মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / মাইবাং: অসমৰ এখন ঐতিহ্য ক্ষেত্ৰ:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাইবাং: অসমৰ এখন ঐতিহ্য ক্ষেত্ৰ:

মাইবাং: অসমৰ এখন ঐতিহ্য ক্ষেত্ৰৰ বিষয়ে লিখা হৈছে

 

মাইবাং নামৰ অসমৰ বিনন্দীয়া চহৰখন প্ৰকৃতিৰ এক অনবদ্য উপহাৰ। নগাঁও জিলা(বৰ্তমান হোজাই জিলা)ৰ দক্ষিণ দিশত আছে লামডিং ৰে’ল নগৰী। এই লামডিং ৰে’ল নগৰীৰ পৰা স্থলপথেৰে প্ৰায় ৮৬ কিলোমিটাৰ আৰু ৰে’লপথেৰে ৬৪ কিলোমিটাৰ শিলচৰৰ(উত্তৰ দিশত) পৰা ১১৫ কি.মি. পাহাৰীয়া একা-বেঁকা পথেৰে আহিলেই এই বৰ্ণিল চহৰখন পোৱা যায়। বৰ্তমান মাইবাং মহকুমা ডিমা হাছাও(পূৰ্বৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলা)ৰ এটি উল্লেখযোগ্য মহকুমা। এই চহৰখনৰ আছে এক বুৰঞ্জীপ্ৰসিদ্ধ ইতিহাস। আহোমসকলৰ অত্যাচাৰত স্বাধীনচিতীয়া, শান্তিপ্ৰিয়, ডিমাচা কছাৰীসকলে ডিমাপুৰৰ পৰা স্থায়ী ৰাজধানী উঠাই আনি দুয়োফালে পাহাৰৰ মাজত থকা এই সমতল ভূখণ্ডতে স্বাধীন প্ৰতিষ্ঠা কৰিছিল আৰু শান্তিপূৰ্ণভাৱে কছাৰী ৰাজ্যৰ শাসন ভাৰ চলাইছিল।

মাইবাঙত স্বাধীন ৰাজধানী প্ৰতিষ্ঠা কৰি কিছু বছৰ শান্তিৰে শাসনভাৰ চলোৱাৰ পাছত আহোমসকলৰ শেনচকু এই মাইবাঙতো পৰে। উপায়ন্তৰ হৈ অৱশেষত কাছাৰৰ খাছপুৰলৈ ৰাজধানী স্থানান্তৰিত কৰিবলগীয়াত পৰে। মাইবাঙত স্বাধীন ৰাজধানী প্ৰতিষ্ঠা কৰাৰ লগে লগে যিসমূহ পুৰণি কীৰ্তিচিহ্ন ৰাখি থৈ গৈছিল বৰ্তমান অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ নাইবা ইয়াৰ স্থানীয় স্বায়ত্তশাসিত পৰিষদৰ উপযুক্ত প্ৰতিপালনৰ অভাৱত নি:শ্চিহ্ন হোৱাৰ পথত। এই প্ৰবন্ধত ঐতিহাসিক ৰাজধানীখনৰ বিষয়ে এটি চমু আলোচনা আগবঢ়াবলৈ প্ৰয়াস কৰা হৈছে।

ভাৰত চৰকাৰৰ এটি গুৰুত্বপূৰ্ণ বিভাগ হৈছে পুৰাতত্ত্ব। আমি জনাত এই বিভাগৰ দায়িত্ত্ব আৰু কৰ্তব্য পুৰণি ঐতিহ্য ক্ষেত্ৰসমূহৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে কাম কৰা। কিন্তু দুই-এখন ফুলনিৰ বাগিচা নিৰ্মাণ, অলপ চূণ, তেল দিয়া কাম মাজে মাজে কৰাৰ বাহিৰে বিশেষ একো কাম কৰা আমাৰ দৃষ্টিগোচৰ হোৱা নাই। বিশেষকৈ অসমৰ প্ৰাচীন ঐতিহ্য ক্ষেত্ৰসমূহৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে বিশেষ একো কৰা নাই যেন অনুভৱ হয়।ল এইক্ষেত্ৰত বিভাগীয় কৰ্মকৰ্তা, দায়িত্বশীল বিষয়া, জনকল্যাণকামী চৰকাৰৰ মন্ত্ৰী-আমোলাসমূহৰ দায়িত্ব আৰু কৰ্তব্য যে অসীম সেই কথা দ্বিতীয়বাৰ উনুকিয়াওৱাৰ কোনো প্ৰয়োজন নাই বুলি আমি ব্যক্তিগতভাৱে উপলব্ধি কৰো। ভাৰতবৰ্ষৰ অন্যান্য ঠাইত থকা পুৰণি ঐতিহ্য ক্ষেত্ৰ যেনে- লালকিল্লা, মহাবালিপুৰম, এলিফেন্টা, কালীঘাট, তিৰুপতি আদিত যিমান গুৰুত্ব প্ৰদান কৰে, অসমৰ ঐতিহাসিক ডিমাচা কছাৰীসকলৰ এসময়ৰ এসময়ৰ এই ৰাজধানীখনৰ বৰ্তমানে থকা ৰাজাবাৰী, এক পাথৰৰ ঘৰ, যাদুঘৰ ইত্যাদিৰ সংৰক্ষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ বা স্থানীয় পৰিষদে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা নাই যেনহে অনুভৱ হৈছে। ডিমা হাছাও জিলাখনত পৰ্যটনৰ বিকাশৰ অলেখ স্থল থাকিলেও মাইবাং চহৰখনত আজি স্বাধীনতাৰ ৬০ বছৰৰ পাছতো দেখিবলৈ পোৱা নাযায় এক স্থায়ী অতিথিশালা। হোটেলৰ কথা নক’লেও হ’ব। মহকুমাখনত বৰ্তমান এখনো থকা হোটেল নাই। ৰে’ল বিভাগৰ এটি পৰিদৰ্শন ভৱন, মাইবাং নামঘৰৰ এটি কোঠাত সাতখন বিছনাযুক্ত এটি গৃহ আৰু দুই-এটা ধৰ্ম মন্দিৰৰ বাহিৰে বাহিৰৰ অতিথি থাকিবৰ কোনো ব্যৱস্থা আজি পৰ্যন্ত গঢ়ি উঠা নাই।

অসম চৰকাৰৰ পৰ্যটন বিভাগৰ এখন গাড়ীও নাই এই চহৰ তথা ঐতিহ্য ক্ষেত্ৰখনত। বৰ্তমান থকা প্ৰাচীন ঐতিহ্যসমূহ কালৰ কুটিল গতিত বিলুপ্তি হ’বলৈ আৰু বেছি দিন নালাগিব। যদিহে ইমানতে স্বায়ত্তশাসিত পৰিষদ, অসম চৰকাৰ নাইবা কেন্দ্ৰীয় চৰকাৰে উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰে।

অসমৰ মানুহে সততে দিল্লী, জয়পুৰ, চণ্ডীগড়, দাৰ্জিলিং, শ্বিলং, গোৱা চেন্নাই, কলকাতা, মুম্বাই আদি ভ্ৰমণ কৰা আমি দেখিবলৈ পাওঁ। কিন্তু অসমৰ কিমান ছাত্ৰ-ছাত্ৰী, অভিভাৱক, সচেতন আৰু ভ্ৰমণপ্ৰিয় ব্যক্তিয়ে অসমৰ এসময়ৰ ৰাজধানীখনৰ বিষয়ে পৰিচিত সেয়া জটিল প্ৰশ্ন।

উপদেশ দিয়াৰ ধৃষ্টতা আমাৰ নাই, তথাপি জাতি সত্ত্বাৰ স্বাৰ্থত তলত দুটামান পদক্ষেপ উল্লেখ কৰিছো আৰু আশা আৰু কামনা কৰিছো অসমৰ জনকল্যাণকামী বৰ্তমানৰ চৰকাৰখনে বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি সময় উপযোগী আৰু সঠিক সিদ্ধান্ত গ্ৰহণ কৰিলে অসমবাসী উপকৃত হ’ব।

  • মাধ্যমিক শিক্ষা পৰিষদ,(ছেবা), সৰ্বশিক্ষা মিছন, অসমে প্ৰাথমিক আৰু মাধ্যমিক স্তৰৰ বিদ্যালয়ৰ পাঠ্যপুথিত অসমৰ ঐতিহ্য ক্ষেত্ৰসমূহৰ বিষয়ে প্ৰবন্ধ যুগুত কৰি ছাত্ৰ-ছাত্ৰীক অধ্যায়নৰ সুবিধা কৰি দিলে বিস্তৃতভাৱে এসময়ৰ ৰাজধানীখনৰ(মাইবাং) বিষয়েও ছাত্ৰ-ছাত্ৰীৰ জ্ঞান লাভৰ সহায়ক হ’ব।
  • পৰ্যটন বিভাগৰ পৰা পোনপটীয়াকৈ নিৰীক্ষণ হোৱাকৈ সম্পূৰ্ণ চৰকাৰী পৃষ্ঠপোষকতাত ভ্ৰমণ সেৱা অনলাইনযোগে ডিমা হাছাও জিলালৈ ভ্ৰমণৰত পৰ্যটনসকলৰ আকৰ্ষিত হোৱাকৈ কৰিলে যথেষ্ট উপকাৰ হ’ব।
  • মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়কেইখনৰ ক্ষেত্ৰ অধ্যায়নৰ যি ব্যৱস্থা আছে, তাত বাধ্যতামূলকভাৱে ডিমা হাছাও জিলাখন অন্তৰ্ভূক্ত হ’ব লাগে। বিশেষকৈ ইতিহাস, ৰাজনীতি বিজ্ঞান, অসমীয়া সাংস্কৃতিক বিভাগ, শিক্ষা বিভাগ আদিত হোৱাটো একান্ত প্ৰয়োজনীয় বুলি উপলব্ধি কৰো।

পৰ্যটনৰ বিকাশৰ লগে লগে ইয়াৰ স্থানীয় যুৱক-যুৱতীসকলে প্ৰত্যক্ষ বা পৰোক্ষভাৱে উপকৃত হ’ব। লাগে মাথোঁ উপযুক্ত মানসিকতা। তেতিয়াহে এই বিনন্দীয়া চহৰখন, অসমৰ প্ৰাচীন ঐতিহ্য ক্ষেত্ৰখন এখনি আটকধুনীয়া পৰ্যটন নগৰীলৈ ৰূপান্তৰিত হ’ব অনতি পলমে। লগে লগে ইয়াৰ থলুৱা কুটিৰ শিল্প, হস্ততাঁত শিল্প, ৰেচম শিল্প, স্থানীয় পানীয়(জুডিমা) আদিয়েও প্ৰসাৰ আৰু প্ৰচাৰ লাভ কৰিব। অসমৰ অন্যান্য থলুৱা ভাষাৰ বিকাশৰ দৰে অসমৰ এটি অন্যতম প্ৰধান ভাষা ডিমাচা ভাষায়ো ৰাজ্যিক ভাষাৰ স্বীকৃতি পাব। অসমৰ ভৱিষ্যত দ্ৰষ্টা উত্তৰ পুৰুষ তথা সুধী সমাজৰ পৰা গঠনমূলক পৰামৰ্শ আশা কৰিলো।

উৎস-ৰাইজৰ বাতৰি

2.97435897436
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top