মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / মৰিগাঁও জিলাৰ ৰূপ ৰেখা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মৰিগাঁও জিলাৰ ৰূপ ৰেখা

মৰিগাঁও জিলাৰ ৰূপ ৰেখা

ঐতিহাসিক শিপাৰ সন্ধান

মৰিগাঁও জিলাক মধ্য অসমৰ এখন উল্লেখযোগ্য জিলা হিচাপে গণ্য কৰিব পাৰি ৷ জিলাখনৰ সুনিৰ্দিষ্ট বুৰঞ্জীৰ অভাৱ বাৰুকৈ অনুভৱ কৰা দেখা যায় ৷ তথাপি প্ৰাকবৈষ্ণৱ আৰু বৈষ্ণৱ যুগৰ পৰা বৰ্তমানলৈকে বিভিন্ন চৰিত্ৰ পুথি, কিংবদন্তি, জ্ঞান অন্বেষণকাৰী তথা মূল শিপাৰ অনুসন্ধানকাৰী পণ্ডিতৰ গৱেষণামূলক গ্ৰন্থ, প্ৰবন্ধ আৰু জিলাখনৰ অ’ত-ত’ত সিচঁৰতি হৈ থকা নৃ-তাত্ত্বিক, পুৰাতাত্ত্বিক শিল্প ভাস্কৰ্য, সত্ৰ-নামঘৰ, মছজিদ-দৰগাহ, থান-মন্দিৰসমূহৰ পৰা সংগৃহীত তথ্যৰে মৰিগাঁও জিলাখনৰ ঐতিহাসিক লোক জীৱন, লোক সমাজৰ জীৱন ধাৰণৰ পদ্ধতিৰ লগতে অৰ্থ-সামাজিক, ৰাজনৈতিক সাংস্কৃতিক ক্ষেত্ৰৰ উমান পোৱা যায় ৷ মৰিগাঁও নামটোৰ উৎপত্তি সম্পৰ্কে ঐতিহাসিক সমল নাই যদিও কিছু কিংবদন্তি জনশ্ৰুতি আৰু সাঁচিপতীয়া পুথিৰ সমল নোহোৱা নহয় আৰু এই ঐতিহাসিক সমলসমূহক কেতিয়াও অমূল্য আখ্যা দিব নোৱাৰি ৷ এই সমলসমূহৰ ভিত্তিত মৰিগাঁৱৰ পুৰোধা ব্যক্তিসকলে সংৰক্ষণ কৰি ৰখা সাঁচিপাতৰ গদ্যপুথিৰ আধাৰতেই মৰিগাঁও জিলাৰ উৎপত্তি সম্বন্ধে এখন প্ৰামাণ্য দলিল পাব পাৰি ৷ এই গদ্যপুথিৰ মতে, দৰং ৰাজহাউলিৰ মামৌ কোঁৱৰৰ দুই পুত্ৰ শুপ্ৰধ্বজ আৰু মকৰধ্বজ কোঁৱৰে দৰঙৰ ৰাজহাউলিত বিবাদ লাগি চাৰি ঠাকুৰীয়া আৰু ৬০ ঘৰ মানুহ লৈ বৰলুইত পাৰ হৈ দক্ষিণপাৰলৈ আহি মকৰধ্বজে দন্দুৱাত ৰাজ্য পাতে আৰু শুপ্ৰধ্বজ কোঁৱৰে বঘৰাৰ মংগলছিং ৰজাৰ কন্যাক বিয়া কৰাই শুখনাযোগ অঞ্চলটো যৌতুক লৈ তাত ৰাজ্য পাতে ৷ শুপ্ৰধ্বজৰ দুই পুত্ৰ ৰামসিংহ আৰু ভীম সিংঘই উজাই আহি মৰিবিলৰ পাৰত জংঘল কাটি যিখন ৰাজ্য পাতে সেই ঠাইৰ নাম মৰিগাঁও ৷

মৰিগাঁও জিলাখনৰ বুকুয়েদি বৈ যোৱা কলং-কপিলী, কিলিঙৰ পাৰে পাৰে সাতোৰজা-পাঁচোৰজা দেশ বুলি খ্যাত আৰিমত্ত, জোঙাল বলহুৰ লগতে গোভা, ডিমৰীয়া, মায়ং, বঘৰা, শুখনাগোগ, দমাল, দন্দুৱা, বাৰপূজীয়া ইত্যাদি প্ৰধান ৰজাসকলৰ বিষয়ে পৰিচয় দাঙি ধৰিব পৰাকৈ বুৰঞ্জীসমল অটুট আছে৷

ভৌগোলিক অৱস্থান আৰু জনগাঁথনি

পৃথিৱীৰ ভৌগোলিক মানচিত্ৰত মৰিগাঁও জিলাখনে ২৬.১৫ ডিগ্ৰী উত্তৰ আৰু ২৬.৫০ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯২ ডিগ্ৰী পূব আৰু ৯২.৫০ ডিগ্ৰী পূব দ্ৰাঘিমাংশৰ মাজত অৱস্থান কৰিছে ৷ ইয়াৰ মাটিকালি ১,৪৫০.০২ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা প্ৰায় ১০,৭৬,২৫৬ জন৷ মাটিকালি, জনসংখ্যা, জনমূৰি আয়, শিক্ষা, কৰ্মসংস্থাপন আৰু ঔদ্যোগিক বিকাশৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে অসমৰ ভৈয়ামৰ অন্যান্য জিলাসমূহৰ তুলনাত এই জিলাখনৰ উন্নয়নশীল ক্ষুদ্ৰ জিলা হিচাপে পৰিগণিত ৷ এই জিলাখনত বিভিন্ন জাতি-গোষ্ঠীৰ বিশেষকৈ তিৱা, কাৰ্বি, বড়ো, কছাৰী জনজাতিৰ আদিম বাসস্থান ৷ এইসমূহৰ বাহিৰেও আন আন জাতি-গোষ্ঠীৰ বাসভূমি বুলিব পাৰি৷ মুঠতে সকলো জনগোষ্ঠীৰ বাসস্থান হিচাপে তাহানি কালৰে পৰা বৰ্তমানলৈ ঐক্য-সমন্বয়ে বসবাস কৰি আহিছে আৰু এই বিভিন্ন জনগোষ্ঠীৰ বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতিৰে মহামিলন, মৰিগাঁও জিলাৰ অন্যতম কেন্দ্ৰবিন্দু ৷

স্বাধীনতা আন্দোলনত মৰিগাঁও জিলাৰ ভূমিকা

ভাৰতৰ স্বাধীনতা সংগ্ৰাম সমগ্ৰ বিশ্বৰ মানৱ বুৰঞ্জীৰ এক বিৰল পৰিঘটনা ৷ তেতিয়া বিশ্বৰ এক বৃহৎ সামৰিক শক্তিৰে সমৃদ্ধ ব্ৰিটিছ সাম্ৰাজ্যৰ শাসন-শোষণৰ বিৰুদ্ধে নিৰস্ত্ৰ আৰু অহিংস নীতিৰে সংপৃক্ত জাতি এটাৰ মুক্তি সংগ্ৰামী কাহিনী পৃথিৱীৰ বুৰঞ্জীত সদা সমুজ্জ্বল হৈ থাকিব ৷ দেশজুৰি আৰম্ভ হোৱা স্বাধীনতা আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰা মুহূৰ্তত, বিদেশী বস্তু বৰ্জন, কানি বন্ধ, স্বাৱলম্বী আঁচনি গ্ৰহণ, খাজনা বন্ধ, গ্ৰাম্য অৰ্থনীতি গ্ৰহণ, বিদ্যালয় বৰ্জন আদি কাৰ্যসূচীৰে অসমৰ লগতে নিপীড়িত মৰিগাঁও অঞ্চলৰ জনগণই মুক্তি সংগ্ৰামত আগভাগ লৈছিল ৷ মধ্যযুগীয় সামন্তবাদী ভুস্বামী আৰু বৰ্ধিত খাজনা দিবলৈ অস্বীকাৰ কৰি ১৮৬১ চনত নগাঁৱৰ ফুলগুৰিত কৃষকসকলে সৰ্বপ্ৰথমে সাম্ৰাজ্যবাদী ব্ৰিটিছৰ শাসন-শোষণৰ বিৰুদ্ধে প্ৰায় সশস্ত্ৰ বিদ্ৰোহ কৰিছিল ৷ এই বিদ্ৰোহ ‘ফুলগুৰিৰ ধেৱা’ নামে বুৰঞ্জীত সন্নিৱিষ্ট হ’ল ৷ এই যুগান্তকাৰী সংগ্ৰামে বিদেশী শক্তিৰ বিৰুদ্ধে ‘মাউখৰ বলেৰে’ বলীয়ান হ’বলৈ প্ৰেৰণা যোগাইছিল ৷ সেই সংগ্ৰামী চেতনা বুকুত বান্ধি কামত লাগিলেই লগা মৰিগঞা ডেকাসকলে ‘তৰিলে দেশ, মৰিলে স্বৰ্গ’ এই মহামন্ত্ৰত দীক্ষিত হ’ল ৷ স্বাধীনতা সংগ্ৰামে মৰিগাঁও অঞ্চলত তেজাল ৰূপ ধাৰণ কৰিছিল ৷ ঠায়ে ঠায়ে কূটাঘাতমূলক কাৰ্য আৰম্ভ হ’ল ৷ মৰিগঞা মুক্তি যুঁজাৰুসকলে সংঘটিত কৰা দু:সাহসিক পানীখাইতী ৰেল বগৰোৱা ঘটনাই ব্ৰিটিছ পাৰ্লিয়ামেণ্টক জোকাৰি গৈছিল ৷ ইয়াৰ উপৰিও মৰিগাঁও থানা আক্ৰমণ, মিলিটেৰীৰ খাদ্য যোগান বন্ধ, ডাক বঙলা, দলং ভঙা আৰু পোৰা, বন্দুক চুৰি, সাপ্তাহিক বজাৰৰ পিকেটিং আদি কূটাঘাতমূলক কাৰ্যৰ দ্বাৰা মৰিগাঁও জিলাৰ ভালেমান ঠাইত ৰণাংগন পাতিছিল ৷ মৰিগাঁও অঞ্চলত সংগ্ৰামে তীব্ৰতৰ হোৱাৰ লগে লগে চৰকাৰী দমন আৰু উৎপীড়ন বাঢ়িছিল ৷ নেতৃত্বত থকাসকল কাৰাবন্দী হৈছিল ৷ বাৰপূজীয়াৰ তিলক ডেকা, হেমৰাম পাতৰ আৰু গুনাভিৰাম বৰদলৈ ছহিদ হ’ল ৷ এনেদৰে বহুতো জ্ঞাত-অজ্ঞাত ছহিদৰ তেজেৰে ৰাঙলী হ’ল মৰিগাঁৱৰ মুক্তি সংগ্ৰামৰ ইতিহাস৷

মৰিগাঁও মহকুমা আৰু জিলা গঠন

স্বৰাজোত্তৰ কালত মৰিগাঁৱৰ উন্নতিৰ দিশত ভালেমান পদক্ষেপ লোৱা হৈছিল ৷ তাৰ ভিতৰত অন্যতম পদক্ষেপ আছিল মৰিগাঁও মহকুমা গঠন আৰু জিলা ঘোষণা ৷ সেই সময়ত মৰিগাঁৱৰ গুৰিধৰোতাসকলৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলত ১৯৭২ চনৰ ২৬ জানুৱাৰীত অসম চৰকাৰে নগাঁও জিলাৰ মৰিগাঁও মহকুমা ঘোষণা কৰিছিল ৷ পৰৱৰ্তী সময়ত ১৯৮৯ চনৰ ১৪ অক্টোবৰত মৰিগাঁও মহকুমাক জিলা হিচাপে অসম চৰকাৰে ঘোষণা কৰিছিল ৷

মৰিগাঁও জিলাৰ শৈক্ষিক আৰু আৰ্থ-সামাজিক ব্যৱস্থা

স্বৰাজোত্তৰ কালত নগাঁও জিলাৰ পশ্চিমাঞ্চল বৰ্তমান মৰিগাঁও জিলাৰ শৈক্ষিক অৱস্থা অতি পিচপৰা আছিল ৷ ব্ৰিটিছ চৰকাৰৰ অধীনত দহ-বাৰ মাইল আঁতৰত কেইখনমান বছা বছা গাঁৱত পাঠশালা গঢ়ি উঠিছিল ৷ সেয়াই আছিল আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ প্ৰথম বুনিয়াদ ৷ তাৰ পিচত ১৯১৪ চনত জাগীত প্ৰথম মাইনৰ স্কুল স্থাপন কৰিছিল আৰু ১৯১৮ চনত মৰিগাঁৱত দ্বিতীয়খন মাইনৰ স্কুলৰ পাতিছিল ৷ ইয়াৰ পিচত ১৯৩৮ চনত জাগীত আৰু ১৯৩৯ চনত মৰিগাঁৱত হাইস্কুল স্থাপন হৈছিল ৷ এনেদৰে লাহে লাহে নগাঁৱৰ পশ্চিম অঞ্চল অৰ্থাৎ বৰ্তমান মৰিগাঁও জিলাত শিক্ষানুষ্ঠানৰ উত্তৰণ ঘটিবলৈ ধৰিলে ৷ ১৯৬৪ চনত মৰিগাঁও জিলাত গানাঘাত-প্ৰতিঘাতৰ মাজেৰে উচ্চ শিক্ষাৰ প্ৰথম ঢাপ ‘মৰিগাঁও মহাবিদ্যালয়’ স্থাপন কৰিছিল ৷ বৰ্তমান বিদ্যালয়, মহাবিদ্যালয় বাঢ়িল ৷ চৰকাৰী, বেচৰকাৰী ব্যৱস্থাৰে অসংখ্যক শিক্ষানুষ্ঠান স্থাপন কৰি মৰিগাঁও জিলাৰ শিক্ষা প্ৰসাৰণৰ পথ সুগম হ’ল৷

অতীজতে দাঁতীয়লীয়া গোভা ৰাজ্যৰ ৰজাই জোনবিলৰ পাৰত জোনবিল মেলা পাতি উৎপন্ন দ্ৰব্যসমূহ বিনিময় প্ৰথাৰে বিনিময় বজাৰৰ পাতনি মেলিছিল৷ এই জোনবিল মেলাখনেই সাতোৰজা-পাঁচোৰজাসকলৰ সৰ্ববৃহৎ মেলা বুলিব পাৰি আৰু জোনবিল মেলাখনত নিহিত হৈ আছে গোভা ৰাজ্যৰ গৌৰৱোজ্জল আৰ্থ-সামাজিক ব্যৱস্থাৰ চিকুণ ইতিহাস ৷ মৰিগাঁও-জাগীৰোড পথৰ জাগীভকত গাঁও আৰু জাগীৰোডৰ মাজতে আছে জোনবিল ৷ জোনবিলৰ পাৰত মাঘৰ বিহুৰ পিচৰ শনিবাৰে এই মেলা বহে ৷ মৰিগাঁও জিলাৰ লোকসকলে বিশেষকৈ জনজাতীয় লোকসকলে উৎযাপন কৰা ‘গোসাঁই উলিওৱা উৎসৱ’ বা মেলা উৎসৱ ঐতিহ্যৰে পৰিপূৰ্ণ৷

মৰিগাঁও জিলাৰ লোকসকল প্ৰধানকৈ কৃষিজীৱী৷ ইয়াৰ উপৰি কপাহী কাপোৰ, এড়ি, মুগা আৰু পাটসূতা তৈয়াৰ কৰি কাপোৰ বৈ নিজেও ব্যৱহাৰ কৰিছিল আৰু সেইবোৰ বজাৰত বেচি উপাৰ্জন কৰিছিল ৷ মৰিগাঁও জিলাত বাঁহ-বেতৰ শিল্প, মৃৎ শিল্পৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰা দেখা যায় ৷ বৰ্তমান শিক্ষা প্ৰসাৰৰ লগে লগে আৰ্থ-সামাজিক দিশৰো পৰিৱৰ্তন হ’বলৈ ধৰিছে ৷ এচাম লোকে উদ্যোগ শিল্পৰ লগতে বেহা-বেপাৰ আদিতো মনোনিৱেশ কৰা দেখা গৈছে ৷ এয়া শুভ লক্ষণ বুলি ধৰিব পাৰি ৷

ধৰমতুলৰ শিলচাং ৰাজদৰবাৰ আৰু বনাঞ্চল গৱেষণা কেন্দ্ৰ

মৰিগাঁও জিলাৰ অন্তৰ্গত ধৰমতুল অঞ্চলত অৱস্থিত শিলচাঙৰ শিলৰ আসন সংৰক্ষিত ৰাজদৰবাৰৰ উদ্যানখনে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বাৰুকৈ অতীজৰ বুৰঞ্জীৰ উমান দিয়ে ৷ ধৰমতুল অঞ্চলৰ মৃৎ শিল্পই মৰিগাঁও জিলাখনত চহকী শিল্প হিচাপে স্বীকৃতি পাই আহিছে ৷ লগতে এই অঞ্চলৰ বনাঞ্চল উন্নয়নৰ ‘গৱেষণা কেন্দ্ৰ’টোৱে বনাঞ্চল উন্নয়নত বৰঙণি যোগাই আহিছে ৷

কাগজ নগৰী জাগীৰোড আৰু শুকান মাছৰ বজাৰ

স্বাধীনতাৰ পিচত ভাৰত চৰকাৰৰ ৰাজহুৱা খণ্ডত জাগীৰোডত হিন্দুস্থান কাগজ নিগমৰ দ্বাৰা স্থাপন কৰা কাগজ কল মৰিগাঁও জিলাখনৰ অন্যতম বৃহৎ উদ্যোগ৷ জাগীৰোডৰ শুকান মাছৰ বজাৰ দক্ষিণ-পূব এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ শুকান মাছৰ বজাৰ হিচাপে স্বীকৃতি লাভ কৰি আহিছে৷

কিংবদন্তিৰ আঁত ধৰি বঘৰাৰ কইনা কন্দাশিল

আমাৰ অসম ৰাজ্য যেনেদৰে প্ৰাকৃতিক সৌন্দৰ্য আৰু সম্পদেৰে চহকী, ঠিক সেইদৰে বহুতো পৌৰাণিক কাহিনী আৰু মনোৰম কিংবদন্তিৰে ভৰপূৰ ৷ প্ৰচলিত কিংবদন্তিবোৰে আমাক বহুতো নজনা বিস্ময়কৰ কথা জানিবলৈ সুযোগ দিয়ে আৰু এই কিংবদন্তিসমূহ আমাৰ সমাজৰ গৌৰৱৰ পতাকা ৷ এনে এক মনোৰম অথচ শোকাৱহ কিংবদন্তি বঘৰা পাহাৰৰ কইনা কন্দাশিল ৷ এই কইনা কন্দাশিলৰ প্ৰতি শিলেই যেন কথা কয় আৰু বুৰঞ্জীৰ বতৰা দিয়ে ৷ সেউজ-সুন্দৰ মায়ঙৰ কোঁৱৰ আৰু বঘৰা কুঁৱৰী বিবাহপাশত আবদ্ধ হৈ ঘৰলৈ ওভতাৰ পথত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিৰ পৰা ৰক্ষা পাবলৈ এটি উন্মুক্ত গুহাত আশ্ৰয় লোৱা সময়তে গুহাৰ বিৰাট শিলাখণ্ড বাগৰি পৰিল আৰু ৰূপহী কইনাৰ গুহাতে জীৱন্ত সমাধি ঘটিল ৷ এই কৰুণ দুৰ্ঘটনাৰ সাক্ষীস্বৰূপে তেতিয়াৰ পৰা বহু যুগ ধৰি পতি বিৰহিনী অতি দুৰ্ভাগিনী অশৰীৰী কইনাৰ কান্দোনৰ ৰোল আৰু বিয়াত ব্যৱহৃত বাদ্যবাজে বুলি কিংবদন্তি চলি আহিছে৷

ঐতিহ্যৰ বাহক মায়ং আৰু পবিতৰা অভয়াৰণ্য

অতীজৰ পৰা মায়ং যাদু-মন্ত্ৰৰ বাবে বিখ্যাত ৷ মায়ঙৰ যাদু বিদ্যাই মানুহক বাঘলৈ পৰিণত কৰিব পাৰে ৷ বাঘক বন্দী কৰি ৰাখিব পাৰে, পীৰাত বহিলে পীৰাখন টিকাত লাগি ধৰাব পাৰে আৰু কিমান যে বিস্ময়কৰ কাম কৰিব পাৰে, তাৰ সীমাসংখ্যা নাই ৷ মায়ঙৰ বৃহত্তৰ অঞ্চলটোত এতিয়াও বেজালি প্ৰচলিত ৷ অৱশ্যে ক্ৰমে ইয়াৰ চৰ্চা কমি আহিছে ৷ ইয়াৰ প্ৰধান কাৰণ বেজসকলে উত্তৰাধিকাৰীক যাদু-মন্ত্ৰ শিকাই থৈ যোৱা নাই আৰু পুথি-পাঁজিসমূহ লোপ পাই আহিছে ৷ কিন্তু মায়ঙৰ যাদু সাহিত্য অসমৰ ঐতিহ্যৰ লগত জড়িত হৈ আছে ৷ যিখিনি আছে সেইখিনি মানুহৰ উপকাৰত অহাকৈ আৰু অতীতক জুমি চাব পৰাকৈ গৱেষণা হোৱাটো একান্ত বাঞ্ছনীয়৷

যাদুকৰী মায়ঙৰ কোলাতে থকা অন্য এক বৈচিত্ৰ্যপূৰ্ণ অভয়াৰণ্য- পবিতৰা ৷ এই পবিতৰা ৷ এই পবিতৰা পৃথিৱী বিখ্যাত এশিঙীয়া গঁড়ৰ উপযুক্ত বাসভুমি ৷ তাহানিতে মায়ঙীয়া ৰজাৰ এগৰাকী অতি মৰমৰ জীয়েকৰ নাম আছিল পবিতৰা ৷ পবিতৰাৰ সৰুতেই বিয়োগ ঘটে ৷ ৰজাই মৰমৰ জীয়ৰীৰ নামটো যুগমীয়া কৰিবলৈ অঞ্চলটোৰ নাম ‘পবিতৰা’ ৰাখে আৰু তেতিয়াৰ পৰা এই নামেৰে জনাজাত ৷ পবিতৰাৰ বুকুয়েদি বৈ অহা গৰঙা বিলৰ শান্ত-নীলাভ জলৰাশিত বিভিন্ন প্ৰজাতিৰ মাছ, সেউজ ঘন অৰণ্যৰ নৈসৰ্গিক শোভা, বিস্তীৰ্ণ তৃণভূমিত বনৰীয়া ম’হ, বন গাহৰি, পহু আৰু গঁড় বিচৰণৰ নান্দনিক দৃশ্য, বৃহৎ জলাশয়ত ঋতু সাপেক্ষে ৰং-বিৰঙৰ পৰিভ্ৰমী চৰাইৰ কলৰৱে পৰিপুষ্ট পবিতৰা যেন প্ৰকৃতিৰ ৰূপহী কন্যা ৷ সেয়েহে পবিতৰাৰ মনোৰম সৌন্দৰ্য উপভোগৰ বাবে বছৰি দেশী-বিদেশী পৰ্যটকৰ বিপুল সমাৱেশ ঘটিবলৈ লৈছে ৷

কলা-ভাস্কৰ্য আৰু শিলালিপিৰ চানেকি

অতি প্ৰাচীন স্থাপত্য ভাস্কৰ্য বিদ্যাৰ চানেকী মৰিগাঁও জিলাত ঠায়ে ঠায়ে সিঁচৰতি হৈ আছে ৷ মায়ঙৰ কাছ শিলা, মন্দিৰ (কৰ্ম অৱতাৰৰ প্ৰতীক), বুৰঞ্জীৰ প্ৰবাদ পুৰুষ জোঙাল বলহুক বধিবলৈ কাজলী চকীৰ অনতিদূৰত কলং-কপিলী নদীত দিয়া প্ৰকাণ্ড শিলৰ ভেটাই বুৰঞ্জীৰ সংবাদ দিয়ে ৷ বহা পাহাৰৰ দাঁতিত শিলৰ বুকুত খোদিত কৰা বিশাল গণেশ মূৰ্তিয়ে শিল্প-ভাস্কৰ্যৰ নিটোল চানেকী বহন কৰি আহিছে ৷ কিলিং নৈৰ পাৰত শিলত কটা ‘সীতা জখলা’ (ৰামায়ণ সীতা), গৰঙা বিলৰ পাৰত নিৰ্মাণ কৰা আধুনিক কাৰুকাৰ্যখচিত ‘গৰঙা মন্দিৰ’ উল্লেখযোগ্য স্থাপত্য ভাস্কৰ্যৰ সোপান ৷

আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চাৰণ বিল

চাৰণ বিল মৰিগাঁও সদৰৰ গাতে লাগি থকা এখন আন্ত:ৰাষ্ট্ৰীয় জলক্ৰীড়া বিল বুলিব পাৰি ৷ এই বিলতেই ২০০৭ চনত ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱৰ নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল ৷

পাতেকীবড়ি আৰু আঁহতগুৰিৰ ঐতিহ্য:

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান হিচাপে পণ্ডিতসকলে মতপোষণ কৰি অহা ঐতিহ্যপূৰ্ণ ইতিহাসগৰকা তথা পূণ্যস্থান লাহৰীঘাটৰ পাতেকীবাড়ি মৰিগাঁও সদৰ ঠাইৰ পৰা মাত্ৰ ১৮ কি:মি: দূৰত অৱস্থিত ৷ মৰিগাঁও জিলাৰ অন্তৰ্গত আঁহতগুৰিত সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ পবিত্ৰ জন্মস্থান হিচাপে ঐতিহ্যমণ্ডিত হৈ থাকিব ৷

কৃষ্টি-সাংস্কৃতিক আৰু সাহিত্য চৰ্চা”

মৰিগাঁও জিলাত বহু খ্যাত-অখ্যাত শিল্পীসকলৰ অনবদ্য অৱদানেৰে কলা-সাংস্কৃতিক বহল পথাৰখন জীপাল কৰি আহিছে ৷ সৃষ্টিশীল লেখক, কবি আৰু চিন্তাবিদৰ নিৰৱচ্ছিন্ন কলমৰ প্ৰচেষ্টাত ঠন ধৰি উঠিছে বৰ অসমৰ গৰিমামণ্ডিত সাহিত্যৰ ক্ষেত্ৰখন ৷ সংবাদ মাধ্যম গণতান্ত্ৰিক দেশৰ সদা জাগ্ৰত প্ৰহৰী ৷ এইক্ষেত্ৰত মৰিগাঁৱৰ সংবাদ মাধ্যমৰ ভূমিকা প্ৰশংসনীয় ৷ সত্যনিষ্ঠ, নিৰ্ভীক বাতৰি পৰিৱেশনে ‘বসুধৈৱ কুটুম্বকন’ কৰি সমাজ গঢ়ি তুলিব পৰাকৈ সাৰ্থকতা মৰিগাঁৱৰ সংবাদ মাধ্যমৰ আছে ৷ সামগ্ৰিকভাৱে মৰিগাঁও জিলাত কল্যাণকামী জিলা হিচাপে সকলো আছিল আৰু সকলো আছে ৷ লাগে মাথোন ঐক্যবদ্ধ প্ৰচেষ্টাত ব্ৰতী হৈ প্ৰগতিশীল চিন্তাৰে মৰিগাঁও জিলাখনক উমৈহতীয়া বৃহত্তৰ উন্নয়ন সাধন কৰিবলৈ ৷

“প্ৰত্নতাত্তিক ঐতিহাসিক দিশত মায়ং দীঘলীয়া অনুভৱেৰে সমৃদ্ধ ৷ ৩.৮৫ মিটাৰ দৈৰ্ঘ্যৰ এছিয়াৰ দীৰ্ঘতম শিলালিপি মায়ঙতেই আছে৷”

জোনমণি গোস্বামী

2.96610169492
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top