মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / মহাপুৰুষ মাধৱদেৱ আৰু তেৰাৰ ৰচনাৱলী
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মহাপুৰুষ মাধৱদেৱ আৰু তেৰাৰ ৰচনাৱলী

মহাপুৰুষ মাধৱদেৱ আৰু তেৰাৰ ৰচনাৱলীৰ বিষয়ে লিখা হৈছে ।

 

মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ ‘প্রাণৰ বান্ধৱ,পৰমভক্ত, একনিষ্ঠ সেৱক ‘বঢ়াৰপো’ শ্রী শ্রী মাধৱদেৱ, গুৰুজনা প্রৱর্তিত ‘একশৰণ হৰিনাম ধর্ম’ৰ প্রধান কাণ্ডাৰী আছিল। বিশ্বাস আৰু আদর্শ নিষ্ঠাত তেওঁ আছিল হিমালয়ৰ দৰে অচল-অটল। সর্বশাস্ত্র বিশাৰদ মহাপুৰুষ মাধৱদেৱ অসাধাৰণ পাণ্ডিত্যৰ অধিকাৰী হৈও অতি বিনয়ী, নম্র আৰু নিৰহঙ্কাৰী আছিল ; অতি দীনহীন; অধম হিচাপে প্রকাশ কৰাটো তেওঁৰ এটি স্বভাৱসুলভ গুণ আছিল। এইজনা মহাপুৰুষ আর্বিভাৱ হৈছিল ১৪১১ শকৰ(১৪৮৯ খৃষ্টাব্দ) জেঠ মাহৰ কৃষ্ণা প্রতিপদ তিথি দেওবাৰে নিশা দুই প্রহৰত। তেৰাৰ জন্মস্থান লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ লেটেকুপুখুৰী নামে ঠাইত। এনে এজন পুৰুষক জন্ম দি ধন্য হ’ল মাক মনোৰমা আৰু পিতৃ গোবিন্দগিৰি। অভাৱ-অনাটনেৰে থকা সৰকা, দুখ-কষ্ট দুর্যোগৰে ভাৰাক্তান্ত আছিল তেওঁৰ কৈশোৰ আৰু যৌৱনকাল। ৩২ বছৰীয়া চফল ডেকা মাধৱদেৱ ১৪৪৪ শক ১৫২২ খ্রী:ত মাজুলীৰ ধূৱাহাটাত মহাপুৰুষ শঙ্কৰদেৱৰ লগত ‘মণিকাঞ্চন সংযোগ’ ঘটে। ডেকা তেজত মতলীয়া, আগম শাস্ত্রত পণ্ডিত মাধৱদেৱে প্রথমে দর্শনতে গুৰুজনাৰ শান্ত, সৌম্য, অপূর্ব দিব্য ৰূপ দেখি নিজৰ শিৰ উন্নত কৰি ৰাখিব নোৱাৰি গুৰুজনাৰ সন্মুখত পৰি সেৱা জনালে। তিনিপ্রহৰ বেলিকা দুয়োজনা মহাপুৰুষে ধর্ম সম্পর্কীয় প্রবৃত্তি নিবৃত্তি মার্গৰ তর্ক যুদ্ধত অৱর্তীণ হয়। অৱশেষত মাধৱদেৱে শঙ্কৰদেৱৰ ওচৰত পৰাজয় স্বীকাৰ কৰি ‘’একশৰণ হৰিনাম ধর্ম’’গ্রহণ কৰে আৰু শ্রীমন্ত শঙ্কৰক ‘’প্রাণৰ বান্ধৱ’’বুলি সেৱা কৰে। এই মহাপুৰুষ দুজনাৰ ‘’মণিকাঞ্চন সংযোগে’’ বৈষ্ণৱ ধর্মৰ মূল সূঁতিটো সর্বাংগ সুন্দৰ কৰি তুলিলে। অসমৰ জাতীয় জীৱনৰ গঢ় দিওঁতা আৰু অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ প্রাণ প্রতিষ্ঠাতা সকলৰ ভিতৰত সর্বগুণী মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ পাছতে নাম ল’ব লাগিব মহাপুৰুষ শ্রীমাধৱদেৱৰ। দৰাচলতে দুয়োজনা মহাপুৰুষৰ অৱদানেৰে পুষ্ট আৰু মণ্ডিত হৈ অসমীয়া জীৱন আৰু সংস্কৃতিয়ে এক অভিনৱ বিশিষ্টতা লাভ কৰিছিল। যাৰ বাবে অসমীয়া জাতিয়ে বিশ্বত নিজৰ পৰিচয় দিবলৈ নতুন শক্তি আৰু মাধুর্য লাভ কৰিছে। মধ্যযুগত অসমত মহাপুৰুষ শঙ্কৰদেৱে গুৰি ধৰা ভক্তি আন্দোলনত যি সকল সন্ত মহন্ত ভক্ত কবিয়ে যোগ দিছিল,সেইসকলৰ ভিতৰত মহাপুৰুষ মাধৱদেৱ আছিল সর্বশ্রেষ্ঠ আৰু শঙ্কৰদেৱৰ সোঁহাতস্বৰুপ। সেয়ে মাধৱদেৱক পাই শঙ্কৰদেৱে পৰম আনন্দত কৈছিল –‘বঢ়াৰপো, তোমাক পাই মই সম্পূর্ণ হ’লো।’ প্রয়াণৰ সময়ত গুৰুজনে মাধৱদেৱক ধর্মৰ সমস্ত ভাৰ দি যায়। এইগৰাকী পৰম ত্যাগী পুৰুষৰ জীরন কথা যিদৰে বিচিত্র ,অসমৰ ধর্ম সাহিত্য-সংস্কৃতিলৈ তেৰাৰ অৱদানো সেইদৰে বিপুল আৰু মহৎ। গুৰুজনাৰ দৰে মাধৱদেৱো সর্বগুণী মহাপুৰুষ আছিল। তেওঁ একাধাৰে অসাধাৰণ পণ্ডিত ,কবি ,নাট্যকাৰ,অভিনেতা,শিল্পী,সংঙ্গীতজ্ঞ আৰু সুগায়ক আছিল ।তদুপৰি তেওঁ আছিল এক বিৰল ব্যক্তিত্ব আৰু অতুলনীয় অধিকাৰী। তেওঁ নিজকে সদায় হীন,দীন দাসৰো দাস বুলিও পৰিচয় দিছি।সাহিত্যৰ ৰুপ অনুসৰি মাধৱদেৱৰ ৰচনাৱলীক চাৰিটা প্রধান ভাগত ভাগ কৰা হয়। যেনে—তত্বমূলক গ্রন্থ, আখ্যানমূলক গ্রন্থ ,নাট আৰু গীত। নাম-ঘোষা ,ভক্তিৰত্নাৱলী জন্মৰহস্য আৰু নামমালিকা তত্বমূলক গ্রন্থ। “নামঘোষা’’মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ স্বৰুপ আৰু সমস্ত অসমীয়া বৈষ্ণৱ সাহিত্যৰ ভিতৰতে শ্রেষ্ঠ গ্রন্থ। নাম-ঘোষাত প্রধানত তিনিটা ভাৱৰ ধাৰা মিহলি হৈ বিশাল আনন্দ সাগৰৰ ফালে ধাৱমান হৈছে – পুণ্যশ্লোক,শঙ্কৰস্মৃতি, মাধৱদেৱৰ আত্মলঘিমাত(?) আৰু কৃষ্ণৰ ভক্তি মাহাত্ম্য। কিন্ত হিমালয়ৰ নিভৃত শৃঙ্গৰ ওপৰত স্তুপীকৃত হৈ থকা এক অনন্ত তুহিন ৰাশিয়েই গলি গৈ ভৈয়ামত নানান নদ-নদী ৰুপে অৱতীর্ণহোৱাৰ দৰে এই তিনিও ধাৰাৰে মূল কাৰণ হৈছে মাধৱদেৱৰ ‘ৰসময়ী’ভক্তিৰ গভীৰ আবেগ (ডঃ বাণীকান্ত কাকতি)| ইয়াতে মাধৱদেৱে শ্রীমন্ত শঙ্কৰদেৱ গুৰুজনাক অসমৰ ভক্তি সম্পদায়ৰ একমাত্র গুৰৰুপে নিণয় কৰি গৈছে। ‘নাম-ঘোষা’ সকলো সাহিত্যিক গুণেৰে সমৃদ্ধ এখনি অণুপম শাস্ত্র ।মহাপুৰুষ জনাই নামঘোষাৰ সুৰ,তাল,মান আদি নিয়াৰিকৈ আৰু নিখুঁটভাৱে ছটা ছন্দত বান্ধি থৈ গৈছে। সেই কেইটা হ’ল—

(১)ছবি

(২) দুলড়ী

৩) পদ

(৪) লেছাৰি

(৫)ঘোষা আৰু

(৬) নাম ছন্দ।

‘সম্ভাৱলী’ পুথিৰ মতে -

১. ছবি ছন্দে ‘মস্তক’ অর্থাৎ কৃষ্ণ দেৱক বুজাইছে,

২.দুলড়ী ছন্দে-দক্ষিণহস্ত নাম পৰিচয়

৩.পদছন্দে আত্মাগুৰু,

৪.লেছাৰিছন্দে মধ্যদেহ ভক্তি ভক্ত সমস্ত,

৫.ঘোষা ছন্দে ভক্তিৰ ভূষণ’ আৰু

৬.নামছন্দে পূর্ণ হ’ল আয়ুধবসন’ আদি বুজাইছে।

তত্বমূলক গ্রন্থৰ ভিতৰত দ্বিতীয়খন হ’ল ভক্তি ৰত্নাৱলী। অথাই সাগৰত ডুব দি মুকুতাৰ মণি বিচৰাৰ দৰে বিষ্ণুপুৰী সন্নাসীয়েও ভাগৱত সমূদ্রত বুৰ দি যি অমূল্য গ্রন্থৰাজি সংগ্রহ কৰিছিল তাৰে অনুবাদ মাধৱদেৱৰ ‘ভক্তি ৰত্নাৱলী’ শাস্ত্রভাগি। ইয়াত ন বিধ ভক্তি, সৎসঙ্গৰ মহিমা, বিষ্ণুৰ শ্রেষ্ঠত্ব আদি সম্পর্কে বিষদ বিৱৰণ আছে। মাধৱদেৱৰ ভক্তি ৰত্নাৱলী আৰু ‘নাম-ঘোষা’ অসমৰ বৈষ্ণৱ সম্প্রদায়ৰ শ্রেষ্ঠ চাৰিপুথিৰ দুখন। আন দুখন হ’ল –শঙ্কৰদেৱৰ ‘কীর্ত্তন’আৰু ‘দশম’। মাধৱদেৱৰ আখ্যানমূলক গ্রন্থৰ ভিতৰত পৰে ‘আদিকাণ্ড ৰামায়ণ’ আৰু ৰাজসূয়’ কাব্য। গুৰুজনাৰ আদেশত মাধৱদেৱে মাধৱ কন্দলিৰ সম্পুর্ণ ৰামায়ণ পূৰাবলৈ আদিকাণ্ড ৰামায়ণ ৰচনা কৰে ।মূল সংস্কৃত হ’লেও তেওঁ নিজৰ দক্ষতাৰে ৰামায়ণখন বৈষ্ণৱ আদর্শৰে সজাই তুলিছে।

‘ৰাজসূয়’ এখনি ৰসময়ী ভকতিৰ অনুপম কাব্য। ভাগৱত পুৰাণৰ কৃষ্ণ লীলা-মালাৰ মধ্যমণি সদৃশ কাহিনী ৰাজসূয় যজ্ঞৰ কেন্দ্র কৰি ভক্তি কাব্যখনি ৰচনা কৰা হৈছে। এই কাব্য ঘাইকৈ ভাগৱতৰ দশম স্কন্ধৰ ৭০-৭৫ অধ্যায়ৰ বিষয়বস্ত লৈ ৰচিত। ভাগৱতৰ উপৰি ইয়াত ‘আনোশাস্ত্র মত কিছু’ৰ সংমিশ্রণ ঘটাইছে। সিবোৰৰ ভিতৰত ‘মহাভাৰতৰ সভাপর্ব আৰু ‘মাঘৰ শিশুপাল বধ’ কাব্যৰ পৰা সহায় লোৱা হৈছে। মাধৱদেৱৰ গীত-নাটৰ শিশু কৃষ্ণৰ পৰিৱর্তে এই কাব্যত পৰিণত বয়সৰ কৃষ্ণৰ কার্য্যাৱলী বর্ণনা কৰা হৈছে।

গুৰুজনাৰ আদর্শতে মাধৱদেৱৰ নাট ৰচনাত মনোনিৱেশ কৰে ।তেওঁ ৰচনা কৰা নাটসমহ হ’ল-অর্জুন-ভঞ্জন, চোৰধৰা পিম্পৰা গুচোৱা, ভূমি লেটোৱা , ভোজন বেহাৰ, ব্রহ্মামোহন, ৰাস-ঝুমুৰা, ভূষণ হৰণ আৰু কোটোৰা খেলা। জনসমুদ্রত ভক্তিৰস তথা পৰমব্রহ্ম ভগৱন্তৰ প্রতি একনিষ্ঠ বিশ্বাস জন্মাবৰ হেতু শ্রৱণ, কীর্ত্তন মাধ্যমৰ উপৰিও দর্শনকো তেওঁলোকে ভক্তি মাধ্যম হিচাপে লৈছিল। সেয়ে মহাপুৰুষ দুজনাই অঙ্কীয়া নাট ৰচনা কৰাত মনোনিবেশ কৰে। মাধৱদেৱৰ নাটসমূহৰ ভিতৰত ‘অর্জুন-ভঞ্জন’হে পূর্ণাঙ্গ নাট বুলিব পাৰি। বাকী নাটসমূহক ঝুমুৰা বুলিহে কোৱা হয়। মাধৱদেৱৰ অন্তৰ আত্মাৰ কৃষ্ণজন হ’ল শিশু। তেওঁৰ প্রায় সকলোবোৰ ৰচনাৰ মাজেৰে শিশু কৃষ্ণৰ লীলাৰ চাতুৰিক কাহিনী বর্ণিত  হৈছে। মাধৱদেৱে গুৰুজনাৰ নির্দেশত বৰগীত ৰচনা কৰিব লগা হৈছিল। তেওঁ গুৰুজনৰ মহান আদেশ সাৰোগত কৰি নিজ দৃস্টি-ভংগীৰে, নিজা কলা-কৌশলেৰে গীত বিলাক ৰচনা কৰিছিল। বালক কৃষ্ণৰ ক্ত্রীড়াৰ অপূর্ব ৰসত আপ্লুত হৈ, বিমল আনন্দেৰে বাল কৃষ্ণৰ ৰুপ, বর্ণনা কৰিছিল। গীতবিলাকৰ যোগেদি মহাপুৰুষজনাই সকলো মানৱ শিশুৰ ক্ষেত্রত যিটো সত্য তাকে শিশু কৃষ্ণৰ চৰিত্রত প্রকাশ কৰিছে। তেওঁৰ বৰগীতৰ অধিক সংখ্যকেই শিশু কৃষ্ণৰ মূর্ত প্রকাশ। মহাপুৰুষ মাধৱদেৱৰ লিখনিত কল্পচিত্র সূক্ষ্মদর্শনৰ পর্যবেক্ষণ প্রতিভাত হৈ পৰিছে অতি মনোগ্রাহীকৈ, নিখুঁতভাৱে। তেওঁৰ গীতি কাব্য প্রতিভা, তেওঁৰ প্রতি ছন্দ ছন্দে গীতৰ লহৰে লহৰে জীৱন্ত ৰুপত প্রকাশ পাইছে। এয়ে মহান কবিৰ কাব্য প্রতিভা, সুক্ষ্ম-দর্শন প্রতিভা।

লেখিকা: শেৱালী দত্ত

উৎস: সাহিত্য.অৰ্গ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top