অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মদন কামদেৱ দেৱালয় :

মদন কামদেৱ দেৱালয় :

 

অসমত একাদশ শতিকা আৰু দ্বাদশ শতিকাৰ প্ৰথম চতুৰ্থাংশত ৰাজত্ব কৰা পালবংশৰ ৰজাসকলে অসমৰ আটাইতকৈ চহকী স্থাপত্য-ভাস্কৰ্যৰ ধাৰাটোৰ সৃষ্টি কৰিছিল। এই পালবংশীয় স্থাপত্যৰ আটাইতকৈ ডাঙৰ থূপটোৱেই হৈছে মদন কামদেৱত থকা শিল আৰু ইটাৰে নিৰ্মিত স্থাপত্যসমূহ।

কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰপৰা চাৰি কিলোমিটাৰ পূব-দক্ষিণ দিশত অৱস্থিত দৃষ্টিনন্দন প্ৰাকৃতিক শোভামণ্ডিত ‘দিৱানগিৰি’ বা মদন-কামদেৱ পাহাৰত শৈল ভাস্কৰ্যৰ ৰত্ন ভাণ্ডাৰ মদন কামদেৱ দেৱালয় অৱস্থিত।

পাহাৰৰ ওপৰৰ সমতল ভূমিত থকা শৈল মন্দিৰৰ শিলামূৰ্তি মূলতঃ দেৱালয়খনৰ অন্তৰ্ভাগৰ পূজা-অৰ্চনাৰ ঘাই থলী।

তদুপৰি ইয়াৰ মূল মণিকূট তথা গৰ্ভতস্থিত আলিংগনোপবিষ্ট উমা-মহেশ্বৰৰ যুগল মূৰ্তিয়েই ঘাই উপাস্য দেৱতা।

পাহাৰৰ নামনি তথা ওচৰেদি বৈ গৈছে চিৰ প্ৰৱাহমান ৰূপত মদনকুৰি নামৰ সৰু নৈখন।

প্ৰণিধানযোগ্য যে মদন কামদেৱ দেৱালয় সম্পৰ্কত কোনো লিপি অথবা প্ৰামাণিক তথ্য উদ্ধাৰ নোহোৱাত ইয়াৰ পৰিচয় উৎস সঠিকভাৱে পোৱা নাযায়।

অৱশ্যে যোগিনী তন্ত্ৰৰ উত্তৰ খণ্ডত ‘মদন কামদেৱ’ পাহাৰৰ ‘মদনাচল’ আৰু মদনকুৰি নৈখনক ‘মদনকুণ্ড’ ৰূপে উল্লেখ কৰিছে। এই প্ৰসংগত উল্লেখ কৰাটো সমীচীন হ’ব যে ১৯৪৩ চনত তৰণীকান্ত শৰ্মাৰ ‘জাৰ্ণেল অব দ্য এছাম ৰিছাৰ্চ ছ’চাইটী’ শীৰ্ষক পত্ৰিকাত মদন কামদেৱ দেৱালয়ৰ ১২ মন্দিৰৰ অৱশেষ থকাৰ কথা প্ৰকাশিত হোৱাৰ উপৰি ১৮৫১ চনৰ ইংৰাজ সামৰিব বিষয়া কেপ্টেইন ‘ই টুইট ডেল্টম’- এ বেঙ্গল এছিয়াটিক ছ’চাইটীৰ পত্ৰিকাত দেৱালয়খনত ১৮ টা মন্দিৰৰ অৱশেষ থকা বুলি প্ৰকাশ কৰিছিল।

পৰৱৰ্তী সময়ত আনন্দ চন্দ্ৰ আগৰৱালাৰ ‘কামৰূপৰ তীৰ্থ বিৱৰণ’, ড° মহেশ্বৰ নেওগৰ ‘পৱিত্ৰ অসম’ত মদন কামদেৱ দেৱালয়ৰ কিছু কথা উল্লেখ কৰিছে।

প্ৰত্নতত্ত্ববিদ ড° প্ৰদীপ শৰ্মাই বিভিন্ন প্ৰবন্ধত দেৱালয়খনৰ ভালেমান ইতিপূৰ্বে পোহৰলৈ নহা গৱেষণামূলক তথা দাঙি ধৰিছে।

একেদৰে সাহিত্যিক অনিল ডেকাৰ ‘দিবানগিৰি’ ৰমনী মোহন ডেকাৰ ‘ত্ৰি-তীৰ্থ শোভিছে য’ত আদি দেৱালয় সম্পৰ্কীয় গ্ৰন্থত মদনকামদেৱ দেৱালয়ৰ দেৱতা ‘মদন কামদেৱ’ নামে অভিহিত।

ইয়াৰ মূল উপাস্য মূৰ্তি উমা-মহেশ্বৰ যদিও বিভিন্ন আয়তনৰ মন্দিৰবোৰৰ সমীপত কেইটামান গজকালৰ অৰ্থাৎ এইবিধ মূৰ্তিত বহি থকা হাতী এটাক সিংহই বশ কৰি থকা ভংগীত দেখা যায়। উল্লেখ্য যে এনে গজসিংহ আকাৰৰ মূৰ্তি ওড়িশাৰ একাংশ মন্দিৰত দেখা যায়।

সাধাৰণতে এইবিধ মূৰ্তিয়ে মন্দিৰৰ সন্মুখভাগ শুৱনি কৰিছিল। একেদৰে কাৰুকাৰ্যখচিত শিৰপট্টিবোৰৰ গাত নাগৰ মন্দিৰৰ নক্সাৰ লগতে ললাটবিম্বত গণেশ, গজলক্ষ্মী আদিৰ মূৰ্তি দেখা যায়।

ললাটবিম্ব মানে হ’ল- শিৰপট্টিৰ মাজৰ অংশৰ দেৱকোষ্ঠত গণেশ গজলক্ষ্মী, ঘোঁৰা, দেৱ-দেৱীৰ মূৰ্তি, গৰুড়, পদুম ফুল আদি থকা ঠাই।

খনন কাৰ্যত উদ্ধাৰ হোৱা আকৰ্ষণীয় স্থাপত্যাংশ হ’ল- এচটা বিশ্ব পদ্মখচিত বিৰাট আকাৰৰ তৌলিৰ শিল আৰু তাতোকৈ বৃহৎ আকাৰৰ খণ্ডিত বৃত্তাকাৰ শিলৰ চটা।

প্ৰত্নতত্ত্ববিদ ড° প্ৰদীপ শৰ্মাই উল্লেখ কৰিছে যে- ‘সামগ্ৰিক নক্সাৰ ফালৰ পৰা মদন কামদেৱ মন্দিৰৰ ৰূপ খ্ৰীষ্টীয় এঘাৰ-বাৰ শতিকাৰ উত্তৰ ভাৰতত গঢ় লৈ উঠা মন্দিৰৰ স্থাপত্যৰ লগত একে বুলি নিৰ্বিবাদে ক’ব পাৰি।

‘ইতিপূৰ্বে খনন কাৰ্যত উদ্ধাৰ হোৱা দুশৰো অধিক দেৱ-দেৱীৰ মূৰ্তিৰ ভিতৰত নটৰাজ, চতুৰ্ভূজ, শিৱ, গণেশ, বিষ্ণু, ভৈৰৱ, উমা, সূৰ্য, অস্পৰা, বিদ্যাধাৰীৰ লগতে ভালেমান অপৰিচিত দেৱ-দেৱীৰ মূৰ্তিও আছে।

তদুপৰি সিংহ, গজসিংহ, হস্তী, শিয়াল, কুকুৰ, শগুণ আদিৰ চিত্ৰ খোদিত অসংখ্য শিলাখণ্ড উদ্ধাৰ হৈছে।

মূৰ্তি আৰু কাৰুকাৰ্য খচিত স্থাপত্যাংশৰ ভাস্কৰ্যসমূহ দেৱ-দেৱীৰ মূৰ্তি, নৰ-নাৰী মূৰ্তি, প্ৰতীকধৰ্মী ভাস্কৰ্য আৰু অলংকৰণ বিষয়ৰ ভাস্কৰ্য- এই চাৰি ভাগত শ্ৰেণীভুক্ত।

তদুপৰি গাত থকা শৈল পাটিসমূহত নৃত্যৰত শিল্পী, যোদ্ধা, কৰ্মৰত ভাস্কৰৰ উপৰি আন আন কলাত্মক মূৰ্তি আছে। প্ৰণিধানযোগ্য যে ১৮ শ শতিকাত ধ্বংসপ্ৰাপ্ত দেৱালয়খন আহোম স্বৰ্গদেৱ শিৱ সিংহই মেৰামতি কৰি দিয়ে।

পৰৱৰ্তী সময়ত ১৯৭২ চনত প্ৰত্নতাত্বিক সঞ্চালকালয়ে দেৱালয়খনৰ বিভাগীয় দায়িত্ব গ্ৰহণ কৰে। ১৯৭৭ চনত প্ৰত্নতাত্ত্বিক সমোদসমূহ উদ্ধাৰৰ অৰ্থে খনন কাৰ্য আৰম্ভ কৰে যদিও এই কাৰ্য বিভাগীয় কাৰণত বন্ধ কৰি দিয়ে।

অৱশ্যে ১৯৮২-৮৩ চনত খনন কাৰ্য চলাই শৈল ভাস্কৰ্য মূৰ্তিসমূহ উদ্ধাৰ কৰাৰ উপৰি মূল মন্দিৰটো উদ্ধাৰ কৰে।

সম্প্ৰতি প্ৰত্নতত্ত্ব বিভাগে দেৱালয়খনৰ গুৰুত্ব বৃদ্ধি কৰাৰ আঁচনি গ্ৰহণ কৰি মূল্যৱান ভাস্কৰ্যসমূহৰ এটি সংগ্ৰাহলয় স্থাপন কৰি দৰ্শনাৰ্থীৰ বাবে সংৰক্ষিত কৰিছে।

উল্লেখ্য যে ১১৮ বিঘা মাটিৰে পৰিৱেষ্টিত মদন কামদেৱ দেৱালয়ত ইয়াৰ অৰ্দ্ধেক অংশ মাটিহে দেৱালয়ৰ নামত বৰ্তি আছে।

মৈথুন মূৰ্তিৰ প্ৰাধান্য থকাৰ উপৰি নাগৰ যুক্ত অৰ্থাৎ ‘কৰ্দৈসিৰীয়া’ স্থাপত্য কলাৰ নিৰ্দেশনাৰ বাবে মদন কামদেৱ দেৱালয়ক ‘খাজুৰাহো’ৰ স্থাপত্যৰ লগত তুলনা কৰিব পাৰি।

মদন কামদেৱ স্থাপত্যসমূহৰ গুৰুত্ব এই কাৰণেই বেছি যে ৰাজ্যখনত থকা মধ্যযুগীয়া কোনো অৱশেষতে ইমানখিনি স্থাপত্য আৰু ভাস্কৰ্যৰ সাক্ষী একে থূপতে এনেদৰে বৃহৎ আকাৰত ৰৈ যোৱা নাই।

নকৈ নোৱাৰি যে কি কাৰণত কাৰ পৃষ্ঠপোষকতাত পাহাৰৰ অৰণ্যভূমিত কোন শিল্পীয়ে এই দৃষ্টিনন্দন অপূৰ্ব ভাস্কৰ্য কাটি উলিয়াইছিল, সেই কথা অদ্যাপি ৰহস্যাবৃত্ত।

প্ৰত্নতাত্ত্বিক বিভাগে অধিক খনন কাৰ্যৰ জৰিয়তে মাটিত পোত গৈ থকা শৈল ভাস্কৰ্যসমূহ উদ্ধাৰ কৰিলে ই নিশ্চয় অদূৰ ভৱিষ্যতে বিশাল প্ৰত্নতাত্ত্বিক সমলৰ ভঁৰাল হৈ পৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যটনৰ মানচিত্ৰত ‘মদন কামদেৱ দেৱালয়’ এক গুৰুত্বপূৰ্ণ স্থান হিচাপে স্বীকৃত হ’ব।

লেখক: চন্দ্ৰ চহৰীয়া(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 5/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate