতাত

নগৰ পৰিকল্পনাৰ চিন্তা কৰা হৈছিল সেইটো সময়ত মেচোপটেমিয়া, বেবীলন, ইজিপ্ট আদিত নগৰ

পৰিকল্পনা থকাৰ সম্ভেদ পোৱা নগৈছিল। নগৰবিলাকৰ গঠন ৰীতি একে ধৰণৰ আছিল।

গৰাকী প্ৰত্নতত্ত্ববিদৰ মতে (ষ্টুৱাট পিগট) সিন্ধু-সভ্যতাৰ ৰাজধানী আছিল দুখন – মহেঞ্জদাৰো আৰু হৰপ্পা। পথৰ ওপৰত শআৰীবদ্দহ ভাবে ঘৰবোৰ সজা হৈচৱহিল। উপপথ বা গলিবোৰততো ঘৰ সজা হৈছিল কিন্তু কোনো ক্ষেত্ৰতে ৰাস্তা অৱৰোধ কৰি ঘৰ সজা হোৱা নাছিল। ঘৰবোৰ সাজোতে বিশেষকৈ থকামেলাৰ সুবিধা আৰু স্বাস্থ্যপ্ৰণালীৰ প্ৰতি লক্ষ্য ৰখা হৈছিল। ঘৰবোৰ পোৰা ইটাৰে সজা হৈছিল। শিলেৰে ঘৰ সজা নহৈছিল। সিন্ধু-সভ্যতাত নিৰ্মাণ কৰা ঘৰবোৰ এইকেইটা শ্ৰেণীত ভাগ কৰিব পাৰি-

(১) প্ৰসাদ বা চৰকাৰী ঘৰ

(২) বাসগৃহ

(৩) গা ধোৱা ঘৰ

(৪) দুৰ্গ দুটা কোঠাৰ পৰা ত্ৰিশটা কোঠা থকা ঘৰো আছিল। ত্ৰিশটা কোঠা থকা ঘৰবোৰ অৱশ্যে চৰকাৰী প্ৰাসাদ আছিল। দুমহলীয়া ঘৰো আছিল আৰু তলৰ মহলাৰ পৰা ওপৰ মহলালৈ যাবলৈ খট্‌খটি আছিল। ঘৰবোঅৰত থকা ড্ৰেইন পাইপবোৰৰ পৰা বুজা গৈছিল যে ওপৰ মহলাতো সুকিয়া গা ধোৱা ঘৰৰ ব্যৱস্থা আছিল। প্ৰায় সকলোবোৰ ঘৰতেই এখন আহল বহল ফিল্‌ড্‌ , তিনি চাৰিটা কোঠা, এটা গা ধোৱ ঘৰ আৰু এটা ৰান্ধনীঘৰ আছিল। গা ধোৱা ঘৰৰ মজিয়াত খাজ কটা তক্তা লগোৱা আছিল।

মহেঞ্জদাৰোৰ প্ৰায়বোৰ ঘৰতেই নিজৰ নিজৰ কুঁৱা আছিল। ওচৰ চুবুৰীয়াইও তাৰ পৰা পানী নিব পাৰিছিল। হৰপ্পাত কুঁৱাৰ স্ংখ্যা কম। এতিয়ালৈকে প্ৰায় ছটা কুঁৱাহে বিচাৰি উলিওৱা হৈছে। আটাইকেইটা কুঁৱাকে ৰাইজে ব্যৱহাৰ কৰিব পাৰিছিল।

মহেঞ্জদাৰোত অৱস্থিত দুৰ্গৰ কাষতেই এটা বৃহত আকাৰৰ ৰাঝুৱা স্নানাগাৰ আৱিস্কৃত হৈছিল। ইয়াৰ দৈৰ্ঘ্য উত্তৰে-দক্ষিণে ১৮০ ফুট আৰু পূৱে-পশ্চিমে ১০৮ ফুট। গা ধুবৰ কাৰণে যশিটো জলধাৰা৪ৰ আছিল তাৰ জোখ আছিল ৩৯ ফুট দীঘল আৰু ২৩ ফ্ৰুট বহল  জলধাৰাটো ৮ ফুট দ আছিল। সুমুৱাই ৰখা পানী যাতে ওলাই যাব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছুইল আৰু গা ধোৱা হ’লে পশ্চিম দিশত থকা এটা স্নানাগাৰ নলাৰে পানীখিনি উলিয়াই পেলাব পৰা ব্যৱস্থা ৰখা হৈছিল। সেইখিনিতে ওপৰৰ ছালখন ৬ ফুট ৬ ইঞ্চি ওখ আৰু নিয়মীয়া জোখৰ এটা ওখ মানুহে বেঁকা নোহোৱাকৈ সেইপিনে পাৰ হৈ যাব পাৰিছিল। এই জলধাৰাটোৰ এটা কাষত বহিব পৰা ঠাই আছিল। বাকী তিনিটাৰ কাষত বাৰাণ্ডা আছিল আৰু বাৰাণ্ডাৰ কাষে কাষে সৰু সৰু ঘৰ আছিল। সম্ভৱত: ধৰ্মীয় উদ্দেশ্যৰেই এই স্নানাগাৰটো নিৰ্মাণ কৰা হৈছিল। কাৰণ গা ধুই উঠিয়েই ভক্তসকলে কাষত থকা মন্দিৰত পূজা কৰিছিল। অৱশ্যে কৌশম্বীৰ মতে এই ঘৰবোৰ অনৈতিক কামতেহে ব্যৱহাৰ কৰা হৈছিল।

সমাজ ব্যৱস্থা

সিন্ধু সভ্যতাৰ সমাজ ব্যৱস্থাত শ্ৰেণী বিভাজন আছিল। বাসগৃহ নিৰ্মাণ পদ্ধতিটোলৈ চাই ধাৰণা কৰিব পাৰি যে সমাজত ধনী আৰু দুখীয়া দুটা শ্ৰেণী আছিল। বৃহত প্ৰসাদ, দুৰ্গ আদিও আছিল। দুটা কোঠাৰ সৰু সৰু ঘৰবোৰো আছিল। মজলীয়া আকাৰৰ ঘৰ কিছুমানো আছিল সিন্ধু সভ্যতাত আছিল। এনে মজলীয়া আকাৰৰ ঘৰৰ স্ংখ্যাই সৰহ আছিল। তাৰ পৰা এ এল বাসামে অনুমান কৰিছে যে মধ্যবিত্ত শ্ৰেণী এটাও সিন্ধু সভ্যতাত আছিল। সিন্ধু সভ্যতাত বণিক, কাৰিকৰ, কৃষক, শ্ৰমিক শ্ৰেণীৰ মানুহো আছিল। বহুতৰ মতে কৃতদাস ব্যৱস্থাও আছিল আৰু এই কৃতদাস সকলক গোলাবাৰুদৰ কামত নিয়োগ কৰা হৈছিল। দুটা কোঠাৰ সৰু সৰু ঘৰবোৰত ক্ৰীতদাস আৰু কৃষকসকল আছিল। কৃষকসকলক ভূমিদাস হিচাপে ব্যৱহাৰ কৰা হৈছিল। কৃষক বিদ্ৰোহ হব পৰাকৈ সচেতনতা সেই সময়ত আশা কৰাটো ভুল। আনহাতেদি অস্ত্ৰ বা যন্ত্ৰ আদিও কৃষকসকলৰ হাতত নাছিল। কাৰণ সেই সময়ত যন্ত্ৰ বা অস্ত্ৰ আদি নিৰ্মাণ কৰা নহৈছিল। তামৰ দাম বৰ বেছি আছিল। গতিকে তামেৰে তৈয়াৰী তৰোৱাল বা বৰ্ষা সাধাৰণ মানুহে তৈয়াৰ কৰি লব পৰা নাছিল। সেই কাৰণে শাসক শ্ৰেণীয়েহে তামৰ অস্ত্ৰসমূহ ৰাখিব পাৰিছিল আৰু সেই অস্ত্ৰসমূহ শোষণ আৰু দমনৰ প্ৰতীক হৈ পৰিছিল। এইখিনি কথা “what happened in History” নামৰ কিতাপখনত গৰ্ডন চাইল্‌ডেউল্লেখ কৰিছে। শ্ৰেণীভেদ প্ৰথা বজাই ৰাখিবলৈ ধৰ্মগুৰুসকলৰ জৰিয়তে ধৰ্মক প্ৰয়োগ কৰা হৈছিল। সিন্ধু সভ্যতাৰ সমাজখন আছিল ধৰ্মভিত্তিক, ৰক্ষণশীল সমাজ। ৰক্ষণশীল সমাজ এখনে নতুনক গ্ৰহণ কৰিবলৈ টান পায়। মুঠতে সিন্ধু সভ্যতাৰ নগৰ বিন্যাসৰ পৰা জানিব পৰা মতে সমাজত এইকেইটা শ্ৰেণী আছিল-

(১) শাসক শ্ৰেণী,

(২)বণিক শ্ৰেণী (আজিকালিৰ বুৰ্জোৱা মধ্যবিত্ত),

(৩) শ্ৰমিক, কাৰিকৰ, কৃষক(আজিকালিৰ প্ৰলিতেৰিয়েত)।

ধৰ্ম

সিন্ধু উপত্যকাত মাতৃপূজাৰ প্ৰচলন আছিল। খনন কাৰ্যৰ পিছত পোৱা বহুত দেৱী মূৰ্তিৰ পৰা মাতৃপূজাৰ প্ৰচলনৰ কথা ধাৰণা কৰিব পাৰি। দেৱী শক্তিৰ প্ৰতীক- শক্তিৰুপে প্ৰতিষ্ঠাতা। অৱশ্যে পিছৰ কালৰ শক্তিপূজাৰ সৈতে দেবীপূজাৰ সাদৃশ্য নাথাকিবও পাৰে। সেয়ে হ’লেও মূল বিশ্বাসৰ ক্ষেত্ৰত ধাৰণাটো একেই আছিল। হৰপ্পা সভ্যতাত দেবী আছিল শক্তি আৰু উৰ্বৰাৰ প্ৰতীক। মাটি খান্দি পোৱা কোনো কোনো মূৰ্ত্তিত ধোঁৱা লগাৰ চিন আছিল। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে মূৰ্ত্তিত আগত ধূপ-ধুনা জ্বলাই পূজা কৰা হৈছিল। মহেঞ্জদাৰোত উদ্ধাৰ কৰা শীলমোহৰত ধ্যানমগ্ন, চক্ষু মুদ্ৰিত পদ্মাসনত উপবিষ্ট এটা মূৰ্ত্তি দেখিবলৈ পোৱা গৈছে। মূৰ্ত্তিটোৰ তিনিটা মূৰ, তিনিখন মুখ আৰু তিনিটা শিং। মূৰ্তিটোৰ চাৰিওপাশে জীৱজন্তুৱে আৱৰি আছে। বহুতো পণ্ডিতে এইটো শিৱৰ পূৰ্বস্ংস্কৰণ বুলি কব খোজে। কাৰণ শিৱক ত্ৰিমূৰ্তি, পশুপতি আৰু মহাযোগী বুলি কোৱা হয়। মূৰ্তিটোৰ মূৰত থকা শিঙক ত্ৰিশূলৰ পূৰ্বস্ংস্কৰণ বুলি ধাৰণা কৰিব পাৰি। এই দেৱতাক বহুতে উৰ্বৰতাৰ দেৱতা বুলি অনুমান কৰে। ইয়াৰ উপৰিও সিন্ধু-সভ্যতাত শিৱলিংগ আকৃতিৰ পাথৰো কিছু পৰিমাণে পোৱা গৈছে। গতিকে ইয়াৰ পৰা নিসন্দেহে ধাৰণা কৰি লব পাৰি যে শিৱক মুৰ্তিৰ আকাৰত আৰু প্ৰতীকৰ আকাৰত উপসনা কৰা হৈছিল। ইয়াৰ উপৰিও ধৰ্মীয় প্ৰতীক হিচাপে স্বস্তিকা চিন ব্যৱহাৰ কৰা হৈছিল। শিৱ পূজাৰ উপৰিও প্ৰাকৃতিক শক্তি যেনে-গছ-গছনি, শিল, নদ-নদী আৰু জীৱ-জন্তু পূজা কৰা হৈছিল। এইবোৰৰ ভিতৰত ভাল-বেয়া ভূত-প্ৰেত লুকাই আছিল বুলি বিশ্বাস কৰা হৈছিল। গছ-গছনিৰ ভিতৰত পিপল গছ আৰু জন্তুৰ ভিতৰত এক শিঙ্গীয়া এটা কল্পিত জন্তু পৱিত্ৰ বুলি বিবেচনা কৰা হৈছিল। স্বস্তিকা চিনৰ ব্যৱহাৰে সূৰ্য পূজাৰ উমান দিছিল।

খাদ্য আৰু জীৱিকাৰ

সিন্ধু উপত্যকাৰ অধিবাসী বিলাকৰ খাদ্য আছজিল গম, যব, বাদাম,বাৰ্লি, মাংস, কণী, সাক-পাচলি, খেজুৰ ইত্যাদি। গম, যব, বাদাম, খেজুৰ, বাৰ্লি শাক-পাচলি আদিৰ খেতি বাতি তেওঁলোকে কৰিছিল। ধানখেতিও সম্ভৱত: তেওঁলোকে কৰিছিল। বিভিন্ন জন্তুৰ মাংস যেনে- ভেড়াৰ মাংস, গাহৰীৰ মাংস, গৰুৰ মাংস, চৰাইৰ মাংস তেওঁলোকে খাইছিল।

এই অধিবাসীসকলৰ জীৱিকা কৃষি, শিল্প আৰু ব্যৱসায়ৰ ওপৰত নিৰ্ভৰশীল আছিল। জলসিঞ্চনৰ ব্যৱস্থা নাছিল। সিন্ধু নদীৰ উপৰিও মিথৰাণ নামৰ আৰু এখন নদী আছিল। অৱশ্যে এই নদীখন চৈধ্য শতাব্দীত শুকাই যায়। কিন্তু শতদ্ৰু, সিন্ধু আদি নদীৰ পানী বঢ়াৰ সময়ত পানীভেটি এওঁলোকে পথাৰলৈ নিছিল।

পোচাক-পৰিচ্ছদ আৰু অলঙ্কাৰ

সিন্ধু সভ্যতাৰ অধিবাসীসকলৰ সাধাৰণতে কপাহী কাপোৰ পিন্ধিছিল। মুৰ্তিত থকা নিদৰ্শনৰ পৰা জানিব পাৰি যে মানুহ বিলাকে ওপৰ ভাগত ধুতিৰ নিচিনা এখন কাপোৰ আৰু তলৰ ভাগত এখন চাদৰ পিন্ধিছিল। তিৰোতাসকলৰ সাজ-পোচাকো তেনে ধৰণৰেই আছিল। গতিকে সূতাৰ কাপোৰৰ উতপাদন প্ৰচুৰ পৰিমাণে হৈছিল আৰু তুলাৰ খেতি সেইকাৰণে বিখ্যাত হৈ পৰিছিল। লগে লগে বস্ত্ৰ শিল্পও গঢ় লৈ উঠিছিল। মহেঞ্জদাৰোৰ বহুত ঘৰত সূতা কটা যন্ত্ৰ পোৱা গৈছিল।  পুৰুষে দীঘল চুলি ৰাখিছিল আৰু তিৰোতাসকলে চুলিবোৰ কেনেকৈ বান্ধিছিল তাক জানিব পৰা নগৈছিল। কিয়নো তেওঁলোকে মূৰত বিচনীখনৰ আকৃতিৰ এটা মুকুট পিন্ধিছিল আৰু মুকুটটোৱে চুলিবোৰ ঢাকি ৰাখিছিল। অৱশ্যে উলৰ ব্যৱহাৰো তেওঁলোকে জানিছিল।

পুৰুষ তিৰোতা উভয়ে সোণ, ৰুপ, তাম, অন্যান্য ধাতু আৰু নানান ধৰণৰ মুল্যবান পাথৰৰে নিৰ্মিত অলঙ্কাৰ পিন্ধিছিল। পুৰুষসকলে মুৰত ফিটা বান্ধিছিল, নেক্‌লেচ, আঙুঠি আৰু বাজু পিন্ধিছিল। তিৰোতাসকলে এইখিনি পিন্ধাৰ উপৰিও মূৰত আৱৰণ লৈছিল, ইয়েৰিং, খাৰু, ব্ৰেচলেট, ককালত কঁকাকী আৰু ভৰিত নূপূৰ পিন্ধিছিল। অলঙ্কাৰবোৰ চক্‌চকীয়া আছিল। তিৰোতা মানুহে নানান প্ৰসাধনৰ সামগ্ৰী ব্যৱহাৰ কৰিছিল আৰু সেই প্ৰসাধনৰ সামগ্ৰী ৰাখিবৰ কাৰণে ভেনিটীবেগ লৈছিল। এই ভেনিটীবেগবোৰ ধাতু আৰু হাতী দাঁতেৰে বনোৱা হৈছিল। কচমেটিক, লিপিষ্টিক আদি লগাবৰ কাৰণে তেওঁলোকে ধাতুৰে এডাল সৰু খৰিকা বনাই লৈছিল আৰু মূৰ ফণিয়াবৰ কাৰণে বেলেগ বেলেগ আকৃতিৰ হাতী দাঁতৰ ফণী সাজি লৈছিল। কেতিয়াবা ফণী তেওঁলোকে মূৰত লগাই থৈছিল। মুখ চাবৰ কাৰণে ফণীগঢ়িয়া দাপোণ সাজি লৈছিল। আনকি মহেঞ্জদাৰোত “ড্ৰয়িং টেবুল”ও দেখিবলৈ পোৱা গৈছিল। তিৰোতাসকলৰ এনে লাহ বিলাহৰ ওপৰত মন্তব্য কৰি R.C.Mazumdar-য়ে কৈছে-“…prove that ladies at Mohonjadaro were not probably for behind their sisters of the present day in culture of beauty…..”

দৈনন্দিন কামত লগা সামগ্ৰীকুমাৰ সকলে শালত ধুনীয়া আকৃতি আৰু গঢ়ৰ মাটিৰ পাত্ৰ নিৰ্মাণ কৰিছিল। কিছুমান মাটিৰ পাত্ৰত ৰঙ কৰা হৈছিল। মাটিৰ পাত্ৰবোৰ চক্‌চকীয়া নাছিল। নিৰ্মাণ কৰাৰ সময়ত কাচিতহে সেইবোৰ চক্‌চকীয়া কৰা হৈছিল। মাটিৰ পাত্ৰবিলাক জুইত পুৰি টান কৰা হৈছিল। সাধাৰণতে ৰঙা পোৰামাটিৰ ওপৰত ক’লা ৰঙ সনা হৈছিল। তাম, ৰুপ, ব্ৰঞ্জ আৰু পৰচেলিনৰ পাত্ৰও নিৰ্মাণ কৰা হৈছিল। এইবোৰ পাত্ৰ মাজে সময়েহে ব্যৱহাৰ কৰা হৈছিল। লোহাৰ প্ৰচলন একেবাৰে নাছিল।

দৈনন্দিন ব্যৱহাৰৰ অন্য সামগ্ৰেঈবোৰ আছিল পোৰামাটিৰ নিৰ্মিত শলা আৰু শলাত ঘুৰোৱা মহুৰা। এইকেইটা চীনামাটিৰ আৰু প্ৰাণীৰ খোলাৰেও নিৰ্মিত কৰা হৈছিল। অন্যান্য সামগ্ৰীৰ ভিতৰত আছিল, হাড় বা হাতী দাঁতেৰে বনোৱা ফণী, ব্ৰঞ্জ আৰু তামৰ কুঠাৰ, কটাৰী, বটালী, কাঁচি, বৰশী, দাড়ী খুৰ, টান পাথৰৰ দ্বাৰা নিৰ্মিত জমান চাৰিচুকীয়া সৰু কুন্দা। সম্ভৱ এই চাৰিচুকীয়া সৰু পাথৰৰ দ্বাৰা নিৰ্মিত টুকুৰাবোৰ ওজনৰ দগা হিচাপে ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ উপৰিও সিন্ধু উপত্যকাত, কাঠেৰে নিৰ্মিত চকি আৰু চালপীৰা কাঠেৰে কৰা সঁজুলি, খাপৰি নলেৰে বনোৱা পাটীঢাৰি, তামৰ চাকি, চোকোৰা, আলতীয়া মাটি, মাটিৰ মমদানি ইত্যাদি পোৱা গৈছিল। মাটিৰ মমদানিৰ পৰা এইটো ধাৰণা কৰিব পাৰি যে সিন্ধুসভ্যতাত মমৰ ব্যৱহাৰ আছিল।

সিন্ধু-সভ্যতাৰ অধিবাসীসকলে শিশুৰ উপযোগী খেলাৰ সামগ্ৰীও নিৰ্মাণ কৰিছিল। এইবোৰৰ ভিতৰত, সচৰাচৰ ব্যৱহাৰ কৰা সামগ্ৰীৰ বাহিৰেও আছিল চকা লগোৱা সৰু গাড়ী আৰু চকী। ডবাখেলৰ সামগ্ৰীও সিন্ধুসভ্যতাত পোৱা গৈছিল। চৈ নথকা গৰু গাড়ীও এওঁলোকে ব্যৱহাৰ কৰিছিল।অৱশ্যে হৰপ্পাত তামৰ এখন গৰুগাড়ীও পোৱা গৈছে। যিখন আজিকালিৰ এক্কাৰ নিচিনা চৈ থকা।

খেলাধূলা

সিন্ধু উপত্যকাৰ অধিবাসীসকলে মাৰ্বল, বল আৰু পাশা খেলিছিল। আৰ্য্য সকলৰ দৰেই এওঁলোকৰো প্ৰিয় খেল আছিল পাশা। ইয়াৰ বাহিৰেও চিকাৰ কৰা, ষাঁড়গৰুৰ যুঁজ, মাছ ধৰা, চৰাই আদি তেওঁলোকৰ প্ৰিয় খেল আছিল।

ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক অৱস্থা

সিন্ধু-সভ্যতাৰ বিস্তৃতি আৰু স্ংগঠনলৈ চালে এইটো কথা ধাৰণা কৰিব পাৰি যে এই সভ্যতাৰ পৌৰ শাসন ব্যৱস্থা বেছ শৃঙ্খলাবদ্ধ আছিল। ৰাজনৈতিক শাসনব্যৱস্থা কেনে আছিল সেই বিষয়ে সঠিকভাৱে জানিব পৰা নাযায়। ষ্টুৱাৰ্ট পিগেটৰ মতে, মহেঞ্জদাৰো আৰু হৰপ্পাত দুখন ৰাজধানী আছিল যদিও শাসক একেজনেই আছিল। কোনো কোনো বুৰঞ্জীবিদৰ মতে হৰপ্পাত থকা দুৰ্গটোত এজন শাসক আছিল আৰু তেওঁৱেই তাৰপৰা শাসনকাৰ্য চলাইঅছিল। তেওঁলোকৰ মতে শাসন ব্যৱস্থা আছিল ৰাজতন্ত্ৰ। দুৰ্গৰ কাষতে থকা শস্যৰ ভঁড়ালটোৱে ৰজাজনৰ ঐশ্বৰ্যবিভুতিৰ কথা জানিবলৈ দিয়ে। অৱশ্যে বহুতো ভাৰতীয় পণ্ডিতে বিশেষকৈ কৌশম্বীয়ে এইষাৰ কথা মানি লোৱা নাই। বহুতৰ মতে সিন্ধু উপত্যকাৰ চহৰবিলাকত বণিকসকলৰ দ্বাৰা পৰিচালিত প্ৰজাতন্ত্ৰ আছিল। কাৰণ সেই সময়ৰ অৰ্থনীতিৰ ভেটি আছিল ব্যৱসায় বাণিজ্য। কিন্তু এইষাৰ কথাও সহজে মানি লব নোৱাৰি। কিন্তু চহৰ বিলাকৰ সাংগঠনিক পৰিকল্পনা যেনে-একেধৰণৰ ৰাস্তাঘাট, একেধৰণৰ জোক-মাপ, একে ধৰণৰ নৰ্দমা ব্যৱস্থা আদিলৈ লক্ষ্য কৰিলে এইটো উপলব্দ্ধি কৰিব পাৰি যে চহৰ বিলাকৰ ওপৰত এটা কেন্দ্ৰীভূত শাসন চলি আছিল। আনহাতে মাটিমাৰ হুইলাৰে তেখেতৰ “The Indus civilization” নামৰ কিতাপত লিখিছে যে সিন্ধু অঞ্চল আছিল এখন সাম্ৰাজ্য। এই সাম্ৰাজ্যত কেন্দ্ৰীভূত শাস্ন চলিছিল আৰু কেন্দ্ৰত শাসনকৰ্তা আছিল পুৰোহিতসকল। পুৰোহিতসকলে দৈৱ অধিকাৰৰ বলত ৰাজ্য শাসন কৰিছিল। অৱশ্যে এইক্ষেত্ৰত সনখালিয়াৰ মত সুস্পষ্ট। তেওঁৰ মতে সিন্ধু অঞ্চলৰ শাসন আছিল এজন উদাৰনৈতিক স্বেচ্ছাচাৰী শাসকৰ হাতত।

জোখমাপ

সিন্ধুসভ্যতাত বস্তু জোখ-মাপ কৰাৰ ব্যৱস্থা আছিল, বস্তু জুখিবৰ কাৰণে সৰু আকৃতিৰ ডগাও আছিল, ডাঙৰ আকৃতিৰ ডগাও আছিল। সৰু আকৃতিৰ ডগাবোৰ বালিত থকা অতি সুক্ষ্ম খনিজ পদাৰ্থৰ দ্বাৰা নিৰ্মিত আৰু চাৰিচুকীয়া। ডাঙৰ  ডগাবোৰ আকৃতিত শঙ্কুৰ দৰে। ওজন ব্যৱস্থা সঠিক আৰু থিৰ আৰু ত্ৰিপাঠিৰ মতে “Greater accuracy and consistency than those of Elam and Mesopotamia.”

যুদ্ধৰ সঁজুলি

যুঁজৰ সঁজুলিৰ ভিতৰত আছিল কুঠাৰ, ষাঠি, ডেগাৰ, ধনু কাঁড়, গডা, বন্দুক ওলোমোৱা পেটি আৰু তৰোৱাল। এই অস্ত্ৰ-শস্ত্ৰবোৰ তাম আৰু ব্ৰঞ্জেৰে নিৰ্মাণ কৰা হৈছিল। ইয়াৰ উপৰিও ঢাল আৰু কৱচ কপাট আছিল। অন্যান্য সঁজুলিৰ ভিতৰত কৰতৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। এইবিধ সঁজুলি সেইসময়ত ক’তো দেখা পোৱা নগৈছিল।

প্ৰাণীসম্পদ

গৰু, ম’হ, ভেড়া আদি গৃহপালিত জন্তু সিন্ধু অঞ্চলত পোৱা গতৈছিল। বনাঞ্চলত বনৰীয়া ম’হ, বাঘ, হাতী, গড় আদি আছিল। সিন্ধু উপত্যকাত চৰাই-চিৰিকতিও পোৱা গৈছিল। ঘোৰা পোৱা গৈছিল নে নাই সেই কথা সঠিককৈ জনা নাযায়। মহেঞ্জদাৰোত অৱশ্যে ঘোৰাৰ কঙ্কাল এটা পোৱা গৈছিল। কিন্তু সেইটো ঘোঁৰাৰ কঙ্কাল নে অন্য জন্তুৰ কঙ্কাল সেইটো সঠিকভাৱে নিৰ্ণয় হোৱা নাই। অৱশ্যে এইটো ঠিক যে সিন্ধু সভ্যতাৰ শেষৰ পিনলৈ ঘোঁৰাৰ অস্তিত্ব আছিল। কালিবাঙ্গানত পোৱা ঘোঁৰাৰ কঙ্কালেই এই কথাৰ প্ৰমাণ কৰে।

শীল

সিন্ধুৰ শীলমোহৰ বিলাকত হৰফ খোদাই কৰা দেখা যায়। সাধাৰণতে এইবোৰৰ আকৃতি চাৰিচুকীয়া। কিছুমানৰ আকৃতি পথালিতকৈ দীঘে বেছি। এইবোৰৰ হাতীদাঁত, জিকমিকাই থকা বস্তু আৰু বেলেগ বেলেগ ৰঙৰ গুড়িৰ দ্বাৰা নিৰ্মিত। কিছুমান শীল নস্কা থকা আৰু কিচুমান ছবি থকা। সিন্ধুলিপি আছিল চিত্ৰলিপি। দুৰ্ভাগ্যবশত: সেইবোৰৰ পাঠোদ্ধাৰ এতিয়াও হোৱা নাই। এওঁলোকে প্ৰথম শাৰী লিখোতে বাওঁপিনৰ পৰ সোঁপিনলৈ লিখিছিল।। অৱশ্যে আৰ চি মজুমদাৰে লিখিছে- প্ৰথমশাৰী সোঁপিনৰ পৰা বাওঁপিনে আৰু দ্বিতীয়শাৰী বাওঁপিনৰ পৰা সোঁপিনে লিখা পদ্ধতি।

মৃতকৰ সৎকাৰ

মহেঞ্জদাৰো আৰু হৰপ্পাত পোৱা তথ্যমতে তিনি প্ৰকাৰে মৃতকৰ সতকাৰ কৰা হৈছিল। সেইকেইটা হৈছে-

(১) কবৰ দিয়া

(২) কিছুদিন মৰাশ চৰাই আৰু জন্তুৱে খাব পৰাকৈ উদঙাই ৰখা আৰু তাৰ পিছত্ কবৰ দিয়া

(৩) খৰি দিয়া আৰু খৰি দিয়াৰ পিছত ছইবোৰ পোতা। তথ্যপাতিৰ পৰা জনামতে সিন্ধু-সভ্যতাৰ নদনবদন সময়ত প্ৰণালীটোহে প্ৰয়োগ কৰা হৈছিল। মহেঞ্জদাৰোত ৰাস্তাৰ ওপৰত আৰু এটা কোঠাত ভালেমান জকা পোৱা গৈছিল। খৰি দিয়া ঠাই বা কবৰ দিয়া ঠাইৰ অস্তিত্ব নাছিল। কিন্তু হৰপ্পাত মৈদামৰ কাষতে এটুকুৰা খৰি দিয়া ঠাইৰ সন্ধান পোৱা গৈছিল।

শিল্প, আৰ্ট, বৰ্হিবাণিজ্য

সিন্ধু উপত্যকাত শিল্পী আৰু কাৰিকৰ শ্ৰেঅণীৰ লোক অছিল। যযন্ত্ৰপাতিবোৰ তাম আৰু ব্ৰঞ্জেৰে তৈয়াৰ কৰা হৈছিল আৰু ৰাজস্থান আৰু দক্ষিণ ভাৰতৰ পৰা তাম আমদানী হৈছিল। মূল্যবান দামী পাথৰ গুজৰাট আৰু ৰাজপুতনাৰ ওপৰা আমদানি কৰা হৈছিল। সিন্ধু-সভ্যতাৰ অন্যতম শিল্প আছিল ধাতু শিল্প আৰু খোদাই কৰা পাথৰ। কিন্তু মাটিৰ শিল্পৰ বিকাশ বিশেষভাৱে ঘটিছিল। মাটিৰ কলহ, কাঁহি-বাটী, খেলনা আদি তৈয়াৰ কৰা হৈছিল আৰু জুইত পুৰি টান কৰা হৈছিল। তাৰ পিছত মাটিৰ পাত্ৰবোৰৰ ওপৰত ৰঙ সনা হৈছিল। পোৰামাটিৰে শিলমোহৰ বনোৱা হৈছিল। শীলৰ ওপৰত ম’হ, ষাঁড় গৰুৰ ছবি খোদাই কৰা আছিল। মহেঞ্জদাৰোৰ শীলৰ ওপৰত থকা ষাঁড় গৰুৰ মুৰ্তিটো অতি জীৱন্ত। পোৰামাটিৰে নৰ্তকীৰ মূৰ্তি সজা হৈছিল আৰু এইক্ষেত্ৰত শিল্পীসকলে বিশেষ দক্ষতাৰ পৰিচয় দিছিল। মূৰ্তিবোৰ নগ্ন আছিল। কিন্তু মূৰ্তিবোৰৰ শৰীৰত অলঙ্কাৰ আছিল। হৰপ্পাৰ মানুহৰ মূৰ্তি আৰু নৰ্তকীৰবোৰ মহেঞ্জদাৰোৰ মূৰ্তিবোৰতকৈ ভাল। হৰপ্পাত মাটিৰে গড়, বাঘ, চৰাই, খেলনা আদিও তৈয়াৰ কৰা হৈছিল। অৱশ্যে সমালোচকসকলে হৰপ্পা সভ্যতাৰ শিল্পত শিল্পবোধ কম আছিল বুলি মন্তব্য প্ৰকাশ কৰিছে।

সিন্ধু উপত্যকাৰ অধিবাসীসকলে ওচৰচুবুৰীয়া ঠাইবোৰৰ লগত ব্যৱসায় বাণিজ্য কৰিছিল। এচিয়াৰ সৈতেও বেহাবেপাৰ তেওঁলোকে কৰিছিল। সিন্ধু উপত্যকাৰ পৰা ৰপ্তানি কৰা কাপোৰ মেচোপটেমিয়াত পোৱা গৈছে। মেচোপটেমিয়া ভাৰতীয় বণিকসকলৰ উপনিবেশ আছিল বুলি ধাৰণা কৰা হৈছে। সিন্ধুৰ শীলমোহৰ সুমেৰিয়াৰ উৰ, লগোচ, চুচা আদিত পোৱা গৈছে। তদুপৰি হৰপ্পাৰ ৰুদ্ৰাক্ষ আৰু পোৰামাটি মেচোপটেমিয়াত পোৱা গৈছে। বেহাবেপাৰ জলপথেদি আৰু স্থলপথেদি চলিছিল। লোথাল নামৰ এখন ঠাইত এটা জাহাজঘাট পোৱা গৈছিল। এই জাহাজঘাটৰ পৰা ভোগবৰ নদীয়েদি কাম্বে উপসাগৰেদি বণিকসকলে ম’ৰাচৰাই, ম’ৰাপাখী, হাতীদাঁতেৰে নিৰ্মিত সমগ্ৰী, কাপোৰ, মণিমুক্তা আদেই ৰপ্যতানি কৰিছিল। ভাৰতৰ ভিতৰত নীলগিৰি, কাশ্মীৰ, গুজৰাট, মহীশূৰৰ লগত স্থলপথেদি বাণিজ্যিক যোগাযোগ চলিছিল। ব্যৱসায় বাণিজ্যৰ সুবিধাৰ কাৰণে একে ধৰণৰ জোখ-মাপ ব্যৱস্থাৰ প্ৰৱৰ্তন ঘৈছিল। লোথালত এটা জোখমাপ কৰা যন্ত্ৰ আৱিস্কৃত হৈছিল। এইঅখিনি কথা সাঙথালিয়াৰ “Prehistoric Civilization” নামৰ কিতাপখনত আছে।

সিন্ধু উপত্যকাৰ স্ৰষ্টা কোন

সিন্ধু-সভ্যতাৰ স্ৰষ্টা কোন তাৰ উত্তৰ একে আষাৰতে দিব নোৱাৰি। এই ক্ষেত্ৰত R.S.Tripathi-য়ে এটা সতৰ্কবাণী শুনাইছে। তেখেতে কৈছে- “Cultural evidencies and arguments based on physical types are, however, shaky and we cannot therefore be dongmatic over this problem until more conclusive clues are forth coming.” বহুতে কব খোজে আৰ্য সকলেই আছিল সিন্ধু উপত্যকাৰ স্ৰষ্টা। তেওঁলোকৰ মতে আৰ্যসকল ভাৰতলৈ বাহিৰৰ পৰা নহয়, আৰ্যসকল আগৰে পৰাই ভাৰতত আছে। সিন্ধু-সভ্যতাত পোৱা আৰ্য জাতিৰ কঙ্কাল, সিন্ধু অধিবাসীসকলৰ সৈতে আহাৰ আৰু সাজ-পোচাকৰ ক্ষেত্ৰত থকা আৰ্য জাতিৰ সাদৃশ্য—এইবোৰৰ ওপৰত ভিত্তি কৰিয়েই সিন্ধু-সভ্যতা আৰু আৰ্যসকলে ৰচনা কৰিছিল বুলি ধাৰণা কৰি লোৱা হয়। আনহাতেদি সিন্ধু-সভ্যতা আৰু আৰ্য সভ্যতাৰ মাজত পাৰ্থক্যও আছিল বহুত। তদুপৰি বৰ্তমানলৈকে প্ৰচলিত মতানুসৰি আৰ্য সভ্যতা ১৫০০ বা ১৪০০ খৃ: পূ: আগতে ভাৰতত নাছিল। কিন্তু আৰ্যসকলক সিন্ধু সভ্যতাৰ স্ৰষ্টা বুলি ধৰিলে খৃ: পূ: ৩০০০ হাজাৰ বছৰৰ আগতে আৰ্যসকল ভাৰতত থকাৰ কথাটো প্ৰমাণ কৰিব লাগিব। কাৰণ পণ্ডিতসকলৰ মতে সিন্ধু সভ্যতাৰ কালসীমা খৃ: পূ: ৩০০০ হাজাৰ বছৰ। অন্য এটা মত অনুসৰি সিন্ধু সভ্যতাৰ যিখিনি সাদৃশ্য আছে সেইখিনিৰ পৰা এইটো ধাৰণা কৰা হৈছে যে সুমেৰিয় সভ্যতাৰ প্ৰভাৱত সিন্ধু সভ্যতা গঢ় লৈ উঠিছিল। কিন্তু সাদৃশ্য খিনি চাওঁতে পাৰ্থক্যখিনিও চাব লাগিব আৰু সুমেৰীয় সভ্যতাৰ সৈতে সিন্ধু-সভ্যতাৰ পাৰ্থক্য কম নহয়।

Dr. A.I. Basham-য়ে তেখেতৰ কিতাপ “wonder that was India”ত লিখিছে যে সিন্ধু সভ্যতাৰ চৰিত্ৰত ভাৰতীয় মানসিকতাই কাম কৰিছে। বাসাম আৰু বহুত পণ্ডিতৰ মতে সিন্ধু-সভ্যতাৰ স্ৰষ্টা আছিল দ্ৰাবিড় সকল। তেওঁলোকৰ যুক্তি হ’ল:

(১) আৰ্যসকল ভাৰতত বসবাস কৰাৰ আগতে দ্ৰাবিড় সভ্যতাৰ বিকাশ হয়। প্ৰাক আৰ্য সভ্যতা সিন্ধু উপত্যকাৰ সভ্যতাৰ সৈতে দ্ৰাবিড় সভ্যতা মিলি যায়। কাৰণ দ্ৰাবিড় সভ্যতাও আছিল প্ৰাক আৰ্যসভ্যতা।

(২) দক্ষিণৰ দ্ৰাবিড় জাতিৰ লোকসকলৰ মাজত শিৱলিঙ্গৰ প্ৰাধান্য বেছি। সিন্ধু সভ্যতাতো শিৱলিঙ্গৰ প্ৰাধান্য আছিল।

(৩) সিন্ধু-সভ্যতাৰ লিপিৰ সৈতে দ্ৰাবিড় সভ্যতাৰ লিপিৰ সাদৃশ্য আছে।

(৪) বেলুচিস্থানৰ ব্ৰাহুই উপজাতি বিলাকে দ্ৰাবিড় ভাষা কৈছিল।ইয়াৰ পৰা এইটো প্ৰমাণ হৈছে যে দ্ৰাবিড় সকল উত্তৰ ভাৰততো বসবাস কৰিছিল।

(৫) সিন্ধু উপত্যকাত পোৱা নৰকঙ্কালবোৰৰ ভিতৰত ভূমধ্যসাগৰীয় বা দ্ৰাবিড় জাতিৰ নৰকঙ্কালো পোৱা গৈছিল। এইখিনি মতৰ বিৰোধিতা কৰি যিখিনি যুক্তি উত্থাপন কৰা হৈছিল সেইখিনি এনে ধৰণৰ আছিল-

(১) দ্ৰাবিড়সকল দাক্ষিণাত্যত আছিল অথচ সিন্ধু-সভ্যতাৰ নিদৰ্শন দাক্ষিণাত্যত নাই।

(২) ব্ৰাহুই উপজাতিয়ে যিটো উপভাষা কয় সেইটো ভাষাৰ লগত দ্ৰাবিড় ভাষাৰ মিল নাই। তেওঁলোকে কোৱা ভাষা প্ৰকৃত দ্ৰাবিড় ভাষা নহয়।

(৩) সিন্ধু লিপিৰ সৈতে প্ৰাচীন দ্ৰাবিড় লিপিৰ সম্পৰ্কৰ কথা সঠিকভাৱে জনা হোৱা নাই।

(৪) দ্ৰাবিড় জাতিৰ মৃতকৰ সতকাৰ পদ্ধতি হৰপ্পা অধিবাসীসকলৰ সতকাৰ পদ্ধতিৰ পৰা বেলেগ আছিল।

(৫) দ্ৰাবিৰসকলৰ পাথৰৰ স্থাপত্যৰ লগত সিন্ধু সভ্যতাৰ পাথৰৰ স্থাপত্যৰ মিল নাই।

যি কি নহওক ইমানখিনি যুক্তিৰ বিপক্ষে থকাৰ সত্বেও বেছিভাগ ঐতিহাসিকে সিন্ধু সভ্যতাৰ স্ৰষ্টা হিচাপে দ্ৰাবিড় সকলকেই স্বীকৃতি দি আহিছে। নৃতাত্বিক দিশৰ পৰাও চালে দেখা যায় যে সিন্ধু উপত্যকাত চাৰিটা জাতিৰ মানুহ বাস কৰিছিল। সেইকেইটা হ’ল:

(১) মঙ্গোলীয়,

(২) ভূমধ্যসাগৰীয়,

(৩) আলপাইন আৰু

(৪) প্ৰোটোঅষ্ট্ৰলয়ড। সেই কাৰণে বহুতে ভাৱে যে এই চাৰিওটা জাতিৰ যৌথ প্ৰচেষ্টাত সিন্ধু সভ্যতা গঢ়ি উঠিছিল। অৱশ্যে এই ক্ষেত্ৰত ড: সেনে ভিন্ন মত পোষণ কৰিছে। তেখেতে সিন্ধু নগৰত পোৱা নৰকঙ্কালবোৰ পৰীক্ষা কৰি এই মত পোষণ কৰিছে যে সিন্ধু উপত্যকাত এটা জাতিৰ মানুহ বাস কৰিছিল আৰু সিন্ধু সভ্যতা তেওঁলোকৰেই সৃষ্টি। সম্ভৱ এই জাতিগোষ্ঠী সিন্ধু অঞ্চলৰ আদঅিম অধিবাসীসকলৰ বংশধৰ আছিল।

সিন্ধু সভ্যতা আৰু বৈদিক সভ্যতাৰ তুলনা

সাদৃশ্য

(১) সিন্ধু অধিবাসী আৰু আৰ্যসকলৰ খাদ্যবস্তু আৰু সাজ-পোচাক একে।

(২) সিন্ধু উপত্যকাৰ প্ৰাণীসামুহ বৈদিক যুগতো দেখিবলৈ পোৱা গৈছিল।

(৩) সিন্ধু সভ্যতা আৰু বৈদিক যুগত বয়ন শিল্পৰ প্ৰচলন আছিল।

(৪) পিন্ধা অলংকাৰ, খোপা আদি বন্ধাৰ প্ৰণালী দুয়োটা সভ্যতাতে একে।

(৫) সিন্ধু উপত্যকাত আৰ্যজাতিৰ কঙ্কাল পোৱা গৈছিল।

(৬) বৈদিক যুগত পৰিণত ৰুপ ধাৰণ কৰা ব্ৰাহ্মলিপি সিন্ধু সভ্যতাৰ লিপি আছিল। (শ্ৰী প্ৰভাতাংশু মাইতি)

পাৰ্থক্য

(১) সিন্ধু সভ্যতাত লোহাৰ ব্যৱহাৰ নাছিল। আৰ্যসভ্যতাত তাম, লোহা দুয়োটাৰে ব্যৱহাৰ আছিল। (২) সিন্ধু সভ্যতাত শিল্প বাণিজ্যৰ ঘৰ সজাৰ সঁজুলি হিচাপে ইটা ব্যৱহাৰ কৰিছিল।

(৩) আৰ্যসভ্যতাত মাটিৰ ঘৰ, বাঁব আৰু খেৰৰ প্ৰচলন আছিল।

(৪) সিন্ধু উপত্যকাৰ অধিবাসীসকল আছিল স্থায়ী অধিবাসী। আৰ্যসকল অঘৰীৰ দৰে ঘুৰি ফুৰিছিল। (৫) আৰ্যসকলে ঘোঁৰাৰ ব্যৱহাৰ কৰিছিল। সিন্ধু সভ্যতাত ঘোঁৰাৰ প্ৰচলন নাছিল।

(৬) সিন্ধু উপত্যকাত ষাঁড় গৰুক পূজা কৰা হৈছিল। আৰ্যসকলে গাই-গৰুক পূজা কৰিছিল।

(৭) আৰ্যসকলে লিঙ্গ পূজা হেয়জ্ঞান কৰিছিল। সিন্ধু উপত্যকাত শিৱপূজা আৰু লিঙ্গপূজা কৰা হৈছিল। আৰ্যসকলে পিছতহে শিৱক আৰ্যদেৱতা বুলি গ্ৰহণ কৰিছিল।

(৮) আৰ্যসভ্যতাত দেৱ-দেৱীৰ ভিতৰত নাৰী দেৱতাৰ স্ংখ্যা কম।নাৰী দেৱতাৰ মৰ্যদাও কম। সিন্ধু উপত্যকাত মাতৃদেৱতা পূজা কৰা হৈছিল।

(৯) সিন্ধু-সভ্যতা আছিল বস্তু তান্ত্ৰিক, উপযোগবাদী, বৈদিক সভ্যতা আছিল আধ্যাত্মিক, পৰলোকবাদী।

(১০) সিন্ধুৰ অধিবাসীসকলে লিখিব জানিছিল। তেওঁলোকৰ লিপি আছিল। আৰ্যসকলৰ লিপি নাছিল। পিছলৈহে তেওঁলোকে ৰৈখিক লিপি ব্যৱহাৰ কৰিছিল। প্ৰথমে বৈদিক আৰ্যসকলে লিখিব নাজানিছিল। (১১) আৰ্যসকল ভাৰতলৈ ১৫০০ খৃ:পূ:ত আহিছিল। আনহাতেদি সিনফধু সভ্যতাৰ সময় আছিল ৩০০০ হাজাৰ খৃ:পূ:। (শ্ৰী প্ৰভাতাংশু মাইতি)

(১২) কিন্তু মূল পাৰ্থক্য আছিল সিন্ধু সভ্যতা আছিল নগৰ কেন্দ্ৰিক। বৈদিক সভ্যতা আছিল গ্ৰামীন। মূল কথা হ’ল-“the priority of the Indus vally civilization appears to be more probable” (An Advanced History of India”

সুমেৰীয় আৰু অন্যান্য সভ্যতাৰ লগত তুলনা: কোনো কোনো বুৰঞ্জীবিদে পশ্চিম এচিয়াৰ সুমেৰীয় আৰু মেচোপটেমিয়াৰ সভ্যতাৰ লগত সিন্ধু-সভ্যতাৰ সাদৃশ্য আছে বুলি কোছে। কিন্তু সাদৃশ্যৰ কথা বিচাৰ কৰোতে পাৰ্থক্যখিনিও চাব লাগিব। হুইলাৰে তেখেতৰ Indus Age নামৰ কিতাপত লিখিছে-“Neither in its crematic industry, nor in its tools and armoury does the Indus civilization suggest a remotely foreign origin.”

পাৰ্থক্য

(১) শীলমোহৰৰ আকৃতিৰ সাদৃশ্য নাই। সিন্ধু উপত্যকাৰ শীলমোহৰৰ আকৃতি ৰুটি বেলা বেলনাৰ নিচিনা।

(২) তিৰোতাসকলে খোপা বন্ধা প্ৰণালী সিন্ধুৰ নাৰীসকলৰ নিজস্ব। সুমেৰীয় বা মেচোপটেমিয়া সভ্যতাত এইটো দেখা নাযায়।

(৩) সিন্ধু সভ্যতাত পোৰা মাটিৰ ব্যৱহাৰ কৰা হৈছিল। এই দুটা সভ্যতাত কেঁচা মাটিৰ ইটাৰ ব্যৱহাৰ অধিক।

(৪) এই তিনিওটা সভ্যতাৰ লিপিৰ মাজতো পাৰ্থক্য আছে।

(৫) সিন্ধু অধিবাসীসকলে মৰাশসমূহ কাপোৰেৰে ঢাকি কবৰ দিছিল।  সুমেৰীয় আৰু মেচোপটেমিয়াৰ অধিবাসীসকলে মৰাশ কফিনত সুমুৱাই কবৰ দিছিল।

(৬) মাটিৰ পাত্ৰৰ শিল্পৰ সৈতে সুমেৰীয় আৰু মেচোপটেমিয়াৰ মাটিৰ পাত্ৰ শিল্পৰ পাৰ্থক্য নাই।

(৭) সিন্ধু উপত্যকাত সূতাৰ কাপোৰৰ বয়ন শিল্প আছিল বিখ্যাত।

(৮) সিন্ধু সভ্যতা সেই সময়ৰ সকলোবোৰ সভ্যতাতকৈ সিন্ধু সভ্যতা আছিল স্বচ্ছ্ল।

(৯) পঞ্জাৱ, গুজৰাট, ৰাজপুতনা, নদ-নদীলৈকে বিস্তৃত আৰু ব্যপ্তিলৈ চাই সিন্ধু সভ্যতা সুমেৰীয় আৰু মেচোপটেমিয়াৰ সভ্যতাৰ উপনিবেশ হব নোৱাৰে। সকলো দিশ চালি জাৰি চাই পুৰাতত্ববিদ গৰ্ডন চাইল্‌ডে কৈছে যে হৰপ্পাৰ সভ্যতা স্বতন্ত্ৰ।সুমেৰীয় সভ্যতাৰ “স্থানান্তৰকৰণ” বা “অনুকৰণ” নহয়।

নদীমাতৃক সভ্যতা, মাতৃদেৱতাৰ পূজা, চকা ঘুৰাই মাটিৰ পাত্ৰ বনোৱা নিয়ম, বিকাশৰ স্তৰ নথকা, ৰজা সৰ্গনৰ ৰাজধানীত সিন্ধুৰ শীলমোহৰ পোৱা আদি কথালৈ লক্ষ্য ৰাখি সিন্ধুসভ্যতা মেচোপটেমিয়া বা সুমেৰীয় সভ্যতাৰ প্ৰভাৱত গঢ় লৈ উঠা বা সিন্ধু সভ্যতা এই দুয়োটা সভ্যতাৰ স্থানান্তকৰণ বা অনুকৰণ বুলি ভবা হয়।হুইলাৰ এই মতৰ বিশ্বাসী। বিকাশৰ স্তৰ নথকা কথাটোৰ অৰ্থ হ’ল যে সিন্ধু সভ্যতা দেশজ হোৱা হ’লে এটা আৰম্ভণি থাকিলহেতেন আৰু সেইটো ক্ৰমে বিকশিত হৈ এটা পৰিণত ৰুপ লাভ কৰিলেহেঁতেন। কিন্তু সিন্ধু সভ্যতাৰ আৰম্ভণিৰে পৰা পৰিণত ৰুপত পোৱা গৈছে। অৱশ্যে এই সভ্যতা কেইটাৰ মাজত সূতাৰ কাপোৰ, মূল্যবান পাথৰ আদিৰ ক্ষেত্ৰত আদান-প্ৰদান চলিছিল। সুমেৰীয় লিপিত “মেলুকা” নামৰ এখন ঠাইৰ উল্লেখ আছে। হয়তো সিন্ধু অঞ্চলৰ নামেই “মেলুকা” আছিল।

সিন্ধু সভ্যতাৰ ধ্বংসৰ কাৰণ

কি কাৰণত সিন্ধু উপত্যকাৰ সভ্যতা ধ্বংস হৈছিল সেই বিষয়ে সঠিককৈ জনা নেযায়। আৰ চি মজুমদাৰে কৈছে-“How such a great culture and civilization could vanish without leaving any trace or even memory behind it, is a problem that cannot be solved at present state at our knowledge.” সিন্ধু লিপিৰ পাঠ উদ্ধাৰ হোৱা হ’লে কিছু কথা হয়তো জানিব পৰা গ’লহেঁতেন। তথাপি মনত ৰাখিব লাগিব যে সিন্ধু-সভ্যতাৰ অন্তৰ্ভুক্ত চহৰবোৰ একোটা কাৰণতেই ধ্বংস হোৱা নাছিল। বিভিন্ন চহৰবোৰ বিভিন্ন কাৰণত ধ্বংস হৈছিল।

বহি:আক্ৰমণ

বাহিৰাশত্ৰুৰ আক্ৰমণৰ কাৰণে সিন্ধু-সভ্যতা ধ্বংস হৈছিল বুলি বহুতে মন্তব্য কৰে। বহুতৰ মতে আৰ্যসকলেই আছিল এই বাহিৰা শত্ৰু আৰু তেওঁলোকৰ আক্ৰমণৰ কাৰণেই সিন্ধু-সভ্যতা ধ্বংস হৈছিল। আৰ্যসকলে উন্ন্ত যুদ্ধ কৌশলেৰে লোহাৰ অস্ত্ৰ-শস্ত্ৰ আৰু ঘোঁৰাৰ সহায়ত আক্ৰমণ কৰিছিল আৰু এই আক্ৰমণৰ বিৰুদ্ধে সিন্ধু অধিবাসীসকল তিষ্ঠিব পৰা নাছিল। কাৰণ তামৰ অস্ত্ৰৰে যুধ কৰি তেওঁলোকে আৰ্যসকলক বাধা দিব পৰা নাছিল। কৃষিজীৱী আৰু পশুপালক আৰ্যসকলে নগৰজীৱী সিন্ধু সভ্যতা ধ্বংস কৰি দিছিল। আৰ্যসকলৰ এই আক্ৰমণ অতৰ্কিত হৈছিল বুলি ভাবিবৰ থল আছে। আৰ্য আক্ৰমণৰ সপক্ষে হুইলাৰ, কৌশম্বী আদি পণ্ডিতসকলে মত পোষণ কৰিছে যদিও দক্টৰ শাঙ্খালিয়াকে প্ৰমুখ্য কৰি অন্য বহুত পণ্ডিতে অন্যহাতেদি আৰ্যসকলৰ আক্ৰমণৰ কাৰণে সিন্ধু-সভ্যতা ধ্বংস হৈছিল বুলি নাভাবে। ম্যাক নামৰ এগৰাকী প্ৰত্নতাত্বিকৰ মতে বেলুচিস্তানৰ অধিবাসীসকলেহে হৰপ্পাৰ নগৰ বিলাক আক্ৰমণ কৰিছিল। বাহিৰাশত্ৰুৰ আক্ৰমণৰ কাৰণে মহেঞ্জদাৰো ধ্বংস হোৱাৰ কথাষাৰ গ্ৰহণযোগ্য হলেও সিন্ধুৰ অন্য চহৰবোৰৰ ক্ষেত্ৰত এইষাৰ কথা প্ৰযোজ্য নহয়। কোনোৱে কব খোজে যে গৃহযুদ্ধৰ কাৰণেহে সিন্ধু সভ্যতাৰ ধ্বংস হৈছিল। তেওঁলোকৰ মতে সতকাৰ নকৰাকৈ অ’ত ত’ত পৰি থকা মৃতদেহবোৰেই গৃহ যুদ্ধৰ কথা প্ৰমাণ কৰে।

নাগৰিকবোধৰ অভাৱ

নাগৰিকবোধৰ অভাৱ সিন্ধ্য-সভ্যতা ধ্বংস হোৱাৰ অন্য এটা কাৰণ বুলি কোৱা হয়। পৌৰসভাৰ পোৰসহাৰ আইনকানুন মানি যি যত্ন আৰু নিষ্ঠাৰে মহেঞ্জদাৰোৰ সাতোটা স্তৰৰ তলৰ স্তৰ কেইটাৰ্যেনেদৰে প্ৰসানৰ অধিনলৈ অনা হৈছিল, ওপৰৰ স্তৰকেইটাত সেই নিয়মশৃঙ্খলাৰ অভাৱ পৰিলক্ষিত হৈছিল। বাতটপথ অৱৰোধ কৰি গৃহনিৰ্মাণ, ইটাৰ ভাটা নিৰ্মাণ, কুঁৱা খন্দা, গৃহনিৰ্মাণ পদ্ধতি ইত্যাদি কথাৰ অৱনতি ওপৰৰ স্তৰকেইটাত পৰিলক্ষিত হৈছিল। তদুপৰি ব্যৱসায়, বাণিজ্য কৃষি, মথাউৰি মেৰামতি আদিৰ ক্ষেত্ৰতো উদাসীনতা অৱলম্বন কৰা দেখা গৈছিল। ৰক্ষণশীল দৃষ্টিভ্ংগী হৰপ্পা সভ্যতা ধ্বংসৰ অন্য এটা কাৰণ বুলিব পাৰি। পৰিৱৰ্তিত পৰিস্থিতিত নতুনক সাৱটি লব নোৱাৰিলে ধ্বংস হৈ যোৱাৰ সম্ভাৱানাই বেছি। উদাহৰণস্বৰুপে কব পাৰি যে সেই সময়ত পাৰিপাৰ্স্বিকতাৰ পৰিৱৰ্তন ঘটিছিল, সিন্ধুনদীয়ে গতি সলাইছিল, বানপানী হৈছিল। অথচ এইবোৰ প্ৰতিৰোধ কৰিবৰ কাৰণে কেনে ধৰণৰ বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব পৰি সেইবিষয়ে সিন্ধু অধিবাসীসকলে চিন্তা কৰা নাছিল। গতিকে “পৰিৱৰ্তন বিমুখিতা আৰু স্ংস্কাৰ বিমুখীতা” সিন্ধুসভ্যতাৰ অন্যতম কাৰণ। হুইলাৰে সঠিকভাৱেই কৈছে-‘Later day Mahenjodaro and by influence Harappa a poor shadow of farmar self.”

ভালেমান প্ৰাকৃতিক কাৰণতো সিন্ধু-সভ্যতাৰ ধ্বংস হৈছিল। প্ৰদূষণ সভ্যতাৰ স্ংকট। সাম্প্ৰতিক কালত জধেমধে হেঁচাত পৰি নলীনাদ বহুৱাৰ ফলত, শিল্প উদ্যোগ গঢ়ি উঠাৰ ফলত, গছ-গছনিবোৰ কাটি পেলোৱাৰ ফলত বায়ুমণ্ডল যেনেদৰে দূষিত হৈ পৰিছে সেই পৰিমাণে বিশ্বৰ উদ্বেগ বৃদ্ধি পাইছে। যোৱা কেইটামান দশকৰ ভিতৰত আমাজান অধ্যুষিত অঞ্চলত গছ-গছনি কটাৰ ফলত পৰিৱেশৰ যেনেদৰে পৰিৱৰ্তন হৈছে সি গোটেই পৃথিৱীৰ বায়ুমণ্ডলেই দূষিত কৰিব। কলকাৰখানাৰ পৰা ওলোৱা কাৰ্বন-ডাই অক্সাইঅ বতাহৰ লগত মিলি ছালফিউৰিক এচিদলৈ ৰুপান্তৰিত হৈ পানীত পৰিছে, হাবি-বননীত পৰিছে। ফলশ্বৰুপে মাছ মৰিছে, গছ-গছনি মৰিছে। অৰণ্যৰ লগত পৰিৱেশৰ সম্পৰ্ক আছে। পৃথিৱীৰ ৩৬ শতাংশ মাটি খেতিৰ মাটি। খেতি কৰিবৰ কাৰণে গছ-গছনি কটাৰ প্ৰয়োজন হৈছে। ফলস্বৰুপে অনাবৃষ্টি হৈ ঠাইবোৰ মৰুভূমিলৈ ৰুপান্তৰিত হোৱাৰ আশঙ্কা বৃদ্ধি পাই আহিছে। সভ্যতা জীয়াই থাকিবলৈ বনাঞ্চল লাগিবই। আজিৰ যুগত প্ৰদূষণ এটা আন্তৰ্জাতিক সমস্যা। এনে এটা গভীৰ সমস্যাৰ প্ৰতি সিন্ধু অধিবাসীসকল সচেতন নাছিল। এসময়ত প্ৰচুৰ পৰিমাণে বৰষুণ হোৱা সিন্ধু উপত্যকাত বৰষুণ নহোৱা হ’ল। ফলস্বৰুপে ঠাইবোৰ মৰুভূমিলৈ ৰুপান্তৰিত হ’ল। মাটিত নিমখৰ পৰিমাণ বৃদ্ধি পাই আহিল। কৃষি ব্যৱস্থা ধ্বংস হ’ল। বৰষুণ কমি যোৱাৰ কথা উল্লেখ কৰি হুইলাৰে কৈছে যে গৃহনিৰ্মাণৰ কাৰণে পোৰা ইটা তৈয়াৰ কৰিবৰ কাৰণে গছ-গছনিবোৰ কাটি পেলোৱাৰ কাৰণে বৰষুণ কমি গৈছিল। তদুপৰি নদীত পানী ধৰি ৰাখিবৰক্কাৰণে বন্ধা মথাউৰিবোৰ মেৰামতি কৰিবৰ কাৰণে প্ৰচেষ্টা হাতত লোৱা হোৱা নাছিল। সেইদৰেও কৃষি বিনষ্ট হৈছিল।

বহুতে ক’ব খোজে যে ভূইকঁপৰ কাৰণে সিন্ধু-সভ্যতা ধ্বংস হৈছিল। কিন্তু এই মত সৰ্বসন্মত নহয়। প্ৰাকৃতিক কাৰণৰ ফলত বানপানীহে সিন্ধু সভ্যতা ধ্বংসৰ এটা কাৰণ আছিল। পলশ পৰি সিন্ধুনদীৰ গৰ্ভ ওপৰলৈ উঠি আহি বানপানীৰ সৃষ্টি কৰিছিল। বানপানীয়ে চহৰবোৰ প্লাৱিত কৰি পেলাইছিল। কোনো কোনো ঠাইত আকৌ নদীৰ পানী শুকাই যোৱাৰ কাৰণেহে সেই চহৰখন ধ্বংস হৈছিল। সিন্ধু সভ্যতাত মানুহবিলাকে ঘৰৰ ভেটি ওখকৈ বান্ধিছিল। ইয়াৰ পৰা বুজিব পাৰি যে সিন্ধু উপত্যকাত বানপানী হৈছিল।

ভাৰত বুৰঞ্জী

3.1875
Suratzamal Hoque Apr 23, 2019 11:49 AM

Ton planing system during indus valley civilizations?

আমিৰ আলী আহমেদ Sep 26, 2018 09:35 PM

বহুত ভাল লাগছে

পংকজ গগৈ Jul 16, 2016 09:47 PM

লিখনিসমূহৰ ভাষা সহজ-সৰল আৰু শুদ্ধ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top