মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / মহামতি চাণক্য আৰু তেওঁৰ নীতি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মহামতি চাণক্য আৰু তেওঁৰ নীতি :

মহামতি চাণক্য আৰু তেওঁৰ নীতিৰ বিষয়ে লিখা হৈছে ।

 

মহামতি চাণক্যৰ নাম ভাৰতবৰ্ষৰ সকলোৰে পৰিচিত।তেওঁ চনক ঋষিৰ সুযোগ্য পুত্ৰ আছিল।প্ৰায় ২৩৭০ বছৰৰ পুৰ্বে তক্ষশীলাত তেওঁৰ জন্ম হৈছিল।তেওঁৰ অনেক নাম আছিল যদিও কৌটিল্য,মল্লনাগ,দ্ৰোমিন,বাৎসায়ন,বিষ্ণুগুপ্ত ৰুপেও পৰিচিত আছিল।তেওঁলোকৰ পৰিয়ালে এবছৰলৈ আৱশ্যকীয় খাদ্য সাচি ৰাখিছিল বাবে তেওঁলোকৰ পৰিয়ালে এবছৰলৈ আৱশ্যকীয় খাদ্য সাচি ৰাখিছিল বাবে তেওঁলোক ‘কুটল’নামে জনাজাত আছিল।

এফালে তেওঁ যেনেকৈ বিচক্ষণ কুটনীতিজ্ঞ আছিল,আনফালে গুণগ্ৰাহী,প্ৰতিজ্ঞাপন্ন আৰু প্ৰতিভাশালী ব্ৰাহ্মণ পণ্ডিত আছিল।সেই সময়ত মগধত চন্দ্ৰগুপ্ত মৌৰ্য্য নামে এজন ৰাজপ্ৰতিভাশালী আৰু শৌৰ্যপুৰ্ণ ৰাজকোঁৱৰ আছিল।কিন্তু তেওঁ সেই ৰাজ্যৰ ৰজা ধননন্দৰ অত্যাচাৰত তিষ্ঠিব নোৱাৰি চাণক্যৰ ওচৰত সহায় ভিক্ষা খুজিলে।চাণক্যৰো আগৰে পৰা সেই ৰজাৰ লগত মনোমালিন্য হৈ আছিল।তেওঁ সেই সোণালী সুযোগতে চন্দ্ৰগুপ্তৰ লগত মিত্ৰতা স্থাপন কৰি ৩২০ খৃ: পুৰ্বত মগধৰ ৰজাক নিৰ্মুল কৰিলে।চন্দ্ৰগুপ্তই মগধৰ অধীশ্বৰ হৈ চাণক্যক প্ৰধানমন্ত্ৰী নিযুক্তি কৰিলে।চন্দ্ৰগুপ্তৰ ৰাজনৈতিক উপদেষ্টা হিচাবে তেওঁ মগধ ৰাজ্যৰ শাসনকাৰ্য যি নীতিৰে পৰিচালনা কৰিছিল,অৰ্থশাস্ত্ৰত সেই নীতিৰ সম্যক আলোচনা আছে।কিন্তু চাণক্যৰ বিষয় সম্পদ বা ৰাজক্ষমতালৈ আগ্ৰহ নাছিল।চাণক্যই কৌশলেৰে চন্দ্ৰগুপ্ত আৰু ধননন্দ ৰজাৰ মন্ত্ৰী ৰাক্ষসৰ মাজৰ সকলো মতভেদ আঁতৰাই ৰাক্ষসকে চন্দ্ৰগুপ্তৰ প্ৰধানমন্ত্ৰী পাতিছিল।শেষত চাণক্যই ৰাজকাৰ্য পৰিত্যাগ কৰি পুনৰায় বেদ্বিহিত জীৱন-যাপন কৰিবলৈ ৰাজধানী এৰি গুচি যায়।

অসমীয়া ডাকৰ বচনৰ দৰে চাণক্যইও ছহেজাৰো অধিক নীতি শ্লোক,অৰ্থশাস্ত্ৰ,বিষ্ণুগুপ্ত সিদ্ধান্ত,লঘু চাণক্য আদি মনোগ্ৰাহী গ্ৰন্থ লেখি থৈ গৈছে।তেওঁৰ নীতি শ্লোকবোৰ আদৰ্শ জীৱন-যাপনৰ বাবে বেদৰ বচনৰ দৰে।দেশ,কাল,পাত্ৰ নিৰ্বিশেষে এই শ্লোকবোৰে নীতিমুলক কিছুমান চিৰন্তন সত্য যুগে যুগে প্ৰচাৰ কৰি আহিছে।আমাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলাব পৰা তেওঁৰ কেইটিমান নীতি শ্লোক দাঙি ধৰা হৈছে।

অতিদৰ্পে হত লঙ্কা অতিমানে চ কৌৰবা:

অতিদানে বলিবৰ্দ্ধ:সৰ্বমত্যন্ত গৰ্হিতম

অৰ্থাৎ অতিশয় দৰ্পৰ কাৰণে লঙ্কা নাশ হ’ল,অভিমানৰ বাবে কৌৰৱ বিনাশ হ’ল,অতিশয় দানৰ বাবে বলি বন্ধনত সোমাল।সকলোৰে অতিমাত্ৰা নিন্দনীয়।

অনিত্যানি শৰীৰাণি বিভবো নৈব শাশ্বত:

নিত্যং সন্নিহিতো মৃত্যু:কৰ্ত্তবো ধৰ্ম্মসঞ্চয়।

অৰ্থাৎ-শৰীৰ অস্থায়ী,ধনসম্পদ স্থায়ী নহয়,মৃত্যু দিনে দিনে ওচৰ চাপি আহিছে,ধৰ্ম উপাৰ্জন কৰাহে কৰ্ত্তব্য।

অন্নদাতা ভয়যাত্ৰা কন্যাদাতা অথৈব চ।

জনয়িতোপনেতা চ পঞ্চৈতে পিতৰ: স্মৃতা:

অৰ্থাৎ-যিজনে অন্নদান কৰে,যিয়ে ভয়ৰ পৰা ৰক্ষা কৰে,যি কন্যাদান কৰে,যিজনে জন্ম দিয়ে,যিজনে শিক্ষা দিয়ে এই পাঁচ গৰাকীক পিতৃ বুলি শাস্ত্ৰই কয়।

আকৌ মাতা গুৰো:পত্নী ব্ৰহ্মণী ৰাজপত্নিকা।

ধেনুৰ্ধাত্ৰী তথা পৃথ্বী সপ্তৈতে মাতৰ:স্মৃতা:

অৰ্থাৎ মাতৃ,গুৰু পত্নী,ব্ৰাহ্মণী,ৰাজপত্নী,দুগ্ধ্বতী গাই,ধাত্ৰী আৰু পৃথিৱী-এই সাতগৰাকীক মাতৃ বুলি শাস্ত্ৰই কয়।

 

কুদেশঞ্চ কুবৃত্তিঞ্চ কুৰ্ভায্যাং কুনদীন্তথা।

কুদ্ৰব্যঞ্চ কুভোজঞ্চ বৰ্জ্জয়েচ্চ বিচক্ষণ:

অৰ্থাৎ বুদ্ধিমান লোকে কুদেশ,কুব্যৱসায় ,কুভাৰ্য্যা ,বেয়া পানীৰ নদী,বেয়া বস্তু,বেয়া খাদ্য বৰ্জন কৰে।

জীৰ্ণ মন্ন্ং প্ৰশ্ংসেচ্চ ভাৰ্যাঞ্চ গত যৌবনাম।

ৰণাৎ প্ৰত্যাগত্ং শুৰং শস্যঞ্চ গৃহমাগতম।

অৰ্থাৎ হজম হোৱাৰ পিছতহে খাদ্যক,যৌৱন কাল শেষ হ’লেহে ভাৰ্য্যাক ,যুদ্ধৰ পৰা ফিৰি আহিলেহে বীৰক আৰু ঘৰলৈ অহাৰ পিছতহে শস্যক প্ৰশংসা কৰা উচিত।

দানেন পাণিৰ্ণ তু কঙ্কনেন

স্নানেন শুদ্ধিৰ্ণ তু চন্দনেন

মানেন তৃপ্তিৰ্ণ তু ভোজনেন

জ্ঞানেন মুক্তিৰ্ণ তু মুণ্ডনেন।।

অৰ্থাৎ দানেৰেহে হাতৰ শোভা হয়,কঙ্কনেৰে নহয়।স্নানেৰেহে শৰীৰ শুদ্ধ হয়,চন্দনেৰে নহয়,সন্মানেৰেহে তৃপ্তি দিব পাৰি,ভোজনেৰে নহয়,জ্ঞানেৰেহে মুক্তি লাভ হয়,মুণ্ডনেৰে (মুৰ খুৰোৱা )নহয়।

নাস্তি বিদ্যাসম্ং চক্ষুৰ্নাস্তি সত্যসম্ং তপ:

নাস্তি ৰাগসমং দু:খ: নাস্তি ত্যাগসমং সুখম।।

অৰ্থাৎ বিদ্যাৰ সমান চকু নাই,সত্যৰ সমান তপস্যা নাই,আসক্তিৰ সমান দুখ নাই,ত্যাগৰ সমান সুখ নাই।

পৰদাৰাণ পৰদ্ৰব্যং পৰীবাদং পৰস্য চ।

পৰিহাস্ং গুৰো:স্থানে চাপল্যঞ্চ বিবৰ্জয়েৎ।।

অৰ্থাৎ আনৰ তিৰোতা,আনৰ বস্তু,আন মানুহৰ নিন্দা,গুৰুৰ আগত ঠাট্টা তামাচা আৰু চঞ্চলতা বৰ্জন কৰিব লাগে।

যস্মিন দেশে ন সন্মানো ন বৃত্তিৰ্ণ চ বান্ধব:

ন চ বিদ্যাগম:কশ্চিৎ তং দেশ্ং পৰিবৰ্জ্জয়েৎ।।

অৰ্থাৎ যি দেশত সন্মান নাই,জীৱন ধাৰণৰ উপায়,বন্ধু-বান্ধব নাই আৰু বিদ্যাশিক্ষাৰ সুবিধা নাই,সেই দেশ ত্যাগ কৰিব লাগে।

মাতৃবৎ পৰদাৰেষু পৰদ্ৰব্যেষু লোষ্টবৎ।

আত্মবৎ সৰ্ব্বভুতেষু য: পশ্যতি স পণ্ডিত:

অৰ্থাৎ যিজনে পৰৰ তিৰোতাক মাক যেন,আনৰ বস্তুৰ মাটিৰ চপৰা যেন,সকলো প্ৰাণীকে নিজৰ যেন দেখে,তেৱেঁই প্ৰকৃত পণ্ডিত।

বিদ্যা মিত্ৰ্ং প্ৰবাসেষু মাতা মিত্ৰ্ং গৃহেষু চ

ব্যাধিত স্যৌষধ মিত্ৰ ধৰ্মো মিত্ৰ্ং মৃতস্য চ

অৰ্থাৎ প্ৰবাসৰ বন্ধু বিদ্যা,ঘৰত মিত্ৰ মাতৃ,ৰোগীৰ মিত্ৰ ঔষধ,মৰিবলৈ ওলোৱা মানুহৰ মিত্ৰ ধৰ্ম।

হেলা স্যাং কৰ্মনাশায় বুদ্ধিনাশ নি:স্বতা।

যাঞ্জা স্যান্মান নাশায় সৰ্বনাশয় কুক্ৰিয়া।

অৰ্থাৎ হেলাৰ বাবে কাৰ্য সিদ্ধি নহয়,দৰিদ্ৰতাৰ বাবে বুদ্ধি নাশ হয়,যাচি ফুৰিলে সন্মান নাশ আৰু কুৰ্মৰদ্বাৰা সৰ্বনাশ হয়।

ক্ষময়া দয়য়া প্ৰেম্না সুনৃতেনাৰ্জ্জ্বেন চ।

বশীকুৰ্যাৎ জগৎ সৰ্বং বিনয়েন চ সেবয়া।

অৰ্থাৎ ক্ষমা,দয়া,প্ৰেম,সৰলতা বিনয় আৰু সেৱাৰ দ্বাৰা জগত বশীভুত কৰিব পাৰি।

লেখক: ডা: ধ্ৰুৱজ্যোতি দাস (স্বাস্থ্য আৰু দীৰ্ঘজীৱন )

2.96296296296
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top