মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / ছেঙ-লুঙ-মুঙীয়া লাচিৎ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ছেঙ-লুঙ-মুঙীয়া লাচিৎ

ছে-লুঙ-মুঙীয়া লাচিৎ

সম্প্ৰতি শিৱসাগৰ জিলাৰ দক্ষিণাঞ্চলত অৱস্থিত সৰু পাহাৰীয়া অঞ্চলৰ নাম ‘চিংল’। স্বৰ্গদেউ ‘চ্যাও-লুঙ-ছ্যু-কা-ফা’ৰ দিনত এই অঞ্চলৰ নাম ‘ছেং-লুঙ-মুঙ’ আছিল। ছেঙ-পৱিত্ৰ বা মহিমা মণ্ডিত,লুঙ-মহান অথবা বৃহৎ,মুঙ-অঞ্চল অথবা ৰাজ্য বুজায়। ভাৱাৰ্থ হ’ব পবিত্ৰ বা মহিমামণ্ডিত এডোখৰ বৃহৎ আকাৰৰ নগৰাঞ্চল। এই অঞ্চলৰে ঠিক দক্ষিণ দিশত থকা ছেঙ-লুঙ-মুঙৰ দাতিকাষৰীয়া সমতল অঞ্চলটোক তিৰোপথাৰ বুলি কোৱা হয়। পূৰ্ৱ কালত এই অঞ্চলৰ নাম ‘তিউৰা’ পথাৰ নামাকৰণ আছিল। ইয়াত টাই আহোমৰ স্বৰ্গদেউ সকলৰ যুদ্ধৰ সা-সামগ্ৰী সমূহৰ তৈয়াৰ কৰাৰ বৃহৎ কাৰখানা আছিল। ইয়াৰ পৰ্ৱতীয়া উত্তৰাঞ্চলেই হ’ল টাই আহোম চাওফা/স্বৰ্গদেউ সকলৰ পূৰ্ব প্ৰথম স্থায়ী ৰাজধানী।এই ৰাজধানী ১২৫৩ খ্ৰীষ্টাব্দত চ্যাও-লুঙ-ছ্যু-কা-ফা স্বৰ্গদেৱে প্ৰ্তিষ্ঠা কৰাইছিল। সম্প্ৰতি ই এখন টাই আহোম সকলৰ অতি পৱিত্ৰ অঞ্চল। ইয়াতে ছ্যুকাফা দেওৱে সুদীৰ্ঘ ৪১ বছৰ ৰাজত্ব কৰি ইহলীলা সম্বৰণ কৰে। টাই ভাষাৰ হাতে লিখা সাঁচি পতীয়া পুথি সমূহত চৰাইদেউত নগৰ কৰাৰ বিষয়ে এনেদৰে উল্লেখ আছে। লাকনি ম্যু কাওঁত চাম-চাং-মু-হিৎ-চে-তাম দই,চেলুভ্ং,চেখাম,ইন য়াং অৰ্থাৎ লাকনি ম্যুকাঁওত তেওঁ চে তাম দই চেলু ভং চেখাম নামে পাহাৰীয়া ঠাই ডোখৰত নগৰ স্থাপন কৰিলে।কালক্ৰ্মত এই চে তাম দইয়ে চে-ৰাই-ডয় হ’ল। চে-নগৰ,ৰাই-জিলিকি থকা,ডয়- পৰ্বত অৰ্থাৎ পৰ্বতৰ ওপৰত জিলিকি থকা এখন দেশ বা নগৰ। উল্লেখিত তিৰোপথাৰ কাৰখানা নগৰাঞ্চল ১৫ শতিকাৰ পৰা বিখ্যাত ৰাজ পণ্ডিত মহুঙ মছাই কাছেংডামৰ পুত্ৰ মছাই ছেঙ-কালুক পৰ্যন্ত তেখেত সকলৰ তত্বাবধানত পৰিচালনা বা চোৱা চিতা কৰিছিল। এইজন ছেঙ কালুকৰ পুত্ৰই হৈছে বিখ্যাত শৰাইঘাটৰ যুদ্ধৰ মুখ্য সেনাপতি মহাবীৰ লাচিত বৰফুকন।‘ছেঙ-লুঙ-মুঙ’অঞ্চলতে ১৬২২চনত,ভাদ মাহৰ পৱিত্ৰ পূৰ্ণিমাত লাচিতৰ জন্ম হয়।এওঁ মছাই চেঙ কালুকৰ চতুৰ্থ পুত্ৰ আছিল। কোনো কোনোৱে লাচিতক সপ্তম পুত্ৰ বুলিও কব খোজে।অৱশ্যে ইয়াৰ কাৰণো নথকা নহয়।আছলতে মছাই ছেঙ কালুকৰ সাতজন পুত্ৰ জন্ম হৈছিল আৰু অষ্টম গৰাকী কন্যা সন্তান আছিল।এই গৰাকী ভনীয়েকৰ নাম লাইছেং গাভৰু আছিল।এখেতৰ নাম অনুসৰিয়েই লাইছেং গাৱৰ নামাকৰণ হৈছে।লাচিতৰ দুই ককায়েকৰ বাল্য কালতে মৃত্যু হৈছিল।তাৰে এজনৰ নাম ‘বগা’ আছিল।অন্য এজন ককায়েক নিচেই কেচুৱা অৱস্থাতে মৃত্যু হোৱাত তেওঁৰ নামাকৰণ কৰা নহল। অন্যহাতে টাই আহোমৰ পৰম্পৰা মতে কন্যা সন্তানক পুৰুষ নামা বুৰঞ্জীত উল্লেখ নকৰে। গতিকে তেওলোকৰ পাঁচ জন ককাই ভাই কথাহে পুৰুষ নামা বুৰঞ্জীত উল্লেখ আছে। জন্ম ক্ৰ্ম অনুসৰি লাচিত লাও বুৰঞ্জীত উল্লেখ আছে। ৰাজপণ্ডিত মছাই চেঙ কালুকে দুগৰাকী পত্নী বিবাহ কৰাইছিল। ইয়াৰে প্ৰ্থম গৰাকী আছিল ‘তিউৰা’(চুতীয়া খেলৰ বা বংশৰ, অন্য এগৰাকী ‘কুন্তী’ মৰাণ ফৈদৰ ৰাজকুমাৰী আছিল।তাৰে প্ৰ্থম গৰাকী তিউৰা আইদেউৰ ফালৰ পুত্ৰ ক্ৰ্মে-মাইচেউ আৰু ত্যাও মুঙছেঙ ওৰফে ত্যাও মুচুঙ আছিল।দ্বিতীয় গৰাকী মৰাণৰ জীয়ৰী পুত্ৰ ক্ৰ্মে- ম’বাও লাও, লাছিৎ লাও আৰু লাপেৎ লাও। মৃত্যু হোৱা দুজনৰ বাদে ক্ৰ্মানুসৰি-মাইচেউ,ম’বাও লাও,ত্যাঙ মুঙ ছেঙ,লাছিৎ লাও আৰু লা পেৎ লাও।( মহাবীৰ লাচিত বৰফুকনৰ জীৱন বুৰঞ্জী আৰু বংশাৱলী,ইন্দ্ৰ মহন বৰুৱা ) লাছিৎ লাওৰ (মহাবীৰ লাছিৎ বৰফুকন) জন্ম বৃতান্ত মহুঙ বংশৰ ‘লাই-লিত’ বুৰঞ্জী পুথিখন চৰাই মৰীয়া বংশৰ বিখ্যাত টাই আহোম পণ্ডিত ঘিনাই বাণ্টুঙীয়া মহুঙ বৰুৱাৰ ৰচনা।অন্য এখন পুথি মেমিমাংফুৰা (নেমিমাংফুৰাখনত বুদ্ধ জাতকৰ কথা লিখা আছে) লাচিতৰ দেওতিয়েক মছাই কাছেংডামে ৰচনা কৰা।আৰু এখন বিশেষ মূল্যৱান পুথি-‘অনাদি বুৰঞ্জী’ এই সু-বৃহৎ সাঁচিপাতৰ পুথিখন বাণ্টুং নগৰৰ ডামচাও বিশ্ব মহুঙ ফুকনৰ ঘৰত আছে। ডামচাও পোনা মহনৰ(পণ্ডিত) ঘৰত মহন ফৈদৰ নুমলী বৰগোঁহাইৰ ৰচনা ‘চকৰী ফেটী’ বুৰঞ্জীখন মই আজি প্ৰায় পোন্ধৰ বছৰ মান আগতে দেখা পাইছিলো।কাৰণ পোনা মহন নিচাদেউৱে মোক দেখুৱাইছিল।এই বুৰঞ্জীখন ঘিলাগুৰি ডাম চাও তোষেশ্বৰ দিহিঙীয়া মহন পণ্ডিতে আজিৰ পৰা পচিশ বছৰ মান আগতে পঢ়া কথাটো তেখেতৰ মুখে জানিব পাৰি দুয়ো গত ২০০১ চনত খবৰ লৈ কেইবাখনো টাই ভাষাৰ সাচি পাতৰ পুথি পালো। কিন্তু উল্লেখিত চকৰিফেটিখন নাপালো।সেইখন পুথিত মহাবীৰ্ লাচিতৰ কথা বৰ্ণনা কৰা হৈছে।প্ৰ্কৃততে চকৰীফেটী পিছৰ নামাকৰণ,পূৰ্বে জাতিকূলৰ বুৰঞ্জীহে নাম আছিল। টাই আহোম সকলে বুৰঞ্জীক অতি মূল্যৱান বস্তু বুলি সন্মান কৰে।আচলতে বুৰঞ্জী শব্দটো ভাৰতবৰ্ষত মূলতে টাই আহোম সকলৰহে আছিল।কোনো লোকে বুৰঞ্জীক ইতিহাস বুলিও কবলৈ বিচাৰে। ইতিহাস আৰু বুৰঞ্জী দুয়ো একে বস্তু নহয়।ইতিহাসৰ কিছুমান কথা সচাঁ কিছুমান কথা সজা।ইতিহাসৰ বহু কথাই ধুৱলী কুঁৱলী মাথো ঘাই জকাটোহে নিৰ্ভেজাল সচাঁ। বিজ্ঞানসন্মত সত্য তথ্যৰাজিৰে পৰিপূৰ্ণ নিৰ্ভেজাল কাহিনীকেই প্ৰ্কৃত বুৰঞ্জী বুলি কোৱা হয়।বুৰঞ্জীত সাধাৰণতে আখ্যান উপাখ্যান জড়িত নাথাকে।যেনে আৰ্য হিন্দুসকলৰ পুৰাণ, ভাগৱত, ৰামায়ণ,মহাভাৰত আদি একোখন ইতিহাস।ড৹ সূৰ্যকুমাৰ ভুঞাৰ সম্পাদিত ‘দেওধাই অসম বুৰঞ্জী’ খনো এখন বিকৃত ধৰণৰ ইতিহাস বুলি কব পৰা যায়।লগতে তেখেতৰ সম্পাদিত ‘ Aton Bura Gohain and his times’ আৰু ‘ lachit borphukon and his times’ বুৰঞ্জী দুয়োখনেই ইতিহাসৰ ভিতৰত পৰে বুলি কব পৰা হয়।এইদৰে কাশীনাথ তামূলি ফুকন,সুকুমাৰ মহন্ত,হেমচন্দ্ৰ গোস্বামীৰ বুৰঞ্জীবোৰো একো একোখন বিকৃত ইতিহাস।এইদৰে বৰ্ণ হিন্দু বুৰঞ্জীবিদ সকলে টাই আহোমৰ বহুতো মূল্যৱান বুৰঞ্জী সম্পাদনা কৰি বিকৃত ৰূপ দিলে।লাছিৎৰ দৰে এজন বিশ্ববিখ্যাত বীৰক ম’মায়েকৰ ঘৰত বন্ধোৱা খটা,শৰাইঘাটৰ যুদ্ধত নৰীয়া পৰি থকা,চাৰি ভূঞা পোৱালীয়ে নৰীয়া পাটিৰ চালপীৰাৰ খুটাত ধৰি বাটঘৰলৈ অনা,চাওদাঙক টঙনিয়াই পানীত পেলোৱা আদি ভেল্কীবাজী কথা।ইয়াৰ উপৰিও ড৹ সূৰ্যকুমাৰ ভূঞাই “দেওধাই অসম বুৰঞ্জীত’ অতি বিকৃত, ঘৃণনীয় ভাৱে সম্পাদনা কৰি লেখিলে যে খুন লুঙ আৰু খুন লাইৰ লগত স্বৰ্গৰাজ ইন্দ্ৰই(আমাৰ মতে ইন্দ্ৰ আৰ্য হিন্দুসকলৰ কল্পিত দেৱতা) হেনো এইসকলক পঠাইছিল।“খুন-লুঙ খুন লাইক হেনো ৰাজ অলংকাৰ বস্তু অলেখ দি পঠালে। আৰু পানী নাগিনী বুলি লাংগি,লেচাম বুলি ভালুক,লেচাই বুলি বাঘ,লাংগু বুলি সাপ,লাচিত বুলি উদ,লাপেত বুলি মেকুৰী,লাও বুলি বান্দৰ আদি ইন্দ্ৰই এই সকলৰ লগত দি খুন লুং, খুনলাইক পৃথিৱীলৈ পঠালে।”(দেওধাই অসম বুৰঞ্জী) মহাবীৰ লাচিতৰ ভায়েক লাপেৎ লাও লাচিতৰ জন্মৰ দুবছৰ পিছত অৰ্থাৎ ১৬২৪ খ্ৰীঃত জন্ম লাভ কৰিছিল।লাপ্তে খামং পানী ফুকনৰ কন্যা ধেমাজী (ধেমেচী) আইদেউক বিবাহ কৰায়।তেওলোক দুয়ো পিতৃ গৃহস্থান ছেঙ লুঙ মুঙতেই পৰিয়াল সহ বসবাস কৰি আছিল।তেখেত সকলৰ যুদ্ধ সাধনা স্থান ছেঙ লুঙতেই আছিল।সেই কাৰণেই লাচিতৰ বৰপুত্ৰ চ্যাও- চেঙ-ডামৰ পৰিয়াল বৰ্গক ছেঙ লুঙ মুঙীয়া বহন বা মহুঙ ফৈদ নামেৰে জনাজাত হৈ পৰিল। এওলোকৰ পৰিয়ালৰ লোকেই চৰাইদেউৰ উত্তৰে লাইছেং গাওঁ,দক্ষিণ মৰাণজান,জজলী গাঁৱতেই ৯৫ শতাংশ বসবাস কৰি আছে।পূৰ্বে চিংল’ পাহাৰৰ দক্ষিণে অৱস্থিত তিৰো পথাৰখনেই এওলোকৰ বসতি আৰু খেতি খোলা কৰা বৃহৎ খেতিৰ অঞ্চল আছিল।বৰ্তমান তিৰো পথাৰখন নাগালেণ্ডৰ অধীনত সোমাল।লাচিত বৰফুকনেও পিতাকৰ নিচিনাকৈ অন্য খেলৰ অৰ্থাৎ চুতীয়া খেলৰ এগৰাকী জীয়ৰী প্ৰ্থম পত্নী হিচাপে বিবাহ কৰাইছিল।প্ৰ্থম চুতীয়া খেলৰ পত্নী গৰাকীৰ কোনো সন্তান নোহোৱাত দ্বিতীয় গৰাকী ৰাজমন্ত্ৰী আতন বুঢ়াগোহাইৰ জীয়েক গোঁহাই আইদেওক বিবাহ কৰালে।গোহাঁই জীয়ৰী একমাত্ৰ সন্তান মহুং চ্যাও চেঙ ডাম আছিল।শৰাইঘাট যুদ্ধৰ কিছুকালৰ পিছত অনিচ্ছাকৃত ভাৱে তৃতীয়গৰাকী পত্নী যুদ্ধ ক্ষেত্ৰৰ প্ৰ্ধান সতীৰ্থ লেফেৰা ছেঙধৰা ফুকনৰ কন্যা এগৰাকীক বিবাহ কৰাব লগীয়া হৈছিল।এইগৰাকী ছেংধৰা অইদেওৰ ফালৰ পৰা দুটা সন্তান ক্ৰ্মে আইধাঙ আৰু ইঃধাঙ জন্ম হয় ১৬৭৩ চনৰ পিছত।লাচিতৰ শেষৰজন শহুৰেক ছেংধৰা ফুকনে টাই আহোমৰ ধৰ্মীয়পুথি “ফ-কাম” পুথিৰে মন্ত্ৰৰ বলেৰে হাতেৰে স্পৰ্শ নকৰাকৈয়ে পশু, পক্ষী আদি বধ কৰিব পাৰিছিল।তেওঁ ‘হৰলুকী মায়া’ ধাৰণ কৰিব পাৰিছিল।এইজন শহুৰ ফুকনৰ পৰা মহাবীৰ লাচিত বৰফুকন আৰু লাচিতৰ যুদ্ধক্ষেত্ৰৰ আনজন সতীৰ্থ গদাপানী ফুকনেও(লাঙি ফুকন) হৰলুকী মায়া আয়ত্ব কৰি লৈছিল।গতিকে শৰাঘাটৰ যুদ্ধ শেষ হোৱাৰ পিছতেই লাচিত অন্তৰ্ধাণ হৈ গুপুতে জীৱন কটাবলগীয়া হৈছিল।লাঙি গদাপানীয়েও লালুকীৰ ষড়যন্ত্ৰৰ বলি নোহোৱাকৈ গুপুত জীৱন কটাই ফুৰিব পাৰিছিল। কিছুমান বুৰঞ্জীবিদে বিখ্যাত মহন ফৈদৰ শৰাইঘটীয়া বীৰ লাচিতক মোমাই তামূলী ওৰফে লাজু গোঁহাইক লুখুৰাখন বংশৰ লোক বুলি কব খোজে।লুখুৰাখন আৰু লুক খা খন শব্দ দুটাৰ পাৰ্থক্য আছে। পুৰণি টাই আহোম বুৰঞ্জীত মোমাই তামূলিক ফুকে লুঙ লান ফিমা অৰ্থাৎ লানফিমা বৰবৰুৱা বুলিহে উল্লেখ আছে।দেওধাই অসম বুৰঞ্জীৰ ১৫ পৃষ্ঠাত লুখুৰাখনৰ বিষয়ে বৰ্ণনা আছে। কিছুলোকে লাচিতক সপ্তম পুত্ৰ আৰু লাপেৎক অষ্টমপুত্ৰ বুলিও কব খোজে।টাই আহোমৰ বিখ্যাত পণ্ডিত তেঙাই মহুঙ ফুকনৰ “বৰ অম্ৰ” মতে ’লা’ ৰ অৰ্থ মুকলি হোৱা,বেলি ভটিয়াই যোৱা,নঙঠা হোৱা,লা লগোৱা ইত্যাদি অৰ্থ প্ৰ্কাশ কৰে। চিৎ অৰ্থে কমা,খং বছা, ৰোহ লগা,সাতদ্বীপ, সাত স্ংখ্যা বুজায় আৰু ছিৎ অৰ্থে ফুটনি কৰা,অংগীকাৰ,মৰাপাট আদিৰ অৰ্থ প্ৰ্কাশ কৰে।কিন্তু অসমীয়া শব্দ কোষত এনে ধৰণেৰে পোৱা যায়-লাচিৎ সপ্তম আৰু লাপেৎ অষ্টম। এতিয়া বুজিব পাৰি যে লাছিৎ মানে যে সপ্তম পুত্ৰ হ’ব আৰু লাপেৎ মানে যে অষ্টম পুত্ৰ হ’ব ই এক ভ্ৰান্ত ধাৰণাহে।লাছিৎত ভাতৃ লাপেৎ বুলি এজন ব্যক্তি পাবলৈ আছে। গতিকে লাছিৎত ভায়েক লাপেৎ আৰু মৌমাই তামূলী পুত্ৰ্দ্বয় নহয়।এই সংক্ৰান্তত অনেক উদাহৰণ উল্লেখ কৰিব পৰা যায়।এনে উদাহৰণ তলত উল্লেখ কৰা হ’ল-

১) স্বৰ্গদেউ প্ৰ্তাপ সিংহৰ(বুদ্ধিস্বৰ্গ নাৰায়ণ) পুত্ৰ এজনৰ নাম লাচিত আছিল।মহাবীৰ লাচিতৰ দৰে এই ৰাজকোৱৰজন প্ৰ্তাপসিংহৰ সপ্তম পুত্ৰ আছিল নেকি বাৰু?

২) স্বৰ্গদেউ প্ৰ্তাপ সিংহ ৰজালৈ দোপগৰীয়া নগা ৰজাই (ক) আও (খ) আপাম (গ) লাচিত নামেৰে তিনিটা নগা কোঁৱৰ দিছিল বুলি বুৰঞ্জীত উল্লেখ আছে।এই লাচিতজন ৰজাৰ সপ্তম পুত্ৰ বুলি কোৱা হয় নেকি? শেষত ৰজাই লাচিতক চাওডাঙ বৰুৱা পাতিলে, আওক আও গোহাঁই নাম দি ঘোৰা বৰুৱা পাতিলে আৰু আপাম অকালতে মৰিলে (পুৰণি অসম বুৰঞ্জী)

৩) ১৪৫২ শকত দিহিঙীয়া ৰজাৰ দিনতো এজন লাচিত আছিল বুলি বুৰঞ্জীত উল্লেখ আছে।

৪) ১৫৫২ খ্ৰীঃত চুখ্ৰাংফ্ৰা ৰজাৰ দিনত সাতজন ককাই ভাইৰ ভিতৰত ক্ৰ্মাৎ লাইবান,নাৰান,খুন্দা,লাউক,ছেংমু,লাচিত আৰু বেকা আছিল। এইসকলৰে বেকাক ডিমৌত স্থাপিলে,ছেংমুনক মেচাগড়ত আৰু লাচিতক মেটেকাত স্থাপিলে।এওলোক জাতত চুতীয়া আছিল(চকৰীফেটি বুৰঞ্জী পুৰণি পৃষ্ঠা ৩২)। এইজন ১৫৫২ খ্ৰীঃৰ লাচিতকেই চুতীয়াসকলে বীৰ লাচিত বৰফুকন সাজিব খুজিছিল।“চুতীয়া জাতিৰ ইতিহাস আৰু লোক সংস্কৃতি” সূৰ্যকান্ত খনিকৰ,পৃষ্ঠা ১৯৫ত)

৫) চেতিয়া সকল জাতত চুতীয়া আছিল বুলি কয়।(পুৰণি সাচিপাতৰ বুৰঞ্জী।চকৰীফেটি পৃষ্ঠা ৩৩ আৰু ৩৪ ত)। কিন্তু হালধিবৰীয়া চেতিয়া আৰু লাহন নিজা ককাই ভাই আছিল। এওঁলোক চংকলা গাভৰুৰ পুত্ৰ্দ্বয় আছিল।(লা হৌন্ন বুৰঞ্জী,চ্যাওডাম চাই-ছেং-লাহন)

৬) ১৪৯৭-১৫৩৯ চন, চুহুংমুং ৰজাৰ তুলনীয়া পুত্ৰ এজন আছিল লাচিত।

৭) ১৬০২ শকত লালুকি,লাচিত,ভাতধৰা,থুক, মৰঙী, বাদুলী আৰু দৌকৰীয়া এওঁলোক মৌমাই তামূলী বৰবৰুৱাৰ পুত্ৰ আছিল।(ইয়াত লাচিতক দ্বিতীয় পুত্ৰ সজাইছে আৰু এওলোকৰ মাজত লাচিতৰ ভাতৃ লাপেতৰ নাম উল্লেখ নাই,গতিকে এইজন লাচিত বীৰ লাচিত বৰফুকন নহয়।আছ্লতে এওলোক সাতজন মেটেকাতলীয়া গোঁহাইৰ পৰিয়ালৰ মৌ মাই তামূলী বৰবৰুৱা ওৰফে লাজু গোহাই ওৰফে মদনোখোৱা গোহাই ওৰফে শুকতি গোহাইৰ পুত্ৰ আছিল( চকৰীফেটি পুৰণি বুৰঞ্জী পৃষ্ঠা ৩২)

৮) চুহুংমুং ৰজাৰ দিনত চুতীয়া ল’ৰা এটাৰ নাম আছিল শিকলি। তেওঁৰ পুতেকৰ নাম ‘ৰনকাপ’ আছিল।পিছে বুঢ়া ৰজাৰ হাজুৰ যুদ্ধৰ পিছৰ পৰা ৰনকপৰ নাম লাচিত হ’ল।কুলত এওঁ চুতীয়া আছিল।( চকৰীফেটি পুৰণি বুৰঞ্জী পৃষ্ঠা ৩৩)

৯)স্বৰ্গদেউ প্ৰ্তাপ সিংহৰ পুত্ৰ এজনৰ নাম লাচিত আছিল।এই ৰাজকোঁৱৰজন ১৬৩৫ চনত মৃত্যু হৈছিল বুলি বুৰঞ্জী পাতত পোৱা যায়।লাক-কাত –ৰাও(২৭) শকৰ মাঘৰ দিনত ৰজা দেৱৰ পুত্ৰ লাচিত গোঁহাই গুটি(বসন্ত) ওলাই মৰিল।(দেওধাই অসম বুৰঞ্জী)

১০) গদাধৰ সিংহৰ ৰাজত্ব কাল ১৬৮৪-১৬৯৬ খ্ৰীঃৰ লৈকে আছেল।আতন বুঢ়াগোহাইৰ মৃত্যু সময় গদাধৰ সিংহৰ ৰাজপাটৰ প্ৰায় তিনি বছৰৰ পূৰ্বে মৃত্যু হয়।আতন বুঢ়াগোহাই লাচিত বৰফুকনৰ শহুৰেক আছিল। উল্লেখিত লাচিত সকল শৰাইঘটীয়া বীৰ লাছিৎ বৰফুকন নহয়। সেই সময়ত অৰ্থাৎ স্বৰ্গদেউ গদাধৰ সিংহৰ দিনলৈকে(১২২৮ খ্ৰীঃৰ পৰা ১৬৯৬খ্ৰীঃৰ লৈকে প্ৰায়৪৭ বছৰ) চুতীয়াসকলক বৰবৰুৱা,বৰফুকন,বুঢ়াগোহাই,বৰগোঁহাই লেখিয়া ডাঙৰ পদ মৰ্যদা নিদিছিল। নিৰ্দিষ্ট খেলৰ বা ফৈদৰ লোক সকলৰহে এইবোৰ পদমৰ্যদা গতানুগতিক আৰু বংশানুক্ৰমিক আছিল। বাহঁগৰীয়া বুঢ়াগোঁহাইৰ বুৰঞ্জীত লেখা আছে-“ সেই সময়ত ৰাজ্যত অৰাজক হোৱাত প্ৰ্জাসকলে আতন বুঢ়াগোঁহাইক কৈছিল, আপুনিয়েই ৰজা হৈ ৰাজ কাৰ্য চম্ভালক।বুঢ়াগোঁহাই ডাঙৰীয়াই উত্তৰত কৈছিল-‘ৰজা গোষ্ঠীয়েহে ৰজা হ’ব পাৰে,মন্ত্ৰী ই কৰ্মৰ অযোগ্য’। আতন বুঢ়াগোঁহাই আছিল লাচিত বৰফুকনৰ শহুৰেক।এখেতেক লালুকসোলাই হত্যা কৰিলে। এতিয়া লাচিতৰ ভাতৃ লাপেৎৰ কথালৈ মন কৰক”।

১১) ১৪৫২ শক চুখ্ৰাংফ্ৰাৰ দিনত বৰপাত্ৰ গোহাঁইৰ পুতেক এজনৰ নাম আছিল লাপেৎ।তেওঁ খোৰা ৰজাৰ অষ্টম পুত্ৰ আছিল নেকি?(অৰুণোদয় সংকলন,অক্টোবৰ ১৮৫১ চন,পৃষ্ঠা ৬৫২)

১২) ১৪৮৮-১৪৯৩ খ্ৰীঃত স্বৰ্গদেউ চুহানফাৰ দিনত এজন লাপেৎ ফুকন আছিল।তেঁওক পিছৰজন ৰজা চুপিমফ্ৰাই ৰাজদ্ৰোহত হত্যা কৰিছিল।এওক লাপেতি ফুকন বুলিও কোৱা হয়।

১৩) দেওধাই অসম বুৰঞ্জীত’ লাপেত থাও মুঙ আৰু ত্যাও ম্যুং নামৰ ব্যক্তিৰ নাম উল্লেখ আছে।এওলোক দুয়ো লাছিৎ বৰফুকনৰ ভাই ককাই আছিল।

১৪)১৪৭৪ শকত চুক্লেনফা ৰজাৰ পুত্ৰ চুখ্ৰাংফ্ৰাৰ দিনত কনচেং বৰপাত্ৰৰ পুতেক এজনৰ নাম লাপেত আছিল।এইজন তেওঁৰ অষ্টম পুত্ৰ আছিল নেকি বাৰু?

১৫) ১২২৮ খ্ৰীঃত চাওলুঙ চুকাফাৰ ৰজাৰ লগতো লাপেত নামৰ এজন ব্যক্তি আহিছিল বুলি জানিব পাৰি।(পুৰণি আহোম বুৰঞ্জী)

১৬) মহাবীৰ লাছিৎ বৰফুকনৰ শহুৰেক আতন বুঢ়াগোহাই ডাঙৰীয়া আছিল।এইজনা ৰাজমন্ত্ৰী বুঢ়াগোহাইক লালুকি সোলাই চক্ৰান্ত কৰি হত্যা কৰাছিল।(ইয়াত লালুক আৰু লাছিৎ বৰফুকন নামৰ দুজন ব্যক্তিৰ নাম উল্লেখ হৈছে।) শৰইঘাট যুদ্ধৰ সময়ত লাচিতৰ বয়স ৫১।

১৭) বৰগোহাই পোৱালী লালুকী আছিল।এওঁ মৌমাই তামূলী ওৰফে লাজু গোহাই পুত্ৰ বুলি জনা হয়।(দেওধাই অসম বুৰঞ্জী পৃষ্ঠা ৬৬) ১৫৯৮ চন মানত মৌমাই তামূলীৰ জন্ম হৈছিল,আনহাতে ১৬২২ চনত লাছিৎ লাও ফুকনৰ জন্ম হয়। সেই অনুপাতে মৌমাইৰ বয়স ৭৫ বছৰ আৰু লাচিতৰ বয়স ৫১ বছৰ, অৰ্থাৎ মৌমাই লাচিততকৈ ২৮ বছৰ ডাঙৰ আছিল।জয়ধ্ব্জ সিংহৰ দিনত মেটেকা তলীয়া গোঁহাইৰ নাতিয়েক লাজু গোহাই ডাঙৰীয়াই প্ৰায় ৭৫ বছৰীয়া বৃদ্ধ কালত মৌ মাই(অভিযন্তা) তামূলী বৰবৰুৱা খিতাপ সহ নাম পাইছিল।আধুনিক বুৰঞ্জীবিদ সকলে তেওঁৰ নামটো বিচাৰি নেপাই জয়ধ্ব্জ সিংহই প্ৰদান কৰা খিতাপটোকে নামাকৰণ কৰি বুৰঞ্জীবোৰ লেখি মৌমাই তামূলী বৰবৰুৱা নামটোকে চলাই দিলে। দেওধাই অসম বুৰঞ্জীত এষাৰ কথা উল্লেখ আছে-“ওপৰ চাৰিঙীয়া জয়ধ্ব্জ মহাৰজা দেউৰ দিনত ম’মাই তামূলি বৰবৰুৱা নাম হৈতে তেওনো কি কাম কৰিলে-মানুহ ঘৰ ফালি দেশ বঢ়াই পাতিলে।”(দেওধাই অসম বুৰঞ্জী,পৃষ্ঠা ১৩০) জয়ধ্ব্জ সিংহই যি সকলক ভাল বুলি বা বিশ্বাসী বুলি বিষয় বাব দিছিল,সেইসকলেই শেষত গৈ বিশ্বাসঘাটকতা কৰিলে।মৌমাই তামূলী বৰবৰুৱাৰ পুত্ৰ বাদুলী ফুকন,লালুকিসোলা ভাতধৰা আদিয়ে স্বৰ্গদেউক প্ৰ্তাৰণা কৰিলে।বাদুলীয়ে নিজে ৰজা হোৱাৰ আশাত মোগলৰ ফলিয়া হৈ স্বৰ্গদেউৰ বিৰুদ্ধে অস্ত্ৰকে ধৰিলে।বাদুলিয়ে স্বৰ্গদেউকে ধৰি তিনিজন ডাঙৰীয়াকে ধৰাই দিবলৈ মোগলক প্ৰ্তিশ্ৰুতি দিছিল।শেষত ৰাজদ্ৰোহৰ ভয়ত বাদুলিয়ে মোগলৰ লগতে ল’ৰা তিৰোতাৰে সৈতে গৈ মোগলৰ দেশতে হাড় পেলালেগৈ।লগতে বহুতো অসমীয়া লোক মোগলৰ প্ৰ্জা হ’বলগীয়া হ’ল। ১৬৬২ খ্ৰীঃত মীৰজুমলাই কোচবিহাৰ দখল কৰি গুৱাহাটী দখল কৰিলেহি।সেই সময়ত গুৱাহাটীত আছিল ৰজা শহুৰ চেংমুন ফুকন।হাতীচলা আৰু বৰীতলাত(বেলতলা) আছিল মৌমাই তামূলীৰ পুত্ৰ বাদূলী ফুকন,গুৱাহাটীত সেনাপনি পিকচাই চেতিয়া ফুকন।বাদুলিৰ লগত ফুল বৰুৱা আৰু লাহন হিলৈধাৰী ফুকন(লালুকিৰ সৰু দদায়েক আছিল)।এই দেশদ্ৰোহী বাদুলী ফুকনেই যুদ্ধ নকৰাকৈ হাতীচলা আৰু বেলতলা অঞ্চল মোগলক এৰি দিলে।বিনা বাধাই মোগলে শৰাইঘাট অতিক্ৰ্ম কৰি উজাই আহি অতি সোনকালেই আহোমৰ ৰাজধানী গড়গাও কাৰেং অধিকাৰ কৰিলেহি।সেই সময় আছিল ১৬৬২ খ্ৰীঃৰ চ’ত মাহৰ বসন্ত কাল।গড়গাঁৱৰ ৰাজকাৰেংৰ সৌন্দৰ্যত মুগ্ধ হৈ মোগলৰ বুৰঞ্জীবিদ চাহাবুদ্দিন তালিছে লেখি থৈ গ’ল-‘এনে সুন্দৰ ঠাই, এনে মনোৰম ৰাজপ্ৰ্সাদ দিল্লিৰ বাদশ্বাহৰ হোৱাৰহে উপযোগী।(দেওধাই অসম বুৰঞ্জী) মহাবীৰ লাছিৎ বৰফুকনে লাজু গোঁহাইক(মৌমাই তামূলী বৰবৰুৱা) ক ম’মাই বুলিছিল সঁচা কথা, কিন্তু আপোন মমাই অৰ্থাৎ মাকৰ ভায়েক নহয়।লাছিৎৰ মাতৃ গৰাকী আছিল মৰাণকুন্তী খেলৰ জীয়ৰী।গতিকে লাজু মমাই মৰাণ জাতিৰ লোক নহয়।সেইদৰে লালুকি সোলা লাছিৎত আপোন ককাই নহয়।ভায়েকহে হয়, অৰ্থাৎ ম’মাই পুত্ৰ ভায়হে হয়,বয়সত যিমানেই ডাঙৰ নহওক লাগে। টাই আহোমৰ পৰম্পৰা মতে বৰ্ণহিন্দুৰ দৰে ম’মাই পুত্ৰ বয়সত যিমানেই ডাঙৰ হলেও ককাই নহয়, ভাইহে হয়। লাজু ম’মাই সূত্ৰটো এনেধৰণৰ আছিল। স্বৰ্গদেউ চুকাফাই পাতৰ কুন্তি মৰাণ ফৈদৰ গন্ধেশ্বৰী আই কুৱৰীক বিবাহ কৰাইছিল।পূৰ্ব ৰাজ ফৈদৰ মিতিৰ সূত্ৰে মৰাণ ফৈদ ৰাজপৰিয়ালতো ম’মাই হৈ পৰিল।চুচেংফ্ৰা স্বৰ্গদেৱে এই সূত্ৰে মৌমাইক ম’মাই বুলিয়েই কৈছিল।অন্যহাতে আমাৰ বৰফুকনৰো মাতৃ গৰাকী আছিল এই পাতৰ কুন্তি মৰাণ ফৈদৰ নাগেশ্বৰী আইদেউ।গতিকে ৰজাৰ বৰফুকনৰ ম’মায়েক লাজু গোহাই আৰু লাহন গোঁহাই আছিল।স্বৰ্গদেৱে কামৰ যোগ্যতালৈ লক্ষ্য কৰি লাহন ম’মাইকো হিলৈধাৰী ফুকন বাব দিছিল।এয়েই হ’ল মৌ মাই তামূলী বৰবৰুৱা ওৰফে লাজু ম’মাইৰ সূত্ৰ। তথ্য

১) পুৰণি টাই আহোম ভাষাত লেখা সাচি পাতৰ ৰাজ বুৰঞ্জীৰ মতে চাওলুং চুকাফাৰ লগত অহা এটা পৰিয়াল আছিল ‘লুক-খা-খুন’। এই বংশৰ আদি পুৰুষ ‘ফুং-পিম’ আছিল চুকাফাৰ হাতী মাউত( ফু-ন-চাং)।

২) আহোম বুৰঞ্জী মতে লুক-খা পৰিয়ালৰ দুঘৰ মানুহ আহিছিল। ইয়াৰে এঘৰ ‘লান-তাই-মৌং’ আৰু অন্যঘৰ ‘লুক-ফিমা’।

৩) টাই আহোম ভাষাত লিখা বুৰঞ্জীত মৌ-মাই তামূলীক ‘ ফু-কে-লুঙ-লান-ফিমা’ অৰ্থাৎ লানফিমা বৰুৱা বুলিহে উল্লেখ আছে।আচলতে এঁও লুক-খা-খুন পৰিয়ালৰ ‘লান-ফিমা’ৰ ঘৰৰ অৰ্থাৎ ফিমাৰ নাতিয়েক আছিল। বিধিৰ বিপাক শৰাইঘাটৰ যুদ্ধ ক্ষেত্ৰ্ত হঠাতে লাহন ম’মাইক অৰ্থাৎ লাহন মৌ-মাই হিলৈধাৰী ফুকনক (লাজু ম’মাই ভাতৃ) গড় মৰা কামত অৱহেলা কৰা কাৰণে কাটি কৰ্তব্য সাধন কৰি লাছিৎে দেশ ৰক্ষা কৰিবলগীয়াত পৰিল।গতিকে লাজু,লাহন ম’মাই পৰিয়ালৰ লগত মিতিৰ গুচি শত্ৰু হৈ পৰিলগৈ।লাহনৰ ভতিজাক লালুকিসোলাই লাছিৎ বৰফুকনৰ পৰিয়ালৰ ওপৰত ঘোৰ বিৰুদ্ধ হৈ পৰিল।যাৰ কাৰণে লাছিৎৰ পৰিয়ালৰ সকলোৱে আত্মৰক্ষা কৰি থাকিবলগীয়াত পৰিছিল। ইয়াৰ প্ৰ্থম পৰিণতিত লাছিৎৰ মাজু ককাই মবাও লাও ফুকনক নাজিৰাৰ নিজ বাসগৃহত লালুকিসোলাই চক্ৰান্ত কৰি হত্যা কৰিলে।সেইদৰে লাপেৎলাও ফুকনকো দিহিঙৰ কাষৰ হালধীবাৰী অঞ্চলৰ পৰা অৰ্থাৎ বৰককাই মাইচেউ বৰুৱা পৰিয়ালৰ এঘৰ পৰা খেদি নি ডিব্ৰুগড় বৰবৰুৱা অঞ্চলত নি কাটিলেগৈ সেয়ে নাম পালে লেপেট কটা। এইদৰে লাপেৎ ফুকনো লালুকিসোলাৰ ষড়যন্ত্ৰৰ বলি হ’ল। লাছিৎ বৰফুকনেও নিজৰ আৰু পৰিয়ালৰ পুত্ৰৰ নিৰাপত্তা বংশধৰক ৰক্ষা হেতু অনিচ্ছাস্বত্বেও আত্মগোপন পথ বাচি লব লগা হ’ল। এই কাৰণেই নিজৰ পত্নী আৰু একমাত্ৰ পুত্ৰ চ্যাও চেঙ ডামক লাপেৎ লাওৰ পুত্ৰ পৰিয়ালত গতাবলগীয়া হৈছিল।লাছিৎ বৰফুকন অতি গোপনে খোৱাং বৰফুকনৰ আলিয়েদি গৈ ব্ৰহ্মপুত্ৰ পাৰ হৈ লক্ষিমপুৰ ঘুগুহা ওচৰৰ বৰ আজোহা চাপৰিত গুপুতে বসবাস কৰিবলৈ ল’লেগৈ। বহুতে ক’ব খোজে লাছিৎ বৰফুকন শৰাইঘাটৰ যুদ্ধৰ পিছতেই টান নৰিয়াত পৰি মৃত্যু হ’ল। এই কথা একেবাৰেই সত্য নহয়।এনে হোৱা হ’লে- লাছিৎৰ পৰিয়ালৰ চিন মোকাম নেথাকিলহেঁতেন।লাছিৎৰ তৃতীয় বিবাহ লেফেৰা ছেংধৰা ফুকনৰ জীয়েকৰ লগত কেনেকৈ সংঘটিত হ’ল আৰু লাছিৎ বৰফুকন আৰু তেওঁৰ বৰপুত্ৰ চ্যাওছেংডাম (আতন বুঢ়াগোহাইৰ জীয়ৰীৰ ফালৰ) ক’ৰ পৰা ওলাল? লক্ষিমপুৰৰ বৰ আজোহা চাপৰিত লাছিৎত তৃতীয় পত্নী সহ মৈডাম আৰু তেওঁৰ তৃতীয় পত্নীৰ ফালৰ পুত্ৰদ্বয় আইধাঙ আৰু ই ধাঙ ক’ৰ পৰা জনম পালে? তেওলোকৰ মৈদামো পিতৃ মাতৃৰ লগতে সম্প্ৰতি আছে।এওঁলোকৰ মাতৃ, লাছিৎে তৃতীয় পত্নী গৰাকীক শৰাঘাটৰ যুদ্ধ পিছতহে আজোহাত থকা সময়ত বিবাহ কৰাইছিল। টাই আহোমৰ বিখ্যাত পণ্ডিত চাওডাম তুখেশ্বৰ দিহিঙীয়া মহনৰ(বগা পণ্ডিত) পৰা পোৱা তথ্য মতে-“ আকাশী গংগা ওচৰত,দফলা পাহাৰ কিনাৰত,আটকাই-হাতী গড়ৰ পৰা দুই মাইল দূৰৰ ‘কুমতীয়া’ নৈৰ পাৰত লাছিৎে বাসস্থান কৰিছিল(কুমতীয়া-ঘুগুহা)। ৰুক্মিনী গড় পাৰ হৈ ৰায় পথাৰত চাৰিগড় মাজত লাছিৎৰ আৰু তেওঁৰ পত্নীৰ মৈদাম আছে।(ডামচাও তুখেশ্বৰ দিহিঙীয়া মহন,ঘিলাগুৰি পাটসাঁকো)। বৰ আজোহা চাপৰিৰ পৰা পোনাই গ’লে ৪/৫ কিলোমিটাৰমান আতৰত ঘুগুহা অঞ্চল। ঘুগুহাৰ পুৰণি নাম ‘চিল-কং-মুখ’। দফলা পাহাৰ কাষৰ অঞ্চল বিলাকত দফলা দমনৰ বাবে মহাবীৰ লাছিৎে কোঠ মাৰিছিল বুলি জনা যায়।ইয়াৰ কাষৰ অঞ্চল ‘গঙ-মুখ’ পিছলৈ গো-গো-হা সম্প্ৰতি ঘুগুহা নামেৰে জনাগজাত হ’ল।এই অঞ্চলত লাঙি ফুকনেও( গদাপানী ওৰফে গদাধৰ) আত্মগোপন কৰি থকা সময়ত শৰাইঘাট যুদ্ধৰ সময়ৰ দৰে লাচিতৰ সহপাঠী আছিল বুলি ডামচাও তোখেশ্বৰ দিহিঙীয়া মহনৰ মত।পিছত এই অঞ্চলত গদাপানী ৰজা হৈয়েই প্ৰ্তিষ্ঠা কৰা লাছিৎৰ সোৱৰণি

তেওঁৰ সাধনা স্থল ঘুগুহাত এটা লাংকুৰি দৌলে টাই আহোম বুৰঞ্জী সমলৰ লাই খুটা হিচাপে বিৰাজ কৰি আছে।গুৱাহাটীতো গদাপানীয়ে কেইবাটাও দৌল দেৱালয় নিৰ্মাণ কৰাৰ প্ৰ্মাণ বুৰঞ্জীত আছে।গদাপানী নিজেও এজন লাংকুৰি সাধনাত লাচিতৰ সহপাঠী আৰু শিষ্যত্ব গ্ৰহণ কৰিছিল বুলি জনা যায়। লাংকুৰি টাই আহোম সকলৰ সুকীয়া যুদ্ধ দেৱতা আছিল। ঘুগুহা লাংকুৰি দৌলটো গদাপানীয়ে লাছিৎৰ নামত উচৰ্গা কৰিছিল বুলি পণ্ডিত সকলৰ মত। ১৬৬৯-৭৩ আয়োজন কৰা বিজয়ৰ উৎসৱত যোগ দিবলৈ লাচিত বৰফুকনো আহি আছিল। কিন্তু বাটতে দেৰগাঁৱত তেওঁ এক পুনৰ কঠিন নৰিয়াত পৰে আৰু মৃত্যুবৰণ কৰে। লাচিতক মৈদাম দিয়া এই পবিত্ৰ অনুষ্ঠানত স্বৰ্গদেউ উদয়াদিত্য সিংহও উপস্থিত বুলি কোৱা হয়।(বেণুধৰ শৰ্মা,বুৰঞ্জী সঁফুৰা)। উল্লেখিত তথ্যটো লেখকে কাৰ পৰা পালে বা ক’ত লেখা আছে উল্লেখ কৰিব লাগিছিল। কাৰণ এইটো টাই আহোম বুৰঞ্জীৰ গুৰুত্বপূৰ্ণ ঘটনা বা তথ্য। এই তথ্যটো কোনো এখন পুৰণি আহোম বুৰঞ্জীত পাবলৈ নাই।এই তথ্যটো মনেসজা যেন অনুভৱ হয়।প্ৰ্কৃততে টাই আহোম পৰম্পৰা মতে ৰজা, মন্ত্ৰী অথবা কোনো বিশেষ ব্যক্তি অথবা বৃদ্ধ লোকৰ মৃত্যু হ’লে বংশধৰ সকলে নিজৰ পৰিয়ালে বসবাস কৰা ঠাইলৈ মৃত দেহটো লৈ আনে আৰু বিশেষ টাঈ আহোম পৰম্পৰা পদ্ধতিৰে মৈডামটো পৰিয়ালবৰ্গই বসবাস কৰা ঠাইৰ ওচৰতে বা সীমাৰ এলেকাত প্ৰতিষ্ঠা কৰে।গোঁহাই পৰিয়ালৰ মৈদামৰ এলেকাত বা ওচৰত মহন পৰিয়ালৰ লোক সকলৰ মৃতদেহটো মৈডাম দিয়াৰ নিয়ম নাই আৰু পৰিয়ালবৰ্গই মানি নলয়।ইয়াত আহোম সকলৰ এক আধ্যাত্মিক কাৰণ আছে।এই পৰম্পৰা বৰ্তমানো বৰ্তি আছে। পূৰ্বে উল্লেখ কৰি অহা হৈছে যে লাচিত বৰফুকন বিখ্যাত মহন পৰিয়াল তথা বংশৰ লোক। যোৰহাটৰ নাতি দূৰত শিৱসাগৰ চৰাইদেউ মহকুমাৰ লাইছেং আৰু মৰাণজান গাঁৱত তেখেতৰ বংশৰ গোটেইখিনি লোক বসতি কৰি আছিল, সম্প্ৰতি আছে। বৰ্তমান লাচিত বৰফুকনৰ মৈডাম অৱস্থিত ঠাই ডোখৰ যোৰহাট হোলোঙাপাৰ মৌজাৰ আৰু যোৰহাট উন্নয়ন খণ্ডৰ অন্তৰ্গত,হোলোঙাপাৰ গোঁহাই গাঁৱৰ মাউতৰ চুক নামৰ চুবুৰীত অৱস্থিত।মৈডাম আৰু পুখুৰী থকা ৰাজহৰ প্লটৰ নাম হৈছে হিলৈধাৰী প্লট। অন্যহাতে আমাৰ মতে পূৰ্ব উল্লেখিত লাছিৎ যুদ্ধ ক্ষেত্ৰ্ত গড় মৰাৰ কৰ্মত অৱহেলাত কটা ম’মাই জন হৈছে-মৌ-মাই অৰ্থাৎ অভিযন্তাকহে কটা হৈছিল। এতেকে যুদ্ধ ক্ষেত্ৰত ‘মৌ-মাই-হিলৈধাৰী ফুকন’ বিষয়াৰ বাব আছিল।প্ৰ্কৃততে এখেত নৌ সেনাপতিহে আছিল।লাহন হিলৈধাৰী ফুকন বিখ্যাত মেটেকাতলীয়া গোঁহাই বংশৰ লোক আছিল। সেই কাৰণেই লাহন গোঁহাইক নিজা পৰিয়ালবৰ্গৰ বসতি স্থল গোঁহাই গাৱঁৰ ওচৰৰ ঠাই হোলোঙাপাৰাতে মৈদাম দিছিল বুলি দাঠি ক’ব পাৰি।দুজন প্ৰতিবেদক অধ্যাপকদ্বয় ক্ৰ্মে চাও যতীন কোঁৱৰ আৰু চাও ৰবীন দুৱৰাই এটা যুক্তিত লাছিৎৰ মৃতদেহটো গেলি পচি যোৱাৰ কথা উল্লেখ কৰিছে, এই তথ্যটোক সেই সময়ৰ ঘটনা প্ৰবাহত কোনোটাই আহোম লোকেই মানি ল’ব নোৱাৰে।কাৰণ সেই সময়ত টাই আহোমৰ পৰম্পৰাত বিজ্ঞানসন্মত কৌশলৰ দ্বাৰা তেওলোকে মৃত ব্যক্তিৰ শ দেহ বহু দিনলৈ নেগেলা বা নপচাকৈ সংৰক্ষণ ব্যৱস্থাত অতি পাৰ্গত আছিল। ৰজাসকলক চৰাইদেউত মৈদাম প্ৰ্তিষ্ঠা কৰা কথাটোলৈ মন কৰক, একোটা মৈডাম তৈয়াৰ কৰোতে অতি কমেও চাৰি/পাঁচ মাহ মান পৰ্যন্ত কাল লাগিছিল। স্বৰ্গদেউ গদাধৰ সিংহৰ মৈদাম তৈয়াৰ কৰোতে ছয়মাহ সময় লাগিছিল বুলি চাংৰুঙ ফুকনৰ বুৰঞ্জীত উল্লেখ আছে।মৈদামটো সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ৰজাজনৰ মৃতদেহ যিমান দিনলৈকে সজীৱ কৰি সংৰক্ষণ কৰা ব্যৱস্থা কৰিছিল বুলি বুৰঞ্জীৰ পাতে পাতে লিখা আছে। অন্যহাতে যুদ্ধক্ষেত্ৰ্ত লাছিৎে কটা লাহন গোঁহাইৰ শ দেহটো গেলি পচি যোৱা অধিক সত্য,ইয়াক কোনেও নুই কৰিব নোৱাৰে।কাৰণ ই বিজ্ঞানসন্মত কাৰণ।ইফালে লাহনক যুদ্ধ ক্ষেত্ৰত লাছিৎে দুটুকুৰা কৰি কটা হৈছিল বুলি অনেক বুৰঞ্জীত উল্লেখ আছে। দুটুকুৰাকৈ কাটি পেলোৱা শ দেহটো সংৰক্ষণত পূৰ্ৱে বিজ্ঞানসন্মত ব্যৱস্থা নাছিল। এই শ দেহটো নিশ্চয় যুদ্ধ ক্ষেত্ৰতেই গেলি পঁচি গৈছিল ই ধ্ৰুৱ সত্য,সেই সময়ত শৰাইঘাটৰ যুদ্ধখনো অতি ভৰপক অৱস্থাত চলিছিল।এই সকলো তথ্যপাতিৰ পৰা প্ৰ্মাণ হয় যে হোলোঙাপাৰ মৈদাম লাছিৎ বৰফুকনৰ হ’বই নোৱাৰে আৰু তেওঁৰ বংশধৰসকলে মানি নলয়। এইটোও সঠিক কথা যে যুদ্ধ খন শেষ হোৱাৰ পিছতেই লাছিৎ নৰীয়াত পৰি মৃত্যু হোৱাও নাই, ইতিমধ্যে এই বিষয়ে পূৰ্বে উল্লেখ কৰা হৈছে। ড৹ সূৰ্য কুমাৰ ভূঞা ৰ মনে সজা অ-যুক্তিকৰ কথা এটা উল্লেখ কৰিব খুজিছো। তেখেতৰ ‘লাচিত বৰফুকন’ গ্ৰ্ন্থৰ, পৃষ্ঠা ১৬৯/১২১ ত উল্লেখ মতে। “কবি,চিলা পৰ্বতত চাৰিকড়াৰ মাটি কিনিছো,মই নেযাওঁ,লৰাল কাল আছে,যদি যায় ৰাজনৈতিক পাছতহে যাব। আকৌ, “ৰাইজক কবা মই ইয়াতেই মৰিব ওলাইছো আৰু মোৰ দায়িত্ব এৰি এই ঠাইৰ পৰা নেযাওঁ, চিলা পৰ্বতৰ ওপৰত মই এচিকটা মাটি কিনি থৈছো,সেয়ে মোৰ মৃতদেহৰ বাবে যথেষ্ট হ’ব।” এই চিলা পৰ্বত নগাঁৱৰ জখলাবন্ধা চতাই হাস্পাতালৰ তিনি আলিৰ সমীপত,ৰূপদ’লৰ নিচেই কাষতে অৱস্থিত বুলি জনাজাত হৈ আছে। এই ৰূপদ’লকেই কিছুলোকে লাছিৎ বৰফুকনৰ মৈডামৰ বুলিও ক’ব খোজে।পাঠকসকলে অনুমান কৰক কোনটো মৈডাম লাচিতৰ। কিন্তু এইটো কথাও সত্য যে সেই সময়ত অৰ্থাৎ ১৬/১৭ শ শতিকাত বিখ্যাত মহন বংশধৰ লাছিৎত কাৰণে ছেঙ-লুঙ-মুঙ অঞ্চলতেই যথেষ্ট পৰিমাণৰ মাটি আছিল।এই অঞ্চলতেই অৰ্থাৎ সমগ্ৰ তিৰোপথাৰ খনেই লাছিৎৰ পিতৃৰ প্ৰ্কাণ্ড এখন খটিপাম আছিল।তিৰোপথাৰৰ পুৰণি নাম’ তিউৰা পথাৰ’ আছিল।তিউৰা চুতীয়াসকলক কোৱা হয়। এই অঞ্চল পূৰ্বে ছেঙ-লুঙ-মুঙৰ এলেকাত আছিল।বৃহৎ তিৰোপথাৰ অঞ্চলতেই টাই আহোম স্বৰ্গদেউসকলৰ যুদ্ধৰ আহিলা পাতি অস্ত্ৰ শস্ত্ৰ তৈয়াৰ কৰা কাৰখানা আছিল। এই কাৰখানাৰ সকলো দায়িত্ব ১৬শ শতিকালৈকে লাছিৎ বৰফুকনৰ পিতৃ পুৰুষ মচাই ছেঙ কালুকৰ তত্বাৱধানত পৰিচালিত হৈছিল।সেইসময়ৰ কৰ্মীসকলৰ বেতনৰ ব্যৱস্থা নাছিল তাৰ পৰিৱৰ্তে ঘৰবাৰী লবলৈ মাটিৰ লগতে খেতিৰ কাৰণেও উপযুক্ত পৰিমাণৰ মাটি যোগান ধৰিছিল।এইবোৰ মাটিত কোনো কৰ কাতল ব্যৱস্থা নাছিল। গতিকে এই বৃহৎ অঞ্চলটোক তিউৰা পথাৰ বোলা হৈছিল। ড৹ সূৰ্যকুমাৰ ভূঞাই লিপিবদ্ধ কৰা গুৱাহাটীৰ ওচৰৰ ন গাঁও চিলা পৰ্বতত লাছিৎে মাটি কিনা কথাটোৱেই মনেসজা ভিত্তিহীন।কাৰণ লাছিৎত মোগলৰ লগত যুদ্ধ কৰিবৰ কাৰণেহে নামনি অসমলৈ স্বৰ্গদেউ চক্ৰধ্বজ সিংহই সৈন্য সামন্ত দি পঠাইছিল, মাটি কিনিবলৈ নহয়।এখন দেশৰ প্ৰ্ধান সেনাপতি জনৰ যতে ততে মাটি কিনাৰ আৱশ্যক নাই।এখন মহাযুদ্ধত লিপ্ত হৈ থাকোতে তেওঁ মাটি কিনি ফুৰিবলৈ সময় ক’ৰ পৰা পাইছিল,মাটি কিনিছিল কাৰ পৰা? পৰ্বতখন বা কাৰ অধীনত আছিল? এইবোৰ ব্ৰাহ্মণ বুৰঞ্জীবিদ ড৹ সূৰ্যকুমাৰ ভূঞাৰ চালে বেৰে কোবোৱা নাভুত নাশ্ৰুত ভুৱা কথা। যেনেকৈ ব্ৰাহ্মণ সকলে টাই আহোমৰ টাই আহোমৰ উপৰিপুৰুষ লেংদনক ইন্দ্ৰ সজালে, “ হিন্দুৰ লম্পট, ব্যভিচাৰী আৰু গৌতম পত্নী অহল্যাৰ ধৰ্ষণকাৰী আৰু মুনিৰ শাপত সহস্ৰ যোনীৰূপী দেৱতা ইন্দ্ৰই মৌং ফি ৰাজ্যলৈ গৈ আহোম দেৱতা লেংদনৰ ৰূপ ধৰি কংকতী অথবা শ্যামা বিদ্যাধাৰীৰ লগত অবৈধ যৌন সংসৰ্গ ঘটাই আহোম ৰজাসকলৰ উপৰিপুৰুষ তথাকথিত শ্ৰীশ্ৰী স্বৰ্গ নাৰায়ণৰ জন্ম দিয়া কাহিনী বুৰঞ্জীবিদ উৰ্বৰ মস্তিস্কৰ জঘন্য উদ্ভাৱন।”( ডিমৌ স্মৃতি গ্ৰন্থ পূঃ তাঃ সঃ সভা,পৃষ্ঠা ১৩৮)। টাই আহোমসকলৰ পূজনীয় পূৰ্বপুৰুষ লেংদনক বিকৃত ৰূপে সজাই বুৰঞ্জী লেখাটো হিন্দু বুৰঞ্জীবিদ সকলৰ ষড়যন্ত্ৰ আছিল।এইদৰে বৌদ্ধিক ভাৱে বুৰঞ্জী বিকৃত কৰা ব্ৰাহ্মণ সকলৰ উচিত হোৱা নাছিল। টাই আহোম ৰাজ অভিষেকৰ সময়ত ৰজাই ডিঙিত পিন্ধা চুম-ফ্ৰা-ৰুং-ছেং-মুং চমুকৈ ‘চুমছেঙ’, একোটি অতি মূল্যৱান ৰাজকীয় ড্ৰেগন অংকিত হীৰাৰ টুকুৰাহে। ই মূৰ্তি নহয়,কিন্তু হিন্দু বুৰঞ্জীবিদ সকলে ইয়াক মূৰ্তি সজাই পেলালে। উল্লেখ্য যে টাই আহোম সকলে মূৰ্তি পূজা নকৰে।

তাই আহোম উন্নয়ন পৰিষদ

3.05172413793
Deepankar takukdar Aug 05, 2018 11:49 AM

কি লিখিছে।
কি বুজাব বিচাৰিছে।
বিষয় বস্তু কি,
একোৱেই স্পষ্ট নহয়।
তথ্যভিত্তিক লিখিছে, তাৰ কাৰণে ধন্যবাদ।
কিন্তু ভালকৈ সজাই লিখিলে আৰু ভাল হল হেঁতেন।

চাংমাই Apr 30, 2016 04:06 PM

লিখনিটোৰ কথাবোৰ স্পষ্ট নহল । উদ্দেশ্যও আন্ধাৰতেই থাকিল। এটা নিৰ্দিষ্ট বিষয়বস্তু লৈ নিৰ্দিষ্ট সিদ্ধান্ত ডাঙি ধৰিলে ভাল আছিল ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top