মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / ভাৰত বুৰঞ্জী / ১৮৫৮ খ্ৰীষ্টাব্দৰ পিছৰ ব্ৰিটিছ চৰকাৰৰ নীতি : ১৮৫৮ খ্ৰীষ্টাব্দৰ অধিনিয়ম
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

১৮৫৮ খ্ৰীষ্টাব্দৰ পিছৰ ব্ৰিটিছ চৰকাৰৰ নীতি : ১৮৫৮ খ্ৰীষ্টাব্দৰ অধিনিয়ম

১৮৫৮ খ্ৰীষ্টাব্দৰ পিছৰ ব্ৰিটিছ চৰকাৰৰ নীতি : ১৮৫৮ খ্ৰীষ্টাব্দৰ অধিনিয়ম

বিদ্ৰোহৰ পিছৰ সাংবিধানিক পৰিৱৰ্তন

১৮৫৭ খ্ৰীষ্টাব্দৰ বিদ্ৰোহৰ অন্ত পৰাৰ লগে লগে ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ আমোলৰো অন্ত পৰে। ব্ৰিটিছ ভাৰ৪অত সাম্ৰাজ্যৰ প্ৰশাসনৰ সমস্ত দায়িত্ব ব্ৰিটিছ সম্ৰাট তথা ইংলেণ্ডৰ সংসদৰ প্ৰত্যক্ষ কৰ্তৃত্বাধীন হৈ পৰিল। মহাৰাণী ভিক্টোৰিয়াৰ এক ঘোষণা পত্ৰৰ যোগেদি এই প্ৰশাসনিক পৰিৱৰ্তন সাধিত হৈছিল। ১৮৫৮ খ্ৰীষ্টাব্দৰ ১ নৱেম্বৰত এলাহাবদত এক বিৰাট দৰবাৰ পাতি দেশীয় ৰাজন্যবৰ্গ আৰু বহুত গণ্য-মান্য ব্যক্তিৰ সন্মুখত ভাৰতৰ প্ৰথম ভাঅচৰয় বা ৰাষ্ট্ৰ প্ৰতিনিধি লৰ্ড কেনিঙে মহাৰাণীৰ সেই বিখ্যাত ঘোষণা পত্ৰ পাঠ কৰি দিছিল। সেই ঘোষণা পত্ৰৰ প্ৰধান চৰ্ত সমূহৰ মূল কথাখিনি হ’ল :

(১) কোম্পানী চৰকাৰৰ ভাৰত প্ৰশাসনৰ সকলো দায়িত্ব ইংলেণ্ডৰ ৰজা তথা সংসদৰ প্ৰত্যক্ষ কৰ্তৃত্বাধীন কৰা ‘চেক্ৰেটাৰী অৱ ষ্টেটচ ফৰ ইণ্ডিয়া’ বা ভাৰত সচিব পদবীৰ এজন ব্ৰিটিছ কেবিনেটৰ সদস্যক ভাৰত প্ৰসাসনৰ দায়িত্ব দিয়া হ’ল। গৱৰ্ণৰ জেনেৰেল জনে ইংলেণ্ডৰ ৰজা আৰু সংসদৰ হৈ ভাৰতৰ প্ৰশাসন চলাব আৰু তেওঁক ভাইচৰয় বা ৰাজপ্ৰতিনিধি বোলা হ’ব।

(২) স্বত্ব-বিলোপ নীতিৰ ফলত ক্ষতিগ্ৰস্ত হোৱা দেশীয় ৰাজন্যবৰ্গৰ সন্মানৰ প্ৰতি সহানুভূতি দেখুৱাই তেওঁলোকৰ লগত হোৱা সন্ধি আৰু অধিকাৰ সমূহ অটুট ৰখা হ’ব।

(৩) ব্ৰিটিছ চৰকাৰে ভাৰতীয় লোকৰ ধৰ্মীয় আৰু সামাজিক ৰীতি-নীতিৰ কোনো কথাতে  হস্তক্ষেপ নকৰাৰ প্ৰতিশ্ৰুতি দিয়া হ’ল। লগতে সকলো ভাৰতীয় প্ৰজাৰ প্ৰতি ন্যায় আৰু ধৰ্মীয় সহনশীলতাৰ নীতি গ্ৰহণ কৰাৰ কথা ঘোষণা কৰা হ’ল।

(৪) ভৱিষ্যতে ভাৰতৰ আন কোনো অংশ দখল কৰা নাইবা সাম্ৰাজ্যৰ সীমা সম্প্ৰসাৰণ ঘটোৱা কামৰ পৰা বিৰত থকা হ’ব বুলি কোৱা হ’ল।

(৫) শিক্ষিত ভাৰতীয় লোকৰ আশা-আকাংক্ষা পূৰণৰ হকে ইংৰাজে তেনে লোকক ভাৰতত প্ৰশাসনিক কামত জড়িত কৰাৰ প্ৰতিশ্ৰুতি দিয়া হ’ল।

ইয়াৰ উপৰিও লৰ্ড কেনিঙে এক সাধাৰণ ক্ষমা পত্ৰৰ ঘোষণাৰে বিদ্ৰোহী সকলক সন্তষ্ট কৰিছিল। মাথো যি সকল হত্যা আদি অপৰাধত জড়িত আছিল তেনে লোকক দেশৰ প্ৰচলিত আইন অনুযায়ী বিচাৰ কৰা আৰু দোষ অনুপাতে শাস্তি বিহা হ’ব বুলি কোৱা হ’ল।

ভৱিষ্যতে বিদ্ৰোহৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে ভাৰতীয় সৈন্য বিভাগে পুনৰ সংগঠনৰ আঁচনি তৎকালে লোৱা হ’ল। লগতে ইংৰাজ আৰু ভাৰতীয় সৈন্যৰ অনুপাতৰো সাল-সলনি ঘটোৱা হ’ল। বিদ্ৰোহৰ পিছৰ পৰা গোলন্দাজ বাহিনী সম্পূৰ্ণ ইংৰাজ বিষয়াৰ অধীনত ৰখাৰ ব্যৱস্থা লোৱা হ’ল। মুঠৰ ওপৰত লৰ্ড কেনিঙে অতি সাৱধানতাৰে বিদ্ৰোহৰ অন্তত এহাতেদি ইংৰাজৰ প্ৰতি ভাৰতীয় লোকৰ সদ্ভাৱ আদায় আৰু আনহাতেদি প্ৰশাসন কট্‌-কটী্‌য়া কৰাৰ ব্যৱস্থা লৈছিল।

সাংবিধানিক পৰিৱৰ্তন সমূহ :

১৮৫৮ খ্ৰীষ্টাব্দৰ ভাৰত চৰকাৰৰ আইনৰ যোগেদি ইষ্ট-ইণ্ডিয়া কোম্পানী চৰকাৰৰ শাসক আনুষ্ঠানিক ভাৱে শেষ কৰা হৈছিল। সেই আইন মতে হোৱা সাল-সলনিবোৰ এনেধৰণৰ আছিল :

(১) আগৰ ৰেগুলেটিং এক্ট মতে গঠন কৰা ‘কৰ্ট অৱ ডিৰেক্টৰ্‌চ্‌’ আৰু ‘ব’ৰ্ড অৱ কণ্ট্ৰোল’ৰ বিলোপ ঘটিল।

(২) ভাৰত প্ৰশাসনৰ সকলো দায়িত্ব ‘চেক্ৰেটাৰী অৱ ষ্টেট ফৰ ইণ্ডিয়াৰ’ৰ ওপৰত ন্যস্ত হ’ল।

(৩) ‘চেক্ৰেটাৰী অৱ ষ্টেট’ক সহায় কৰা আৰু পৰামৰ্শ দিবৰ বাবে লণ্ডনত এখন কাউন্সিল গঠন হ’ল। অৱশ্যে সেই কাউন্সিলৰ পৰামৰ্শ গ্ৰহণ কৰাতো ‘চেক্ৰেটাৰী অৱ ষ্টেট’ৰ বাবে বাধ্যতা মূলক নাছিল।

১৮৬৯ খ্ৰীষ্টাব্দত উক্ত কাউন্সিলৰ ক্ষমতা খৰ্ব কৰা হৈছিল। ইয়াৰ ফলত উক্ত কাউন্সিল ‘চেক্ৰেটাৰী অৱ ষ্টেট’ৰ অধীনস্থ এক পৰামৰ্শ দাতা সভালৈ ৰুপান্তৰিত হৈছিল। কাউন্সিলৰ সদস্য সকলক যদিও দহ বছৰলৈ মনোনীত কৰা হৈছিল তথাপিও তেওঁলোকৰ কোনো কৰ্তৃত্বৰ ক্ষমতা নাছিল। ফলত ভাৰতৰ প্ৰশাসনিক কথাত ‘চেক্ৰেটাৰী অৱ ষ্টেট’ বা ভাৰত সচিব প্ৰভূত ক্ষমতাশালী পদবীলৈ ৰুপান্তৰিত হৈছিল। বিশেষকৈ গৱৰ্ণৰ-জেনেৰেলৰ ওপৰত তেওঁ প্ৰভূত ক্ষমতা বিস্তাৰ কৰিব পৰা হ’ল। অৱশ্যে সময়ত ইংলেণ্ডৰ সংসদহে ভাৰত প্ৰশাসনৰ ভাগ্য নিয়ন্তা আৰু সৰ্বে সৰ্বা হৈ পৰে।

ভাৰত চৰকাৰ :

১৮৫৮ খ্ৰীষ্টাব্দৰ পিছপৰা গৱৰ্ণৰ জেনেৰেল তথা ভাইচৰয় ভাৰত চৰকাৰৰ মূৰব্বী হ’ল। ভাইচৰয় বিধায়িনী আৰু কাৰ্যপালিকাৰ সৰ্বোচ্চ ক্ষমতা দিয়া হৈছিল। লগতে কাৰ্যপালিকা আৰু বিধায়িনী কাম-কাজ চলোৱাত ভাইচৰয়ক সহায় কৰিবৰ বাবে ‘এক্‌জিকিউটিভ্‌ কাউন্সিল’ বা কাৰ্যবাহী পৰিষদ আৰু ‘লেজিছ্‌লেটিভ কাউন্সিল’ বা বিধায়িনী পৰিষদ নামৰ দুখন পৰিষদ গঠনৰ ব্যৱস্থা লোৱা হ’ল।

বিধায়িনী পৰিষদৰ গঠন ১৮৫৩ খ্ৰীষ্টাব্দৰ চনদৰ মতেই থাকিল। ভাইচৰয়ৰ কাৰ্যবাহী পৰিষদৰ গঠন ১৮৫৩ খ্ৰীষ্টাব্দৰ চনদৰ মতেই থাকিল। ভাইচৰয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য সকলৰ লগতে আৰু ছজন সদস্যক যোগ দিয়া হ’ল। এই পৰিষদৰ প্ৰধান ক্ৰুটি আছিল ভাৰতীয় সদস্যক অন্তৰ্ভূক্ত নকৰা। ফলত ভাৰতীয় লোকৰ প্ৰয়োজন বুজি আইন প্ৰণয়ন কৰা চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হৈছিল।

১৮৬১ খ্ৰীষ্টাব্দৰ কাউন্সিল এক্ট :

ব্ৰিটিছ ভাৰতৰ সাংবিধানিক বিকশৰ বুৰঞ্জীত ১৮৬১ খ্ৰীষ্টাব্দৰ ইণ্ডিয়ান কাউন্সিল এক্টখন উল্লেখযোগ্য পদক্ষেপ বুলিব পাৰি। এই আইন অনুযায়ী গৱৰ্ণৰ জেনেৰেলৰ কাৰ্যবাহী পৰিষদত পঞ্চম জন সাধাৰণ সদস্যৰ পদৰ সৃষ্টি কৰা হ’ল। লগতে গৱৰ্ণৰ জেনেৰেলৰ বিধি-প্ৰণয়ন আৰু কাম-কাজ নিয়ন্ত্ৰণৰ ক্ষমতা অধিক শক্তিশালী কৰা হ’ল। পৰিষদৰ সভা সপ্তাহত এবাৰকৈ বহাৰ নিয়ম হ’ল। লৰ্ড কেনিঙে বিভাগ ব্যৱস্থা আৰম্ভ কৰি প্ৰতিজন সদস্যকে একোটা বা ততোধিক বিভাগৰ দায়িত্ব দিয়াৰ নিয়ম কৰিছিল। ফলত প্ৰশাসনিক কাম-কাজ আগতকৈ খৰ্‌তকীয়া হ’ল।

বিধায়িনী পৰিষদ খনো সম্প্ৰসাৰিত কৰা হ’ল। পৰিষদ খন গৱৰ্ণৰ-জেনেৰেলৰ কাৰ্যবাহী পৰিষদৰ সদস্য সকলৰ উপৰিও অতিকমেও ৬ জন আৰু অতি বেছি ১২ জন সদস্যৰে গঠিত কৰাৰ ব্যৱস্থা হ’ল। এই সদস্য সকলৰ ভিতৰত অৰ্ধেক বে-চৰকাৰী সদস্যক লোৱাৰ নিয়ম হৈছিল। সেই সদস্য সকলক গৱৰ্ণৰ-জেনেৰেলে মনোনীত কৰাৰ নিয়ম হ’ল। পাতিয়ালাৰ মহাৰজা, জোৱালিয়ৰ দেৱান চাৰ দিনকৰ ৰাও আৰু বাৰাণসীৰ মহাৰজা গৱৰ্ণৰ জেনেৰেলৰ বিধায়িনী পৰিষদৰ প্ৰথম মনোনীত সদস্য আছিল।

১৮৬১ খ্ৰীষ্টাব্দৰ আইন মতে গঠিত বিধায়িনী পৰিষদৰ কোনো আৰ্থিক ক্ষমতা নাছিল। তাৰ উপৰিও গৱৰ্ণৰ-জেনেৰেল ইয়াৰ ওচৰত দায়বদ্ধও নাছিল। মুঠৰ ওপৰত ই এক পৰামৰ্শদাতা পৰিষদহে আছিল। ভাৰত প্ৰশাসনৰ ক্ষেত্ৰত গৱৰ্ণৰ জেনেৰেলৰ অসীম ক্ষমতা আৰু ব্ৰিটিছ সংসদৰ ওপৰত কোনো মাত মতাৰ অধিকাৰ নথকাতো আন এক উল্লেখযোগ্য দিশ।

প্ৰাদেশিক শাসন:

কোম্পানী চৰকাৰৰ আমোলত গৱৰ্ণৰ জেনেৰেলৰ কাউন্সিলৰৰ দৰে মাদ্ৰাজ আৰু বোম্বাই প্ৰচিডেঞ্চিৰ গৱৰ্ণৰ লগত একোখন কাউন্সিল বা পৰিষদৰ ব্যৱস্থা আছিল। গৱৰ্ণৰ আৰু তিনি জন সদস্যৰে গঠিত

প্ৰাদেশিক শাসন

কোম্পানী চৰকাৰৰ আমোলত গৱৰ্ণৰ জেনেৰেলৰ কাউঞ্চিলৰৰ দৰে মাদ্ৰাজ আৰু বোম্বাই প্ৰেচিডেন্সিৰ গৱৰ্ণৰৰ লগত একোখন কাউন্সিল বা পৰিষদৰ ব্যৱস্থা আছিল। গৱৰ্ণৰ আৰু তিনিজন সদস্যৰে গঠিত গোটৰ হাততে প্ৰশাসনিক ক্ষমতা অৰ্পিত হৈছিল। প্ৰেচিডেন্সি তিনিখনৰ বাহিৰে আন প্ৰদেশবোৰ শাসন কৰিবলৈ গৱৰ্ণৰ জেনেৰেলে লেফটেনেণ্ট গৱৰ্ণৰ বা চীফ কমিচনাৰ একোজনক মনোনীত কৰিছিল। ১৮৬১ খ্ৰীষ্টাব্দৰ আইন মতে প্ৰেচিডেন্সি আৰু নতুন প্ৰদেশবোৰত বিধায়িনী পৰিষদ গঠন কৰাৰ ব্যৱস্থা কৰা হয়। কিন্তু কাৰ্য্যত: তেনেবোৰ বিধায়নী পৰিষদৰ ক্ষমতা একো নাছিল বুলিব পাৰি।

  • ইণ্ডিয়ান কাউন্সিল এক্ট : ১৮৭০ আৰু ১৮৭৪ খ্ৰীষ্টাব্দ :

১৮৭০ আৰু ১৮৭৪ খ্ৰীষ্টাব্দৰ দুখন আইনৰ যোগেদি প্ৰথমতে গৱৰ্ণৰ জেনেৰেলক অধিক ক্ষমতা দিয়া আৰু পিছৰখন আইনমতে গৱৰ্ণৰ জেনেৰেলৰ ষষ্ঠজন সাধাৰণ সদস্যক নিযুক্তি দিয়াৰ নিয়ম হৈছিল। তেনে ষষ্ঠজন সদস্যক গড়কাপ্টানি বিভাগৰ দায়িত্ব দিয়া হৈছিল।

  • ইণ্ডিয়ান কাউন্সিল এক্ট : ১৮৯২ খ্ৰীষ্টাব্দ :

১৮৮৫ খ্ৰীষ্টাব্দত স্থাপিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দাবীৰ পৰিপ্ৰেক্ষিতত ব্ৰিটিছ চৰকাৰে ১৮৯২ খ্ৰীষ্টাব্দত এখন নতুন অধিনিয়ম ঘোষণা কৰিছিল। তাকে ‘ইণ্ডিয়ান কাউন্সিল এক্ট’ বোলা হয়। তাৰ চৰ্তবোৰ এনে ধৰণৰ আছিল –

(১) ইম্পেৰিয়েল অৰ্থাত্‌ কেন্দ্ৰীয় আৰু প্ৰদেশিক বিধান পৰিষদৰ সদস্যৰ সংখ্যা ১২ জনৰ ১৬ জন কৰা হ’ল।

(২) নীতিগতভাৱে নিৰ্বাচন প্ৰথা স্বীকাৰ কৰা হ’ল।

(৩) স্থানীয় নিকায়সমূহ অৰ্থাত্‌ পৌৰসভা আৰু জিলা ব’ৰ্ড, বিশ্ববিদ্যালয়ৰ চিনেট, বণিক সন্থাই কেন্দ্ৰীয় বিধান পৰিষদলৈ চাৰিজন সদস্য আৰু প্ৰেচিডেন্সিৰ বিধান পৰিষদলৈ আঠজনকৈ প্ৰতিনিধি নিৰ্বাচিত কৰাৰ ক্ষমতা পালে।

(৪) কেন্দ্ৰীয় আৰু প্ৰদেশিক বিধান পৰিষদৰ সদস্যক বাজেটৰ ওপৰত আলোচনা আৰু প্ৰশ্ন সোধাৰ অধিকাৰ দিয়া হ’ল।

(৫) ১৮৯২ খ্ৰীষ্টাব্দৰ অধিনিয়মৰ এইখিনি মূল কথাই ভাৰতীয় লোকৰ দাবী পূৰণ কৰিব পৰা নাছিল যদিও পৰৱৰ্তী পৰ্য্যায়ৰ সাংবিধানিক সংস্কাৰৰ বাট মুকলি কৰিছিল। এই অধিনিয়মখন প্ৰকাৰন্তৰে এক সংশোধনী ব্যৱস্থাহে আছিল। গতিকে ই কোনো ব্যাপক সালসলনি আনিব পৰা নাছিল।

  • মৰ্লে মিণ্টো সংস্কাৰ : ১৯০৯ খ্ৰীষ্টাব্দ

১৮৯২ খ্ৰীষ্টাব্দৰ পিছৰপৰা ৰাজনৈতিক বাতাবৰণৰ যথেষ্ট সালসলনি ঘটিছিল। কুৰি শতিকাৰ আৰম্ভণিৰপৰাই ভাৰতীয় জাতীয় আন্দোলনে এক ব্যাপক ৰূপ লৈছিল। লগতে কিছুসংখ্যক আন্দোলনকাৰী চৰমপন্থী হৈ পৰিছিল। এই আন্দোলন বংগদেশ আৰু বোম্বাইত অতি ব্যাপক হৈ পৰিছিল। ১৯০৫ ৰ পৰা ১৯১০ খ্ৰীষ্টাব্দলৈকে ভাৰতৰ ভাইচৰয় লৰ্ড মিণ্টোৱে এনে অৱস্থাত আন্দোলন কিছু শাম কটোৱাৰ উদ্দেশ্যে ভাৰতীয় লোকক কিছুমান বিশেষ সুবিধা দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল। ভাইচৰয়ৰ লগত সেই সময়ৰ ‘চেক্ৰেটাৰী অৱ ষ্টেট ফৰ ইণ্ডিয়া’ জন মৰ্লে জড়িত হৈ পৰে। ফলস্বৰুপে ১৯০৯ খ্ৰীষ্টাব্দত এখন অধিনিয়ম গৃহীত হ’ল।

(১) ১৯০৯ খ্ৰীষ্টাব্দৰ অধিনিয়ম অনুযায়ী কেন্দ্ৰীয় আৰু প্ৰাদেশিক বিধানসভাত সদস্যৰ সংখ্যা বাঢ়িল। গৱৰ্ণৰ জেনেৰেলৰ কাউন্সিলৰ সদস্যৰ সংখ্যা ৬০ জনলৈ বৃদ্ধি কৰা হ’ল। তাৰে ভিতৰত চৰকাৰী সদস্যৰ সংখ্যা ২৮ জনত সীমিত কৰা হৈছিল। গৱৰ্ণৰ জেনেৰেলক ৫ জন বে-চৰকাৰী সদস্য মনোনীত কৰাৰ অধিকাৰ দিয়া হৈছিল। বাকী ২৭ জন সদস্য নিৰ্বাচিত বে-চৰকাৰী সদস্যৰ ব্যৱস্থা হ’ল।

(২) বিধান পৰিষদ গঠনৰ এনে পৰিৱৰ্তনৰ লগতে উচ্চ প্ৰশাসনত ভাৰতীয় লোকক জড়িত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। গতিকে প্ৰতিখন প্ৰভিন্সিয়েল এক্‌জিকিউটিভত একোজন ভাৰতীয়ক লোৱাৰ ব্যৱস্থা হ’ল। চাৰ সত্যেন্দ্ৰপ্ৰসাদ সিংহক ১৯০৯ খ্ৰীষ্টাব্দত প্ৰথম ভাৰতীয় সদস্য হিচাপে গৱৰ্ণৰ জেনেৰেলৰ এক্‌জিকিউটিভত কাউন্সিল বা কাৰ্যবাহী পৰিষদত লোৱা হৈছিল। সেই ধৰণে ইংলেণ্ডৰ চেক্ৰেটাৰী অৱ ষ্টেট কাউন্সিলতো দুজন ভাৰতীয় সদস্যৰ অন্তৰ্ভুক্তিৰ কথাটো মানি লোৱা হৈছিল।

মৰ্লে-মিণ্টো সংস্কাৰ অধিনিয়মৰ মূল ব্যৱস্থা ইমানেই। এই অধিনিয়মৰ ফলত ভাৰতৰ সাংবিধানিক সাল সলনি ঘটিছিল যদিও স্বায়ত্ব শাসনৰ দাবী পূৰণ হোৱা নাছিল। অধিনিয়মমতে গঠিত বিধান পৰিষদবোৰে আইন প্ৰণয়ন আৰু বিত্তীয় ক্ষেত্ৰত কোনো অধিকাৰ পোৱা নাছিল। প্ৰশাসনত বে-চৰকাৰী সদস্যসকলে প্ৰভাৱ বিস্তাৰ কৰাৰ কোনো সুবিধা পোৱা নাছিল। ভাৰত প্ৰশাসনৰ মূল চাবি-কাঠি তেতিয়াও ইংলেণ্ডৰ সংসদৰ হাততে আছিল। সেইকাৰণে প্ৰদেশিক চৰকাৰৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্তৃত্ব শিথিল কৰি দিয়া হোৱা নাছিল। গতিকে মৰ্লে-মিণ্টো সংস্কাৰ ব্যৱস্থাই জাতীয় আন্দোলনৰ দাবী পূৰণ কৰাত ব্যৰ্থ হ’ল; অৰ্থাত্‌ ভাৰতীয় লোকৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত হ’বলৈ তেতিয়াও বহুত বাকী থাকি গ’ল।

  • প্ৰশাসনিক ব্যৱস্থাৰ বিকাশ :

১৮৫৭ খ্ৰীষ্টাব্দৰ বিদ্ৰোহৰ আগৰ কালছোৱাত ইংৰাজ চৰকাৰে এক এৰা-ধৰা মনোভাৱেৰে আৰু হোঁহোকা-পিছলা কৰি থকা নীতিৰে ভাৰতত আধুনিকতাৰ পৰশ দিবলৈ চেষ্টা কৰিছিল। ১৮৫৮ খ্ৰীষ্টাব্দৰ পিছৰপৰা ইংৰাজে পূৰামাত্ৰাই সাম্ৰাজ্যবাদী প্ৰতিক্ৰিয়াশীল নীতি গ্ৰহণ কৰি দেশ শাসন কৰিবলৈ লয়। ফলত দেখা যায় যে ভাৰতৰ অ-সামৰিক আৰু সামৰিক প্ৰশাসনৰ পুনৰগঠন কাৰ্যত ভাৰতীয় লোকক প্ৰণালীবদ্ধভাৱে দিয়া কাৰ্যসূচী ৰূপায়নত ইংৰাজ চৰকাৰ অতি সক্ৰিয় হৈ পৰে। উক্ত কালছোৱাত ইংৰাজে ভাৰতীয় মানুহক সকলো কামৰ বাবে অযোগ্য বুলি মুকলিভাৱে কৈ দেশ প্ৰশাসনৰ নামত এক প্ৰতিক্ৰিয়াশীল নীতি গ্ৰহণ কৰাটো মন কৰিবলগীয়া। ১৮৫৮ খ্ৰীষ্টাব্দৰ পিছৰপৰা এক বিভাজন নীতিৰে দেশ শাসন কৰাটো সুস্পষ্ট হৈ পৰে। দেশীয় ৰাজন্য বৰ্গক সাধাৰণ প্ৰজাৰ বিৰুদ্ধে, এখন প্ৰদেশক আন এখনৰ বিৰুদ্ধে, সম্প্ৰদায়, সামাজিক গোট আৰু সৰ্বোতোপৰি হিন্দু-মুছলমানৰ মাজত বিভেদৰ বীজ সিঁচি ইংৰাজে ভাৰত শাসন কৰা কামত প্ৰণালীবদ্ধভাৱে আগবাঢ়িবলৈ লয়। ১৮৫৭ খ্ৰীষ্টাব্দৰ বিদ্ৰোহৰ সময়ত হিন্দু-মুছলমানৰ যি মিলা-প্ৰীতি গঢ়ি উঠিছিল তাক চতুৰ ইংৰাজ চৰকাৰে ভাঙি দিয়াৰ বাবে সকলো প্ৰচেষ্টা চলাইছিল। বিদ্ৰোহ শাম কটাৰ পিছত ইংৰাজ চৰকাৰে মুছলমানসকলক সকলোপ্ৰকাৰে দমন কৰি, তেওঁলোকৰ সা-সম্পত্তি বাজেয়াপ্ত কৰি এক ভয়াবহ অবিশ্বাস আৰু প্ৰতিশোধৰ বাতাবৰণৰ সৃষ্টি কৰিছিল। আনহাতেদি, হিন্দুসকলৰ প্ৰতি বাহিৰে প্ৰীতিৰ ভাৱ দেখুৱাই এচাম অনুগত ভাৰতীয় লোকৰ সৃষ্টি কৰাৰ কামত ব্ৰতী হৈছিল।অৱশ্যে ইংৰাজে ১৮৭০ খ্ৰীষ্টাব্দৰ পিছৰপৰা মুছলমানসকলৰ উচ্চ আৰু মধ্যবিত্ত শ্ৰেণীক ভাৰতীয় জাতীয় জাগৰণৰ বিৰুদ্ধে উচটাবলৈ লোৱাটোও মন কৰিবলগীয়া। ঠিক তেনেদৰে ধৰ্মীয় ভিত্তিত শিক্ষিত ভাৰতীয়ক চাকৰি দি আন এচাম অনুগত প্ৰজাৰ সৃষ্টি কৰাৰ চেষ্টাও চলাইছিল। ইংৰাজৰ এনে বিভাজন ভিত্তিক শাসননীতিৰ লগতে অৰ্থনৈতিক শোষণ নীতিও চলিছিল। ইংৰাজে ঔপনিৱেশিকত শোষণ নীতিৰে ভাৰতীয় কৃষি, শিল্প, বাণিজ্য সকলোবোৰ পংগু কৰি তুলিছিল। ইংলেণ্ডৰ শিল্পায়নৰ চাহিদা পূৰণ কৰাৰ বাবে ভাৰতপৰা সকলো কেঁচামাল চুঁচি লৈ গৈ ইংলেণ্ডত উত্‌পাদিত সামগ্ৰীৰে ভাৰতৰ বজাৰ ওপচাই পেলাইছিল। ১৮৫৭ খ্ৰীষ্টাব্দৰ বিপ্লবোত্তৰ কালছোৱাত এনেধৰণৰ শোষণ নীতি আৰু কঠোৰভাৱে প্ৰয়োগ কৰা হৈছিল। ১৮৫৮ খ্ৰীষ্টাব্দৰ অধিনিয়ম অনুযায়ী ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক ভাইচৰয় খিতাপ দি তেওঁক ইংলেণ্ডৰ ৰজা আৰু সংসদৰ বেছি কাষ চপাই অনা আৰু অধিক কৰ্তৃত্বাধীন কৰা হৈছিল। আনহাতেদি ‘চেক্ৰেটাৰী অৱ ষ্টেট ফৰ ইণ্ডিয়া’ পদ সৃষ্টি কৰি গৱৰ্ণৰ জেনেৰেলৰ সকলো কাম কাজৰ প্ৰত্যক্ষ তদাৰকি দায়িত্বৰ ব্যৱস্থা কৰা হ’ল। গৱৰ্ণৰ জেনেৰেলক পৰামৰ্শ দিবৰ বাবে এখন পৰিষদৰ ব্যৱস্থা আছিল যদিও কাৰ্যত: গৱৰ্ণৰ জেনেৰেলে ‘চেক্ৰেটাৰী অৱ ষ্টেট ফৰ ইণ্ডিয়া’ বা ভাৰত সচিবৰ নিৰ্দেশ অনুযায়ী মইমতীয়াকৈ ভাৰতৰ দৈনন্দিন প্ৰশাসন চলোৱাৰ ব্যৱস্থাহে হ’ল। ফলত ভাৰতত শাসক আৰু শাসিতৰ মাজত ব্যৱধান ক্ৰমান্বয়ে বঢ়িবলৈ ললে। ১৮৭০ খ্ৰীষ্টাব্দত লণ্ডন আৰু ভাৰতৰ মাজত টেলিগ্ৰাফ যোগাযোগ স্থাপন হোৱাৰ পিছৰপৰা ভাৰত সচিবে ভাৰতৰ প্ৰশাসনৰ দৈনন্দিন কাম কাজত হস্তক্ষেপ কৰাৰ আৰু সুবিধা হ’ল। এনেধৰণে সময়ত ভাৰতত ব্ৰিটিছৰাজ সম্পূৰ্ণ এক অ-ভাৰতীয় যন্ত্ৰলৈ ৰূপান্তৰিত হ’ল। বিদ্ৰোহৰ পিছৰ কালছোৱাত অ-সামৰিক আৰু সামৰিক প্ৰশাসনৰ বেলিকা একমাত্ৰ ইংৰাজ স্বাৰ্থকহে সকলো সময়তে স্বীকৃতি দিবলৈ লোৱাত ভাৰতীয় মানুহৰ আশা, আকাংক্ষা, মতামত সকলো আওকাণ কৰাটো সাধাৰণ কথা হৈ পৰিছিল। মুঠৰ ওপৰত সাম্ৰাজ্যবাদী স্বাৰ্থ অটুট ৰখাৰ প্ৰতিশ্ৰুতিৰে ঊনবিংশ শতাব্দীৰ দ্বিতীয়াৰ্দ্ধত ইংৰাজ চৰকাৰে ভাৰতত প্ৰশাসন নিকপ্‌কপীয়া কৰিছিল।

  • প্ৰান্তীয় প্ৰশাসন :

প্ৰশাসনৰ সুবিধাৰ্থে ইংৰাজে ভাৰত সাম্ৰাজ্যখন কেইখনমান প্ৰদেশত ভাগ কৰি লৈছিল। বংগদেশ, মাদ্ৰাজ আৰু বোম্বাই আৰম্ভণিৰে পৰা ‘প্ৰেচিডেন্সি’ নামেৰে জ্ঞাত আছিল। আনবোৰ প্ৰাদেশিক চৰকাৰৰ তুলনাত প্ৰেচিডেন্সি চৰকাৰৰ ক্ষমতা বেছি আছিল। ১৮৬১ খ্ৰীষ্টাব্দৰ পিছৰপৰা প্ৰাদেশিক বিধান পৰিষদ গঠিত হৈছিল যদিও প্ৰকৃতাৰ্থত সেইবোৰৰ কোনো ক্ষমতা নাছিল। প্ৰাদেশিক চৰকাৰৰ ৰাজহৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্তৃত্ব এক্‌চেতীয়া আছিল। কেন্দ্ৰৰ আবণ্টনৰ ওপৰতে প্ৰাদেশিক চৰকাৰে নিৰ্ভৰ কৰিবলগা হৈছিল। আনহাতেদি, প্ৰাদেশিক ৰাজহ সংগ্ৰহ আৰু ব্যয়ৰ কথাবোৰত কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰাদেশিক চৰকাৰৰ মাজত সততে বিবাদ পৰিলক্ষিত হৈছিল।

  • প্ৰাদেশিক পুঁজি পৃথকীকৰণ :

১৮৭০ খ্ৰীষ্টাব্দত ভাইচৰয় লৰ্ড মেয়োৰ দিনত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় আৰু প্ৰাদেশিক পুঁজি পৃথকীকৰণৰ ব্যৱস্থা লোৱা হয়। প্ৰাদেশিক চৰকাৰে আৰক্ষী, কাৰাগাৰ, শিক্ষা, চিকিত্‌সা সেৱা আৰু পথ-ঘাটৰ বাবে খৰচ কৰিবলৈ কেন্দ্ৰীয় ৰাজহৰ এটি অংশ নিৰ্ধাৰিতভাৱে পোৱাৰ ব্যৱস্থা হ’ল। ১৮৭৭ খ্ৰীষ্টাব্দত লৰ্ড লিটনে প্ৰাদেশিক চৰকাৰে ব্যয় কৰিবপৰা শিতানবোৰ আৰু সম্প্ৰচাৰিত কৰে। সেইমতে ভূমি-ৰাজহ, আৱকাৰী, সাধাৰণ প্ৰশাসন, আইন আৰু বিচাৰ বিভাগত খৰচ কৰাৰ ব্যৱস্থা দিয়া হ’ল। ইয়াৰ বাবে টিকট-মাছুল, আৱকাৰী কৰ আৰু আয়কৰৰ পৰা প্ৰাদেশিক চৰকাৰক ভাগ দিয়াৰ নিয়ম আৰম্ভ হ’ল। ১৮৮২ খ্ৰীষ্টাব্দত ভাইচৰয় লৰ্ড ৰিপণৰ দিনত এই ব্যৱস্থাৰ আৰু সম্প্ৰসাৰণ ঘটোৱা হৈছিল। এইধৰণেই ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্দ্ধত ভাৰতীয় ৰাজহৰ প্ৰশাসনিক বিকাশ ঘটিবলৈ লৈছিল। সময়ত চৰকাৰী ৰাজহৰ সাধাৰণ, প্ৰাদেশিক কেন্দ্ৰ তথা প্ৰাদেশিক চৰকাৰৰ অংশ হিচাপে তিনিটা সুস্পষ্ট ভাগ হ’ল। লগতে প্ৰতি পাঁচ বছৰৰ অন্তৰে অন্তৰে ৰাজহ ব্যৱস্থাৰ পৰ্যালোচনাৰ ব্যৱস্থা কৰা হৈছিল। কেন্দ্ৰীয় আৰু প্ৰাদেশিক এই দুটা ভাগত বিভক্ত কৰা হোৱা সত্বেও পুঁজিৰ বেলিকা ভাৰত চৰকাৰ লণ্ডনত থকা ভাৰতৰ সচিব আৰু ইংলেণ্ডৰ সংসদৰ সম্পূৰ্ণ তলতীয়া হৈ থাকিবলগীয় হৈছিল। গতিকে পুঁজিৰ অভাৱত ভাৰতৰ প্ৰকৃত বিকাশ ব্ৰিটিছ আমোলাত সদায় ব্যাহত হৈছিল।

  • স্থানীয় প্ৰশাসন :

পুঁজিৰ অভাৱ দেখি সময়ত ভাৰত চৰকাৰে মিউনিচিপেলিটি আৰু জিলা বা লোকেল ব’ৰ্ড গঠন কৰি বিকেন্দ্ৰীভূত স্থানীয় প্ৰশাসনৰ ব্যৱস্থা আৰম্ভ কৰে। ব্ৰিটিছ শাসনৰ যুগ আগবঢ়াৰ লগে লগে উদ্যোগ বিপ্লবোত্তৰ যুগৰ ইউৰোপীয় নাগৰিক জীৱনৰ পৰিৱৰ্তনসমূহৰ প্ৰভাৱ ভাৰতীয় জনগণৰ ওপৰতো পৰিবলৈ লয়। অৰ্থনীতি, সাধাৰণ স্বাস্থ্য সেৱা, প্ৰাথমিক শিক্ষা আদি দিশৰ সাল-সলনিৰ মোল ভাৰতীয় মানুহেও ক্ৰমান্বয়ে বুজি উঠিছিল। লগতে পানীযোগান, আলি-পদূলি, হাট-বজাৰ আদিৰ সা-সুবিধা বিচাৰি ভাৰতীয় মানুহে দাবী কৰাত লাগিল। চৰকাৰে ভাৰতীয় লোকৰ এনে দাবীবোৰ উপেক্ষা কৰি চলি থকা টান হ’ব বুলি ভাবি উপায় চিন্তা কৰিবলৈ ললে। এনে কামৰ বাবে পুঁজি লাগে। কিন্তু তাৰ ব্যৱস্থা নাই। গতিকে স্থানীয়ভাৱে কিছু ৰাজহ আদায় কৰি জনকল্যাণমূলক কামবোৰত খৰচ কৰাৰ উপায় উদ্ভাৱন কৰা হ’ল। তাৰ উপৰিও এনেবোৰ জনকল্যাণমূলক কামত যদি কিছু সংখ্যক ভাৰতীয় লোকক জড়িত কৰিব পৰা যায় তেনেহ’লে ব্ৰিটিছ চৰকাৰ শিক্ষিত ভাৰতীয়ৰ মাজত ক্ৰমাগতভাৱে গঢ়ি উঠা ৰাজনৈতিক চেতনাৰ সমস্যাৰপৰা হাতসাৰি থাকিব পাৰিব বুলি ভবা হৈছিল। ১৮৬৪ আৰু ১৮৬৮ খ্ৰীষ্টাব্দত কিছু স্থানীয় পৰিষদ গঠন কৰা হৈছিল যদিও প্ৰকৃতাৰ্থত সেইবোৰ কোনো স্থানীয় শাসনৰ গোট নাছিল। চৰকাৰী মনোনীত সদস্যৰে গঠিত আৰু জিলা দণ্ডাধীশে পৰিচালনা কৰা গোট হে আছিল। ১৮৮২ খ্ৰীষ্টাব্দত ভাইচৰয় লৰ্ড ৰিপনৰ দিনত এই দিশত আৰু এখোপ আগবাঢ়ি যোৱা হ’ল। সেই বছৰতে এক চৰকাৰী প্ৰস্তাৱৰ যোগেদি গাঁও আৰু নগৰসমূহত স্থানীয় প্ৰশাসনৰ বাবে একোখন সভা গঠন কৰাৰ ব্যৱস্থা লোৱা হ’ল। তেনে সভাবোৰৰ সৰহসংখ্যক সদস্য বে-চৰকাৰী হ’ব বুলি কোৱা হৈছিল যদিও মূল প্ৰস্তাৱত এই বুলিও কোৱা হ’ল যে, যেতিয়া আৰু য’ত সম্ভৱ যেন দেখা যায় বে-চৰকাৰী সদস্যসকলক নিৰ্বাচনৰ যোগেদি লোৱা হ’ব। স্থানীয় নিকায়ৰ সভাপতি গৰাকী বে-চৰকাৰী সদস্য এগৰাকীও নিৰ্বাচিত হ’ব পাৰে বুলি কোৱা হৈছিল। এই প্ৰস্তাব কাৰ্যকৰী কৰাৰ বাবে প্ৰদেশিক অধিনিয়মো গ্ৰহণ কৰা হৈছিল। কিন্তু কাৰ্যত: শেষত এই সকলোবোৰ স্থানীয় নিকায় চৰকাৰৰ কৰ্তৃত্বাধীন হৈয়ে থাকিল। কিয়নো বে-চৰকাৰী সদস্যৰ ভোটাধিকাৰ অতি সীমিত আছিল। তাৰ উপৰিও জিলা ব’ৰ্ডৰ সভাপতিজন চৰকাৰী বিষয়াই আছিল। স্থানীয় নিকায়বোৰৰ কাম-কাজত চৰকাৰৰ কঠোৰ দৃষ্টি ৰখা আৰু প্ৰয়োজনবোধে সেইবিলাক বাতিল কৰা নাইবা চেৰাই যোৱাৰ অধিকাৰ চৰকাৰৰ হাতত সম্পূৰ্ণভাৱে দিয়া হৈছিল। গতিকে ক’ব পাৰি যে স্থানীয় নিকায়বোৰ প্ৰকাৰন্তৰে একোটা চৰকাৰী বিভাগতকৈ কোনো গুণে সুকীয়া ধৰনৰ নাছিল। সি যি কি নহওক শিক্ষিত ভাৰতীয়ৰ মাজত যি ৰাজনৈতিক চেতনা জাগিছিল তাক আংশিক পৰিমাণে কামত খটুওৱাৰ বাট লৰ্ড ৰিপণে মুকলি কৰি দিছিল। অদূৰ ভৱিষ্যতত বেছি ফলপ্ৰসূ স্থানীয় স্বায়ত্ব শাসনৰ উপায় ওলাব বুলি ইংৰাজ চৰকাৰৰ যত্‌কিঞ্চিত প্ৰচেষ্টাকে বহুত বুলি ভাবি ভাৰতীয় লোকে নগৰ আৰু গাঁওবোৰৰ বাবে স্থানীয় শাসনৰ নতুন ব্যৱস্থাক গ্ৰহণ কৰিছিল। ভাৰত চৰকাৰে গঢ় দিয়া লোকেল ব’ৰ্ডৰ স্বৰূপটোৰ বহুদিনলৈ বিশেষ সাল-সলনি হোৱা নাছিল। লৰ্ড ৰিপনৰ দিনৰ ব্যৱস্থা ১৯১৫ খ্ৰীষ্টাব্দলৈকে একে ধৰণেই চলিছিল।

  • সামৰিক প্ৰশাসন :

১৮৫৭ খ্ৰীষ্টাব্দৰ বিদ্ৰোহৰ অন্তত ব্ৰিটিছ চৰকাৰে সামৰিক প্ৰশাসনৰ ক্ষেত্ৰত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। প্ৰথম ব্যৱস্থা হিচাপে ইষ্ট-ইণ্ডিয়া কোম্পানীৰ ফৌজ আৰু ৰাজকীয় ফৌজ একত্ৰিত কৰা হ’ল। দ্বিতীয়তে, ভাৰতীয় আৰু গোৰা ফৌজৰ অনুপাত সলনি কৰা হ’ল। তৃতীয়তে, গোলন্দাজ বাহিনী সম্পূৰ্ণৰূপে ইংৰাজৰ অধীনস্থ কৰা হ’ল। চতুৰ্থতে, সকলো প্ৰদেশৰ ঘাই ঠাইবোৰত একোটা সৈনিক ছাউনি গঢ়ি তোলা হ’ল। পঞ্চমতে, বিভিন্ন সম্প্ৰদায় আৰু সকলো অঞ্চলৰ লোকক বাছনি কৰি সৈন্যবাহিনী গঠন কৰা নিয়ম হ’ল। সেই পদ্ধতিৰ মূল উদ্দেশ্য হ’ল যাতে ভাৰতীয় সৈন্য এক মুঠ হ’ব নোৱাৰে। ষষ্ঠতে, ব্ৰিটিছে অযোধ্যা, বিহাৰ আৰু মাদ্ৰাজৰ সৈনিকক কেতিয়াও বিশ্বাসত নোলোৱাটো স্থিৰ হ’ল। চৰকাৰে জাঠ, শিখ, ৰাজপুত, পাঠান, গোৰ্খা আদিক সামৰিক জাতি বুলি স্বীকৃতি দি আন ভাৰতীয় মানুহক অ-সামৰিক শ্ৰেণীভুক্ত কৰিছিল। ১৮৯৩-১৮৯৫ খ্ৰীষ্টাব্দৰ ভিতৰত সৈন্যবাহিনী পুনৰ গঠন কৰি গোটেই ভাৰতৰ বাবে মাথো এজনহে কমাণ্ডাৰ-ইন-চীফ নিয়োগ কৰাৰ নিয়ম কৰা হ’ল। ইয়াৰ আগলৈকে বংগদেশ, মাদ্ৰাজ আৰু বোম্বাইত তিনিটা সুকীয়া গোটৰ সৈন্যবাহিনী আৰু প্ৰতিটো বাহিনীৰ বাবে একোজন কমাণ্ডাৰ-ইন-চীফ নিয়োগ কৰাৰ ব্যৱস্থা হোৱাৰ পিছত বংগদেশ, মাদ্ৰাজ, বোম্বাই আৰু পাঞ্জাৱত আঞ্চলিক গোটৰ সৈন্যবাহিনী গঠন কৰা হৈছিল। প্ৰতিটো গোটৰ বাবে একোজন লেফটেনেণ্ট জেনেৰেল নিয়োগ কৰাৰ ব্যৱস্থা হ’ল। ১৯০৪ খ্ৰীষ্টাব্দত কমাণ্ডাৰ-ইন-চীফ লৰ্ড কিট্‌চেনাৰে ভাৰতৰ সৈন্যবাহিনী আকৌ এবাৰ পুনৰ গঠনৰ কাম সম্পন্ন কৰে। সেই সময়তে গৱৰ্ণৰ জেনেৰেলৰ এক্‌জিকিউটিভ কাউন্সিলত কমাণ্ডাৰ-ইন-চীফৰ উপৰিও আৰু এজন সামৰিক সদস্য থকাৰ প্ৰশ্নটো লৈ লৰ্ড কিট্‌চেনাৰ আৰু গৱৰ্ণৰ জেনেৰেল লৰ্ড কাৰ্জনৰ মাজৰ বিৰোধ এক উল্লেখযোগ্য ঘটনা।

  • লোকসেৱা :

ইংৰাজ চৰকাৰে ভাৰতৰ গুৰুত্বপূৰ্ণ প্ৰশাসনিক কাম কাজত ভাৰতীয় মানুহক নিয়োগ কৰাত সততে অৱহেলা দেখুৱাইছিল। ১৮৫৮ খ্ৰীষ্টাব্দৰ আগতে উচ্চ পৰ্যায়ৰ অ-সামৰিক সেৱাত কোনো ভাৰতীয় লোকক মকৰল কৰা নহৈছিল। ইষ্ট-ইণ্ডিয়া কোম্পানীৰ ডিৰেক্টৰসকল নাইবা ব’ৰ্ড অৱ কণ্ট্ৰলৰ সদস্যসকলে নিজৰ নিজৰ মানুহ মনোনীত কৰি ইংলেণ্ডতে দুবছৰ প্ৰশিক্ষণ দি ভাৰতৰ প্ৰশাসনিক কামৰ বাবে ইংৰাজ লোক পঠাইছিল। ১৮৩৩ খ্ৰীষ্টাব্দৰ চনদত ভাৰতীয় লোকক কোম্পানীৰ চাকৰিত মকৰল কৰাৰ কোনো প্ৰতিবন্ধকতা নাই বুলি কোৱা হৈছিল যদিও কাৰ্যত: ইয়াৰ বিপৰীত ব্যৱস্থাহে চলিছিল। ১৮৫৩ খ্ৰীষ্টাব্দৰ চনদমতে প্ৰতিযোগিতামূলক পৰীক্ষা ব্যৱস্থাৰে অ-সামৰিক লোকসেৱাৰ বাবে মানুহ বাছি উলিওৱাৰ ব্যৱস্থা কৰা হ’ল। কিন্তু তেনে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ যিখিনি অৰ্হতা নাইবা প্ৰস্তুতি লাগে তেনে কোনো সা-সুবিধা ভাৰতীয় শিক্ষিত যুৱকৰ বাবে নাছিল। ব্যয়বহুল অধ্যয়ন আৰু পৰীক্ষাত বহিবলৈ সুদূৰ লণ্ডন যাত্ৰা ভাৰতীয়ৰ বাবে এক অলংঘনীয় প্ৰতিবন্ধকতা হৈ পৰিছিল। চিভিল চাৰ্ভিছ পৰীক্ষাত বহিবৰ বাবে ১৮৫৯ খ্ৰীষ্টাব্দত বয়সৰ উচ্চসীমা ধাৰ্য কৰা হৈছিল ২৩ বছৰ। ১৮৭৮ খ্ৰীষ্টাব্দত সেই বয়সৰ সীমা কমাই ১৯ বছৰ কৰা হ’ল। ইংৰাজৰ এনেবোৰ কথাৰ মূলতে আছিল যাতে কোনো ভাৰতীয় যুৱকে চিভিল চাৰ্ভিছ অৰ্থাত্‌ অ-সামৰিক সেৱাৰ পৰীক্ষাত বহাৰ সুযোগ নাপায়। ইংৰাজ চৰকাৰৰ এই সিদ্ধান্তই বহুতো শিক্ষিত ভাৰতীয় যুৱকক বিক্ষুদ্ধ কৰিলে। আৰক্ষী, গড়কাপ্তানি, চিকিত্‌সা, বন, ডাক-তাঁৰ, অভিযান্ত্ৰিক, সীমা শুল্ক আৰু ৰেল বিভাগত উচ্চ পৰ্য্যায়ৰ কোনো চাকৰিতে ভাৰতীয় লোকক নিয়োগ নকৰাতো ইংৰাজ চৰকাৰৰ সাধাৰণ নীতি আছিল। এনে এক প্ৰতিবন্ধকতাপূৰ্ণ পৰিবেশৰ মাজতে ১৮৬৩ খ্ৰীষ্টাব্দত সত্যেন্দ্ৰনাথ ঠাকুৰে প্ৰথম ভাৰতীয় চিভিলিয়ান হিচাপে যোগদান কৰাৰ যোগ্যতা লাভ কৰিছিল। ইয়াৰ পিছত ১৮৬৯ খ্ৰীষ্টাব্দত সুৰেন্দ্ৰনাথ বন্দোপধ্যায়, ৰমেশচন্দ্ৰ দত্ত আৰু বিহাৰীলাল গুপ্ত ইণ্ডিয়ান চিভিল চাৰ্ভিছ পৰীক্ষাত উত্তিৰ্ণ হৈছিল। ১৮৭০ খ্ৰীষ্টাব্দত সাতজন ভাৰতীয় প্ৰতিযোগীৰ ভিতৰত এজনেহে চিভিল চাৰ্ভিছ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। সেই বছৰতে ইংলেণ্ডৰ সংসদে এখন অধিনিয়ম প্ৰস্তুত কৰি চিভিল চাৰ্ভিছ পৰীক্ষাৰ যোগেদি নিৰ্বাচিত ভাৰতীয় লোকক পৰাপক্ষত কাৰ্যপালক হিচাপে নিয়োগ নকৰি বিচাৰ বিভাগৰ চাকৰিত নিয়োগ কৰাৰ সিদ্ধান্ত লৈছিল। ১৮৭৯ খ্ৰীষ্টাব্দত ভাৰতীয় লোকৰ বাবে সাংবিধানিক অ-সামৰিক সেৱা পদৰ ব্যৱস্থা কৰা হৈছিল। পৰীক্ষাৰে বাছনি কৰাৰ সলনি গৱৰ্ণৰ জেনেৰেল আৰু কাউন্সিলৰ মনোনয়নৰ যোগেদি এই শ্ৰেণী লোকসেৱা পদৰ নিয়োগ ব্যৱস্থা কৰা হৈছিল। এনে শ্ৰেণীৰ নিয়োগৰ সংখ্যা প্ৰতি বছৰে হ’ব লগা সৰ্বমুঠ নিয়োগৰ সংখ্যাৰ এক ষষ্ঠাংশত সীমাবদ্ধ কৰা হৈছিল। তাৰ উপৰিও মনোনয়নৰ ক্ষেত্ৰত অৰ্হতাতকৈ আনুগত্যতহে বেছি গুৰুত্ব দিয়া হ’ল। গতিকে ইয়াক এক সন্তোষজনক ব্যৱস্থা বুলিব নোৱাৰি। ভাৰতীয় প্ৰশাসনৰ বাবে থকা লোকসেৱাৰ এনে বৈষম্য নীতিৰ প্ৰতি ক্ৰমান্বয়ে প্ৰতিবাদ বাঢ়িল। ১৮৮৫ খ্ৰীষ্টাব্দৰ কংগ্ৰেছ অধিৱেশনত এই বিষয়ে বাৰুকৈয়ে আলোচনা হৈছিল। লগতে আৰু এক নতুন দাবী উঠিল যে লণ্ডন আৰু ভাৰতত একেলগে চিভিল চাৰ্ভিছ পৰীক্ষা পতাৰ ব্যৱস্থা হ’ব লাগে। ১৮৮৬ খ্ৰীষ্টাব্দত গৱৰ্ণৰ জেনেৰেল লৰ্ড ডাফৰিণে ভাৰতীয়সকলৰ দাবী বিচাৰ কৰি চোৱাৰ ব্যৱস্থা লয়। কিন্তু ভাৰতত চিভিল চাৰ্ভিছ পৰীক্ষা পতাৰ দাবী অগ্ৰাহ্য কৰা হ’ল। লগতে ইতিমধ্যে চলি থকা সাংবিধানিক অ-সামৰিক সেৱা পদবী বিলোপ কৰাৰো পৰামৰ্শ দিয়া হৈছিল। সাম্ৰাজ্যবাদী চৰকাৰে এইধৰণে ভাৰতীয় লোকৰ যুক্তিসংগত দাবীৰ প্ৰতি আওকাণ কৰিছিল। আন এটি পৰামৰ্শৰ যোগেদি ভাৰতীয় লোকসেৱাক তিনিটা শ্ৰেণীভুক্ত কৰাৰ কথা কোৱা হ’ল। ‘ইণ্ডিয়ান চিভিল চাৰ্ভিছ’, ‘প্ৰভিন্সিয়েল চিভিল চাৰ্ভিছ’ আৰু ‘চাবৰদিনেট চিভিল চাৰ্ভিছ’ এই তিনি শ্ৰেণীৰ লোকসেৱা গঠন কৰাৰ পৰামৰ্শ দিয়া হয়। প্ৰথমবিধত একমাত্ৰ ইংৰাজ লোককহে নিয়োগ কৰাতো সিদ্ধান্ত হিচাপে লোৱা হৈছিল। ১৮৯৩ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ কমন্স সভাৰ এক প্ৰস্তাৱযোগে ভাৰতত চিভিল চাৰ্ভিছ পৰীক্ষা পতাৰ কথা কোৱা হৈছিল যদিও গৱৰ্ণৰ জেনেৰেল লেন্সডাউনৰ প্ৰতিবন্ধকতাত সি কাৰ্যকৰী হৈ নুঠিল। ইণ্ডিয়ান চিভিল চাৰ্ভিছৰ বিষয়াসকলৰ ভিতৰত বহু গুণী-জ্ঞানী ব্যক্তি আছিল যদিও তেওঁলোকৰ আনুগত্য সদায় লণ্ডনত থকা ভাৰত সচিবৰ প্ৰতিহে আছিল। গতিকে তেওঁলোকে ভাৰতৰ মতামত উপেক্ষা কৰি চলা এক সাধাৰণ কথা হৈ পৰিছিল। তেওঁলোকক আঁতৰোৱাটো মুঠেই সম্ভৱ নাছিল। আনহাতেদি প্ৰশাসনৰ মূল চাবি-কাঠি সদায়ে তেনে বিষয়াৰ হাতত দিয়া হৈছিল। বহু সময়ত তেওঁলোকৰ আচৰণবিধিও ভাৰতীয় লোকৰ প্ৰতি দায়িত্বহীন আছিল। লোকসেৱাৰ এনে ক্ৰুটি-বিচ্যুটি আঁতৰাবলৈ ভাৰতীয় জাতীয় আন্দোলনৰ নেতাসকলে সততে মাত মাতিব লগা হৈছিল। ভাৰতীয় লোকসেৱাত অধিক সংখ্যক ভাৰতীয় লোকক মকৰল কৰাৰ ক্ৰমবৰ্দ্ধমান দাবীৰ পৰিপ্ৰেক্ষিতত ১৯১২ খ্ৰীষ্টাব্দৰ চেপ্তেম্বৰ মাহত লৰ্ড ইসলিংটনৰ নেতৃত্বত ‘ৰয়েল কমিচন অন পাব্লিক চাৰ্ভিছ’ নিয়োগ গঠন কৰা হৈছিল। সেই কমিচনত ভাৰতীয় সদস্য হিচাপে গোপালকৃষ্ণ গোখ্‌লে আৰু চাৰ আব্দুৰ্‌ ৰহিমক লোৱা হৈছিল।

  • বন্ধুভাবাপন্ন দেশীয় ৰাজ্যৰ লগত সম্পৰ্ক :

সাতাৱন্ন চনৰ মহাবিদ্ৰোহৰ আগলৈকে ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰৰ নীতি আছিল দেশীয় ৰাজ্যক প্ৰণালীৱদ্ধভাৱে গ্ৰাস কৰা। বিদ্ৰোহৰ অন্তত মহাৰাণী ভিক্টোৰিয়াৰ ঘোষণা পত্ৰৰ চৰ্তই সেই নীতিৰ সলনি ঘটালে। বিদ্ৰোহৰ বিপৰ্যয়ত বিধ্বস্ত হোৱা ব্ৰিটিছক উদ্ধাৰৰ হকে সহায় কৰিবলৈ বহু দেশীয় ৰাজ্য আগবাঢ়ি আহিছিল। ভাৰতৰ বহু সংখ্যক দেশীয় ৰাজ্যৰ তেনে ভূমিকা মন কৰিবলগীয়া। গতিকে ব্ৰিটিছ চৰকাৰে ভৱিষ্যতে তেনে সম্ভাব্য প্ৰয়োজনীয়তাৰ কথা ভাবি দেশীয় ৰাজ্যবোৰৰ লগত সদ্ভাৱ গঢ়ি তোলা নীতি গ্ৰহণ কৰিলে। ব্ৰিটিছ চৰকাৰে স্পষ্টভাৱে বুজি পাইছিল যে ভাৰতত এখন শক্তিশালী সাম্ৰাজ্য গঠনৰ হকে দেশীয় ৰাজ্যৰ লগত বন্ধুত্ব অপৰিহাৰ্য। মহাবিদ্ৰোহৰ আগলৈকে কিছুমান দেশীয় ৰাজ্য স্বাধীন আৰু কিছুমান ব্ৰিটিছৰ অধীনস্থ আছিল। ১৮৫৮ খ্ৰীষ্টাব্দত এই কথাৰ সম্পূৰ্ণ সাল-সলনি হ’ল। ব্ৰিটিছ চৰকাৰে এহাতেদি ভৱিষ্যতে আৰু কোনো দেশীয় ৰাজ্য জয় নকৰাৰ প্ৰতিশ্ৰুতি দিলে আৰু আনহাতেদি দেশীয় ৰাজ্যবোৰ সম্পূৰ্ণভাৱে ব্ৰিটিছৰ অধীনস্থ কৰা হ’ল। ভাইচৰয় লৰ্ড কেনিঙে ১৮৬২ খ্ৰীষ্টাব্দত ঘোষণা কৰিছিল যে মহাৰাণী ভিক্টোৰিয়া সমগ্ৰ ভাৰতৰ একচত্ৰী অধিপতি। ইয়াৰ পিছত ১৮৭৭ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ মহাৰাণী ভিক্টোৰিয়াক ‘ভাৰত সম্ৰাজ্ঞী’ বুলি ঘোষণা কৰা হয়। ফলত সমগ্ৰ ভাৰতজুৰি মহাৰাণীৰ সাৰ্বভৌমত্ব প্ৰতিপন্ন হ’ল। তেতিয়াৰপৰা দেশীয় ৰাজ্যবোৰৰ অধিপতিসকল পূৰ্বৰ মিত্ৰ মৰ্য্যাদা হেৰুৱাই ব্ৰিটিছ সম্ৰাজ্ঞীৰ অধীনস্থ প্ৰজা বা সামন্তত পৰিণত হ’ল। ব্ৰিটিছ চৰকাৰে দেশীয় ৰাজ্যবোৰক সকলো ধৰণৰ বৈদেশিক আৰু আভ্যন্তৰীণ বিপদ-আপদৰ সময়ত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু লগতে দেশীয় ৰাজ্যবোৰৰ ওপৰত নিয়ন্ত্ৰণৰ সকলো ব্যৱস্থা লয়। দেশীয় ৰাজ্যবোৰৰ সিংহাসনৰ উত্তৰাধিকাৰী মনোনয়ন, সেনা বাহিনী আৰু উচ্চপদস্থ কৰ্মচাৰীৰ নিযুক্তি, ৰাজন্যবৰ্গৰ বিদেশ যাত্ৰা, আভ্যন্তৰীণ শাসন ব্যৱস্থা আদি সকলোবোৰ গুৰুত্বপূৰ্ণ কামৰ ওপৰত ব্ৰিটিছ চৰকাৰৰ প্ৰভুত্ব স্থাপিত হ’ল। ইয়াৰ ফলত দেশীয় ৰাজ্যবোৰে নিজৰ গুৰুত্বপূৰ্ণ ক্ষমতা হেৰুৱাই ব্ৰিটিছৰ অধীনস্থ হৈ পৰিল। দেশীয় ৰাজ্যবোৰে নিজৰ স্বাধীনতা হেৰুৱায় যদিও ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত নোহোৱাকৈ ৰৈ গ’ল। বৈদেশিক আক্ৰমণ, প্ৰজা বিদ্ৰোহ আদি সমস্যাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ সাহায্য পোৱাৰ আশাত দেশীয় ৰাজন্যবৰ্গই তেওঁলোকৰ এনে স্থিতি সাদৰেৰে গ্ৰহণ কৰে। পিছলৈ দেশীয় ৰাজন্যবৰ্গই বিভিন্ন সময়ত হোৱা প্ৰজা বিদ্ৰোহ আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বেলিকা ব্ৰিটিছৰ মিত্ৰৰূপে থাকি এক সুকীয়া ভূমিকা লৈছিল। সেই হেতুকে ঐতিহাসিক পি. ই. ৰবাৰ্টছে দেশীয় ৰাজ্যবোৰক ব্ৰিটিছ সাম্ৰাজ্যৰ ‘ৰক্ষা প্ৰাচীৰ’ বুলি আখ্যা দি গৈছে। মহাত্মা গান্ধীয়েও দেশীয় ৰাজন্যবৰ্গক ‘ভাৰতীয় পোচাক পিন্ধা ব্ৰিটিছ ৰাজ কৰ্মচাৰী’ বুলি কৈছিল। মুঠৰ ওপৰত মহাবিদ্ৰোহৰ পৰৱৰ্তী কালছোৱাত ব্ৰিটিছ সাম্ৰাজ্যবাদী চৰকাৰে পাকে-প্ৰকাৰে সকলো শ্ৰেণীৰ ভাৰতীয়ক অধীনস্থ জাতি এটালৈ পৰিৱৰ্তিত কৰাৰ সকলো প্ৰচেষ্টা চলায়। সৰু-বৰ অসংখ্য দেশীয় ৰজাক হাত কৰি ইংৰাজে সাম্ৰাজ্যবাদী স্বাৰ্থ পূৰণ কৰাৰ ব্যৱস্থা লয়।

  • শিক্ষিত ভাৰতীয়ৰ প্ৰতি বিৰূপভাৱ :

মহাৰাণী ভিক্টোৰিয়াৰ ঘোষণা পত্ৰত ভাৰতীয় আৰু ইউৰোপীয় লোকৰ প্ৰতি একে আচৰণ আৰু সমানাধিকাৰৰ কথা কোৱা হৈছিল। কিন্তু প্ৰকৃত কাৰ্যক্ষেত্ৰত সেই প্ৰতিশ্ৰুতি পালন নোহোৱাকৈ ৰ’ল। বৰঞ্চ ভাৰতীয় লোকক নানান দুৰ্ব্যৱহাৰ কৰা আৰু ঘৃণা দেখুওৱাৰ উদহৰণ পোৱা গ’ল। ঘোষণা পত্ৰত চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সমানাধিকাৰৰ কথা কোৱা হৈছিল। অথচ উচ্চপদস্থ চৰকাৰী চাকৰিৰ বেলিকা উপযুক্ত ভাৰতীয় লোক বঞ্চিত হৈয়ে ৰ’ল। সাম্ৰাজ্যবাদী চৰকাৰে ভাৰতত ব্ৰিটিছ আধিপত্য অটুট ৰখাৰ হকে চৰকাৰী সকলো বিভাগতে সকলোবোৰ গুৰুত্বপূৰ্ণ পদবীত ইংৰাজ লোককহে মকৰল কৰাৰ নীতি কাৰ্যকৰী কৰা দেখা গ’ল। উচ্চ দৰমহাৰ সকলো চাকৰি ইংৰাজ লোকৰ একচেতীয়া অধিকাৰস্বৰূপ হ’ল। প্ৰতিযোগিতামূলক পৰীক্ষাত যোগ্য ভাৰতীয় যুৱকে অৱতীৰ্ণ হোৱাটো প্ৰতিবন্ধকতাৰ সৃষ্টি কৰা হ’ল। সাতাৱন্ন চনৰ বিদ্ৰোহৰ সময়ত ইংৰাজী শিক্ষাৰে শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ ভাৰতীয় লোক সংগ্ৰামৰ পৰা আঁতৰি আছিল। ইংৰাজ চৰকাৰে এই কথা মন নকৰাকৈ থকা নাছিল। আনহাতেদি ভাৰতত ইংৰাজ আধিপত্যই পূৰ্ণতা প্ৰাপ্তি লাভ কৰাৰ পিছৰ পৰা শিল্প-বাণিজ্য অনগ্ৰসৰ হৈ পৰে। ইংৰাজী শিক্ষাৰে শিক্ষিত ভাৰতীয় যুৱকৰ বাবে চৰকাৰী চাকৰিৰ বাহিৰে সংস্থানৰ উপায় নোহোৱা হ’ল। চৰকাৰী চাকৰিৰ বেলিকাও ব্ৰিটিছে সাম্প্ৰদায়িকতা আৰু আঞ্চলিকতাবাদৰ বিদ্বেষ জগাই তুলিবলৈ ল’লে। ধৰ্ম, সম্প্ৰদায়, জাতি-গোষ্ঠী আদিৰ বিভেদৰ বীজ ভাৰতীয় সমাজত সিঁচি দিয়া হ’ল। চৰকাৰৰ সকলো কাৰ্য-কলাপতে সাম্ৰাজ্যবাদী শাসন-শোষণ নীতি ফুটি উঠিছিল। শিক্ষিত ভাৰতীয়সকলে ব্ৰিটিছৰ এনে অভিসন্ধিবোৰ লাহে লাহে বুজি পালে। ইংৰাজ চৰকাৰৰ বৈষম্যমূলক আচৰণৰ সংশোধনৰ দাবী উঠিল। শিক্ষিত ভাৰতীয়ৰ দাবী নায্য হোৱা স্বত্বেও ইংৰাজ শাসকগোষ্ঠীয়ে তেনে দাবীক আওকাণ কৰি দেখুৱালে। সাম্ৰাজ্যবাদী চৰকাৰে দেখ দেখকৈ শিক্ষিত ভাৰতীয়ৰ প্ৰতি বিৰূপ মনোভাৱ দেখুৱাবলৈ ল’লে। ফলত শিক্ষিত লোকসকল বিক্ষুদ্ধ হোৱাটো অৱশ্যম্ভাৱী হৈ পৰিল।

  • জমিদাৰ শ্ৰেণীৰ প্ৰতি মনোভাৱ :

শিক্ষিত ভাৰতীয় লোকৰ প্ৰতি ব্ৰিটিছ চৰকাৰে বিৰূপ ভাৱ দেখুৱাই সাম্ৰাজ্যবাদী স্বাৰ্থত আন এক ভূস্বামী গোষ্ঠীৰ লগত বন্ধুত্ব স্থাপন কৰা কামত লাগিল। সেই ভূস্বামী গোষ্ঠীৰ ভিতৰত দেশীয় ৰজা-মহাৰজা, জমিদাৰ, তালুকদাৰ শ্ৰেণীৰ লোকসকল আছিল। ইংৰাজে নিজ স্বাৰ্থত পদচ্যুত জমিদাৰ আৰু তালুকদাৰসকলৰ বহুতৰে মাটি-ভেটি ঘূৰাই দিছিল। তাৰ উপৰিও তেনে লোকক ভাৰতীয় সমাজৰ নেতৃত্ব বহনৰ স্বীকৃতি দিছিল। ভাৰতীয় শিক্ষিত লোকৰ বিপৰীতে এক ভূস্বামী গোষ্ঠীক ইংৰাজ চৰকাৰে দিয়া স্বীকৃতি অন্য এক প্ৰত্যাহ্বান হৈ পৰে। জমিদাৰ শ্ৰেণীৰ লোকে এইটো বঢ়িয়াকৈ বুজিছিল যে ইংৰাজৰ প্ৰভূত্ব বেছি শক্তিশালী হোৱা মানেই তেওঁলোক অধিক সুৰক্ষিত। গতিকে তেওঁলোকে সাম্ৰাজ্যবাদী শক্তিৰ বহতীয়া হ’বলৈ কুণ্ঠাবোধ কৰা নাছিল। তেনে শ্ৰেণীৰ লোকৰ আনুগত্যই ইংৰাজ চৰকাৰক শাসন-শোষণৰ বাবে সততে সহায় কৰিছিল।

  • সমাজ সংস্কাৰৰ প্ৰতি মনোভাৱ :

ৰাজনৈতিক প্ৰভূত্ব স্থাপন হোৱাৰ লগে লগে ইংৰাজ শাসকসকলে ভাৰতীয় জনজীৱনৰ বহু কথাতে হস্তক্ষেপ কৰিবলৈ ধৰিলে। আনহাতেদি ইংৰাজী শিক্ষাৰ বিস্তাৰে ভাৰতীয় মানুহৰ সমাজ আৰু ধৰ্মত প্ৰভাৱ পেলোৱা দেখা গ’ল। পৰম্পৰাগত সমাজ আৰু ধৰ্মীয় আচৰণ বিধিত প্ৰত্যক্ষ বা পৰোক্ষভাৱে ইংৰাজ চৰকাৰে হাত দিয়া বুলি প্ৰতিবাদ উঠিল। সাতাৱন্ন চনৰ বিদ্ৰোহৰ কাৰণবোৰৰ ভিতৰত সামাজিক আৰু ধৰ্মীয় কথাত ইংৰাজৰ উদ্দেশ্য প্ৰণোদিত হস্তক্ষেপৰ প্ৰশ্নও আছিল বুলি ধৰা হয়। গতিকে বিদ্ৰোহৰ অন্তত ভাৰতীয় মানুহৰ সমাজ আৰু ধৰ্মীয় জীৱনত এক নিৰপেক্ষ ভূমিকা বা এক উদাসীন নীতি চৰকাৰে গ্ৰহণ কৰাৰ কথা ঘোসিত হৈছিল। কিন্তু প্ৰকৃতাৰ্থত সেই নীতিৰ পৰা ফালৰি কাটি যোৱা দেখা গ’ল। সাম্ৰাজ্যবাদী স্বাৰ্থৰ হকে ব্ৰিটিছ ৰাজশক্তিয়ে ভাৰতবাসীৰ মাজত জাতিভেদ আৰু সাম্প্ৰদায়ীকতা জগাই তোলাত বহুত ইন্ধন যোগাইছিল। ভাৰতত প্ৰকৃত সমাজ সংস্কাৰৰ প্ৰতি বিদেশী চৰকাৰে কোনো আগ্ৰহ দেখুওৱা নাছিল। ঐতিহাসিক ড° আৰ. চি. মজুমদাৰৰ মতে মহাৰাণী ভিক্টোৰিয়াৰ শাসনকাল, ‘প্ৰতিশ্ৰুতি ভংগৰ অধ্যায়’ বুলিহে গণ্য কৰিব লাগে। প্ৰতিশ্ৰুতি ভংৰ ফলস্বৰূপে ক্ৰমাগতভাৱে ইংৰাজ শাসনৰ প্ৰতি ভাৰতীয় মানুহৰ মনত ক্ষোভ, হতাশা আৰু ঘৃণাৰ ভাৱ জাগি উঠিল। তেনেবোৰ কথাই সময়ত ভাৰতীয় জাতীয়তাবাদী চেতনাক সবল কৰি তোলে।

  • সামাজিক সেৱাৰ অনগ্ৰসৰতা :

ঊনবিংশ শতিকাত ইউৰোপত শিক্ষা, পৰিষ্কাৰ-পৰিচ্ছনতা, জনস্বাস্থ্য, পানীযোগান, আলি-পদূলি আদি নিৰ্মাণ কাৰ্যই যথেষ্ট অগ্ৰাধিকাৰ পাইছিল। অথচ ব্ৰিটিছ চৰকাৰে নিজ সাম্ৰাজ্যৰ অন্তৰ্গত ভাৰতত তেনে জনসেৱাৰ কামত মুঠেই আগ্ৰহ দেখুওৱা নাছিল। ফলত আমাৰ দেশত বিৰাট সামাজিক অনগ্ৰসৰতাই বিৰাজ কৰিছিল। চৰকাৰে সংগৃহীত ধনৰ সৰহভাগ সৈন্যবল বঢ়োৱা আৰু যুদ্ধ-বিগ্ৰহত খটুৱাইছিল। তাৰ উপৰিও অ-সামৰিক প্ৰশাসনতো যথেষ্ট খৰচ কৰিছিল। উদাহৰণস্বৰূপে ১৮৮৬ খ্ৰীষ্টাব্দত সৰ্বমুঠ সংগৃহীত ৰাজহ আছিল ৪৭ কোটি টকা। কিন্তু ভাৰত চৰকাৰে তাৰে ১৯.৪১ কোটি টকা সেনাবাহিনীৰ বাবে আৰু ১৭ কোটি টকা অ-সামৰিক প্ৰশাসনৰ বাবে খৰচ কৰে। শিক্ষা, চিকিত্‌সা, ঔষধ-পাতি আৰু জনস্বাস্থ্যৰ ক্ষেত্ৰত ব্যয় নিৰ্দ্ধাৰণ ৬৫ লাখ টকাতে সীমাবদ্ধ আছিল। জনকল্যাণমূলক যি সামান্য কাম-কাজ হৈছিল সেয়া নগৰ অঞ্চলতে আৱদ্ধ আছিল। মুস্তিমেয় ইংৰাজ লোক আৰু উচ্চ শ্ৰেণীৰ ভাৰতীয় লোকেই তেনে সা-সুবিধাবোৰ উপভোগ কৰিছিল। বিশাল ভাৰতৰ গ্ৰাম্যাঞ্চলৰ ৰাইজে আধুনিক সা-সুবিধাৰ পৰা বঞ্চিত হৈ জীৱন কটাইছিল।

  • শ্ৰমিক আইন ব্যৱস্থা :

শিল্প বিপ্লৱৰ ফলশ্ৰুতি হিচাপে ভাৰততো কল-কাৰখানা গঢ়ি উঠিছিল। তেনে আধুনিক কল-কাৰখানাবোৰত শ্ৰমিকৰ অৱস্থা অতি শোচনীয় আছিল। ইংৰাজ আমোলত গঢ় লৈ উঠা কল-কাৰখানাত পুৰুষ, মহিলা, শিশু শ্ৰমিকে দিনে ১২ৰ পৰা ১৬ ঘণ্টা পৰ্যন্ত কাম কৰিবলগা হৈছিল। কিন্তু সেই অনুপাতে মজুৰী অতি কম আছিল। মাহেকত ৪ টকাৰ পৰা ২০ টকা পৰ্যন্তহে মুঠ মজুৰী পাইছিল। কাৰখানাত সাপ্তাহিক বন্ধ বুলি কোনো কথাই নাছিল। কল-কাৰখানাবোৰত বিৰাজ কৰি থকা এক ভয়ানক অ-স্বাস্থ্যকৰ পৰিবেশৰ উপৰিও সঘনাই দুৰ্ঘটনা ঘটিছিল। অথচ ইংৰাজ চৰকাৰে তেনেবোৰ কথালৈ মুঠেই চকু দিয়া নাছিল। সস্তীয়া শ্ৰমিকেৰে কল-কাৰখানাত উত্‌পাদন চলি থকাত ইংলেণ্ডৰ উদ্যোগপতিসকলে প্ৰমাদ গণিবলৈ ধৰিলে। তেওঁলোকৰ কথা হ’ল ভাৰতত যদি কম খৰচতে প্ৰয়োজনীয় সামগ্ৰীবোৰ উত্‌পাদন কৰিবলৈ এৰি দিয়া হয় তেনেহলে ব্ৰিটেইনৰ উত্‌পাদিত সামগ্ৰীৰ বজাৰ নাইকিয়া হ’ব। গতিকে তেওঁলোকে চৰকাৰক হেঁচা দিবলৈ ধৰিলে যাতে এনে অৱস্থাত ভাৰতত কল-কাৰখানাবোৰ চলি থাকিবলৈ দিয়া নহয়। সেইবোৰ নিয়ন্ত্ৰণ কৰিব লাগে। উপৰোক্ত পৰিস্থিতিতে ১৮৮১ খ্ৰীষ্টাব্দত প্ৰথম ‘ইণ্ডিয়ান ফেক্টৰি এক্ট’ প্ৰণয়ন হ’ল। এই আইনৰ মূল কথা আছিল শিশু শ্ৰমিকক নিয়ন্ত্ৰণ কৰা। এই আইনমতে ৭ৰ পৰা ১২ বছৰ বয়সৰ ল’ৰা-ছোৱালীয়ে দিনে ৯ ঘণ্টাতকৈ অধিক সময় কাৰখানাত কাম কৰাত বাধা আৰোপিত হ’ল। তাৰ উপৰিও মাহেকত ৪ দিন ছুটী পোৱাৰ ব্যৱস্থা হ’ল। এই আইনৰ ধাৰা মতে বিপদজনক যন্ত্ৰ-পাতি বেঢ়ি থোৱাৰ নিৰ্দেশ জাৰি হ’ল। ১৮৯১ খ্ৰীষ্টাব্দত দ্বিতীয়খন ‘ইণ্ডিয়ান ফেক্টৰি আইন’ প্ৰণয়ন কৰা হয়। এই আইনমতে মহিলাই দিনে ১১ ঘণ্টা আৰু শিশু শ্ৰমিকে ৭ ঘণ্টাৰ বেছি কাম কৰিব নোৱাৰাৰ বাধা-নিষেধ আৰোপ কৰা হ’ল। কিন্তু পুৰুষ শ্ৰমিকৰ কামৰ সময়ৰ কোনো সাল সলনি নহ’ল। কিন্তু উপৰোক্ত দুয়োখন আইন ব্ৰিটিছৰ মালিকনাধীন চাহ আৰু কফি বাগিচাত প্ৰযোজ্য নাছিল। বৰঞ্চ চৰকাৰে তেনে চাহ আৰু কফি বাগিচাৰ মালিকক সকলো ধৰণৰ সা-সুবিধা দিবলৈহে ল’লে। এই প্ৰসংগত অসমৰ চাহ বাগিচাবোৰৰ শ্ৰমিকৰ দুৰ্দশা আৰু শোষণৰ মাত্ৰা অবৰ্ণনীয় হৈ পৰা কথা ভাৰতৰ ‘শ্ৰমিক ইতিহাস’ত প্ৰণিধানযোগ্য হৈ আছে। অসমৰ চাহ বাগিচাত বনুৱাৰ কাম কৰিবলৈ অন্ধ্ৰ, বিহাৰ, বংগদেশ, উৰিষ্যা, মধ্যপ্ৰদেশ আদিৰ পৰা চল-চাতুৰি কৰি মানুহ অনা হৈছিল। তেনে বনুৱাবোৰক গিৰ্‌মিতীয়া বোলা হৈছিল। সেই চাহ শ্ৰমিকসকলক দুৰ্ঘোৰ যাতনা দি ইংৰাজ চাহ খেতিয়কে স্বদেশক চহকী কৰিছিল। গিৰ্‌মিতীয়া বনুৱাক চাহ বাগিচাত অতি সামান্য মজুৰী দি আৰু জীৱন নিৰ্বাহৰ সামান্যতম সুবিধাৰ পৰাও বঞ্চিত কৰি একৰকম দাসত্বৰ শিকলিৰে বান্ধি থোৱা হিচাপে ৰাখিছিল। আনহাতেদি ১৮৬৩, ১৮৬৫, ১৮৭০, ১৮৭৩ আৰু ১৮৮২ খ্ৰীষ্টাব্দত দণ্ডবিধি আইন কৰি ব্ৰিটিছ চৰকাৰে ইংৰাজ চাহ খেতিয়কক নানা প্ৰকাৰে সহায় কৰিছিল। এই দণ্ডবিধি আইনে ইংৰাজ চাহ খেতিয়কক নিৰক্ষৰ চাহ শ্ৰমিকৰ ওপৰত প্ৰভুত ক্ষমতাৰ অধিকাৰ দি তেওঁলোকৰ অ-মানৱীয় আচৰণক সুৰক্ষা দিছিল। বিংশ শতাব্দীৰ আৰম্ভণিৰপৰাই পৰিস্থিতিৰ কিছু সাল সলনি ঘটে। ট্ৰেড ইউনিয়ন আন্দোলন গঢ়ি উঠাত পূৰ্বৰ অৱস্থাৰ কিছু উন্নতি হ’ল। কিন্তু ভাৰতত ঔদ্যোগিক শ্ৰমিকৰ এক সামগ্ৰীক উন্নতি আজিও ব্যাহত হৈ আছে। অৱশ্যে ব্ৰিটিছ ৰাজৰ দিনত ভোগ কৰা অ-মানৱীয় ব্যৱহাৰ আৰু যন্ত্ৰণাৰ বহুখিনি উপশম ঘটিছিল। ইংৰাজৰ ৰাজত্ব কালত শ্ৰমিকৰ কল্যাণ কথাষাৰ কাৰ্যকৰী কৰাৰ পৰা চৰকাৰ আৰু উদ্যোগপতিসকল বহু দূৰত আছিল।

  • ছপাশালৰ ওপৰত বাধা-নিষেধ :

ব্ৰিটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ আমোলতে ভাৰতত আধুনিক ছপাশাল গঢ়ি উঠে। ছপাশালৰ পৰাই ছপা হৈ ওলোৱা বাতৰি কাকত, আলোচনী আদিৰ মাধ্যমেৰে শিক্ষিত ভাৰতীয়ৰ মাজত এক নৱচেতনা জাগিছিল। তেনে বাতৰি কাকতে ইংৰাজ চৰকাৰৰ ওচৰত ভাৰতীয় মানুহৰ আশা-আকাংক্ষা, মতামত আদি দাঙি ধৰাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ৰাজা ৰামমোহন ৰায়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, দাদাভাই নৌৰজী, জাষ্টিচ গোবিন্দ ৰাণাডে, সুৰেন্দ্ৰনাথ বেনাৰ্জী, লোকমান্য তিলক, জি. সুব্ৰমন্য আয়াৰ, চি. কৰুনাকৰ মেনন, মদন মোহন মালব্য, লালা লাজপত্‌ ৰায়, বিপিনচন্দ্ৰ পাল আদি মহান নেতাসকলে বাতৰি কাকত প্ৰকাশ কৰি উলিওৱাত বিশিষ্ট ভূমিকা লৈছিল। ভাৰতীয় জাতীয় আন্দোলনৰ পটভূমিৰ কথা আলোচনা কৰিবলৈ যাঁওতে এনে মহান নেতাসকলৰ লিখনি আৰু তাৰ নিৰ্ভীক প্ৰকাশৰ কথা নকৈ নোৱাৰি। ঊনবিংশ শতিকাৰ আৰম্ভণিৰ পৰা ভাৰতত ছপাশাল আৰু তাৰ পৰা প্ৰকাশিত বাতৰি কাকত, আলোচনী, পুথি আদিয়ে ভাৰতীয় জাতীয় জাগৰণক সবল কৰি তোলাত যথেষ্ট অৰিহণা যোগাইছিল। ১৮৩৫ খ্ৰীষ্টাব্দত চাৰ মেট্‌কাফে ভাৰতীয় ছপাশালৰ ওপৰত থকা বাধা-নিষেধ তুলি লয়। ব্ৰিটিছ চৰকাৰৰ এই কামে শিক্ষিত ভাৰতীয় লোকক যথেষ্ট উত্‌সাহিত কৰে। কিন্তু লাহে লাহে বাতৰি কাকত, আলোচনী আদিত চৰকাৰৰ কাৰ্যাৱলীৰ চোকা সমালোচনা হোৱাত ইংৰাজ প্ৰভুসকল অসন্তুষ্ট হৈ পৰে। অৱশেষত ১৮৭৮ খ্ৰীষ্টাব্দত ‘ভাৰ্ণেকুলাৰ প্ৰেছ এক্ট’ ৰ যোগেদি ভাৰতীয় ভাষাৰ বাতৰি কাকতৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ আৰোপ কৰা হ’ল। ইংৰাজ চৰকাৰৰ এই কাৰ্যৰ তীব্ৰ বিৰোধিতা জাগি উঠিল। বহুতেই মুক্ত কণ্ঠে চৰকাৰৰ বাক্‌ ৰোধৰ প্ৰচেষ্টাৰ প্ৰতিবাদ জনালে। ফলস্বৰূপে ১৮৮২ খ্ৰীষ্টাব্দত উক্ত আইন বাতিল কৰা হ’ল। ইয়াৰ পিছত ১৯০৫ খ্ৰীষ্টাব্দৰ বংগভংগৰ সময়লৈকে ভাৰতীয় ছপাশাল আৰু বাতৰি কাকতে যথেষ্ট স্বাধীনতা উপভোগ কৰে। কিন্তু বয়্‌কট্‌ আৰু স্বদেশী আন্দোলনে গা কৰি উঠাৰ লগে লগে পুনৰ ভাৰতীয় ছপাশাল আৰু বাতৰি কাকতৰ ওপৰত চৰকাৰী বাধা-নিষেধ আহি পৰে।

  • জাত্যাভিমানৰ দম্ভ :

ব্ৰিটিছসকলে ভাৰতত আদিৰে পৰা এক উচ্চমন্যতাৰ ভাব দেহুৱাইছিল। ভাৰতীয় মানুহৰ প্ৰতি সদ্ভাব দেখুৱাবলৈ কোনো দিনে চেষ্টা কৰা নাছিল। তেওঁলোকে ভাবিছিল যে শ্বেত চৰ্মৰ ইউৰোপীয়সকলে আন সকলোৰে ওপৰত ৰাজত্ব কৰিবৰ বাবে জন্ম লৈছে। ব্ৰিটিছসকলে তেওঁলোকৰ উপনিবেশত বৰ্ণ-বৈষম্য নীতি প্ৰয়োগ কৰাৰ সৰ্বতোপ্ৰকাৰৰ চেষ্টা চলাইছিল। ফলস্বৰূপে এটা সময়ত ৰেলৰ ডবা, ৰেলৱে ষ্টেচন, পাৰ্ক, হোটেল, চুইমিং পুল, ক্লাবঘৰ আদিত ‘একমাত্ৰ ইউৰোপীয়ান’ৰ বাবে বুলি ফলক লগাই দিছিল। এনে কাৰ্যৰ মূলতে আছিল তেওঁলোকৰ জাত্যাভিমান। ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ব্ৰিটিছসকল ভাৰতত এই ক্ষেত্ৰত অধিক সচেতন হৈ পৰিছিল। এটা সময়ত ব্ৰিটিছ সিংহৰ দপ্‌দপনিত অগণন ভাৰতীয় সদা সন্ত্ৰস্ত হৈ পৰা দেখা গৈছিল। লাঞ্ছনা অপমান সহ্য কৰি ভাৰতীয় লোক অতিষ্ঠ হৈ পৰিছিল। জাত্যাভিমানৰ এনে পৰিস্থিতিয়ে কিন্তু জাতীয় জাগৰণত যথেষ্ট ইন্ধনহে যোগালে। ব্ৰিটিছে জাতিগত শ্ৰেষ্ঠতাৰ দাবীৰে ভাৰতবাসীক তলতীয়া কৰি ৰাখিব বিচাৰিছিল। এইখিনিতে পুনৰ পণ্ডিত নেহেৰুৰ লেখনিত প্ৰকাশ পোৱা কেইটিমান বাক্যৰ উদ্ধৃতি দিয়া হ’ল –“ ১৮৮৩ খ্ৰীষ্টাব্দত ইলবাৰ্ট্‌ বিল সম্পৰ্কে হোৱা আন্দোলনৰ সময়ত চেটন্‌ কাৰ্‌ ভাৰত চৰকাৰৰ বৈদেশিক বিভাগৰ সচিব আছিল। তেওঁ প্ৰকাশ কৰিছিল যে এই জাতিৰ প্ৰত্যেক মানুহৰ বিশ্বাস যে ভগৱানে তেওঁক শাসন কৰিবলৈ আৰু বশ কৰিবলৈ ভাগ্যত লেখি দিছে আৰু তেওঁলোকে প্ৰতিপাল কৰা এই বিশ্বাসত ভাৰতত থকা সকলো ইংৰাজেই অংশগ্ৰহণ কৰে, লাগিলে তেওঁ অতি উচ্চ স্থানতেই থাকক নাইবা অতি নিম্ন স্থানতেই থাকক – তেওঁ সামান্য বঙলা এটাত থকা বাগিচাৰ সহকাৰীয়েই হওক কিম্বা সম্পূৰ্ণ পোহৰত থকা প্ৰেচেডেন্সি নগৰৰ কাকতৰ সম্পাদকেই হওক। গুৰুত্বপূৰ্ণ প্ৰদেশ এখনৰ চিফ কমিচনাৰৰপৰা সিংহাসনৰ ৰাজপ্ৰতিনিধিলৈকে সকলোৱে অংশগ্ৰহণ কৰা এই বিশ্বাস ইল্‌বাৰ্ট্‌ বিলে কলুষিত কৰিছে”। উপৰোক্ত কথাখিনিৰ পৰা এইটো স্পষ্ট হৈ পৰে যে ইংৰাজে জাতি শ্ৰেষ্ঠতাৰ দম্ভ সততে কথা আৰু কামত সমানে প্ৰকাশ কৰি দেখুৱাইছিল।

  • বিত্তীয় প্ৰশাসন আৰু অৰ্থনৈতিক পৰিৱৰ্তনসমূহ :

১৮৫৮ চনৰ অধিনিয়ম অনুযায়ী ভাৰত চৰকাৰৰ বিত্তীয় নিয়ন্ত্ৰণৰ কাৰ্যভাৰ ভাৰত সচিব আৰু ইণ্ডিয়া কাউন্সিলক দিয়া হয়। ফলত চৰকাৰৰ সকলো ব্যয় তেওঁলোকৰদ্বাৰা অনুমোদিত কৰোৱাৰ নিয়ম হ’ল। কিন্তু কাৰ্যত: গবৰ্ণৰ জেনেৰেল আৰু কাউন্সিলেই বিত্তীয় কথাৰ ওপৰত কৰ্তৃত্ব চলাইছিল। প্ৰাদেশিক চৰকাৰবোৰৰ কোনো বিত্তীয় অধিকাৰ নাছিল। গতিকে এক কথাত ক’বলৈ গ’লে ভাৰত চৰকাৰৰ গোটেই বিত্তীয় ব্যৱস্থাটো কেন্দ্ৰীভূতভাবে আৰম্ভ হয়।কৰ বহুওৱা আৰু কৰ আদায় কৰা কথাত কেন্দ্ৰীয় চৰকাৰে প্ৰাদেশিক চৰকাৰক নীতি-নিদেৰ্শনা দিছিল। তাৰ পিছতহে কেন্দ্ৰই প্ৰয়োজন বিবেচনা কৰি কেন্দ্ৰীয় আৰু প্ৰাদেশিক পৰ্যায়ৰ ব্যয়ৰ বাবে ধন আবণ্টনৰ ব্যৱস্থা কৰিছিল। ভূমি ৰাজহ, আয়কৰ, শুল্ক, আবকাৰী, ৰেল, ডাক-তাঁৰ, কানিৰ একচেটীয়া বেপাৰ, লোণ কৰ, বনসম্পদ আদিৰ পৰাই চৰকাৰী পুঁজি সংগ্ৰহৰ প্ৰধান উপায় আছিল। ১৮৬০ চনত আয়কৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰি ইংৰাজ চৰকাৰে ৰাজহ সংগ্ৰহৰ এটি ডাঙৰ বাট মুকলি কৰে। কট্‌কটীয়া কেন্দ্ৰীভূত বিত্তীয় ব্যৱস্থাৰ বাবে কেন্দ্ৰ আৰু প্ৰদেশবোৰৰ মাজত সততে বিবাদো হৈছিল। ৰাজহ ঠিকমতে সংগ্ৰহ কৰি দিয়াৰ বাবে প্ৰাদেশিক চৰকাৰৰ কোনো উদ্‌গনি নাছিল। বৰঞ্চ বহু সময়ত হেমাহি আৰু অপখৰচী বিধৰ অৱস্থা এটাহে বিৰাজ কৰিছিল। ব্ৰিটিছৰ দিনত কেন্দ্ৰীয় চৰকাৰে প্ৰাদেশিক চৰকাৰৰ প্ৰয়োজন পূৰণ কৰাকৈ বিত্তীয় অনুদান দিয়াত যথেষ্ট আওহেলা কৰিছিল। আজিৰ ভাৰতীয় বিত্তীয় ব্যৱস্থাৰ বহু নিয়ম প্ৰণালী প্ৰকৃততে ব্ৰিটিছ যুগতে আৰম্ভ হয় আৰু তেনে গাঁথনিতে ভেজা দি পৰৱৰ্তী সাল সলনিবোৰ কৰা হৈছে। ভাইচৰয় লৰ্ড মেয়োৰ দিনত বিত্তীয় প্ৰশাসন বিকেন্দ্ৰীত কৰাৰ ব্যৱস্থা হয়। প্ৰাদেশিক চৰকাৰে ৰাজহৰ এক নিৰ্ধাৰিত অংশ কাৰাগাৰ, আৰক্ষী, শিক্ষা, চিকিত্‌সা সেৱাত ব্যয় কৰিবপৰা ক্ষমতা পালে। প্ৰাদেশিক চৰকাৰক বাজেটৰ ধনৰ ব্যয়ৰ শিতানত সাল সলনি কৰিব পৰা অধিকাৰ দিয়া হ’ল। ১৮৬৯-১৮৭২ চনৰ ভিতৰতে এই পৰিৱৰ্তনবোৰ অনা হয়। ১৮৭৬-১৮৮০ চনৰ ভিতৰত লৰ্ড লিটনৰ দিনত বিত্তীয় ব্যৱস্থা আৰু কিছু বিকেন্দ্ৰীকৰণ কৰা হয় । ৰেল, শুল্ক, ডাক-তাঁৰ, লোণ, কানি বেপাৰৰ পৰা সংগৃহীত ৰাজহ কেন্দ্ৰীয় চৰকাৰে পোৱাৰ নিয়ম কৰা হ’ল। ভূমি ৰাজহ, আৱকাৰী, বন, বৈধ টিকট আৰু আয়কৰৰ পৰা সংগৃহীত ধন প্ৰাদেশিক আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ভাগ কৰাৰ ব্যৱস্থা হ’ল। প্ৰাদেশিক চৰকাৰবোৰক তেওঁলোকে আবণ্টন পোৱা বিত্তৰেই প্ৰশাসন চলাবলৈ কোৱা হৈছিল। অৱশ্যে মাজে মাজে বিত্তীয় পৰ্যালোচনা কৰাৰ কথাও মানি লোৱা হ’ল। ১৮৮০-১৮৮৪ চনৰ ভিতৰত ভাইচৰয় লৰ্ড ৰিপনে বিত্তীয় ব্যৱস্থাৰ আৰু কিছু সংশোধন কৰে। কেন্দ্ৰীয়, প্ৰাদেশিক, উমৈহতীয়া এই তিনিবিধ আয়ৰ শিতান নিৰ্ধাৰণ কৰি পূৰ্বৰ নিৰ্ধাৰিত অনুদান ব্যৱস্থা আঁতৰোৱা হ’ল। কেন্দ্ৰৰ ব্যয়ৰ ওপৰত চকু দিবলৈ ১৮৮১ চনত কম্পট্ৰলাৰ আৰু অডিট্‌ৰচ্‌ জেনেৰেলৰ পদ এটাৰ সৃষ্টি কৰা হ’ল। এই বিষয়াজনক কেন্দ্ৰীয় আৰু প্ৰাদেশিক চৰকাৰৰ আয়-ব্যয়ৰ হিচাপ পৰীক্ষকৰ দায়িত্ব দিয়া হয়। সেই ব্যৱস্থা আজিও বাহাল আছে। ব্ৰিটিছ চৰকাৰে ভাৰতত এনেধৰণৰ বিত্তীয় ব্যৱস্থা আৰম্ভ আৰু প্ৰয়োজনবোধে কিছু সংশোধন কৰি গোটেই দেশখনৰ বিত্তীয় প্ৰশাসন চলাইছিল। কিন্তু আৰম্ভণিৰে পৰা কেন্দ্ৰ আৰু প্ৰদেশৰ মাজত বিৰোধ কিছু নহয় কিছু চলি থকা দেখা যায়।

  • অৰ্থনৈতিক পৰিৱৰ্তনসমূহ :

ব্ৰিটিছে ভাৰতত ৰাজনৈতিক কৰ্তৃত্ব আহৰণ কৰাৰ লগে লগে দেশখনৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত এক সুদূৰ প্ৰসাৰী পৰিৱৰ্তনৰ ধাৰা আৰম্ভ হয়। পূৰ্বৰ বিদেশী বিজেতাসকলে অকল ৰাজনৈতিক ক্ষমতাৰহে সাল সলনি ঘটাইছিল। ফলত ভাৰতৰ গতানুগতিক অৰ্থনৈতিক গাঁথনিৰ স্বৰূপটো একেই থাকি গৈছিল। আনহাতেদি বিজয়ী ইংৰাজ জাতিয়ে ভাৰতত এক ঔপনিবেশিক অৰ্থনীতি জাপি দি দেশখনৰ আভ্যন্তৰীণ বিকাশৰ বাটত এক হেঙাৰৰ সৃষ্টি কৰে। ঔপনিবেশিক স্বাৰ্থ পূৰণেই ইংৰাজ আমোলৰ অৰ্থনীতিৰ মূল কথা আছিল। পূৰ্বৰ বিজেতাসকলে ভাৰতৰ মাটিতে নিগাজীকৈ লৈ মাথো ৰাজনৈতিক ক্ষমতা অটুট ৰখাত ব্যস্ত হৈছিল। তেনে ৰাজনৈতিক ক্ষমতা অটুট ৰখাৰ বাবে ভাৰতীয় মানুহৰ মাজত পূৰ্বাপৰ চলি অহা অৰ্থনৈতিক ব্যৱস্থাটোকে সময়ে সময়ে সবল কৰা কাৰ্যৰ্সূচী হাতত লোৱা হৈছিল। ইয়াৰ ফলশ্ৰুতি হিচাপে ভাৰতত এক স্বয়ং সম্পূৰ্ণ গ্ৰাম্য অৰ্থনীতি বৰ্তি আছিল। ৰজাই প্ৰজাৰ উত্‌পাদনৰ ৰাহিৰ এটা ভাগ পালেই সন্তুষ্ট হৈছিল। ৰজা আৰু প্ৰজা দুয়োশ্ৰেণী একেখন দেশৰ মাটিতে বৰ্তি থকাৰ প্ৰৱণতাই ভাৰতৰ অৰ্থনীতিক পৰিচালিত কৰিছিল। কিন্তু ইংৰাজ জাতি সদায়ে বিদেশী হৈ থাকিল আৰু সেয়েহে ভাৰতবৰ্ষক তেওঁলোকে এক উপনিৱেশৰ দৃষ্টীভংগীৰে বিচাৰ কৰিছিল। উপনিৱেশত শোষণ কৰাই তেওঁলোকৰ অৰ্থনীতিৰ মূল লক্ষ্য আছিল বুলিব পাৰি। ফলত ভাৰতীয় মানুহ অৰ্থনৈতিক বিকাশৰ বাটেৰে আগুৱাৰ সলনি ব্ৰিটিছ শিল্প-বাণিজ্যৰ নিয়ন্ত্ৰণাধীন হৈ পৰে। ফলত অৰ্থনৈতিক অনগ্ৰসৰতা ব্ৰিটিছ যুগৰ বৈশিষ্ট্য হৈ পৰে। ইংৰাজৰ ঔপনিবেশিক অৰ্থনীতিয়ে ভাৰতৰ শিল্প-বাণিজ্যত কুঠাৰাঘাত কৰিছিল। ভাৰতৰ পৰম্পৰাগত কুটীৰ শিল্পই উদ্যোগ বিপ্লবোত্তৰ যুগৰ ইংলেণ্ডৰ যান্ত্ৰিক পদ্ধতিৰে উত্‌পাদিত সামগ্ৰীৰ লগত ফেৰ মাৰিব নোৱাৰা হ’ল। ভাৰতীয় কুটীৰ শিল্পজাত সামগ্ৰীৰ ভিতৰত প্ৰধানকৈ বস্ত্ৰশিল্পই মাধমাৰ খাইছিল। ইংলেণ্ডৰ লেংকেচায়াৰৰ মিলত উত্‌পাদিত বস্ত্ৰ ভাৰতৰ বজাৰত ভৰি পৰিছিল। গতিকে ভাৰতত গাঁও চহৰত থকা পৰম্পৰাগত শিল্প লোপ পোৱাৰ উপক্ৰম হ’ল। কপাহী কাপোৰ ,পাট কাপোৰ, ৰেচম শিল্প, কমাৰ শিল্প, মৃত্‌ শিল্প, ধাতু শিল্প, জাহাজ সজা, তেল পেৰা, চামৰাজাত শিল্প, ৰং কৰা আদি বিভিন্ন ভাৰতীয় শিল্পক ব্ৰিটিছে প্ৰণালীৱদ্ধ ভাৱে পংগু কৰি তোলাৰ ব্যৱস্থা লৈছিল। ইয়াৰ ফলত কুটীৰ শিল্প ভিত্তিক উ্‌পাদনী ব্যৱস্থাৰ ক্ৰমাগতভাৱে বিলোপ ঘটিছিল ।লগতে অতি সীমিত ভাৱে হ’লেও কল-কাৰখানা গঢ়ি উঠিছিল আৰু তাৰ ফলত অৰ্থনৈতিক শোষণৰ পথ সুগম হৈ পৰে।

  • নতুন পৰিবহণ ব্যৱস্থা :

লৰ্ড ডেলহাউছিয়ে ১৮৫৩ চনত গোটেই ভাৰতজুৰি এক ৰেল যোগাযোগৰ ব্যৱস্থা গঢ়ি তোলাৰ প্ৰস্তাব কৰিছিল। ভাৰতত ৰেল লাইন বহুওৱা কোম্পানীবোৰক ব্ৰিটিছ চৰকাৰে বিশেষ উদ্‌গনি দিবলৈ লোৱাত প্ৰায় ৫০ বছৰৰ ভিতৰতে ভাৰতত সকলো প্ৰধান ৰেললাইন বহুওৱা কাম সম্পূৰ্ণ হৈছিল। ৰেল কোম্পানীবোৰে আৰম্ভণিতে লোকচান ভৰিছিল যদিও ১৮৯৯-১৯০০ চনত সৰ্বমুঠ ১১ লাখ টকা লাভ কৰে।১৯০৫ চনত ভাৰত চৰকাৰে এজন অধ্যক্ষ আৰু দুজন সদস্যৰে ৰেলৱে ব’ৰ্ড গঠন কৰি ৰেল প্ৰশাসনৰ এক সু-ব্যৱস্থা হাতত লয়। ১৯২৫ চনৰ পিছৰপৰা ভালেকেইটা ৰেল কোম্পানী ভাৰত চৰকাৰে নিজৰ অধীনলৈ আনে। ভাৰতত ৰেল ব্যৱস্থাই এহাতেদি যেনেকৈ দেশৰ পৰিবহন ব্যৱস্থা সুগম কৰি তুলিছিল তেনেধৰণে ইংৰাজৰ ঔপনিবেশিক অৰ্থনীতি আৰু শক্তিশালী হোৱাত অৰিহণাও যোগাইছিল।

  • আমদানি – ৰপ্তানি নীতি :

ভাৰতত ব্ৰিটিছ চৰকাৰৰ আমদানি আৰু ৰপ্তানি নীতিও ব্ৰিটিছ অৰ্থনীতিৰ অনুকূলে আছিল। ভাৰতীয় মানুহৰদ্বাৰা উত্‌পাদিত সামগ্ৰীৰ বজাৰ পশ্চিমত নাইকিয়া কৰি পশ্চীমীয়া বস্তুৰ বজাৰ এখনহে ভাৰতত বহলোৱাৰ সৰ্বাত্মক প্ৰচেষ্টা চলিছিল ।ভাৰতৰ পৰম্পৰাগত কুটীৰ শিল্পজাত সামগ্ৰীৰ বজাৰ টুটি অহাৰ ফলত ভাৰতীয় মানুহ অৰ্থনৈতিক দিশত জুৰুলা হৈ পৰে। কুটীৰ শিল্পৰ অৱনতিৰ লগে লগে তেনেবোৰ শিল্পৰ বাবে পৰম্পৰাগত বিখ্যাত নগৰ –চহৰবোৰৰ অৱস্থা শোচনীয় হৈ পৰে। বহুতো শিপিনি, বাঢ়ৈ, খনিকৰ, কমাৰ, কুমাৰ নিবনুৱা হৈ পৰিল। গাঁৱলীয়া কুটীৰ শিল্পৰ এনে অৱনতিৰ প্ৰভাৱ কৃষিখণ্ডতো পৰিছিল। বহু ভাৰতীয় কৃষিজীৱি লোক অংশকালীন হিচাপে শিল্প উদ্যোগতো জড়িত আছিল। কিন্তু ১৯ শতিকাৰ শেষলৈ তেনে লোকসকলৰ বেলিকা মাথো কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি চলিব লগা অৱস্থা এটা আহি পৰে। ফলত কৃষিখণ্ডত বৰ্ধিত জনসংখ্যাৰ হেঁচা পৰাত দৰিদ্ৰতাৰ মাত্ৰা ক্ৰমাগতভাৱে বাঢ়ি আহিল। ব্ৰিটিছ চৰকাৰে ভাৰতৰ মাটিত উদ্যোগিক বিকাশৰ বাবে কোনো ব্যৱস্থা নোলোৱাত ভাৰতীয় মানুহে একমাত্ৰ কৃষিৰ ওপৰতে নিৰ্ভৰ কৰিবলগা হ’ল। বহু শ বছৰ ধৰি যি ভাৰতে কপাহী বস্ত্ৰ যোগান ধৰোঁতাৰ খ্যাতি পশ্চিমৰ বজাৰত অৰ্জন কৰি আহিছিল ইংৰাজে তাক নাইকিয়া কৰিবৰ বাবে উঠি-পৰি লাগিছিল। ভাৰতৰপৰা সস্তা দৰত পণ্য সামগ্ৰী সংগ্ৰহ কৰি পশ্চিমৰ বজাৰলৈ বিশেষকৈ ইংলেণদলৈ চালান দিয়া হৈছিল। তাৰ বিপৰীতে দৈনন্দিন ব্যৱহৃত সকলো ধৰণৰ উপভোক্তা সামগ্ৰী বিলাতৰপৰা আমদানি কৰা হৈছিল। ইয়াৰ ফলত ভাৰতীয় মানুহৰ অৰ্থনৈতিকতা খৰ্ব হয়। ইংৰাজ চৰকাৰৰ এনে ঔপনিবেশিক বাণিজ্য নীতিৰ ফলতে ভাৰত এখন সমৃদ্ধিশালী দেশ হিচাপে গঢ় লোৱাৰ সলনি দৰিদ্ৰতা আৰু অনগ্ৰসৰতাৰ বাটেদি আগবাঢ়ি গ’ল। ইংলেণ্ডৰ শিল্প উদ্যোগ ,অৰ্থনীতিক জীয়াই ৰাখিবৰ বাবে ভাৰত উপনিবেশৰ পৰা সকলো ধৰণৰ কেঁচামাল, খাদ্যসামগ্ৰী, চাহপাত, নীল আদি বস্তু ৰপ্তানি কৰা হৈছিল। এনে ৰপ্তানি বাণিজ্যৰ লাভাংশ কিন্তু কোনোদিনেই সৰ্বসাধাৰণ ভাৰতীয়ই ভোগ কৰিবলৈ পোৱা নাছিল। বৰঞ্চ ভাৰতীয় জনতাই সততে দৰিদ্ৰতা ,দুৰ্ভিক্ষ আদি দুৰ্দশাত ভুগিছিল।

  • কৃষকৰ দৰিদ্ৰতা :

ভাৰতীয় অৰ্থনীতিৰ মূল ভেঁটি হ’ল কৃষি। ইংৰাজৰ শাসন আৰম্ভ হোৱাৰ দিন ধৰি ভাৰতীয় কৃষকৰ কোনো মৌলিক উন্নতি হোৱা নাছিল।ইংৰাজ শাসনে দেশত শান্তি- শৃংখলা বঢ়াইছিল যদিও কৃষক শ্ৰেণীৰ দুখ-দুৰ্দশা দিনক দিনে সীমা চেৰাই যোৱাৰ উপক্ৰম হৈছিল। ক্ষুদ্ৰ ভূস্বামী আৰু জমিদাৰ শ্ৰেণীৰ শোষণৰ মাত্ৰা চৰি যোৱাৰ লগে লগে সাধাৰণ ভূমিহীন কৃষকৰ অৱস্থা শোচনীয় হৈ পৰিছিল। মাটিৰ ওপৰত নানা ধৰণৰ জোৰ জুলুম দিনে দিনে বাঢ়িছিল। ১৮৫৭-১৮৫৮ চনত ব্ৰিটিছ ভাৰতত সংগৃহীত ভূমি ৰাজহৰ পৰিমাণ আছিল ১৫.৩ কোটি টকা। ১৯ শতিকাৰ শেষভাগলৈ তেনে ভূমি ৰাজহৰ পৰিমাণ আৰু বহুগুণে বাঢ়ি গৈছিল। অথচ সেই অনুপাতে কৃষকৰ অৰ্থনৈতিক লাভালাভ বুলিবলৈ অতি সামান্য আছিল। কৃষকৰ উন্নতিৰ হকে চৰকাৰে অতি নগন্য পৰিমাণৰ ধনহে ব্যয় কৰিছিল। আনকি আইন শৃংখলা ব্যৱস্থাও বণিক আৰু মহাজন শ্ৰেণীৰ অনুকূলেহে আছিল। কৃষকৰ পৰা ৰাজহ সংগ্ৰহৰ কঠোৰ নিয়ম আৰু ৰাজহ অনাদায়ৰ ফলত খেতিৰ মাটিকেইডৰা হেৰুওৱা সাধাৰণ ঘটনা হৈ পৰিছিল। কৃষকৰ জুৰুলা অৱস্থাৰ সম্পূৰ্ণ সুযোগ –সুবিধা ধন ধাৰে দিয়া মহাজন শ্ৰেণীয়ে লোৱাত গ্ৰাম্য দৰিদ্ৰতাৰ মাত্ৰা দিনক দিনে বাঢ়িবলৈ লয়। ১৯১১ চনৰ এক আনুমানিক হিচাপ মতে গ্ৰাম্য ঋণগ্ৰস্ততাৰ পৰিমাণ আছিল ৩০০ কোটি টকা। এনে ঋণগ্ৰস্ততাৰ লগতে ভূমিহীন কৃষকৰ সংখ্যাও যথেষত বাঢ়িছিল। ভাৰতীয় কৃষকৰ এনে দুখ দুৰ্দশাগ্ৰস্ত অৱস্থাৰ মাজতে জমিদাৰসকলৰ উপৰিও আন এচাম ভূ-স্বামীৰ সৃষ্টি হয়। কৃষকৰ ওপৰত এওঁলোকৰ আৰু ধন ধাৰে দিয়া মহাজন শ্ৰেণীৰ প্ৰভাৱ ক্ৰমান্বয়ে বাঢ়ি অহাতো আন এক উল্লেখনীয় দিশ। তাৰ উপৰিও অসংখ্য মধ্যস্থ ব্যক্তিৰ উদ্ভৱ ঊনবিংশ শতাব্দীৰ ভাৰতীয় অৰ্থনৈতিক জীৱনৰ আন এক বিশেষত্ব।

  • পুৰণি জমিদাৰীৰ অৱনতি আৰু নতুন ভূস্বামীৰ উত্থান :

ব্ৰিটিছ ৰাজত্বৰ আদি কালছোৱাত একমাত্ৰ ধন সংগ্ৰহেই ইষ্ট-ইণ্ডিয়া কোম্পানী চৰকাৰৰ চৰম লক্ষ্য অছিল। কোম্পানী চৰকাৰৰ ৰাজকোষ কেনেকৈ অধিক শক্তিশালী কৰিব পাৰি তাৰ চিন্তাতে শাসক গোষ্ঠী সকলো ব্যস্ত আছিল। ওৱাৰেণ হেষ্টিংচৰ নিচিনা গৱৰ্ণৰ জেনেৰেলে নিষ্ঠুৰ আৰু নিৰ্লজ্জভাৱে ৰাজহ সংগ্ৰহত উঠি পৰি লাগিছিল। অধিক লাভৰ আশাত অতি বেছি দৰত জমিদাৰী নিলাম কৰা হৈছিল। তেনে অতিৰিক্ত ৰাজহ আদায় কৰিবলৈ লোৱাত সাধাৰণ প্ৰজাৰ দুখ-দুৰ্দশা কুলাই পাচিয়ে নধৰা হ’ল। লৰ্ড কৰ্ণৱালিছে বংগদেশত চিৰস্থায়ী বন্দবস্তৰ প্ৰৱৰ্তন কৰি ৰাজহৰ মাত্ৰা দীঘলীয়া দিনৰ বাবে নিৰ্ধাৰিত কৰে যদিও প্ৰজাই একো সকাহ নাপালে। ইংৰাজ চৰকাৰে জমিদাৰৰ পৰা সংগৃহীত ৰাজহৰ এঘাৰ ভাগৰ দহ ভাগ দাবী কৰিলে। লগতে জোৰ জুলুমকৈ হ’লেও পূৰ্ণ ৰাজহ সংগ্ৰহত গুৰুত্ব দিলে। ইয়াৰ ফলত পুৰণা জমিদাৰ শ্ৰেণী বাৰুকৈয়ে বিপাঙত পৰিল। চৰকাৰৰ ঘৰত দিবলগীয়া ৰাজহ নিৰ্ধাৰিত সময়ত জমা দিবলৈ গৈ বহু জমিদাৰ সুদখোৰ মহাজন আৰু নগৰ অঞ্চলৰ এচাম ধনী লোকৰ ওচৰত ঋণগ্ৰস্ত হৈ পৰে। প্ৰজায়ো অতিৰিক্ত ৰাজহৰ বোজাত কঁকাল পোনাব নোৱাৰা হ’ল। পুৰণি জমিদাৰসকলৰ বহুতেই উপায়ন্তৰ হৈ নিজ জমিদাৰী হয় বন্ধকত থলে নহয় বিক্ৰী কৰিবলৈ বাধ্য হ’ল। তেনে জমিদাৰীৰ নতুন মালিকসকলে ৰাজহ সংগ্ৰহৰ নামত অত্যাচাৰ চলাবলৈ ধৰিলে। সুদখোৰ মহাজন আৰু এচাম ধনী লোকেৰে গঠিত তেনে নতুন জমিদাৰ শ্ৰেণীৰ সাধাৰণ প্ৰজাৰ প্ৰতি কোনো সহানুভুতি নাছিল। তেওঁলোকৰ নৈতিক আচৰণো অতি তলখাপৰ হৈ পৰিছিল। খেতি হওক বা নহওক মাটিৰ খাজনা কিন্তু দিবই লাগিব। সেয়াই ব্যৱস্থা হৈ পৰে। ৰায়তৱাৰী ভূমি ব্যৱস্থাৰ প্ৰচলনে ভূমি মালিক আৰু মাটি ভোগ কৰা প্ৰজাৰ মাজৰ সম্পৰ্কই এক নতুন পৰিস্থিতিৰ সৃষ্টি কৰে। মাটিৰ মালিকানা ক্ৰমাগতভাৱে এচাম শক্তিশালী ভূস্বামীৰ হাতলৈ যাব ধৰিলে। আনহাতেদি ভাৰতীয় ধনীক শ্ৰেণীৰ লোকে তেওঁলোকৰ অপৰ্যাপ্ত ধন উদ্যোগ আদিত বিনিয়োগ কৰাতকৈ ভূমি সম্পত্তি সংগ্ৰহত লগোৱা কামতহে অগ্ৰাধিকাৰ দিবলৈ ধৰিলে। তেনে শ্ৰেণীৰ লোকে স্থায়ীভাৱে মাটিৰ মালিকীস্বত্ব পাই দুখীয়া কৃষক প্ৰজাক খেতি কৰিবলৈ দিবলৈ ললে। এইদৰে জমিদাৰী ব্যৱস্থা আৰু ৰায়তৱাৰী ব্যৱস্থাৰ মাজতো এচাম ভূস্বামীৰ উত্থান মনকৰিবলগীয়া। তেওঁলোকৰ মূল কথাই আছিল প্ৰজাক সকলো প্ৰকাৰে শোষণ কৰা। জমিদাৰ নাইবা ভূস্বামীসকলে প্ৰজাৰ পৰা ৰাজহ সংগ্ৰহৰ ভাৰ ক্ৰমান্বয়ে কিছুমান মধ্যস্থ ব্যক্তিক দিবলৈ লোৱাত পৰিস্থিতি আৰু জটিল হৈ পৰে। এনে ব্যৱস্থাই চৰকাৰ আৰু সাধাৰণ প্ৰজাৰ মাজৰ ব্যৱধান বহু বেছি কৰিলে। জমিদাৰ, ভূস্বামী, মধ্যস্থ ব্যক্তি এই সকলোবোৰক অতিক্ৰম কৰি ভাৰতীয় দুখীয়া প্ৰজাই চৰকাৰৰ ওচৰত তেওঁলোকৰ অবৰ্ণনীয় দুৰবস্থাৰ কথা জনোৱা অসম্ভৱ হৈ পৰিল। নানান শোষণ আৰু অত্যাচাৰৰ মাজত পৰি সাধাৰণ প্ৰজা একৰকম দাসত্বৰ শিকলিৰে বান্ধ খাই পৰিল। জমিদাৰ আৰু ভূস্বামীসকলৰ ৰাজনৈতিক ভূমিকাও মন কৰিবলগীয়া। ভাৰতৰ স্বাধীনতা আন্দোলনৰ কালছোৱাত জমিদাৰ, ভূস্বামী আৰু ডাঙৰ খেতিয়ক শ্ৰেণী, দেশীয় ৰাজন্যবৰ্গই সততে ইংৰাজ চৰকাৰৰ অনুগামী হৈ তেওঁলোকৰ নিজা অৰ্থনৈতিক স্বাৰ্থ অটুট ৰখাতহে বেছি আগ্ৰহ দেখুৱাইছিল।

  • কৃষিক্ষেত্ৰত স্থবিৰতা

১৯শতিকাৰ দ্বিতীয়াৰ্দ্ধত ভাৰতীয় কৃষি ব্যৱস্থাত পূৰ্বতকৈ স্থবিৰতা আৰু অৱনতিৰ মাত্ৰা বাঢ়ে। তাৰ প্ৰধান কাৰণবোৰ আছিল – কৃষিক্ষেত্ৰত জনসংখ্যাৰ হেঁচা, বৰ্ধিত ভূমি ৰাজহ, ভূ-স্বামী শ্ৰেণীৰ উদ্ভৱ, কৃষকৰ ক্ৰমবৰ্ধমান ঋণগ্ৰস্ততা আৰু দৰিদ্ৰতা। চৰকাৰৰ ফালৰপৰা কৃষিক্ষেত্ৰত আধুনিকতাৰ পৰশ দিয়াৰ কোনো ব্যৱস্থা নোলোৱাত উত্‌পাদন হ্ৰাস আৰু আৰু সাধাৰণ অৰ্থনৈতিক অনগ্ৰসৰতা বাঢ়ি যায়। আনহাতেদি কৰৰ বোজা বেছিভাগেই কৃষকৰ ওপৰত পৰিল। ১৯০৫ চনত ইংৰাজ চৰকাৰে নিজা বাণিজ্যিক স্বাৰ্থত ৩৫০ কোটি টকা খৰচ কৰিছিল। অথচ একে সময়তে ভাৰতীয় খেতিয়কৰ বাবে প্ৰয়োজনীয় জলসিঞ্চনৰ নামত ৫০ কোটিতকৈ কম টকা খৰচ কৰা হৈছিল। যি সময়ত ইংলেণ্ড আদি পশ্চিমৰ দেশবোৰত কৃষিক্ষেত্ৰত বিপ্লৱ হৈছিল সেই সময়ত ভাৰতীয় কৃষক

কোটিকলীয়া পদ্ধতিৰে কৃষি উত্‌পাদনৰ কামত ব্যস্ত আছিল। নিৰক্ষৰতা, দৰিদ্ৰতা, স্থবিৰতা, গতানুগতিকতা ভাৰতীয় কৃষকৰ বৈশিষ্ট্য হৈ পৰিছিল। গতিকে কৃষি উত্‌পাদন বছৰৰ পিছত বছৰ ধৰি নিৰাশাজনক হৈ পৰে।

  • ঔদ্যোগিক বিকাশ

ভাৰতীয় কৃষিক্ষেত্ৰৰ এক শোচনীয় অৱস্থা চলি থাকোতেই আধুনিক বৃহত্‌ শিল্প উদ্যোগৰ এক সামান্য বিকাশ ঘটে। ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্দ্ধত তেনে সামান্য বিকাশৰ আৰম্ভনি হয়। বৃহত্‌ উদ্যোগৰ নামত কপাহী বস্ত্ৰ উত্‌পাদনৰ কল-কাৰখানা, মৰাপাট কল, কয়লা আৰু চাহ শিল্পৰ নামেই প্ৰধানকৈ ল’ব পাৰি। এই শিল্পবোৰ ইংৰাজ মালিকানাৰ নামত গঢ়ি উঠিছিল। বৃহত্‌ পৰিমাণৰ লাভৰ আশাত বিদেশী পুঁজি এনেবোৰ উদ্যোগত বিনিয়োগ কৰা হৈছিল। তাৰ উপৰিও প্ৰচুৰ কেঁচামাল আৰু সস্তীয়া বনুৱা থকা বাবে ব্ৰিটিছ উদ্যোগপতিসকলে ভাৰতৰ কিছুমান নিৰ্বাচিত এলেকাত শিল্প-কাৰখানা গঢ়ি তোলাত আগভাগ লৈছিল। কিন্তু ব্ৰিটিছ মালিকানাৰ উদ্যোগবোৰে ভাৰতীয়ৰ বিশেষ কিবা আকৰ্ষণীয় অৰ্থনৈতিক পৰিৱৰ্তন সাধিব পৰা নাছিল। বৰঞ্চ এনেবোৰ শিল্প উদ্যোগে শোষণৰ নতুন বাটহে প্ৰশস্ত কৰি দিছিল। অতি কম মজুৰী, জোৰ-জুলুম, অ-স্বাস্থ্যকৰ পৰিবেশ আৰু নিৰাপত্তাহীনতাৰ মাজত ভাৰতীয় শ্ৰমিকে কাম কৰিব লাগিছিল। ১৮৫৮ চনৰ পিছৰপৰা ভাৰতত ব্যাপক হাৰত ব্ৰিটিছ পুঁজিৰ বিনিয়োগ দেখা যায়। ফলত ভাৰতত ইংৰাজৰ উদ্যোগতে আধুনিক শিল্প তথা ঔদ্যোগিক বিকাশৰ আৰম্ভ হয়। ইংৰাজ পুঁজিপতিসকলে ভাৰতত পুঁজি বিনিয়োগ কৰাৰ অন্তৰালত কেইটামান বিশেষ কাৰণ আছিল। প্ৰথম কাৰণ হ’ল , ভাৰতত শ্ৰমিক মজুৰী অতি কম। তাৰ উপৰিও উদ্যোগৰ প্ৰয়োজনীয় কেঁচামাল অতি কম খৰচতে পোৱা যায়। লগতে চুবুৰীয়া দেশত উত্‌পাদিত সামগ্ৰীৰ বজাৰ ভাল হোৱাৰ বাবে উদ্যোগপতিসকল প্ৰণোদিত হৈছিল। দ্বিতীয়তে, ইংলেণ্ডৰ পৰা কল-কাৰখানাৰ যাৱতীয় যন্ত্ৰ-পাতি অনাৰ বিশেষ অসুবিধা নাছিল। বিদেশী বীমা কোম্পানী, মেনেজিং এজেন্সী, চৰকাৰী বিষয়াৰ সহযোগ আদিয়ে যন্ত্ৰ পাতি আমদানিৰ কাম সহজ কৰি তুলিছিল। তৃতীয়তে,শিল্প প্ৰতিষ্ঠাৰ বাবে ইংৰাজ উদ্যোগপতিসকলে সহজ কিস্তিত বেংকৰপৰা ঋণ পাইছিল। সেই সুবিধা কিন্তু ভাৰতীয় লোকৰ বাবে নাছিল। আনহাতেদি ভাৰতত ব্ৰিটিছ যুগত শিল্প উদ্যোগ বিকাশৰ কেইটিমান মন কৰিবলগীয়া দিশো আছে। ইংৰাজ উদ্যোগপতি আৰু পুঁজিপতিয়ে ভাৰতত ভাৰতীয় লোকৰ দ্বাৰা ঔদ্যোগিক বিকাশ হোৱাটো কেতিয়াও বিচৰা নাছিল। ইউৰোপীয় বণিক আৰু পুঁজিপতিসকলে ভাৰতত গধুৰ আৰু মূলধন সৃষ্টিকাৰক কোনো উদ্যোগ গঢ়ি উঠাটো নিবিচাৰিলে। ভোগ্য-পণ্য সামগ্ৰী আৰু তাৰ আনুষংগিক শিল্প-প্ৰতিষ্ঠান গঢ়াতহে তেওঁলোকে আগ্ৰহ দেখুৱাইছিল। মুঠৰ ওপৰত ঔপনিবেশিক চৰকাৰৰ পূৰ্ণ সমৰ্থন পাই ব্ৰিটিছ উদ্যোগপতি আৰু পুঁজিপতি লগ লাগি ভাৰতত প্ৰকৃত বিকাশৰ সলনি অৰ্থনৈতিক শোষণৰ ক্ষেত্ৰহে বহলাই গৈছিল। ব্ৰিটিছ ভাৰতত উদ্যোগীকৰণৰ কথা আলোচনা কৰিবলৈ যাওঁতে কাগজ, চামৰা, ঊল, চিমেণ্ট, মদ, জুইশলা, চিচা, মাইকা, মেংগানিজ, যখাৰ, লোণ উত্‌পাদনৰ বিষয়েও উল্লেখ কৰাৰ প্ৰয়োজনীয়তা আছে। ১৮৭০ চনৰপৰা ১৮৮৯ চনৰ ভিতৰত বালি, লক্ষ্ণৌ, টিটাগড় আৰু ৰাণীগঞ্জত কাগজৰ কল স্থাপিত হয়। একে ধৰণে ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্দ্ধত ভাৰতত কিছুমান খনি শিল্প ইংৰাজ উদ্যোগপতিৰ উদ্যমতে গঢ় লৈ উঠে। ১৮৯৭ চনত এটি চৰকাৰী প্ৰতিবেদন মতে বংগদেশৰ বৰ্ধমান জিলাত ৪০ টা, ছোটনাগপুৰ আৰু মালভূম জিলাত ৬২ টা সৰু সৰু কয়লা খনি ভাৰতীয় মালিকানাধীন হিচাপে চলিছিল। ঊনবিংশ শতিকাৰ শেষলৈ ভাৰতত আধুনিক শিল্প আৰু উদ্যোগৰ যথেষ্ট প্ৰসাৰ ঘটা দেখা যায়। ১৯০৫ চনত ভাৰতত সৰু বৰ সৰ্বমুঠ ২৬৮৮ টা কল-কাৰখানা চলি আছিল। এই শিল্পোন্নয়নত ব্ৰিটিছ পুঁজিৰ আধিপত্য পূৰা মাত্ৰাই চলিছিল। ব্ৰিটিছ ভাৰতত ইউৰোপীয় পুঁজি বিনিয়োগ আৰু শোষণৰ ঘাটি আছিল কলিকতা। সেই ধৰণে ভাৰতীয় পুঁজি বিনিয়োগৰ বাবে প্ৰাণকেন্দ্ৰ আছিল বোম্বাই তথা বৰ্তমানৰ মুম্বাই মহানগৰী। শিল্পোন্নয়নৰ বাবে ভাৰতীয় মূলধন বিনিয়োগ কৰা সকলৰ ভিতৰত পাৰ্চী, গুজৰাটী, আৰু মাৰোৱাৰীসকলৰ ভূমিকাই প্ৰধান আৰু লেখত লবলগীয়া। ভাৰতীয় পুঁজি মূলত: বস্ত্ৰশিল্পতে বিনিয়োগ কৰা হৈছিল। ১৮৮০ চনত ভাৰতত বস্ত্ৰ কলৰ সংখ্যা আছিল ৫৫টা আৰু তাত কাম কৰা লোকৰ সংখ্যা আছিল ৩৯,৫৩৭ জন। ১৮৯৫ চনত সেই সংখ্যা যথাক্ৰমে ১৪৪ আৰু শ্ৰমিকৰ সংখ্যা ১,৩৯,৫৭৮ হয়। বস্ত্ৰশিল্প আৰু লঘূ যন্ত্ৰশিল্পৰ উপৰিও ঊনবিংশ শতিকাত ব্ৰিটিছ শিল্পোদ্যোগীৰ উদ্যমত চাহ, কফি, মৰাপাট, ৰবৰ আৰু নীলখেতিৰ যথেষ্ট প্ৰসাৰ ঘটে। এনেবোৰ কৃষি উদ্যোগত ভাৰতীয় শ্ৰমিক-মজদুৰ ব্ৰিটিছ উদ্যোগপতিৰ দ্বাৰা বাৰুকৈয়ে শোষিত হৈছিল। চাহ আৰু নীলখেতিৰ বাগিচাত শ্ৰমিকক কৰা অত্যাচাৰৰ প্ৰতিবাদ নোহোৱাকৈ থকা নাছিল। কিন্তু ইউৰোপীয় মালিকে তেনে প্ৰতিবাদ অতি নিষ্ঠুৰ ভাৱে দমন কৰা উদাহৰণ বহু আছে। ১৮৫৯-৬০ চনত নীলখেতিৰ ইংৰাজ মানুহৰ বিৰুদ্ধে হোৱা ব্যাপক বিদ্ৰোহৰ কথা মন কৰিবলগীয়া। ১৮৯২ চনত কৃত্ৰিম নীল উত্‌পাদনৰ ব্যৱস্থা হোৱাত ভাৰতত নীলখেতি লোপ পায়। ঊনবিংশ শতিকাৰ আগভাগতে ব্ৰিটিছে অসমত চাহ গছ থকাৰ সন্ধান পায়। চিংফৌ জনজাতীয় লোকে ইংৰাজক চাহপাতৰ নমুনা দেখুওৱাত তেওঁলোকে এই বিষয়ে আৰু বিতংকৈ জানিবৰ বাবে আগবাঢ়ি যায়। এই ক্ষেত্ৰত ৰবাৰ্ট ব্ৰুচ্‌ নামৰ চাহাবজনৰ নাম বিখ্যাত। তেৱেঁই প্ৰথমে অসমৰ হাবিত থকা চাহ গছৰ উদ্ভিদ বিদ্যাৰ ফালৰ পৰা সঠিকভাৱে চিনাক্ত কৰে। ১৮৩৯ চনত ইষ্ট-ইণ্ডিয়া কোম্পানীৰ সমৰ্থন পোৱা কিছু ইংৰাজ উদ্যোগীলোকে ‘আসাম টি কোম্পানী’ নামৰ চাহ কোম্পানীটো গঠন কৰে। ইতিমধ্যে তাৰ আগৰ বছৰতে বিলাতলৈ পঠোৱাৰ উপযোগীকৈ কেইবাকচমান চাহ উত্‌পাদ কৰি উলিওৱা হৈছিল। এইধৰণে ঊনবিংশ অতিকাৰ প্ৰথমাৰ্দ্ধতে বিশ্বত অসমৰ চাহ বিখ্যাত হৈ পৰে। আজি অসমত ৮৪৪ খন চাহ বাগিচা আছে। তাৰ উপৰিও সৰু চাহ বাগিচা হিচাপে আৰু বহু ঠাইত চাহ খেতি আছে।বৰ্তমানে অসমৰ ২৩২৬৫০ হেক্টৰ মাটিত চাহ খেতি আছে। অসমৰ চাহ বাগিচাত বৰ্তমানে ৬ লাখৰো অধিক শ্ৰমিক নিযুক্ত হৈ আছে। ভাৰতে ৰপ্তানি কৰা চাহৰ ৫৫ শতাংশ অসমে যোগায়। ১৯০০ চনত ভাৰতৰপৰা ব্ৰিটেইনে ১৩৭ মিলিয়ন পাউণ্ড আৰু চীন দেশে ২৪ মিলিয়ন পাউণ্ড চাহ আমদানি কৰিছিল। ঊনবিংশ শতিকাৰ ঠিক মাজভাগতে ভাৰতত চাহ বাগিচাৰ সংখ্যা আছিল মাত্ৰ ৫১ খন। উজনি অসমৰ পৰা চাহ খেতি ক্ৰমান্বয়ে সুৰমা উপত্যকা, উত্তৰ বংগ, দাৰ্জিলিং, উত্তৰ প্ৰদেশৰ তৰাই অঞ্চল, হিমাচল প্ৰদেশ, পঞ্জাৱৰ কাংৰা, দক্ষিণ ভাৰতৰ নীলগিৰি অঞ্চল আদি ঠাইলৈ সম্প্ৰসাৰিত হয়। অতি কম সময়ৰ ভিতৰতে অসমত ব্ৰিটিছ মালিকৰ বহু চাহ বাগিচা গঢ়ি উঠাৰ মূলতে হ’ল তেওঁলোকে চৰকাৰৰপৰা পোৱা কিছুমান বিশেষ সুবিধা। ইংৰাজ চৰকাৰে ইউৰোপীয় চাহ খেতিয়কসকলক হাজাৰ হাজাৰ একৰ ৰাজহমুক্ত ভূমি এৰি দিছিল। লগতে আন বহুতো সা-সুবিধাও দিয়া হৈছিল। তেনে ইউৰোপীয় চাহ খেতিয়কে বাগিচাৰ গিৰমিতীয়া শ্ৰমিকৰ ওপৰত কৰা সকলো অন্যায়, অত্যাচাৰ দেখা স্বত্বেও চৰকাৰ নিৰৱ দৰ্শক হৈ আছিল। ভাৰতৰ মৌচুমী জলবায়ু মৰাপাট খেতিৰ উপযোগী হোৱাৰ বাবে সময়ত মৰাপাট কল স্থাপন কৰাতো লাভজনক হৈ পৰে। ১৮৫৫ চনত জৰ্জ অক্‌লেণ্ড নামৰ এজন প্ৰাক্তন নৌ সৈনিকে কলিকতাৰ ওচৰত ৰিচ্‌ৰাত প্ৰথম মৰাপাট কলটো স্থাপন কৰে। এটা সময়ত বংগদেশৰ গংগা নদীৰ দুয়োপাৰে অসংখ্য মৰাপাট কল স্থাপিত হয়। ১৯১৩-১৪ চনত ভাৰতৰপৰা ২ কোটি ৫লাখ পাউণ্ড মূল্যৰ মৰাপাট সামগ্ৰী বিদেশলৈ ৰপ্তানি হৈছিল। সেইবছৰত ভাৰতত মৰাপাট কলৰ সংখ্যা আছিল ৬৪ টা। শ্ৰমিকৰ সংখ্যা আছিল ২লাখ ১৬ হেজাৰজন। ভাৰতত লোহা, ইস্পাত, কয়লা, জাহাজ নিৰ্মাণ আদি উদ্যোগ প্ৰতিষ্ঠাৰ আদিছোৱাত ব্ৰিটিছ পুঁজিপতিসকলৰ এক্‌চেতীয়া আধিপত্য আছিল। অৱশ্যে দুই-এক ভাৰতীয় উদ্যোগপতিও এইবোৰ শিল্পত জড়িত থকাৰ উদাহৰণ আছে। ব্ৰিটিছ পুঁজিপতিসকলে নিজৰ লাভালাভৰ কথা সদায় আগত ৰাখি লোহা আৰু ইস্পাত শিল্পত হাত দিছিল। ১৮৭৪ চনত ‘বেংগল আয়ৰণ ওৱৰ্কচ কোম্পানী’ আৰু ১৮৮৯ চনত ‘বেংগল আয়ৰণ এণ্ড ষ্টিল কোম্পানী’ গঠিত হোৱা মন কৰিবলগীয়া। বিশিষ্ট ভাৰতীয় শিল্পত জামচেদজী টাটাৰ উদ্যোগত নাগপুৰত ‘এম্প্ৰেচ মিল’ স্থাপিত হয়। ১৯০৭ চনত জামচেদজী টাটাই জামচেদপুৰত ‘টাটা আয়ৰণ এণ্ড ষ্টিল কোম্পানী’ প্ৰতিষ্ঠা কৰে। ১৯১৪ চনত ইয়াত বিশুদ্ধ ইস্পাত উত্‌পাদন হ’বলৈ ধৰে। লগে লগে ভাৰতৰ ঔদ্যোগিক মানচিত্ৰও সলনি হ’ল। ৰেলপথৰ সম্প্ৰসাৰণ আৰু চৰকাৰ শুল্ক নীতিয়ে ভাৰতত বিদেশী মালিকানাধীন শিল্প-প্ৰতিষ্ঠান গঢ়ি উঠাত সহায়ক হয়। যোৱাটো শতিকাৰ আৰম্ভণিতে হোৱা স্বদেশী আন্দোলনে বিদেশী উদ্যোগৰ উতপাদিত সামগ্ৰী বৰ্জন কৰাৰ আহ্বান জনোৱাৰ ফলত দৈনন্দিন প্ৰয়োজনীয় প্ৰায়বোৰ সামগ্ৰী উত্‌পাদনৰ হকে ভালেমান স্বদেশী শিল্প-প্ৰতিষ্ঠান গঢ়ি উঠিছিল। সেই ধৰণে ঔষধ আৰু ৰাসায়নিক দ্ৰব্য উদ্যোগ ঊনৈশ শতিকাৰ শেষত গঢ়ি উঠে। ১৮১৪ চনত ভাৰতত প্ৰথম কয়লাখনি আৱিষ্কৃত হয়। ১৮৫৭ চনত বংদেশত ৫৬টা কয়লাখনিৰ পৰা ৩ লাখ টন কয়লা উঠোৱা হয়। ১৮৮৭ চনত সেই উত্‌পাদনৰ পৰিমাণ ১০ লাখ টন চেৰাই যায়। ১৯০৯ চনত অকল বংদেশতেই ১১৯ টা কয়লাৰ খনি আছিল। সেই কয়লাৰ খনিত ১লাখ ২৫ হেজাৰ শ্ৰমিকে কাম কৰিছিল। ঊনবিংশ শতিকাৰ শেষত উজনি অসমৰ ডিগবৈত খাৰুৱা তেল আৰু লিডু, মাৰ্ঘেৰিটা, জয়পুৰৰ কয়লা খনিৰ আৱিষ্কাৰে ব্ৰিটিছৰ ভাৰতত ঔদ্যোগীকৰণৰ বাট প্ৰশস্ত কৰে। ডিগবৈ শোধনাগাৰ ব্ৰিটিছ ভাৰতৰ প্ৰথম তেল শোধনাগাৰ। ব্ৰিটিছ পুঁজিপতি আৰু উদ্যোগী কিছুসংখ্যক লোকে কফি আৰু কুঁহিয়াৰ খেতিতো হাত দিছিল। কফি খেতি প্ৰধানত: দক্ষিণ ভাৰতৰ মহীশুৰ, নীলগিৰি আদি ঠাইত লাভজনকভাৱে আগবাঢ়ি যায়। ভাৰতত ঔদ্যোগীকৰণ গা কৰি উঠাত ৰেল আৰু আভ্যন্তৰীণ জল পৰিবহন ব্যৱস্থাৰ ভূমিকা উল্লেখযোগ্য। তেনে উন্নত পৰিবহন ব্যৱস্থা হোৱাৰ ফলত ভাৰতত উত্‌পাদিত সামগ্ৰীতকৈ প্ৰধানত: বিদেশত উত্‌পাদিত পণ্য বস্তু সহজে বিতৰণৰ সুবিধাহে হৈছিল। সকলো ক্ষেত্ৰতে বিদেশী মূলধনৰ অবাধ ৰাজত্ব চলিছিল। সামগ্ৰিকভাৱে বিচাৰ কৰিলে দেখা যায় যে ১৯ শতিকাৰ ভাৰতত ঔদ্যোগীকৰণৰ গোটেই প্ৰক্ৰিয়াটো অতি মন্থৰ গতিৰে আগবাঢ়িছিল। তাৰ উপৰিও শ্ৰমিকসকলে অতি কম মজুৰিত কাম কৰিব লগা হৈছিল। তেওঁলোক সদায়ে অ-স্বাস্থ্যকৰ পৰিবেশত বাস কৰিবলগীয়া হৈছিল। তেওঁলোকৰ উপাৰ্জনৰ নিশ্চয়তা আৰু লগতে নিৰাপত্তাৰ কোনো ব্যৱস্থা নাছিল। ফলত সৰ্বসাধাৰণ ভাৰতীয় জনগনৰ জীৱনলৈ কিমান অৰ্থনৈতিক পৰিৱৰ্তন আহিছিল তাক সহজে অনুমান কৰিব পাৰি। ক্ষুদ্ৰ, মজলীয়া আৰু বৃহত্‌ এই তিনিও শ্ৰেণীৰ ঔদ্যোগিক বিকাশত অনীহা দেখুৱাই ইংৰাজ চৰকাৰে ভাৰতত অৰ্থনৈতিক শোষণ পূৰাদমে চলাই যোৱাটো সাম্ৰাজ্যবাদী ঔপনিবেশিক যুগৰ এক বৈশিষ্ট্য। ফলত প্ৰচুৰ প্ৰাকৃতিক সম্পদ থকা স্বত্ত্বেও ভাৰত ব্ৰিটিছৰ যুগত এক অনুন্নত দেশ হৈয়ে ৰ’ল।

  • দৰিদ্ৰতা আৰু দুৰ্ভিক্ষ :

ইংৰাজৰ শাসনকালৰ আৰম্ভণিৰপৰাই ভাৰতীয় মানুহৰ স্বচ্ছলতা বুলিবলৈ একো নাছিল। সাধাৰণ প্ৰজাই অৱৰ্ণনীয় দৰিদ্ৰতাৰ মাজতে দিন কটাইছিল। অনাহাৰ, দুৰ্ভিক্ষৰ মাজেদি জীৱন কটোৱা ভাৰতীয় মানুহৰ বাবে সাধাৰণ কথা হৈ পৰিছিল। অৱশ্যে ১৯ শতিকাৰ সেই অৱস্থাৰ মৌলিক পৰিৱৰ্তন পৰৱৰ্তী কালত কিমান ঘটিল সিও এক বিচাৰ্য্য বিষয়। ব্ৰিটিছৰ আমোলত ভাৰতীয় মানুহৰ বাবে চাকৰি পোৱাটোও আন এক সমস্যা আছিল। গতিকে ভাৰতীয় মানুহৰ সংস্থানৰ সমস্যায়ো বহু সময়ত বিবুদ্ধিত পেলাইছিল। ১৮৭৬-১৮৭৮ চনৰ ভিতৰত মাদ্ৰাজ, মহীশুৰ, হায়দৰাবাদ, মহাৰাষ্ট্ৰ, পশ্চিম উত্তৰ প্ৰদেশ, পঞ্জাৱত অভাৱনীয় খৰাং বতৰ আৰু দুৰ্ভিক্ষই দেখা দিছিল। ফলত দেশৰ বিভিন্ন ঠাইত গবাদি পশুকে ধৰি লাখ লাখ মানুহ মৰিছিল। ১৮৫৪-১৯০০ চনৰ ভিতৰত কমপক্ষেও ২ কোটিৰো অধিক ভাৰতীয় প্ৰজাৰ খৰাং বতৰ আৰু দুৰ্ভিক্ষ, মাৰি মৰকৰ কৱলত পৰি মৃত্যু হৈছিল। অদৃষ্টবাদী জীৱন-যাত্ৰা প্ৰণালী আৰু জলবায়ুৰ অনিশ্চয়তাৰ লগতে ব্ৰিটিছ ভাৰতৰ অতি পিছপৰা অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়াৰ বাবেই ঊনবিংশ শতিকাত ভাৰতীয় মানুহ বহুখিনি দুখ-দুৰ্দশাৰ সন্মুখীন হৈছিল। প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্য্যৰ মাজতো সৰ্বসাধাৰণ মানুহ দৰিদ্ৰতাৰ এক দু:চক্ৰৰ মাজত জীয়াই আছিল। বিদেশীৰ শাসন-শোষণ, কৃষি শিল্পৰ দুৰ্বল গাঁথনি এই সকলোবোৰ মিলি ভাৰতৰ অৰ্থনৈতিক পৰিৱৰ্তন অতি মন্থৰ কৰি তুলিছিল। নগণ্য অৰ্থনৈতিক বিকাশৰ যোগেদি কোটি কোটি ভাৰতবাসীৰ জীৱন-নিৰ্বাহৰ মানদণ্ড অতি নিম্নস্তৰত ৰাখি থোৱা হৈছিল। ঊনবিংশ শতিকাৰ শেষত বিদেশী শাসন শোষণৰ হেঁচাত পংগু হৈ পৰা ভাৰতীয় অৰ্থনীতিৰ দুখলগা চিত্ৰ বহু ঐতিহাসিকৰ লিখনিত পোৱা যায়। ব্ৰিটিছ ঔপনিবেশিক অৰ্থনীতি ভাৰতত ঔদ্যোগিক বিকাশৰ বাবে প্ৰধান অন্তৰায়স্বৰূপ আছিল। ব্ৰিটেইনত ঔদ্যোগিক বিকাশ, সামাজিক পৰিৱৰ্তন, সাংস্কৃতিক উন্নয়নৰ সকলো প্ৰচেষ্টা চলাৰ সময়ত তেওঁলোকৰ ঘাই উপনিবেশ ভাৰতত অনগ্ৰসৰতাই আৱৰি আছিল। প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্য্য থকা স্বত্বেও ব্ৰিটিছ ভাৰত এখন অনুন্নত দেশ হৈ থকাতো অতি দুৰ্ভাগ্যৰ কথা। ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ লগতে কোটিকলীয়া কুটীৰশিল্পৰ পতন, আধুনিক শিল্পোদ্যোগ প্ৰতিষ্ঠাত অনীহা, ত্ৰুটীপূৰ্ণ ভূমি তথা কৃষি ব্যৱস্থা, নিৰক্ষৰতা, জমিদাৰ আৰু আন ভু স্বামীসকলৰ শোষণ, কৃষক প্ৰজাৰ ঋণগ্ৰস্ততা এই সকলোবোৰ মিলি ঊনবিংশ শতিকাৰ ভাৰতত দৰিদ্ৰতা আৰু দুৰ্ভিক্ষতাৰ মাত্ৰা দিনে দিনে বঢ়াই নিছিল। গৱৰ্ণৰ জেনেৰেলৰ কাউন্সিলৰ এজন সদস্য চাৰ্লচ্‌ ইলিয়তে মন্তব্য কৰিছিল যে ভাৰতত কৃষক শ্ৰেণীৰ অৰ্ধেকেই বছৰ বছৰ ধৰি অৰ্ধাহাৰ, অনাহাৰত সময় কটায়। কৃষি আৰু উদ্যোগিক এই দুয়োটা ক্ষেত্ৰৰ গাঁথনি অতি দুৰ্বল হোৱা বাবে ব্ৰিটিছ যুগৰ ভাৰতীয় প্ৰজাৰ দৰিদ্ৰতা এক অন্তহীন সমস্যাস্বৰূপ আছিল। তেওঁলোকৰ জীৱন নিৰ্বাহৰ মানদণ্ড সমকালীন ইউৰোপ, আমেৰিকা আদি দেশৰ তুলনাত অতি তলত আছিল। ইংলেণ্ডত যি সময়ত শিল্প বিপ্লৱ আৰম্ভ হৈছিল ঠিক সেই সময়তে ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে বংগদেশ জয় কৰে। শিল্প বিপ্লৱে ইংলেণ্ডলৈ ভৱিষ্যত উন্নতিৰ প্ৰচুৰ সম্ভৱনা আনি দিয়ে। আনহাতেদি ইংৰাজ জাতিৰ ভাৰত বিজয়ে দেশখন আৰু কোটি কোটি ভাৰতীয়ৰ জীৱন অভিশপ্ত কৰি তোলে।

ভাৰত বুৰঞ্জী

 

3.02222222222
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top