মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / মহান যোদ্ধা বীৰ চিলাৰায়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মহান যোদ্ধা বীৰ চিলাৰায়

মহান যোদ্ধা বীৰ চিলাৰায়

চিলাৰায় বা বীৰ চিলাৰায় ৰ জন্ম হৈছিল ১৫১০ খ্ৰীষ্টাব্দত। প্ৰকৃত নাম আছিল শুক্লধ্বজ। তেওঁৰ পিতৃ ষষ্ঠদশ শতিকাৰ কমতা ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ , মাতৃ পদ্মাৱতী আৰু ভ্ৰাতৃ ৰজা নৰনাৰায়ণ । চিলাৰায় নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আছিল।। তেওঁ চিলাৰ দৰে যুদ্ধ কৰিছিল, সেয়ে তেওঁক চিলাৰায় বুলিও জনা যায় । চিলাৰায়ে দেৱান বা মন্ত্ৰীৰ কামো কৰিছিল, সেই কাৰণে তেওঁক লোকে চিলাৰায় দেৱান বুলিছিল । তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ ফলতে কোঁচ সৈন্যই ভূটীয়া, কছাৰী আৰু আহোমসৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল । ইতিহাসত পোৱা যায় যে, কোঁচ বংশৰ প্ৰতিষ্ঠাতা বিশ্ব সিংহই ১৯ গৰাকী কুঁৱৰী বিবাহ কৰাইছিল । কুঁৱৰী সকলৰ ভিতৰত জ্যেষ্ঠ গৰাকী নেপালৰ আছিল– তেওঁৰ পুত্ৰ নৰসিংহ । গৌড়ৰ দুগৰাকী কুঁৱৰী আছিল : হেমপ্ৰভা আৰু পদ্মাৱতী দেৱী । নৰ নাৰায়ণ হেমপ্ৰভাৰ পুত্ৰ আৰু শুক্লধ্বজ পদ্মাৱতীৰ পুত্ৰ আছিল । বিশ্ব সিংহৰ মুঠ ১৯ জন পুত্ৰৰ আছিল বুলি বুৰঞ্জীত পোৱা যায়।

চিলাৰায়ে বাল্য কালত বাৰাণসী ক্ষেত্ৰলৈ গৈ তাৰ ব্ৰহ্মানন্দ বিশাৰদ নামৰ এজন সন্ন্যাসীৰওচৰত বিদ্যা গ্ৰহণ কৰিছিল। বাৰাণসীত তেওঁ হিন্দুৰ বেছিভাগ ধৰ্মগ্ৰন্থ আৰু যুদ্ধ শিক্ষা গ্ৰহণ কৰি সকলো বিষয়তে পৰিপক্ক হৈ উঠিছিল।

বিশ্ব সিংহই মৃত্যুৰ আগতেই পুত্ৰ সকলৰ ভৱিষ্যত নিৰ্ধাৰণ কৰি ৰাখিছিল। সেই মতে, জ্যেষ্ঠ পুত্ৰ নৰ সিংহ‌ই বিদেশলৈ যাবলৈ, নৰ নাৰায়ণে নিজ দেশত ৰাজত্ব কৰিবলৈ আৰু চিলাৰায়ে ৰণধৰ্ম পালন কৰিবলৈ আদেশ পাইছিল।

১৫৩৩ চনত বিশ্ব সিংহৰ মৃত্যু হয় । সেই সময়ত,চিলাৰায় আৰু নৰ নাৰায়ণ দুয়ো বাৰাণসীতআছিল। সেয়ে বিশ্ব সিংহৰ জ্যেষ্ঠ পুত্ৰ নৰ সিংহ ৰাজপাটত বহে । নৰনাৰায়ণ-চিলাৰায়ৰ “ৰতনী ধাই” নামৰ ধাইগৰাকী ৰাজ অন্তঃপুৰত আছিল। তেওঁ স্বৰ্গী মহাৰাজৰ আদেশ উলঙ্ঘা হোৱা দেখি “নাগভোগ” নামৰ এজন সন্ন্যাসীৰ হাতত চিঠি দি দুয়োকে ৰাজধানীলৈ মাতিপঠিয়ায়। নৰ নাৰায়ণ-চিলাৰায় দুয়ো ৰাজধানীত উপস্থিত হৈ নৰসিংহক পৰাস্ত কৰে। তেতিয়া নৰ সিংহ নেপাললৈ পলাই যায়। ১৫৩৪ খ্ৰীষ্টাব্দত নৰ নাৰায়ণ কোঁচ বংশৰ ৰাজপাটত উঠে আৰু চিলাৰায় যুৱৰাজ হয়। ৰাজ-অভিষেক হোৱাৰ সময়ত চিলাৰায়ক সংগ্ৰাম সিংহ নাম দিয়া হয়।

নৰ নাৰায়ণে সিংহাসনত উঠিয়েই পিতৃ ৰাজ্য বঢ়াবলৈ মন কৰে । শুক্লধ্বজৰ সহায়ত নৰ নাৰায়ণে কোঁচ ৰাজ্যৰ বিস্তাৰ কৰে । ১৫৬৩ চনৰ জুন মাহত চিলাৰায়ে আহোমৰ ৰাজধানী গড়গাঁও দখল কৰে । ইয়াৰ পিছত, তেওঁ কাছাৰ আক্ৰমণ কৰি আৰু তাৰ ৰাজধানী মাইবং দখল কৰে । ফলত কছাৰী ৰজাই কোঁচ ৰজাৰ বশ্যতা স্বীকাৰকৰে। কাছাৰ জয় কৰি উঠিয়েই শুক্লধ্বজে মণিপুৰ, শ্ৰীহট্ট, খাইৰাম, চট্টগ্ৰাম, ডিমৰুৱা আদি ৰাজ্য জয় কৰি বশ্যতা স্বীকাৰ কৰোৱায়। জয়ন্তীয়া ৰজা, ত্ৰিপুৰাৰ ৰজা আৰু ছিলেটৰ ৰজাই তেওঁৰ সৈন্যৰ হাতত মৃত্যুবৰণ কৰিছিল।

চিলাৰায়ৰ শাসন কালত দেশৰ সকলো কাৰ্য্যতে ৰাজ্যৰ শাসন বান্ধ সুদৃঢ় কৰিবলৈ আলি, পুখুৰী, দেৱালয়, ৰাজ্যৰ প্ৰধান প্ৰধান লোকক বৃত্তি আদি দানৰ ব্যৱস্থা কৰাইছিল। নৰ নাৰায়ণৰ আদেশ মতে, চিলাৰায়ে কামাখ্যা মন্দিৰ আৰু হাজোৰ হয়গ্ৰীৱ মন্দিৰৰ সংস্কাৰ কৰিছিল।

চিলাৰায় এজন পণ্ডিত আছিল ; তেওঁ পণ্ডিতক অশেষ আদৰ কৰিছিল। কোনো দূৰ দেশৰ পৰা পণ্ডিত আহিলে, চিলাৰায়ৰ সহায়তেই ৰজাৰ পৰা বৃত্তি বিধান লাভ কৰি জ্ঞানচৰ্চ্চা কৰিছিল। চিলাৰায়ৰ সহায়তেই শংকৰদেৱে কামৰূপৰ পশ্চিমখণ্ডত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰা হৈছিল। শংকৰদেৱ, ৰাম সৰস্বতী , অনিৰুদ্ধ , শ্ৰীধৰ, বকুল কায়স্থ, অনন্ত কন্দলী আদি পণ্ডিতসকলে নৰ নাৰায়ণৰ সভা উজ্বলাই ৰাখিছিল। ইয়াত চিলাৰায়ৰ বিশেষ স্বৰূপ সহায় আছিল।

নৰনাৰায়ণ আৰু চিলাৰায় দুয়োশিৱ ভক্ত আছিল। সেয়ে, ঠায়ে ঠায়ে অসংখ্য দেৱ-দেৱালয় পাতি শিৱ-দুৰ্গাৰ মূৰ্তি প্ৰতিষ্ঠা কৰিছিল। কিন্তু, চিলাৰায়ে যেতিয়া শংকৰদেৱৰ প্ৰচাৰিত বৈষ্ণৱ ধৰ্ম ভাল পোৱা হ’ল, তেতিয়া শংকৰদেৱক প্ৰাণৰ দেৱতা কৰিবলৈ একান্ত ইচ্ছা হ’ল। আনহাতে, নৰনাৰায়ণে শংকৰদেৱক শাস্তি বিহিবলৈ যত্ন কৰিলে। চিলাৰায়ে গুৰুজনাক নিজৰ কোঠাৰ ভিতৰতে লুকুৱাই ৰাখিছিল। তাৰ পিছত সুযোগ বুজি আৰু সুব্যৱস্থাৰে ৰজাৰ সন্মুখত এনেদৰে উপস্থিত কৰালে যে, নৰ নাৰায়ণে শংকৰক আদৰ কৰিব লগীয়াত পৰিল। শংকৰ দেৱৰ গুণ-গৰিমাত চিলাৰায় মোহিত হৈ সপৰিবাৰে প্ৰভুৰ পৰা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে। নৰনাৰায়ণেও শংকৰদেৱৰ পাণ্ডিত্যত সন্তোষ পাই ৰাজসভাত ৰাখে। তাৰ পাছত, তেওঁলোকৰ সহযোগত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে।

১৫৭৯ খ্ৰীষ্টাব্দত চিলাৰায়ৰ গংগাতীৰত বসন্তৰোগত মৃত্যু হয়। বর্তমান এই বীৰজনক শ্ৰদ্ধাজনাই বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হয়। বীৰ চিলাৰায়ৰ স্মৰণত, ২০০৫ চনৰে পৰা অসম চৰকাৰে তেওঁৰ জন্ম দিনটো বীৰ চিলাৰায় দিৱস হিচাপে উদযাপন কৰিব বুলি আনুষ্ঠানিক ভাৱে ঘোষণা কৰে ।তদুপৰি, সাহসিকতাৰ পৰিচয় দিয়া লোকক বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছিল।

সহায় লোৱা হৈছে-

১. “About Bir Chilarai” . Assam info.com।

২. “চিলাৰায়ৰ বিষয়ে” . assaminfo.com.

৩. হৰিনাৰায়ণদত্ত বৰুৱা (১৯৯০). চিলাৰায় (পঞ্চম প্ৰকাশ) . জ্যোতীন্দ্ৰ নাৰায়ণ দত্ত বৰুৱা । History of Assam । )

ধ্ৰুৱজ্যোতি গগৈ

3.03076923077
.ইনিতা ফুকন May 17, 2019 10:57 PM

বহু প্ৰয়োজনীয় তথ্য ..

Prabin Bora Apr 19, 2019 09:40 AM

কথাখিনি জানিবলৈ পাই ভাল লাগিল

শংকৰ ৰায় Dec 13, 2018 10:56 AM

বীৰ চিলাৰায়ৰ কিতাবৰ নাম জনালে ভাল পাম

শংকৰ ৰায় Dec 09, 2018 09:42 AM

পঢ়ি ভাল লাগিল আগলৈকে জাতে পায থাকো তাৰ বাবে ধন্যবাদ থাকিল

জয়েশ বৰ্মন Oct 07, 2018 09:52 AM

বহু ভাল লাগিল। আগলৈ চিলাৰায় আৰু কোচ ৰাজ্য কমতাপুৰৰ বিষয়ে বিতং ভাবে লিখিব বুলি আশা কৰিলো।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top